চবেচনৰ কফি [১৯৩৮]
মূলঃ ৰাজাজি
এসময়ত চবেচনৰ কফি সমগ্ৰ তামিল ৰাজ্যতেই বৰ জনপ্ৰিয় আছিল৷ বগা
চাহাবসকলেও আনকি এই কফি বিচাৰি বিচাৰি কিনিছিল৷ আমাৰ মানুহখিনিৰ কথাটো নকলেও হ’ব৷
“কফিৰ বীজ তুলি আনি তাক ভাজি, গ্ৰাইণ্ডাৰত খুন্দি যিমান দামী
বাকচত আনিলেও সেয়া চবেচনৰ কফিৰ নিচিনা হ’ব নোৱাৰে৷”-এই কথা চহৰৰ প্ৰত্যেকখন
আঢ্যবন্ত ঘৰৰ মহিলাসকলৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল৷
১৯২২ চনত চবেচনে কফিৰ ব্যৱসায় আৰম্ভ কৰে৷ প্ৰথম দুবছৰ
মানলৈকে অৱশ্যে ব্যৱসায় চলাবলৈ তেওঁৰ বৰ কষ্ট হৈছিল৷ ১৯২৮ চনৰ মাৰ্চ মাহত চুপ্পু
কুট্টিয়ে চবেচন আয়াৰৰ তালৈ আহি সহকাৰী কৰ্মচাৰী পদত যোগদান কৰিলে৷ সেই মুহূৰ্তৰ
পাছৰে পৰাই যেন তেওঁৰ ব্যৱসায়ত দোপতদোপে উন্নতি হ’বলৈ ধৰিলে৷ হঠাতে ব্যৱসায়লৈ
তিনিগুণমান লাভ আহিল৷ চবেচন আয়াৰ নিজেও আ(ৰ্যান্বিত হৈ পৰিল৷ তেওঁ ভাবিলে এই
সকলোবোৰ চুপ্পু কুট্টিৰ আগমনতেই সম্ভৱ হ’ল৷ কুট্টিৰ প্ৰতি তেওঁৰ বৰ মৰম জাগিল৷
কুট্টিক লৈ তেওঁ গৰ্ব কৰাত লাগিল৷ লাহে লাহে চুপ্পু কুট্টি তেওঁৰ প্ৰিয়ভাজন হৈ
পৰিল৷ পাছৰ বছৰত দুবাৰকৈ কুট্টিৰ দৰমহাও বৃদ্ধি কৰি দিয়া হ’ল৷ চুপ্পু কুট্টিক
নোকোৱাকৈয়ে মালিকে তলে তলে তেওঁৰ ব্যক্তিগত পাৰিবাৰিক জীৱনতো সহায় কৰিবলৈ ধৰিলে৷
কুট্টিৰ একমাত্ৰ ভনীয়েকৰ সৈতে সzান্ত ঘৰ এখনৰ দৰা এজন চাই
ধুমধামেৰে বিয়া পাতি দিলে৷
চুপ্পু কুট্টিৰ মাকে তেওঁক কফি পাউডাৰ গুড়া কৰাৰ
বিষয়ে এটা গোপনীয় কথা শিকাই দিছিল৷ এই পদ্ধতি অনুসৰি প্ৰস্তুত কৰা কফি পাউদাৰ
খাবলৈ বৰ সোৱাদলগা হয়৷ চুপ্পু কুট্টিয়ে চাকৰিত যোগদান কৰা সময়ত এদিনাখন কুট্টিয়ে
নিজৰ ঘৰৰ পৰা বনাই অনা কফি চবেচনক খাবলৈ দিছিল৷
“বাহ, কি সোৱাদ/ এনেহেন সোৱাদলগা কফি মই
আজিলৈকে মুখত দি পোৱা নাছিলোঁ৷” - চবেচনে কৈছিল৷
লগে লগে চুপ্পু কুট্টিৰ মাকক মতাই আনি তেওঁ প্ৰশ্ন
কৰিছিল “ কফি বীজবোৰ ভজাৰ সময়ত আপুনি কিবা বিশেষ পদ্ধতি প্ৰয়োগ কৰে নেকি? নে এয়া উচ্ছ মানদণ্ড সম্পন্ন কফিৰ বীজ? নে কফি
গুড়ি কৰাৰ সময়ত কিবা বিশেষ কৌশল অৱলম্বন কৰা হয়?”
