তামিল সাহিত্যত কম্বন-কালৰ ৰচনা (Kampan Period)
অলংকৃতা গোস্বামী
তামিল ভাষাত পুৰণি বৃহৎ কাব্যকাল দৰাচলতে ষষ্ঠ
শতাব্দীতে আৰম্ভ হৈ বাৰশ শতাব্দী পৰ্যন্ত স্থায়ী হৈছিল৷ ষষ্ঠ শতাব্দীত জৈন
সন্ন্যাসী তিৰnত্তক্কদেবৰে
সংস্কৃত কাব্যশৈলীৰে ‘জীৱক চিন্তামণি’ ৰচনা কৰিছিল; যাৰ উল্লেখ
উত্তৰ পৰৱৰ্তী যুগত বৰ্ণিত হৈছে৷ সেই সময়তে দ্বিতীয় জৈন মহাকবি তোলামোলিতেবৰে ‘শুলামণি’
নামৰ এখনি বৃহৎ কাব্য ৰচনা কৰিছিল৷ পণ্ডিতসকলে কাব্যৰ লক্ষণ তথা ছন্দৰ
প্ৰতি লক্ষ্য ৰাখি ‘শুলামণি’ ৰ স্থান
‘জীৱক চিন্তামণি’তকৈ বহু উচ্ছ বুলি কৈছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই উৎকৃষ্ট
কাব্যখনৰ কিছু অংশহে বৰ্তমান উপলব্ধ আছে৷
দশম শতাব্দীৰ কবি জয়ংগোণ্ডাৰৰে ‘কলিংগত্তুপৰণি’ নামে কাব্য ৰচনা কৰে৷ ‘পৰণি’ তামিল ভাষাৰ এক
বিশিষ্ট কাব্যশৈলীৰ নাম৷ যুদ্ধক্ষেত্ৰত কোনো ৰজাৰ বিজয় কাহিনী এই প্ৰকাৰৰ কাব্যত
বৰ্ণিত হয়৷ তথাপিও ৰণক্ষেত্ৰৰ বীভৎস তথা ভয়ানক বৰ্ণনা ইয়াৰ প্ৰধান অংগ৷ অৰ্থাৎ এনে
কাব্য বীভৎস তথা ভয়ানক ৰসৰ দ্বাৰা বিধৌত৷ বীৰ ৰসৰ প্ৰয়োগ ইয়াত দেখা পোৱা যায় যদিও
এই ৰসক প্ৰাধান্য দিয়া নহয়৷ কিছুসংখ্যক পণ্ডিতে কয় যে মৃত্যুৰ অনিবাৰ্যতা আৰু
উপযোগিতাৰ চিত্ৰণৰ বাবে কাব্যত ভূত-প্ৰেত-পিশাচ আদিৰ কল্পনা উপস্থাপন কৰা হয়৷
আন এচাম পণ্ডিতৰ মতে বিজয়ী ৰজাক যুদ্ধৰ উন্মাদনাৰ পৰা মুক্ত কৰি ¸ শান্তি মাৰ্গলৈ আনিবৰ বাবে ‘পৰণি’ কাব্য ৰচনা কৰা হৈছিল৷ এনে কাব্য ৰজাৰ উপস্থিতিত, প্ৰজাসকলৰ বিশাল সভাত পঢ়ি শুনোৱা হৈছিল; যাতে ৰজা তথা অন্য ৷ প্ৰজাসকলে যুদ্ধত বিজয়ৰ প্ৰকৃত অৰ্থ কি সেই বিষয়ে অৱগত হয়৷ কোনো যুদ্ধত যে হেজাৰ গৰাকী মহিলা বিধৱা আৰু হেজাৰটা সন্তান অনাথ হয় এই সকলোবোৰ কাৰ বাবে বাৰু সংঘটিত হয়?
এই ভাবৰ ওপৰতে বিশেষৰূপে গুৰুত্ব দিয়াৰ উদ্দেশ্যে
‘পৰণি’ কাব্যত বীৰত্বক প্ৰাধান্য নিদি যুদ্ধৰ বীভৎসতাক প্ৰাধান্য দিয়া হয়৷ এনে
কাব্যৰ ভিতৰত জয়ংগোণ্ডাৰৰ ‘কলিংগত্তুপৰণি’ক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়৷ ইয়াত কলিংগ
শ্চ্ৰLষ্ম্ৰ) ৰাজ্যৰ ওপৰত চোল ৰজা প্ৰথম কুলোত্তুংকৰৰ বিজয় যাত্ৰা বৰ্ণনা কৰা হৈছে৷ সেই সময়ৰ যুদ্ধ
প্ৰণালী, সৈন্যৰ বিভাগ, ৰাজ-ব্যৱস্থা
আদিৰ ওপৰত এই কাব্যত বিশদ ৰূপত দৃষ্টি নিক্ষেপ কৰিছে তথা ইয়াৰ ঐতিহাসিক মহত্ত্বও
অধিক৷
পৰৱৰ্তী সময়ত এই শৈলীত আধ্যাত্মিক গূঢ়াৰ্থ পূৰ্ণ
কেইবাখনো কাব্য ৰচনা কৰা হৈছিল৷ ইয়াৰ ভিতৰত ঔট্টক্কুতৰ দ্বাৰা ৰচিত ‘তক্কয়াগ পৰণি’ উল্লেখনীয়৷
কম্বনৰ ৰামায়ণ
কোনো কোনো পণ্ডিতৰ মতে ১১শ শতাব্দীত চোল ৰজা দ্বিতীয়
কুলোত্তুণ্ডনৰ সময়ত মহাকবি কম্বনে অমৰ কাব্য ৰামায়ণৰ ৰচনা ককৰাৰ পাছত এই কাব্যৰ
বিভিন্ন সৌন্দৰ্যময় আভাৰ প্ৰভাৱত আগৰ সকলো কাব্য ম্লান পৰি গ’ল৷ পণ্ডিতসকলৰ মতে
