অগ্নিপ্ৰৱেশ [১৯৬৬]
মূলঃ জয়কান্তন
ব্যস্ত চহৰখনৰ কেন্দ্ৰস্থলত অৱস্থিত কলেজখনৰ চৌপাশৰ
পৰিৱেশ সুন্দৰ আৰু পৰিপাটি৷ বৰষুণ এৰাৰ নামেই লোৱা নাই৷ বাছষ্টপেজৰ ওচৰৰ সেউজীয়া
শাৰী শাৰীকৈ থকা জোপোহা গছকেইডালত বৰষুণ পৰি পাতত লাগি ধৰা বৰষুণৰ টোপালবোৰ দূৰৰ
পৰা মুকুতাৰ দৰে জিলিকি উঠিছে৷ আধা তিতা
তাৱনীখনৰ কোঁচটো এখন হাতেৰে ওপৰলৈ দাঙি আনখন হাতেৰে কিতাপকেইখন বুকুত সাৱটি ধৰি
কমবয়সীয়া ছোৱালী এজনীয়েও তাত বহুসময় ধৰি বাছৰ অপেক্ষাতেই ৰৈ আছে৷
ৰাস্তাৰ আনটো মূৰত বাছৰ হৰ্ণৰ শব্দ৷
হেই.. বাছ ইজ কামিং - একেলগে বহুকেইজনীয়ে চিঞৰি উঠিল৷
ৰাস্তাত জমা হোৱা বৰষুণৰ পানী দুয়োফালে ছিটিকাই বাছখন
আহিল আৰু ৰ’ল৷
‘বাই... বাই... চি ইউ..’
কণ্ডাক্টৰৰ হুইছেলৰ শব্দ শুনিবলৈ পোৱা গ’ল৷
কোলাহলৰ আধামান গিলি লৈ তীব্ৰ গতিৰে বাছখন তাৰ পৰা
আঁতৰি গ’ল৷
এতিয়া বাছষ্টপেজত মাত্ৰ কমবয়সীয়া সেই ছোৱালীজনীৰ সৈতে
ন-দহজনীমান ছোৱালীহে আছে৷
চহৰখনলৈ ক্ৰমাৎ অন্ধকাৰ নামি আহিল৷
ফটা-ছিটা জেকেট পিন্ধা ৰিক্সাৱালাজনৰ ৰিক্সাৰ সমুখেদি
গৰুটো পাৰ হ’বলৈহে পালে; একে উশাহে সি অবাইচ মাত মাতিবলৈ ধৰিলে৷ যিমানে বকনি বাঢ়ি গৈ থাকিল ছোৱালীজাকৰ
মাজতো হাঁহিৰ খলকনি বাঢ়ি গৈ থাকিল৷
তাৰ পাছত বহু সময় ধৰি পুনৰ নিস্তব্ধতা৷ দুই এজনীয়ে
খোজকাঢ়ি নিজৰ ঘৰৰ পিনে বাট ল’লে৷ কিছুমানৰ আকৌ থিয় দি দি ভৰিৰ বিষ উঠিল৷
ইপিনে বাছৰ দেখা দেখি নাই৷
সেই গৰুটোৱে তেতিয়াও তেনেদৰেই থিয় হৈ আছে৷ বৰষুণ
পৰিয়েই আছে৷ বৰষুণৰ টোপালবোৰে ক্ৰমাৎ তাৰ গাৰ ওপৰ অংশৰ পৰা তললৈ সৰি আছে৷ যেন সেই
টোপালবোৰক দূৰৰ পৰা মুকুতাৰ মালা যেন দেখা গ’ল৷ তাৰ শিঙৰ আধা ভঙা অংশ এতিয়াও
ওলমিয়েই আছিল৷
ছোৱালীজাকৰ মাজত থকা কমবয়সীয়া ছোৱালীজনীয়ে মূৰটো
ওপৰলৈ তুলি কিমান সময়নো গৰুটোকেই চাই থাকিম বুলি কিবা কিবি চিন্তা কৰিয়েই আছে৷
ঠিক তেনেতে ৰাস্তাৰ আনটো মূৰৰ পৰা বাছ অহাৰ শব্দ
শুনিবলৈ পোৱা গ’ল৷
বাছখনক যাবলৈ ঠাই এৰি দি গৰুটোৱে বাছষ্টপেজৰ পিনে অলপ
আগুৱাই আহিল৷ এনেকুৱা অনুভৱ হ’ল যেন ষ্টপেজৰ অকণমান ঠাই সিও বিচাৰিছে৷
‘অ’হ এইখন মোৰ বাছ’- ছোৱালীজাকৰ মাজৰেই ডাঙৰ ছোৱালী এজনীয়ে
সৰn ছোৱালীৰ দৰে আনন্দতে চিঞৰি উঠিল৷
‘বাই... বাই...’
‘তা...তা...’
