Translation of Kurunthokai : Poem Nos. 2,3,4,6,8,18,23,25,27,28,40,41,56,57,60,69,135,167,196,218,221,224,237,319,325,369

 


குறுந்தொகை 2

 

கொங்கு தேர் வாழ்க்கை அம்சிறைத் தும்பி!

காமம் செப்பாது, கண்டது மொழிமோ:

பயிலியது கெழீஇய நட்பின், மயில்இயல்

செறி எயிற்று, அரிவை கூந்தலின்

நறியவும் உளவோ, நீ அறியும் பூவே?

  - இறையனார்

 குறிப்பு: தலைவன் தன் அன்பை வெளிப்படுத்த, தலைவியின் நலம் பாராட்டுவதாக இப்பாடல் அமைகிறது.

 

কুৰুণটোকেই ২

হে সুন্দৰ পাখিলগা মৌ,

যাৰ জীৱন মানেই মৌ ৰসৰ অন্বেষণ/

কোৱাছোন কি বিচাৰি পালা?

কিন্তু মোক আনন্দ দিবলৈয়ে নক’বা/

আছেনে ক’ৰবাত এনে পুষ্প যি

ডালিমগুটীয়া দাঁতৰ মোৰ প্ৰিয়তমাৰ

কেশগুচ্ছতকৈও সুগন্ধিময়/

আছেনে প্ৰিয়তমাৰ দৰে ময়ূৰৰ

লয়লাস আৰু চিৰস্থায়ী প্ৰেম?

                          - ইৰয়নাৰ

তিনই-কুৰিঞ্জি

টোকা : কবিতাটোত প্ৰথমবাৰৰ বাবে নায়ক-নায়িকাৰ মিলন ঘটাৰ পাছত নায়কে মৌ-মাখিক সম্বোধন কৰাৰ চলেৰে নায়িকাৰ সৌন্দৰ্য বৰ্ণনা কৰিছে৷

 

குறுந்தொகை 3

 

நிலத்தினும் பெரிதே; வானினும் உயர்ந்தன்று;

நீரினும் ஆரளவின்றே - சாரல்

கருங்கோற் குறிஞ்சிப் பூக் கொண்டு

பெருந்தேன் இழைக்கும் நாடனொடு நட்பே.

- தேவகுலத்தார்

 

குறிப்பு: சிறைப்புறத்தானாக இருந்த தலைவன் கேட்கும்படி தலைவி மொழிந்தது.

 

কুৰুণটোকেই ৩

পৃথিৱীতকৈও বিশাল,

আকাশতকৈও উচ্ছ,

সাগৰতকৈও কঠিন যাৰ গভীৰতাৰ উমান ল’বলৈ,

এয়া হৈছে সৌ পৰ্বতৰ পাদদেশৰ পৰা অহা

পুৰুষজনৰ প্ৰতি থকা মোৰ অগাধ ভালপোৱা,

যি পৰ্বতত মৌ-মাখিবোৰে ক’লা বৃন্তৰ

কুৰিঞ্জি পুষ্পৰ পৰা

অমূল্য মৌ-ৰস তৈয়াৰ কৰে৷

                    - দেৱকুলটাৰ

 তিনই-কুৰিঞ্জি

টোকা ঃ নায়কে নায়িকাক সদায় লগ ধৰিবলৈ আহে যদিও বিবাহৰ বাবে পলম কৰিছিল৷ যাৰ কাৰণে প্ৰেমিকাক লগ কৰিবলৈ আহি চৌহদৰ বাহিৰত ৰৈ থাকোঁতে নায়কক নায়িকাৰ সখীয়েকে ইতিকিং কৰে৷ প্ৰেমিকক বান্ধৱীয়ে কৰা ইতিকিঙৰ প্ৰত্যুত্তৰ হিচাপে যিখিনি কথা নায়িকাই কৈছিল, সেয়া কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে৷ কবিতাটোত উল্লেখ থকা কুৰিঞ্জি হৈছে বাৰ বছৰৰ মূৰে মূৰে পাহাৰত ফুলা এবিধ ফুল৷

 

 

குறுந்தொகை 4

 

நோம் என் நெஞ்சே...! நோம் என் நெஞ்சே...!

இமை தீய்ப்பன்ன கண்ணீர் தாங்கி,

அமைதற்கு அமைந்த நம் காதலர்

அமைவு இலர் ஆகுதல், நோம் என் நெஞ்சே...!

 

- காமஞ்சேர் குளத்தார்

 

குறிப்பு: தலைவனின் பிரிவைத்தாங்காமல் தலைவி வருந்தி தோழியிடம் சொல்லியது.

 

কুৰুণটোকেই চ্ছ্ৰ

 

মোৰ বুকুখন বিষাইছে/ মোৰ বুকুখন আঘাতপ্ৰাপ্ত/

মই যেতিয়া কান্দিছিলোঁ,

উষ্ণ লোতকবোৰে চকুৰ পতাত জ্বলা-পোৰা কৰিছিল,

তেতিয়া সাbLনা দিয়া

মোৰ নিখুঁত প্ৰেমিকজন

আজি সলনি হ’ল৷

মোৰ বুকুখন বিষাইছে/

                  - কামনচেৰ কুলটাৰ

 

তিনই-নেইতল

টোকাঃ   কবিতাটোত নায়িকাই নায়কৰ সৈতে হোৱা বিচ্ছেদৰ যন্ত্ৰণা সখীয়েকৰ আগত ব্যক্ত কৰিছে৷

குறுந்தொகை 6

 

நள்ளென்றன்றே, யாமம்; சொல் அவிந்து

இனிது அடங்கினரே, மாக்கள்; முனிவு இன்று,

நனந்தலை உலகமும் துஞ்சும்;

ஓர்யான் மன்ற துஞ்சாதேனே.