তামিল সাহিত্যত ষষ্ঠ শতাব্দীৰ পৰা আৰম্ভ কৰি ১৪ শ শতাব্দীৰ দ্বিতীয় বৃহৎ
কাব্যকালটো ‘কম্বন কাল’ নামে প্ৰখ্যাত হৈ পৰিল৷
কম্বনে এই সুযশ পাবলৈ কেনেকৈ সক্ষম হ’ল? তামিল ভাষাত ৰামায়ণৰ ৰচনা কম্বনতকৈ আগতেও হৈছিল৷ পণ্ডিত কি. বা. জগন্নাথনৰ মতে, সংঘ কালত এখন ৰামায়ণ ৰচিত হৈছিল যদিও পাছত সেইখন কালৰ সোঁতত বিলীন হৈ গ’ল৷
বিৰুত্ত ছন্দত বৃহৎ কাব্যৰ ৰচনা কম্বনতকৈ আগেয়ে আৰম্ভ
হৈছিল বাবে এই দৃষ্টিৰেও কম্বনক যুগ প্ৰৱৰ্তনকাৰী বুলি ক’ব নোৱাৰি৷
‘চিলপ্পদিকাৰম’ৰ
দৰে কম্বনৰ ৰামায়ণ মৌলিক ৰচনা নাছিল, মহাকবি
বাল্মীকিৰ মহাকাব্যৰ ওপৰত আধাৰিত আছিল৷
কম্বনে তেওঁৰ অগ্ৰজ কবিসকলৰ কাব্য-শৈলী, উপমা, ৰূপক আদিৰ প্ৰয়োগ শৈলীক নিঃসংকোচে গ্ৰহণ কৰিছে৷ বিশেষকৈ
কম্বনৰ বৰ্ণনা শৈলীত ‘জীৱক চিন্তামণি’ৰ প্ৰভাৱ স্পষ্ট৷
এইখিনি কথাৰ পাছতো কম্বনক ‘যুগ প্ৰৱৰ্তনকাৰী’ কবি কিয়
বোলা হয়? কম্বনৰ সমকালীন কবিসকলৰ ভিতৰৰ পুগলেন্দি , ঔট্টক্কুত্তৰৰ দৰে বহু মহাৰথী আছিল৷
তেওঁলোক সকলোৱে সমস্বৰে কম্বনক ‘কবি চক্ৰৱৰ্তী’
বুলি মৰ্যাদা প্ৰদান কৰিছিল৷ এটি কাহিনীৰ মতে ঔট্টক্কুত্তৰে স্বয়ং ৰামায়ণৰ
ৰচনা আৰম্ভ কৰি ‘বাল-কাণ্ড’লৈকে সম্পূৰ্ণ কৰিছিল৷ কিন্তু কম্বনৰ ৰামায়ণ যেতিয়া
তেওঁ শুনিছিল তেতিয়া তেওঁৰ আধা লিখা ৰামায়ণখন নিজেই ফালি পেলাই দিছিল৷ উল্লেখনীয়
কথা এয়ে যে ঔট্টক্কুত্তৰ বয়োবৃদ্ধ, বৰ অহংভাবৰ আৰু অত্যন্ত
ঈৰ্ষা-পৰায়ণ আছিল৷ এনেকুৱা কবি তথা কঠোৰ সাহিত্য-সমালোচকে কম্বনৰ দৰে এজন যুৱকৰ
শ্ৰেষ্ঠতা স্বীকাৰ কৰিছিল৷ কোনো ৰাজ
দৰবাৰত কম্বনৰ পদাৰ্পণ সেই ৰজাজনৰ মহান বিজয় বুলি মানি লোৱা হৈছিল আৰু উৎসৱৰ আয়োজন
কৰা হৈছিল৷ কম্বনৰ ৰামায়ণৰ সম্পূৰ্ণ অধ্যয়ন ‘জীৱন জোৰা সঞ্চিত ভাষা-জ্ঞানৰ-মহানতম
পুৰস্কাৰ’ বুলি জ্ঞান কৰা হৈছিল৷
পণ্ডিতসকলৰ মত অনুসৰি, ইয়াৰ মুখ্য
কাৰণ সংক্ষিপ্তকৈ এয়ে যে কম্বনতকৈ দুবছৰ আগত বিৰুত্ত ছন্দত বৃহৎ কাব্যৰ ৰচনা তামিল
ভাষাত আৰম্ভ হৈছিল, কিন্তু কম্বনৰ বিৰুত্ত ছন্দৰ যি সৰ্বাংগীন ৰচনা
কুশলতা, ভাবানুৱৰ্তী বিবিধতা সেয়া অন্য কোনো ৰচনাতে দেখা
নগৈছিল৷ কম্বনে যদিও তেওঁৰ আগৰ কবিসকলৰ প্ৰয়োগ তথা ৰচনা শৈলীক গ্ৰহণ কৰিছে, তেওঁ নিজৰ অদ্বিতীয় প্ৰতিভাৰ দ্বাৰা ৰামায়ণৰ ৰচনা-শৈলী ইমান চমকপ্ৰদ কৰি
তুলিছে আৰু তাত এনে সুগন্ধিৰে সৌন্দৰ্য ফুটাই তুলিছে যিবোৰ কথা আগৰ কবিসকলৰ ৰচনাত
পোৱা হোৱা নাছিল৷ কম্বনে তেওঁৰ কাব্যৰ কথাবস্তু ‘বাল্মীকি ৰামায়ণ’ৰ পৰাই লৈছে; কিন্তু ‘বাল্মীকি ৰামায়ণ’ৰ বীজৰ ওপৰত তেওঁ যি কাব্য মন্দিৰ থিয় কৰালে তাৰ
অধিকাংশ শিল্পকাৰিতাই মৌলিক৷
কিছুসংখ্যক পণ্ডিতে
গৱেষণামূলক দৃষ্টিভংগীৰে কম্বন আৰু বাল্মীকিৰ ৰচনাৰ তুলনাত্মক বিবেচনা কৰি প্ৰমাণ কৰিলে যে প্ৰায়োগিকভাৱে কম্বন
বাল্মীকিতকৈ কোনো ক্ষেত্ৰত আগবাঢ়ি গৈছে৷ তেওঁলোকৰ মত অনুসৰি কম্বন সৰ্বোৎকৃষ্ট
