পানী ! পানী ! (Thannir... Thannir...)

 

পানী ! পানী !

চৰিত্ৰঃ

১ . ৱেললইচামিঃ থানথিত নোহোৱা মানুহ [কেলেহুৱা ]

২ . গাঁৱৰ মানুহ

৩ . অদইককপ্পনঃ অত্তিপত্তি গাঁৱৰ জে্যষ্ঠ লোক

৪ . কনদইয়নঃ অত্তিপত্তি গাঁৱৰ জে্যষ্ঠ লোক

৫ . কোৱালুঃ অত্তিপত্তি গাঁৱৰ ডেকা

৬ .  কুৰুচামিঃ অত্তিপত্তি গাঁৱৰ ডেকা

৭ . চেৱন্দিঃ কনদইয়নৰ ছোৱালী

৮ . ৱইতিলিংকমঃ স্কুল শিক্ষক

৯ . মাৰিমুত্তুঃ পুৰোহিত

১০ . কুপ্পনঃ কাঠমিস্ত্ৰী

১১ .  দুজন ডেকা মানুহ

১২ . ৱেলুচামি নায়ক্কৰঃ ওচৰৰ গাঁও, ৱন্দিপেত্তইৰ ধনী মানুহ

১৩ . ও. ভিঃ মাদ্ৰাজৰ পৰা অহা সাংবাদিক

১৪ . অলকিৰিঃ পুলিচ বিষয়া আৰু চেৱন্দিৰ গিৰিয়েক

১৫ . অলকিৰিৰ দেউতা

১৬ . পি. ডব্লিউ. ডি. ৰ ইঞ্জিনিয়াৰ

১৭ . কিছুসংখ্যক গাঁৱৰ মানুহ

১৮ . পাৰাংকুচমঃ  বাতৰি কাকতৰ স্বত্বাধিকাৰী

 

 

দৃশ্যঃ ১

 

        [মঞ্চত থৰক বৰক খোজেৰে মধ্যবয়সীয়া মানুহ এজনৰ প্ৰৱেশ৷ দাঢ়ি-চুলিৰে ভোবোকাৰ মানুহজনে পিন্ধা কাপোৰবোৰ লেতেৰা ৷ কান্ধত থকা লাঠীডালৰ এটা মূৰত খাদ্যৰ টোপোলা এটা ওলমি আছে৷ আনখন কান্ধত কেইখনমান লেতেৰা কাপোৰ ৷ খন্তেক জিৰায়, ইফালে সিফালে চাই দীঘলকৈ হুমুনিয়াহ কাঢ়ে৷ এই বাটৰুৱাজনৰ নাম ৱেললইচামি৷ বয়স প্ৰায় চল্লিছবছৰমান হ’ব৷ বিপৰীত ফালে গাঁৱৰ কেইজনমান মানুহক দেখা যায়৷]

ৱেললইচামিঃ হেৰি ডাঙৰীয়া/ ওচৰতে ক’ৰবাত কি বা গাঁও এখন পাম নেকি?

গাঁৱলীয়া সকলৰ এজনঃ যদি আপুনি ইয়াৰ পৰা তিনি কিল’মিটাৰ আগলৈ যায়,বাওঁফালে এটা ঠেক  ৰাস্তা দেখা পাব, তাৰ পৰা এক কিল’মিটাৰ গৈ থাকিলে অত্তিপত্তি  গাঁওখন পাব৷  বুজিলে নহয়/ পিছে তাত আপোনাৰ কোনো বা আছে নেকি  বাৰু?

ৱেললইচামিঃ  নাই তাত মোৰ কোনো নাই ৷ যোৱা দহদিন ধৰি মই অ’ত ত’ত, গছৰ তলত শুই কটাইছোঁ৷ আজি ৰাতিটো গাঁৱৰ মানুহৰ ঘৰত কটাব পাৰিলে ভাল আছিল /

গাঁৱলীয়া সকলৰ এজনঃ যাওঁক৷ যাওঁক৷ অত্তিপত্তিত থাকিব পাৰিব৷ যাওঁক ...

        [গাঁৱৰ মানুহকেইজন গৈ থাকে৷ ৱেললইচামিক মঞ্চত সোঁফালৰ পৰা বাঁওফাল, বাঁওফালৰ পৰা সোঁফাললৈ খোজকাঢ়ি থকা দেখা যায় ৷ সোঁফাললৈ খোজকাঢ়ি আহি থকা সময়ত দ্বিতীয়খন আঁৰ কাপোৰ আঁতৰোৱা হয়৷ মঞ্চত তিনিটা পঁজাঘৰেৰে এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ দৃশ্যমান হয়৷]

 

দৃশ্যঃ ২

 

        [ৱেললইচামিয়ে ঘৰ এটাৰ সন্মুখত থকা শিল এচটাত বহি খাদ্যৰ টোপোলাটো খুলি খাবলৈ আৰম্ভ ধৰা দেখা যায় ৷ এনেতে অদইককপ্পনৰ প্ৰৱেশ৷ অদইককপ্পন আহি ৱেললইচামিৰ সমুখত ৰয় ৷ অলপ সময় পিছত কনদইয়ন, কুৰুচামি আৰু কোৱালুৰ প্ৰৱেশ ৷ চাৰি-পাঁচজন গাঁৱলীয়া মানুহ আহি গোট খায়৷ আটাইয়ে একেথৰে ৱেললইচামিলৈ চাই থাকে৷]

অদইককপ্পনঃ হেৰা, তুমি বাৰু কোনহে?

ৱেললইচামিঃ মই এই গাঁৱৰ মানুহ নহয়৷

কুৰুচামিঃ সেইটো জানো৷ পিছে এই গাঁৱলৈ কিয় আহিছা ?

ৱেললইচামিঃ একো কাৰণ নাই৷ মই এজন বাটৰুৱা৷ এইখিনি খাই ৰাতিটো কটায় ৰাতিপুৱা গুচি যাম৷

অদইককপ্পনঃ এই গাঁৱলৈ আহি যে খাদ্যৰ টোপোলা খুলি খাদ্য খাই আছা/ তুমি কি, এই গাঁৱৰ বিষয়ে  একো নাজানা নেকি?

        [ৱেললইচামিক হিকটিয়াই থকা দেখা যায়৷]

ৱেললইচামিঃ  অলপ পানী পাম নেকি? [চাৰিওজন মানুহে ৱেললইচামিৰ কথা শুনি হাঁহিব ধৰে৷ ৱেললইচামিয়ে হিকটিয়াই থাকে৷] পানীৰ কথা শুনি আপোনালোকে কিয় হাঁহিব ধৰিছে?

কনদইয়নঃ এইবাবেইতো মই  সুধিছো যে তুমি এই  গাঁৱৰ বিষয়ে একো নাজানা নেকি?

কোৱালুঃ এই গাঁৱত গিৰিয়েকৰ পৰা ঘৈণীয়েকক খোজাটো একো অপৰাধ নহয়, কিন্তুপানী খোজাটো মহাপাপ ৷

 [ৱেললইচামিক বিবুধিত পৰা দেখা যায়৷ লগতে হিকটিয়াই থকা দেখা যায়৷]

ৱেললইচামিঃ আপুনি কি কৈ আছে মই একোকেই বুজা নাই৷ অনুগ্ৰহ কৰি অলপ পানী খাবলৈ দিয়ক ৷

অদইককপ্পনঃ বজ্জাত মানুহ৷  এই গাঁৱলৈ আহি খাদ্যৰ টোপোলা খুলি খাদ্য খাই লৈ এতিয়া হিকটিয়াব আহিছ? তুমি হিকটিয়াই হিকটিয়াই মৰিবা৷  ইয়াৰ বাদে গত্যন্তৰ নাই৷

ৱেললইচামিঃ আপোনালোকৰ কি দয়া মৰম বোলা একো বস্তু নাই নেকি ? দেখা নাই? মই যে হিকটিয়াই মৰিছো৷ অনুগ্ৰহ কৰি অকণমান পানী দিয়ক৷

        [হাতত এঘটি পানী লৈ চেৱন্দিৰ প্ৰৱেশ৷]

চেৱন্দিঃ লওক ...

        [ৱেললইচামিয়ে একেঢোকে পানীখিনি শেষ কৰা দেখা যায়৷]

ৱেললইচামিঃ মাজনী তোমাক বহুত ধন্যবাদ৷

অদইককপ্পনঃ চেৱন্দি ? পানী ক’ত পালি ?

চেৱন্দিঃ গধূলি সময়ত মই তেনুত্তু পুখুৰীৰ পৰা একলহ পানী আনিছোঁ৷

কুৰুচামিঃ তেনুত্তু পুখুৰী ?

অদইককপ্পনঃ চৈধ্য মাইল /// ইমান দূৰ খোজকাঢ়ি পানী আনিব গৈছ ?

চেৱন্দিঃ হয়, তাতে কি হ’ল ?

অদইককপ্পনঃ আৰে ছোৱালী,  একলহ পানীৰ বাবে তই ইমান দূৰ বাটকুৰি বাই যাব লাগেনে ?

চেৱন্দিঃ যদি মই নগ’লো হয় ... আজি এখেতৰ কি হ’লহেঁতেন?

        [চেৱন্দিয়ে পানীৰ ঘটিটো হাতত লৈ ঘৰত সোমোৱা দেখা যায়৷]

অদইককপ্পনঃ অ’ কনদইয়ন,পানী নাই বুলিয়ে তই এই ছোৱালীজনীক অকলে অকলে ইমান দূৰলৈ পানী আনিবলৈ পঠাব লাগেনে ? আমিওতো পানীৰ পিয়াহতে মৰি আছোঁ ৷

কনদইয়নঃ মইহে পঠাইছোঁ যেনিবা/ তাই মোৰ কথা শুনিলেহে?

ৱেললইচামিঃ আৰে/ আপোনালোকে এইবোৰ কি কৈ আছে ? ইয়াত কি সচাঁকৈয়ে পানী নাপায় নেকি ?

অদইককপ্পনঃ পানী/ আমি অভিশপ্ত মানুহ ভাই৷ এসময়ত আমি ইয়াত খেতি কৰিছিলোঁ৷  কিন্তু যোৱা পাঁচ বছৰ ধৰি আমি বৰষুণ দেখাই নাই, যাৰ বাবে আমাৰ গাঁওখন এতিয়া মৰুভূমিলৈ পৰিণত হৈছে, যাৰ বাবে আমি খেতি এৰি কুলিৰ কাম কৰিব লগা হৈছে৷ কিছুমানে আকৌ কোয়িলপত্তি বজাৰত বস্তু অনা নিয়া কৰা বনুৱা হিচাপে কাম কৰি আছে ৷ আধাসংখ্যক মানুহে এই গাঁও এৰি অন্য ঠাইলৈ গুচি গৈছে৷ পিছে আমাৰহে নিজৰ জন্মভূমি এৰি যাবলৈ মন নাই৷  আমি ৰৈ আছোঁ৷ এদিন নহয় এদিন বৰষুণ আহিব / আমাৰ আগৰ দিনবোৰ ঘূৰি আহিব৷ আমি পুনৰ খেতি কৰিম... সকলোবোৰ আগৰ দৰেই হ’ব ... হে ভগৱান/ তুমি আমাক চকু মেলি চোৱা৷

কনদইয়নঃ তুমি ক’ৰ মানুহ ?

ৱেললইচামিঃ মোৰ নিজৰ বাসস্থান বুলিবলৈ একো নাই ৷

কনদইয়নঃ কিয় ? তোমাৰ পৰিয়াল?

ৱেললইচামিঃ নাই৷ মোৰ কোনো নাই৷

অদইককপ্পনঃ আজি মোৰ ঘৰৰ বাৰাণ্ডাতে শুবা৷ ৰাতিপুৱা উঠি গুচি যাবা৷ কোয়িলপত্তি ইয়াৰ পৰা পোন্ধৰ কিল’মিটাৰ দূৰত৷ তুমি তাতে গৈ কিবা কৰিব পাৰিবা৷

ৱেললইচামিঃ বাৰু ঠিক আছে৷

        [কনদইয়ন, কোৱালু, কুৰুচামি আৰু অন্য গাঁৱলীয়া মানুহ কেইজন তাৰ পৰা গুছি যায়৷ ৱেললইচামিয়ে নিজৰ বস্তু বাহানি সামৰি অদইককপ্পনৰ ঘৰৰ বাৰাণ্ডাত ৰয় ৷ অদইককপ্পনে ৱেললইচামিক শোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ আঁৰ কাপোৰ পৰে৷]

       

দৃশ্যঃ ৩

      

        [আঁৰ কাপোৰ উঠোৱা হয়৷ মঞ্চত বাঁওফালৰ পৰা অলপ অলপকৈ পোহৰৰ ব্যৱস্থা কৰি ৰাতিপুৱা সময়ৰ পৰিৱেশ দেখুওৱা হয়৷ অদইককপ্পনৰ ঘৰৰ বাৰাণ্ডাত ৱেললইচামিক শুই থকা অৱস্থাত দেখা যায়৷ স্কুল শিক্ষক ৱইতিলিংকমে মুঢ়া এটাত বহি বাতৰি কাকত পঢ়ি থাকে৷ অদইককপ্পন, কনদইয়ন, চেৱন্দি আৰু আন দুজনমান গাঁৱলীয়া মানুহ ওচৰতে বহি থাকে৷]

অদইককপ্পনঃ বাতৰি কাকতত কি খবৰ আছে মাষ্টৰ?  আমাকো পঢ়ি শুনাওকচোন৷

ৱইতিলিংকমঃ ৰ’ব, আমাৰ দেশতনো কি চলি আছে চাওঁ... আফগানিস্তানত  ৰাছিয়ান আৰ্মি আছে৷ তাৰ বাবে আমেৰিকাই আপোচ কৰি আছে৷

অদইককপ্পনঃ ৰ’বচোন৷ আপুনি যে ক’লে আফগানিস্তানৰ কথা৷ ক’ত আছেনো? কোয়িলপত্তিৰ পৰা এশ মাইল মান দূৰত হ’ব নেকি?

ৱইতিলিংকমঃ কিয় সুধিলা?

অদইককপ্পনঃ ৰাছিয়ান আৰ্মি বাৰু আমাৰ অত্তিপত্তিলৈ আহিব পাৰে নেকি?

ৱইতিলিংকমঃ ও ও... ঠিকেই কৈছা৷ অত্তিপত্তিলৈ আহি সিহঁতে প্ৰথমেই অদইককপ্পনৰ ঘৰতে বোমা  দিব৷

কনদইয়নঃ এহ্‌ বাদ দিয়ক৷ ই এটা মস্ত বুৰ্বক৷ বেলেগ কি খবৰ আছে কওক৷

ৱইতিলিংকমঃ [পেপাৰ পঢ়ি থকা অৱস্থাত] ভাল খবৰ একো নাই৷ অভিনেত্ৰী সুকন্যাই শুকুৰবাৰে ৰঙা শাড়ী পিন্ধি চুটিঙলৈ যাব৷

অদইকপ্পনঃ এইটোও কিবা কথা হ’ল নেকি? মহিলাই কিবা শাড়ী নিপিন্ধাকৈ যায় নে?

ৱইতিলিংকমঃ এইজনীয়ে মুঠতে ৰঙা শাড়ী পিন্ধিহে যায়৷

কনদইয়নঃ অ’ মাষ্টৰ, এই ধেমালিবোৰ এৰি বেলেগ কিবা আছে নে চাওক৷ অত্তিপত্তিলৈ পানী আহিবনে বাৰু? এই বিষয়ে কিবা লিখিছে নেকি চাওকচোন৷

ৱইতিলিংকমঃ আছে৷ গাৰলেণ্ড কেনেল প্ৰজেক্ট৷ গংগাৰ পৰা পানী আহিবলৈ এটা বৃহৎ  নাদ বন্ধা হ’ব, য’ত ভাৰতৰ বৃহৎ নদীসমূহ আহি লগ লাগিব৷ অসমৰ ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণ ভাৰতলৈ পানী অহাৰ ব্যৱস্থা কৰিবলৈও তেওঁলোকে ভাবিছে৷ কিয়নো  ব্ৰহ্মপুত্ৰৰ প্ৰায়ে হোৱা বানপানীৰ ফ লত  যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷ প্ৰধানমন্ত্ৰীৰ অৱশ্যে অন্য এটা পৰিকল্পনাও আছে য’ত তেওঁলোকে তামিলনাডুৰ  থিৰুনভেলি জিলাৰ অত্তিপত্তিলৈ পানী অহাৰ ব্যৱস্থা কৰিব৷

কনদইয়নঃ মাষ্টৰ, আপুনি ক’বখুজিছে আমাৰ অত্তিপত্তিলৈ পানী আহিব/ ঐ কোৱালু, কুৰুচামি বেগেতে আহ৷

[সিহঁত দুজন দৌৰি আহে৷]

        আমাৰ গাঁৱলৈ পানী আহিব৷ বাতৰি কাকতত দিছে৷

কুৰুচামিঃ কি? পানী? হে হে... ইমান ভাল খবৰ৷ আমাৰ অত্তিপত্তিলৈ পানী আহিব/ হেই য়া... হেই য়া...

[আনন্দতে ঘূৰি ঘূৰি নাচে৷]

ৱইতিলিংকমঃ হেই মূৰ্খকিটা... নাচিবলৈ ধৰিছে চা/ অত্তিপত্তিয়ে একো পানী নাপায়  বুজিলি ?

কনদইয়নঃ আপুনিয়ে দেখোন ক’লে বাতৰি কাকতত লিখা আছে বুলি৷

ৱইতিলিংকমঃ তহঁতৰ নাতিয়েৰৰ দিনতো অত্তিপত্তিয়ে পানী নাপায়৷ বুজিলিতো? যা যা৷ নিজৰ নিজৰ কামত ধৰগৈ৷

কনদইয়নঃ মাষ্টৰেও ধেমালি কৰেনে?

        [বিৰক্তিৰে গাঁৱৰ মানুহকেইজন আঁতৰি যায়৷ ৱইতিলিংকমে বাতৰি কাকতত চকু ফুৰাই থাকে৷]

অদইককপ্পনঃ [বাৰাণ্ডাত শুই থকা ৱেললইচামিক জগাব ধৰে৷] হেৰা বাটৰুৱা/ কিমান শোৱা আৰু? এতিয়া ওলালেহে দুপৰীয়াৰ আগতে কোয়িলপত্তি গৈ পাবা৷ উঠা উঠা৷

ৱেললইচামিঃ মই সাৰ পাইছোঁ৷ মাদুৰাইৰ পৰা অহা ভাগৰেই শেষ হোৱা নাই  বাবেহে এতিয়ালৈকে এনেদৰে পৰি আছোঁ৷ [ৱেললইচামিয়ে উঠি নিজৰ বস্তু বাহানি সামৰি থকা দেখা যায়৷]

ৱইতিলিংকমঃ এইজন কোন? কোনোবা নতুন যেন লাগিছে ?

অদইককপ্পনঃ তেওঁ এজন বাটৰুৱা... ৰাতিটো থাকি ৰাতিপুৱা গুচি যাব বুলি কোৱা বাবে বাৰাণ্ডাতে শুব দিছোঁ... [ৱেললইচামিক শুবলৈ দিয়া ঢাৰিখন সামৰি ঘৰলৈ সোমায়৷]

ৱইতিলিংকমঃ তোমাৰ নাম কি?

ৱেললইচামিঃ ৱেললইচামি৷

ৱইতিলিংকমঃ কোয়িলপত্তিলৈ গৈ কি কৰিবা?

ৱেললইচামিঃ এহ্‌ মইনো কি কৰিম? একো নকৰোঁ...

ৱইতিলিংকমঃ তুমি কোন ফালৰ? উত্তৰৰ?

ৱেললইচামিঃ হয়, মই উত্তৰৰ...

ৱইতিলিংকমঃ তোমাৰ বয়স কিমান?

ৱেললইচামিঃ মোৰ দেউতাই প্ৰায়ে কৈছিল ব্ৰিটিছে আমাৰ দেশ এৰি যাবৰ সময়ত, দিল্লী ৰেডফ’ৰ্টত বগা চাহাবৰ পতাকা নমাই আমাৰ পতাকা  উত্তোলন কৰিছিল সেই সময়তেহেনো মোৰ জন্ম হৈছিল৷ বগা চাহাবৰ স্মৃতিতেই মোৰ নাম ৰাখিলে ৱেললইচামি৷ ভাৰতবৰ্ষই স্বাধীনতা লাভৰ বাবে যিমান কষ্ট সহ্য কৰিবলগীয়া হৈছিল, মই আজি পৰ্যন্ত সিমানখিনি কষ্টই ভোগ কৰি আছোঁ ৷ ৰাস্তাৰ কুকুৰৰ দৰে চুৱা চেলেকি ফুৰিছোঁ ৷

ৱইতিলিংকমঃ তুমি ক’ব খুজিছা নেকি যে এতিয়াৰ দিনত তোমাৰ বাহিৰে সকলো মানুহেই সুখত আছে ? ময়ো তোমাৰ নিচিনা একে কষ্টই ভোগ কৰি আছোঁ ৷

ৱেললইচামিঃ কিয়? কিয় এনেকৈ কৈছে?

ৱইতিলিংকমঃ তুমি মোৰ জীৱনৰ কাহিনী শুনিব খোজা? তেনেহ’লে শুনা- থিৰুনেলভেলিৰ ওচৰৰ গাঁৱৰ স্কুল এখনত মই শিক্ষকতা কৰিছিলোঁ৷ সেই এলাকাৰ এম.এল.এ.ৰ পুতেকজনে মোৰ স্কুলতপঢ়িছিল৷ একৰ পৰা দহলৈ এই সংখ্যাকেইটাৰ বাদে সি একো নাজানিছিল৷ পৰীক্ষাবোৰত সি মাত্ৰ তিনি, চাৰি নম্বৰ পাইছিল৷ তৃতীয় শ্ৰেণীত মই তাক ফেইল কৰাই দিবলৈ বাধ্য হ’লোঁ৷ তাৰ দেউতাক আৰু শিক্ষা বিভাগৰ লোক এজনে তাক পাছ কৰাই দিবলৈ মোক অনুৰোধ কৰা সত্ত্বেও মই নিজৰ মত সলনি নকৰিলোঁ৷ তাৰ ভৱিষ্যতৰ কথা ভাবিহে মই এই সিদ্ধান্ত লৈছিলোঁ৷  তাৰ দেউতাকে মোক ক’লে, ‘এই কামৰ বাবে তই নিশ্চয় শাস্তি পাবি৷ তাৰ শাস্তি হিচাপে মই আজি এই ঠাইত৷ চাহাৰা মৰুভূমি সদৃশ এই ঠাইত এখনেই স্কুল৷ এইখন স্কুলৰে শিক্ষক মই৷ ল’ৰা ছোৱালীবোৰো দুপৰীয়াহে  আহে৷ সিহঁতে দিনৰ দিনতো কেকোঁৰা বোটলে৷ তাৰ ভিতৰত সময় উলিয়াই দুপৰীয়া মধ্যাহ্ন ভোজন খায় আৰু গুচি যায়৷

ৱেললইচামিঃ আপুনি অকলে থাকে নেকি ?

ৱইতিলিংকমঃ ঘৈণী থাকে?

ৱেললইচামিঃ  মইও এই গাঁৱতেই থাকিম বুলি ভাবিছোঁ৷

ৱইতিলিংকমঃ ধেৎ পাগল নেকি? এই গাঁৱৰ পৰা এজন এজনকৈ মানুহ যাব ধৰিছে৷ তুমি আকৌ ইয়াতে থকাৰ কথা ভাবিছা?

ৱেললইচামিঃ এই গাঁওখন মোৰ বহুত ভাল লাগিছে৷

ৱইতিলিংকমঃ এই গাঁৱৰ ভূমি শুকান৷

ৱেললইচামিঃ কিন্তু এই গাঁৱৰ  মানুহবোৰ মৰমিয়াল৷

ৱইতিলিংকমঃ অহ্‌ মৰমিয়াল হয়৷ কিন্তু মৰমেৰেনো ক’ত পানী পাবা?

ৱেললইচামিঃ ও ও ... সেইবাবেই মই ইয়াতে থাকিব বিচাৰিছোঁ৷

ৱইতিলিংকমঃ কি মানুহহে তুমি? মানুহ নে গাধ নে উট?

ৱেললইচামিঃ হাৰে কিয় তেনেকৈ কৈছে?

ৱইতিলিংকমঃ মই জনাততো কেৱল গাধইহে ছমাহৰ বাবে পেটত পানী জমা কৰি ৰাখিব পাৰে/ তোমাৰো তেনেকুৱা কিবা মোনা আছে নেকি?

ৱেললইচামিঃ কি যে কয়? য’তেই নাযাওঁ কিয় কামটো কৰিবই লাগিব৷ একেইখিনি কাম ইয়াতে কৰিলেনো কি আহে৷

ৱইতিলিংকমঃ বৰ জটিল হ’ব৷ এইখন গাঁৱত কৰিবলৈ কিবা কাম থাকিলেহে? গছ বুলিবলৈ যি কেইডাল আছে সেইবোৰো কাঁইটিয়া৷ গছ কাটি বিকিম বুলি ভাবিছা যদিও বহুত জখম হ’ব৷ খেতি বাতিৰ বাবে এই ভূমি অনুৰ্বৰ৷

                [পুৰোহিত মাৰিমুত্তুৰ প্ৰৱেশ৷]

পুৰোহিতঃ কি হে মাষ্টৰ, স্কুল ছুটী দিলেই নেকি ?

ৱইতিলিংকমঃ আহা পুৰোহিত৷ তুমি দেখোন জানাই মোৰ স্কুল ৰাতি থাকে বুলি৷ পিছে আজি এইফালে যে কিয়?

পুৰোহিতঃ  এহ্‌ চাধা এপালি খাবলৈ বৰ মন গৈছে বুজিছে? সেয়ে ... বাৰু দিয়কচোন অকণমান ...

ৱইতিলিংকমঃ কিয় অকণমান? অলপ বেছিকৈয়ে লোৱা৷ এয়া লোৱা [ৱইতিলিংকমে পুৰো¸হিতক চাধা দিয়ে৷] পিছে পুৰোহিত? মাৰিয়াম্মা মাৰ অভিষেক কেতিয়া কৰিবা ?

 পুৰোহিতঃ এইটোনো কিবা নতুন কথা নে? অমাবস্যাৰ সময়তেই গা পা... [ৱেললইচামিলৈ কেৰাহিকৈ চায়৷]  এইজন কোন?  আপোনাৰ আলহী নেকি ?

ৱইতিলিংকমঃ ঘৰৰ মানুহ নহয়/ কিন্তু ঘৰৰ কোনোবা বুলিও ধৰিব পাৰা৷

পুৰোহিতঃ মাষ্টৰ আপুনি সদায় দুটা অৰ্থ বুজোৱা কথাই কয়৷ [পুৰোহিত গুচি যায়৷]

ৱইতিলিংকমঃ তেখেত আমাৰ মাৰিয়াম্মা মন্দিৰৰ পুৰোহিত আৰু বেজ ৷

ৱেললইচামিঃ বেজ ? কি বেজ?

ৱইতিলিংকমঃ তেওঁ বেজ ৷ অৰ্থাৎ গাঁৱত কাৰোবাৰ জ্বৰ উঠিলে নাইবা অন্য কিবা বেমাৰ পাতি হ’লে তেওঁ ঔষধ দিয়ে৷ পিছে শুনিলানে নাই? আমাৰ মাৰিয়াম্মা মাইও মাহত এবাৰহে স্নান কৰে৷

ৱেললইচামিঃ ময়ো সেয়ে ভাবি আছোঁ৷ যাতে মাৰিয়াম্মা মায়ে সদায় স্নান কৰিব পাৰে৷ এই গাঁৱত পানীৰ সমস্যা নহওক৷ প্ৰত্যেকজন মানুহে যাতে দৈনন্দিন উপযুক্ত পৰিমাণৰ পানী পাব পাৰে৷

ৱইতিলিংকমঃ তুমি সাই বাবা নেকি যে এনেদৰে বৰ দিয়াৰ কথা ভাবিছা?

ৱেললইচামিঃ এয়া বৰ নহয়৷ চাব... আমি এয়া কৰিব পাৰিম/

ৱইতিলিংকমঃ তুমি এই গাঁৱৰ পিয়াহত আতুৰ হৈ থকা মানুহখিনিক পানীৰ যোগান ধৰিব পাৰিবা ? তোমাৰ মগজুত কিবা গণ্ডগোল ঘটা নাইতো ?

ৱেললইচামিঃ মানুহে কৰিব নোৱাৰা কাম একো নাই ?

ৱইতিলিংকমঃ এই এলাকাৰ এম. এল. এ.,পঞ্চায়তৰ সভাপতি, ডি.চি. আনকি মন্ত্ৰীয়ো এই গাঁৱলৈ আহিছে৷ তেখেতসকল মানুহ নহয় নেকি? তেখেতসকলেই য’ত একো কৰিব নোৱাৰিলে তুমিনো কি কৰিবাহে?