কুট্টিৰ মাকে বিশদভাৱে এই সম্পৰ্কত কোনোধৰণৰ মন্তব্য
নকৰিলে যদিও এই গোপন কথা চুপ্পু কুট্টিয়েহে জানে বুলি সংক্ষেপে কৈ থ’লে৷
“এইটো বাৰু আমাৰ কোম্পানীৰ কফি গুড়ি কৰাৰ সময়ত প্ৰয়োগ
কৰিব পৰা যাবনে?” - চবেচনে সুধিলে৷
“ ওহ্ নি(য়৷ কৰিব পাৰে৷” - চুপ্পু কুট্টিৰ মাকে উত্তৰ
দিলে৷
তাৰ পাছত চবেচন আয়াৰৰ অনুৰোধ মৰ্মে কোম্পানীত আন
কোনোৱে নজনাকৈ আগতীয়াকৈ চুপ্পু কুট্টিয়ে কফি পাউদাৰত কিবা এটা মিহলায় থয়৷
আনকি এইটো গোপন কথা চবেচন আয়াৰেও নাজানে৷ ঘৰৰ পৰা অনা
সৰু টেমা এটাত কফি বীজ গুড়ি কৰা সময়ত সেয়া মিহলি কৰা কথাটোহে কেৱল তেওঁ জানে৷
কুট্টিয়ে নিজেও এই গোপন কথাটো নকয়, আৰn চবেচনেও সেই
বিষয়ে একো কথা নুসুধে৷
চবেচনৰ কফি ব্যৱসায়ত কম সময়ৰ ভিতৰতে ক্ষিপ্ৰ গতিৰে
উন্নতি হ’ব ধৰিলে৷ চবেচনৰ হাতলৈ বহুতো টকা আহিল৷ এটা সময়ত চবেচন আয়াৰৰ নাম চহৰৰ
প্ৰখ্যাত ব্যৱসায়ৰ নামৰ তালিকাত অন্তৰ্ভুক্ত হ’ল৷¸ ব্যৱসায়ৰ লগত জড়িত কেতবোৰ সংঘ, ক্লাৱ, সভা আদিত তেওঁৰ নাম বিভিন্ন পদৰ বাবে বাচনি কৰা হ’ল৷
মাজে সময়ে অৱশ্যে চবেচন আয়াৰে চুপ্পু কুট্টিৰ পৰা
গোপন কথাটো জনাৰ বাবে চেষ্টা চলায় যদিও তেওঁ অসমৰ্থ হয়৷ কাৰণ, চুপ্পু কুট্টিৰ মাকে তেওঁৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যাতে তেওঁ নিজৰ গোপন কথাটো
কোনোক্ষেত্ৰতে আনৰ আগত নকয়, চবেচন আয়াৰকো৷ সেয়ে চবেচনক তেওঁ
নিজেও একো নকয় আৰু আয়াৰেও জোৰ নকৰে৷
১৯৩৬ চন মানলৈ চবেচন আয়াৰৰ মাহিলী উপাৰ্জন কৰা
ধনৰাশিৰ পৰিমাণো বাঢ়ি গ’ল৷ আয়াৰে মাহেকত নিজৰ প্ৰয়োজনতকৈ ওপৰঞ্চিভাৱে ২০০০
টকাকৈ মাহিলী বানচ লাভ কৰিবলৈ ধৰিলে৷
চুপ্পু কুট্টিৰ মাহিলী দৰমহা এতিয়া ২৫০ টকা৷ আজিকালি চুপ্পু কুট্টিয়ে চবেচন আয়াৰৰ
মটৰ গাড়ীত উঠি নিজৰ ঘৰলৈ যায়৷ চবেচন আয়াৰৰ চুপ্পু কুট্টিৰ প্ৰতি থকা মৰম দিনে
দিনে বাঢ়ি গৈ থকা দেখি আৰু তেওঁৰ উন্নতি দেখি তেওঁৰ বন্ধুসকল হিংসাত জ্বলি-পুৰি
মৰিবলৈ ধৰিলে৷ আয়াৰ আৰু কুট্টিৰ মাজত কাজিয়াৰ সূত্ৰপাত কৰিবলৈ তেওঁলোকে অশেষ
চেষ্টা কৰিলে কিন্তু তেওঁলোক বিফল হ’ল৷ তাৰ বিপৰীতে আয়াৰ আৰু কুট্টি দুয়োৰে মাজত