 

- பதுமனார்

 குறிப்பு: ‘விரைவில் வந்து திருமணம் செய்வேன்’ என்று கூறி தலைவன் பிரிந்தான்.  இதை ஆற்றாளாகிய தலைவி, தோழியிடம் சொல்லியது.

 

কুৰুণটোকেই ৬

 

গভীৰ নিশাৰ অন্ধকাৰত

শব্দবোৰৰো মৃত্যু ঘটিল,

সকলো সুমধুৰ নিদ্ৰাত

ডুব গৈছে,

আৰু সমগ্ৰ পৃথিৱীখন শুই পৰিছে৷

নি(য়কৈ মইয়ে একমাত্ৰ

যি টোপনি যাব পৰা নাই/

                         - পডুমনাৰ

তিনই-নেইতল

টোকাঃ   নায়কে বিবাহৰ বাবে অৰ্থ উপাৰ্জন কৰিবলৈ যোৱাৰ সময়ত নায়িকাগৰাকী বিৰহত ভুগিছিল৷ কবিতাটোৰ মাজেৰে নায়িকাই সখীয়েকৰ আগত ব্যক্ত কৰা বিৰহ-বেদনাৰ বিষয়ে প্ৰকাশ পাইছে৷

குறுந்தொகை 8

 

கழனி மாஅத்து விளைந்துஉகு தீம்பழம்

பழன வாளை கதூஉம் ஊரன்,

எம் இல் பெருமொழி கூறி, தம் இல்,

கையும் காலும் தூக்கத் தூக்கும்

ஆடிப் பாவை போல,

மேவன செய்யும் தன் புதல்வன் தாய்க்கே.

 

- ஆலங்குடி வங்கனார்

 குறிப்பு: தலைவி தன்னை இகழ்ந்தாள் என்பதை அறிந்த பரத்தை, தலைவியின் தோழியர் கேட்கும்படி சொல்லியது.

 

কুৰুণটোকেই জ্জ্ব

 

সেই নগৰখনৰ মানুহজন,

য’ত পুখুৰীত থকা ৱালাই মাছে

ওচৰৰ আমজোপাৰ পৰা পকা সুস্বাদু ফল

সৰি পৰিলে থাপ মাৰি ধৰে,

তেওঁ মোৰ ওচৰলৈ আহি উচ্ছভাৱত কথা কয়৷

কিন্তু যেতিয়া নিজ গৃহত থাকে,

তেওঁ যেন এটি পুতলাৰ প্ৰতিবিম্ব,

যাৰ হাত-ভৰিৰ তেতিয়াহে সঞ্চালন ঘটে

যেতিয়া পুতলা নচুৱাই থকা মানুহজনে নিৰ্দেশ কৰে,

য’ত তেওঁৰ পুত্ৰৰ জন্মদাত্ৰীগৰাকীৰ

ইচ্ছাবোৰ প্ৰতিফলিত হয়৷

                  - আলনকুডি বংকনাৰ

তিনই-মৰুতম

টোকাঃ   নায়কৰ উপস্ত্ৰী বা ৰক্ষিতাগৰাকীয়ে নিজৰ বিষয়ে নায়কৰ পত্নীয়ে বেয়াকৈ কোৱাৰ কথা গ’ম পালে৷ তাৰ ফলত তেওঁ নায়কৰ পত্নীৰ সখীয়েকৰ আগত নিজৰ মনৰ ভাৱ কিছুমান প্ৰকাশ কৰিছিল৷ কবিতাটোৰ মাজেৰে উপস্ত্ৰী বা ৰক্ষিতাগৰাকীয়ে কিদৰে নিজৰ মনৰ কথা ব্যক্ত কৰিছিল সেই বিষয়ে জনা যায়৷

 

குறுந்தொகை 18

 

வேரல் வேலி வேர்க்கோட் பலவின்

சாரல் நாட! செவ்வியை ஆகுமதி!

யார் அஃது அறிந்திசினோரே? சாரல்

சிறு கோட்டுப் பெரும்பழம் தூங்கியாங்கு, இவள்

உயிர்தவச் சிறிது; காமமோ பெரிதே.!

 

- கபிலர்

குறிப்பு: அடிக்கடி இரவில் வந்து தலைவியை சந்திப்பதை தவிர்த்து, விரைந்து திருமணம் செய்ய வேண்டி தோழி தலைவனிடம் சொல்லியது.

 

কুৰুণটোকেই ১৮

 হেৰা, পৰ্বতৰ পাদদেশৰ মানুহজন,

য’ত থোপা-থোপে কঁঠালবোৰ

গছত ডাঙৰ হয়, বাঁহ গছেৰে আৱৰি থাকে/

উপযুক্ত কামটো কৰা/ বিবাহৰ কথা ভাবা/

কোনে জানে তাইৰ মনৰ অৱস্থা?

যিদৰে সৰু সৰু ডালবোৰৰ সহায়ত

পৈণত কঁঠালবোৰ গছজোপাত ওলমি থাকে,

তোমাৰ প্ৰতি থকা তাইৰ ভালপোৱাও

সিমানে বিশাল,

কিন্তু তাইৰ জীৱনটো তেনেই চুটি/

                            - কপিলাৰ

 তিনই-কুৰিঞ্জি

টোকাঃ   নায়কে নায়িকাক ৰাতি প্ৰায়েই লগ ধৰিছিল৷ নায়িকাৰ সখীয়েকে নায়কক সোনকালে বিবাহ কৰাবলৈ উপদেশ দিছিল৷ কবিতাটোৰ মাজেৰে এইখিনি কথাই প্ৰকাশ পাইছে৷

 

குறுந்தொகை 23

 

அகவன் மகளே! அகவன் மகளே!

