অগ্ৰহাৰমৰ মেকুৰী [১৯৬৮]
মূলঃজয়কান্তন
মোৰ জন্ম ঠাইখন এখন অত্যন্ত ধুনীয়া ঠাই৷ অগ্ৰহাৰমৰ
ৰাস্তাটো ধুনীয়া, পৰিপাটি৷ তাৰ মানুহখিনিও বৰ ভাল৷ ধুনীয়া বুলি কোৱাৰ
লগে লগে আপোনালোকে বা কি বুজিব পাৰিছে মই হ’লে নাজানোঁ৷ কিন্তু, মই ভাবোঁ যিবোৰ স্মৃতিয়ে মনলৈ প্ৰশান্তি কঢ়িয়াই আনে সেইবোৰ স্মৃতি বিজড়িত
ঠাইখন অৰ্থাৎ মোৰ জন্মস্থানখন নি(য় ধুনীয়া হ’বই ৷
৩৫ বছৰৰ আগতে তাৰে পুৰনা ঘৰ এটাৰ মন্দিৰৰ কোনো এক
আন্ধাৰ চুকত মোৰ জন্ম হৈছিল৷ তাতেই খেলি ধূলি ডাঙৰ হৈছো৷ ২৫ বছৰ আগৰ, শৈশৱৰ সেই মধুৰ স্মৃতিবোৰে কেতিয়াবা বৰকৈ আমনি কৰে৷
ক’ব নোৱাৰোঁ, সকলোবোৰ আগৰ
দৰেই আছে নে নাই? সুন্দৰ,পৰিপাটি, শাৰী শাৰী
কৈ থকা সেই ঘৰবোৰ.... অগ্ৰহাৰমৰ দীঘলীয়া ৰাস্তাটো.... সেই সকলোবোৰ আগৰ দৰেই আছেনে
নাই? আশা কৰোঁ, সকলোবোৰ আগৰ দৰেই থাকক৷
এতিয়া মোৰ
বয়স হৈ আহিছে৷ সময়ৰ লগে লগে বহু বিষয় মোৰ জ্ঞানৰ পৰিধিলৈ আহিছে৷ সময়ৰ লগত মই কৰা
দুষ্টামিবোৰ.... আঃ ক’ত যে হেৰাই গ’ল সেই দিনবোৰ/ বহুদূৰ.... দূৰত থাকিও সেই
সোঁৱৰণিক চুই চোৱাৰ কি যে দুৰ্বাৰ হেঁপাহ৷ বয়সৰ সীমা অতিক্ৰম কৰি মই পুনৰ দহ
বছৰীয়া ল’ৰাটোৰ দৰে অগ্ৰহাৰমৰ ৰাস্তাটোত খোজ দিবলৈ এয়া আৰম্ভ কৰিছোঁ....৷
ছোৱালীকেইজনীয়ে গা ধুবলৈ অহা সময়৷ সেই পুখুৰীটোৰ
কাষৰ ৰাস্তাটোৰে দৌৰি দৌৰি আহি পুখুৰীটোলৈ নামি যোৱা খট্খটিটোতেই বহিলোঁ৷ তাত
অবিৰাম গতিৰে বতাহ বৈ থাকে৷ মাছবোৰেও আনন্দতে জঁপিয়াই আছে৷ ওচৰতে পৰি থকা শিলবোৰ
পুখুৰীৰ মাজলৈ কিমান দূৰ পৰ্যন্ত দলিয়াব পাৰি তাৰেই পৰীক্ষা কৰি আছোঁ৷ এনেদৰে বহি
থকাৰ আনন্দই সুকীয়া৷
ৱেংকিত্তু, উত্তনদম, সুন্দৰম, তন্দবানী আটাইকেইটা লৰাই মতা-তিৰোতাসকলে গা ধুবলৈ যোৱা খট্খটিকেইটাৰ কাষত থকা
বেৰৰ ওপৰত উঠি পুখুৰীৰ মাজলৈ জঁপিয়াই আছে৷ জপং জপং শব্দ শুনা গ’ল৷ কেইটামানে আকৌ
সুলকিব ধৰা অন্তৰ্বাসটো দুয়োখন হাতেৰে ধৰি ওপৰলৈ টানি টানি পানীৰ মাজৰ পৰা উঠি
আহিপুনৰ জঁপিয়াবলৈ শাৰী পাতিব ধৰিছে৷
মই পিছে সদায় অকলশৰীয়া৷ সিহঁতে মোক কেতিয়াও লগ
নিদিয়ে৷ কিয় বা নিদিয়ে মইও নাজানোঁ৷ সিহঁতৰ মনত মই হয়তো সিহঁতৰ লগৰ উপযুক্ত নহয়৷
কিন্তু বয়োজ্যেষ্ঠসকলে আকৌ মোক ভাল ল’ৰা বুলি কয়ে
যিহেতু মই সেই দুষ্ট ল’ৰাকেইটাৰ লগ নলওঁ৷তেওঁলোকে ভাবে মই বৰ শান্ত৷ ‘ছেঃ
বেছেৰাটোলৈ বেয়াই লাগে, অকলে অকলে বহি থাকে৷ ঐ যা যা, তহঁতৰ লগত খেলিবলৈ দে৷ তহঁতৰনো কি যায় তাক খেলিবলৈ লগ দিলে? ন’হ’লে আহ বেটা, আমাৰ লগতে আহ্৷ তোক খাবলৈ দিম আহ্৷’- বুলি মোক
মাতিবলৈ ধৰে৷ এনে সময়তে মোৰ মন প্ৰশান্তিৰে ভৰি পৰে৷ কেতিয়াবা কেতিয়াবা আকৌ মন
