10. সাক্ষাৎকাৰ

সাক্ষাৎকাৰ

মূলঃ জয়কান্তন

       

        দূৰৰ পৰা বাগিছা যেন অনুমান হ’লেও সেইখন প্ৰকৃততে এখন শ্মশানহে৷

        শ্মশানলৈ অহা যোৱা কৰা তোৰণখনৰ পশ্চিম ফালে এটা সৰু জুপুৰী আছে৷

        সেই জুপুৰিটোতেই আংদী থাকে৷

        জুপুৰিটোৰ ঠিক সমুখতে থকা প্ৰকাণ্ড নিম গছৰ দুয়োফালৰ দুটি ডালৰ পৰা ওলমি থকা ঝুলনাখনত আংদীৰ আদৰৰ লাৰn ইৰু¸লন গভীৰ টোপনিত লালকাল৷

        তাকে দেখি আংদীৰ পত্নী মুৰুগাই জুপুৰিৰ পাছফালে থকা হাবিখনলৈ শুকান খৰি বিচাৰিবলৈ গ’ল৷

        হয়, আংদীৰ পত্নী আৰু এটি পুত্ৰ আছে৷

        তাৰ নামটো আংদী অৰ্থাৎ ভিক্ষাৰী বা দৰিদ্ৰ৷ সি য’ত থাকে, তাত বিভিন্ন ধৰণৰ ফুল-গছ ৰোৱা আছে৷ দূৰৰ পৰা দেখিলে সেয়া এখন বাগিছা যেনহে লাগে৷

        বৃত্তিৰ ফালৰ পৰা সি হ’ল এজন ‘বেট্টিয়ান’ অৰ্থাৎ মৰাশ পুতিবলৈ কবৰ খন্দা মজদুৰ আৰু সি থকা ঠাইখন এখন শ্মশান৷ সেই কামৰ বাবে নগৰপালিকাই তাক মাহিলি পোন্ধৰশ টকা বেতন আৰু থাকিবলৈ সেই জুপুৰিটো দিছে৷

        স্বভাৱতে সি উন্মনা যদিও উন্মত্ত নহয়৷ যিবোৰ মানুহে নিজৰ জীৱনক লৈ সুখী নহয় সেইসকলৰ দৃষ্টিত সদায় হাঁহি মাতি থকা আংদী এটা ‘বেলেগ ধৰণৰ প্ৰাণী’৷ আংদীৰ যেন দুখ ভাগৰ বোলা একোৱেই নাই৷ হয়তো কথাটো এনেধৰণৰো হ’ব পাৰে যে সি দুখ কৰিবই নাজানে৷ তাৰ বয়স প্ৰায় চল্লিছ মানেই হৈছে কিন্তু তাৰ কাৰ্য-কাৰখানাবোৰ দেখিলে এতিয়াও বিছ বছৰীয়া যুৱক যেনেই অনুমান হয়৷

        “বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি...”

যেতিয়া কবৰ খন্দা কাম নাথাকে;  তেতিয়া দিনৰ দিনটো বাগিছাত ইফাল-সিফাল কৰি থাকি সি এই গীতটোকেই আওৰাই থাকে৷ বাগিছাখনৰ প্ৰতি তাৰ বৰ মৰম৷ তাৰ যতনতেই নানা ৰকমৰ ফুলেৰে জাতিষ্কাৰ হৈ উঠিছে বাগিছাখন৷

        যি কামেই নকৰক; লাগিলে দিনৰ দিনটো ফুলৰ গছবিলাকত পানী দি থাকক নাইবা কবৰেই খান্দি থাকক; সি সেই কামটোত নিমগ্ন হোৱাৰ লগে লগে সেই গীতটোকেই গুণগুণাই থাকে৷ গীতটো গাবলৈ ধৰা সময়ত তাৰ ডিঙিৰ সিৰা-উপসিৰাবোৰ উঠা নমা কৰি থাকে৷ মাজতে কঠিন সুৰত চিঞৰি দিলে এনেকুৱা অনুভৱ হয় যেন তাৰ সিৰাবোৰ এতিয়াই ফাটি যাব৷

        এই গীতটোৰ প্ৰতি আংদীৰ এক বুজাব নোৱৰা টান আছে৷ কিন্তু সি এই গীতৰ সাৰমৰ্ম একো বুজি নাপায় নাইবা বুজিবলৈ চেষ্টাও নকৰে৷ অৱশ্যে তাৰ নিচিনা কবৰ খন্দা মজদুৰ এটাইনো গীতৰ অৰ্থ বুজি কৰিবই বা কি? গীতটো আওৰাই থকাটো আচলতে তাৰ এটা অভ্যাসহে মাত্ৰ৷

