9. বিজয়

 

বিজয়

মূলঃ ৰাজাজি

 

        চাব কালেক্‌টৰ সীতাৰামনে মাহেকত এহেজাৰ টকাকৈ বেতন লাভ কৰে৷ সেই বেতনেৰে পৰিয়ালটো সুন্দৰভাৱে তেওঁ চল:ই নিব পাৰিব লাগে৷ তথাপি যেন ঘৰখন চলাবলৈ তেওঁৰ বহুত অসুবিধা হয়৷ সেইখিনি টকাৰে যেন নোজোৰেই৷ “কিহৰ অসুবিধা? কৃপণ কৰবাৰ৷ব্দ’’ চুবুৰিৰ মানুহবোৰে তেওঁক এনেদৰে প্ৰায়েই তাচ্ছিল্য কৰে৷

        তেওঁলোকৰ সাংসাৰিক জীৱন সুখ আৰু আনন্দেৰে ভৰপূৰ৷ পতি-পত্নীৰ মাজত কোনো ধৰণৰ হাই-কাজিয়া নহয়৷ কিন্তু এটা কথা এতিয়াও ৰহস্যৰ আৱৰ্ততেই আছে৷ প্ৰতিমাহে পোৱা বেতনৰ আধা অংশ তেওঁ বিলাতলৈ পঠিয়ায়৷ ইয়াৰ কাৰণ কি হ’ব পাৰে বাৰু/ পত্নীয়েও এই প্ৰশ্নৰ উত্তৰ আজিলৈকে পোৱা নাই৷ পত্নীয়ে অৱশ্যে প্ৰথমতে ভাবিছিল যে বিলাতৰ কৰবাত নামী-দামী বেংকত হয়তো গিৰিয়েকে পইচা জমা কৰি ৰাখিছে৷ কিন্তু ঘৈণীয়েকে তেওঁক যিমানখিনি জানে তেওঁ টকা জমা কৰিব পৰা বিধৰ মানুহ নহয়৷ সেয়ে তেওঁ মনে মনে থাকে৷

        এদিনাখন সীতাৰামনে তেওঁৰ পত্নীক বিলাতত বহু টকাৰ ঋণ থকা বুলি কৈছিল৷ কিন্তু প্ৰতি মাহেই সীতাৰামনক খৰচৰ পইচা পঠিওৱাৰ পাছতো এই ঋণ কেনেদৰে হ’বলৈ পালে সেই কথাহে তেওঁ বুজি  নাপালে৷ ঘৈণীয়েকে  তেওঁক সেই প্ৰশ্ন মাজে মাজে কৰে যদিও বিলাতৰ আকৰ্ষণীয় বৰ্ণনাৰে গিৰিয়েকে তেওঁৰ মন-মগজু জয় কৰিবলৈ সক্ষম হয়৷ আনহাতে গিৰিয়েক সীতাৰামনে দিয়া বিলাতৰ বৰ্ণনাত তেওঁ কোনো সন্দেহো প্ৰকাশ নকৰে৷

        শহুৰেকৰ ঘৰৰ পইচাৰেই সীতাৰামনে বিলাতলৈ গৈ তিনি বছৰ সময় অতিবাহিত কৰিছিল৷ পাছত আই. চি.এছ. পৰীক্ষাত উত্তীৰ্ণ হয়৷ বিলাতলৈ যোৱাৰ সময়ত তেওঁৰ পত্নীৰ বয়স মাত্ৰ ১৯ বছৰ হৈছিল৷ তেওঁ আছিল দেখাত বৰ ধুনীয়া৷ পিছে পুৰণি বেশ-ভুষা, আ-অলংকাৰেৰে নিজক সজাই-পৰাইহে ভাল পাইছিল৷ ভাবিছিল যে তেনেদৰেই নিজকে সজাই পৰাই ৰাখিলেহে গিৰিয়েক তেওঁৰ প্ৰতি আকৃষ্ট হ’ব৷ কিন্তু গিৰিয়েকৰ এইবোৰ কথা মুঠেও পছন্দৰ নাছিল৷ তেওঁ নতুন যুগৰ মানুহ৷ আধুনিক সময়ৰ লগত খাপ খোৱাকৈ সৰু হাতৰ চোলা, কম অলংকাৰেৰে ছোৱালী এজনী অধিক আকৰ্ষিত হয় বুলিহে তেওঁৰ ধাৰণা৷ প্ৰাচীন পৰম্পৰাক তুচ্ছ বুলি ভবা গিৰিয়েকে সেয়ে ঘৈণীয়েকৰ প্ৰতি আকৃষ্ট হ’ব পৰা নাছিল৷ তথাপি ঘৈণীয়েকক মনৰ কথা খুলি ক’বলৈ তেওঁ বৰ ভয়ো কৰিছিল৷