গ’লেই তেখেতসকলৰ বাবে মই কফি বনাও; কেতিয়াবা কেতিয়াবা ভৰিও মালিচ কৰি দিওঁ৷ মায়ে কিবা কৰিব
দিলেহে নকৰোঁ; ‘হ’ব যা’-বুলি কৈয়েই দৌৰ মাৰোঁ৷
দহ বছৰত ভৰি নিদিওঁতেই পাঁচ জন ভাই-ভনীৰে ঘৰ ভৰি
থাকে৷ এনে অৱস্থাত মাৰ পৰা কেৱল মোৰ প্ৰতি দয়া,মৰম আশা
কৰাটো মোৰেই ভুল৷ মোৰ মায়ে মৰমতে মোক ঐ ধৰুৱা, ঐ বলধ বুলি
সম্বোধন কৰে৷ ঘৰৰ মানুহৰ মনত মই হ’লে বৰ দুষ্ট৷ তাতেনো কি হ’ল? গাঁৱত, ৰাস্তাত, সকলোতে আনকি অচিনাকিজনৰ মনতো মই বৰ
শান্ত৷ মোক যে ঘৰৰ মানুহে কিয় দুষ্ট বুলি ভাবে মই নিজেই বুজি নাপাওঁ৷ কিনো দুষ্ট? সৰু ল’ৰা এটাই দৌৰি অহাৰ সময়তে মই তাৰ বাটত ভৰি দুখন মেলি বহি দিও৷ সি লুটি
খাই বাগৰি পৰে৷ কেতিয়াবা যদি মূৰত দুখ পায় ,কেতিয়াবা
আকৌ নাকেৰে তেজ বৈ আহে৷ তাতনো মোৰ কি দোষ? সি পেন্পেনাই
কান্দিবলৈ ধৰে৷ মায়ে দৌৰি আহে আৰু মোকেই গালি পাৰে-‘ঐ বলধ, দুষ্টামিবোৰ
কৰি এতিয়া শান্ত হৈ বহিছ? জহনিত যোৱা, তোৰ হাতখন খুজাইছে যেন পাওঁ৷ তোক আজি মই....’-বুলি ক’বহে পায় মই ফেঁকুৰিবলৈ
ধৰোঁ ৷ কান্দোন শুনি কাষৰ ঘৰৰ খুৰীজনী দৌৰি আহি মোক সাৱটি ধৰে৷‘বেচেৰা শান্ত
ল’ৰাটোক ইমান অত্যাচাৰ কৰিব লাগেনে? আহ্ বাচা মোৰ লগতে আহ৷’
নাকান্দিবি নাকান্দিবি বুলি সাbLনা দি তেওঁ মোক তাৰ পৰা লৈ
যায়৷
তালৈ গৈও প্ৰথমতে মই শান্ত হৈ বহি থাকোঁ৷ কেৱল মাজে
মাজেহে দুই এটা সৰু সুৰা দুষ্টামি কৰি তাৰ পৰা পলাও৷ কফি পাউদাৰ বনোৱা মেচিনটোত
মাটি মিহলি কৰি চিঞৰোঁ ‘খুৰী, এইফালে আহকচোন৷ ইয়াত কোনোবাই মাটি
মিহলাই দিলে৷’ উধাতু খাই দৌৰি অহা খুড়ীয়ে সোধে ‘কোনে?’ মই কওঁ
‘আৰুনো কোন হ’ব? আপোনালোকৰ ইয়েই হ’ব৷’ কথা শুনি খুৰীয়ে মোৰ
কাণসমনীয়াটোক মাতি আনি দুচাট লগোৱাৰ পাছতহে মোৰ শান্তি৷
মোৰ প্ৰতি সহানুভূতি দেখুওৱা খুৰীকেইজনীক মায়ে
প্ৰায়েই কয়-‘ তহঁতে ইয়াক মৰম কৰি কৰি মূৰৰ ওপৰত তুলিছ৷ ইয়াক বিশ্বাস নকৰিবি কৈ
দিলোঁ৷ সি মেকুৰীৰ দৰে৷ দুষ্টামিবোৰ কৰি শান্ত ল’ৰাৰ ভাওঁ জুৰে৷’
মাৰ কথা শুনি খুৰীয়ে মোৰ পিনে চায়৷ মই শান্তভাৱেই বহি
থাকোঁ৷ তাকে দেখি খুৰীয়ে মাক কয়-‘যাহ্ এইজনী ৷ সকলো সময়তে এই শান্ত ল’ৰাটোক গালি
শপনি পাৰি থাকে৷ যাহ্ নিজৰ কামত ধৰগৈ৷’ এইদৰে মোৰ পক্ষত থকা সকলোৱে মাক বুজাই
বঢ়াই পঠাই দিয়ে৷ কেৱল মইহে জানোঁ মোৰ
প্ৰতি সহানুভুতি দেখুওৱাসকলৰ সহানুভুতিৰ পাত্ৰ মই হয় নে নহয়৷
ময়ো যে কি কৈ আছোঁ৷ ক’বলৈ আহিছিলোঁ অগ্ৰহাৰমৰ
মেকুৰীটোৰহে কথা পিছে কৈ আছোঁ মোৰ আৰু অগ্ৰহাৰমৰ মানুহখিনিৰ কথা৷ ২৫ বছৰৰ আগৰ অগ্ৰহাৰম মোৰ জন্মভূমি, তাৰ আলি-পদুলি, মানুহখিনি৷ কিমান যে কথা .... কিমান সুন্দৰ
স্মৃতি.... অবিৰামভাৱে যেন কৈয়েই থাকিম.. কৈয়েই থাকিম৷ মই বিৰক্ত নহওঁ আৰু ভাগৰিও
