ডেউকা ভগা চৰাই [১৯৭৬]
মূলঃ অম্বই
শকত-আৱত পুৰুষসকলৰ বিৰুদ্ধেও কিছুমান আইন থকা দৰকাৰ-
ছায়াই মনতে ভাবিলে৷ এনেধৰণৰ অনেক আইন বা নিয়মৰ বিষয়ে ছায়াই নিজৰ মনতে পাগুলিয়াই
থাকে৷
যেনে ধৰক- নোমহীন বুকুৰ পুৰুষবোৰ বিবাহৰ বাবে
অনুপযুক্ত৷
নাইবা, যি সকল পুৰুষৰ দাঁতবিলাক গুটখা
চোবাই চোবাই ক্ৰমে ৰঙা-হালধীয়া দাগ পৰিছে; তেওঁলোক
চুম্বন লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা উচিত৷
আকৌ, সেই সকল গিৰিয়েকৰ জেপৰ পইছাবোৰ
জব্দ কৰি থ’ব লাগে যি সকলে নিজৰ পত্নীৰ মন পছন্দৰ বস্তু কিনিবলৈ উজলি উঠা চকুজুৰি
দেখি নিজৰ জেপৰ পইছা লুকুৱাই ৰাখিবলৈ সচেষ্ট হৈ পৰে৷
আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱৰাকৈ এনে ধৰণৰ অনেক নীতি
নিয়ম আছে৷ আমাৰ শাসন ব্যৱস্থাত যদি এনেবোৰ আইন প্ৰণয়ন হ’বলৈ হয়; তেনেহ’লে যিজন ব্যক্তি আটাইতকৈ বেছি উৎফুল্লিত হৈ পৰিব সেইজনেই....
তাইৰ সন্মুখত বহি থকা মানুহজনে ভুন্ভুনাই আছিল৷
‘ৰচমখিনি গৰম হৈয়েই আছে৷’
‘লৰালৰি কৰিবৰ কিনো হৈছে?’
‘মানে? কি বুজাব বিচাৰিছা?’ মানুহজনে সুধিলে৷
এই শব্দকেইটা যেন তেওঁৰ মুখৰ ভিতৰলৈ নিয়া গৰম ভাত
গৰাহৰ স্পৰ্শৰ সময়ত কৰা শব্দৰ নিচিনা একেই আছিল৷
ৰাস্তাৰ কুকুৰ এটাৰ মাতো যেন ইয়াতকৈ বেছি ভাল শুনা
যাব৷
‘মা.....
তুমি মোক লগাতকৈ আজি অকণমান বেছিকৈয়েই ভাত দি দিলা যেন পাওঁ৷’ - শেখৰে সুস্থিৰভাবে
কৈ উঠিল৷
‘কি ক’লা? বেছিকৈ দিছে? ছায়া, আজিকালি চাউলৰ কিমান দাম তুমি জানানে? ঐ, খা যিখিনি দিছে, খাই শেষ কৰি
পেলা৷ নহ’লে..... নহ’লে তোৰ পিঠি মই বখলিয়াই দিম৷’ তাৰ বাপেকে যেন ভুকিবলৈহে ধৰিলে৷
শেখৰৰ গাল দুখন ফুলি গৈ থাকিল৷
ছায়াই নিজৰ মনতেই এক আকস্মিকভাবে এক নতুন আইনৰ জন্ম
দিলে৷ যিবোৰ পুৰুষ স্বভাৱতেই কোমল প্ৰকৃতিৰ নহয়, সিহঁতবোৰৰ
গাত বন্ধ্যাকৰণৰ আইন জাৰি কৰা উচিত৷ যাতে কোনোপধ্যে সিহঁতে সন্তান জন্ম দিব
নোৱাৰে৷
তাইৰ গিৰিয়েক ভাস্কৰণ হূষ্ট-পুষ্ট শৰীৰৰ অধিকাৰী৷ তাইৰ মনত আছে
প্ৰথমবাৰৰ বাবে তাইক দেখা কৰিবলৈ অহাৰ সময়তো তেওঁ দেখাত আজিৰ নিচিনাই আছিল৷ তথাপিও
ছায়াই তাত কোনো ধৰণৰ আপত্তি প্ৰদৰ্শন কৰা নাছিল৷ নি(য় তামিল চিনেমাৰ হিৰ’সকলৰ
সুঠাম শৰীৰটো চাই চাই তাই অভ্যস্ত হৈ পৰিছিল৷ তাই কল্পনা কৰিছিল যে সুস্থ-সুঠাম
শৰীৰ এটা এজন পুৰুষৰ প্ৰধান অলংকাৰ৷
তাইৰ মাকে কিন্তু সামান্য বিৰোধ প্ৰকাশ কৰিছিল-‘আৰে, ৰোজগাৰ ভাল হ’লেও তাৰ চেহেৰাটো জানো আমাৰ ছায়াৰ লগত মিলিব নালাগিব? লতাৰ নিচিনা পাতল৷’
এই কথা শুনি চন্দ্ৰন মামা গৰজি উঠিছিল- ‘‘হাৰে, এয়া কি ধৰণৰ কথা? ল’ৰাজন সুস্থ-সুঠাম সিমানেই৷ তুমি কি ভাবিছা তেওঁ দেখাত দুৰ্বল ৰোগীৰ নিচিনা
হ’ব লাগিছিল নেকি? চিধা ভাষাত ক’বলৈ হ’লে যেতিয়া দুই-চাৰিটা সন্তান জন্ম
দিব, ছায়া নিজেই শকত আৱত এজনী হৈ পৰিব৷”
অৱশ্যে, ছায়াৰো সহমততেই সেয়া সম্পন্ন হৈছিল৷ প্ৰণয়গীত গাই গাই, হালি-জালি
খোজকঢ়া মনে বিচৰা মানুহজন হিচাপেইতো ভাস্কৰণে তাইৰ কল্পনাত আহি ধৰা দিছিল৷
ছায়া-ভাস্কৰণ/ শুনিলেই যোৰা মিলিছে যেন বোধ হয়৷ সেই
কথাতেই জোৰ দি পুৰোহিতজনেও বাৰে বাৰে ছায়াৰ পিতৃক এইদৰে কৈছিল ‘আপুনি দেখিছেনে, এওঁলোকৰ নাম দুটিত কিমান মিল আছে? এই যোৰা ৰাম আৰু সীতাৰ যোৰাৰ নিচিনাই৷
‘ছায়া, মোক অকণমান আমৰ আচাৰ দিয়া৷ এমাহ
ধৰি খোৱাই নাই৷ তাইৰ স্ব›Ÿ ভংগ কৰি ভাষ্কৰণে মাত দিলে৷
তাই আচাৰৰ বটলৰ সাঁফৰখন খুলিলে৷ আচাৰখিনিৰ ওপৰত
ভেঁকুৰৰ সামান্য প্ৰলেপ এটা তাই দেখিবলৈ পালে৷
‘ওহ.... এয়া কি?’ ছায়াই হঠাতে
চিঞৰি উঠিল৷
‘কি হ’ল? বেয়া হৈ গ’ল নেকি?’ ভাস্কৰণে সুধিলে৷
ছায়াই ডিঙিটো তলমূৰ কৰি হয় বুলি ইংগিত দিলে৷
‘হুমম্.... ভাল ভাল, খুব ভাল কাম
কৰিলাদেই৷ মোৰ টকাবোৰ এনেদৰেই বৰবাদ হ’ল৷ আচলতে বস্তুবোৰ কিদৰে সযতনে ৰাখিব লাগে
তাৰো কাণ্ডজ্ঞান তোমাৰ নাই৷’
ছায়াৰ দাঁতে-ওঁঠে লাগি ধৰিল৷ এয়া সঁচাকৈয়ে তাই কৰা
ভুল৷ তাই আচাৰখিনি লৰাবলৈ আৰু ঢাকনিখন খুলি ৰ’দত দিবলৈকে পাহৰি আছিল৷
‘ছেঃ জলকীয়া, নিমখ আৰু তেলখিনি মিছাতেই বৰবাদ
হ’ল৷ তুমি যে কেতিয়া পইছাৰ মূল্য বুজি পাবা/’ ভাষ্কৰণে তাইক গালি দি তাৰ পৰা উঠি
হাত ধুবলৈ গুছি গ’ল৷
জলকীয়া, নিমখ আৰু তেল.... হম্ম/ এইবোৰ যেন
শেষ হোৱা নাই৷ সিহঁতে যেন তাইৰ হূদয়ত জোৰকৈ খামুচিহে ধৰিব৷
‘মা.... স্কুল যাবৰ সময় হ’ল৷ পইছা দিয়া আকৌ৷’
‘নাই অ’ সোণ৷ মই তোৰ কথা পাহৰিয়েই আছিলোঁ৷ যা, ভাল ল’ৰাটো মোৰ৷
যেতিয়া তাই চৌকাটো চাফা কৰি আছিল, ভাস্কৰণে তেওঁৰ কাপোৰযোৰ সলাই ল’লে৷ তেওঁ এটা লেতেৰা পায়জামা পিন্ধি ল’লে, যিটো যোৱা এসপ্তাহমান ধৰি পিন্ধি থকা বাবে বৰ লেতেৰা দেখাইছিল৷
‘তোমাৰ আৰু বেলেগ পেণ্ট নাই নেকি পিন্ধিবলৈ?’
‘কিয়? কি হ’ল? এইটোৱেই
ঠিকে আছে৷ মিছাতেই কিয়নো ধুবীৰ ওচৰলৈ গৈ পইছা ভৰিব লাগে? পিছে, তুমি মোৰ ফ্লাক্সত কফি ভৰাই দিছানে নাই?’
ছায়াই নিজে বনোৱা আইনবোৰৰ মাজত সোমাই পৰিল৷ তাই
ভাবিবলৈ ধৰিলে আচলতে কৃপণ মানুহবোৰক সমাজে এঘৰীয়াকৈ থ’ব লাগে৷
‘হেৰা, মোৰ টিফিন তৈয়াৰ কৰিছানে নাই?’
‘হমম্... ছায়াই উচপ খাই উঠিল৷
এতিয়া তাই এই সকলোবোৰ বাচন বৰ্তন ধুব লাগিব৷ সেয়াও
একপ্ৰকাৰে চাবলৈ গ’লে ভালেই৷ অফিচৰ কেণ্টিনত খাবলৈ গৈ বেছি পইছাখিনি অবাবত খৰচ
কৰাতকৈ কম পইছাৰে বনোৱা ঘৈণীয়েকৰ হাতৰ খাদ্য খোৱাই ভাল৷
প্ৰথমতে এই সকলোবোৰ কাম কৰি ছায়াই নিজকে নিজে ধন্য
মানিছিল৷ গিৰিয়েকে তাইৰ হাতৰ জুতি খুব ভাল পাইছে- বুলি ভাবিয়েই আনন্দ অনুভৱ
কৰিছিল৷ প্ৰত্যেক সন্ধিয়া গিৰিয়েকক সুধিছিল-‘তুমি আজি পোংগলখিনি খাই কেনে পালা?’
‘হম্ম্....
‘আজি বুজিছা, কাষৰ ঘৰৰ অমুকজনীয়ে কৈ আছিল আমাৰ
ৰান্ধনিঘৰৰ সুগন্ধও তালৈকে বিয়পি পৰিছে৷’
‘ঠিকেই আছে৷ কিন্তু তুমি তাত অলপ বেছিকৈয়ে ঘিউ দি দিলা
যেন পাইছো৷ খৰছৰ প্ৰতিও অকণমান ধ্যান দিয়া উচিত৷
বাৰু, সেয়া যি কি নহওক কিয় প্ৰত্যেক
মানুহৰেই ক্ষেত্ৰত সকলো প্ৰকাৰৰ গুণ নাথাকে৷ কিছুমানৰ ওচৰত আনক প্ৰশংসা কৰিব পৰা
গুণ নাথাকিবও পাৰে৷ ছায়াই নিজকে নিজে বুজাইছিল৷ কিন্তু এদিনাখন ৰাতি ছায়াই
গিৰিয়েকক সুধিম বুলিয়েই থিৰাং কৰিলে৷ জোনাক নিশা, খিৰিকিৰে
শীতল মৃদু বতাহ কোঠাটোত বিয়পি পৰিছিল৷ গিৰিয়েকৰ কাষ চাপি আহি তেওঁৰ তেলেতীয়া চুলিত
হাত বুলাবলৈ ধৰিছিল৷ আপুনি যদি কাৰোবাক মনে প্ৰাণে ভাল পায় তেন্তে সেই তেলেতীয়া
চুলিখিনিও সহ্য কৰিব পৰা শক্তিৰ অধিকাৰী হৈ উঠে৷ ইয়াৰ বিপৰীতে যদিহে আপুনি
মানুহজনক ভাল নাপায় তেনে ক্ষেত্ৰত দুটা দাঁতৰ মাজৰ খালি সৰু ঠাইখিনিও আপোনাৰ চকুত
এটা প্ৰকাণ্ড গুহা হৈ ধৰা দিব৷
ছায়াই তাইৰ হাতৰ আঙুলিকেইটা তেতিয়াও গিৰিয়েকৰ চুলিত
বুলাই আছিল৷ ধীৰ স্বৰত ছায়াই এবাৰ তেওঁক সুধিয়েই পেলালে ‘মই বনোৱা খাদ্য খাই
তুমি বৰ ভাল পোৱা নহয়নে? অফিচত বাৰু
এইবোৰ কথা কৈ তোমাক কোনোবাই জোকায় নেকি?’
