Friday, 7 January 2022

তামিল নাটকৰ উদ্ভৱ আৰু বিকাশ (Origin and Development of Tamil Drama)

তামিল নাটকৰ উদ্ভৱ আৰু বিকাশ (Origin and Development of Tamil Drama)

ড॰ গোলকেশ্বৰ গোস্বামী

 

        তামিল সাহিত্যত প্ৰকৃত লিখিত নাটকৰ আৰম্ভণি খৃষ্টীয় সপ্তদশ শতিকাৰ সময়ৰ পৰাহে পোৱা যায়৷ তাৰ আগৰ সময়ৰ তামিল নাটকৰ বুৰঞ্জী নিৰ্ধাৰণৰ বাবে সেয়ে পুৰণি তামিল সাহিত্য আৰু মধ্যযুগৰ অনুশাসন-শিলালিপি আদিৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ সপ্তদশ শতিকাৰ সময়তহে তামিল নাটকৰ প্ৰকৃত লিখিত নিদৰ্শন পোৱা গ’লেও আৰু সেই সময়ৰে পৰা বিভিন্ন প্ৰকাৰৰ নাটকৰ সৃষ্টি হৈ আহিলেও ঊনবিংশ শতিকাৰ শেষ সময়ৰ পৰা পাশ্চাত্য সাহিত্যৰ সৈতে সান্নিধ্যলৈ অহাৰ পাছৰ পৰাহে তামিল নাটকৰ লক্ষ্যণীয় পৰিৱৰ্তন ধৰা পৰে৷ তামিল নাটকৰ বুৰঞ্জীক সাধাৰণতে তলত দিয়া ধৰণে চাৰিটা ভাগত ভাগ কৰিব পাৰি-

        ক] খ্ৰীঃ পূঃ তৃতীয় শতিকাৰ ব্যাকৰণ সম্পৰ্কীয় পুথি ‘তোল্‌কাপ্‌পিয়ম’ৰ  যুগৰ পৰা ষোড়শ শতিকালৈ ৰচিত নাটক;

        খ] সপ্তদশ-অষ্টাদশ শতিকাৰ নাটক

        গ] ঊনবিংশ শতিকাৰ নাটক আৰু

        ঘ] বিংশ শতিকাৰ সময়ৰ পৰা ৰচিত নাটক

[ক] ‘তোল্‌কাপ্‌পিয়ম’ৰ যুগৰ পৰা ষোড়শ শতিকালৈ ৰচিত নাটক ঃ

        স্মৰণাতীত কালৰে পৰা তামিল দেশত থিয়েটাৰ, নাটক আৰু অভিনেতা দল আদিৰ প্ৰচলন থকাৰ উমান পোৱা যায়৷ সংঘম সাহিত্যৰ  বিভিন্ন ক্ষেত্ৰত ‘পাণৰ’ নামৰ গায়ক আৰু ‘ৱিৰলিয়ৰ’, ‘কূত্তৰ’  আৰু ‘পোৰুনৰ’  নামৰ নৰ্তকৰ জনপ্ৰিয়তা আৰু নাটকৰ ক্ষেত্ৰত তেওঁলোকৰ বৰঙণিৰ উল্লেখ আছে৷ তদুপৰি এই যুগত সংগীত আৰু নৃত্যৰ প্ৰতি গুৰুত্ব দিয়া বিষয়টোৱেও প্ৰাচীন তামিল দেশত নাটক এবিধ উপাদেয় আৰু প্ৰশংসাৰ্হ কলা আছিল বুলি বুজিব পাৰি৷ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ব্যাকৰণ সম্পৰ্কীয় তোল্‌কাপ্‌পিয়ম- পুথিত সাধাৰণ লোকৰ আঠ প্ৰকাৰৰ অনুভূতি সাপেক্ষে  আঠটা ৰসৰ আলোচনাৰ ক্ষেত্ৰত যাত্ৰা বা যাত্ৰাভিনয়ৰ পৰম্পৰাৰ বিষয়েও আলোচনা কৰিছে৷ এই পুথিৰ ‘মেয়্‌প্‌পাটটিয়ল’  অংশত এইবোৰ বিষয়ৰ ব্যাখ্যা আছে৷ ‘মেয়্‌প্‌পাটটিয়ল’ অংশৰ অধ্যয়নে এই কথা স্পষ্টভাৱে বুজায় যে ৰচকে নাটকীয় কলাৰ দিশৰ পৰাই এই সাহিত্যিক ৰস সমূহৰ ব্যাখ্যা কৰিছিল৷ প্ৰাচীন কালত নৃত্যৰ লগত একেলগে নাটকৰো বিকাশ হৈছিল৷ এই দুয়োবিধ কলা যিহেতু বহুক্ষেত্ৰত সদৃশ আছিল; সেয়ে ‘তোল্‌কাপ্‌পিয়ম’ আদি পুথিত নৃত্য সম্পৰ্কত বিশেষ কথা বেলেগকৈ আলোচনা কৰা হোৱা নাছিল৷ অৱশ্যে ‘চিলপ্‌পদিকাৰম’   আৰু ‘মণিমেখলই’  আদি মহাকাব্যত বিভিন্ন আখ্যানৰ ঘটনাৰ ভিত্তিত গঢ় লৈ উঠা বিভিন্ন প্ৰকাৰৰ নৃত্য আৰু লোকনৃত্যৰ উল্লেখ পোৱা যায়৷ তামিল ভাষাৰ ব্যাকৰণ সম্পৰ্কীয় পুথি আৰু পুৰণি মহাকাব্যত সন্নিৱিষ্ট এইবোৰ উল্লেখে তামিল দেশত পুৰণি কালতেই নাটকৰ প্ৰচলনৰ সাক্ষী দাঙি ধৰে৷ কিন্তু তামিল দেশৰ পণ্ডিতসকলে পুৰণি কবিতাসমূহৰ সংৰক্ষণত যিমান গুৰুত্ব দিছিল; নাটকসমূহৰ সংৰক্ষণত কিন্তু তেনে গুৰুত্ব দিয়া নাছিল৷ ফলস্বৰূপে প্ৰাচীন তামিল সাহিত্যৰ নিদৰ্শন স্বৰূপে ‘চংকম’ নামৰ কবিতাৰ সংকলন যথেষ্ট পৰিমাণে পোৱা যায় যদিও পুৰণি নাট্য-সাহিত্যৰ কোনো এটি সংকলনেই বৰ্তমান পোৱা নাযায়৷ যিসকল সাধাৰণ লোকে দৰ্শক ৰূপত নাটক চাই আনন্দ উপভোগ কৰিছিল; তেওঁলোকে পৰৱৰ্তী পুৰুষৰ বাবে এইবোৰ সংৰক্ষণ কৰি ৰখাৰ যত্ন সমূলি কৰা নাছিল৷

        তামিল ভাষাৰ নাটসমূহক ‘নাটকম্‌’ শব্দেৰে বুজোৱা হৈছিল আৰু এই শব্দই সমাৰ্থকৰূপত নৃত্য আৰু নাটক উভয়কে বুজাইছিল৷ বৰ্ণনাত্মক গীতৰ সৈতে মঞ্চত প্ৰদৰ্শিত নৃত্যকেই ‘নাটকম্‌’ শব্দেৰে বুজোৱা হৈছিল আৰু কিছুদিন আগলৈকে নাটক সদায় নৃত্যৰ লগত সম্পৰ্কযুক্ত আছিল৷ যিসকল কবি ভাষা আৰু সাহিত্য উভয়তে পাৰদৰ্শী আছিল; ‘চিলপ্‌পদিকাৰম’ত উল্লেখিত ৱেত্তিয়ল  আৰু পোতুৱিয়ল  - এই দুই প্ৰকাৰৰ নাটক সম্পৰ্কে যিসকল পৰিচিত আছিল তেনে লোকেই অভিনয় কৰিবলগীয়া নাটৰ মূল পাঠ প্ৰস্তুত কৰিছিল৷

        তামিল সাহিত্যত ‘নাটকম্‌’ শব্দৰ অতি প্ৰাচীন উল্লেখ ‘তোল্‌কাপ্‌পিয়ম্‌’ পুথিতে পোৱা যায়৷ এই পুথিখনে ‘পণ্‌নত্তি’  নামৰ নাটকৰো উল্লেখ কৰে৷ ‘তোল্‌কাপ্‌পিয়ম্‌’ পুথিৰ ভাষ্যকাৰ পেৰাচিৰিয়াৰে ‘পণ্‌নত্তি’ক গীত-সংমিশ্ৰিত এবিধ গদ্য হিচাপে ব্যাখ্যা কৰিছে আৰু এই ক্ষেত্ৰত ৱঞ্চিপ্‌পাটটু , মোতিৰপ্‌পাটটু  আদি নাটকত এই গদ্য পোৱা যায় বুলি উল্লেখ কৰিছে৷ এই নাটকসমূহ মধ্যযুগলৈ চলি আছিল বুলি উল্লেখ পোৱা যায় যদিও; বৰ্তমান সময়ত কিন্তু এইবোৰ নাটক পোৱা নাযায়৷ আনহাতে ‘পুলন্‌’ নামৰ নাটকবিধ আঞ্চলিক উপভাষাত প্ৰদৰ্শিত হৈছিল৷ এই শ্ৰেণীৰ নাটকসমূহে স্বাভাৱিকতে সাধাৰণ জনগণৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল আৰু জনসাধাৰণে আবৃত্তি কৰিব পৰাকৈ এইবোৰৰ বেছিভাগেই গীতৰ আকাৰত উপস্থাপিত হৈছিল৷ তামিল নাট্য সাহিত্যৰ প্ৰথম যুগৰ ৱেত্তিয়ল আৰু পোতুৱিয়ল শ্ৰেণীৰ নাটসমূহ  পাছৰ যুগত লুপ্ত হৈ যোৱাৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ কিছুসংখ্যক পণ্ডিতে ক’ব বিচাৰে যে প্ৰাচীন যুগত তামিল নাটকসমূহৰ লিখিত ৰূপ নাছিল; এই নাটসমূহ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী অন্য এটা প্ৰজন্মলৈ মৌখিক ৰূপতহে চলি গৈছিল৷ কিন্তু এই মন্তব্যৰ সত্যতা দৰাচলতে বিচাৰ্য বিষয়৷

        তামিল ভাষা সাহিত্যৰ বুৰঞ্জীৰ মধ্যযুগত তামিল সাহিত্য কৰ্মসমূহ গদ্য [ইয়ল, কবিতা ,[ইচই] আৰু নাটকম্‌[নাটক - এই তিনিটা বিশেষ ভাগত ভাগ কৰা হৈছিল৷ এইদৰে কৰা বিভাজনৰ ফলস্বৰূপে তামিল ভাষাটো মুত্তমিল নাইবা গদ্য, কবিতা আৰু নাটকৰ তিনি প্ৰকাৰৰ তামিল বুলি জনা গৈছিল৷ তামিল ভাষাৰ ইৰইয়নাৰ কলবিয়ল নামৰ ব্যাকৰণ বিষয়ক পুথিৰ ভাষ্যকাৰে কেইখনমান নাটকৰ নাম উল্লেখ কৰিছে৷ কিছুমান গ্ৰন্থই নাটকীয় পৰম্পৰা আৰু নীতি-নিয়মৰ কথাও ব্যাখ্যা কৰিছে৷ ‘চিলপ্‌পতিকাৰম্‌’ৰ ভাষ্যকাৰ অটিয়াৰ্‌ক্‌কু নল্‌লাৰে তেওঁৰ ভাষ্যত নাটকৰ সৈতে সম্পৰ্কিত কিছুমান ব্যাকৰণ বিষয়ক পুথি যেনে- চয়ন্তম , চেয়িত্ৰিয়ম, মুৰুৱল , মতিৱাণৰ নাটকত তামিল নূল , চেয়নমুৰই , কুণনূল, কূত্তনূল,  পাৰতম , অকট্‌টিয়ম আদিৰ উল্লেখ কৰি ইয়াৰে ভালেকেইখন পুথি হেৰাই যোৱা বুলি কৈ গৈছে৷ এইবোৰৰ ভিতৰত  কূত্তনূল প্ৰকাশিত হৈছে৷ এই পুথিত নৃত্য আৰু নাটকৰ নীতি-নিয়ম আৰু পৰম্পৰা সন্নিৱিষ্ট কৰাৰ বাহিৰেও অভিনয়ৰ অস্তিত্ব, সেইবোৰৰ পৰম্পৰা, অভিনীত নাটৰ প্ৰকাৰ আৰু লগতে  অভিনেতাসকলৰ জনপ্ৰিয়তা আদি সম্পৰ্কত বিভিন্ন মূল্যবান তথ্য প্ৰদান কৰা হৈছে৷ এই পুথিখনে তাৰ উপৰি মঞ্চত পোহৰৰ ব্যৱস্থাৰ বিষয়েও কিছুমান কথা দাঙি ধৰে৷ নাট্যাভিনয় চলি থকা সময়ত মঞ্চত যাতে কোনো প্ৰকাৰে ছাঁ পৰিব নোৱাৰে; সেই ধৰণে মঞ্চখন সজাই তোলা হৈছিল৷ চিলপ্‌পতিকাৰম পুথিত মঞ্চত ব্যৱহৃত তিনি প্ৰকাৰৰ আঁৰ কাপোৰ যেনেঃ ওৰুমুক এলিণি , পোৰুমুক এলিণি  আৰু কৰত্তুৱৰল এলিণিৰ  উল্লেখ কৰিছে৷ ওৰুমুক এলিণি নামৰ আঁৰ কাপোৰখন মঞ্চৰ সমুখৰ এটা মূৰৰ পৰা আনটো মূৰলৈ নি গোটেই মঞ্চখন আৱৰি পেলোৱা হৈছিল৷ দ্বিতীয় প্ৰকাৰৰ আঁৰকাপোৰ পোৰুমুক এলিণি মঞ্চৰ সমুখৰ দুয়োমূৰৰ পৰা নি মাজত মিলাই দিয়া হৈছিল৷ তৃতীয় প্ৰকাৰৰ কৰম্‌তুৱৰল এলিণি মঞ্চৰ সমুখৰ ওপৰ অংশত মেৰাই থোৱা হৈছিল আৰু মেৰ খুলি লাহে লাহে নমাই অনাৰ ব্যৱস্থা কৰা হৈছিল৷

        ‘চিলপ্‌পতিকাৰম’ গ্ৰন্থত ‘ৱালসৰিতই নাটকম’  বুলি উল্লেখিত নাটকত শ্ৰী কৃষ্ণৰ বাল্যজীৱনৰ কাহিনীক বিষয় হিচাপে লোৱা হৈছে৷ পৌৰাণিক ঘটনাক বিষয়বস্তু হিচাপে লোৱা নাটকৰ উদাহৰণ হিচাপে এই নাটকৰ উল্লেখ কৰিব পাৰি৷ সেইদৰে ‘চিবক চিন্তামণি’  মহাকাব্যত ‘ইন্‌নিচইক্‌কূত্তু’  আৰু ‘চৰিতইক্‌কূত্তু’ -নামৰ দুবিধ নাটকৰ উল্লেখ পোৱা যায়৷ ‘চৰিতইক্‌কূত্তু’ৱে বুৰঞ্জীমূলক নাটকৰ কথা বুজায়৷ মহাকাব্যখনত নায়ক চিৱাকনে চুতঞ্চণন নামৰ দেৱ নায়ক এজনৰ সৈতে বন্ধুত্ব স্থাপন কৰি তেওঁৰ সন্মানাৰ্থে এটা মূৰ্তি সজাই তেওঁৰেই জীৱন বুৰঞ্জী লৈ নাটক প্ৰদৰ্শনৰ উল্লেখ আছে৷ মহাৰাজ প্ৰথম ৰাজেন্দ্ৰৰ  চতুৰ্থ বছৰৰ ৰাজত্বকালৰ এখন শিলালিপিত ‘ৰাজৰাজেশ্বৰ নাটকম’  নাটকৰ অভিনয়ৰ উল্লেখ আছে৷ তঞ্জাভুৰ মন্দিৰ নিৰ্মাণৰ বিষয়ক লৈ এই নাটখন ৰচিত হৈছিল৷ ওপৰত উল্লেখ কৰা ব্যাকৰণবিষয়ক পুথিৰ নাট্যতত্ত্ব সম্পৰ্কীয় তথ্য আৰু কাব্য-মহাকাব্যত প্ৰাপ্ত নাটক  আৰু নাটকৰ নাম সম্পৰ্কীয় কথাবোৰৰ পৰা পুৰণি কালতেই যে সাহিত্যিক ৰূপ হিচাপে নাট্য-সাহিত্য সৃষ্টি হৈছিল; সেই কথাৰ প্ৰমাণ পোৱা যায়৷ তদুপৰি সেই সময়তে যে পৰম্পৰাগত পৌৰাণিক কাহিনীৰ উপৰি সমসাময়িক ঘটনাৰ লগতে কিছুমান বুৰঞ্জীমূলক ঘটনাকো নাট্যৰূপ দিয়া হৈছিল সেই কথাও বুজিব পাৰি৷ এইবোৰ উল্লেখৰ পৰা বুজিব পাৰি যে এই নাটকসমূহ মুখে মুখে চলি আহিব পৰা বিধৰ নাছিল৷ সেয়ে সেই সময়ৰ নাটসমূহৰ লিখিত ৰূপ আছিল; কিন্তু কিবা কাৰণত পৰৱৰ্তী প্ৰজন্মৰ বাবে সেইবোৰ সংৰক্ষিত নহ’ল বুলিহে সঠিকভাৱে মন্তব্য দিব পাৰি৷ আনকি বৰ্তমান সময়তো ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে প্ৰকাশিত বহু নাটকো পাবলৈ নোহোৱা হৈ গৈছে৷ এই নাটকবোৰৰ সাহিত্যিক মূল্যৰ মানদণ্ড কম হোৱাটোকেই ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰা হয়৷

        মধ্যযুগৰ নাটকসমূহৰ লিখিতৰূপ হেৰাই যোৱাৰ এই অৱস্থাৰ মাজতেই বিভিন্ন শিলালিপিত প্ৰাপ্ত কিছুমান নাটকৰ নাম এই প্ৰসংগতে উল্লেখ কৰিব পাৰি৷ এই ক্ষেত্ৰতে ‘পুৰাণ নাটকম্‌’, ‘তিৰুমূল নায়ণাৰ নাটকম্‌’ , ‘ৰাজ ৰাজ চোল নাটকম্‌’ -আদি নাটকৰ নামবোৰ পোৱা যায় যদিও; নাটকসমূহৰ বিষয়বস্তু সম্পৰ্কত কোনো কথা জানিব পৰা নাযায়৷

        সপ্তদশ শতিকাৰ সময়লৈকে তামিল নাটকৰ ক্ষেত্ৰত নাট্য তত্ত্ব সম্পৰ্কত নিৰ্দিষ্ট ধাৰণা গ্ৰহণ কৰিব পৰা নগলেও সেই সময়ৰ নাটকৰ পূৰ্বেই উল্লেখ কৰা ৱেত্তিয়ল  আৰু পোতুবিয়ল  - এই নাটক দুই প্ৰকাৰৰ বিষয়ে কিছু কথা ক’ব পৰা যায়৷ নাটক দুবিধৰ এই নাম দুটাৰ পৰা বুজিব পাৰি যে ৱেত্তিয়ল নাটক ৰচিত হৈছিল ৰাজপুৰুষ আৰু অভিজাত শিক্ষিত লোকৰ উপভোগৰ বাবে আৰু আনহাতে পোতুবিয়ল নাটকসমূহ ৰচিত হৈছিল সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে৷ ৱেত্তিয়ল নাটকত বিশেষকৈ প্ৰেমৰ ঘটনাক স্থান দিয়া হৈছিল আৰু সেয়ে এই নাটকক অকম্‌ নাটক বুলি কোৱা হৈছিল৷ আনহাতে পোতুবিয়ল নাটকত প্ৰেম-ভালপোৱাৰ বাহিৰৰ বিবিধ ঘটনাই স্থান লাভ কৰিছিল আৰু সেয়ে এইসমূহ পুৰম্‌ নাট হিচাপে জনাজাত আছিল৷ সংযম আৰু বিশুদ্ধতা আদি বৈশিষ্ট্যৰে সমৃদ্ধ ৱেত্তিয়ল নাটসমূহক ‘চান্তিক্‌কূত্তু’ (নামেৰেও জনা গৈছিল৷ তাৰ বিপৰীতে সাধাৰণ বিষয়বস্তু-ৰূপায়ণ-বৈশিষ্ট্য যুক্ত পোতুৱিয়ল নাটকসমূহক যথাৰ্থভাৱে ৱিনোতক্‌কূত্তু  নাটক নামেৰে জনা গৈছিল৷ ৱেত্তিয়ল নাটকসমূহত উচ্ছপৰ্যায়ৰ চিন্তাশক্তিযুক্ত চৰিত্ৰক স্থান দিয়া বাবে সেই নাটকৰ দৰ্শকো ভিন্ন ৰুচিসম্পন্ন আছিল৷ আনহাতে মানৱজীৱনৰ সাধাৰণ বৈষয়িক ঘটনাৰে পোতুবিয়ল নাটক ৰচিত হৈছিল বাবে এই নাটকবোৰ সাধাৰণ জনগণে অতি সহজে বুজি পাইছিল৷ কোনো কোনো সমালোচকে এই নাটক দুবিধক ক্ৰমে জাপানৰ ‘নোহ্‌’ আৰু ‘কুবুকি’ নাটকৰ সৈতে তুলনা কৰে৷