নপৰোঁ৷
মই যি ক’লোঁ, যি কৈ আছোঁ
নাইবা যি ক’ম সেয়া কেৱল এখন গাৱঁৰ কথা৷ মীনা, ৰুকু , পত্তু, ললিতা, গৌৰী আইতা, আনন্দ শৰ্মা, ৱইতা, ৰাঘৱ আয়াৰ, গণপতি আইতা, শংকৰ শৰ্মা ইজনে আনজনক চিনি পায়৷ এতিয়া পিছে সেই সম্পৰ্কবোৰ কেনেদৰে আছে মই
নাজানোঁ৷ কেৱল ঘূৰি চাবহে পাৰোঁ সেই অতীতলৈ, উভতি যাব
নোৱাৰো৷ ইয়াৰে কিছু সংখ্যক লোক চহৰলৈ আহিছে বাকীবোৰ হয়তো গাওঁতেই আছে৷ মোৰ জীৱনত
এই মানুহখিনিৰ স্থান আটাইতকৈ গুৰুত্বপূৰ্ণ৷
তেওঁলোকৰ বিষয়ে লিখাৰ অন্য এক আনন্দই আছে৷ কিন্তু বাৰে বাৰে অগ্ৰহাৰমৰ কথা
লিখি থাকিলে পঢ়ি আমনিও পাব পাৰে৷ সিহঁতেও
এইবোৰ পঢ়ি আৰু কিমান অগ্ৰহাৰমৰ বিষয়ে লিখে বুলি ভাবিব পাৰে৷
পিছে মইনো কি কৰোঁ? মই যি জানোঁ
সেয়াটো লিখিবই লাগিব? বাৰু, এইবাৰ অগ্ৰহাৰমৰ মানুহখিনিৰ কথা
এৰি এটা মেকুৰীৰ কথালৈ আহোঁ৷ মেকুৰীৰ বিষয়ে ক’লে নি(য় আমনি নাপাব নহয়নে? পিছে মেকুৰীটোৱেহে পঢ়িব নোৱাৰিব/
আকৃতিৰ ফালৰ পৰা সৰু, গাত ক’লা
দীঘল দীঘল আঁচ থকা, গোটেই গাটোতেই নোম থকা প্ৰাণীবিধ বৰ ভয়লগা৷ পিছে
শান্ত প্ৰাণী বুলি জনাজাত৷ সাধাৰণতে পোহনীয়া প্ৰাণীবোৰ মই বৰ বিশেষ ভাল নাপাওঁ৷
তাতে আকৌ মেকুৰী/ চাবলৈও বিতৃষ্ণা৷ চকু পাৰি দেখিব মন নাযায়৷ মই বিৰক্ত হওঁ৷
কুকুৰ, মেকুৰী এইবোৰনো কোনে ভাল পায়? মোৰ বোধেৰে কোনেও নাপায় আৰু পাবও নালাগে৷ তেতিয়া আজৰি সময়ত ইহঁতবোৰক মাৰি-ধৰি
আঘাত কৰাটোৱেই আছিল মোৰ অভ্যাস৷ আৰু এই অভ্যাস ক্ৰমে নিচাত পৰিণত হৈছিল৷
খেলিবলৈ
কোনেও লগেই নিদিয়ে৷ অকলশৰে বহি দিনৰ দিনটো এনেয়ে পাৰ কৰাতকৈ পৰুৱা, জেঠী, এন্দুৰ, নিগনি, কুকুৰ, মেকুৰী আদি বিচাৰি ফুৰিছিলোঁ৷ পৰুৱাৰ শাৰীবোৰত খুঁচি দিয়াৰ লগে লগে সিহঁতৰ
হাহাকাৰ অৱস্থা, বেৰৰ জেঠীডালৰ নেজ কাটি দিলে নেজডালৰ ধৰফৰণি, সোণ পৰুৱাবোৰ ধৰি ধৰি কাঁচৰ বটলত ভৰাই থোৱা, ক’লা
পৰুৱাবোৰ নিমিষতে পিহি পেলোৱা .. এইবোৰ কাম কৰিয়েই মই সময় অতিবাহিত কৰিছিলোঁ৷
ইহঁতবোৰৰ বাবে মই হৈ পৰিছিলোঁ যম৷ মুঠতে আমাৰ পদূলিত ভৰি থবলৈ কোনো প্ৰাণীয়ে
সাহসেই কৰা নাছিল৷
এদিনাখনৰ কথা৷ জয়া খুৰীৰ ঘৰৰ বাৰাণ্ডাত বহি আছোঁ৷ মোৰ
কাষতেই এটা শিলৰ দ’ম৷ আচলতে এই বিশেষ বিশেষ শিলবোৰ মই বৰ কষ্ট ক ৰি কুকুৰ-মেকুৰী
মাৰিবলৈকে জমা কৰোঁ৷ এনেতে দেখিলোঁ পদূলিৰ সমুখেৰে কুকুৰ এটা সোমাই আহিছে৷ লচপচ
খোজেৰে তলমূৰকৈ সি আহি আছে৷ বোধহয় তেতিয়ালৈকে সি মোক দেখা পোৱা নাই৷ আাগতেও এবাৰ
মোৰ শিলৰ কোবত সি আঘাতপ্ৰাপ্ত হৈছিল৷ ‘বেটা আহ্’ বুলি ভাবি প্ৰথমে খুঁটাটোৰ আঁৰত
থিয় হৈ তাক নেদেখাৰ ভাও জুৰিলোঁ৷ সি চিধাই আহি আছে৷ মোৰ কাষ পাবহিয়ে৷ বাওঁ চকুটো
