আধুনিক তামিল কবিতা (Modern Poetry of Tamil)
ফাতেমা বেগম
বিশ্বৰ অতি নগণ্য
ভাষাৰহে একোটা চহকী আৰু পুৰাতন সাহিত্যৰ ঐতিহ্য আছে৷ তামিল ভাষাৰ সাহিত্য
সেইসমূহৰ ভিতৰত অন্যতম৷ তামিল ভাষাত ৰচিত কাব্য সাহিত্যৰ প্ৰায় ২০০০ বছৰীয়া ইতিহাস
উপলব্ধ৷ এটা দীৰ্ঘ আৰু অবিৰত সাহিত্যিক ঐতিহ্যতহে নতুন পৰম্পৰাৰ ক্ৰমবিকাশ আৰু
পুৰণি পৰম্পৰাৰ স্থল থাকে৷ পুৰণি পৰম্পৰাৰ পৰা আঁতৰি নতুনক আঁকোৱালি লোৱা তামিল
সাহিত্যৰ পৰম্পৰাৰ বুৰঞ্জী অতি সুন্দৰকৈ আলোচনা কৰিব পাৰি৷
পৰম্পৰাই সদায় এক কতৃৰ্ত্বৰ ভূমিকা গ্ৰহণ কৰে৷
বিভিন্ন সময়ত তামিল সাহিত্যত এটা নতুন সাহিত্যৰ ধাৰা ঠন ধৰি উঠাৰ পথ মসৃণ নাছিল৷
যিহেতু সামাজিক পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰো পৰিৱৰ্তন ধুৰূপ, সেয়েহে জটিলতাৰ মাজেদি হ’লেও সাহিত্যৰ নতুন ধাৰাৰ বিকাশ সম্ভৱপৰ হৈছিল৷
এই ক্ৰমবিকাশৰ পৰম্পৰাৰ সম্পৰ্কে থ্ব. ত্ন. ত্ত.-ৰ
ভাষাত ক্টTamil poetry has been changing often, beyond
recognition through constant experiments of the world and necessary contact
with other groups and languages.ক্ট অৰ্থাৎ বিভিন্ন পৰীক্ষণ আৰু আন আন ভাষা তথা লোকৰ সংস্পৰ্শত তামিল কবিতাৰ
ধাৰা সঘনাই সলনি হৈ আহিছে৷
বিশ্বৰ আন আন দেশৰ সাহিত্যৰ প্ৰতি সচেতনতা আৰু ইয়াৰ অপৰিহাৰ্য প্ৰভাৱ তামিল সাহিত্যত ঊনবিংশ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণি ভাগত দেখিবলৈ পোৱা যায়৷ আনহাতে ভাৰতিয়ে (দ£পণ্ঠ) বিশ্বৰ বিভিন্ন ঠাইৰ সাহিত্য অন্বেষণেৰে বিভিন্ন সাহিত্যিক বৈবিধ্যসমূহ ব্যৱহাৰ কৰিবলৈ আহ৩ান জনায়৷ তেওঁ নিজে ইংৰাজী সাহিত্যত ব্যৱহূত অমিত্ৰাক্ষৰ ছন্দৰ (Blank verse) ব্যৱহাৰ তামিল সাহিত্যত সূচনা কৰে৷
ভাৰতীয় স্বাধীনতা আন্দোলনে তামিল সাহিত্যক আঞ্চলিক
সাহিত্যৰ পৰা ৰাষ্ট˜ীয় সাহিত্যৰ মৰ্যাদাপ্ৰাপ্তিত সহায় কৰিলে৷ ফলস্বৰূপে
ভাৰতীয় কাব্যিক জগতত তামিল কবিতাৰ অভূতপূৰ্ব বিকাশ ঘটে৷
কবিতাৰ এই নতুন ধাৰাক আধুনিক কবিতা বুলি জনা হৈছিল৷ Ma. ত্নপ্স. Si-ৰ মতে– ক্টOur
mother tongue out of patriotic spirit developed relationship with the connect
of national unity. The language which had a rich heritage of having produced a
big band of poets who sung in praise of kings and Gods gave birth to a new
generation of poets who sung in praise of the nation and need for its
independence. The fore-runner of this generation of national poets is Bharati.ক্ট এই মতানুসৰি ক’ব পাৰি যে
দেশপ্ৰেমমূলক ভাবধাৰাৰ দ্বাৰা তামিল মাতৃভাষাই ৰাষ্ট˜ীয় ঐক্যৰ
সৈতে এক সম্পৰ্ক গঢ়ি তুলিছে৷ ৰজা আৰু ঈশ্বৰৰ প্ৰশস্তিমূলক কবিতা ৰচনা কৰা বিভিন্ন
মহান কবি সৃষ্টি হোৱা এই চহকী ভাষাই এক নৱপ্ৰজন্মৰ কবিৰ জন্ম দিছিল, যিয়ে দেশ আৰু ইয়াৰ স্বাধীনতাৰ গুণ-গান গাইছিল৷ ভাৰতি আছিল এইচাম কবিৰ
বাটকটীয়া৷ ভাৰতী আধুনিক তামিল কাব্য সাহিত্যৰ শ্ৰেষ্ঠ কবি হিচাপে প্ৰতিষ্ঠিত
হৈছিল৷
আধুনিক তামিল কবিতাৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ আছে৷
সেইকেইটা হ’ল– [ক] সাম্ৰাজ্যবাদৰ বিৰোধ (Spirit of ohposition to imperialism), [খ] জাতীয়তাবাদ (Spirit of nationalism) আৰু [গ] সামাজিক স্বাধীনতা (Social freedom)৷ উক্ত বিষয়সমূহ ভাৰতী (দ£পণ্ঠ), নামাক্কল ৰামালিংকম পিল্লাই , কবিমণি , সুধানন্দ ভাৰতি গ্গ আদি কবিৰ কবিতাত সহজলভ্য৷
বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচলিত থকা সামন্ত প্ৰথাই
সাহিত্যৰ গতিধাৰালৈ বৈপ্লৱিক পৰিৱৰ্তন আনে৷ পূৰ্বতে সাহিত্য প্ৰকৃতি কাব্যিক আছিল৷
ঔদ্যোগিক বিপ্লৱে সাহিত্যত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে৷ ই সমসাময়িক সাহিত্যত
