তামিল মহাকবি কম্বনৰ ৰামায়ণ : এটি বিশে¡ষণ (Kamparamayanam)
ড॰ গোলকেশ্বৰ গোস্বামী
তামিল সাহিত্যত ৰামায়ণ বিষয়ক ৰচনাৰ বুৰঞ্জী অতি
প্ৰাচীন৷ ৰামচন্দ্ৰৰ জীৱনৰ বিভিন্ন বীৰত্বপূৰ্ণ বিষয় [খৃঃ প্তম-খৃ:২০০] সংঘম
সাহিত্যৰ যুগৰ কিছুমান কবিতাতেই প্ৰথমতে উল্লেখিত হৈছে৷ অৱশ্যে খ্ৰীষ্টিয় চতুৰ্থ
পঞ্চম শতিকাৰ পাছৰ পৰাহে তামিল ভাষাত মহাভাৰতৰ দৰে ৰামায়ণৰো সম্পূৰ্ণ কাহিনী ৰচনাৰ
প্ৰক্ৰিয়া চলিছিল৷ তামিল সাহিত্যৰ ‘অকৱল’
ছন্দত পুৰণি কালতেই ৰামায়ণ কাহিনী ৰচিত হৈছিল; যদিও এই
ৰামায়ণ গ্ৰন্থৰ মাত্ৰ পাঁচটা পদহে বৰ্তমানে পোৱা যায়৷ ইয়াৰ উপৰি তামিল দেশৰ
জৈনধৰ্মী লোকসকলৰ মাজত জনপ্ৰিয় এখন জৈনৰামায়ণো আছিল; যিখনৰো
মাত্ৰ অলপ সংখ্যক পদহে বৰ্তমান পোৱা গৈছে৷ কিন্তু তামিল সাহিত্যত মহাকবি কম্বনৰ
ৰামায়ণৰ আবিৰ্ভাৱৰ লগে লগে, পূৰ্বৰ ৰামায়ণ ৰচনাসমূহৰ গুৰুত্ব
কমি যায় আৰু লাহে লাহে সেইবোৰ জনমানসৰ পৰাও হেৰাই যায়৷ মহাকবি কম্বনৰ ‘ইৰামাৱদাৰম’
নামৰ ৰামায়ণখনৰ অপূৰ্ব ৰচনা শৈলী আৰু বিষয়বস্তু ৰূপায়ণৰ মাধুৰ্যৰ বাবেই পূৰ্বৰ
ৰামায়ণ সাহিত্য ম্লান পৰি যোৱা বুলি সাহিত্য সমালোচকসকলে অভিমত প্ৰদান কৰি গৈছে৷
তামিল দেশত খ্ৰীষ্টিয় নৱম শতিকাৰ চোল ৰজাসকলৰ শাসনৰ সময়ত সংগীত, নৃত্য আদিৰ বিকাশৰ লগে লগে সাহিত্য সৃষ্টিৰো এটি অভিনৱ পৰিৱেশ গঢ় লৈ উঠে৷ চোলবংশৰ কিছুসংখ্যক ৰজা সেই সময়ৰ কবি সাহিত্যিক কিছুমানৰ বন্ধু আছিল আৰু কবিসকলে সেই ৰজাসকলৰ উচ্ছ প্ৰশংসা কৰিছিল৷ কিছুমান চোল ৰজা সাহিত্য-বিদ্যাতো পাৰদৰ্শী আছিল৷ এই ৰজাসকলৰে এগৰাকী তামিল ৰামায়ণ-ৰচক কম্বনৰ বন্ধুও আছিল৷ তামিল সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্য-ৰচক কম্বনে চোলবংশৰ ৰাজত্বৰ সময়তে মহাকবি বাল্মীকিৰ ৰামায়ণৰ বিষয় বস্তুকেই লৈ ৰামায়ণ ৰচনা কৰে যদিও; কবিগৰাকীয়ে তেওঁৰ ৰচনাৰ মাজত কোনো ধৰণৰ িনৰ্দিষ্ট সময় নাইবা তেওঁৰ নিৰ্দিষ্ট পৰিচয়ো উল্লেখ কৰি যোৱা নাই৷ সেয়ে এই বিষয়ত তামিল পণ্ডিত গৱেষকসকলৰ মাজত ঐকমত্য দেখা নাযায়৷ তামিল দেশৰ মায়াৱৰম নামৰ ঠাইৰ ওচৰৰ সৰু গাঁও এখনত কম্বনৰ জন্ম হৈছিল৷ সাধাৰণ বিশ্বাস অনুসৰি কম্বনক কালী মন্দিৰ এটিৰ পুৰোহিত এগৰাকীৰ পুত্ৰ বুলি জনা যায়৷ ঘৰুৱা অৱস্থাৰ দিশেৰে কম্বনহঁতৰ পৰিয়াল অতি নিঃকিণ আছিল যদিও তাৰ মাজতে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ জিলিকি উঠিছিল৷ কম্বনৰ সময় সম্পৰ্কত িনৰ্দিষ্ট কথা ক’ব পৰা নগ’লেও ১১৫৫ নাইবা ১১৮৫ এই দুটা বছৰৰ এটাকেই তেওঁৰ সময় হিচাপে গ্ৰহণ কৰা হয়৷ কম্বনৰ সময় সম্পৰ্কত যি মতানৈক্যই নাথাকক কিয় জনসাধাৰণৰ মাজত প্ৰচলিত ধাৰণা অনুসৰি কম্বনে তেওঁৰ সময়ৰ ৰজাতকৈও জনসাধাৰণৰ পৰা অধিক সন্মান আৰু সাদৰ লাভ কৰিছিল৷ পণ্ডিতসকলৰ মতে কম্বনৰ এই অসামান্য কবি প্ৰতিভা আৰু সন্মান প্ৰাপ্তিৰ বাবেই সম্ভৱতঃ সেই সময়ৰ ৰজাই তেওঁৰ প্ৰতি মনত অসূয়াভাৱো লৈছিল; যাৰ ফলত তেওঁ চোলৰাজ্য এৰি গুছি যাবলগীয়াও হৈছিল৷ কম্বনৰ চোল ৰাজ্য ত্যাগৰ প্ৰসংগত কম্বনপুত্ৰ অম্পিকাপতিৰ কথাও উল্লেখ কৰিব পাৰি৷ কম্বনপুত্ৰ অম্পিকাপতি ও এগৰাকী প্ৰখ্যাত কবি আছিল আৰু তেওঁ ৰাজকন্যাৰ প্ৰেমত পৰিছিল৷ কিন্তু অম্পিকাপতিৰ সৈতে ৰাজকন্যাৰ প্ৰেম ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে আছিল৷ এই কাৰ্যয়ো সম্ভৱতঃ ৰজা আৰু কম্বনৰ মাজৰ পাৰ্থক্য আৰু অধিক নিলগ কৰি তুলিছিল৷ আৰু অৱশেষত ৰজাই যেতিয়া তেওঁৰ পুত্ৰক মৃত্যুদণ্ড দিলে, তেতিয়াই কম্বনে ভগ্ন মনোৰথ হৈ চোল ৰাজ্য পৰিত্যাগ কৰিলে৷ পুত্ৰৰ মৃত্যুত কম্বনে যি মৰ্মান্তিক দুখ অনুভৱ কৰিছিল, সেই দুখ তেওঁৰ ৰামায়ণৰ ৰামচন্দ্ৰৰ বনবাসত ৰজা দশৰথৰ তীব্ৰ মানসিক শোক-যন্ত্ৰণা আৰু পুত্ৰ ইন্দ্ৰজিতৰ মৃত্যুত ৰাক্ষসৰাজ ৰাৱণৰ গভীৰ মৰ্মবেদনাৰ বৰ্ণনাৰ জৰিয়তে প্ৰকাশিত হৈছে বুলি সাহিত্য সমালোচকসকলে মন্তব্য কৰি গৈছে৷ চোল ৰাজ্য পৰিত্যাগ কৰাৰ পাছত পাণ্ড্য দেশৰ নাওৰচন্ কোত্তই নামৰ ঠাইত কম্বনৰ মৃতু ্য হয়৷ কম্বনৰ সমাধিস্থলক তামিলবাসীয়ে আজিও মন্দিৰ হিচাপে পূজা কৰি অন্তৰত প্ৰশান্তি লাভ কৰে৷ বিংশ শতিকাৰ তামিল কবি পাৰতিয়াৰে কবি কম্বনে তামিল দেশতহে জন্ম লাভ কৰিছিল বুলি কৈ কম্বনৰ জন্মই যে তামিল দেশখনক গৌৰৱান্বিত কৰি তুলিছিল , সেই সম্পৰ্কত নিজৰ মনোভাৱ ব্যক্ত কৰিছে৷ কম্বনক তেওঁৰ সময়ৰ শ্ৰেষ্ঠ কবি বুলি জনসাধাৰণে গ্ৰহণ কৰিছিল আৰু সকলোৱে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল৷ কম্বনৰ ঘৰৰ আনকি সৰু গজালটোৱেও কবিতা ৰচনা কৰিব পাৰে বুলি জনসাধাৰণৰ মাজত প্ৰবাদ প্ৰচলিত হৈছিল৷
এগৰাকী মহান সাহিত্যিক হিচাপে কম্বনৰ যশস্যা তেওঁৰ
ৰচিত ৰামায়ণখনেই বিশেষভাৱে দাঙি ধৰে৷ কম্বনৰ কাব্য-দক্ষতাৰ গুণতেই অতি কম সময়ৰ
ভিতৰতে এনে এখনি গ্ৰন্থ ৰচনা কৰিবলৈ সমৰ্থ হৈছিল বুলিও জনসাধাৰণৰ মাজত বিভিন্ন
মত প্ৰচলিত হৈ আছে৷ কম্বনৰ ৰামায়ণত দহ
হেজাৰ কবিতা আছিল আৰু শ্ৰী ৰংগমৰ
পণ্ডিতসকলৰ অনুমোদনো তেওঁৰ ৰামায়ণখনে লাভ কৰিছিল ৷
প্ৰাগ ঐতিহাসিক যুগৰে পৰাই তামিল ৰাজ্যত
শ্ৰীৰামচন্দ্ৰৰ বীৰত্বপূৰ্ণ কাৰ্যাৱলীৰ বিভিন্ন ঘটনা জনসাধাৰণৰ মাজত প্ৰচলিত আছিল৷
আনকি সংঘম সাহিত্যত প্ৰচলিত হৈ থকা কিছুমান ঘটনাৰ উল্লেখ বাল্মীকি ৰামায়ণতো পোৱা
নাযায়৷ উদাহৰণ স্বৰূপে কবি পুৰনানূৰুয়ে
ৰামায়ণ সম্পৰ্কত উল্লেখ কৰা বিষয় এটা প্ৰসংগক্ৰমে দাঙি ধৰিব পাৰি৷ ৰাৱণে
যেতিয়া সীতাক পৰ্ণকুটীৰৰ পৰা অপহৰণ কৰিছিল তেতিয়া সীতাই তেওঁৰ সকলোবোৰ আ-অলংকাৰ
এটা টোপোলাত বান্ধিছিল আৰু কিষ্কিন্ধা নগৰীৰ ওপৰত সেই টোপোলাটো পেলাই দিছিল৷
সৌভাগ্যক্ৰমে সেই টোপোলাটো বান্দৰসকলৰ হাতত পৰিছিল৷ লগে লগে বান্দৰসকলে সেই
টোপোলাটো খুলি পেলাইছিল,আৰু সেই অলংকাৰবোৰ দেখি অতি আচৰিত
আৰু আনন্দিত হৈ যিয়ে যেনেকৈ পাৰে অতি বিশৃংখলভাৱে অলংকাৰবোৰ পিন্ধি লৈছিল৷ সেইদৰে
অকনানূৰুয়ে বৰ্ণনা কৰা এটা ঘটনাৰ উল্লেখো পোৱা যায়৷ ৰামচন্দ্ৰই সাগৰ পাৰ হ’বলৈ
পৰিকল্পনা কৰাৰ আগমুহূৰ্তত ৰামেশ্বৰৰ এজোপা বটবৃক্ষৰ তলত তেওঁৰ সৈনাধ্যক্ষসকলৰ
সৈতে এখন সভাত মিলিত হৈছিল৷ সেই সময়ত গছজোপাৰ ওপৰত থকা বিভিন্ন চৰাই চিৰিকটিৰ
কোৰ্হালে তেওঁলোকৰ আলোচনাত বাধাৰ সৃষ্টি কৰিছিল৷ তেতিয়াই শ্ৰীৰামচন্দ্ৰই সেই
চৰাইবোৰলৈ চাই হাতেৰে কিছু ইংগিত দিছিল৷ তাৰ পিছতেই চৰাইবোৰৰ কোলাহল বন্ধ হৈছিল
আৰু তাত বিৰাজ কৰিছিল সম্পূৰ্ণ নীৰৱতা৷
আলৱাৰসকলৰ ভক্তিমূলক গীত কিছুমানতো ৰামৰ
বীৰত্বব্যঞ্জক বহুতো ঘটনা আৰু অতি সংক্ষিপ্ত ৰূপত ৰামায়ণৰ সমস্ত কাহিনী ৰূপায়িত
হোৱা দেখা যায়৷ আলৱাৰসকলৰ ভক্তিমূলক গীতত শ্ৰীৰামচন্দ্ৰৰ প্ৰতি তেওঁলোকৰ অকু_ ভক্তি প্ৰকাশিত হৈছে৷ বিশেষকৈ কুলশেখৰ আলৱাৰ আৰু তিৰুমংকই আলৱাৰে তেওঁলোকৰ
অন্তৰস্পৰ্শী ভক্তিমূলক কবিতাসমূহত ৰাম অৱতাৰৰ প্ৰশংসা দাঙি ধৰিছে৷ কম্বনে তেওঁৰ
ৰামায়ণত এই আলৱাৰসকলৰ ভক্তিৰ ভাৱধাৰাও যিমানদূৰ সম্ভৱ ৰূপায়িত কৰিছে৷ তিৰুমংকই
আলৱাৰে এটা কবিতাত গুহৰ প্ৰতি শ্ৰীৰামচন্দ্ৰৰ স্নেহ ভালপোৱা সুন্দৰভাৱে প্ৰকাশ
কৰিছে৷ ৰামৰ স্নেহ দেখি গুহই এইদৰে কৈ উঠিছিল,“ হে ৰাম মোক
তুমি এজন অতি দুখীয়া, বিত্তহীন, নীচলোক বুলি জানিও অৱহেলা কৰা নাই৷
তাৰ সলনি অতি সহানুভূতিশীল হৈ তুমি সীতা আৰু লক্ষ্মণক মোৰ আগত নবৌৱেক আৰু ভাতৃ বুলিহে পৰিচয় কৰাই দিছা৷
তদুপৰি মোক তুমি নিজৰ ভাই বুলিয়েই গ্ৰহণ কৰিছা৷ মোৰ প্ৰতি তোমাৰ এনে মৰমৰ বাবে মোৰ অন্তৰ ভৰি পৰিছে; সেয়ে মই তোমাৰ চৰণত আত্মসমৰ্পণ কৰিছোঁ৷” সেইদৰে হনুমানৰ প্ৰতি শ্ৰীৰামচন্দ্ৰৰ
মৰম স্নেহো আলৱাৰ কবিয়ে এইধৰণে বৰ্ণনা কৰিছে- “ হে ৰাম, পৱন দেৱতাৰ
পুত্ৰ হনুমানক তুমি এটা সামান্য বানৰ, এটা সামান্য জন্তু নাইবা এটা ভিন্ন
জাতৰ লোক হিচাপে আচৰণ কৰা নাই৷ তাৰ সলনি অফুৰন্ত আৰু সীমাহীন মৰমেৰে আঁকোৱালি লৈ
তুমি হনুমানক কৈছা– তুমি কৰা সহায়ৰ ঋণ মই কেনেদৰে পৰিশোধ কৰিব পাৰোঁ৷ এনেকুৱা
নিষ্কলংক সত্যবাদীলোকৰ সৈতে মই চিৰজীৱন একেলগে বহিম আৰু খাম৷ এইদৰে কৈ তুমি তেওঁৰ
সৈতে একেলগে বহিছিলা আৰু ভোজন কৰিছিলা৷” দেখা যায় তিৰুমংকই আলৱাৰৰ গুহ আৰু
ৰামচন্দ্ৰৰ মাজৰ ভাতৃত্বৰ ভাবধাৰা কম্বনৰ ৰামায়ণত অতি সুন্দৰ আৰু স্পষ্টভাৱে
প্ৰকাশিত হৈছিল৷ গুহক লগ পোৱাৰ পাছত কম্বনৰ ৰামায়ণৰ শ্ৰীৰামচন্দ্ৰই সেয়ে কৈ উঠিছিল
“দশৰথৰ পুত্ৰ হিচাপে আমি আগেয়ে চাৰিজন আছিলোঁ,গুহক লগ
পোৱাৰ পাছত আমাৰ সংখ্যা বাঢ়ি পাঁচজন হ’লগৈ৷”
কম্বনৰ ৰামায়ণত দেখা যায় গংগা নদীৰ তীৰত গুহই
শ্ৰীৰামচন্দ্ৰক লগ পোৱাৰ পিছৰে পৰাই, তেওঁ ৰামচন্দ্ৰক গভীৰ মৰম
শ্ৰদ্ধাৰে সেৱা কৰিছিল৷ শ্ৰীৰামচন্দ্ৰৰ ছাঁটোৰ দৰে তেওঁ পিছে পিছে অনুসৰণ কৰিছিল৷
আনকি গংগা নদী পাৰ হোৱাৰ পাছতো তেওঁ ৰামৰ সৈতে বনবাসলৈ যাবলৈ বিচাৰিছিল৷ সেই সময়তে
শ্ৰীৰামচন্দ্ৰই গুহক কৈছিল-“ গুহ, তুমি মোৰ জীৱনটোৰ দৰেই৷ মোৰ ভাই