মুদি চিধাই তাৰ মূৰটো লক্ষ্য কৰি দিলোঁ শিলচটা মাৰি৷ মূৰ ফাটি তেজ চিটিকি পৰিল৷ ভৌ
ভৌ কৈ বিকৎ চিঞৰ এটা মাৰি সি দৌৰ দিলে৷ মই আগৰ দৰেই শান্তভাৱেই বহি থাকিলোঁ৷
খুৰী দৌৰি ওলাই আহিল৷ লগে লগে ওচৰতে থকা শিলখিনি
দূৰলৈ ঠেলি দিলোঁ ৷
‘কোন?কোনে কুকুৰটো মাৰিলে?’-খুৰীয়ে মোৰ পিনে চালে৷
‘ওহো.... মই মাৰা নাই খুৰী৷’
‘বাৰু যা গৈ যা৷ কাৰোবাক মাতি আনগৈ৷ কোঠাৰ ভিতৰত ডাঙৰ
ডালশলিয়া এটা সোমাইছে৷ ’
‘হ’ব৷ মই এডাল খৰি লৈ গৈ আছোঁ৷ খুৰীয়ে মাত দিছে-
‘নালাগে নালাগে৷ তোৰ দ্বাৰা নহ’ব৷ এইটোৱে তোৰ গালৈকে জঁপিয়াব৷ যা যা আন কাৰোবাক
মাতি আনগৈ যা৷’
কোঠাৰ ভিতৰত সোমাই দেখিলো এটা কোনত ডালশলিয়াটোৱে মোৰ
ফালে একেথৰে চাই আছে৷ মূৰটোলৈ চাই খৰিডাল দলিয়ালো৷ ধাপ্কৈ শব্দ এটা হ’ল৷ তাৰ
মূৰটো দুফাল হৈ কোঠাৰ ভিতৰত তেজবোৰ সিচঁৰতি হৈ পৰিল৷ খুৰী দৌৰি আহিল৷ তেওঁৰ চকুত
ভয়ৰ চিন৷ ময়ো ভয় লগাৰ নিচিনা অভিনয়
কৰিলোঁ৷ খুৰীয়ে মোক সাৱটি ধৰি ক’লে- ‘সেইফালে নাচাবি৷ ঘৰৰ কাম কৰিব অহাজনীয়ে এইবোৰ
চাফা কৰিব৷ ভয় নাখাবি বাচা৷ এইফালে আহ মোৰ লগতে আহ৷’
নিজে এনেদৰে জীৱজন্তুক আঘাত আৰু বধ কৰি ভালপোৱাৰ লগতে
মোৰ পিছে অন্য এক ধৰণৰ নিচাও আছে ৷ সেইটো কি জানেনে? আনে হত্যা
কৰি থাকিলে চুপি চুপি চোৱা৷ বজাৰত পিচ পিচকৈ মাংস কটা-বেচা কৰি থকা দেখিবলৈ পালে
মোৰ বৰ ভাল লাগে৷ অগ্ৰহাৰমৰ ৰাস্তাটো যিখিনিত শেষ হৈছে তাতেই এখন বজাৰ বহে ৷ সন্ধিয়া সময়ত তাত গৰু,ছাগলী,কুকুৰা কাটি মাংস বিক্ৰী কৰা হয়৷ ডাঙৰ মোছ থকা মানুহজনো সদায় গধূলি তালৈ আহে৷
ৱেংকিত্তু, উত্তানদম,সুন্দৰমে তাক দেখিলেই পেঁপুৱা
লাগে৷ মোৰহে তালৈ ভয় নালাগে৷ তাক চাবলৈকে মই ৰৈ থাকো৷ গধূলি চাৰিমান বজাত সি আমাৰ
ৰাস্তাৰে পাৰ þহয়৷
পদুলিমুখ পাৰ নোহোৱালৈকে মই তাক চায়েই থাকোঁ৷ তাৰ ডাঙৰ মোছ যোৰ বৰ পছন্দৰ৷ সি সদায়
কেৰমেৰকৈ থকা পুৰণা চাইকেলখনত উঠি আহে৷ চাইকে লৰ হেণ্ডেলত খাকী ৰঙৰ তেজৰ দাগ থকা
মোনাখনৰ চাৰিওকাষে মাখি উৰি থাকে৷ মোনাখনৰ ভিতৰত থকা দীঘল দা খনৰ নালটোহে কেৱল
দেখিবলৈ পোৱা যায়৷ মই ডাঙৰ হ’লে ঠিক এনেকুৱা ধৰনৰ মোছ ৰাখিম, ইয়াতকৈও ডাঙৰ দা এখন ৰাখিম৷ কোনোবাই যুঁজিব আহিলে কাটি পেলাম বাপেকে৷ মুঠতে
মোক দেখা মাত্ৰেই সকলোৱে ভয় খাব লাগিব৷
অ’হ, মই মেকুৰীৰ বিষয়েহে ক’ব খুজিছিলোঁ৷
এতিয়া ক’ম৷ আমাৰ অগ্ৰহাৰমত মাত্ৰ এটাþ মেকুৰী আছে৷ তাৰ কুখ্যাতি ইতিমধ্যে
সমগ্ৰ অঞ্চলটোতেই বিয়পি পৰিছে৷ ধুৰন্ধৰ বুলি জনাজাত প্ৰাণীবিধ নামতহে মেকুৰী, আচলতে তাক এটা সৰু বাঘ বুলিয়েই আমি ধৰিব পাৰো৷ এইটোৱে জানো অগ্ৰহাৰমত কি
বিচাৰি পায়? মেকুৰীটো সামিষভোজী নহয়নে? মাংস খাবলৈ