        কবৰ স্থানলৈ যিমানবোৰ মৃতদেহ আহে তাৰ ভিতৰত সৰু সৰু ল’ৰা-ছোৱালীৰ মৃতদেহৰ সংখ্যাই অধিক৷ তিনি ফুট বহল, তিনি ফুট দ’ কবৰ খান্দিবলৈ আংদীৰ একো সমস্যা নহয়৷

        মূৰত গামোছাখন বান্ধি লৈ, ধূতিখন আঁঠুৰ ওপৰলৈ তুলি এখন ভৰিৰে সামান্যভাৱে জাঁপ এটা মাৰি দি ধূতিখন আধাতেই বান্ধি লৈয়েই সি থিয় হয়৷ তাৰ হাতত থকা কোৰখনে ক্ৰমে এক নিৰ্দিষ্ট ভংগীমাৰে এবাৰ মাটিত পৰে আৰু পুনৰ উঠে৷ প্ৰত্যেকবাৰতেই মাটিৰ এটা অংশ কটা যায় আৰু সামান্য আলতীয়া মাটি কোৰখনৰ তলি অংশত লাগি উঠি আহে৷

        ‘‘কমাৰৰ পৰা খুজি আনিলে কলহ এটি... দহ মাহ ধৰি ৰাখিলে সাৱটি ... নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি...” মাটিৰ বুকুখন খান্দিবলৈ মৰা সেই কোৰখনৰ শব্দই যেন গীতটোত তালৰহে সংযোগ কৰে৷ তাৰ ওচৰে পাজৰে থকা মজদুৰখিনিয়েও আমেজ পায়৷ তাৰ গীত শুনা কোনোৱেই কিন্তু এই কথা বিশ্বাস কৰিব নোৱাৰে যে আংদীৰ সেয়া অভ্যাসহে মাথোন৷ প্ৰকৃততে, সেই গীতটোৰ অৰ্থ কি হ’ব পাৰে সেই সম্পৰ্কে তাৰ কোনো ধাৰণাই নাই৷

        তেনেহ’লে কেনেদৰে এই গীতটো তাৰ অভ্যাস হৈ পৰিল? নাইবা, সি এই গীতটো কেনেদৰে শিকিলে? এই গীতটো সিনো প্ৰথমতে ক’ত শুনিছিল?

         আমি জানো এই কথাৰ সঠিক উত্তৰ দিব পাৰিম? আমাৰ জীৱনত হয়তো এনে বহু শব্দ, বাক্য আছে; যিবোৰ কেৱল আমি অভ্যাসবশতঃ হৈ পাওঁ৷ কিন্তু আমাৰ জানো মনত আছে? সেই শব্দ, বাক্যবোৰ কেতিয়া, ক’ৰ পৰা আৰু কেনেদৰে আমি শিকিছিলোঁ?

        আংদীয়েনো এই গীতটো প্ৰথমতে ক’ত শিকিলে? অলপ সময় চিন্তা কৰিলে কিজানিবা সি উত্তৰটো দিবই পাৰে?

        এদিনাখন ৰাতিপুৱা চকু দুটা মোহাৰি মোহাৰি বিছনাখনৰ পৰা উঠি অহা আংদীয়ে চকুৰ সমুখৰ দৃশ্যটো দেখি হতবাক হৈ পৰিল৷

        জুপুৰীৰ বাহিৰত ফটা-ছিটা বিছনাখনত মুৰুগাই অতপৰলৈ শুয়েই আছে৷ তাৰ বিয়া হোৱা প্ৰায় পোন্ধৰ বছৰ মানেই হ’ল৷ সেই দিনধৰি আজিলৈকে ইমান পৰলৈ মুৰুগাই শুই থকা তাৰ মনত নপৰে৷ পিছে আজি হঠাৎ কি হ’ল?

        ‘ঐ মুৰুগাই...’ সি মাত দিলে৷

        তাই লৰচৰ কৰা নাই৷

        সি এইবাৰ তাইৰ গাটো লৰাই লৰাই মাতিবলৈ ধৰিলে ‘মুৰুগাই...’৷

        তাই এবাগৰ সলালে৷

        চকু দুটা মেলি গিৰিয়েকক দেখি তাই সেমেনা-সেমেনিকৈ উঠি বহিল৷

        সি তাইৰ গাটো গৰম হ’ব পাৰে বুলি ভাবিয়েই কপালত হাতখন দি চুই চালে৷ ওহো... তাইৰ গাটো গৰম নহয়৷

        ‘মুৰুগাই... কি হৈছে তোৰ? গা বেয়া লাগিছে নেকি?’ আংদী চিন্তিত হৈ পৰিল৷

        ‘কি হৈছে ধৰিবই পৰা নাই৷ গোটেই শৰীৰটোৰ মাজেদি এক অদ্ভুত জোকাৰণি অনুভৱ হ’বলৈ ধৰিছে৷ গোটেই শৰীৰটো যেন এতিয়া ভাঙিহে যাব৷ মূৰটোও ঘূৰাবলৈ আৰম্ভ কৰিছে৷’- কথাখিনি কৈ থাকোঁতে তাইৰ চকুজুৰি কঁপিবলৈ ধৰিছিল৷

        ‘এটা সপোন... এটা সপোন...’