        [খ] সপ্তদশ-অষ্টাদশ শতিকাৰ তামিল নাটকঃ

        সপ্তদশ-অষ্টাদশ শতিকাৰ সময়ত তামিল ৰাজ্যত লোক নাট্য হিচাপে জনাজাত এক শ্ৰেণী নতুন সাহিত্যৰ উদ্ভৱ হৈছিল৷ এই লোকনাট্য সমূহ আছিল পল্লু, কুৰৱঞ্চি, নোণ্টি  আৰু কীৰ্তনই ৷ এই নাটসমূহ যদিও দেৱ-দেৱী নাইবা ৰজা নাইবা সমাজ-নেতা আদিক সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ৰচিত হৈছিল, তথাপি সমাজৰ নিম্ন, অৱহেলিত আৰু মৰ্যাদাহীন লোকসকলৰ জীৱনকেই এই নাটকসমূহত ৰূপায়িত কৰা হৈছিল৷ বৰ্তমান সময়লৈকে পল্‌লু নাটক ৫৫ খন, কুৰৱঞ্চি নাটক ৬৯ খন আৰু নোণ্টি নাটক ২১খনৰ সম্ভেদ পোৱা গৈছে৷ পল্লু নাটকৰ ভিতৰত মোকণপ্‌পল্লু , মুক্‌কূটৰ পল্লু , চেংকোট্‌টুপপল্লু , তিৰুমলাই মুৰুকন পল্লু , পৰলই ৱিনায়কৰ পল্লু , কতিৰইমলইপ্‌ পল্লু , তিৰুৱাৰূৰ্‌প্‌ পল্লু, ৱৈচিয়প্‌ পল্লু , চেণপকৰামণ পল্লু , কুৰুকূৰ পল্লু , আৰু পোয়্‌কৈপ্‌পল্লু উল্লেখযোগ্য৷ তিৰুক্‌কুত্ৰালক কুৰৱঞ্চি , তিয়াকেচৰ কুৰৱঞ্চি , চৰপেন্তিৰপূপালক কুৰৱঞ্চি , কুম্পেচৰ কুৰৱঞ্চি, অলকৰ কুৰৱঞ্চি , ৱৰুণাপুৰি কুৰৱঞ্চি , বিৰালিমলই কুৰৱঞ্চি,  নৱনিতক কুৰৱঞ্চি আদি কেইখনমান উল্লেখযোগ্য কুৰৱঞ্চি নাটক৷ চীতক্‌কাদি নোন্তি , অইয়নাৰ নোণ্টি ,  তিৰুচ্‌চেন্তূৰ নোণ্টি , পলণি নোণ্টি,আৰু কুণ্‌ৰক্‌কুটি কুমৰণ নোণ্টি  আদি নোণ্টি নাট কেইখনমানো প্ৰসংগক্ৰমে উল্লেখযোগ্য৷

        অষ্টাদশ শতিকাৰ শেষৰ সময়ত আধুনিক গীতি নাটকৰ সদৃশ ‘কীৰ্তনই’  নামৰ এবিধ নাটকৰ উদ্ভৱ হয়৷ এই নাটকত চৰিত্ৰৰ মুখৰ কথাবোৰ পদ্য নাইবা গদ্য ভাষাত দিয়া হৈছিল আৰn বাদ্যযন্ত্ৰৰ সহযোগত আংশিক বা সম্পূৰ্ণ ৰূপত এইবোৰ গোৱা হৈছিল৷ অৰুণাচলক্‌কৱিয়াৰ আৰু কোপালকৃষ্ণ পাৰত্ৰিৰ কীৰ্তনই নাটত আধুনিক গীতি-নাটকৰ দৰে সাংগীতিক আৰু নাটকীয় কলা-কৌশলসমূহ সন্নিৱিষ্ট হৈছিল৷ শ্ৰীমাণিক্‌কৱাচক চামিকল কীৰ্তনই  নামৰ নাটখনো অন্য এখন উল্লেখযোগ্য ‘কীৰ্তনই’৷ কীৰ্তনই নাটকৰ সংখ্যা প্ৰায় তেত্ৰিশখন পোৱা যায় যদিও, এইবোৰৰ ভিতৰত কেৱল উল্লেখ্য তিনিখনহে প্ৰকৃতাৰ্থত নাটকীয় গুণবিশিষ্ট৷ অন্য নাটকসমূহ কেৱল মাত্ৰ স্তুতি গীত¸ কিছুমানৰহে সংগ্ৰহ৷

        পল্লু নাটকঃ

        তামিল দেশৰ লোকসকলৰ খেতি-বাতিয়েই জীৱিকাৰ প্ৰধান অৱলম্বন আছিল বাবে, এই দেশত পৰ্যাপ্ত পৰিমাণে নাট্যধৰ্মী, কৃষক-সংগীত পাব লাগিছিল৷ কিন্তু ইলংকোৰ ‘ চিলপ্‌পতিকাৰম’ত কোনো ধৰণৰ কৃষক-সংগীতৰ উল্লেখ পোৱা নাযায়৷ ইয়াত ভেঁড়াৰখীয়া[আয়ৰ], চিকাৰী[ভেট্‌টুৱৰ], অঘৰী[কুৰৱৰ] আৰু মাছমৰীয়াৰ [পৰতৱৰ্‌] বিষয় সম্পৰ্কিত বহুতো গীতহে পোৱা যায়৷ এইদেশত যোৱা সপ্তদশ শতিকাতহে নাটৰ আৰ্হিত কৃষক-গীতৰ আৰম্ভণিৰ কথা পোৱা যায়৷ এই প্ৰকাৰৰ সাহিত্যিক ধাৰাৰ ভিতৰত প্ৰথম নাট্য-গীত মোকনপ্‌ পল্লু   সপ্তদশ শতিকাত লিখা হৈছিল৷ তামিল ভাষাত ‘পল’ শব্দই নিম্ন জলাহ ভূমি আৰু কৃষি দুয়োটাকে বুজায়৷ সেয়ে ‘পল্লু’ শব্দই কৃষক বিষয়ক লোকগীত বুজায়৷ অৱশ্যে বৰ্তমানে মোকণপ্‌ পল্লুৰ কেইটামান ফাকিহে পোৱা গৈছে৷ এই ফাকিসমূহত কাবেৰী  নদীৰ বানপানীকে ধৰি কৃষিকাৰ্যত ব্যৱহৃত বিভিন্ন গৰু-মহৰ বৰ্ণনা সন্নিৱিষ্ট আছে৷

        বৰ্তমানে প্ৰাপ্ত পল্লুধাৰাৰ সাহিত্য কৰ্মৰ ভিতৰত মুক্‌কূটৰ পল্লু  বিখ্যাত ৰচনা৷ অষ্টাদশ শতিকাৰ সময়ত বসবাস কৰা এগৰাকী বৈষ্ণৱ কবি আছিল ইয়াৰ ৰচক৷ এগৰাকী কৃষকৰ জীৱন-কাহিনীকে ইয়াত নাট্য-ধৰ্মী ৰূপত বৰ্ণনা কৰা হৈছে৷ পণ্‌ণইয়াৰ নামৰ ভূ-স্বামী এজনৰ ঘৰত পল্‌লণ বা কৃষি বনুৱা হিচাপে কাম কৰা লোক এজনৰ কাহিনী ইয়াত পোৱা যায়৷ কৃষি বনুৱা পল্‌লণৰ দুজনী পত্নী আছিল যদিও তেওঁ সৰু পত্নীৰ সৈতেই বেছিভাগ সময় কটাইছিল৷ এই কথাই ডাঙৰ পত্নীক ক্ৰোধান্বিত কৰিছিল আৰু সেয়ে তেওঁ তেওঁৰ স্বামীয়ে সৰু পত্নীৰ লগত সময় কটাই ভূ স্বামীৰ কৃষিকাৰ্যত অৱহেলা কৰা বুলি অভিযোগ দিছিল৷ পণ্‌ণইয়াৰে  তেতিয়া পল্‌লণক মতাই আনি কৰ্তব্যক অৱহেলা নকৰিবলৈ সকীয়াই দিয়ে৷ তেতিয়াৰে পৰা পল্‌লণে কৰ্তব্যত মন-পুতি লাগে যদিও, সৰু পত্নীলৈ থকা গভীৰ মৰমৰ বাবে তেওঁ পুনৰ কৰ্তব্যত অৱহেলা কৰিবলৈ ধৰিলে৷ পল্‌লণৰ এই কথাৰ বাবে ডাঙৰ পত্নীয়ে পুনৰ অভিযোগ দিলে৷ ইয়াৰ বাবে ভূ-স্বামীয়ে পল্‌লণক গোহালিৰ খুঁটা এটাত বান্ধি থৈ শাস্তি দিলে৷ ইৰ্ষান্বিতা ডাঙৰ পত্নীয়ে এইবাৰ স্বামীৰ কষ্ট দেখি অত্যন্ত দুঃখিতা হ’ল৷ তেওঁ স্বামীৰ মুক্তিৰ বাবে ভূ-স্বামীৰ ওচৰত নিবেদন জনালে৷ ডাঙৰ পত্নীৰ আবেদনত মুক্তি লাভ কৰাৰ পাছৰেপৰা পল্‌লণে পুনৰ কামত নিষ্ঠাৰে মনোযোগ দিলে৷ এইদৰে কাম কৰি থাকোঁতে এদিনাখন পল্‌লণক এটা ষাঁড়গৰুৱে ঠেলি খুন্দা মাৰি বগৰাই দিলে৷ ইয়াৰ বাবে পল্‌লণে কিছুদিন ধৰি শয্যাশায়ী হৈ থাকিবলগীয়া হ’ল৷ সুস্থ হৈ উঠাৰ পাছত তেওঁ পুনৰ কামত লাগিল৷ কষ্ট সহ্য কৰি পথাৰত ধান ৰুলে৷ ইয়াৰ বাবে ভূ-স্বামীয়ে তেওঁক খেতিৰ ধানৰ প্ৰাপ্য অংশ দিলে আৰু পল্‌লণে তেতিয়া সেই ধান দুয়ো পত্নীৰ মাজত সমানে ভগাই দিলে৷ কিন্তু ডাঙৰ পত্নীয়ে এইবাৰ স্বামীয়ে তেওঁক তেওঁৰ প্ৰাপ্য উপযুক্ত অংশ দিয়া নাই বুলি ওচৰ-চুবুৰীয়াৰ ওচৰত অভিযোগ দিয়ে৷ সৰু পত্নীয়ে এই কথা সহ্য কৰিব নোৱাৰিলে৷ তেওঁ সতিনীয়েকৰ লগত কাজিয়া আৰম্ভ কৰি দিলে আৰু তেওঁৰ দুৰ্ব্যৱহাৰৰ বাবে গালি পাৰিব ধৰিলে৷ কিন্তু পৰৱৰ্তী সময়ত কাজিয়া-গালি-গালাজ আঁতৰিল, দুয়োজনীৰে মাজত বুজা-বুজি হ’ল আৰু ঘৰলৈ শান্তি ঘূৰি আহিল৷ শেষত দুয়ো পত্নীয়ে লগ হৈ পল্‌লণক প্ৰশংসা কৰিলে৷ মুক্‌কূটৰ পল্লুত এইদৰে কৃষক জীৱনৰ কথা দাঙি ধৰিছে৷ অন্যান্য পল্‌লুতো এনেধৰণৰ কাহিনীৰ বৰ্ণনা পোৱা যায়৷

        সপ্তদশ শতিকাৰ সময়ত তামিল দেশত শৈৱ আৰু বৈষ্ণৱৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰু অৰিয়াঅৰি চলিছিল৷ মুক্‌কূটৰ পল্লুত শৈৱ-বৈষ্ণৱৰ এই কথা বিশেষকৈ পল্‌লণৰ পত্নী দুজনীৰ চৰিত্ৰৰ মাজেৰে প্ৰদৰ্শন কৰা হৈছে৷ এই দুজনী পত্নীৰ এজনী আছিল শৈৱ আৰু আনজনী বৈষ্ণৱ৷ পত্নী দুজনীৰ মাজৰ কাজিয়াত সেয়ে শিৱ আৰু বিষ্ণু-এই দুজন দেৱতাক লক্ষ্য কৰি লোৱা হৈছিল৷ শৈৱ আদৰ্শৰ পত্নীজনীয়ে বিষ্ণুৰ অৱমাননা কৰিবলৈ বিচাৰিছিল আৰু আনহাতে বৈষ্ণৱ আদৰ্শৰ পত্নীয়ে শিৱৰ সমালোচনাত মুখৰ হৈ পৰিছিল৷ কিন্তু মুককূটৰ পল্লুৰ লেখক বৈষ্ণৱ আছিল বাবে বৈষ্ণৱ ভাৱধাৰাকে অধিক গুৰুত্ব দিয়া হৈছিল৷ শিৱ আৰু বৈষ্ণৱ সম্পৰ্কীয় পৌৰাণিক আখ্যান পল্লু গীত নাটবোৰৰ বহুতত পোৱা যায় বুলি ক’ব পাৰি৷ মুককূটৰ পল্লু নাটকত চিন্তু  আৰn কলিপ্‌পা  নামৰ দুবিধ ছন্দৰ প্ৰয়োগ কৰা হৈছিল৷ প্ৰথম শ্ৰেণীৰ ছন্দ সজ্জা সাধাৰণতে লোকগীতত ব্যৱহাৰ কৰা হৈছিল আৰু পৰৱৰ্তী ¸ছন্দ-সজ্জা ব্যৱহূত হৈছিল সাহিত্যত৷ গোটেই ঘটনা চৰিত্ৰসমূহৰ নিজৰ মুখৰ কথাৰে আগুৱাই নিয়া হৈছিল আৰু নাট ৰচকে পশ্চাদ্‌পটত থাকি কাম কৰিছিল৷ লোক নাট্যৰ অন্তৰ্গত হিচাপে এই নাটৰ বেছিভাগ ঘটনাই গ্ৰাম্যজীৱন সম্পৰ্কিত৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা নদীৰ বানপানী, পোহনীয়া জীৱজন্তুৰ প্ৰকাৰ, বিভিন্ন প্ৰকাৰৰ শস্য, শস্যৰোপণ আৰু উপযুক্ত সময়ত ঘৰলৈ আনি সংগ্ৰহ, খেতিয়কসকলৰ ৰীতি-নীতি আৰু তেওঁলোকৰ কথা-বতৰাৰ  ৰীতি আদি বিষয়বোৰ এই নাটকত ৰূপায়িত কৰা হয়৷ পৰৱৰ্তী সময়ৰ পল্লু নাটবোৰ অৱশ্যে সাহিত্যৰ বাবে উপযোগী অকৱল  আৰু ৱেণ্‌পা ছন্দসজ্জাত লিখা হৈছিল৷ ইয়াৰ শৈলীও আছিল সাহিত্যিক, কথিত ভাষাৰ ৰূপৰ প্ৰয়োগ নাছিল৷ সেইফালৰপৰা এই নতুন পল্লু নাটবোৰত বাস্তৱতাৰ অভাৱ ঘটিছিল৷ এইবোৰৰ বাহিৰেও অন্য ধৰণৰ পল্লু কিছুমান অঞ্চল বিশেষৰ জনসাধাৰণে বিচৰা অনুসৰি কোনো একোখন নিৰ্দিষ্ট নগৰ বা একোজন ধনী মানুহৰ প্ৰশংসা কৰিবৰ বাবেও ৰচিত হৈছিল৷ এই ক্ষেত্ৰত এই পল্লুসমূহৰ তলপুৰাণৰ সৈতে সাদৃশ্য আছে৷ তদুপৰি, কিছুমান মন্দিৰৰ শ্ৰেষ্ঠত্ব দাঙি ধৰিবৰ বাবেও পল্লু নাটক উল্লেখযোগ্য৷ এনেবোৰৰ ভিতৰত পৰলই বিনায়কৰ পল্লু  , কতিৰইমলইপ্‌ পল্লু আৰু কুৰুকূৰ্প পল্লু ৰচনা হৈছিল৷ ইৰাম নাটকম  -ৰ ৰচক অৰুণাচলক্‌ কবিৰায়ৰেও  চীৰকালিৰ  মন্দিৰৰ সন্মানাৰ্থে চীৰকালিপ্‌ পল্লু  ৰচনা কৰিছিল৷ এই পল্লু নাটখনৰ কেৱল পাঁচটা পদহে বৰ্তমানে পোৱা গৈছে৷

        পৰৱৰ্তী সময়ত এণ্‌ণইনাৰে-মূক্‌কূটৰ পল্লুৰ সম্পূৰ্ণ নাটকীয় ৰূপ দিয়ে আৰু ইয়াক মুক্‌কূটৰ পল্লু নাটকম্‌ বুলি জনা যায়৷ এইখন মঞ্চোপযোগী কৰিব বিচৰা হৈছিল আৰু দৰ্শক শ্ৰোতাৰ আগ্ৰহ সৃষ্টিৰ বাবে এনেকি ঘটনাৰ বৰ্ণনাকে ধৰি নাটখনত কিছুমান বিষয়ত পৰিৱৰ্তন কৰা হৈছিল৷ মুককূটৰ পল্লুৰ নতুন নাট্যৰূপত এটা নতুন চৰিত্ৰৰো সংযোগ কৰা হৈছিল৷

কুৰৱঞ্চি নাটক

        তামিল দেশত পদ্য ৰূপত লিখা নাটকক ‘কুৰৱঞ্চি’ নাটক বুলি জনা যায়৷ ‘কুৰৱঞ্চি’ শব্দটোৱে কুৰৱৰ [অঘৰী] পৰিয়ালত জন্ম লাভ কৰা এজনী তিৰোতাক বুজায়৷ কুৰৱঞ্চি নাটত কুৰত্তি তিৰোতাই ভৱিষ্যদ্বক্তা ৰূপত বিশেষ ভূমিকা পালন কৰা দেখা যায়৷ এই প্ৰকাৰ নাটকৰ মূল বিষয় হৈছে মানৱীয় প্ৰেম৷ নাটকৰ মূল ঘটনাৰ উল্লেখ এনেদৰে কৰিব পাৰি- নাটকৰ সুন্দৰী যুৱতী নায়িকাই চহৰৰ মাজেৰে যোৱা পদযাত্ৰাত নায়কক দেখা পাই নায়কৰ প্ৰেমত পৰে৷ তাৰ পাছত নায়িকা প্ৰেমিকৰ দুঃখ-বিৰহত ম্ৰিয়মান হৈ পৰে৷ নায়িকাৰ পৰিচাৰিকাই তেওঁক যেতিয়া তেওঁৰ দুঃখ-বেদনাৰ কাৰণ সোধে, তেতিয়া তেওঁ সকলো কথা বিৱৰি কয় আৰু তাৰ পাছত তেওঁৰ প্ৰেমৰ কথা নায়কৰ ওচৰত অৱগত কৰাবলৈ পৰিচাৰিকাক পঠিয়ায়৷ নায়কৰ বাসগৃহলৈ যোৱাৰ সময়ত বাটতে পৰিচাৰিকাই এজনী অঘৰী তিৰোতাক লগ পায় আৰু নায়িকাৰ হাতৰ তলুৱা গণনা কৰিবলৈ তেওঁক নায়িকাৰ ওচৰলৈ লৈ আহে৷ সেই অঘৰী তিৰোতাজনীয়ে ভৱিষ্যদ্বাণী কৰাৰ আগেয়ে ওচৰৰ পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু উৰ্বৰতাৰ বিষয়ে গীত গায়; তাৰ পাছত অতি সাৱধানতা আৰু মনোযোগেৰে নায়িকাৰ হাতৰ তলুৱা গণনা কৰে আৰু নায়কৰ সৈতে তেওঁৰ প্ৰেম-ভালপোৱাৰ পূৰ্ণতাৰ বিষয়ে ভৱিষ্যদ্বাণী কৰে৷ অঘৰী তিৰোতাজনীৰ এই ভৱিষ্যদ্বাণীৰ বাবে তেওঁক বিভিন্ন ধৰণৰ অলংকাৰ আৰু উপহাৰেৰে নায়িকাই সন্তুষ্ট কৰে৷ অঘৰী তিৰোতাজনীয়ে সেইবোৰ পিন্ধি, থকা ঠাইলৈ ঘূৰি যায়৷ সেই অঘৰী তিৰোতাজনীয়ে চৰাই চিকাৰ কৰি থকা তেওঁৰ গিৰিয়েকক বাটতে লগ পায় আৰু নতুন অলংকাৰবোৰ পোৱাৰ কথা বিৱৰি কয়৷ আৰু এইদৰে মধুৰ ইংগিতেৰে নাটকৰ পৰিসমাপ্তি ঘটে৷

