পালৱন্নম পিল্লাই [১৯৪০]
মূলঃ পুদুমইপিত্তন
পালৱন্নম পিল্লই উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এজন
পিয়ন৷ তেওঁৰ গোটেই জীৱনটো কেৱল অফিচৰ কাম, এটাৰ পাছত আন এটা ফাইল এখন মেজৰ পৰা আন এখন মেজলৈ অনা-নিয়া কৰি ফুৰা, এজনৰ পাছত আন এজন বিষয়াৰ আদেশ পালন কৰি থাকোতেই যেন অতিবাহিত হৈ আহিছে৷ মাহিলী দৰমহাও পইত্ৰিশ টকা মাত্ৰ৷ তেওঁৰ জীৱনটো
যেন অনৱৰতে কেৱল সংশয় আৰু আনৰ নিৰ্দেশ পালন কৰোঁতেই যাব/
প্ৰাণী বিজ্ঞানৰ কিতাপখনক যদি কোনোৱে শহাপহুৰ চাৰিটা
ঠেং বুলি মত প্ৰকাশ কৰে আৰু সকলোৱে এই কথা মানি লয়þ তেনে
ক্ষেত্ৰত পিল্লাইৰ মত হয় গৈ তিনিটা ঠেংহে মাত্ৰ৷ মানে তেওঁৰ নীতি এনেক্ষেত্ৰত বৰ
শক্তিশালী৷ যি নীতি সৈনিকসকলৰ নাইবা সত্যাগ্ৰহীসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য; তেনেক্ষেত্ৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সাধাৰণ পিয়ন এজনৰ গাত এনে লক্ষণ থকাটো
অস্বাভাৱিক নহয়নে?
পালৱন্নম পিল্লায়ে কাৰ্যালয়ত এটা গাধৰ নিচিনাকৈ খাটে; পিছে¸ ঘৰলৈ আহিলেই হিটলাৰৰ লেখীয়া হৈ পৰে৷ সেইদিনাখন তেওঁৰ
বৰ খং উঠিছিল৷ অফিচৰ পৰা উভতি অহাৰ সময়ত খঙৰ ভমকত
ওঁঠ দুটি কঁপি আছিল৷ ওপৰৰ ওঁঠটো অলপ বেছিকৈয়ে কঁপিছিল৷ কাৰণ, অফিচৰ সহকৰ্মীজনৰ লগত তেওঁ এক তৰ্কত লিপ্ত হৈছিল৷ তেওঁ কৈছে মেক্সিকো দক্ষিণ আমেৰিকাত অৱস্থিত৷ তেওঁৰ বন্ধুৱে আকৌ
কৈছে যে ভূগোলবিজ্ঞান অনুসৰি সেয়া অন্য দিশতহে অৱস্থিত৷ পালৱন্নম পিল্লাইয়ে নিজৰ
যুক্তিকেই ন্যায়সংগত বুলি বিবেচনা কৰি দৃঢ় মনোভাৱেৰে ঘৰলৈ উভতিছিল৷
পালৱন্নম পিল্লাই আৰু তেওঁৰ পত্নীৰ পৰিয়াল -
পৰিকল্পনাত কোনো ধৰণৰ বিশ্বাস নাই৷ সেয়ে প্ৰতি বছৰে একোটাকৈ সন্তান জন্ম দি আহিছে৷
এতিয়া চাৰিটা সন্তানেৰে তেওঁলোকৰ পৰিয়ালটো ভৰি পৰিছে৷ অহা চ’ত মাহত ঘৰলৈ পুনৰ নতুন আলহী অহাৰ সম্ভাৱনাও নোহোৱা নহয়৷ এনে
ক্ষেত্ৰত এইটো পৰিয়ালৰ এজন সন্তানে ‘বেবী শ্ব’ত পুৰস্কৃত হোৱাৰ আশা তেনেই ক্ষীণ৷
পালৱন্নম পিল্লাইৰ পত্নী পিছে সকলো কামতে নিপুণ আৰু ¸ পৰিশ্ৰমী৷ শাৰীৰিক আৰু
মানসিকভাৱেনানান সমস্যাৰে ভাৰাক্ৰান্ত
হ’লেও নাইবা দেহত ভাগৰ থাকিলেও
তেওঁ কিন্তু বৰ উদাৰ মনৰ গৰাকী৷
কোলাত থকা কেঁচুৱাটোৰ আগতে জন্ম হোৱা ল’ৰাটো
শাৰীৰিকভাৱে বাধাগ্ৰস্ত৷ কোলাত থকা কেঁচুৱাটোও বৰ দুৰ্বল৷ ইফালে, মাতৃৰ দেহো ভাগৰুৱা৷ আকৌ, সন্তানক পৰ্যাপ্ত পৰিমাণৰ গাখীৰ