        ‘কি সপোন?’

        ‘সপোনত এটা সৰু পোকে মোক বৰকৈ আমনি কৰিছিল৷ কিচ্‌কিচীয়া ক’লা ৰঙৰ পোকটো মোৰ আঙুলিটোৰ সমান.. অকণমানি..’ কথাখিনি তাই একে উশাহতে কৈ শেষ কৰিলে৷

        ‘হুমম্‌...’

        ‘ক’বলৈকে ভয় লাগে শুনিছনে... সেই ক’লা পোকটোৱে লাহে লাহে এখোজ দুখোজ দি দি মোৰ ওচৰলৈ আহিল৷ মোৰ হাতখনেদি উঠি আহিল৷ ৰঙা... হালধীয়া... নহয় নহয় সোণালী ৰঙৰ... জিলিকি থকা সোণালী ৰঙৰ সেই পোকটোৱে আহি মোক কৈ থাকিল-‘মোক খাই থ, মোক খাই থ...’

        ‘হুম... তাৰ পাছত... তাৰ পাছত কি হ’ল মুৰুগাই?’

        ‘মোক খা, মোক খা, বুলি কৈ কৈ সি আহি মোৰ হাতখনত কামোৰ মাৰি দিলে৷ আহঃ কি যন্ত্ৰণা৷ মই ছটফটাই উঠিলোঁ৷ এফালে যন্ত্ৰণা আকৌ আনফালে ক্ষোভ৷ মই একো ক’ব নোৱৰা হৈ পৰিলোঁ৷ মনতেই ভাবিলোঁ ইমান সৰু পোকটোৰ এনে সাহস? তাকো তাক নোখোৱাৰ বাবে? এয়া কিদৰে সম্ভৱ হ’ব পাৰে”

        ‘আৰু?’

        ‘আৰুনো কি? মই.. মোৰ আঙুলি দুটাৰে তাক চেপি ধৰি মুখৰ ওচৰলৈ আনি গিলি পেলালোঁ৷’

        ওৱাক্‌... ওৱাক্‌...

        কথাখিনি সম্পূৰ্ণ কৰিবলৈ পালে কি নাপালে... তাই উকিয়াবলৈ ধৰিলে৷ তাই বৰ কষ্ট অনুভৱ কৰিছিল৷ হঠাতে উশাহ ঘন হৈ পৰা মুৰুগাই উকিয়াই উকিয়াই এটা সময়ত লেবেজান হৈ পৰিল... তাইৰ চকু দুটিও ৰঙা হৈ পৰিল৷

        ‘হেৰি চাওঁকচোন, পোকটোৱে দেখোন মোৰ পেটৰ ভিতৰত ইফালৰ পৰা সিফাললৈ দৌৰিবলৈ আৰম্ভ কৰিছে৷’

        পেটতো হাত দুখনেৰে খামুচি ধৰি মূৰটো তললৈ হলাই লৈ তাই পুনৰ উকিয়ালে৷ তেতিয়াও তাইৰ মুখৰ পৰা লেলাৱতি ওলায়েই আছিল৷

        ‘হেৰি, পোকটোৱে এতিয়াও...’

        আংদীয়ে যেন এতিয়াহে প্ৰকৃত সত্য উদঘাটন কৰিব পাৰিছে৷ সি ৰোমাঞ্চিত হৈ পৰিল৷ তাৰ চকুমুখে ফুটি উঠিল আনন্দ-উছাহৰ ঢল৷

        পোন্ধৰ বছৰ ধৰি যি তাৰ সৌভাগ্য নাছিল.. সেয়া এতিয়া/েএতিয়া হঠাৎ... আহঃ কি আনন্দ এয়া৷ কিমান আশা, কিমান সপোন আজি অত বছৰে বুকুত কঢ়িয়াই লৈ ফুৰিছে৷ কিমানবাৰ সেই আশা ধূলিসাত হৈ পৰিছে৷ আশাহত হৈ যিবোৰ সপোন দেখা বাদ দিছিল; তেন্তে আজি... ‘হে মুৰুগণ, তোমাৰ এয়া কেনে মায়া?’