        ‘কুৰৱঞ্চি’ নাটকৰ মূল আকৰ্ষণীয় বিষয়টোৱে হৈছে এই নাটকৰ ৰচনাৰীতি৷ ইয়াৰ মূল ঘটনাৰ বাহিৰেও এই নাটৰ আকৰ্ষণীয় বিষয় হৈছে ইয়াত প্ৰয়োগ কৰা বিভিন্ন প্ৰকাৰৰ পদ-গাঁথাসমূহ৷ ইয়াৰ দৃশ্যবোৰৰ মাজতে নাটকৰ চৰিত্ৰসমূহৰ আগমন আৰু গুৰুত্ব দৰ্শক-শ্ৰোতাৰ আগত ঘোষণা কৰিবলৈ বহুৱা চৰিত্ৰৰ অৱতাৰণাও এই নাটৰ মনকৰিবলগীয়া বিষয়৷ এই নাটকৰ সমগ্ৰ ঘটনাৰ বিৱৰণ পদৰ ফাকিৰেই দাঙি ধৰা হয়৷

        কুৰৱঞ্চি নাটসমূহৰ ভিতৰত বিশেষভাৱে সমাদৃত নাট হৈছে তিৰুক্‌কুত্ৰালক কুৰৱঞ্চি ৷ এই নাটকৰ সদৃশ বিষয়বস্তুৰে কুমৰকুৰুপৰৰে মীণাট্‌চি অম্‌মই কুৰম  ৰচনা কৰিছে যদিও, এইখন কিন্তু নাট নহয়৷ আনহাতে, চিবক্‌কোলুন্তু তেচিকৰে  চৰপেন্তিৰপূপালক কুৰৱঞ্চিখন  নাটকৰ আকাৰত ৰচনা কৰিছে৷

        বৰ্তমান সময়তো তিৰ্‌ৰুক্‌কুৰ্‌ৰালক কুৰৱঞ্চি নামৰ নাটখন নাট হিচাপে ৰংগমঞ্চতো অভিনীত কৰা হয় আৰু আকৰ্ষণীয় সাহিত্য কৃতি হিচাপে পাঠো কৰা হয়৷ ইয়াৰ ৰচক তিৰুকূটৰাচপ্‌পক কৱিৰায়ৰে অষ্টাদশ শতিকাৰ সময়ত বসবাস কৰিছিল৷ তেওঁৰ এই উল্লেখনীয় কুৰৱঞ্চিখনত তামিলনাডুৰ বহুদূৰৰ  দক্ষিণৰ কুত্ৰালম  নামৰ নগৰৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা দাঙি ধৰাৰ উপৰি কুৰ্‌ৰালমৰ মন্দিৰৰ আৰাধ্য দেৱতা শিৱৰ প্ৰশংসাসূচক গীতো সন্নিৱিষ্ট কৰিছে৷

নোণ্টি নাটকম

        সপ্তদশ-অষ্টাদশ শতিকাৰ ভিতৰত ব্যংগাত্মক আৰু হাস্যৰসাত্মক নাটক কিছুসংখ্যকো ৰচিত হৈছিল৷ অৱশ্যে এই নাটকসমূহৰ হাস্য-ব্যংগৰ বিষয় দেৱ-দেৱী বা ধনী লোক নাছিল৷ দুখীয়া লোকসকলৰ নৈতিক …লনহে এইবোৰ নাটকৰ হাস্য ৰগৰৰ বিষয় আছিল৷ কোনো বেশ্যা নাৰীৰ সৈতে জীৱন-নিৰ্বাহ কৰি ৰোগগ্ৰস্ত হৈ খোৰা হোৱা লম্পট লোকৰ জীৱনহে এই নোণ্টি নাটকসমূহৰ যোগেদি সাধাৰণতে দাঙি ধৰা হৈছিল৷ উদাহৰণ স্বৰূপে চীতক্‌কাতি নোণ্টি  নাটকত এজন খোৰা ডকাইতৰ পৰিবৰ্তিত জীৱন-কাহিনী বৰ্ণনা কৰা হৈছে৷ এই লম্পট লোকজনে প্ৰথমতে অসৎ পথেৰে জীৱন নিৰ্বাহ কৰি পাছত মক্কা তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল৷ মক্কা তীৰ্থ ভ্ৰমণৰ অন্তত তেওঁৰ খঞ্জতা নোহোৱা হৈছিল আৰু সুস্থ-ভৰিৰে তেওঁ উভতি আহিছিল৷ নোণ্টিক চিন্তু নামে জনাজাত চিন্তু ছন্দসজ্জাত ৰচিত এই নাটকত প্ৰখ্যাত পৰহিতৈষী ব্যক্তি চীতক্‌কাইৰ সময়ত বসবাস কৰা ডকাইত এজনৰ বাস্তৱ কাহিনীৰ বৰ্ণনা কৰা হৈছে৷ অষ্টাদশ শতিকাত মাৰিমুত্তুপ পুলৱৰে তিৰুক্‌কচ্‌চূৰ নোণ্টি  নাটকম ৰচনা কৰি খ্যাতি অৰ্জন কৰিছিল৷ সেই সময়ত ৰচিত নোণ্টি নাটকম্‌সমূহৰ ভিতৰত অইয়ণাৰ নোণ্টি নাটকম অসংখ্য লোকৰ দ্বাৰা সমাদৃত আৰু প্ৰশংসিত হৈছিল৷

        সপ্তদশ-অষ্টাদশ শতিকাৰ তামিল দেশত নাটসমূহত বিদেশী প্ৰভাৱ মুক্ত নিৰ্ভেজাল তামিল নাটকৰ ৰূপ পোৱা যায়৷ মূলতঃ এই নাটকবোৰ আছিল সংগীত নাটক; যিবোৰক একে সময়তে গীত হিচাপে গাবও পৰা গৈছিল আৰু অভিনয় কৰিবও পৰা গৈছিল৷

        এই নাটকবোৰ আছিল বৰ্ণনাত্মক বৈশিষ্ট্য সম্পন্ন; অৰ্থাৎ নাটৰচকে নাটকৰ পৰিচয়দানৰ লগতে নাটকৰ চৰিত্ৰসমূহৰ পৰিচয়ো দাঙি ধৰিছিল৷ তাৰ পাছত চৰিত্ৰসমূহে নাটকৰ কাৰ্যাৱলী আগবঢ়াই লৈ গৈছিল৷ নাটকৰ ঘটনাসমূহৰ সম্পৰ্ক মিলাবলৈ নাট ৰচোঁতাই মাজে মাজে নাটকৰ মাজত ওলাই ঘটনাৰ বিষয়ে দৰ্শকক বুজাই  দিছিল৷ পুৰণি তামিল নাটসমূহ এনেধৰণৰ বৈশিষ্ট্য সম্পন্ন আছিল বাবে পাশ্চাত্য নাট্যধাৰাৰ সৈতে পৰিচিত লোকে এই পুৰণি তামিল নাটসমূহক পদ্যত লিখা বৰ্ণনাত্মক কাহিনী বুলি ভুল ধাৰণা গ্ৰহণ কৰে৷ সপ্তদশ-অষ্টাদশ শতিকাৰ এই তামিল নাটসমূহক কিছুদিন আগলৈকে ‘চিত্ৰিলক্‌কিয়ংকল’ শ্চ minor literature) নামৰ সাধাৰণ শ্ৰেণীৰ কবিতাৰ সৈতে অন্তৰ্ভুক্ত কৰি লোৱাৰ কাৰণো এয়াই বুলি কোৱা হয়৷

        সপ্তদশ-অষ্টাদশ শতিকাৰ এই পল্‌লু, কুৰৱঞ্চি, নোণ্টি আৰু কীৰ্তনই নাটকবোৰৰ সাধাৰণতে নিৰ্দিষ্ট নিজ নিজ ৰূপ আৰু আৰ্হি আছে যদিও, কেতিয়াবা কেতিয়াবা গঠন আৰু ঘটনাৰ ক্ষেত্ৰত সামান্য পৰিৱৰ্তন দেখা যায়৷ উদাহৰণ স্বৰূপেঃ তিৰুৱাৰূৰ্‌প্‌পল্লু  আৰু কুৰুকূৰ্‌প্‌পল্লু শ্চ নাটকত নায়কে নাঙলৰ লোৰ জোঙটোৰে নিজকে আঘাত কৰিছে৷ অন্য পল্লু নাটকত পোৱাৰ দৰে তেওঁক ষাড় গৰুৱে আক্ৰমণ কৰা নাই৷ ‘কতিৰইমলইপ্‌পল্লু’ নাটকত কৃষিকৰ্মী পল্লণৰ দুয়োজনী পত্নীয়ে সুমীমাংসালৈ অহাৰ সলনি দুয়োকো শান্ত কৰিছে মধ্যস্থতাকাৰী হিচাপে কাম কৰি তদাৰক কৰোঁতাজনেহে৷ সেইদৰে কুৰুকূৰ্‌প্‌পল্লু আৰু তিৰুমলাই মুৰুকণ পল্লুত  সন্নিৱিষ্ট নিচুকনি গীত আৰু কুম্‌মি  গীতস¸মূহ, ৱৈচিয়প্‌ পল্লুত অন্তৰ্ভুক্ত বানাক্ৰান্ত নদীত নৌকা বাই যোৱা আৰু কণ্‌ণুটইঅম্‌মণ পল্লুত নতুন পুখুৰী খন্দা আদিবোৰ নতুন সংযোজন৷ কিন্তু কেৱলমাত্ৰ এই সাধাৰণ ব্যতিক্ৰমৰ বাহিৰে অন্য সকলোবোৰ বিষয় পল্লু নাটকত একে ধৰণৰ হোৱা দেখা যায়৷

        কুৰৱঞ্চি নাটসমূহৰ ভিতৰত কুম্‌পেচৰ কুৰৱঞ্চি আৰু তিয়াকেচৰ কুৰৱঞ্চি  নাটকত ৱাচল ৱলম নামৰ এটি বিশেষ বৈশিষ্ট্য দেখা যায়৷

        সাধাৰণতে প্ৰায় সকলোবোৰ নোণ্টি নাটকেই ৰূপ আৰু গঠনৰ ফালৰ পৰা একে ধৰণৰ৷ কিন্তু তিৰুপ্‌পুল্‌লাণি নোণ্টিত ঘটনাৰ সামান্য ব্যতিক্ৰম দেখা যায়৷ পৰম্পৰাগতভাৱে চলি অহা ঘোঁৰা এটা চুৰ কৰাৰ সলনি এজনী ছোৱালী অপহৰণ কৰা আৰু তাৰ লগতে ভূত-প্ৰেত, ডকাইত আৰু সাধু-সন্ন্যাসী-তপস্বীৰ সন্নিৱেশ এই নাটকত ব্যতিক্ৰমৰূপত দেখা যায়৷

        এই নাটসমূহৰ চৰিত্ৰাংকনৰ ক্ষেত্ৰতো বিশেষ ব্যতিক্ৰম দেখা নাযায়৷ নাটসমূহত অতি সীমিত সংখ্যকহে প্ৰধান চৰিত্ৰ পোৱা যায়৷ কৃষিকৰ্মী পল্লণ, তেওঁৰ দুজনী পত্নী আৰু তদাৰক কৰোঁতা পণ্‌ণইক কাৰণ (land lord)- এইকেইজনেই সকলোবোৰ পল্লু নাটকত নাটকৰ প্ৰধান চৰিত্ৰ৷ কুৰৱঞ্চি নাটকৰ প্ৰধান চৰিত্ৰ তিনিটা হৈছে- নায়িকা, এজনী কুৰত্তিআৰু এজন কুৰৱন৷ নোণ্টি নাটকত নোণ্টি নামৰ খোৰা মানুহজনেই নায়ক আৰু তেৱেঁই নিজৰ অভিজ্ঞতাসমূহ আবৃত্তি কৰি যায়৷

        এইদৰে এই নাটকসমূহত ঘটনা, বিষয়বস্তু আৰু চৰিত্ৰাংকনৰ দিশত অতি সাধাৰণ ব্যতিক্ৰমহে দেখা যায়৷ তথাপি প্ৰতিখন নাটকৰে কাব্যিক সৌন্দৰ্য আৰু উৎকৰ্ষতাই নাটবোৰৰ নিজস্ব বৈশিষ্ট্য ৰক্ষা কৰে৷

        এই প্ৰসংগতে পুনৰ উল্লেখযোগ্য যে এই দুই শতিকাৰ সকলোবোৰ নাটকতে বিশেষ সুবিধা লাভৰ পৰা বঞ্চিত নিম্ন শ্ৰেণীৰ লোকৰ জীৱনৰ কথা বাস্তৱ ৰূপত দাঙি ধৰা হৈছে৷ নাটকবোৰ যদিও সzান্ত লোকৰ সন্মান আৰু দেৱ দেৱীক প্ৰশংসা কৰিবৰ বাবে ৰচিত হৈছিল; তথাপি এইবোৰৰ বিষয়বস্তু সাধাৰণ লোকৰ জীৱনৰ পৰাই সংগ্ৰহ কৰা হৈছিল৷ পল্লু নাটকত মাটি চহাই কৃষিকাৰ্য কৰা লোকৰ জীৱন বৰ্ণনা কৰা হৈছে আৰু আনহাতে কুৰ¸ৱঞ্চিত পাহাৰীয়া জনজাতিৰ লোকৰ জীৱন বৰ্ণনা কৰিছে৷ পল্লু নাটসমূহ স্তুতিগীত আৰু শেষৰ দৃশ্যৰ কৃষিকৰ্মী পল্‌লণৰ দুয়োজনী পত্নীৰ মাজৰ কাজিয়াই নাটবোৰত ধৰ্মীয় ভাৱধাৰাৰ পৰশ প্ৰদান কৰে৷ নোণ্টি নাট সমূহত নোণ্টিয়ে তেওঁৰ তীৰ্থযাত্ৰাৰ বৰ্ণনা কৰা প্ৰসংগত তেওঁ উপাসনা কৰা দেৱ-দেৱীৰ প্ৰশংসা আগবঢ়ায়৷ কুৰৱঞ্চি নাটকত নাট্যকাৰে সমদল যাত্ৰাৰ দৃশ্যত দেৱ-দেৱীৰ মাহাত্ম্যৰ কথা দাঙি ধৰে৷ নায়িকাৰ হাতৰ তলুৱা গণনা কৰি থকা সময়ত কুৰত্তিয়ে দেৱ-দেৱীৰ গুণানুকীৰ্তন কৰে৷ এই নাটসমূহৰ অন্যান্য ক্ষেত্ৰত কৃষিকৰ্মী পল্‌লণ, কুৰৱণ্‌ আৰু নোণ্টিৰ দৈনন্দিন জীৱনৰ কথাসমূহ প্ৰত্যক্ষভাৱে ৰূপায়িত কৰা হয়৷

        এই নাটসমূহৰ নায়কবোৰক দৃঢ় ধৰ্মোন্মাদ লোক হিচাপে ৰূপায়িত কৰাটো সাধাৰণ পৰম্পৰা৷ মুক্‌কূটৰ পল্লুত পল্ল-প্ৰধানজনে সেয়ে অলকৰৰ প্ৰতি পূজা আগবঢ়োৱা লোকক ঘৃণাৰ চকুৰে চাইছে৷ পেৰিয় নম্‌পিৰ প্ৰশংসা শুনিব নিবিচৰা লোকৰ কাণবোৰ কাটি পেলাম বুলিও তেওঁ ভাবুকি দিছে৷ তদুপৰি তিৰুৱায়মোলি শিকিব নোলোৱা লোকসকলকো ষাঁড়গৰুৰ দৰে তাড়ণা দিব বুলি তেওঁ সকীয়াই দিছে৷

        সেইদৰে শিৱপূজা নকৰা লোকৰ বাহুৰ শিৰা-উপশিৰাবোৰ টানি উলিয়াই তাৰ পৰা কিন্নৰ সৃষ্টি কৰিব বুলি কুৰৱই শ্চ°প¬ব) অহংকাৰ কৰিছে৷ সেইবোৰ লোকৰ ছালেৰে তেওঁ ঢোল তৈয়াৰ কৰিম বুলিও কৈছে৷ ত্ৰিচেন্দুৰৰ নোণ্টিয়েও(ণ্ঠ৷ক্ষ্মªঠল্গ্য˜ ªথ£ষ্ঠ®গ্গ একেদৰে জৈনসকলৰ মূৰবোৰ কাটি তেওঁৰ ভৰিত বান্ধি থম বুলি কৈছে৷

        এই নাটসমূহ সামাজিক নাটক যদিও, নাটবোৰৰ জৰিয়তে কিন্তু দেৱ-দেৱীসমূহৰ পৰা অফুৰন্ত আশীৰ্বাদ লাভ কৰিবৰ বাবে তেওঁলোকক পূজা কৰিবলৈ দৰ্শক-শ্ৰোতাসকলক আবেদনো জনাইছে৷ কুৰৱঞ্চি নাটকত স্বৰ্গীয় আৰু মানৱীয় দুই প্ৰকাৰৰ প্ৰেম-ভালপোৱাৰ বৰ্ণনা কৰিছে৷ এই নাটকৰ প্ৰথম অংশত সমদল-যাত্ৰাৰে দেৱতাৰ আগমনৰ কথা আৰু নাটকৰ নায়িকাই তেওঁৰ প্ৰেমত পৰাৰ বৰ্ণনা কৰা হৈছে৷ এই সময়তে কুৰত্তিয়ে প্ৰেম বিৰহত কাতৰ নায়িকাক সাbLনা দিবলৈ আহে আৰু স্বৰ্গীয় সুখ শান্তি কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে দৰ্শক শ্ৰোতাক নিৰ্দেশনা দিয়ে৷ নোণ্টি নাটকত নোণ্টিয়েও একেধৰণে কেনেকৈ এজন পৰোপকাৰী লোকে তেওঁক ৰক্ষা কৰিছিল আৰু কিদৰে পাপৰ প্ৰায়শ্চিত্তৰ বাবে দেৱতাৰ চৰণত আশ্ৰয় লবলৈ তেওঁক যাবলৈ নিৰ্দেশ দিছিল এইবোৰ কথাৰ বৰ্ণনা কৰিছে৷ নোণ্টিয়ে অৱশ্যে তেওঁৰ বৰ্ণনাত অৰ্‌ৰুপ্‌পটইৰ বিশেষ মন্দিৰ এটালৈ তেওঁ কৰা তীৰ্থযাত্ৰাৰ সকলোখিনি বিৱৰণ আগবঢ়াইছে৷

        এই সময়ৰ সকলোবোৰ নাটকেই সামাজিক ব্যংগ নাটক হিচাপেও উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ সমাজৰ সকলোবোৰ বেয়া বিষয় ইয়াত ঘৃণা সহকাৰে পৰিবেশন কৰা হৈছে৷ সকলোবোৰ পল্লু নাটকতে ভূস্বামী আৰু কৃষকসকলৰ মধ্যস্থতাকাৰী লোক হিচাপে কাম কৰা পণ্‌ণইক্‌কাৰণক হাস্যৰসিক অভিনেতা চৰিত্ৰ হিচাপে বিবেচনা কৰা হৈছে৷ তেওঁৰ চেহেৰাটোৱে দৰ্শকৰ অন্তৰত হাস্যৰস সৃষ্টিত বিশেষ ভূমিকা লয়৷ মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক দেখি দৰ্শক হাঁহিত ৰ’ব নোৱাৰা হয়৷ কেঁৰা চকু দুটাৰে, ঢোলৰ দৰে পেটটোৰে, কুৎসিত -বিসদৃশ মূৰ আৰু দাঁতবোৰেৰে,ৰঙা লাওৰ নিচিনা বৃহৎ কদাকাৰ এই লোকজন গোনা ম’হ এটাৰ দৰে ঢলংপলংকৈ মঞ্চলৈ আহে৷ এই লোকজনে শূন্যৰ ফালে দৃষ্টি আৰোপ কৰি আহি উপস্থিত হয় আৰু লগে লগে তিৰোতাসকলৰ পিনে কামুক দৃষ্টি নিক্ষেপ কৰে৷