গিৰিয়েকে সংক্ষেপে উত্তৰ দিলে ‘তুমি ভাল বনোৱা, কিন্তু বস্তুবোৰ অধিক মাত্ৰাত খৰচ কৰি পেলোৱা৷ বাৰু যি নহ’লেও অফিচৰ কেণ্টিনত
কিনি খোৱাতকৈতো এয়া সস্তাতেই হয়৷
অজানিতে ভাস্কৰণৰ কথা আৰু তেওঁৰ স্পৰ্শই ছায়াৰ গোটেই শৰীৰটোক জ্বলাই পেলালে৷ গিৰিয়েকৰ
চুলিত স্পৰ্শ কৰি থকা ছায়াৰ আঙুলিবোৰ যেন হঠাতে জঠৰ হৈ পৰিল৷ এনে সময়তেই তাইৰ মনত
অনেক ভাবনাই খেলিমেলি লগায়৷
কোনোবা এখন চিনেমাত যদি শিৱাজী গণেশনে সৰোজা দেৱীৰ
আগত এনেদৰেই ক’লে হয়? খিৰিকিৰ ওচৰলৈ গৈ ছায়াই উদাসীন ভাবনাৰ গীতৰ কলি এটিকে
গুণগুণাবলৈ ধৰিলে- ‘মোৰ হূদয়ত এপাত কাড়ে
বিন্ধিছে৷ কিন্তু ছায়াইতো ভজনৰ বাহিৰে অন্য গীত গাব নোৱাৰে৷ সম্ভৱতঃ আনন্দ ভৈৰৱৰ
এটি আলাপ ল’ব পাৰে৷ সেয়াও আচৰ্যজনক ভাৱে কৰুণ হ’ব৷ এই চিন্তা অহাৰ লগে লগে ইমান দুখৰ
মাজতো তাই ফিচিক্কৈ হাঁহি দিলে৷’
আঃ এয়া কি স্বৰ্গীয় কল্পনা৷ এই কল্পনাৰ আধাৰত কিমান
যে কঠিন আৰু অধিকাৰপূৰ্ণ আইন বনাব পৰা যাব/
‘মই আহোঁ, ছায়া/’
‘হম্ম্...’
‘সেই আমৰ আচাৰখিনি বেয়া হৈ গ’ল নেকি? চাবা... হম্ম্... নহলেও তলৰ কিছু অংশ ভালে থাকিবও পাৰে৷
‘ঠিক আছে৷’
‘তেওঁ যাবলৈ ওলাল৷’
ছায়া ভাতৰ পাতত বহিল৷ শেখৰৰ থালখনত ৰোৱা ভাতখিনিৰ
লগতে আৰু অলপ ভাত লৈ তেঁতেলীৰ আচাৰখিনি মিহলাব লওঁতেই তাইৰ মাকলৈ মনত পৰিল৷ তাই যে
মাকক কিমান দিগদাৰ কৰিছিল৷
যেতিয়াই তাইৰ থালত তেঁতেলীৰ আচাৰ দিয়া হৈছিল খঙতে
থালখন দূৰলৈ ঠেলি দি খোৱাৰ পৰা উঠি থিয় হৈছিল৷
‘যিবোৰ খাই মই ভাল নাপাওঁ সেইবোৰনো কিয় বনোৱা মা?’
মাক যে দিগদাৰি দিছিলোঁ তাৰেই পৰিণতি এয়া৷
এদিন স্কুলৰ পৰা আহিয়েই তাই চিঞৰিছিল- ‘মা, খাবলৈ কি আছে?’
‘ইড্লি৷’
প্লেটত ইড্লি ৰাখি থোৱা আছিল৷
‘শুকান ছাটনি/’ তাই বিচাৰিছিল৷
শুকান ছাটনিৰ ঠাইত পাতলীয়া ছাটনি দি মাকে কৈছিল, ‘শুকান ছাটনি নাই৷’
হাত-ভৰি মেলি তাই থিয় হৈ চিঞৰি আছিল৷ কিন্তু মাকে আধা
ঘণ্টা মানতকৈও কম সময়ৰ ভিতৰতে শুকান ছাটনি বনাই দিছিল৷
‘আগতে কিয় বনোৱা নাছিলা?’ তাই আবদাৰৰ
সুৰত কৈছিল৷
‘বনাই দিলোঁ হয়, কিন্তু
নাজানোঁ কিয় বা আজি বুকুখন বিষাই থকা বাবে একো কামত হাত দিবলৈ মন যোৱা নাই৷’
‘মা/’ তাইৰ দুচকু চকুপানীৰে উপচি পৰিছিল৷ ভাতখিনিয়ে
ডিঙিত হেঁচা মাৰি ধৰিছিলহি৷ মুখ-হাত নোধোৱাকৈয়ে তাই তেনেদৰেই অলপ সময় বহি আছিল৷
যেতিয়া তাইৰ বিয়া হৈছিল, কিমান যে
ৰঙীন কল্পনা কৰিছিল৷ যদি কেতিয়াবা পাচলি কটা সময়ত তাইৰ হাতৰ আঙুলি কটা যায় তেতিয়া
তৎক্ষণাত স্নেহাস্পদজনে কটা ঘাত মৰম কৰি ঔষধ লগাই দিব৷ নহ’লেবা অভিমানেৰে তাইৰ
গালত লাহেকৈ এটা চৰ শোধাব৷ নহয় নহয়, সেয়া চৰ নহয়, গালত চৰ শোধালে ভাল নালাগিব৷ ছাগে পিঠিত সামান্যভাবে স্পৰ্শ কৰিব৷ কোনো কাৰণ
নোহোৱাকৈয়ে তাই অভিমানত মুখ ফুলাব আৰু তেনে সময়তে তেওঁ নিজৰ ভুলৰ বাবে অনুতপ্ত হৈ
তাইক সাbLনা দি যাব৷ এনেধৰণৰ অনেক কল্পনা/ এই প্ৰসংগতে তেওঁ
তাইৰ কষ্টকৰ কামবোৰত সহায়ৰ হাত আগবঢ়াবলৈ ধৰিব আৰু তায়ো ক্ৰমে তেওঁৰ প্ৰেমত নিজকে
বিলীন কৰি দিব৷
তাই জানে তাইৰ কল্পনাৰ পৰিধি ভাৰতীয় নাৰীসকলৰ বাবে
নিৰ্ধাৰিত সীমাৰ মাজতেই আৱদ্ধ৷ স্বামীৰ প্ৰতি থকা প্ৰেম ঘৃণালৈ পৰ্যবসিত হোৱাৰ
পাছতো তাই সেই জঠৰ পুৰুষজনৰ লগত সহবাস কৰি থাকিবলগীয়া হৈছে৷ এইবোৰ কথা বিবেচনা কৰি
চাব খোজা সময়বোৰত তাই নতুন নতুন আইনৰ ৰচনা কৰে৷
আহাৰ খাই উঠি থালখন ধুবলৈ ওলোৱাৰ সময়তেই মূল দুৱাৰখনৰ
ওচৰত খট্ খট্ শব্দ এটা শুনিবলৈ পোৱা গ’ল৷ ছায়াই লাহেকৈ দুৱাৰখন খুলি দেখে কাষৰ ঘৰৰ মালতী থিয় হৈ আছে৷ দুপৰীয়াৰ এই
ৰ’দখনত বেচেৰীজনী ঘামি আছিল৷
‘আণ্টী, মই ভিতৰলৈ সোমাব পাৰোঁনে?’
‘আহা আকৌ, পিছে এই দুপৰীয়াখন ওলালাহি যে? কিবা বিশেষ কাম নেকি?’
‘আচলতে মোক দুটা ব্লাউজ চিলাই দিব লাগে, সেয়ে...’ মালতীয়ে তাইৰ ফালে দুটুকুৰা কাপোৰ আগবঢ়াই দিলে৷ কাপোৰখিনি মিহি আৰু
ধুনীয়া ফুলৰ বুটা বছা৷
‘বাহ্/ ধুনীয়া কাপোৰ৷ দামী কাপোৰ যেন অনুমান হৈছে৷
তোমাক ছাগে সোনকালেই লাগিব, নহয়নে?’
‘হয়, আমাৰ গিৰিহঁতে নিবিচাৰে যে মই বেয়া
কাপোৰ পিন্ধোঁ৷ অহা সপ্তাহত আমাৰ ঘৰত এটা অনুষ্ঠান আছে সেয়ে মোক যিমান সোনকালেই
দিব পাৰে সিমানেই ভাল৷ বাৰু, আপুনি চিলাইৰ বাবদ এশ টকাকৈ লয়
নহয়নে?’
‘হ’ব বাৰn,¸ তুমি চিন্তা নকৰিবা, মই সোনকালেই দিবলৈ চেষ্টা কৰিম৷ পিছে, সূতাৰ দাম
এতিয়া বাঢ়িছে আৰু তুমিয়ো কৈছা যে সোনকালেই দিব লাগে তেনেস্থলত...’
‘তেনেহ’লে ঠিক আছে মই পঞ্চাছ টকা বেছিকৈ দিম৷ হ’ব নে?’
‘ঠিক আছে৷’
মালতী গুছি গ’ল৷
এশ পঞ্চাছ টকা বেছি হ’ল নেকি? বাৰু, কোনো কথা নাই৷ মালতী দিব পৰা পৰিস্থিতিতেই আছে৷ ছাগে, তাই আনৰ আগত
কৈ ফুৰিব ‘ছায়া আণ্টীয়ে ব্লাউজ চিলাই দিয়াৰ বাবদ পঞ্চাছ টকা বেছিকৈ ল’লে৷’ এহ্
ক’বলৈ দিয়া৷ মোৰনো কি আহে যায়? দৰ্জীয়ে দেখোন এটা ব্লাউজ চিলাই কৰাৰ
বাবদ দুশ টকাকৈ লয়৷ এতিয়া আকৌ ডিজাইন অনুসৰি পইছাও বেলেগ বেলেগ৷ এতিয়া তাই সেই
পইছাখিনিৰে সেই চিনেমাখন চাব পাৰিব৷ কোৱা হয় যে চিনেমাখনৰ শেষ ভাগত হেনো নায়কজন
ঢুকায়৷ মৰিবলৈ দে, পাপী কৰবাৰ৷ সিনো জীয়াই থাকি কাৰ কি মংগল কৰিব?
ছায়াই আগৰে পৰাই চিলাইৰ কাম কৰি ভাল পাইছিল৷ তাইৰ ননদ
সৰোজৰ মৰমলগা তিনিজনীকৈ ছোৱালী৷ সিহঁতকেইটাৰ মূৰৰ চুলিবোৰ আঙুৰ গছৰ লতাৰ নিচিনা৷
সৰোজে সিহঁতৰ বাবে কাপোৰ চিলাই কৰিব বিচাৰিছিল৷ তেতিয়া ছায়াই কৈছিল ‘ময়েই সিহঁতৰ
কাপোৰবোৰ চিলাই দিম দিয়া৷’
সৰোজে তাইৰ কথা শুনি বৰ ৰং পালে৷ হাঁহি হাঁহি তাই
ছায়াৰ ফালে চাই কৈছিল ‘চাই থাকা বৌ, অতি সোনকালে তোমাৰো ছোৱালী হ’ব৷’
ফুলৰ থোপাৰ
নিচিনাকৈয়ে তাই পাঁচ-ছয়টামান ল’ৰা-ছোৱালীৰ কামনা কৰিছিল৷
‘মা, মোক কমেও আধা ডজন ল’ৰা-ছোৱালী
লাগিব৷’
‘পাগলী/ মাকে হাঁহিছিল৷’
কিন্তু যোৱা দহ বছৰৰ ভিতৰত কেৱল শেখৰহে সিঁহতৰ জীৱনলৈ
আহিল৷
ছায়াই বৰ আগ্ৰহেৰে আৰু বহু সময় নষ্ট কৰি সৰোজৰ
ছোৱালীকেইজনীৰ বাবে কাপোৰ চিলাই কৰি দিছিল৷ এদিন গধূলি অফিচৰ পৰা উভতি অহাৰ সময়ত
ভাস্কৰণে তাইক কাপোৰ চিলাই কৰি থকা দেখি সুধিছিল ‘এইবোৰ কাৰ বাবে?’