পোৱা ঠাইত নাথাকি কিয় যে অগ্ৰহাৰমৰ নিচিনা নিৰামিষভোজী ঠাইখনত বাহৰ পাতিছেহি
নাজানো / বোধহয় সি সম্পূৰ্ণৰূ¸পে নিজকে নিৰামিষভোজীলৈ ৰূ¸পান্তৰ কৰিছে৷
এই মেকুৰীটো আৰু মোৰ কিছুমান সাদৃশ্য নথকা নহয়৷ ময়ো
শান্ত সিও শান্ত৷ ময়ো দুষ্ট কৰোঁ সিও কৰে৷ ময়ো আনৰ ঘৰলৈ গৈ মাজে মাজে দুষ্টামি
কৰোঁ আৰু সিও কৰে৷ কেৱল দুয়ো আনে গম নোপোৱাকৈ মনে মনে দুষ্টামিবোৰ কৰি শান্তভাৱে
থাকো৷
এদিনাখনৰ কথা, জয়া খুৰীয়ে
চিঞৰা শুনা পোৱা গ’ল - ‘এই বদমাছ মেকুৰীটোৱে মোৰ পাকঘৰ টহিলং কৰিছে৷ গাখীৰখিনিও
নষ্ট কৰি পেলালে৷ কোন ক’ত আছ? ইয়াক কোনোবাই মাৰি পেলাহিচোন৷’
লগে লগে চোফাত বহি থকা খুৰাই ক’লে, ‘ঐ চুপ থাক ৷ নাপায় , তেনেকৈ ক’ব নাপায়৷ মেকুৰীক মাৰিম
বুলি ভবাটোও পাপ৷’ খুৰাৰ কথা শুনি খুৰী মনে মনে আছিল৷
অৱশ্যে, মই কথাটো নজনা নহয়৷ ডালশলিয়াক মৰাৰ
দৰে মেকুৰীক মাৰিব পৰা নাযাব৷ ডালশলিয়া সৰু কিন্তু ই ডাঙৰ৷ মেকুৰীয়ে প্ৰথমতেই
ভয় খাই পলাব বিচাৰিব কিন্তু নোৱাৰিলে
চিধাই আহি আক্ৰমণ কৰিব৷ মোৰ মনত আছে সৰুতে এবাৰ চাৰ্কাছত ঘূৰোৱাৰ দৰে তাৰ নেজত ধৰি
ঘুৰোৱাৰ বাবেই সি আঁচুৰিছিল৷ মোৰ পেটত তাৰ নখৰ চিন এতিয়াও আছে৷ মায়ে এই ঘটনাটোৰ
বিষয়ে প্ৰায়েই কয়৷
সেইদিনা গধূলি আমাৰ ঘৰৰ বাগিছাত তাক দেখা পালোঁ৷ আমাৰ
ঘৰ আৰু কাষৰ ঘৰৰ মাজত এটা সৰু ৰাস্তা আছে৷
সেইফালেদিয়েই সি আহি আছিল৷ মাজতে এবাৰ সি মোলৈ ঘূৰি চালে৷ ময়ো চালোঁ৷ সি গুৰুত্বই
নিদিলে৷ মোৰ খং উঠি গ’ল৷ তাক ভয় খুৱাম বুলি ভাবি জঁপিয়াই দিয়াৰ নিচিনাও কৰিলোঁ৷
নাই সি কেৰেপেই নকৰিলে৷ কিছুপৰ ট টকৈ চকু দুটা ডাঙৰ কৰি চায়েই থাকিল৷ মোৰ খং উঠিল৷
এটা সামান্য মেকুৰীৰ ইমান সাহ? মোকো ভয় নকৰে? এইবাৰ লাহেকৈ ডিঙিটো ঘূৰাই চিধাই খোজ দিলে৷ এনেকুৱা লাগিল যেন সি মোৰ প্ৰতি
মনে মনে বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিছে৷ ‘তোক মই সুদাই নেৰোঁ’ বুলি তাৰ প্ৰতি মনতে
যুদ্ধ ঘোষণা কৰিবহে পালোঁ, মিউ মিউ কৈ চি ঞৰি উঠিল৷ এইবাৰ মই
নিশ্চিত হ’লোঁ সঁচাকৈয়ে ই মোৰ লগত লাগিবলৈ সাজু হৈছে৷
‘বেটা ৰঙা চকু দেখুৱাবলৈ আহিছ? মোক দেখাই
লাভ নাই ৷ যা যা ডালশলিয়াক দেখুৱাগৈ যা৷ দুদিন ধৈৰ্য ধৰ৷ এদিন নহয় এদিন তোক চাউলৰ
বস্তাত ভৰাই লৈ কাপোৰ ধোৱা শিলচটাত....৷’
‘মিউ মিউ .... মোক ধৰিবলৈ তোৰ সাহস লাগিব বোপাই৷ এনেয়ে
ফোপাই লাভ নাই৷ কৈয়েই সি বাগিছাৰ ওচৰৰ বেৰখনৰ পৰা জঁপিয়াই পাৰ হৈ কাষৰ ঘৰৰ
বাৰাণ্ডাত উঠিল৷’
ক’লৈ যাবি? যদি তোক ধৰিব নোৱাৰোঁ মোৰ নামেই
সলাই দিবি ৷’
‘ মিউ মিউ, দেখা যাব৷’- বুলিহে যেন সি ক’লে৷
ময়ো ক’লোঁ- ‘যা চাই ল’বি৷’
সেইদিনা গোটেই ৰাতি মোৰ টোপনি নাহিল৷ ছাগে মেকু
