Tuesday, 11 January 2022

তামিল ভাষা আৰু সাহিত্য (Introduction to Tamil language and Literature)

 

তামিল ভাষা আৰু সাহিত্য

(Introduction to Tamil language and Literature)

ড॰ বি. বিজয়কুমাৰ

 & অনামিকা ৰাজবংশী

                তামিল শব্দৰ অৰ্থ হ’ল ‘মধুৰ’৷ এই ভাষাটো তামিল ভাষীসকলৰ মাতৃভাষা৷ এই ভাষা দ্ৰাবিড়ীয় ভাষাগোষ্ঠীৰ গুৰুত্বপূৰ্ণ ভাষা৷ লগতে এই ভাষা এটা ধ্ৰুপদী ভাষা৷ তামিল ভাষা ভাৰতবৰ্ষ, শ্ৰী লংকা, মালয়েছিয়া আৰু ছিংগাপুৰত বসবাস কৰা তামিল লোকসকলে ব্যৱহাৰ কৰে৷ আকৌ, দক্ষিণ আফ্ৰিকাৰ কিছুসংখ্যক ৰাজ্য, মৰিছিয়াছ, ফিজি, ৰি. ইউনিয়ন আদি ৰাজ্যসমূহৰ কিছুসংখ্যক মানুহেও নিজৰ কথা বতৰাত এই ভাষা ব্যৱহাৰ কৰে৷ বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীত প্ৰায় ১০ কোটি মান মানুহে তামিল ভাষা কয়৷ ইণ্টাৰনেটত ভাৰতীয় ভাষাসমূহৰ ভিতৰত যিসমূহ ভাষা ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত বেছিসংখ্যক মানুহে তামিল ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷

        তামিল ভাষাৰ তিনিহেজাৰ বছৰীয়া পুৰণি ইতিহাস আছে৷ তামিল ভাষাৰ নীতিশাস্ত্ৰ ‘তিৰুক্‌কুৰল’ খন লিখা প্ৰায় দুহেজাৰ বছৰ হৈ গ’ল যদিও বৰ্তমান সময়তো এয়া জনসাধাৰণে পঢ়িব পাৰে৷ এই ভাষা পুৰণি হোৱাৰ লগতে অতীজৰে পৰা নিৰৱচ্ছিন্নভাৱে জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আহিছে৷

ইতিহাস 

        ভাৰতবৰ্ষত প্ৰচলিত ভাষাসমূহৰ ভিতৰত তামিল ভাষাই বৃহৎ আৰু দীঘলীয়া পৰম্পৰা ৰক্ষা কৰি আহিছে৷ ইয়াৰে কিছুসংখ্যক সাহিত্যই দুহেজাৰ বছৰ অতিক্ৰম কৰিবলৈও সক্ষম হৈছে৷ ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰায় একলাখমান শিলালিপি পোৱা গৈছে৷ ইয়াৰে ৬০ হাজাৰমান তামিলনাডুত পোৱা গৈছে আৰু ইয়াৰে ৯০ণই তামিল ভাষাত লিখা৷ প্ৰাচীন কালত তামিল ভাষাৰ সাহিত্যসমূহ তালপাতত লিখা হৈছিল৷ সেয়ে তাৰ উৎপত্তিৰ সঠিক সময় সম্পৰ্কে তালপাতসমূহৰ পৰা জানিব পৰাটো সম্ভৱপৰ নহয়৷ বৰ্তমানে তামিলনাডুৰ ‘কিলদি’ নামৰ খনন কাৰ্যত সিসমূহ তথ্য পাতি উদ্ধাৰ হৈছে; সেই সমূহৰ জৰিয়তে তামিল ভাষাটো ২৫ হাজাৰ বছৰ আগৰ পুৰণি বুলি জানিব পৰা গৈছে৷ তামিল ভাষাত পোৱা প্ৰথম গ্ৰন্থখন হ’ল ‘টোলকাপিয়ম’ ৷ এইখন এখন ব্যাকৰণ গ্ৰন্থ৷ এই গ্ৰন্থখনত প্ৰাচীন কালত সৃষ্টি হোৱা তামিল ভাষা সম্বন্ধে ব্যাখ্যা কৰা আছে৷ তামিল ভাষাৰ প্ৰথম আৰু প্ৰাচীন কাব্যখন হ’ল ‘চিলপ্‌পদিকাৰম’৷ এইখনৰ ৰচনাকাল দ্বিতীয় শতাব্দী৷ তামিল সাহিত্যিক সকলে তামিল সাহিত্যক ৫ টা ভাগত ভগাইছে-

Friday, 7 January 2022

আধুনিক তামিল সাহিত্যৰ নিৰ্মাতা (Makers of Modern Tamil Literature)

 

ড॰  বি.বিজয়কুমাৰ  & অনামিকা ৰাজবংশী

         আধুনিক তামিল সাহিত্যৰ জগতলৈ বহুকেইজন সাহিত্যিকে বৰঙণি আগবঢ়াইছে৷ তাৰ ভিতৰত কিছুসংখ্যক সাহিত্যিকৰ নাম আৰু সাহিত্যকৃতিৰ  পৰিচয় ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ল–

ক] সুব্ৰমণিয় ভাৰতি  [১৮৮২-১৯২১]ঃ

        সুব্ৰমণিয় ভাৰতিক ‘মহাকবি’ বুলি কোৱা হয়৷ তেওঁ এজন কবি, লেখক, সমাজ সংস্কাৰক আছিল৷ তেওঁ ভাৰতিয়াৰ  বুলিও জনাজাত৷ ভাৰতিয়াৰ আধুনিক তামিল সাহিত্যৰ প্ৰথিতযশা কবি৷ আধুনিক তামিল কবিতাৰ বাটকটীয়া হিচাপে তেওঁৰেই নাম ল’ব পাৰি৷

        তামিল দেশ, তামিল মানুহৰ প্ৰাচুৰ্য, ভাৰতীয় স্বাধীনতা আন্দোলন, নাৰী স্বাধীনতা, জাতি-ভেদ প্ৰথা, ধৰ্মীয় আন্দোলন আদি বিভিন্ন বিষয়ক লৈ ভাৰতিয়ে অনেক কবিতা আৰু প্ৰবন্ধ ৰচনা কৰিছিল৷

        তেওঁৰ কবিতাসমূহে দক্ষিণ ভাৰতৰ জনগণক ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ এত্‌তপ্প নায়ক্কৰ নামৰ ৰজা এজনে সুব্ৰমণিয়মৰ কবিতা পঢ়ি যথেষ্ট আকৰ্ষিত হৈছিল আৰু তেঁৱেই সুব্ৰমণিয়মক ভাৰতি উপাধি প্ৰদান কৰিছিল; যাৰ অৰ্থ হ’ল ‘সৰস্বতী দেৱী’৷ ভাৰতিৰ কবিতাৰ পাণ্ডুলিপিসমূহ তামিলনাডু চৰকাৰে সংগ্ৰহ কৰি সমগ্ৰ ভাৰতবৰ্ষতেই পঢ়িবৰ বাবে ৰাষ্ট˜ীয়কৰণ কৰাই দিছিল৷

        কেৱল তামিল ভাষাৰেই নহয় ভাৰতিয়ে ফৰাচী, সংস্কৃত, বাংলা, হিন্দী, ইংৰাজী আদি ভাষাতো বিচক্ষণ পণ্ডিত আছিল৷ এই ভাষাসমূহৰ গুৰুত্বপূৰ্ণ লেখাসমূহ তেওঁ তামিল ভাষালৈ অনুবাদ কৰি উলিয়াইছিল৷

তামিল চুটিগল্পৰ ইতিহাস (History of Tamil Short Stories)

 তামিল চুটিগল্পৰ ইতিহাস (History of Tamil Short Stories)

দীপশিখা পাল

 