ৱেললইচামিঃ অহ‌ সিহঁত মানুহ৷  কিন্তু সিহঁতৰ মানবীয়তা বোলা বস্তু নাই৷ মানুহে পৰ্বত ভাঙি বাসোপযোগী কৰিছে, জংঘল কাটি কৃষিভূমি কৰিছে৷ এই দুখন হাতেৰেই প্ৰকৃতিৰ লগত সংঘৰ্ষ কৰি সুবিধামতে সকলোবোৰ নিজৰ কৰি লৈছে ৷

ৱইতিলিংকমঃ তুমি ঠিকেই কৈছা এই হাত দুখনৰ কথা... কিন্তু ভাৰতীয় মানুহৰ ক্ষেত্ৰত এই কথা নাখাটে৷

ৱেললইচামিঃ মানে?

ৱইতিলিংকমঃ আনৰ পৰা উৎকোচ ল’বলৈ, যৌতুক ল’বলৈ, আনৰ টেঁটু চেপি ধৰিবলৈহে ভাৰতীয় মানুহৰ এই দুখন হাত আছে৷

ৱেললইচামিঃ নহয় নহয়... আপুনি বহুত যাতনাদায়ক অভিজ্ঞতাৰ ভিত্তিতহে এইখিনি ক’ব পাৰিছে৷ আমি ভাৰতীয় মানুহে বহুত মহৎ কাম কৰি থৈছোঁ৷

ৱইতিলিংকমঃ কিন্তু আমি সক লোৱে এলাগী জীৱন কটাই আছোঁ৷

ৱেললইচামিঃ আমি আমাৰ এলাগী জীৱনটো সোণালী জীৱনলৈ পৰিৱৰ্তন কৰিব পাৰিলোঁহেঁতেন যদিহে ষাঠি কোটি মানুহৰ অভিপ্ৰায় একেই হ’লহেঁতেন৷

ৱইতিলিংকমঃ তুমি কি ভাবা ? এতিয়া সকলো মানুহৰ অভিপ্ৰায় এটায়ে নহয় নেকি ?

ৱেললইচামিঃ সকলোৰে অভিপ্ৰায় বেলেগ বেলেগ৷ আমাৰ মাজত নিৰ্দিষ্ট এজন নেতা নাই৷ যিয়ে আমাক আগবঢ়াই লৈ যাব পাৰে৷

ৱইতিলিংকমঃ আমাৰ মাজত বহুত নেতা আছে৷

ৱেললইচামিঃ আমাৰ বৰ্তমানৰ নেতাবোৰ কেৱল আসন শুৱনি কৰা পুতলা সদৃশ৷ কিবা কাৰণত এবাৰ আসন এৰিব লগা হ’লে পুনৰ সেই আসনত বহাৰ চিন্তা ৷ মাটি খান্দি খান্দি ভিতৰলৈ সোমোৱা কেঁচুবোৰৰ দৰে৷ [ৱেললইচামি যাবলৈ সাজু হয়৷]

ৱইতিলিংকমঃ ৰ’বা ৰ’বা... তুমি প্ৰথমতে ক’লা যে তুমি এজন বাটৰুৱা৷ কিন্তু তোমাৰ কথাবোৰ শুনি... সঁচাকৈ কোৱা তুমি প্ৰকৃততে কোন?

ৱেললইচামিঃ যদি নকওঁ ৷

ৱইতিলিংকমঃ তুমি এজন অপহৰণকাৰী বুলি মই উৰাবাতৰি প্ৰচাৰ কৰিবওতো পাৰো৷ মই গাঁৱৰ ৰাইজক ক’ম তুমি কণ কণ শিশুবোৰক ফুচুলাই লৈ যোৱা৷ এইবিলাক কৈ তোমাক মাৰ খুৱাবও পাৰোঁ৷

ৱেললইচামিঃ ওহ্‌ ... অনুগ্ৰহ কৰি তেনেকুৱা নকৰিব ৷ মোৰ দেহা ইতিমধ্যে জঠৰ হৈ পৰিছেই ৷ মই কোন হয় আপোনাৰ আগত সকলোবোৰ খুলি ক’ম৷

ৱইতিলিংকমঃ ও কোৱা৷

ৱেললইচামিঃ এতিয়ালৈকে মই মুখ ধোৱাই নাই৷ একো এটা খোৱাও নাই৷

ৱইতিলিংকমঃ দাঁত ঘঁহিব পাৰিবা, চৌকাত এঙাৰ আছে৷ কিন্তু দ্বিতীয়তে যে কৈছা কিবা খোৱাৰ কথা৷ মোৰ তাত খাবলৈ দিবলৈহে একো নাই৷

[চেৱন্দিয়ে এই সকলোবোৰ শুনি থাকে৷]

চেৱন্দিঃ চাৰ, অলপ সময় ৰ’বছোন৷ মই আহি আছোঁ৷

        [এইখিনি কৈ চেৱন্দি গুচি যায় আৰু অলপ সময় পিছত¸ হাতত এটা পাত্ৰত খাবলৈ কিবা লৈ আহে৷] ইয়াত দুজনৰ বাবে খোৱাবস্তু আছে, খাওক৷ ৱইতিলিংকমঃ ইয়াত নিমখ দিছানে ?

চেৱন্দিঃ নিমখ নিদিয়াকৈ খাবলৈ দিম নেকি ?

ৱেললইচামিঃ ধন্যবাদ

ৱইতিলিংকমঃ ন’কলেও চলিব৷ এই গাঁৱত ক’বলৈ গ’লে একো ধৰা বন্ধা নিয়ম নাই ৷ এনে সহায়বোৰো সাধাৰণ৷ গাঁওখনত দিয়া থোৱা বহুত আছে৷ আমি প্ৰত্যেক কথাতেই ধন্যবাদ নিদিওঁ৷  ব’লা মোৰ ঘৰলৈ যাওঁ৷ আমি দুয়ো দাঁত ঘঁহি এইখিনি খাই লওঁ ৷

  [ৱইতিলিংকম আৰু ৱেললইচামি গুচি যায় ৷ কনদইয়ন বাহিৰৰ পৰা আহে৷]

কনদইয়নঃ আই চেৱন্দি, খাবলৈ কিবা আছে নে ?

চেৱন্দিঃ খোৱাবস্তু আছিল৷ কিন্তু যোৱাকালি অহা বাটৰুৱাজন আৰু মাষ্টৰক খাবলৈ দিলোঁ৷

কনদইয়নঃ মাত্ৰ সেইখিনিয়ে দিলি?

চেৱন্দিঃ পাত্ৰবোৰত বিচাৰিছিলোঁ৷ পিছে কিনো হ’ব ? কাহুদি অকণমানো ক’তো নাই ৷

কনদইয়নঃ এইখিনি ল ... কুৰুচামিৰ মাকৰ পৰা কাহুদি অকণমান আনিছিলোঁ ৷ যা সিহঁতক খাবলৈ দে৷

[কনদইয়নে কাহুদিখিনি চেৱন্দিৰ হাতত দিয়ে৷ চেৱন্দি গুচি যায়৷ আঁৰ কাপোৰ পৰে৷]

 

দৃশ্যঃ ৪

 

        [ৱেললইচামি মঞ্চৰ মাজত বহি থাকে৷ তাৰ চাৰিওফালে অদইকপ্পন, ৱইতিলিংকম, কুৰুচামি, কনদইয়ন,চেৱন্দি, কোৱালু, পুৰোহিত, কুপ্পন মিস্ত্ৰীক বহি থকা দেখিবলৈ পোৱা যায়৷]

অদইককপ্পনঃ মাষ্টৰ, আপুনি কিবা ক’ম বুলি ক’লে... আৰু এতিয়া মনে মনে আছে৷ কওক কি ক’ম বুলি ভাবিছে ?

ৱইতিলিংকমঃ [ৱেললইচামিলৈ আঙুলিয়াই] এই বাটৰুৱাজনে আমাৰ ইয়াত থাকিব বিচাৰে৷ আপোনালোকে কি ভাবে ?

পুৰোহিতঃ কি? আমাৰ ইয়াত থাকিব বিচাৰে? ই কেনেকৈ সম্ভৱ?

অদইকপ্পনঃ সম্ভৱ৷ আমাৰ গাঁৱত থাকিবলৈনো কাৰ অনুমতি লাগে? থাকিব দিয়া ৷

পুৰোহিতঃ থাকিব পাৰে৷ কিন্তু ইয়াত থাকিনো সি কি কৰিব ?

ৱইতিলিংকমঃ এই গাঁৱত তেওঁৰ এটা কাম আছে৷ তেওঁ কৈছে গৰুগাড়ীত পানী কঢ়িয়াই আনি আমাক পানী যোগান ধৰিব৷

কনদইয়নঃ গৰুগাড়ী? পানী আনিব? ক’ৰ পৰা পানী আনিব পিছে?

অদইককপ্পনঃ তোৰ মুখৰ পৰা... নহ’লনো ক’ৰ পৰা? কিয় ইমান হাল্লা কৰি মৰিছা? মাষ্টৰে কৈ আছে নহয়৷ মাষ্টৰ, বিতংভাৱে কথাখিনি কোৱাছোন৷ নহ’লে এই পাগলটোৱে যি টি প্ৰশ্ন কৰি তোমাৰ মূৰটো গৰম কৰিব৷

ৱইতিলিংকমঃ আমাৰ ইয়াৰ পৰা চৈধ্যমাইল আঁতৰত থকা তেনুত্তুৰ পৰা পানী আনি আমাক সহায় কৰিব বুলি সি ভাবিছে৷ কিন্তু তাৰ বাবে তাক প্ৰয়োজন হ’ব এখন কাঠৰ গাড়ী আৰু এটা বলধ গৰুৰ৷

অদইককপ্পনঃ অ’ গৰু গাড়ী? পিছে ক’ত পোৱা যাব গৰুৰ গাড়ী?

কনদইয়নঃ যদি মই প্ৰশ্ন কৰো মই পাগল হও৷ এইজনা জ্ঞানী মানুহৰ প্ৰশ্ন চা? মূৰ্খ ক’ৰবাৰ/

অদইককপ্পনঃ ঐ কনদইয়ন, মুখ চম্ভালি কথা ক’বি৷

কুৰুচামিঃ বয়সীয়াল মানুহবোৰে এনেকৈ কাজিয়া কৰি থাকিলে ভাল দেখিনে?

অদইককপ্পনঃ এই কুৰুচামি, ফিতাহি মাৰিবলৈ নাহিবিদে৷

কুৰুচামিঃ ধেমালিহে কৰিছো খুড়া, খং নকৰিবচোন৷

ৱইতিলিংকমঃ তোমালোকক কথা কৈ লাভেই নাই ৷ সময় নষ্ট কৰিবলৈ বেলেগ কাম নাই যে? ময়ো মোৰ সময়খিনি নষ্ট কৰিবলৈহে ইয়াতে বহি আছোঁ৷ ধেমালি বাদ দি মোৰ কথা শুনা, ন’হ’লে মই যাওঁ৷

অদইককপ্পনঃ কওক মাষ্টৰ ৷

ৱইতিলিংকমঃ তাক যদি আমি গৰু গাড়ী এখনৰ ব্যৱস্থা কৰি দিব পাৰোঁ৷ তেনেহ’লে আমি খোৱাপানীখিনিৰ বাবে চিন্তা কৰিব নালাগিলেহেঁতেন৷

কুৰুচামিঃ কেৱল খোৱা পানীৰহে? মানে মই ক’ব বিছাৰিছোঁ যে বাকীবোৰ কাম? দাঁত ঘঁহা, মুখ ধোৱা, গা ধোৱা আদি কামবোৰৰ কি হ’ব?

অদইককপ্পনঃ হেই, আমি মৰি আছোঁ পানীৰ পিয়াহত সি আকৌ দাঁত ঘঁহা, মুখ ধোৱা আদি বিলাসী চিন্তা কৰিছে চা ?

ৱেললইচামিঃ মুখ ধোৱাটো কিবা বিলাসী কাম হ’ল নে ?

অদইককপ্পনঃ হয়৷ এইখন গাঁৱত থাকি এনেবোৰ কথা ভৱা মানেই বিলাসী জীৱনৰ সপোন দেখা৷

ৱইতিলিংকমঃ ঐ কুৰুচামি, প্ৰথমে খোৱা পানীৰ বিষয়ে চিন্তা কৰ৷ যদি জীয়াই থাকিব পাৰ ... পিছত বাকীবোৰ ভাবিবি৷  এতিয়া পিছে গৰুগাড়ীৰ বিষয়ে তোমালোকে কি ভাবিছা?

কনদইয়নঃ গৰুগাড়ী কিনিবলৈ পইছা নালাগিব জানো ? পইছা ক’ত পাম?

ৱইতিলিংকমঃ আমি তিনিশমান টকা যোগাৰ কৰিব পাৰিলে এটা ভাল বলধ গৰু কিনিব পাৰিম৷

অদইককপ্পনঃ আৰু গাড়ী?

ৱইতিলিংকমঃ তেওঁ কিবা এটা উপায় ভাবিছে ৷ ৱেললইচামি তুমিয়ে কোৱাচোন৷

ৱেললইচামিঃ গাঁৱৰ চাৰিওফালে বহুত গছ আছে ৷ আমি সেই গছৰ কাঠেৰে গাড়ী সাজিব পাৰোঁ৷ এই গাঁৱত কোনোবা মিস্ত্ৰী আছেনে?

অদইকপ্পনঃ আছে৷ কুপ্পন মিস্ত্ৰী ক’লৈ গ’ল ? [কুপ্পনমিস্ত্ৰী পিছপিনে বহাৰ পৰা উঠি আগলৈ আহে ৷]

কুপ্পন মিস্ত্ৰীঃ মাতিছে নেকি ?  মই ইয়াতে আছোঁ৷

ৱেললইচামিঃ তুমি গাড়ী সাজিব পাৰিবা নে ?

পুৰোহিতঃ  বাহঃ সুন্দৰ প্ৰশ্ন/ পাঁচ বছৰ হৈ গ’ল তাৰ বটালিত হাত নিদিয়া৷

কুপ্পন মিস্ত্ৰীঃ [পুৰো¸হিতৰ ফালে চাই] এনেকুৱা কথা কৈ ঠাট্টা নকৰিবাদেই৷ চোৱা ভাই;  এই গাঁৱত বহুতৰে ঘৰ-দুৱাৰ,খিৰিকি মইয়ে সজাই দিছো৷ কিন্তু, এখন গাড়ীৰ বাবে ধুনীয়াকৈ চকা বনোৱা আদি কামবোৰৰ অভিজ্ঞতা নাই৷

ৱেললইচামিঃ অৱশ্যে কেনেকৈ সাজিব লাগে মই জানো৷ আগতেও মই এনে কাম কৰি পাইছোঁ৷ তুমিও মোৰ লগতে থাকা৷ মোক পিছে এখন ৰেণ্ডা, বটালি আৰু এখন কৰতৰ প্ৰয়োজন হ’ব৷

পুৰোহিতঃ মিস্ত্ৰী, সামগ্ৰীবোৰ তোমাৰ তাতপোৱা যাব নে? নে সেইবোৰ বিক্ৰী কৰি পইছা হজম কৰি থৈছা ?

কুপ্পন মিস্ত্ৰীঃ যিমানে খৰাং নহওক কিয় মই মোৰ হাতৰ বিদ্যা বিক্ৰী নকৰোঁ৷ বুজিলাতো পুৰো¸হিত?

কোৱালুঃ আমাৰ পুৰো¸হিতে কিন্তু মন্দিৰৰ মূৰ্তি বিক্ৰী কৰিও খাব৷ নে কি কোৱা?

পুৰোহিতঃ ইচ্‌ ... মই ক’বহে পালোঁ৷ ওলোতাই মোকেই কথা শুনাইছে চা৷

ৱেললইচামিঃ ঠিক আছে ৷ মুঠতে আমি এতিয়া গাড়ী সাজিম৷ কিন্তু গাড়ীৰ চকাটো ধাতুৰে সাজিব লাগিব নহয়৷ ধাতুৰে সজাবলৈ ইয়াতে কোনোবা আছেনে ?

অদইককপ্পনঃ কাকনো পোৱা যাব? এই গাঁৱত থাকিবনো কোনে বিচাৰে ? খেতিবাতি নাই, কেৱল শাক পাচলি খাই কোনে থাকিব? যি ও এজন চিন্নস্বামী মিস্ত্ৰী আছিল সিও গুচি গ’ল৷ এতিয়া এটা গজাল কিনিবলৈ হ’লেও বাছত উঠি চহৰলৈহে যাব লাগিব৷

ৱেললইচামিঃ কোয়িলপত্তি গৈ গাড়ীৰ চকা বনাই লৈ আহিব পৰা যাব৷ তাৰ বাবে আমাক  লাগিব ছশ টকা৷ এই গাঁৱত  তিনিশ ঘৰ মানুহ আছে৷ প্ৰতিঘৰে দুটকাকৈ দিলে কাম হৈ যাব৷

কনদইয়নঃ [বহাৰ পৰা উঠে৷] এইটো আকৌ কি কথা হ’ল?  এয়া জানো সম্ভৱ?

অদইককপ্পনঃ খাবলৈয়ে ইমান সমস্যা৷ তাতে আকৌ দুটকা/ আমাৰ সময় নষ্ট কৰিবলৈ আৰু বেলেগ কাম নাই নেকি? আহা আমি যাওঁ৷

কুৰুচামিঃ দিনে দুটকা যোগাৰ কৰিবলৈকে টান৷ এতিয়া আকৌ দুটকা ক’ৰ পৰানো সংগ্ৰহ কৰিম ?

পুৰোহিতঃ ৱেললইচামি, যিবিলাক কৰিবলৈ সম্ভৱ সেইবোৰ কথা কোৱাহে৷ ছশ টকাত গাড়ীৰ চকা বনোৱাতকৈ এটা ছাগলী কিনি আনি মাৰিয়াম্মা মা-ক উছৰ্গা কৰিলেই ধাৰাসাৰে বৰষুণ আহিব৷ তুমি আকৌ গৰুগাড়ী, বলধ গৰু এইবোৰৰ কথাহে        কৈ আছা৷

ৱেললইচামিঃ চাৰ, মোৰ কথাটো শুনকচোন৷ জীৱনটোত আমি কিমান কঠিনতাৰ মুখামুখি হ’ব লগা হয় সেইটো গুৰুত্বপূৰ্ণ নহয়৷ আমাৰ দুখন হাত আছে৷ এই দুখন হাতেৰে আমি সৱ কামেই কৰিব পাৰোঁ৷ সেই কথা চিন্তা কৰক৷

কোৱালুঃ এই মানুহখিনিৰ যদি ভবা শক্তি থাকিলেহেঁতেন,আজি এনেদৰে থাকিব লগা হ’লহেঁতেন নে? ৱন্দিপেত্তইত ট্ৰাকত বস্তা উঠাবলৈ গ’লে এবাৰত আমি মাত্ৰ বিশ পইচাকৈহে পাওঁ৷ ইমান কষ্টৰ বিনিময়ত আমি কিমান কম পইচা পাওঁ৷ ভাবিলোঁ৷ আমি আটায়ে গৈ মালিকক লগ ধৰি কথাখিনি জনাম৷ কিন্তু তুমি ভাবানে ইহঁতে সন্মতি দিব বুলি? ইহঁতে মালিকৰ লগত বেয়া হ’ব নোখোজে জানোচা জীৱিকা অৰ্জনৰ পথ নোহোৱা হ’ব৷  ইমান ভয়াতুৰ৷ নিজৰ প্ৰাপ্য, নিজৰ অধিকাৰৰ বাবেও যুঁজিব নোখোজে৷

অদইক কপ্পনঃ ঐ কোৱালু , তুমিনো কি খাতিৰ কৰিবা? তুমি বস্তা দাঙিব নগৈ যদি আন কামো কৰিব বিচৰা কৰিব পাৰা৷ কিন্তু আমিতো নোৱাৰোঁ৷ আমি পইচাৰ বাবে মালিকৰ তাত গৈ কাম কৰিবই লাগিব৷

কোৱালুঃ যদি তুমি সকলো ক্ষেত্ৰতেই সমস্যাৰ বিষয়ে চিন্তাই কৰি থাকা তেন্তে কি পাবা ? একোৱেই নোপোৱা বুজিলাতো/ [কথাখিনি কৈ গুচি যায়৷]

অদইককপ্পনঃ শুনা , টকা সংগ্ৰহৰ কথা বাদ দিয়া৷ বেলেগ চিন্তা কৰা৷

ৱেললইচামিঃ লাখ টকা খুজিছোনে? ছশ টকাহে ৷ প্ৰতিঘৰে দুটকাকৈ ...

ৱইতিলিংকমঃ ৱেললইচামি, এই বিষয়ে বাদ দিয়া৷ হেই মাদাচামিৰ ল’ৰা ক’ত? [শাৰীৰিকভাৱে বাধাগ্ৰস্ত ল’ৰা এজন মাটিত লেকেচিয়াই লেকেচিয়াই আহি থাকে৷] তালৈ চোৱা, আগতে সি বাকীবোৰ ল’ৰা ছোৱালীৰ নিচিনাকৈয়ে খেলা-ধূলা কৰিছিল৷ আৰু এতিয়া? তাৰ অৱস্থা কিয় এনেকুৱা হ’ল ?

অদইককপ্পনঃ এয়া তাৰ ভাগ্য৷

ৱইতিলিংকমঃ সহজতে তুমি সেয়া ভাগ্য বুলি ক’লা৷ ৱেললইচামি, এই গাঁৱৰ পৰা  দুমাইল আগত এটা কুঁৱা আছে৷ তাত অলপ পানী আছিল ৷  তাৰে পানী খোৱা বাবে আজি এই অৱস্থা৷

অদইকপ্পনঃ কি কথা কয় মাষ্টৰ? কুঁৱাৰ পানী খালে জানো এই অৱস্থা হয়?

ৱইতিলিংকমঃ সেই কুঁৱাৰ পানী খালে হয়৷ মই তাক এবাৰ কোয়িলপত্তিৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ৷ ডাক্তৰে ক’লে এইটো ফ্ল’ৰ’ছিছ বেমাৰ৷ কুঁৱাৰ পানীত ফ্ল’ৰাইড বিহ মিহলি হৈ আছে৷ তাৰ পানী খালে লাহে লাহে হাত ভৰি অচল হৈ পৰিবই৷ কোনোবাই যদি সেই পানী খায়, তেন্তে এই ল’ৰাটোৰ দৰে অৱস্থাই হ’ব৷

অদইকপ্পনঃ মাষ্টৰ, অভিশাপ দি আছা যে?

ৱইতিলিংকমঃ অভিশাপ দিব লাগেনে? তোমালোকে দেখোন দুটকাকৈ দিবলৈও মন নকৰা ৷ অথচ গংগাৰ পৰা অত্তিপত্তিলৈ পানী অহাৰ সপোন দেখিব খোজা /

কনদইয়নঃ আমাৰ লগত পইচা থাকিলে নিদিও বুলি কওঁ নে ?

ৱইতিলিংকমঃ এদিনৰ বাবে লঘোণ দি হ’লেও পইচাৰ ব্যৱস্থা কৰিব নোৱাৰা জানো ?

অদইককপ্পনঃ মাষ্টৰ, এনেদৰে কৈ আছা যেন আমি সদায় খাবলৈ পাওঁ৷

ৱেললইচামিঃ ঠিক আছে৷ মই আৰু ইয়াত থকাৰ একো প্ৰয়োজন নাই৷ মই দেখিছোঁ মৰুভূমি সদৃশ এই গাঁৱত খোৱাবস্তু খাই উঠি পানীৰ বাবে হিকটিয়াই থকা মানুহৰ অৱস্থা৷ মোকো এটা কামৰ দৰকাৰ৷ ভাবিছিলোঁ আপোনালোকক পানী যোগান ধৰি সহায় ক ৰিম বুলি৷ পিছে গাঁৱৰ এই অৱস্থাত আপোনালোকে মোক থাকিবলৈ দিবলৈও প্ৰস্তুত নহয়৷ মোৰো এই গাঁও এৰি যোৱাৰ বাদে অন্য  উপায় নাই৷

        [কথাখিনি কৈ ৱেললইচামি যাবলৈ ওলায়৷] অচিনাকি বাটৰুৱা এজনক এৰাতি ইয়াত থাকিবলৈ দিয়া বাবে ধন্যবাদ৷ মই আহোঁ৷

চেৱন্দিঃ দাদা, [চেৱন্দিয়ে শাড়ীৰ আঁচলৰ বান্ধ খুলি দুই টকা এটা  উলিয়ায়৷] কিয় এই  ঠাই এৰি যোৱা? এইটো লোৱা আমাৰ ফালৰ পৰা এইটো ...

কনদইয়নঃ চেৱন্দি, তই পইচা ক’ত পালি?

চেৱন্দিঃ মন্দিৰত দিবলৈ সাঁচিছিলোঁ৷

ৱইতিলিংকমঃ এই গাঁৱত এইজনী তিৰোতাৰ যিমান সাহস আছে মোৰেই নাই৷ ৱেললইচামি, এইটো লোৱা মোৰ ফালৰ পইছা৷ ধৰা ... পইচা সংগ্ৰহ কৰাৰ আগতে আমি গাড়ী সাজিবৰ বাবে গছ কাটিবলৈ যাও ব’লা৷

[কথাখিনি কৈ ধূতীৰ খোচৰ পৰা দুটকা উলিয়াই দিয়ে৷]

অদইকপ্পনঃ এই কনদইয়ন, তোৰ ছোৱালী আৰু মাষ্টৰে মিলি আমাক ভীষণ লাজ দিলে দে৷ আমি কি মানুহ নহয় নেকি?  ঐ নিলাজহঁত ... কাইলৈ ৰাতিপুৱাতেই নিজৰ নিজৰ ভাগৰ পইছা দি যাবি বুজিলি ৷ ন’হ’লে কথা বেয়া হ’ব৷ কৈ দিলোঁ৷

পুৰোহিতঃ অদইককপ্পন, ইমান ডাঙৰ কথা কৈ আছাযে ? ধৰিব পৰা নাই ইয়াতে আকৌ কেনেকুৱা চালাকি সোমাই আছে বা ?

অদইককপ্পনঃ চালাকি ? আৰু মই ? কোনোবাই লাঠী এডাল দে, পুৰোহিতৰ মূৰ ফালি মগজুটো উলিয়াই আনো৷

[পুৰোহিতৰ পিনে চোঁচা লওঁতেই আঁৰ কাপোৰ পৰে৷]

 

দৃশ্যঃ ৫

 

        [আন্ধাৰ মঞ্চত গছ কাটি থকা সময়ত কৰত আৰু কুঠাৰৰ শব্দ শুনা যায় ৷ লাহে লাহে মঞ্চ পোহৰ হয়৷ চাৰিজন ডেকা মানুহে কটা গছ এডাল মাটিত বগৰাবৰ চেষ্টা কৰি থকা দেখা যায়৷]

               জোৰ লাগাকে

                  হেই চা ...

                     জোৰ লাগাকে

                         হেই চা ...

  

দৃশ্যঃ ৬

 

        [কৰতেৰে গছ কাটি থকাৰ শব্দ শুনিবলৈ পোৱা যায়৷ চাৰি পাঁচজন মানুহে হাতত তক্তা লৈ আহি থাকে ৷ কুপ্পন মিস্ত্ৰী গাড়ী বনোৱা কামত ব্যস্ত৷ বিপৰীত ফালৰ পৰা কনদইয়নৰ প্ৰৱেশ৷]

কনদইয়নঃ মিস্ত্ৰী,  দুদিনমানৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবনে ?

কুপ্পন মিস্ত্ৰীঃ গাড়ীৰ কথা কৈছা নেকি ?

কনদইয়নঃ ন’হ’লেনো আৰু কিহৰ কথা কওঁ?

কুপ্পন মিস্ত্ৰীঃ এইখন দেখিবলৈ এতিয়া পাল্কীৰ নিচিনাহে হৈছে৷

 

 

 

দৃশ্যঃ ৭

 

 [বলধ গৰু সহ অদইককপ্পনৰ প্ৰৱেশ৷]

অদইককপ্পনঃ ঐ কুৰুচামি ...

[কুৰুচামি আহে৷]

কুৰুচামিঃ কি হ’ল অ’ খুড়া ?

অদইককপ্পনঃ দেখিছ / একলাখ টকা দিলেও এনে গৰু কিনিবলৈ বিচাৰি নাপাবি৷ বহুত বিচাৰ খোচাৰ কৰি মাদুৰাইৰ গৰু বজাৰৰ পৰা এই বলধটো কিনি আনিছোঁ৷

কুৰুচামিঃ আপোনাৰ জবাব নাই খুড়া? আপোনাকনো কি ক’ম? ইমান সুন্দৰ, ইমান বলবান৷

অদইকপ্পনঃ বলধটো দেখি মোৰ হিংসা লাগিছে৷

কুৰুচামিঃ কিয় খুড়া ?