কেইজন তোমাৰো ভাই, মোৰ পত্নীও তোমাৰ সম্পৰ্কীয়৷ মোৰ সমগ্ৰ ৰাজ্যখনেই
তোমাৰ ৰাজ্য৷ তোমাৰ সমস্ত কৰ্মৰাজিৰ ওপৰত মোৰ নৈতিক দায়িত্বও আছে৷ তোমাৰ ভাতৃ ভৰতে
এতিয়া অযোধ্যাৰ আত্মীয়-স্বজনৰ গুৰু দায়িত্ব বহন কৰি আছে৷ তুমি বাৰু এতিয়া কোৱাচোন, তোমাৰ ইয়াৰ আত্মীয়-স্বজনৰ দায়িত্ব বহন কৰিবলৈ কোন থাকিব? কোৱাচোন, তোমাৰ আত্মীয়-স্বজনসকল বাৰু মোৰ আত্মীয়-স্বজন নহয়নে? তেওঁলোকক ক ষ্ট সহ্য কৰিবলৈ মই দিব পাৰিমনে বাৰু? তেওঁলোকো
মোৰ আত্মীয় আৰু সেয়ে তেওঁলোকৰ চোৱা-চিতা কৰিবলৈ তুমি ইয়াতে থাকিব লাগিব৷ এয়া মোৰ
আদেশ বুলি জানিবা৷” ৰাম আৰু গুহৰ এই ভাতৃত্বমূলক সম্পৰ্ক তেওঁলোক দুজনে প্ৰথমে লগ
পোৱা সময়ৰ কেৱল আনুষ্ঠানিক ঘোষণাই নাছিল; কম্বনৰ ৰামায়ণত এই সম্পৰ্ক হৈ
উঠিছিল গভীৰ আত্মীয়তামূলক৷ ভৰতে যেতিয়া ৰামৰ অন্বেষণত বনলৈ আহিছিল তেতিয়া তেওঁ
কৌশল্যাৰ সৈতে গুহক এনেদৰে পৰিচয় কৰাই দিছিল– “ৰামচন্দ্ৰৰ তেওঁ প্ৰিয় ভাতৃ, কিন্তু তেওঁ লক্ষ্মণ, শত্ৰুঘ্ন আৰু মোতকৈ শ্ৰেষ্ঠ৷” সেই
কথা শুনি কৌশল্যাই পুলকিত হৈ পুত্ৰসকলক আশীৰ্বাদ কৰি কৈছিল-“ মোৰ পুত্ৰসকল:
তোমালোক কেতিয়াও হতাশ নহ’বা, তোমালোকে বাৰু ৰামচন্দ্ৰ আৰু
লক্ষ্মণৰ এই বনবাস যাত্ৰাই কিবা সুফল আনিছে বুলি নাভাবানে? গুহৰ সৈতে
তোমালোক এই পাঁচজনে ভৱিষ্যতৰ এই সমগ্ৰ দেশখন শাসন কৰিব লাগিব৷” ভৰতে যেতিয়া
কৌশল্যাক গুহৰ সৈতে পৰিচয় কৰাই দিছিল, তেতিয়া গুহয়ো তেওঁক মাতৃ বুলি
সম্বোধন কৰিছিল আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল৷
সেইদৰে কম্বনৰ ৰামায়ণত ৰামচন্দ্ৰ আৰু সুগ্ৰীৱৰ
সাক্ষাতৰ সময়ৰ বৰ্ণনাও তাৎপৰ্যপূৰ্ণ৷ সেই সময়তে সুগ্ৰীৱৰ প্ৰতি গভীৰ মৰম আৰু
সৌহাৰ্দ্য প্ৰদৰ্শন কৰি ৰামচন্দ্ৰই তেওঁক কৈছিল,“ সুগ্ৰীৱ, তোমাৰ শত্ৰুসকলক মই মোৰ শত্ৰু হিচাপেও গণ্য কৰোঁ৷ এনেকি তোমাৰ মিত্ৰসকল যদি
হিংসুক বা পৰশ্ৰীকাতৰো হয়, তথাপি তেওঁলোকো মোৰ মিত্ৰ৷ সেইদৰে
তোমাৰ আত্মীয়স্বজনসকল মোৰো আত্মীয়স্বজন আৰু মোৰ আত্মীয়স্বজনসকলো তোমাৰ আত্মীয়স্বজন
হ’ব৷ তুমি মোৰ জীৱনৰ অভিভাৱক আৰু ভাতৃ৷” সেইদৰে বিভীষণক আশ্ৰয় দিয়াৰ পাছতেই
ৰামচন্দ্ৰই কৈ উঠিছিল-“গুহৰ সৈতে আমি দশৰথৰ পাঁচজন পুত্ৰ হৈছিলোঁ৷ সুগ্ৰীৱক লগ
পোৱাৰ পাছত আমি ছজন ভাতৃ হ’লোঁ৷ এতিয়া তুমি মোৰ আশ্ৰয় লোৱাৰ লগে লগে আমি সাতজন
ভাতৃ হ’লোঁ৷ তোমাৰ পিতৃ দশৰথে মোক বনলৈ পঠিয়াই এইদৰে তেওঁৰ সন্তান-সন্ততিৰ সংখ্যা
বৃদ্ধি কৰিলে৷”
কম্বনে তেওঁৰ ৰামায়ণত ভাতৃত্বৰ ভাৱধাৰা এইদৰে বিকশিত
কৰিছিল৷ এই ক্ষেত্ৰত তিৰুমংকই আলৱাৰৰ ভক্তিমূলক কবিতাত অতি সংক্ষিপ্ত ৰূপত প্ৰাপ্ত
ভাতৃত্বৰ ভাৱধাৰাই আছিল তেওঁৰ বৰ্ণনাৰ উৎসস্বৰূপ৷ তদুপৰি আলৱাৰ কবিসকলৰ কবিতাত
প্ৰাপ্ত আন কিছুমান গভীৰ, সুন্দৰ আৰু অন্তৰস্পৰ্শী ভাৱধাৰাকো
কম্বনে তেওঁৰ ৰামায়ণত সন্নিৱিষ্ট কৰিছিল৷ তামিল কবি কম্বনৰ ৰামায়ণ বাল্মীকিৰ
ৰামায়ণৰ ভিত্তিত ৰচিত হ’লেও, তেওঁৰ ৰামায়ণ সম্পূৰ্ণৰূপে
বাল্মীকিৰ ৰামায়ণৰ হুবহু অনুবাদ নাছিল৷ কম্বনৰ হাতত ই এখন সুকীয়া মহাকাব্যৰূপে
পৰিগণিত হৈছে৷ বাল্মীকিয়ে ৰামায়ণত শ্ৰীৰামচন্দ্ৰ আৰু সীতাক ক্ৰমে মহান
নায়ক-নায়িকাৰ ৰূপত অংকন কৰিছে৷ কিন্তু কম্বনে ৰামসীতাক দেৱতাৰ ৰূপত প্ৰতিপন্ন
কৰিছে আৰু সেইদৰেই জনমানসত বা পাঠক শ্ৰোতাৰ মাজত ৰাম-সীতাৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ
যত্ন কৰিছে৷ কিছুসংখ্যক তামিল পণ্ডিতৰ মতে কম্বনে ৰামায়ণ ৰচনা কৰাৰ সময়ৰে পৰা
ভাৰতীয় উপ মহাদেশখনত এটি নিৰ্দিষ্ট পন্থা হিচাপে ৰাম পূজাৰ পৰম্পৰাই প্ৰসাৰ লাভ
কৰে৷ কিছুসংখ্যক পণ্ডিতে আকৌ ভাবে যে কুমৰকুৰুপৰৰ নামৰ তামিল কবি আৰু সন্ন্যাসী
এগৰাকীয়ে গংগা নদীৰ তীৰৰ সমভূমি অঞ্চলত কম্বন ৰামায়ণৰ ঘটনাসমূহ জনপ্ৰিয় কৰি তোলে
আৰু তাৰ পাছতহে তুলসীদাসে ৰামায়ণ ৰচনা কৰি ৰামচন্দ্ৰ আৰু সীতাদেৱীক সকলোৰে পূজনীয়
দেৱ-দেৱী হিচাপে বিভূষিত কৰি তোলে৷
বাল্মীকি ৰামায়ণত পোৱা বহুখিনি বিষয়কেই কম্বনে তেওঁৰ
ৰামায়ণত সন্নিৱিষ্ট কৰিছিল, যদিও বহুক্ষেত্ৰত তেওঁ বাল্মীকি ৰামায়ণৰ
কিছুমান বিষয় বিস্তৃত ৰূপত প্ৰকাশ কৰিছিল৷ কম্বনে তেওঁৰ মহাকাব্যত অংগদৰ
আত্মসমৰ্পণৰ কথা নতুন ৰূপত উপস্থাপন কৰিছে৷ বাণৰ ৰাজ বালীয়ে মৃত্যুৰ আগমুহূৰ্তত
পুত্ৰ অংগদক ৰক্ষা কৰাৰ লগতে তেওঁক প্ৰতিপালন কৰিবলৈও শ্ৰী ৰামচন্দ্ৰক অনুৰোধ
কৰিছিল৷ ৰামে তেতিয়া বালীৰ এই অনুৰোধৰ প্ৰতি সন্মতি দান কৰাৰ চিনস্বৰূপে তেওঁৰ
হাতৰ তৰোৱাল এপাট অংগদক দিছিল৷ তেতিয়াৰ পৰা অংগদৰ কাম হৈছিল হাতত সেই তৰোৱাল লৈ
ৰামচন্দ্ৰৰ কাষত থিয় হৈ থকাটো৷ পৰৱৰ্তী সময়ত ৰামচন্দ্ৰৰ ৰাজ্যাভিষেকৰ বৰ্ণনাৰ
প্ৰসংগতো অংগদৰ হাতত তৰোৱালসহ শ্ৰী ৰামচন্দ্ৰৰ কাষত থিয় হৈ থকাৰ বৰ্ণনা
প্ৰদানত কম্বনে বিশেষ গুৰুত্ব আৰোপ
কৰিছিল৷
লংকাৰ অশোকবনত সীতাদেৱীক ৰখাৰ সময়ত ৰাক্ষসসকলে সীতাৰ
মন বিচলিত কৰিবলৈ নানাধৰণৰ কৌশল অৱলম্বন কৰিছিল৷ সেইবোৰৰ ভিতৰত মায়া জনক সৃষ্টি
কৰাটোও আছিল এটি বিশেষ ঘটনা৷ ৰাক্ষসসকলে এজন মায়া জনকৰ সৃষ্টি কৰিছিল আৰু সীতাৰ সমুখলৈ আনি সেই মায়া
জনকৰদ্বাৰা ৰাৱণৰসৈতে বুজা পৰাৰ মনোভাৱ গ্ৰহণ কৰিবলৈ সীতাক অনুৰোধ কৰাইছিল৷ জনকে
ছলাহী কথাৰে যেতিয়া সীতাক অনুৰোধ জনাই বিভিন্ন কথাৰ অৱতাৰণা কৰিছিল, তেতিয়া সীতাৰ মন অতিশয় দুখেৰে ভৰি পৰিছিল৷ সীতাই কাতৰ হৈ ভাবিছিল যে তেওঁৰ
বাবেহে সিদিনা পিতৃ জনকে এনেধৰণৰ নীচ-কাৰ্য কৰিবলগীয়াত পৰিছিল৷ মায়া জনকে যেতিয়া
সীতাৰ সিদ্ধান্ত পৰিবৰ্তন কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিলে, তেতিয়া সীতাই জনকক কঠোৰ ভাষাৰে গালি পাৰি জনকৰ কথাৰ প্ৰতিবাদ কৰিছিল৷
মহৰ্ষি বাল্মীকি আৰু কম্বন ৰূপায়িত তাৰা চৰিত্ৰৰ
মাজতো পাৰ্থক্য বিৰাজমান৷ কিষ্কিন্ধা নগৰীৰ মহাপ্ৰতাপী, শক্তিশালী, বীৰ বানৰ ৰাজ বালীৰ পত্নী আছিল তাৰা৷ মায়াবী অসুৰৰ সৈতে যুদ্ধ কৰি থাকোঁতে এই
বালীয়ে এবাৰ খঙৰ ভমকত প্ৰকৃততে কি হৈছে
একো চিন্তা নকৰাকৈয়ে তেওঁৰ কনিষ্ঠ ভাতৃ সুগ্ৰীৱক ৰাজ্যৰ পৰা বিতাৰিত কৰিছিল আৰু
সুগ্ৰীৱৰ পত্নী ৰুমাক নিজৰ ৰাজঅন্তেষপুৰলৈ টানি লৈ আহিছিল৷ সীতাৰ অে°«ষণত যোৱা ৰাম-লক্ষ্মণে বাটতে সুগ্ৰীৱক লগ পালে আৰু
সুগ্ৰীৱৰ সৈতে বন্ধুত্ব কৰিলে৷ সুগ্ৰীৱৰ বিচক্ষণ মন্ত্ৰী হনুমানৰ সৌজন্যত সুগ্ৰীৱ
আৰু ৰামৰ মাজত পাৰস্পৰিক সহায় সহযোগৰ চুক্তি হ’ল৷ সেইমতে বালীক বধ কৰাৰ ক্ষেত্ৰত
ৰামে সুগ্ৰীৱক সহায় কৰিব লাগিব,সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা পাতিব
লাগিব আৰু তাৰ সলনি ৰাৱণে অপহৰণ কৰি নিয়া সীতাক সুগ্ৰীৱে বিচাৰি উলিয়াই সীতাৰ
পুনৰুদ্ধাৰত সহায় কৰিব লাগিব৷ চুক্তিমতে ৰামৰদ্বাৰা বালীবধ হ’ল আৰু সুগ্ৰীৱ
কিষ্কিন্ধাৰ ৰজা হ’ল৷ বাল্মীকিয়ে এই ক্ষেত্ৰতেই উল্লেখ কৰিছে যে বালীৰ মৃত্যুৰ
পাছত তাৰা সুগ্ৰীৱৰ পত্নী হ’ল আৰু দুয়ো শাৰীৰিক সম্পৰ্কৰ আনন্দত মতলীয়া হৈ পৰিল৷
ৰজা হোৱাৰ পাছত সুগ্ৰীৱ আনন্দত মতলীয়া হ’ল৷ বানৰ
পত্নীসহ সুগ্ৰীৱে মদ্যপান কৰি মতলীয়া হৈ ৰাজঅন্তেষপুৰতে দিন কটাই শ্ৰী ৰামচন্দ্ৰৰ
প্ৰতি তেওঁৰ কৰ্তব্য পাহৰি গ’ল৷ এনেদৰে চাওঁতে চাওঁতে বৰ্ষা ঋতু পাৰ হৈ শৰৎ ঋতুও
শেষ হৈ যোৱাৰ উপক্ৰম হ’ল– কিন্তু সীতা অে°«ষণৰ কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা দেখা নগ’ল৷ সুগ্ৰীৱৰ
এনে কাৰ্যই শ্ৰী ৰামচন্দ্ৰক ক্ৰোধান্বিত কৰি তুলিলে আৰু খবৰ লবলৈ লক্ষ্মণক
পঠিয়ালে৷ বাল্মীকি আৰু কম্বন দুয়োজন কবিয়ে এই ক্ষেত্ৰত ক্ৰোধপৰায়ণ লক্ষ্মণক বুজাই
শান্ত কৰিবলৈ তাৰাকেই পঠিয়াইছে যদিও দুয়োজন কবিৰ হাতত তাৰা কিন্তু দুটা ভিন্ন ৰূপত
উদ্ভাসিত হৈ উঠিছে৷ সুগ্ৰীৱৰ নিৰ্দেশত তাৰাই লগে লগে সুগ্ৰীৱৰ শয্যা ত্যাগ কৰি
চিধাই ৰাজমহলৰ বাহিৰত ৰৈ থকা লক্ষ্মণৰ ওচৰলৈ আহিল৷ তাৰাই ধলং পলং খোজেৰে, মদবিহ৩ল ধুলধুলীয়া চকুৰে আহি লক্ষ্মণৰ ওচৰত উপস্থিত হ’ল৷ তাৰাৰ কঁকালত দুলি
আছিল স্বৰ্ণসূত্ৰে বন্ধা কাঞ্চী অলংকাৰ৷ তেওঁৰ সমগ্ৰ দেহ আছিল নাৰীসুলভ বিনয়েৰে
নত৷ অসংযত অৱস্থাৰ তাৰাক দেখি লক্ষ্মণে লগে লগে ক্ৰোধ সংবৰণ কৰি নতমস্তক হৈ থিয় হৈ
ৰ’ল৷ লক্ষ্মণৰ সৈতে হোৱা কথা বতৰাৰ মাজতে তাৰাই পতিৰূপে গ্ৰহণ কৰা সুগ্ৰীৱৰ
কামশক্তিৰ বিষয়ে উল্লেখ কৰে যদিও পতি সুগ্ৰীৱৰ কল্যাণৰ বাবেই তেওঁৰ সকলো দোষ মৰিষণ
কৰিবলৈও ক’লে৷ লক্ষ্মণক তেওঁ পতি সুগ্ৰীৱৰ প্ৰাসাদৰ ভিতৰলৈ যাবলৈও আহ৩ান জনালে৷
কিন্তু বাল্মীকিৰ তাৰাৰ বিপৰীতে কম্বনৰ তাৰাই বৈধব্য-ব্ৰত অৱলম্বন কৰিয়ো নিজৰ সংযম
আৰু গাম্ভীৰ্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ কম্বনৰ তাৰাই পত্নীৰূপে সুগ্ৰীৱৰ
শয্যাসংগিনী হোৱা নাই৷ তাৰ বিপৰীতে তেওঁ সুগ্ৰীৱৰ এগৰাকী সন্মানিত আৰু মহান
উপদেশদাত্ৰীৰ ভূমিকাহে গ্ৰহণ কৰিছিল৷ খঙৰ ভমকত অহা লক্ষ্মণক চাবলৈ তেওঁ আগবাঢ়ি
গৈছে৷ সেই মুহূৰ্ততে লক্ষ্মণে তাৰাৰ নিষ্প্ৰভ