পৌৰাণিক মহাকাব্য, ধৰ্মীয় সৃষ্টি আৰু ভক্তিৰসমূলক বচনৰ প্ৰভাৱ হ্ৰাস কৰি
উপন্যাস, গল্প, আধুনিক নাটক, কবিতা, চিত্ৰ আদি নানান সাহিত্যৰ ভাগ-বিভাগৰ জন্ম দিয়ে৷
পদ্যৰ স্থান ক্ৰমে গদ্যই কাঢ়ি লোৱাৰ ফলস্বৰূপে কাব্যিক সাহিত্যই ক্ৰমান্বয়ে
স্পষ্ট আৰু সহজ ৰূপ ল’লে৷ ৰমন্যাসবাদ, প্ৰকৃতিবাদ, বাস্তৱবাদ, অতিবাস্তৱবাদ আদিৰ নতুন ধাৰণাবোৰে সাহিত্যক এক নবীন
ধাৰা প্ৰদান কৰিলে৷
প্ৰতীকীবাদ (Symbolists
Movement)
তামিল সাহিত্যত ভাৰতীয়ে অমিত্ৰাক্ষৰ ছন্দত কবিতা ৰচান
কৰি থকাৰ সময়তেই চিত্ৰকল্পবাদী (Imagist) নামেৰে খ্যাত এটা শ্ৰেণীয়ে আমেৰিকা
আৰু ব্ৰিটেইনত মুক্তক ছন্দৰ (free verse) আন্দোলন চলাই নিছিল৷ ফৰাচী বিপ্লৱৰ
আদৰ্শত স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ প্ৰভাৱত এই মুক্তক ছন্দৰ
আন্দোলন আৰম্ভ হৈছিল৷ আমেৰিকা আৰু ব্ৰিটেইনৰ ৰোমাণ্টিক কবিসকলে উক্ত আন্দোলনত
অংশগ্ৰহণ কৰিছিল৷
প্ৰতীকীবাদী আন্দোলনৰ ফলস্বৰূপে বিভিন্ন ৰোমাণ্টিক
কবিয়ে ব্যক্তিগত প্ৰতীকেৰে কবিতা ৰচনা কৰিছিল৷ উদাহৰণস্বৰূপে শ্বে্যলীৰ (Shelley) “Morning and evening star, a boat moving upstream, winding caves,
conflict between serpent and eagle.” এই প্ৰতীকীবাদী বাক্যশাৰী দাঙি ধৰিব পাৰি৷ আনহাতে উইিলয়াম
ব্লেকে (William Blake) অবিৰত আৰু বহনক্ষমভাৱে প্ৰতীকৰ ব্যৱহাৰ কৰিছিল৷ ১৮৫৭
চনত ফ্ৰান্সত বেণ্ডেলেয়াৰ (Bandelarie) ৰ প্ৰতীকীবাদ আৰম্ভ নোহোৱালৈকে
ব্লেকৰ সমকক্ষ প্ৰতীকীবাদী কবি নাছিল৷ এই আন্দোলন পৰৱৰ্তী পৰ্যায়ত ৰিম বয়ইড (Rim Bauid), বেলাৰয়ে (Valarie) আদি কবিয়ে আগবঢ়াই নিয়ে৷ ফৰাচী
প্ৰতীকীবাদীসকলৰ প্ৰতীকসমূহ বাহ্যিক অৰ্থৰ পৰিৱৰ্তে ইংগিতময়তাৰে পূৰ্ণ৷ ইয়াৰ
প্ৰভাৱ আমেৰিকা আৰু ইংলেণ্ডৰ বিভিন্ন কবিসকলৰ ওপৰত স্পষ্টকৈ পৰিছিল৷ ইয়াৰ ভিতৰত
উল্লেখযোগ্য হ’ল– আৰ্থাৰ চাইমন (Arthur Symons),
আৰ্ণেষ্ট ডাউচন (Ernest Dowson), ইয়েটছ্ (Yeats), এলিয়ট (Eliot), পাউণ্ড (Pound), ডেলান থমাচ (Dylan Thomas), হাৰ্ট ক্ৰেইমি (Hart
Crame), ই. ই.
কামিংছ (ড্ৰ. ড্ৰ. Cummings), আৰু উইলিয়াম ষ্টিভেনচ্ (William Stevence)৷
চিত্ৰকল্পবাদ (Imagism)
চিত্ৰকল্পবাদৰ (Imagism) উত্থান
আমেৰিকাত ১৯১২-১৭ চনত হৈছিল৷ ইয়াক আমেৰিকা আৰু ইংলেণ্ডৰ এটা লেখকৰ দলে লণ্ডনত গঠন
কৰিছিল৷ ইয়াৰ মুখ্য ভূমিকাত আছিল এজৰা পাউণ্ড (Ezra Pound) আৰু
হিল্দা ডলিটিল (Hilda Dolittle), ডি. এইচ. ল’ৰেন্স (ড্ড. ণ্ড্ৰ. Lawrence), উইলিয়াম কেৰলচ্ (William
Carlos), উইলিয়াম (William), জন গউল্ড (John Gould), ফ্লেচাৰ (Fletcher) আৰু ৰিচাৰ্ড
এলডিংটন (Richard Aldington) আদি ৷
এজৰা পাউণ্ডে চিত্ৰকল্পবাদীসকলক সংগঠিত কৰি কিছুমান
নিৰ্দিষ্ট নীতি-নিয়ম বান্ধি দিছে৷ যেনে–
[ক] অত্যধিক
শব্দৰ প্ৰয়োগ হ্ৰাস, অত্যধিক বিশেষণ ত্যাগ, [খ] অত্যধিক
সূক্ষ্মতা পৰিহাৰ, [গ] অলংকাৰ ত্যাগ কৰা আৰু [ঘ] ছন্দ ৰীতিৰ দৰে কবিতাৰ
প্ৰভাৱ নপৰা ইত্যাদি৷
আনহাতে ৰিচাৰ্ড এলডিংটনে চিত্ৰকল্পবাদী কবিসকলে মানি
চলিবলগীয়া কিছুমান নিৰ্দিষ্ট দিশ তলত উল্লেখ কৰা ধৰণে নিৰ্ধাৰণ কৰিছিল–
[ৰ] সাধাৰণ
আৰু প্ৰচলিত ভাষাৰ প্ৰয়োগ৷ উপযুক্ত শব্দৰ ব্যৱহাৰ৷ সৌন্দৰ্যৰ বাবে ভাষা ব্যৱহাৰ
ত্যাগ কৰা৷
[২]
পুৰণিকলীয়া ভাব প্ৰকাশিত প্ৰকাশভংগী পৰিহাৰ কৰা৷ বৰং নতুন ভাব প্ৰকাশৰ বাবে নতুন
প্ৰকাশভংগীৰ ব্যৱহাৰ৷
[৩] কবিতাৰ বিষয়বস্তু
নিৰ্বাচনৰ স্বাধীনতা৷
[চ্ছ্ৰ]
কবিতাত চিত্ৰকল্পৰ ব্যৱহাৰ৷
[প্ত] কবিতা
শিথিল আৰু ভোটা হোৱাৰ পৰা ৰোধ কৰা আৰু ইয়াক চহকী কৰা৷
[৬] কবিতা
সৃষ্টি সময়ত কেৱল কবিতাতে গুৰুত্ব আৰোপ কৰা৷
-এই নতুন ভাবধাৰাই আমেৰিকা আৰু ইংলেণ্ডৰ কবিতাক এক
নতুন মাত্ৰা তথা স্বাধীনতা প্ৰদান কৰিলে৷ নতুন ধাৰাৰ কবিতাসমূহৰ ভিতৰত টি. এছ.