ৰীটোৰো নাহিল৷ আমাৰ ঘৰৰ চিলিঙত মাজৰাতিলৈকে দৌৰি আছিল৷ মাজতে দুবাৰমান কন্দাৰ দৰেও
কৰিলে৷ এবাৰ ধুপুচকৈ তলত সৰি পৰিল৷ বাৰাণ্ডাতে ককা শুই আছিল৷ ককাই লাঠিৰে যা যা
বুলি খেদিলে৷ আমাৰ ঘৰৰ বেৰৰ পৰা সি জয়া খুৰীহঁতৰ ঘৰৰ ফালে জঁপিয়ালে৷ জোনৰ পোহৰত
সেয়া মই দেখিলোঁ৷
পিছদিনাখনেই যুদ্ধৰ বাবে প্ৰস্ততি চলালোঁ৷ তাক বধ কৰি
অগ্ৰহাৰমখন মেকুৰীমুক্ত কৰিবলৈ শপত গ্ৰহণ কৰিলোঁ৷
জয়া খুৰীহঁতৰ ঘৰৰ এটা কোঠাত এবাটি গাখীৰ থৈ আহিলোঁ৷
কোঠাটোৰ দৰ্জা-খিৰিকিবোৰোবন্ধ কৰি দিলোঁ৷ কেৱল ভিতৰলৈ সোমোৱা দৰ্জাখন অলপ খুলি
থ’লোঁ৷ যাতে সেইফালেদিয়েই মোৰ চিকাৰ আহিবলৈ সক্ষম হয়৷ সিদিনাখন দিনৰ দিনটো মই
বোন্দাপৰ দি ৰ’লোঁ৷ আনকি দুপৰীয়াৰ সাঁজ খাবলৈও মোৰ ঘৰলৈ যোৱা নহ’ল৷ তেতিয়া হয়তো
তিনিমান বাজিছে, গহীন গম্ভীৰ খোজেৰে শত্ৰু আহি কোঠাৰ ভিতৰত সোমাল৷
গাখীৰখিনিত মুখ দিছিলহে মাথোন; মই তৎক্ষণাত দৰ্জাখন জপাই দিলোঁ৷ ভিতৰৰ পৰা সি দৰ্জাখনত আচুৰিবলৈ ধৰিলে৷
‘মেকুৰী ধৰা পৰিল৷ খুৰী সোনকালে আহা ৷’-আনন্দমনেৰে চিঞৰি দিলোঁ৷ খুৰী লৰি
আহিল৷ তেতিয়াও সি মিউ মিউ কৈ চিঞৰিয়ে আছিল৷
হয়তো সি কোঠাটোৰ পৰা ওলাবলৈ চেষ্টা কৰিয়েই আছিল৷
খুৰীয়ে ক’বলৈ ধৰিলে- ‘বোপাই দৰ্জাখন খুলি দে৷ এনে কাম
কৰিব নাপায়৷ এনে কাম কৰিলে পাপে চুব৷ পাপ .. মহাপাপ হ’ব৷’
‘মই হত্যা নকৰোঁ নহয় খুৰী৷ বস্তা এটাত ভৰাই লৈ গৈ দুৰৰ
অচিনাকি ঠাই এখনত গৈ থৈ আহিম৷’ উত্তৰ দিলোঁ৷ হাঁহি হাঁহি খুৰীয়ে পুনৰ ক’বলৈ ধৰিলে-
‘হয়নে বোপাই? পিছে তই তাক থৈ ঘূৰি অহাৰ আগেয়ে যে সি আহি ঘৰ সোমাব
সেইটো জাননে নাই?
মনতে ভাবিলোঁ- ‘ বাপেকে পাবি মজা৷ এনে এখন ঠাইত থৈ
আহিম৷ য’ৰ পৰা ঘূৰি অহাটো দুৰৰ কথা ....৷’
অগ্ৰহাৰমত সেইদিনা ময়েই আকৰ্ষণৰ বিন্দু৷ বিজয়ী যোদ্ধাৰ
খোজেৰে মই অগ্ৰহাৰমৰ ৰাস্তাত খোজ দিলোঁ৷ খেলাৰ সময়ত মোক সংগ নিদিয়া আটাইবোৰেই মোৰ
পিছে পিছে শাৰী পাতিছেহি৷ মেকুৰীটো এটা বস্তাৰ ভিতৰত ভৰাই লৈ মই আহি আছোঁ৷ ল’ৰা ছোৱালীজাকৰ মাজত গুণগুণনি উঠিল৷ মোৰ মায়ে
পদুলিৰ মূৰত ৰৈ কাণ্ড কাৰখানবোৰ দেখি গালি পাৰিছিল- ‘ ঐ ধৰুৱা , জহনিত যোৱা৷ কি পাপ কৰিবলৈ ওলাইছ? মেকুৰীক মাৰি নিজৰ বংশৰ সৰ্বনাশ
কৰিবলৈ ওলাইছ? তই নাজাননে? মেকুৰীৰ চুলি এডাল ছিঙিলেই সোণ
গঢ়াই দিব লাগে৷ বাপেৰক আহিবলৈ দে, তোক আজি....৷’
এইবোৰ একো কথাই যেন আজি মোক গলাব নোৱাৰে৷ চিধাই গৈ
ৰাস্তাটোৰ শেষত থকা মণ্ডপটোত বস্তাটো থৈ কাষতে বহিলেঁা৷
‘ বস্তাৰ পৰা মেকুৰীটো উলিয়াই তাৰ ডিঙিত ৰছী বান্ধি
চাৰ্কাছৰ দৰে মানুহৰ আগত দেখুৱাব পৰা যাব’- উত্তানদমে বুদ্ধি দিলে৷ তাৰ কথা শুনি
কেইজনমানে ক’লে-‘ কিন্তু মেকুৰীৰ ডিঙিত ৰছী বান্ধিব কোনে?’