        সাহিত্যৰ অভিন্ন ভাগ ‘চুটিগল্পৰ’ পৰিভাষাত যদিও ‘চুটি ’ শব্দটো আছে, তথাপি ইয়াৰ ক্ৰমবিকাশৰ ইতিহাস যথেষ্ট দীঘলীয়া৷ চুটিগল্প আজিও নতুন ক্ষমতা তথা বিবিধতাৰে এটি নৈৰ দৰে নিৰন্তৰে বৈ আছে৷ সাহিত্যত চুটিগল্প এটা নিৰ্দিষ্ট প্ৰকাৰ স্বৰূপে গঢ় লৈ উঠাৰ বহু শতাধিক আগৰে পৰা কাহিনীৰ পৰম্পৰা প্ৰচলিত আছিল৷ মানুহৰ যেতিয়া প্ৰথমবাৰৰ বাবে নিজৰ কিবা অভিজ্ঞতা অথবা অনুভূতিৰ কথা প্ৰকাশ কৰাৰ ইচ্ছা জাগ্ৰত হৈছিল, সম্ভৱতঃ তেতিয়াৰে পৰা কাহিনী কোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল, সেয়েহে ইয়াৰ উৎপত্তিৰ নিৰ্দিষ্ট সময় কোৱা সম্ভৱ নহয়৷ কিন্তু বিশ্বৰ বিভিন্ন সাহিত্যলৈ মন কৰিলে দেখিবলৈ পোৱা যায় যে বিশ্বৰ বিভিন্ন ঠাই যেনে- গ্ৰীচ, ইজিপ্ত, আৰৱ, ভাৰত আদিত মৌখিক সাহিত্যৰ ভিতৰত পৰা কাহিনী কোৱা পৰম্পৰা বহু পৌৰাণিক তথ্য সমৃদ্ধ৷

        যুগ যুগ ধৰি ভাল চিন্তা ধাৰা, আদৰ্শ, নৈতিকতা আদিৰ মানুহৰ মাজত বিস্তাৰ  কৰিবলৈ বিজ্ঞ ঋষিমুনি, দাৰ্শনিক, গুৰু সকলে চুটি গল্পৰ সহায় লৈছিল৷ পঞ্চতন্ত্ৰ, ঈচপৰ সাধু আদিত কাহিনীবোৰ অতি সৰলভাৱে তথা কাউৰী, শিয়াল, বাঘ, সিংহ আদি জীৱ-জন্তুৰ সহায় লৈ প্ৰস্তুত কৰা হৈছিল যদিও এইবোৰ কাহিনীৰ মূল উদ্দেশ্য মানৱ জীৱনৰ সংগ্ৰাম, আদৰ্শ আদি দাঙি ধৰা৷ মন কৰিবলগীয়া কথা হ’ল যে এই ধৰণৰ চুটি গল্প প্ৰায়েই ধাৰ্মিক গ্ৰন্থ তথা বাণীত ঠাই লাভ কৰিব সক্ষম হয়৷ যেনে– যীশুৰ উপদেশ, বুদ্ধদেৱৰ জাতকমালা, জৈন, শৈৱ, বৈষ্ণৱ পৰম্পৰাৰ কাহিনী ইত্যাদি৷ এই কাহিনীবোৰৰ মূল উদ্দেশ্য কেৱল ৰং-ধেমালি প্ৰদান কৰাই নহয়, মানৱ জীৱনক পথ প্ৰদৰ্শন কৰাও ইয়াৰ উদ্দেশ্য৷

তামিল উপন্যাসৰ আৰম্ভণি আৰু বিকাশ (Origin and development of Tamil Novel)

তামিল উপন্যাসৰ আৰম্ভণি আৰু বিকাশ (Origin and development of Tamil Novel)

গীতালি শইকীয়া

 

উপন্যাস হ’ল আধুনিক কথাশিল্প৷ ই সাহিত্যৰ এটা জনপ্ৰিয় বিভাগ [genre]৷ ১৮শ শতিকাত ইউৰোপত প্ৰথম উপন্যাস ৰচিত হয়৷ ইটালীয় ভাষাৰ ‘নভেলা’ [novella] শব্দৰ পৰাই ‘নভেল’ শব্দৰ সৃষ্টি হৈছে৷ ‘নৱেলা’ৰ অৰ্থ হ’ল গল্প বা কাহিনী৷ ইটালীয় শব্দ ‘নভেলা’ৰ পৰা ইংৰাজী ‘নভেল’ শব্দটো আহিছে যদিও উপন্যাসৰ লগত ‘নভেলা’ৰ সাদৃশ্য নাই৷ বৰঞ্চ চুটিগল্পৰ লগতহে ‘নভেলা’ ওচৰ চপা৷

 উপন্যাস হ’ল গদ্যত লিখা বৰ্ণনাত্মক ঘটনাৰ সমষ্টি৷ মানৱ জীৱনক লৈ সৃষ্টি কৰা কাহিনী ভিত্তিক ৰচনা; বাস্তৱ জীৱনৰ পৰা বুটলি লোৱা চৰিত্ৰৰ জীৱন ভিত্তিক গল্পৰ সমাহাৰ৷ উপন্যাসত বাস্তৱ জীৱনৰপৰা চৰিত্ৰ বুটলি লৈ কাহিনীৰ বিন্যাস কৰা হয়৷

ইতিহাসৰ কাহিনীৰ আধাৰত ঐতিহাসিক উপন্যাস [historical novel] ৰচিত হয়৷ পৰিচিত কাহিনী এটা লেখকৰ কল্পনাৰ প্ৰভাৱত জীৱন্ত হৈ উঠে;  ঐতিহাসিক কাহিনীৰ সহায়ত সৃষ্ট প্লটৰ মাজেৰে অতিশয় প্ৰাণস্পৰ্শী হৈ উঠে৷ বুৰঞ্জীমূলক বা ঐতিহাসিক উপন্যাসৰ বৈশিষ্ট্য এয়ে যে বুৰঞ্জীৰপৰা চৰিত্ৰবোৰ গ্ৰহণ কৰা হয় যদিও বুৰঞ্জীত উল্লেখ নথকা চৰিত্ৰসমূহৰ কামনা-বাসনা, ভাৱ অনুভূতিক ঔপন্যাসিকে পাঠকৰ আগত উদঙাই দিয়ে৷

মূল কাহিনীৰ লগত কিছুমান সহযোগী বা পাশ্বৰ্ কাহিনী ঔপন্যাসিকে সংযোগ কৰে৷ যি সþময়ৰ ঘটনা উপন্যাসখনত বৰ্ণিত হয়, সেই সময়ৰ সমাজ, সামাজিক ৰীতি-নীতি, পৰম্পৰা তথা আচাৰ-আচৰণৰ সম্যক জ্ঞান ঔপন্যাসিকগৰাকীয়ে আহৰণ কৰা দৰকাৰ৷ অন্যথা উপন্যাসত বৰ্ণিত মানুহ, সমাজ, সামাজিক ৰীতি-নীতি, জন- মানস, পৰিৱেশ- পৰিস্থিতি আৰু অতীতৰ পৰিৱেশ-পৰিস্থিতি তথা সামাজিক জীৱনৰ মাজত বিসঙ্গতি দেখা দিব; যাক  কাল বিৰোধ দোষ [anachronism] বুলি কোৱা হয়৷ সেয়েহে ঔপন্যাসিকজনে অতীতৰ ঘটনাৱলীৰ জ্ঞান আহৰণ কৰা দৰকাৰ৷ উপন্যাসত ব্যক্তি আৰু সমাজৰ সংঘাত দেখুওৱা হয়৷ চৰিত্ৰৰ কাৰ্যাৱলী বা মানসিক দ্বন্দ্ব তথা আচৰণে উপন্যাসৰ কাহিনীক ক্ষিপ্ৰ কৰি তোলে৷ বিভিন্ন সময়ক পটভূমি হিচাপে লৈ উপন্যাস ৰচিত হয়৷ সেয়েহে উপন্যাসত এটা সময়ৰ মানুহৰ জীৱন, মানুহৰ আচৰণ আৰু সমাজৰ বিভিন্ন দিশৰ ছবি অংকিত হয়৷