மனவுக் கோப்பு அன்ன நல்னெடுங் கூந்தல்

அகவன் மகளே! பாடுக பாட்டே;

இன்னும், பாடுக, பாட்டே - அவர்

நன்னெடுங்குன்றம் பாடிய பாட்டே.

 

- ஔவையார்

குறிப்பு: தலைவியின் காம நோயின் உண்மைக் காரணத்தை தாய்க்கு வெளிப்படுத்த தோழி, அகவன் மகளிடம் சொன்னது.

 

কুৰুণটোকেই ২৩

 

হে দৈৱজ্ঞ মহিলা ক্ক হে দৈৱজ্ঞ মহিলা ক্ক

মনোমোহা শুকুলা দীঘল চুলিটাৰি

যেন সাইলাখ শংখৰ মণি ক্ক

সেই গীতটি আকৌ গোৱা,

আকৌ গোৱা ক্ক

যিটো গীতে তেওঁৰ সুন্দৰ

সুউচ্ছ পাহাৰবোৰৰ বিষয়ে কৈ আছে৷

                                 - অৱইয়াৰ

তিনই-কুৰিঞ্জি

টোকাঃ   দৈৱজ্ঞ মহিলাগৰাকীক নায়িকাৰ সখীয়েকে পাহাৰৰ প্ৰসংগ টানি নায়িকাৰ প্ৰেমিকজনৰ বিষয়ে ইংগিত দিছিল৷ কবিতাটিৰ মাজেৰে উক্ত কথাখিনি প্ৰকাশ পাইছে৷

 

 

குறுந்தொகை 25

 

யாரும் இல்லைத; தானே கள்வன்,

தான் அது பொய்ப்பின், யான்எவன் செய்கோ?

தினைத்தாள் அன்ன சிறுபசுங் கால

ஒழுகுநீர் ஆரல் பார்க்கும்

குருகும் உண்டு தான் மணந்த ஞான்றே.

 

 கபிலர்

 குறிப்பு: தலைவி தோழியிடம் சொன்னது

 

কুৰুণটোকেই ২৫

 

কোনো নাছিল তাত,

আছিল মাত্ৰ তেওঁ, সেই চোৰজন৷

যদি তেওঁ নিজৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে,

মই কি কৰিব পাৰোঁ?

বৈ থকা পানীখিনিত শ’ল মাছৰ অনুসন্ধান কৰি

কণীধানৰ বৃন্তৰ দৰে সেউজীয়া ঠেঙৰ

এটা বগলী তাত ৰৈ আছিল,

যেতিয়া তেওঁ মোক

মোৰ পৰাই কাঢ়ি নিছিল৷

                  - কপিলাৰ

তিনই-কুৰিঞ্জি

টোকাঃ   নায়কে বিবাহৰ বাবে পলম কৰাত নায়িকাই মনৰ দুখত উক্ত কথাখিনি ব্যক্ত কৰিছিল৷

 

குறுந்தொகை 27

 

கன்றும் உண்ணாது, கலத்தினும் படாது,

நல் ஆன் தீம்பால் நிலத்து உக்காஅங்கு,

எனக்கும் ஆகாது, என் ஐக்கும் உதவாது,

பசலை உணீஇயர் வேண்டும் -

திதலை அல்குல் என் மாமைக் கவினே.

 

- வெள்ளிவீதியார்

குறிப்பு: தலைவி தோழியிடம் சொன்னது.

 

কুৰুণটোকেই ২৭

 

গাইজনীৰ সন্তানকো পান কৰিবলৈ দিয়া নাই,

কোনো পাত্ৰটো থোৱা নাই,

সুস্বাদু দুগ্ধবোৰ যেন মাটিত বাগৰি নষ্ট হ’ল,

মোৰ শ্যামবৰণীয়া সৌন্দৰ্য আৰু নিতম্বৰ

চিহ্নবোৰেও উপকাৰ নকৰিলে,

মোৰ প্ৰিয়তমকো লাভান্বিত নকৰিলে৷

শেঁতাপৰা ৰোগে মোৰ সৌন্দৰ্য গ্ৰাস কৰিছে৷

                            - ৱেল্লিবীদিয়াৰ

তিনই-পালই

টোকাঃ নায়িকাই নিজৰ মনৰ অৱস্থা সখীয়েকৰ আগত ব্যক্ত কৰিছিল৷ প্ৰেমিকৰ পৰা আঁতৰত থকাৰ ফলত তাইৰ সৌন্দৰ্য অথলে গৈছে৷

 

குறுந்தொகை 28

முட்டுவேன் கொல்? தாக்குவேன் கொல்?

ஓரேன், யானும்: ஓர் பெற்றி மேலிட்டு

'ஆஅ! ஒல்' லெனக் கூவுவேன் கொல், -

அலமரல் அசைவளி அலைப்ப, என்

உயவு நோய் அறியாது, துஞ்சும் ஊர்க்கே?

 

- ஔவையார்

குறிப்பு: தலைவி தோழியிடம் சொன்னது

 

কুৰুণটোকেই ২৮

তেওঁলোকক আঘাত কৰিম নেকি?

নে তেওঁলোকক আক্ৰমণ কৰোঁ?

নে কিবা এটা অজুহাত বিচাৰি

‘আস্‌’ বা ‘অ’ বুলি আৰ্তনাদ কৰিম?