এলিয়ট (থ্ব. ত্ৰ. Eliot)ৰ Waste Land,
Hallow Men আদি কবিতাই
বিশ্বযুদ্ধোত্তৰ কালৰ অনি(য়তা, জীৱনৰ বিভ্ৰান্তি আদি প্ৰতিফলিত
কৰে৷ এলিয়টে জনপ্ৰিয়তাৰ লগতে সাহিত্যৰ নবেল পুৰস্কাৰো লাভ কৰে৷ বিশ্বযুদ্ধ, ৰাছিয়ান বিপ্লৱ, চীন বিপ্লৱ আদিয়ে সমগ্ৰ বিশ্বৰ চিন্তাধাৰাত প্ৰভাৱ
পেলায়৷ প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে যোগাযোগৰ বাট সুচল কৰি তোলে৷
এনে সময়তে ভাৰতীয় কবিতাই বিশ্ব কবিতালৈ উন্নীত হোৱাৰ
প্ৰয়োজনীয়তাৰ সন্মুখীন হয়৷ ফলস্বৰূপে নতুন ভাবধাৰা আৰু নতুন মূল্যবোধে নতুন
পটভূমিত নতুন সাহিত্যিক বিধাৰ জন্ম দিয়ে৷ যেনে– উপন্যাস, চুটি গল্প, আধুনিক কবিতা, নাটক, চিত্ৰ আদি৷
মুক্তক ছন্দ (Free
Verse)
মুক্তক ছন্দ (free verse) সাধাৰণতে
চুটি চুটি শাৰীত লিখা হয়৷ ইয়াক ফৰাচীত verse
libre বুলি কোৱা হয় আৰু ই
সাধাৰণ গদ্যৰ তুলনাত অধিক নিয়ন্ত্ৰিত ছন্দত ৰচিত হয়৷ অনিৰ্দিষ্ট মুক্ত ছন্দৰ
লেখকসকলে আন আন ফলাফলৰ স্বাৰ্থত পৰম্পৰাগত কবিতা আৰু ইয়াৰ লয়ক সমৰ্পিত কৰিছিল৷
পুদুক্কবিতই বা এই নতুন ধাৰাৰ কবিতা পৰম্পৰাগত
কবিতাৰ পৰিপন্থী নহয়৷ সাহিত্য বৃক্ষৰ ই এটা ঠালহে মাথোন৷ যিহেতু পৰম্পৰাই তামিল
সাহিত্যত এক কতৃৰ্ত্বৰ ভূমিকা গ্ৰহণ কৰি আহিছে, সেয়েহে নতুন
ধাৰাৰ কবিতা পুৰণি কবিতাৰ পৰিপন্থী হিচাপে উপস্থাপিত হৈছে৷
বাংলা আৰু ইংৰাজী সাহিত্যৰ প্ৰতি দুৰ্বলতা থকা
ভাৰতীয়ে গল্প, উপন্যাস আদিৰ দৰে নতুন কবিতাৰ ধাৰা সৃষ্টিতো বিশেষ
ভূমিকা গ্ৰহণ কৰিছিল৷ কিন্তু পুৰণি কবিতাই ভাৰতিৰ কলমত এনে এক নতুন ওজস্বিতা আৰু
মাত্ৰা লাভ কৰিছিল, যিয়ে তেওঁৰ নতুন ধাৰাৰ কবিতাক অবদমিত কৰি ৰাখিছিল৷
ভাৰতীৰ পাছৰ পৰ্যায়ত ভাৰতী দাসনৰ হাতত পৰম্পৰাগত কাব্যই সৰলতা লভিছিল৷
ভাৰতীৰ মুক্তক ছন্দ (Bharati’ব্দ Free Verse)
ভাৰতীৰ মুক্তক ছন্দ হিচাপে ইনপম , পুকল , চক্তি), ঞায়িৰু গ্গ , কাত্ৰু আৰn কদল¸ আদি উপশ¸ীৰ্ষৰে ৰচনা
কৰা সৃষ্টিসমূহক শ্ৰেণীৱদ্ধ কৰিব পাৰি৷ ভাৰতীৰ দৰ্শন আৰু ধৰ্মৰ অবিৰত সাৰমৰ্ম হ’ল
ভাৰতীৰ কবিতাৰ মূল বিষয়বস্তু৷ তেওঁ উক্ত বিষয়টো প্ৰথমবাৰৰ বাবে মুক্তক ছন্দৰ
পটভূমিলৈ আনে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হৈছিল যে শুদ্ধ প্ৰকাশভংগীৰ দ্বাৰা সৰল আৰু
অনাড়ম্বৰ ৰূপ দিব পাৰি৷ তেওঁ পূৰ্ব নীতিক পৰিভৱ কৰি দেখুৱাইছিল যে গঠন (From) আৰু বিষয় (Content) দুটা পৃথক দিশ৷ চুটি শব্দ, চমু বাক্যৰ
ব্যৱহাৰেৰে ভাৰতীয়ে কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷
ভাৰতীয়ে উপনিষদৰ সংৰচনা গ্ৰহণ কৰি তেওঁৰ
সংক্ষিপ্ততাৰে আয়ত্ব কৰা বীক্ষণ পঢ়ুৱৈ সমাজকো প্ৰদান কৰাত সক্ষম হৈছিল৷
তেওঁৰ “oh, Sun what have you done to the darkness?” ৰূপক বৰ্ণনাৰ (Allegoric) কবিতাৰ
উৎকৃষ্ট উদাহৰণ৷ ইয়াত আন্ধাৰক চিকাৰ, শত্ৰু, প্ৰিয়তমা, সহকৰ্মী, চকীদাৰ আদি হিচাপে বৰ্ণনা কৰিছে৷
বিৰাম চিহ্ন সাধাৰণতে পৰম্পৰাগত কাব্যত ব্যৱহাৰ কৰা
নহয়৷ ভাৰতীয়ে তেওঁৰ কবিতাত বিৰামচিহ্ন ব্যৱহাৰৰ দ্বাৰা এক নজিৰ সৃষ্টি কৰে৷ পদ্যত
গদ্যৰ প্ৰৱেশৰ লগে লগে গদ্যত ব্যৱহূত সাধাৰণ বিৰাম চিহ্নৰ ব্যৱহাৰ পদ্যতো আৰম্ভ
হয়৷ পি. পদ্মনাভনে (ণ্ড্ৰ.দস্টধথ£দ¡গ্গ উল্লেখ
কৰে যে এটা সীমিত পৰ্যায়লৈকে মুক্তক ছন্দ সৃষ্টি কৰাত ভাৰতী সফল হৈছিল৷
যদিও ভাৰতীৰ কবিতা উপমাৰে ভৰপূৰ তথাপিও ৰূপকৰ সঘন
ব্যৱহাৰে ভাৰতীৰ মুক্তক ছন্দক ব্যক্তিগত বিশেষ ফল দিছিল৷ ভাৰতীৰ মুক্তক ছন্দই এটা
নতুন শাখাৰ সৃষ্টি কৰিছিল আৰু সেইটো হ’ল– ছবি ছন্দ (verse of image)৷
কেৱল গদ্যৰ দ্বাৰা প্ৰকাশিত কিছুমান দিশ কবিতাৰ
দ্বাৰা প্ৰকাশযোগ্য কৰি তুলি ভাৰতিয়ে মণিক্কোডি
আলোচনীত ১৯৪০ চনৰ যুগৰ সাহিত্যক আকৰ্ষণীয় কৰি তুলিছিল৷ এই যুগৰ লেখকসকলৰ
প্ৰায় সকলোবোৰ বিষয়বস্তু পশ্চিমীয়া সাহিত্যৰ দ্বাৰা প্ৰভাৱন্বিত আছিল৷ তেওঁলোকে
পৰীক্ষামূলকভাৱে অমিত্ৰাক্ষৰ ছন্দত (Blank
verse) মণিক্কোডিত লিখা-মেলা কৰিছিল৷ ভাৰতীৰ অনুকৰণেৰে– না
পিটচামূৰ্তি , কূ, পা. ৰাজাগোপালন , পুটুমৈপিটন কা. না. সুব্ৰমণিয়ম , ভাল্লিক্কান্নান আদি এক নব্য শ্ৰেণীৰ
কবি আগবাঢ়িছিল৷ জানকীৰামণে উল্লেখ কৰিছে যে প্ৰায় ২৫ বছৰৰ পাছত ভাৰতীৰ
পৰীক্ষামূলক সৃষ্টি পিটচামূৰ্তিয়ে আৰু
ৰাজাগোপালনে আগুৱাই নিছিল৷ চি. এছ.