আধুনিক তামিল গদ্য সাহিত্য (Tamil Prose)

 

আধুনিক তামিল গদ্য সাহিত্য (Tamil Prose)

অৰ্ণৱ শৰ্মা

 

        তামিল গদ্যৰ বিকাশৰ যি ইতিহাস তাৰ পৰিধি যথেষ্ট ব্যাপক৷ ইয়াৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীত হৈছিল আৰু প্ৰায় বিংশ শতাব্দীত তামিল গদ্যই বৰ্তমানৰ ৰূপ পাইছে৷ বিকাশৰ ইতিহাসলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে কোনো সময়ত তামিল গদ্য সাহিত্যৰ প্ৰভূত উত্থান হোৱাৰ বিপৰীতে কোনো সময়ত ইয়াৰ বিকাশ স্থবিৰ হৈ পৰিছিল৷ সেয়া হ’লেও তামিল গদ্যত শিলালেখ, টীকা-ভাষ্য আৰু প্ৰায় সকলো বিষয়ৰ কিতাপ উপলব্ধ৷ ঊনবিংশ আৰু বিংশ শতিকাত মঞ্চত ভাষণ দিবলৈ; ৰেডিঅ’, নাটক, পত্ৰিকাৰ উপৰিও বাতৰি-কাকত, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আদি বিষয়ৰ কিতাপ ৰচনা কৰিবলৈ গদ্যক উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে৷ প্ৰস্তাৱিত এই চমু প্ৰবন্ধটিত তামিল গদ্যৰ সমস্ত ইতিহাসৰ সম্পূৰ্ণ বিৱৰণ দিয়াটো সম্ভৱ নহয়৷ সেয়ে প্ৰবন্ধটিত সংক্ষেপে তামিল গদ্যশৈলীৰ কিদৰে বিকাশ হৈছিল আৰু বিগত বছৰবোৰত তামিল গদ্যশৈলীয়ে কিদৰে সফলতা অৰ্জন কৰিছে, সেয়া আলোচনা কৰা হ’ব৷

        [ৰ]

        ১৮৬২ চনত তামিল-ইংৰাজী শব্দকোষ প্ৰণয়ন কৰা মিষ্টাৰ বিন্সলোৱে তামিল গদ্যৰ বিষয়ে নিম্নলিখিত বক্তব্য আগবঢ়াইছে–

        “তামিল গদ্যশৈলী বৰ্তমানলৈ নিৰ্মণাৱস্থাত আছে আৰু বিদ্বান লোকসকলে ইয়াক গঢ় দিবলৈ যি চেষ্টা অব্যাহত ৰাখিছে, তাত এদিন সফল হ’বই৷ বহু লোকে কবিতা অতি সহজে লিখিব পাৰিলেও শুদ্ধ গদ্যৰে এক পৃষ্ঠাও লিখিব নোৱাৰে৷”

        আন এগৰাকী পাশ্চাত্য পণ্ডিত মিষ্টাৰ জন মৰডাকে ১৮৮৫ চনত ‘তামিল কিতাপৰ বিষয়ানুসৰি সূচীপত্ৰ’ প্ৰকাশ কৰিছিল৷ পুথিখনত তেওঁ এইদৰে উল্লেখ কৰিছে–

        “আয়ুৰ্ৱেদ, গণিত, ব্যাকৰণৰ পুথি তথা কোষগ্ৰন্থকে আদি কৰি প্ৰায় সকলো তামিল সাহিত্য পদ্যত ৰচিত; কেৱল বাক্যসমূহৰ টীকাতহে পাৰ্থক্য দেখা যায়৷”

তামিল নাটকৰ উদ্ভৱ আৰু বিকাশ (Origin and Development of Tamil Drama)

তামিল নাটকৰ উদ্ভৱ আৰু বিকাশ (Origin and Development of Tamil Drama)

ড॰ গোলকেশ্বৰ গোস্বামী

 

        তামিল সাহিত্যত প্ৰকৃত লিখিত নাটকৰ আৰম্ভণি খৃষ্টীয় সপ্তদশ শতিকাৰ সময়ৰ পৰাহে পোৱা যায়৷ তাৰ আগৰ সময়ৰ তামিল নাটকৰ বুৰঞ্জী নিৰ্ধাৰণৰ বাবে সেয়ে পুৰণি তামিল সাহিত্য আৰু মধ্যযুগৰ অনুশাসন-শিলালিপি আদিৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ সপ্তদশ শতিকাৰ সময়তহে তামিল নাটকৰ প্ৰকৃত লিখিত নিদৰ্শন পোৱা গ’লেও আৰু সেই সময়ৰে পৰা বিভিন্ন প্ৰকাৰৰ নাটকৰ সৃষ্টি হৈ আহিলেও ঊনবিংশ শতিকাৰ শেষ সময়ৰ পৰা পাশ্চাত্য সাহিত্যৰ সৈতে সান্নিধ্যলৈ অহাৰ পাছৰ পৰাহে তামিল নাটকৰ লক্ষ্যণীয় পৰিৱৰ্তন ধৰা পৰে৷ তামিল নাটকৰ বুৰঞ্জীক সাধাৰণতে তলত দিয়া ধৰণে চাৰিটা ভাগত ভাগ কৰিব পাৰি-

        ক] খ্ৰীঃ পূঃ তৃতীয় শতিকাৰ ব্যাকৰণ সম্পৰ্কীয় পুথি ‘তোল্‌কাপ্‌পিয়ম’ৰ  যুগৰ পৰা ষোড়শ শতিকালৈ ৰচিত নাটক;