বৈ থকা ঘূৰ্ণী বতাহজাকে মোক আৰু

হতাশ কৰি তুলিছে যেতিয়া এই

চহৰখনৰ মানুহবোৰ

মোৰ প্ৰেমৰ সুতীব্ৰ আকৰ্ষণৰ

বিষয়ে নজনাকৈ শুই পৰিছে৷

মই নাজানো কি কৰিব লাগে ক্ক

                    - অৱইয়াৰ

তিনই-পালই

টোকাঃ   কবিতাটোত নায়িকাই নিজৰ মনৰ অৱস্থা সখীয়েকৰ আগত বৰ্ণনা কৰিছল৷ নায়কজন অৰ্থ উপাৰ্জনৰ বাবে বিদেশলৈ যায় কিন্তু ঘূৰি অহাত পলম কৰিছিল৷

 

குறுந்தொகை 40

 

யாயும் ஞாயும் யார் ஆகியரோ?

எந்தையும் நுந்தையும் எம் முறைக் கேளிர்?

யானும் நீயும் எவ்வழி அறிதும்?

செம்புலப் பெயல் நீர் போல

அன்புடை நெஞ்சம் தாம் கலந்தனவே.

 

- செம்புலப் பெயல்நீரார்

 

குறிப்பு: தலைவன் தலைவியிடம் சொன்னது

 

কুৰুণটোকেই ৪০

মোৰ আই আৰু তোমাৰ আই

তেওঁলোক পৰস্পৰৰ বাবে কি?

মোৰ পিতা আৰু তোমাৰ পিতা

তেওঁলোক কেনেকৈ সম্পৰ্কিত?

মই আৰু তুমি

আমি ইজনে সিজনক কেনেকৈ চিনো?

যেনেকৈ বৃষ্টিৰ টোপাল সৰি

ৰঙা ধৰিত্ৰীৰ সৈতে মিলন হয়,

আমাৰ স্নেহাসিক্ত হৃদয়ো তেনেদৰে

একাত্ম হৈ পৰে৷

                       - চেম্‌পুল পেয়লনীৰাৰ

তিনই-কুৰিঞ্জি

টোকাঃ   নায়কজন দূৰলৈ যাবলৈ সাজু হৈছিল গতিকে মনৰ দুখতে তেওঁ নায়িকাক তেনেদৰে কৈছিল৷

 

 

குறுந்தொகை 41

 

காதலர் உழையர் ஆகப் பெரிது உவந்து,

சாறுகொள் ஊரின் புகல்வேன் மன்ற;

அத்தம் நண்ணிய அம்குடிச் சீறூர்

மக்கள் போகிய அணில் ஆடு முன்றிற்

புலம்பில் போலப் புல்லென்று 

அலப்பென் - தோழி, - அவர் அகன்ற ஞான்றே.

 

- அணிலாடு முன்றிலார்

குறிப்பு:  தலைவி தோழியிடம் சொன்னது.

 

কুৰুণটোকেই ৪১

প্ৰিয়তম কাষত থাকিলে,

এখন উৎসৱমুখৰ চহৰৰ দৰে মই সুখী৷

যেতিয়া তেওঁ গুচি যায়,

ব্যৰ্জভূমিত থকা নিসংগ, বাসনাহীন

আৰু পৰিত্যক্ত ঘৰৰ দৰে দুখ অনুভৱ কৰোঁ,

যাৰ চোতালত কেৰ্কেটুৱা ওমলি থাকে৷

                         - অনিলাডু মুনডিলাৰ

তিনই-পালই

টোকাঃ   নায়িকাৰ দুখত শীৰ্ণ হৈ পৰা শৰীৰটো দেখি সখীয়েকে দুখ প্ৰকাশ কৰিছিল৷ কবিতাটোত নায়িকাই সখীয়েকক কোৱা কথাখিনি প্ৰতিফলিত হৈছে৷

 

குறுந்தொகை 56

 

வேட்டச் செந்நாய் கிளைத் துண் மிச்சில்

குளவி மொய்த்த அழுகல் சில்நீர்

வளைஉடைக் கையள், எம்மொடு உணீஇயர்

வருக தில் அம்ம, தானே;

அளியளோ அளியள், என் நெஞ்சு அமர்ந்தோளே.

 

- சிறைக்குடி ஆந்தையார்

குறிப்பு:  தலைவன் சொன்னது

 

কুৰুণটোকেই ৫৬

বনৰীয়া কুকুৰে খান্দি এৰি থৈ যোৱা

সৰু গাঁতৰ লেতেৰা পানীবোৰ

যুতিফুলৰ পাতেৰে ঢাক খাই আছে,

যদি তেওঁ মোৰ সৈতে আহি এই

লেতেৰা পানী গ্ৰহণ কৰিবলগীয়া হয়

বৰ পুতৌজনক কথা হ’ব,

সেই সুন্দৰ খাৰু পিন্ধি থকা

যুৱতীগৰাকী,

যি মোৰ অন্তৰত বাস কৰি আছে৷

                      - চিৰইকুডি আন্তয়াৰ

 

তিনই-পালই

টোকাঃ   নায়কে ব্যৰ্জভূমিৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰিছে৷

 

குறுந்தொகை 57

 

பூ இடைப் படினும் யாண்டு கழிந்தன்ன

நீர் உறை மகன்றில் புணர்ச்சி போலப்,

பிரிவு அரிதாகிய தண்டாக் காமமொடு

உடன் உயிர் போகுக தில்ல - கடன் அறிந்து,

இருவேம் ஆகிய உலகத்து

ஒருவேம் ஆகிய புன்மை நாம் உயற்கே.