কাব্যশিল্পী আছিল৷ তেওঁ বাল্মীকিৰ ৰচনাক অত্যন্ত সুন্দৰ ৰূপত অধ্যয়ন কৰি তেওঁৰ
সকলো অনুকৰণীয় বিশেষত্ব নিজস্ব কৰি ল’লে আৰু মূল কাব্যত য’তেই গাঁঠনিক, চৰিত্ৰ চিত্ৰণ বা বৰ্ণনাত শিথিলতা পাইছিল তাক নিৰ্মূল কৰিলে৷ আটাইতকৈ
গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে কম্বনে বাল্মীকিৰ সংস্কৃত মহাকাব্যক মৌলিকতাৰ সৈতে
গ্ৰহণ কৰি ল’লে আৰু তাৰ ফলস্বৰূপে কাব্যৰ চৰিত্ৰ তামিলভাষী আৰু তামিল সংস্কৃতিৰ
বুলিয়েই আমাৰ ভাব হয়৷
কম্বনৰ ৰামায়ণ ১০৫০০ বিৰুত্তছন্দত নিৰ্মিত কাব্য৷
পণ্ডিতসকলৰ মতে ইয়াৰ দুহেজাৰ বিৰুত্ত দীপক৷ সেইখিনিক বাদ দিলে ৪৫০০ কবিতাত গংগাৰ দৰে প্ৰৱাহ পোৱা
যায়৷
বিখ্যাত সমালোচক তথা কাব্যৰসজ্ঞ শ্ৰী. পী. শ্ৰী.
আচাৰ্যৰ মতে ৰামায়ণ কাব্য ৰচনা কম্বনৰ
জীৱনজোৰা সাধনাৰ ফল৷ ‘বাল-কাণ্ড’ত আমি কম্বনৰ শব্দৰ ধবনি মাধুৰ্য তথা বৰ্ণনাৰ
চাতুৰ্য অধিক ৰূপত প্ৰকাশিত হোৱা দেখা পাওঁ৷ ‘অযোধ্যা কাণ্ড’ তথা অন্য কাণ্ডতো
বৰ্ণনাৰ এই বিশেষত্ব দেখা পোৱা যায়, কিন্তু সেইবোৰত কবিয়ে মানৱ হূদয়ৰ
প্ৰত্যেক অনুভূতি, আশা, লালসা, ৰোষ তথা
কান্দোনক চিত্ৰিত কৰাত অধিক গুৰুত্ব দিছে৷ এনেদৰে কবিৰ প্ৰতিভা উত্তৰোত্তৰ বিকশিত
তথা পূৰ্ণ বিকশিত হৈছে আৰু যুদ্ধ কাণ্ডত সম্পূৰ্ণ বিকাশপ্ৰাপ্ত হৈছে৷
স্বভাৱোক্তি আৰু অতিশয়োক্তিৰ সংমিশ্ৰণ, ধবনি আৰু ভাবৰ সামঞ্জস্য, তৰা-মণ্ডলত ভ্ৰমি ফুৰা কল্পনাৰ
উচ্ছতা সকলো মিলি তেওঁৰ ৰচনাই পাঠকসকলক ৰসবিভোৰ কৰে৷ কোশল ৰাজ্যৰ বৰ্ণনা কৰি কৰি
কবিয়ে হঠাৎ আমাক আচৰিতভাৱে কাল্পনিক ভূ-স্বৰ্গলৈ লৈ যায়, কম্বনৰ
বৰ্ণনা অনুসৰি কোশল ৰাজ্যত–
‘অশিক্ষিত কোনো নাছিল, এই কাৰণে না
কোনো বিদ্যাত পাৰ্গত আছিল আৰু না কোনো
অপণ্ডিত আছিল৷ সকলোৱে সকলো প্ৰকাৰৰ ঐশ্বৰ্যৰে সম্পূৰ্ণ আছিল আৰু না কোনো
অভাৱগ্ৰস্ত আছিল, না কোনো ধনী আছিল৷
কম্বনৰ মহত্ত্বৰ লগত ইংৰাজী শিক্ষিত লোকসকলক পৰিচয়
কৰোৱাত স্বৰ্গীয় শ্ৰী ব. বে. সুব্ৰমনিয়ম আয়াৰয়ে
বিশেষ ভূমিকা লৈছিল৷ তেওঁ সংস্কৃত, ইংৰাজী, তামিল, ফ্ৰান্স, ফৰাচী আৰু হিন্দী ভাষাত পাৰ্গত
পণ্ডিত আছিল ৷
বাল্মীকি ৰামায়ণত ধনুভংগৰ পূৰ্বে ৰাম আৰু সীতাৰ
পৰস্পৰ দৰ্শনৰ উল্লেখ নাই, কিন্তু তামিল পৰম্পৰাৰ ই বিৰোধ যে
ৰামৰ দৰে ৰাজকুমাৰ আৰু সীতাৰ দৰে ৰাজকুমাৰীয়ে পূৰ্ব-প্ৰেমৰ অবিহনে বিবাহ বন্ধনত
বান্ধ খাব৷ সেয়ে কম্বনে মূল কথাত কিছু পৰিৱৰ্তন কৰি দিলে৷
বিশ্বামিত্ৰৰ লগত ৰাম আৰু লক্ষ্মণ মিথিলা পোৱাৰ আগতে
জানকীৰ গুণ-গৰিমাৰ লগত মিথিলাবাসী পৰিচিত আছিল, সেই সময়ত
দশৰথ পুত্ৰৰ দৰ্শনৰ বাবে বিৰাট জনসমুদ্ৰ একত্ৰিত হৈছিল৷ ৰামৰ গুণৰ বিষয়ে ৰাজকুমাৰী
সীতাও জ্ঞাত আছিল আৰু সেয়ে উৎসুকতাবশতঃ শ্ৰীৰামচন্দ্ৰক দৰ্শন কৰিবলৈ ভৱনৰ লতাগৃহত