‘সৰোজৰ ছোৱালীকেইজনীৰ বাবে৷ দেখিবলৈ কিমান ধুনীয়া
লাগিব নহয়নে?’
‘হম্ম্....’
তাৰ পাছৰ মাহত ঘৰ-খৰচৰ পইছাকেইটা হিচাপ কৰি ছায়াই
দেখিলে যে অইনবাৰতকৈ তাত পাঁচশ টকা কম আছে৷ ছায়াই তেওঁক সোধাতহে সি আচল কথাটো ক’লে
‘তুমি কাপোৰ, বেজি-সূতা এইবোৰৰ বাবে মিছামিছিকৈ বহু টকা বৰবাদ
কৰিছা; সেয়ে এইবাৰ পইছা কমাই দিছোঁ৷’
পাছৰ বাৰ সৰোজে যেতিয়া তাইক কাপোৰ চিলাই কৰি দিবৰ কথা
কৈছিল, তাই লাহেকৈ উত্তৰ দিছিল ‘আজিকালি চিলাই কৰিবৰ বাবে
সময়ৰ বৰ অভাৱ৷’
‘হ’ব দিয়া... দুপৰীয়াৰ সময়খিনিনো কি কাম কৰিবলগীয়া
থাকে?’- সৰোজে তাইক প্ৰশ্ন কৰিলে৷
‘বাৰু ঠিক আছে সৰোজ মই চিলাই দিম৷ এটা কথা কোৱাচোন, দৰ্জীক এটা ফ্ৰক চিলাই দিয়াৰ বাবদ তুমি কিমান টকা দিলা হয়?’
‘আশী টকাতকৈ কম নল’ব যেন পাওঁ৷’ সৰোজে চিধাচিধিকৈ
উত্তৰ দিলে৷
‘তেন্তে, তুমি বাৰু তাৰ আধা পইছা দিলেও হ’ব৷
ময়োতো বেজি-সূতা এইবোৰ কিনি আনিব লাগে/’
সৰোজে খন্তেক সময় তাইলৈ বিস্ময়সূচক দৃষ্টিৰে চাই
থাকিল৷ ছায়াই সেই চাৱনি আজি পৰ্যন্ত পাহৰিব পৰা নাই৷ ছাগে তাই আচৰিত হৈছিল/ অৱশ্যে
আচৰিত হ’বলগীয়াই কথা৷ ইমান ভাল চাকৰি কৰা লোক এজনৰ মাহিলী বেতনো ভাল, তেনেক্ষেত্ৰত তেওঁৰ পত্নীৰনো বেলেগকৈ কিহৰ বাবে পইছাৰ আৱশ্যক হৈছে? সৰোজে কেৱল এই কথাকেই কৈছিল ‘ঠিক আছে মই দি দিম৷’ তেতিয়াৰ পৰা এতিয়ালৈকে তাই
সৰোজৰ পৰা পইছালৈয়েই কাপোৰ চিলাই কৰি আহিছে৷
ছায়াই মালতীয়ে দি থৈ যোৱা কাপোৰ দুডোখৰ ভালদৰে জাপি
থ’লে৷ পাছদিনাখন দিবলগীয়া ব্লাউজটো প্ৰায় চিলোৱা হৈছে৷ সোহাঁতৰ ফালে অলপমান ঠিক
ঠাক কৰিবলৈ তাই মেচিনত বহিল৷ এইটো ব্লাউজ সমুখৰ ঘৰৰ ৰঞ্জিতাৰ৷ তাই আকৌ প্ৰতি মাহে
দুটাকৈ ব্লাউজ চিলাই কৰে৷ তাইৰ মতে ‘যদি ভাল নোখোৱা আৰু ভাল নিপিন্ধাই, তেনেহ’লে মানুহে কিহৰ বাবে উপাৰ্জন কৰে?’
ছায়াই
ভাবিবলৈ ধৰিলে ‘তাই কিহৰ বাবে জীয়াই আছে? তাইৰ বাবে ছাগে জীয়াই থকাৰ কাৰণ
মাত্ৰ ইমানেই যে মানুহে নিজৰ ইচ্ছামতে মৰি যাব নোৱাৰে৷ তাইৰ আজিকালি কাপোৰ আৰু
গহনাৰ প্ৰতি কোনো ৰাপ নাই৷ বজাৰলৈ যোৱাৰ সময়ত শাৰী শাৰীকৈ ওলোমাই থোৱা কাপোৰবোৰে
তাইক আকৰ্ষণ কৰিব নোৱাৰে৷ কেৱল কাপোৰবোৰত থকা দামটোতহে তাইৰ চকু পৰে৷ কিন্তু প্ৰতি
বছৰে দীপাৱলীত এখন দামী ৰেচমৰ শাৰী কিনাৰ নিয়ম এটা তাই কৰি লৈছে৷ যদিও ভাস্কৰণৰ এই
ক্ষেত্ৰত কোনো সদিচ্ছা নাই, তথাপি তাই নিয়ম ভংগ কৰা নাই৷ ’
প্ৰতি বছৰে সেই বিশেষ সময়ত অনিচ্ছাকৃতভাৱে ভাস্কৰণে
সোধে -‘তুমি ৰেচম শাৰী ল’বা নেকি?’
‘হয়৷’ তাই আগৰে পৰা সেই উত্তৰ দিবলৈ সাজু হৈ থাকে৷
তাই সকলোতকৈ দামী ৰেচমী শাৰীখন বাচি লয় আৰু পইছা গণি
গণি দীঘল দীঘলকৈ হুমুনিয়াহ কাঢ়ি থকা ভাস্কৰণৰ ফালে চাই প্ৰতিশোধৰ আনন্দ লয়৷
কেতিয়াবা কেতিয়াবা এনে এজন নিম্ন মানসিকতাৰ মানুহৰ পৰা এনেদৰে পইছা খুজিব লগাত পৰি
তাই বৰ দুখ অনুভৱ কৰে৷ পিছে খন্তেক পাছতে জবৰদস্তি কৰি হ’লেও পইছা খৰচ কৰা কথাটো
ভাবি তাইৰ আগৰ চিন্তাধাৰা কৰবালৈ গুছি যায়৷
লক্লকাই থকা তাইৰ সেই জিভাখনৰ বাবে মাকৰ পৰা কম গালি
খাইছিলনে? হয়, আমৰ বাবে লক্লকাই থকা জিভা/ আম
তাইৰ বৰ প্ৰিয়৷ আমটো হাতত পৰাৰ পাছত গোটেইটো শেষ নোহোৱা পৰ্যন্ত তাই চুহি থাকিছিল৷
আমৰ ৰস তাইৰ গোটেই হাত দুখনলৈ বিয়পি পৰিছিল৷ আহ্/ সেই আমৰ ৰস মুখত পৰাৰ লগে লগে...৷
তাই গোটেইজনী একেবাৰে নষ্টালজিক হৈ পৰিল৷
নতুনকৈ বিয়া হৈ অহাৰ পাছত অফিচৰ কামত ভাস্কৰণ এবাৰ
সেলমলৈ যাবলগীয়াত পৰিল৷ আমৰ বতৰ৷
‘সেলমৰ পৰা অহা সময়ত আম আনিবলৈ নাপাহৰিব৷’ তাই তেওঁক
কৈ পঠিয়াইছিল৷
যেতিয়া তেওঁ ঘূৰি আহিছিল, তাই বৰ
উৎসাহেৰে সুধিছিল ‘মই যে কৈছিলোঁ সেয়া আনিছানে?’
‘বৰ দাম, সেয়ে নানিলোঁ৷’
জিভাখনে সেইদিনাখনেই সেই সোৱাদক কাটি পেলাই দিলে৷
সৰোজে এদিন তাইক সুধিছিল ‘বৌ, তুমিতো
একোৱেই ভাল নোপোৱা, কিহৰ বাবে জীয়াই আছা বাৰু?’
‘জীয়াই থাকিবৰ বাবে... আৰুনো বেলেগ কি কাৰণ থাকিব পাৰে?’
যেতিয়া তাইৰ ব্লাউজটো চিলোৱা সম্পূৰ্ণ হৈছিল তেতিয়া
প্ৰায় চাৰি বাজি গৈছিল৷ ইতিমধ্যে শেখৰো স্কুলৰ পৰা আহি পালে৷ মাকৰ ওচৰলৈ দৌৰ মাৰি
আহি সি ক’বলৈ আৰম্ভ কৰিলে ‘আহনে তামিল পৰীক্ষাত শ্ৰেণীৰ ভিতৰতেই প্ৰথম হৈছে৷
সেইবাবে, তাক তাৰ দেউতাকে তিনিটা চকা থকা চাইকেল এখন আনি
দিছে৷’
‘তোমাকো লাগে নেকি?’ ছায়াই সুধিলে৷
‘নালাগে, মইতো এতিয়া ডাঙৰ হৈছোঁ৷ মই চলালে
বাইকহে চলাম, মা৷’
‘তেতিয়াহ’লে তোমাক বাইক এখনেই লাগিব, নহয়নে?’
শেখৰে পেণ্টৰ জেপৰ পৰা কেইটামান খুচুৰা পইছা উলিয়াই
মাকক ক’বলৈ ধৰিলে ‘মা, চোৱা মই চাইকেল কিনিবৰ বাবে পইছা জমা কৰিছেঁা৷’
হে ভগৱান/ একদম বাপেকৰ নিচিনা কথাবোৰ ক’বলৈ ধৰিছে যে/
‘তোমাক সঁচাকৈয়ে এখন বাইক লাগিব নেকি সোণ? তোমাৰ বাবে এখন কিনি আনিম নেকি? ’
‘বহুত দামী নহয় জানো, মা৷’
তাইৰ মনটো বৰ গধুৰ গধুৰ যেন অনুভৱ হ’ল৷ তাই বিচাৰিছিল
শেখৰে এখন চাইকেলৰ বাবে জেদ কৰক,কন্দা-কটা কৰক৷ সেয়াতো সৰু ল’ৰা-ছোৱালীৰ
ক্ষেত্ৰত তেনেই স্বাভাৱিক৷ জিভাখনেৰে নিজৰ ওঁঠ দুটি ভিজাই লৈ তাই ভাৱনাৰ সাগৰত ডুব
গ’ল৷ চাইকেল নোপোৱাৰ কথাটো সি ইমান চুপ্চাপ গ্ৰহণ কৰি ল’লে কিদৰে? এতিয়া কি শৈশৱ বোলা একো বস্তুৱেই নাই নেকি? ছায়াই শেখৰৰ
ফালে চালে, সি হাতত থকা পইছাকেইটা চাই খুঁচৰি আছে৷ তাই তাৰ ফালে
চাই ক’বলৈ ধৰিলে ‘সোণ, যোৱা খেলাগৈ৷’
কিছুসময় পাছত ভাস্কৰণ আহি পালে৷
‘ছায়া, অহাকালি গোপালনৰ ল’ৰাটোৰ লগুণ্-দিয়নি
আছে৷ তুমি যাবা৷ ময়ো এপাকত খবৰ লৈ আহিম৷’
‘তাক কি উপহাৰ দিবা?’
‘এনে সময়ত কোনো ধৰণৰ উপহাৰ দিয়াৰ দৰকাৰ নাই৷’
‘কিন্তু, আমি তাতে গৈ ভোজন কৰিব নালাগিবনে?’
‘যদি মই নিজৰ বন্ধুৰ ল’ৰাৰ লগুণ্-দিয়নিতেই নাখাওঁ তেনেহ’লে আৰু কেতিয়া
খামহে?’
‘ঠিক আছে তুমিয়েই যাবা তেতিয়াহ’লে৷ মই নাযাওঁ৷’
‘বাৰু তুমি যি ভাল দেখা৷’
তাৰ পাছত দুয়ো মনে মনে থাকিল৷ ছায়াই জানে ভাস্কৰণে
তাইক যাবলৈ জোৰ নকৰে৷ বাছৰ ভাৰাটো কমা মানেও কমখন ৰাহি হোৱাতো নুবুজায়/ পাছত ছায়াই
নিজেই সুধিলে ‘মানে, তুমি অকলে যাবা?’
‘হয়, তুমি দেখোন নিজেই নাযাওঁ বুলি
ক’লা৷’
‘কিন্তু একো উপহাৰ নিদিয়াকৈ জানো যাব পাৰি?’
‘তোমাক উপহাৰ লৈ নাযাবলৈ কোনে বাধা দিছে? তুমিওটো চিলাই কাম কৰি পইছা পোৱা/ সেইবোৰ কিবা পইছা নহয় নেকি?’