        হাত দুখনেৰে পেটটো সাৱটি ধৰি থকা মুৰুগাই থিয় হ’বলৈ বিচাৰিছে৷ কিন্তু তাই যেন ব্যৰ্থ হৈছে৷ চোতালৰ এটা কোণলৈ দৌৰি গৈ তাই পুনৰ উকিয়াবলৈ আৰম্ভ কৰিলে৷

        ‘ওহ মুৰুগাই/ তয়ো যে... হা.. হা...’ আংদীয়ে জোৰে জোৰে হাঁহিবলৈ ধৰিলে৷

        ‘ওৱাক্‌...’

        আনন্দত আত্মহাৰা হৈ পৰা আংদীয়ে এইবাৰ তাইৰ ওচৰলৈ গ’ল৷ আৰু তাইক সাৱট মাৰি ধৰিলে৷

        ‘আৰে... সেইটোৱেই হয়, বুজিছনে?’

        লাজে ভয়ে মুৰুগাইৰ মনত উগুল-থুগুল ভাৱৰ সৃষ্টি হ’ল৷ তাইৰ চকু দুটিও উজ্বলি উঠিল৷

        ‘চাওঁ, এৰি দিয়ক...’

        ‘ধেৎ এইজনী, মই এতিয়াই গৈ ৱডিৱেলু হাকিমৰ ঘৰত খবৰটো দি আহোঁগৈ৷ ক’ত কি দৰৱৰ ব্যৱস্থা কৰিব পাৰি খবৰ এটা লৈ আহো৷ তই একো কৰিব নালাগে৷ ইয়াতে অলপ জিৰণি ল৷’

        মুৰুগাই হাঁহি হাঁহি ক’বলৈ ধৰিলে- ‘মনে মনে থাকক, আনে শুনিলে আমাক হাঁহিব৷’

        ‘তই মোক কিমান আনন্দৰ বাতৰি দিছ/ মই থিৰে থাকিব পাৰোঁনে?’-আংদীয়ে তাইৰ কপালত চুমা এটা আঁকি দিলে আৰু চিধাই দৌৰি গৈ শ্মশানৰ মূল তোৰণখনৰ ওচৰ পালে৷

        ঠিক তেনে সময়তে গেৰুৱা ৰঙৰ কাপোৰ পৰিহিত সন্ন্যাসী এজনে এটা গীত গাই গাই সেই ৰাস্তাৰেই আহি আছিল৷

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি... ”

        আংদীৰ মন এক বুজাব নোৱৰা আনন্দত মতলীয়া হৈ পৰিল৷ সুৰ, তাল কি সেয়া একো বুজি নোপোৱা আংদীৰ জীৱনলৈ যেন আজিৰে পৰা নতুন পৰিবৰ্তনৰ জোৱাৰহে আহিল৷ অজানিতেই সেই গীতৰ এটি এটি শব্দই তাৰ মন-মগজুত আহি ঘৰ বান্ধিলেহি৷ সেই গীত তাৰ জীৱনৰ লগত চিৰদিনৰ বাবে সংপৃক্ত হৈ পৰিল৷

        হেজাৰ হেজাৰ লোকৰ আশা কাঢ়ি আনি নিজৰ বুকুত স্থান দিয়া সেই কবৰস্থলীত আজি এটি মানৱ শিশুৰ কান্দোনৰ শব্দ ভাঁহি আহিল৷

        হয়, আংদীৰ এটি পুত্ৰ সন্তান উপজিল৷

        মাকৰ গৰ্ভলৈ অহা দিনৰ পৰাই সি আংদীৰ জীৱনত যি আনন্দৰ লহৰ আনি দিলে, সেয়া আংদীৰ বাদে আনে বুজিব নোৱাৰে৷

        দিনৰ দিনটো ল’ৰাটোৰ লগতেই সি খেলি থাকে৷

        হেজাৰ হেজাৰ কণ কণ শিশুৰ বাবে কবৰ খন্দা সেই নিৰ্বিকাৰ হাতদুখনে এতিয়া কেৱল নিজৰ একমাত্ৰ সন্তানটোক মৰম কৰাৰ বাবেহে যেন ব্যাকুল হৈ থাকে৷ সেই দুখন হাত/ সেই দুখন হাত নিজ সন্তানক নিচুকোৱা আৰু আনৰ মৃত সন্তানক কবৰ দিয়াৰ বাবে অনবৰতেই চলি থাকে৷