অদইকপ্পনঃ  আমাৰ ঘৰত এনেকুৱা চাৰিযোৰ বলধ আছিল৷ কিন্তু কি দিন পৰিল/ গোটেইবোৰ বিক্ৰী কৰি, খেতিবাতি এৰি এতিয়া দুটকাৰ বাবে বজাৰত বস্তু দাঙি পেট পোহপাল দিব লগা হৈছে৷

কুৰুচামিঃ আমিনো কি কৰিব পাৰো খুড়া? গাঁওখনত কালিকা লাগিল ৷ এই ভূমিত বৰষুণ নপৰিবৰ প্ৰায় পাঁচ বছৰমানেই হ’ব৷

[কনদইয়ন দৌৰি আহে৷]

কনদইয়নঃ হেৰৌ চেৱন্দি আহচোন, কৰ্পূৰ, তামোল, ফলমূল ... পূজাৰ সামগ্ৰীবোৰ লৈ আহ৷

অদইকপ্পনঃ কনদইয়ন, মই নাৰিকল ভাঙিম৷

কনদইয়নঃ হো ... ল ৷

        [চেৱন্দিয়ে পূজাৰ সামগ্ৰীবোৰ লৈ আহে ৷ অদইকপ্পনে নাৰিকলত হালধি লগাই ভাঙে৷]

অদইককপ্পনঃ কুৰুচামি, কি চাই আছ? ব’ল ব’ল... আজি প্ৰথমবাৰ গাড়ীৰে পানী আনিব৷ ব’ল...

 

দৃশ্যঃ ৮ [ক]

[গাঁওবাসীয়ে পেঁপা, ঢোল আদি বজাই আনন্দমনেৰে নাচি নাচি গৈ থাকে৷]

       

 

দৃশ্যঃ ৮

 

        [কনদইয়নৰ ঘৰ৷ লাহে লাহে পোহৰ দেখা যায় ৷ কনদইয়নৰ প্ৰৱেশ ৷ কপালৰ ঘাম মচি থকা অৱস্থাত৷]

কনদইয়নঃ চেৱন্দি, এগিলাচ পানী দেচোন আই৷

        [চেৱন্দিয়ে পানী এগিলাচ আনি দিয়ে৷ কনদইয়নে এঢোক এঢোককৈ খাই থাকে৷]

        তেনুত্তুৰ পানী কিন্তু মানিবলগীয়া ৷ একদম গুৰৰ নিচিনা মিঠা ৷

চেৱন্দিঃ আমি আচলতে ৱেললইচামিৰ নামত এটা মন্দিৰ সাজিব লাগে৷ তেওঁৰ বাবেই আমি পানী খাবলৈ পাইছোঁ৷

কনদইয়নঃ আৰে, ৱেললইচামিয়ে যে আমাক পানী আনি দি সহায় কৰিছে সেই কথাটো বাতৰি কাকতত দিছে ... চাচোন ...

        [বাতৰি কাকতখন চেৱন্দিৰ পিনে আগবঢ়াই দিয়ে৷]

চেৱন্দিঃ হয়তো ... তেওঁৰ ফটো দেখোন/ ক’ৰ পৰা আনিলি পিতাই ?

কনদইয়নঃ কোয়িলপত্তি বজাৰত বিক্ৰী কৰি থকা দেখি কিনি আনিলোঁ৷ ফটোখনৰ তলতহে কি লিখা আছে বা?

চেৱন্দিঃ মাষ্টৰৰ ঘৰত তলা লগোৱা দেখি আহিছো৷

কনদইয়নঃ ৰ’বি ... কাকনো এতিয়া পঢ়িবলৈ দিওঁ ? কুৰুচামিয়ে পঞ্চমমানলৈকে পঢ়িছে৷ তাক মাতি আনো ...

চেৱন্দিঃ অদইককপ্পন খুড়াইও পঢ়িব জানে নেকি /

কনদইয়নঃ সি ? তাৰ মগজু বুলি কিবা থাকিলেহে ? মোৰ নিচিনাই অশিক্ষিত৷ সি একো নাজানে, পঢ়িব জানে বুলি আনৰ আগত এনেয়ে জহাই ফুৰে৷

[চেৱন্দিয়ে উৰাই ঘূৰাই পেপাৰখন চাই থাকে৷ কনদইয়নে কুৰুচামিক মাতিবলৈ ধৰে৷ কুৰুচামি আহে৷]

কুৰুচামিঃ যদি পঢ়িবই নাজানা, বাতৰিকাকত কিনিব নালাগে নহয়? নে নতুনকৈ পঢ়া পাতি কৰিম বুলি ভাবিছা?

কনদইয়নঃ পঢ়চোন... ৱেললইচামিৰ ফটো যে দিছে তলত কি লিখা আছে ...

[কুৰুচামিয়ে হাতত বাতৰিকাকতখন লৈ পঢ়িব ধৰে৷]

কুৰুচামিঃ [পুলিচৰ হাতৰ পৰা পলায়ন কৰা এইজনেই ৱেললইতুৰেই৷ যিজনে এওঁৰ সন্ধান দিব পাৰিব তেওঁক নগদ পাঁচহেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷]

        অ’ খুড়া ...  এইটো কি ? আপুনি বোমা ফুটাই দিছেদেই ...

কনদইয়নঃ ৰহ্‌ নিজৰ অৱস্থাই বেয়া হৈছে ৷ পিছে , নামটো ৱেললইতুৰই বুলিহে কৈছে যে ?

কুৰুচামিঃ ছপা কৰোতে কিবা ভুল হ’বও  পাৰে৷ ৰ’বা কি কি লিখা আছে পঢ়ি দিওঁ ...

        [উত্তৰ অৰকড জিলাত কালমেঘম নামৰ মানুহজনক পত্নীৰ লগতে একেটা ঘৰতে হত্যা কৰা হয়৷ পুৰণি দিনৰ সংঘাতৰ ফলশ্ৰুতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি পুলিচে সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, পুলিচে ৱেললইতুৰইকজেইললৈ আনি থকা সময়তে সি জীপৰ পৰা জাঁপ মাৰি পলায়ন কৰে৷এতিয়া পুলিচে তাক বিচাৰি চলাথ কৰিছে৷ যদি কোনোৱে তাক পুলিচৰ হাতত গটাব পাৰে, নাইবা তাৰ সন্ধান দিব পাৰে তেনেহ’লে সেই মানুহজনক নগদ পাঁচ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি পুলিচে ঘোষণা কৰিছে৷] খুড়া এইবোৰ কি ? বিশ্বাস কৰিবলৈকে টান লাগিছে৷ 

কনদইয়নঃ কি ক’লি? ৱেললচামিয়ে দুটাকৈ হত্যাকাণ্ড কৰিছে/ মানি ল’ব পাৰিনে?

চেৱন্দিঃ দাদা, আকৌ দুবাৰমান পঢ়াচোন৷  ইয়াত সচাঁকৈয়ে এনেদৰে লিখা আছেনে? কিজানি ভুল হৈছে/

কুৰুচামিঃ কি ? মইনো মিছা মাতি কি কৰিম কচোন ? ইয়াতে এনেদৰেই লিখা আছে৷ সি দুটাকৈ হত্যাকাণ্ড কৰি আমাৰ ইয়ালৈ মনে মনে পলাই আহিছে৷

কনদইয়নঃ অলপ ৰচোন আই৷ দুই তিনিঘৰলৈ গৈ মই খবৰটো দি থৈ আহোঁ৷ ঐ কুৰুচামি, বাতৰি কাকতখন লগতে লৈ আহ৷ স্কুললৈ গৈ মাষ্টৰকো খবৰটো দিব লাগিব৷

[কনদইয়ন, কুৰুচামি সেই ঠাইৰ পৰা গুচি যায়৷ আঁৰ কাপোৰ পৰে৷]

 

দৃশ্যঃ ৯

 

        [ৱইতিলিংকম নিজৰ ঘৰৰ সন্মুখত বহি থাকে আৰু ৱেললইচামিয়ে এচটা শিলৰ ওপৰত বহি থাকে৷ অদইককপ্পন, পুৰোহিত কনদইয়ন আৰু মানুহৰ জুম এটাও থাকে৷]

ৱেললইচামিঃ বাতৰি কাকতত দিয়া খবৰটো সঁচা৷ পুলিচক খবৰ দিলে নগদ পাঁচ হেজাৰ টকা পাব৷ এতিয়া আপোনালোকে কি সিদ্ধান্ত লয় সেয়া আপোনালোকৰ কথা৷

অদইককপ্পনঃ মাষ্টৰ কথাবোৰ আপুনি আগৰ পৰাই জানে নেকি?

ৱইতিলিংকমঃ জানো৷ এওঁ প্ৰথম দিনাখনেই মোক কথাবোৰ কৈছিল৷

পুৰোহিতঃ মুঠতে  আমি এইমানুহ জনক পুলিচৰ ওচৰত গতাই দিম৷ পুলিচে আমাক পাঁচ হেজাৰ টকা দিব৷ আমাৰ গাঁৱত প্ৰায় তিনিশ ঘৰ মানুহ আছে৷ প্ৰত্যেকঘৰে পোন্ধৰ টকাকৈ ভগাই ল’ব পাৰিম৷ যিখিনি ৰ’ব সেইখিনি মন্দিৰৰ দানপাত্ৰত দিলেই হ’ব৷ কথা শেষ৷

ৱইতিলিংকমঃ সুন্দৰ অংক৷ কিন্তু আমাৰ বাবে কোনটো প্ৰয়োজন সেইটোও আলোচনা কৰা হ’লে ভাল হ’লহেঁতেন৷  

পুৰোহিতঃ আলোচনা কৰিবলৈনো কি আছে? পানীৰ গাড়ী সাজোতেই এই মানুহজনক দেখি মোৰ সন্দেহ হৈছিল৷ কিন্তু আপোনালোকে মোৰ কথাত গুৰুত্বই নিদিলে৷ ওলোতাই মোকহে মাৰিব আহে ৷ এতিয়া কোনে কাক মাৰে দেখিম নহয় ৷

অদইককপ্পনঃ ঐ চুপ থাক্‌ ৷ আমি ইমান সমস্যাত পৰিছো ৷ ইপিনে যদি পুলিচক খবৰ  নিদিওঁ তেতিয়া চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা যেন হ’ব৷ আনহাতে, আমাক পানীৰ বাবে সহায় কৰি দিয়া মানুহজনক কেনেকৈনো বিপদত পেলাব পাৰোঁ ?

কনদইয়নঃ ৱেললইচামি, মই জানিব বিচাৰোঁ তুমি কি ভয়ানক অপৰাধ কৰিছা?

ৱেললইচামিঃ  আমাৰ গাঁৱত কালমেঘম নামৰ এজন মানুহ ...

কনদইয়নঃ গাঁও মানে? কি গাঁও? কোনখন  গাঁও?

ৱেললইচামিঃ উত্তৰ অৰকাড  জিলাৰ আলংকায়ম৷ তাত কালমেঘম নামৰ মালিকৰ  আমি গোলাম আছিলোঁ৷

অদইককপ্পনঃ গোলাম মানে কি ?

ৱেললইচামিঃ এসময়ত আমি আমাৰ যিখিনি মাটি আছিল তাতেই খেতি-বাতি কৰি খাইছিলোঁ ৷ কালমেঘম নামৰ এজন ধনী মানুহ আছিল৷ তাৰ অজস্ৰ মাটি  সম্পত্তি৷ তাৰ পৰা আমি সুতত টকা লৈছিলোঁ ৷ এই সুত আকৌ কম সুত নহয়৷ এশ টকা ধাৰে ল’লে এবছৰত দুশ আৰু দুবছৰত তিনিশ টকাকৈ দিব লাগে ৷

অদইককপ্পনঃ বাপৰে ... কি কোৱাহে ? সাংঘাতিক মানুহদেই ৷

ৱেললইচামিঃ ও ও... মোৰ পিতায়েও তাৰ পৰা ধাৰ লৈছিল৷ আমাৰ সকলো মাটি সম্পত্তি তাৰ নামত লিখি দিলে ৷ কিন্তু, ধাৰ মাৰ ন’গ’ল ৷পইচা পাতি      নোলোৱাকৈয়ে মোৰ দেউতাই তাৰ ঘৰত গোলামি খাটিলে৷ সেই সময়ত মই পঢ়ি আছিলোঁ৷ মোক পঢ়াবলৈ পিতাই এটাৰ পিছত এটা ধাৰ লৈ থাকিল৷ মই দশম শ্ৰেণী পাছ কৰি গাঁৱলৈ উভতি আহি গম পালোঁ যে দেউতা ইতিমধ্যে ঢুকাইছে৷ কালমেঘমে মোক মাতি পঠিয়াই জনালে যে দেউতাই লোৱা ধাৰ তেতিয়ালৈ মাৰ যোৱাই  নাই৷ তাৰ পিছত মই তাৰ তলত কাম কৰিবলৈ ধৰিলোঁ৷  চৌবিছ ঘণ্টাই কাম আৰু কাম৷ কিমান কষ্ট৷ ভাবিলোঁ দুজন মানুহে কাম কৰিলে সোনকালেই ধাৰ মৰিব৷ তাকে ভাবি মই বিয়াখন পাতিলোঁ ৷ পত্নীয়ে তাৰ ঘৰত কাম কৰিবলৈ ল’লে আৰু মই পথাৰৰ কাম কৰিবলৈ ধৰিলো৷ এদিনাখন কালমেঘম মই কাম কৰি থকা ঠাইলৈ আহি ক’লে; ‘তোৰ ধাৰ মাৰ যাবলৈ তোৰ ঘৈণীয়েৰক মই মোৰ কৰি ল’লোঁ৷ তই আৰু তাইৰ বিচাৰ খোচাৰ কৰিব নালাগে’৷ কথাখিনি কৈয়ে সি গুচি গ’ল৷ মোৰ বিৰাট চিন্তা হ’ল৷ মোৰ পত্নীয়ে নিশ্চয় ভাবিব যে তেওঁক মই মোৰ ধাৰৰ মীমাংসা কৰিবলৈহে বিয়া পাতি আনিছোঁ ৷ খঙৰ ভমকত এদিন ৰাতি কোনো নথকাৰ সুযোগ লৈ মই  কালমেঘমৰ ঘৰৰ ভিতৰত সোমালোঁ ৷ বিছনাত কালমেঘমক দেখা যেন পাইয়ে মই ডেগাৰেৰে হানি খুচি শেষ কৰিলোঁ৷ পিছতহে গম পালো যে সেইদিনা বিছনাত কালমেঘমৰ লগত মোৰ পত্নীও আছিল ৷ মানে মোৰ দ্বাৰা এটা নহয়, দুটা হত্যাকাণ্ড সংঘটিত হ’ল ৷ মই জাব্বাদু পাহাৰলৈ পলাই গৈ লুকাই থাকিলোঁ৷ পিছে পুলিচে ধৰি আনিলে৷ ভেল্লোৰ হাজোতলৈ জীপত উঠি গৈ থকা সময়তে সুযোগ বুজি জাঁপ মাৰি পলালোঁ৷

কনদইয়নঃ তোমাৰ পত্নীয়েনো কালমেঘমৰ পত্নী হোৱাৰ কথাটো কিয় মানি ল’লে ?

ৱেললইচামিঃ মানি নোলোৱাৰ প্ৰশ্নই নুঠে৷ মোকনো সুধি কি হ’ব/ তেওঁ মানি নললে তেওঁক দুছেও কৰি কাটি নদীত উটুৱাই দিলে হয়৷

কনদইয়নঃ আমি সকলো শুনিলোঁ৷ আমিনো কি কৰিব পাৰোঁ?

ৱেললইচামিঃ মোৰনো কি আছে ? জন্মৰ পৰা পুলিচে ধৰি নিয়া সময়লৈকে মই এজন  গোলামেই আছিলোঁ ৷ এই গাঁৱলৈ অহাৰ পিছত মই  স্বাধীন হ’ব পাৰিছোঁ৷  এতিয়া যদি পুলিচৰ ওচৰত মোক গতাই দিয়ে মই শেষ৷ আৰু যদি গতাই নিদিয়ে, মই জীয়াই থকা দিনকেইটাত আপোনালোকক সহায় কৰি যাম ৷

অদইককপ্পনঃ কিমান দিননো এনেদৰে পলাই ফুৰিবা ? এদিন নহয় এদিন পুলিচে তোমাক ধৰা পেলাবই৷

ৱেললইচামিঃ সেইদিনটোলৈকে অন্তত স্বাধীনভাৱে জীৱন কটাব পাৰিম৷

ৱইতিলিংকমঃ সি কৈছে দেখোন কষ্ট কৰিব বুলি ৷ সেয়াতো মিছা নহয় ৷ কিমান কষ্ট কৰি আমাক পানী আনি সহায় কৰি দিছে৷ আমি নিজ চকুৰে দেখিছোঁ৷

পুৰোহিতঃ প্ৰতিদিনে আমি তাক খাবলৈ আহাৰ যোগান ধৰা নাই নেকি ?

ৱইতিলিংকমঃ পুৰোহিত, তুমি এনেকৈ কিয় ভাবিছা? প্ৰতিদিনে আমাৰ ৰৈ যোৱা ভাতখিনি খাব দিয়া বাবেই জানো সি আমাৰ বাবে ইমান কষ্ট কৰি মৰিছে? ইমান ৰ’দত প্ৰতিদিনে চৈধ্য মাইল দূৰলৈ পানী আনিবলৈ যোৱাটো ইমানো সহজ নহয় ৷ সদায় এনেদৰে পানী আনিবলৈ গৈ কঁকালৰ বিষত মৰিব লগা হ’লে বুজিলাহেঁতেন৷ 

কোৱালুঃ তেওঁৰনো কি আছে ? প্ৰতিদিনে খিৰিকিত আওজি লৈ তামোলৰ পিক পেলাব আৰু ককাকে জংঘলত গৈ বাঘ চিকাৰ কৰি থকা কথাবোৰ কোৱাৰ বাহিৰে৷ বাৰু, এটা কাম কৰিলে কেনেকুৱা হয় ? অহাকালি আমাৰ পুৰোহিতকে পানী আনিবলৈ পঠাই দিওঁ ৷

পুৰোহিতঃ তই অধৰ্মীয়ে মোক এনেদৰে ক’বলৈ সাহস কৰিলি? হে মাৰিয়াম্মা মা, এই   দুষ্টক শাস্তি দিয়া ৷

কোৱালুঃ মাৰিয়াম্মা মা, এই পুৰোহিতকো শাস্তি দিয়া ৷

ৱইতিলিংকমঃ কোৱালু, কি বকি আছা? মনে মনে থাকা৷

ৱেললইচামিঃ যদি আপোনালোকৰ মোৰ প্ৰতি অকণমানো দয়া, সহানুভূতি আছে তেন্তে  মোক ইয়াতে থাকিবলৈ দিয়ক৷ নহ’লে এই পূজাৰীয়ে কৈছে নহয়, প্ৰতিঘৰে  পোন্ধৰ টকাকৈ পাব বুলি আৰু মন্দিৰতো দিব পাৰিব৷ সেইটোৱে কৰক ৷  মোৰ বাবে আপোনালোকে দহদিন ঘৰতে বহি খাব পাৰিব৷ তেতিয়াও মই বহুত সুখী হ’ম৷ মোক এতিয়াই পুলিচৰ ওচৰত গতাই দিয়ক ৷

পুৰোহিতঃ সকলোৱে যে কেৱল পানী যোগান ধৰাৰ কথাহে কৈ আছে৷ বহুদিনৰ পৰা মই কৈ আছো মাৰিয়াম্মা মা-ৰ ওচৰত বলি দিবৰ বাবে আমাক বলিশালৰ প্ৰয়োজন৷ তাৰ বাবে আমাক বহু টকাৰ প্ৰয়োজন৷ মাৰিয়াম্মা মায়ে সেইবাবেই        ইয়াক পঠাইছে৷ পিছে তোমালোকে কথাবোৰ বুজি পালেহে ?

ৱইতিলিংকমঃ কি কথাবোৰ কোৱাহে পুৰোহিত/ নাপায়৷ এই মানুহজনক ফাঁচীকাঠত ওলোমাই দি আমি বলিশাল সাজিব লাগিলে মা-ৰ চকু অন্ধ হ’ব৷

পুৰোহিতঃ আৰু যদি আমি এই হত্যাকাৰীজনক আমাৰ গাঁৱত লুকুৱাই ৰাখোঁ, পুলিচে আমাৰ চকু উলিয়াই আনিব৷

কুৰুচামিঃ ওহ্‌ ঠিকেই  ...  তোমাৰ চকুকিটা সাইলাখ শগুণৰ দৰে ৷ চাবা পুলিচে প্ৰথমতে তোমাৰ চকু দুটাই  উলিয়াই নিব ৷

পুৰোহিতঃ এতিয়াৰ ডেক াবোৰে ডাঙৰক সন্মান দিব শিকিলেহে ৷

কুৰুচামিঃ তুমি সন্মান বিচাৰিলেও নোপোৱা৷ চকুৰ পতাই চকু দুটিক সুৰক্ষা দিয়াৰ নিচিনাকৈয়ে ৱেললইচামিক আমি সুৰক্ষা দি ৰাখিম ৷ চাওঁচোন পুলিচে কি কৰিব পাৰে ?

কোৱালুঃ এইবিলাক কথা বাদ দি আমি কি কৰা উচিত সেইটোহে ভাবিব লাগে৷

অদইককপ্পনঃ আমিনো কি কৰিব পাৰোঁ ? আমি হৈছো ৱন্দিপেত্তইত কুলিৰ কাম কৰি খোৱা সাধাৰণ মানুহ৷

কনদইয়নঃ অদইককপ্পন, কোৱালুৱে এনেদৰে ক’বই ৷ যোৱা পৰহি কোয়িলপত্তিত কমিউনিষ্ট সকলৰ সমদলত সি ৰঙা পতাকা লৈ দলটোৰ নেতৃত্ব দিছিল৷ কি গান আছিল/

কোৱালুঃ ৰাজবিপ্লৱ জিন্দাবাদ ৷

অদইককপ্পনঃ ঐ কোৱালু, ৰাজনৈতিক দল সমূহক এই গাঁৱলৈ নানিবি৷ লাগিলে পানী নোহোৱাকৈয়ে  থাকিব পাৰিম ৷

ৱইতিলিংকমঃ তোমালোকে কিয় এটা কথাৰ পৰা আন এটা কথালৈ জাঁপ মাৰি আছা? ৱেললইচামিৰ সমস্যাৰ বিষয়ে আলোচনা কৰা ৷ সি ইয়াতে থাকিব পাৰিব নে নোৱাৰিব ?

অদইককপ্পনঃ এতিয়ানো কি কৰিম ? হাঁহক গড়ালত ভৰাই থোৱাৰ নিচিনাকৈ তাকো আমি আমাৰ ইয়াত লুকুৱাই ৰাখিম ৷

ৱইতিলিংকমঃ মাত্ৰ তুমি ক’লেই হ’বনে ? গাঁৱৰ অন্য মানুহবোৰে বা কি বিচাৰে?

কনদইয়নঃ পুলিচে আমাৰ ডিঙি কাটি দিলেও আমি মুখ নোখোলো৷ তহঁতে কি কৱ ?

মানুহৰ জুমঃ ঠিক আছে ৷ ঠিক আছে ৷ আমি একমত ৷

ৱইতিলিংকমঃ এতিয়া সকলোৱে ঠিক আছে বুলি কৈ আছা ৷ যদি পিছলৈ কোনোবা দুখীয়া মানুহে পইচাৰ বাবে পুলিচক খবৰ দিয়ে তেতিয়া কি হ’ব?

কনদইয়নঃ এতিয়াই আমি ইয়াত থকা মানুহৰ জুমৰ পৰা প্ৰতিজ্ঞা ল’ম৷ পিছে, এটা কথা কিন্তু ৷ পানী আনিবলৈ তেনুত্তু যোৱা ৰাস্তাত চেক্কনুৰ গাঁৱৰ কোনোবা মানুহে যদি তাক দেখা পায়৷

অদইককপ্পনঃ শুন... চেক্কনুৰৰ মানুহবোৰে আগদিনা দেখা সূৰ্যটোকে পিছদিনালৈ পাহৰি যায় ৷ তেনে ক্ষেত্ৰত ৱেললইচামিক চিনি পাব / তোৰো যে কথা ৷

কনদইয়নঃ মাষ্টৰ, তেনেহ’লে আমি ৰাইজৰ প্ৰতিজ্ঞা লওঁ আহা৷

ৱইতিলিংকমঃ চেৱন্দি কৰ্পূৰৰ কাঁহীখন লৈ আহ৷

[চেৱন্দিয়ে কৰ্পূৰৰ কাঁহীখন লৈ আহে ৷ ৱইতিলিংকমে কাঁহীখন হাতত লয়৷ চেৱন্দিয়ে দিয়াচলাইৰে তাত জুই দিয়ে৷]

        পুৰোহিত প্ৰথমতে তুমি আহা ৷

পুৰোহিতঃ মোক কিয় মাতিছা?

ৱইতিলিংকমঃ তুমিয়ে কোৱা নাছিলানে পোন্ধৰ টকাকৈ ভগাই লোৱাৰ কথা/ আহা প্ৰথমতে তুমিয়ে অগ্নিশিখা নুমুৱাই দিয়া ৷

পুৰোহিতঃ কি কৈ নুমুৱাম?

ৱইতিলিংকমঃ পুলিচক খবৰ নিদিওঁ বুলি ....

পুৰোহিতঃ পিছে, এই মন্দিৰৰ বলিশাল সজাঁৰ কথাটো কি হ’ব?

ৱইতিলিংকমঃ ঐ কুৰুচামি, তহঁত চাৰিজনমান মানুহ লগত লৈ গাঁৱৰ প্ৰতিঘৰলৈ গৈ প্ৰতিজ্ঞা লৈ আহ গৈ ৷ আৰু অদইককপ্পনে পুৰোহিতৰ শপত লোৱাব৷

অদইককপ্পনঃ পুৰোহিত তুমি এতিয়া শপত খোৱা পুলিচৰ আগত একো নকওঁ বুলি৷ কোৱা, মই ৱেললইচামিৰ বিষয়ে পুলিচৰ আগত একো নকওঁ৷

পুৰোহিতঃ মই ৱেললইচামিৰ বিষয়ে পুলিচৰ আগত একো নকওঁ৷

        মই ৱেললইচামিৰ বিষয়ে পুলিচৰ আগত একো নকওঁ৷

        মই ৱেললইচামিৰ বিষয়ে পুলিচৰ আগত একো নকওঁ৷

[অগ্নিশিখা নুমুৱাৰ লগে লগে আঁৰ কাপোৰ পৰে৷]

 

দৃশ্যঃ ১০

       

[ৱইতিলিংকমৰ ঘৰ৷ ৱেললইচামি, ৱইতিলিংকমৰ ঘৰৰ বাহিৰত বহি থাকে৷ কুৰুচামিৰ প্ৰৱেশ৷ তাৰ লগত এজন মানুহ আহে ৷]

কুৰুচামিঃ মাষ্টৰ, আমি গাঁৱৰ তিনিশ ঘৰতেই গৈ প্ৰতিজ্ঞা ল’লোঁ৷ আনকি ঝুলনাত শুই থকা কণ কণ শিশুবোৰৰ হাতেৰেও কৰ্পূৰৰ জুই নুমুৱাই প্ৰতিজ্ঞা কৰালোঁ৷

ৱইতিলিংকমঃ এইবোৰ আকৌ কি কৰিলি? মই তহঁতক ডাঙৰ মানুহবোৰৰহে প্ৰতিজ্ঞা ল’বলৈ কৈছিলো৷ তই আকৌ সৰু সৰু শিশুবোৰৰ হাত পুৰিব কিয় লাগে/

ৱেললইচামিঃ এই গাঁৱৰ মানুহবোৰে মোক ইমান মৰম কৰে ৷ মই আগতে ভবাই নাছিলোঁ৷ [অদইককপ্পনৰ প্ৰৱেশ]

অদইককপ্পনঃ মাষ্টৰ, যোৱাকালি ৱেলুচামি নায়ক্কৰে মোক লগ পাইছিল৷ তেখেতে মোক কৈছিল,‘অদইককপ্পন/ মই কাইলৈ তোমালোকৰ গাঁওলৈ আহিম৷      তুমি গাঁৱৰ জ্যেষ্ঠসকলক অলপ সময় থাকিব ক’বা৷’ সেইবাবেই মই কথাটো কৈ থ’লো৷

ৱেললইচামিঃ ৱেলুচামি নায়ক্কৰ? তেখেত বাৰু কোন?

ৱইতিলিংকমঃ তেখেতে ৱন্দিপেত্তই এলাকাৰ সম্পত্তিশালী লোক৷ ডি.চি., এম.এল.এ. –এইসকলো তেওঁৰ হাতৰ মুঠিত৷

কুৰুচামিঃ বন্দিপত্তইৰ নায়ক্কৰ কিয় আমাৰ গাঁৱলৈ আহিব?

ৱইতিলিংকমঃ ওহ, তুমি নাজানা নেকি? তেখেতে নিশ্চয় ভোট খুজিবলৈ আহিব৷ ইলেকচন আহি পালেহি যে...