মুখখন আৰু লগতে তাৰাৰ দেহত স্বামীহাৰা নাৰীৰ বেশভূষা দেখি অতিশয় দুঃখিত হৈ
পৰিছে ; লক্ষ্মণৰ মনত উদ্ভাসিত হৈছে অযোধ্যাৰ তেওঁৰ মাতৃসকলৰ
বৈধব্য জীৱনৰ প্ৰতিচছবি৷ তাৰাৰ সমুখত লক্ষ্মণ থিয় হয়৷ তেওঁৰ দুচকুত তেতিয়া দুধাৰি
তপত চকুলো৷ সমালোচকৰ মত অনুসৰি বাল্মীকিৰ তাৰা চৰিত্ৰৰ অংকনত বানৰ চৰিত্ৰৰ তৰলতা
আৰু ইন্দ্ৰিয়াশক্তিৰ যি স্পষ্ট প্ৰতিচ্ছবি দেখা যায়; সেই
প্ৰতিচ্ছবি কিন্তু কম্বন ৰামায়ণত সমূলি দেখা নাযায়৷ বালীৰ মৃত্যুৰ পাছতো কম্বন
ৰামায়ণৰ তাৰা বালীৰ প্ৰতি অচলাভক্তিৰে সমুজ্জ্বল এগৰাকী বিধৱা নাৰী হিচাপে
মহিমামণ্ডিত হৈয়েই থাকিল৷ ইয়াৰ বাবে কম্বনৰ তাৰা তামিলনাডুৰ নাৰী সমাজৰ দ্বাৰা
প্ৰশংসাৰ পাত্ৰী হৈ পৰিছে৷ সেইদৰে সুগ্ৰীৱকো কম্বনে বিশিষ্ট চৰিত্ৰৰ ৰূপত অংকন
কৰিছে৷
বাল্মীকি ৰামায়ণত ৰামচন্দ্ৰ আৰু সীতাৰ বিবাহ- পূৰ্ব
সাক্ষাতৰ কোনো বিৱৰণ দেখা নাযায়৷ কিন্তু কম্বনে ৰামচন্দ্ৰ-সীত াৰ বিবাহ- পূৰ্ব
সাক্ষাতৰ এটা ঘটনা সন্নিবিষ্ট কৰিছে৷তেওঁৰ ৰামায়ণত অতি কম সময়ৰ বাবে বিবাহৰ
পূৰ্বে ৰামচন্দ্ৰ আৰু সীতাৰ লগালগি হয় আৰু
এইদৰে কম্বনে ৰাম-সীতাৰ বিবাহক প্ৰেমজনিত বিবাহ হিচাপে উপস্থাপন কৰিছে৷ শ্ৰীৰামচন্দ্ৰই
যেতিয়া মহৰ্ষি বিশ্বামিত্ৰৰ সৈতে মিথিলা নগৰীৰ পথেৰে আহি আছিল, সীতাই তেওঁক প্ৰাসাদৰ ওপৰ মহলাৰ বাৰাণ্ডাৰ পৰা দেখিছিল৷ সেই সময়তে
শ্ৰীৰামচন্দ্ৰৰো দৃষ্টি নিবদ্ধ হৈছিল সীতাৰ প্ৰতি৷ সীতা আৰু শ্ৰীৰামচন্দ্ৰ দুয়োৰে
এই চাৰি চকুৰ মিলনেই প্ৰেম ভালপোৱাত পৰিণত হৈছিল৷ কম্বনে এইদৰে বাল্মীকি ৰামায়ণত
নোহোৱা কিছুমান নতুন ঘটনাৰ সন্নিবেশ কৰিছিল৷ এনেকুৱা নতুন ঘটনাবোৰ কৰবাত ক ৰবাত
পৰৱৰ্তী সময়ত চৰিত্ৰবোৰৰ মুখত নতুনকৈ সুমুৱাই দিয়া হৈছে আৰু এইদৰে কাহিনী-প্ৰবাহক
তেওঁৰ ৰামায়ণত গুৰুত্বসহকাৰে অংকন কৰিছে৷ কম্বনৰ ৰামায়ণত সন্নিবিষ্ট ৰাম-সীতাৰ
চাৰি চকুৰ মিলনৰ এই ঘটনা হনুমানে সীতাৰ অন্বেষণত লংকালৈ যাবলৈ ওলোৱা সময়ত
ৰামচন্দ্ৰই হনুমানৰ আগত বৰ্ণনা কৰিছিল৷ সীতাই যাতে হনুমানক ৰামৰ বিশ্বস্ত অনুচৰ
হিচাপে বিশ্বাস কৰে, সেইকথা প্ৰতিপন্ন কৰিবলৈকে শ্ৰীৰামচন্দ্ৰই ৰাম-সীতাৰ
এই ঘটনা সীতাৰ আগত উপস্থাপন কৰিবলৈ হনুমানক কৈছিল৷
পঞ্চবটী বনৰ পৰা ৰাৱণে সীতাক অপহৰণ কৰিবলৈ যোৱা
বৰ্ণনাৰ ক্ষেত্ৰতো বাল্মীকি আৰু কম্বন দুয়োগৰাকী মহাকাব্য ৰচকৰ পাৰ্থক্য বিৰাজমান৷
বাল্মীকিৰ বৰ্ণনা অনুসৰি ৰাৱণে সীতাক চুলিত ধৰি টানি লৈ কোলাত বহুৱাই লৈছিল আৰn আকাশ মাৰ্গেৰে লংকা অভিমুখে ৰাওনা হৈছিল৷ এই ক্ষেত্ৰত কম্বনে ভাবিছিল যে তেওঁ
যদি বাল্মীকিৰ দৰেই এই ঘটনাৰ বৰ্ণনা কৰে; তেতিয়াহ’লে সীতাৰ পবিত্ৰতাৰ
ক্ষেত্ৰত ই আঘাত কৰিব আৰু তামিলদেশৰ লোকসকলৰ অন্তৰত পূৰ্বৰে পৰা থকা সীতা
সম্পৰ্কীয় ধাৰণাৰো পৰিৱৰ্তন হ’ব৷ তেনেদৰে বৰ্ণনা কৰিলে সীতাই নিজৰ পবিত্ৰ স্থানৰ
পৰা …লিত হৈ পৰিব৷ কম্বনে সেয়ে বৰ্ণনা কৰিছিল যে ৰাৱণে সীতাৰ সৈতে সমগ্ৰ
পৰ্ণকুটীৰটোকে মাটিৰ পৰা খান্দি লৈছিল, পৰ্ণকুটীৰটোকেই লংকালৈ দাঙি লৈ
গৈছিল আৰু তাৰ পাছত লংকাৰ অশোকবনত সীতাক বন্দিনী হিচাপে ৰাখি থৈছিল৷ কম্বনৰ মতে
ৰাৱণে কোনো ক্ষেত্ৰতেই সীতাক শাৰীৰিকভাৱে স্পৰ্শ কৰা নাছিল৷ কম্বনে ৰাৱণৰ দ্বাৰা
সীতা অপহৰণৰ এই ঘটনা বিভিন্ন চৰিত্ৰৰ মুখেৰে অৱতাৰণা কৰিছে৷ প্ৰথমতে, জটায়ুৰ দ্বাৰা ৰামৰ আগত এই ঘটনাৰ কথা উল্লেখ কৰা হৈছে৷ সীতা অপহৰণ কাৰ্যত
ৰাৱণক বাটতে বাধা দিয়া গৃধ্ৰৰাজ জটায়ুৱে মৃত্যুৰ আগমুহূৰ্তত শ্ৰী ৰামচন্দ্ৰক লগ
পোৱা সময়ত ৰাৱণে সীতাক পৰ্ণকুটীৰসহ খান্দি লৈ অপহৰণ কৰা বুলি উল্লেখ কৰিছে৷
অশোকবনত হনুমানে সীতাক লগ পোৱা সময়তো কম্বনে এই পৰ্ণকুটীৰৰ উল্লেখ কৰিছে৷ সেই সময়ত
হনুমান সীতাৰ কথোপকথনৰ মাজতে সীতাই সেই পৰ্ণকুটীৰৰ পিনে হনুমানৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ হনুমানে
সীতাক লগ পাই লংকাৰ পৰা উভতি আহি শ্ৰীৰামচন্দ্ৰৰ সমুখত সীতা সম্পৰ্কীয় কথাবোৰ কোৱা
সময়তো ৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণে সাজি উলিওৱা সেই পৰ্ণকুটীৰটোতে বিৰহবেদনাত সীতাই
লংকা নগৰীত শ্ৰীৰামচন্দ্ৰৰ চিন্তাতেই দিনবোৰ অতিবাহিত কৰি থকা কথাও ক’বলৈ পাহৰা
আছিল৷
ৰাৱণৰ দ্বাৰা সীতা অপহৰণৰ প্ৰসংগত তামিল কবি কম্বনে
কিদৰে তামিল দেশৰ সামাজিক-সাংস্কৃতিক পটভূমিক বিবেচনালৈ আনি সেই অনুসৰি নিজৰ
দৃষ্টিভংগীৰে বিষয়টোৰ ৰূপদান কৰিছিল, সেই বিষয়লৈও দৃষ্টি নিবদ্ধ
কৰিবলগীয়া হয়৷ তামিলসকলৰ সামাজিক প্ৰথা অনুসৰি কোনো নাৰীৰ চুলিকোচা স্পৰ্শ কৰাৰ
অধিকাৰ কে ৱল তেওঁৰ স্বামী বা প্ৰেমিকৰহে থাকে; অন্য কোনো
পুৰুষেই অন্য নাৰীৰ চুলি স্পৰ্শ কৰিব নোৱাৰে৷ এনেধৰণৰ সামাজিক প্ৰথাৰ
পৰিপ্ৰেক্ষিতত কম্বনে সেয়ে সীতা থকা পৰ্ণকুটীৰটোকেই ৰাৱণে মাটিৰ সৈতে খান্দি লৈ
লংকালৈ উৰি গৈছিল বুলি বৰ্ণনা কৰিছে৷ তদুপৰি লংকা নগৰীত সীতাই অকথনীয় দুঃখ
দুৰ্যোগৰ মাজেৰে অতিবাহিত কৰা দিনবোৰৰ সৰহখিনি সময়েই সীতাই লংকা নগৰীৰ অপবিত্ৰভূমি
স্পৰ্শ নকৰাকৈ তাতেই জীৱন নিৰ্বাহ কৰিছিল৷
কম্বনৰ ৰামায়ণৰ অহল্যা চৰিত্ৰৰ বৰ্ণনাও এই ক্ষেত্ৰত
মন কৰিবলগীয়া৷ কম্বনে সাধাৰণ পাঠক সমাজৰ সহানুভূতি আৰু প্ৰশংসা লাভ কৰিবৰ জোখাৰে
অতি দক্ষতাৰে এই চৰিত্ৰটো অংকণ কৰিছে৷ বাল্মীকি ৰামায়ণ অনুসৰি অহল্যা আছিল ঋষি¸প্ৰবৰ গৌতমৰ ভাৰ্য্যা৷ স্বামী গৌতমৰ সৈতে আধ্যাত্মিক পৰিৱেশত তপস্যাৰ মাজেৰে
দিনবোৰ অতিবাহিত কৰি তেওঁলোকে সুখে সন্তোষেৰে বসবাস কৰিছিল৷ অহল্যা আৰু গৌতমৰ
সদানন্দ নামৰ এজন পুত্ৰও আছিল৷ এইদৰে আশ্ৰমত বসবাস কৰি থকা সময়তে এদিনাখন স্বৰ্গৰ
দেৱৰাজ ইন্দ্ৰই অহল্যাৰ ৰূপ-সৌন্দৰ্যত মুগ্ধ আৰু আকৰ্ষিত হৈ অহল্যাক সম্ভোগ কৰাৰ
মানসেৰে গৌতমৰ অনুপস্থিতিত গৌতম ঋষিৰ ভেশতেই আশ্ৰম কুটীৰত প্ৰৱেশ কৰিলে৷ অহল্যাৰ
ৰূপমুগ্ধ হৈ তেতিয়াই অহল্যাৰ সৈতে সংগম কামনা কৰিলে৷ কামনা বিহ৩লিত ইন্দ্ৰক গৌতমৰ
ৰূপত দেখি অহল্যাই কিন্তু চিনি পালে৷ অহল্যাই দেৱৰাজ ইন্দ্ৰক চিনি পালে যদিও; ইন্দ্ৰৰ কামাসক্তিৰ বিৰুদ্ধাচৰণ নকৰি সঁহাৰিহে জনালে৷ দেৱৰাজৰ সৈতে অহল্যা
সংগমকাৰ্যত লিপ্ত হ’ল আৰু সংগমকাৰ্যৰ অন্তত সন্তুষ্টি প্ৰকাশ কৰি দেৱৰাজ ইন্দ্ৰক
ধন্যবাদ জ্ঞাপন কৰিলে৷ অহল্যাই তেওঁলোকৰ মাজৰ এই সংগম কাৰ্যৰ গোপনীয়তা ৰক্ষা
কৰিবলৈও ইন্দ্ৰক আবেদন জনালে আৰু যিমানদূৰ পাৰে সোনকালে তাৰ পৰা আঁতৰি যাবলৈহে
অনুৰোধ কৰিলে৷ কিন্তু অহল্যাৰ দুৰ্ভাগ্যবশতঃ সিদিনাখন ঋষি গৌতম তীৰ্থজলত স্নান কৰি
উভতি আহিল আৰু অহল্যা-ইন্দ্ৰৰ গোপন সংগম কাৰ্যৰ বিষয়ে অৱগত হ’ল৷ ঋষি¸ গৌতমে তেতিয়া দুয়োকে অভিশাপ দিলে৷ গৌতমৰ অভিশাপৰ ফলস্বৰূপে দেৱৰাজ ইন্দ্ৰ
পুৰুষত্বহীন হ’ল আৰু অহল্যাও সেই আশ্ৰমৰে ভস্মৰাশিৰ মাজত কাৰো দৃষ্টিগোচৰ নোহোৱাকৈ
সহস্ৰ বৰ্ষ যাপন কৰিবলগীয়া হ’ল৷ পৰৱৰ্তী সময়ত দেৱৰাজ ইন্দ্ৰই অন্য দেৱতাসকলৰ
সহযোগত মেষমুষ্ক লাভ কৰি পুণৰ ইন্দ্ৰত্ব ঘূৰাই পালে আৰু আনহাতে দুৰ্ভগীয়া অহল্যায়ো
বহুবছৰৰ অভিশপ্ত জীৱন কটাই গৌতমৰ আশ্ৰমৰ কুটীৰত ৰামৰ আগমনৰ সময়ত শাপমুক্ত হ’ল৷
মেঘমুক্ত আকাশত চন্দ্ৰমা উজ্বলি উঠাৰ দৰে অহল্যাও সেই কুটীৰতেই জিলিকি উঠিল৷ ৰাম
লক্ষ্মণে তেতিয়া অহল্যাৰ চৰণ স্পৰ্শ কৰিলে আৰু অহল্যাকো কুটীৰৰ প্ৰচলিত আতিথ্য
ব্যৱস্থা অনুসৰি ৰাম-লক্ষ্মণক আদৰি ল’লে৷ অহল্যা-ইন্দ্ৰৰ শাপৰ পাছতেই আশ্ৰম ত্যাগ
ক ৰা মুনি গৌতমো তেতিয়া আশ্ৰমলৈ উভতি আহিল আৰু অভিশাপৰ পাছত পবিত্ৰ হৈ উঠা অহল্যাক
গ্ৰহণ কৰিলে৷
বাল্মীকিৰ ৰামায়ণত অহল্যা চৰিত্ৰৰ অংকন বাস্তৱধৰ্মী
হ’লেও; এই চৰিত্ৰই কিন্তু পাঠকৰ সহানুভূতি আকৰ্ষণ কৰিবলৈ
সমৰ্থ হোৱা নাই৷ বাল্মীকিৰ অহল্যা কেতিয়াও প্ৰশংসাৰযোগ্য আদৰ্শ-পৰায়ণ নাৰী নহয়৷
এজনী কামাতুৰা আৰু সম্ভোগলিপ্সাত আসক্তা নাৰী হিচাপে বাল্মীকিয়ে অহল্যাক অংকন
কৰিছে৷ কিন্তু কম্বনৰ ৰামায়ণৰ অহল্যা কামাতুৰা, সম্ভোগ
লিপ্সাসক্তা নাৰী নহয়৷ কম্বন-ৰামায়ণত ৰূপায়িত অহল্যাই এফালে যিদৰে পাঠকৰ সহানুভূতি
লাভ কৰিবলৈ সমৰ্থ হৈছে; আনফালে পাঠকৰ পৰা সন্মান আৰু
মৰ্যাদা লাভ কৰিবলৈও সমৰ্থ হৈছে৷ কম্বনৰ অহল্যা পাঠকসমাজে সতী নাৰীৰ সৈতে স্থান
দিবলৈ কোনোধৰণে কুণ্ঠাবোধ নকৰে৷ কম্বনৰ মতে গৌতম ঋষিৰ ভেশত অহা ইন্দ্ৰই অহল্যাক
প্ৰৱঞ্চনা কৰিছিল; দেৱৰাজ ইন্দ্ৰৰ সৈতে কাম চৰিতাৰ্থ কৰাৰ আগেয়ে অহল্যাই
সেয়া দেৱৰাজ বুলি সমূলি গম পোৱা নাছিল৷ কিন্তু অহল্যাই যেতিয়া সেয়া স্বামী গৌতম
ঋষি নহয় বুলি জানিলে তেতিয়া অহল্যা বিমূঢা. হৈ পৰিল আৰু অসহায়ভাৱে ভাগ্যৰ ওপৰতেই
নিজকে এৰি দিলে৷ যিয়েই নহওক ইন্দ্ৰৰ লগতে অহল্যাও শাপগ্ৰস্তা হ’ল৷ অহল্যা এইদৰে
শাপগ্ৰস্তা হ’ল যদিও কম্বনৰ অহল্যাই কিন্তু পাঠকসমাজৰ সহানুভূতি লাভ কৰিলে৷ নিজৰ
অজানা ভুলৰ বাবেই যে নিৰ্দোষী, নিষ্পাপ অহল্যা শাপগ্ৰস্তা হ’ল; সেই কথা পাঠক
সমাজে অনুভৱ কৰিলে৷ এই কথা স্পষ্ট ভাবে ক’ব পাৰি যে বাল্মীকিৰ অহল্যাই