        খ] সপ্তদশ-অষ্টাদশ শতিকাৰ নাটক

        গ] ঊনবিংশ শতিকাৰ নাটক আৰু

        ঘ] বিংশ শতিকাৰ সময়ৰ পৰা ৰচিত নাটক

[ক] ‘তোল্‌কাপ্‌পিয়ম’ৰ যুগৰ পৰা ষোড়শ শতিকালৈ ৰচিত নাটক ঃ

        স্মৰণাতীত কালৰে পৰা তামিল দেশত থিয়েটাৰ, নাটক আৰু অভিনেতা দল আদিৰ প্ৰচলন থকাৰ উমান পোৱা যায়৷ সংঘম সাহিত্যৰ  বিভিন্ন ক্ষেত্ৰত ‘পাণৰ’ নামৰ গায়ক আৰু ‘ৱিৰলিয়ৰ’, ‘কূত্তৰ’  আৰু ‘পোৰুনৰ’  নামৰ নৰ্তকৰ জনপ্ৰিয়তা আৰু নাটকৰ ক্ষেত্ৰত তেওঁলোকৰ বৰঙণিৰ উল্লেখ আছে৷ তদুপৰি এই যুগত সংগীত আৰু নৃত্যৰ প্ৰতি গুৰুত্ব দিয়া বিষয়টোৱেও প্ৰাচীন তামিল দেশত নাটক এবিধ উপাদেয় আৰু প্ৰশংসাৰ্হ কলা আছিল বুলি বুজিব পাৰি৷ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ব্যাকৰণ সম্পৰ্কীয় তোল্‌কাপ্‌পিয়ম- পুথিত সাধাৰণ লোকৰ আঠ প্ৰকাৰৰ অনুভূতি সাপেক্ষে  আঠটা ৰসৰ আলোচনাৰ ক্ষেত্ৰত যাত্ৰা বা যাত্ৰাভিনয়ৰ পৰম্পৰাৰ বিষয়েও আলোচনা কৰিছে৷ এই পুথিৰ ‘মেয়্‌প্‌পাটটিয়ল’  অংশত এইবোৰ বিষয়ৰ ব্যাখ্যা আছে৷ ‘মেয়্‌প্‌পাটটিয়ল’ অংশৰ অধ্যয়নে এই কথা স্পষ্টভাৱে বুজায় যে ৰচকে নাটকীয় কলাৰ দিশৰ পৰাই এই সাহিত্যিক ৰস সমূহৰ ব্যাখ্যা কৰিছিল৷ প্ৰাচীন কালত নৃত্যৰ লগত একেলগে নাটকৰো বিকাশ হৈছিল৷ এই দুয়োবিধ কলা যিহেতু বহুক্ষেত্ৰত সদৃশ আছিল; সেয়ে ‘তোল্‌কাপ্‌পিয়ম’ আদি পুথিত নৃত্য সম্পৰ্কত বিশেষ কথা বেলেগকৈ আলোচনা কৰা হোৱা নাছিল৷ অৱশ্যে ‘চিলপ্‌পদিকাৰম’   আৰু ‘মণিমেখলই’  আদি মহাকাব্যত বিভিন্ন আখ্যানৰ ঘটনাৰ ভিত্তিত গঢ় লৈ উঠা বিভিন্ন প্ৰকাৰৰ নৃত্য আৰু লোকনৃত্যৰ উল্লেখ পোৱা যায়৷ তামিল ভাষাৰ ব্যাকৰণ সম্পৰ্কীয় পুথি আৰু পুৰণি মহাকাব্যত সন্নিৱিষ্ট এইবোৰ উল্লেখে তামিল দেশত পুৰণি কালতেই নাটকৰ প্ৰচলনৰ সাক্ষী দাঙি ধৰে৷ কিন্তু তামিল দেশৰ পণ্ডিতসকলে পুৰণি কবিতাসমূহৰ সংৰক্ষণত যিমান গুৰুত্ব দিছিল; নাটকসমূহৰ সংৰক্ষণত কিন্তু তেনে গুৰুত্ব দিয়া নাছিল৷ ফলস্বৰূপে প্ৰাচীন তামিল সাহিত্যৰ নিদৰ্শন স্বৰূপে ‘চংকম’ নামৰ কবিতাৰ সংকলন যথেষ্ট পৰিমাণে পোৱা যায় যদিও পুৰণি নাট্য-সাহিত্যৰ কোনো এটি সংকলনেই বৰ্তমান পোৱা নাযায়৷ যিসকল সাধাৰণ লোকে দৰ্শক ৰূপত নাটক চাই আনন্দ উপভোগ কৰিছিল; তেওঁলোকে পৰৱৰ্তী পুৰুষৰ বাবে এইবোৰ সংৰক্ষণ কৰি ৰখাৰ যত্ন সমূলি কৰা নাছিল৷

আধুনিক তামিল কবিতা (Modern Poetry of Tamil)

 

আধুনিক তামিল কবিতা (Modern Poetry of Tamil)

ফাতেমা বেগম

 

        বিশ্বৰ অতি নগণ্য  ভাষাৰহে একোটা চহকী আৰু পুৰাতন সাহিত্যৰ ঐতিহ্য আছে৷ তামিল ভাষাৰ সাহিত্য সেইসমূহৰ ভিতৰত অন্যতম৷ তামিল ভাষাত ৰচিত কাব্য সাহিত্যৰ প্ৰায় ২০০০ বছৰীয়া ইতিহাস উপলব্ধ৷ এটা দীৰ্ঘ আৰু অবিৰত সাহিত্যিক ঐতিহ্যতহে নতুন পৰম্পৰাৰ ক্ৰমবিকাশ আৰু পুৰণি পৰম্পৰাৰ স্থল থাকে৷ পুৰণি পৰম্পৰাৰ পৰা আঁতৰি নতুনক আঁকোৱালি লোৱা তামিল সাহিত্যৰ পৰম্পৰাৰ বুৰঞ্জী অতি সুন্দৰকৈ আলোচনা কৰিব পাৰি৷

        পৰম্পৰাই সদায় এক কতৃৰ্ত্বৰ ভূমিকা গ্ৰহণ কৰে৷ বিভিন্ন সময়ত তামিল সাহিত্যত এটা নতুন সাহিত্যৰ ধাৰা ঠন ধৰি উঠাৰ পথ মসৃণ নাছিল৷ যিহেতু সামাজিক পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰো পৰিৱৰ্তন ধুৰূপ, সেয়েহে জটিলতাৰ মাজেদি হ’লেও সাহিত্যৰ নতুন ধাৰাৰ বিকাশ সম্ভৱপৰ হৈছিল৷

        এই ক্ৰমবিকাশৰ পৰম্পৰাৰ সম্পৰ্কে থ্ব. ত্ন. ত্ত.-ৰ ভাষাত ক্টTamil  poetry has been changing often, beyond recognition through constant experiments of the world and necessary contact with other groups and languages.ক্ট অৰ্থাৎ বিভিন্ন পৰীক্ষণ আৰু আন আন ভাষা তথা লোকৰ সংস্পৰ্শত তামিল কবিতাৰ ধাৰা সঘনাই সলনি হৈ আহিছে৷

        বিশ্বৰ আন আন দেশৰ সাহিত্যৰ প্ৰতি সচেতনতা আৰু ইয়াৰ অপৰিহাৰ্য প্ৰভাৱ তামিল সাহিত্যত ঊনবিংশ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণি ভাগত দেখিবলৈ পোৱা যায়৷ আনহাতে ভাৰতিয়ে (দ£পণ্ঠ) বিশ্বৰ বিভিন্ন ঠাইৰ সাহিত্য অন্বেষণেৰে বিভিন্ন সাহিত্যিক বৈবিধ্যসমূহ  ব্যৱহাৰ কৰিবলৈ আহ৩ান জনায়৷ তেওঁ নিজে ইংৰাজী সাহিত্যত ব্যৱহূত অমিত্ৰাক্ষৰ ছন্দৰ (Blank verse) ব্যৱহাৰ তামিল সাহিত্যত সূচনা কৰে৷

আধুনিক তামিল কাব্য-সাহিত্য (Tamil Kavya Literature)

 

আধুনিক তামিল কাব্য-সাহিত্য (Tamil Kavya Literature)

মীৰ আব্দুৰ ৰহিম

 

        আধুনিক তামিল পদ্য সাহিত্যৰ দিক্‌দৰ্শক কোন বুলি সুধিলে প্ৰথমতে  সুব্ৰমনিয় ভাৰতীৰ  নাম উল্লেখ কৰিব লাগিব৷ কবি হিচাপে সুব্ৰমনিয় ভাৰতী কেৱল তামিলনাডুতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতেই জনপ্ৰিয়৷ ভাৰতীৰ এনেকুৱা কিছুমান অনুৰাগী আছে; যিসকলে তেওঁক বিশ্বকবিৰ মৰ্যাদা দিব খোজে৷ যিয়েই নহওক কিয় আধুনিক তামিল পদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতীৰ যি অৱদান সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷

        প্ৰশ্ন উত্থাপিত হ’ব পাৰে যে ভাৰতীৰ পূৰ্বতে আধুনিক তামিল পদ্য সাহিত্যৰ সৃষ্টি হোৱা নাছিল নেকি? ভাৰতীৰ পূৰ্বতেও আধুনিক তামিল পদ্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ভাৰতীৰ হাততহে ই নতুন ৰূপ পৰিগ্ৰহ কৰি পূৰ্ণতা তথা বিকাশ লাভ কৰে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে কবি ভাৰতী আধুনিক তামিল পদ্য সাহিত্যৰ মূল ধাৰক আৰু বাহক৷ ভাৰতীক আধুনিক তামিল পদ্য সাহিত্যৰ কেন্দ্ৰীয় ব্যক্তি হিচাপে ধৰি ইয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি; যেনে– প্ৰাক্‌ ভাৰতী পদ্য সাহিত্য, ভাৰতী পদ্য সাহিত্য আৰু উত্তৰ ভাৰতী পদ্য সাহিত্য৷