        সকলো নাৰীয়ে নিজকে সজাই পৰাই ভাল পায়৷ আমাৰ এইজনী আৰু এখোপ চৰা৷ একো বুজি নাপায়৷ বাৰু, বিলাতৰ পৰা আহি কি হয় দেখা যাব বুলি ভাবিয়েই তেওঁ বিলাতলৈ গুছি গৈছিল৷

        সীতাৰামন বিলাতলৈ গ’ল৷ যিফালে চোৱা যায় সিফালেই সভ্যতাৰ পৰশ/ বেশ-ভুষাৰ সংযমহীনতা/ দেহৰ উজ্বলতা/ কি শোভা/ কি গতি/ সকলো ফালৰ পৰা বিলাতখন যেন ইন্দ্ৰলোকহে৷ কিছুদিনৰ ভিতৰতেই সেই ইন্দ্ৰলোকৰ অপ্সৰা এজনীৰ প্ৰেমত সীতাৰামন হাবু ডুবু খাবলৈ ধৰিলে৷ ঘৰত এৰি অহা সুন্দৰী পত্নীৰ প্ৰতি তেওঁৰ বিৰক্তি আহিল আৰু পত্নীৰ স্থান ল’লে সেই বিলাতী অপ্সৰাই৷

        সীতাৰামনে থিৰাং কৰি ল’লে যে সেই অপ্সৰাক তেওঁ বিয়া কৰাব৷ ভবা মতেই কাম৷ তিনি সপ্তাহৰ ভিতৰতে তেওঁ বিবাহ কাৰ্য সম্পন্ন কৰিলে৷ বিলাতত আধাঘKI×াতেই বিবাহ সম্পন্ন হয়৷ বিলাতী অপ্সৰাৰ লগত হোৱা কথা-বতৰাত তেওঁ  নিজকে অবিবাহিত বুলিয়েই পৰিচয় দিলে৷ উকীলৰ মুখতো একেই৷ এতিয়া এই অসত্যক তেওঁ অস্বীকাৰ কৰিব নোৱাৰে৷

        কিন্তু পৰ্যাপ্ত সুবিধাৰ অভাৱৰ বাবে তেওঁলোকৰ কিছু সমস্যা আহি পৰিল৷ তেওঁ শহুৰেকৰ ঘৰৰ মাহেকৰ পইচাকেইটা অলপ বেছিকৈ বঢ়াই খুজিলে৷ কথামতেই কাম৷ কোনো প্ৰশ্ন নকৰাকৈয়ে শহুৰেকেও পইচা পঠিয়ালে৷ পিছে  তেওঁ লাহে লাহে অনুমান কৰিলে যে অপ্সৰাৰ স্বভাৱৰ পৰিবৰ্তন হ’বলৈ ধৰিছে৷ আগৰ শালীনতা এৰি সেই অপ্সৰা যেন ক্ৰমে খিংখিঙীয়া হৈ পৰিছে৷ অৱশেষত সীতাৰামনৰ ভাব হ’ল যে সুন্দৰী পত্নীয়েই নি(য়কৈ অপ্সৰাতকৈ ভাল আছিল/

        তাৰ কিছুদিনৰ পাছত তেওঁ গম পালে যে অপ্সৰাৰ গুলপীয়া ওঁঠ দুটি প্ৰকৃততে গুলপীয়া নহয়৷ সেয়া ৰং ঘঁহিহে সজোৱা৷ ৰং নমনা অৱস্থাত সেই ক’লা ওঁঠ দুটা দেখিয়েই তেওঁ ঘৃণাৰে নাক কোচায়৷ বুকুখন চিৰিংকৈ মাৰে৷ তেওঁৰ সুন্দৰী ঘৈণীয়েকৰ সেই গুলপীয়া ওঁঠ দুটিলৈহে বাৰে বাৰে মনত পৰে৷ লাহে লাহে তেওঁ অনুমান কৰিলে যে অপ্সৰাৰ চুলিকেইডালো নকল চুলিহে৷ তাৰ মূৰটো গৰম হৈ গ’ল৷

        শেষত যিদিনা সেই বিলাতী মেমৰ ড্ৰেছিং আইনাৰ টেবুলখনত নকল দাঁত দুপাৰি দেখিলে তেতিয়াহে তেওঁ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ সক্ষম হ’ল যে অপ্সৰাৰ দেহৰ সকলো আভূষণেই নকল৷ সেইবোৰ নকল সামগ্ৰী অবিহনে অপ্সৰা এগৰাকী বৃদ্ধ তিৰোতাহে৷