বিশ্বাস আৰু আস্থা দিনক দিনে বাঢ়িবলৈহে
ধৰিলে৷
এনেদৰেই চাওঁতে চাওঁতে দুটিকৈ বছৰ পাৰ হৈ গ’ল৷
এদিনাখন চবেচন আয়াৰে জয়ৰামন নাদাৰ নামৰ এজন কাঠৰ ব্যৱসায়ীৰ লগত কথা পাতি আছিল৷
“আপোনাৰ ব্যৱসায় বৰ সুন্দৰকৈ চলি আছে৷ কিন্তু এতিয়া
আপোনাৰ মেনেজাৰে নতুনকৈ স্বাধীনভাৱে ব্যৱসায় খুলিব বুলি শুনিছো, কথাটো সঁচা নেকি? ”- কাঠৰ ব্যৱসায়ীজনে সুধিলে৷
“নহয়, নহয়... এনেধৰণৰ দেখোন কোনো কথা
তেওঁ শুনা নাই৷ আপুনি এইবিলাক কথা মিছাকৈয়ে শুনিছে৷”- চবেচন আয়াৰে উত্তৰ দিলে৷
“তেওঁ নিজেই কোৱা শুনিছেঁা৷”-কাঠমিস্ত্ৰীজনে পুনৰ
ক’লে৷
“নাই, তেনেকুৱা একো কথা নাই৷ মই নিশ্চিত
যদি তেওঁৰ মনত এনেধৰণৰ চিন্তা থাকিলেহেঁতেন তেওঁ মোক নি(য় জনালেহেঁতেন৷”- চবেচন
আয়াৰে ক’লে৷
“মই কথাটো এনেয়ে কোৱা নাই৷ আপুনি বিচাৰিলে তেওঁক
সোধ-পোছ কৰি পাৰে৷” - জয়ৰামন নাদাৰে ক’লে৷
“তাৰ বহুদিনৰ পিছত কোনোবা এদিন চুপ্পু কুট্টিয়ে পইচা
সুদত দিয়া ব্যৱসায়ী বিশ্বনাথন ৰাওক কফি মেচিনৰ বাবে সোধাৰ বিষয়ে আনএজন ব্যৱসায়ীয়ে
চবেচন আয়াৰক জনালে৷”
চবেচন আয়াৰৰ সন্দেহ এতিয়া নিশ্চিত হৈ গ’ল৷ অত দিনৰ
পৰা ব্যৱসায়ৰ উন্নতি, সুনাম, সামাজিক স্থিতি, গোপন ৰহস্য এই সকলোবোৰ চুপ্পু কুট্টিৰ হাততেই আছে, সেয়ে তেওঁ
নিশ্চিত হৈ পৰিল৷ পিছত দিন বাগৰাৰ লগে লগে চুপ্পু কুট্টিৰ প্ৰতি অৰ্থহীন খঙত¸ বিৰক্ত হ’বলৈ ধৰিলে৷ আমাৰ কোম্পানীৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে মোতকৈও বেছি
চুপ্পুক সন্মান প্ৰদৰ্শন কৰে৷ এনেবোৰ কথা ভাবি ভাবি মনে মনে চুপ্পুৰ প্ৰতি তেওঁৰ হিংসা জন্মিল৷ কোম্পানীৰ মানুহে
চুটি বিচাৰিলে সেয়াও চুপ্পুৰ অনুমতি
সাপেক্ষেহে হয়, যিটো তেওঁৰ কোনো কাৰণতে পছন্দৰ বিষয় হ’ব নোৱাৰে৷
এদিনাখন চুপ্পু কুট্টিয়ে চবেচনৰ পৰা চুটি বিচাৰিবলৈ
আহিল৷ তিৰুৱালুৰৰ অপ্পুস্বামী আয়াৰে তেওঁক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল৷ তাত
গৈ থাকি আহিবৰ বাবে তেওঁক এমাহ চুটিৰ
প্ৰয়োজন আছে বুলি চবেচনক জনালে৷