 

- சிறைக்குடி ஆந்தையார்,

குறிப்பு:  தலைவி தோழியிடம் சொன்னது

 

কুৰুণটোকেই ৫৭

 

যেনেকৈ পানীত চৰি থকা যুৰীয়া

অন্দ্ৰিল চৰাইয়ে মাজত ফুল এপাহ

আহিলেও হাজাৰ বছৰৰ দূৰত্বৰ

দৰে অনুভৱ কৰে,

মোৰ ভালপোৱাৰ যদি বিচ্ছেদ হয়

জীৱনৰ যেন অন্ত পৰিব৷

দুটা শৰীৰ কিন্তু এটা জীৱন৷

                 - চিৰইকুডি আন্তয়াৰ

তিনই-নেইতল

টোকাঃ   নায়িকাক নায়কৰ পৰা দূৰত ৰাখিবলৈ গৃহবন্দী কৰি থোৱা হৈছিল৷ সেই বিৰহতে নায়িকাই উক্ত কথাখিনি সখীয়েকৰ আগত প্ৰকাশ কৰিছিল৷

 

குறுந்தொகை - 60

 

குறுந்தாள் கூதளி ஆடிய நெடுவரைப்

பெருந்தேன் கண்ட இருங்கால் முடவன்,

உள்கை சிறுகுடை கோலி, கீழிருந்து

சுட்டுபு நக்கியாங்கு, காதலர்

நல்கார் நயவார் ஆயினும், 

பல்கால் காண்டலும், உள்ளத்துக்கு இனிதே.

 

 - பரணர்

 

குறிப்பு: தலைவி தோழியிடம் சொன்னது.

 

কুৰুণটোকেই ৬০

নীল কলমৌবোৰ হালি জালি থকা

ওখ পাহাৰটোত এটা মৌবাহ দেখি

যেন চুটি ভৰিৰ মানুহজন

দুহাত আঁজলি পাতি ৰৈ আছে,

ঢুকি পোৱা নাযায়

কিন্তু দূৰৈৰ পৰা দেখাৰ আনন্দত

শূন্য হাত দুখনকে চেলেকি

পৰম সন্তোষ লাভ কৰেক্ক

ঠিক তেনেদৰে যদিও প্ৰিয়তমে

মোৰ প্ৰতি মৰম বা ভালপোৱা

প্ৰদৰ্শন নকৰে,

তেওঁক কেইবাবাৰো

দেখা পোৱাটোৱেই মোৰ সুখ৷

                           - পৰনৰ

 

তিনই-কুৰিঞ্জি

টোকাঃ   প্ৰেমিকৰ বিৰহত থাকিব নোৱাৰি নায়িকাই সখীয়েকৰ আগত নিজৰ বেদনা প্ৰকাশ কৰিছে৷

 

குறுந்தொகை 69

 

கருங்கட் தாக்கலை பெரும்பிறிது உற்றென,

கைம்மை உய்யாக், காமர் மந்தி

கல்லா வன்பறழ் கிளைமுதல் சேர்த்தி,

ஓங்குவரை அடுக்கத்துப் பாய்ந்துஉயிர் செகுக்கும்

சாரல் நாட! நடுநாள் 

வாரல்; வாழியோ! வருந்துதும் யாமே!

 

 - கடுந்தோட் கரவீரனார்

குறிப்பு: தோழி தலைவனிடம் சொல்லியது.

 

কুৰুণটোকেই ৬৯

পৰ্বতৰ পাদদেশৰ হে পুৰুষজন,

য’ত ক’লাচকুৱা শক্তিশালী বান্দৰটোৰ

মৃত্যু ঘটিছিল৷

বৈধব্যৰ যাতনা সহিব নোৱাৰি

তাৰ লগৰীজনীয়েও আত্মহত্যা কৰিলে৷

সিহঁতৰ নিষ্পাপ শিশুটিক তাই

সম্পৰ্কীয়ৰ হাতত গতাই থৈ গৈছিল৷

তুমি দীৰ্ঘজীৱী হোৱাক্ক

কিন্তু ৰাতি নাহিবা,

আমি সঁচাকৈয়ে চিন্তিত হ’ম৷

                 - কডুনত’ল কৰবীৰনাৰ

তিনই-কুৰিঞ্জি

টোকাঃ   নায়কে নায়িকাক লগ ধৰিবলৈ সদায় নিশাৰ সময়ত আহে৷ নায়িকাৰ সখীয়েকে নায়কক এনেদৰে নিশা আহিবলৈ মানা কৰিছিল৷

 

குறுந்தொகை 135

 

‘வினையே ஆடவர்க்கு உயிரே; வாள் நுதல்,

மனை உறை மகளிர்க்கு ஆடவர் உயிர்’ என

நமக்கு உரைத்தோரும் தாமே,

அழாஅல் - தோழி, அழுங்குவர் செலவே

 

- பாலைபாடிய பெருங்கடுங்கோ

 

குறிப்பு: தோழி தலைவியிடம் சொல்லியது.

 

কুৰুণটোকেই ১৩৫

কৰ্মই পুৰুষৰ বাবে জীৱন,

ঘৰত থকা নাৰীৰ বাবে এনে

কৰ্মঠ পুৰুষেই তেওঁলোকৰ জীৱন,

তেওঁ আমাক এনেদৰে কোৱা নাছিলনে?

নাকান্দিবা সখীক্ক

তেওঁ তোমাক এৰি থৈ নাযায়৷

                - পালই পাডিয় পেৰুনকডুনক’

তিনই-পালই

টোকাঃ   নায়ক অৰ্থ উপাৰ্জনৰ বাবে যাবলৈ ওলোৱাৰ কথা গ’ম পাই নায়িকাই দুখ কৰিছিল৷ তাইৰ সখীয়েকে সেইকাৰণে এনেদৰে সাbLনা দিছিল৷

 

குறுந்தொகை 167

 

முளிதயிர் பிசைந்த காந்தள் மெல்விரல்,

கழுவுறு கலிங்கம், கழாஅது, உடீஇ,

குவளை உண்கண் குய்ப்புகை கழுமத்

தான்துழந்து அட்ட தீம்புளிப் பாகர்,

‘இனிது’ எனக் கணவன் உண்டலின், 

நுண்ணிதின் மகிழ்ந்தன்று, ஒண்ணுதல் முகனே.