        সকলো পদ্য সাহিত্যক কবিতা বুলি ক’ব পৰা নাযায় যেতিয়ালৈকে কবিতা পদ্য সাহিত্যৰ অন্তৰ্গত হয়৷ পদ্য আৰু কবিতা ৰচনাৰ ধাৰাৰ মাজত পাৰ্থক্য আছে৷

তামিল সাহিত্যৰ আধুনিক যুগ (Modern Period)

 

তামিল সাহিত্যৰ আধুনিক যুগ (Modern Period)

পূজা বৰুৱা

 

        ইংৰাজসকলৰ শাসন সুদৃঢ়ভাৱে স্থাপিত হোৱাৰ পিছত তামিল ভাষাৰ সন্মুখত এক বৃহৎ সমস্যাৰ সৃষ্টি হ’ল৷ ইয়াৰ পূৰ্বে হাজাৰ হাজাৰ বছৰ ধৰি তামিল প্ৰদেশৰ সকলো কাম, ৰাজকাৰ্য, বেপাৰ-বাণিজ্য আৰু অন্য কাম-কাজ তামিল ভাষাতেই চলিছিল৷ ইংৰাজসকলে এই ব্যৱস্থাক একেবাৰেই শেষ কৰি দিলে, সেয়েহে সাধাৰণ জনতাৰ তামিল শিকাৰ প্ৰবৃত্তি কম হ’বলৈ ধৰিলে৷ আনহাতে ইংৰাজী ভাষোৰ উচ্ছশিক্ষা লাভ কৰা ব্যক্তিসকলে তাৰ সাহিত্যিক ছবিৰ চমকত ইমানেই বিস্মিত হৈ পৰিছিল যে নিজৰ ভাষা-সাহিত্য আৰু নিজৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ মনত হীন ভাবনাই ঠাই ল’বলৈ ধৰিলে৷

        এফালে উপেক্ষা, আনফালে কিছুসংখ্যক পণ্ডিতে কালৰ গতিৰ সৈতে পৰিচিত নহৈ, মধ্যকালৰ জটিল শৈলীত পৰম্পৰাগত বিষয়ত সাহিত্য ৰচনা কৰিছিল৷ এইদৰে দুয়ো ফালৰ পৰা ভাষা উৎপীড়িত হৈ চটফটাই আছিল৷ এনে সন্ধিক্ষণত বেদনায়কম পিল্লৈ আৰু গোপাল কৃষ্ণ ভাৰতীৰ  নিচিনা কিছুসংখ্যক প্ৰতিভাশালী ব্যক্তিয়ে গদ্য আৰু পদ্যৰ ক্ষেত্ৰত নতুনত্ব অনাৰ যি প্ৰয়াস কৰিছিল, তাক পণ্ডিতসকলে ভাষাৰ ‘অপমান’ বুলি ভাবিলে৷

        সৌভাগ্যবশতঃ কিছুমান ইংৰাজী শিক্ষিত পণ্ডিতে এই স্থিতিক শুদ্ধ কৰাৰ ক্ষেত্ৰত মনোযোগ দিলে আৰু ইংৰাজীৰ বিশেষত্ব, যেনে– বিশেষকৈ গদ্য সাহিত্যৰ বহুলতা আৰু বিবিধতাক তামিললৈ অনাৰ প্ৰয়াস আৰম্ভ কৰিলে৷ সৰ্বশ্ৰী বী. কো. সূৰ্যনাৰায়ণ শাস্ত্ৰী , সুন্দৰম পিল্লৈ, চি. ৱৈ. দামোদৰম পিল্লৈ , ৰাজম আয়ৰ , মাঘবয়্যা আদি অনেক মহাৰথীৰ নাম  এই ক্ষেত্ৰত উল্লেখনীয়৷

তামিল ভাষাৰ কম্বকৃত কম্বৰামায়ণ আৰু বিল্লিপুত্তুৰ মহাভাৰত (Kamparamayanam and Mahabharatam)

 

তামিল ভাষাৰ কম্বকৃত কম্বৰামায়ণ  আৰু বিল্লিপুত্তুৰ মহাভাৰত (Kamparamayanam and Mahabharatam)

বনশ্ৰী হাজৰিকা

 

        ৰামায়ণ আৰু মহাভাৰত– এই উভয় গ্ৰন্থই ভাৰতৰ সাংস্কৃতিক মহাকাব্যৰূপে বিবেচিত৷ এই দুই গ্ৰন্থৰ মূল সংস্কৃত ভাষা৷ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ এই দুই মহাকাব্য অনূদিত হৈছে৷ হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ বিকাশত মহৰ্ষি বাল্মীকি আৰু ব্যাসৰ দৰে কবিয়ে তেওঁলোকৰ সৃষ্টিৰে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল৷ বিভিন্ন ভাষাৰ ব্যৱহাৰ কৰা ভাৰতীয়সকলৰ বাবে অতীজৰে পৰা এই গ্ৰন্থ দুখনে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তীৰ্থযাত্ৰী পণ্ডিতকে আদি কৰি সমাজৰ প্ৰতিটো স্তৰৰ লোককেই ধৰ্ম-অধৰ্মৰ বিষয়ে নীতিজ্ঞান প্ৰদান কৰি আহিছে৷ এই নশ্বৰ জগতত কিদৰে অবিনশ্বৰ সত্য প্ৰাপ্তিৰ দ্বাৰা পৰমাত্মাত লীণ হ’ব পাৰি সেই বিষয়ে প্ৰেৰণা দি আহিছে৷

        তামিল ভাষা সাহিত্য সম্পদত যথেষ্ট চহকী৷ এতিয়ালৈকে প্ৰাপ্ত তামিল ভাষাৰ প্ৰাচীনতম গ্ৰন্থখন হৈছে– টোলকাপ্পিয়ম  এই গ্ৰন্থখন তামিল ভাষা-সাহিত্যৰ প্ৰথম কৃতি গ্ৰন্থখনত তামিল ভাষাৰ ব্যাকৰণিক দিশসমূহৰ বিষয়ে আলোচনা হৈছে৷

        তামিল ভাষাত খ্ৰীষ্টপূৰ্বৰ আগৰ যি সাহিত্য প্ৰাপ্ত হৈছে সেইসমূহ গীতিকাব্য৷ প্ৰেম, যুদ্ধ আদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি এই কাব্যসমূহৰ ৰচনা কৰা হৈছিল৷ এই কাব্যসমূহৰ বিভিন্ন সংকলন উপলব্ধ৷ এই সমূহৰ ভিতৰত পত্তু পাট্টু   নামৰ কাব্য সংকলন অন্যতম৷ ইয়াৰ ভিতৰত দীৰ্ঘতম কবিতাটো ৭০০ শাৰীত বিভক্ত৷ এই কবিতাটোত মাদুৰাই নগৰৰ বৰ্ণনা কৰা হৈছে৷

তামিল সাহিত্যত কম্বন-কালৰ ৰচনা (Kampan Period)

 

তামিল সাহিত্যত কম্বন-কালৰ ৰচনা (Kampan Period)

অলংকৃতা গোস্বামী

 

        তামিল ভাষাত পুৰণি বৃহৎ কাব্যকাল দৰাচলতে ষষ্ঠ শতাব্দীতে আৰম্ভ হৈ বাৰশ শতাব্দী পৰ্যন্ত স্থায়ী হৈছিল৷ ষষ্ঠ শতাব্দীত জৈন সন্ন্যাসী তিৰnত্তক্কদেবৰে  সংস্কৃত কাব্যশৈলীৰে ‘জীৱক চিন্তামণি’ ৰচনা কৰিছিল; যাৰ উল্লেখ উত্তৰ পৰৱৰ্তী যুগত বৰ্ণিত হৈছে৷ সেই সময়তে দ্বিতীয় জৈন মহাকবি তোলামোলিতেবৰে  ‘শুলামণি’  নামৰ এখনি বৃহৎ কাব্য ৰচনা কৰিছিল৷ পণ্ডিতসকলে কাব্যৰ লক্ষণ তথা ছন্দৰ প্ৰতি লক্ষ্য ৰাখি ‘শুলামণি’  ৰ স্থান ‘জীৱক চিন্তামণি’তকৈ বহু উচ্ছ বুলি কৈছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই উৎকৃষ্ট কাব্যখনৰ কিছু অংশহে বৰ্তমান উপলব্ধ আছে৷