ছোৱালীজাকক বাছখনে উঠাই লৈ যোৱাৰ পাছত কমবয়সীয়া
ছোৱালীজনীৰ সৈতে আৰু এজনী মাত্ৰ ছোৱালী থিয় হৈ থকা দেখা পোৱা গ’ল৷
ছোৱালী দুজনীৰ বয়সত ডাঙৰ ছোৱালীজনীৰ হাতত এটা ছাতি৷
ছাতিটোৰ তলত সৰু ছোৱালীজনীও আছে৷ তাইক দেখিলে স্কুলীয়া ছাত্ৰী বুলি সহজেই অনুমান
কৰিব পাৰি৷ তাইক দেখিলে সহজেই অনুমান কৰিব পাৰি যে তাই অৱস্থাসম্পন্ন ঘৰৰ ছোৱালী
নহয়৷ সেউজীয়া ৰঙৰ স্কাৰ্টটোৰে সৈতে হয়তো মাকৰ শাৰীৰ আধা অংশ কাটি তাৱনীখন বনাই
লৈছে৷ ডিঙিত এডাল সাধাৰণ মণি আকৌ কাণত পিন্ধা কাণফুলি দুপাতৰো এপাতত এটা মণি নাই৷
ধুকধুকীয়া বগা মুখখনেৰে সৈতে সুন্দৰ দেহটোত কোনো অলংকাৰ আভুষণৰ প্ৰয়োজন নাই৷ চকু
দুটাৰ কি উজ্বলতা/ সদ্য যৌৱনপ্ৰাপ্ত গাভৰুৰ দৰে তাইৰ দেহটো বৰষুণত তিতি বুৰি
জুৰুলি জুপুৰি হৈ পৰিছে৷ বৰষুণত তিতাৰ ফলত তাই পিন্ধি থকা ব্লাউজটোও লিপিট খাই
ধৰিছে৷ মাটিত আহি পৰা বৰষুণৰ টোপালবোৰৰ ছিটিকনিবোৰৰ পৰা ৰক্ষা পাবৰ বাবেই কোঁচাই
লোৱা স্কাৰ্টটোৰ তলত তাইৰ শকত বগা কলাফুলটো হাতী দাঁতৰ নিচিনাকৈ ষ্পষ্ট হৈ ওলাই
আছে৷
‘বাছ এতিয়ালৈ অহাই নাই৷ সময় কিমান হ’ল?’ ছাতিটো ধৰি থিয় হৈ থকা ছোৱালীজনীৰ পিনে চাই তাই সুধিলে৷
‘ছয় বাজিবই এতিয়া... চা বাছ এখন আহি আছে৷ সেইখন যদি
মোৰেই বাছ হয় মই কিন্তু গুছি যাম৷’ কথাখিনি শেষ কৰি তাই ছাতিটো জপাই দিলে৷
‘অ’হ বৰষুণ প্ৰায় কমিছেই... মই যোৱা বাছখনো সদায়তো
এইখিনি সময়তেই আহে৷ বাছখন আহিলে ময়ো গুছি যাম৷’ এনেদৰে কথা পতাৰ সময়ত ডাঙৰ ছোৱালীজনীয়ে
মৰমতে তাইৰ গালখনত টিপি দিলে৷
‘সাৱধানে যাবাদেই... কৈয়েই তাই সৰু ছোৱালীজনীৰ গালত
টপককৈ চুমা এটা আকি দিলে৷’
বাছ আহিছে... এখনৰ পাছত আন এখনকৈ বাছ আহিল৷ প্ৰথমখন
বাছত ডাঙৰ ছোৱালীজনী উঠি গুছি গ’ল৷
কম বয়সীয়া ছোৱালীজনীয়ে তেতিয়া এখন হাতেৰে তাইৰ পিনে
চাই চাই বিদায় দি পাছফালে আহি থকা বাছখনৰ
নম্বৰটো চাবলৈ যত্ন কৰিলে৷ পিছে নম্বৰটো নিমিলা যেন দেখি তাইৰ মুখখন শেঁতা পৰি
গ’ল৷ তাইৰ মুখখন দেখিয়েই বাছৰ ড্ৰাইভাৰজনে অনুমান কৰিব পাৰিলে যে তাই সেইখন বাছৰ
যাত্ৰী নহয়৷ সেয়ে গাড়ীখন তাত নৰখালে৷
ইমান ডাঙৰ ৰাস্তাটোত এতিয়া তাই অকলশৰীয়া হৈ পৰিল৷ বাছ
ষ্টপেজটোত এতিয়া কোনো নাই৷ কেৱল অলপ দূৰত সেই গৰুটো থিয় হৈ আছে৷ হঠাতে ক’লা চাদৰ
এখন তাইৰ ওপৰত পৰাৰ নিচিনাকৈয়ে ঠাইখিনিলৈ আন্ধাৰ নামি আহিল৷ জোৰেৰে বতাহ বলিবলৈ
ধৰিলে৷ বতাহৰ কোবত গছৰ পাতবোৰত লাগি ধৰা বৰষুণৰ টোপালবোৰ তাইৰ গাত পৰিবলৈ ধৰিলে৷
তাই বৰ ভয় খালে৷ কলেজৰ ভিতৰলৈকে সোমাই যাব বুলি ভাবি
ৰাস্তাটো পাৰ হ’ব ধৰিছিলহে মাত্ৰ... তীব্ৰ গতিৰে অহা গাড়ীখন আহি তাইৰ গাৰ ওচৰ
পালেহি৷ তাই চিঞৰি উঠিল৷
বিলাসী আৰু সুন্দৰ চিকচিকীয়া গাড়ী৷ ড্ৰাইভাৰৰ ছিটটোৰ
পৰা আৰম্ভ কৰি পাছফালৰ ছিটটোলৈকে তাইৰ দৃষ্টি আবদ্ধ হৈ থাকিল৷
ড্ৰাইভাৰৰ ছিটটোত বহি থকা সুদৰ্শন যুৱকজনে তাইলৈ চাই
বেকাকৈ এটা হাঁহি মাৰি দিলে আৰু দৰ্জাৰ লক্টো খুলি দিলে৷
‘প্লিজ গেট ইন... আই কেন দ্ৰপ ইউ এত ইয়োৰ প্লেছ’
তাই চক্ খাই উঠিল৷
তাইৰ ফালে চাবলৈহে পালে তাইৰ নাকৰ পৰা আৰম্ভ কৰি কাণৰ
লতিৰ অংশলৈকে ৰঙা পৰি গ’ল৷
‘ন’ থেংকচ...’