ছায়া কঁপিবলৈ ধৰিছিল৷ এয়া ভাল প্ৰশ্ন৷ তাইৰনো কিয়
প্ৰথমতে সেই কথা মনলৈ অহা নাছিল? তাইতো নিজৰ পইছা নিজৰ ইচ্ছামতে খৰচ
কৰিব পাৰে৷ তথাপিও তাই নিজৰ জমা ধন উলিয়াবলৈ কিয় ইচ্ছা প্ৰকাশ নকৰিলে? তাই আচৰিত হৈ ভাবিলে- জানোছা ময়ো ভাস্কৰণৰ নিচিনা ঘৃণণীয় হ’বলৈ গৈ আছোঁ নেকি? যেতিয়া শেখৰে চাইকেলৰ কথা কৈ আছিল, তেতিয়াওতো তাই তাক চাইকেল এখন কিনি
দিয়াৰ কথা ভাবিবলৈ পাৰিলেহেঁতেন৷ তাৰমানে...৷ চেঁচা হৈ পৰা হাত দুখনেৰে এইবাৰ তাই
ওচৰতে থকা চকীখনত খামুচি ধৰিলে৷’
‘ঠিক আছে৷ মানে আচল কথাটো হ’ল যে তুমি প্ৰথমে নিজৰ
পইছাৰ বিষয়ে ভবা নাছিলা নহয়নে?’- ভাস্কৰণে ক’লে৷
শেখৰৰ চাইকেলখনৰ বিষয়ে ভাবি ছায়াৰ মনতো বৰ বেয়া লাগি
আছিল৷ তেনে সময়তে ভাস্কৰণৰ এনেধৰণৰ কথাবোৰ শুনি তাই বিৰক্ত হৈ পৰিল৷ সেয়ে তাই
ক’বলৈ ধৰিলে- ‘তুমিযে সদায় মোৰ পইছা, তোমাৰ পইছা এনেদৰেই কোৱা কিয়? সন্তানটো আমাৰ দুয়োৰে নহয়নে? নে তাতো কিবা সন্দেহ আছে?’
‘ছায়া, মুখ বন্ধ কৰা৷’ কৈয়েই ভাস্কৰণ
কোঠাৰ পৰা ওলাই গ’ল৷
তাই মনে মনে ৰ’ল৷
নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তাই নিজৰ কোঠালৈ গ’ল৷
দেখিলে ভাস্কৰণ গভীৰ নিদ্ৰাত মগ্ন৷ তেওঁক তেনেদৰে দেখি তাইৰ বৰ খং উঠিল৷ তাইৰ মনত
কষ্ট দি তেওঁ এইদৰে শুব পাৰেনে? এনে হেজাৰ প্ৰশ্নৰে তেওঁক থকা-সৰকা
কৰি দিবৰ বাবে তাইৰ মন গৈছিল৷ অৱশ্যে তেওঁনো কিয় নুশুব? টোপনিয়েইটো
একমাত্ৰ বস্তু যাৰ বাবদ টকা দিব নালাগে৷ তথাপি তাই অশান্ত হৈ উঠিল৷ আজি গোটেই
দিনটো তাই শান্তিত থাকিব পৰা নাই৷ বাৰে বাৰে মগজুলৈ এই চিন্তাই আহি থাকিল যে তাই
বাৰু কিয় নিজৰ জমা পইছাকেইটা খৰচ কৰাৰ কথা নাভাবিলে? তাই কিহৰ
বাবে পইছা জমা কৰিছে? কিহৰ বাবে? তাই বাৰু কিয় নিজৰ বেংকৰ পাচবুকৰ
জমা পইছাখিনি দেখি ইমান আনন্দিত হয়? চিন্তা-ভাৱনাবোৰে তাইক এফালৰ পৰা
গো-গ্ৰাসে গিলি নিব ধৰিলে৷ সেই ভাৱনাবোৰক দূৰলৈ ঠেলি পঠিয়াব খুজিলে যদিও, সেইবোৰে ক’লা কম্বল এখনৰ দৰে তাইৰ গোটেই শৰীৰটো মেৰিয়াই ধৰিলে৷ তাইৰ উশাহ বন্ধ
হোৱাৰ উপক্ৰম হ’ল৷ ডিঙিটো শুকাই গ’ল আৰু দুচকু চকুপানীৰে উপচি পৰিল৷
‘তুমি কান্দি আছা?’
তাই চক্ খাই উঠিল৷
‘ এই মাজৰাতিখন কান্দিবলৈ কি হৈছে?’ ভাস্কৰণে সুধিলে৷
একমাত্ৰ এনে সময়তে তেওঁ তাইৰ প্ৰতি দয়াশীল হয়৷
ভাস্কৰণে তাইক দুবাহুৰ মাজত সাৱটি ধৰিলে৷ ছায়াই তেওঁৰ
দুবাহুৰ আৱেষ্টনীৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিলে যদিও নোৱাৰিলে৷ বান্ধোন ক্ৰমাৎ
মজবুত হৈ গৈ থাকিল৷
আইন হ’ব লাগে... আইন...৷
যিবিলাক পুৰুষে এইদৰে নিজৰ পত্নীৰ মৰম-ভালপোৱা জবৰদস্তি
কৰি লাভ কৰিব বিচাৰে তেনে লোকক স্থায়ীভাৱে ৰঙা লাইট জ্বলি থকা ঠাইত বাস কৰিব দিব
লাগে৷
এনে অজস্ৰ
আইন বনাই বনাই তাই অৱশেষত ভাগৰি পৰিল৷ চকুপানীবোৰো এটা সময়ত শুকাই গ’ল৷
পিছদিনাখন ৰাতিপুৱা ডাকোৱালে এখন চিঠি দি থৈ গ’ল৷
ভাস্কৰনৰ চিঞৰ- ‘ছায়া, তোমাৰ বাবে
এখন চিঠি আছে৷’
তাই কঁকালত বান্ধি ৰখা শাৰীৰ আঁচলটিৰে হাতখন মচি মচি
তেওঁৰ পিনে হাতখন আগবঢ়াইছিলহে মাত্ৰ...৷ তেওঁ ততালিকে চিঠিখন খুলি পঢ়াত লাগিল৷
বহুদিনৰ আগতে ছায়াৰ বান্ধৱী এজনীয়ে দুশ টকা বিচাৰি
তাইলৈ চিঠি দিছিল৷ তাইলৈ তাই পইছাও পঠাই দিছিল৷ তেতিয়াৰে পৰা তাইৰ নামত অহা
চিঠিবোৰ ভাস্কৰণে প্ৰথমে খুলি চাইহে তাইৰ হাতত দিয়ে৷
‘তোমাৰ মাৰ চিঠি৷’ ভাস্কৰণে তাইৰ ফালে চিঠিখন আগবঢ়াই
দিলে৷
‘তুমি পঢ়িছা যিহেতু তুমিয়েই কোৱা তাত কি লিখা আছে?’ ছায়াই উত্তৰ দিলে৷ আচলতে তেওঁ পঢ়াৰ পাছত তাইৰ পুনৰায় আৰু সেই চিঠিখন পঢ়িবলৈ
মন নাযায়৷ সৰুৰে পৰা তাই ভীষণ জেদী স্বভাৱৰ আছিল৷ কোনো বস্তুৱেই আনৰ লগত ভগাব
নিবিচৰা ছোৱালীজনীয়ে আজি নিজৰ বাবে অহা মাকৰ সেই মৰমৰ চিঠিখন পঢ়িবলৈও ভাবিবলগীয়া
হয়৷ তাইৰ এনে লাগে, যেন ভাস্কৰণৰ নিৰ্মম দৃষ্টি পৰি চিঠিখনৰ প্ৰকৃত
আনন্দকণ হেৰাই গৈছে৷
‘কিনো গুৰুত্বপূৰ্ণ কথা/ তোমাৰ ভনীয়েৰাক চাবলৈ
ল’ৰা-ঘৰৰ মানুহ আহিব সেয়ে তোমাক মাতি পঠিয়াইছে৷ তেওঁলোকে নিজে আহি ক’ব নোৱাৰেনে? চিঠিহে যে লিখিব লগা হ’ল?’ ভাস্কৰণে ক’লে৷
‘সঁচা? চাওঁ, চিঠিখন
দিয়াচোন৷’
‘তাই আলফুলকৈ চিঠিখন হাতত তুলি ল’লে৷’
এইখন মোৰ মায়ে লিখা চিঠি/ ‘মৰমৰ ছায়া...’
চিঠিখন পঢ়া হোৱাৰ পাছত তাই ভাস্কৰণৰ ফালে চাই সুধিলে
‘কি কৰোঁ?’
‘মোকনো কি সুধিছা? তোমাৰ
ভনীয়েৰাক চাবলৈ হাজাৰ ল’ৰা আহিব৷ সেইবুলিয়েই তুমি প্ৰতিবাৰেই যে যাব লাগিব, তেনেকুৱাতো একো নিয়ম নাই৷’
হাৰে/ কি কথা কয় এই মানুহজনে?
‘কিন্তু মই যোৱাটো মায়ে বিচাৰিছে৷’- ছায়াই খঙেৰে ক’লে৷
কিন্তু ভাস্কৰণে তাইৰ কথাত কোনো উত্তৰ নিদি চিধাই
অফিচলৈ ওলাই গ’ল৷ এনে সময়তে তাইৰ মনলৈ এনে
এটা ভাব আহিল, যি ভাব নাহিবলৈকে কিন্তু পৰম্পৰাই শিকাই থৈ গৈছে৷ তাই
তেওঁক এৰি কৰবালৈ গুছি যাব৷ দহ বছৰৰ নাৰকীয় যন্ত্ৰণা সহ্য কৰি কৰি তাইৰ মন ভৰি
গৈছে৷ সেইমুহূৰ্ততে তাইৰ এনে অনুভৱ হ’ল যেন তাইৰ গাৰ পৰা গধুৰ ভাৱ এটা নাইকিয়া হৈ
গৈছে৷ তাই শিক্ষিত৷ বিচাৰিলে তাই কিবা এটা কৰি জীৱিকা অৰ্জন কৰিব পাৰিব৷ যিবিলাক
তিৰোতাই গিৰিয়েকক দিনে-ৰাতি পূজা কৰি থাকে তেওঁলোক তেনেদৰেই থাকক৷ মুঠতে তাই নিজৰ
মনে বিচৰা অনুসৰিয়েই কাম কৰিব৷ যিবোৰ কৰিলে নিশাটো ভালদৰে শুব পাৰি, বিজুলীৰ পইছাৰ কথা চিন্তা নকৰি পাংখাৰ তলত জিৰণি ল’ব পৰা যায় তাই তেনে এটা
জীৱনহে বিচাৰিছে৷
তাই নিজৰ পাখি দুখন
মেলি এতিয়াই যেন উৰি যাব জীৱন জীয়াবলৈ...
বিচাৰিলে তাই সৰুকৈ হ’লেও এটা চাকৰি যোগাৰ কৰিব পাৰে৷
কিয়/ আজি দুদিনমান আগতে তাইক ওচৰৰ স্কুল এখনত চিলাই শিকাই দিবৰ বাবে আমন্ত্ৰণ কৰা
নাছিল জানো? সেইটো চাকৰি নাপালেও কোনো কথা নাই৷ মেচিনটো তাইৰ
নিজৰ৷ মাকে দিয়া৷ তাই চিলাইৰ কামটোকেই ভালদৰে
কৰিব পাৰিব৷ এটা ব্লাউজৰ বাবে এশ টকাকৈ ... কি সুন্দৰ জীৱন/ কেৱল তাই আৰু
শেখৰ৷ দুয়ো এটা ভাৰাঘৰ ল’ব, য’ত থাকিব এখন বিচনা, শেখৰৰ বাবে পঢ়া মেজ আৰু চকী আৰু তাইৰ মেচিনটো৷ তাই সদায় চিলাইৰ কাম কৰিব আৰু
শেখৰ স্কুললৈ যাব৷ সন্ধিয়া সময়ত দুয়ো
শাক-পাচলি কিনিবলৈ মায়লপুৰলৈ যাব৷ যেতিয়া শেখৰৰ জন্মদিন আহিব তেতিয়া তাৰ আটাইবোৰ
বন্ধু-বান্ধবীক মাতি আনি বহুত বস্তু খাবলৈ দিব৷ লাগিলে যিমান পইছা নাযাওক কিয়/
গোটেই বিচনাখনত তাই অকলে শুব পাৰিব৷ সেই নোমহীন বুকুৰ পুৰুষজনৰ আলিংগনৰ তাইৰ কোনো
দৰকাৰ নাই৷ ছায়াৰ মনৰ ভাৱনাবোৰে লাহে লাহে ধোৱাৰ দৰে কুণ্ডলী পকাই ওপৰলৈ গৈ থাকিল৷
‘মা/ ’ শেখৰে মাত দিলে৷
শেখৰৰ মাত শুনি তাই উচপ খাই উঠিল৷ পাছফাললৈ ঘূৰি চাই
তাই সুধিলে ‘কি হ’ল সোণ?’