সখীসকলৰ লগত থিয় হৈ আছিল৷ চতুৰ বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক সেই পথেৰেই লৈ আহিছিল৷
ৰামে সন্মুখলৈ চাই গৈ আছিল, হঠাৎ কোনো অলৌকিক আকৰ্ষণে আকৰ্ষিত
কৰাত সেইফালে চালে৷ ঠিক সেই সময়তে সীতায়ে ৰামক দেখিলে৷ দুয়োৰে চকুৱে চকুৱে পৰিল৷
বহু সময় ধৰি তেওঁলোক দুয়োৱে দুয়োকে চাই থাকিল৷ সীতা “জ্যোতি লোকৰ সম্ৰাজ্ঞীৰ দৰে
থিয় হৈ থাকিল, যাৰ দৰ্শন মাত্ৰকে পাষাণৰো প্ৰেম স্নিগ্ধ, দ্ৰৱিত হৈ যায়৷ তেওঁৰ কমনীয় দেহত বিৰাজমান হৈ সৌন্দৰ্য দেৱীয়ো এক নতুন
লাৱণ্যৰে উদ্ভাসিত হৈছিল৷...”
এই প্ৰথম দৰ্শনৰ কাৰণে, পিছত ধনু
ভংগৰ প্ৰসংগত ৰামে ধনু ইমান মৃদুভাৱে উঠালে যে তেওঁ ‘অৰ্ধ-বিকশিত ফুলৰ বৰমালাহে, যাক সীতায়ে কংকন ভূষিত সোণৰ খাৰুহে পিন্ধাবলৈহে ভাগ কৰিছে৷” এনেদৰে কম্বনৰ
চৰিত্ৰ চিত্ৰণত অসাধাৰণ প্ৰতিভাৰ উমান পোৱা যায়৷
মহাকবি বাল্মীকিয়ে ৰাৱণৰ ৰূপত এনে এক চৰিত্ৰৰ চিত্ৰণ
কৰিলে যি বেদজ্ঞ, অনুপম বীৰ, বীৰোচিত সৌন্দৰ্যৰ দ্বাৰা পূৰ্ণ, কঠোৰ তপস্যাৰ দ্বাৰা অলৌকিক বৰপ্ৰাপ্ত, অসাধাৰণ বলী
আৰু বিশ্ব-বিজয়ী৷ তেওঁ দৰ্প আৰু অসামান্যতাৰে ভৰি আছিল৷ কিন্তু এনে ৰাৱণৰ সন্মুখত
যেতিয়া তেওঁৰ ভনীয়েক শূৰ্পনখা লক্ষ্মণৰ দ্বাৰা অংগক্ষত হোৱাৰ পিছত উপস্থিত হ’ল
তেতিয়া বাল্মীকিৰ ৰাৱণে কাঠৰ পুতলাৰ দৰে তাইক চাই বহি থাকিল৷ শূৰ্পনখাই ততালিকে
ৰাৱণক ভৎৰ্সনা কৰিবলৈ ল’লে আৰু ক’লে–
“কি তুমি এতিয়াও স্বাৰ্থপূৰ্ণ ইচ্ছাৰ পূৰ্তিতে, ভোগ-বিলাসিতাতে লাগি থাকিবা? কি তোমাৰ উন্নত চকু এতিয়াও সেই
ভাবৰ ফালে ধ্যান নিদিয়ে যি তোমাৰ অনিষ্ট হোৱাৰ খবৰ দিছে...?”
এনেদৰে দীঘলীয়া কটু বাক্য কোৱাৰ ঠিক পাছত শূৰ্পনখাই
ক’লে–
“আনৰ বেয়াবোৰ তুমি কৈ থাকা, কিন্তু
স্বয়ং নিকৃষ্ট ইচ্ছাৰ দাস হৈ পৰিছা৷ সময় আৰু দেশ অনুসৰি যিবোৰ কৰ্তব্য সন্মুখলৈ
আহে তুমি তাৰ একো এটাকে পালন কৰা নাই৷”
নিজ ভনীয়েকৰ মুখে এনে কটু বাক্য শুনাৰ পাছতো বাল্মীকিৰ
ৰাৱণে একো নক’লে৷ কবিয়ে কয় যে–
“অসীম শক্তি তথা ঐশ্বৰ্যৰে সম্পন্ন, নিজৰ শাসন-সভাৰ অভিমানী নিশাচৰপতিয়ে [ভনীয়েকৰ কথাত] বহুত সময়লৈ গম্ভীৰভাৱে
বিবেচনা কৰিলে৷”
কম্বনে নিজৰ কাব্যত এই সকলো প্ৰয়োগ বেলেগ ধৰণে
প্ৰস্তুত কৰিছে, যাৰ কাৰণে ৰাৱণৰ চৰিত্ৰ প্ৰকাশিত হৈছে৷ শূৰ্পনখাৰ
অংগক্ষতৰ পিছত লংকা প্ৰৱেশৰ বৰ্ণনা অতি
সজীৱ, স্বাভাৱিকভাৱে চিত্ৰিত কৰিছে–
“তেওঁ নগৰৰ উত্তৰ দুৱাৰেদি প্ৰৱেশ কৰিলে৷ তেওঁ দুয়োখন
হাত আশীৰ্ৱাদ প্ৰাৰ্থীৰ দৰে শিৰৰ ওপৰত
লাগি আছিল৷ যিবোৰ ৰাক্ষসে তেওঁক দেখিলে তেওঁলোক খঙতে ৰঙা হৈ পৰিছিল৷ কিছুমানে কড়কড়
শব্দৰ দৰে গুজৰি কিবা ক’লে৷ কোনোফালে আকৌ ক্ৰোধৰ অগ্নি জ্বলি উঠিল আৰু ওঁঠত দাঁত
লাগি গ’ল৷ কোনোবাই ক’লে এইটো কাৰোবাৰ কাম হ’ব– ইন্দ্ৰ, ব্ৰহ্মা
নাইবা শিৱৰ? অন্য এজনে ক’লে– নিখিল বিশ্বত কাৰ ইমান সাহস হ’ল যে
এনেকুৱা কাম কৰিলে?...”