অলপ সময় পাছত বৰষুণ কমিলে বাছত মই নিজেই যাব পাৰিম৷
‘ইত্চ্ অলৰাইট.. ইউ গেট ইন...’ সি জোৰকৈ ধৰিলে৷
তাই দোধোৰমোধোৰত পৰিল৷ পাছফালে ঘূৰি চাই দেখে যে তাইৰ
ঠাইখিনি ইতিমধ্যে গৰুটোৱে দখল কৰিছে৷
সমুখত সেই গাড়ীৰ দৰ্জা এতিয়াও খুলি থোৱা আছে৷
‘ভিতৰলৈ আহা৷’
তাই দেখিলে যে খোলা দৰ্জাখনেৰে বৰষুণৰ ছিটিকনিবোৰ
ভিতৰ সোমাবলৈ ধৰিছে৷ দুৱাৰখন বন্ধ কৰিম বুলি ভবাৰ লগে লগে সি তাইৰ হাতদুখন থাপ
মাৰি ধৰিলে৷ তাই তাৰ চকুলৈ চালে৷ কি আকৰ্ষণীয় সেই হাঁহি৷
এতিয়া সিও গাড়ীৰ পৰা নামি আহি তাইৰ ওচৰতেই থিয় হৈ
ৰ’ল৷
‘গেট ইন...’
এতিয়া আৰু তাই সেই অনুৰোধ প্ৰত্যাখ্যান কৰিব
নোৱাৰিলে৷ ভিতৰত বহাৰ লগে লগে সি থাচ কৈ দৰ্জাখন মাৰি দিলে৷
তাইৰ চকুৱে গাড়ীখনৰ ভিতৰ অংশ চাবলৈ ধৰিছে৷ ইষৎ আকাশী
নীলা ৰং৷ ইমান সময় ধৰি বৰষুণৰ বাবে অনুভৱ কৰা ঠাণ্ডাখিনি যেন হঠাতে নাইকিয়া হৈ
গ’ল৷
বাঃ গাড়ীৰ ছিটটো ইমান ডাঙৰ৷ এটা মানুহ দেখোন শুই
শুইয়েই যাব পাৰিব৷ তাই ইমান সময়ধৰি ছিটটোৰ এটা কোণতহে বহি আছিল৷ এইবাৰ তাই নিজকে
সংযত কৰি এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি তাৰ ওপৰত কিতাপ কেইখন আৰু বহিকেইখন ৰাখি
আৰাম কৰি বহিল৷
এই গাড়ীখন দেখোন এটা ঘৰ যেনহে লাগে৷ এনেকুৱা এখন
গাড়ী থাকিলে দেখোন বেলেগ এটা ঘৰৰ প্ৰয়োজনেই নাই৷
তাৰ... ওহো তেখেতৰ বাৰু নিজৰ এটা ঘৰ নাথাকিবনে? গাড়ীখন যদি ইমান ডাঙৰ হয়/ ঘৰটো আকৌ কিমান প্ৰকাণ্ড হ’ব?
নি(য় ৰাজমহলৰ নিচিনাই হ’ব৷ সেই ঘৰটোত বা কোন কোন
থাকিব? হেই, তেখেত বা কোন সেইটোৱেইচোন মই
নাজানোঁ৷ হাৰে, এয়া কি? দুয়োখন ছিটৰ মাজত এয়া কি? উঠাই দিলেচোন মেজখনৰ নিচিনাহে অনুমান কৰিব পাৰি? মই দেখোন
ইয়াতেই লিখা পঢ়াও কৰিব পাৰিম৷ ওহ্ সৌৱা সৰু লাইটটো/ পদুমৰ কলিটোৰ নিচিনা
নেদেখিনে বাৰু/ এবাৰ জ্বলাই চাওঁ নেকি? ছিঃ ময়ো যে কি কাম কৰিবলৈ যাওঁ? তেখেতৰ যদি খং উঠে তেতিয়া কি হ’ব?
‘তলৰ পিনে যে ছুইছটো আছে সেইটো অন্ কৰি দিয়া৷’ গাড়ীৰ
আইনাখনত তাই কিবা বিচাৰি ফুৰা যেন অনুমান কৰি সি মাত দিলে৷
ছুইছটো অন কৰি তাই এইবাৰ লাইটৰ পোহৰখিনি উপভোগ কৰিবলৈ
ধৰিলে৷ পিছে অলপ সময় পাছত বিজুলী শক্তিৰ অপব্যয় কৰা বুলি ভাবিয়েই তাই ছুইছটো অফ
কৰি দিলে৷
পিছত নিজৰ অৱস্থাটোলৈ লক্ষ্য কৰি মূৰৰ পৰা বৈ অহা
পানীখিনি মচিবলৈ যত্ন কৰিলে৷ তাইনো আজিহে এইযোৰ কাপোৰ পিন্ধি আহিব লাগেনে? নিজকে নিজে দোষ দি দি তাই তাৱনীখনৰ এটা অংশৰে গাৰ পানীখিনি মচিবলৈ আৰম্ভ
কৰিলে৷
থাচ্ কৈ শব্দ এটা হ’ল৷ ল’ৰাজনে তাইৰ সমুখতেই গাড়ীৰ
ড্ৰয়াৰ এটা খুলি তাৰ পৰা এখন টাৱেল উলিয়াই আনি তাইলৈ যাচিলে৷
তাই সেইখনেৰে গাটো মচিবলৈ ধৰিলে৷ আহ কি যে মনোমোহা
গন্ধ৷ টাৱেলখনেৰে মুখখন ঢাকি তাই বহুসময় ধৰি সেই গন্ধ লৈ থাকিল৷
কোনোবা এটা কেঁকুৰিত গাড়ীখনে ঘূৰিব লওঁতেই তাইৰ হাতৰ
পৰা কিতাপকেইখন আৰু সেই টিফিনটো সৰি পৰিল৷ টিফিনটো আগৰ ফালে কিছুদূৰ গৈ বৃত্তৰ দৰে
ঘূৰি ঘূৰি এটা সময়ত স্থিৰ হৈ পৰিল৷
‘ছ’ৰী...’