‘মা, মই খেলি আছিলোঁ৷ হঠাতে বলটো লাগি
এইখন ...’
তাই দেখিলে যে ভাস্কৰণ, তাই আৰু
শেখৰ থকা কাঁচৰ ফটোখন ভাঙি গৈছে৷ শেখৰৰ
জেদতেই এই ফটোখন লোৱা হৈছিল৷ ফটোখনত ছায়াই ৰঙা পাৰি থকা বেঙুনীয়া শাৰীখন পিন্ধি
আছিল৷ শেখৰেও খাদীৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধি আছিল ৷ আৰু ভাস্কৰণ?
ফটোখনত ভাস্কৰণৰ অৱস্থা দেখি তাই তেওঁলৈ পুতৌ
জন্মিল৷. তাইৰ ঘৰৰ মানুহে ভাস্কৰণৰ এই ফটোখন চাই কৈছিল ‘কাপোৰনো কি? মানুহৰ মনটোহে আচল কথা৷’ তাই নিজেও সেই কথা জানে৷ আৰু এতিয়া তাই ভাস্কৰণৰ
মনটোও বুজি পাইছে৷ তাই জানে যে ভাস্কৰণে সেয়া কাপোৰৰ প্ৰতি কোনো ধৰণৰ ৰাপ নথকা
কথাটোকেই প্ৰকাশ কৰিব খোজা নাই৷ প্ৰকৃত অৰ্থ তাইৰ বাহিৰে আনে নাজানে৷ আচলতে
ভাস্কৰণেও এই কথা জানে যে তেওঁ দেখাত ভাল লগা কাপোৰ এসাজ পিন্ধা নাই৷ কিন্তু তেওঁ
জানি বুজিও ভাল কাপোৰ এসাজৰ বাবে পইচা খৰচ কৰিব নোৱাৰে৷
আৰম্ভণিতে ছায়াৰ ভায়েকেও তাইক কৈছিল যে ‘যদি তুমি
তোমাৰ স্বামীক জানি-বুজি তেওঁৰ অভ্যাসবোৰ আঁতৰাব নোৱাৰা সেয়া তোমাৰ পৰাজয়৷’ কিন্তু
তাই সেই কথা শুনি ভাল পোৱা নাছিল৷ তাইৰ মতে তাইৰ স্বামী হ’লেও সেয়া তেওঁৰ
ব্যক্তিগত৷ আনৰ ব্যক্তিগত কামত কেতিয়াও জানি-বুজি হস্তক্ষেপ কৰা উচিত নহয়৷ তথাপিও, ভায়েকৰ কথামতে তাই নিজৰ গিৰিয়েকৰ স্বভাৱৰ পৰিবৰ্তনৰ বাবে উঠি-পৰি লাগিল৷ তাই
ইচ্ছা কৰিয়েই তেওঁৰ পইছাসমূহ খৰচ কৰাত লাগিল৷ তেওঁক শুনাবলৈকো তাই কেতিয়াবা
কেতিয়াবা তাচ্ছিল্য কৰিবলৈ ধৰিলে যে জীৱনত পইছাই সকলো নহয়, জীৱন উদ্যাপনৰ
বাবে জীৱনত প্ৰসন্নতা থকা উচিত৷ কিন্তু ভাস্কৰণে কোনো কাৰণতে সেই কথা মানি ল’ব
নোখোজে৷ তেওঁ হয়তো ইতিমধ্যেই বিবাহৰ পূৰ্বে বৈবাহিক জীৱনত খৰচৰ পৰিকল্পনা কৰি লৈছে
আৰু এতিয়া এই পৰিকল্পনা অনুসৰিয়েই তেওঁ জীৱন যাপন কৰিব খোজে৷
মাজতে কিছুদিন ছায়াই জানি-বুজিয়েই ভাস্কৰণৰ লগত
মাত-বোল বন্ধ কৰি দিলে৷ কিন্তু ভাস্কৰণে এই বিষয়ত কোনো গুৰুত্ব দিয়া নেদেখি এদিন
ৰাতি তাই নিজেই প্ৰথমতে সুধিলে ‘তুমি গম পাইছানে নাই যে যোৱা পাঁচ দিন ধৰি মই
তোমাৰ লগত কথা পতা নাই?’
‘ওহ্... তুমি মোৰ লগত কথা পতা নাই নেকি?’ উত্তৰত সি ক’লে৷
তেতিয়া ভাস্কৰণে তাইক মিতব্যয়ী হোৱাৰ আৱশ্যকতা
শিকালে৷ যেতিয়া তেওঁ তাইক বুজাই আছিল, তেতিয়া ছায়াই কোমল স্বৰত ক’বলৈ
আৰম্ভ কৰিছিল ‘তুমি যেতিয়া সৰু আছিলা তেতিয়া তুমি বহু কষ্ট খাবলগীয়াত পৰিছিলা৷
শিক্ষা আৰু খাদ্যৰ তাড়ণাত পৰি বহু মানুহৰ ওচৰত হাত পাতিবলগীয়া হৈছিলা৷ খাদ্যৰ
বাবে তুমি কিমান ঘৰত কুৱাঁৰ পানী উঠাবলগীয়া হৈছিল সেয়া মই বুজোঁ৷ পইছাৰ অভাৱৰ বাবে
ইমান কষ্ট খাবলগীয়া হোৱা বাবে তুমি ভাবিছা যে পইছা বহুত মহত্বপূৰ্ণ৷ কিন্তু এতিয়া
সকলোবোৰ পৰিবৰ্তন হৈছে৷ এতিয়াও তোমাৰ বাবে মোতকৈও পইচাৰ গুৰুত্ব বেছি নেকি?’
ছায়াই তেতিয়া ভাবিছিল যে ভাস্কৰণৰ ব্যৱহাৰক তাই
সঠিকভাৱে বিশে¡ষণ কৰিবলৈ
সক্ষম হৈছে৷ এতিয়া তাই বুজিলে যে নিজৰ গিৰিয়েকক বিশে¡ষণ কৰাৰ দৰে অধিক মুখাৰ্মিৰ কাম আৰু একো নাই৷ বাস্তৱত
এনে কৰাৰ কোনো প্ৰয়োজনেই নাই৷ তাইকতো ইতিমধ্যেই তেওঁৰ ওচৰত দান কৰা হৈছে৷ তেওঁ
তাইতকৈ বয়সত ডাঙৰ আৰু অধিক শক্তিশালী৷ ছায়া তেওঁৰ সম্পত্তি- যেন কাঠৰ ফাৰ্ণিচাৰহে৷
যদিহে তাইৰ গিৰিয়েকৰ মৃত্যু হয় তেতিয়া ছায়াৰ জীৱন এখন ডাঙৰ পৰ্দাই ঢাকি পেলাব আৰু
তাত ‘সমাপ্ত’ লিখা থাকিব৷ তাৰ পাছত ফ্ৰয়েডক পঢ়াৰ আৰু নিজৰ গিৰিয়েকক বুজাৰ প্ৰশ্নই
নুঠে৷ তাই এতিয়া নিজকে পৰিবৰ্তন কৰি কোনো লাভ নহ’ব, কিয়নো তাইৰ
এই কথাৰ ওপৰত দৃঢ় বিশ্বাস হৈছে যে তেওঁৰ কেৱল শাসন কৰিবৰ নিমিত্তে জন্ম
হৈছে৷
বাস্তৱক্ষেত্ৰত, তেওঁ তাইৰ
মনোবিশে¡ষণাত্মক
ভাষণ শুনি তেওঁ ছায়াৰ ফালে ঘোঁপাকৈ চাই আছিল আৰু মাজতে এবাৰ হা... হা... কৈ মুখখন
মেলি হাঁহি হাঁহি কৈছিল ‘এনেধৰণৰ অলাগতিয়াল কথাবোৰ কিয় বকি আছা?’
সেইদিনাখন ছায়াৰ এনে অনুভৱ হৈছিল যেন হেজাৰ হেজাৰ
পানী বািŒI× কুঁৱাৰ পৰা উঠোৱাৰ লগতে তাইৰ হূদয়খন কোমল ভাৱনাৰ দ্বাৰা ৰিক্ত হৈ গৈছে৷
ফটোত তেওঁৰ পোছাকযোৰেৰে সৈতে মানুহজনক তাইৰ তেনেই
বিৰক্তিদায়ক যেন লাগিছিল৷ কিন্তু তেওঁ যে নিজৰ অজানিতে প্ৰায়ে বন্ধুমহলত
বন্ধুসকলৰ হাঁহিয়াতৰ পাত্ৰ হৈ উঠে, তাৰ আচল কাৰণটো নাজানি নিজকে ভাল লগা বুলিয়েই জহাই ফুৰিছিল৷ এনেসময়ত ছায়াৰ তাৰ
প্ৰতি পুতৌ জন্মিছিল৷ তাইৰ তেতিয়া এনেকুৱা অনুভৱ হৈছিল যে তাই তেওঁৰ বাবে যিখিনি
কৰি আছে সেয়া তাইৰ গিৰিয়েক কাৰণে নহয়; তেওঁৰ প্ৰতি জন্মা দয়াৰ বাবেহে যেন
তাই সেইখিনি কৰিবলৈ বাধ্য হৈছে৷ তাই তেওঁক আহাৰৰ যোগান ধৰে আৰু তেওঁৰ আন আন
প্ৰয়োজনবোৰত তেনেদৰেই মনোযোগ দিয়ে যিদৰে তাই কাষৰ ঘৰৰ পোহনীয়া জীৱ-জন্তুবোৰৰ
প্ৰতিও মনোযোগ দিয়ে৷
“মা, দেউতাই খং কৰিব নেকি?” শেখৰে সুধিলে৷
“নকৰে সোণ, কিন্তু ধ্যান ৰাখিবা যাতে এনেকুৱা
কাম আগলৈ নকৰা৷”
“মা, আমি সোনকালেই এই ফটোখন ঠিক কৰিব
পাৰিমনে? এই ফটোখনত তোমাক কিমান যে ধুনীয়া লাগিছে মা/”
তেনে ক্ষণতেই তাইৰ মন প্ৰসন্নতাৰে ভৰি পৰিল৷ পাছত
নিজৰ অনুভৱৰ প্ৰতি তাইৰ সংকোচ অনুভৱ হ’ল৷ তাইৰ অকণমানো কাণ্ডজ্ঞান নাইনে? এজন সৰু ল’ৰাৰ এনে প্ৰশংসাসূচক মন্তব্যত তাই এনেদৰে সুখী হ’ব লাগেনে?
“মা, তুমি সঁচাই খুব ধুনীয়া...”
শুনিবলৈ যে কিমান ভাল লাগিছিল/ এদিনাখন শেখৰে এনে এটি
শব্দ নিজৰ পত্নীক ক’ব...৷ ছায়াই তেতিয়াহে অনুভৱ কৰিলে যে তাইক কেতিয়াও নিজৰ
গিৰিয়েকে তেনে কোনো শব্দ কোৱা নাই৷ আনকি শাৰীৰিকভাৱে আবেগজড়িত হৈ পৰা ক্ষণতো কোৱা
নাই/ প্ৰেমৰ প্ৰক্ৰিয়াক তেওঁ যেন যান্ত্ৰিক, ঘৃণিত
বস্তুলৈ ৰূপান্তৰিত কৰি দিছে৷ আনকি তাই নিজকে সেই বেশ্যাজনীতকৈও দুৰ্বল যেন অনুভৱ
কৰিলে, বেশ্যাজনীৰ হাতত অথচ আৰ্থিকভাৱে উপায়বিহীন কাৰণ এটাতো
আছে/ কিন্তু তাইৰ বাবে নিজৰ সমৰ্পণৰ কাৰণ
কি হ’ব পাৰে? তাই জানো নিজৰ কৰ্তব্য পালন কৰি থকা এগৰাকী সতী? এই জগতখনে এইদৰেও ক’ব পাৰে যে- তাই স্বয়ং নিজৰ গিৰিয়েকৰ প্ৰতি নিজকে ত্যাগ কৰি
দিয়া পতিব্ৰতা গুণেৰে বিভূষিত হৈ উজ্বলি উঠা এগৰাকী মহীয়সী নাৰী/ কিন্তু সঁচা কথা
এয়া নহয়৷ নিজৰ জীৱনৰ সুখ-আনন্দক শেষ কৰি নিজকে শ্বহীদ বুলি ভবা, নিজকে নিজে ঠগোৱা- এয়া নাৰীত্বৰ বাবে গৌৰৱৰ কথা বুলি বুজা যায়৷ [আইন ঃ এনে
তামিল চিনেমা নিৰ্মাতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰে যিয়ে বলিদান দিয়া
নাৰীৰ চিত্ৰণ কৰে৷] প্ৰকৃত অৰ্থত এনেদৰে জীয়াই থকাৰ কোনো অস্তিত্বই নাই?