        পুত্ৰশোক কি হ’ব পাৰে সেয়া আংদীয়ে নাজানে৷

        গোলাপৰ পুলিবোৰ সযতনে ৰোৱাৰ নিচিনাকৈয়ে তাৰ হাতদুখন মৃত শিশুসকলৰ বাবেও সযতনে কবৰ খন্দা কামত ব্যস্ত৷

        তাৰ ওচৰতেই বিলাপ কৰি থকা মৃত সন্তানৰ পিতৃৰ চকুপানীয়েও আনকি তাৰ মন গলাব নোৱাৰে৷ সি যেন নিৰ্জীৱ৷

        ছিঃ, এনেধৰণৰ মানুহো এইখন পৃথিৱীত আছে? কি আচৰিত মানুহ/ সেইবাবেই তাক সকলোৱে ‘আচৰিত প্ৰাণী’ বুলি ভাবে৷ কবৰ খান্দি মৃতদেহটো পুতি থৈয়েই সি চিধাই ঘৰলৈ দৌৰ মাৰে৷ ঝুলনাত ঝুলি থকা ইৰুলনে তাক দেখা পালেই আপ্পা... আপ্পা বুলি চিঞৰি উঠে৷ তাক কোঁচত উঠাই লৈ সি নিচুকায়, মৰম কৰে৷

        তাৰ সুখ, আনন্দ, আশা, গীত এই আটাইবোৰৰ কাৰণ হ’ল ইৰুলন৷

        দুবছৰ পাছত-

        কিমান পিতৃ-মাতৃৰ আশা, আনন্দ আৰু সপোনক কবৰ দি যোৱা এই শ্মশান/ মৃত্যুৰ পৃথিৱীত জন্মক প্ৰতিষ্ঠা কৰিব খোজা আপ্ৰাণ চেষ্টা৷ পিছে কিমান দিনলৈ জন্মৰ স্থাপনা? সময়ৰ আহ৩ানক আমিতো বাধা দিব নোৱাৰোঁ৷ আংদীৰ এই আনন্দ, এই আশা কিমান দিনৰ বাবে? আংদীয়ে জানো সময়ৰ আহ৩ানক বাধা দিব পাৰিব?

        নোৱাৰে...

        কিমান প্ৰাৰ্থনাৰ অন্তত আংদীৰ জীৱনত আশাৰ এচমকা পোহৰ পৰিছিল৷ তাৰ জীৱনটোৱেই য’ত ৰঙিয়াল হৈ পৰিছিল৷ হঠাতে  সেই আশাৰ চাকি গছি নুমাই থাকিল৷ থানবান হৈ গ’ল আংদীৰ সপোন৷ আশাৰ অপমৃত্যু হ’ল৷ হয়... ইৰুলনৰ মৃতু্য হ’ল৷

        নিজৰ আশা আৰু সপোন চকুৰ পচাৰতেই ধবংস হৈ যোৱা দেখি মুৰুগাই মাটিত বাগৰি বাগৰি হিয়া ঢাকুৰি ঢাকুৰি কান্দিবলৈ ধৰিলে৷ নিম গছত ওলমি থকা খালি ঝুলনাখন দেখি তাই বলিয়া হৈ পৰিল৷ ‘ইৰুলন ইৰুলন’ বুলি চিঞৰি চিঞৰি তাই কান্দি থাকিল৷

        আংদীয়ে যেন একো বুজি পোৱাই নাই৷ সি দূৰৰ আকাশখনৰ একোণত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে৷

        ইৰুলন...  আস্‌ এয়া কি সপোন বুলি পাহৰি যাব পাৰে?

        টোপনিৰ পৰা সাৰ পাই উঠি অহা আংদীক দেখি ঝুলনাত বহি থকা ইৰুলনৰ খিল্‌খিলীয়া হাঁহি... হঁহাৰ লগে লগে তাৰ দুয়োখন গালত দেখা দিয়া দুটি গাঁত হোৱা... ইৰুলনৰ মুখৰ আপ্পা আপ্পা শব্দ...

        গছৰ পুলিবোৰত পানী দি থকাৰ সময়ত প্ৰত্যেক দিনাৰ নিচিনাকৈয়ে আজিও যেন ইৰুলনে পিছফালৰ পৰা আহি তাক সাৱট মাৰিহে ধৰিব৷

        সমুখত থকা থালীখনত ভাত বাঢ়ি থোৱা আছে... এইমাত্ৰ যেন ইৰুলন দৌৰি দৌৰি আহিব... আহিয়েই তাৰ সৰু সৰু হাতৰ আঙুলিকেইটাৰে ভাতখিনি পিটিকি দিব৷ তাৰ হাতত ভাতৰ একোটা একোটা দানা লাগি ধৰিব আৰু ইৰুলন স্ফুৰ্তিত আত্মহাৰা হ’ব৷

        তাৰ বুকুৰ মাজত মূৰটো গুজি যেন ইৰুলন এতিয়াও শুয়েই আছে৷

        এইবোৰ কেনেদৰে মিছা হ’ব পাৰে? সপোন... পাগলামি? নে আন কিবা?