চেলেপ্পায়ে পিটচামূৰ্তিক নতুন কবিতা বা
মুক্তক ছন্দৰ মুখ্য কবি বুলি গণ্য কৰিছে৷ আনহাতে
কানাকাশাভাপাথীয়ে পিটচামূৰ্তিক
তামিল verse libre-ৰ বাটকটীয়া আৰু পিতামহ বুলি
প্ৰশংসা কৰিছে৷
কিন্তু ক. ন. চু.
য়ে পিটচামূৰ্তিক কবি হিচাপে গণ্য কৰিবলৈ অমান্তি হৈছে৷ নতুন তামিল কবিতাৰ
প্ৰতি পুদুমইপিত্তনৰ একধৰণৰ গোড়া মনোভাব
আছিল৷ তেওঁৰ মতে এই নতুন শ্ৰেণীৰ কবিতা সম্পূৰ্ণকৈ গদ্য বা পদ্য কোনো শাৰীতে নপৰে৷
কু. পা. ৰা.
প্ৰেম আৰু নাৰীৰ লগত জড়িত মানৱীয় সমস্যাৰ প্ৰতি চিন্তিত আছিল৷ ক. ন.
চু. য়ে মুক্তক ছন্দ মাধ্যমক এটা সম্পূৰ্ণ
পৃথক মাত্ৰাত ব্যৱহাৰ কৰিছিল৷ তাত কোনো বিশেষ চিত্ৰ আৰু ৰূপক নাছিল৷ গদ্যৰ ব্যৱহাৰ
শৃংখলিতভাৱে ছন্দত ব্যৱহাৰ কৰিছিল৷
কালানিধি কৈলাশপতি য়ে কৰাৰ দৰে এই কবিসকলক সহজতে অগ্ৰাহ্য
কৰিবনোৱাৰি৷ তেওঁৰ মতে এই কবিসকল মুক্তক ছন্দত নিমগ্ন হ’লেও তেওঁলোকৰ এক নিৰ্দিষ্ট
সাহিত্য নীতি বা ধাৰণা নাই৷ উক্ত কবিতাসমূহক বিশ্বৰ আন কবিতাৰ সৈতে তুলনামূলক অধ্যয়ন
কৰিলে পিটচামূৰ্তিৰ কবিতাৰ ব্যক্তিস্বতন্ত্ৰতাক অৱজ্ঞা কৰিব নোৱাৰি৷ যিসময়ত চল্লিশ
ঊৰ্ধৰ পিটচামূৰ্তিয়ে সাহিত্য চৰ্চা কৰিছিল, সেই সময়তে
ভাৰতী দাসনে তামিল, তামিলনাডুৰ জয়গানেৰে কবিতা ৰচিছিল৷ পিটচামূৰ্তিৰ কবিতাৰ বিষয়বস্তু আছিল
মানৱধৰ্ম, যুদ্ধ বিদ্বেষ, আত্মা-পৰমাত্মাৰ
মিলনৰ সংগ্ৰাম ইত্যাদি৷ বিংশ শতিকাৰ বিশ্বযুদ্ধৰ দ্বাৰা অৱক্ষয় হোৱা মানৱীয়
মূল্যবোধ পিটচামূৰ্তিৰ কবিতাত প্ৰতিফলিত হৈছে৷ “The life of shopkeeper Naran”ক এই দৃষ্টিভংগীৰ পৰা বিবেচনা কৰিব পাৰি৷
মান্নাইক্কাতিত্তোৰ
বিংশ শতিকাই জন্ম দিয়া দুটা উল্লেখযোগ্য দৰ্শন হ’ল
পুঁজিবাদ আৰু সাম্ৰাজ্যবাদ৷ উক্ত সমাজতাত্ত্বিক দৰ্শনেও আধুনিক তামিল কবিতাত
প্ৰভাৱ পেলাইছিল৷ নতুন ধাৰাৰ কবিতাই ভাৰতৰ দৰে তৃতীয় বিশ্ব দেশৰ অধঃপতিত পুঁজিবাদী
বাণিজ্যিক সংস্কৃতিৰ লগতে সমাজবাদকো প্ৰতিফলিত কৰিছে৷
চি. চু. চেল্লপ্পা য়ে উল্লেখ কৰে যে এই দুই ধাৰাৰ
উত্থানৰ দ্বাৰা হোৱা বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱৰ্তনে এই শতিকাৰ আৰম্ভণিতে নতুন
কবিতাৰ জন্ম দিয়ে৷ বিংশ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত ফ্ৰইড আৰু মাক্সৰ্ৰ প্ৰভাৱে
পশ্চিমীয়া কবিতাক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰে৷ নতুন কবিতাত মনোবিজ্ঞান আৰু
বস্তুবাদী ধাৰাৰ বিষয়বস্তু প্ৰতিফলিত হ’বলৈ আৰম্ভ হয়৷ ফ্ৰইডৰ প্ৰভাৱ ষাঠি দশকত
প্ৰকাশিত এলুত্তু -ৰ কবিতাত আৰু মাক্সৰ্ীয় দৰ্শন সত্তৰ দশকৰ ৱানমপাদি’ত প্ৰকাশিত
কবিতাত দেখিবলৈ পোৱা যায়৷
আমেৰিকাৰ দৰে ভাৰততো নতুন কবিতাই এক গতি লাভ কৰিলে৷
আমেৰিকাৰ মুক্তক ছন্দৰ আন্দোলনটো আন্তঃৰাষ্ট˜ীয় বিপ্লৱ
যিয়ে ভিক্টৰীয়ান চিন্তা আৰু কলাৰ বিদ্যায়তনিক দিশত বিয়পি পৰিছিল৷ ভাৰতৰ ক্ষেত্ৰতো
ই একেই আছিল৷
হিন্দী সাহিত্যতো নতুন কবিতাৰ জন্ম ভাৰতৰ
স্বাধীনোত্তৰ বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা৷ ১৯৪৩ চনত আৰম্ভ হোৱা নতুন কবিতাৰ
আন্দোলনটো মাত্ৰ ২৫-৩০ বছৰৰ ভিতৰতে অভূতপূৰ্বভাৱে শক্তিশালী হৈ উঠে৷ ড॰ এছ. এন. গণেশনে নতুন কবিতাৰ
বুৰঞ্জী অধ্যয়ন কৰি উল্লেখ কৰেযে ইয়াৰ সফলতা এনে এটা পৰ্যায় পাইছিল, যিয়ে সমসাময়িক ব্যক্তিগত জীৱনৰ হতাশাকো সামৰি লৈছিল৷ এইদৰে কবিতাই ভাৰতীয়
বিভিন্ন ভাষাৰ সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷
আলোচনী আৰু নতুন কবিতা
পঞ্চম দশকৰ এলুত্তু
নামৰ ক্ষুদ্ৰ তামিল আলোচনীখনে নতুন কবিতাৰ বাবে এখন মঞ্চ গঢ় দিয়ে৷
ইলুত্তুয়ে আৰম্ভ কৰা উক্ত কাৰ্য পৰৱৰ্তী সময়ত নদই, কচটদপৰ , পিৰক্ন্যেই, কোল্লপ্পাৱই আদি ক্ষুদ্ৰ আলোচনীয়ে আগবঢ়াই নিয়ে৷ এই
ক্ষুদ্ৰ আলোচনীসমূহে নকুলন , ৱেনুকোপালন , ৱইত্তীসৱৰন , চি. মণি , সুন্দৰৰামচামি , তৰুমু চিৱামু ইত্যাদি উল্লেখযোগ্য
কবিক চিনাকি কৰি দিয়ে৷
উক্ত কবিসকলৰ কবিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল
তেওঁলোকৰ ব্যক্তিগত দৃষ্টিভংগী৷ তেওঁলোকে হতাশা আৰু মৃত্যুৰ মাজেদি ব্যক্তিৰ
মানসিক পীড়া আৰু যন্ত্ৰণা অংকন কৰিছিল৷ কবিতাৰ গঠনৰ উপৰিও বিষয়বস্তুৰ ক্ষেত্ৰতো
এইসকল কবিৰ ওপৰত থ্ব. ত্ৰ. Eliot আৰু Ezra pound-ৰ
প্ৰভাৱ পৰিছিল৷ ফ্ৰয়েডৰ প্ৰভাৱো সহজলভ্য আছিল৷
চি. এছ. চালেপ্পাৰ
ৰ মতে ফ্ৰয়েডৰ প্ৰভাৱত এই কবিসকলে এক গভীৰ অন্তদৃষ্টি লভিছিল৷ তেওঁলোকৰ
কবিতাই যৌনতাৰ লগতে বৰ্তমান সমাজৰ যৌন জটিলতাও আলোচনা কৰিছিল৷
বিভিন্ন সমালোচকৰ মত অনুসৰি এলুত্তু কবিসকলে পশ্চিমক
অনুকৰণ কৰা মন্তব্যক সম্পূৰ্ণৰূপে মানি ল’ব নোৱাৰি৷ পশ্চিমৰ নতুন কবিতা অৱক্ষয়িত
পুঁজিবাদে সৃষ্টি কৰা খণ্ডিত সমাজ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত, য’ত ভাৰতীয় কবিতাৰ বিষয়বস্তু হ’ল পুঁজিবাদীৰ উত্থানে সৃষ্টি কৰা ক্লেশ, ক্ষোভ, পীড়া ইত্যাদি৷
নকুলন, সুন্দৰৰামচামি , আৰু তৰুমু চিৱৰামু হ’ল বৰ্তমান
সময়ৰ অগ্ৰণী এলুত্তু কবি৷ তৰুমু চিৱৰামু
প্ৰথমজন তামিল চিত্ৰকল্পবাদী কবি হিচাপে পৰিচয় লাভ কৰে৷ সুন্দৰৰামচামিৰ নদুনিচি নায়কল আন এটা
উল্লেখযোগ্য কবিতা; য’ত তেওঁ মানুহৰ মাজত থকা পাশৱিক প্ৰবৃত্তিৰ কথা
আলোচনা কৰিছে৷ পিটচামূৰ্তিৰ পাছত সুন্দৰৰামচামিয়ে নতুন কবিতাক ভিন্নমুখী কৰি তুলি
নিজকে পৃথকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ জীৱনৰ গভীৰ আৰু জটিল প্ৰশ্নৰ উত্তৰ
তেওঁৰ উনকই নকম আৰn নদুনিচি নায়কল কবিতাত প্ৰকাশ
পাইছে৷
ইলুত্তুত প্ৰকাশিত কবিতাসমূহে দীৰ্ঘদিন নিষ্ক্ৰিয় হৈ
থকা কবিতা সম্পৰ্কে আলোচনাৰ পুনৰ আৰম্ভণিৰ ইন্ধন যোগান ধৰে৷
কচটদপৰ
ইলুত্তুৰ পাছত কচটদপৰ-ৰ পৰা কবিতা ৰচনাৰ আৰম্ভ হয়৷
উক্ত আলোচনীৰ দ্বাৰা ভুমুকি মৰা কবি ন্যানকূত্তন (ড£লস্টত¡গ্গএ বিভিন্ন সমালোচক আৰু পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ন্যানকূত্তনৰ মতে
“যেতিয়া প্ৰচলিত পুৰণি কবিতাই নতুন প্ৰয়োজনৰ অভাৱ পূৰণৰ বাবে অসমৰ্থ আছিল তেতিয়াই
সামাজিক প্ৰয়োজনীয়তা পূৰাবলৈ নতুন কবিতাৰ প্ৰাদুৰ্ভাৱ হৈছিল৷ অৱশ্যে একে সময়তে
পৰম্পৰাগত কবিতাও সম্পূৰ্ণভাৱে অগ্ৰাহ্য কৰিব পৰা নাছিল৷” ন্যানকূত্তন এজন
উল্লেখযোগ্য কবি যিয়ে পৰম্পৰাগত কবিতাত প্ৰবিষ্ট হৈ ইয়াৰ মৰ্মকথাক নতুন কবিতালৈ
কঢ়িয়াই আনিছিল৷
তেওঁৰ কবিতাই সমসাময়িক সমাজৰ পৰিস্থিতিক এক চোকা
পৰ্যালোচনা দিছিল৷ তেওঁ পুৰণি বাক্যবিন্যাস, শব্দ, মনোভাব ত্যাগ কৰি প্ৰচলিতবোৰ গ্ৰহণ কৰিছিল৷ ইয়াৰ দ্বাৰা ন্যানকূত্তন -এ নতুন
কাব্য সাহিত্যক অন্য এক মাত্ৰা প্ৰদান কৰিছিল৷ তেওঁৰ কিছুমান উল্লেখযোগ্য কবিতা
হ’ল–এদিনেদিৰ উলংকল , নায, কীল ৱেণমনি , পৰিচিল ৱালক্কই ,কালৱলুৱমইদি ৷ উক্ত কবিতাসমূহত বিষয়বস্তুক নতুন ধৰণ, নতুন বৰ্ণনা পদ্ধতি আদিৰে প্ৰকাশ হৈছে৷
দৰুমু চিৱৰামু , এলুত্তু যুগৰ এজন লেখকৰ উপৰিও সমালোচকো আছিল৷ ধূসৰতা