মোক এনে এজন মানুহ লাগে যিয়ে মোৰ শৰীৰক এনেভাৱে চাব
পাৰে যিদৰে তেওঁ কোনো সুন্দৰ চিত্ৰক চাব পাৰে৷ এয়াই মই বিচাৰোঁ৷
এয়া নিষিদ্ধ বিচাৰ মোৰ মনত জানো কেনেদৰে আহিছে/ এতিয়া
কি হ’ব? এই পবিত্ৰ ভাৰতভূমি বাৰু ভস্ম হৈ যাব নেকি?
“মা, মই বাহিৰত খেলিবলৈ যাওঁ৷” শেখৰে
মাত দিলে৷
তাই নিজৰ বিচাৰত আপোন-পাহৰা হৈ আছিল৷ শেখৰৰ মাতটো
শুনি তাই চক্ খাই উঠা বাবে হাতত লৈ থকা চিঠিখন মাটিত পৰিল৷ এইবাৰ তাই চিঠিখন
তুলিবৰ বাবে মাটিলৈ হাওলিলে৷
এখন চিঠিয়ে
যদি তাইৰ মনত এনেদৰে অলেখ ভাৱনাৰ জোৱাৰ তুলিব পাৰে তেনেহ’লে তাইৰ নিজৰ মাকক লগ
পোৱাটো কিমান গুৰুত্বপূৰ্ণ হ’ব পাৰে? সেই কাঠচিতীয়া মানুহজনে কিয় এই কথা
নুবুজে?
তাই ভাবিবলৈ ধৰিলে- তাইৰ ভনীয়েক ভূমা নি(য় আজি
ৰোমাঞ্চিত হৈ উঠিছে/ ভূমা আৰু তাই কেৱল বায়েক-ভনীয়েকেই নাছিল৷ সিহঁত দুজনী ভাল
বান্ধৱীও আছিল৷ নিজৰ এই ভনীজনীৰ ওচৰত তাই নিজৰ দুখৰ বাহিৰে আন একো কথাই লুকোৱা
নাছিল৷
তাই ভাবিবলৈ ধৰিলে- ভাবী ভনী-জোঁৱাই কোন হ’ব? তাই জানিছিল যে ভূমাই প্ৰায়ে ঈশ্বৰণ নামৰ ল’ৰা এজনৰ লগত কলেজৰ পৰা ঘৰলৈ
উভতিছিল৷ ভাল ল’ৰা৷ তাই খন্তেক সময় ৰৈ পুনৰ ভাবিবলৈ ধৰিলে- জানোচা তাইৰ অৱচেতন মনে
এইটোৱে বিচৰা নাইনে যে ভূমাই নিজৰ মন পছন্দৰ ল’ৰা জনৰ লগতেই বিবাহ পাশত আৱদ্ধ হওঁক, কিয়নো তাইৰ ক্ষেত্ৰত তাইৰ মাক দেউতাকেহে সেই বিচাৰ কৰিছিল৷
তাই লাহেকৈ মূৰটো লৰালে৷ তাই আচলতে আজি বহু কথা ভাবি
আছে৷ ভাবিলেনো কি হ’ব? এটা সময়ত তাই থিৰ কৰিলে যে তাই নিজৰ মাকৰ ঘৰ ৱেপৰীলৈ যাব৷ ভাস্কৰণে তাইৰ ওচৰত
এটকাও দি থৈ যোৱা নাছিল আৰু এতিয়া চাৰে
বাৰ বাজি গৈছে৷ এতিয়া বেংকলৈ যাবলৈও সময় নাই৷ তাই ৰান্ধনী ঘৰলৈ গৈ সেই নিৰ্দিষ্ট
টেমাৰ সাঁফৰটো খুলিলে; য’ত তাই নিজৰ মাহিলী খৰচৰ বাবে দিয়া পইছাখিনি থয়৷ তাত
দুই টকা আৰু কিছু খুচুৰা পইছা বিচাৰি পালে৷ নিজৰ কাপোৰৰ আলমাৰীটো খুলি তাই সেই
বেঙুনীয়া ৰঙৰ শাৰীখন ভূমাই পিন্ধিবৰ বাবে উলিয়ালে৷ তেনে সময়তে শেখৰ ঘৰৰ ভিতৰলৈ
আহিল৷
“মা, তুমি আইতাৰ ঘৰলৈ যাবা নেকি?”
“হয়... ব’লা ব’লা, তুমিও লগতে যাবা৷”
“তুমি কি পিন্ধি যাবা, মা?”
তাইৰ এতিয়াহে অলপ শান্তি অনুভৱ হ’ল৷ যেতিয়া তাই শেখৰৰ
মন পছন্দৰ শাৰীখন পিন্ধি উঠিছিল; তেতিয়া শেখৰে হাতত এটা গোলাপৰ ফুল লৈ দৌৰি আহিছিল৷
“ক’ৰ পৰা আনিলা সোণ?”
“মই কিনি অনা নাই মা, সমুখৰ ঘৰৰ
আণ্টীয়ে দিছে৷’’
শেখৰৰ মুখৰ প্ৰথম শাৰীটোৱে তাইৰ মন চুই গ’ল৷
“কিয়, নিজৰ মাৰ বাবে ফুল কিনিবলৈ বেয়া
লাগে নেকি সোণ?”
শেখৰে বুজি পোৱা নাছিল সেই কথাৰ উত্তৰ কি দিব লাগে? সেয়ে সি কেৱল থিয় হৈয়ে আছিল৷
“আৰে, মানুহে খুব খৰচ কৰিব লাগে সোণ৷”
তাই শেখৰৰ চুলিকেইডাল থিক কৰি দি থাকিয়েই ক’লে৷ কিছুসময় পাছত দুয়ো ঘৰৰ পৰা ওলাই
আহিল৷
তাইক দেখি ছায়াৰ মাকৰ মুখখন জিলিকি উঠিল৷
“মই জানিছিলোৱে তই আহিবি৷” তেওঁ ক’লে “তই নহা হ’লে
ভূমাৰ মনটো বৰ বেয়া লাগিল হয়৷ আহা সোণ/ তুমি বাৰু জানিছিলা নেকি যে তোমাৰ মাহী
বিয়া হ’বলৈ গৈ আছে?”
“মা, তেওঁ কোন? তুমিচোন
চিঠিত সেই বিষয়ে কোনো কথাই লিখা নাছিলা৷ তেওঁলোক বাৰু আমাৰ চিনাকিৰ ভিতৰতেই নেকি?”
“নহয় নহয়৷ ল’ৰাজন কলেজ এখনৰ অধ্যাপক৷ আৰে, অলপ ধৈৰ্য ধৰ৷ তেওঁলোক আহি পাবৰেই হৈছে৷ নহ’লে ভূমাকেই সুধি লগৈ যা৷ তাই আৰু
দেউতাৰাই সকলো কথা বিতংভাৱে জানে৷”
“তাই বাৰু তোমাৰ ছোৱালী নহয় নেকি?” ছায়াই খঙেৰে সুধিলে “তুমিওতো সকলো কথা বিতংভাৱে জনা দৰকাৰ৷”
“ছোৱালীতো মোৰেই, কিন্তু
তোমাৰ দেউতাৰাই কেতিয়াও কোনো কথা মোক নকয়৷” মায়ে উত্তৰ দিলে৷
ছায়াই নিজৰ মাকৰ দুখৰ কথা জানে যে তাইৰ দেউতাকে
কেতিয়াও কোনো কথাৰ বাবে তাইৰ মাকৰ পৰা ৰায় নলয়৷ বাস্তৱত, যেতিয়া তাইৰ
বাবে ভাস্কৰণৰ প্ৰস্তাৱ আহিছিল, তেতিয়াও মাকৰ ইচ্ছা নাছিল৷ ছায়াৰ
এতিয়াও সেই ঘটনাটো মনত আছে৷
তাইৰ বিয়াৰ পাছৰ ঘটনা৷ তেওঁলোক সকলোৱে বিয়াৰ ফটোবোৰ
চাই আছিল৷ বিছনাত বহি মাকে এলবামটো নিজৰ কোলাত তুলি লৈ এখন এখনকৈ ফটো চাই আছিল৷
ছায়া আৰু ভূমা মাকৰ ওচৰতে বহি আছিল৷ মাজে মাজে মাকে চকুলো টুকিছিল৷ ছায়াই সেই কথাত
বিশেষ গুৰুত্ব দিয়া নাছিল৷ তাই নিজেও ফটো চোৱাতেই মগ্ন হৈ আছিল৷ অজানিতে মাক তাৰ
পৰা উঠি গৈ ৰান্ধনীঘৰ পাইছিলগৈ৷ তাৰ অলপ সময় পাছত ছায়াই তালৈ গৈ দেখিছিল যে
চিন্তাক্লিষ্ট মনেৰে মাকে মনে মনে একোণত থিয় হৈ আছে৷
“কি হ’ল মা?” তাই লগে লগে সুধিছিল৷
‘একো নহয়... মোৰ অলপ ভয় লগা যেন হৈছিল, আৰু একো নহয়৷’ তেওঁ উত্তৰ দিছিল৷
‘কিন্তু তুমিচোন এই বিষয়ে একো নকলাই যে ফটোবোৰ কেনে
লাগিল এই বিষয়ে একোৱেই নক’লা?’ ছায়াই আবদাৰেৰে সুধিলে৷
‘সেই বিষয়েনো ক’ব লগা কি আছে , তোক যিদৰে
সদায় ধুনীয়া দেখি সিদিনাও তেনেকুৱাই লাগি আছিল৷’
‘কিন্তু তুমি তেওঁৰ বিষয়ে একো নকলাই যে মা?’
‘ওহ্/’ মায়ে জুই ফুৱাই থাকিয়েই কৈছিল, ‘যা আই, অলপ পানী লৈ আহগৈ৷ মই কফি বনাই দিওঁ৷’
‘মা, তুমি কিয় কান্দিছা?’
‘ক’তনো কান্দিছোঁ? এয়া চৌকাৰ
ধোঁৱাই চকুত ধৰিছে৷ যা আই, পানীখিনি লৈ আহগৈ৷’
তাইৰ তেতিয়া সেই ঘটনা ইমান বৈচিত্ৰ্য যেন লগা নাছিল৷
কিন্তু, পাছত তাইৰ সেইবোৰ কথা মনত পৰিছিল৷ সেয়ে তাই মাকক সেই
ঘটনাৰ বাবে পুনৰ সুধিছিল৷
‘মা, যেতিয়া মই বহুত সুখী আছিলোঁ তুমি
কিয় দুখ কৰিছিলা?’
তাই পুনৰ সুধিছিল- ‘মোৰ সুখ দেখি তোমাৰ ভাল লগা নাছিল
নেকি মা? মোৰ গিৰিহঁতে এই কথা গম পালে কি বুলি ভাবিব কোৱা? ’
‘মোক ক্ষমা কৰি দে আই, মোৰ ভুল
হৈছিল৷’ মায়ে শান্ত স্বৰত উত্তৰ দিছিল৷
পাছত যদিও তাই আবদাৰৰ সুৰেৰে মাকৰ কথাখিনি ভাস্কৰণৰ
আগত কৈ শুনাইছিল শেষত তেওঁৰ মন ভাল লগাবৰ বাবে কৈছিল ‘মায়ে যি ভাবে ভাবিবলৈ দিয়া, মইতো তোমাক বহুত ভাল পাওঁ৷’
উত্তৰত তেওঁ কৈছিল ‘এয়া কিবা গুৰুত্ব দিবলগীয়া কথা
নে/’
ইয়াৰ পাছতো, তাই বহুসময়ত সেই কথা মনত পেলাইছিল৷
অজানিতে, শুবলৈ ধৰাৰ আগমুহূৰ্তত নাইবা দুপৰীয়াৰ নিৰল মুহূৰ্তত, মাকৰ সেই ছবিখন তাইৰ মনলৈ ভাহি আহিছিল৷
ভূমাই নিজৰ কোঠাত এখন কিতাপ পঢ়ি আছিল৷
“তই কিতাপ পঢ়ি আছ, নে এনেই
অভিনয় কৰি আছ?” ছায়াই তাইক জোকালে৷
“কিয় অভিনয় কৰিবলগীয়ানো কি আছে?” ভূমাই উত্তৰ দিলে৷
“মোক সকলোবোৰ কথা খুলি-ভাঙি ক ভূমা৷”
“ক’বলৈনো কি আছে? অলপ সময়
পাছতেই আহিব৷ তই চাই ল’বি৷”
“মানে ল’ৰাজন মোৰ চিনাকিৰে কোনোবা নহয়তো?”
“তই জান, কিন্তু মা-দেউতাই সেই বিষয়ে একো
কথাই নাজানে৷”
“ল’ৰাজন বাৰু ঈশ্বৰণ নেকি?”