        আংদীয়ে জুপুকা মাৰি বহি থাকিল৷

        যিবোৰ ঠাইত আগতে ইৰুলনে খেলিছিল... যিবোৰ ঠাই সি স্পৰ্শ কৰিছিল... সেই ঠাইসমূহ... ইৰুলনৰ থুনুক থানাক মাতটো এতিয়াও তাৰ কাণত বাজি আছে৷

        সেয়া চোৱা... জুপুৰীৰ সমুখত মাটিত পৰি থকা ইৰুলনৰ মৃতদেহটো ক্ৰমাৎ ফুলি আহিছে৷ মৃতদেহটোৰ চাৰিওফালে মাখিবোৰ উৰি ফুৰিছে৷ তাৰ কপালখনত সৰুকৈ এটা ফোঁট আকি দিয়া আছে৷ মেলি থকা মুখখনৰ ওঁঠৰ ওচৰতেই গাখীৰ খোৱা দাঁত দুটি স্পষ্টকৈ ওলাই আছে৷

        কিজানিবা সি গভীৰ নিদ্ৰাত লালকাল হৈয়েই তেনেদৰে পৰি আছে?

        নহয়, এয়া নিদ্ৰা নহয়৷ এয়াইতো মৃত্যু৷ এয়াই অদৃষ্ট৷

        মুৰুগাইয়ে এইবাৰ তাৰ সৰু হাতখন ধৰি নিজৰ বুকুৰ মাজলৈ টানি আনিলে৷ তাৰ মুখত, চকুৰ পতাৰ ওচৰতে উৰি থকা মাখিবোৰ খেদি দিলে আৰু মৃতদেহটো এখন বগা কাপোৰেৰে ঢাকি দিলে৷

        যি নহলেও... কৰ্তব্য বোলা কথা এটাও আছে নহয়...

        আংদীৰ চকুৰে চকুপানী ওলায়েই আছিল৷ এইবাৰ সি কান্ধৰ গামোছাখন মূৰত বান্ধি ল’লে৷ চোতালৰ এচুকৰ কোৰখন এখন হাতেৰে তুলি লৈ¸ আনখন হাতেৰে মৃতদেহটো সাৱটি ধৰিলে৷

        ‘মোৰ সোণ/ হায় মোৰ ৰাজা...’

        মুৰুগাই ইতিমধ্যে কান্দি কান্দি আউলি বাউলি হৈ পৰিছে৷ তাই মাটিত লুটি বাগৰ খাই পৰিছে৷ আংদীৰ ভৰি দুখনত খামুচি ধৰি সি আগুৱাই যোৱাত বাধা দিছে৷      

        নিজৰ অন্তৰৰ দুখ, মুৰুগাইৰ অৱস্থা দেখি আংদী বজ্ৰপাত পৰা মানুহৰ দৰে থিয় হৈ থাকিল৷

        হায়... সিনো কি কৰিব পাৰে? সি এইবাৰ থিয় হৈ থাকিয়েই কান্দিবলৈ ধৰিলে৷

        সকলোৰে শোক, সকলোৰে দুখক কবৰ দিয়াজন... যাৰ অনুভৱ কৰিবলৈ একো এটাই নাছিল আজি হঠাৎ সময়ে এয়া কি পৰীক্ষা ল’লে? আনৰ সন্তানৰ বাবে কবৰ খন্দা মানুহজনে আজি নিজেই নিজৰ সন্তানৰ বাবে কবৰ খান্দিব লাগিব৷ সি পাৰিবনে?

        তাৰ এখন কান্ধৰ ওপৰত ইৰুলনৰ মৃতদেহ আৰু আনখন কান্ধত কবৰ খন্দা কোৰখন৷ এহাতে নিজ সন্তানৰ মৃতদেহ কবৰ দিয়াৰ  কৰ্তব্য আকৌ আনহাতে তাৰ বৃত্তি/ হায় এয়া কি দিন দেখুৱালা মুৰুগণ?