        কৃষিকৰ্মী পল্‌লণৰ দুই পত্নীৰ মাজত কাজিয়া; কুৰৱঞ্চি নাটকত কুৰৱণ আৰু কুৰত্তিৰ মাজৰ কথা বতৰা আৰু নোণ্টিয়ে কৰা দুৰ্ব্যৱহাৰ, অত্যাচাৰ আদি সম্পৰ্কত নিজৰেই স্বীকাৰোক্তি আদি বাকচাতুৰ্য আৰু হাস্যৰসেৰে সিক্ত বৰ্ণনাৰ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি৷

         এই সময়ছোৱাৰ নাটসমূহৰ অন্য এটা গুৰুত্বপূৰ্ণ লক্ষণ হৈছে কট্‌টিয়ংকাৰণ নামৰ চৰিত্ৰৰ অৱতাৰণা৷ কট্‌টিয়ংকাৰণক সাধাৰণতে সংস্কৃত নাটকৰ সূত্ৰধাৰৰ সৈতে ভুলকৈ তুলনা কৰা হয়৷ দৰাচলতে  সূত্ৰধাৰ চৰিত্ৰতকৈ এই চৰিত্ৰ সম্পূৰ্ণভাৱে বেলেগ ধৰণৰ৷ নাটকৰ চৰিত্ৰসমূহ মঞ্চত প্ৰৱেশ কৰাৰ সময়ত দৰ্শকৰ সমুখত তেওঁলোকৰ পৰিচয় জ্ঞাপন কৰি দিয়াটোৱেই এই চৰিত্ৰৰ কাম৷ পৰৱৰ্তী দিনৰ বাটৰ নাটসমূহত অৱশ্যে নাটসমূহ শেষলৈকে চলাই নিয়াৰ দায়িত্ব তেওঁ গ্ৰহণ কৰে৷ তাৰ বিপৰীতে সংস্কৃত নাটকৰ সূত্ৰধাৰে নাটকৰ আৰম্ভণিতে নটীৰ সৈতে মঞ্চত প্ৰৱেশ কৰে আৰু দৰ্শকৰ সমুখত অভিনয় হ’বলগীয়া নাটকৰ পৰিচয় জ্ঞাপন কৰি ৰংগমঞ্চৰ পৰা আঁতৰি যায়৷

        এই সময়ছোৱাৰ সকলোবোৰ নাটকেই বৰ্ণনামূলক কাহিনীৰে বৈশিষ্ট্যযুক্ত বাবে এইবোৰত প্ৰকৃতিৰ বৰ্ণনাৰ বহুতো দীঘল দীঘল প্ৰসংগ পোৱা যায়৷ এইবোৰত আকৌ দৈনন্দিন জীৱনৰ বিভিন্ন বস্তুৰ দীঘলীয়া বিভিন্ন তালিকাও আছে; যিবোৰ তালিকা বৰ্তমানৰ নাট্যসাহিত্যৰ ৰস সাধনৰ দিশেৰে উপযুক্ত নহয় বুলিহে বিবেচনা কৰিব পাৰি৷ পল্লু নাটকসমূহক দৈনন্দিন জীৱনৰ বিভিন্ন বিষয়ৰ বিশিষ্ট শব্দৰ ভঁৰাল বুলি ক’ব পাৰি আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ শস্য-মৎস্য, ষাঁড়গৰু, হাল-নাঙল ইত্যাদিৰ নাম পোৱা যায়৷ কেৱল মুক্‌কূটৰ্‌ পল্লু নাটকখনেই পঁচিশ প্ৰকাৰৰ ধান আৰু তেইশ প্ৰকাৰৰ ষাঁড়গৰুৰ উল্লেখ কৰিছে৷ ৱইয়াপুৰিপ্‌পল্লুতো শ্চ¬বন£¹Kল্প দœশ্ৰী) পঁচপন্ন প্ৰকাৰৰ ধানৰ উল্লেখ আছে৷ এই নাটকসমূহত সমসাময়িক ভূ-স্বামী আৰু পৰোপকাৰী মহান লোকসকলৰ তালিকাও সন্নিৱিষ্ট আছে৷

        একেদৰে কুৰৱঞ্চি নাটসমূহেও চৰাই, আ-অলংকাৰ আৰু পৰোপকাৰী মহান লোকৰ লগতে ভূস্বামীৰ তালিকাও সংযোগ কৰিছে৷ নোণ্টি নাটকতো দৈনন্দিন জীৱনৰ লগত জড়িত বিবিধ বস্তুৰ নাম সন্নিৱিষ্ট আছে৷ এনেকি এইবিধ নাটকত তিৰুকাট্‌টুপ্‌পল্লুৰ পৰা তিৰুচ্‌চেন্তূৰলৈ- এইছোৱা যাত্ৰাপথৰ স্থানসমূহৰ এনে নিৰ্ভুল আৰু যথাযথভাৱে তালিকাভুক্ত কৰিছে যে এই তালিকাক সকলো পৰ্যটকে এখন ভ্ৰমণ নিৰ্দেশনা হিচাপে ব্যৱহাৰ কৰিব পাৰে৷

        এই নাটসমূহত পৰম্পৰাগত পদ্যাত্মক ৰীতিৰ সলনি এবিধ পাতলীয়া অন্য প্ৰকাৰৰ ছন্দ সজ্জাৰ ব্যৱহাৰ কৰা হৈছিল আৰু জনসাধাৰণৰ কথিত ভাষা আৰু জতুৱা ঠাঁচ ব্যৱহাৰৰ যোগেদি এই ছন্দসজ্জা সমৃদ্ধ কৰা হৈছিল৷ সেই দিশৰ পৰা ইয়াক আধুনিক নাটকলৈ অগসৰ হোৱা এটা পদক্ষেপ বুলিব পাৰি৷ এই লোকনাট্যসমূহত জনসাধাৰণৰ উক্তি প্ৰত্যুক্তি যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছিল৷ পল্লু নাটকসমূহত কথিত ভাষাৰ প্ৰয়োগ কৰা হৈছিল যদিও, এই ভাষা অশ¡ীলতাপূৰ্ণ নাইবা একেবাৰে গ্ৰাম্যদোষ দুষ্ট নাছিল৷ কুৰৱঞ্চি নাটকত নিম্ন নিঃসম্বল লোকৰ জীৱন কাহিনী বৰ্ণিত হৈছিল বাবে এই নাটকৰ ভাষাই কোনো কোনো ক্ষেত্ৰত অশ¡ীলতাৰ সীমা স্পৰ্শ কৰিছিল৷  যিয়েই নহওঁক, কথিত ভাষাৰ শব্দৰ ব্যৱহাৰে এই নাটকসমূহ বৰ্ণময় কৰি তুলিছিল৷ নোণ্টি নাটকসমূহতো ৱিৰলিৱিটু তুতু  ঠাঁচত বেশ্যানাৰীসকলৰ সমৰ্থন-অযোগ্য লম্পট কাৰ্য্যৰ বিৱৰণ আছে৷ পৰৱৰ্তী প্ৰজন্মৰ বাবে এইবোৰ নাটক সংৰক্ষণ কৰি নৰখাৰ এইটোও এটা কাৰণ হিচাপে বিবেচনা কৰা হয়৷

        সপ্তদশ অষ্টাদশ শতিকাৰ এই নাটকসমূহৰ সাধাৰণ জনতাৰ ওপৰত ইমানেই প্ৰভাৱ আছিল যে পল্লু, কুৰৱঞ্চি আৰু নোণ্টি নাটকৰ গঠন ভংগীত ঔষধ সম্বন্ধীয়, ধৰ্মসম্বন্ধীয় আৰু অন্যান্য বিষয়লৈয়ো কিছুসংখ্যক নাটক ৰচিত হৈছিল৷ উদাহৰণ স্বৰূপে তিৰুনীলকণ্ট নায়ণাৰ পল্লু আৰু ৱৈত্তিয়প্‌পল্লু নাটক ঔষধ সম্পৰ্কীয় বিষয় লৈ ৰচিত৷

        তামিল দেশৰ অষ্টাদশ শতিকাৰ নাটকৰ ক্ষেত্ৰত অৰুণাচলক কবিৰায়ৰ  [১৭১২-১৭৭৯] নামো মনকৰিবলগীয়া৷ কবিৰায়ৰে চীকালিৰ মন্দিৰৰ বিষয়ে এখন পুৰাণম্‌ আৰু কোৱাইও  ৰচনা কৰিছিল৷ ৰামায়ণ মহাকাব্যৰ প্ৰতি প্ৰভূত সমাদৰ আৰু আগ্ৰহ থকা কবিৰায়ৰে ৰামায়ণৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কেইখনমান পুথিও ৰচনা কৰিছিল৷ এইক্ষেত্ৰত হনুমান চৰিত্ৰৰ বিষয়ে লিখা পিল্‌লইত্তমিল  উল্লেখযোগ্য৷  কিন্তু ‘ইৰাম নাটকম্‌’  নামৰ নাটখনেহে তেওঁৰ বাবে অপৰিসীম যশস্যা কঢ়িয়াই আনে৷ ‘কীৰ্তন’ আৰ্হিত লিখা এই নাটখন আছিল এখন সংগীত-নাটক আৰু নাটখন ৰচিত হৈছিল জনসাধাৰণৰ কথিত ভাষাত, যাতে সাধাৰণ জনগণে নাটকখন সহজে উপভোগ কৰিব পাৰে৷ নাটকখনত দুটা বিশেষ উপাদান-কল্পনাৰ প্ৰাধান্য আৰু মনোমুগ্ধকৰ ছন্দসজ্জাৰ সমাহাৰ পোৱা যায়; যাৰ বাবে নাটকখনে সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে৷

        মাৰিমুত্তুপ পিল্‌লইৰ অনীতি নাটকখনো অষ্টাদশ শতিকাৰ এখন গুৰুত্বপূৰ্ণ নাটক৷ নাটকখনত কৰ্ণাটকৰ নৱাবৰ শাসকবৰ্গৰ নিষ্ঠুৰতা, অত্যাচাৰ আৰু আনহাতে গবৰ্ণৰ খান চাহিবৰ নিৰপেক্ষ ন্যায়সংগত মনৰ বৰ্ণনা দাঙি ধৰিছে৷

গ] ঊনবিংশ শতিকাৰ নাটক ঃ

        ঊনবিংশ শতিকাৰ সময়ৰ পৰা তামিল নাটকসমূহ এটা নতুন ধাৰাত প্ৰৱেশ কৰে৷ এই শতিকাৰ সময়ত শ শ নাটক ৰচিত হোৱাৰ লগে লগে প্ৰকাশিত আৰু অভিনীতও হয়৷ পূৰ্বৰ পল্লু, কুৰৱঞ্চি আৰু নোণ্টি নাটকৰ লগত খোজ মিলাই এই সময়তো তেৰুক্‌কূত্তু (street play) [বাটৰ নাট] নামৰ এবিধ লোকনাট্যৰ উদ্ভৱ হয় আৰু ইয়ে নাট্যসাহিত্যৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰে৷

        এইখিনিতে মনকৰিবলগীয়া যে সপ্তদশ-অষ্টাদশ শতিকাৰ সময়ত উদ্ভৱ হোৱা লোকনাট্যৰ ৰচনা প্ৰক্ৰিয়া ঊনবিংশ শতিকাতো অব্যাহত থাকে৷ আৱদুল কৰিম চাহাবৰ ‘মতুৰ কবিৰায়ৰ নোণ্টি নাটকম অনন্ত পাৰতি ৰচিত ‘তিৰুৱিটইমৰুতূৰ নোণ্টি নাটকম্‌’  আৰু কন্তচামি পুলৱৰ  ৰচিত তিৰুচ্‌চেন্তূৰ নোি°I , নোণ্টি নাটক হিচাপে উল্লেখযোগ্য৷ সেইদৰে পিৰাণমলইৰ ৱেনৰিমলই কবিৰায়ৰ ৰচিত তিৰুৱিটইমৰুতূৰপ্‌পল্লু , অংকমুত্তুপ পুলৱৰ  পোয়কইপ্‌পল্লু , কৰুত্ত মুত্তু পিল্লাইৰ ৱেলালৰ পল্লু আৰু মুৰুকেচা পণ্টিতৰ ৰচিত তত্তুৱক কুৰৱঞ্চি লগতে দ্ৰৌপদি কুৰৱঞ্চি এই শতিকাৰ সময়ত প্ৰকাশিত আৰু অভিনীত কেইখনমান লোকনাট্যৰ উদাহৰণ৷

        এই শতিকাৰ সময়তে আকৌ নাটকম, ৱিলাচম, ৱাচকপ্‌পা, অলংকাৰম ,  চৰিত্তিৰ নাটকম , মালইয়িট্‌ট নাটকম্‌ , যক্ষ কাণম্‌  আৰু চপা নাটকম  আদি নতুন শ্ৰেণীৰ নাটকৰ উদ্ভৱ হৈছিল৷ এই নাটসমূহ গঠনৰ দিশেৰে একেধৰণৰ আছিল; বিষয়বস্তু নিৰ্বাচনৰ দিশতহে নাটকসমূহৰ পাৰ্থক্য দেখা গৈছিল৷

        বাটৰ নাটসমূহে বিষয়বস্তু গ্ৰহণ কৰিছিল লোক-কাহিনী-গীতি, মহাকাব্য আৰু পুৰণি আখ্যান উপাখ্যান আদিৰ পৰা৷ মতুৰই ৱিৰণ , পৱলক কোটি , আৰৱল্লী  আৰু চূৰৱল্লী  আদি উপকথাৰ বিভিন্ন কাহিনীক এই বাটৰ নাটসমূহত অভিনীত কৰোৱা হৈছিল৷ এই নাটকসমূহতে আকৌ লোক কাহিনী গীতৰ মাজত ইতিমধ্যে সোমাই পৰা কিছুমান বুৰঞ্জীমূলক ঘটনাকো নাট্যৰূপ দি অভিনীত কৰোৱা হৈছিল৷ এই শ্ৰেণীৰ নাটকৰ উদাহৰণ স্বৰূপে তেচিংকু ৰাজনাটকম[১৮৩০] , চোলবিলাচম[১৮৯৮] , মনুনিদি চোল চক্ৰৱৰ্তি  চৰিতপ্‌পা[১৮৮৪] আদি দেখুৱাব পাৰি৷

        ৰামায়ণ-মহাভাৰত এই দুখনি মহাকাব্যৰ লগতে পেৰিয় পুৰাণম্‌ , কন্তপুৰাণম্‌ , তিৰুৱিলইয়াতল পুৰাণম্‌  আদিৰ কাহিনীৰ নাট্যৰূপে সেই সময়ৰ দৰ্শক-শ্ৰোতাক যথেষ্ট আমোদ দিছিল৷ দহবছৰৰ ভিতৰতে ‘ৰামনাটকম’ৰ ছয়টা সংস্কৰণ ওলাইছিল৷ ৰামনাটকম লেখকসকলৰ ভিতৰত পৰচুৰাম মুতালিয়াৰ [১৮৮০] , আৰুমুক মুতালিয়াৰ [১৮৭৩] , চণ্‌মুক মুতালিয়াৰ [১৮৭৭, ১৮৮২] , অৰুণাচল মুতালিয়াৰ [১৮৮০] , চপাপতি পিল্লাই [১৮৯৩] , কন্তপিল্লাই [১৮৪২] , চামিনাতপ পিল্লাই [১৯১৭]  আদি উল্লেখযোগ্য৷

        ঊনবিংশ শতিাকৰ শেষৰ দশকসমূহত নাটকৰ বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত এটা নতুন ভাৱধাৰা দেখা গৈছিল৷ মুত্তুক্‌কুমাৰ পুলৱনাৰ[১৮৯০]  তেৱচকয়ম্‌ পিল্লাই ৱাচকপ্‌পা ,কাশী বিশ্বনাথ মুতালিয়াৰৰ  ,তাচিল্‌টাৰ নাটকম্‌ , তম্পাচ্‌চাৰি ৱিলাচম ,  বেণুকোপলাচ্‌চাৰিৰ[১৮৯৪]  আৰ্য¸ চপা নাটকম্‌  এই নতুন ভাৱধাৰাৰ কেইখনমান সামাজিক নাটকৰ উদাহৰণ৷

        এই শতিকাৰ তামিল নাটকৰ অন্য এটা বিশেষ বিষয় হৈছে গদ্য নাটকৰ প্ৰৱৰ্তন৷ ৰামচামি ৰাজ  ৰচিত প্ৰতাপচ্‌চন্তিৰ বিলাচম্‌[১৮৭৭]  নাটক এই দিশত বাটকটীয়া নাট হিচাপে উল্লেখযোগ্য৷ ইংৰাজী নাটকৰ আৰ্হিত এইখন নাটতেই প্ৰথমতে অংক, দৃশ্য আদিৰ বিভাজন দেখা যায়৷ এই সময়তে ইংৰাজী শিক্ষাত শিক্ষিত তামিল বিদ্বান লোকসকলে ভালেমান ইংৰাজী নাটক অনুবাদ কৰিছিল নাইবা তামিল সমাজৰ লগত মিলাই ইংৰাজী নাট্য গঠনৰ আৰ্হিত অন্য বহুতো তামিল নাটক ৰচনা কৰিছিল৷ ৱেনুকোপালাচ্‌চাৰিয়াৰ[১৮৭৬] ভেনিচ ৱণিকন:্চ, ৰামচামি অইয়ংকাৰৰ [১৮৮০]  চুকুণচাকৰণ; নাৰায়ণচামি পিল্লাইৰ  ৱেণিৰকালত্তু নল্লিৰুট্‌কনৱু  আদি ইংৰাজ নাট্যকাৰ শ্বেক্‌ছপিয়েৰ ৰচিত নাটকৰ অনূদিত বা নতুন ৰূপৰ নাটকৰ উদাহৰণ৷ সেই সময়তে আকৌ ফৰাচী আৰু গ্ৰীক নাটকৰ ইংৰাজী অনুবাদৰ ওপৰত ভিত্তি কৰিয়ো কিছুমান নাটক ৰচিত হৈছিল৷ অইয়চ্‌চামি মুতালিয়াৰৰ  উলোপী[১৮৯৮] , নাৰায়ণচামি পিল্লাইৰ  মংকল্‌ৱল্লী  আৰু লস্‌মন পিল্লাইৰ  ৱিলনাটকম্‌ এই শ্ৰেণীৰ কেইখনমান নাটক৷

        তামিল নাটকৰ নৱন্যাস যাত্ৰাৰ এই শতিকাৰ নাটকৰ অন্য এটা বৈশিষ্ট্য হৈছে পাশ্চাত্য আৰু সংস্কৃত পণ্ডিতৰ নাট ৰচনাৰ আৰ্হিত ৰচিত পৌৰাণিক বিষয়ৰ নাটসমূহ৷ ভি. কো. চূৰ্য নাৰায়ণ চাস্ত্ৰী ৰচিত  ৰূপাৱতী[১৮৯৬]  কলাৱতী[১৮৯৮] আদি নাটক এই শ্ৰেণীৰ অন্তৰ্গত৷ শ্বেক্‌ছপিয়েৰৰ নাটকৰ দৰে সম্পূৰ্ণ অৰ্থৰ কাব্য-নাটক ৰচনাৰ চেষ্টাও চলিছিল আৰু এনেকুৱা এক সফল প্ৰচেষ্টা আছিল প্ৰোফেছৰ এছ. চুন্তৰম পিল্লাইৰ মণোণ্‌মণিয়ম্‌  নামৰ নাটকখন৷ জনগণক আনন্দ প্ৰদান কৰিবলৈ এই যুগতে অতিনাৰায়ণ অইয়ৰ ৰচিত জনমনোলাচিনিৰ দৰে কিছুসংখ্যক প্ৰহসন নাটো ৰচিত হৈছিল৷ এনেকি এই যুগত মহিলা লেখকেও তামিল নাটক ৰচনাৰ আগ্ৰহ দেখুৱাইছিল৷ ¸ অতিলট্‌চুমি আম্‌মালৰ নাম এই ক্ষেত্ৰত উল্লেখযোগ্য৷ এই যুগৰ শেষৰফালে চংকৰতাস স্বামিকল আৰু চম্‌পন্ত মুতালিয়াৰ  আদি নাট্যকাৰেও নাট ৰচনা আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁলোকে নাট্য-সাহিত্যৰ উন্নতিৰ দিশত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল৷