“সম্পূৰ্ণ লংকাত বীণা আৰু মৃদংগ, বাঁহী আৰু শংখ সকলো তৎক্ষণাত বন্ধ হৈ গ’ল৷...”
লংকাবাসীয়ে ৰাৱণৰ বিজয়ক নিজৰ বিজয় আৰু তেওঁৰ অপমানক
নিজৰ অপমান বুলি গণ্য কৰিছিল– তেওঁ ইমান লোকপ্ৰিয় শাসক আছিল৷ শূৰ্পনখাৰ এনে অপমান
লংকাৰ ইতিহাসত অভূতপূৰ্ব, অবিশ্বাসযোগ্য ঘটনা আছিল৷
শূৰ্পনখা এনেদৰে আহি ৰাৱণৰ ৰাজসভা পালে আৰু তেওঁৰ আগত
বাগৰি পৰিল যেন পৰ্বতৰ চৰণত ক’লা মেঘহে পৰিছে৷ তাই এটা শব্দও মুখেৰে নক’লে৷ কম্বনৰ
ৰাৱণে যেতিয়া এইবোৰ দেখিলে–
“তেওঁৰ ওঁঠ দাঁতৰ তলত লুকাই গ’ল৷ দহোখন মুখৰ পৰা ধোঁৱা
ওলাবলৈ ধৰিলে৷ মোচ লৰিবলৈ ধৰিলে আৰু উশাহৰ লগত জ্বালা ওলাবলৈ ধৰিলে৷ তেওঁ দাঁত
কামোৰাৰ লগে লগে এনেহেন ভাব হ’ল যেন তাৰ পৰা বিজুলী ওলাই গ’ল৷ কড়ককৈ গুজৰি তেওঁ
সুধিলে “এই গতি কোনে কৰিলে?”
শূৰ্পনখাই লাহে লাহে সকলো কথা তেওঁক জনালে৷ যেতিয়া
তাই এইটো ক’লে যে দুটা মানুহে এই কাম কৰিলে তেতিয়া ৰাৱণে এই কথাত বিশ্বাস কৰিব
নোৱাৰি জোৰে জোৰে হাঁহিলে৷ তেওঁ যেতিয়া শেষৰ ঘটনাটো শুনিলে তেতিয়া তেওঁৰ দৰ্প
অহংকাৰত এনেকুৱা আঘাত লাগিল যে তেওঁ চিঞৰি উঠিল–
“প্ৰাণৰ সমান মৰমৰ ভগ্নীৰ অংগক্ষত কৰিলে মানুহে/
তথাপিও তেওঁ মৰা নাই৷ ইয়াৰ পাছতো ৰাৱণ জীৱিত আছে, হাতত খড়গ
লৈ, নিৰ্ল৭১ দৰে তেওঁৰ চকুত লজ্জা নাই, তেওঁৰ মূৰটো
মুক্ত৷... হে মন, লাজ পাইছ তই? এই
অভূতপূৰ্ব উপহাসৰ ভাৰ কেনেকৈ সহ্য কৰিবি, তাৰ ভয় হৈছে তোৰ? চিন্তা নকৰিবি৷ দহোটা মূৰ তোৰ, আৰু মাজত আছে সুসংহত হাত, এই লাজৰ ভাৰ বহন কৰিবলৈ মই সমৰ্থ৷”
কৈ কৈ ৰাৱণৰ যেতিয়া খৰদূষণৰ দৰে ৰাক্ষস বীৰৰ কথা মনলৈ
আহিল তেতিয়া সুধিলে, ঃ “খৰ আৰু অন্য ৰাক্ষসবোৰে কি কৰি আছিল? সিহঁতে এই মনুষ্য-পতংগক নাশ কিয় নকৰিলে?” তেতিয়া
শূৰ্পনখাই তেওঁলোকক সংহাৰ কৰাৰ কাহিনী শুনালে৷ ইয়াৰ পাছত ৰাৱণে সুধিলে ঃ “তুমি কি
কৰিলা, তোমাৰ ওপৰত তেওঁলোকে এনেকৈ হাত উঠালে?”
তেতিয়া শূৰ্পনখাই সীতাৰ অলৌকিক সৌন্দৰ্যৰ বৰ্ণনা
কৰিলে আৰু ক’লে যে মই তাইক লৈ আহি তোমাক ভেট কৰাব বিচাৰিছিলোঁ৷ যাৰ এই ফল মই
ভুগিবলগীয়া হ’ল৷
শূৰ্পনখাই সীতাৰ লাৱণ্যৰ এনে চিত্ৰণ কৰে যে ৰাৱণ তাৰ
প্ৰভাৱত কামাতুৰ হৈ পৰে৷ আনকি ঃ
“খং, শৌৰ্য, লজ্জা সকলো
তেওঁৰ হূদয়ৰ পৰা ওলাই গ’ল৷ ঠিক সেইদৰে, যেনেদৰে পাপৰ প্ৰৱেশ হ’লে হূদয়ৰ
সকলো পৱিত্ৰতা নোহোৱা হৈ যায়৷ এতিয়া বাসনা আৰু তাৰ পৰা উৎপন্ন হোৱা পীড়া দুয়ো
দুটুকুৰা অগ্নিৰ দৰে তেওঁৰ আত্মাত প্ৰজ্বলিত হৈ উঠিল৷...”