        দুমাহমান এইদৰে অপ্সৰাৰ সৈতে জীৱন কটাই সীতাৰামন সৰ্বস্বান্ত হৈ পৰিল৷ বাৰে বাৰে তেওঁৰ সুন্দৰী ঘৈণীয়েকলৈ মনত পৰিল৷ সময়ত তেওঁৰ যেন ধৈৰ্যৰ বান্ধ সুলকি পৰিল৷ তেওঁ আত্মহত্যাৰ সিদ্ধান্ত ল’লে৷

        বহুসময় ধৰি চকীখনত বহি থকা বাবে হঠাৎতেওঁৰ টোপনি আহি গৈছিল৷ টোপনিত তেওঁৰ  শৈশৱৰ পৰা এতিয়ালৈকে ঘটা আটাইবোৰ ঘটনাই মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে৷ তেওঁৰ  মাকেও তাক যেন হাত বাউলি মাতি আছে৷ ঘৈণীয়েকে আকৌ তেওঁৰ  ভাল হওক বুলিয়ে প্ৰাৰ্থনা কৰি আছে৷

        ঘৈণীয়েকৰ মুখখন ভাহি উঠাৰ লগে লগে তেওঁ সিদ্ধান্ত ল’লে যে কোনোপধ্যে তেওঁ হাৰ মানিব নোৱাৰে৷ লগে লগে তেওঁ  অধ্যাপকৰ ওচৰলৈ গৈ সকলো কথা বিৱৰি ক’লে৷ অধ্যাপকেও যেনিবা আশ্বাস দিলে৷

        তাৰ পৰা ঘূৰি আহি তেওঁ  অপ্সৰাৰ লগত কথা পাতিলে৷ অধ্যাপকেও বুজালে৷ শেষত যেনিবা অপ্সৰা এটা চৰ্তত মান্তি হ’ল৷ মাতৃভুমিলৈ ঘূৰি যোৱাৰ পাছত তেওঁ  নিজৰ চাকৰি কৰি পোৱা মাহেকীয়া বেতনৰ আধা অংশ সেই প্ৰেমিকালৈ পঠিয়াব লাগিব৷ চুক্তি মঞ্জুৰ হ’ল৷ এইবাৰ দুয়ো বিবাহ বিচ্ছেদ পত্ৰত চহী কৰিলে৷

        সীতাৰামনে বহু কষ্ট কৰি পঢ়া-শুনা কৰি আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হ’ল৷ জন্মভূমিত ভৰি দিয়েই তেওঁ এনেকুৱা অনুভৱ কৰিলে যেন বহুদিন ধৰি মাতৃভূমিৰ পৰা আঁতৰি থকা পথভ্ৰষ্ট সন্তান এজনে নিজৰ মাতৃৰ কোঁচতহে শুই পৰিবলৈ সমৰ্থ হৈছে৷ কি এক অনন্য আনন্দ৷ চকুৰ সমুখত সুন্দৰী পত্নীক দেখি তেওঁ আত্মহাৰা হৈ পৰিল৷ তাৰ চকুলো ব’ব ধৰিছিল৷ সকলোৰে সমুখতে তেওঁ  পত্নীক সাৱটি ধৰি উচুপি উঠিছিল৷

        সীতাৰামনে এতিয়াহে অনুভৱ কৰিলে যে পানীত পৰি ককবকাই থকা মানুহজন আজি উদ্ধাৰ হ’ল৷ তেওঁ উপলব্ধি কৰিলে তেওঁৰ পত্নীয়ে পিন্ধা দীঘল হাতৰ ডিঙি থকা ব্লাউজ, গধুৰ শাৰী আৰু পুৰণি অলংকাৰবোৰ তেওঁৰ দেশৰ সভ্যতাক যেন উজ্বলাই তুলিছে৷ অপ্সৰালৈ তেওঁ পঠোঁা পইচা প্ৰতিমাহে বৰবাদ হয় সেয়া সঁচা, কিন্তু সেই পইচাৰ সলনি ইয়াত যেন প্ৰকৃত প্ৰেমৰ উদয় হৈছে৷ এখন সংসাৰ আৰু পতি-পত্নী দুটি প্ৰাণী সুখী হ’বৰ বাবে ইয়াতকৈনো বেছি আৰু কিহৰ প্ৰয়োজন থাকিব পাৰে?

 

******

 

 

 

 

No comments:

Post a Comment