অদইককপ্পনঃ সেইটোহে কথা মানে৷ সিহঁতে এতিয়া লৰা-ঢপৰাকৈ আহিব আৰু মেকুৰী হাতী হোৱা কথাবোৰ শুনাব৷ হেই কুৰুচামি৷ যা যা ... বল্টি ... গিলাচ লৈ আহ৷ যিবোৰে ইলেকচন জিকিব সিহঁতে বাল্টিবোৰ গাখীৰ আৰু মৌৰে পূৰ কৰিব৷ চাল্লা, কাম নোহোৱা মানুহ ...

ৱইতিলিংকমঃ অদইককপ্পন, তাক আহিবলৈ দে৷ তাৰ যি ক’ব লগা আছে ক’বলৈ দে আমি শান্তিমনে শুনিম৷

অদইককপ্পনঃ সিহঁতক চাবলৈও বিতৃষ্ণা লাগে৷

[কনদইয়ন আহি থাকে ৷]

কনদইয়নঃ অদইককপ্পন, ৱেলুচামি নায়ক্কৰ  মটৰ চাইকেলত আহি আছে৷ ঘটনাটো কি?

অদইককপ্পনঃ ইলেকচন আহিলে ইহঁত এনেদৰেই আহে৷ তই যাচোন... গাঁৱৰ মানুহখিনিক ইয়াতেই একগোট হ’বলৈ খবৰ দে গৈ৷ [কনদইয়ন যায়৷]

ৱইতিলিংকমঃ ৱেললইচামি, তুমি ভিতৰলৈ যোৱা৷ নায়ক্কৰ নোযোৱালৈকে ওলাই নাহিবা৷

ৱেললইচামিঃ কিয়? মই লগ পালেও দুই তিনিটা প্ৰশ্ন সুধিম৷

ৱইতিলিংকমঃ আমি সমস্যাত পৰিব পাৰোঁ৷ সি তোমাক ধৰিবও পাৰে৷ যোৱা ভিতৰলৈ যোৱা৷

[ৱেললইচামি ভিতৰলৈ যায় ৷ কিছু মুহূৰ্তৰ পিছত বন্দিপেত্তই নায়ক্কৰৰ প্ৰৱেশ৷ একগোট হৈ বহি থকা মানুহবোৰ থিয় হয়৷ সকলোৱে নিজৰ নিজৰ ডিঙিত ৰখা কাপোৰ কেইখন কাষলতিৰ তলত সুমুৱাই ৰাখি নায়ক্কৰক সন্মান জনায়৷ কেৱল ৱইতিলিংকম বহি থাকে৷]

নায়ক্কৰঃ কি অ’, অদইককপ্পন৷ গাঁৱৰ জ্যেষ্ঠ মানুহখিনি  ইয়ালৈ আহিছেনে?

অদইককপ্পনঃ আহি আছে৷ [এজনৰ পিছত এজনকৈ গাঁৱৰ মানুহ আহি আছে৷]

নায়ক্কৰঃ ইলেকচন যে আহিছে ৷ তোমালোকে জানানে ?

কনদইয়নঃ আমিনো কেনেকৈ জানিম? চহৰৰ পৰা ইমান দূৰত থাকোঁ৷

নায়ক্কৰঃ মই ক’লো দেখোন৷ আহি থকা নিৰ্বাচনত ছিদ্দেয়া নায়ক্কৰে নিৰ্বাচন খেলিব৷

অদইককপ্পনঃ ছিদ্দেয়া নায়ক্কৰ, তেখেত কোন?

নায়ক্কৰঃ হেই ... দিয়াচলাই কাৰখানাৰ ছিদ্দেয়া নায়ক্কৰ আকৌ ৷

অদইককপ্পনঃ তেখেতক ভালদৰে নিৰ্বাচন খেলিব দিয়ক ৷

নায়ক্কৰঃ সি আমাৰ জাতিৰ লোক৷ আমাৰ গোটেইকেইটা ভোট তাৰ তাতেই যাব লাগিব কিন্তু৷

ৱইতিলিংকমঃ বিৰোধী পক্ষত কোন আছেনো?

নায়ক্কৰঃ কৃষ্ণচামি ৰেদ্দিয়াৰ ৷ ৰেদ্দি জাতিৰ লোকসমূহ বহুত অহংকাৰী৷ আমাৰ নায়ক্কৰ জাতিৰ লোকসকলে সিহঁতক কোনোপধ্যে মানি ল’ব নালাগে৷

অদইককপ্পনঃ মহাশয়, আমি ভিন্ন ভিন্ন জাতিৰ লোক হ’লেও ইয়াত শান্তি আৰু মিলাপ্ৰীতিৰে             বসবাস কৰি আছোঁ৷ জাত-পাতৰ বৈষ¸ম্যৰ কথা ক’ব লাগেনে ?

নায়ক্কৰঃ জাত-পাতৰ বৈষ¸ম্যৰ কথা নকলে নহ’ব৷ যদি আমাৰ নায়ক্কৰ জাতিৰ কোনোবা এজন বিধানসভালৈ যায়, তেতিয়াহে আমি চাৰি পাঁচজন মান নায়ক্কৰে চৰকাৰী        চাকৰি পাম৷ আনকি চৰকাৰী মাটিৰ পট্টাও আমাৰ জাতিৰ মানুহে পাবলৈ সুবিধা হ’ব৷

অদইককপ্পনঃ সেই সকলোবোৰ ধনী মানুহৰ ক্ষেত্ৰতহে খাটে৷ আমাৰ নিচিনাকৈ অভাৱত খাবলৈ নোপোৱা সকলৰ ক্ষেত্ৰত নিমিলে৷

কোৱালুঃ আপুনি প্ৰত্যেকবাৰেই এনেদৰেই কয় যে, নায়ক্কৰ সকলে আমাৰ বাবে বহুত কৰিব৷ কিন্তু সিহঁতেনো আমাৰ গাঁৱলৈ পানী অনাৰ বাবে কি কৰিলে ? প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়তেই আপুনি কয় যে, পৰ্বত ভাঙি নিজৰা বৈ অহাৰ নিচিনাকৈয়ে আমাৰ গাঁৱলৈও পানী আহিব৷ কিন্তু পানীৰ নিজৰা চকুপানী হৈহে বৈ আছে৷    আকৌ, নিৰ্বাচন শেষ হোৱাৰ পিছত আপোনালোকে দিয়া আশাবোৰ আশা হৈয়ে ৰয়৷

নায়ক্কৰঃ কোন অ’ এইজন ? কোৱালু নেকি ? অৱশ্যে তই ক’ব পাৰ৷ কুলিৰ বাচ্ছা,  ৰিক্সাৱালাৰ বাচ্ছাক লগত লৈ ইউনিয়ন গঠন কৰিব ওলাইছ ? চাল্লা খাবলৈয়ে  একো নাই, তই আকৌ ইউনিয়ন বনাবলৈ যাৱ ?

ৱইতিলিংকমঃ খাবলৈ একো নাই সেয়ে ইউনিয়ন বনাব নোৱাৰে , বাৰু ঠিক আছে৷ কিন্তু খাবলৈ ইমান থাকিও যে ইউনিয়ন বনাব লগা হৈছে৷ সেইটোহে নুবুজিলোঁ ৷

নায়ক্কৰঃ ইউনিয়ন বনাই তোমালোকেনো কি কৰিম বুলি ভাবিছা?

কোৱালুঃ ৱন্দিপেওইত ফ্লেগ লৈ ধৰ্ণা দিম৷

নায়ক্কৰঃ তই ভাবিছ যে মই তোৰ কথাত ভয় খাই ইয়াৰ পৰা পলাই যাম৷ কিন্তু মই ৱেলুচামি নায়ক্কৰে এনেকুৱা সৰু সৰু ধমকিলৈ ভয় নকৰো বুজিলি?

কোৱালুঃ যদি আপুনি মানি নলয়, তেন্তে ? আমাৰ হাতত থকা ফ্লেগবোৰ তললৈ কৰি তাৰ মাৰীডালেৰে আপোনাক কোবাম৷ [নায়ক্কৰ চক্‌ খাই উঠে৷]

নায়ক্কৰঃ ঐ কি ক’লি?

অদইককপ্পনঃ এই কোবালু, ইয়াৰ পৰা যা৷ চাল্লা, মূৰ্খ কাৰ লগত কি কথা পাতিব লাগে নাজান?

কোৱালুঃ চুপ থাকক৷ সন্মান কৰি মনে মনে ৰৈ থকা সেই দিনবোৰ গ’ল৷ খাবলৈ পানী নাই, অ’ৰ ত’ৰ পানী খাই কাৰ কিমান বেমাৰ হ’ল ঠিকনা নাই৷ এই সময়ত ভোট খুজিবলৈ আহে/

নায়ক্কৰঃ হেই সন্মান কৰি কথা ক’বি৷ নহ’লে তোক মই মাৰি পেলাম৷

অদইককপ্পনঃ মহাশয় ৰ’ব ৰ’ব শান্ত হওক৷ এই কনদইয়ন কোৱালুক ইয়াৰ পৰা লৈ যা৷

        [কনদইয়নে কোৱালুৰ হাতত ধৰি তাৰ পৰা লৈ যায়৷]

কোৱালুঃ এনেকুৱা ধমকিবোৰ বন্দিপেত্তইত দিব৷ এই গাঁৱত আহি এইবোৰ ক’লে মোহাৰি পেলাম৷

[কোৱালুৱে চিঞৰি চিঞৰি যায়৷]

ৱইতিলিংকমঃ নায়ক্কৰ, অনুগ্ৰহ কৰি আপুনি বহকচোন৷ ডেকা ল’ৰাবোৰে সন্মান দিবই নাজানে৷

নায়ক্কৰঃ এই গাঁৱত পানীৰ সমস্যা, তোমালোকক পানী লাগে সেইখিনি কথা কোৱালৈকে ঠিক আছে৷ কিন্তু সেইবোৰ এৰি অন্য কথাত তৰ্ক কৰিব ধৰিছে৷ সেইটোনো      কি কথা হ’ল?

ৱইতিলিংকমঃ আপুনিনো আৰম্ভণিতে কিয় ইউনিয়ন গঠন কৰাৰ কথা ক’ব লাগে? আপুনিও কাৰ লগত কি কথা পাতিব লাগে নাজানে দেই৷

নায়ক্কৰঃ আপুনি ক’ব খুজিছে যে মই কথা ক’ব নাজানো৷ সি মোৰ চুলি এডালো ছিঙিব নোৱাৰে৷

ৱইতিলিংকমঃ সিনো আপোনাৰ চুলিত কিয় হাত দিব? চেলুনলৈ গ’লেই হ’ল নাপিতেই চুলি কাটি দিব৷ [সকলোৱে হাঁহিবলৈ ধৰে৷]

নায়ক্কৰঃ মাষ্টৰ৷

ৱইতিলিংকমঃ কোৱালুৰ প্ৰশ্নবিলাকতনো কি ভুল আছে? আমি এতিয়া সুধিছোঁ৷ আগতেও আপুনি কুৰুচামি নায়ক্কৰক ভোট দিয়াৰ কথা কৈছিল৷ আপুনি কোৱামতেই কৰিছোঁ৷ কিন্তু আজি পৰ্যন্ত এই গাঁৱলৈ পানী নাহিল৷

নায়ক্কৰঃ সেইকাৰণেইতো আমি ছয় পাঁচ বছৰীয়া পৰিকল্পনা হাতত লৈছোঁ৷

ৱইতিলিংকমঃ ইয়াৰ আগতেও পাঁচ বছৰীয়া পৰিকল্পনা আছিল৷ পিছে আপোনালোকে  কি কৰিলে?

নায়ক্কৰঃ এতিয়া নব্বৈ হাজাৰ কোটিৰ পৰিকল্পনা৷

অদইককপ্পনঃ এয়ানো কি কথা? আমি য’ত দহ টকীয়া নোট এখনেই দেখা নাই তাতে আপুনি নব্বৈ হাজাৰ কোটিৰ কথা কৈ আছে৷ এই সকলোবোৰ বোম্বাই, মাদ্ৰাজ, দিল্লী আদি চহৰত থকা মানুহৰ কথা৷ এই ভিতৰুৱা গাঁওখনৰনো কি পৰিৱৰ্তন হ’ব?

নায়ক্কৰঃ আগতে আপোনালোকে এনেকুৱা কথা কোৱা নাছিল৷ কেতিয়া এইবোৰ শিকিলে/

ৱইতিলিংকমঃ মই বাতৰি কাকত কিনি আনি এওঁলোকক পঢ়ি নুশুনাও নেকি? চহৰত থকা সকলৰ ৰেচন-কাৰ্ডত পাঁচ কিলো চেনি আৰু গাঁৱত থকা সকলৰ ৰেচন কাৰ্ডত এক কিলো চেনি কিয়? আমাৰ চাহত চেনি দিব নালাগে নেকি? নে আমাৰ ডায়বেটিছ হৈছে?

নায়ক্কৰঃ এই দুখীয়া মানুহবোৰে চাহ কফি খাব খোজে বাবেইতো দেশত দুৰ্ভিক্ষই দেখা দিছে৷

ৱইতিলিংকমঃ আপুনি ক’ব খুজিছে যে গাঁৱৰ মানুহে এনেকৈয়ে সদায় দুখীয়া হৈয়ে থাকিব? চহৰৰ মানুহবোৰে ভালদৰে চাফা কাপোৰ পিন্ধি থাকিব আৰু ইয়াতে মানুহে কষ্ট কৰি জীৱন নিৰ্বাহ কৰিব৷ এইটোক আপুনি ক’ব খোজা নাই জানো?

নায়ক্কৰঃ এতিয়াহে মই বুজিলোঁ৷ তুমিও এজন প্ৰৰোচক৷

ৱইতিলিংকমঃ এতিয়া আপুনিনো কি কৰিম বুলি ভাবিছে? আপুনি মোক পানী নোহোৱা ঠাই এখনলৈ পঠিয়াব বুলি নভবাকৈ আছেনে? ইয়াতকৈও পানী নোহোৱা ঠাই কেৱল চাহাৰা মৰুভূমিয়েই আছে৷ তালৈ মোক পঠিয়াবলৈ আপোনাৰ সাহস নাই৷

নায়ক্কৰঃ তুমি ৰেদ্দি জাতিৰ৷ সেইবাবেই তুমি নায়ক্কৰক নায়ক্কৰৰ বিপক্ষ কৰাইছা৷

অদইককপ্পনঃ এইবোৰ কি হৈ আছে ? আপুনি কেৱল নায়ক্কৰ আৰু ৰেদ্দীৰ কথাই কৈ আছে যে ? যোৱা তিনি বছৰ ধৰি তেখেতে আমাৰ লগতে আছে৷ যেতিয়া আপোনালোকৰ নিচিনা মানুহবোৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ইয়ালৈ আহে তেতিয়াহে আমি কোন কি জাতিৰ সেই কথা মনত ৰাখিব লাগে৷ তাৰ পিছতনো কোনে কি জাতিৰ কথা ভাবে?

কনদইয়নঃ অদইককপ্পন, নায়ক্কৰসকলক সংযোগ কৰিবলৈ কিমান কথা ক’ব আৰু ? তেখেতৰ পুত্ৰই ডাক্তৰী শিক্ষা সমাপ্ত কৰি এই গাঁৱৰ মানুহক সহায় কৰিব নোৱাৰে জানো?

অদইককপ্পনঃ ইয়াতেনো কি পইচা পাব, চেন্নাইত ইমান পইচা পাই আছেই দেখোন৷

কনদইয়নঃ চাবলৈ গ’লে সহায় কৰিবৰ বাবে নায়ক্কৰ সকল আগবাঢ়ি নাহে৷ তেওঁলোকক কেৱল ভোট হে লাগে৷

অদইককপ্পনঃ এওঁলোকে কেৱল লুটিবহে জানে৷

নায়ক্কৰঃ হেই....../

কনদইয়নঃ আপুনি যাওক৷ আমাক যন্ত্ৰণা নিদিব৷

নায়ক্কৰঃ সকলোৱে এটা কথাই মনত ৰাখিবি৷ যদি কিবা কাৰণত ছিদ্দিয়া নাইক্কৰ পৰাজিত হয় তেনেহ’লে এইখন গাঁও মৰিশালিলৈ পৰিৱৰ্তন কৰিম৷

অদইককপ্পনঃ এতিয়াতো সেয়াই হৈ আছে৷

[নায়ক্কৰ খঙতে গুচি যায়৷ ৱেললইচামি আৰু কোবালু আহে৷]

অদইককপ্পনঃ মাষ্টৰ, আমি এতিয়া কি কৰিম ?

ৱেললইচামিঃ যদি আমাৰ আত্মসন্মান আছে আৰু আমি যদি প্ৰকৃততেই মাতৃগৰ্ভৰ পৰা জন্মিছো, তেন্তে এই গাঁৱৰ কোনো এজন সদস্যই তাক ভোট নিদিয়ে৷

অদইককপ্পনঃ আমি সেইটোৱেই কৰিম৷

কোৱালুঃ কি যে কোৱা/ আমাৰ তিনিশ ভোট নাপালেনো কি হ’ল? সিহঁতে তিনিশটা মিছা ভোটৰ ব্যৱস্থা কৰি ল’ব৷

ৱইতিলিংকমঃ দিবলৈ দিয়া৷ ভোটদানৰ ক্ষেত্ৰত যদিও মিছা ভোট হ’ব পাৰে নি(য়কৈ ভোট গণনা প্ৰক্ৰিয়াটোৱে মিছা৷ মুঠৰ ওপৰত আমি আমাৰ খং উজাৰিব লাগে৷ সেয়ে আমি বয়কট কৰিম৷

অদইককপ্পনঃ কি কৰিম?

ৱইতিলিংকমঃ বয়ক’ট .....

অদইককপ্পনঃ অ’ আমি বয়ক’ট  কৰিম৷

দৃশ্যঃ ১১

 

[ৰেডিঅ’ত বাতৰি কৈ আছে৷]

কণ্ঠস্বৰঃ অল ইণ্ডিয়া ৰেডিঅ’৷ নিৰ্বাচনী সম্বন্ধীয় প্ৰচাৰ বিশেষ৷ এতিয়া বাতৰি পঢ়িছোঁ ভেংকটৰামনে৷ ইতিমধ্যে  নিৰ্বাচনৰ কিছু সংখ্যক ফলাফল আমাৰ হাতত আহি পৰিছে৷ ৱন্দিপেত্তই সমষ্টিত কৃষ্ণস্বামি ডাঙৰীয়াৰ বিপুল ভোটত জয়৷ তেখেতে তেখেতৰ নিকটতম বিৰোধী দলৰ ছিদ্দিয়া নায়ক্কৰক এশ পঞ্চাশটা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে৷  লক্ষনীয় যে এই নিৰ্বাচন অত্তিপত্তি গাঁৱৰ মানুহে বৰ্জন কৰিছে৷ সমষ্টিটোৰ  নিৰ্বাচনত অত্তিপত্তি গাঁৱৰ এটাও ভোট নপৰিল৷ তেওঁলাকৰ এটা ভোটৰও গণনা নহ’ল৷ চাত্তোৰ নিৰ্বাচনত....

[বাতৰি চলি আছে৷]

 

দৃশ্যঃ ১২

        [মঞ্চত কুৰ্তা-পায়জামা পিন্ধা দীঘল বেগ এটা লৈ এজন মানুহে ইফালে সিফালে চাই থকা দেখা যায়৷ পেছাত এজন সাংবাদিক৷ তেওঁৰ নাম ও.ভি.৷ পিছত হাত চাপৰি মাৰি মানুহ এজনক মাতে৷]

ও.ভিঃ হেৰি কোন আছে নো? এইফালে আহাচোন৷

[ৱেললইচামিয়ে থতমত খাই ইফাল সিফালে চাই আহি থাকে৷]

        ঐ গাড়ীচালক/ অত্তিপত্তি গাঁও ক’ত আছে ?

ৱেললইচামিঃ আপুনি কোন?

ও.ভিঃ কিয়? ঠিকনা ক’লেহে গাঁওখন দেখুৱায় নেকি?

ৱেললাইচামিঃ নহয়, সেইটো কথা নহয়৷ এনেয়ে সুধিছোঁ৷

ও.ভিঃ মোৰ নাম ওত্তপ্পীদাৰম ভেংকটেচন৷ সংক্ষেপে ও.ভি. বুলিয়ে কয়৷ সাংবাদিক৷ মাদ্ৰাজৰ পৰা আহিছোঁ৷

ৱেললইচামিঃ অত্তিপত্তিত কাৰ ঘৰ? অত্তিপত্তিৰ  মানুহে নিৰ্বাচন বয়ক’ট কৰিছে৷ সেই   বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আহিছোঁ৷

ৱেললইচামিঃ মই অত্তিপত্তি লৈ গৈ আছোঁ৷ মোৰ লগত আহা৷

ও.ভিঃ তুমি কোন?

ৱেললইচামিঃ অত্তিপত্তিলৈ পানীৰ গাড়ী কঢ়িয়াই নিয়া গাড়ীচালক৷ মোৰ লগত গাড়ীতে যাব পাৰা৷

 

দৃশ্যঃ ১৩

 

[ৱেললইচামি ও.ভি.ৰ লগত মাষ্টৰৰ ঘৰলৈ আহে৷ মাষ্টৰক মাতে]

ৱেললইচামিঃ অ’ মাষ্টৰ/

[ৱইতিলিংকম বাহিৰলৈ ওলাই আহে৷]

        এখেত মাদ্ৰাছৰ পৰা আহিছে৷ পেছাত এজন পত্ৰ সাংবাদিক৷

ৱইতিলিংকমঃ পত্ৰ সাংবাদিক নেকি? বহক৷ [ও.ভি. বহিছে৷] এই গাঁৱত কোনো ছোৱালীয়েইতো বলাৎকাৰৰ বলি হোৱা নাই ৷

ও.ভিঃ কিয় এইটো ক’লে?

ৱইতিলিংকমঃ এইটো কি সঁচা নহয় নেকি যে তোমালোকৰ দৰে পত্ৰ সাংবাদিক সকল হত্যা, লুণ্ঠন, বলাৎকাৰ আদি  উত্তেজনাপূৰ্ণ বাতৰি ছপোৱাৰ কাৰণেহে ব্যগ্ৰ    থাকা৷

ও.ভিঃ আমাৰ বাতৰি কাকত তেনেধৰণৰ নহয়৷

ৱইতিলিংকমঃ নহ’লেনো কিয় আহিছা?

ও.ভিঃ হৈ যোৱা নিৰ্বাচনত এই গাঁওবাসীয়ে কিয় ভোটদান নকৰিলে, সেই বিষয়েহে  তথ্য সংগ্ৰহ কৰিবলৈ আহিছোঁ৷

ৱইতিলিংকমঃ বাতৰি কাকতত এইবিলাক কথা লিখিবা জানো?

ও.ভিঃ নিশ্চয়৷

ৱইতিলিংকমঃ অভিনেত্ৰী সুকন্যাই শুকুৰবাৰে ৰঙা শাড়ী পিন্ধি শ্বুটিঙলৈ যাব, অভিনেত্ৰী সুপ্ৰিয়াই পঁইতাচোৰা দেখি ভয় খায় - এনেকুৱা খবৰবোৰেইতো তোমালোকে প্ৰকাশ কৰা৷

ও.ভিঃ এনেধৰণৰ খবৰ আমি প্ৰকাশ নকৰো৷ বাতৰি কাকতৰ সম্পাদকে এনেকুৱা খবৰ বিচাৰে তাত আমি কি কৰোঁ? সাধাৰণ মানুহবোৰে এনেধৰণৰ খবৰ পঢ়ি ভাল পায়৷ সেইবাবেইটো সম্পাদকে বিচাৰে৷

ৱেললইচামিঃ অভিনেত্ৰী সুকন্যাই কি ৰঙৰ শাড়ী পিন্ধিব এইবোৰ নাজানিলে সাধাৰণ মানুহখিনিৰ আহাৰ হজম নহ’ব নেকি? চৰকাৰে আমাৰ জাতীয় পতাকাৰ দীঘ-পুতল ঠিক কৰিছে৷ এইজোখৰ কাপোৰখিনিও আনকি ভাৰতৰ গাঁৱৰ মানুহে নাপায়৷ অভিনেত্ৰীয়ে এই অৱস্থাত শাড়ীয়ে পিন্ধে নাইবা ধুতিয়ে পিন্ধে আমাৰনো কি আহে যায়?

ও.ভিঃ এইটোনো কি কথা হ’ল৷ মই আহিলোঁ আপোনালোকৰ সাক্ষাৎকাৰ ল’বলৈ... আপোনালোকে আকৌ ওলোটাই মোৰহে সাক্ষাৎকাৰ লৈছে দেখোন৷

ৱইতিলিংকমঃ আৰুনো কি? আগতে বাতৰি কাকতবোৰে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে সাধাৰণ মানুহখিনিক উৎসাহ-উদ্দীপনা যোগাইছিল৷ কিন্তু এতিয়াৰ বাতৰি কাকতে? এইবোৰ ভাবিলে বহুত বেয়া লাগে৷

ও.ভিঃ এতিয়া নো সংগ্ৰাম কৰিবলৈ কি আছে?

ৱেললইচামিঃ আপুনি কৈছে যে সংগ্ৰাম কৰিবলৈ কি আছে/ যদি আপোনাৰ নিচিনা শিক্ষিত মানুহবোৰে এনেকুৱা প্ৰশ্ন কৰে, তেন্তে এই দেশখনে অহা এশ বছৰতো উন্নতি কৰিব নোৱাৰে৷ যাওক৷ সংগ্ৰামনো কিয় কৰিব লাগে নহয়নে? যাওক, আৰু অভিনেত্ৰী সুকন্যাই বুধবাৰৰ দিনাখন কি ৰঙৰ শাড়ী পিন্ধিব সেই তথ্য সংগ্ৰহ কৰক৷ যাওক আৰু কোনগৰাকী অভিনেত্ৰীয়ে পঁইতাচোৰাক ভয় কৰে তাৰেই এখন তালিকা প্ৰস্তুত কৰকগৈ৷

ও.ভিঃ বাতৰি কাকতক লৈ আপোনালোকৰ ইমান খং নে?

ৱইতিলিংকমঃ কিয় নকৰিম? আপুনি কৈছে সংগ্ৰামৰ কথা৷ যোৱা পাঁচ বছৰ ধৰি আমি পানী খাবলৈ পোৱা নাই৷ তিনিটা নিৰ্বাচন ইতিমধ্যে পাৰ হৈ গ’ল৷ আমাৰ কিন্তু এতিয়ালৈকে একো এটাই নহ’ল৷ এই সময়ত মই স্কুলত থাকিব লাগিছিল৷ কিন্তু মই ইয়াত আছোঁ৷

ও.ভিঃ কিয়?

ৱইতিলিংকমঃ বিদ্যালয়ত মধ্যাহ্নভোজন দিয়া হৈছে, কিন্তু পানীৰ ব্যৱস্থা নাই৷ এই মানুহজনে চৈধ্য মাইল দূৰলৈ পানী আনিবলৈ যায়৷ পানী আহি পোৱা সময়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়৷ তেতিয়া প্ৰায় তিনিটামান বাজে৷ সেইবাবেই মই ৰাতি হাৰিকেন লেম্পৰ পোহৰত ক্লাছ কৰোঁ৷ পিছে এতিয়া হাৰিকেন লেম্পৰ বাবে কেৰাচিনো পাবলৈ নাই৷ মোৰ ছাত্ৰ-ছাত্ৰীসকলে খেৰ খৰিৰে জুই ধৰি তাৰ পোহৰতেই পঢ়া শুনা কৰে৷

ও.ভিঃ শুনিবলৈও আনকি কষ্ট পাইছোঁ৷

ৱইতিলিংকমঃ আপোনালোকৰ চেন্নাইত চৰকাৰী পানীৰ পাইপেৰে পানী নাহিলে পৃষ্ঠা ভৰাই ভৰাই বাতৰি কাকতত দিয়ে৷ পাঁচ বছৰ ধৰি ইয়াত পানী নাই, কোনোৱে একো কৰা নাই৷ আমিওতো ভাৰতবৰ্ষৰেই মানুহ৷

ও.ভিঃ কিয় আপোনালোকে চৰকাৰক আবেদন জনোৱা নাই?

ৱইতিলিংকমঃ লিখিছো৷ কোয়িলপত্তিলৈ গৈ আমি মন্ত্ৰীক স্মাৰকপত্ৰও দিছোঁ৷ মন্ত্ৰীয়ে সেইখন পি.এ.ক. দিছে৷ মন্ত্ৰীয়ে ডি.চি. ক দিছে৷ ডি.চি. য়ে ৰেভিনিউ ইন্সপেক্টৰলৈ পঠিয়ালে৷ তেওঁ আকৌ গ্ৰামসেৱকলৈ পঠিয়ালে৷ গ্ৰামসেৱকে এই গাঁৱলৈ আহি সঁচাকৈয়ে এই গাঁৱত পানী নাই বুলি ইন্সপেক্টৰলৈ পঠিয়ালে৷ ৰেভিনিউ ইন্সপেক্টৰে পানী সঁচাকৈয়ে নাই বুলি ডি.চি. লৈ লিখিলে৷ ডি.চি.য়ে সঁচাকৈয়ে পানী নাই বুলি পি.এ.লৈ লিখিলে৷ পি.এ. আকৌ পানী নাই বুলি লিখি       মন্ত্ৰীক দিলে৷ মন্ত্ৰীয়ে বিধান সভাত এই কথাটো হয়ভৰ দিলে৷ এটা সত্য নিৰূপণ হোৱাৰ পাঁচ বছৰ হৈ গ’ল৷ এই সময়ৰ ভিতৰত আধা সংখ্যক মানুহেই এই গাঁও এৰি গুচি গ’ল৷ বাকী কিছু মানুহে য’ৰে ত’ৰে পানী খাই মৰিল৷

ও.ভিঃ এইবোৰ কাৰণতেই খং কৰি আপোনালোকে এইবাৰৰ নিৰ্বাচন বয়ক’ট কৰিলে?