কম্বনে এই কু-বাসনাৰ অতি বিস্তৃত বৰ্ণনা কৰিছে, য’ত ৰাৱণৰ পাছৰ কাৰ্য স্বাভাৱিক যেন প্ৰতীত হয়৷ যদি সীতাৰ প্ৰতি ৰাৱণৰ বাসনা
ইমান বলবান নহ’লহেঁতেন, তেতিয়া তেওঁৰ নিজৰ পৰিবাৰ, বংশ তথা প্ৰজাগণক সেই অগ্নিত দাহ কৰা কেনেদৰে স্বাভাৱিক প্ৰতীত হ’লহেঁতেন?
যুদ্ধ কাণ্ডত কম্বনে ৰাৱণৰ অলৌকিক বীৰত্ব আৰু
আত্মাভিমানক এনেদৰে চিত্ৰিত কৰিছে যে অক্ষয় কুমাৰণৰ মৃত্যুৰ পাছত বীৰ ইন্দ্ৰজিতে যেতিয়া
অত্যন্ত নম্ৰতা তথা মমতাৰ সৈতে ৰাৱণৰ ওচৰত নিবেদন কৰিলে যে সীতাক ঘূৰাই দি এই
মহানাশৰ অন্ত কৰক, তেতিয়া ৰাৱণে কঠোৰভাৱে ক’লে ঃ
“... যদি মই যুদ্ধ কৰি মৰিও যাওঁ, তেতিয়া ৰামৰ
লগে লগে মোৰো নাম তেতিয়ালৈকে লোৱা হ’ব, যেতিয়ালৈকে সংসাৰত বেদৰ অধ্যয়ন আৰু
গান প্ৰচলিত হৈ থাকিব৷ আৰু মৃত্যুৰ পৰা কোননো সাৰি যাব পাৰে? কোন নমৰে? আজি আমি জীৱিত আছোঁ, কালিলৈ আমাৰ
অস্তিত্বই সমাপ্ত হৈ যাব৷...”
ৰামৰ ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা আহত হৈ ৰাৱণ ৰণক্ষেত্ৰত
বাগৰি পৰিল, তেতিয়া তেওঁৰ প্ৰাণৰ লগতে তেওঁৰ ক্ৰোধ, বাসনা, দৰ্প সকলো চূৰ্ণ হৈ গ’ল৷ কম্বনে ক’লেযে–
“এতিয়া সেই মুখত কিহৰ চিহ্ন? কোপ চিহ্নৰ
খং, নে বাসনাৰ আন্দোলিত মনৰ ফলক৷ দীপ্ত হৈছিল এতিয়া সংযমৰ আভা৷
সেয়া ৰাৱণৰ সেইদিনবোৰৰ সুখৰ জ্যোতিতকৈ অধিত শোভাময় আছিল, যেতিয়া তেওঁ
ইন্দ্ৰিয় নিগ্ৰহ কৰি এনেকুৱা তপস্যা কৰিলে, যাৰ
তেজস্বীতাৰ আগত আত্মজয়ী মুনিগণো হতভম্ব হৈ পৰিল৷”
যেতিয়া ৰাৱণৰ চৰিত্ৰৰ লগত ন্যায়ৰ ব্যাখ্যাৰ কাৰণে
কম্বনে ইমান সুৰুচিপূৰ্ণ প্ৰয়াস কৰিছে, তেতিয়াহ’লে কাব্যনায়ক ৰামৰ চৰিত্ৰ
আকৌ কিমান চমকপ্ৰদ কৰিছে সেই কথা সহজে কল্পনা কৰিব পাৰি৷ বাল্মীকিৰ ৰাম মানুহৰ ৰজা
আছিল, কিন্তু কম্বনৰ সময়ত লোক-কথা তথা বৈষ্ণৱ সন্ত কবিসকলৰ
অমৰ কবিতাবোৰে পুৰুষোত্তম ৰামক অৱতাৰী পুৰুষ হিচাপে ৰামৰ ৰূপ দান কৰিলে৷ সেয়ে
কম্বনে ৰামৰ চৰিত্ৰত এনে দুৰ্বলতাবোৰ দেখুৱাব নোৱাৰিছিল, যিবোৰ
বাল্মীকিয়ে দেখুৱাই থৈ গৈছিল৷ কথাবস্তুৰ সালসলনি নকৰাকৈ, কেৱল নিজৰ
কাব্য-চাতুৰ্যৰ্ তথা অসাধাৰণ কবিত্বৰ বলত কম্বনে এই দুঃসাধ্য কাৰ্যক ইমান সফলতাৰে
সম্পন্ন কৰিলে যে পঢ়িলে বিস্ময় ওপজে৷ কম্বনৰ ৰামৰ যে দুৰ্বলতা নাছিল, এনে নহয়৷ কিন্তু সেই দুৰ্বলতাতো মহত্ত্বৰ আভা লুকাই আছিল৷
কম্বনৰ এই কলা-চাতুৰ্য, বালী বধৰ
বিশদ প্ৰসংগত বৰকৈ উজ্বলি উঠিছে৷
বাল্মীকিৰ ৰামায়ণত সুগ্ৰীৱৰ লগত প্ৰথম দেখা কৰোঁতেই
লক্ষ্মণে তেওঁক কয় যে ৰাম তেওঁৰ ‘চৰণলৈ আহিছে’৷ কিন্তু কম্বনে সেই দয়াজনক স্থিতিতো
ৰামৰ বাবে এনেকুৱা দৈন্য-সূচক শব্দ কোৱা উচিত বুলি নাভাবিলে৷ আনকি কম্বনৰ ৰামে