ইচ্ছাকৃতভাৱে অন্যায় পাপকৰ্মত লিপ্ত হৈছিল; কিন্তু
কম্বনৰ অহল্যা দুৰ্ভাগ্যৰ বলি হৈছিল৷ এই ক্ষেত্ৰতেকম্বনে অংকন কৰা ৰামচন্দ্ৰৰ
চৰিত্ৰও মন কৰিবলগীয়া৷ বাল্মীকিয়ে অংকন কৰা ৰামচন্দ্ৰৰ বিষ্ণু অৱতাৰৰ ৰূপটোৰ
প্ৰতিও কম্বন সদা সচেতন আছিল আৰু সেয়ে বাল্মীকিৰ পৰা আঁতৰি আহি অহল্যাইহে
শ্ৰীৰামচন্দ্ৰৰ চৰণ স্পৰ্শ কৰাৰ কথা কম্বনে অৱতাৰণা কৰিছে৷ ৰামচন্দ্ৰই অহল্যাৰ
চৰণস্পৰ্শ কৰাৰ কথা কম্বনে উল্লেখ কৰা নাই৷
তামিল কবি কম্বনে এইদৰে ৰামায়ণ ৰচনাত বিভিন্ন চৰিত্ৰসমূহক উচ্ছ স্তৰলৈ লৈ যাব
বিচাৰিছে আৰু বিশেষকৈ তেওঁৰ ৰচনাত সীতা, অহল্যা আৰু তাৰা আদি নাৰী চৰিত্ৰই
স্বকীয় ৰূপত উদ্ভাসিত হৈ বাল্মীকিতকৈয়ো অধিকভাৱে যেন পাঠকসমাজৰ প্ৰশংসা আৰু সন্মান
লাভ কৰিবলৈ সমৰ্থ হৈছে৷
মহাকবি বাল্মীকিয়ে ৰামায়ণত ৰামচন্দ্ৰ-সীতা আদিৰ খাদ্য
সামগ্ৰীৰ যিবোৰ উল্লেখ কৰিছে কম্বনে সেই খাদ্য সামগ্ৰীৰো পৰিৱৰ্তন কৰা দেখা
যায়৷ তামিল দেশৰ সাংস্কৃতিক প্ৰভাৱৰ
ফলস্বৰূপেই নি(য় কম্বনে এই পৰিবৰ্তন সাধন কৰিবলগীয়া হৈছে৷ ৰাম লক্ষ্মণে সীতাৰে
সৈতে গংগা পাৰ হৈ যিদিনা গভীৰ বনত প্ৰবেশ
কৰিছিল সিদিনাখন বাল্মীকিয়ে বৰ্ণনা কৰা অনুসৰি দুয়ো ভাতৃয়ে চাৰিটাকৈ বৃহৎ আকাৰৰ
জন্তু বধ কৰিছিল৷ বৰাহ, ঋষ্য, পৃষত আৰু
মহাৰুৰু এই চাৰিবিধৰ হৰিণ বধ কৰি তেওঁলোকে সেইবোৰৰ মাংস ৰাতিৰ আহাৰৰ বাবে লৈছিল৷
চিত্ৰকূট পাহাৰৰ পদতলত বহি লৈ সীতাৰ সৈতে মন্দাকিনী নৈৰ সুললিত দৃশ্য উপভোগ কাৰ
সময়তো এদিনাখন শ্ৰী ৰামচন্দ্ৰই সীতাক মাংস খুৱাই তৃপ্ত কৰাইছিল আৰু কৈছিল
অগ্নিপক্ক মাংস অতিশয় সুস্বাদু বুলি৷
শ্ৰীৰামচন্দ্ৰ আৰু লক্ষ্মণক দিব্যৰূপধাৰী কৱন্ধই কিষ্কিন্ধা নগৰীত সুগ্ৰীৱ
তেওঁৰ সহায় হ’ব বুলি কৈ পম্পা সৰোবৰৰ পথ প্ৰদৰ্শনৰ সময়তো সেই সৰোবৰৰ ঘৃতপিণ্ডৰ দৰে
পুষ্ট চৰাইবোৰ, বৃহৎ আকাৰৰ ৰোহিত, বক্ৰতুণ্ড
আৰু নলমীন মাছ আদি তেওঁলোকৰ ভক্ষ্য হ’ব বুলি কৈছিল ৷ বাল্মীকি ৰামায়ণত এইদৰে
ৰাম-লক্ষ্মণ-সীতাক আমিষাহাৰী হিচাপে ৰূপায়িত কৰা হৈছে৷ কিন্তু কম্বন ৰামায়ণত
তেওঁলোক আমিষাহাৰী নহয়৷
তামিল ভাষাৰ মহান কবি তিৰুক্কুৰল ৰচয়িতা তিৰুভেল্লুভাৰে
(ণ্ঠ৷বœশ্ৰীব˜গ্গ বহুদিন আগেয়েই মাংস খোৱাটো এক মহাপাপ বুলি অভিহিত কৰিছিল আৰু তামিল
লোকসকলক মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল৷ তেওঁ সগৰ্বে ঘোষণা কৰিছিল যে
মাংস গ্ৰহণৰ পৰা আঁতৰি থকাটো উচ্ছসংস্কৃতি সম্পন্ন লোকৰ পৰিচায়ক৷ মহাকবি কম্বনে এই
গৰাকী তামিল কবিক উচ্ছ সন্মানেৰে আদৰি লৈছিল আৰু তেওঁৰ আদৰ্শ গ্ৰহণ কৰিয়েই তেওঁৰ
ৰামায়ণৰ মহান চৰিত্ৰসমূহক সামিষ ভোজনৰ পৰা আঁতৰত ৰাখিছিল৷ কম্বন ৰামায়ণত ৰাম সীতা
লক্ষ্মণে কেৱল মাত্ৰ সেউজীয়া শাক পাচলি, ফলমূল খায়েই বনবাসী জীৱন কটোৱাৰ
বিৱৰণহে সন্নিবিষ্ট কৰিছে৷ কেৱল মাত্ৰ ৰাক্ষস আৰু অপাৰ্থিৱ জীৱসমূহহে মাংসভোজী
হিচাপে কম্বনে বৰ্ণনা কৰিছে৷ তামিল দেশৰ সামাজিক সাংস্কৃতিক পৰিৱেশ সাপেক্ষে
কম্বনে বাল্মীকিৰ ৰচনাৰ সৈতে নিমিলা কিছুধৰণৰ বিষয় তেওঁৰ ৰামায়ণত সন্নিৱিষ্ট কৰাৰ
উপৰি বাল্মীকি ৰামায়ণত প্ৰাপ্ত কিছুমান সংকেতক সাৰথি কৰিয়ো তেওঁ কিছুমান বৰ্ণনাৰ
ৰূপদান কৰিছে৷ কম্বনৰ বৰ্ণনা অনুসৰি এনেবোৰ বিষয় যুক্তিপূৰ্ণ বুলিও গ্ৰহণ কৰিব
পাৰি৷ এই ক্ষেত্ৰতে অযোধ্যাৰ ৰজা দশৰথৰ অন্তে্যষ্টিক্ৰিয়াৰ প্ৰসংগ উল্লেখ কৰিব
পাৰি৷ বাল্মীকিয়ে বৰ্ণনা কৰা অনুসৰি দশৰথৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰিছিল
কৈকেয়ীৰ পুত্ৰ ভৰতে৷ কিন্তু কম্বনে ইয়াৰ পৰিৱৰ্তন কৰি শত্ৰুঘ্নৰ দ্বাৰাহে এই কাৰ্য
সম্পাদিত হোৱা দেখুৱাইছে৷
কম্বনৰ বৰ্ণনা অনুসৰি দশৰথৰ মৃত্যুৰ পাছত অযোধ্যাৰ
মন্ত্ৰীসকলে ভৰত আৰু শত্ৰুঘ্নক কেকয় ৰাজ্যৰ পৰা মতাই আনিছিল৷ অযোধ্যালৈ উভতি অহাৰ
পিছত ভৰতে তেওঁৰ অনুপস্থিতিত অযোধ্যাত কি হৈছিল সকলো জানিবলৈ পাইছিল৷ তেওঁৰ অন্তৰ
গভীৰ দুখত নিমজ্জিত হৈ পৰিছিল আৰু তেতিয়াই মাতৃকৃত দুষ্কাৰ্যৰ বাবে ভৰতে মাতৃ
কৈকেয়ীক অভিশাপ দিছিল৷ তাৰ পিছত তেওঁ মাতৃ কৌশল্যাৰ ওচৰলৈ গৈছিল৷ শ্ৰীৰামচন্দ্ৰক
বনবাসলৈ পঠোৱা অভিসন্ধিত ভৰতো জড়িত আছিল বুলি সন্দেহ কৰি থকা কৌশল্যাৰ মনৰ ভাব
আঁতৰ কৰিবলৈ ভৰতে বিনীতভাৱে অনুৰোধ জনাইছিল৷ ভৰতৰ নিৰ্দোষিতাত কৌশল্যা আশ্বস্ত
হৈছিল আৰু তেওঁৰ সন্দেহৰ ভাব আঁতৰি গৈছিল৷ তেতিয়াই তেওঁক ভৰতক পিতৃৰ
অন্তে্যষ্টিক্ৰিয়া কৰিবলৈও কৈছিল৷ সিদিনাখন তেনেদৰে শেষ হৈছিল৷ পিছদিনাখন ভৰতে
বশিষ্ঠৰ সৈতে গৈ পিতৃৰ মৃতদেহ দৰ্শন কৰিছিল৷ পিতৃ দশৰথৰ মৃতদেহটো দেখি ভৰত
দুখ-শোকত ম্ৰিয়মান হৈ পৰিছিল৷ ভৰত মাটিত ঢলি পৰিছিল আৰু হুৰাওৰাৱে কান্দিবলৈ
লৈছিল৷ সময়ত দশৰথৰ মৃতদেহ দাহন কৰিবৰ বাবে সৰযূ তীৰলৈ নিয়া হৈছিল৷ নিৰ্দিষ্ট
প্ৰকাৰৰ বৈদিক ক্ৰিয়া-কাণ্ডসমূহ সম্পন্ন কৰাৰ পাছত মৃতদেহ চিতাত তুলি দিয়া হৈছিল
আৰু ভৰতক পৰৱৰ্তী অন্তে্যষ্টিক্ৰিয়া কৰিবলৈ কোৱা হৈছিল৷ সেইমতে ভৰতে আগবাঢ়িছিল
আৰু তেতিয়াই কুলপুৰোহিত বশিষ্ঠই ইয়াতে বাধা দি কৈছিল যে দশৰথে কৈকেয়ীৰ বৰ দাবী
প্ৰসংগত অতি ক্ৰোধ পৰায়ণ হৈ ভৰতক তেওঁৰ পুত্ৰ বুলি অস্বীকাৰ কৰিছিল৷ বশিষ্ঠ মুনিৰ
মুখৰ এই কথাই ভৰতক আকৌ মৰ্মাহত কৰিছিল৷ পিতৃৰ শেষ কৃত্য কৰিবলৈ নোপোৱা বাবে নিজকে
নিজে অভিশাপ দিছিল৷ আৰু অৱশেষত শত্ৰুঘ্নই চিতাৰ জুই জ্বলাই দিছিল৷
সমালোচকৰ মতে দশৰথৰ শেষ কৃত্য সম্পৰ্কত বাল্মীকিয়ে
বৰ্ণনা কৰা চিত্ৰ বিশেষ আকৰ্ষণীয় নহয়৷ কিন্তু এই ক্ষেত্ৰত কম্বনে ৰূপদান কৰা বৰ্ণনাই
পাঠক-চিত্ত অতি মনোৰমভাৱে আকৰ্ষিত কৰিছে৷ সেই সময়ত বশিষ্ঠৰ বাধা প্ৰদান এনে নাটকীয়
হৈছে যে ইয়াৰ বাবে সেই সমগ্ৰ বিষয়বোৰৰ প্ৰতি পাঠক আকৰ্ষিত হৈছে; পাঠক সমাজ ভৰতৰ প্ৰতি অতি সহানুভূতিশীল হৈ পৰিছে৷ কিন্তু বাল্মীকি ৰামায়ণৰ
অন্তৰ্গত এটি সূত্ৰৰ আধাৰতে কম্বনে এই পৰিৱৰ্তন সাধিত কৰিছে বুলি সমালোচক-পণ্ডিতে
মত আগবঢ়াইছে৷ বাল্মীকিৰ বৰ্ণনা অনুসৰি কৈকেয়ীয়ে যেতিয়া তেওঁৰ বৰ দাবীত অচল-অটল হৈ
আছিল, খঙৰ ভমকত তেতিয়া দশৰথে কৈছিল যে ভৰতেও যদি
শ্ৰীৰামচন্দ্ৰৰ বনবাস যাত্ৰাকেই বিচাৰে তেতিয়াহ’লে যেন তেওঁৰ মৃত্যুৰ পাছত ভৰতে
কোনো পাৰলৌকিক সংস্কাৰ নকৰে৷ বাল্মীকিৰ
মতে কিন্তু দশৰথে ভৰতক পুত্ৰ হিচাপে অস্বীকাৰ কৰা নাছিল৷
কম্বনে কিন্তু এই ক্ষেত্ৰতে মূল ৰামায়ণৰ অলপ পৰিৱৰ্তন
কৰিছিল৷ খঙৰ ভমকত কম্বনৰ দশৰথে নিষ্ঠুৰা, আঁকোৰগোজ কৈকেয়ীক কৈছিল যে ভৰত
তেওঁৰ পুত্ৰ নহয় আৰু সেয়ে তেওঁৰ শেষ কৃত্য কৰিব নালাগে৷ কম্বনৰ এই সামান্য
পৰিৱৰ্তনটোৱে এইদৰে গোটেই ঘটনাটোকেই এক সুন্দৰ নাটকীয় ৰূপ প্ৰদান কৰিছে৷
শূৰ্পনখাৰ সৈতে শ্ৰীৰামচন্দ্ৰৰ সাক্ষাতৰ প্ৰসংগতো
কম্বনৰ ৰচনাত কিছু পৰিৱৰ্তন দেখা যায়৷ বাল্মীকিয়ে বৰ্ণনা কৰা মতে শূৰ্পনখাই
শ্ৰীৰামচন্দ্ৰক দেখা পোৱাৰ লগে লগে ৰামৰ প্ৰতি তেওঁৰ উন্মাদ আকৰ্ষণ অনুভৱ কৰিছিল, শ্ৰীৰামচন্দ্ৰৰ সৈতে শূৰ্পনখাৰ কাম লিপ্সাৰ মনোভাবৰ পাৰ নোহোৱা হৈছিল৷
বাল্মীকিয়ে শূৰ্পনখাক কুৰূপা, স্ফীতোদৰা, কুৎসিত
চক্ষুসম্পন্না, তাম বৰণীয়া, ৰুক্ষ চুলিৰে আউল-বাউল আৰু ভীতিজনক
কণ্ঠস্বৰেৰে কঠিন হূদয়া এগৰাকী নাৰীৰ ৰূপত অংকন কৰিছে ৷ শূৰ্পনখাই ৰাক্ষসী ৰূপত
শ্ৰীৰামচন্দ্ৰৰ সন্মুখত উপস্থিত হৈ শ্ৰীৰামচন্দ্ৰৰ হূদয় জয় কৰিব বিচাৰিছিল৷
এনেকুৱা এজনী কুৎসিত ৰাক্ষসীৰ সৈতে শ্ৰীৰামচন্দ্ৰই বাৰু কেনেদৰে উল্লসিত আনন্দেৰে
কথা-বতৰা কৈছিল, সেই কথা ভাবিবলগীয়া৷ কিন্তু কম্বনে এই ঘটনাকে সামান্য
ৰূপত পৰিৱৰ্তন কৰি সুন্দৰভাৱে গোটেই ঘটনাটোক ৰূপ দিছে৷ শূৰ্পনখাই এজনী অতি সুন্দৰী
নাৰীৰ ৰূপত শ্ৰীৰামচন্দ্ৰৰ সন্মুখত আৱিৰ্ভূত হৈছে৷ ৰাজহংস আৰু ময়ূৰৰ গতিৰে
শূৰ্পনখাই শ্ৰীৰামচন্দ্ৰৰ সন্মুখত খোজ কাঢ়িছে আৰু সেইদৰে সৰ্বাংগসুন্দৰ
শ্ৰীৰামচন্দ্ৰৰ অন্তৰ জয় কৰিবলৈ চেষ্টা কৰিছে৷ সেই গভীৰ বনৰ মাজত হঠাতে এনেকুৱা
এজনী সুন্দৰী নাৰীক দেখি শ্ৰীৰামচন্দ্ৰ আচৰিত হৈছে৷ তাৰ পিছত দুয়োৰে কথা-বতৰা
আৰম্ভ হৈছে৷ তেতিয়া ৰামে বুজি উঠিছে যে সেই সুন্দৰী নাৰী দৰাচলতে এজনী ৰাক্ষসীহে
আৰু অসৎ উদ্দেশ্য লৈ তেওঁৰ সন্মুখলৈ আহিছে৷ শ্ৰীৰামচন্দ্ৰ আৰু শূৰ্পনখাৰ এই
সাক্ষাতৰ বৰ্ণনা কম্বনে অপূৰ্ব ৰূপত সন্নিবিষ্ট কৰিছে৷ কম্বনে শূৰ্পনখাক কেনেদৰে
এগৰাকী অপূৰ্ব সুন্দৰী নাৰীলৈ ৰূপান্তৰিত কৰিছিল, তাৰ সূত্ৰও
বাল্মীকি ৰামায়ণত পোৱা যায়৷ শূৰ্পনখাই
নিজৰ ইচ্ছা অনুসৰি দৈহিক ৰূপ সলনি কৰাৰ মায়াবী শক্তি আছিল বুলি বাল্মীকিয়ে ৰামায়ণত
কৈ গৈছে৷ শূৰ্পনখাৰ নাক-কাণ কটাৰ পিছত তেওঁ যেতিয়া সেই বনৰ মাজতে ভাতৃ খৰ ৰাক্ষসৰ
সন্মুখত উপস্থিত হৈ সকলোবোৰ দুৰ্ঘটনাৰ কথা বিৱৰি কৈছিল তেতিয়া খৰ আচৰিত হৈ পৰিছিল৷
শূৰ্পনখাক উদ্দেশ্য কৰি খৰে কৈছিল, “তুমিতো যথেষ্ট বল-বিক্ৰম সম্পন্না; ইচ্ছা
অনুসৰি যতে ততে ঘূৰি ফুৰাৰ ক্ষমতাও তোমাৰ আছে, তুমি
কালান্তৰৰ দৰে ঘোৰ দৰ্শনা৷ তদুপৰি তোমাৰ আছে ইচ্ছামতে ৰূপধাৰণৰ সামৰ্থ্য৷