তেওঁৰ ৰচনাৰাজিৰ এটা প্ৰধান বৈশিষ্ট্য৷ বিকশিত বিজ্ঞানৰ লগত কবিতাৰ সংযোগ ঘটাবলৈ
কৰা প্ৰচেষ্টা ‘ড্ৰ MC২’ নামৰ কবিতাটিত প্ৰকাশ পায়৷ তেওঁ কবিতা আৰু ইয়াৰ
ভাষা গীতিময়তাৰ পৰা সম্পূৰ্ণ মুক্ত৷ অনুভৱ আৰু চাক্ষুস¸ চিত্ৰৰ
পৰিমাণ তেওঁৰ কবিতাত সমানুপাত৷
চিৱৰামুয়ে তামিল কবিতাক ইংৰাজী কবিতাৰ স্তৰলৈ লৈ
গৈছিল৷ কিন্তু তেওঁৰ ‘image for image
sake’ ৰ সাহিত্য নীতিয়ে
দৃঢ়ভাৱে ৱিদিৱু , ৰ ৰূপ লৈছিল৷ তেওঁৰ ‘art for arts sake’ কবিতাটো চিত্ৰকল্পৰে ভৰপূৰ৷ কন্নাদি উল্লিৰুন্দু , চিৱৰামু ,-ৰ এখন উল্লেখযোগ্য কাব্য সংকলন৷
এই সময়তে পৰম্পৰাগত কবিতাৰ সম্যক জ্ঞান নথকা বহুতো
লোক কাব্য জগতত দেখা দিয়ে৷ তেওঁলোকে পৰম্পৰাক অগ্ৰাহ্য কৰি সমসাময়িক জীৱনক নতুন কবিতাৰ মাজেদি প্ৰকাশ কৰিবলৈ ল’লে৷
ইয়াৰ ভিতৰত অন্যতম হ’ল জেয়ৰামন , বালকুমাৰন , কলাপ্পিৰিয়ৰ , কল্যানজি , নীলামনি , দেৱদচ্ছন৷ এইসকল কবিৰ আগমনৰ পূৰ্বেই নতুন কবিতাই
ইতিমধ্যে সাহিত্যিক প্ৰকাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল৷ ইয়াৰ ভিতৰত কলাপিৰিয়ৰ আৰু জেয়ৰামন উল্লেখযোগ্য৷
দীপম আৰু কনইয়ালি য়ে এইসকল কবিক এখন মঞ্চ দিছিল৷ এই
ক্ষুদ্ৰ আলোচনীবোৰে কেৱল মুক্তক ছন্দহে প্ৰকাশ কৰিছিল আৰু নতুন কবিতাৰ উত্থানত
বৰঙণি আগবঢ়াইছিল৷
এলুত্তু , কনইয়ালি , কচতদপৰ , নদই , দীপম আদি
আলোচনীসমূহে জন্ম দিয়া কবিসকলে তেওঁলোকৰ বিষয়বস্তু সামাজিক অভিজ্ঞতাৰ পৰিৱৰ্তে
ব্যক্তিগত অভিজ্ঞতাৰ পৰা নিৰ্বাচিত কৰিছিল৷ সেয়েহে এইচাম কবিৰ সৃষ্টি কিছুমান
বিশেষ শ্ৰেণীৰ পাঠকৰ মাজত সীমাৱদ্ধ আছিল৷
এইসকল কবিয়ে ভাৰতী আৰু ভাৰতী দাসনৰ কাব্যৰীতিক অনুকৰণ
কৰা আৰু পৰম্পৰাগত কবিতাৰ ওপৰত সম্যক জ্ঞান থকা কিছুসংখ্যক কবিক প্ৰভাৱিত কৰিছিল৷
না. কামৰাজন হ’ল নতুন কবিতাৰ দ্বাৰা
প্ৰভাৱান্বিত হোৱা পৰম্পৰাগত কবিৰ উৎকৃষ্ট উদাহৰণ৷
না. কামৰাজন
ভাৰতী দাসন স্কুলৰ অন্তৰ্ভুক্ত এজন কবি যিয়ে পৰম্পৰাগত তামিল কাব্যক
বিশেষভাৱে গুৰুত্ব দিছিল নতুন কবিতা সম্পৰ্কত সম্যক জ্ঞান আছিল যদিও তেওঁ নতুন
কাব্য আৰু কবিতাক অৱজ্ঞা বা পৰম্পৰা কবিতাৰ পৰিপন্থী বুলি গণ্য কৰা নাছিল৷ তেওঁ
নতুন পৰম্পৰাক বুজিবলৈ চেষ্টা কৰিছিল৷
যিসকলে ভাৰতী দাসনৰ কবিতাশৈলী অনুকৰণ কৰিছিল, সেই কবিসকলে এটা মাত্ৰ বিষয় এটা কাব্যিক গঠনত লিখিবলৈ চেষ্টা কৰিছিল৷
চুদা ৰ দেনমলই ই প্ৰসংগত উৎকৃষ্ট উদাহৰণ৷
ভাৰতী দাসনৰ অনুগামী হিচাপে পৰিচিত চুদাৰ কবিতাৰ বিষয়বস্তু হ’ল– [ৰ] প্ৰকৃতিৰ সৌন্দৰ্য, [২]
বুৰঞ্জীমূলক ঘটনা, [৩] প্ৰেমমূলক কাহিনী, [চ্ছ্ৰ]
শোকগাথা আৰু [প্ত] ভাষিক সম্পদ আদি৷
চুদাৰ কবিতা
সাধাৰণতে তামিল ভাষাৰ গুণানুকীৰ্তন আৰু নায়ক-নায়িকাৰ প্ৰেমৰওপৰত আধাৰিত৷
এইক্ষেত্ৰত অৱশ্যে তেওঁৰ কবিতাৰ বিষয়বস্তুত নতুনত্ব নাছিল৷ চুদা আৰু তেওঁৰ শ্ৰেণীৰ কবিয়ে ভাৰতী দাসনৰ শৈলী
নিজাকৈ প্ৰকাশৰ চেষ্টা কৰিছিল৷ ইয়াৰ ফলত সমসাময়িক পৰিস্থিতি আৰু বিষয়বস্তু এই
শ্ৰেণীৰ কবিৰ কবিতাত অৱজ্ঞা হৈ থাকিল৷ এইচাম কবিয়ে পুঁজিবাদৰ আৰম্ভণি আৰু
সামন্তবাদৰ পতনে কঢ়িয়াই অনা সমাজৰ অৱয়ব; ৰাছিয়া আৰু চীনত ক্ৰমবৰ্ধমান
সমাজবাদে অনা সমস্যা; মানৱ জীৱনৰ ক্ৰমবৰ্ধমান হতাশা, পীড়া আদিবোৰ পৰ্যবেক্ষণ কৰাত ব্যৰ্থ হৈছিল৷ আনহাতে উক্ত কবিসকলে সমগ্ৰ
বিশ্বতে উত্থান হোৱা এই নতুন কবিতাৰ ধাৰাক সমৰ্থন কৰা নাছিল আৰু অতীতকে বিষয়বস্তু