 

- கூடலூர் கிழார்

 

குறிப்பு: செவிலித்தாய் நற்றாய்க்குச் சொல்லியது.

 

কুৰুণটোকেই ১৬৭

পৰিধান কৰি থকা বস্ত্ৰখনত ভেঁটফুলৰ পাহিৰ দৰে

আঙুলিকেইটা মচি মচি,

ডাঠ দৈবোৰ মিহি কৰি

তাই আহাৰ বনাই আছিল৷

জুইৰ ধোঁৱা সকলোতে বিয়পি

পৰি তাইৰ কাজলসনা

চকুযোৰত স্পৰ্শ কৰে৷

তাই ৰন্ধা আহাৰ তেওঁ

সুন্দৰকৈ উপভোগ কৰি

গ্ৰহণ কৰে৷

তাকে দেখি উজ্জ্বল কপালেৰে

সৈতে তাইৰ মুখখন জিলিকি উঠিছিল৷

                 - কোডালুৰ কিলাৰ

তিনই-মুল্লই

টোকাঃ   মাহীমাকে নায়িকাৰ নতুন সংসাৰখন চাবলৈ আহিছিল৷ ঘূৰি গৈ নায়িকাৰ মাকৰ আগত নৱদম্পতীৰ সুখী সংসাৰখনৰ বিষয়ে ব্যক্ত কৰিছিল৷

குறுந்தொகை 196

 

வேம்பின் பைங்காய் என்தோழி தரினே,

தேம்பூங்கட்டி என்றனிர்; இனியே,

பாரிபறம்பின் பனிச்சுனைத் தெண்ணீர்

தைஇத் திங்கள் தண்ணிய தரினும்,

‘வெய்ய உவர்க்கும்’ என்றனிர் -  

ஐய! - அற்றால் அன்பின் பாலே.

 

- மிளைக் கந்தனார்

குறிப்பு: தோழி தலைவனிடம் சொல்லியது.

 

কুৰুণটোকেই ১৯৬

 

আগতে মোৰ সখীয়ে কেঁচা, তিতা

নিমৰ ফল যাচিলেও তাক

সুমিষ্ট চেনিৰ টুকুৰা বুলি ক’লেহেঁতেন৷

এতিয়া পৰিৰ পৰম্বু পৰ্বতৰ শীতল, পৰিষ্কাৰ

পানী যাচিলেও গৰম আৰু লুণীয়া বুলি ক’ব৷

মহাশয়, আপোনাৰ প্ৰেমৰ স্বৰূপ এনেকুৱাক্ক

                            - মিলই কান্‌তনাৰ

তিনই-মৰুতম

টোকাঃ   নায়িকাৰ সখীয়েকে বিশ্বাসঘাতক নায়কক উক্ত কথাখিনি কৈছিল৷ যিয়ে নায়িকাক পুনৰাই লগ ধৰিবলৈ বিচৰা নাছিল৷

 

குறுந்தொகை 218

 

விடர்முகை அடுக்கத்து விறல்கெழு சூலிக்குக்

கடனும் பூணாம்; கைந்நூல் யாவாம்;

புள்ளும் ஓராம்; விரிச்சியும் நில்லாம்;

உள்ளலும் உள்ளாம் அன்றே - தோழி!

உயிர்க்கு உயிர் அன்னர் ஆகலின், தம் இன்று 

இமைப்பு வரை அமையா நம்வயின்

மறந்து, ஆண்டு அமைதல் வல்லியோர் மாட்டே.

 

- கொற்றனார்

 

குறிப்பு: தலைவி தோழியிடம் சொல்லியது.

 

কুৰুণটোকেই ২১৮

মই পৰ্বতৰ গুহাত থকা

দেৱী কট্ৰাবাইক আৰু উপাসনা নকৰোঁ,

হাতত মাঙ্গলিক সূতাও নাবান্ধো,

সেই প্ৰাৰ্থনাবোৰো নুশুনো,

মই তেওঁৰ বিষয়ে আৰু নাভাবো৷

যদিহে,

যি মোৰ জীৱনৰ প্ৰাণ, এটা ক্ষণৰ বাবেও

যাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ,

তেওঁ মোক পাহৰি যাবলৈ সক্ষম হয়৷

                              - ক’ট্ৰানাৰ

তিনই-পালই

টোকাঃ   নায়িকাই তাইৰ বিষয়ে চিন্তা কৰি থকা সখীয়েকক মনৰ কথা কৈছে৷

 

குறுந்தொகை 221

 

அவரோ வாரார் - முல்லையும் பூத்தன;

பறியுடைக் கையர் மறியினத்து ஒழிய

பாலொடு வந்து கூழொடு பெயரும்,

ஆடுடை இடைமகன் சென்னிச்

சூடிய எல்லாம் சிறு பசு முகையே. 

 

- உறையூர் முதுகொற்றனார்

குறிப்பு:  தலைவி தோழியிடம் சொல்லியது.

