8. ভোক

 

 

ভোক

মূল:  মুমতাজ. য়াচীন

 

        নাজানোঁ এই গন্ধটো শৰ্মাৰ যাদুকৰী হাতৰ স্পৰ্শৰ বাবেহে আহে নে শৰ্মাৰ হাতৰ পৰশত খাদ্যবস্তুবোৰ আকৰ্ষণীয় হৈ পৰে৷ ‘মনী হোটেল’ চহৰখনৰ প্ৰত্যেকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ হোটেলৰ খাদ্যবস্তুৰ পৰা ওলোৱা আমোল মোল গন্ধই সেই ৰাস্তাটোৰে অহা যোৱা কৰাসকলক অনবৰতে আকৰ্ষণ কৰি থাকে৷

        আৰুমুগ দেবৰো সেই ৰাস্তাটোৰেই গৈ আছিল৷ পকেট গৰম হৈ থাকিলে জিভাখন সংযত কৰাটো টান৷ সেই দোছাৰ সোৱাদ আৰু গন্ধ- ভাবিয়েই তাৰ জিভাৰ পানী পৰিল৷ কিন্তু পিছমুহূৰ্ততেই ল’ৰা-ছোৱালী আৰু ঘৈণীয়েকৰ কথা মনলৈ অহাত সি লৰালৰিকৈ নিজৰ কামত লাগিল৷

        ‘এদিনাখন সিহঁতকো ইয়ালৈ আনিম আৰু দকচি খুৱাম৷’-এয়া এতিয়াৰ চিন্তা নহয়৷ কত বছৰ পাৰ হৈ গ’ল সেই চিন্তাতেই; কিন্তু সেয়া বাস্তৱত পৰিণত নহল৷ এয়াই দৰিদ্ৰতা/ তাৰ পৰিয়ালৰ অভাৱৰ, কেতিয়াও যেন অন্ত  নপৰিবই৷ দুজনীকৈ গাভৰু ছোৱালী ঘৰত সুমুৱাই ৰাখিছে৷

        ‘হমম্‌... সেয়া ভাবিনো কি লাভ হ’ব?’ গছৰ পুলি ৰুইছোঁ যেতিয়া তাৰ যতনো নিজেই ল’ব লাগিব৷ মূৰৰ বস্তাটো নমাই সি পাছৰটো বস্তা আনিবলৈ খোজ দিছেহে মাত্ৰ৷

        ‘আৰে দেবৰ, ৰচোন ৰ৷ তোকেই মাতিছোঁ৷ ৰ...’ ৱডিৱেলু আচাৰীয়ে পাছফালৰ পৰা মাত দিলে৷ ‘কি হ’ল অ’ বোপাই? তইতো দুই এদিনতে দিম বুলি কথা দিছিলি৷ এতিয়া মুখখন লুকুৱাই কোনপিনে যাৱ?’

        ‘য’ৰ পৰা আশা কৰিছিলোঁ তাত আজি নাপালো৷ সেয়ে... মইতো নিজেই আপোনাৰ ওচৰলৈকে যাম বুলি ভাবিছিলোঁ৷’

        ‘নিজেই আহিলিহয়? চাল্লা, তহঁতৰ নিচিনা দুই চাৰিজনক এনেদৰে ধাৰ দি থাকিবলৈ হ’লে আমিবোৰ ডুবিম৷ কথা দি কথা ৰাখিব নোৱাৰ/ মিছামিছিকৈ দৌৰালি/ যদি ঘূৰাই দিবই নোৱাৰ ল’বই নালাগিছিল৷’

        দেবৰ ঘামি গ’ল৷ তাৰ এনে অনুভৱ হ’ল যেন কোনোবাই তাৰ ডিঙিটো চেপা মাৰিহে ধৰিছে৷ দুশ টকাৰ বাবে ইমান কথা শুনিব পাৰিনে? নিজৰ ওপৰতেই খং উঠিল তাৰ৷

        বিশালমে সি অহাৰ বাবেই যেন বাট চাই আছিল৷ সি অহাৰ লগে লগে তাই মাত দিলে -‘শুনিছে আমাৰ চাহাবে আজি ভাতৰ কাঁহীখন দলিয়াই দিছে চাউলৰ গন্ধ পাইছে হেনো/’

        দেবৰৰ এনেই খং উঠি আছেই৷ সি তাইৰ পিনে ঘোপাকৈ চালে আৰু কোঠাৰ ভিতৰলৈ কাপোৰ সলাবলৈ গ’ল৷ তাইও বকি বকি তাৰ পাছে পাছে গ’ল ‘আপুনি কেনে মানুহ হে? নিজৰ ঘৰখনত কি চলিছে, এটা খবৰ ল’ব নোখোজে? নিজৰ সন্তানৰ বাবে সেইখিনি দায়িত্ব নাইনে?’