খুৱাবলৈও তেওঁ আৰ্থিকভাৱে স্বচ্ছল নহয়৷ চৰকাৰী ধৰ্মা হস্পিতালত প্ৰতিদিনে দিয়া
বিনামূলীয়া ঔষধ আৰু প্ৰতিমাহে ঋণত লোৱা
গাখীৰ খায়েই সন্তানকেইটাই ইফালে সিফালে ঘূৰি ফুৰাৰ শক্তিখিনি পাই আছে৷ তাতে আকৌ
সেই মাহৰ গাখীৰৰ বাজেটত অন্যবাৰৰ হিচাপতকৈ চাৰি টকা বাঢ়িহে গ’ল৷
এনে অৱস্থাতেই পালৱন্নম পিল্লাইৰ পত্নীৰ মগজুত এটি
বুদ্ধিৰ উদয় হ’ল৷ অৱশ্যে এয়া কোনো বিস্ময়কৰ বুদ্ধি নহয়৷ তেওঁৰ ভাব, আমি আমাৰ বাবে, আমাৰ সন্তানৰ বাবে এটি গাই গৰুৱেই কিনি নেপেলাওঁ কিয়? এইটোৱেই...৷
ভগৱানৰ আশীৰ্বাদ পোৱা লোক নাইবা নতুনকৈ কিবা এটা
আৱিষ্কাৰ কৰা বিজ্ঞানী এজন এনেলোকে
সাধাৰণতে হাত সাৱটি বহি থাকিব নোৱাৰে৷ লগে লগেই সেই বাতৰি সম্প্ৰসাৰিত কৰিব
পাৰিলেহে যেন শান্তি/ আন লোকৰ কাণৰ পৰা তেজ উলিয়াই দিব নোৱৰা পৰ্যন্ত এই বাৰ্তা
যেন সম্প্ৰসাৰিত হৈয়েই থাকিব, হৈয়েই থাকিব...৷ এতিয়া পালৱন্নম
পিল্লাইৰ পত্নীৰ অৱস্থাটোও ঠিক তেনেকুৱাই হৈছে৷
পালৱন্নম পিল্লাইয়ে ঘৰলৈ উভতি অহাৰ সময়ত স্নাতক
চূড়ান্ত বৰ্ষৰ ভূগোলৰ কিতাপখন চিলিঙৰ ওপৰত ৰাখিছে, নে কাঠৰ
বাকচত আছে, নে অইন কৰবাত থৈছে , ক’ত ৰাখিছে
সেইবোৰ ভাবি গুণিয়েই আহি আছিল৷
চোতালৰ পৰা আহি বাৰাণ্ডাৰ খটখটিত উঠাৰ লগে লগে “হেৰা, কাঠৰ বাকচৰ চাবি ক’ত?”- বুলি কৈয়েই তেওঁ ঘৰৰ ভিতৰলৈ সোমাই
আহিল৷
ভিতৰলৈ সোমাই আহি তেওঁ কিতাপৰ আলমাৰিবোৰ খঁুচৰি
থাকিল৷
তেওঁৰ পত্নীয়ে প্ৰথমতে দূৰৰ পৰাই তেওঁৰ
কাণ্ড-কাৰখানাবোৰ চাই আছিল৷ এপাকত তেওঁ গিৰিয়েকৰ ওচৰলৈ দৌৰি আহিল৷ ঘৰৰ গাখীৰৰ
সমস্যাটোৰ বাবে গিৰিয়েকৰ লগত তেওঁৰ আলোচনা কৰিবলৈও আছে৷ সেয়ে তেওঁ বৰ দোধোৰ-মোধোৰত
পৰিল৷ পিছে, মেক্সিকোৰ সমস্যাত ডুবি থকা পালৱন্নম পিল্লাইয়ে এই মুহূৰ্তত
পত্নীৰ কথাত গুৰুত্ব দিয়াৰ অৱকাশ নাই৷ তেওঁ যেন এখন বেলেগ জগততহে ভৰি দিছে; প্ৰতিযোগিতাৰ জগতত৷
“কি বিচাৰি আছে আপুনি?”
“ এখন কিতাপ, পিছে চাবি ক’ত?”
“এয়া লওঁক৷ আপোনাৰ লগত মোৰ অলপ কথা আছে৷ ল’ৰা কেইটাৰ
বাবে গাখীৰ এটুপি কিনিবলৈও বৰ সমস্যা হৈছে৷ তেনে স্থলত এশ টকামানত গৰু এটাকে কিনি
নিদিয়েনো কিয়?”
“এহ্, ঘৰ আহি সোমাইছোহে মাত্ৰ৷ প্ৰতিদিনৰ
নিচিনাকৈয়ে আজিও ৰামায়ণখন আৰম্ভ হ’লেইনে? মোৰ সন্তান চাউলৰ পানী খায়েই
ডাঙৰ-দীঘল হ’ব৷”- তেওঁ উত্তৰ দিলে৷
যদি মেক্সিকো
উত্তৰ আমেৰিকাতেই অৱস্থিত হয়, তেন্তে তেওঁৰ বাৰু খং নুঠাকৈ থাকিব
পাৰেনে?
গাখীৰৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই৷
পিল্লাইৰ পত্নীৰ হাতত দুপাট সোণৰ খাৰু আছিল৷ সন্তানৰ
প্ৰতি থকা মৰমৰ ফলস্বৰূপে তেওঁ খাৰু দুপাট বিক্ৰী কৰি এহাল গাই-দামুৰি কিনি আনিলে৷
দুদিনৰ পাছত পালৱন্নম পিল্লায়ে অফিচৰ পৰা আহি হাত-মুখ
ধুবৰ বাবে ঘৰৰ পাছফাললৈ গৈছিল৷ তেনেতে এটা গাই গৰুৱে পোৱালিটোৰ সৈতে ঘাঁহ খাই থকা
তেওঁ দেখিবলৈ পালে৷ পোৱালিটোৱে মাকৰ ফালে চাই চাই হেম্বেলিয়াই আছিল৷
“হেৰা শুনিছানে...” তেওঁ মাতিলে৷
“পত্নীয়ে মিচিকিয়া হাঁহি এটা মাৰি তেওঁৰ সমুখত উপস্থিত
হ’ল৷ সেয়া হ’লেও তেওঁৰ বুকুখন কিন্তু অজান আশংকাত
দুৰু-দুৰুকৈ কঁপিবলৈ ধৰিছিল৷”
“গৰু কেতিয়া আৰু ক’ৰ পৰা আহিল?” তেওঁ পুনৰ
সুধিলে৷
“পশ্চিমফালৰ দাদা এজনে কিনি দি থৈ গৈছে৷ প্ৰতিদিনে দুই
লিটাৰকৈ গাখীৰ ওলায়৷”
“হম্ম...” তেওঁ ক’লে৷
সেইদিনা গধূলি নতুন গাখীৰৰ কফি একাপ বনাই গিৰিয়েকক
দিবলৈ গৈ তাই দেখে যে গিৰিয়েকে যিখিনি ঠাইত বহি আছিল এতিয়া তাত নাই৷
সেইদিনাৰ পাছত পালৱন্নম পিল্লায়ে কেতিয়াও কফি আৰু
মাখন মুখত দিয়া নাই৷
তাকে দেখি পত্নীৰ মনত বৰ বেজাৰ৷ এফালে নিজৰ সন্তানকেইটা
আৰু আনফালে গিৰিয়েকৰ ল’ৰামতীয়া ব্যৱহাৰ/ তাৰ মাজতে আকৌ বংশ বৃদ্ধিৰ সমস্যা৷
তেনেদৰে প্ৰায় পোন্ধৰ দিন পাৰ হ’ল৷
পিল্লায়ে কেৱল এইটোৱেই ভাবি থাকে “গৰnজনী কি কৰিম?”
সেইদিনা ৰাতি প্ৰায় আঠটা মান বাজিছে৷ পালৱন্নম
পিল্লাই আৰু তেওঁৰ বন্ধু সুপ্পু কোণৰ তেওঁলোকৰ ঘৰলৈ আহিছিল৷
“চাওঁক চাওঁক গৰুটো পঁচিশ টকাত৷” তেওঁ এনেদৰে ক’লে৷
‘‘বন্ধু, এই গৰnজনী ষাঠি
টকা দৰত কিনিব পোৱা যাব যেনহে অনুমান হৈছে৷” সুপ্পু কোণৰে উত্তৰ দিলে৷
“তোমাৰ বাবে পঁচিশ টকা, সস্তাতে
দিবলৈ ওলাইছোঁ বুজিছাঁ৷ যোৱা যোৱা গৰুজনী
এতিয়াই লৈ যোৱা৷”
“বন্ধু, এতিয়াইনে? এই
ৰাতিয়েই...৷ কাইলৈ ৰাতিপুৱাতে আহি লৈ
যামহি৷”
“নহ’ব৷ এতিয়াই লৈ যোৱা৷”
“গৰুজনীৰ পঘাডাল খুলি দিয়া হ’ল৷”
পত্নীয়ে ক’বলৈ ধৰিলে,“ গৰnজনী সত্তৰ টকা দৰত কিনি আনিছিলোঁ; আমাৰ সন্তানৰ গাখীৰ খোৱাৰ অভাৱ
পূৰণ হওঁক বুলি ভাবিয়েই৷ আকৌ, বাহিৰত গাখীৰ বিক্ৰী কৰিও দুই-এটকা
উপাৰ্জন কৰিব পৰা গ’ল হয়৷” কথাখিনি কৈ
তেওঁ মনে মনে থাকিল৷
“মোৰ সন্তানে চাউলৰ পানী খায়েই ডাঙৰ হ’ব চাই থাক৷”
সুপ্পু কোণৰে গৰুজনী লৈ যাবলৈ ওলোৱাৰ সময়তে ডাঙৰ
ল’ৰাটোৱে বিচনাৰ পৰা উঠি বহি “মা, মোৰ গৰুৰ পোৱালিটো...” বুলি কৈ
জোৰে জোৰে কান্দিবলৈ ধৰিলে৷
তাকে দেখি “চুপ, মুখ বন্ধ
কৰ৷”- এনেদৰে ক’লে পালৱন্নম পিল্লায়ে৷
*****
No comments:
Post a Comment