তেনেক্ষেত্ৰত কোনে বাৰু আজি তোমাৰ এনেকুৱা অৱস্থা কৰিলে?” শূৰ্পনখাই
ইচ্ছামতে ৰূপধাৰণ কৰিবৰ ক্ষমতা আছে বুলি কোৱা খৰ ৰাক্ষসৰ এই কথাকেই সূত্ৰ হিচাপে
লৈ কম্বনে বাল্মীকিৰ বিপৰীতে শূৰ্পনখাৰ অতি সুন্দৰী নাৰী ৰূপ এটি অংকন কৰিছে আৰু
এইদৰে সমগ্ৰ দৃশ্যটোকেই অবিস্মৰণীয় ৰূপত অংকন কৰিছে৷
কম্বনৰ ৰামায়ণৰ আৰু এটা সূক্ষ্ম পৰিৱৰ্তনৰ কথা উল্লেখ
কৰিব পাৰি৷ চৈধ্যবছৰ বনবাসত কটাই অযোধ্যালৈ শ্ৰীৰামচন্দ্ৰ উভতি আহিবৰ দিনাখন ভৰতৰ
কাৰ্য এই প্ৰসংগত মনকৰিবলগীয়া৷ কম্বনে ভৰতৰ সিদিনাখনৰ কাৰ্য এইদৰে বৰ্ণনা কৰিছে৷
ভৰতে শ্ৰীৰামচন্দ্ৰৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল৷ শ্ৰীৰামচন্দ্ৰৰ
প্ৰেমৰ প্ৰতীক স্বৰূপে তেওঁ শাসনভাৰ গ্ৰহণ কৰি আছিল৷ শ্ৰীৰামচন্দ্ৰৰ অনুপস্থিতিৰ
সেই সমগ্ৰ সময়খিনি তেওঁ কেৱল শাক-পাচলি আৰু ফল-মূল খায়েই জীৱন নিৰ্বাহ কৰিছিল৷
অনবৰতে তেওঁ দক্ষিণ দিশৰ ফালে দৃষ্টি নিৱদ্ধ কৰি ৰাখিছিল আৰু তেওঁৰ দুচকুৰে চকুলো
নিগৰি গাল-মুখ ভিজি আছিল৷ জ্যোতিষীসকলে সেইদিনাখনেই শ্ৰীৰামচন্দ্ৰ উভতি আহিব বুলি
কৈছিল৷ কিন্তু তেওঁ ৰামক নেদেখি উচুপি উঠিছিল আৰু মূৰ্ছা গৈছিল৷ তেওঁৰ সন্দেহ
হৈছিল যে ভৰতে দেশ শাসন কৰিবলৈ পাই আনন্দমনেৰে থকা বুলি ভাবিয়েই সম্ভৱতঃ ৰামে
বনবাসী জীৱনকে কটাই আছে; অযোধ্যালৈ উলটি আহিব বিচৰা নাই৷
তেওঁ তেতিয়া কনিষ্ঠ ভাতৃ শত্ৰুঘ্নক মতাই আনিলে আৰু লগে লগে ৰাজ্য শাসনৰ দায়িত্বভাৰ
লবলৈ আদেশ কৰিলে৷ ভৰতে আত্মজাহ কৰিবৰ বাবে জুই জ্বলাই ল’লে৷ কিন্তু শত্ৰুঘ্ন
বিপাঙত পৰিল৷ ইতিমধ্যে কৌশল্যাই সমস্ত খবৰটো পালে আৰু দৌৰি আহি আত্মজাহ কৰিবলৈ
ওলোৱা ভৰতক বাধা দিলে৷ ভৰতক আত্মজাহত বাধা দিবলৈ আহি কৌশল্যাই ক’লে যে ভৰত
শ্ৰীৰামচন্দ্ৰতকৈ হেজাৰ গুণে শ্ৰেষ্ঠ আৰু তেওঁৰ মৃত্যুৱে সমগ্ৰ পৃথিৱীখনক দুখ
সাগৰত নিমজ্জিত কৰিব৷ কিন্তু ভৰতে তেওঁৰ কথালৈ মনোযোগ নিদিলে৷ জ্বলি থকা জুইৰ
চাৰিওফালে ভৰত ঘূৰিবলৈ ধৰিলে৷ এনেকুৱা সময়ত পৰিস্থিতি কি হ’ব; ভৰতক কেনেকৈ বাধা দিব এই কথা ভাবিব নোৱাৰি উপস্থিত সকলোৱে স্তম্ভিত হৈ থিয় দি
থাকিল৷ অলপ পিছতেই হয়তো ভৰতে জুইত জঁপিয়াই আত্মজাহ দিব৷ ঠিক সেই সময়ত প্ৰবল গতিৰে
হনুমান তাত আহি উপস্থিত হ’ল৷ হনুমানে ৰামৰ আগমনৰ বাতৰি ঘোষণা কৰিলে আৰু জুই নুমাই
পেলালে৷ আত্মজাহৰ মনোভাবৰ পৰা মুক্ত ভৰত আৰু হনুমানে সিদিনাখন গোটেই ৰাতিটো
শ্ৰীৰামচন্দ্ৰৰ বনবাসী জীৱনৰ ঘটনাবোৰ কৈয়েই পাৰ কৰিলে৷ তাৰ পাছদিনাখন
শ্ৰীৰামচন্দ্ৰ অযোধ্যাত উপস্থিত হৈ সকলোকে আনন্দ প্ৰদান কৰিলে৷
কম্বনৰ ৰামায়ণত ৰূপায়িত ভৰতৰ আত্মজাহৰ মনোভাবৰ এই
ঘটনা বাল্মীকি ৰামায়ণত পোৱা নাযায়৷ বাল্মীকিয়ে বৰ্ণনা কৰা অনুসৰি শ্ৰীৰামচন্দ্ৰই
অযোধ্যালৈ উভতি অহাৰ আগেয়ে ভৰতৰ আচৰণৰ পৰা তেওঁৰ মনোভাব বুজি ল’বলৈ হনুমানক ভৰতৰ
ওচৰলৈ পঠিয়াইছিল৷ ক্ষমতাৰ লোভ আৰু ক্ষমতা প্ৰাপ্তিয়ে স্বাভাৱিকতে মানুহৰ মনোভাব
নষ্ট কৰে আৰু সেয়ে শ্ৰীৰামচন্দ্ৰৰ অযোধ্যা আগমনত ভৰতৰ মনোভাব কেনে সেই কথা জানি
লোৱাটোৱেই আছিল শ্ৰীৰামচন্দ্ৰৰ উদ্দেশ্য৷ হনুমানৰ মুখেৰেই আনকি শ্ৰীৰামচন্দ্ৰই
জনাবলৈ বিচাৰিছিল যে ভৰতে বিচাৰিলে তেওঁ ভৰতৰ হাততেই ৰাজ্যৰ শাসনভাৰ সম্পূৰ্ণৰূপে
দিবলৈও সাজু৷ সেই উদ্দেশ্যেই হনুমান ভৰত থকা ঠাইলৈ গৈছিল৷ হনুমানে অযোধ্যাৰ
নিকটৱৰ্তী স্থানত ভৰত থকা কুটীৰলৈ গৈছিল আৰু মূৰৰ জটাৰে সৈতে নিষ্প্ৰভ, নিৰুজ্জ্বল ভৰতক তাত দেখিবলৈ পাইছিল৷ ভৰতে সেই সময়ত গছৰ বাকলিৰে তৈয়াৰী
চীৰবস্ত্ৰ পৰিধান কৰি আছিল৷ দেখাত তেওঁক এগৰাকী তপস্বী যেন লাগিছিল আৰু তেওঁৰ
চিন্তা সততে কেৱল শ্ৰীৰামচন্দ্ৰতে নিৱদ্ধ আছিল৷ ৰামৰ পাদুকাযোৰ থাপনাত থৈ তেওঁ
শ্ৰীৰামচন্দ্ৰৰ একনিষ্ঠ প্ৰতিনিধি হিচাপে ৰাজ্য শাসন কৰি আছিল৷ তেওঁৰ চাৰিওফালে
ৰাজমন্ত্ৰী আৰু সৈন্যাধ্যক্ষসকলে নিজৰ
নিজৰ স্থান গ্ৰহণ কৰিছিল৷ ভৰত সেই সময়ত শেতা হৈ পৰিছিল আৰু ক্ষীণাই গৈছিল৷ সেই সময়তে
হনুমানে ভৰতৰ কাষ চাপি অযোধ্যালৈ শ্ৰীৰামচন্দ্ৰ উভতি আহি আছে বুলি বাতৰি দিছিল৷
বাল্মীকিৰ ৰামায়ণত ভৰতৰ এই আত্মজাহৰ মনোভাবৰ ঘটনা নাই যদিও, তামিল কবি কম্বনে তেওঁৰ ৰামায়ণত এই ঘটনা এইদৰে সন্নিৱিষ্ট কৰিয়ো যে ৰামায়ণৰ
ঘটনা আকৰ্ষণীয় কৰি তুলিছে সেই কথা স্বীকাৰ কৰিব লাগিব৷ এই ক্ষেত্ৰতো কম্বনে
বাল্মীকি ৰামায়ণত সন্নিৱিষ্ট এটি সূত্ৰকেই ইয়াৰ আধাৰ হিচাপে গ্ৰহণ কৰিছে৷
বাল্মীকিৰ ৰামায়ণৰ অযোধ্যা কাণ্ডৰ দ্বাদশাধিকশততম্ সৰ্গৰ এটা উল্লেখ অনুসৰি শ্ৰীৰামচন্দ্ৰক বনবাসৰ পৰা ফিৰাই আনিব নোৱাৰি
ভৰতে অৱশেষত শ্ৰীৰামচন্দ্ৰৰ পাদুকা দুটিকেই লৈ অযোধ্যালৈ উভতি আিহবলৈ মন কৰিলে৷ আৰু
তেতিয়াই ভৰতে শ্ৰীৰামচন্দ্ৰক কলে “হে বীৰ ৰঘুকুলমণি, মই ইয়াৰ
পাছত চৈধ্যবছৰ এই পাদুকা যুগলৰ ওপৰত ৰাজ্যভাৰ অৰ্পণ কৰি জটাচীৰ ধাৰণ কৰি ফল-মূলাদি
ভক্ষণ কৰি নগৰ-দ্বাৰৰ বাহিৰত কাম কৰি আপোনাৰ বাবে অপেক্ষা কৰি থাকিম৷ চৈধ্য বছৰ
অন্ত হোৱাৰ পাছতো যদি আপোনাক দেখা নাপাওঁ, তেতিয়া মই
নিশ্চিতভাৱে অগ্নিত প্ৰৱেশ কৰিম৷” শ্ৰীৰামচন্দ্ৰক এইদৰে কৈ ভৰতে শ্ৰীৰামচন্দ্ৰৰ
স্বৰ্ণ পাদুকাযুৰি গ্ৰহণ কৰিলে আৰু অযোধ্যালৈ উভতি আহিল৷
বাল্মীকি-ৰামায়ণত প্ৰাপ্ত ভৰতৰ আবেদনৰ এই কথাখিনিয়েই
নি(য় কম্বনৰ কল্পনাশক্তি জগাই তুলিছিল৷ সেয়ে তেওঁ ইচ্ছাকৃতভাৱে ৰামৰ আগমন কাৰ্য
পিছুৱাই ৰাখিছিল; যাতে ভৰতে অগ্নিত আত্মজাহ দিবৰ বাবে সকলোখিনি
প্ৰস্তুতি সম্পন্ন কৰিব পাৰে৷ কম্বনৰ এই কল্পিত কাৰ্যই এফালে যিদৰে ৰামায়ণৰ ঘটনাক
নাটকীয় ৰূপ দিছে; আনহাতে ভৰতকো এগৰাকী উচ্ছচৰিত্ৰ সম্পন্ন ব্যক্তিলৈ
পৰ্যবসিত কৰিছে৷
বাল্মীকিৰ নিচিনাকৈ কম্বনেও একেধৰণে কিছুমান ঘটনাৰ
ৰূপ দিছে যদিও সেইবোৰ ঘটনাৰ বৰ্ণনাত অধিক
গুৰুত্ব আৰোপ কৰিছে৷ কোনো কোনো ঘটনাক আকৌ তেওঁ ৰামায়ণ কাহিনীৰ
বাল্মীকি-বৰ্ণিত প্ৰসংগত উপস্থাপিত নকৰি বেলেগ বেলেগ প্ৰসংগতহে উপস্থাপিত কৰিছে৷ কম্বন
আৰু বাল্মীকিৰ মহাকাব্যৰ অন্ধমুনিৰ কাহিনী, ভৰতে গুহৰ
সৈতে দশৰথ ৰজাৰ ৰাণীসকলক চিনাকি কৰি দিয়া
কাৰ্য আৰু ৰাক্ষসসকলৰ অত্যাচাৰৰ সন্মুখীন হোৱা ঋষিসকলক তেওঁলোকে বিচৰা অনুসৰি
শ্ৰীৰামচন্দ্ৰই ক্ষমা কৰিবলৈ লোৱা দৃঢ় সংকল্পৰ বিষয়ৰ বৰ্ণনাসমূহ এইক্ষেত্ৰতেই
উল্লেখ কৰিব পাৰি৷
অন্ধ পিতৃ-মাতৃৰ অতি প্ৰিয় কৰ্তব্যপৰায়ণ পুত্ৰজনৰ
কাহিনীৰ কথা বাল্মীকিৰ দৰে কম্বনেও ৰামায়ণত উপস্থাপিত কৰিছে৷ বাল্মীকিৰ ৰামায়ণৰ অনামা ঋষিপুত্ৰ কিন্তু কম্বন
ৰামায়ণত শ্ৰৱণ নামেৰে জনাজাত৷ এইজন মুনিপুত্ৰই সততে পিতৃ-মাতৃৰ সেৱা কৰিছিল আৰু
তেওঁৰ বাবে দুয়োজনেই নিজৰ নিজৰ অসামৰ্থ্যৰ কথা কোনোদিনেই অনুভৱ কৰা নাছিল৷ এদিনাখন
ৰাতিপুৱা তেওঁ পিপাসাৰ্ত পিতৃ-মাতৃলৈ পানী আনিবৰ বাবে হাতত পাত্ৰ এটি লৈ নৈলৈ
গৈছিল৷ সেই সময়তো সেই ঠাইখিনিৰ পৰা আন্ধাৰ আঁতৰি যোৱা নাছিল৷ পানী ভৰাবৰ বাবে তেওঁ
যেতিয়া পাত্ৰটো নৈৰ পানীত ডুবাই দিলে তেতিয়া তাত পানীৰ এটা শব্দ হ’ল৷ শব্দটো
এনেকুৱা হ’ল যেন তাত কোনোবা এটা হাতীয়ে পানী খাবলৈহে গৈছে৷ সেই সময়ত তাৰ পৰা কিছু
দূৰত বন-জংঘলৰ মাজত দশৰথে চিকাৰ কৰি আছিল৷ পাত্ৰটোত পানী ভৰাওঁতে হোৱা সেই
শব্দটোকে ৰজা দশৰথে হাতীয়ে পানী খোৱাৰ শব্দ বুলি ভুলকৈ ধাৰণা কৰিলে৷ ৰজা দশৰথে লগে
লগে সেই শব্দ অনুসৰণ কৰি বাণ নিক্ষেপ কৰিলে৷ দুৰ্ভাগ্যক্ৰমে দশৰথ
নিক্ষিপ্ত সেই শৰে মুনি পুত্ৰৰ বুকুত বিন্ধিলে আৰু লগে লগে সি কান্দি বাগৰি পৰিল৷
দশৰথে শব্দ শুনি লগে লগে তালৈ দৌৰি গ’ল আৰু সেই মুনি পুত্ৰৰ তেজেৰে তুমৰলি হৈ পৰা
দেহটো দেখিলে৷ মৃতপ্ৰায় মুনি পুত্ৰই ৰজা দশৰথৰ মাতত তেওঁৰ পিতৃ-মাতৃৰ বিষয়ে
সকলোখিনি ক’লে আৰু মুনি পুত্ৰ সেইদৰে শৰাঘাতপ্ৰাপ্ত হোৱাৰ কথাখিনিও পিতৃ-মাতৃক
জনাবলৈ ক’লে৷ দশৰথৰ মুখত মুনি পুত্ৰৰ এই নিকৰুণ মৃত্যুৰ কথা শুনি অন্ধ মুনিয়ে
দশৰথক অভিশাপ দিলে যে দশৰথো এদিনাখন পুত্ৰ বিচ্ছেদৰ সন্মুখীন হৈ মৃত্যুবৰণ কৰিব৷
মহাৰাজ দশৰথৰ বাণবিদ্ধ হৈ মৃত্যুবৰণ কৰা এই মুনি
পুত্ৰৰ ঘটনা বাল্মীকি আৰু কম্বন দুয়োগৰাকী কবিৰ ৰচনাতেই পোৱা যায় যদিও, দুয়োখনতেই এই ঘটনা কিন্তু ভিন ভিন প্ৰসংগতহে
উপস্থাপন কৰা হৈছে৷ বাল্মীকি ৰামায়ণত দশৰথৰ মৃত্যুৰ আগে আগে দশৰথে কৌশল্যাৰ আগত নিজে এই ঘটনাৰ বিৱৰণ দাঙি ধৰিছে৷
শ্ৰীৰামচন্দ্ৰ বনবাসলৈ যোৱাৰ পাঁচদিনৰ মূৰত গংগা নদীৰ পাৰৰ পৰাই সুমন্ত্ৰই
ৰাজধানীলৈ উভতি আহে৷ শ্ৰীৰামচন্দ্ৰহঁত বনবাসত প্ৰৱেশ কৰাৰ কথা সুমন্ত্ৰৰ পৰাই
কৌশল্যাই জানিবলৈ পায়৷ শ্ৰীৰামচন্দ্ৰৰ বিৰহ দুখে কৌশল্যাক মৰ্মাহত কৰি তোলে আৰু
তেতিয়াই শ্ৰীৰামচন্দ্ৰক বনবাসলৈ পঠোৱা বাবে ৰজা দশৰথক তিৰষ্কাৰ কৰিবলৈ ধৰে৷ দশৰথে
কেৱল কৌশল্যাকে ধবংস কৰা বুলি নকৈ
শ্ৰীৰামচন্দ্ৰ আৰু লগতে সমগ্ৰ ৰাজ্যখনকেই ধবংসৰ গৰাহলৈ ঠেলি দিয়া বুলি তেওঁ অভিযোগ
কৰে৷ কৌশল্যাৰ মুখৰ সেই তীব্ৰ বাক্যবাণ
সহিব নোৱাৰি দশৰথে হুমুনিয়াহ কাঢ়িবলৈ ধৰে৷ দশৰথে তেওঁৰ ভুলৰ বাবে মাৰ্জনা কৰিবলৈ