 

কুৰুণটোকেই ২২১

 

মোৰ প্ৰিয়তম এতিয়ালৈ উভতি অহা নাই,

কিন্তু খৰিকাজাঁইও ফুলিল৷

এজন ছাগলী পালক চহৰখনলৈ

ছাগলী আৰু দুগ্ধৰে সৈতে প্ৰৱেশ কৰিছে,

আঁতৰত তেওঁলৈ অপেক্ষা কৰি থকাসকলৰ

বাবে অলপ চাউল নিব৷

বৰষুণৰ পৰা ৰক্ষা পাবলৈ

হাতে হাতে তালগছৰ পাত,

শিশুৰ জাকটোও সিহঁতৰ তত্ত্বাৱধানত,

কিন্তু তেওঁৰ চুলিত

খৰিকাজাঁইৰ সৰু সৰু পাহিৰ

বাহিৰে একো নাছিল৷

            - উৰাইয়ুৰ মুডুক’ট্ৰানাৰ

তিনই-মুল্লই

টোকাঃ   নায়িকাক সখীয়েকে ক্ষান্ত হৈ থাকিবলৈ কওঁতে উক্ত কথাখিনি কৈছিল৷

 

குறுந்தொகை 223

 

‘பேர்ஊர் கொண்ட ஆர்கலி விழவில்

செல்வாம் செல்வாம்’ என்றி; அன்று இவண்

நல்லோர் நல்ல பலவால் தில்ல;

தழலும் தட்டையும் முறியும் தந்து, ‘இவை

ஒத்தன நினக்கு’ எனப் பொய்த்தன கூறி,

அன்னை ஓம்பிய ஆய்நலம்

என்னை கொண்டான்; யாம் இன்னமால் இனியே.

 

- மதுரைக் கடையத்தார் மகன் வெண்ணாகனார்

 

குறிப்பு:  தலைவி தோழியிடம் சொல்லியது.

 

কুৰুণটোকেই ২২৩

তুমি বাৰে বাৰে কৈ আছা– ‘ব’লা, ব’লা’,

সেই ডাঙৰ চহৰখনত হৈ থকা

উৎসৱমুখৰ পৰিৱেশত অংশগ্ৰহণ কৰিবলৈ যেতিয়া

সেই জ্ঞানী মানুহবোৰে ভাল ভাল কথা

কৈ আছিল৷

তেওঁ মোক কুমলীয়া ডালত বহি থকা

চৰাইবোৰ খেদিবলৈ শব্দ সৃষ্টি কৰা বাদ্য

উপহাৰ দিছিল আৰু কৈছিল যে

সেই উপহাৰ মোৰ বাবে উপযুক্ত৷

তেওঁ মিছা কথাৰে মোৰ সৌন্দৰ্য

কাঢ়ি নিলে,

যি সততাক মোৰ

মাতৃয়ে সদায় ৰক্ষা কৰিছিল,

আৰু মই এতিয়া এনেকুৱা হৈ পৰিলোঁক্ক

 

                 - মডুৰাই কদইয়াথাৰ মগনৰ বেন্নাকনাৰ

 

তিনই-কুৰিঞ্জি

টোকাঃ   নায়িকাই সখীয়েকক উক্ত কথাখিনি কৈ আছিল, যিয়ে তাইক ক্ষান্ত থাকিবলৈ উপদেশ দিছিল৷ নায়কজন বিয়াৰ বাবে বেলেগ ঠাইলৈ ধন উপাৰ্জন কৰিবলৈ গৈছিল৷

 

குறுந்தொகை 224

 

கவலை யாத்த அவல நீள் இடைச்

சென்றோர் கொடுமை எற்றி, துஞ்சா

நோயினும் நோய் ஆகின்றே - கூவற்

குரால் ஆன் படுதுயர் இராவில் கண்ட

உயர்திணை ஊமன் போலத் 

துயர் பொறுக்கல்லேன் தோழி, நோய்க்கே.

 

- கூவன் மைந்தனார்

 

குறிப்பு: தலைவி தோழிக்குச் சொல்லியது.

 

কুৰুণটোকেই ২২৪

সেই কাঁইটীয়া গছেৰে

ভৰা দীঘল পথটোৱেদি

মোৰ প্ৰেমিকজন গুচি গ’ল,

তেওঁৰ নিষ্ঠুৰতাৰ কথা ভাবিলে

নিদ্ৰাহীনতাতকৈও অধিক যাতনা অনুভৱ হয়৷

এয়া এক দুখজনক ব্যাধি৷

যিদৰে নিশা কুঁৱাত পৰি কান্দি

থকা মুগাবৰণীয়া গৰুটোৰ

কথা জানিও নিৰ্বোধ মানুহজনে

একো কৰিব নোৱাৰে,

মোৰো সখীক দেখি দুখ লাগিছে,

যিয়ে মোৰ হৈ ভুগি আছে৷

           - কোবন মাইনদনাৰ

তিনই-পালই

টোকাঃ   নায়িকাৰ অৱস্থা দেখি দুখ কৰা সখীয়েকক নায়িকাই এনেদৰে কৈ আছিল৷

 

குறுந்தொகை 237

 

அஞ்சுவது அறியாது அமர்துணை தழீஇ

நெஞ்சு நப்பிரிந்தன்று; ஆயினும், எஞ்சிய

கை பிணி நெகிழின் அஃது எவனோ? நன்றும்

சேய அம்ம, இருவாம் இடையே;

மாக்கடல் திரையின் முழங்கி, வலன் ஏர்பு 

கோட்புலி வழங்கும் சோலை

எனைத்து என்று எண்ணுகோ-  முயக்கிடை மலைவே?

 

-  அள்ளூர் நன்முல்லையார்

 

குறிப்பு: தலைவன் தேர்ப் பாகனிடம் சொல்லியது.