        এই শতিকাত ৰচিত নাটকৰ বেছি সংখ্যকেই আছিল বাটৰ নাট৷ সেয়ে বাটৰ নাটসমূহৰ ৰূপ আৰু গঠন সম্পৰ্কীয় কিছু কথা চমুকৈ তলত দাঙি ধৰা হ’ল৷

        সাধাৰণতে সকলোবোৰ বাটৰ নাটেই পদ্যৰূপৰ আছিল যদিও সেইবোৰৰ মাজত বুদ্ধিদীপ্ত গদ্যও সিঁচৰতি হৈ আছিল৷ অৱশ্যে পৰৱৰ্তী সময়ৰ নাটকৰ তুলনাত অগ্ৰৱৰ্তী স্তৰৰ নাটকৰ ক্ষেত্ৰত গদ্যাত্মক অংশৰ প্ৰয়োগ অতি কম৷ উদাহৰণ স্বৰূপে এশ ষাঠি পৃষ্ঠাৰ দীঘল ‘অতি পাতুশা নাটকম’ৰ  প্ৰতি পৃষ্ঠাত কেৱলমাত্ৰ চাৰি বা পাঁচটাকৈহে গদ্য শাৰী পোৱা যায়৷ এই ধৰণৰ গদ্যাংশবোৰ ৱচণপ্‌পকুতি  বুলি জনা গৈছিল৷

        সকলোবোৰ বাটৰ নাটেই আছিল বৰ্ণনামূলক কাহিনীযুক্ত৷ নাট ৰচকৰ পাতনি, নাটকৰ আৰম্ভণিৰ প্ৰস্তাৱনা, পাতনিতে ৰচকে নাটকখনৰ বিষয়ে দাঙি ধৰা মূলকথা, নাটকখনৰ বিভিন্ন ঘটনাংশৰ মাজত সমন্বয় সাধন কৰি দেখুৱাবৰ বাবে নাটৰ মাজতেই ৰচকৰ মধ্যস্থতা- এই সকলোবোৰে এই সময়ৰ নাটসমূহক মহাকাব্যিক স্পৰ্শৰে সমুজ্জ্বল কৰি তোলে৷

        এই বাটৰ নাটসমূহত কোনো অংক বা দৃশ্য বিভাজন নাছিল৷ মুথুকৃষ্ণ অইয়াৰৰ  ‘অপ্‌পাৱু নাটকম্‌’ খন  কস্তম্‌  আৰু পাকম্‌ এই দুভাগত বিভক্ত৷ নাট্য সাহিত্যৰ বুৰঞ্জীৰ আগৰছোৱা সময়ত যে মহাকাব্যিক পৰম্পৰা আৰু নাট্য পৰম্পৰা- এই দুটাৰ মাজত বিশেষ পাৰ্থক্য নাছিল, অইয়াৰৰ নাটখনৰ এই বিভাজনে তাকেই সোঁৱৰাই দিয়ে৷

        এই নাটসমূহ বৰ্ণনাত্মক হোৱা কাৰণে, ইয়াৰ ৰচকে মঞ্চৰ প্ৰয়োজন আৰু সীমাবদ্ধতা অনুসৰি তেওঁৰ কল্পনা শক্তি নিয়ন্ত্ৰণ কৰিবলগা হোৱা নাছিল৷ ইয়াৰ দৃশ্যসমূহ সঘনাই স্থানান্তৰিত কৰা হৈছিল আৰু অলংকাৰম্‌’  নাটত পোৱাৰ দৰে আনকি মঞ্চৰ কথা কোনো ধৰণে নভবাকৈয়ে কেবা ঘণ্টাও ধৰি ৰেলগাড়ী ভ্ৰমণৰ বৰ্ণনা কৰিবলৈয়ো নাট্যকাৰৰ স্বাধীনতা আছিল৷

        এই নাটসমূহৰ সকলোবোৰৰেই আৰম্ভণি কৰা হৈছিল তোটয়ম্‌ বা প্ৰাৰ্থনাসূচক গীতেৰে৷ কিছুমান নাটকত আধাডজনতকৈও অধিক প্ৰাৰ্থনাৰ গীত পোৱা যায়৷ তাৰ পাছত ‘আক্‌কিয়োণ কবি’ হিচাপে জনাজাত নাটৰচকৰ পাতনি দাঙি ধৰা হয়৷ কিছুমান নাটত ৰচকে নাটকৰ সাৰাংশও দাঙি ধৰে আৰু সেই নাটক চাই দৰ্শকে কেনেধৰণৰ উপকাৰ লাভ কৰিব সেইবোৰ এফালৰ পৰা এটা এটাকৈ কৈয়ো যায়৷ লেখকে প্ৰথমতে বিনায়কৰ পৰিচয় জ্ঞাপন কৰে আৰু তাৰ পাছত অন্যান্য চৰিত্ৰসমূহৰ পৰিচয় দৰ্শকৰ সমুখত দাঙি ধৰে৷ লেখকৰ এই বিষয়টোকে ‘কণেচৰ তৰু’  বা ‘ৱিনায়কৰ  কৱি’  বুলি জনা যায়৷ বিনায়কৰ নৃত্যৰ সৈতে এই তৰুৱে এটা গীত হিচাপে দৰ্শকক আনন্দ দিয়ে৷ বিনায়কৰ নৃত্যৰ পাছত অভিনেতাসকল মঞ্চত গোট খায় আৰু ৱিনায়কৰ প্ৰতি তেওঁলোকৰ প্ৰাৰ্থনা নিবেদন কৰে৷ তাৰ পাছত বিনায়কে অভিনেতাসকলক নাটক আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে৷

        কিছুমান বাটৰ নাটত কট্‌টিয়ংকাৰণে  দৰ্শক শ্ৰোতাৰ সমুখত চৰিত্ৰসমূহৰ পৰিচয় জ্ঞাপন কৰায়৷ তেওঁৰ ঘোষণাৰ সামৰণি পৰে- জয় জয়, এচ্‌চৰিক্‌কই এচ্‌চৰিক্‌কই, এচ্‌চৰিক্‌কই  পৰাক্‌কু নাইবা জয় জয় এচ্‌চৰিক্‌কই  বা চমুকম্‌ এচ্‌চৰিক্‌কই  ৱেকু পৰাক্‌কু আদিৰ যিকোনো এক বাক্যাংশৰে৷

        বাটৰ নাটৰ ৰচকসকলে ঘটনা আগবঢ়াই নিয়াত নাটকীয় মিতব্যয়িতাৰ প্ৰতি সমূলি মনোযোগ দিয়া দেখা নাযায়৷ আনকি কোনো কোনো নাটকত অপ্ৰাসংগিক বিষয়ৰো বিশদ বৰ্ণনা সংযোগ কৰা হৈছে৷ উদাহৰণ স্বৰূপেঃ ‘ অৰিচ্‌চন্তিৰ ৱিলাচম’ৰ (ঐKক্ষ্মঠল্গণ্ঠপ ত্তফ£ঠল্ড) প্ৰথম বিশ পৃষ্ঠাত মতিতয়ণৰ প্ৰায়শ্চিত্তৰ বৰ্ণনাকেই সন্নিৱিষ্ট কৰা হৈছে৷ অৰিচ্‌চন্তিৰণৰ পত্নী চন্তিৰমতিৰ পিতৃ হৈছে মতিতয়ণ ৷ এনেকুৱা অপ্ৰাসংগিক বৰ্ণনাৰ সংযোগৰ ফলতেই বহুতো বাটৰ নাট অভাৱনীয় ৰূপত দীঘল হোৱা দেখা গৈছে৷

           এই নাটবোৰত কিছুমান সংলাপ বিভিন্ন চৰিত্ৰৰ মুখত একে ধৰণেই পুনৰুক্ত হোৱা দেখা যায়৷ উদাহৰণ স্বৰূপে অৰিচ্‌চন্তিৰ ৱিলাচম নাটকত মতিতয়ণে প্ৰায়শ্চিত্তৰ বাবে বনলৈ যোৱাৰ তেওঁৰ ইচ্ছা প্ৰকাশ কৰিছে৷ সেইবাবে তেওঁ কট্‌টিয়ংকাৰণক মতাই আনি তেওঁক ৰাণীক মতাইআনিবলৈ কয়৷ কট্‌টিয়ংকাৰণে তেতিয়া ৰাণীৰ ওচৰলৈ যায় আৰn ৰজাৰ মুখৰ কথাখিনি একেধৰণে কৈ তেওঁক ৰাজ সভালৈ মতাই আনে৷ ৰাণীয়েও তেতিয়া তেওঁৰ বান্ধৱীৰ কাষলৈ যায় আৰু কট্‌টিয়ংকাৰণে কোৱা সকলোখিনি কথাৰ পুনৰুক্তি কৰে আৰু  ৰজাক চাবলৈ তেওঁ গৈ আছে বুলি কৈ তেওঁৰ কথাৰ সামৰণি মাৰে৷ ৰজাৰ ওচৰলৈ গৈ ৰজাক দেখি কট্‌টিয়ংকাৰণে কোৱা প্ৰতিটো শব্দকেই ৰজাৰ আগত পুনৰুক্তি কৰে আৰু তাৰ পাছত ৰজাই কি বিচাৰে সোধে৷ ৰজাই তেতিয়া নিজ পত্নীক পুনৰ কবলৈ ধৰে যে যোৱা চৈধ্য বছৰ ধৰি তেওঁৰ কোনো শিশু সন্তান জন্মা নাই৷ এইদৰে মতিতয়ণৰ যে কোনো শিশু সন্তান নাই এই সাধাৰণ কথাটোকে বিভিন্ন চৰিত্ৰৰ মুখত সঘনাই কমেও ছবাৰ ধৰি নাটখনত পুনৰুক্তি কৰা হৈছে৷ দৰ্শক শ্ৰোতাই নাটৰ কিছুমান বিষয় মনত ৰখাৰ আশা কৰিয়েই, সেই বিষয়বোৰ সম্পৰ্কত দৰ্শক-শ্ৰোতাৰ ধাৰণা গাঢ় কৰি তুলিবৰ বাবেই নাটৰচক সকলে এই কৌশল গ্ৰহণ কৰিছিল বুলি কোৱা হয়৷

        কিছুমান নাটকত ‘তেচবিচাৰণই’  বিষয়ৰ দুটা বা তিনিটা দৃশ্যও সংযোগ কৰা হৈছে; য’ত ৰজাই প্ৰজাসকলৰ মংগল বিষয়ক কথা মন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰে৷ এনে দৃশ্যবোৰ যথাযথ স্থানত সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত নাটৰচকে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা দেখা নাযায়৷ উদাহৰণ স্বৰূপে নল্‌লতংকাল নাটকমত  পৰম্পৰাগত প্ৰথাৰেই ৰাজ্যৰ সকলো প্ৰজাই সুখ-শান্তি-সমৃদ্ধিৰে বসবাস কৰি আছে নে মন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰিছে৷ মন্ত্ৰীয়ে তেতিয়া সকলো প্ৰজা সুখেৰে বসবাস কৰি আছে বুলিয়েই ৰজাক জনাইছে৷ কিন্তু তাৰ ক্ষন্তেক পাছতেই ৰজাই জনসাধাৰণৰ মাজত চিঞৰ বাখৰ শুনিবলৈ পায়৷ তেওঁলোকে অভিযোগ দিয়ে যে যোৱা চৈধ্যবছৰ ধৰি ৰাজ্যত এটুপিও বৰষুণ পৰা নাই আৰু সমগ্ৰ ৰাজ্যখন দুৰ্ভিক্ষ আৰু মাৰিমৰকে আৱৰি ধৰিছে৷ এনেধৰণৰ অবাস্তৱ দৃশ্য বাটৰ নাটকত সঘনেই দেখা যায়৷

        ‘চকুন্তলই ৱিলাচম্‌’  নাটকত চকুন্তলইয়ে তেওঁৰ প্ৰসৱবেদনাৰ বিষয়ে চিঞৰ বাখৰ কৰি জনাই দিয়াৰ ক্ষেত্ৰত চাৰিটা গীতৰ সংযোগ কৰিছে৷ তেতিয়াই এজনী ধাত্ৰী আহি তেওঁক সাbLনা দিয়ে৷ ধাত্ৰীৰ এই সাbLনাবাণী দুটা পদৰ ফাকিৰে প্ৰকাশ কৰিছে৷ এইদৰে এই বিশেষ দৃশ্যটোৰ বাবে প্ৰায় তেৰটা গীতৰ সংযোগ কৰা হৈছে৷ সেইদৰে কোৱলন কন্নকি নাটকমত পাণ্ড্য ৰজাৰ ৰাণী কোৱিলংকিয়ে কেঁচুৱা এটি জন্ম দিয়াৰ কথা উল্লেখ কৰা হৈছে৷ এই দৃশ্যৰ ক্ষেত্ৰতো চৈধ্যটা গীতৰ সংযোগ কৰা হৈছে৷

        বাটৰ নাটসমূহত ৰচকে নাটৰ শেষলৈকে দৰ্শক-শ্ৰোতাৰ আগ্ৰহ ৰক্ষা কৰিবলৈ কোনো ধৰণৰ যত্ন লোৱা নাছিল৷ নাটৰ আৰম্ভণিতে ৰচকে নাটৰ সাৰাংশ দৰ্শকৰ আগত দাঙি ধৰে নাইবা নাটৰ মাজৰ কোনো সময়ত চৰিত্ৰসমূহৰ কোনো এটাই এই সাৰাংশ আগবঢ়ায়৷ উদাহৰণ স্বৰূপে কোৱলন কন্নকি  নাটকত দেৱীকালিয়ে নাটকৰ প্ৰথমভাগতে আবিৰ্ভুত হৈ কি কি ঘটিব এই সকলোবোৰ বিষয়ে দৰ্শকৰ আগত ভৱিষ্যদ্বাণী কৰে৷ ‘তমিলৰিয়ুম্‌  পেৰুমাল নাটকম’ত  অউৱইয়াৰ  নামৰ চৰিত্ৰটোৱে দৰ্শকৰ আগত পৰৱৰ্তী ঘটনাৰ কথা উপস্থাপন কৰে৷ নাট্যোৎকণ্ঠা সৃষ্টি কৰাৰ সলনি, ইয়ে নাটকৰ সমগ্ৰ ঘটনা দৰ্শকৰ মনত ৰখাত সহায় কৰে৷

        প্ৰায় সকলোবোৰ বাটৰ নাটতেই চৰিত্ৰাংকণ সম্পূৰ্ণ নোহোৱাটোও অন্য এক বৈশিষ্ট্য৷ গোটেই নাটকখনত চৰিত্ৰৰ এটা বিশেষ দিশৰ ওপৰতহে গুৰুত্ব দিয়া হয়৷ উদাহৰণ স্বৰূপে কোৱলন কন্নকি  নাটকমত কন্নকিৰ সতীত্বৰ দিশটোহে মাত্ৰ নাটখনৰ মাজেৰে প্ৰকাশিত হৈছে৷ একেদৰে চাবিত্ৰিৰ নাটকমত চাবিত্ৰিৰ সতীত্বৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হৈছে৷ নাটখনত চৰিত্ৰটোৰ অন্য কোনো দিশেই প্ৰকাশ কৰা নাই৷ সেই একেদৰে প্ৰকলাতনক এজন পবিত্ৰ বিষ্ণু ভক্ত হিচাপে ৰূপায়িত কৰা হৈছে; যিয়ে মাত্ৰ পাঁচবছৰ বয়সতে অতি সুন্দৰ বাগ্মিতাপূৰ্ণ ভাষাৰে দৰ্শনৰ ব্যাখ্যা কৰিবলৈ লৈছে৷

         এই নাটসমূহত সংলাপসমূহ যদিও কাব্যিক ভাষাৰে দিয়া হৈছে; তাৰ লগে লগে অলংকৃত গদ্য ভাষাৰে সেইবোৰ ব্যাখ্যাও কৰি দিয়া হৈছে৷ নাটবোৰত বিভিন্ন কথিত উপভাষাৰ প্ৰয়োগো দেখা গৈছে৷ চকুন্তলইৰ মাতৃ মেণকইয়ে সকলো সময়তে ব্ৰাহ্মণৰ উপভাষাৰে কথা কৈছে৷ তাৰ লগতে হিন্দী আৰু উৰ্দু শব্দও সঘনাই ব্যৱহূত হৈছে৷ এই নাটকসমূহত অশ¡ীল-অশ্ৰাব্য ভাষাৰ প্ৰয়োগো এটা নিয়মিত বৈশিষ্ট্য৷ তৰুকাৱণ ৱিলাচম্‌ নাটকত এনেকি সন্ন্যাসী আদিয়েও অশ¡ীল-অমাৰ্জিত শব্দ ব্যৱহাৰ কৰা দেখা গৈছে৷

        প্ৰায় সকলো বাটৰ নাটকতেই সুখ-মিলনাত্মক পৰিণতি দেখা গৈছে৷ এনেকি কাৰুণ্য প্ৰবাহযুক্ত নাটকতো নাটৰচকে ইচ্ছাকৃতভাৱে দেৱতাৰ উপস্থিতিৰ যোগেদি নাটকৰ শেষত মিলনৰ বতৰা কঢ়িয়াই আনিছে৷ নল্‌ল তংকাল চৰিত্তিৰম্‌ (থ™ফ তষ্ম্ৰ£œ থ£ঢ্ৰল্ড) নাটকত এনে মিলনৰ পৰিণতি দেখুৱাবলৈকে নাট্যকাৰে মৃত লোককো জীৱন্ত ৰূপ দান কৰি নাটৰ সামৰণি মাৰিছে৷

        ঊনবিংশ শতিকাত এইদৰে বহুতো  সংখ্যক বাটৰ নাট¸ ৰচিত হৈছিল যদিও, নাটসমূহৰ বেছিভাগৰেই কিন্তু সাহিত্যিক গুণৰ অভাৱ আছিল৷ এই নাটসমূহৰ ৰচকসকল যেহেতু উচ্ছশিক্ষিত নাছিল; সেয়ে তেওঁলোকে মনোগ্ৰাহী স্থায়ী নাট ৰচনা কৰিবলৈ সমৰ্থ হোৱা নাছিল৷

ঘ] বিংশ শতিকাৰ নাটকঃ

        বিংশ শতিকাৰ আৰম্ভৰে পৰা তামিল নাটকৰ ক্ষেত্ৰখন অধিক সক্ৰিয় হৈ পৰে৷ এই সময়ৰে পৰা বহুসংখ্যক উৎসাহী সাহিত্যিকে নাটৰচনাত একান্তভাৱে আত্মনিয়োগ কৰে৷ চংকৰতাস স্বামিকল , ভি. কো. সূৰিয় নাৰায়ণ শাস্ত্ৰী , চম্পন্ত মুতালিয়াৰ , চিৱচণ্‌মুকম্‌ পিল্লাই , উটুমলই মুত্তুচ্‌চামি কৱিৰায়ৰ  আদি বিশিষ্ট নাট্যকাৰসকলে বিভিন্ন দিশেৰে এই নাট্য-কলা আন্দোলন শক্তিশালী কৰাত যথেষ্ট পৰিমাণে কষ্ট আৰু পৰিশ্ৰম কৰে৷

         এই সময়তে চল্লিছখন তামিল নাটৰ ৰচক চংকৰতাস স্বামিকলে বাটৰ নাটসমূহৰ উন্নতি সাধনৰ চেষ্টাত অগ্ৰসৰ হৈ পৰম্পৰাগত ৰীতিৰ ওপৰত আধুনিক কলা-কৌশলৰ অৱতাৰণা কৰে৷ গদ্যৰ সংলাপৰ মাজে মাজে ছন্দময়ী পদৰ ফাকিৰ সংমিশ্ৰণ; বিভিন্ন দৃশ্যত নাটকৰ বিভাজন আদি-তেওঁৰ নাটকৰ কিছুমান বিশেষ ধৰণৰ মন কৰিবলগীয়া বৈশিষ্ট্য৷