কৌশল্যাক অনুৰোধ কৰে৷ কৌশল্যাই তেতিয়া দশৰথক সাbLনা বাণীৰে
শান্ত কৰিলে আৰু দশৰথৰ টোপনি গ’ল৷ তাৰ পাছদিনা ৰাতি দশৰথে সেই ঋষি অভিশাপৰ কথা
স্মৰণ কৰিলে আৰু সমগ্ৰ ঘটনাটো কৌশল্যাৰ আগত বিৱৰি ক’লে৷ অন্ধমুনিৰ অভিশাপত সেই
কাহিনী কোৱাৰ পাছতেই শ্ৰীৰামচন্দ্ৰই অযোধ্যা এৰি যোৱাৰ ষষ্ঠ দিনাখন ৰাতিয়েই ৰজা
দশৰথৰ মৃত্যু হ’ল৷
কিন্তু কম্বনৰ ৰামায়ণত অতি উপযুক্তভাৱে দশৰথৰ প্ৰতি
ঋষি অভিশাপৰ এই কাহিনী উপস্থাপন কৰা হৈছে৷
কম্বনৰ বৰ্ণনা অনুসৰি শ্ৰীৰামচন্দ্ৰৰ অভিষেকৰ বাবে যাৱতীয় সকলোবোৰ কাৰ্য সম্পন্ন
কৰিবলৈ আদেশ দি ৰজা দশৰথে মনৰ আনন্দ আৰু উ২৬৩াসেৰে কৈকেয়ীৰ প্ৰাসাদত প্ৰবেশ কৰিলে৷
তেতিয়া আছিল নিশাৰ সময় আৰু তেনে সময়তে দশৰথে মনৰ আনন্দৰ বিপৰীতে তাত অস্বাভাৱিক
পৰিস্থিতিৰ সন্মুখীন হ’ল৷ তেতিয়াই ৰাজমহিষী কৈকেয়ীয়ে তেওঁৰ দাসী কুঁজী মন্থৰাৰ
প্ৰৰোচনাত ৰজা দশৰথৰ সন্মুখত থিয় হৈ বৰ দুটা বিচাৰিলে৷ পূৰ্বৰ অংগীকাৰমতে দশৰথে বৰ
দুটা দিবলৈ বাধ্য হৈ পৰিল৷ পাছদিনাখন ৰাতিপুৱাই কৈকেয়ীয়ে শ্ৰীৰামচন্দ্ৰক মাতি
পঠিয়ালে৷ কৈকেয়ীৰ প্ৰাসাদত শ্ৰীৰামচন্দ্ৰই প্ৰৱেশ কৰাৰ লগে লগে কৈকেয়ীয়ে ৰজা দশৰথৰ
আদেশ অনুসৰি শ্ৰীৰামচন্দ্ৰ চৈধ্য বছৰৰ বাবে বনবাসলৈ যাব লাগে আৰু তেওঁৰ ঠাইত ভৰত
অযোধ্যাৰ ৰজা হ’ব বুলি জনালে৷ শ্ৰীৰামচন্দ্ৰই তেতিয়া পিতৃৰ সেই আদেশ গ্ৰহণ কৰিলে৷
তেওঁ লগে লগে মাতৃ কৌশল্যাৰ ওচৰলৈ গৈ তেওঁৰ বনবাসৰ কথা জনালে৷ কৌশল্যাই সেই কথা
শুনি হতবুদ্ধি হ’ল যদিও লগে লগে কৈকেয়ীৰ প্ৰাসাদলৈ দৌৰি গ’ল৷ কৌশল্যাৰ উদ্দেশ্য
আছিল ৰজা দশৰথক অনুৰোধ কৰি ৰামৰ বনবাসযাত্ৰা বন্ধ কৰা৷ কিন্তু তালৈ গৈ ৰজা দশৰথৰ
মৰ্মাহত অৱস্থা দেখি কৌশল্যা পুনৰ বিবুধিত পৰিল৷ পুত্ৰ শ্ৰীৰামচন্দ্ৰই কৌশল্যাক
এৰি থৈ বনবাসলৈ যাত্ৰা কৰা বাবে কৌশল্যাই বিনাবলৈ ধৰিলে আৰু সেই বিননিৰ মাজেৰেই
এতিয়া ৰজা দশৰথেও তেওঁক এৰি যাব নেকি সুধিবলৈ ধৰিলে৷ কৌশল্যাৰ বিননিৰ সেই অৱস্থাৰ
মাজতেই দশৰথে তেওঁৰ প্ৰতি ঋষি অভিশাপৰ সেই কাহিনী বৰ্ণনা কৰিছিল৷ ইতিমধ্যে
শ্ৰীৰামচন্দ্ৰই সীতাদেৱী আৰু ভাতৃ লক্ষ্মণসহ বনবাসলৈ যাত্ৰা কৰিছিল৷ গধূলি হোৱাৰ
আগেয়ে তেওঁলোকৰ ৰথ সৰযূনদীৰ পাৰ পাইছিল৷ শ্ৰীৰামচন্দ্ৰৰ পাছে পাছে যোৱা
অযোধ্যাবাসী তেতিয়া নদীৰ পাৰতে গভীৰ টোপনিত নিমগ্ন হ’ল৷ ৰামে তেতিয়া ৰথৰ সাৰথি
সুমন্ত্ৰক সেই লোকসকলক নজগোৱাকৈ অযোধ্যালৈ
উভতি যাবলৈ অনুৰোধ কৰিলে যাতে টোপনিৰ পৰা উঠি তেওঁলোকে ৰাম-সীতা আদিক নেদেখি অযোধ্যালৈ
উভতি যোৱা বুলি ভাবে৷ শ্ৰীৰামচন্দ্ৰৰ অনুৰোধমৰ্মে ৰথৰ সাৰথি দুঃখমনেৰে অযোধ্যালৈ
উভতিল৷
সিদিনাখন ৰাতিপুৱাবলৈ কিছুসময় থকাতেই সুমন্ত্ৰ
অযোধ্যা নগৰী পালেগৈ৷ শ্ৰীৰামচন্দ্ৰই অযোধ্যানগৰী এৰি যোৱাৰ সেয়া আছিল দ্বিতীয়
দিন৷ ৰাতিপুৱাতেই সুমন্ত্ৰই অযোধ্যাৰ কুলপুৰোহিত বশিষ্ঠৰ সৈতে ৰাজপ্ৰাসাদলৈ গ’ল৷
ৰজা দশৰথে শ্ৰীৰামচন্দ্ৰ উভতি আহিছে নেকি সুমন্ত্ৰক সুধিলে৷ কিন্তু সুমন্ত্ৰই
যেতিয়া ৰামচন্দ্ৰই সীতা আৰু লক্ষ্মণেৰে সৈতে বনত প্ৰৱেশ কৰা বুলিহে ক’লে, তেতিয়া দশৰথৰ ধৈৰ্য্যৰ বান্ধ সুলকি গ’ল৷ শ্ৰীৰামচন্দ্ৰৰ বিচ্ছেদৰ সেই দুঃখ ৰজা
দশৰথে সহ্য কৰিব নোৱাৰিলে৷ অন্তৰত অতিশয় আঘাত কৰা সেই বাতৰি শুনাৰ লগে লগেই দশৰথৰ মৃত্যু হ’ল৷ বাল্মীকিৰ ৰামায়ণত
শ্ৰীৰামচন্দ্ৰই বনত প্ৰৱেশ কৰা কথা শুনাৰ এদিন পাছলৈকো দশৰথ জীয়াই আছিল৷ কিন্তু
কম্বন ৰামায়ণত তেওঁৰ মৃত্যু অতি আকস্মিক৷ শ্ৰীৰামচন্দ্ৰৰ বনবাসৰ বাতৰিয়ে তীব্ৰ
আঘাত কৰাৰ লগে লগেই তেওঁৰ মৃত্যু হ’ল৷ কম্বনে ৰজা দশৰথৰ মৃত্যু অতি শোকাৱহ কৰি
তুলিবৰ বাবে ঋষি অভিশাপৰ কাহিনী উপযুক্ত প্ৰসংগত আগতেই উল্লেখ কৰি গৈছে৷
ভৰতৰ দ্বাৰা ৰজা দশৰথৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছত
শ্ৰীৰামচন্দ্ৰক বনবাসৰ পৰা ওভোটাই আনিবৰ বাবে ভৰতে অযোধ্যাবাসী আৰু সৈন্য-সামন্তসহ
শ্ৰীৰামচন্দ্ৰক লগ পাবলৈ কৰা যাত্ৰাৰ সময়ত বাটত নিষাদৰাজ গুহ আৰু মহামুনি ভৰদ্বাজৰ
সান্নিধ্য লাভ কৰিছিল৷ মহামুনি ভৰদ্বাজৰ সৈতে ভৰতৰ মাতৃসকলৰ সান্নিধ্য আৰু পৰিচয়
প্ৰদানৰ বৰ্ণনা বাল্মীকি ৰামায়ণৰ অযোধ্যাকাণ্ডৰ দ্বিনবতিতম সৰ্গত পোৱা যায়৷ ঋষি
ভৰদ্বাজৰ আশ্ৰমত এনিশা কটাই ভৰতে যেতিয়া ৰামৰ অন্বেষণত বিদায় ল’বলৈ ওলাইছিল, তেতিয়াই ভৰতে ভৰদ্বাজৰ সন্মুখত তেওঁৰ মাতৃসকলৰ পৰিচয় কৰাই দিছিল৷ সেই সময়ত
গভীৰ দুঃখশোক আৰু অনশনত কাতৰ হৈ থকা কৌশল্যাৰ পিনে দেখুৱাই তেওঁ ৰজা দশৰথৰ প্ৰধান
মহিষী আৰু পুৰুষব্যাঘ্ৰ সিংহবিক্ৰম শ্ৰীৰামচন্দ্ৰৰ জননী বুলি কৈছিল৷ শোকাকুলা
সুমিত্ৰালৈ দেখুৱাই দেৱতুল্য পৰাক্ৰান্ত পুত্ৰদ্বয় লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ
বুলি কৈছিল৷ আৰু শেষত যাৰ দুষ্কাৰ্যৰ বাবে নৰশ্ৰেষ্ঠ ৰাম-লক্ষ্মণে দুঃসহ কষ্ট ভোগ
কৰিবলগীয়া হৈছিল, যাৰ বাবে ৰজা দশৰথে প্ৰাণ ত্যাগ কৰিছিল; সেই কোপনস্বভাৱা, গৰ্বিতা, ঐশ্বৰ্যলুব্ধা নিষ্ঠুৰা কৈকেয়ীক
তেওঁৰ মাতৃ বুলি চিনাকি কৰাই দিছিল৷ এই ক্ষেত্ৰত মনকৰিবলগীয়া যে বাল্মীকিৰ
বৰ্ণনাত ভৰতে ভৰদ্বাজৰ আশ্ৰমৰ পৰা যাবলৈ
ওলোৱা সময়ত ভৰদ্বাজৰ প্ৰশ্নতহে এনেদৰে পৰিচয় কৰাই দিছিল৷
কিন্তু কম্বনৰ ৰামায়ণত ভৰতমাতৃসকলৰ এই পৰিচয় গুহৰ
প্ৰসংগত ভিন্ন সময়তহে দেখা যায়৷ বাল্মীকিৰ ৰামায়ণত গুহৰ সন্মুখত ভৰতৰ মাতৃসকলৰ এনে
পৰিচয় নাই৷ এনেদৰে কম্বনৰ ৰামায়ণত ভৰদ্বাজৰ সন্মুখত এনে পৰিচয় দিয়া হোৱা নাই৷ সৈন্য-সামন্ত, অযোধ্যাবাসী
আৰু মাতৃসকলেৰে সৈতে ভৰতৰ দলটোক গুহই যেতিয়া নাৱেৰে গংগানদী পাৰ কৰাই দিবলৈ আগবাঢ়িছিল, তেতিয়া সেই নৌকাযাত্ৰাৰ সময়তেই নিষাদৰাজ গুহই ভৰতৰ লগত অহা নাৰীসকলৰ বিষয়ে
সুধিছিল আৰু ভৰতে তেতিয়াই মাতৃসকলৰ পৰিচয় এগৰাকী এগৰাকীকৈ দাঙি ধৰিছিল৷ এইক্ষেত্ৰত
বাল্মীকি আৰু কম্বন দুয়োগৰাকী কবিয়ে প্ৰায় একেধৰণেই ভৰতৰ মাতৃসকলৰ পৰিচয় ভৰতৰ
মুখেৰে ব্যক্ত কৰিছে যদিও বাল্মীকিৰ বৰ্ণনাত দশৰথৰ মধ্যমা ৰাণী হিচাপে সুমিত্ৰাই
স্থান পোৱাৰ পৰিৱৰ্তে কম্বনৰ বৰ্ণনাত সুমিত্ৰাই কিন্তু কনিষ্ঠতম ৰাণীৰ স্থানহে লাভ
কৰিছে৷ গুহৰ সন্মুখত দশৰথৰ পত্নীসকলৰ পৰিচয় ভৰতে এইদৰে দাঙি ধৰাৰ পাছতেই গুহই
তেওঁলোক আটাইকেইগৰাকীলৈকে তেওঁৰ ভক্তিভৰা প্ৰণাম নিবেদন কৰিছিল৷ কৌশল্যাই তেতিয়া
গুহৰ প্ৰতি মৰম নিবেদন জনাই সিদিনাৰ পৰা তেওঁৰ পুত্ৰসকলে গুহৰ নিচিনা আৰু এজন ভাতৃ
পাই সৌভাগ্যবান হোৱা বুলি ক’লে আৰু পাঁচোজনকে আশীৰ্বাদ জ্ঞাপন কৰি আটাইকেইজনকে
একগোট হৈ ৰাজ্যখন শাসন কৰিবলৈ ক’লে৷ এইদৰে কম্বনে গংগা নদী পাৰ হোৱা সময়ৰ
স্বাভাৱিক মুহূৰ্ত এটাত আটাইকেইজনৰ মাজত চিনা-পৰিচয় আৰু কথা-বতৰা সংযোগ কৰিছে৷
এই প্ৰসংগতে আকৌ ৰাক্ষসসকলৰ ভয়ানক অত্যাচাৰৰ সন্মুখীন
হোৱা ঋষিসকলক ৰক্ষা কৰাৰ দিশত শ্ৰীৰামচন্দ্ৰৰ প্ৰতিজ্ঞাৰ কথাও উল্লেখ কৰিব পাৰি৷
বাল্মীকি আৰু কম্বন দুয়োগৰাকী ৰচকৰ ৰামায়ণ কাব্যতে এই বিৱৰণ পোৱা যায় যদিও
দুয়োগৰাকী কবিয়ে দুটা ভিন্ন প্ৰসংগত এই প্ৰতিজ্ঞাৰ উল্লেখ কৰিছে৷ বাল্মীকি ৰামায়ণৰ
অৰণ্যকাণ্ডৰ আৰম্ভণি ভাগতে সন্নিৱিষ্ট বৰ্ণনা অনুসৰি শ্ৰীৰামচন্দ্ৰই দণ্ডকাৰণ্যৰ
মহাবনত প্ৰৱেশ কৰাৰ পাছতে বিৰাধ ৰাক্ষসক বধ কৰি ঋষিকসকলৰ সম্বৰ্ধনা লাভ কৰিছিল৷
তাৰ পাছতেই লগ পোৱা শৰভংগ মুনিৰ স্বৰ্গগমনৰ পাছতো বৈখানাস, বালখিল্য, মীৰচিপ, অশ্মকূট, পত্ৰাহাৰ আদি ঋষিসকল ৰামৰ কাষত
উপস্থিত হৈছিল৷ শ্ৰীৰামচন্দ্ৰক ইক্ষ্বাকুবংশৰ প্ৰধান আৰু সৰ্বমানৱৰ আশ্ৰয় বুলি কৈ
তেওঁলোকে ৰাক্ষসসকলৰ নিৰ্যাতন আৰু অত্যাচাৰৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিবলৈ অনুৰোধ
জনাইছিল৷ শ্ৰীৰামচন্দ্ৰই তেতিয়া ঋষিসকলক পৰিত্ৰাণ কৰাৰ বাবে অনুৰোধ কৰাৰ সলনি আদেশ
কৰিবলৈহে কৈ নিৰ্যাতনকাৰী ৰাক্ষসসকলক নিশ্চিতভাৱে দমন কৰিম বুলি কৈছিল৷ তাৰ পাছতে
সুতীক্ষ্ণ মুনিৰ আশ্ৰমৰ পৰা বিদায় লৈ তেওঁৰ অনুমতি সাপেক্ষে দণ্ডকবনৰ ঋষিসকলৰ
বিভিন্ন আশ্ৰম চাবলৈ যাত্ৰা কৰা সময়তে পত্নী সীতাদেৱীয়ে ৰাম-লক্ষ্মণৰ হাতত তুলি
দিছিল উত্তম ধনু, তূণীৰ আৰু নিৰ্মলচোকা তৰোৱাল৷ সীতাই আগবঢ়োৱা তূণীৰ
কান্ধত ওলোমাই আৰু হাতত ধনু-তৰোৱাল লৈ ৰাম-লক্ষ্মণ আগবাঢ়ি গৈছিল৷ কিন্তু এইদৰে
ৰাম-লক্ষ্মণ আগবাঢ়ি যোৱা সময়তেই সীতাৰ মনৰ ভাবৰ পৰিৱৰ্তন হৈছিল৷ সীতাই
শ্ৰীৰামচন্দ্ৰক প্ৰাণীহত্যাৰ পৰা নিবৃত্ত হ’বলৈ নিবেদন কৰিছিল৷ সীতাই
শ্ৰীৰামচন্দ্ৰই হাতত ধনুশৰ লৈ যোৱাটো নিবিচাৰে, নিবিচাৰে
সকলো সময়তে অস্ত্ৰেৰে সৈতে সহবাস কৰাটো৷ দণ্ডকবনৰ ৰাক্ষসসকলে অনিষ্ট বা শত্ৰুতা
আচৰণ নকৰিলে তেওঁলোকক বধ কৰিবলৈও বাধা কৰে৷ সীতাৰ মতে নিৰপৰাধীক হত্যা কৰাটো
অনৈতিক৷ শ্ৰীৰামচন্দ্ৰৰ প্ৰতি সীতাই কৰা এই নিবেদনৰ সপক্ষে সীতাই এজন ঋষিৰ জীৱন
কাহিনী এটিও উল্লেখ কৰিছিল৷ এই ঋষিজনাৰ তপস্যাত বিঘিনি ঘটাবৰ বাবে হেনো দেৱৰাজ
ইন্দ্ৰ তেওঁৰ সন্মুখত উপস্থিত হৈছিল; দেৱৰাজ ইন্দ্ৰই তেওঁৰ তৰোৱাল ঋষিৰ