গম্ভীৰভাৱে উত্তৰ দিলোঁ- ‘এইবোৰ একো কৰিব নালাগে৷
ডাঙৰ মোছ থকা কচাইজন এতিয়াই পাবহি৷ ইয়াক তেওঁৰ তাতেই গতাম৷ দীঘল নালৰ দা খনেৰে
চেটেপ চেটেপকৈ.... কাহিনীয়েই শেষ৷’
‘তেওঁক কিন্তু তুমিয়েই সুধিব লাগিব৷’ - সুন্দৰমে ক’লে৷
এই কম ধতুৱাকেইটাৰ আগত হত্যাৰ কথা কৈ একো লাভ নাই৷
ধূৰ.... আটাইবোৰেই ভয়াতুৰ৷
‘হেই তহঁতবোৰ ইয়াৰ পৰা যাগৈ৷ কটা দেখিলে ভয় খাই মৰিবি৷
পিছত আকৌ তহঁতৰ মাহঁতে মোকেই গালি দিব৷ যাযা ...৷’ ক’বলৈহে পালোঁ, ওচৰতে থকা কোনোবা এজনে মাত দিলে- ‘ঐ সেইদিনা ছাগলী কটাৰ সময়ত ... তুমিতো
দেখিছিলা ময়ো তাতেই থিয় দি আছিলোঁ৷ মই কিবা ভয় কৰো নেকি? নকৰোঁ নহয়৷
মই কিন্তু থাকিমেই৷
‘ কিন্তু এটা কথা৷ যদি থাকিব বিচাৰ কোনেও ঘৰত গৈ মুখ
খুলিব নোৱাৰ৷ শপত খা৷’ মই ক’লোঁ৷
‘ শপত - ঘৰত নকওঁ৷’ সকলোৱে একেলগে ক’লে৷
আমি এতিয়াও মোছ থকা কছাইজনৰ বাবেই ৰৈ আছোঁ৷ শেষত
যেনিবা সন্ধিয়া পৰত চাৰিমান বজাত কেৰমেৰ শব্দ কৰি থকা চাইকেলখনত তেওঁ আহিল৷ কিন্তু
তেওঁক দেখা পোৱা মাত্ৰকেই আটাইবোৰ পলাই পত্ৰং দিলে৷ খালী মণ্ডপটো শিলবোৰৰ পিছফালে
গৈ লুকাল৷
‘আমি ইয়াতেই থাকিম৷ তুমি সুধি আহাগৈ যোৱা৷’ সিহঁতে মোক
ক’লে৷
‘ ডাঙৰ মোছ থকা কছাইজনে আহি মোৰ কাষতে চাইকেলৰ ব্ৰেক
টানিলে৷ এটা অদ্ভুত ধৰণৰ শব্দ কৰি চাইকেলখন ৰ’ল৷ বোধহয় চাইকেলখনৰ কোনো ধৰণৰ
মেৰামতিৰ ব্যৱস্থা হোৱা নাই৷ অজানিতে মোৰ মুখৰ পৰা সু-প্ৰভাত ৰ্শব্দ ওলাই আহিল৷
ক’বলৈহে পালোঁ মিচিকিয়া হাঁহি এটা মাৰি সি মোক প্ৰশ্নবোধক দৃষ্টিৰে চাই ক’লে ‘সু-প্ৰভাত
আৰু এতিয়া?’
মই একো উত্তৰ নিদিয়াকৈ তেওঁৰ ফালে চায়েই থাকিলোঁ৷
সুস্থ-সবল, শকত-আৱত, ওখ মানুহজনক কাষৰ পৰা দেখা পাই
মোৰো ভয় নলগা নহয়, কিন্তু তেওঁৰ আগত মই ভয় লগা যেন নেদেখুৱালো৷
তেতিয়াও তেওঁ চাইকেলখনত বহিয়েই আছিল৷ এখন ভৰি চাইকেলৰ
পেডেলত আৰু আনখন মাটিত থৈছিল৷ কি ওখ মানুহ এইজন? মই মূৰ তুলি
ওপৰলৈ চাওঁতেহে তেওঁক দেখিলোঁ আৰু ক’লোঁ- ‘ এটা সৰু সহায়ৰ বাবে...’
এইবাৰ তেওঁ
মোৰ পৰা চকু আঁতৰাই বস্তাটোৰ পিনে চাই ক’লে-‘বস্তাত এইটো কি?’ তেওঁৰ গপগপীয়া মাতটো কৃষ্ণলীলাৰ গোমছাৰ দৰে শুনা গ’ল৷ ‘মেকুৰী, তাত এটা বৰ দুষ্ট মেকুৰী আছে৷ আজিলৈকে
সি বহুত দুষ্টামি কৰিছে৷ সেইবাবেই এনেদৰে
হত্যা কৰিবলৈ লৈ আহিলোঁ৷’- মই ক’লো৷
‘ অ’হ, হয় নেকি? তুমি নিজেই
ধৰিছা? ’ তেওঁ সুধিলে৷
মই গৰ্বেৰে মূৰটো লৰাই দিলোঁ৷ মণ্ডপৰ শিলটোৰ পিছফালে
লুকাই থকা ল’ৰাকেইটাই মোৰ ফালে অনুসন্ধিৎসাৰে চালে৷ ময়ো এবাৰ সিহঁতলৈ চালোঁ৷
এইবাৰ মোনাৰ ভিতৰত থকা চোকা দা খনলৈ মোৰ চকু
গ’ল৷ তাকে দেখি তেওঁ মোক সুধিলে -‘কাটিবলৈ
এইখন লাগে নেকি? ’
‘ওহো৷ তুমিহে ছাগলী কাটা ৷ সেয়ে ইয়াকো তুমিয়েই কাটা৷’
মই ক’লো৷
কথা শুনি তেওঁ ডাঙৰ দা খন মোনাৰ পৰা উলিয়ালে আৰু এটা
চকু মুদি আনটো চকুৰে চাই থাকি চোকা দা খনৰ কাষৰ অংশ বুঢ়া আঙুলিটোৰে পিহি পিহি
ক’লে- ‘ আজিলৈকে মই মেকুৰী কাটি পোৱা নাই; কাৰণ আমি
মেকুৰী নাখাও৷ অৱশ্যে যদিহে তুমি খাওঁ
বুলি কোৱা মই কাটি দিম৷ কোৱা খাবানে?’
কথাষাৰ শুনিবলৈ মই প্ৰস্তুত নাছিলোঁ৷ লগে লগে ওৱাক্
ওৱাক্ কৰিবলৈ ধৰিলোঁ৷ আৰু ক’লোঁ,‘মই নাখাওঁদেই৷ কাটি উঠি মাটিত পুতি
থ’ম৷’
মোৰ কথা শুনি তেওঁ ক’বলৈ ধৰিলে-‘ তুমি বাৰু জানানে মই কিয় ছাগলী কাটো? কাৰণ সেই ছাগলীৰ মাংস সকলোৱে খায়৷ যদি ছাগলীৰ মাংস কোনেও নাখালেহেঁতেন মই জানোþ ছাগলী হত্যা
কৰিলো হয়, কোৱা? ছাগলী কটা তুমি কেতিয়াবা দেখা পাইছানে?