        দশম শতাব্দীৰ কবি জয়ংগোণ্ডাৰৰে ‘কলিংগত্তুপৰণি’  নামে কাব্য ৰচনা কৰে৷ ‘পৰণি’ তামিল ভাষাৰ এক বিশিষ্ট কাব্যশৈলীৰ নাম৷ যুদ্ধক্ষেত্ৰত কোনো ৰজাৰ বিজয় কাহিনী এই প্ৰকাৰৰ কাব্যত বৰ্ণিত হয়৷ তথাপিও ৰণক্ষেত্ৰৰ বীভৎস তথা ভয়ানক বৰ্ণনা ইয়াৰ প্ৰধান অংগ৷ অৰ্থাৎ এনে কাব্য বীভৎস তথা ভয়ানক ৰসৰ দ্বাৰা বিধৌত৷ বীৰ ৰসৰ প্ৰয়োগ ইয়াত দেখা পোৱা যায় যদিও এই ৰসক প্ৰাধান্য দিয়া নহয়৷ কিছুসংখ্যক পণ্ডিতে কয় যে মৃত্যুৰ অনিবাৰ্যতা আৰু উপযোগিতাৰ চিত্ৰণৰ বাবে কাব্যত ভূত-প্ৰেত-পিশাচ আদিৰ কল্পনা উপস্থাপন কৰা হয়৷

        আন এচাম পণ্ডিতৰ মতে বিজয়ী ৰজাক যুদ্ধৰ উন্মাদনাৰ পৰা মুক্ত কৰি ¸ শান্তি মাৰ্গলৈ আনিবৰ বাবে ‘পৰণি’ কাব্য ৰচনা কৰা হৈছিল৷ এনে কাব্য ৰজাৰ উপস্থিতিত, প্ৰজাসকলৰ বিশাল সভাত পঢ়ি শুনোৱা হৈছিল; যাতে ৰজা তথা অন্য  ৷ প্ৰজাসকলে যুদ্ধত বিজয়ৰ প্ৰকৃত অৰ্থ কি সেই বিষয়ে অৱগত হয়৷ কোনো যুদ্ধত যে হেজাৰ গৰাকী মহিলা বিধৱা আৰু হেজাৰটা সন্তান অনাথ হয় এই সকলোবোৰ কাৰ বাবে বাৰু সংঘটিত হয়?

তামিল মহাকবি কম্বনৰ ৰামায়ণ : এটি বিশে¡ষণ (Kamparamayanam)

 

তামিল মহাকবি কম্বনৰ ৰামায়ণ : এটি বিশে¡ষণ (Kamparamayanam)

ড॰ গোলকেশ্বৰ গোস্বামী

 

        তামিল সাহিত্যত ৰামায়ণ বিষয়ক ৰচনাৰ বুৰঞ্জী অতি প্ৰাচীন৷ ৰামচন্দ্ৰৰ জীৱনৰ বিভিন্ন বীৰত্বপূৰ্ণ বিষয় [খৃঃ প্তম-খৃ:২০০] সংঘম সাহিত্যৰ যুগৰ কিছুমান কবিতাতেই প্ৰথমতে উল্লেখিত হৈছে৷ অৱশ্যে খ্ৰীষ্টিয় চতুৰ্থ পঞ্চম শতিকাৰ পাছৰ পৰাহে তামিল ভাষাত মহাভাৰতৰ দৰে ৰামায়ণৰো সম্পূৰ্ণ কাহিনী ৰচনাৰ প্ৰক্ৰিয়া চলিছিল৷ তামিল সাহিত্যৰ ‘অকৱল’  ছন্দত পুৰণি কালতেই ৰামায়ণ কাহিনী ৰচিত হৈছিল; যদিও এই ৰামায়ণ গ্ৰন্থৰ মাত্ৰ পাঁচটা পদহে বৰ্তমানে পোৱা যায়৷ ইয়াৰ উপৰি তামিল দেশৰ জৈনধৰ্মী লোকসকলৰ মাজত জনপ্ৰিয় এখন জৈনৰামায়ণো আছিল; যিখনৰো মাত্ৰ অলপ সংখ্যক পদহে বৰ্তমান পোৱা গৈছে৷ কিন্তু তামিল সাহিত্যত মহাকবি কম্বনৰ ৰামায়ণৰ আবিৰ্ভাৱৰ লগে লগে, পূৰ্বৰ ৰামায়ণ ৰচনাসমূহৰ গুৰুত্ব কমি যায় আৰু লাহে লাহে সেইবোৰ জনমানসৰ পৰাও হেৰাই যায়৷ মহাকবি কম্বনৰ ‘ইৰামাৱদাৰম’ নামৰ ৰামায়ণখনৰ অপূৰ্ব ৰচনা শৈলী আৰু বিষয়বস্তু ৰূপায়ণৰ মাধুৰ্যৰ বাবেই পূৰ্বৰ ৰামায়ণ সাহিত্য ম্লান পৰি যোৱা বুলি সাহিত্য সমালোচকসকলে অভিমত প্ৰদান কৰি গৈছে৷