তাইৰ ফালে চাই কথাখিনি কৈয়েই সি গাড়ীৰ বেগ কমাই
দিলে৷
লাজ লাজকৈ কিতাপবোৰ সামৰি থৈ তাই পুনৰ আগৰ দৰে বহি
থাকিল৷
খিৰিকিৰে বাহিৰলৈ চাব খুজিও তাই দেখিলে যে গ্লাছখন
ধঁুৱলি-কুঁৱলী হৈ পৰিছে৷ তাৱনীখনেৰে গ্লাছখন মচি মচি তাই পুনৰ বাহিৰলৈ চাব
বিচাৰিলে৷
ৰাস্তাটো ষ্ট˜ীট লাইটৰ
পোহৰত জিলিকি উঠিছে৷ বৰষুণৰ পানীত লাইটৰ পোহৰবোৰ পৰি তাইৰ চকু চাট মাৰি ধৰিছে৷
হাৰে এয়া কি? গাড়ীখন
এইটো ৰাস্তাত চলিব ধৰিছে কিয়?
‘অ’হ, মোৰ ঘৰটো এইফালে নহয়...’ তাই
অস্ফুট স্বৰেৰে ক’লে৷
‘তাতেনো কি হ’ল?’ সি উত্তৰ
দিলে৷
তাই এইবাৰহে চিন্তিত হৈ পৰিল৷ ল’ৰাজনে তাইৰ ফালে চোৱা
যেন অনুমান কৰি তাই নিজকে চম্ভালি ল’লে৷
এতিয়াও গাড়ীখন গৈয়েই আছে...
ব্যস্ত চহৰৰ কোলাহলৰ পৰা দূৰত... প্ৰকাণ্ড
অট্টালিকাসদৃশ ঘৰ, বজাৰ এৰি এতিয়া গাড়ীখনে নিৰ্জন পথটোৰে গৈ আছে৷
এনেকুৱা এজাক বৰষুণ, এনেকুৱা এখন
বিলাসী গাড়ী... এক নতুন পৰিৱেশ, নতুন অভিজ্ঞতা ৷ কিন্তু তাই সহজ
হ’ব পৰা নাই৷
সৰু ল’ৰা-ছোৱালীবোৰে নিজৰ ঘৰলৈ যাবৰ বাবে ঠেহ পতাৰ
নিচিনাকৈয়ে তাইৰো মন গৈছে ঠেহ পাতিবলৈ৷
বাছষ্টপেজত বাইদেউ গৰাকীয়ে ভালদৰে ঘৰলৈ যাবা বুলি
কোৱা কথাষাৰলৈ তাইৰ মনত পৰিল৷
মোৰনো কি হৈছে? এজন অচিনাকী
মানুহৰ লগত মইনো এনেদৰে আহিব লাগেনে? মই বাৰু ভুল কৰিলো নেকি? দেখাততো মানুহজনক ভদ্ৰ যেনেই লাগে৷ কিন্তু মই হয়তো এনেদৰে আহিব নালাগিছিল৷ ছিঃ
মই কি কৰি পেলালোঁ৷ কান্দিয়েই দিওঁ নেকি এতিয়া৷ যদিহে মই কান্দেঁা আৰু তেখেতে মোক
গাড়ীৰ পৰা নমাই দিয়ে মই কি কৰিম? ক’লৈ যাম? ইয়াৰ পৰা
ঘৰলৈ যোৱা ৰাস্তাটোওতো মই চিনি নাপাম৷ মই কি কৰোঁ?
কওঁ নকওকৈ তাই কৈয়েই পেলালে ‘আমি এতিয়া ক’লৈ গৈ আছোঁ?’
‘ক’লৈকো নহয়, সাধাৰণভাৱে মই গাড়ীখন চলাই আছোঁ৷’
সি উত্তৰ দিলে৷
‘কিন্তু সময় বহুত হ’ল৷ মই ঘৰ গৈ নাপালে মায়ে চিন্তা
কৰিব৷’
এইবাৰ গাড়ীখন নিৰ্জন ঠাইডোখৰ এৰি মৰুভূমি সদৃশ
ঠাইখনৰ ওপৰেদি চলিবলৈ ধৰিলে৷ কিছুদূৰ গৈ গাড়ীখন ৰ’ল৷ চকুৰে মণিব পৰালৈকে কেৱল
বৰষুণ আৰু বৰষুণ৷
গাড়ীৰ ভিতৰখন আন্ধাৰে হেঁচা মাৰি ধৰিলেহি৷
কি হ’ল? গাড়ীখন ইয়াতে ৰখাই দিলে যে? নে ব্ৰেক ডাউন হ’ল?
তাইৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে সি এইবাৰ হাঁহিবলৈ
ধৰিলে৷ ৰেডিঅ’টো অন্ কৰি দিলে৷ সাধাৰণ ৰঙা পোহৰ এচেৰেঙা আহি তাইৰ মুখত পৰিল৷ অলপ
সময় পাছত ৰেডিঅ’ত এটা গানৰ সুৰ ভাঁহি আহিল৷
তাই অনুসন্ধিৎসাৰে তালৈ চালে৷ সিও তাইৰ পিনে চালে৷
এতিয়া ৰেডিঅ’ত ড্ৰামৰ শব্দ বাজি উঠিল৷ সি ড্ৰামৰ
শব্দৰ তালে তালে হাতৰ আঙুলিকেইটা নচুৱাই থাকি তাইৰ পিনে চালে-‘তোমাৰ এনে সুৰ ভাল
লাগেনে?’