 

কুৰুণটোকেই ২৩৭

ভয়ৰ কথা নাভাবি

মোৰ হৃদয়খনে তেওঁক

আলিংগন কৰিবলৈ আগবাঢ়ি গ’ল৷

কিন্তু কিনো ভাল হ’ল

ইয়াত এৰি থৈ যোৱা এই

হাতদুখনৰ অবিহনে?

প্ৰিয়তমাক আঁকোৱালি ল’বলৈও অক্ষম৷

আমাৰ মাজৰ দূৰত্ব বহু বিশাল আৰু

আছে বহুতো বাধা-বিঘিনি৷

কিদৰে মই অৰণ্যবোৰ গণনা কৰোঁ,

য’ত হত্যাকাৰী বাঘবোৰে

জয়াল সাগৰৰ ঢৌৰ দৰে গুজৰে

আৰু শক্তিশালী ৰূপত

প্ৰদক্ষিণ কৰি থাকে৷

             - আলুৰ ননমুল্লইয়াৰ

তিনই-পালই

টোকাঃ   নায়কজনে ধন উপাৰ্জন কৰি ঘৰলৈ ঘূৰি আহি থাকোঁতে ৰথৰ চালকজনক এনেদৰে কৈছিল৷

 

குறுந்தொகை 319

 

மான்ஏறு மடப்பிணை தழீஇ, மருள் கூர்ந்து

கானம் நண்ணிய புதல் மறைந்து ஒடுங்கவும்,

கையுடை நன்மாப் பிடியொடு பொருந்தி,

மை அணி மருங்கின் மலையகம் சேரவும்,

மாலை வந்தன்று, மாரி மா மழை;

பொன்ஏர் மேனி நன் நலம் சிதைத்தோர்

இன்னும் வாரார் ஆயின்,

என் ஆம் தோழி! நம் இன் உயிர் நிலையே?

 

-  தாயங்கண்ணனார்

குறிப்பு: தலைவி தோழியிடம் சொன்னது.

 

কুৰুণটোকেই ৩১৯

 

দ্বিধাগ্ৰস্ত হৰিণাকেইটাই

হৰিণীকেইজনীক সাবটি

হাবিখনৰ জোপোহাবোৰত

লুকাই পৰিল৷

শুঁৰ থকা জ্ঞানী হাতীবোৰে

নিজৰ সংগিনীৰ সৈতে

ডাঠ ক’লা ডাৱৰে ঢকা

পৰ্বতটোলৈ গমন কৰিছে৷

সন্ধিয়া নামিল, এই ঋতুৰ ধাৰাসাৰ

বৰষুণজাকো আহি পাইছেহি৷

মোৰ সখীক্ক মোৰ সোণালী শৰীৰ ধবংস

কৰা প্ৰেমিকজন যদি নাহে মোৰ

মিঠা জীৱনটোৰ কি হ’ব?

                 - তায়ংকন্ননাৰ

তিনই-মুল্লই

টোকাঃ   নায়িকাই সখীয়েকক বৰ্ষাকাল সমাগত হোৱাৰ বিষয়ে কৈ আছিল৷

 

குறுந்தொகை 325

 

‘சேறும் சேறும்’ என்றலின், பண்டைத்தன்

மாயச் செலவாச் செத்து, ‘மருங்கு அற்று

மன்னிக் கழிக’ என்றேனே; அன்னோ!

ஆசு ஆகு எந்தை யாண்டு உளன் கொல்லோ?

கருங்கால் வெண்குருகு மேயும்

பெருங்குளம் ஆயிற்று என் இடைமுலை நிறைந்தே.

 

- நன்னாகையார்

குறிப்பு: தலைவி தோழியிடம் சொன்னது

 

কুৰুণটোকেই ৩২৫

‘মই যাওঁগৈ, মই যাওঁগৈ’ বুলি তেওঁ কৈছিল৷

মই ভাবিছিলোঁ এয়া মিছা আৰু ক’লো,

‘মোক এৰি গুচি যোৱা’৷

আস ক্ক ক’ত আছে এতিয়া তেওঁ,

যিজনে মোক সদায় সহযোগ কৰিছিল?

মোৰ বুকুৰ মাজৰ শূন্য ঠাইখিনি

চকুলো বাগৰি জলাশয় হৈ পৰিছে,

য’ত ক’লা ঠেঙৰ qw বগলীয়ে

আহাৰৰ বাবে বিচৰণ কৰিব পাৰে৷

               - নাননাকয়াৰ

তিনই-নেইতল

টোকাঃ   নায়কে এৰি গুচি যোৱাৰ দুখত নায়িকাই উক্ত কথাখিনি কৈছে৷

 

குறுந்தொகை 369

 

அத்தவாகை அமலை வால் நெற்று

அரிஆர் சிலம்பின், அரிசி ஆர்ப்பக்

கோடை தூக்கும் கானம்

செல்வாம் - தோழி! -  நல்கினர் நமரே.

 

- குடவாயில் கீரத்தனார்

 

குறிப்பு: தோழி தலைவியிடம் உடன்போக்கிற்குச் சொல்லியது.

 

কুৰুণটোকেই ৩৬৯

ব্যৰ্জভূমিৰ পথবোৰ,

য’ত শুকান শিৰীষৰ বীজবোৰে

পশ্চিমৰ পৰা বলা বতাহজাকত

শিলত পৰি নুপূৰৰ দৰে

জুন্‌জুননি তোলে৷

তেওঁৰ সৈতে যোৱা মোৰ সখী,

তোমাক সেই পথটোয়েদি

লৈ যাবলৈ তেওঁ মান্তি হৈছে৷

                - কুডবাইল কিৰতনাৰ

তিনই-পালই

টোকাঃ   নায়িকাৰ সখীয়েকে নায়িকাক কৈ আছিল৷

 

 

No comments:

Post a Comment