ৱইতিলিংকমঃ এই সকলোবোৰ আমি কৰিব পাৰোঁ৷

ও.ভিঃ আপোনালোকে বিশ্বাস কৰেনে এনেকৈ বয়ক’ট কৰিলে চৰকাৰে আপোনালোকৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল’ব পাৰে?

ৱইতিলিংকমঃ এনে ভ্ৰম আমাৰ নাই৷ আমি জানো চৰকাৰে এনেকুৱা শান্তি সংগ্ৰামলৈ গুৰুত্ব নিদিয়ে৷ এই সময়ত চৰকাৰে বাছ জ্বলাই হিংসা সংগ্ৰাম কৰা কথাবিলাকতহে চকু দিয়ে৷

ও.ভিঃ এনেকুৱা হিংসা কৰ্মই  কিবা ফলাফল দিব বুলি জানো ভাবে?

ৱইতিলিংকমঃ ফলাফল? পোৱা যাব নে নাযাব সেইটো কথা নহয়৷ মুঠতে এনেকুৱা হিংসা কাৰ্যকহে চৰকাৰে গুৰুত্ব দিয়ে৷

ও.ভিঃ হিংসা কৰ্মবোৰ আমাৰ দেশৰ বাবে ভাল নহয়, নে কি কোৱা?

ৱেললইচামিঃ দুখীয়া মানুহবোৰে এই অন্যায় সহিব নোৱাৰে৷ যদি হঠাতেই আৰ্থিক পৰিৱৰ্তন নঘটে তেন্তে হিংসা বিপ্লৱ আহিব৷ এই বিপ্লৱৰ ফলত আমি আটায়ে জাহ যাম৷ দুখীয়াবোৰে নিজৰ ভাগ্য আৰু ভগৱানক ধিয়াই এই সকলোবোৰ সহ্য কৰিব৷ তেতিয়াও কিন্তু এই বিপ্লৱৰ শেষ নহ’ব৷

ও.ভিঃ কি কৈছে? কিয় এনেকৈ কৈছে?

ৱেললইচামিঃ এনেকুৱাকৈ মই কোৱা নাই৷ মই কেৱল বিখ্যাত গান্ধীবাদী ভি.আৰ.ভি. ৰাওৱে বাতৰি কাকতত লিখা কথাখিনিহে কৈছোঁ৷

ও.ভিঃ মই কৰা সন্দেহটো সঁচা৷

ৱেললইচামিঃ কি সন্দেহ?

ও.ভিঃ গাঁৱৰ পানী কঢ়িওৱা মানুহৰ মুখত এই কথা হ’ব নোৱাৰে৷

ৱেললইচামিঃ তেন্তে?

ও.ভিঃ এনেকুৱা কথা জাব্বাদু পৰ্বতৰ পৰা ধৰি অনা পুলিচৰ ওচৰৰ পৰা পলায়ন কৰা বেললইতুৰইৰেই হ’ব নিশ্চয়৷

ৱেললইচামিঃ মহাশয়/

ৱইতিলিংকমঃ মিষ্টাৰ ও.ভি. অনুগ্ৰহ কৰি .....

ও.ভিঃ মোৰ ডিঙি কটা গ’লেও মই তোমাৰ কথা পুলিচৰ আগত নকওঁ৷ চিন্তা নকৰিবা৷ এসময়ত মোৰ পিতাও গান্ধীবাদী লোক আছিল৷ কিন্তু চাৰিটা কমিউনিষ্ট মানুহে মোৰ পিতাক লুকুৱাই ৰাখি আমাক বহুত উপকাৰ কৰিছিল৷ তুমি চিন্তা নকৰিবা তোমাক ধৰিবলৈ মই ইয়ালৈ অহা নাই৷ এই গাঁৱৰ অৱস্থাৰ কথা মই আমাৰ কাকতত লিখিম৷ মুঠৰ ওপৰত এই গাঁৱলৈ যিকোনো প্ৰকাৰে পানী আনাবলৈ মই চেষ্টা কৰিম৷

 

দৃশ্যঃ ১৪

 

[মঞ্চত অলপ অলপকৈ পোহৰ দিয়া হয়৷ ৱন্দিপেত্তইৰ নায়ক্কৰ থিয় হৈ আছে৷ ও.ভি.ও লগতে থিয় হৈ আছে৷]

ও.ভিঃ আপোনাৰ সমষ্টিত ছিদ্দেয়া নায়ক্কৰৰ পৰাজয়ৰ কাৰণ কি বুলি ভাৱে?

নায়ক্কৰঃ কাৰণনো কি হ’ব আৰু? অত্তিপত্তিৰ চোৰ নায়ক্কৰসকলে এটাও ভোট নিদিলে৷ আমাৰ নায়ক্কৰে এশ পঞ্চাশটা ভোটৰ বাবে হাৰিলে৷ যদি অত্তিপত্তি গাঁৱৰ লোকসকলে ভোট দিলেহেঁতেন, তেতিয়া ছিদ্দেয়া নায়ক্কৰ নিশ্চিতভাৱে জয়ী হ’লহেঁতেন৷

ও.ভিঃ কিয় তেওঁলোকে নিৰ্বাচন বয়ক’ট কৰিলে?

নায়ক্কৰঃ বেয়া দিন চলিছে সিহঁতৰ৷ সৱ মৰিব৷ জাতিৰ প্ৰতি অলপো মৰম ভালপোৱা নাই সিহঁতৰ৷

ও.ভিঃ তেওঁলোকে মোক ক’লে যে তেওঁলোকৰ গাঁৱলৈ পানীৰ সুব্যৱস্থা অহা নাই৷ সেইকাৰণে তেওঁলোকে ভোট দিয়া নাই৷

নায়ক্কৰঃ পানী পোৱা আৰু ভোট দিয়াৰ মাজত কি সম্পৰ্ক আছে? কোনে সিহঁতক ইমান শুকান ঠাইত থাকিব দিছে? নিজৰ জাতিৰ প্ৰতি যাৰ অভিমানেই নাই৷ মাদ্ৰাজ মাদুৰাইলৈ গৈ ভিক্ষা খুজিব পাৰে দেখোন৷

ও.ভিঃ কিয় আপুনি সিহঁতৰ তালৈ পানী যোগান ধৰিব নোৱাৰে?

নায়ক্কৰঃ তাৰ বাবেনো আমি কি কৰিম? ইতিমধ্যে চৰকাৰে গংগাৰ পৰা পানী অনাৰ প্ৰজেক্ট হাতত লৈছে৷ ইয়াৰ মাজতে সিহঁতৰনো কি ইমান খৰধৰ লাগিছে? চোৰ মানুহ৷ থাকিব দিয়া৷ দেখা যাব৷ এতিয়া যিখিনি পানী পাই আছে সেইখিনিও নহাৰ ব্যৱস্থাহে কৰিম মই৷

 

দৃশ্যঃ ১৫

 

[মঞ্চত লাহে লাহে পোহৰ বিয়পি পৰে৷ বাতৰি কাকতৰ স্বত্বাধিকাৰী আৰু ও.ভি. থিয় হৈ আছে৷]

ও.ভিঃ ছাৰ, মোৰ গাঁৱলৈ গৈ ঘূৰি অহাৰ সময়ত অত্তিপত্তি নামৰ গাঁওখনলৈ গ’লোঁ৷ তেওঁলোকৰ কোনেও এইবাৰৰ নিৰ্বাচনত ভোট নিদিলে৷ তেওঁলোকৰ কাৰণটো শুনি তেওঁলোকৰ প্ৰতি মোৰ পুতৌ জন্মিছে৷ খাবলৈ পানী নোহোৱাৰ বাবে বহুবছৰ ধৰি যাতনা ভূগি আছে৷ ফ্ল’ৰাইড মিহলি পানী খাই বহুজনৰ হাত, ভৰি অচল হৈ এতিয়া শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰি আছে৷ গাঁওখনৰ প্ৰত্যেকেই দৰিদ্ৰ৷ কোনো এটা ৰাজনৈতিক দলেই সিহঁতৰ সমস্যাক গুৰুত্ব দিয়া নাই৷ আমাৰ বাতৰি কাকতত সিহঁতৰ পানীৰ সমস্যাটো লিখি চৰকাৰৰ লগত যুঁজি গাঁওবাসীক সহায় কৰিব পাৰোঁ৷ সকলো ৰিপ’ৰ্ট বনাই লৈয়েই আহিছোঁ৷

পাৰাংকুচমঃ সেইখিনি থাকিব দিয়া৷ মই তুমি আহি পোৱাটোকেই বিচাৰিছিলোঁ৷ আজি অভিনেত্ৰী কুন্তলা কুমাৰীৰ জন্মদিন৷ তেখেতে নিজেই ফোন কৰি যাবলৈ কৈছে৷ ফটোগ্ৰাফাৰক লগত লৈ যোৱা৷ চাৰি-পাঁচখনমান মজা মজা চেক্সি ফটো তুলিব ক’বা৷ আমি বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই ডাঙৰকৈ তুলি দিম৷

ও.ভিঃ অত্তিপত্তিৰ খবৰটো?

পাৰাংকুচমঃ এহ্‌ পেলাই দিয়া৷ ভাৰতবৰ্ষত সাত লাখ গাঁও আছে৷ তাৰ ভিতৰত চাৰিলাখেই  অত্তিপত্তিৰ দৰে গাঁও৷ সেই চাৰি লাখ গাঁৱৰ কথা আমাৰ কাকতত লিখি লিখি পানীৰ ব্যৱস্থা কৰিয়ে থাকিম নেকি?

ও.ভিঃ একো নহ’লেও..... আমি অত্তিপত্তিৰ কথাটো লিখিব পাৰোঁ৷

 পাৰাংকুচমঃ কি প্ৰয়োজন আছে? আমাৰ চৰকাৰৰ বিপক্ষত লিখিলে চৰকাৰৰ যিখিনি এডভাৰটাইজমেণ্ট আহে সেইখিনি আমি নাপাম৷ পেপাৰত চৰকাৰী এডভাৰটাইজ অনা কিমান কষ্ট সেয়া কেৱল মইহে জানো৷

ও.ভিঃ আমি ন্যায়ৰ বাবে লিখিম৷

পাৰাংকুচমঃ তোমাৰ ন্যায় কোনে বিচাৰিছে? সোনকালে কুন্তলা কুমাৰীৰ ঘৰলৈ যোৱা৷

ও.ভিঃ কিন্তু এতিয়া এই ৰিপোৰ্টটো?

পাৰাংকুচমঃ ৰিপোৰ্ট টো ডাষ্টবিনত দলিয়াই দিয়া ভাই৷ তুমি পত্ৰিকা সাংবাদিকৰ বাবে উপযুক্তই নোহোৱা৷ আমোদজনক কথা লিখি পইচা আৰ্জিবলৈ শিকাহে৷

ও.ভিঃ তাৰ বাবে মই সাজু নহয় ছাৰ৷

পাৰাংকুচমঃ তেনেহ’লে এই চাৰিসীমাৰ ভিতৰত ভৰি নিদিবা৷ কিমান দৰমহা পাব লগা আছে থিক থাক কৰি ইয়াৰ পৰা গুচি যোৱা৷

 

দৃশ্যঃ ১৬

 

[ৱইতিলিংকমৰ বাৰাণ্ডাত ৱেললইচামিয়ে বাতৰি কাকত পঢ়ি থাকে৷ চে ৱন্দি আহে]

চেৱন্দিঃ দাদা, পানী আনিবলৈ নোযোৱা নেকি?

ৱেললইচামিঃ যাম অ’..... অলপ পিছত যাম৷

চেৱন্দিঃ আজি অলপ সোনকালে যাব নোৱাৰানে?

ৱেললইচামিঃ কিয় চেৱন্দি৷ কি কাৰণ?

চেৱন্দিঃ চেত্তুৰৰ কিছুসংখ্যক মানুহ আহিব৷

ৱেললইচামিঃ কিয়?

চেৱন্দিঃ কিয় দাদা আপুনি নাজানে নেকি? বিয়া থিক কৰিবলৈ আহিব আকৌ৷

ৱেললইচামিঃ ওহ .... মই পাহৰি গৈছিলো, ভণ্টী কনকদইয়নে মোক কৈছিল৷ দৰাজনে কি কৰে?

চেৱন্দিঃ পুলিচ বুলি শুনিছোঁ৷ দুই একৰ মান মাটি আছে বুলি শুনিছোঁ৷

ৱেললইচামিঃ হয় নেকি? লখিমী এজনী পাব সিহঁতে৷

চেৱন্দিঃ সেইটো কথা নহয় অ’... মই গুচি গ’লে পিতাও অকলশৰীয়া হ’ব৷ তেখেতৰ মূৰৰ বিষ উঠিলেও ঔষধ যোগান ধৰা কোনো নাথাকিব৷

ৱেললইচামিঃ কিয় এইবোৰ ভাবি গুণি দুখ কৰি আছা? মই নাই নেকি? তোমাৰ পিতাক মই চাম নহয়৷

চেৱন্দিঃ আপোনাৰ ডিঙি কেতিয়া কটা যায় থিক নোহোৱা অৱস্থা হৈছে.... আপুনি আকৌ... ভগৱানে আপোনাৰ মংগল কৰক৷

ৱেললইচামিঃ মোৰ একো নহয়৷

চেৱন্দিঃ অলপ সময়ৰ ভিতৰত সিহঁত আহিব৷ তেওঁলোকৰ চকুৰ সমুখত লৈ আপুনি নাহিবদেই৷ এতিয়াই যাওক৷ পিতাইও তাকেই কৈছিল - ‘দৰাঘৰৰ কোনোবাই ৱেললইচামিক দেখিলে সৰ্বনাশ হ’ব’৷ তোমাৰ, ফটো প্ৰতিখন পুলিচ ষ্টেচনতেই ওলমি আছে৷

ৱেললইচামিঃ পুলিচ ষ্টেচনত ডাঙৰ ডাঙৰ মানুহবোৰৰ ফটো থাকে৷ মইও কিছুদিনৰ পৰা ডাঙৰ মানুহ হ’ব পাৰিছোঁ৷ ঠিক আছে... মই গৈ থাকোঁ তেতিয়াহ’লে৷ পিছে সদায় ঘূৰি অহা সময়তেই ঘূৰি আহিব পাৰিম নে?

চেৱন্দিঃ আপুনি আহি পোৱা সময়লৈকে তেওঁলোকে থিক থাক কৰি গুচিয়ে যাব৷

ৱেললইচামিঃ বাৰু, মই আহোঁ৷

[ৱেললইচামি গুচি যায়৷ চেৱন্দি ঘৰৰ ভিতৰত সোমায়৷]

 

দৃশ্যঃ ১৭

 

[অদইককপ্পনৰ ঘৰত পুলিচ দৰা অলকিৰিৰ লগত অদইককপ্পনে কথা পাতি থাকে৷]

অদইককপ্পনঃ বোপা, তোমাৰ ভাগ্য বহুত ভাল যে তুমি চেৱন্দিৰ নিচিনা এজনী ভাল ছোৱালী পাইছা৷ তাই শান্ত, নম্ৰ আৰু মৰমিয়াল ছোৱালী৷ সৰু ল’ৰা-ছোৱালীক মৰম কৰাৰ লগতে ডাঙৰক বহুত সন্মান কৰিব জানে৷

অলকিৰিঃ এই সকলোবোৰ জানি বুজিয়ে পিতায়ে বিয়াখনত মত দিছে৷

অদইককপ্পনঃ তোমাৰ কাম দেৱগিৰিত নে?

অলকিৰিঃ হয়, পুলিচ কনষ্টেবল৷

অদইককপ্পনঃ ভাল কাম৷ চেৱকিৰি, চেত্তুৰৰ পিনে পানীৰ ব্যৱস্থা কেনেকুৱা?

অলকিৰিঃ কিনো ক’ম? যিমানে দাবি ধমকি দিলেও গাঁৱৰ ভিতৰত বহুজনেই মদ বনোৱা কাম কৰে/

অদইককপ্পনঃ মই সেইটো কোৱা নাই৷ খোৱা পানীৰ কথাহে কৈছোঁ৷

অলকিৰিঃ ওহ্‌ সেইটো কৈছে৷ এইখন গাঁৱৰ নিচিনাকৈ সিমান সমস্যা নাই৷

অদইককপ্পনঃ ও ও... তোমাৰ কামত প্ৰমোচন নহয় বুলি কৈছে... কথাটো সঁচা নেকি?

অলকিৰিঃ কিয় এনেকৈ সুধিছে?

অদইককপ্পনঃ কোয়িলপত্তিৰ পুলিচ এজনক মই চিনি পাওঁ৷ যিজন মই সৰু থাকোঁতে যেনেকুৱা আছিল এতিয়াও তেনেকুৱা হৈয়ে আছে৷ আগতে ৰঙা টুপী আছিল এতিয়া ক’লা টুপী৷ আগতে হাফপেণ্ট পিন্ধিছিল এতিয়া দীঘল পেণ্ট পিন্ধে৷

অলকিৰিঃ যদি ভালেসংখ্যক কেছ পোৱা যায় তেন্তে প্ৰমোচন হয়৷ কিন্তু প্ৰমোচনৰ বাবে চিন্তা নাই৷ চৰকাৰে যিখিনি দৰমহা দিব তাৰ লগতে গাঁৱত মদ বনোৱা মানুহখিনিয়েও পইচা দিয়েই যিহেতু...৷

অদইককপ্পনঃ ভাইটি, এনেদৰে এটা মাহত কিমান উপাৰ্জন হয়?

অলকিৰিঃ মই এনেকৈ উপাৰ্জন কৰা বিধৰ নহয়৷ বহুকেইজন দোষীক ধৰি নি শাস্তি প্ৰদান কৰি প্ৰমোচন ল’বলৈহে মই উৎসাহী৷ এতিয়াই ধৰকচোন এজন হত্যাকাৰীয়ে জাব্বাদু পৰ্বতৰ পৰা পলায়ন কৰি এই ঠাইত লুকাই থকা বুলি ৰিপোৰ্ট আহিছে৷ তাক এতিয়াই ধৰিব পাৰিলে চৰকাৰে লগে লগে প্ৰমোচন দিব৷

[অদইককপ্পনে চক্‌ খাই উঠে৷]

অদইককপ্পনঃ এহ্‌ এইবোৰ থোৱা৷ আৰু এটা কথা সুধিবলৈ আছে৷

অলকিৰিঃ কিনো? কওকচোন৷

অদইককপ্পনঃ মহিলাসকলক পুলিচ ষ্টেচনলৈ সোধ-পোছ কৰিবলৈ নি বলাৎকাৰ কৰে বুলি শুনিছোঁ৷ কথাটো সঁচা নে?

অলকিৰিঃ কোনে কৈছে?

অদইককপ্পনঃ মাষ্টৰে বাতৰি কাকতত পঢ়ি আমাক শুনাইছিল? সঁচা কথা নে বাতৰি কাকতত মিছা লিখিছে?

অককিৰিঃ সেইবোৰ মই নাজানো৷ মুঠতে আমাৰ গাঁৱৰ পুলিচ ষ্টেচনত এইবোৰ কাৰ্য সম্ভৱ নহয়৷ সেয়া খাটাং৷

                        [কনদইয়ন আহি আছে৷]

কনদইয়নঃ কি অ’ অদইককপ্পন ? দৰাৰ লগত কথা পাতিছা?

অদইককপ্পনঃ কনদইয়ন, তোমাৰ জোঁৱাই বহু ভাল৷ আমাৰ ছোৱালীক সুখত ৰাখিব৷

[অলকিৰিৰ পিতা আহে৷]

অলকিৰিৰ পিতাঃ ঠিক আছে তেনেহ’লে, অহা থাই [মাঘ মাহ] মাহৰ ভাল দিন-বাৰ এটা চাই আপোনাক চিঠি দিম৷ বিয়া দেৱগিৰিত আয়োজন কৰিম৷

কনদাইয়নঃ বহুত ভাল লাগিল৷

অলকিৰিৰ পিতাঃ  বাৰু৷ আহো তেন্তে৷ সময়ো হৈ আহিছে৷ ছাৰে পাঁচ বজাৰ বাছখন নাপালে  দিগদাৰ হ’ব৷ আমি আহোঁ....

অলকিৰিঃ আহিছোঁ খুড়া৷

[অলকিৰি আৰু তেওঁৰ পিতা যায়৷]

কনদইয়নঃ কথাহে দিলো.... কিন্তু কি বা হ’ব?

অদইককপ্পনঃ তীৰুচেন্দুৰ মুৰুগণে সকলো থিক কৰিব.....

 

দৃশ্যঃ ১৮

 

[মংগল ধবনি, উদুলি মুদুলি, উৰুলি, আলহী দুলহীৰে বিয়াৰ পৰিৱেশ এটা মঞ্চত দেখুওৱা হয়৷]

কেইজনমান মানুহৰ কথোপকথনঃ অত্তিপত্তিৰ কুমাৰ নায়ক্কৰ নাতি জীয়ৰী আৰু কনদইয়নৰ ছোৱালী চেৱন্দিৰ...

অন্য এজন মানুহঃ চিৱগিৰীৰ চোলে নায়ক্কৰৰ নাতি আৰু মুণ্ডু নায়ক্কৰ পুত্ৰ অলকিৰিচামি নায়ক্কৰ...

কেইজনমান মানুহৰ কথোপকথনঃ মংগলসুত্ৰ বান্ধা, মংগলসুত্ৰ বান্ধা ...

[উৰুলিৰ শব্দ]

অন্য এজন মানুহঃ অদইককপ্পন নায়ক্কৰ ছয় টকা৷

অদইককপ্পনঃ সম্পূৰ্ণ ঠিকনা কোৱা আকৌ...

অন্য এজন মানুহঃ অত্তিপত্তিৰ বালু নায়ক্কৰৰ পুত্ৰ অদইককপ্পন নায়ক্কৰৰ উপহাৰ ছয়টকা৷ মাষ্টৰ ৱইতিলিংকম ৰেদ্দিৰ উপহাৰ দহ টকা৷ কোবালু নায়ক্কৰৰ উপহাৰ পাঁচ টকা৷ কুৰুচামি নায়ক্কৰৰ ছয় টকা৷ কুপন মিস্ত্ৰীৰ উপহাৰ ছয় টকা৷ ৰ’বা ৰ’বা কোনো নাযাবা৷ আহাৰ গ্ৰহণ কৰিহে যাবা৷

[লাহে লাহে বিয়াৰ হাই-উৰুমি কমি আহে৷]

 

দৃশ্যঃ ১৯

 

[ৱইতিলিংকমৰ প্ৰৱেশ৷]

ৱইতিলিংকমঃ কনদইয়ন... অদইককপ্পন... [দুয়ো আহে৷] তেনেত্তুলৈ যোৱা ৱেললইচামি এতিয়ালৈকে ঘূৰি অহা নাই দেখোন... অলপ ভয় লাগিছে৷

অদইককপ্পনঃ আহিব৷ গৰুৰ খোজ লেহেম হ’ব পাৰে৷

কনদইয়নঃ গৰুৰ খোজৰ কথা নহয় অ’... ক’ৰবাত গাড়ী পিছলিবও পাৰে৷

ৱইতিলিংকমঃ ইতিমধ্যে এন্ধাৰ হৈ আহিছে৷ সাধাৰণতে ইমান পলম নহয় দেখোন৷

[কুৰুচামি, কোৱালুৰ প্ৰবেশ]

কুৰুচামিঃ মাষ্টৰ, ৰাস্তা-ঘাট সকলোতে চালোঁ ৱেললইচামিৰ গাড়ী ক’তো নেদেখিলোঁ৷

ৱইতিলিংকমঃ বেচেৰা? পুলিচে ধৰিলে নেকি?

অদইককপ্পনঃ [চিন্তান্বিত দৃষ্টিৰে] কনদইয়ন তুমি তোমাৰ জোঁৱাইক কিবা কৈছা নেকি?

কনদইয়নঃ হেই/ পাগল হৈছা নেকি?

অদইককপ্পনঃ জোঁৱায়েৰৰ প্ৰমোচনৰ বাবে ৱেললইচামিৰ বিষয়ে একো কৈ দিয়া নাইতো?

কনদইয়নঃ কাফুৰৰ জুই নুমুৱাই প্ৰতিজ্ঞা লোৱা মানুহ মই৷ এনেবোৰ কাম মোৰ দ্বাৰা সম্ভৱ নহয়৷ মুখ বন্ধ কৰা৷

[বাহিৰত ৱেললইচামিৰ মাত শুনা পোৱা যায়৷]

ৱেললইচামিঃ মাষ্টৰ....

[সিফালৰ পৰা মাত আহে সেইফালে আটায়ে ঘূৰি যায়৷ ৱেললইচামিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আৰু মূৰত বেণ্ডেজ দেখা যায়৷]

ৱইতিলিংকমঃ হাৰে ৱেললইচামি দেখোন... ঐ যা যা ... তাক তহঁতে আহিবলৈ সহায় কৰ...

[কুৰুচামি আৰু কোৱালুৱে ৱেললইচামিক ধৰি আনে৷]

ৱেললইচামিঃ তেনুত্তুৰ পৰা পানী আনিব ধৰা সময়ত চাৰিজন মানুহ আহিল৷ বলবান মানুহ কেইজনে মোক ধমক দি ক’লে যে - ‘তই অত্তিপত্তিৰ মানুহখিনিক পানী যোগান ধৰ? ৰহ এতিয়া মজা পাবি৷ পানীৰ পিয়াহত মৰিবি৷’ এইবুলি কৈ সিহঁতে মোৰ মূৰত লাঠীৰে আঘাত কৰি গৰুৰ গাড়ীখন ওপৰৰ পৰা তললৈ ঠেলি দিলে৷ গৰুটো মৰি গ’ল আৰু গাড়ীখনো ভাঙিল৷

অদইককপ্পনঃ হে ভগৱান... সিহঁতক পাপে চুব... ভগৱানে শাস্তি দিয়ক৷

কনদইয়নঃ এইবোৰ নিশ্চয় ৱন্দিপেত্তইৰ নায়ক্কৰৰ কাম হ’ব৷

কোৱালুঃ খাতিৰ নকৰোঁ৷ চাল্লা,ৱন্দিপেত্তইৰ নায়ক্কৰ  তাক মই মাৰি পেলাম৷

[কোৱালু যাবলৈ ওলায়]

ৱইতিলিংকমঃ কোৱালু শান্ত হ৷ ৱন্দিপেত্তইৰ নায়ক্কৰক মাৰি তই সাৰি যাব পাৰিবি বুলি ভাবিছ? পুলিচে তোক জেলত ভৰাই থ’ব৷

অদইকপ্পনঃ ঠিকেই কৈছা, মাষ্টৰ৷ নিজৰ খঙেৰে গাঁওখনলৈ বিপদ চপাই নানিবি কোবালু৷

কোৱালুঃ মৰিম৷ তাতেনো কি হ’ব? এনেদৰে ৰাস্তাৰ কুকুৰৰ নিচিনা জীয়াই থকাতকৈ মৰি যোৱাই ভাল৷

অদইককপ্পনঃ সাৱধান৷ পাগলামি নকৰিবি৷ তোৰ এনেধৰণৰ কৰ্মৰ বাবে যাতে এই গাঁৱৰ কাৰো একো ক্ষতি নহয়, সেই বিষয়ে সজাগ হ’বি৷ গাঁৱৰ মতৰ বিপক্ষে নাযাবি৷

কোৱালুঃ গাঁৱৰ মানুহৰ মত? কিডাল বুজাবুজি আছে? কুৰুচামি যা, ঘৈণীয়েৰৰ পৰা পাঁচ ছয়খন শাড়ী লৈ আনি ইহঁতক দে৷ তিৰোতাৰ দৰে শাড়ী পিন্ধি ঘূৰি ফুৰি থাকিব৷ নিজেতো একো নকৰেহ, মই কিবা কৰিম বুলি ভাবিলেও অনুমতি নিদিয়ে৷ থুই

[থুই কৰি খঙতে গুচি যায়৷]

 

দৃশ্যঃ ২০

 

[অলকিৰি আৰু চেৱন্দি কথা পাতি থাকে৷]

অলকিৰিঃ আদি [আহাৰ] মাহত অকলে ঘৰলৈ গৈ অকলে অকলে ঘৰলৈ যাব লাগেনে? এইবোৰ কিবা নিয়ম হ’ল নেকি?