মূৰ দপিয়াই দপিয়াই মই কৈ থাকিলোঁ ‘হয়৷ মই দেখিছো৷
কটাৰ সময়ত তুমি এটা মন্ত্ৰ মাতা, নহয়নে? এতিয়াও সেই
মন্ত্ৰটো মাতি মাতি মেকুৰীটো কাটাচোন৷ পাপে নধৰেতো৷ ’
এইবাৰ তেওঁ
চাইকেলৰ পৰা নামিল৷ অলপ আগুৱাই আহি মোলৈ চাই ক’লে মন্ত্ৰ মতাতো মূল কথা নহয়ও
বোপাই৷ আচল কথাটো হ’ল যিকোনো কাম এটা কৰাৰ আগতে ভগৱানক স্মৰণ কৰিলে কামটো ভাল হয়৷
তাতে আকৌ বেপাৰ বাণিজ্যৰ কথা৷ এইটোতো এটা খেলা নহয়৷ আমাৰ পৰিয়ালটি পোহপাল দিবৰ
বাবেহে মই ছাগলী কাটি মাংস বিক্ৰী কৰোঁ৷ যদি তুমি কোনো কাৰণ নোহোৱাকৈ কাৰোবাক
আঘাত কৰা , এয়া হত্যাকাণ্ড হ’ব৷ আৰু হত্যা মানে মহাপাপ ৷
বুজিলানে? এতিয়া বাৰু কোৱাচোন তুমি কি বুজিলা?
মাত্ৰ আজিৰ
বাবে৷ খেলিবৰ বাবে? কিনো ক্ষতি হয়? অনুগ্ৰহ কৰি মাত্ৰ এবাৰ মেকুৰীটো কাটা না৷’
মিচিককৈ হাঁহি এটা মাৰি তেওঁ মোৰ থুতৰিত হাতখন থৈ
ওপৰলৈ দাঙি ক’লে- [ তাৰ হাতৰ আঙুলীবোৰ বৰ পিছল যেন অনুভৱ হ’ল৷ ] ‘খেলিবৰ বাবে হত্যা কৰিবলৈ অনুৰোধ কৰি আছা? চুপ৷ খেলিবৰ বাবে হত্যাকাণ্ড আৰম্ভ কৰিবলৈ হ’লে কেৱল এইটো এটা মেকুৰীতেই
সীমাবদ্ধ হৈ নাথাকিব বোপাই৷ মই এতিয়া তোমাক সুধিব বিচাৰোঁ খেলিবৰ বাবে যদি মই
তোমাক হত্যা কৰিব বিচাৰো তেতিয়া?
তেওঁৰ ৰুদ্ৰ
মূৰ্তি দেখি থতমত খালোঁ৷ মোৰ অণ্ঠ কণ্ঠ শুকাই গ’ল৷ গাটোও ঘামি গ’ল৷ কোনোপ্ৰকাৰে
সাহস গোটাইহে উত্তৰ দিলো,‘হমম, পিছে
মেকুৰীটোৱে যে দুষ্ট কৰিছিল৷’
‘তুমি বাৰু দুষ্ট কৰানে নাই? মেকুৰী
মানেই দুষ্ট কৰিব আৰু দুষ্ট কৰিব মানেই তাৰ নাম মেকুৰী তেনে কথা নহয় বোপাই৷
মেকুৰীৰ নিচিনাকৈ তুমিও দুষ্ট নকৰানে? মেকুৰীয়েই হওঁক বা তুমিয়েই একেখিনি
দুষ্টামি নকৰা জানো? আৰু নকৰিবাইনো কিয়/ সৰু ল’ৰা-ছোৱালীয়েটো দুষ্টামি
কৰিবই৷ একেখিনি দুষ্টামি মেকুৰীটোকো কৰিবলৈ দিয়াচোন৷ তাতনো কি যায়? তাতকৈ ঘৰৰ পাকঘৰৰ দুৱাৰ খিৰিকীবোৰ ভালদৰে জপাই থ’বলৈ কোৱা৷’- এনেদৰেই কৈ সি
বস্তাটো জোকাৰি দিলে৷
এটা জাঁপতেই
বস্তাটোৰ পৰা মেকুৰীটো ওলাই পৰিল৷
সি কোনো ফালে নোচোৱাকৈ প্ৰাণৰ ভয়ত তৰা নৰা ছিঙি পলাল৷
তাকে দেখি
শিলৰ পিছফালে লুকাই থকা সকলে জোৰে জোৰে হাঁহিবলৈ ধৰিলে৷ ডাঙৰ মোচৰ কছাইজনেও ডাঙৰকৈ
হঁাহিবলৈ ধৰিলে৷ ময়ো হাঁহি ৰখাব নোৱাৰিলো৷
সেইদিনা গোটেই ৰাতি মই কান্দিছাঁ৷ মেকুৰীটোক মাৰিব
নোৱাৰিলোঁ নাইবা সি পলায়ন কৰিলে সেইবাবেই নহয়৷ ইমান দিনে কেৱল খেলাৰ বাবে মই হত্যা
কৰা নিমাখিত সেই পৰুৱাবোৰ, জেঠীকেইডাল, মকৰা, সোণ পৰুৱা, ডালশলীয়া আটাইকেইটাৰ বাবে মোৰ হিয়া
উচুপি উঠিছে৷ সেই কুকুৰটো.... পাপ... মহা পাপ.... ৷ হূদয়খন ক্ৰমাৎ শিল হৈ পৰিছে৷
মই এতিয়া অগ্ৰহাৰমত নাই৷ সেই মেকুৰীটো/ যোৱা ২৫ বছৰ ধৰি মই অগ্ৰহাৰমৰ পৰা আঁতৰি আছোঁ৷
এতিয়াও বাৰn এনেকুৱা এটা মেকুৰী অগ্ৰহাৰমত থাকিব পাৰেনে?
******
No comments:
Post a Comment