“নোৱাৰোঁ৷”- চবেচনে চিধাচিধিকৈ উত্তৰ দিলে৷
“ইমান দিনে মোৰ প্ৰতি মৰমৰ ভাব থকা মানুহজনৰ আজি হঠাতে
কি হ’ল? মোৰ প্ৰতি এনে ব্যৱহাৰ? ইমান ক্ষোভ?”- সেই কথা ভাবি ভাবিয়েই চুপ্পু কুট্টিয়ে নিজৰ ভাগ্যকেই তাৰ বাবে জগৰীয়া বুলি
ভাবি আনদিনাখনৰ দৰে পুনৰ নিজৰ কামত লাগিল৷
তথাপি তেওঁৰ মনত আগৰ দৰে শান্তি ঘূৰি নাহিল৷
তেওঁ শাৰীৰিকভাৱেও অসুস্থ হৈ পৰিল৷ ডাক্তৰে ঔষধ দিলে
যদিও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ সেয়ে ডাক্তৰে তেওঁক কেইদিনমানৰ বাবে জিৰণি
লোৱাৰ পৰামৰ্শ দিলে৷
এইবাৰো তেওঁ চবেচন আয়াৰৰ ওচৰত চুটি বিচাৰিলে যদিও কফি
তৈয়াৰৰ গোপন ৰহস্যৰ বিনিময়তহে চুটি মঞ্জুৰ কৰা হ’ব বুলি চবেচনে কঠোৰভাৱে জনালে৷
চবেচনৰ কথাত চুপ্পু কুট্টিয়ে কি কৰিব, কি নকৰিব বিমোৰত পৰি মাকৰ ওচৰ পালে৷ মাকে তেতিয়া কুট্টিক সাহস দি কলে- “চাকৰি
ইস্তফা দিয়া, ভাবি লোৱা আমাৰ ভাগ্য মাত্ৰ এইকেইদিনৰ বাবেহে ভাল
আছিল৷ ভাগ্য পুনৰ ভাল হ’লে, সকলোবোৰ ঠিকে ঠাকে থাকিলে এদিন আমি
আমাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিম৷ ভগৱানে যদি বিচাৰে সেয়াই হ’ব৷ পিছে কোনো কাৰণতে
তুমি সেই গোপন কথাটো চবেচন আয়াৰক নজনাবা৷”
শেষত চুপ্পু কুট্টিৰ ইস্তফা পত্ৰখন আয়াৰে মানি ল’লে৷
তাৰ পাছত বহুদিন ধৰি চবেচনৰ ব্যৱসায় আগৰ দৰেই চলি
থাকিল৷ টিনৰ বাকচত লগোৱা নৃত্যৰত নটৰাজৰ মূৰ্তিৰ ষ্টিকাৰখন, গুণবিশিষ্ট কফিৰ বীজ, কোম্পানীৰ পুৰণি নাম এই সকলোবোৰৰ
বাবেই ব্যৱসায় আগৰ দৰেই চলি থাকিল৷
“এতিয়া কফিখিনি আগৰ দৰে কিয় সোৱাদ নালাগে?”- লাহে লাহে দুই এজনে কোৱা-কুই কৰিবলৈ ধৰিলে৷
“ছাগে কফি গ্ৰাইণ্ডাৰৰ বাবে নাইবা পাউডাৰৰ সাঁফৰটো
খুলি ৰখাৰ বাবে আগৰ তুলনাত সোৱাদ কমিল৷” - তেনেদৰেই আন আন মানুহবোৰৰ মাজত আলোচনা
হ’বলৈ ধৰিলে৷
দুমাহমানৰ পিছত, চবেচনৰ কফি
খাবলৈ ভাল নালাগে বুলি চুপ্পু কুট্টিৰ বন্ধুসকলে অ’ত ত’ত কৈ ফুৰিছে -বুলি চবেচনৰ
বন্ধুসকলে তেওঁক খবৰ দিলে৷
কিছুমানে আকৌ ঘৰতেই কফিৰ বীজ আনি, ভাজি, গ্ৰাইণ্ডাৰত খুন্দি বনোৱা কফি পাউডাৰেই চবেচনৰ কফিতকৈ