কোনো কথা নোকোৱাকৈ তাই কেৱল ডিঙিটো লৰাই লৰাই উম্
বুলি উত্তৰ দিলে৷
ৰেডিঅ’ৰ ওচৰৰে ড্ৰয়াৰটো খুলি এইবাৰ সি দুটা চকলেট
উলিয়ালে৷ এটা তাইলৈ আগবঢ়াই দি আনটোৰ বাকলিটো খুলি চোবাবলৈ ধৰিলে৷
তাই চকলেটটো হাতত ল’লে যদিও খাবলৈ বিচৰা নাই৷ তাই
কেৱল তাৰ পিনেহে চাই থাকিল৷
বাঃ কি সুন্দৰ, সুঠাম সেই
শৰীৰ৷ চিনেমাৰ হিৰ’জেন চেহেৰা৷ চুলিৰ ষ্টাইলটো কি যে ধুনীয়া৷ দীঘল হাতৰ সি পিন্ধি
থকা চোলাৰ ৰংটো কি ধুনীয়া৷ সি পিন্ধি থকা
দামী ঘড়ীটো৷ ঘড়ীটোত সাতটা বাজিছে৷
‘আৰে সাতটা বাজিল৷’ গম নোপোৱাকৈয়ে তাইৰ মুখৰ পৰা ওলাই
গ’ল৷
তাইৰ মাত শুনি ঘড়ীটোৰ পিনে চালে৷ এইবাৰ দৰ্জাখন খুলি
বাহিৰলৈ ওলাই গ’ল৷
বৰষুণৰ শব্দত তাইৰ কাণ তাল মাৰি ধৰিলে৷
‘হাৰে আপুনি ক’লৈ যায়?’
‘নাই মই তোমাৰ তালৈ আহি আছোঁ৷’
পাছফালৰ দৰ্জাখন খুলি সি তাইৰ ওচৰতেই বহিল৷ তাইৰ ওচৰত
থকা টাৱেলখনেৰে নিজৰ মুখখন মচি মচি সি পুনৰ এটা চকলেট তাইলৈ আগবঢ়ালে৷
‘এইটো কি চকলেট?’
‘চুইংগম...’
‘নাই মোক নালাগে৷’
‘ট্ৰাই... ইউ উইল লাইক ইট৷’
হাতত থকা চকলেটটো তাই ততালিকে খাই শেষ কৰি পেলালে আৰু
আনটোৰ বাবে হাতখন পাতিলে৷
‘নো...’ চকলেটটো তাইৰ মুখৰ ওচৰলৈ নি সি তাইৰ গালখনত
সামান্যভাৱে চুই দিলে৷
এক অজান শিহৰণত তাইৰ বুকুখন কঁপি উঠিল৷ সমগ্ৰ গাতেই
তাই এক জোঁকাৰণি অনুভৱ কৰিবলৈ ধৰিলে৷
সি তাইৰ চকুলৈ চালে৷ তাই লাজতে তলমূৰ কৰি পেলালে৷
তাইৰ এনে অনুভৱ হ’ল যেন সি তাইৰ কাষ চাপি আহিছে৷
বাহিৰত তেতিয়াও বৰষুণ দি আছিল৷ তাই পিছুৱাই গৈ থাকিল৷
এটা সময়ত তাই গাড়ীৰ গ্লাছখনৰ সৈতে লিপিট খাই পৰিল৷
‘দু ইউ লাইক দিজ কাৰ?’ সি সুধিলে৷
তাই অস্থিৰ হৈ পৰিল৷ অস্থিৰতাক লুকুৱাই ৰাখি তাই
উত্তৰ দিলে-‘ইয়েচ ইটচ্ নাইচ৷’
গম্ভীৰভাৱে সি ক’বলৈ ধৰিলে-‘তুমি জানানে যোৱা দুটা
বছৰ ধৰি এই গাড়ীখনে তোমাক পিচা কৰি আছে? দু ইউ নো ইট?’
তাৰ কথা শুনি তাই আৱেগিক হৈ পৰিল৷
‘ৰিয়েলি?’
‘ৰিয়েলি৷’
ঘন ঘন উশাহৰ শব্দই তাইক ৰোামঞ্চিত কৰি তুলিলে৷
সি ফুচ্ফুচাই ক’লে-‘দু ইউ লাইক মি?’
‘উম্ম...’
বাহিৰত তেতিয়াও জোৰে জোৰে বৰষুণ দিয়েই আছিল৷ ৰেডিঅ’ত
এটা মিহি কোমল সুৰৰ গীত বাজি উঠিছিল৷
‘বৰ ধুনীয়া বতৰ নহয়নে?’ সি ক’লে৷
‘হয় ধুনীয়া৷ কিন্তু মোৰযে ভয় হে লাগিছে৷’
‘ভয়? কিহৰ ভয়?’ কৈয়েই সি
তাইৰ একেবাৰে ওচৰ চাপি আহিল৷
‘মে আই কিছ ইউ?’