সুগ্ৰীৱক কয় যে “তেওঁ এই মহান সংকটত তেওঁৰ সহায়ৰ বাবে অভিলাষী৷”
বাল্মীকি ৰামায়ণত মৈত্ৰীৰ সন্ধিৰ পাছত সুগ্ৰীৱে ৰামক
নিজ ঠাইলৈ লৈ যায় আৰু তাত বিভিন্ন কথাৰ লগতে এই কথাও কয় যে, বালীয়ে তেওঁৰ পত্নী তাৰাক অপহৰণ কৰিছে৷ কিন্তু কম্বনে ভাবিলে যে এই প্ৰসংগটো
এনেদৰে চিত্ৰিত কৰিলে সুগ্ৰীৱৰ চৰিত্ৰ দুৰ্বল হৈ পৰে, লগতে নাটকীয়
সৌন্দৰ্যও নষ্ট হৈ যায়৷ গতিকে তেওঁ এই প্ৰসংগক বেলেগ ধৰণে চিত্ৰিত কৰিলে৷
কম্বনৰ ৰামায়ণ অনুসৰি সুগ্ৰীৱে ৰামক নিজৰ পৰ্বতীয়া
ভৱনলৈ লৈ গৈ ভোজন কৰায়৷ তেতিয়া তাত বানৰৰ ৰাণীক নেদেখি ৰামে স্বয়ং সুগ্ৰীৱক সুধিলে
যে আপোনাৰ দশাও মোৰ দৰেই নহয়তো? তেতিয়াও এই প্ৰশ্নৰ উত্তৰ সুগ্ৰীৱে
নিজে দিয়া নাছিল, হনুমানেহে তেওঁক সকলো কথা কৈছিল আৰু শেষত কৈছিল যে
বালীয়ে সুগ্ৰীৱৰ পত্নীকো অপহৰণ কৰিছে৷ এই অন্তিম বাক্যটো শুনিয়ে ৰামৰ ভ্ৰুকুটি কোচ
খাই গ’ল আৰু চকু ৰঙা হৈ পৰিল৷ কিয়নো ঃ
“কেনেকৈ ক্ষমা কৰিব পাৰে এনে লোকক যিয়ে সৰু ভাইৰ
পত্নীক বলপূৰ্বক হৰণ কৰি লৈছে আৰু তেওঁৰ প্ৰাণ-নাশ কৰাৰ সুবিধাত আছে?”
বালি বধৰ সময়ত পুৰুষোত্তম ৰামে অনুচিত উপায় অৱলম্বন
কৰিছিল৷ তাৰ বাবে পৰ্যাপ্ত কাৰণ প্ৰস্তুত কৰা, তাক
অপৰিহাৰ্য হিচাপে প্ৰমাণ কৰা আৱশ্যক আছিল৷ যদি সুগ্ৰীৱে নিজে নিজৰ দুখৰ গাথা
শুনালেহেঁতেন, তেতিয়া তেওঁৰ আত্মপ্ৰতিষ্ঠা ভংগ হ’লহেঁতেন লগতে ৰামৰ
ওপৰতো সিমান প্ৰভাৱ নপৰিলেহেঁতেন৷ সেইবাবে কম্বনে হনুমানৰ মুখৰ পৰা সুগ্ৰীৱৰ দুখৰ
কথা শুনাই বালীৰ প্ৰতি ৰামৰ ৰোষক স্বাভাৱিক তথা উচিতপূৰ্ণ বুলি সিদ্ধ কৰিবলৈ যত্ন
কৰিছে৷
এইদৰে বালীৰ ওপৰত কাঁড় চলোৱা বাবে আঁৰত লুকাই থাকিল
আৰু বালী-সুগ্ৰীৱৰ দ্বন্দ্ব-যুদ্ধ চলি থাকিল, তেতিয়া ৰাম
আৰু লক্ষ্মণৰ বাৰ্তালাপৰ দ্বাৰা কম্বনে ৰামৰ মানসিক সংঘৰ্ষৰ চিত্ৰণ কৰিছে৷
শেষত ৰামৰ বাণৰ দ্বাৰা আহত হৈ পৰি থকা বালীয়ে যেতিয়া
সোধে যে আপুনি মোক লুকাই কিয় মাৰিলে, তেতিয়া কম্বনে তাৰ সমাধান ৰামৰ
দ্বাৰা নকৈ লক্ষ্মণৰ দ্বাৰা কোৱাইছে, কিয়নো ৰামৰ মুখৰ পৰা কটু কথা কোৱাটো কম্বনে সুৰুচিপূৰ্ণ নহ’ব বুলি
ভাবিলে৷ লক্ষ্মণে ক’লে–
যেতিয়া তোমাৰ দাদাই তোমাৰ অনুচিত দ্বেষৰ পৰা পৰিত্ৰাণ
পাবলৈ আমাৰ ওচৰলৈ আহিল তেতিয়া দাদাই কথা দিলে যে তেওঁ তোমাক যমপুৰীলৈ পঠিয়াব৷ যদি, তুমিও সন্মুখলৈ আহি তেওঁ ভৰিত পৰি শৰণৰ প্ৰাৰ্থনা কৰিলাহেঁতেন; তেতিয়া নিশ্চিতভাৱে তুমিও পৰিত্ৰাণ পালাহেঁতেন৷ শৰণাৰ্থীক অভয় দিয়াটো দাদাৰ
ধৰ্ম৷ সেই স্থিতিত তেওঁ ছাগে দোমোজাত পৰিলেহেঁতেন৷ কাৰণ, তোমাক শৰণ
দিলে তেওঁৰ বচন ভংগ হ’লহেঁতেন৷ এই ধৰ্ম
সংকটৰ পৰা বাচিবৰ বাবেই তেওঁ বাধ্য হৈ লুকাই তোমালৈ কাঁড় এৰিলে৷