        তিনিটা ল’ৰা, দুটিকৈ ছোৱালীৰে সিহঁতৰ এই দৰিদ্ৰ পৰিয়ালৰ বোজা কঢ়িয়াই কঢ়িয়াই আৰুমুগ দেবৰৰ ঘৈণীয়েক বিশালম ক্ৰমে ভাগৰি পৰিছিল৷ তাই স্বভাৱতে খিংখিঙীয়া হৈ পৰিছিল৷

        কাপোৰ সলাই আহি মুখখন ধুবলৈ লোৱা আৰুমুগ দেবৰে খন্তেক ৰৈ মাত লগালে ‘সৰুতেই শিকাব লাগিছিল পুতেৰক/ অৱশ্যে, মাক যেনে পুতেকো তেনেকুৱাহে হ’ব৷ সিটো দেখাতো তোৰ নিচিনাই, তোৰহে ল’ৰা, মইনো মাজত মাত লগাওঁ কিয়?’

        ‘হয় ঠিকেই/ যি নহলেও আজিতো মোৰ মুখখন মনত পৰিল৷’

        ‘আজি বুলি ক’লি যে?’ তাৰ মূৰটো এইবাৰ গৰম হৈ গ’ল৷ ‘ঐ, তই নিজকে সৰগৰ অপেশ্বৰী বুলি ভাবিছ নেকি? সেই বাবেই হ’বলা...’ সৰু ছোৱালীজনী সমুখেৰে পাৰ হৈ যোৱা যেন অনুমান কৰি সি মনে মনে ৰ’ল৷ কথা সলনি কৰিম বুলি ভাবি সি ক’লে ‘বকিয়েই থাকিবি, নে কিবা খাবলৈয়ো দিবি?’

        ডাঙৰজনীছোৱালীয়ে ভাত বাঢ়ি তাক মাত দিলে৷ লেতেৰা চাউল, আধা সিজা দাইলৰ গন্ধত সি বিতৃষ্ণাত নাক কোঁচালে৷ মনতে ভাবিলে সেইবাবেই ছাগে ল’ৰাটোৱে কাঁহীখন দলিয়াই দিছিল৷ তাৰ বয়সটোৱেই এনেকুৱা৷ ভোক আৰু খঙত সি নিজকে নিজে ধিক্কাৰ দিবলৈ ধৰিলে৷

        ‘মোৰেই ফুটা কপাল৷ কি কুক্ষণত যে এই ঘৰত ভৰি দিছিলোহি?’ চাদৰৰ আচলেৰে চকুপানী মচি মচি বিশালমে কান্দি কান্দি কৈ থাকিল৷

        এইবাৰ দেবৰৰ খঙে চুলিৰ আগ পালে৷ দিনটো কষ্ট কৰি আহি ঘৰ সোমাইছেহে মাত্ৰ৷ সি এইবাৰ বিশালমৰ চুলি কোছাত থাপ মাৰি ধৰি তাইক চোঁচৰাই আনিলে ‘যা এতিয়াই ওলাই যা৷ ক’ত যাৱ যা৷ ক’তো শান্তি নাই৷’

 বিশালমৰ পিঠিত দুটামান ভুকু মাৰি সি গেঞ্জিটো হাতত লৈ ঘৰৰ পৰা ওলাই গ’ল৷ যাওঁতে কৈ গ’ল ‘মই মৰিলে তহঁতে শান্তি পাবি৷ তেতিয়াহে বুজিবি৷’ বিশালমৰ উচুপনি ক্ৰমে বাঢ়ি গৈ আছিল৷ ছোৱালী দুজনীও দৌৰি আহি মাকৰ কাষ পালে৷

        দুপৰীয়াৰ সময়৷ তাতে আকৌ  বাহিৰত গা-ডেই পুৰি মৰাকৈ মোক খা, মোক খা...কৈ ৰ’দটো ওলাইছে৷ সি আহিয়েই গুদামঘৰৰ দুৱাৰখনৰ কাষত থিয় হ’ল৷ ইতিমধ্যে তাৰ ওচৰতে টেম্পোখন ৰখাই ড্ৰাইভাৰজন তাৰ ওচৰলৈ আহিল৷

        ‘দাদা ... ভাত খালে?’

        ‘উম খালোঁ৷’ সি মিছা মাতিলে৷

         ‘তেন্তে গাড়ীখনৰ অলপ নজৰ ৰাখিব৷ মই কিবা এটা খাই আহোঁ৷’

        ‘হ’ব যা৷’

        ড্ৰাইভাৰজন চাহ দোকানৰ ফালে গ’ল৷

        দেবৰ টেম্পোৰ ভিতৰত বহিল৷ অলপ জিৰাওঁ বুলি ভাবি সি পাছফালৰ ছিটত শুই পৰিল৷ তেনে সময়তে তাৰ পূৰ্বপুৰুষসকলৰ কথা মনলৈ আহিল৷ সিহঁতে বৰ আৰামী জীৱন কটাইছিল৷ কেৱল সিহে দৰিদ্ৰ জীৱন কটাই আছে৷ তাৰ মনত পৰিল দুশ টকাৰ বাবে অপমান কৰা মানুহজনলৈ... বিশালমলৈ... যিয়ে অনবৰতে তাক অপমান কৰি থাকে৷ কি প্ৰয়োজন এনে সংসাৰৰ? এনে পত্নীৰ? ইহঁতক এৰি সি দূৰ ঠাই এখনলৈ গুছি যাবগৈ৷ কিহৰ বাবে ইমান কষ্ট? যদি কেইদিনমান ঘৰলৈ নাযাওঁ সিহঁতে নিজেই বুজিব মোৰ অভাৱ৷