ভূমাই ডিঙিটো লৰাই হয়ভৰ দিলে৷
“ওহ্ মানে এইটোহে কথা/” মই এতিয়াই তেওঁলোকক সকলো কথা
কৈ দিম/”
“কিয়? মোৰ সুখখিনিতো থাকিবলৈ দে...৷”
ছায়াই লগে লগে তাইৰ চকুলৈ চাই সুধিলে “ভূমা তই কি ক’ব
বিচাৰিছ?”
“একো নহয়৷ এনেই ধেমালিহে কৰিলোঁ৷” ভূমাই হাঁহিবলৈ যত্ন
কৰিলে৷
কিন্তু ছায়াই বুজি পাইছিল যে সেয়া ধেমালি নাছিল৷
মাকে ৰান্ধনীঘৰৰ পৰা ছায়াক মাতিছিল৷ তেওঁলোক আলহীৰ বাবে
বিভিন্ন ৰকমৰ ব্যঞ্জন বনোৱাত ব্যস্ত৷ তেতিয়াই শেখৰে নিজৰ বন্ধু কেইজনমানৰ লগত দৌৰি
আহি মাকক ক’লে-
“মা, আইচক্ৰিমৰ বেপাৰীজন আহিছে৷ আমাক
আইচক্ৰিম কিনি দিয়া৷”
“নাই, আইচক্ৰিম তোমাৰ বাবে ঠিক নহয়৷ যোৱা, খেলাগৈ৷”
‘‘আৰে, এই সৰু ল’ৰাজনে লাগিব বুলি কৈছে, তই কিনি দিব নোৱাৰনে?” তাইৰ ফালে চাই মাকে তাইক উঠিল৷
“কিন্তু মা, মই যে এওঁলোক প্ৰত্যেকৰে বাবে
কিনিব লাগিব... তুমি দেখিছানে?’’ ছায়াই খিংখিঙীয়াভাৱে উত্তৰ দিলে৷
মাকে ক্ষণিকৰ বাবে তাইলৈ চালে আৰু পাছত ৰান্ধনীঘৰলৈ
গৈ টেমাৰ পৰা পাঁচটকাৰ মুদ্ৰা এটা উলিয়াই আনি শেখৰৰ হাতত দিলে৷
“ যোৱা আটাইকেইজনৰ বাবে কিনি লোৱা” মাকে মৰমেৰে ক’লে৷
শেখৰে মাকৰ ফালে চালে৷
“ল৷” ছায়াই চিঞৰিলে “খাবলৈ নোপোৱাৰ জাত/ প্ৰতি
মুহূৰ্তত কেৱল খোৱাৰহে চিন্তা৷ যেন ওপৰৰ পৰা তললৈ কেৱল খাবলৈ সেই পেটটোহে আছে/ যা, যি মন খায় গৈ৷”
মাকৰ গালি শুনি শেখৰে এইবাৰ মুদ্ৰাটো দলিয়াই দিলে আৰn কঁপি কঁপি ক’বলৈ ধৰিলে “মোক গালি নিদিবা মা/”
“তই কিয় এইদৰে কৈছ ছায়া? দেখা নাই
নেকি সি কিমান সৰু ল’ৰা? তাক পইচাটো তুলি লবলৈ ক৷” মাকে
ক”লে৷
ছায়া মনে মনে আছিল৷
তাইৰ মাকে নিজেই আহি শেখৰৰ হাতত পইচাটো তুলি দিলে আৰু
ক’লে “মায়ে কাম কৰি আছে নহয় সোণ/ তোমাক এতিয়া একো নকয়৷ যোৱা আইচক্ৰিমটো কিনি আনাগৈ
আৰু আহিয়েই মোক এটি চুমা দি যাবাদেই৷”
শেখৰে দৌৰ মাৰি বাহিৰলৈ গ’ল৷
“তোৰ কি হৈছে ছায়া? এটাই ল’ৰা, তাকো সুখী ৰাখিব নোৱাৰনে?”
“মই সকলো ঠিকেই ৰাখিব বিচাৰো মা৷ তোমাৰ বাবে উপদেশ দিব
পৰাটো সহজ; কিন্তু মোৰ কষ্টবোৰ কোনে বুজে?”
মাকে তাৰ পাছত সেই বিষয়ে নতুনকৈ একো নকলে৷ গোটেই
দিনটো তেওঁ বেলেগ বেলেগ কথাত ছায়াৰ মন যোগাবলৈ চেষ্টা কৰি থাকিল৷ কিন্তু ছায়া যেন
নিজৰ চিন্তাতেই মগ্ন৷¸ অৱশেষত মাকৰ বাবে সেয়া অসহনীয় হৈ উঠিল৷
“চা ছায়া, তই কেতিয়াবাহে ইয়ালৈ আহ৷ আহিলেও
বিভিন্ন চিন্তাত যেন তোৰ আহৰিয়েই নাই৷ অৱশ্যে এটা কথা ঠিক যে ভিন্ন চিন্তাত
থাকিলেও তোক বৰ ধুনীয়া দেখি৷”
ছায়াই তেতিয়া মিচিকিয়াইছিল আৰু অলপ সহজ হ’বলৈ যত্ন
কৰিছিল৷ যেতিয়া ভূমাক সজোৱা হৈছিল তাই মুখ ধুবলৈ বাহিৰলৈ গ’ল৷ ঘৰৰ প্ৰৱেশদ্বাৰত
গুৱালজন থিয় হৈ আছিল৷ ছায়াই মুখখন ধুই ভূমাৰ কোঠালৈ গামোছাখন ল’বলৈ সোমাইছিলহে
মাত্ৰ৷ ভূমাৰ কোঠাৰ বাহিৰতেই তাই ৰ’ল৷ ভিতৰত ভূমা আৰু তাইৰ মাকে কথা পাতি আছিল
“গুৱালজনে পইছা নিবলৈ আহিছে ভূমা৷ ইফালে দেউতাৰাও নাই৷ মই ছায়াক কৈ তাইৰ পৰাই ধাৰ
লওঁ নেকি?” মাকে কৈ আছিল৷
“বুৰ্বকৰ নিচিনা কথা নক’বা মা৷ দেখা নাই নেকি সামান্য
আইচক্ৰিমৰ বাবে তাই কি হাহাকাৰ কৰিলে৷ মই ইয়াৰ পৰা সকলো শুনি আছিলোঁ৷ এতিয়া তাই
আমাৰ আগৰ ছায়াজনী হৈ থকা নাই বহুত পৰিৱৰ্তন হ’ল৷ গুৱালজনক কাইলৈ আহি পইছা নিবলৈ
কোৱাগৈ যোৱা৷” ভূমাই ক’লে৷
ছায়াৰ ভৰি দুখন কঁপিবলৈ ধৰিলে৷ কপালখন যেন ঘামি গ’ল৷
সেয়া বাৰু ভূমায়েই কৈ আছেনে? তাই তাৰ পৰা আঁতৰি গ’ল আৰু শাৰীৰ
আঁচলেৰে মুখখন মচিবলৈ ধৰিলে৷
“তই শাৰীখন সলাই লগৈ ছায়া৷ ” ৰান্ধনীঘৰলৈ অহাৰ সময়ত
মাকে ক’লে৷
“কিয়? কিহৰ বাবে? ” ছায়াই ক’বলৈ
ধৰিলে - “এইখনেই ঠিকে আছে৷ মইতো কইনা নহয়/”
তাই ভাল কাপোৰ এসাজ পিন্ধি ভূমা আৰু ঈশ্বৰণৰ লগত কথা
পাতিব বিচাৰিছিল৷ কিন্তু এতিয়া সেই কথা অৰ্থহীন৷ ভূমা এতিয়া আগৰ নিচিনা নাই; যিদৰে তাই ভাবি আহিছিল...৷
তাই সমুখৰ কোঠাৰ পৰা দেউতাকৰ মাত শুনিছিল৷ ছাগে
তেওঁলোক আহি পাইছে৷ তাই ৰান্ধনীঘৰৰ খিৰিকীখনেৰে জুমি চালে; ঈশ্বৰণক
দেখিলে৷ সেইজন ঈশ্বৰণ যাক বহু আগতেই তাই দেখিছিল৷ কিন্তু আজি সি একেবাৰে নতুন যেন
লগা কাপোৰ এসাজ পৰিপাটিকৈ পিন্ধি আহিছে৷ ভূমা আৰু ঈশ্বৰণক একেলগে দেখি তাইৰ বৰ
আনন্দ লাগিল৷ দুয়োকে বৰ ধুনীয়া মিলিছে৷ সিহঁত হালক দেখি তাইৰ শেখৰে ভঙা সেই
ফটোখনলৈ মনত পৰি গ’ল৷ তাই সেইজন শকত-আৱত ভাস্কৰণ আৰু ঈশ্বৰণৰ তুলনা কৰাত লাগিল৷
তাইৰ এনে লাগিল যেন কোনোবাই তাইৰ মূৰটোত হাতুৰীৰে কোবাইহে আছে৷ অলপ সময় পাছত তাইক
দেউতাকে হল ঘৰলৈ মাতি নি সকলোৰে লগত চিনাকী কৰাই দিলে৷ অলপ সময় আলহীৰ লগত কথা-বতৰা
পাতি তাই ঘৰৰ পাছফাললৈ গ’ল৷ তাইৰ মূৰটো বিষাইছিল৷ চেঁচা বতাহত তাইৰ বিষ কমিব
বুলিয়েই তাতেই অলপ বহিলে যদিও তাইৰ বিষ নকমিল৷ ক্ৰমাৎ উদ্বিগ্নতাহে বাঢ়ি গ’ল৷
লাহে লাহে পৃথিৱীলৈ আন্ধাৰ নামি আহিছিল৷ সন্ধিয়া ফুলা ফুলৰ গন্ধই গোটেইখন
আমোল-মোলাই গৈছিল৷ তাই লাহেকৈ চকু দুটি জঁপাই দিলে৷ বন্ধ চকু দুটিৰ আন্ধাৰে তাইক যেন এটি উজ্জ্বল তৰাৰ
ওচৰলৈ টানি নিলে৷ ৰঙা, সেউজীয়া, নীলা ৰং তাৰ পৰা ওলাই আছিল৷ চকু
দুটি চক্মকাই ধৰা পোহৰ সেয়া, তথাপিও যেন সেই পোহৰে তাইৰ চকুত
নধৰে৷ ফুলৰ ৰেণুৰ নিচিনা সৰু সৰু কণিকাবোৰ ইফালে-সিফালে উৰি আছিল৷ তাই শিহৰিত হৈ
পৰিল৷ যেন কোনো শিশুৰহে কোমল হাতৰ স্পৰ্শ৷ তাৰ পাছত সেই কণিকাবোৰ মিলি এটা হৈ
পৰিছিল৷ পাছত এটা বগা শংখৰ ডাঙৰ পেটটো যেন কিবা এটা তাইৰ চকুত পৰিল আৰু উজ্জ্বল
তৰাটো সকলোপিনে ঘূৰিবলৈ ধৰিলে৷
“বহুত হ’ল/ বহুত হ’ল / মই আৰু সহ্য কৰিব নোৱাৰোঁ৷”
ছায়াই চিঞৰি উঠিল৷
“ছায়া/” বতাহৰ শব্দৰ লগত তাই যেন মাকৰ মাতটোও শুনিলে৷
“মা/” হিকটিয়াব ধৰাৰ নিচিনা শব্দ এটা শুনিবলৈ পোৱা
গ’ল৷
“কি হ’ল আই, কি হৈছে?”
মাকে তাইক লাহেকৈ সাৱটি ধৰি তাইৰ ডিঙিটো পিঠিৰ ফালে
হলাই ল’লে৷ তাইৰ ভিতৰভাগত যেন তীব্ৰ জ্বৰহে উঠিছে৷ হঠাতে ছায়াই জিভাখনত তিতা-টেঙা
যেন অনুভৱ কৰি হাতখনেৰে মুখখন হেঁচা মাৰি ধৰিলে৷
মাকে তাইৰ পিঠিত হাত ফুৰাই ফুৰাই কৈ থাকিল “মই ভূমা
আৰু তোৰ দেউতাৰাক মাতোঁ৷ মই ইমান চিন্তিত আছিলোঁ যে তেখেতক মাতিবলৈকে পাহৰি আছোঁ৷”
“নালাগে মা নালাগে৷ আচলতে মা মই...”
“মই বুজিছো আই৷ কিমান মাহ হ’ল পিছে?”
“নাজানোঁ৷” তাই ছটফটাই উঠিল৷ মাকক সাৱটি ধৰি তাই
কান্দিবলৈ ধৰিলে “কিয়... কিয় এনে হ’ল? উফ্ মই যে ইমান অকলশৰীয়া হৈ
পৰিলোঁ৷ মই বাৰু কেতিয়াও মুক্ত হ:ব নোৱাৰিম নেকি?”