        মুৰুগাই তই নাকান্দিবি৷ ধৈৰ্য ধৰ৷

        তাইৰ বান্ধোনৰ পৰা নিজৰ ভৰি দুখন মুক্ত কৰি আংদী শ্মশানৰ ফালে আগবাঢ়িল৷

        আজিলৈকে সি মৃতদেহবোৰক নিজৰ কৰ্তব্য পালনৰ এটা অংশ বুলিহে গণ্য কৰিছিল৷ এই মৃতদেহবোৰৰ আঁৰত কত যন্ত্ৰণা, কতজনৰ সপোন লুকাই থাকে আজিহে যেন উপলব্ধি কৰিব পাৰিছে৷

        হায়... নিষ্ঠুৰ নিয়তি/

        সিদিনাখন বাগিছাত এছাটি কোমল বতাহ বলি আছিল৷ বতাহ জাকৰ লগতে এক অজান ফুলৰ গন্ধ বিয়পি পৰিছিল৷ ক’তা /  ইয়াৰ আগতে এনে ফুলৰ গন্ধ সি কেতিয়াও পোৱা নাছিল৷

        আংদীয়ে এডোখৰ ভাল ঠাই বিচাৰি ফুৰিছে৷ তাৰ হাতত ভগা সপোন এটি আছে৷ সেই ভগা সপোনটোক আজি সি বিদায় জনাব আহিছে৷ পন্নীৰ গছজোপালৈ তাৰ চকু পৰিল৷ সেই গছৰ তলতেই ইৰুলনক কবৰ দিব বুলি সি মনস্থ কৰিলে৷ প্ৰতিদিনেই পন্নীৰৰ ফুলে ইৰুলনৰ কবৰৰ ওপৰত পৰিব৷ ইৰুলন সদায় সজীৱ হৈ থাকিব৷

        সি মৃতদেহটো প্ৰথমে মাটিত ৰাখিলে৷ আনখন কান্ধৰ পৰা কোৰখন নমাই সি পন্নীৰ গছৰ গুৰিভাগলৈ চাই থাকিল৷

        তাৰ নাক আৰু মুখখন ক্ৰমে কঁপিবলৈ আৰম্ভ কৰিছে৷ মুহূৰ্ততেই এসোপামান চকুপানী ওলাই আহিল৷

        নাই সি এনে কৰিব নোৱাৰে৷ কিন্তু কৰ্তব্য?

        বুকুখন ডাঠ কৰি সি কোৰখনেৰে পন্নীৰ গছৰ গুৰিৰ কাষতেই এঘাপ মাৰি দিলে৷ নাই সি নোৱাৰে... তাৰ মূৰটো আচন্দ্ৰাই কৰিলে৷ কোৰখন দূৰলৈ দলিয়াই দি সি ‘মোৰ সোণ, মোৰ সোণ’ বুলি চিঞৰি মাটিত বহি পৰিল৷

        তাৰ পাছত বহু সময় নিস্তব্ধতা৷

        বহু সময় নিজৰ সন্তানৰ মুখখন একেথৰে চাই থকা আংদীৰ এইবাৰ চেতনা ঘূৰি আহিল৷ কপালত ঘামৰ টোপালে এডাল মালা গাঠিছে৷

        এইবাৰ সি নিজকে সংযত কৰি আঁঠুৰ ওপৰত হাতখন ৰাখি থিয় হ’বলৈ চেষ্টা কৰিলে৷ দূৰত পৰি থকা কোৰখন তুলি আনি মাটি খান্দিবলৈ ধৰিলে৷

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি... ”

সেই গীতটো/ কিন্তু সিদিনা সি কোৰখনেৰে মাটিত ঘাপ্‌ মাৰি থকাৰ তালে তালে সেই গীতটো গাব পৰা নাছিল৷

        পিছে হঠাতে যেন সেই গীতৰ সুৰ তাৰ কাণত পৰিলেহি৷

        নাই ভ্ৰমো হ’ব পাৰে৷ সি নিজৰ কামত ধৰিলে৷

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি... ”

        -হাৰে, পুনৰ একেই শব্দ/ কোন? কোন আছে ইয়াত?

        মনৰ ভাৱনাবোৰ আহি বুকুৰ একোণত জমা হ’লহি৷ সি বুজিবলৈ চেষ্টা কৰিলে সেই পৰিস্থিতিক...

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি... ”

        হায়/ এতিয়াহে সি আচল কথাটো বুজি পালে৷ সেই গীতৰ মৰ্ম আজিহে সি উপলব্ধি কৰিব পাৰিছে৷ মানে অতদিনে সি ইয়াকেই আওৰাই আছিল৷

        তাৰ চকুৰ সন্মুখতে এটা এটাকৈ কবৰ ফালি সৰু সৰু ল’ৰা-ছোৱালীবোৰ ওলাই আহিবলৈ ধৰিলে৷ সিহঁতে হাত চাপৰি বজাই বজাই গাবলৈ ধৰিলে-