চেৱন্দিঃ তাৰো নিশ্চয় কিবা কাৰণ আছে৷ বৰষুণ পৰি মাটি খেতিৰ বাবে উপযুক্ত হৈ পৰিব সেইবাবেই ছাগে...

অলকিৰিঃ তোমাৰ গাঁৱত বৰষুণ আহিব/ খেতি কৰিব/ সেইবোৰ ভাবিলে এনেকুৱা লাগে যেন গোটেই জীৱন জুৰি অত্তিপত্তিলৈ মোৰ যোৱা নহ’ব৷

চেৱন্দিঃ অত্তিপত্তি চহৰ নেকি? তাত নগ’লেওতো একো নহয়৷ মোক পঠাই দিয়ক৷ আহাৰ মাহটো কটাই মই গুচি আহিম৷ সেইটোৱে ভাবিছোঁ৷

অলকিৰিঃ জোঁৱায়েকক এৰি যোৱাৰ বাবে তোমাৰ পিতায়েৰাই তোমাক গালি নিদিব জানো?

চেৱন্দিঃ পিতাই খং নকৰে৷

অলকিৰিঃ গিৰীয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগা বুলি যদি ভাবে?

চেৱন্দিঃ এনেকৈ নাভাবে অ’... মই মাত্ৰ কেইদিনমান থাকিয়েই গুচি আহিম৷

অলকিৰিঃ শহুৰ দেউতাক কৈ যাব নালাগিব জানো?

চেৱন্দিঃ আপুনিয়ে ক’ব লাগিব৷ তেখেতক ক’বলৈ মোৰ অলপ ভয় লাগে৷

অলকিৰিঃ পিতায়ে ক’ব- ‘কিনো কথাবোৰ ঘূৰাই পকাই কৈ আছ? আহাৰ মাহত বোৱাৰীজনীক অকলে অকলে পঠাব লাগেনে? তইও লগতে যা৷’

চেৱন্দিঃ আপুনি কিবা এটা সমস্যা দেখুৱাই দিলেই হয় দেখোন৷

অলকিৰিঃ ঠিক আছে, হ’ব দিয়া... মই কিবা এটা কৰিম৷

 

দৃশ্যঃ ২১

 

        [ৱইতিলিংকমৰ পঁজাত ৱেললইচামি, কুপ্পন মিস্ত্ৰী, পুৰোহিত, কোৱালু বহি থাকে৷ কনদইয়ন আৰু অদইককপ্পনৰ প্ৰৱেশ৷]

অদইককপ্পনঃ মাষ্টৰ, কি ভাবি আছে?

কুৰুচামিঃ থিৰুনেলভেলিলৈ দিল্লীৰ পৰা মন্ত্ৰী আহিব৷  যদি আমি আটায়ে একেলগ হৈ তেখেতৰ ওচৰত আমাৰ সমস্যাৰ বিষয়ে কওঁ৷ কিবা এটা ভাল ফল পাবও পাৰোঁ৷

ৱইতিলিংকমঃ কথাও যে কোৱা আৰু৷ নিজৰ এলাকাৰ মন্ত্ৰীয়েই আমাক গুৰুত্ব নিদিয়ে, দিল্লীৰ মন্ত্ৰীয়ে ক’ত লগ দিব?

কনদইয়নঃ মন্ত্ৰীক চাৰিওফালৰ পৰা পুলিচে ঘেৰি ৰাখিব দেখোন?

অদইককপ্পনঃ সেইটোও হয়৷ মন্ত্ৰীৰ লগত অভদ্ৰ আচৰণ কৰিলে পুলিচে আমাক কোবাব৷

কুপ্পন মিস্ত্ৰীঃ কিমান দিননো এই ভূতৰ নিচিনাকৈ এই ঠাইত থাকিম? তাতকৈ আমি এই ঠাই এৰি গুচি যোৱাই ভাল হ’ব/

ৱইতিলিংকমঃ ক’ত যাম বুলি ভাবিছা? মাদুৰাই নে মাদ্ৰাজ? ল’ৰা-ছোৱালীক কান্ধত লৈ, ঘৈণীয়েৰাক কাষত লৈ ৰাস্তাই ৰাস্তাই ভিক্ষা খুজিবা নেকি?

কুপ্পন মিস্ত্ৰীঃ এনেকুৱা কৰিলেওতো ভুল নহ’ব৷

ৱইতিলিংকমঃ এইবোৰনো সংসাৰী মানুহৰ কথা নে? দুদিন ভিক্ষা খোজাৰ পিছত গম পাবা৷ দুদিনৰ বাবে খাদ্য নোপোৱাৰ পিছত চুৰ কৰিব লাগিব, পকেটমাৰ হ’ব লাগিব৷ আনকি সৰু ল’ৰা-ছোৱালীৰ ডিঙিৰ পৰা চেইন টানি আনিবলৈ মন যাব৷

কনদইয়নঃ এনে ধৰণৰ বেয়া কাম কৰাতকৈ এই গাঁৱত থকাই ভাল৷

ৱইতিলিংকমঃ তুমি কৈছা বেয়া কাম? যেতিয়া হাতত কৰিবলৈ একো কাম নাথাকিব, খাবলৈ একোৱেই নাথাকিব৷ চোৰ নকৰাকৈ থাকিব পাৰিবানে?

পুৰোহিতঃ ডেকাবিলাকে কয় যে এই গাঁৱত কেৱল পুৰোহিতেই ভালকৈ খাদ্য খাবলৈ পায়৷ কিন্তু এতিয়া খাবলৈ একোৱেই দেখোন নাই৷

কোৱালুঃ বহুত ভাল কৰিছে৷ এইদৰে অ’ত ত’ত বহি জুম হৈ কথা বতৰা পাতি থাকোঁতেই জীৱনটো গুচি যাব৷ আমি সোনকালে কিবা এটা কৰিবই লাগিব৷ নহ’লে এই গাঁৱৰ উন্নতি নহ’ব৷

ৱইতিলিংকমঃ কি কৰিব লাগে? কোৱা৷

কোৱালুঃ থিৰুনেলভেলিলৈ মন্ত্ৰী আহিলে আমি তেখেতৰ গাড়ী আগুৰি ধৰিম৷ নহ’লে গাঁৱৰ সকলোৱে গৈ থিৰুনেলভেলিৰ ডি.চি. অফিচত ধৰ্ণা দিম৷

ৱইতিলিংকমঃ ই কেৱল মাৰধৰ কৰা, উগ্ৰ ধৰণৰ উপায়বোৰহে দিয়ে৷

কোৱালুঃ হ’ব দিয়ক৷ কাজিয়া নকৰিলেই হ’ল তেনেহ’লে৷ যাওঁক আৰু গান্ধীৰ আদৰ্শৰে আগবাঢ়ক৷ সহায়ৰ বিপৰীতে কি পাব নিজেই বুজিব৷ সংগ্ৰাম অবিহনে আমি কেৱল অন্ধকাৰতেই থাকিব লাগিব৷ যিয়ে সংগ্ৰাম কৰে সিহঁতেহে আন্ধাৰৰ পৰা পোহৰৰ দিশত আগবাঢ়িব পাৰে৷

অদইককপ্পনঃ তই যে সংগ্ৰাম সংগ্ৰাম বুলি কৈ থাক, এই সংগ্ৰামনো কি বস্তু? হাতত চুৰী, লাঠী লোৱাৰ কথা কৈছ নেকি?

কোৱালুঃ সময় আহিলেতো এনেকুৱা কাম কৰিবই লাগিব৷ বাঘ আৰু ছাগলীয়ে একেলগে এটা পুখুৰীত পানী খাব বুলি যদি ভাবিছা ভুল ভাবিছা৷ কিন্তু এইটো সম্ভৱ হ’ব তেতিয়াহে, যেতিয়া ছাগলীজনীও বাঘৰ সমানে পৰাক্ৰমী হৈ উঠিব৷

ৱেললইচামিঃ কোৱালু, থিৰুনেলভেলি জিলাৰ একেবাৰে ভিতৰৰ গাঁও এখনত আমি থাকোঁ৷ যদি আমাৰ গাঁওখনেহে কেৱল ধৰ্ণা দিবলৈ যায় তেনেহ’লে চৰকাৰে আমাক গুৰুত্বই নিদিব৷ মোৰ ওচৰত অৱশ্যে এটা উপায় নোহোৱা নহয়৷

অদইককপ্পনঃ কি উপায় কোৱাছোন৷

ৱেললইচামিঃ তেনুত্তৰ পানী ওপৰৰ পৰা যদি চিধাই আমাৰ গাঁৱলৈ আনিব পাৰোঁ৷

ৱইতিলিংকমঃ কি কৈছা, একো বুজা নাই৷

ৱেললইচামিঃ তেনুত্তুৰ পানী দক্ষিণৰ ফালেহে বৈ আছে৷ আমাৰ গাঁও আছে উত্তৰৰ পিনে যদি আমি কেনেবাকৈ দক্ষিণৰ পৰা উত্তৰলৈ পানীৰ গতি সলাব পাৰো৷ কিন্তু তাতো এটা সমস্যা আছে৷ তেনুত্তুৰ উত্তৰ ফালে এটা প্ৰকাণ্ড শিল আছে৷ যদি আমি সেই শিলটো ভাঙিব পাৰো, তাৰ পানী উত্তৰ ফালেও বৈ আহিব৷ আৰু পানী তলত আহি পৰাৰ লগে লগে সাত কিল’মিটাৰ মান ঠাই মানে আমাৰ গাঁৱলৈ এটা নাদ খান্দি উলিয়াব পাৰিলেতো কথাই নাই৷ অত্তিপত্তিয়ে সকলো সময়তে পানী পাব৷

ৱইতিলিংকমঃ অত্তিপত্তিলৈ আহিব থিক আছে৷ কিন্তু পানী ক’ত জমা কৰিবা?

ৱেললইচামিঃ গাঁৱৰ দক্ষিণফালে এটা শুকাই যোৱা পুখুৰী আছে৷ আমি সকলোৱে মিলি পুখুৰীটো চাফা কৰিম৷

[এজনে আনজনৰ পিনে চায়]

               হাৰে কিয় সকলোৱে মনে মনে আছা?

অদইককপ্পনঃ এইবোৰ সম্ভৱ হ’বনে?

ৱইতিলিংকমঃ ৱেললইচামি, পৰ্বতীয়া ওখ ঠাইত ৰাস্তা বনোৱা, তেনুত্তুুৰ পানী দক্ষিণৰ পৰা উত্তৰলৈ আনিবলৈ যত্ন কৰা, অত্তিপত্তিলৈ নলা বনোৱা, পানী জমা কৰা এই  সকলোবোৰ কাহিনীত শুনিবলৈহে ভাল লাগে৷ এইবোৰ মানুহে কৰিব পৰা কাম নহয়৷ তুমি গৰু গাড়ী বনোৱাৰ কথা কৈছা যিটো সম্ভৱ হয়৷ কিন্তু এইবোৰ কেনেদৰে সম্ভৱ?

ৱেললইচামিঃ নিচয়কৈ  এয়া সম্ভৱ৷ মই প্ৰতিদিনে তালৈ গৈ ভালদৰে চাই বুজি লৈছেঁা৷ মানুহে যদি বিচাৰে পাহাৰ ভাঙি সমতললৈ ৰূপান্তৰ কৰিব পাৰে৷ আমি বিচাৰিলে এয়াও সম্ভৱ কৰিব পাৰিম৷

পুৰোহিতঃ কিনো চেলবেলিয়া কথা কৈ আছা? পাহাৰ খান্দি নিগনি বিচৰাৰ কথা৷ মই কওঁ শুনা৷ প্ৰথমে গাঁৱৰ মানুহে পইচা সংগ্ৰহ কৰা৷ তাৰ পিছত সেই পইচাখিনি চাৰিটাপূৰ্ণিমাৰ বাবে ভাগ কৰি চাৰিওটা পূৰ্ণিমাতেই এটা এটাকৈ পঠা ছাগলী মাৰিয়াম্মা মাৰ বাবে বলি দিলেই হ’ল৷ দেখিবা লগে লগে আকাশ মুকলি হ’ব আৰু ধাৰাসাৰে বৰষুণ পৰিব৷ আমাৰ গাঁৱৰ জান-জুৰি, নদ-নদী পানীৰে উপচি  পৰিব৷

কোৱালুঃ মইও এই কথাই ভাবিছোঁ৷ আমি মাৰিয়াম্মা মাৰ বাবে বলি আগবঢ়াও৷ অৱশ্যে  পঠাৰ সলনি আমাৰ পুৰো¸হিতকো দিব পৰা যায়৷

পুৰোহিতঃ হে মাৰিয়াম্মা মা, এই দুষ্টৰ চকু অন্ধ কৰি দিয়া৷

কোৱালুঃ হ’ব দিয়া৷ অন্ধ হ’লেও একো নহয়৷ চিন্তা নাই৷ কেৱল তুমি এই গাঁৱত থাকিব যে নোৱাৰা সেইটো খাটাং৷ মুঠতে এতিয়া এটাই কথা৷ সকলোৱে শুনক আমি ৱেললইচামিয়ে কোৱাৰ নিচিনাকৈয়ে আগবাঢ়িম৷

অদইককপ্পনঃ অৱশ্যে কৰিব পাৰোঁ৷ কেৱল শিল ভাঙি ৰাস্তা সজা কথা যে, সেয়ে অলপ চিন্তা কৰিছোঁ৷

ৱেললইচামিঃ শুনিবলৈ টান যদিও কৰিবলৈ কিন্তু সহজ৷ ইয়াত আমাৰ পইচাৰ খৰচৰ কথাও নাহে৷ নিজৰ দেহেৰে কিমান কষ্ট কৰিব পাৰোঁ সেইটোহে কথা৷

অদইককপ্পনঃ একদম ঠিক কথা৷ কিন্তু কিমানে বা আগবাঢ়ি আহিব?

ৱেললইচামিঃ প্ৰায় দুশমান মানুহ নহ’ব নে?

কোৱালুঃ বয়সীয়াল, ৰুগীয়া মানুহখিনি এৰি আমি ডেকা বলবান মানুহখিনি আগবাঢ়ি আহিম৷ মিলিজুলি কাম কৰিম৷  শিল ভাঙিম, নলা সাজিম আৰু আমাৰ গাঁৱলৈ পানী আনিহে এৰিম৷

ৱেললইচামিঃ অহ্‌ এয়াহে কথা৷ তোমালোক ডেকাশক্তি একেলগে ওলাই আহিলে বয়সীয়াল মানুহখিনিয়ে কিছু সকাহ পাব৷ কিন্তু তেওঁলোকক আমাক লাগিব৷ তেওঁলোকৰ দিহা পৰামৰ্শই আমাক উপকৃত কৰিব৷

কোৱালুঃ বয়সীয়াল লোকসকলেনো কেতিয়া আমাৰ মতত সমৰ্থন দিয়ে? মই ভাবোঁ তেওঁলোকে আমাৰ বাবে একো নকৰে৷

কনদইয়নঃ চুপ্‌ থাক কোৱালু৷ সিদ্ধান্ত এটা লোৱাৰ আগতে আমি আটাইবোৰ কথা চালি জাৰি চাব লাগিব নহয়৷ ধৰি ল আমি নলা বান্ধি থকাৰ সময়ত যদি জমিদাৰৰ মাটি কটা যায় তেতিয়া আমাৰ সমস্যা নহ’ব নেকি?

ৱেললইচামিঃ জমিদাৰৰ মাটি কটা নাযায়, চৰকাৰী মাটিহে কটা যাব৷ দহ ফুট আৰু ছয় ফুট দ’ কৈ নলা খান্দিলেই হৈ যাব৷ ইমান বছৰ ধৰি আনৰ মাটিত খেতি কৰি; আনৰ বোজা দাঙি, আনৰ বাবেই কষ্ট কৰি আহিছোঁ৷ এইবাৰ আমি আমাৰ সকলো পৰিশ্ৰম নলা বনাবৰ বাবে লগাব নোৱাৰোনে?

অদইককপ্পনঃ জমিদাৰৰ তাতে আমি এনেয়ে কাম কৰা নাছিলোঁ তাৰ বাবদ পইচা পাইছিলোঁ৷ আমাৰ লাভ হৈছিল৷

ৱইতিলিংকমঃ ইয়াতো লাভ আছে৷ আমি সকলো সময়তে পানী পাম ৷ তাতকৈ ডাঙৰ কথানো কি হ’ব পাৰে?  আমাৰ নদী, পুখুৰী পানীৰে উপচি পৰিব / বছৰৰ সকলো সময়তে পানী থাকিব৷ আমি খেতি-বাতি কৰিব পাৰিম৷ শাক-পাচলি ৰুব পাৰিম৷ তাতকৈ বেছি কি লাভ লাগে?

ৱেললইচামিঃ এইটোৱে আমাৰ শেষ সুযোগ৷ যদি এয়াও আমাৰ হাতৰ পৰা গুচি যায়,আমাৰ হাতত আৰু অন্য উপায় নাথাকিব৷ আামি এই ঠাই এৰি গুচি যাব লাগিব৷

ৱইতিলিংকমঃ আমাৰ হাতত আৰু একো ৰাস্তা নাই৷ কেৱল নামতহে আমি জীয়াই আছো৷ আহা ইয়াকেই শেষ সিদ্ধান্ত হিচাপে লৈ আমি আগবাঢ়ি যাওঁ৷ আমাৰ জয় নিশ্চিত৷

অদইককপ্পনঃ ৱেললইচামি আমি কি কৰিব লাগিব কোৱা?

ৱেললইচামিঃ আমি নলা খান্দি  উলিয়াবই লাগিব৷

অদইককপ্পনঃ আমি নলা খান্দি উলিয়াবই লাগিব৷ তোমালোকে কি কোৱা?

সকলোৱে একেলগেঃ নলা খান্দিম, খান্দিমেই৷

ৱেললইচামিঃ আমি প্ৰকাণ্ড শিলচটা ভাঙিবই লাগিবই.....

        সকলোৱে একেলগেঃ আমি ভাঙিম৷ ভাঙিমেই৷

 

দৃশ্যঃ ২২

 

        [কোৰেৰে মাটি খন্দা শব্দ শুনা যায় ৷ গান গাই গাই মাটি খান্দি থকা দৃশ্য এটা মঞ্চত দেখুওৱা হয়৷  অভিনয়ৰ সময়ত পৰিচালকৰ নিৰ্দেশ মতে পৰিৱেশৰ সৈতে খাপ খোৱা এটি গীত পৰিৱেশন কৰিব পাৰে৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ ব’ল ব’ল ব’লযকৃষক শক্তি দল গীতটিও পৰিৱেশন কৰিব পাৰে৷]

 

দৃশ্যঃ ২৩

 

        [চেৱন্দি কনদইয়নৰ ঘৰত উপস্থিত হয়৷ তাই হাতত এটা কাপোৰৰ টোপোলা লৈ থাকে ৷ বাৰাণ্ডাত টোপোলাটো থৈ বহে৷ কনদইয়ন আহি উপস্থিত হয়৷]

কনদইয়নঃ অ’ আই ? আহিলি ? অকলে যে? জোঁৱাই ক’ত?

চেৱন্দিঃ তেখেত আহিব খুজিছিল৷ মইয়ে মানা কৰিলোঁ৷

কনদইয়নঃ তইয়ো যে/ আদি[আহাৰ] মাহত অকলে আহিব নাপাই নহয়৷ জোঁৱাইকো লগতে লৈ আহিব লাগে৷

চেৱন্দিঃ হ’ব দে পিতাই৷ অকলে আহিলোঁৱে যেনিবা কিনো জগৰ লাগিল ? ভালে ভালে  আহি পাইছোঁৱে দেখোন৷

কনদইয়নঃ জগৰ নালাগে ৰহ্‌৷  পিছে গাঁৱৰ মানুহে কি বুলি ক’ব? বোলে বিয়াৰ পিছত গিৰীয়েকৰ লগত নাহি অকলে আহিছে, কি বা হ’ল/

চেৱন্দিঃ আনিবতো পাৰোঁ, তেখেতেও আহিবলৈ মন কৰিছিল ৷ কিন্তু পিতাই তেখেত আহিলে দুই তিনিদিনমান নাথাকিলে হয় নেকি ? ৱেললইচামি দাদা এই গাঁৱৰ ক’ৰবাত লুকাই আছে বুলি সন্দেহটো আছেই৷ সেইবাবেই মই তেখেতক আহিবলৈ মানা কৰিলোঁ৷ বুজিলিনে?

কনদইয়নঃ ইচ ... মই যে কথাটো ভবাই নাছিলোঁ অ’ আই ৷ পিছে কিমানদিননো এইদৰেই ৱেললইচামিৰ বাবে মই মোৰ জোঁৱাইক নমতাকৈ থাকিব পাৰিম/

চেৱন্দিঃ যিমান দিনলৈকে পাৰো সিমান দিনলৈকে পিতাই.....৷ আমাৰ গাঁৱত এইবোৰ কি হৈ আছে ? ইমান মানুহে মাটি খন্দাত লাগিছে যে কিয়?

কনদইয়নঃ  ওহ্‌ তোক ভাল খবৰবোৰ দিয়াই নাই ৷ তেনুত্তুৰ পানী গাঁৱলৈ আহিব আই ...

চেৱন্দিঃ কি ? ভাল খবৰ ? তেনুত্তুৰ পানী ? অ’ পিতাই , বুজাই ক’চোন ৷

কনদইয়নঃ এই সকলোবোৰ ৱেললইচামিয়ে কৰিছে ৷ তেনুত্তুৰ পানীৰ গতি দক্ষিণলৈ    সলনি কৰিব... শিল ভাঙি  ওপৰৰ পৰা তললৈ ৰাস্তা বনাব৷ আকৌ, পানী আহি তলত পৰাৰ লগে লগে তাৰ পৰা আমাৰ ইয়ালৈ পানী  অহাৰ ব্যৱস্থা কৰিবলৈকে সকলোৱে মিলি  পাঁচ কিল’মিটাৰ পৰ্যন্ত নলা খান্দি আছে ৷

চেৱন্দিঃ অ’হ হয় নেকি? মই মাত্ৰ দুদিনহে থাকিম বুলি ভাবিছিলোঁ ৷ পিছে এতিয়া যি   দেখিছোঁ মই দুদিন কিয় নলা খান্দি শেষ নোহোৱালৈকে থাকিম৷ নিজৰ হাতেৰে এচলু পানী খাইহে মই ইয়াৰ পৰা যাম অ’ পিতাই...৷

কনদইয়নঃ মোৰনো কি কথা আছে অ’ আই ৷ তই থাকিলে মই ভাল হে পাম ৷ তোৰ গিৰীয়েৰই যদি মানি লয় মোৰ ক’ব লগীয়া একো নাই ৷ এতিয়া ভিতৰলৈ  আহ্‌ ... কিবা এটা খাই ল৷

[দুয়ো ঘৰৰ ভিতৰলৈ যায়৷]

 

দৃশ্যঃ ২৪

 

[ৱইতিলিংকমৰ ঘৰ ৷ ও.ভি.ৰ প্ৰৱেশ৷]

ও.ভিঃ ছাৰ৷

[ৱইতিলিংকম ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহে৷ হাতত এখন কোৰ লৈ থাকে৷]

ৱইতিলিংকমঃ আৰে/ ও.ভি. দেখোন৷ আহা আহা ৷ আমাৰ গাঁৱৰ বিষয়ে বাতৰি কাকতত কিবা লিখিলানে ?

ও.ভিঃ লিখিব নোৱাৰিলোঁ চাৰ এনেকুৱা বিষয় আমাৰ বাতৰি কাকতে নিবিচাৰে বুলি বাতৰি কাকতৰ মালিকজনে ক’লে৷

ৱইতিলিংকমঃ মই আগতেই জানো ৷ তাৰ পিছত তুমি কি কৰিলা ?

ও.ভিঃ কাম এৰি আহিলোঁ ৷

ৱইতিলিংকমঃ ভাল কৰিলা৷ যি নহ’লেও তুমি আমাৰ দেশৰ বাবে এটা আদৰ্শৰ কাম কৰিলা৷ পিছে এইফালে কিয় আহিলা?

ও.ভিঃ মই ভাবিছো নিজস্বভাৱে এই গাঁৱৰ বিষয়ে অধ্যয়ন কৰিম৷ সামাজিক, অৰ্থনৈতিক নিয়মৰ ওপৰত ভিত্তি কৰি মই মোৰ গৱেষণা গ্ৰন্থ বিশ্ববিদ্যালয়ত জমা দি ডক্টৰেট ডিগ্ৰী ল’ম৷

ৱইতিলিংকমঃ আমাৰ কথা লিখি তুমিতো ডক্টৰেট ডিগ্ৰী পাইয়ে যাবা৷ কেৱল আমিহে  এইদৰে ৰৈ যাব লাগিব ৷ চাৰি পাঁচখনমান কিতাপ পঢ়ি গৱেষণা গ্ৰন্থ জমা দিয়া মানুহক ডক্টৰেট ডিগ্ৰী দিব নালাগে৷পাঁচ বছৰ ধৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি নিজৰ জ্ঞানেৰে লিখি গৱেষণা গ্ৰন্থ জমা দিয়া সকলকহে প্ৰকৃতাৰ্থত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা উচিত৷

ও.ভিঃ ময়ো ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিম৷

ৱইতিলিংকমঃ ঠিক আছে৷ তুমি কৰিব পাৰা৷ কিন্তু ডিগ্ৰী ল’বলৈ কিয় ইমান মন কৰিছা ? শুনা,  কম্ব ৰামায়ণ লোৱা৷ ৰামৰ নাম কিমান ঠাইত লোৱা আছে তাৰে এখন তালিকা বনাই বিশ্ববিদ্যালয়ত জমা দিলেই হ’ল৷ লগে লগে ডক্টৰেট ডিগ্ৰী পাই যাবা৷ ইমান সহজ বিষয় এৰি টান বিষয় এটা বাছি লৈছা যে? কিয়  আমাৰ এই মৰুভূমি সদৃশ ঠাইলৈ আহি কষ্ট কৰিব লাগে? ১২.৩০ বজাত কোয়িলপত্তিলৈ   যোৱা বাছ এখন আছে ৷ যোৱা... সোনকালে গৈ বাছত উঠি নিজৰ ঘৰলৈ যোৱাগৈ৷

ও.ভিঃ মোক বাৰু কিয় এনেকৈ কথা শুনাই আছে ছাৰ ? সামাজিক কাম কৰাৰ মন এটা আছে বাবেহে মই ইয়ালৈ আহিছোঁ৷

ৱইতিলিংকমঃ তুমি সময় কটাবৰ বাবেহে সামাজিক কাম কৰিম বুলি ভাবিছা৷ আমাৰনো কি লাভ হ’ব কোৱা৷

ও.ভিঃ শুনক৷ আমি আচলতে খঙেৰে একো সিদ্ধান্ত লোৱাটো উচিত নহয়৷ কোনবোৰ কাৰণৰ বাবে এনে সমস্যাৰ সৃষ্টি হৈছে নাইবা কোনবোৰ সামাজিক উৎসই  এনেবোৰ সমস্যা সৃষ্টিত উৎসাহ যোগাইছে সেইবোৰহে লক্ষ্য কৰিব লাগিব৷ সমস্যাবোৰৰ কি ধৰণে সমাধান সূত্ৰ উলিয়াব পাৰি চিন্তা-চৰ্চা কৰিব লাগিব৷  এইবাবেই ইয়াক মেথ’ড’লজি বুলি কোৱা হয়৷

ৱইতিলিংকমঃ তোমাৰ নিচিনা জনা বুজা মানুহক গাঁৱৰ মানুহৰ বুজি পাবলৈ অসুবিধা হ’ব৷ তুমি যিবোৰ কৈ আছা সেইবোৰ জ্ঞানী মানুহৰহে কাম৷ তথাপি তুমি কৰিব পাৰা৷ বাৰু ... তুমি যিহেতু থাকিবৰ মন কৰিছা থাকা ৷ তাত মোৰ ক’ব লগা একো নাই ৷ মোৰ ঘৰতে থাকিব পাৰিবা৷ যদি ইচ্ছা কৰা, দিনৰ ভাগত সৰু সৰু ল’ৰা ছোৱালীক যেনেকৈ পাৰা শিকাব পাৰিবা৷

ও.ভিঃ গাঁওলৈ পানী অহাৰ কাম কেনেকুৱা চলিছে?

ৱইতিলিংকমঃ আমি এতিয়া আৰু কাকোৱেই বিশ্বাস নকৰোঁ৷ কাৰো লগত যিহেতু কাজিয়া কৰিবলৈ যাব নোৱাৰো সেয়ে তেনুত্তুৰ পৰা নলা খন্দাৰ কাম চলাইছো৷ মাত্ৰ এমাইলহে বাকী আছে ৷ পাহাৰৰ তেনুত্তুৰ দক্ষিণৰ শিলচটা ভাঙিলেই আমাৰ কাম হৈ যাব ৷ এতিয়া আহা... ডক্টৰেট  ডিগ্ৰী পিছতো ল’ব পাৰিবা ৷ কোৰখন লোৱা ৷ আহা, নলা খন্দা কামত আমিও কিছু সহায় কৰি দিওঁ৷

[কথাখিনি কৈ কোৰখন ও.ভি. ৰ হাতত দিয়ে৷]

 

 

দৃশ্যঃ ২৫

 

[ মঞ্চত দুটা ঘৰৰ দেখুওৱা হয়৷ এটাকনদইয়নৰ ঘৰ, আনটো ৱইতিলিংকমৰ ঘৰ৷ অলকিৰিৰ প্ৰৱেশ৷]

অলকিৰিঃ চেৱন্দি ..... চেৱন্দি .....