কাষতেই গচ্ছিত ৰাখিছিল; সেইখন তৰোৱাল হেনো ঋষিজনাই
সদা-সৰ্বদা নিজৰ কাষতেই ৰাখিছিল৷ সময়ত তৰোৱালখনে হেনো তেওঁৰ মনত ৰৌদ্ৰভাব জগাই
তুলিছিল আৰু ফলত ঋষিজনা নিষ্ঠুৰ কৰ্মত লিপ্ত হৈছিল , প্ৰাণীবধত
অভ্যস্ত হৈ পৰিছিল৷ অৱশেষত সেই অধৰ্মাচৰণৰ শাস্তিস্বৰূপে ঋষিজনাই নৰক ভোগ
কৰিবলগীয়া হৈছিল৷
শ্ৰীৰামচন্দ্ৰক উদ্দেশ্যি সীতাই কৰা এই আবেদনৰ প্ৰতি
শ্ৰীৰামচন্দ্ৰ অতি সহানুভূতিশীল হৈয়ো সেই সময়ত কিন্তু কৈছিল যে দণ্ডকাৰণ্যৰ
ঋষিসকলৰ আবেদন গ্ৰহণ কৰি তেওঁ যিহেতু আগেয়ে তেওঁলোকক ৰাক্ষসসকলৰ হাতৰ পৰা ৰক্ষা
কৰিম বুলি প্ৰতিশ্ৰুতিৱদ্ধ, সেয়ে তেওঁ ইয়াক ভংগ কৰিব নোৱাৰে৷
সীতাৰ সেই আবেদন অতি যুক্তিপূৰ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ প্ৰতি সীতাৰ অকুণ্ঠ ভালপোৱাৰ
বাবে সেই আবেদন কৰিছিল বুলি কৈয়ো শ্ৰীৰামচন্দ্ৰই কিন্তু ৰাক্ষসসকলৰ কৱলৰ পৰা
ঋষিসকলক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰোঁ বুলিয়ে সীতাৰ আগত ব্যক্ত কৰিলে৷
বাল্মীকিৰ বিপৰীতে কিন্তু কম্বনৰ ৰামায়ণত শ্ৰীৰামচন্দ্ৰই ধনুকাড়সহ কৰা বনবাস
যাত্ৰাৰ সময়ত সীতাই বিৰূপ মনোভাব লোৱা দেখা নাযায়৷ কম্বনে সীতাৰ সেই মনোভাব বৰ্ণনা
কৰা নাই যদিও ঋষিসকলক ৰক্ষা কৰাৰ বাবে শ্ৰীৰামচন্দ্ৰৰ প্ৰতিশ্ৰুতিৰ কথা কিন্তু
বৰ্ণনা কৰিছে৷ শ্ৰীৰামচন্দ্ৰৰ এই প্ৰতিশ্ৰুতিৰ কথা কিন্তু কম্বনে বাল্মীকিৰ দৰে
সেই ঠাইত নাৰাখি অন্য স্থানতহে সন্নিৱিষ্ট কৰিছে৷ লংকাধিপতি ৰাৱণৰ ব্যৱহাৰত
অসন্তুষ্ট হৈ ভাতৃ বিভীষণে শ্ৰীৰামচন্দ্ৰৰ শৰণাপন্ন হৈছিল৷ সেই সময়ত কেৱল মাত্ৰ
হনুমানৰ বাহিৰে শ্ৰীৰামচন্দ্ৰৰ সৈন্য বাহিনীৰ সকলোবোৰ নেতা আৰু বন্ধুবৰ্গই বিভীষণৰ
আশ্ৰয়দানৰ বিৰোধিতা কৰিছিল৷ কিন্তু ৰামচন্দ্ৰই তেতিয়া শৰণাগতক আশ্ৰয় দিয়াৰ
ন্যায্যতা প্ৰতিপন্ন কৰিছে আৰু সেই প্ৰসংগতে কৈছিল যে তেওঁৰ এই যুদ্ধ কেৱল পত্নী
সীতাৰ উদ্ধাৰৰ বাবে নহয়, তেওঁৰ এই যুদ্ধ তেওঁ পূৰ্বেই
ঋষিসকলৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰো যুদ্ধ৷
কম্বনৰ ৰামায়ণত এইদৰে তামিল দেশৰ লোকৰ
সামাজিক-সাংস্কৃতিক পটভূমি আৰু সেই দেশৰ সাধাৰণ জনতাৰ মন সাপেক্ষে বাল্মীকি
ৰামায়ণৰ বিষয়বস্তুৰ সংযোগ-বিয়োগ কৰিছে৷ কম্বনে সংযোগ কৰা নতুন বিষয়সমূহে কাব্যখনত
নতুন ৰং-ৰূপ দিয়াৰ লগে লগে ইয়াৰ মহিমাও বৰ্ধন কৰিছে৷ কম্বনে হিৰণ্যকশিপুৰ
চিত্তাকৰ্ষক ঘটনাটোও উপযুক্ত ঠাইত সংযোগ কৰিছে৷ ৰাৱণ ভাতৃ বিভীষণে শ্ৰীৰামচন্দ্ৰক
কিদৰে অতি সাধাৰণ লোক হিচাপে নল’বলৈ জ্যেষ্ঠ ভাতৃ ৰাৱণক সকীয়াই দিছিল আৰু তেতিয়াই
শ্ৰীৰামচন্দ্ৰক ভগৱান বিষ্ণুৰ অৱতাৰ ৰূপে ভাবিবলৈ কৈ ৰাৱণতকৈয়ো শক্তিশালী
হিৰণ্যকশিপু দৈত্যক বিষ্ণুৱে কিদৰে নৰসিংহ অৱতাৰ গ্ৰহণ কৰি বধ কৰিছিল; কম্বনৰ ৰচনাত সেই কথাটো অৱতাৰণা কৰা হৈছে৷ সেইদৰে বিভীষণ আৰু কুম্ভকৰ্ণৰ
আলোচনাৰ মাধ্যমেৰে বিভীষণে কিদৰে কুম্ভকৰ্ণক বুজনি দি শ্ৰীৰামচন্দ্ৰৰ পক্ষলৈ নিবলৈ
সমৰ্থ হৈছিল সেই কথা কম্বনৰ নিজা সৃষ্টি৷ কম্বনৰ এই বৰ্ণনায়ো পাঠক সমাজক আনন্দ
দিয়ে৷
কম্বনে তেওঁৰ ৰামায়ণত বহুতো উচ্ছ আদৰ্শৰ সন্ধান দিছে৷
তেওঁৰ একাণপতীয়া লক্ষ্য আছিল সেইবোৰ আদৰ্শ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি মানুহক
সন্তুষ্টিৰে ন্যায্য জীৱন-যাপন কৰি সন্তোষ মনেৰে জীয়াই থাকিবলৈ উদ্বুদ্ধ কৰা৷ কোনো
মানুহ যিমানে শক্তিশালী আৰু বলবান নহওক কিয়; তেওঁ যদি
অসৎ পথ অৱলম্বন কৰি পৰৰ নাৰীৰ প্ৰতি আকৰ্ষিত হৈ অন্যায়ভাৱে তেওঁৰ সৈতে যৌন কামনা
চৰিতাৰ্থ কৰিবলৈ আগবাঢ়ি যায়; তেতিয়াহ’লে তেওঁৰ এই ধবংস বা বিনাশ
নিশ্চিত৷ এয়াই আছিল বাল্মীকি ৰামায়ণৰ কেন্দ্ৰীয় ভাবধাৰা৷ কম্বনেও বাল্মীকিৰ এই
ভাবধাৰা পৰিৱৰ্তন কৰা নাই৷ জনসাধাৰণৰ আগত তেওঁ এই কথা অতি সুন্দৰ আৰু স্পষ্টভাৱে
সজোৰে উপস্থাপন কৰিছে৷ তদুপৰি তেওঁ
মহাকাব্যখনৰ জৰিয়তে বিশ্ব ভাতৃত্বৰ ভাবধাৰা পোষণ কৰিছে৷ বাল্মীকি ৰামায়ণত
শ্ৰীৰামচন্দ্ৰই গুহ, সুগ্ৰীৱ আৰু বিভীষণক তেওঁলোক কৰা উপকাৰৰ বাবে বন্ধু
বা সখা হিচাপেহে উল্লেখ কৰিছে; ভাতৃ হিচাপে উল্লেখ কৰা নাই৷
অযোধ্যাকাণ্ডত গুহই শ্ৰীৰামচন্দ্ৰক প্ৰভু আৰু মিত্ৰ হিচাপে লোৱাত ৰামে প্ৰাণবন্ধু
হিচাপে গুহৰ সৈতে আলিংগনাৱদ্ধ হৈছে৷ সেইদৰে শ্ৰীৰামচন্দ্ৰ আৰু সুগ্ৰীৱৰ প্ৰথম
সাক্ষাতৰ দিনাখনেই উভয়ে উভয়ৰ হাত মিলাই বন্ধুত্বৰ বান্ধোনেৰে সুদৃঢ় হৈ পৰিছে; অগ্নি প্ৰজ্বলিত কৰি অগ্নিক সাক্ষী কৰিও দুয়োজন বন্ধু হৈ পৰিছিল৷ যুদ্ধকাণ্ডৰ
অন্তিম সৰ্গত অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ ৰাজঅভিষেকৰ বৰ্ণনাৰ প্ৰসংগৰ মাজতেই
শ্ৰীৰামচন্দ্ৰই মন্ত্ৰীসকলৰ আগত বানৰ ৰাজ সুগ্ৰীৱৰ সৈতে তেওঁৰ সখিত্বৰ বান্ধোনেৰে
সহূদয় হৈ পৰা কথাও উল্লেখ কৰিছে৷ উত্তৰকাণ্ডৰ এটা সৰ্গত অৱশ্যে শ্ৰীৰামচন্দ্ৰই
বানৰযুথপতিসকলক বিদায় দিয়াৰ সময়ত তেওঁলোকলৈ সাগ্ৰহ দৃষ্টিৰে চাই মধুৰ সম্ভাষণেৰে
তেওঁলোকেই শ্ৰীৰামচন্দ্ৰৰ সুহূদ, শৰীৰ আৰু ভ্ৰাতা আদি বুলি কৈ
মূল্যৱান বস্ত্ৰ আৰু হীৰা আদি অলংকাৰ দান কৰাৰ উল্লেখ আছে৷ বিভীষণৰ ক্ষেত্ৰতো
শ্ৰীৰামচন্দ্ৰই বিভীষণক বন্ধু হিচাপে গ্ৰহণ কৰাৰ কথা পোৱা যায়৷ কিন্তু কম্বনে গুহ, সুগ্ৰীৱ আৰু বিভীষণ এই তিনিজন বন্ধুক শ্ৰীৰামচন্দ্ৰই ভাতৃ হিচাপে গ্ৰহণ কৰি
যোৱাৰ কথাও উল্লেখ কৰিছে৷ কম্বন ৰামায়ণৰ গংগা নদীৰ পাৰৰ নিষাদৰাজ গুহ, কিষ্কিন্ধা নগৰীৰ বানৰ ৰাজ সুগ্ৰীৱ, লংকা নগৰীৰ মহান ৰাক্ষস বিভীষণ এই
তিনিজন শ্ৰীৰামচন্দ্ৰৰ ভাতৃ আৰু দশৰথৰ পুত্ৰ হিচাপে পৰিগণিত হৈছিল৷ শ্ৰীৰামচন্দ্ৰই
এই তিনিগৰাকীক ভাতৃ হিচাপে আঁকোৱালি লোৱা ঘটনা ৰূপায়ণৰ দ্বাৰা মহামতি কম্বনে
বিশ্বভাতৃত্বৰ কথাকে ঘোষণা কৰিছিল৷ দ্বাদশ শতিকাৰ সময়তে কম্বনৰ ৰামায়ণত প্ৰকাশিত
এই মহান বাণীয়ে কম্বনৰ অসামান্য দক্ষতা আৰু প্ৰতিভাৰ কথা সমগ্ৰ ভাৰতবাসীৰ সন্মুখত
উজ্বলাই তুলিছে৷ কম্বনে তেওঁৰ ৰামায়ণত বিষয়বস্তুৰ সাৱলীল বৰ্ণনাৰে পাঠকক
মোহাচ্ছন্ন কৰি ৰাখিছিল৷ প্ৰাকৃতিক দৃশ্যৰাজিৰ বৰ্ণনাৰ ক্ষেত্ৰতো তেওঁ স্বকীয়তা
প্ৰমাণ কৰিবলৈ সমৰ্থ হৈছিল৷ কোশল ৰাজ্যৰ লোকসকলৰ উন্নতিশীল জীৱনযাত্ৰাৰ বৰ্ণনাৰ
ক্ষেত্ৰতো কম্বনৰ কল্পনাক অতুলনীয় আখ্যা দিব পাৰি৷ কোশলৰ নাৰীসকলক কম্বনে
সৌন্দৰ্যৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰিছে৷ তেওঁলোক আছিল ধনী, সzান্ত আৰু শিক্ষিত৷ দুখীয়া লোকৰ দুখ মোচন আৰু অতিথি
সৎকাৰৰ বাহিৰে তেওঁলোকৰ যেন কৰিবলগীয়া অন্য কাম নাছিল৷ কোশল ৰাজ্যৰ লোকসকলে ন্যায্যতা অৱলম্বন কৰি
জীৱননিৰ্বাহ কৰিছিল বাবেই, কোনোৱেই মৃত্যু-দেৱতা যমক ভয়
কৰিবলগা নহৈছিল৷ লোকসকল ন্যায়পৰায়ণ আছিল বাবেই শাস্তি বা জৰিমনাৰ ব্যৱস্থা ল’ব লগা
হোৱা নাছিল৷ ধৰ্মপথ অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰাৰ বাবেই সমগ্ৰ দেশখনেই উন্নতিৰ
দিশেৰে আগবাঢ়িছিল৷ দেশত চোৰ-তস্কৰ নোহোৱা বাবে নগৰৰক্ষীৰ ব্যৱস্থাও নাছিল৷ অভাবী
লোক নাছিল বাবেই দেশত লোকহিতৈষী লোকো পোৱা নগৈছিল৷ দেশত যিহেতু কোনো লোক নিৰক্ষৰ
নাছিল, সেয়ে পাণ্ডিত্যৰ বাবেও কোনো লোকক প্ৰশংসা কৰিবলগা হোৱা নাছিল৷ দেশৰ সকলো লোক
ধনী আছিল বাবেই সকলো সমান আছিল৷ দেশৰ বাবে কোনো শত্ৰু নাছিল বাবেই দেশৰ লোকসকলে
সামৰিক শক্তিও হেৰুৱাই পেলাইছিল৷ দেশত যিহেতু কোনেও মিছাৰ আশ্ৰয় লোৱা নাছিল সেয়ে
সততাকো প্ৰশংসাৰ চকুৰে চাবলগীয়া নহৈছিল৷ সকলোৱে যিহেতু শিক্ষা গ্ৰহণ কৰিবলৈ
সামৰ্থ্য আছিল সেয়ে কোনো নিৰ্দিষ্ট বিষয়ত পাৰদৰ্শিতা লাভ কৰাৰ প্ৰশ্নও নাছিল৷
সমালোচকৰ মতে কম্বনৰ এই কোশল দেশৰ বৰ্ণনা সাধাৰণ
বৰ্ণনা নহয়; বহু শতিকাৰ আগেয়ে বাস কৰা এগৰাকী মহান কবিৰ এখন দেশৰ ভৱিষ্যত সম্পৰ্কত আছিল ই এক
মহান স্ব›Ÿ দৃষ্টি৷ এখন আদৰ্শ দেশ গঢ়ি তোলাৰ বাবে এগৰাকী মহান
ৰাজনৈতিক দাৰ্শনিকৰ বাবে এইবোৰ আছিল কিছুমান প্ৰধান আৰ্হি-উপাদান৷
কম্বন আছিল এগৰাকী অতুলনীয় কলাকাৰ৷ তেওঁ ৰামায়ণত
বিভিন্ন ঘটনা অতি সুন্দৰকৈ বৰ্ণনা কৰিছে৷ সীতাক সাক্ষাৎ কৰি হনুমানে
শ্ৰীৰামচন্দ্ৰৰ আগত সীতাৰ বৰ্ণনা দাঙি ধৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰকাশিকা শক্তিৰ
সুন্দৰ পৰিচয় অত্যুজ্জ্বল হৈ উঠিছে৷ হনুমানে শ্ৰীৰামচন্দ্ৰক কৈছে “হে প্ৰভু
ৰামচন্দ্ৰ, সীতাৰ মাজত মই পতি সান্নিধ্য লাভ কৰিবলৈ আশা পালি দুখ
মনেৰে থকা এগৰাকী সাধাৰণ নাৰীক দেখা নাই৷ তেওঁৰ মাজত মই দেখিবলৈ পাইছোঁ জন্মসূত্ৰে
লাভ কৰা মহানুভৱতা, ধৈৰ্য্যৰ শ্ৰেষ্ঠতা আৰু সতীত্বৰ জ্বলন্ত
প্ৰতিমূৰ্তি৷” সীতা সম্পৰ্কত হনুমানৰ এই উল্লেখে তেওঁ যে সীতাৰ মহানুভৱতা আৰু
চৰিত্ৰৰ পৱিত্ৰতা শ্ৰীৰামচন্দ্ৰৰ সন্মুখত ব্যক্ত কৰিবলৈ অতি আগ্ৰহী সেই কথাকেই
স্পষ্ট ভাষাত প্ৰকাশ কৰে৷
কুম্ভকৰ্ণ আৰু ৰাৱণ চৰিত্ৰৰ কাৰ্যকলাপৰ বৰ্ণনাতো
কম্বনৰ অপৰিসীম কলাদক্ষতাৰ পৰিচয় নিহিত আছে৷ ৰাম-ৰাৱণৰ যুদ্ধ আৰম্ভ হ’ল৷ কুম্ভকৰ্ণ