        তামিল নাটকৰ ৰূপ আৰু বিষয়বস্তুৰ দিশত পৰিৱৰ্তন সাধন কৰা অন্য এগৰাকী বিশিষ্ট নাট্যকাৰ হৈছে চম্পন্ত মুডালিয়াৰ৷ চম্পন্ত মুডালিয়াৰেই তামিল নাটকলৈ এটি যুগান্তৰ আনে বুলি কোৱা হয়৷ তেঁৱেই নাট্য সাহিত্যলৈ নতুন সাহিত্যিক সোৱাদ কঢ়িয়াই আনে আৰু দৈনন্দিন জীৱনৰ প্ৰকৃত ৰূপ দান কৰা এবিধ সাহিত্য হিচাপে এইবিধ সাহিত্য গঢ়ি তোলাৰ উপৰি সামাজিক আৰু অন্য প্ৰকাৰৰ বিষয়ৰ সংস্কাৰ সাধনৰ উপযুক্ত আহিলা হিচাপেও নাটকক ৰূপ দিয়ে৷ পূৰ্বৰ নাটকৰ বিসংগতিসমূহ আঁতৰাই তেওঁ পৰিশোধিত ৰূপত নাটক লিখি উলিয়ায়৷ চম্পন্ত মুডালিয়াৰে মুঠতে চৌৰান্নব্বৈ খন নাট ৰচনা কৰিছিল৷ তেওঁৰ নাটসমূহৰ ভিতৰত মনোহৰা  আৰু উত্তমপুত্তিৰণ  আদি বাইশখন মিলনাত্মক নাটক; ইৰু নণ্‌পৰ্‌কল  আৰু কল্‌ৱৰ তলইৱন  আদি চাৰিখন বিয়োগাত্মক নাট; যযাতি আৰু কালবৰিশি আদি তেৰখন পৌৰাণিক নাটক; ৱইকুণ্ট ৱইত্তিয়াৰ  আদি ওঠৰখন প্ৰহসন; চপাপতি আদি নখন ব্যংগাত্মক নাটককে ধৰি জীৱনীমূলক, বিদ্ৰূপধৰ্মী, পুৰণি উপাখ্যানমূলক, অনুবাদ আদি বিভিন্ন প্ৰকাৰৰ নাটক দেখা যায়৷ তামিল নাট্য সাহিত্যত ট্ৰেজেদি নাটকৰ প্ৰৱৰ্তন; প্ৰহসন আৰু বিদ্ৰূপধৰ্মী নাটকৰো প্ৰৱৰ্তন; গদ্যভাষাত নাট ৰচনা; নাটকত গীতৰ প্ৰয়োগৰ দিশত সীমাবদ্ধতা আৰোপ; তিনি বা চাৰিঘণ্টাৰ ভিতৰত নাটকৰ অভিনয় সম্পূৰ্ণ কৰিবৰ বাবে নাটকৰ আকাৰ সীমিতকৰণ- নাট্য সাহিত্যৰ দিশত এইবোৰ বিষয় তেওঁৰ বিশিষ্ট বৰঙণি হিচাপে গ্ৰহণ কৰা হয়৷

        তামিল সাহিত্যৰ বিংশ শতিকাত নাটক সৃষ্টিৰ এই সজাগতা কিছু কিছু সৰু ভাগৰ নাট সৃষ্টিৰ যোগেদিও আত্মপ্ৰকাশ কৰিছিল৷ ভি.কো. চূৰ্যনাৰায়ণ চাস্ত্ৰিৰ  মাণ ৱিজয়ম্‌; চি. এছ. মুত্তুচ্ছামি অইয়ৰৰ  বিম্বনাটম্‌[১৯১৫]; কনকৰাজ অইয়াৰৰ  চিৱাজি ৱিজয়ম্‌  আৰু এ. নটৰাজ পিল্লাইৰ [১৯৩৫] পুকলেন্তি আদি এই সময়ৰ কিছুমান পদ্য নাটক৷

         এই সময়তে গদ্য নাটকৰো এটি সৰু ভাগৰ সৃষ্টি হৈছিল৷ মৰইমলই অটিকলৰ অম্‌পিকাপতি  আৰু অমৰাৱতি, নমচ্ছিৱায় মুতালিয়াৰৰ কিচকণ  আৰু পৃত্ত্বিৰাজ ; এন. জি. কোবিন্তচামি নাট্টাৰৰ  ৰাজেন্তিৰণ  আৰু পৱানন্তম পিল্লাইৰ  পাতুকপট্টাপিসেকম্‌  আদি পাশ্চাত্য আৰ্হিত লিখা কিছুমান এই ভাগৰ গদ্য নাটক আছিল৷

        আধুনিক তামিল নাটকৰ ক্ষেত্ৰত অন্য ভাষাৰ পৰা অনূদিত আৰু তেনে ভাষাৰ নাটৰ বিষয় অৱলম্বনত ৰচিত কিছুমান নাটকো এক বিশেষ সংযোজন৷ এই ক্ষেত্ৰত তামিল সাহিত্যিক সকলে সংস্কৃতৰ কালিদাস আৰু ভাসৰ আৰু ইংৰাজী নাট্যকাৰ শ্বেক্‌ছ্‌পিয়েৰৰ নাট্য সাহিত্যলৈ বিশেষ মনোযোগ দিছিল৷ এই যুগত বহুতো অনুবাদ নাটে-দৰ্শক-পাঠকৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে৷

        এই যুগৰ নাট্য সাহিত্য কৰ্মৰ ক্ষেত্ৰত ‘নাটকৱিয়ল’  নামৰ নাট্যতত্ত্ব গ্ৰন্থৰ ৰচনা আৰু ‘কূত্তনূল’ নামৰ গ্ৰন্থৰ প্ৰকাশ অন্য এক প্ৰধান কৰ্ম৷

        স্বাধীনতা আন্দোলনৰ মধ্যৱৰ্তী সময়ত সেই সময়ৰ সংঘৰ্ষ-প্ৰতিফলিত ৰাজনৈতিক ঘটনা লৈ বহুতো নাটক ৰচিত হৈছিল৷ টি.পি. কৃষ্ণচামি পাৱলৰৰ   কতৰিণ ৱেৰৰি; স্বামিনাত চৰ্মাৰ  তেচপক্তিপাণ পুৰ¸ত্তু ৱিৰণ  আৰn এস. ডি. চুন্তৰমৰ  কৱিয়িন কণৱু  আদি কিছুমান নাটক এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি৷

         স্বাধীনতা প্ৰাপ্তিৰ পৰৱৰ্তী সময়ত সাহিত্য জগতৰ নৱজাগৰণে তামিল নাটককো চুইছিলগৈ৷ এসময়ত তামিল ৰংগমঞ্চত অভিনীত পৌৰাণিক কাল্পনিক নাটকসমূহে এই সময়ত বুৰঞ্জীমূলক নাটসমূহলৈ বাট এৰি দিয়ে৷ এই নাটসমূহত তামিল দেশৰ অতীত গৌৰৱৰ কথা দাঙি ধৰা হৈছিল আৰু সেই কাৰণেই নাটসমূহে সকলোৰে সমাদৰ লাভ কৰিছিল৷ তামিল দেশৰ লোকসকল নৱন্যাসৰ ভাৱধাৰাৰে অনুপ্ৰাণিত হোৱাৰ লগে লগে তামিল লোকসকলৰ মনোবল শক্তিশালী কৰাৰ ক্ষেত্ৰত এই নাটকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ সেয়ে তামিলসকলৰ মাজত এই নাটকৰ চাহিদা যথেষ্ট পৰিমাণে বাঢ়ি গৈছিল৷ অৰু. ৰামনাতনৰ  ৰাজা ৰাজা চোলন: ৰ. ৱেংকটচলমৰ ইময়য়ত্তিল নাম; চক্তি কৃষ্ণচামি ৰচিত ৱেঙকইয়িণ মইন্তণ  আৰু মতুৰই তিৰুমাৰণ ৰচিত, চাণক্‌কিয় চপতম আদি নাটক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত৷

        তামিল দেশত যুক্তিবাদৰ প্ৰসাৰ হোৱাৰ লগে লগে মানুহে পৌৰাণিক কাল্পনিক নাটকসমূহৰ প্ৰতি বিৰূপ মনোভাৱ প্ৰদৰ্শন কৰি সেইবোৰ নাটক গ্ৰহণৰ পৰা আঁতৰি থাকে৷ সেই সময়ত পৌৰাণিক বিষয়ৰ প্ৰতি অনীহাৰ মনোভাৱে পুৰণি পৰম্পৰাক নতুনকৈ ব্যাখ্যাকৰাৰ বাবে সাহিত্যিকক অনুপ্ৰেৰণা যোগায়৷ পুৰণি পৰম্পৰাক নতুনকৈ ব্যাখ্যা কৰা এনেবোৰ নাটকৰ ভিতৰত আৰ. এছ. মনোহৰৰ  লংকেশ্বৰণ:, চি.এন. অণ্‌ণাত্তুৰইৰ  নিতি তেৱাণ ময়ক্‌কম  আৰু এম. আৰ. ৰাধা ৰচিত কিমায়ণম্‌  আদি এই শ্ৰেণীৰ কেইখনমান নাটক৷

        স্বাধীনতাৰ পৰৱৰ্তী সময়ত সামাজিক বিষয়ক লৈ ৰচিত নাটকে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে৷ সমাজৰ সংস্কাৰ সাধনৰ দিশত নাটকক কাৰ্যকৰী আৰু সক্ৰিয় আহিলা হিচাপে বিবেচনা কৰা হয়৷ চি. এন. অণ্‌নাত্তুৰাইৰ , ওৰ ইৰৱু , ৱেলইক্‌কাৰি , ইৰক্‌কম্‌ এংকে , কণ্‌ণায়িৰত্তিণুলকম্‌ আদি; মু. কৰুণানিতিৰ  তূক্‌কুমেটই আৰু নচ্ছুক্‌কোপ্পই , কে. এছ. কৃষ্ণমূৰ্তিৰ  অন্তমান কইতি,তিৰুৱাৰূৰ তংকৰাজনৰৰত্তক্‌কণ্‌ণিৰ  আদি নাটকসমূহ এই শ্ৰেণীৰ নাটক৷

        স্বাধীনতাৰ পৰৱৰ্তী সময়তে আকৌ সমসাময়িক ৰাজনৈতিক সমস্যাকো বিষয় হিচাপে লৈ নাটক ৰচিত হবলৈ ধৰে৷ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত হোৱাৰ লগে লগে শাসনাধিষ্ঠিত ৰাজনৈতিক দলক সমালোচনা কৰিবলৈ বিৰোধী দলসমূহে মঞ্চৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ মু. কৰুণানিতি  ৰচিত কাকিতপ্‌পু , উতয় চুৰিয়ণ , নাণে অৰিৱালি, তিৰুৱলৰ তেচিম পিল্লাই আৰু চো ৰামচামি ৰচিত মহম্মদ বিন তুঘলক  , এনৰু তনিয়ুম ইন্ত চুতন্তিৰ তাকম আদি এই শ্ৰেণীৰ কেইখনমান নাটক৷ পূৰণম ৱিশ্বনাতন , কোমতি ৱিশ্বনাতন  আৰু মৌলি  আদি নাট্যকাৰে এই সময়তে কিছুসংখ্যক মেলোড্ৰামা[ঘটনাসৰ্বস্ব নাটক] আৰু প্ৰহসনো ৰচনা কৰে৷

        ওপৰত উল্লেখ কৰা এই নাটকবোৰৰ উপৰি নৃত্য-নাটিকা আৰু শিশুসকলৰ উপযোগী নাটকো মাজে মাজে ৰচিত হৈছিল৷ একাংক নাটো পোৱা গৈছিল আৰু ৰেডিঅ’ নাটকৰ বেছিভাগেই একাংক নাট্যৰূপৰ আছিল৷ ভি. চমিনাত চৰ্মাৰ  উলকম্‌ পলৱিতম্‌, তি. এন. চুকি চুপ্‌পিৰমণিয়মৰ কাৎসি কংকাৎচিয়ে:, পুৰণম্‌ ৱিশ্বনাতণৰ  কউৰৱ মাপ্‌পিল্‌লাই আদি এই শ্ৰেণীৰ কেইখনমান নাটক৷       

        তামিল সাহিত্যৰ আধুনিক নাটকৰ অধ্যয়নে এই কথা স্পষ্টভাৱে বুজাই দিয়ে যে সমাজ সংস্কাৰ বিষয়ক আন্দোলনৰ ভাৱধাৰা প্ৰচাৰ কৰিবলৈ এই নাটকসমূহক শক্তিশালী সঁজুলি হিচাপে প্ৰয়োগ কৰা হৈছিল৷ সামাজিক বৈষম্য, অনাচাৰ-কদাচাৰ আদিক এই নাটকসমূহে ভালদৰে আক্ৰমণ কৰিছিল৷ সমাজৰ বৰ্ণ-বিভেদ, সম্প্ৰদায় বিভেদ, জুৱা খেল, মদ্যপান আৰু এইবোৰৰ সৈতে সংশি¡ষ্ট অন্য ধৰণৰ অপকৰ্মসমূহ নাটকৰ যোগেদি উপস্থাপন কৰি এখন বৰ্ণ-বৈষম্যহীন, সংহত, সুস্থ সমাজ গঠন কৰাই আছিল নাট্যকাৰসকলৰ উদ্দেশ্য৷

        আধুনিক নাটকৰ ভাষা-ব্যৱহাৰৰ দিশলৈ চালে, ইয়াত  বিভিন্ন শৈলী দেখা যায় যদিও; এই ক্ষেত্ৰত কথিত ভাষাৰ প্ৰচলনৰ দিশতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়৷ সাধাৰণতে একোটা অঞ্চলৰ কলাৰ প্ৰকৃত প্ৰয়োগ কথিত ভাষাতহে পূৰ্ণৰূপত প্ৰতিফলিত হয়৷ এইক্ষেত্ৰত তি. জানকিৰমণ ৰচিত নালু ৱেলি নিলমনাটকত তাঞ্জোৰৰ উপভাষা আৰু চি. এছ. চেল্‌লাপ্‌পা ৰচিত মুৰইপ্‌পেণ নাটকত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ কথিত উপভাষাৰ প্ৰয়োগৰ কথা উল্লেখ কৰিব পাৰি৷ আধুনিক নাটকৰ কিছুমান নাম যেনে Why not, Wait and see, What for, Madras by Night আদিয়েও বৰ্তমান সময়ৰ ভাৱধাৰাৰ প্ৰমাণ কৰে৷ 

        কিছুদিন আগৰে পৰা কাব্য নাটক সৃষ্টিৰ প্ৰতিয়ো কিছুসংখ্যক নাট্যকাৰৰ মন ধাৱিত হোৱা পৰিলক্ষিত হৈছে৷ এ. পলনি  ৰচিত অণিচ্‌চ অটি:, ড॰ এ. এন. পেৰুমল ৰচিত পণি মোলি  আৰু পালমতি; এই যুগৰ কিছুমান কাব্য নাটকৰ উদাহৰণ৷ কিন্তু এই কাব্য নাটকবোৰে সাধাৰণ লোকৰ পৰা সমাদৰ লাভ কৰিবলৈ সমৰ্থ হোৱা নাই৷ কেৱলমাত্ৰ জনগণৰ কথিত আঞ্চলিক উপভাষাৰে পৰিপূৰ্ণ আগৰ শ্ৰেণীৰ নাটক সমূহেহে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷

        বৰ্তমান সময়ত আধুনিক নাট্যকাৰসকলে নাটকক অংক আৰু দৃশ্যত বিভাজন কৰা পুৰণি পৰম্পৰা মানি চলিব নিবিচাৰে৷ বৰ্তমানৰ নাট্যকাৰসকলে একোখন  নাটক গড়ে পঁচিশটাৰ পৰা চল্লিশটামান দৃশ্যৰ মাজেৰে ৰূপায়িত কৰে৷ উদাহৰণ স্বৰূপে তেৰোট্‌টি মকণ  নাটকৰ দৃশ্যৰ সংখ্যা আঠত্ৰিশটা৷ নালুৱেলি নিলম্‌  নাটকত আছে ছাব্বিশটা দৃশ্য৷

        দীঘল পাতনি আৰু স্পষ্ট মঞ্চনিৰ্দেশনা আধুনিক নাটকৰ বাবে নতুন বিষয়৷ ইন্দিৰা পৰ্তসাৰথি  আৰু ড॰ চুন্তৰমৰ  নাটকত এই বিশেষ বৈশিষ্ট্য দেখা যায়৷

        বৰ্তমান সময়ত তামিল নাট্য সাহিত্যই এইদৰে বিভিন্ন পদক্ষেপেৰে আগবাঢ়ি গৈছে যদিও; থিয়েটাৰ জগতৰ সৈতে সম্পৰ্কিত প্ৰতীকধৰ্মী নাটক কিন্তু তামিল সাহিত্যত এতিয়াও প্ৰৱেশ কৰিব পৰা নাই৷ তথাপি মুত্তুচ্‌চামি  ৰচিত নাৰ্‌কালিক্‌কাৰৰ  লগতে ৱিলিকল আদি অতি কমসংখ্যক নাটকে তামিল নাট্য সাহিত্যই যে নতুন পৰীক্ষা নিৰীক্ষাৰ বাবে সাজু হৈছে; সেই কথাৰ প্ৰমাণ দিয়ে৷

        ওপৰত তামিল নাটকৰ উদ্ভৱৰে পৰা বিংশ শতিকালৈ এটি ধাৰাবাহিক আলোচনা কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে যদিও ঊনবিংশ শতিকা আৰু বিশেষকৈ বিংশ শতিকাৰ তামিল নাটকৰ ক্ষেত্ৰত আৰু অলপ কথা এই প্ৰসংগতে দাঙি ধৰা হ’ল৷

        ঊনবিংশ শতিকাৰ শেষৰ সময়ত মহাৰাষ্ট˜ৰ পৰা অহা নাট্য কোম্পানীসমূহে তামিলনাডুত নাট মঞ্চস্থ কৰিবলৈ লোৱা সময়ৰে পৰা তামিল নাটকত নতুন কলা কৌশল প্ৰৱৰ্তন কৰা হয়৷ এই নতুন নাটসমূহত গীতৰ সংখ্যাৰ তুলনাত সংলাপৰ প্ৰয়োগ বৃদ্ধি হবলৈ ধৰে আৰু অভিনেতাসকলৰ অভিনয়ো বহু পৰিমাণে বাস্তৱ হ’বলৈ ধৰে৷ ১৮৯১ চনত স্থাপন হোৱা চুকুণৱিলাচ সভাৰ লগতে অন্য অপেছাদাৰী সভাসমূহেও নতুন কলা-কৌশল গ্ৰহণ কৰি তামিল নাটকৰ বিকাশত বৰঙণি আগবঢ়ায়৷ নাট্যসমাজৰ কাম-কাজৰ সৈতে শিক্ষিত লোক, বহুসংখ্যক স্নাতক ডিগ্ৰীধাৰী লোক আৰু কিছুসংখ্যক অধিবক্তাও জড়িত হৈ পৰে৷ তেওঁলোকৰ হাতত তামিল নাটকে মৰ্যাদা লাভ কৰে৷ তেতিয়াৰে পৰা তিনি বা চাৰিঘণ্টাৰ ভিতৰত অভিনয় সম্পূৰ্ণ হ’বলৈ ধৰে৷ নাটকৰ অভিনয় কাৰ্য আৰু সংলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ গীতৰ সংখ্যা যিমান পৰা যায় কমাই দিয়া হয় আৰু ইয়াৰ ফলস্বৰূপে সংগীতৰ দৰে তামিল নাটকেও সুকুমাৰ কলা এবিধ হিচাপে গৃহীত হয়৷ পম্‌মল চম্পন্ত মুডালিয়াৰ  [১৮৭৩-১৯৬৪] আদিৰ দৰে বিচাৰপতিও নাটকক আধুনিক ৰূপ দান কৰাৰ দিশত আগৰণুৱা হয়৷ মুডালিয়াৰে বহুতো নাটক ৰচনা কৰিছিল আৰু কিছুমান নাটকত তেওঁ অভিনয়ো কৰিছিল৷ তেওঁ আৰম্ভ কৰা চুকুণবিলাচ  সভাই আছিল নাটকীয় কাম-কাজৰ মূল কেন্দ্ৰ৷ এই সভাই অন্য বহুতো অধিবক্তাক আকৰ্ষণ কৰিছিল; আৰু তেওঁলোকো আহি নাট্যাভিনয়ক শক্তিশালী কৰাত অংশ লৈছিল৷ তেওঁলোকৰ কিছুসংখ্যকে শ্বেক্‌ছ্‌পিয়েৰৰ নাটক গভীৰভাৱে অধ্যয়ন কৰি তাৰ কলা-কৌশল গ্ৰহণ ক ৰিছিল৷ তাৰ পাছৰেপৰাই তামিল নাটকৰ গঠনৰ পৰিৱৰ্তন হয়, তামিল নাটক অংক আৰু দৃশ্যত বিভাজিত হয়৷ এই প্ৰসংগতে কেইগৰাকীমান নাট্যকাৰৰ নাট্য-সাহিত্যৰ এটি চমু পৰিচয় দাঙি ধৰা হ’ল৷