চেৱন্দিঃ হাৰে/ আপুনি ?  একো খা-খবৰ নিদিয়াকৈ ওলালেহি যে?

অলকিৰিঃ ইপিনে অলপ কাম আছিল৷ তোমাকো চাবলৈ মন গৈ আছিল৷ সেইবাবেই গুচি আহিলোঁ৷ পিতায়েৰা ঘৰত নাই নেকি?

চেৱন্দিঃ পিতাই কাম কৰিবলৈ ওলাই গৈছে৷ ভিতৰলৈ আহক আকৌ৷

        [অলকিৰি ঘৰৰ ভিতৰলৈ সোমায় যায়৷ কেইছেকেণ্ডমানৰ পিছত ভাগৰুৱা দেহেৰে ৱেললইচামি আহি সেইখিনি ঠাইত উপস্থিত হয়৷]

ৱেললইচামিঃ চেৱন্দি .... চেৱন্দি .....

[চেৱন্দি বাহিৰলৈ আহে৷]

        মোৰ জ্বৰ উঠা যেন অনুভৱ হৈছে ৷ সিহঁতে অলপ জিৰণি ল’বলৈ ক’লে বাবেই গুচি আহিলোঁ৷ মই অলপ সময় শুম৷ যাচোন, খাবলৈ অলপ গৰম পানী আনি দে৷

চেৱন্দিঃ দাদা , এতিয়াই ইয়াৰ পৰা যোৱা ৷ অলপ পিছত মই নিজে গৰম পানী দি আহিম৷

ৱেললইচামিঃ কিয় কি হ’ল?

চেৱন্দিঃ আমাৰ এখেতে খবৰ নিদিয়াকৈ আহি পালে৷ তেখেতে তোমাক দেখা পাব নালাগে৷

[ৱেললইচামিয়ে দৌৰা দৌৰিকৈ গৈ ৱইতিলিংকমৰ ঘৰৰ ভিতৰলৈ যায় ৷ অলকিৰি ঘৰৰ ভিতৰৰ পৰা ওলাই আহে৷]

অলকিৰিঃ কোন আহিছিল?

চেৱন্দিঃ কোনোবা কাম কৰা মানুহ৷ খাবলৈ পানী খুজিছিল,অলপ পিছত আহিবলৈ ক’লোঁ ... গুচি গ’ল৷

অলকিৰিঃ পিয়াহত আতুৰ মানুহ / পানী খুজিছে দিব লাগে৷

[অলকিৰি ঘৰৰ বাৰাণ্ডাত বহে৷]

চেৱন্দিঃ ইয়াত কিয় বহিব লাগে? ভিতৰলৈ আহক৷

অলকিৰিঃ ভিতৰত বৰ গৰম৷ বাহিৰতে অলপ মুকলি বতাহ খাই লওঁ৷

চেৱন্দিঃ ভিতৰত থাকিলে ভাত ৰান্ধি থাকি কথা পাতিব পাৰিলোঁ হয়৷

অলকিৰিঃ হ’ব, তুমি যোৱা৷ মই অলপ পিছত গৈ আছোঁ৷

[চেৱন্দিও বাৰাণ্ডাতে বহে৷]

চেৱন্দিঃ হেৰি, পোন্নুত্তা ভালে আছেনে? দৰা বিচাৰি পালেনে? বিয়া বাৰু থিক হ’ল নেকি?

অলকিৰিঃ তাইৰ কথা কি ক’ম? বাপেকে দৰা বিচাৰি হায়ৰান৷ইফালে  আকৌ শুনিব  পাইছো তাইৰ বোলে তিনিমাহ ৷ গৰ্ভৱতী৷

চেৱন্দিঃ হে মাৰিয়াম্মা মা / এইবোৰ কি কথা? কোন আছিল ?

অলকিৰিঃ  ৰাচু নামৰ যে ল’ৰাজন আছিল৷ সেই যে মিঠা বৰণৰ ল’ৰাজন৷ গৰু নিবলৈ যে আহিছিল৷ সিয়ে হ’ব যেন লাগে৷

চেৱন্দিঃ পিছত? তাৰ লগত বিয়া দি  দিলে নেকি?

অলকিৰিঃ বাপেকে দিবওতো লাগিব? গৰখীয়া ল’ৰাৰ লগত বিয়া দিলে বাপেকৰ সন্মান ক’ত থাকিব?

চেৱন্দিঃ পেটৰ ওজন বাঢ়ি গৈ আছে, এতিয়ানো সন্মানৰ কথা ভাবি কি হ’ব?

[অদইককপ্পন আহে ৷ ৱইতিলিংকমৰ ঘৰৰ কাষত থিয় হয়৷]

অদইক কপ্পনঃ ৱেললইচামি... ৱেললইচামি ... কবিৰাজে গছৰ পাত কেইখিলামান দিছে৷ এইখিনি পটাত পিহি কপালত লগাই অলপ সময় শুই দিলে জ্বৰ নাইকিয়া হ’ব৷

[ৱেললইচামি বাহিৰলৈ ওলাই আহে৷ অলকিৰিয়ে দেখা পাই থিয় হয়৷]

অলকিৰিঃ খুড়া ..... এই মানুহজন.... এই মানুহজন .....

চেৱন্দিঃ সকলো শেষ হৈ গ’ল৷

অদইককপ্পনঃ  কনদইয়নৰ জোঁৱাই দেখোন/ কেতিয়া আহিলা বোপাই ?

অলকিৰিঃ সেইবোৰ বাদ দিয়ক৷ এওঁ কোন?

অদইককপ্পনঃ মাষ্টৰৰ ঘৰৰ মানুহ৷

অলকিৰিঃ ওহ ই মানে মানুহৰ চকুত ধূলি দি ইয়াতে এনেদৰে লুকাই আছে৷ ই প্ৰকৃততে এজন হত্যাকাৰী৷ দুটাকৈ হত্যাকাণ্ড কৰি  ইয়াতে এনেদৰে লুকাই ফুৰিছে৷ তাৰ আচল নাম ৱেললইতুৰই ৷ পুলিচৰ হাতৰ পৰা পলায়ন কৰিছে৷

অদইককপ্পনঃ অলকিৰি, পাগল হ’লা নেকি? এওঁ সচাকৈয়ে মাষ্টৰৰ সম্পৰ্কীয় লোক৷ সি কল্লিদইকুৰিচ্ছিৰ পৰা আহিছে৷

অলকিৰিঃ আপুনি মনে মনে থাকক৷ মই সুধিছো, সচাঁ কোৱা , তুমি কোন?

ৱেললইচামিঃ হয় ... মই ৱেললইতুৰইয়ে হয় ৷

অলকিৰিঃ ইয়াতে কি কৰি আছা?

ৱেললইচামিঃ আপুনি ক’লেই দেখোন৷ পুলিচৰ পৰা পলাই ফুৰিছোঁ ৷

অলকিৰিঃ খুড়া , ই এজন হত্যাকাৰী৷ আপুনি জানেনে সি যে পুলিচৰ পৰা লুকাই ফুৰিছে৷

অদইককপ্পনঃ  জানো৷ কেৱল মইয়ে কিয় ..... গাঁৱৰ  সক লোৱে সেই কথা জানে৷

অলকিৰিঃ চেৱন্দি/ তুমিও জানা?

চেৱন্দিঃ অহ্‌ জানো৷ পিছে কওকচোন আমি কি কৰা  উচিত?

অলকিৰিঃ কি কৰা উচিত??? মোৰ তাত গতাই দিয়া৷

চেৱন্দিঃ বহু আগতেই আমি গাঁৱৰ ৰাইজে পুলিচক একো নজনাও বুলি কৰ্পূৰৰ জুই নুমুৱাই প্ৰতিজ্ঞা কৰি থৈছোঁ৷

অলকিৰিঃ কিয়?

চেৱন্দিঃ কি কিয়? আপুনি জানিব বিচাৰে নেকি ? তেনেহ’লে শুনক ... যোৱা পাঁচ বছৰ ধৰি ইয়াত ক’তো এটুপি খোৱা পানী নাই৷ পানীৰ বাবে আমাৰ কি অৱস্থা হৈছে সেয়া কেৱল আমিহে জানো ৷ এইজন... কেৱল এই শুদ্ধ অন্তৰৰ মানুহজনে চৈধ্য মাইল পৰ্যন্ত বাট অতিক্ৰম কৰি গাড়ীৰে পানী আনি দিয়াৰ বাবে আমাৰ পিয়াহ দূৰ হ’ল৷ কিন্তু তাতো নজৰ লাগিল ৷ ৱন্দিপেত্তইৰ নায়ক্কৰে চৱ ধংস    কৰি দিলে ৷ এতিয়াও কেৱল এইজন মানুহৰ  উৎসাহৰ বাবেই তেনুত্তুৰ পৰা ইয়ালৈ নলা খন্দাৰ কাম চলি আছে ৷ এতিয়া কওক এনে এজন ভাল মানুহক যদি পুলিচৰ তাত গতাই দিয়া হয়, কি লাভ  হ’ব?

অলকিৰিঃ ই দুটাকৈ হত্যাকাণ্ড কৰি থৈছে ... পুলিচৰ হাতৰ পৰা পলাই আহিছে... আমাৰ ওপৰৱালাই আমাক সদায় গালি পাৰে৷ আমি কিয় ৱেললইতুৰইক ধৰিব পৰা নাই বুলি প্ৰশ্ন কৰে৷ কেৱল ইয়াৰ বাবে আমাৰ শান্তি নোহোৱা হৈছে৷ আৰু ই ইয়াত শান্তিৰে ঘূৰি ফুৰিছে৷ কোৰ্ট কাছাৰী, আইন-কানুন আদি কিহৰ বাবে আছে? তেওঁলোকে ন্যায় ৰক্ষা কৰিব৷

অদইকক প্পনঃ  তোমাৰ কোৰ্ট কাছাৰী,  আইন কানুন এইবোৰ আমাৰ বাবে নহয়৷ মাজৰ উচ্ছ বিত্তীয়  মানুহবোৰৰ বাবেহে এইবোৰ৷ ময়ো এটা মস্ত বুৰ্বক ৷ এইখিনি সময়ত ঔষধ দিবলৈ আহিব লাগেনে?

অলকিৰিঃ এতিয়া আপোনালোকে এইজন মানুহক মোৰ তাত গতাব নে নাই সেইটো কওক৷

চেৱন্দিঃ কিয় ইমান হাল্লা লগাইছে? যদি এতিয়া এই মুহূৰ্তত এই মানুহজনক আপুনি গ্ৰেপ্তাৰ কৰে গাঁৱৰ সকলোৱে আমাৰ গাত থুই পেলাব৷

অলকিৰিঃ তাতনো মই কি কৰিব পাৰো? থুই দিব বুলিয়ে মই মোৰ কৰ্তব্য পাহৰি যাব নোৱাৰো নহয়৷

অদইককপ্পনঃ কৰ্তব্য/ তুমি এনেদৰে কৈ আছা যেন চৰকাৰে তোমাক আটাইকেইখন  পুলিচ ষ্টেচনৰেই দায়িত্ব অৰ্পণ কৰি থৈছে৷ ৰাস্তা ঘাটে য’তে ত’তে প্ৰস্ৰাব কৰা মানুহবোৰক, লাইট নজলোৱাকৈ মটৰ গাড়ী চলোৱা মানুহবোৰ, অবৈধ মদৰ ব্যৱসায় কৰা মানুহবোৰক প্ৰথমতে গ্ৰেপ্তাৰ কৰা৷ তোমাৰ কৰ্তব্যৰ বাবে সেইখিনি    পালন কৰিলেই হ’ব৷ আৰু যদি সঁচাকৈয়ে তুমি নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ তেন্তে নিজেই কষ্ট কৰি তাৰ শুং সুত্ৰ উলিয়াব লাগিছিল৷ সি আমাৰ আশ্ৰয়প্ৰাৰ্থী৷ আৰু তাক আমাৰ গাঁৱত আমি সুৰক্ষিত ক ৰি ৰাখিছোঁ৷ তুমি একো কষ্ট নকৰাকৈ তাক ধৰিবলৈ আহিলে কেনেকৈ হ’ব ? গাঁৱৰ মানুহখিনিক তুমি কেঁচুৱা বুলি ভাবিছা নেকি?

অলকিৰিঃ বয়সীয়াল মানুহ এজনৰ মুখত এনেবোৰ কথাই শোভা নাপায়৷ আঁতৰ হওক৷

ৱেললইচামিঃ অলকিৰি,  মই স্বীকাৰ কৰিছোঁ মই দোষী৷ মই হত্যাকাৰী ৷ মাত্ৰ কেইদিনমান মোক এনেদৰে থাকিব দিয়া৷ তোমাৰ শপত খাই কৈছোঁ মই আত্মসমৰ্পণ কৰিম৷ নলা বনোৱা কাম ইতিমধ্যে শেষ হ’বৰ হৈছে৷ কালিলৈ আমি শিল ভাঙিবলৈ যোৱাৰ কথা৷  শিল ভাঙিব পাৰিলেই নলাৰে পানী আহি গাঁৱৰ নদী, পুখুৰী ভৰি পৰিব৷ পানী অহাৰ পিছতেই মই ইয়াৰ পৰা চিধাই তোমাৰ ওচৰলৈ গুচি যাম ৷ তুমি মোক ওপৰৱালা পুলিচৰ হাতত গতাই দিবা মানুহে নিজৰ হাতেৰে পানী খাব, মই মাত্ৰ সেই দৃশ্যটো চাবৰ বাবে বৰ আশাৰে বাট চাই আছোঁ৷

অলকিৰিঃ আচ্ছা, ৰাতিৰ ভিতৰতেই পলোৱাৰ ধাণ্ডা কৰিছা ছাগে?

ৱেললইচামিঃ তোমাৰ শপত খাই কৈছোঁ মই নপলাও৷ গাঁৱৰ বাহিৰৰ কোনোবা আহিলে দেখা পাব বুলিয়ে মই লুকাই থাকিব লগা হয়৷ এনেকৈ মই থাকিব নিবিচাৰোঁ৷ তোমাৰ লগত মইও যাম৷ তেতিয়াহে মোৰ চিন্তাবোৰ শেষ হ’ ব৷ কেৱল মোৰ এটাই আশা আছে৷  শপত খাই কৈছোঁ মই নিজেই তোমাৰ ওচৰলৈ আহিম৷ তোমাৰ ভৰিত ধৰিছোঁ মোক এতিয়ালৈ এৰি দিয়া৷

[কথাখিনি কৈ সি অলকিৰিৰ ভৰিত ধৰে৷]

চেৱন্দিঃ আপোনাৰ পুণ্য হ’ব৷ দুদিনৰ বাবে তেওঁক এৰি দিয়ক ৷ কৰ্তব্যৰ দোহাই দি তেওঁক লৈ নাযাব৷ আপোনাক কাকুতি কৰিছোঁ৷

অদইককপ্পনঃ অলকিৰি, তোমাৰ সাতপুৰুষলৈ ভাল হ’ব৷ এতিয়া তাক এৰি দিয়া৷

               [অলকিৰিক গভীৰ চিন্তাত মগ্ন হৈ থকা দেখা যায়৷] চিন্তা নকৰিবা৷ নলাৰে পানী অহাৰ লগে লগেই সি তোমাৰ তালৈ যাব অ’ বোপাই৷

ৱেললইচামি ঃ মই মোৰ মুখৰ কথা ৰাখিম৷ অনুগ্ৰহ কৰি মোক বিশ্বাস কৰা৷ মই নিজেই তোমাৰ ওচৰলৈ যাম৷

অলকিৰিঃ ঠিক আছে৷ এতিয়ালৈ তোমাক এৰিলোঁ৷ অদইককপ্পন খুড়া, আপুনি এজন জনা বুজা মানুহ৷ মোৰ শহুৰো যিহেতু এই কামত জড়িত হৈ আছে আপোনালোকৰ বিশ্বাসতেই মই ইয়াক এৰিলোঁ৷ কিন্তু মনত ৰাখিব৷ যদি মোৰ নাক কাটিবলৈ আপোনালোকে অলপমানো চিন্তা কৰে, মই কাকো শুদাই নেৰো৷

 

দৃশ্যঃ ২৬

       

[মঞ্চৰ এটা ফালে অলপ অলপকৈ পোহৰৰ ব্যৱস্থা কৰা হয় ৷ ৱন্দিপেত্তই নায়ক্কৰ আৰু ও.ভি. য়ে কথা পাতি থাকে৷]

ও.ভিঃ আপুনি কৈছিল যে নিৰ্বাচন বয়ক’ট  কৰাৰ বাবে গাঁওখন মৰিশালি বনাইহে  এৰিব৷ ক’তা? এতিয়া এই গাওঁলৈ পানী আহিব বুলি গম পাইছে নে নাই ?

নায়ক্কৰঃ কি? সপোন দেখি আছা নেকি ? খালী ঠাইখনলৈ আকাশ ফাটি পানীৰ নিজৰা ব’লেহে হ’ব ৷

ও.ভিঃ তেনুত্তুৰ পৰা পানী আহিব আকৌ৷ সাত মাইল নলা বনোৱা হৈ গ’ল৷ কাইলৈ তেনুত্তুৰ শিল ভঙা কাম কৰিব৷ নায়ক্কৰ , মানুহে যদি বসবাস কৰোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰে সেই কথা ওফোৰাই পেলাবলৈ কাৰো সাহস নাই ৷

নায়ক্কৰঃ তুমিও সিহঁতৰ ফলীয়া হৈ কথা কৈ আছা নেকি?

ও.ভিঃ বাৰু কি? সমগ্ৰ জীৱনটো পৰৰ ওপৰত আশা কৰিয়েই কটাবনে? কোনে সমৰ্থন কৰিব সিহঁতক ? ৰাজনৈতিক দলে এৰি দিলে, প্ৰকৃতিয়েও সহযোগিতা  নকৰিলে৷ নিজৰ অধিকাৰৰ বাবে সিহঁতে যুঁজিছে তথাপি কোনেও সহায় নকৰে৷ এনে অৱস্থাত সিহঁতে অশেষ কষ্ট কৰি নিজৰ প্ৰয়োজন পূৰণ ধৰিছে৷ মই  ভাবিছোঁ এই খবৰ সমগ্ৰ বিশ্বলৈ পঠিয়াবলৈ৷ লগতে আপুনি কিদৰে অশান্তি দিছে সেইবোৰ কথাও লিখিম৷

নায়ক্কৰঃ লিখা৷ ময়ো চাই ল’ম, খালী হাতেৰে কেনেদৰে শিল ভাঙি নলাৰে পানী আনিব  পাৰে৷

ও.ভিঃ ভালকৈ চাব৷ আপোনাৰ ৰাজহাড়েৰে সিহঁতে কিদৰে বীণা বজাই তাকো চাই ল’ব৷       

দৃশ্যঃ ২৭

       

[ গাঁৱৰ সকলো মানুহ একগোট হয়৷ ৱইতিলিংকমে নিজৰ ঘৰৰ বাহিৰলৈ আহে৷]

ৱইতিলিংকমঃ হেই , তহঁতে কি কৰিম বুলি ভাবিছ? আজি আমাৰ বাবে ইমান ডাঙৰ দিন৷ শিল ভাঙি নলা খোলাৰ দিন৷ আৰু তহঁতে ইয়াত টোপনিয়াই আছ?

        [অদইকক প্পন ঘৰৰ ভিতৰৰ পৰা ওলাই আহে৷]

অদইককপ্পনঃ মাষ্টৰ, আজিনো ক’ৰ পৰা টোপনি আহিব? আজি শিল ভঙাৰ পিছত জলদেৱীয়ে আমাৰ গাঁৱত পদাৰ্পণ কৰিব৷ এই উৎসৱ আমি ধুমধামেৰে আয়োজন কৰিব নালাগিব জানো? সেইবাবেই মই পূজাৰ সামগ্ৰী নাৰিকল, কল, ধূপ-ধুনাৰ যোগাৰ কৰি আছিলোঁ৷

[কনদইয়ন আহে৷]

কনদইয়নঃ প্ৰকাণ্ড শিলচটা ভঙাৰ আগতে অলপ হালধি পানী চটিয়ালেহে ভাল হ’ব৷

অদইককপ্পনঃ  হ’ব... তই নকলেও হ’ব৷ এই ৰীতি নীতিবোৰৰ বিষয়ে তোতকৈ মই বেছি ভালকৈ জানো৷

                [কুৰুচামি,কোৱালু,পুৰো¸হিত ৰ প্ৰৱেশ৷]

        আমাক জীৱন দান দিবলৈ আজিও জলদেৱীয়ে ফেনে ফোটোকাৰে উজাই আহিব৷

পুৰোহিতঃ  অদইককপ্পন, আজি স্বয়ং জলদেৱী আহিব৷ জলদেৱীৰ সন্তোষৰ বাবে আমি এটা ছাগলী বলি দিব নোৱাৰোনে?

অদইককপ্পনঃ  কিয় পুৰোহিত? ছাগলী মাংসৰ জুঁতি নোলোৱা বহুদিন হ’ল নেকি? জিভাৰ পানী পৰিছে হ’বলা? আজিলৈ বন্ধ কৰা৷

[চেৱন্দিয়ে এটা পাত্ৰত হালধি মিহলি পানী লৈ আহে৷]

চেৱন্দিঃ  পিতাই... এইখিনি পানীৰে হ’বনে?

কনদইয়নঃ  হ’ব আই ৷ নিয়ম পালন কৰিবলৈ অলপহে লাগে৷

চেৱন্দিঃ ৱেললইচামি দাদা ক’ত? দেখাই নাই যে?

ৱইতিলিংকমঃ ৱেললইচামি আহা৷ গাঁৱৰ সকলো সাজু৷ আমিও একেলগতে যাওঁ৷

                        [ৱেললইচামি আহে৷]

ৱইতিলিংকমঃ ৰ’বা ৷ প্ৰথমতে তুমিয়েই এই গাঁওলৈ পানী বিচাৰি আহিছিলা আৰু এতিয়া তুমিয়েই আমাক পানী আনি দিলা৷  তুমি কৈছিলা যে মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই৷ সেই কথাকেই প্ৰমাণ কৰি দেখুৱালা৷ ক’বলৈ গ’লে এইখন গাঁৱৰ আৰু তোমাৰ একো সম্বন্ধই নাই৷ কিন্ত ইমানদিনে আমাৰ বাবে কিমান যে কষ্ট সহ্য কৰিলা৷ কাইলৈ তুমি ইয়াত থাকিবা নে নাই নাজানো৷ আমাৰ বাবে যিখিনি কৰিলা তাৰ বিনিময়ত তোমাক দিবলৈ আমাৰ হাতত একো নাই৷ তোমাকনো কি বুলি ধন্যবাদ জনাওঁ? গাঁৱৰ ফালৰ পৰা এইখন অংগবস্ত্ৰ  তোমালৈ ...

[পাটৰ অংগবস্ত্ৰখন ৱেললইচামিৰ গলত পিন্ধাই দিয়ে৷]

অদইককপ্পনঃ মাষ্টৰ,ভাল কাম কৰিলা৷

কনদইয়নঃ মাষ্টৰ, আজিৰ দিনটোলৈ অংগবস্ত্ৰখন কিমানদিনৰ পৰা সাঁচি ৰাখিছিলা?

ৱইতিলিংকমঃ স্কুল পৰিদৰ্শন কৰিবলৈ ইন্সপেক্টৰ আহিলে পিন্ধাম বুলি সাঁচি ৰাখিছিলোঁ৷ কিন্তু পানী নোহোৱো ঠাইৰ স্কুল পৰিদৰ্শন কৰিবলৈ ইন্সপেকটৰ নাহিল৷ ডি ষ্টিক এডুকেচন অফিচাৰে আমাৰ ইয়াত যে এখন স্কুল আছে সেই কথা পাহৰি থাকিল৷ হ’ব, এতিয়া আৰু দেৰি নকৰি আমি আগবঢ়া  উচিত৷ ৱেললইচামি তুমি আগত যোৱা৷ ঐ কুৰুচামি, তাবিল বজোৱা মানুহকেইজন  ক’ত ?

কুৰুচামিঃ ৰাতিপুৱাৰে পৰা তাবিল বজাই বজাই সিহঁত  ভাগৰি পৰিছে৷

[বাহিৰলৈ জুমি চাই৷]

        ঐ জোৰে জোৰে তাবিল বজা৷ আমাৰ মাষ্টৰে শুনি পাব লাগিব৷

        [তাবিল, নদস্বৰাৰ মাত শুনিবলৈ পোৱা যায়৷ ৱেললইচামি আৰু কোৱালুৱে হাতে হাত ধৰি নাচিবলৈ ধৰে৷ ও.ভি.য়ে হুইছেল বজায়৷ সকলোৱে গীত গাবলৈ ধৰে৷]

                                গীত

                মৰা চৰাই – আইলাচা

                পেখম ধৰে– আইলাচা

                ধুনীয়া ছোৱালী –আইলাচা

                নাচি নাচি যায়–আইলাচা

[গানটো গাই গাই নাচি নাচি সকলোৱে আগবাঢ়ে৷]

ৱইতিলিংকমঃ [ও.ভি. ৰ পিনে চাই ...] কি হে ডক্টৰেট ডিগ্ৰী/ হুইচেল বজাই আছা?

ও.ভিঃ  আৰে ইমান ভাল লাগি আছে৷

         মৰা চৰাই– আইলাচা ...

        [এনেদৰে তেনুত্তুলৈ আহি থকা সময়ত “ৰ’বা” বুলি শব্দ আহে৷ সকলোৱে পিছপিনে ঘূৰি চায়৷ পি. ডব্লিউ. ডি. ইঞ্জিনিয়াৰ আহে৷ ইজনে আনজনক এইজন কোন বুলি প্ৰশ্ন কৰা শুনা যায়৷]

ইঞ্জিনিয়াৰঃ সকলোৱে মিলি তেনুত্তুৰ শিল ভাঙি বলৈ যোৱা নেকি?

ৱইতিলিংকমঃ হয়৷ কিন্তু আপুনি কোন?

ইঞ্জিনিয়াৰঃ মই  পি. ডব্লিউ. ডি. ইঞ্জিনিয়াৰ৷ আপোনালোকক জেললৈ পঠিয়াবলৈ আহিছোঁ৷

ৱইতিলিংকমঃ জেললৈ পঠিয়াব? কিন্তু কিয়?

ইঞ্জিনিয়াৰঃ কাৰ অনুমতি লৈ সাতমাইল দীঘল নলা খান্দিছা?

ৱইতিলিংকমঃ কাৰ অনুমতি ল’ব লাগে? এয়া চৰকাৰী মাটি৷

 ইঞ্জিনিয়াৰঃ চৰকাৰী মাটি আপোনাৰ ককাকৰ সম্পত্তি নেকি?

অদইক কপ্পনঃ এই গাঁৱত এনেধৰণৰ একো কথা নাই৷ আমিও চৰকাৰী ...

ইঞ্জিনিয়াৰঃ হা... হা...আপোনালোক চৰকাৰী নেকি? সৰু মুখ ডাঙৰ কথা৷ চৰকাৰী মাটিত চৰকাৰৰ অনুমতি অবিহনে সাত মাইল দীঘল নলা খন্দাটোৱেই প্ৰথম ভুল৷ আইন মতে এয়া অপৰাধ৷

ৱইতিলিংকমঃ হয়৷ এয়া অপৰাধ৷ নলা খান্দিব লাগিলে চৰকাৰৰ অনুমতি ল’ব লাগে৷ তেওঁলোকে টেণ্ডাৰ পেলাব৷  ঠিকাদাৰে তাৰ পঞ্চাশ শতাংশ হজম কৰিব৷ তাৰ পিছত ইঞ্জিনিয়াৰ, তহচিলদাৰ, ৰেভিনিউ  ইন্সপেক্টৰ আছেই৷ মানুহৰ টেক্সৰ পইচাৰে আপোনালোকে আপোনালোকৰ পত্নীৰ হাতৰ-কাণৰ অলংক াৰ বনাব লাগিব৷ ওখ ওখ দালান সাজিব৷ সেয়ে আমাৰ হাতত যিখিনি আছে সেইখিনিৰে সাধ্য অনুযায়ী কৰিবলৈ আগবাঢ়ি আহিছোঁ৷ আৰু আইন অনুযায়ী এয়া অপৰাধ৷

ইঞ্জিনিয়াৰঃ বেছি কথা নক’বা৷ ইচ্ছা কৰিলে এতিয়াই পুলিচ মাতিতোমালোকৰ হাত ভৰি ভাঙিব পাৰোঁ৷

কোৱালুঃ চুপ থাকক৷ পুলিচ আমাৰ নিচিনাবোৰৰ বাবে নহয়৷ আমাক ধমকি দি কথা নক’ব৷

ইঞ্জিনিয়াৰঃ মই এজন চৰকাৰী অফিচাৰ৷ আৰু মই মোৰ কৰ্তব্য পালন কৰি আছোঁ৷ অত্তিপত্তি গাঁৱত প্ৰায়ে এনেকুৱা অপৰাধ সংঘটিত হয় বুলি কালেকটৰৰ ওচৰলৈ টেলিগ্ৰাম আহিয়ে থাকে৷ এই গাঁওখনে চৰকাৰৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থকা বুলিও চৰকাৰলৈ খবৰ আহিছে৷

অদইককপ্পনঃ ষড়যন্ত্ৰ / আমাৰ মুখত দিবলৈয়ে য’ত একো এটা নাই তেনেস্থলত ষড়যন্ত্ৰ কৰাৰ প্ৰশ্নই নুঠে৷

ইঞ্জিনিয়াৰঃ ক’ত ষড়যন্ত্ৰ কৰা নাই? আপোনালোকে নিৰ্বাচন বয়ক’ট কৰিছে৷ কিয়? ভোটদান মানুহৰ মৌলিক অধিকাৰ৷

ৱইতিলিংকমঃ  আমাৰ যি অৱস্থা, আজি নাইবা কাইলৈ জীয়াই থাকিব পাৰোনে  নোৱাৰো তাতো সন্দেহ আছে৷  ইয়াত আকৌ অধিকাৰৰ কথা ক’ৰ পৰা আহিল ?