কি উত্তৰ দিব তাই ভাবি পোৱা নাই৷ ভয়তে তাই ঘামিবলৈ
ধৰিলে৷ সি তাইক সাৱট মাৰি ধৰিলে৷ তাই তাৰ দুবাহুৰ আবেষ্টনীৰ মাজত সোমাই পৰিল৷ লাহে
লাহে দুয়োৰে উশাহ ঘন হৈ গ’ল৷ তাই চকু দুটা মুদি দিলে৷
এনেদৰে বহুসময় পাৰ হৈ গ’ল৷ হঠাত তাইৰ যেন চেতনা ঘুৰি
আহিল৷ চকু দুটি মেলি তাই একপ্ৰকাৰ চিঞৰি উঠিল-‘মই ঘৰলৈ যাব লাগে৷ মোৰ মায়ে মোৰ
বাবে বাট চাই আছে৷’
দৰ্জাখন খুলি সি জঁপিওৱাৰ নিচিনাকৈয়ে নামি আহিল৷
বৰষুণৰ পানী পৰি চপচপীয়া হৈ পৰা ঠাইখিনিত জপিয়াই দিয়াৰ লগে লগে বোকা পানীৰ ছিটিকনি
আহি গাড়ীখনত পৰিল৷ তাৰে দুটোপালমান তাইৰ মুখখনতো ছিটিকি পৰিল৷
মানসিক আৰু শাৰীৰিকভাৱে তাই যেন নিজকে দুৰ্বল ৰূপত
আবিষ্কাৰ কৰিলে৷ দুয়োখন হাতত মুখখন গুজি তাই উচুপি উঠিল৷
সি আহি পুনৰ ড্ৰাইভাৰৰ ছিটটোত বহিল৷ বোকা আৰু বৰষুণৰ
পানী পৰি লেতেৰা হোৱা জোতাযোৰ সি দূৰলৈ দলিয়াই দিলে৷ এইবাৰ সি পকেটৰ পৰা এটা
ছিগাৰেট উলিয়াই ল’লে আৰু হুপিবলৈ ধৰিলে৷ ছিগাৰেটৰ ধোঁৱাই কুণ্ডলী পকাই পকাই ওপৰলৈ
উঠিল৷ ক্ৰমে ধোৱাবোৰে গাড়ীৰ ভিতৰখনত বিয়পি পৰিল৷
তাইৰ মাকলৈ বৰ মনত পৰিল৷ মাকৰ বুকুৰ মাজত সোমাই উচুপি
উচুপি কান্দিবলৈ তাইৰ বৰ মন গ’ল৷
ছিগাৰেটৰ ধোঁৱাই তাইৰ পেটটো পকাই ধৰিলে৷ বোকা পানীৰ
কদৰ্যময় পৰিবেশে তাইক যেন গো গ্ৰাসে গিলিবলৈ ধৰিছে৷ সি তেনেদৰেই বহি বহি ছিগাৰেট
হুপি থকা দেখি তাইৰ বিৰক্তি জন্মিল৷ বিলাসী গাড়ীখন যেন হঠাৎ জেইলখানালৈহে
পৰিবৰ্তন হ’ল৷
‘মোক মোৰ ঘৰত থৈ আহিব নে নাই?’ তাই চিঞৰি
উঠিল৷
ৰেডিঅ’টো অফ কৰি সি বিৰক্তিকৰ ভাৱে উত্তৰ দিলে ‘
ড’ণ্ট চাউত লাইক ডেট্’
তাই উচুপি উচুপি ক’বলৈ ধৰিলে ‘মোৰ মায়ে হয়তো বহুত
চিন্তা কৰিব৷ অনুগ্ৰহ কৰি মোক ঘৰত থৈ আহক৷ এনে কামৰ বাবে আপোনাৰ পুণ্য হ’ব৷’
তাই কথাখিনি কৈ আছিল সঁচা৷ কিন্তু অনেক চিন্তাই আহি
তাইক হেঁচা মাৰি ধৰিছিল৷ এনে অচিনাকি
মানুহ এজনৰ লগত আহিবলগীয়া কি আছিল? সেই কথা ভাবি ভাবি তাই বলিয়া
মানুহৰ নিচিনাকৈ দাঁত কেইটা চেপি ধৰি হাতদুখনেৰে গাড়ীৰ গ্লাচত মাৰিবলৈ ধৰিলে৷
তাইৰ তেনে ৰূপ দেখি সি বৰ ভয় খালে৷
‘হেই ড’ণ্ট ক্ৰিয়েত এ চিন৷’- কৈয়েই সি গাড়ীখন ঘূৰালে৷
মৰুভুমি সদৃশ সেই ঠাইখন এৰি পুনৰ গাড়ীখন সেই নিৰ্জন ৰাস্তাটোৰে চলিবলৈ ধৰিলে৷
‘ছেঃ কিনো কান্দিবলগীয়া হ’ল? কলেজত
পঢ়িলেনো কি হ’ব? এটা সুন্দৰ সন্ধিয়া নষ্ট কৰি দিলা৷ ছ’ৰী ইফ আই হাৰ্ট
ইউ, আই এম ছ’ৰী৷’
এই আপদটোক সোনকালে তাইৰ গন্তব্য স্থানত থ’ব পাৰিলেই
ৰক্ষা বুলি ভাবিয়েই সি গাড়ীৰ বেগ বঢ়াই দিলে৷
বৰষুণ তেতিয়াও পৰি আছিল৷
নিৰ্জন পথটো এৰি গাড়ীখন পুনৰ চহৰখনৰ মাজেদি চলিবলৈ
ধৰিলে৷
‘ৰখাওক... মই ইয়াতেই নামিম৷’
সি পথৰ একাষে গাড়ীখন ৰখালে৷
‘তোমাক ঘৰলৈ থ’বলৈ মই নাযাওঁ৷ ইয়াৰ পৰা তুমি নিজেই যাব
লাগিব৷’ সি তাইৰ পিনে চালে৷ তাৰ নিজকে দোষী দোষী যেন অনুভৱ হ’ল৷ তাৰ চকু দুটা
চলচলীয়া হৈ পৰিল৷ দৰ্জাখন খুলি নামি আহি সি তাইৰ কাষৰ দৰ্জাখন খুলি দিলে৷
নিজৰ কিতাপ পত্ৰবোৰ সামৰি, টিফিন
বাকচটো বিচাৰি বিচাৰি তাই সমুখৰ ছিটৰ তলৰ পৰা উলিয়াই আনিলে ৷ আটাইবোৰ বস্তু বুকুত
সাৱটি তাই গাড়ীৰ পৰা নামিল৷
এবাৰ তাই তাৰ ফালে চালে৷ সি তাইৰ ফালে চাই আছিল৷ আহ
কি অদ্ভুত সেই চাৱনি৷ তাৰ যেন বহু কথাই ক’বলৈ থাকি গ’ল৷ সকলোবোৰ যেন খেলিমেলি হৈ
গ’ল৷ সি তাইৰ কাণৰ ওচৰলৈ আহি ‘আই এম ছ’ৰী’ বুলি ক’লে৷
‘একো নাই...’ কৈয়েই তাই সৰু গলিটোত খোজ দিলে৷ তাইৰ
কাষেৰে তীব্ৰ গতিৰে গাড়ীখন গুছি গ’ল৷ তাই পাছফাললৈ ঘূৰি চালে৷ আন্ধাৰ পথত
গাড়ীখনৰ ৰঙা লাইটটো জ্বলি আছিল... ক্ৰমাৎ সেই পোহৰ হেৰুৱাই যাব ধৰিছিল...