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী

        কমাৰৰ পৰা খুজি আনিলে কলহ এটি

        দহ মাহ ধৰি ৰাখিলে সাৱটি

        নাচি নচুৱাই এদিন ভাগি থাকিল সেই কলহটি... ”

প্ৰথমতে এটা, তাৰ পাছত দুটা... চাৰিটা... এশটা... হাজাৰ হাজাৰ কণ কণ ল’ৰা-ছোৱালীৰ মুখত সেই একেটি গীতৰ কলি শুনিবলৈ পোৱা গ’ল৷ সেই গীতৰ কলিৰ শব্দ আৰু উচ্ছাৰণ বাঢ়ি গৈ থাকিল... বাঢ়ি গৈয়েই থাকিল৷

        সেই শ্মশানখনত আৰম্ভণিৰে পৰা যোৱাকালিৰ ৰাতিটোলৈকে কবৰ দিয়া শেষৰজন শিশু পৰ্যন্ত সকলোৱেই ... মুখত মাত ফুটি ওলোৱা শিশুটিৰ পৰা আৰম্ভ কৰি মুখত মাত নুফুটা সেই শিশুটিলৈকে প্ৰত্যেকেই নিজৰ কোমল, আধাফুটা মাতটোৰে সেই গীতকেই আওৰাই হাত চাপৰি বজাই আছিল৷ সেই গীতৰ মৰ্ম বুজি নোপোৱা মানুহেও যেন এনে পৰিস্থিতিত বুজিবলৈ বাধ্য হ’ব সেই গীতৰ অৰ্থ৷ গীতটোৰ এক অদ্ভুদ শক্তি আছে৷ সেই শক্তিয়ে যেন আকাশত গোট খাই থকা ডাৱৰকো এতিয়া চিৰাচিৰ কৰি পেলাব৷

        আংদীয়ে যেন নিজকে পাহৰি যাব ধৰিছে৷ ক’ব নোৱৰাকৈয়ে সি হাঁহিবলৈ ধৰিলে৷ হাঁহি হাঁহি সি মাটিত বাগৰি পৰিল৷

        সেইপিনে চোৱা.. তাৰ ইৰুলনো দেখোন সিহঁতৰ মাজত সোমাই তাৰ ফালে চাই চাই চাপৰি বজাই বজাই গীত গাই আছে৷

        ইৰুলন... তুমিও?

        আংদী অবাক হৈ পৰিল৷ সেই কণ কণ শিশুৰ মাজৰ পৰা ইৰুলনক টানি আনিম বুলি ভাবি সি তাৰ পিছে পিছে দৌৰি গ’ল৷ দৌৰিয়েই থাকিল৷ এয়া মোৰ ইৰুলন... এয়া মোৰ ইৰুলন নহয়...þ এয়া আনৰ৷ শিশুবোৰৰ মাজৰ পৰা যেন এজন ইৰুলনক বিচাৰি উলিওৱাটো ইমান সহজো নহয়৷ নাই, এই ভিৰৰ মাজৰ পৰা সি নিজৰ ইৰুলনক বিচাৰি উলিয়াব নোৱাৰে৷ আংদীৰ মন হাহাকাৰ কৰি উঠিল৷

        আংদী অস্থিৰ হৈ পৰিল৷

        পন্নীৰ গছজোপাৰ গুৰিত মৃত সন্তানৰ লগতে আংদীক মাটিত পৰি থকা দেখি মুৰুগাই দৌৰি আহিল৷

        আংদীৰ মূৰটো কোঁচত তুলি লৈ মুৰুগাই কান্দিবলৈ ধৰিলে৷ আংদীয়ে সাৰ পালে৷ দুয়ো তাতেই বহুপৰলৈ কান্দিয়েই থাকিল...

        আজি বহু দিন, বহু মাহ পাৰ হৈ গ’ল৷

        সকলো ঠিকেই আছে৷ সিহঁত এতিয়াও সেই শ্মশানখনতেই থাকে৷ কিন্তু আগৰ দৰে সেই গীতটো আংদীয়ে এতিয়া নাগায়৷

        শ্মশানলৈ অহা মৃতদেহবোৰ দেখিলে এতিয়া সি ‘হায়/ হায়/’ বুলি উচুপি উঠে৷

        আজিকালি সি সহজেই আনৰ দুখৰ সমভাগী হ’ব পাৰে৷ মুৰুগায়েও এতিয়া নিজকে সংযমী কৰি তুলিছে৷

        কেৱল আংদীৰহে...

        হয়, কেৱল আংদীৰ কাণতহে মাজে মাজে সেই গীতৰ সুৰধবনি  বাজি থাকে-

        ‘‘বাগিছাত আছিল এটা ভিক্ষাৰী...”

 

****


No comments:

Post a Comment