ইঞ্জিনিয়াৰঃ সেইবোৰ মই নাজানো৷ পি.ডব্লিউ.ডি.ৰ মানুহে অহাকালি নলা বন্ধ কৰিবলৈ আহিব৷ এয়াই চৰকাৰৰ আদেশ৷

অদইককপ্পনঃ পানীৰ পিয়াহত আমি আতুৰ হৈ মৰিছো৷ নলা খান্দিবলৈ চৰকাৰ নাহিল, কিন্তু খন্দা হোৱা নলাটো বন্ধ কৰিবলৈ চৰকাৰে মানুহ পঠাইছে চোৱা৷

কনদইয়নঃ  ইমান দিনে ইঞ্জিনিয়াৰ নাহিল৷ আজিৰ দিনটোত ক’ৰ পৰা আহি ওলাল?

ৱইতিলিংকমঃ চাৰ, কিমান চেষ্টা কৰিলোঁ তথাপি চৰকাৰৰ পৰা একো উত্তৰ নাহিল৷ অৱশেষত নিৰুপায় হৈ আমি এনেকুৱা সিদ্ধান্ত ল’ব লগা হ’ল৷ আমি দুখীয়া মানুহ চাৰ৷ আমাক দয়া কৰক৷  অনুগ্ৰহ কৰি কালেক্টৰক কৈ আমাৰ নলা বন্ধ কৰিবলৈ মানা কৰক৷

ইঞ্জিনিয়াৰঃ এয়া মোৰ কাম নহয়৷  যদি আপোনালোকে বিচাৰে অনুমতি বিচাৰি  আবেদন কৰিব পাৰে ৷ 

ও.ভিঃ আমাৰ দেশত আবেদন  লিখি লিখি বাতৰি কাকতৰ দুৰ্ভিক্ষ আহিবৰ উপক্ৰম হৈছে ৷

ইঞ্জিনিয়াৰঃ হেই/ তুমি কোন? দেখিবলৈতো এইখন গাঁৱৰ যেন নালাগে৷

ৱইতিলিংকমঃ তেখেত বাতৰি কাকতৰ সাংবাদিক৷

ইঞ্জিনিয়াৰঃ [ সন্মানসূচক দৃষ্টিৰে৷] অ’ ছাৰ, বাতৰি কাকতৰ সাংবাদিক নেকি? নমস্কাৰ, মোৰ নাম কোতন্দপানি৷ পি. ডব্লিউ. ডি. ইঞ্জিনিয়াৰ৷ আপুনি দৈনিকভাৱে নে সাপ্তাহিকভাৱে সাংবাদিকতা কৰে ?

ও.ভিঃ মই সকলো কাকতৰ বাবে লিখা মেলা কৰোঁ৷ মই এজন ফ্ৰিলেন্স সাংবাদিক৷ পিছে কিয় বা সুধিলে ?

ইঞ্জিনিয়াৰঃ একো নাই৷ মোৰ ছোৱালীয়ে ভাৰত নাট্যম শিকি প্ৰথমবাৰ মঞ্চত নৃত্য কৰিছে৷ যদি কিবা প্ৰকাৰে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই তাইৰ নৃত্যৰ ফটো ছপা কৰিব পৰা গ’ল হয়, ভাল আছিল৷

ও.ভিঃ কি ভাল হ’ব?

ইঞ্জিনিয়াৰঃ মাদ্ৰাজৰ চাৰি পাঁচখনমান মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা পালে হয়৷

ও.ভিঃ এওঁলোকৰ পানীৰ সুবিধাৰ কি হ’ব ?

ইঞ্জিনিয়াৰঃ পানী আহিবতো চাৰ,  এইটো সাময়িক কষ্টহে৷

ও.ভিঃ আপোনাৰ চৰকাৰী অভিধানৰ মতে সাময়িক মানে প্ৰায় পঞ্চাছ বছৰমান হ’ব চাগে’ নহয়নে?

ইঞ্জিনিয়াৰঃ নহয়৷ নহয়৷ অতি সোনকালে পানী আহিব৷ চৰকাৰে  বহুত আঁচনি হাতত লৈছে৷ সেঁতু সমুদ্ৰ পৰিকল্পনা, গংগা কেনেল পৰিকল্পনা৷

ৱইতিলিংকমঃ গংগা পৰিকল্পনাৰ কথা নক’ব চাৰ৷ নামটো শুনি শুনি অশান্তি হৈ গৈছে৷  কেনেবাকৈ বেনাৰসলৈ গৈ গংগাক দেখা পালেও গংগাৰ প্ৰতি সন্মান জনাব লাগে বুলি একো ভাৱ নাহে৷ গংগাৰ প্ৰতি আমাৰ মনত কেৱল ক্ষোভ আছে৷ দেখা পালে গুৰিয়াবলৈহে মন যাব৷ কিমান আশা / আমাৰ গাঁৱলৈ আহিম আহিম বুলিও  আজিলৈকে নাহিল৷

ইঞ্জিনিয়াৰঃ গংগাক গুৰিওৱা বা গংগাত জাঁপ মাৰি মৰা মোৰ একো আহে নাযায়৷ মুঠতে এতিয়াৰ পিছত শিল ভাঙিবলৈ, নলাখান্দিবলৈ নাযাব নহ’লে কিন্তু চৰকাৰে আপোনালোকক শুদাই নেৰে৷

কোৱালুঃ যদি আমি কথা নুশুনি শিল ভাঙিবলৈ যাওঁ তেতিয়া আপুনি কি কৰিব?

ইঞ্জিনিয়াৰঃ আপোনালোকৰ নিচিনা মানুহৰ লগত কি কৰিব লাগে সেয়া মই ভালদৰেই জানো৷ ইতিমধ্যে পুলিচ বাহিনী এটাক তেনুত্তুলৈ  মই পঠিয়াই দিছোঁ৷

[কথাখিনি কৈ ইঞ্জিনিয়াৰজন তাৰ পৰা গুচি যায় ৷]

ৱইতিলিংকমঃ আমাৰ সকলোবোৰ কষ্ট মাটিৰ লগত মিহলি হৈ গ’ল৷

কনদইয়নঃ আমাৰ পেটত গোৰ মাৰি থৈ গ’ল ৷

অদইককপ্পনঃ [ কৰ্পূৰ আৰু ধূনাখিনি মাটিলৈ দলিয়াই দিয়ে৷] মাষ্টৰ, আমাৰ কষ্টৰ শেষ নাই৷ আমি কেতিয়াও পানীৰ মুখ দেখা নাপাওঁ৷ মাৰিয়াম্মা মা, আমাক কিয় জীয়াই ৰাখিছা? আমাক মাৰি নিয়া মা৷[কথাখিনি কৈ কৈ শিলত মূৰটো মাৰি কান্দিবলৈ ধৰে৷]

ৱইতিলিংকমঃ অদইককপ্পন, কি কৰিছা এইবোৰ? উঠা৷ পাগলামি নকৰিবা৷

কোৱালুঃ খুড়া, কিয় কান্দিছা? কান্দিলে জানো কিবা হ’ব? এতিয়া উঠা৷ আমি আটায়ে একেলগ হৈ আগবাঢ়ি যাম৷ হাত দাঙি থিয় হোৱা ৷ চাওঁচোন আমাক কোনে ৰাখিব পাৰে? আহা আমি মিলিজুলি আগবাঢ়ি গৈ বিপৰীত শক্তিক মোহাৰি  পেলাওঁ৷

ৱেললইচামিঃ কোৱালু,তুমি ঠিকেই কৈছা৷ আমাৰ হাতত আৰু অন্য উপায় নাই৷ আমি আটায়ে একেলগ হৈ গৈ শিল ভাঙিম৷ পুলিচে গুলিয়ালেও আমি পিছ হুঁহুকি নাহোঁ৷  ব’লা আমি আগবাঢ়োঁ৷

কোৱালুঃ আহা৷ আমি আগবাঢ়োঁ৷ বয়সীয়াল মানুহখিনি ঘৰতে থাকক৷ ডেকা মানুহবোৰ ওলাই আহা৷ হয় শিল ভাঙিম নহয় মৰিম৷

[অদইককপ্পন বহাৰ পৰা জাঁপ মাৰি উঠে৷]

অদইককপ্পনঃ হেই কাক বয়সীয়াল বুলি কৈছ? দেহা বুঢ়া হ’ব পাৰে মন এতিয়াও সজীৱ  হৈ আছে৷ পিণ্ড খাই ওলাই আহ৷ শিল ভাঙিম, নহ’লে মৰিম৷

        [কথাখিনি কৈ পূজাৰ বাবে কাঁহীত থকা চাউলৰ পৰা এমুঠি চাউল মুখত সোমাই লয়৷ গাঁওবাসী যাবলৈ সাজু হয়৷ ইতিমধ্যে অলকিৰি সেইখিনি ঠাইত উপস্থিত হয় ৷]

অলকিৰিঃ ক’লৈ যাবলৈ ওলাইছা? তেনুত্তুৰ শিল ভাঙিবলৈ? নোৱাৰিব৷ এয়া সম্ভৱ নহয়৷ হত্যাকাৰীক মোৰ হাতত গতাই নিদিয়ালৈকে কোনেও মুখ নুখুলিব৷

ৱেললইচামিঃ মই আপোনাক কৈছোৱে দেখোন পানী অহাৰ পিছত আত্মসমৰ্পণ কৰিম বুলি৷

অলকিৰিঃ নলাৰে কেতিয়া পানী আহিব? নলাটো অবৈধভাৱে খন্দা হৈছে বুলি ক’লে চিঠি পঠাইছে৷ এতিয়া মই মোৰ কৰ্তব্য পালন কৰিবই লাগিব৷ আহা মোৰ লগত৷

অদইককপ্পনঃ অলকিৰি,ৱেললইচামিৰ গাত হাত নিদিবা৷

অলকিৰিঃ কিয়? কি কৰিব?

অদইককপ্পনঃ তোমাৰ মূৰ ভাঙিম৷

ৱইতিলিংকমঃ অদইককপ্পন, মনে মনে থাকা৷ অলকিৰি, সকলোৱে মিলি আমাক মাৰ শোধাইছে আৰু তুমিও? তুমি আমাৰ জোঁৱাই৷ তুমিতো আমাক বুজিবলৈ চেষ্টা কৰা৷

অলকিৰিঃ ঠিকেই৷ কিন্তু মোৰো নিজৰ কৰ্তব্য বোলা কথা এটা আছে নহয়৷ জোঁৱাই বুলিয়ে মই এতিয়া চোৰ, ডকাইতক  এৰি যাব পাৰোনে ?

কোৱালুঃ জোঁৱাই বাবেহে এৰিছোঁ৷ অইন কোনোবা হ’লে শুদাই নেৰিলোঁ হয়৷

অলকিৰিঃ কি কৰিবাহে? এই হত্যাকাৰীজনে তোমালোকৰ মূৰকিটা খালে৷ গাঁৱৰ বাহিৰত ইন্সপেক্টৰ আহি ৰৈ আছে৷ মই তেওঁলোকক আহিবলৈ মানা কৰিলোঁ৷ মই নিজেই ক’লো, ৱেললইচামিক লৈ যাম৷ তাক এতিয়াই মোৰ হাতত গতাই দিয়ক৷ নহ’লে কথা বেয়া হ’ব৷

কোৱালুঃ কি বেয়া হ’ব?

অলকিৰিঃ হত্যাকাৰী এজনক এনেদৰে লুকুৱাই থোৱা বাবে গাঁৱৰ সকলোকে জীপত    উঠাই পুলিচ ষ্টেচনলৈ নি জেইলত ভৰাই থ’ম৷ প্ৰত্যেকৰে নাম অপৰাধীৰ তালিকাত ভৰাম৷ যেতিয়াই যেতিয়াই অ’ত ত’ত সমস্যাৰ কথা শুনিবলৈ পাম,আপোনালোকক ধৰি ধৰি লৈ গৈ পুনৰ জেইলত সোমাই থ’ম৷

ৱইতিলিংকমঃ আপোনালোকে আমাক কেতিয়াও মানুহ হিচাপে জ্ঞান নকৰে৷

অলকিৰিঃ নিয়ম মানি চলিলে কোনেনো আপোনালোকক দিগদাৰ কৰিবলৈ আহিলে হয়?

অদইককপ্পনঃ আৰু কিমান দিনলৈ এইদৰে নিয়ম মানি চলিম? তললৈ মূৰ কৰি নিয়ম মানি মানি এদিন  আমি মাটিৰ তললৈ সোমাই যাম৷     

                         [সন্মুখৰ পৰা চেৱন্দিৰ প্ৰৱেশ৷]

চেৱন্দিঃ তুমি এই গাঁৱৰ জোঁৱাই আৰু কোনেও তোমাৰ একো অপকাৰ নকৰে বুলি ভাবিয়েই ইমান দপদপাই আছা নেকি?

অলকিৰিঃ জোঁৱাই নহ’লেও এই গাঁৱৰ মানুহে মোৰ একো অপকাৰ কৰিব নোৱাৰিলেহেঁতেন৷           

চেৱন্দিঃ সময় আহিলে দেখা যাব৷

অলকিৰিঃ চেৱন্দি, কি ক’ব বিচাৰিছা?

কনদইয়নঃ আই, তোৰ কি হৈছে? এনেকৈ ক’ব নাপায়৷ ইয়াৰ পৰা যা৷

চেৱন্দিঃ হ’বলৈনো কি আছে পিতাই? আজি মোক ক’বলৈ দে৷ অফিচাৰ আহিল আৰু নলা বন্ধ কৰিবলৈ কৈ থৈ গ’ল৷ এইখন গাঁৱত আছে কি ? চাৰিওফালে মৰিশালি৷ ৱেললইচামি দাদাই শহাপহুৱে চিকাৰ কৰিবলৈ অহাৰ দৰে এদিন আহি ওলাল৷ আমি প্ৰতিজ্ঞা ল’লো প্ৰাণ গ’লেও তেওঁৰ বিষয়ে আমি কাৰো আগত একো  নকওঁ৷ এখেতে নিজেও আমাক কথা দি এতিয়া নিজেই পুলিচ লৈ আহিল৷ এখেত মানুহৰ শাৰীত পৰে নে?

অলকিৰিঃ  চেৱন্দি, মুখ চম্ভালি কথা ক’বা৷ গাঁৱৰ সকলোৰে আগত এনেদৰে / গিৰীয়েকক  কিদৰে সন্মান কৰিব লাগে সেইখিনি জ্ঞানো তোমাৰ নাই নে? মোক এনেকৈ ক’বলৈ সাহস ক’ত পালা? তোমাক মই মোৰ পত্নী হিচাপে অস্বীকাৰ কৰিব লাগিলে কি কৰিবা?

চেৱন্দিঃ ওহ্‌ অস্বীকাৰ? মানে তালাক দিব নেকি? মোৰ দেউতাই তোমাক বিচাৰি যোৱা নাছিল৷ তুমিহে দুবাৰ তিনিবাৰ আহি মোক পছন্দ কৰিছিলা৷ এতিয়া যিহেতু ইমানখিনি হৈয়ে গ’ল মই আৰু তোমাৰ ওচৰলৈ নাযাওঁ বুলিয়ে প্ৰতিজ্ঞা কৰিছোঁ৷

কনদইয়নঃ আই / তোক কাবৌ কৰিছো মনে মনে থাক৷ তোৰ পিতায়েৰৰ সন্মানৰ কথা চিন্তা কৰ আই৷

চেৱন্দিঃ পিতাই, তই অলপ সময় ধৈৰ্য্য ধৰ ৷

        [মংগলসূত্ৰৰ পিনে চাই থাকি৷] এই মংগলসূত্ৰৰ বাবেই আপুনি ইমান দপ্‌দপাই  আছে নহয়নে? [মংগলসূত্ৰ খুলি হাতত লয়৷] এয়া লোৱা চৰকাৰৰ পুৰস্কাৰ লোৱাৰ আগতে এইডাল পিন্ধি লোৱা৷

[অলকিৰি আৰু তাত উপস্থিত আটাইৰে চকুত বিস্ময়ৰ চাৱনি৷]

        এতিয়াৰে পৰা আমাৰ সম্বন্ধ শেষ৷ যদি তোমাৰ গাত অকণমানো সাহস আছে ৱেললইচামি দাদাৰ  গাত হাত দি চোৱা৷

কোৱালুঃ অলকিৰি, ৱেললইচামিৰ গাত যদি হাত দিয়া তোমাৰ মূৰ ফালি পেলাম৷

        [মানুহৰ জুমটোৱে অলকিৰিক ঘেৰি ধৰে৷ কিছুমানে হাতত লাঠী, ডেগাৰ লৈ আহে৷ অলকিৰিয়ে জোৰে জোৰে হুইছেল বজাবলৈ ধৰে৷ হুইছেলৰ শব্দ শুনি ৱেললইচামি দৌৰিবলৈ আৰম্ভ কৰে৷ অলকিৰিও তাৰ পিছে পিছে দৌৰিবলৈ লয়৷ মানুহৰ জুমটোৱে অলকিৰিৰ ৰাস্তা আগুৰি ধৰে৷]

 

দৃশ্যঃ ২৮

 

        [ঘন কাঁইটীয়া জংঘল৷ ৱেললইচামিৰ প্ৰৱেশ, দৌৰি দৌৰি ভাগৰত লেবেজান হৈ পৰা অৱস্থা৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈ হাত ভৰি অচল হৈ পৰা দেখা যায়৷ হঠাৎ মাটিত বাগৰি পৰে৷ অতি কষ্টেৰে উশাহ ল’বলৈ চেষ্টা কৰে৷ পানী ... পানী ... বুলি দুই এটা অস্ফুট শব্দ শুনিবলৈ পোৱা যায়৷ ক্ৰমান্বয়ে উশাহ চুটি হৈ গৈ থাকে৷]

দৃশ্যঃ ২৯

 

        [মঞ্চৰ মাজত এচটা শিলৰ ওপৰত বহি ও.ভি.য়ে বাতৰি কাকতলৈ ৰিপ’ৰ্ট লিখি থাকে৷ ৱইতিলিংকমো ওচৰতে বহি থাকে৷ অদইককপ্পন আকাশৰ পিনে চাই বহি থাকে৷ চেৱন্দিয়ে হাতত এটা কলহ লৈ থিয় হৈ থাকে৷]

ও.ভিঃ [লিখি থাকে৷]

ৱেললইচামিৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈ মৃত্যু হয়৷ পুলিচে ৱেললইচামিৰ মৃতদেহটো চাবলৈও অত্তিপত্তিৰ ৰাইজক অনুমতি প্ৰদান নকৰিলে৷ কুপ্পন মিস্ত্ৰী, পুৰোহিত আৰু আন আন কিছুমান মানুহ গাঁও এৰি গুচি গ’ল৷

        [কুপ্পন মিস্ত্ৰী, মাৰিমুত্তু পুৰোহিত আৰু আন আন কিছুমান মানুহে হাতত বস্তুবাহানি লৈ গৈ থকা দেখা যায়৷]

        চেন্নাই আৰু এনেধৰণৰ ডাঙৰ চহৰত ভিক্ষা মাগি থকা মানুহবোৰক দেখিলে বুজিব তেওঁলোক নিশ্চিতভাৱে অত্তিপত্তিৰ নিৰীহ কৃষকসকলেই হ’ব৷ কোৱালুক আৰু দেখা পোৱা ন’গ’ল৷ অনুমান কৰিব পাৰি, সি ছাগে ক’ৰবাত  গৈ কোনোবা সমদলৰ আগত পতাকা লৈ থিয় হৈ আছে৷ ন’হ’লেবা জেইলৰ ভিতৰত আছে৷ কুৰুচামিৰ ফ্ল’ৰাইড মিহলি পানী খাই ভৰিখন অচল হৈ পৰে৷

        [কুৰুচামিয়ে ভৰি লেকেচিয়াই লেকেচিয়াই আহি থাকে৷]

        মাষ্টৰ ৱইতিলিংকমে আগৰ দৰেই দিনৰ ভাগত পানী আনি ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন আহাৰৰ যোগাৰ কৰি দি ৰাতিৰ ভাগত শিক্ষাদান কৰে৷ অদইককপ্পনে প্ৰায়ে আকাশৰ পিনে চাই বহি থাকে৷ জানোচা বতৰ পৰিৱৰ্তন হৈ বৰষুণ আহেয়ে/চেৱন্দি অকলে থাকে৷ গিৰীয়েকৰ লগত তাইৰ কোনো সম্পৰ্ক নাই৷ পিতাকৰ লগতে কুলিৰ কাম কৰি পোৱা পইচাৰে ঘৰখন চলাই আছে৷

        এই সকলো মানুহৰ মনত মাত্ৰ এটায়ে প্ৰশ্ন আছে৷

        আমাৰ ভালদিন আহিব নে নাই?

        এই পৃথিৱীত থাকিবলৈ আমি যোগ্য নে অযোগ্য?

       জীয়াই থাকিবলৈ আমাৰ পৰিস্থিতি কেতিয়াবা উন্নত হ’ব নে নাই?

 

         সমাজে অতি সোনকালে এইবোৰ প্ৰশ্নৰ উত্তৰ দি এই সমস্যাবোৰৰ সমাধান দিব লাগিব৷ নহ’লে সেই দিনটো ইমান দূৰত নাই যিদিনা আমাৰ ধৈৰ্যৰ্ৰ বান্ধ খোল খাব আৰু আমাৰ প্ৰশ্নসমূহ হিংসা আৰু প্ৰতিবাদলৈ ৰূপান্তৰিত হৈ পৰিব৷

 

সমাপ্ত

        তন্নীৰ তন্নীৰ তামিল ভাষাত ৰচিত নাটক৷ সাহিত্যৰ মাজেৰে যিহেতু সমাজ প্ৰতিফলিত হয়, সেয়ে কোনো এক সাহিত্যৰ লগত সমাজখন অংগাংগী হৈ থাকে৷ একেধৰণে ‘তন্নীৰ তন্নীৰ’ নাটকতো তামিল সমাজত প্ৰচলিত ব্যক্তিৰ নাম, উপাস্য দেৱতা তথা অন্যান্য বিষয় ব্যৱহাৰ হৈছে৷ মূল নাটকত ব্যৱহৃত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক দিশৰ এটা সাধাৰণ আভাস দিবৰ যত্ন কৰা হ’ল– 

দৃশ্যঃ ১

        অত্তিপত্তিঃ নাটকত থকা এখন কাল্পনিক গাঁৱৰ নাম৷

দৃশ্যঃ ২

        তেনুত্তুঃ নাটকত থকা পুখুৰীৰ নাম৷

        কোয়িলপত্তিঃ নাটকত থকা এখন সৰু চহৰৰ নাম৷

দৃশ্যঃ ৩

        তিৰুনেলবে লীঃ তামিলনাডুৰ এখন জিলাৰ নাম৷

        মাৰিয়াম্মাঃ বৰষুণৰ দেৱী৷ তামিলনাডুৰ যিবিলাক ঠাইত বৰষুণৰ পৰিমাণ  কম, তাত এইগৰাকী দেৱীৰ পূজা-অৰ্চনা কৰা হয়৷

দৃশ্যঃ ৪    

        চিন্নস্বামিঃ নাটকত থকা কাঠমিস্ত্ৰী চৰিত্ৰটোৰ নাম৷

        ৱন্দিপেত্তইঃ নাটকত থকা এখন ঠাইৰ নাম৷

        মাদাচামিঃ নাটকত থকা এজন মানুহৰ নাম৷

দৃশ্যঃ ৭

        মাদুৰাইঃ তামিলনাডুৰ এখন ডাঙৰ চহৰৰ নাম৷

দৃশ্যঃ ৮

         ৱেললইতুৰইঃ নাটকৰ ৱেললইচামি চৰিত্ৰটোৰ প্ৰকৃত নাম৷

        উত্তৰ আৰকাডুঃ তামিলনাডুৰ এখন জিলাৰ নাম৷

        কালমেঘমঃ নাটকত থকা জমিদাৰ চৰিত্ৰটোৰ নাম৷

দৃশ্যঃ ৯

        আলংকায়মঃ নাটকত থকা উত্তৰ আৰকাডু জিলাৰ গাঁও এখনৰ নাম৷

        জাব্বাদ্দুঃ নাটকত থকা পাহাৰীয়া ঠাই এখনৰ নাম৷

        ভেল্লোৰঃ তামিলনাডুৰ এখন ডাঙৰ চহৰ ৷ ইয়াত এখন ডাঙৰ জেল আছে৷

        চেক্কনুৰঃ নাটকত থকা এখন গাঁৱৰ নাম৷

                                দৃশ্যঃ ১০

        নায়ক্কৰঃ এটা জাতিৰ নাম৷

        ছিদ্দেয়া নায়ক্কৰঃ নাটকত থকা এজন মানুহৰ নাম৷

        কৃষ্ণচামি ৰেদ্দিয়াৰঃ নাটকত থকা এজন মানুহৰ নাম৷

         ৰেদ্দিঃ এটা জাতিৰ নাম৷

                                দৃশ্যঃ ১১

         চাত্তোৰঃ নাটকত থকা এটা নিৰ্বাচনসমষ্টিৰ নাম

                                দৃশ্যঃ ১২

        ওত্তপিদাৰমঃ তামিলনাডুৰ এখন ঠাইৰ নাম৷

        ওত্তপিদাৰম ভেংকটেচনঃ ওত্তপিদাৰম গাঁৱৰ ভেংকটেচন নামৰ এজন মানুহ ৷ অৰ্থাৎ নাটকত ও. ভি. নামৰ চৰিত্ৰ৷

                                দৃশ্যঃ ১৫

        পাৰাংকুচমঃ নাটকত থকা বাতৰি  কাকতৰ স্বত্বাধিকাৰী চৰিত্ৰটোৰ নাম৷

        কুন্তলা কুমাৰীঃ নাটকত থকা এজনী অভিনেত্ৰীৰ নাম৷

                                দৃশ্যঃ ১৬

        চেত্তুৰঃ নাটকত থকা গাঁও এখনৰ নাম৷

                                দৃশ্যঃ ১৭

        চেৱকিৰিঃ নাটকত থকা  এখন ঠাইৰ  নাম৷

        থাইঃ ফচল চপোৱা সময়, অসমীয়া মাঘ মাহক তামিল থাই মাহ বুলি কোৱা হয়৷      

        তীৰুচেন্দুৰ মুৰুগণঃ মুৰুগণ তামিলসকলৰ উপাস্য দেৱতা৷ সমুদ্ৰৰ    ওচৰত থকা এটা মন্দিৰৰ নাম৷

                                        দৃশ্যঃ ১৮

        কুমাৰ নায়ক্কৰ, চোলে নায়ক্কৰ, মুত্তু নায়ক্কৰ, বালু নায়ক্কৰঃ নাটকত থকা কেইটামান চৰিত্ৰৰ নাম

দৃশ্যঃ ২০

        আদিঃ আহাৰ মাহ

                                        দৃশ্যঃ ২৫

        পোন্নুত্তাঃ নাটকত থকা এটা চৰিত্ৰৰ  নাম৷

        ৰাচুঃ নাটকত থকা এটা চৰিত্ৰৰ নাম৷

        কল্লিদইকুৰুচ্ছিঃ নাটকত থকা এখন ঠাইৰ নাম৷

দৃশ্যঃ ২৭

        তাবিলঃ দেখাত ঢোলৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ৷

        নদস্বৰাঃ পেঁপাৰ নিচিনা এবিধ বাদ্যযন্ত্ৰ৷

[তামিলনাডুৰ পৰম্পৰাগত উৎসৱত এই দুয়োবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়৷]

No comments:

Post a Comment