হিচাপে আঁকোৱালি লৈছিল৷ অৱশ্যে দুই-একে এই স্থিতাৱস্থাৰ বিপক্ষে থিয় দিছিল৷ ইয়াৰ
ভিতৰত না. কামৰাজন আৰু ইনকলাব অন্যতম৷
না. কামৰাজনে পৰম্পৰাগত তামিল কবিতাক বৰ্তমানলৈ আনিলে
আৰু ইনকলাবে ইয়াক ভৱিষ্যতলৈ গতি দিলে৷
বাংলা সাহিত্যৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নজৰুল ইছলামৰ দৰে তামিল সাহিত্যত না. কামৰাজন
আৰু ইনকলাবে দুটা পৃথক কাব্যিক ধাৰাৰ
উপস্থাপন কৰিলে৷ মাক্সৰ্বাদ এওঁলোকৰ কবিতাৰ অন্যতম বিষয়বস্তু৷
না. কামৰাজনৰ
কৰুপ্পু মলৰকলএ নতুন কবিতাত নতুন জীৱন সঞ্চাৰ কৰিলে৷ এৰুত্তু যুগৰ কবিসকলে সমসাময়িক তামিল কবিতাক এক নতুন
গঠন আৰু বিষয়বস্তু প্ৰদান কৰিলে৷ কিন্তু তেওঁলোকে ভাৰতীৰ দৰে সমাজৰ সৈতে ছিন্ন
হোৱাত ব্যৰ্থ হৈছিল৷ বাস্তৱবাদৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা অতি বাস্তৱবাদ, প্ৰতীকীবাদ, অস্তিত্ববাদ আদিয়ে তেওঁলোকৰ কবিতা ধূসৰ কৰি ৰাখিলে৷
নতুন কবিতাৰ এই অপযশো না. কামৰাজনে দূৰ কৰিলে৷ কবিতাৰ বিষয়বস্তুলৈ পৰিৱৰ্তন
কঢ়িয়াই নতুন কবিতা সামাজিকতাৰে বোধগম্য কৰি তোলে৷
না. কামৰাজনৰ কবিতা কৰুপ্পু মলৰকল, ৱয়লৱেলিপ্ পাট্টু , মুল্লই নদিক্কৰই , আদিয়ে কিছুমান নতুন বিষয় উপস্থাপন
কৰে৷
পিটচামূৰ্তিৰ পৰৱৰ্তী সময়ত না. কামৰাজনে তামিল কাব্যৰ
বিশ্বজনীনতা পুনৰুজ্জীৱিত কৰে৷
ইনকলাবৰ কবিতাৰ সম্পৰ্কে ভাৰতীয়ে নিজা কবিতাৰ বিষয়ে
দিয়া মন্তব্যৰ দ্বাৰা বৰ্ণনা কৰিব পাৰি৷ তেওঁৰ কবিতাৰ বিষয়বস্তু আৰু গঠন দুয়োটাই
নতুন৷ তেওঁ শ্ৰমজীৱী জনসাধাৰণৰ জীৱনৰ সংগ্ৰাম, দুখ, আশা-আকাংক্ষা, সপোন, হতাশা আদি উপস্থাপনেৰে তামিল
কবিতাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
একধৰণৰ ক্ৰোধ তেওঁৰ কবিতাত উপলব্ধ৷ উদাহৰণস্বৰূপে
কনমনি ৰাজম, ৱালিপ ঊৰৱলম , পুয়লিন
চুৱদুকল , ওৰু নেল্লিন কদই
শ্চ১৯৭১গ্গ ইত্যাদি৷ তেওঁ অতীতক যশষ্কৰ কৰাৰ দৃষ্টিভংগী নাৰাখে৷ বৰং তেওঁ
মাক্সৰ্ীয় দৰ্শনৰ আধাৰত দ্বন্দ্ববাদৰ দৃষ্টিভংগীৰে বুৰঞ্জীমূলক বিভ্ৰান্তিবোৰ
দূৰীকৰণৰ পোষকতা কৰিছিল৷
যিদৰে বিভিন্ন আলোচনীয়ে ফ্ৰয়েডিয়ান কবিতাৰ বাবে মঞ্চ
দিছিল, সেইদৰে নামৰই , চেম্মলৰ , কোৰকই শ্চª্ৰ£Ÿ¬্ৰ) আৰু পুদিয় তলইমুৰই আদিয়ে মাক্সৰ্ীয় দৰ্শনৰ কবিতাৰ
বাবে মঞ্চৰ ব্যৱস্থা কৰি দিছিল৷
ৱানমপাতি আন্দোলন (Vanampati Movement)
১৯৬৭ চনৰ ভাৰতৰ ৰাজনৈতিক পৰিঘটনাই সাহিত্যৰ পথাৰখনকো
প্ৰভাৱিত কৰিছিল৷ কেইবা দশকজুৰি শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ তামিলনাডু আৰু বংগত
পৰাজিত হয়৷ তামিলনাডু DMK আৰু আন বহুতো ৰাজ্য সাম্ৰাজ্যবাদীৰ
অধীনলৈ যায়৷ ৰাজনৈতিক পৰিৱৰ্তনৰ লগতে সামাজিক ভিন্নতা অতি তীক্ষ্ণ হৈ উঠিছিল৷
পশ্চিমবংগত নক্সালবাদী আন্দোলনৰ জন্ম হৈছিল৷ পূৰ্ববংগৰ
স্বাধীনতা আন্দোলন চূড়ান্ত পৰ্যায় পাইছিল৷ সমাজবাদী শক্তিয়ে ভিয়েটনামক আমেৰিকাৰ
বিৰুদ্ধে সহায় কৰিছিল৷ মাওৰ চিন্তা দৰ্শনে মাক্সৰ্বাদৰ প্ৰভাৱ পেলাইছিল আৰু সমগ্ৰ
প্ৰাচ্যতে এই ভাৱধাৰা বিয়পি পৰিছিল৷
উক্ত পৰিঘটনাৰ ফল হিচাপে সামাজিক উদ্যম থকা পৰম্পৰাগত
কবি আৰু যুৱ প্ৰজন্ম প্ৰচণ্ডভাৱে প্ৰভাৱান্বিত হৈছিল আৰু ৱানমপতি আন্দোলনৰ জন্ম
হৈছিল৷
এই আন্দোলনৰ উদ্দেশ্য আছিল– [ৰ] তামিল কবিতাৰ সৰলীকৰণ, [২] পাঠক বা জনসাধাৰণৰ লগত সংস্পৰ্শ বৃদ্ধি, [৩] সাহিত্যৰ
সামাজিক দায়িত্ব বৃদ্ধি৷
সংগ্ৰামী স্পৃহা, শ্ৰেণী