কম্বনে প্ৰধান চৰিত্ৰকে নহয়, গৌণ-পাত্ৰসমূহৰো
চৰিত্ৰ চিত্ৰণত অদ্ভূত কলাকাৰিতাৰ পৰিচয় দিছে৷
কম্বনৰ কিছুমান অন্য ৰচনাও আছে, য’ত খেতিয়কসকলৰ প্ৰশংসাত ৰচিত ‘‘এৰ এলুপদু” শ্চ উল্লেখনীয়৷
কম্বনে সমকালীন কবিৰ ভিতৰত ‘নলৱেণপা’ৰ ৰচয়িতা পুগলেন্দিৰ নাম বিশেষ ধৰণে উল্লেখনীয়৷ অত্যন্ত সৰল ভাষাত
বেণ্ৱা ছন্দত ৰচিত এই কাব্য, অসাধাৰণ নহ’লেও এই কাব্য অতি
সুন্দৰ৷ ইয়াত নল দময়ন্তীৰ কথা অত্যন্ত
সুন্দৰভাৱে বৰ্ণিত কৰিছে৷ এই কাব্য কৰুণ
ৰসেৰে বিধৌত হৈছে৷
দময়ন্তীক বনত এৰি যোৱাৰ নিৰ্ণয় কৰাৰ পাছত নলৰ মনৰ
দশাৰ বৰ্ণনা বৰ মৰ্মান্তিক ঃ
“গুচি গ’ল, গুচি গ’ল অলপ দূৰ গৈ পুনৰ বাগৰি
পৰে৷ পুনৰ যাবলৈ ধৰে, কিন্তু গৈ গৈ আকৌ বাগৰি পৰে৷ সেই শত্ৰুজয়ী বীৰৰ দশা
সেই সময়ত দধী মথা গোৱালীহঁতৰ দৰে হ’ল৷”
অন্তত দময়ন্তী সতীক এৰি থৈ নল গুচি যাবলৈ থিয় হ’ল আৰু
স্থানে স্থানে ঘূৰি সমুদ্ৰ তীৰত উপস্থিত হ’ল৷ ঢৌ তোলা সাগৰক সম্বোধন কৰি ক’লে ঃ
“কেতিয়াবা যোৱা কেতিয়াবা আহা৷ কেতিয়াবা পৰা, কেতিয়াবা বাগৰি যোৱা৷ অস্থিৰ মুখেৰে সদায় প্ৰলাপ কৰা৷... হে আন্দোলিত সাগৰ/
তুমিয়ো পত্নীক ৰাতিৰ ভিতৰতে এৰি থৈ আহিছা নেকি?”
পেৰিয়পুৰাণ
কম্বন কালৰ ৰচনাত “পেৰিয়পুৰাণ”ৰ এক বিশিষ্ট স্থান
আছে৷ ইয়াৰ ৰচয়িতা শেক্কিলাৰ চোল ৰজাৰ
মন্ত্ৰী আহিল৷ তেওঁৰ সময়ৰ বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়, কিন্তু অধিকাংশ পণ্ডিতৰ মত আছিল যে তেওঁ কম্বনৰ পিছৰ কবি আৰু তেওঁৰ সময় দ্বাদশ
শতিকা৷
‘পেৰিয়পুৰাণ’ক বৃহৎ কাব্য বুলি ক’ব নোৱাৰি, কিয়নো ইয়াত কেৱল এজনৰ নহয়, ৭৩ জন সন্তৰ জীৱন চৰিত বৰ্ণিত
হৈছে৷ শৈৱ ধৰ্মৰ প্ৰচাৰেই ইয়াৰ একমাত্ৰ উদ্দেশ্য বুলি প্ৰতীয়মান হয়, যদিও স্থানে স্থানে উৎকৃষ্ট কবিত্ব তথা সুন্দৰ বৰ্ণনাও ইয়াত দেখা পোৱা যায়৷
‘পেৰিয়পুৰাণ’ৰ বিশেষত্ব ইয়াতেই চেকিল্লাৰে শৈৱ
সন্তসকলৰ সম্বন্ধে প্ৰচলিত বিভিন্ন কথাৰ লগে লগে ঐতিহাসিক লক্ষ্যৰো পৰিশ্ৰম পূৰ্বক
সংকলিত কৰি এই গ্ৰন্থ প্ৰস্তুত কৰিছে৷ প্ৰত্যেকজন সন্তৰে সময়ৰ সামাজিক, ৰাজনৈতিক তথা ধাৰ্মিক স্থিতিৰো তেওঁ পৰিচয় দি গৈছে৷ ঐতিহাসিক দৃষ্টিৰেএই
কাব্যৰ মহত্ত্ব এয়াই বুলি বিবেচনা কৰা হয়৷ ‘পেৰিয়পুৰাণ’ৰ ভাষা সৰল আৰু ৰসযুক্ত৷
পৰংজ্যোতি মুনিবৰৰ
দ্বাৰা ৰচিত ‘তিৰুবিলেয়াডল পুৰাণ’খনো
এই সময়ৰে৷ ইয়াত শিবাজীৰ ৬৭ টা লীলাৰ বৰ্ণনা কৰা হৈছে৷
কম্বন কালৰ আৰু এটা উল্লেখনীয় কথা এয়ে যে– এই সময়ত
ভক্ত নাদ মুনিয়ে বৈষ্ণৱ সন্তৰ ৰচনা আৰু নম্বি আবাডাৰ নম্বিয়ে শৈৱ সন্তৰ ৰচনাক ক্ৰমে ‘দিব্যপ্ৰবন্ধম’ আৰু
‘তেবাৰম’ৰ নামেৰে সংকলন কৰিছে৷
******
No comments:
Post a Comment