        ‘দেবৰ ভাই... শুইছে?’ ড্ৰাইভাৰজনে মাত লগালে৷

        তাৰ কথাত দেবৰৰ টোপনি ভাগিল৷ তেতিয়াহে সি অনুমান কৰিলে যে তাৰ বৰ ভোক লাগিছে৷ পেটটো কলমলাইছে৷ কাজিয়া কৰাৰ বাবেই নেকি বিশালমে তাক ভাত দিবলৈ পাহৰিলে৷ অৱশ্যে জেপত পইচা থাকিলে ভোক দূৰ কৰিব পৰা যাব৷ সি মনি হোটেললৈ আগবাঢ়িল৷

        দুপৰীয়াৰ আহাৰ খোৱাৰ সময় প্ৰায় পাৰ হৈছে৷ কিন্তু হোটেলৰ পৰা বতাহত ভাহি অহা পিয়াজ, নহৰুৰ গন্ধত তাৰ পেটটোৱে যেন হাহাকাৰ কৰি উঠিছে৷

        এখন, দুখন, তিনিখন দোছা খোৱাৰ পাছত তাৰ পিয়াহ লাগিল৷

        পানী খাবৰ বাবে গিলাচটো মুখলৈ নিয়াৰ সময়তে তেওঁৰ ডাঙৰ ছোৱালীজনীয়ে তাৰ বাবে লৈ অহা সেই চিনাকি এলুমিনিয়ামৰ টিফিন বাকচটোত তাৰ চকু পৰিল৷

        ‘দেউতা, মায়ে টিফিন দি পঠিয়াইছে আৰু ৰাতিৰ আহাৰ কিনি নিবৰ বাবে পইচা দিবলৈ কৈছে৷’ ডাঙৰ ছোৱালী বিজয়াই তাৰ ফালে টিফিন বাকচটো আগবঢ়াই দিলে৷

        তাইৰ প্ৰতিটো শব্দই যেন তাৰ গালত এটা এটাকৈ চৰহে শোধাই গৈ আছে৷ তাৰ মনটো সেমেকি উঠিল৷

        ‘আপুনি আগতে খোৱাখিনি শেষ কৰক দেউতা৷’

        বিজয়াৰ চকুৰ ভাষা সি বুজি উঠিছিল৷ চকুজুৰিয়ে স্পষ্টকৈ কৈ আছিল ‘দেউতা আপুনি যি খায় খাওঁক৷ আমাৰ বাবে যেন চাউলৰ পইচা কেইটা যোগাৰ কৰি দিয়ে৷’ 

        সি জেপখন খেপিয়াই চালে৷ বিশ টকা মান আছে৷ মনটো চিৰিংকৈ উঠিল৷ ছোৱালীজনীৰ ফালে চাই ক’বলৈ ধৰিলে ‘আই তই যা, মই গধুলি নিজেই বজাৰ কৰি লৈ যাম৷ তই যা৷’

        কোনো উত্তৰ নিদিয়াকৈয়ে তাই তাৰ পৰা গুছি গ’ল৷

        ৰাস্তাৰে চাইকেল চলাই গৈ থকা ল’ৰাজনে সুহুৰি বজাই বজাই তাইৰ ফালে ঘূৰি ঘূৰি চাইছিল৷ সেয়া তাৰ ভোক৷

        এইবাৰ সি হাতখন ধুবলৈ হোটেলৰ পাছফাললৈ গ’ল৷ হোটেলৰ কৰ্মচাৰী এজনে আধাখোৱা প্লেটবোৰ চাফা কৰিবলৈ গৈ প্লেটত ৰৈ যোৱা খাদ্যবোৰ লেতেৰা ঠাই এটুকুৰালৈ দলিয়াই দিলে৷ তাৰ চকুৰ পলকতে এজাক কুকুৰে আহি খাদ্যবস্তুৰ ওপৰত জঁপিয়াই পৰিল৷ কুকুৰজাকৰ মাজত থকা মতা ডাঙৰ কুকুৰটোৱে পোৱালি কুকুৰবোৰক খেদি খেদি নিজে খোৱাত ব্যস্ত হৈ পৰিল৷ পোৱালিজাকৰ ভিতৰত ছাগে তাৰ নিজৰ পোৱালীকেইটাও আছে৷ কিন্তু ভোক ভোকেই, নিজৰ পৰৰ একো নুবুজে৷

        দেবৰৰ দুচকু চকুপানীৰে উপচি পৰিল৷ এতিয়াহে সি নিজৰ ভুল বুজি পাইছে৷ আত্মগ্লানিৰে তাৰ মন ভৰি পৰিল৷

 

*****

No comments:

Post a Comment