তেতিয়া দুৰ্ঘোৰ নিদ্ৰাত নিমজ্জিত৷ ৰাৱণে কুম্ভকৰ্ণক জগাবলৈ অনুচৰবৰ্গক পঠিয়ালে৷
কুম্ভকৰ্ণ সাৰ পোৱাৰ লগে লগে অনুচৰবৰ্গই যুদ্ধৰ বিষয়ে অৱগত কৰিলে৷ যুদ্ধৰ খবৰে
কুম্ভকৰ্ণক আচৰিত কৰি তুলিলে৷ বিস্ময়ভাবেৰে কুম্ভকৰ্ণই চিঞৰি উছিল “কি/ যুদ্ধ
আৰম্ভ হৈছে? পবিত্ৰতাৰ মূত্তিৰ্মতী সীতাদেৱীয়ে কি দুখ-যাতনাৰ পৰা
মুক্তি লাভ কৰা নাই? স্বৰ্গ-মত্তৰ্্যত বিয়পি থকা আমাৰ বংশ-মৰ্যাদা আমি
হেৰুৱাবলৈ লৈছোঁ নেকি? আমাৰ বংশৰ ধবংস সমাগত নেকি?”৷
কুম্ভকৰ্ণই নিজৰ মনোভাব এইদৰে প্ৰকাশ কৰাৰ উপৰি বিৰক্তিভাবেৰে পুনৰ ক’লে, “আমি এগৰাকী মহান পুৰুষৰ পত্নীক বন্দী কৰি ৰাখিছোঁ৷ তথাপি আমি যশস্যা
বিচাৰিছোঁ৷ আমি আত্ম-সন্মানৰ ফিতাহি মাৰোঁ, কিন্তু একে
সময়তে আমি লোভ-লালসাক প্ৰতিপালন কৰিছোঁ৷ আমি মানুহকো ভয় কৰোঁ৷ আমাৰ বিজয় বাৰু কেনে আচৰিত/”৷ কুম্ভকৰ্ণই যে যুদ্ধলৈ
যাবলৈ ইতস্ততঃ কৰিব আৰু তেওঁ যে ৰাৱণক যুদ্ধ বিষয়ত উপদেশ দিব এই কথা ৰাৱণে কেতিয়াও
আশা কৰা নাছিল৷ ৰাৱণে যেতিয়া দেখিলে যে তেওঁৰ কনিষ্ঠ গৈ শত্ৰুপক্ষৰ লগ লাগিছে আৰু
মধ্যম ভাতৃয়ে তেওঁক যুদ্ধৰ বিপৰীতে উপদেশ দিছে; তেতিয়া তেওঁ
ভাগি পৰিল৷ তথাপি তেওঁ নিজৰ লৌহ-কঠোৰ
সিদ্ধান্তৰ কথা পাহৰি নগ’ল৷ ৰাৱণে কুম্ভকৰ্ণৰ আগত ক’লে, “কুম্ভকৰ্ণ, এতিয়ালৈ যিসকল ৰাক্ষস সৈন্য যুদ্ধক্ষেত্ৰত নিহত হৈছে সেই শত্ৰুসৈন্যক পৰাভূত
কৰিব বুলি ভাবি নাইবা যিসকল ৰাক্ষসসৈন্য এতিয়াও জীৱিত আছে, সেইসকলে
যুদ্ধজয় কৰিব বুলি আশা কৰি মই যুদ্ধলৈ যোৱা নাছিলোঁ৷ তোমালোকৰ নিচিনা ভাতৃয়ে মোৰ
বিজয় কঢ়িয়াই আনিব বুলি আশা কৰিয়ো মই যুদ্ধ আৰম্ভ কৰা নাছিলোঁ৷ সম্পূৰ্ণৰূপে মোৰ
শক্তিৰ ওপৰতে নিৰ্ভৰ কৰি মই যুদ্ধ আৰম্ভ কৰিছিলোঁ৷” ৰাৱণৰ এই কথাবোৰে বিপদকো
হেলাৰঙে অতিক্ৰম কৰি আগবাঢ়ি যাব পৰা তেওঁৰ বজ্ৰকঠোৰ মন আৰু নিৰ্ভীকতাৰ স্পষ্ট
চিত্ৰ দাঙি ধৰে৷ এদিনাখনৰ যুদ্ধত পৰাজিত হৈ উভতি অহা ৰাৱণৰ মনৰ বৰ্ণনাও কম্বনে
এনেদৰে চিত্ৰিত কৰিছে– সীতাই ৰাৱণৰ পৰাজয়ৰ বাতৰি শুনি তেওঁক তিৰষ্কাৰ কৰাৰ কথা
স্বৰ্গবাসী দেৱতাসকল আৰু সাধাৰণ লোকৰ অৱগত হ’ব বুলি ভাবি ৰাৱণ মুঠেই লজ্জিত হোৱা
নাছিল৷ মনত এনে ভাবকে লৈ ৰাৱণে যুদ্ধক্ষেত্ৰ ত্যাগ কৰি নগৰত প্ৰৱেশ কৰিলে৷ ৰাৱণৰ
এই অৱস্থা কম্বনে অতি দক্ষতাৰে চিত্ৰিত কৰিছে৷ কম্বনে কৈছে যে ৰাৱণে যুদ্ধক্ষেত্ৰত
কেৱল মাত্ৰ নিজৰ মুকুটটোৱে নহয়, নিজৰ বীৰত্বকো এৰি থৈ সুদা হাতেৰে
লংকালৈ উভতি আহিছিল৷ নগৰত প্ৰৱেশ কৰা সময়ত তেওঁৰ মৰমৰ সেই সৌভাগ্যৰে পৰিপূৰ্ণ
নগৰখনলৈ নাইবা কোনোফালেই চোৱা নাছিল৷ ৰাৱণলৈ চাই চাই মৰমেৰে আগবাঢ়ি অহা লোকসকললৈও
তেওঁ চোৱা নাছিল৷ ৰাৱণৰ বিশাল সৈন্যবাহিনীলৈও তেওঁ দৃষ্টিপাত কৰা নাছিল৷ তেওঁৰ
প্ৰতিগৰাকী ৰাণীয়ে তেওঁৰ প্ৰতি স্নেহপূৰ্ণ দৃষ্টি আৰোপ কৰি আছিল৷ তালৈকো তেওঁ
ভ্ৰূক্ষেপ কৰা নাছিল৷ তেওঁ আগবাঢ়ি গৈ আছিল কেৱল মাত্ৰ তলমুৱা হৈ চকুৰ সন্মুখৰ
মাটিৰ পিনে চাই চাই৷ ৰাৱণৰ মানসিক অৱস্থাৰ এনে অন্তৰস্পৰ্শী বৰ্ণনাৰে কম্বনে বুজাব
বিচাৰিছে, যে ৰাৱণে যিহেতু যুদ্ধত পৰাজয় বৰণ কৰিছে সেয়ে তেওঁ
বীৰত্ব আৰু আত্মসন্মানো হেৰুৱাই পেলাইছে৷ সেয়ে ৰাৱণে কাৰো প্ৰতি দৃষ্টিপাত কৰা
নাছিল আৰু কেৱল মাত্ৰ তলমুৱা হৈ মাটিলৈ চাই চাই নগৰ অভিমুখে যাত্ৰা কৰিছিল৷
কম্বনে এইদৰে উপযুক্ত বৰ্ণনা আৰু উপযুক্ত
শব্দ-সম্ভাৰেৰে তেওঁৰ বিষয়বস্তু দাঙি ধৰিছে৷ তেওঁৰ বৰ্ণনাই কাব্যখনত নাটকীয়ত্বও
আনি দিছে৷ অতি সুন্দৰ আৰু মনোগ্ৰাহী ৰূপত উপমা, পটন্তৰ আিদ
সাহিত্যিক অলংকাৰসমূহো তেওঁ প্ৰয়োগ কৰিছে৷ তামিল ভাষাৰ ঘৰুৱা প্ৰবাদ-প্ৰবচন, জতুৱা ঠাঁচ আদিৰ প্ৰয়োগেৰেও তেওঁ কাব্যখন সমৃদ্ধ কৰি তুলিছে৷
কম্বনে ৰামায়ণৰ চৰিত্ৰসমূহৰ বিভিন্ন ভাবাৱেগৰ
পৰিপ্ৰেক্ষিতত উপযুক্ত ৰূপত ছন্দ সজ্জাৰো পৰিৱৰ্তন কৰিছে৷ শূৰ্পনখাৰ মন ভুলোৱা গতি
কম্বনৰ ভাষাত অতি সুন্দৰকৈ চিত্ৰিত হৈছে৷ সেইদৰে ৰাৱণৰ আত্মসন্মান আৰু ক্ৰোধপৰায়ণ
মনৰ ভাব, লক্ষ্মণৰ ক্ৰোধ আৰু অগ্নিসম মেজাজ, নিষাদৰাজ গুহৰ বীৰত্ব আৰু শ্ৰীৰামচন্দ্ৰৰ প্ৰতি একাগ্ৰতা আৰু শ্ৰীৰামচন্দ্ৰৰ
প্ৰতি ভৰতৰ ভক্তি আৰু সন্মান আদিৰ ক্ষেত্ৰতো উপযুক্ত ছন্দ আৰু আৱেগভৰা শব্দ প্ৰয়োগ
কৰি কম্বনে অতি হূদয়স্পৰ্শী ৰূপত এই বিষয়বোৰ পাঠক সমাজৰ আগত উপস্থাপন কৰিছে৷
কম্বনে শ্ৰীৰামচন্দ্ৰৰ শৰৰ তীক্ষ্ণতাও অতি সুন্দৰ
ৰূপত দাঙি ধৰিছে৷ কম্বনে কোৱামতে তাৰকা ৰাক্ষসীলৈ শ্ৰীৰামচন্দ্ৰই নিক্ষেপ কৰা শৰে
তাৰকাক বিন্ধি ভূলুণ্ঠিত কৰি পেলাই থৈ যোৱাৰ পাছতেই আকৌ সেই শৰপাতে এখন পৰ্বত আৰু
গছ-গছনিক বিন্ধি গৈ মাটিতো সোমাই গৈছিল৷ সেইদৰে ৰাৱণৰ মৃত্যু আৰু ভুলুণ্ঠিত অৱস্থাত
থকা তেওঁৰ দেহটোৰ বৰ্ণনাও কম্বনৰ ভাষাত সমুজ্জ্বল আৰু হূদয়স্পৰ্শী হৈছে৷ কম্বনৰ
ভাষাত ৰাৱণৰ মৃত্যুৰ লগে লগে “প্ৰবল পৰাক্ৰমী সিংহ এটাৰ দৰে ভয়ংকৰ ক্ৰোধ শাঁত
পৰিছিল৷ তেওঁৰ মনটোও শাঁত পৰিছিল৷ তেওঁ নিষ্ক্ৰিয় হৈ পৰিছিল৷ শত্ৰু সৈন্যক
সম্পূৰ্ণৰূপে ধবংস কৰিব পৰা তেওঁৰ সুদীৰ্ঘ শক্তিশালী হাত দুখনেও শক্তি-সামৰ্থ্য
হেৰুৱাই পেলাইছিল৷ তেওঁৰ মনৰ ভোগ-সম্ভোগৰ কামনাৰো অৱসান হৈছিল৷ তেওঁৰ মনত সততে বাহ
লৈ থকা দৃঢ় ধাৰণাৰ আৰু প্ৰবল বিশ্বাসৰো অৱসান হৈছিল৷ প্ৰৱল পৰাক্ৰমেৰে আত্মসংযমী
ঋষিসকলক পৰাভূত কৰি উ২৬৩াস-আনন্দত মতলীয়া হৈ পৰা ৰাৱণৰ মুখখনতকৈ তেতিয়া মৃত
অৱস্থাত পৰি থকা তেওঁৰ মুখখন তিনিগুণ ৰূপত অধিককৈ উজ্বলি উঠিছিল৷” এইক্ষেত্ৰতেই
কম্বনে মৃত অৱস্থাত পৰি থকা তেওঁৰ মুখখন অধিক ৰূপত উজ্বলি উঠা বুলি বৰ্ণনা কৰাটো
অতি তাৎপৰ্যপূৰ্ণ বুলি সমালোচকসকলে মত আগবঢ়াইছে৷ কম্বনৰ মতে নিশ্চিতভাৱে ইয়াৰ
আগলৈকে ৰাৱণৰ সাহস তথা ক্ৰোধ আৰু তেওঁ কৰা কামসমূহ উপযুক্ত হোৱা নাছিল আৰু সেয়ে
তেওঁৰ মুখখনত আগেয়ে এই উজ্বলতা দেখা পোৱা নগৈছিল৷ ৰাৱণৰ মৃত্যু হোৱাৰ লগে লগে তেওঁ
সকলোবোৰ দোষৰ পৰা মুক্ত হৈ গৈছিল আৰু সেয়েই তেওঁৰ মুখখন তিনিগুণ ৰূপত অধিককৈ
উজ্বলি উঠিছিল৷ কম্বনে এইদৰে অন্যায়, হিংসা, ক্ৰোধ আদিৰ
পৰা আঁতৰত এখন মধুৰ পৃথিৱীৰ কল্পনা ৰাৱণৰ মৃত্যুৰ চিত্ৰৰে অৰ্থৱহ কৰি তুলিছিল৷
এইদৰে আলোচনা কৰিলে দেখা যায় বাল্মীকিৰ মহাকাব্য ৰামায়ণৰ তামিল ভাষাৰ অনুবাদত
মনীষী¸ কম্বনৰ সাহিত্য প্ৰতিভাৰ প্ৰকৃত স্বাক্ষৰ আৰু পৰিচয়
নিহিত আছে৷ কিছুমান পণ্ডিতে কম্বনৰ এই অনুবাদ কাৰ্যক বাল্মীকিৰ মূল ৰামায়ণতকৈও
উচ্ছস্থান দিব বিচাৰে৷ কম্বনৰ এই অনুবাদ কাৰ্যৰ ক্ষেত্ৰত কিন্তু এই কথা অতি
স্পষ্টভাৱে ক’ব লাগিব যে এই মহান সাহিত্যিকগৰাকীয়ে বাল্মীকিৰ ৰামায়ণৰ হুবহু অনুবাদ
কৰিবলৈ যোৱা নাছিল৷ ৰামায়ণৰ মূল কাহিনী অবলম্বন কৰি তেওঁ সম্পূৰ্ণৰূপে নিজৰ
চিন্তাধাৰা অনুসৰিহে কাব্যৰ বিষয়বস্তুক ৰূপ দিছিল আৰু ফলত এই কাব্যখনি হৈ পৰিছিল
তেওঁৰ নিজস্ব কাব্য ৰচনা৷ প্ৰখ্যাত সমালোচক পণ্ডিত ভি. ভি. এছ. আয়াৰৰ মতে কম্বনৰ
এই মহান কাব্যখনি পঢ়ি এগৰাকী সচেতন পাঠকে নি(য়কৈ আচৰিত হ’ব৷ চিন্তা কৰিব এয়া যেন
একে আঁচনিৰে, একে পৰিকল্পনাৰে আৰু একেই নিৰ্মাণ সামগ্ৰীৰে সজাই
তোলা এটা নিৰ্দিষ্ট গৃহৰ অন্য এটি ৰূপ, তথাপি এই ৰূপটিত যেন আচৰিত ধৰণৰ
স্বকীয়ত্ব বিদ্যমান হৈ আছে৷ বাল্মীকিৰ ৰামায়ণৰ মূল ঘটনাক কম্বনে নিজৰ চিন্তাধাৰাৰে
ৰূপদান, মূল ৰামায়ণত নথকা কিছুমান নতুন উপাদানৰ সংযোজন আৰু
মূল ৰামায়ণৰ কিছুমান বিষয়বস্তুৰ বৰ্জন; চৰিত্ৰসমূহৰ ৰূপায়ণ, ৰামায়ণৰ ঘটনাৰ মাজেৰে উচ্ছ নৈতিক ভাবধাৰাৰ প্ৰকাশ; বৰ্ণনীয়
বিষয়ক মনোগ্ৰাহী কৰি তুলিবলৈ উপমা, ৰূপক, নিদৰ্শনা
আদি অলংকাৰৰ প্ৰয়োগ আদি বিভিন্ন
বৈশিষ্ট্যই কম্বনৰ ৰামায়ণখনিক যে এক নতুন মাত্ৰা প্ৰদান কৰিছে; সেই কথা কম্বন ৰামায়ণৰ সকলো পাঠকে উপলব্ধি কৰিব৷ এইক্ষেত্ৰত এই কথাও দৃঢ়তাৰে
কোৱা হৈছে যে বিশ্বৰ বিভিন্ন মহাকাব্যৰ সৈতেও কম্বনৰ এই মহাকাব্যই একে শাৰীতে
স্থান লাভ কৰিবলৈ সক্ষম হ’ব৷
তামিল সাহিত্যৰ কবি কম্বনৰ ৰামায়ণ কাব্য সঁচা অৰ্থতেই
এখন মনোৰম আৰু উপাদেয় কাব্য৷ মহাকাব্যৰ কবি হিচাপে কম্বনে ভাৰতীয় সাহিত্যত
উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে৷ তামিল ভাষাৰ এটি প্ৰাচীন কবিতাতো মহাকাব্যৰ কবি
হিচাপে কম্বনৰ কবি প্ৰতিভাৰ উচ্ছ প্ৰশংসা কৰা হৈছে৷ কবিতাটোৰ মতে কিছুমান লোকে
নিজৰ কষ্ট আৰু পৰিশ্ৰমেৰে সকলো প্ৰকাৰৰ ধন-সম্পদ আৰু ক্ষমতা আহৰণ কৰি এই জগতখন
শাসন কৰিব পাৰে আৰু লগতে স্বৰ্গীয় কল্পবৃক্ষৰ তলত বিশ্ৰাম লৈ অপাৰ আনন্দও উপভোগ
কৰিব পাৰে৷ কিন্তু তৎসত্ত্বেও কম্বনৰ ৰামায়ণে বিদ্বান লোকৰ মনত যি সুখ আৰু আনন্দ
প্ৰদান কৰে; সেই আনন্দ আৰু সুখ-শান্তি কিন্তু পাৰ্থিৱ ধন-সম্পদ আৰু
স্বৰ্গীয় কল্পবৃক্ষৰ তলৰ বিশ্ৰামেও দিব নোৱাৰে৷ তামিল দেশৰ লোকৰ মনত ধন-সম্পদ আৰু
পাৰ্থিৱ সুখতকৈয়ো যে কম্বনৰ ৰামায়ণৰ স্থান সমধিক এই কথাই তাকে প্ৰকাশ কৰে৷
*****
No comments:
Post a Comment