হাৰিকেন লাইটৰ অকণমানি পোহৰে কোঠাটো পোহৰাই আছিল৷
কিন্তু সেই পোহৰ যথেষ্ট নহয়৷ লেম্পৰ পোহৰ অকণমান বঢ়াই দি মাকে ঘড়ীটোৰ পিনে চালে৷
সাত বাজি ত্ৰিশ মিনিট গৈছে৷ মাকৰ বুকুখন চিৰিংকৈ উঠিল৷ বাহিৰত কাৰোবাৰ খোজৰ অনুমান
কৰি দৰ্জাখন খুলি দিলে৷
বৰষুণত তিতি বুৰি ছোৱালীজনীৰ কাপোৰ আৰু চুলিখিনি
অবিন্যস্ত হৈ পৰিছে৷ তাইৰ অৱস্থাটোলৈ চাই মাকৰ বুকুখন গধুৰ হৈ পৰিল৷
এটা শিলৰ মূৰ্তিৰ নিচিনাকৈয়ে তাই মাকৰ ওচৰ চাপি আহিল
আৰু আহিয়েই মাকক জোৰেৰে সাৱটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে৷
মাকৰ বুকুখনত তীব্ৰ ধুমুহাৰ সৃষ্টি হ’বলৈ ধৰিছে৷ তাইৰ
চকুপানীখিনি মচি মচি ক’বলৈ ধৰিলে‘নাকান্দিবিচোন৷ কি হ’ল আই? ইমান
পলম কৰিলি যে?’
মাকৰ কান্ধত মূৰটো থৈ তাই ক’বলৈ আৰম্ভ কৰিলে,‘বৰষুণ বৰ জোৰেৰে আহিছিল৷ এখনো বাছ নাছিল৷ হঠাতে এখন অচিনাকি গাড়ী আহি কাষতে
ৰৈছিল৷ আৰু তেখেতে মোক এখন নিৰ্জন ঠাইলৈ লৈ গৈছিল৷ তাৰ পাছত.... তাৰ পাছত মা...
কথাখিনি শেষ কৰিবলৈহে পালে, মাকে তাইৰ
কাণৰ কাষত ঠাচ কৈ এটা চৰ সোধালে৷ তাই কোঠাৰ এটা কোণলৈ ছিটিকি পৰিল৷ তাইৰ কিতাপবোৰ
মাটিত সিচঁৰতি হৈ পৰিল আৰু সেই টিফিন
বাকচটো ঘূৰি ঘূৰি আগলৈকে গৈ থাকিল... গৈয়েই থাকিল...
‘পাপিনী, কলংকিনী তই মোৰ সৰ্বস্ব শেষ কৰি
পেলালি৷’
এইখন ঘৰত চাৰিটা পৰিয়ালে একেলগে বসবাস কৰে৷
তাইৰ চিঞৰ শুনি পাছফালৰ পৰিয়ালৰ খুড়ীয়েকজনীয়ে শাৰীৰ
আচলেৰে হাতখন মচি মচি ওলাই আহিল৷ আৰু সুধিবলৈ ধৰিলে‘কি হ’ল? কি ঘটনা?’
‘নাই অ’ একো হোৱা নাই৷ তিতি বুৰি ঘৰ সোমাইছেহি৷ তাতে
আকৌ পৰীক্ষাৰ দিন চমু চাপি আহিছে৷ দদায়েক নাই বুলিহে, নহলে দিলে
হয় এসেকা৷’ মাকে মিছা মাতিলে৷
‘সেইবুলিয়েনো এই সৰু ছোৱালীজনীক ইমান টানকৈ ক’ব লাগেনে? তাইৰনো কি দোষ?’ ঘটনাৰ আমেজ নাপাই খুড়ীয়েকজনী তাৰ পৰা আঁতৰি গ’ল৷
মূল দুৱাৰ আৰু পাছফালৰ খিৰিকিবোৰ জপাই মাকে তাইক
ক্ষোভেৰে চালে৷
তাইৰ এনে লাগিল যেন আৰু দুচাটমান দিহে মাক ক্ষান্ত
হ’ব৷
জুহালৰ জুইকুঁৰা তেতিয়াও জ্বলি আছিল৷ জুইকুঁৰা দেখি
মাকে ভাবিবলৈ ধৰিলে-‘ইয়াৰ পৰা গৰম আঙঠা কেইটামান আনি এইৰ গাটো পুৰি পেলাওঁ নেকি? কিন্তু... কিন্তু কোনো মাতৃয়েতো নিজৰ সন্তানৰ প্ৰতি ইমান নিষ্ঠুৰ হ’ব নোৱাৰে? আঃ মই কি কৰা উচিত? এইজনীয়ে আমাৰ বংশৰ মান মৰ্যাদা
ধূলিসাৎ কৰি পেলালে৷’
মানে তাৰ পাছত তাইৰ চুলিত ধৰি চোঁচোৰাই আনি হাৰিকেন
লেম্পৰ পোহৰত তাইৰ দেহটো চাবলৈ ধৰিলে৷
‘সেই দুষ্ট ল’ৰাটোক ভগৱানে উচিত শিক্ষা দিয়ক৷ তোক ময়েই
যদি নুচুওঁ কোনে চুব?’ বুলি কৈয়েই তাইক মাকে বাথৰুমৰ পিনে লৈ গ’ল৷
এতিয়া বাথৰুমত বহি থকা ছোৱালীজনীয়ে দুয়োটা আঠুৰ মাজত
মূৰটো সুমুৱাই উচুপি থাকিল৷
মাকে দৌৰি গৈ থাপনাত চাকি এগছ জ্বলাই প্ৰাৰ্থনা
কৰিবলৈ ধৰিলে-‘হে প্ৰভু, এই নিমাখিত ছোৱালীজনীৰ দোষ মৰিষণ
কৰক৷’
এইবাৰ মাক বাথৰুমলৈ আহিল৷ আহিয়েই তাইৰ দেহৰ পৰা এখন
এখনকৈ কাপোৰ খুলি দি তাইৰ মূৰত এমগ এমগকৈ পানী ঢালি দিলে ৷ মাজতে মাকে মাত
দিলে-‘আই তই সেই ল’ৰাজনক চিনি পাৱনে?’