        ঊনবিংশ শতিকাৰ শেষৰখিনি সময়ৰ এগৰাকী নাট্যকাৰ পি. চুন্তৰম্‌ পিল্‌লই  [১৮৮৫-১৮৯৭ খ্ৰীষ্টাব্দ]৷ তামিল নাট্য সাহিত্যৰ ক্ষেত্ৰত প্ৰকৃত সাহিত্যিক নাটকৰ অভাৱ অনুভৱ কৰি পিল্‌লইয়ে মনোন্‌মণীয়ম্‌নামেৰে এখন কা ব্য নাট ৰচনা কৰে৷ আকৰ্ষণীয় কাব্য-নাট হিচাপে এই নাটকখনে যথেষ্ট সংখ্যক পাঠকৰ সমাদৰ লাভ কৰে৷ দৰ্শন শাস্ত্ৰৰ অধ্যাপক পিল্‌লই তামিল ভাষা সাহিত্যৰো এগৰাকী পণ্ডিত আছিল৷ প্ৰকৃত কাব্য-নাট সাহিত্যৰ অভাৱ অনুভৱ কৰি তেনে নাট ৰচনাৰ চেষ্টাত প্ৰবৃত্ত হৈয়েই তেওঁ ৰচনা কৰি উলিয়ায় মনোন্‌মণীয়ম্‌ নামৰ নাটখন৷ নাটখনৰ আৰম্ভণিতে ভগৱানৰ প্ৰতি আগবঢ়োৱা স্তুতিগীতে নিজৰ মাতৃভাষা আৰু দেশৰ প্ৰতি লেখকৰ ভালপোৱাৰ কথা প্ৰকাশ কৰিছে৷ তামিল ভাষাৰ ছাত্ৰ সমাজ আৰু বিদ্বান লোকসকলে এই গীতটোক তামিল ভাষাৰ প্ৰশংসাসূচক এটি অন্তৰস্পৰ্শী গীত হিচাপে গ্ৰহণ কৰে৷ নাটখনৰ যোগেদি লেখকে তামিল দেশৰ শ্ৰেষ্ঠত্ব আৰু সাংস্কৃতিক-ঐতিহ্য পৰম্পৰা বৰ্ণনা কৰিছে৷ সংলাপৰ মাজত কিছুমান পুৰণি তামিল প্ৰৱচন তেওঁ অতি সুন্দৰভাৱে সন্নিৱিষ্ট কৰিছে৷ তিৰুক্‌কুৰল আৰু অন্যান্য মহৎ তামিল গ্ৰন্থৰ আদৰ্শও তেওঁ সুন্দৰভাৱে ৰূপায়িত কৰিছে৷ নাটকখনত দেশপ্ৰেমৰ মনোভাৱো সুন্দৰকৈ পৰিস্ফুট কৰা হৈছে৷ নাটকখনৰ কাহিনীৰ ৰূপৰেখা চমুকৈ তলত দিয়া ধৰণৰ৷

        মনোন্‌মণি আছিল পাণ্ড্য ৰজা চীৱকনৰ  একমাত্ৰ কন্যা৷ কুটিলণ্‌ আছিল ৰজাৰ বিশ্বাসঘাতক মন্ত্ৰী আৰু চুন্তৰমুনিৱৰ আছিল তেওঁৰ মহান আৰু সzান্ত গুৰু৷ পাণ্ড্য ৰজাৰ কন্যাক বিয়া কৰাবলৈ বিচাৰিছিল চুবুৰীয়া চেৰ ৰাজ্যৰ ৰজা পুৰুটোত্তমনে৷ পাণ্ড্য ৰাজ্যখনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি বিশেষ মনোযোগী চুন্তৰমুনিৱৰ সেয়ে এই বিয়াখন সম্পন্ন হোৱাৰ প্ৰতি আগ্ৰহী আছিল৷ কিন্তু সেই সময়ত পাণ্ড্য আৰু চেৰ ৰাজ্যৰ মাজত এটা সীমা বিবাদ থকা বাবে এই বিবাহৰ দিশত আশু ব্যৱস্থা ল’ব পৰা নগৈছিল৷ আনহাতে এই একে সময়তে বিশ্বাসঘাতক মন্ত্ৰী কুটিলণে অতি সাৱধানতাৰে তেওঁৰ পুত্ৰৰ সৈতে মনোন্‌মণিৰ বিবাহৰ পৰিকল্পনা কৰি আৰু তাৰ পাছত ছলে-বলে পাণ্ড্য ৰাজ্য নিজৰ হস্তগত কৰি ইয়াৰ ৰজা হবলৈ বিচাৰিলে৷ এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ হিচাপে কুটিলণে সীমা-বিবাদৰ বিষয়টোৰ সুযোগ গ্ৰহণ কৰিলে আৰু ইয়াৰ ফলস্বৰূপে দুয়োখন ৰাজ্যৰ মাজত চূড়ান্ত ৰূপত সশস্ত্ৰ যুদ্ধ আৰম্ভ হ’ল৷ ৰণক্ষেত্ৰত যেতিয়া চীৱকণ হাৰি যোৱাৰ উপক্ৰম হ’ল; তেতিয়া তেওঁ দুষ্ট মন্ত্ৰীজনে আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱত মান্তি  হ’বলগীয়া হ’ল৷ পিতৃৰ এনে দুৰ্দশাগ্ৰস্ত অৱস্থা দেখি মনোন্‌মণিয়ে মন্ত্ৰী পুত্ৰৰ সৈতে বিবাহত সন্মতি দান কৰে৷ সেই ৰাতিয়েই বিবাহ সম্পন্ন কৰিবৰ বাবে স্থিৰ কৰা হ’ল৷ নিৰ্দিষ্ট সময়ত কুটিলণৰ পুত্ৰই তেওঁক মাল্যাৰ্পণ কৰিবলৈ সাজু হ’ল৷ কিন্তু অভাৱনীয় ধৰণে কুটিলণক হাতকেৰেয়া অৱস্থাৰে লৈ পুৰুটোত্তমন তাত আহি উপস্থিত হ’ল৷ মনোণ্‌মণিয়ে তেতিয়া লগে লগে চেৰৰজাৰ মূৰত মাল্যাৰ্পণ কৰিলে আৰু তেওঁৰ স্ব-নিৰ্বাচিত প্ৰেমিকৰ লগত বিয়া হ’বলৈ পাই অত্যন্ত সুখী হ’ল৷

         পি. চুন্তৰম পিল্লইৰ ‘মনোন্‌মণিয়ম্‌ নাটকত যুদ্ধযাত্ৰাৰ সময়ত সৈন্যসকলৰ আগত পাণ্ড্যৰজাৰ বক্তৃতা অতি আৱেগপূৰ্ণ আছিল৷ তেওঁৰ মুখৰ প্ৰতিটো শব্দই পাঠকৰ অন্তৰত দেশপ্ৰেমৰ ভাৱধাৰা জগাই তোলে৷ এই নাটকত বাণি আৰু তেওঁৰ প্ৰেমিক নটৰাজনক মহান চৰিত্ৰ হিচাপে উপস্থাপিত কৰা হৈছে৷ এই দুটা চৰিত্ৰৰ মাজেৰে বহুতো গুৰুত্বপূৰ্ণ সত্য কথা প্ৰকাশ কৰি লেখকে চৰিত্ৰ দুটাক তেওঁৰ মুখপাত্ৰ হিচাপে ৰূপায়িত কৰিছে৷

          বিংশ শতিকাৰ প্ৰথম ভাগত চংকৰতাস চুৱামিকলে বহুতো নাটক ৰচনা কৰাৰ লগতে জনসাধাৰণক নাটক-অভিনয়ৰ প্ৰশিক্ষণ দিবৰ বাবে তামিল দেশৰ প্ৰায়বোৰ ঠায়েই ভ্ৰমণ কৰিছিল৷ তেওঁৰদ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত বহুতেই পৰৱৰ্তী সময়ত তামিল নাট্য জগতত বিখ্যাত হৈ পৰে৷ চংকৰতাসৰ বেছিভাগ নাটকেই পুৰাণ-কাহিনীৰ ওপৰত ৰচিত হৈছিল আৰু নাটকসমূহৰ যোগেদি কিছুমান বিশেষ নৈতিক কথা প্ৰকাশ কৰা হৈছিল৷  সেই সময়ৰ প্ৰথা অনুসৰি সেই নাটকসমূহ পদ্যত লিখা হৈছিল যদিও তাৰ মাজত গদ্যও মিহলাই দিয়া হৈছিল৷ পদ্যত লিখা কথাৰ মূলকথাখিনি গদ্যত পুনৰুক্তি কৰা হৈছিল৷ পদসমূহ সৰ্বজনগ্ৰাহ্য ব্যাকৰণগত পদ্ধতিত লিখা হৈছিল৷ গদ্যাংশসমূহ দীঘল বাক্যৰে পৰিপূৰ্ণ আছিল৷ অভিনেতাসকলে পদ্য আৰু গদ্যাংশসমূহ ভালদৰে বুজি লৈ মনত ৰাখিবলৈ সমৰ্থ নহলে, মঞ্চত সেইবোৰৰ পুনৰুক্তি কৰি অভিনয় কৰাটো অতিশয় টান আছিল৷

        চংকৰতাসে  ভক্তিধৰ্মৰ বিষয় নাটকত সন্নিৱিষ্ট কৰাৰ লগতে পৌৰাণিক বিষয়কো লৈ মানুহৰ মনত সততাৰ ভাৱ জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰিছিল৷ তেওঁৰ পিৰকলাতণ  আৰু চিৰুত্তোণ্‌টৰ ভক্তি নাটকৰ উদাহৰণ আৰু পৱলক্‌কোটি আৰু লৱকুচা  আছিল পৌৰাণিক নাটক৷ এৰাতিৰ ভিতৰতে এশতকৈও অধিকসংখ্যক কবিতাযুক্ত অপিমন্যু নাটক ৰচনা কৰিয়ো তেওঁ কুশলী আৰু দক্ষ নাট্যকাৰ হিচাপে বিশেষ গুৰুত্ব অৰ্জন কৰে৷ তেওঁ চল্লিশখন নাটক ৰচনা কৰিছিল যদিও জীৱিতকালত সেইসমূহ প্ৰকাশ নহ’ল৷ তেওঁৰ মৃত্যুৰ পাছতহে অপিমন্যু চুন্তৰি , চতি চুলোচনা আৰু চতিঅনুচূয়া আদি কেইখনমান নাট প্ৰকাশিত হয়৷

        সেই সময়ৰ পৰম্পৰাগত মঞ্চ পদ্ধতি অনুসৰণ কৰিয়েই চংকৰতাসৰ নাটসমূহ লিখা হৈছিল৷ পুৰণি মূল্যবোধ আৰু নীতি আদৰ্শ প্ৰচাৰ কৰাৰ বাবেই তেওঁ নাট ৰচনা কৰিছিল৷ তেওঁৰ বেছিভাগ নাটকতেই তিৰোতাৰ সতীত্ব আৰু ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছিল৷ নীতিগত ভাৱধাৰাৰে পৰিপূৰ্ণ তিৰুক্কুৰল গ্গ আৰু নালড়িয়াৰ  আদি গ্ৰন্থত সন্নিৱিষ্ট মতাদৰ্শ তেওঁৰ নাটকত মুক্তভাৱে ব্যৱহাৰ কৰা হৈছিল৷

        পূৰ্বেই উল্লেখ কৰা পম্‌মল চম্পন্ত মুডালিয়ৰে  প্ৰায় আধা শতিকা জুৰি তামিল নাটকৰ অগ্ৰগতি আৰু বিকাশৰ বাবে কাম কৰি এইবিধ কলাক এটি সন্মানীয় অৱস্থালৈ আগুৱাই আনিছিল৷ তেওঁ মুকলি কৰা চুকুণবিলাচ সভা সেই সময়ত মাদ্ৰাজ নগৰীত নাট্য কৰ্মৰ এটা প্ৰতিষ্ঠানৰূপে গঢ় লৈ উঠিছিল৷ ইয়াৰ চৌহদত বহুতো নাটকৰ অভিনয় হৈছিল আৰু এইবোৰ নাটকৰ বেছিভাগেই তেওঁ লিখা আৰু পৰিচালনা কৰা আছিল৷ বহুতো অধিবক্তা আৰু অন্যবৃত্তিৰ লোকক তেওঁ নাটকত অভিনয় কৰি সভাৰ কামত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল৷ মুডালিয়াৰে পৰিচালনা কৰা নাটকত অভিনয় কৰাতো বহুতে এটা বিৰল সুযোগ আছিল বুলি বিবেচনা কৰিছিল৷ ১৮৯৩ খ্ৰীষ্টাব্দত মুডালিয়ৰে তেওঁৰ প্ৰথম সামাজিক উপন্যাস পুষ্পৱল্লী ৰচনা আৰু মঞ্চস্থ কৰিছিল৷ ইয়াৰ পাছত তেওঁ নব্বৈখন মৌলিক নাট ৰচনা কৰিছিল আৰু অন্য ভালেকেইখন ইংৰাজী আৰু সংস্কৃত নাটকৰ অনুবাদ কৰিছিল৷ তামিল নাটকৰ দিশত মুডালিয়াৰৰ বাহিৰে এনে মহান দুঃসাহসিক কাম কৰিবলৈ অন্য কোনেও আগবঢ়া নাছিল৷ তেওঁৰ নাটসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য ইৰত্নাৱলি , মনোকৰা , ইৰণ্‌টু নণপৰকল, কলৱৰ, তলইৱণ আৰু ৱেতাল উলকমআদিয়ে সৃষ্টিশীল লেখক হিচাপে তেওঁৰ কৃতিত্ব প্ৰকাশ কৰে৷ বুদ্ধিদীপ্ত আৰু সাধাৰণ হাস্যৰসৰ প্ৰয়োগৰ দিশত তেওঁৰ চপাপতি নাটকখন অপ্ৰতিদ্বন্দ্বী বুলি ক’ব পাৰি৷ মুদলিয়ৰে ইংৰাজ নাট্যকাৰ শ্বেক্‌ছ্‌পিয়েৰৰ মেকবেথ, হেমলেট, মাৰ্চেণ্ট অৱ ভেনিচ, এজ ইউ লাইক ইট  তামিল ভাষালৈ অনুবাদ কৰিছিল৷ তদুপৰি তেওঁ বিক্ৰমোৰ্‌ৱচিয়ম, চাকুন্তলম আৰু মালৱিকাক্‌নিমিত্ৰম আদি সংস্কৃত নাটকো অনুবাদ কৰিছিল৷ তামিল নাট ৰচনা আৰু অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ আগ্ৰহ, অভিজ্ঞতা আৰু সামৰ্থ্য আদি তেওঁ লিখা নাটকত তমিল[তামিল নাটক], নাটকমেতই নিণইবুকল [নাট্য মঞ্চাভিনয়ৰ স্মৃতিৰোমন্থন] আৰু নাটকক কলইয়িল তেৰচ্‌চিপেৰুৱতু এপ্‌পটি?[নাটকীয় কলা কৌশলত কিদৰে বিশেষ দক্ষতা লাভ কৰিব পাৰি?] আদি গ্ৰন্থত স্পষ্টভাৱে প্ৰকাশিত হৈছে৷

        চংকৰতাস চুৱামিকলৰ বিপৰীতে চম্‌পন্ত মুদলিয়াৰে পাশ্চাত্য পৰম্পৰা অনুসৰণ কৰিছিল আৰু আটাইবোৰ নাটকেই গদ্যত ৰচনা কৰিছিল৷ সকলোবোৰ সংলাপেই গদ্যত দিয়া হৈছিল আৰু গীতবোৰ আৱহ সংগীতযোগে উপস্থাপন কৰিছিল৷ সংলাপবোৰ সহজ-সৰল আৰু স্পষ্ট আছিল৷

        বিংশ শতিকাৰ আৰম্ভণিৰ সময়তে মাদ্ৰাজ নগৰীৰ এগৰাকী কলেজ অধ্যাপক চূৰিয়নাৰায়ণ শাস্তিৰিয়ৰেও তামিল নাটকৰ অগ্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ দেখুৱাইছিল৷ তেওঁৰ নাটক ইয়ল  [নাটকৰ নিয়ম] নামৰ পুথিত তামিল নাটকৰ মূল ধাৰণাসমূহ ব্যাখ্যা কৰিছে৷ তেওঁ নিজেও কলাৱতি , ৰূপাৱতি আৰু মানৱিজয়ম আদি মৌলিক নাট ৰচনা কৰিছিল৷ কিন্তু সেই নাটবোৰ মঞ্চাভিনয় কৰিব পৰা নগৈছিল, নাইবা ভালদৰে পঢ়িব পৰাও হোৱা নাছিল৷ নাটসমূহ আওপুৰণি তামিলত ৰচিত হৈছিল বাবে, এইবোৰে মানুহৰ মন আকৰ্ষৰ্¸ণ কৰিব পৰা নাছিল৷ এইসময়তে মৰইমলই  অটিকলে শকুন্তলা নাটকৰ তামিল অনুবাদ কৰিছিল৷ সাহিত্যিক নাটক হিচাপে এইখন সুখপাঠ্য আছিল যদিও, অভিনয়যোগ্য হোৱা নাছিল৷ কবি কম্পনৰ  পুত্ৰ অম্বিকাপতিৰ জীৱন কাহিনীলৈয়ো তেওঁ এখন মৌলিক নাটক ৰচনা কৰিছিল৷

        আধুনিক নাটকৰ ক্ষেত্ৰত কন্তচামি মুদলিয়াৰৰ নাটকসমূহ উপন্যাসৰ নাট্য ৰূপ আছিল৷ এই নাটসমূহ মঞ্চস্থ কৰোঁতে পাশ্চাত্য কলা- কৌশল গ্ৰহণ কৰি তামিল নাটকৰ ক্ষেত্ৰত নতুনত্বৰ প্ৰৱৰ্তন কৰিছিল৷ তেওঁ নাট্যৰূপ প্ৰদান কৰা উপন্যাসসমূহৰ ভিতৰত ইৰাজাম্‌পাল, ইৰাজেন্তিৰা, চন্তিৰকান্তা, মোকণচুন্তৰম্‌গ্গ, আনন্তকিৰnষ্ণণ আৰু মেনকা আদি উল্লেখযোগ্য৷ এইবোৰৰ নাটকীয় ৰূপৰ ক্ষেত্ৰতো উপন্যাসৰ শৈলী ৰক্ষা কৰা হৈছিল৷ নাটসমূহ সফলতাৰে মঞ্চস্থ কৰা হৈছিল৷ পৰৱৰ্তী সময়তো কিছুসংখ্যক লেখকে উপন্যাসক নাট্যৰূপ প্ৰদানৰ ক্ষেত্ৰত মুদলিয়াৰৰ পদ্ধতিকেই অনুসৰণ কৰা দেখা যায়৷

        তামিল নাটকৰ অগ্ৰগতিৰ ক্ষেত্ৰত কেইগৰাকীমান স্বাধীনতা যোদ্ধাৰ বৰঙণিও মন কৰিবলগীয়া৷  এইসকলৰ ভিতৰত পাহৰিব নোৱাৰা লেখকজন হৈছে তি. পি. কিৰুষ্ণচামি পাৱলৰ ৷ তেওঁ কতৰিণ ৱেৱৰি , পম্‌পায়্‌মেয়িল আৰু তেচিয়ককোটি আদি বিদ্ৰোহাত্মক নাটক ৰচনা আৰু মঞ্চস্থ কৰিছিল৷ তেওঁৰ নাটকসমূহে জনসাধাৰণৰ মনত স্বাধীনতাৰ স্পৃহা জাগ্ৰত কৰিছিল৷ স্বাধীনতাৰ যুদ্ধৰ সময়ত নাগপুৰত ৰাষ্ট˜ীয় পতাকা উত্তোলনৰ বিষয়টো লৈয়ে  তেওঁৰ তেচিয়ককোটি নাটখন ৰচিত হৈছিল৷ এই গৰাকী স্বাধীনতা যোদ্ধা নাট্যকাৰে এটি নাট্যদল লগত লৈ গৈ লণ্ডনতো তামিল নাটক মঞ্চস্থ কৰিছিল৷ পাৱলৰৰ অন্য উল্লেখযোগ্য নাটক হৈছে পতিপক্তি আৰু পত্ৰুহৰি৷ তেওঁৰ কেইখনমান বিদ্ৰোহাত্মক নাটকৰ প্ৰচাৰ ব্ৰিটিছ শাসকসকলে বন্ধও কৰি দিছিল৷ যিয়েই নহওঁক পাৱলৰৰ বেছিভাগ নাটকেই জনসাধাৰণৰ মন-প্ৰাণ দেশপ্ৰেমৰ ভাৱধাৰাৰে উজলাই তুলিছিল৷