সচেতনতা আদিৰ স্পৰ্শৰে মানৱতাবাদে জনতাৰ মাজত কাব্যৰ শিপাডাল দৃঢ় কৰিছিল৷
ৱানমপতি আলোচনীয়ে কবি, যুৱপ্ৰজন্ম, বুদ্ধিজীৱী আদি সকলোকে প্ৰভাৱিত কৰিছিল৷
ভেনামপতি আন্দোলনৰ উল্লেখযোগ্য কেইজনমান কবি হ’ল–
মীৰা , তামিলানপন, ন্যানক্কাইকনটন, ৰবীন্দ্ৰন , মেথা , ইলামুৰুকু , পুভিয়াৰচো , অকনিপুত্তিৰন , ন্যানি , শক্তিক্কানাল , আব্দুল ৰহমান , তামিল নাদন , বীৰা , বেলুচ্চামি আৰু শেভাৰকাটিয় (Sevarkotiyon) ৷
আব্দুল ৰহমানে চিত্ৰকল্প ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ
কবিতা যাতে ধূসৰ নহয় তাৰ বাবে সদাসচেতন আছিল৷ তেওঁ সামাজিক অভিজ্ঞতাসমূহ
চিত্ৰকল্পৰ মাজেৰে প্ৰকাশ কৰাত সফল হৈছিল৷
এই আন্দোলনৰ কবিসকলে পৰম্পৰাগত কবিৰ মাজত প্ৰচলিত
স্বগতোক্তিমূলক বাক্য ত্যাগ কৰিছিল৷ তেওঁলোকৰ মতে কবিতা ৰাইজৰ বাবে সেয়েহে
তেওঁলোকৰ কবিতা ৰাজহুৱা আলোচনা, অনুষ্ঠান আদিত পাঠ কৰাৰ পোষকতা
কৰিছিল৷ যিহেতু এই শ্ৰেণী কবিয়ে ‘বৰ্তমান’ক অংকন কৰাত সফল হৈছিল, এওঁলোকৰ প্ৰভাৱ তামিল কবিতাত স্পষ্ট আছিল৷
যিসকল কবিয়ে
কেৱল অতীত বন্দনা, তামিল জাতীয়তাবাদ, প্ৰাকৃতিক
সৌন্দৰ্য আদিৰ ওপৰত কাব্য ৰচনা কৰিছিল, সেইসকলে পুৰণা পৰম্পৰাগত পদ্ধতিতে
সামাজিক বিষয়সমূহত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল৷ এই ক্ষেত্ৰত পোন্নদিয়ান আৰু কুৰুৱিক্কৰম্পই চন্মুকম এই দুজন উল্লেখযোগ্য উদাহৰণ ৷
ফ্ৰইডৰ
দ্বাৰা প্ৰভাৱিত হোৱা কবিসকলেও বিভিন্ন সামাজিক দিশৰ ওপৰত কবিতা লিখিবলৈ আৰম্ভ
কৰিছিল৷ উদাহৰণস্বৰূপে ন্যানক্কূত্তন আৰু
কলাপ্পিৰিয়া ৰ নাম এই ক্ষেত্ৰত
উল্লেখযোগ্য৷
সংগ্ৰামী স্পৃহা, শ্ৰেণী
সচেতনতা, শ্ৰেণী সংগ্ৰাম আদি অন্তৰ্ভুক্ত মানৱতাবাদী
বিষয়বস্তুৰে কাব্যিক পৰীক্ষণৰ দ্বাৰা কবিসকলে আদৰ্শক তীক্ষ্ণ কৰি গঢ়ি তোলে৷
অৱশেষত এই শ্ৰেণী কিন্তু হ’লেও এই ক্ষেত্ৰত কবি দুটা ভাগত বিভক্ত হয়৷
উল্লেখযোগ্য যে সামাজিক অভিজ্ঞতাসমূহৰ প্ৰতি দুয়োটা
শ্ৰেণীৰ কবিৰে দৃষ্টিৰ মিল আছে৷ কিন্তু সামাজিক বিষয় আৰু অভিজ্ঞতাক ৰাজনীতিকৰণৰ
ক্ষেত্ৰত তেওঁলোকৰ মাজত পাৰ্থক্যই দেখা দিয়ে৷ এই কবিসকলৰ সকলোকে সাম্যবাদী বুলি
জনা যায় যদিও তেওঁলোকে নিজ নিজ দৃষ্টিভংগী প্ৰকাশৰ বাবে বিভিন্ন আলোচনীৰ প্ৰচলন
ঘটাইছিল৷ ৱানমপাদি, ৱেলৱি , কিলক্কু আদি এই আলোচনীসমূহৰ
অন্যতম৷
ৱানমপতি আন্দোলনৰ প্ৰভাৱ তামিল কবিতাত ইমান
সুদূৰপ্ৰসাৰী আছিল যে শেষৰ ফালে এশতকৈয়ো অধিক কাব্য সংকলন প্ৰকাশ হৈছিল৷ তেওঁলোকে
কালনিধি , কৈলাশপতি আৰু না. ভানামমালই দৰে সমালোচকৰ দৃষ্টিভংগী সলাবলৈ সক্ষম হৈছিল; যিয়ে আৰম্ভণিতে নতুন কবিতা আৰু ইলুত্তু কবিসকলৰ বিৰোধিতা কৰিছিল৷
সামৰণি
তামিলৰ নতুন কবিতাৰ ইতিহাসৰ ফালে লক্ষ্য কৰিলে দেখা
যায় যে ই এক দীঘল সাহিত্যিক পৰম্পৰা ৰক্ষা কৰি আহিছে য’ত বৰ্তমান এটি পৃথক ঘটনা
লক্ষ্য কৰা যায়৷ কবিতাৰ একোটা নিয়ন্ত্ৰিত গঠন আৰু বিষয় থাকে৷ তোলকাপ্পিয়ম ৰ দৰে গ্ৰন্থই কবিতা ৰচনাৰ নীতি স্থিৰ কৰি
দিছে৷ কিন্তু গল্প, উপন্যাসৰ দৰে শতিকাৰ এই নতুন সাহিত্য গঠনক, ব্যাকৰণক নীতি-নিয়মে স্পৰ্শ কৰিব পৰা নাই৷
কবিতাৰ শ্ৰেণীকৰণ বিষয়বস্তুৰ দ্বাৰাহে সম্ভৱ, গঠনৰ দ্বাৰা নহয়৷ সেই কথা যিয়েই নহওক, নতুন তামিল
কবিতাই যে ইয়াৰ গঠন আৰু বিষয়বস্তুৰ দ্বাৰা তামিল পাঠকৰ মন সন্তুষ্ট কৰিবলৈ সমৰ্থ
হৈছে; সেই কথা নিশ্চিতভাৱে ক’ব পাৰি৷
****
No comments:
Post a Comment