        তামিল দেশত খ্ৰীষ্টিয় নৱম শতিকাৰ চোল ৰজাসকলৰ শাসনৰ সময়ত সংগীত, নৃত্য আদিৰ বিকাশৰ লগে লগে সাহিত্য সৃষ্টিৰো এটি অভিনৱ পৰিৱেশ গঢ় লৈ উঠে৷ চোলবংশৰ কিছুসংখ্যক ৰজা সেই সময়ৰ কবি সাহিত্যিক কিছুমানৰ বন্ধু আছিল আৰু কবিসকলে সেই ৰজাসকলৰ উচ্ছ প্ৰশংসা কৰিছিল৷ কিছুমান চোল ৰজা সাহিত্য-বিদ্যাতো পাৰদৰ্শী আছিল৷ এই ৰজাসকলৰে এগৰাকী তামিল ৰামায়ণ-ৰচক কম্বনৰ বন্ধুও আছিল৷ তামিল সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্য-ৰচক কম্বনে চোলবংশৰ ৰাজত্বৰ সময়তে মহাকবি বাল্মীকিৰ ৰামায়ণৰ বিষয় বস্তুকেই লৈ ৰামায়ণ ৰচনা কৰে যদিও; কবিগৰাকীয়ে তেওঁৰ ৰচনাৰ মাজত কোনো ধৰণৰ িনৰ্দিষ্ট সময় নাইবা তেওঁৰ নিৰ্দিষ্ট পৰিচয়ো উল্লেখ কৰি যোৱা নাই৷ সেয়ে এই বিষয়ত তামিল পণ্ডিত গৱেষকসকলৰ মাজত ঐকমত্য দেখা নাযায়৷ তামিল দেশৰ মায়াৱৰম  নামৰ ঠাইৰ ওচৰৰ সৰু গাঁও এখনত কম্বনৰ জন্ম হৈছিল৷ সাধাৰণ বিশ্বাস অনুসৰি কম্বনক কালী মন্দিৰ এটিৰ পুৰোহিত এগৰাকীৰ পুত্ৰ বুলি জনা যায়৷ ঘৰুৱা অৱস্থাৰ দিশেৰে কম্বনহঁতৰ পৰিয়াল অতি নিঃকিণ আছিল যদিও তাৰ মাজতে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ জিলিকি উঠিছিল৷ কম্বনৰ সময় সম্পৰ্কত িনৰ্দিষ্ট কথা ক’ব পৰা নগ’লেও ১১৫৫ নাইবা ১১৮৫ এই দুটা বছৰৰ এটাকেই তেওঁৰ সময় হিচাপে গ্ৰহণ কৰা হয়৷ কম্বনৰ সময় সম্পৰ্কত যি মতানৈক্যই নাথাকক কিয় জনসাধাৰণৰ মাজত প্ৰচলিত ধাৰণা অনুসৰি কম্বনে তেওঁৰ সময়ৰ ৰজাতকৈও জনসাধাৰণৰ পৰা অধিক সন্মান আৰু সাদৰ লাভ কৰিছিল৷ পণ্ডিতসকলৰ মতে কম্বনৰ এই অসামান্য কবি প্ৰতিভা আৰু সন্মান প্ৰাপ্তিৰ বাবেই সম্ভৱতঃ সেই সময়ৰ ৰজাই তেওঁৰ প্ৰতি মনত অসূয়াভাৱো লৈছিল; যাৰ ফলত তেওঁ চোলৰাজ্য এৰি গুছি যাবলগীয়াও হৈছিল৷ কম্বনৰ চোল ৰাজ্য ত্যাগৰ প্ৰসংগত কম্বনপুত্ৰ অম্পিকাপতিৰ কথাও উল্লেখ কৰিব পাৰি৷ কম্বনপুত্ৰ অম্পিকাপতি ও এগৰাকী প্ৰখ্যাত কবি আছিল আৰু তেওঁ ৰাজকন্যাৰ প্ৰেমত পৰিছিল৷ কিন্তু অম্পিকাপতিৰ সৈতে ৰাজকন্যাৰ প্ৰেম ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে আছিল৷ এই কাৰ্যয়ো সম্ভৱতঃ ৰজা আৰু কম্বনৰ মাজৰ পাৰ্থক্য আৰু অধিক নিলগ কৰি তুলিছিল৷ আৰু অৱশেষত ৰজাই যেতিয়া তেওঁৰ পুত্ৰক মৃত্যুদণ্ড দিলে, তেতিয়াই কম্বনে ভগ্ন মনোৰথ হৈ চোল ৰাজ্য পৰিত্যাগ কৰিলে৷ পুত্ৰৰ মৃত্যুত কম্বনে যি মৰ্মান্তিক দুখ অনুভৱ কৰিছিল, সেই দুখ তেওঁৰ ৰামায়ণৰ ৰামচন্দ্ৰৰ বনবাসত ৰজা দশৰথৰ তীব্ৰ মানসিক শোক-যন্ত্ৰণা আৰু পুত্ৰ ইন্দ্ৰজিতৰ মৃত্যুত ৰাক্ষসৰাজ ৰাৱণৰ গভীৰ মৰ্মবেদনাৰ বৰ্ণনাৰ জৰিয়তে প্ৰকাশিত হৈছে বুলি সাহিত্য সমালোচকসকলে মন্তব্য কৰি গৈছে৷ চোল ৰাজ্য পৰিত্যাগ কৰাৰ পাছত পাণ্ড্য দেশৰ নাওৰচন্‌ কোত্তই নামৰ ঠাইত কম্বনৰ মৃতু ্য হয়৷ কম্বনৰ সমাধিস্থলক তামিলবাসীয়ে আজিও মন্দিৰ হিচাপে পূজা কৰি অন্তৰত প্ৰশান্তি লাভ কৰে৷ বিংশ শতিকাৰ তামিল কবি পাৰতিয়াৰে কবি কম্বনে তামিল দেশতহে জন্ম লাভ কৰিছিল বুলি কৈ কম্বনৰ জন্মই যে তামিল দেশখনক গৌৰৱান্বিত কৰি তুলিছিল , সেই সম্পৰ্কত নিজৰ মনোভাৱ ব্যক্ত কৰিছে৷ কম্বনক তেওঁৰ সময়ৰ শ্ৰেষ্ঠ কবি বুলি জনসাধাৰণে গ্ৰহণ কৰিছিল আৰু সকলোৱে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল৷ কম্বনৰ ঘৰৰ আনকি সৰু গজালটোৱেও কবিতা ৰচনা কৰিব পাৰে বুলি জনসাধাৰণৰ মাজত প্ৰবাদ  প্ৰচলিত হৈছিল৷

বৈষ্ণৱ ভক্তি সাহিত্য (Bhakti Literature:Vaishnavism)

 

বৈষ্ণৱ ভক্তি সাহিত্য (Bhakti Literature:Vaishnavism)

বিতোপন দাৱ

    তামিল সাহিত্যৰ পৰম্পৰা অতি পুৰণি আৰু চহকী৷ এই সাহিত্যৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম ‘তোলকাপিয়ম’ ৷ গ্ৰন্থখন পঞ্চম শতিকাৰ বুলি অনুমান কৰা হয়৷ পঞ্চম শতিকাৰ পূৰ্বেও তামিল ভাষাত  সাহিত্য ৰচনা  হৈছিল বুলি অনুমান কৰা হয়৷ যদিও এই শতিকাৰ কোনো বিশেষ নিদৰ্শন উদ্ধাৰ হোৱা নাই৷

        তামিল সাহিত্যৰ ইতিহাসত ষষ্ঠ-নৱম শতিকাছোৱা ‘ভক্তিকাল’ নামেৰে প্ৰসিদ্ধ৷ এই  সময়ছোৱাতে বৈষ্ণৱ কবি আলৱাৰ  আৰু সন্তকবি নায়নমাৰ  সকলৰ জন্ম হৈছিল৷ এই কালছোৱাত যিসমূহ সাহিত্য ৰচনা হৈছিল, সিবোৰ সম্পূৰ্ণ ভক্তিভাৱেৰে পূৰ্ণ সাহিত্য আছিল৷ কবিসকলে কেৱল ভক্তি বিষয়ক কাব্য ৰচনাতহে আগ্ৰহ প্ৰকাশ   কৰিছিল৷ আধুনিক ভাৰতীয় ভাষা- সাহিত্য অধ্যয়ন কৰিলে দেখা যায় যে তামিল সাহিত্যৰ বাহিৰে কেনো ভাৰতীয় সাহিত্যতে দশম শতিকাৰ পূৰ্বে ভক্তি সাহিত্য ৰচনা হোৱা নাছিল৷ ষষ্ঠ আৰু নৱম  শতিকাৰ সাহিত্য ভক্তি ভাৱনাৰে পৰিপূৰ্ণ সাহিত্য ৰচনা হোৱাটো তামিল সাহিত্যৰ বাবে অত্যন্ত মহত্ত্বপূৰ্ণ আৰু গৌৰৱৰ কথা৷  কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ষষ্ঠ-নৱম শতিকাৰ পিছত ৰচিত সািহত্যত ভক্তি ভাৱনা নাই৷ তামিল সাহিত্যত আৰম্ভণিৰে পৰাই ভক্তি ধাৰা অব্যাহত আছে৷

Thursday, 6 January 2022

শৈৱ ভক্তি সাহিত্য (Bhakti Literature: Shaivism)

 

শৈৱ ভক্তি সাহিত্য (Bhakti Literature: Shaivism)

কাবেৰী পাটৰ

 