বেছি সোৱাদলগা বুলি বু বু বা বা কৰিবলৈ ধৰিলে৷ এনেদৰেই সৰ্বশেষত চুপ্পু কুট্টিয়ে
চাকৰি ইস্তফা দিয়াৰ ছয়মাহমান পাছত চবেচন আয়াৰৰ ব্যৱসায়ত যতি পৰিল৷
আনফালে বিশ্বনাথন ৰাওৱে চুপ্পু কুট্টিক নিজৰ ব্যৱসায়ৰ
অংশীদাৰ হোৱাৰ বাবে বৰ জোৰ কৰিবলৈ ধৰিলে৷ ব্যৱসায়ৰ ৫০ণ লাভ তেওঁক দিম বুলি চৰ্ত
দিলে৷ আন সকলোবোৰ খৰচ তেওঁৰ নিজৰ বুলিও জনালে৷
কিন্তু চুপ্পু কুট্টিয়ে তেতিয়ালৈকে আয়াৰৰ অপেক্ষাত ৰৈ
আছিল৷ দুমাহ -তিনিমাহমান ধৰি তেওঁ এই কথাকেই ভাবিছিল যে এদিন নহ’লেও এদিন আয়াৰে
নি(য় তেওঁক মাতি পঠিয়াবই৷ কিন্তু তেওঁৰ সেই ইচ্ছা পূৰ্ণ নহ’ল৷ শেষত যেনিবা তেওঁ
বিশ্বনাথনৰ ব্যৱসায়ত যোগদান কৰিবলৈ মান্তি হ’ল৷
অতদিনে শান্ত ভাৱে বহি থকা চুপ্পু কুট্টিৰ এতিয়া
চবেচনৰ ওপৰত বৰ খং উঠিল৷ দীৰ্ঘদিনীয়া মনোকষ্টৰ বাবে মনতে চবেচনক এসেকা দিম বুলিও
মনস্থ কৰিলে৷ ভিতৰি ভিতৰি চবেচনৰ প্ৰতি তেওঁ এক নামবিহীন প্ৰতিযোগিতাৰ বাবে উঠি
পৰি লাগিল৷ এতিয়া তেওঁ চবেচনৰ নামটোৰ
বিপৰীতে নদেচন কফি নামৰ দোকান এখনো আৰম্ভ কৰিলে৷ আগৰ গোপন ৰহস্য ভালদৰে
ব্যৱহাৰ কৰি পুনৰ কফি প্ৰস্তুত কাৰ্যত মনোনিৱেশ কৰিবলৈ ধৰিলে৷ তাত থকা পাউডাৰৰ
পেকেটত নাচি থকা নটৰাজ মূৰ্তিৰ ষ্টিকাৰখনত নটৰাজৰ বাওঁ ভৰিখন ওপৰলৈ উঠি থকা নতুন
ষ্টিকাৰ বনাই লগাই দিলে৷ লাহে লাহে ব্যৱসায়ত দুয়োজনে দোপত দোপে উন্নতি কৰিবলৈ
ধৰিলে৷ এতিয়া বিশ্বনাথন ৰাওৱে চুপ্পু কুট্টিক পাৰ্যমানে সহায় কৰে৷
এদিনাখন চবেচন আয়াৰে উচ্ছ ন্যায়ালয়ত গোচৰ তৰিলে৷ টিনৰ
বাকচৰ আকৃতি, নাম, ষ্টিকাৰ এই সকলোবোৰ চবেচন কফিৰ দৰে
হুবহু বনোৱা হৈছে৷ সেয়ে মানুহে ভুলবশতঃ চবেচনৰ কফি বুলি এয়া কিনিবলৈ ধৰিছে৷ এয়া
নকল সামগ্ৰী৷ যাৰ বাবে তেওঁৰ ব্যৱসায়ৰ লোকচান হৈছে৷ এনে নকল সামগ্ৰীৰ বিক্ৰী বন্ধ
কৰি দিয়া উচিত৷ আনকি, এবছৰীয়া লোকচানৰ অংশও সিহঁতে ঘূৰাই দিব লাগে৷ এবছৰ
ধৰি এই মোকৰ্দমা চলিল৷ শেষত চবেচন আয়াৰৰ জয় হ’ল৷ শুনানিৰ দিনাখন চবেচন জ্বৰত ভুগি
আছে৷ পিছে ৰায় শুনিবলৈ উদ্বাউল হৈ থকা আয়াৰে গা-পা ধুই সাঁজি-কাছি, হাঁহিমুখে
ন্যায়ালয়লৈ গ’ল৷ চিদাম্বৰম নটৰাজ মূৰ্তিত পূজা এভাগ আগবঢ়াবলৈও তেওঁ যা-যোগাৰ