“মূৰ্খ ছোৱালী৷ কি যে কথাবোৰ কৈ আছ৷” মাকৰ মাতটো
থোকাথুকি হৈ পৰিছিল৷
“ভূমাই কৈ আছিল যে মই সলনি হৈছোঁ... কিন্তু মই কি কৰোঁ
মা... সেই মানুহজনে মোক পইচাৰ লোভী কৰি তুলিলে৷ উফ্, মই কিয়
বিয়াত সোমাইছিলোঁ? মোৰ দোষ কি মা?”
“কি হৈছে ছায়া? কিয় এনেদৰে
কৈ আছ?” চিন্তিত স্বৰেৰে মাকে সুধিলে৷
মাকৰ স্বৰত চিন্তাৰ ভাৱ থকা দেখি এইবাৰ ছায়াৰ সচেতনতা
ঘূৰি আহিল আৰু চকুপানীবোৰ মচি মচি ক’বলৈ ধৰিলে “মইনো কি ক’লোঁ? ” তাই ভয়ে ভয়ে সুধিলে “ মই ছাগে কিবা কিবিবোৰ কৈ আছিলোঁ৷ অচেতন যেন অনুভৱ হৈছিল৷
সেইবাবেই হয়তো...৷”
“ছায়া তোৰ কি হৈছে? যিটো কথা তই
মোৰ পৰা লুকুৱাইছ? কচোন...৷” চিন্তিত হৈ মাকে পুনৰ সুধিলে৷
“একো হোৱা নাই মা৷ গৰম লাগিছিল আৰু এই বিষয়ে মই একো
জনাই নাছিলোঁ৷ জানিলে মই এই গৰমখনত এইদৰে নাহিলোঁহেঁতেন৷ বাৰু যি হৈছে হৈছে৷ এতিয়া
এইবোৰ কথা আনৰ আগত ক’ব নালাগে৷”
ছায়াক সাৱটি ধৰিয়েই মাক ঘৰৰ ভিতৰলৈ আহিল৷ ছায়াৰ
কান্দোনত মাকৰ ব্লাউজৰ কান্ধৰ অংশ ভিজি গৈছিল৷
ছায়াই পুনৰ
মুখ-হাত ধুই উঠি শেখৰক মাত দিলে “এতিয়া ঘৰলৈ যাওঁ ব’লা, সোণ৷”
ভূমাই নিজৰ কোঠাৰ পৰাই তাইক বিদায় দিলে৷
প্ৰতিদিনৰ নিচিনাকৈয়ে সিদিনাও দেউতাকে সেই একে কথাষাৰ
ক’লে “ভালদৰে যাবি আই৷”
কেৱল মাকে তাইৰ লগত পদূলিৰ মুখলৈ আগবঢ়াই থ’বলৈ আহিল
আৰু ক’লে “আকৌ আহিবি আই...৷”
ছায়াই নিজৰ মূৰটো লৰাই লৰাই বিদায় ল’লে৷ তাই জানিছিল
যে কেৱল মাকে তাইক ভালদৰে বুজি পায়৷ এইবাবেই নহয় যে তেওঁ তাইৰ মাক, কিন্তু এইবাবেহে যে তেওঁ নিজেও ছায়াৰ নিচিনা কষ্টকেই ভূগি আছে৷ তাইৰ মাকৰ সেই
উপেক্ষিত হৈ ৰৈ থকাবীণটোলৈ ছায়াৰ মনত পৰি গ’ল৷
যৌৱনকালত মাকে খুব সুন্দৰ বীণ বজাইছিল৷ বিয়াৰ পাছত
গিৰিয়েক অফিচৰ পৰা উভতি অহাৰ সময়তে তেওঁ বীণ বজাই শুনাইছিল৷ ওচৰৰ বয়সীয়া লোকসকলে
সেই সুৰ শুনি তেওঁৰ হাতত সৰস্বতীয়ে বাহ লৈছে বুলি খুব প্ৰশংসাও কৰিছিল৷ প্ৰায়ে
তেওঁলোকে সেই বীণ-বাদন শুনিবলৈ আহিছিল৷
এদিনাখন সন্ধিয়া মাকে তেনেদৰেই তেওঁলোকৰ সমুখত বীণ
বজাই আছিল৷ গিৰিহঁত ঘৰ আহি পোৱাৰ পাছতো তেওঁ উঠি আহিব পৰা নাছিল; কিয়নো, তেতিয়াও এটা সুৰ শেষ কৰিব পৰা নাছিল৷ পাছত তেওঁলোক
যোৱাৰ পাছত তেওঁ উঠি অহাত দেউতাকে মাকক সুধিলে “তুমি কাৰ লগত বিয়াত সোমাইছা?”
‘কিয়? আপোনাৰ লগত৷’ মায়ে কথাটো
নুবুজাকৈয়ে উত্তৰ দিছিল৷
‘তেনেহ’লে যি তোমাৰ; সেয়া কেৱল
মোৰহে হোৱা উচিত৷ তুমি যাৰে তাৰে বাবে কিয় বজাব লাগে? মোৰ বাবে
বজালেই যথেষ্ট৷’
দেউতাকৰ কথা শুনি মাকৰ হাঁহি উঠি গৈছিল৷ যিজন মানুহে
হৰি কৌমুদী আৰু মোহনমৰ পাৰ্থক্য বুজি নাপায়, তেওঁ আকৌ
বীণ-বাদনৰ কথা কয়৷ ৰাতিলৈ মায়ে বীণখনৰ তাঁৰ কেইডাল খুলি পেলাইছিল৷ সেইদিন ধৰি তেওঁ
বীণত হাত দিয়া নাই৷
‘তুমি কেনেদৰে এই কাম কৰিছা?’ ছায়াই এবাৰ
আশ্বৰ্যচকিত হৈ মাকক সুধিছিল৷
‘তেতিয়া মই কৰিব পাৰিছিলোঁ৷ এতিয়া যদিহে মই বীণখনত
কেতিয়াবা হাত দিওঁ মই পাগল হৈ যাম৷ মোৰ সকলো নি(য়তা ভাগি চূৰমাৰ হৈ যাব৷’
ছায়াই অনুভৱ কৰিছিল এতিয়া কেৱল সেই মাকজনীয়েহে তাইৰ
মিত্ৰ হ’ব পাৰিব৷ কেৱল তেঁৱেই তাইৰ সমস্যাবোৰ বুজিব পাৰে৷
ছায়া আৰু শেখৰ বাছ ষ্টপেজত ৰৈ আছিল৷ আহিবলগীয়া মাহত তাই
নতুনকৈ চিলাইৰ কাম কৰিব নোৱাৰিব আৰু ডাক্তৰৰ বিল দেখি তাইৰ গিৰিয়েকৰ অৱস্থা কাহিল
হ’ব৷ ছাগে এইবাৰ ছোৱালী হ’ব৷ তাই ছোৱালীজনীৰ বাবে নতুন নতুন ফ্ৰক চিলাব... কিন্তু
এনেসময়ত এনে চিন্তা তাইৰ কিবা এটা যেন ভাল নালাগিল৷ এটা সময়ত তাই বহু সন্তানৰ আশা
কৰিছিল/ এতিয়া এইবোৰ চিন্তা কেনে বিচিত্ৰ যেন লাগে৷ এতিয়া তাইৰ আহিবলগীয়া খৰচসমূহৰ
প্ৰতিহে চিন্তা আহিল৷ তাই বাৰু দ্বিতীয়বাৰ মাতৃ ত্বৰ সুখ অনুভৱ কৰিব নোৱাৰিবনে? তাই বাৰু কিয় এইবোৰ জঞ্জাল যেন অনুভৱ কৰিছে? কল্পনা...
এই জীৱনত কল্পনাবোৰৰো যেন মৃত্যু হৈছে৷
আইন থাকিব লাগে/ প্ৰতিটো কল্পনাৰ বাবেও আইন থাকিব লাগে/
তাইৰ বাছখন আহিছিল৷ এটি গভীৰ বোজা বুকুত বান্ধি লৈ
তাই বাছত উঠিল আৰু এটা সময়ত বাছৰ পৰা নামিল৷ শেখৰৰ লগত খোজকাঢ়ি গৈ এটা সময়ত তাই ঘৰৰ সমুখ পালেগৈ৷ তাইৰ কোনোপধ্যে
ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ মন নাছিল৷ যেন
ঘৰটো এৰি তাই পুনৰ খোজকাঢ়িহে থাকিব৷
হঠাতে তাইৰ ভাস্কৰণলৈ মনত পৰিল৷ এনেদৰে গুছি গ’লে
তেওঁ হয়তো কেতিয়াও তাইৰ মনোকষ্টক অনুভৱেই কৰিব নোৱাৰিব৷ দুখ কেৱল এটাহে হ’ব যে কিয়
তেওঁৰ জীৱনতহে এনেদৰে বিলাই-বিপত্তি আহি পৰিল৷ তাইৰ মনে মনে হাঁহি উঠিল কাৰণ পইছা
খৰচৰ কথা ভাবি তেওঁ নতুনকৈ বিবাহো কৰাব নোৱাৰিব৷
ভাস্কৰণে ঘৰ সোমায়েই চিঞৰিব আৰম্ভ কৰিলে “তুমি ক’ত
গুছি গৈছিলা, বৰ দায়িত্বহীন তিৰোতাদেই৷”
ছায়াই মনতে ভাবিলে, বেলেগ
নহ’লেও এই বহুৱাই এতিয়া বিনা খৰচত বহুৱালি দেখুৱাব৷
“ক’ত গৈছিলা তুমি?” সি পুনৰ
সুধিলে৷
“ৱেপৰী৷” ৰান্ধনীঘৰলৈ সোমোৱাৰ আগে আগে তাই উত্তৰ দিলে৷
“এই অহা-যোৱা, বাছৰ ভাৰা
কোনে দিব?”
ছায়াই অনুভৱ কৰিলে যে তাইৰ এই সৰু নাটকখন দেখি বৰ মজা
লাগিছে৷
তাই শান্তিৰে উত্তৰ দিলে “হাৰে, তুমি এতিয়া এনেধৰণৰ সৰু সৰু খৰচৰ
চিন্তা নকৰিবাচোন৷ তোমাৰতো এতিয়া আৰু ডাঙৰ খৰচ আহি আছে৷”
“কি ক’লা? কি ডাঙৰ খৰচ?”
“পাছত ক’ম দিয়া৷”
“তুমিতো এতিয়া সকলোবোৰ ৰহস্য কৰি ৰাখিবা যেন পাইছো৷”
ছায়াই ৰাতি শুবলৈ অহা সময়ত ভাস্কৰণ জাগি আছিল৷
“তুমি কিবা খৰচৰ কথা যে কৈ আছিলা...৷”
তাই বুজি পোৱা নাছিল, তাই কি
উত্তৰ দিব৷ সেয়ে মনে মনে থাকিল৷
“কোৱানা৷”
ছায়াৰ আজিও সেই দিনটোৰ কথা মনত আছে ৷ শেখৰৰ জন্মৰ
আগেয়ে যিদিনা তাই তাৰ আগমনৰ বিষয়ে তেওঁৰ আগত কৈছিল৷ সিদিনা তাইৰ কথাত লাজ আৰু শংকা
মিহলি মাধুৰ্যৰ ভাব আছিল৷ আৰু আজি? তাইৰ ভাষাত যেন আগৰ মাধুৰ্য আৰু
গৰিমা নাছিল৷ কিছুসময়ৰ মূৰত তাই নিৰৱ স্বৰেৰে কৈছিল ‘তুমি দ্বিতীয় সন্তানৰ পিতৃ
হ’ব ওলাইছা৷’
কোঠাটোত মৌনতাই বিৰাজ কৰিছিল৷
অলপ সময় পাছত ভাস্কৰণে ভোৰভোৰাই উঠিল ‘আৰু এটা খৰচ
বাঢ়িল৷’
ছায়াই সেই বিষয়ে চিন্তা নকৰিলে৷ তাই আজিকালি এইবোৰ
শুনি শুনি অভ্যস্ত হৈ পৰিছে৷ এতিয়া তাইৰ এইসমূহৰ পৰা ৰক্ষা পাবলৈও মন যোৱা নাছিল৷
ডেউকা ভগা চৰাইৰ নিচিনাকৈয়ে তাই বিচনাত ঠাচ্কৈ পৰি গ’ল৷ তাই কেৱল জিৰণি
বিচাৰিছিল৷
ভাস্কৰণে আহিবলগীয়া খৰচ আৰু ভৱিষ্যতৰ বিষয়ে তেতিয়াও
ভোৰভোৰাই আছিল৷
আইন... আইন... আইন... ছায়া ইতিমধ্যে শুই পৰিছিল৷
******
No comments:
Post a Comment