‘নাই...’ তাই কেৱল মূৰটো লৰাই দিলে৷
‘তাক নি(য় ভগৱানে শাস্তি দিব৷ কিন্তু আই তই ভুলতো
এইবোৰ কথা আনৰ আগত নকবি৷ আনে শুনিলে আমাক সমাজে এঘৰীয়া কৰিব৷ ঘৰৰ মানুহবোৰে এই
কথাবোৰ ৰস লগাই আনৰ আগত প্ৰচাৰ কৰি আমেজ ল’ব৷ বুজি পাইছনে আই?’ কথাখিনি কৈ কৈ মাকে টাৱেল এখনেৰে তাইৰ চুলিকোঁচা মচি দি তাইৰ কপালত এটা চুমা
আকি দিলে৷
মাকে পুনৰ ক’বলৈ ধৰিলে‘আই এই যে তোৰ দেহত মই পানী
ঢালি দিলোঁ এয়া প্ৰকৃততে পানী নহয় জুইহে৷ তই এতিয়া পবিত্ৰ হৈ পৰিছ আই৷ মানুহৰ মন
যদি পবিত্ৰ হয় তেনেহ’লে শৰীৰটো কেনেদৰে অপবিত্ৰ হ’ব কচোন? ৰাস্তাৰে
আহি থাকোঁতে আমাৰ ভৰিত কিহবাই খুচি দিলেই বুলিয়েই আমি খোজকাঢ়িবলৈ এৰি দিম নেকি? তইতো অহল্যাৰ কথাটো জানাই? ৰামৰ ভৰিৰ স্পৰ্শ পাই তেওঁ পুনৰ
মানৱী ৰূপ গ্ৰহণ কৰিছিল৷ কাৰণ তেওঁৰ মন পবিত্ৰ আছিল৷ তোকনো মই ইমানবোৰ কথা কিয় কৈ
আছেঁা জানানে? কাৰণ মানুহৰ মন পবিত্ৰ হ’ব লাগে৷ তোৰ লগত যি হৈছে
সেয়া এটি বেয়া সপোনৰ দৰে পাহৰি যা আই৷’
ছোৱালীজনীক এইদৰে বুজনি দি তাৰ পাছত বাকচৰ পৰা এযোৰ
নতুন কাপোৰ আনি মাকে তাইক পিন্ধিবলৈ দিলে৷
এইবাৰ মাকে তাইক ভগৱানৰ থাপনাৰ ওচৰলৈ লৈ গ’ল৷ মাকে
মনতে ভাবিলে‘হায় এই পৃথিৱী৷ য’ত নিজৰ কন্যা সন্তানৰ বাবে কোনো নি(য়তাই নাই৷ আৰু
আমি? আমিবোৰে আমাৰ সন্তানবোৰ কলেজত পঢ়ে বুলিহে গৌৰৱ কৰোঁ৷
কিন্তু সিহঁতৰ সুৰক্ষাৰ কথাই নাভাবোঁ৷ তোমাৰ আমাৰ মনত আমাৰ সন্তানবোৰ নি(য় এজনী
অবুজ ছোৱালী; কিন্তু পৃথিৱীখনৰ বাবেতো তাই সৰু নহয়৷’
মাকে তাইৰ ভবিষ্যতৰ বাবে ভগৱানৰ ওচৰত সেৱা ল’লে ৷
তাইও সেৱা কৰিলে৷
এবাৰত মাকে তাইৰ পিনে চাই কলে‘আই কাৰো আগত এই কথা
প্ৰকাশ নকৰোঁ বুলি শপত খা৷’
‘শপত, মই কাৰো আগত নকওঁ৷’ তাই ক’লে৷
মাকে তাইৰ কপালত মৰমেৰে চুমা এটা আঁকি দিলে৷
ছোৱালীজনীৰ চকুত ভগৱানলৈ আগবঢ়োৱা চাকিগছিৰ পোহৰ যেন জ্বলমলাই উঠিছে৷ মাকে আজিহে
অনুভৱ কৰিলে যে তেওঁৰ জীয়ৰী সৰু হৈ থকা নাই৷ তাই এতিয়া পৰিপক্ক৷
সৌৱা, ছোৱালীজনীয়ে আগৰ দৰে কলেজলৈ যাব
ধৰিছে৷ এতিয়া অৱশ্যে তাইৰ সাজপাৰৰ পৰা চলন ফুৰণলৈকে গম্ভীৰতাই বিৰাজ কৰিছে৷ তাই
আজিও বহু বিলাসী গাড়ী নিজৰ সমুখেৰে অহা-যোৱা কৰা দেখে৷ কিন্তু তাই সেইবোৰৰ বাবে
দুৰ্বল নহয়৷ মাজে মাজে অৱশ্যে তাই ভাবে এই গাড়ীবোৰত কিমান জনৰ বা অব্যক্ত কাহিনী
লুকাই আছে? পিছে তাই সেইবোৰ ভাবি সময় নষ্ট নকৰে৷ জীৱনটো কি হয়তো
তাই বুজি উঠিছে৷ সেয়ে আজিকালি তাই খুৱ সাৱধানেৰে খোজ দিয়ে৷
*****
No comments:
Post a Comment