কৰিলে৷
ইফালে চুপ্পু কুট্টিৰ মাকৰ মন বেদনাৰে ভাৰাক্ৰান্তা৷
তেওঁৰ মতে যেন সমগ্ৰ পৃথিৱীখনেই ওলোটা হৈ গ’ল৷ ‘ হে ভগৱান, কেৱল
তুমিয়েই চবেচনক শাস্তি বিহিব পাৰা, তেওঁ মোৰ ল’ৰাটোৰ সৰ্বনাশ কৰিলে৷’
এনেদৰে প্ৰতিজন ভগৱানকে তেওঁ প্ৰাৰ্থনা কৰি থাকিল৷
বিধাতাৰ অভিশাপ নে চুপ্পু কুট্টিৰ মাকৰ অভিশাপ/
শুনানিৰ আঠদিনৰ দিনাখন চবেচনৰ হাৰ্ট এটেক হৈ মৃত্যু হ’ল৷ চিদাম্বৰম মন্দিৰত অভিষেক
কৰাৰ ইচ্ছাও লগতে গ’ল৷
উচ্ছ নায়্যালয়ৰ শুনানিও চবেচনৰ জীৱনৰ লগতে যেন হেৰাই
থাকিল৷ বিশ্বনাথন ৰাওৰ কোম্পানীও এতিয়া কোনো সমস্যা নোহোৱাকৈয়ে চলি আছে৷ আগৰ
ষ্টিকাৰৰ ঠাইত এতিয়া মা কালীৰ ষ্টিকাৰ লগাই ব্যৱসায় কৰিব পৰা যাব বুলি
অধিবক্তাসকলে আলোচনা কৰিলে৷
অধিবক্তাসকলৰ আলোচনা শুনি বিশ্বনাথন আৰু চুপ্পু
কুট্টিৰ মনত বৰ আনন্দ লাগিল৷ এই আনন্দ যেন পৃথিৱী জয় কৰাৰহে আনন্দ৷
কিন্তু কফি
পাউডাৰৰ ৰহস্যটো এতিয়া সকলো ফালে ফাদিল হৈ পৰিল৷
“এই পাউডাৰত ৰিঠা মিহলি হৈ আছে৷” - সকলোৱে আলোচনা
কৰিবলৈ ধৰিলে৷
“এটা কফি টিনত ৫০ণ
ৰিঠা মিহলি হৈ আছে৷”- ঘৰে ঘৰে এই কথা শুনিবলৈ পোৱা গ’ল৷
পিছত চবেচন কফি, নদেচন কফি
জনসাধাৰণৰ অপছন্দৰ বস্তু হৈ পৰিল৷ এই দুয়োবিধ কফি খোৱা মানুহসকলে বিভিন্ন ধৰণৰ
শাৰীৰিক অসুস্থতাত ভোগে৷ গেষ্টি˜ক, বদহজমৰ
সমস্যাই দেখা দিয়ে৷ কিছুমানৰ আকৌ ডায়েৰিয়াও হয়৷ কিছুমানৰ আকৌ এই পাউডাৰ মুখলৈ
আনিলেই গোন্ধ পাই বমি হ’বলৈ ধৰাৰ নিচিনা অনেক কাহিনী শুনিবলৈ পোৱা গ’ল৷
নগৰৰ সzান্ত পৰিয়ালবোৰত নিজৰ ঘৰতেই কফি
পাউডাৰ বনাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ল৷ সঁচা কথা ক’বলৈ গ’লে চুপ্পু
কুট্টিয়ে ডাঙৰ ডাঙৰ কফি পাউডাৰৰ বাকচত আধা চামুচমান ৰিঠা গুড়িহে মিহলি কৰিছিল৷
ইমানদিনে ভাল ভাল বুলি কৈ থকা মানুহখিনিয়েও এতিয়া যেন সেয়া সহ্য কৰিব নোৱৰাতহে
পৰিল৷
প্ৰকৃততে, মগজুত আৰম্ভ হোৱা চিন্তাৰ এক
অদ্ভুত ধৰণৰ শক্তি থাকে৷ এই শক্তিয়ে কেৱল এইখিনিহে কৰিব পাৰে নে ইয়াতকৈয়ো বেছি...?
******
No comments:
Post a Comment