          নাট্যকাৰ আৰ. ৱেংকতচলমৰ মুতল মুলক্‌কম্‌  নাটখন বীৰপাণ্‌টিঅক কট্‌টপোম্‌মণৰ  বীৰত্বপূৰ্ণ জীৱন-কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত৷ দক্ষিণত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে বিৰোধিতা কৰা শাসক হিচাপে তেৱেঁই আছিল তামিলনাডুৰ প্ৰথমগৰাকী শাসক৷ তেওঁক ইংৰাজ শাসকসকলে ফাঁচি দিয়ে৷ এই সময়তে ৰচিত এখন আৱেগ-ব্যঞ্জিত নাট হৈছে ইময়ত্তিল নাম ৷ এত্তিৰাজুলুৰ অউৱইয়াৰ নাটকখনেও তামিল দেশৰ ঐতিহ্য আৰু সংস্কৃতি আৰু তামিল কবিসকলৰ শ্ৰেষ্ঠত্বৰ বিষয় বৰ্ণনা কৰিছে৷

        চামিনাত চৰ্মাৰ পাণপুৰুত্তু ৱিৰণ  নামৰ নাটখনৰ প্ৰচাৰো ব্ৰিটিছ শাসকসকলে বন্ধ কৰি দিছিল৷ জনগণৰ অন্তৰত দেশ প্ৰেমৰ ভাৱধাৰা জগাই তুলিবলৈ এই নাটকখনে অৰিহণা যোগাইছিল৷

        এই সময়তে বি. এছ. ৰামইয়ায়ো বহুতো সুন্দৰ নাটক ৰচনা কৰিছিল৷ তেওঁৰ বিখ্যাত নাটকসমূহৰ কিছুমান হৈছে তেৰোট্‌টি মকণ্‌, পোলীস্কাৰণ মকল, পিৰচিটেণ্ট পঞ্চাটচৰম্‌ আৰু কইৱিন্নগকু  আদি৷ মহাকাব্য মহাভাৰতৰ কৰ্ণৰ কাহিনীৰ ওপৰত ভিত্তি কৰি তেৰোট্‌টি মকন নাটৰ বিষয়বস্তু গঢ় লৈ উঠিছে৷ ৰথৰ সাৰথি এজনৰ পুত্ৰ হিচাপে  মহাভাৰতৰ কৰ্ণ সকলোৰে পৰিচিত আছিল৷ কিন্তু তেওঁৰ বংশ-পৰিচয়ৰ কথা কেৱল তেওঁ আৰু মাতৃ কুন্তীয়েহে জানিছিল৷ কৰ্ণৰ পত্নী এই বিষয় সম্পৰ্কে জ্ঞাত নাছিল৷ তেওঁ হেঁচাত পৰিহে কৰ্ণৰ সৈতে বিবাহত বহিছিল আৰু ক্ষত্ৰিয় এজনৰ সলনি ৰথচালকৰ পুত্ৰৰ সৈতে বিবাহ হোৱাৰ বাবে দুঃখ-শোকত ভাগি পৰিছিল৷ কৰ্ণৰ বীৰত্ব থকা সত্বেও তেওঁ পত্নীৰ পৰা মৰম আৰু সন্মান পাবলৈ সমৰ্থ হোৱা নাছিল৷ আনকি কৰ্ণই যেতিয়া কৌৰৱৰ সৈন্যদলৰ নেতৃত্ব কৰি যুদ্ধলৈ যাবলৈ ওলাইছিল, তেতিয়াও কৰ্ণৰ পত্নীয়ে ‘আৰত্তি’ সম্পাদন কৰি তেওঁক শুভেচ্ছা জনাবলৈ ওলাই অহা নাছিল৷ যুদ্ধক্ষেত্ৰত কৰ্ণৰ মৃত্যু হোৱাৰ পাছতহে তেওঁ কৰ্ণৰ বংশ পৰিচয়ৰ কথা জানিবলৈ পায় আৰু তেতিয়াহে কৰ্ণক অৱহেলা কৰি তেওঁৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰা বাবে তেওঁ কান্দোনত ভাগি পৰে৷ নাটকখনৰ কাহিনী কল্পনাৰে ভৰপূৰ আৰু অসাধাৰণ কলা কৌশল সমন্বিত৷

        বিংশ শতিকাৰ সময়ছোৱাতে আকৌ মঞ্চৰ উপযোগী বহুতো নৃত্যনাটিকাৰো সৃষ্টি হৈছিল৷ পুৰণি কুৰৱঞ্চি নাটসমূহ অভিনীত হোৱাৰ লগতে আণ্‌টালৰ চৰিত্ৰ কাহিনীৰ ভিত্তিত ৰচিত নৃত্য-নাটিকাও মঞ্চস্থ হৈছিল৷ চকস্ৰনামম্‌ নামৰ দলপতিৰ নেতৃত্বত গঠিত নাট্যদলে পাৰতিয়াৰৰ কাব্য পাঞ্চালি চপতমৰ  কাহিনীক সুন্দৰ নৃত্য-নাটিকাও হিচাপে মঞ্চস্থ কৰিছিল৷ ইলংকোৱদিকল আৰু অউৱইয়াৰ আদি বিখ্যাত কবিসকলৰ জীৱন-কাহিনী লৈয়ো তি. কে. এছ. নাট্যদলে নাটক মঞ্চস্থ কৰিছিল৷ তদুপৰি অন্য বহুকেইজন বিখ্যাত কবি আৰু কম্পৰ  আৰু মাণিক্‌ক্‌ৱাচকৰ  আদি শৈৱ ধৰ্মগুৰুসকলৰ জীৱন-কাহিনীলৈয়ো কণ্‌নপ্‌পৰ  গোষ্ঠী আৰু এম. এছ. টি. সভা আদি নাট্যদলেও বহুতো নাটক মঞ্চস্থ কৰিছিল৷

        বিংশ শতিকাৰ মাজৰখিনি সময়ৰ পৰা বহুতো প্ৰতিশ্ৰুতি সম্পন্ন মেধাবী লেখক চিনেমাজগতৰ সৈতে জড়িত হৈ পৰে৷ এইসকলৰ ভিতৰত ইলংকো, কলইঞৰ কৰুণানিতি  , শ্ৰীতৰআৰু পাণ্‌টুৰংকন  আদি উল্লেখযোগ্য৷ চিনেমাৰ প্ৰয়োজন সাপেক্ষে এই সময়তে বহুতো উপন্যাস নতুনকৈ লিখিবলৈ লোৱা হয় আৰু চিনেমাৰ উপযোগী কৰি এইবোৰৰ নাট্যৰূপ দিয়া হয়৷ চিনেমা জগতে এইদৰে সফল অভিনেতাসকলক আকৰ্ষিত কৰাৰ লগে লগে, নাটকৰ জগতত প্ৰতিভাশালী অভিনেতাৰ অভাৱ অনুভূত হয়৷ নাটকৰ অভিনয়ে যেতিয়া চিনেমাৰ সৈতে প্ৰতিযোগিতাত আগবাঢ়ি যাবলৈ সমৰ্থ নহয় আৰু তাৰ ফলস্বৰূপে যেতিয়া নাট্যজগতখনে অৰ্থনৈতিক দিশতো প্ৰয়োজনীয় লাভৰ পৰা বঞ্চিত হয়; তেতিয়া স্বাভাৱিকতে নাটকৰ বিকাশত বাধা আহি পৰে৷ ফলস্বৰূপে লেখকসকলে নাট ৰচনা কৰিবলৈ অনুপ্ৰেৰণা নোপোৱা হয়৷

        অৱশ্যে, সেই  সময়তে ৰেডিও অনুষ্ঠানে কিন্তু তামিল নাটকৰ বিকাশৰ দিশত ভালেখিনি বৰঙণি যোগায়৷ সেইসময়তে কিছুমান পূৰ্ণদৈৰ্ঘ্যৰ নাটক সঘনাই ৰেডিঅ’ৰ যোগেদি প্ৰচাৰিত হবলৈ ধৰে৷ একাংক নাটসমূহ যেহেতু কম দৈৰ্ঘ্যসম্পন্ন, সেয়ে ৰেডিঅ’ যোগে এই নাটসমূহৰ প্ৰচাৰ সঘনাই হবলৈ ধৰে৷ ৰেডিঅ’ৰ প্ৰচাৰৰ উপযোগী হিচাপে বিভিন্ন বিষয়বস্তু লৈ একাংক নাট ৰচিত হবলৈ ধৰে৷ ৰেডিঅ’ৰ বাহিৰেও সাপ্তাহিক আৰু মাহেকীয়া আলোচনীসমূহতো বহুতো একাংক নাট প্ৰকাশিত হবলৈ ধৰে৷ এছ. তি. এছ. য়োগি (ত্ৰ.থ্ব.ত্ৰ Yogi), তুৰইৱণ , চুকি , নাণল , চুত্তণন্ত পাৰতি , পূৰণম্‌ ৱিচুৱনাটণ, কোমতি চুৱামিনাতণ, এছ. ডি. চুন্তৰম্‌ আদি লেখকসকলৰ উল্লেখ এই প্ৰসংগতে দাঙি ধৰিব পাৰি৷ এই সময়তে কে. এছ. কিৰুষ্ণমূৰ্তি , চীনিৱাচ ৰাকৱণ , পি. তূৰণ (ণ্ড্ৰ.্যপষ্ঠ) আদিয়ে কাব্যৰূপতো কিছুমান নাটক ৰচনা কৰিছিল৷

        বিংশ শতিকাৰ এই সময়ছোৱাৰ চিনেমা, ৰেডিঅ’ নাটসমূহ জনসাধাৰণৰ মনোপযোগী বিষয় লৈ লিখা হৈছিল৷ আনকি কেৱলমাত্ৰ পঠনৰ বাবে উপযোগী আলোচনীত প্ৰকাশিত নাটসমূহো সেই দৃষ্টিৰেই ৰচিত হৈছিল৷ তদুপৰি সময়ে সময়ে জনসাধাৰণৰ ৰুচি অভিৰুচিৰ পৰিবৰ্তনৰ লগে লগে নাটকৰ বিষয়বস্তুৰো পৰিৱৰ্তন হৈছিল৷ এটা সময়ত বৰ্ণ-বৈষম্য নিৰ্মূলকৰণ, অসবৰ্ণ বিবাহৰ প্ৰচলন, সতীত্ব নষ্ট হোৱা নাৰীসকলক ক্ষমাদান আৰু সামাজিকভাৱে গ্ৰহণ আৰু দৰিদ্ৰতাৰ ক্ষতিকৰ দিশ আদি বৈপ্লৱিক ভাৱধাৰাৰ নাটসমূহক জনসাধাৰণে আদৰি লৈছিল৷ বৈপ্লৱিক ভাৱধাৰাত গুৰুত্ব প্ৰদান কৰি কিছুমান নাট্যকাৰে কলা হিচাপে নাটকৰ মূল্য ৰক্ষা কৰিব নোৱাৰা অৱস্থাতো পৰিছিল৷ পৰৱৰ্তী সময়ত জনসাধাৰণে অৱসৰ বিনোদনৰ আহিলা হিচাপে হাস্যৰসিক নাটককো আদৰি লৈছিল৷ এটা সময়ত পৌৰাণিক আদৰ্শযুক্ত নাটকে জনপ্ৰিয়তা হেৰুৱাইছিল যদিও পৰৱৰ্তী সময়ত আকৌ এই ভাৱাদৰ্শৰ নাটকৰ সমাদৰ বাঢ়িছিল৷ দৰ্শকৰ আগ্ৰহৰ এইদৰে ঘনাই পৰিৱৰ্তন হোৱাৰ বাবে নাট্যকাৰসকলে নাট ৰচনাৰ দিশত যথেষ্ট সাৱধানতা আৰু প্ৰতিভাৰে আগবাঢ়িব লগা হৈছিল৷

        সামৰণি ঃ

        তামিল নাট্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ এই আলোচনাৰ পৰা তলৰ বিষয়কেইটাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰি–

        ৰ] তামিল নাটকৰ অতি প্ৰাচীন উদাহৰণ হিচাপে পণ্‌ণত্তি আৰু পুলণ- এই দুই প্ৰকাৰৰ নাটৰ কথা ক’ব পাৰি৷  পণ্‌ণত্তি নাট ৰচনা কৰা হৈছিল বাগ্মিতাপূৰ্ণ গদ্যত আৰু এই যুগৰ লোকনাট্য পুলণ নামেৰে জনাজাত আছিল৷

        ২] চংকম পৰৱৰ্তী যুগৰ দুইবিধ নাটক আছিল ৱেত্তিয়ল আৰু পোতুবিয়ল৷ এই দুবিধ নাটকৰ নিজ নিজ প্ৰকাশভংগী আছিল৷ ৱেত্তিয়ল নাট জড়িত আছিল প্ৰেম-ভালপোৱা আৰু শৌৰ্য-বীৰ্য-সাহসৰ বিষয়ৰ সৈতে৷ আনহাতে সাধাৰণ লোকৰ গতানুগতিক বৈচিত্ৰ্যবিহীন জীৱনক ভিত্তি কৰি গঢ় লৈ উঠিছিল পোতুৱিয়ল শ্ৰেণীৰ নাটক৷

        ৩] ষোড়শ-সপ্তদশ শতিকাৰ লোক-নাট সমূহেই আধুনিক বাস্তৱধৰ্মী নাটকৰ পূৰ্ব স্তৰৰ বিশিষ্ট নাটকৰ উদাহৰণ৷

        চ্ছ্ৰ] পাশ্চাত্য ৰীতিৰ দ্বাৰা প্ৰভাৱিত নোহোৱা নিৰ্ভেজাল; তামিল নাটকৰ ৰূপ দেখা যায় ঊনবিংশ শতিকাৰ বাটৰ নাটসমূহত৷

        প্ত] পাশ্চাত্য নাটকৰ আৰ্হিত গদ্য নাটকৰ প্ৰৱৰ্তন, গদ্য-পদ্য নাটকৰ কিছুমান সৰু ভাগৰ নাট আৰু কাব্য নাটৰ সৃষ্টিয়ে ঊনবিংশ শতিকাত তামিল নাটকৰ ক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰে৷

        ৬] কুৰি শতিকাৰ নাটত সামাজিক, ৰাজনৈতিক, ঐতিহাসিক আদি বিভিন্ন বিষয় সামৰি লোৱা হয়৷

        জ্জ] কিন্তু কুৰি শতিকাৰ নাটকৰ বিশেষ বৈশিষ্ট্য হৈছে বাস্তৱতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান৷ ইয়াৰ প্ৰভাৱতেই এই যুগৰ নাটকৰ সংলাপ সঁচা জীৱনৰ সৈতে বিশেষভাৱে সম্পৃক্ত হৈ পৰিছে৷

        জ্জ্ব] উচ্ছ পৰ্যায়ৰ ৰংগমঞ্চ বা প্ৰেক্ষাগৃহৰ সহায়তহে নাট্য সাহিত্যৰ উন্নতি সাধিত হয়৷ সেই দিশেৰেও তামিল নাট্য সাহিত্যৰ উন্নতিৰ দিশ বিচাৰ্য৷

        জ্ঝ] তামিল নাট্য-সাহিত্যৰ প্ৰকৃত ৰূপ বাটৰ নাটসমূহত পোৱা যায় বাবে এই নাটসমূহৰ পুনৰুজ্জীৱনৰ প্ৰতি মনোযোগ দিয়া উচিত৷ জাপানীসকলৰ কবুকি আৰু কেৰালাৰ কথকলিৰ শ্চ্ৰSO)দৰে তেৰুক্‌কূত্তু নাটসমূহকো সঠিকভাৱে ৰূপায়িত কৰিলে বৰ্তমানৰ নাট্যপ্ৰেমী জনগণৰ মনৰ সন্তুষ্টি সাধন কৰিবলৈ ই সক্ষম হ’ব৷

আধুনিক কালৰ তামিল নাটকঃ

        একবিংশ শতিকাৰ আধুনিক তামিল নাটকে পৰম্পৰাগত ৰূপ এৰি নতুন ধ্যান-ধাৰণা গ্ৰহণ কৰে৷ তামিলনাডুৰ পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ নাট্যকলা বিভাগ এটা আছে৷ এই বিভাগত নানা কৰ্মশালা, আলোচনা চক্ৰ আদিও আয়োজিত হৈছে৷ কিন্তু বৰ্তমানে তেনে কোনো আঁচনি হাতত লোৱা হোৱা নাই৷ মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় আৰু তামিল বিশ্ববিদ্যালয়তো সেই একেই অৱস্থা৷ এই কাৰ্য সুচাৰুৰূপে চলাই যাবৰ বাবে মানুহৰ আৱশ্যক হয় যদিও সেইক্ষেত্ৰত প্ৰয়োজনীয় অৰ্হতাসম্পন্ন ব্যক্তিৰ অভাৱ পৰিলক্ষিত হয়৷ ইয়াৰ বাহিৰেও অন্যান্য কেতবোৰ নাট্যগোষ্ঠী আছে৷ কিন্তু সেই ক্ষেত্ৰতো ব্যক্তিৰ অভাৱৰ বাবে আহুকালে দেখা দিছে৷ ৰাষ্ট˜ীয় নাট্য বিদ্যালয়ত নাট্যকলাৰ শিক্ষা গ্ৰহণ কৰা সনমুকৰাজনে বহু ঠাইত বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিছিল৷ তেওঁ এজন  সুদক্ষ নাট প্ৰযোজক৷ ব্যক্তিগতভাৱেও তেওঁ অনেক মঞ্চত নাট প্ৰযোজনা আৰু নাট পৰিবেশন কৰিছে৷ ভেল্লোৰ কলেজত কৰ্মৰত কি. পাৰ্থিৱৰাজাইও আধুনিক তামিল নাটকৰ দিশলৈ অনেক বৰঙণি আগবঢ়াইছে৷ তেওঁ নাট প্ৰযোজনা আৰু মঞ্চসজ্জাৰ নিৰ্দেশ দিছিল৷ কুত্তুপাট্টৰাই নামৰ নাট্যগোষ্ঠীটো বৰ্তমান অত্যন্ত জনপ্ৰিয় আৰু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰলয়ন, প্ৰচন্ন ৰামস্বামিয়ে ব্যক্তিগতভাৱে নাটক পৰিৱেশন কৰাৰ লগতে এই গোষ্ঠীৰ হৈয়ো নাটক পৰিৱেশন কৰিছে৷ আকৌ, নাটকৰ কথাৰ ক্ষেত্ৰতো প্ৰচন্ন ৰামস্বামিয়ে নতুনকৈ চিত্ৰ, কবিতা আদি নাটকত সংযোজন কৰিছে৷ কোদংকী, চা. তামিল, চেলভন, চা. মুৰুগাভূপতি এওঁলোকৰ নাটকত গ্ৰাম্যাঞ্চলৰ জীৱনক চহৰৰ পৰিৱেশত নতুনকৈ দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ আধুনিক যুগৰ নাটকত নাট্যকাৰে দৰ্শকক নাটকৰ প্ৰতি আকৰ্ষণ কৰিবলৈ  মঞ্চসজ্জাৰ দিশত নতুন নতুন কাৰু কাৰ্যৰ সহায় লৈছে৷

        ২০১০ চনৰ পাছৰ পৰা তামিল চুটিগল্প, নাটক আদিত নতুন প্ৰভাৱ পৰিলক্ষিত হ’ল৷ গোলকীকৰণৰ প্ৰভাৱত পৰি সমাজৰ বিভিন্ন দিশত পৰিবৰ্তনৰ প্ৰভাৱ পৰিলক্ষিত হোৱাৰ লগে লগে নাট-প্ৰযোজনা আৰু মঞ্চ-নিৰ্দেশনাৰ ক্ষেত্ৰতো নতুন প্ৰভাৱ পৰিল৷ আজিকালি নাটকসমূহ টেলিভিছনৰ পৰ্দাত উপভোগ কৰিব পাৰি৷ ইয়াৰ লগে লগে বাহিৰৰ বিভিন্ন অনুষ্ঠানতো নাট পৰিবেশন হৈ আছে৷ 

*****

No comments:

Post a Comment