        অনাদি কালৰ পৰা সমস্ত সংসাৰৰ মানৱে মানসিক শক্তি আৰু বিচাৰৰ মহানুভৱতাৰ শ্ৰেয় ফল প্ৰাপ্তিৰ বাবে এক নিশ্চিত মাৰ্গত চলি আছে, কিয়নো তেওঁলোকে মানি লৈছে যে সকলো কাৰ্যৰে এক কাৰণ আছে৷ এই মাৰ্গৰ স্থানে স্থানে, প্ৰান্তে-প্ৰান্তে, দেশে-দেশে আৰু জাতিয়ে জাতিয়ে বিভিন্নতা থাকিলেও কিন্তু এক সামান্য মিল স্পষ্ট ৰূপত দেখা যায় আৰু সেয়া হৈছে পৰমব্ৰহ্মৰ প্ৰাপ্তি৷ এই লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন মাৰ্গ আছে৷ ইয়াৰ ফলতেই কালৰ সোঁতত অনেক ধৰ্মৰ জন্ম হ’ল৷ ইয়াৰে কিছু ধৰ্ম সময়ৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ল, সময় বাগৰি যোৱাৰ পিছতো সেইসমূহ জীয়াই থাকিল আৰু ইহঁতৰ ৰূপ অধিকাধিক পৰিষ্কৃত তথা ব্যাপক হৈ গ’ল৷ এইসমূহৰ ভিতৰত হিন্দু ধৰ্মও অন্যতম আৰু শৈৱমত এই ধৰ্মৰে এটা শাখা৷

        ধৰ্মৰ উদ্দেশ্য কেৱল পৰমব্ৰহ্ম প্ৰাপ্তিয়ে নহয়৷ ই প্ৰতিজন ব্যক্তিকে সমাজৰ উপযোগী, পুণ্যাত্মা আৰু সদাশয় যুক্ত হিচাপে গঢ়ি তোলে, য’ত সহনশীলতা, কল্পনা শক্তি আৰু আত্মিক বিকাশৰ গুণো বিদ্যমান৷ এনে ব্যক্তি সমাজৰ বাবে অতি প্ৰয়োজনীয়৷ ধৰ্ম-সংস্থাপন আৰু ইয়াৰ লগত জড়িত ব্যক্তিয়ে সমাজ তথা ৰাষ্টৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰিছে৷

        আমাৰ দেশ ভাৰতৰ ধৰ্ম আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত উন্নতি আৰু বিকাশ সাধন হৈছে যদিও কেতিয়াবা ৰাজনৈতিক আৰু বাহ্যিক কাৰণৰ হেতু কিছু বাধা প্ৰাপ্তি হৈ আছে৷

তামিল ভক্তি সাহিত্য [আলৱাৰ আৰু নায়নমাৰ সকল] (Bhakti literature in Tamil: Alvars & Nayanmars)

 

৯

তামিল ভক্তি সাহিত্য [আলৱাৰ আৰু নায়নমাৰ সকল]

(Bhakti literature in Tamil: Alvars & Nayanmars)

কণিমা  পাঠক

 

        তামিল ভাষা ভক্তিৰ ভাষা বুলি সকলো মানুহেই স্বীকাৰ কৰে৷ ভক্তি সাহিত্যৰ যি স্ৰোত সেয়া আধুনিক তামিল সাহিত্যৰ মহাকবি ভাৰতীৰ  ‘কন্নন পাট্টু’  লৈকে বিয়পি পৰিছে৷ ইয়াৰ দ্বাৰা ভক্তি সাহিত্যৰ প্ৰাচীন সময়ৰ পৰা বৰ্তমানলৈকে সুন্দৰ যোগসূত্ৰ যে আছে সেয়া আমি অনুমান কৰিব পাৰোঁ৷ সপ্তম-নৱম শতিকা মানতেই ভক্তিৰ ঢৌ তামিল সাহিত্যত অধিক প্ৰবল ৰূপত পৰিলক্ষিত হয়৷ শৈৱ সাহিত্যৰ তিৰুমুৰই আৰু বৈষ্ণৱ সাহিত্যৰ নালায়েৰা দিব্য প্ৰৱন্ধম এই দুখন ভক্তি সাহিত্যৰ গুৰুত্বপূৰ্ণ অংশ৷ আলৱাৰ-নায়নমাৰ সকলৰ পাছতো অৰুণগিৰি নাদৰ , পট্টিনত্তাৰ , তায়মানৱৰ , ৰামলিংগ অডিগল  ভক্তি সাহিত্যৰ নৈৰ দৰে বৈ আহিল৷ ইছলামীয় আৰু খ্ৰীষ্টিয়ান সাহিত্যও সেই সময়ত গা কৰি উঠিছিল৷ ইংৰাজী ভাষা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ব্যৱহূত ভাষা, লেটিন আইনৰ ভাষা , গ্ৰীক গীতৰ ভাষা, ইটালী ভাষা প্ৰেমৰ ভাষা, তামিল ভাষা ভক্তিৰ ভাষা বুলিয়েই শ্ৰীলংকাৰ বিদ্বান পণ্ডিত টানিনায়কৰে উল্লেখ কৰি থৈ গৈছে৷

         পণ্ডিত সাহিতি্যকসকলে তামিল সাহিত্যৰ বুৰঞ্জীক ছটা ভাগত ভাগ কৰিছে ৷ যেনে –

        [ক] সংঘম কাল [ খ্ৰী.পূ. ৫০০ - ২০০ খ্ৰীষ্টাব্দ]

        [খ] বৌদ্ধ আৰু জৈনকাল [২০০ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দ]

        [গ] ভক্তিকাল [ ৬০০ - ৮০০ খ্ৰীষ্টাব্দ]

        [ঘ] মহাকাব্য কাল [৮০০ - ১৪০০ খ্ৰীষ্টাব্দ]

        [ঙ] মঠ আৰু ধমাৰ্নুষ্ঠানবিলাকৰ কাল [১৪০০ - ১৭০০ খ্ৰীষ্টাব্দ]

        [চ] আধুনিক কাল [১৭০০ খ্ৰীষ্টাব্দৰ পৰা পৰৱতীৰ্ সময়লৈকে] [মহন্ত বেজবৰা, নীৰাজনা ঃ তুলনামূলক ভাৰতীয় সাহিত্য, বনলতাঃ ডিব্ৰুগড., চতুৰ্থ প্ৰকাশ, ২০১৩]

ভক্তি কাল (Bhakti Period)

 

ভক্তি কাল (Bhakti Period)

সৃষ্টি শ্বৱনম


         সংঘ উত্তৰকালত যি পাৰলৌকিক আৰু ধাৰ্মিক প্ৰবৃত্তিসমূহৰ উত্তৰণ ঘটিছিল, ভক্তিকাব্য ধাৰা ৰূপত সেইসমূহৰ বিকাশ ঘটাটো স্বাভাৱিক আছিল৷ প্ৰথমতে এই ধাৰা অকল আধ্যাত্মিক অনুভূতি আৰু ৰহস্যবাদী কাব্য সৃষ্টিলৈকে সীমিত আছিল, কিন্তু পাছত ই অন্য ধৰ্মৰ বিৰোধিতা আৰু বিদ্ৰূপৰ ৰূপ ধাৰণ কৰে৷ তথাপিও এই যুগত যি মধুৰ ভক্তিকাব্যৰ সুৰৰ নদী প্ৰবাহিত হ’ল, সেয়া আজিও জনগণৰ মনত সঞ্চাৰিত হৈ আছে৷

        ভক্তিকালৰ সকলো ৰচনা শৈৱ আৰু বৈষ্ণৱ কবিৰ দ্বাৰা ৰচিত৷ সংঘোত্তৰকালত বৌদ্ধ আৰু জৈন ধৰ্মৰ যি ব্যাপক প্ৰচাৰ ঘটিছিল তাৰ পৰিণামস্বৰূপে বৈদিক ধৰ্মৰ ভেটি খহিছিল৷ বৈদিক ধৰ্মক এই বিপদৰ পৰা ৰক্ষা কৰা আৰু জীৰ্ণ মন্দিৰবোৰো পুনৰ সুদৃঢ় ৰূপত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই ভক্ত কবিসকলৰ অৱদান উল্লেখযোগ্য৷ সম্ভৱতঃ এই কাৰণেই হিন্দুসকলে এই সন্ত কবিসকলক অৱতাৰস্বৰূপে পূজা-অৰ্চনা কৰে৷