আধুনিক তামিল কাব্য-সাহিত্য (Tamil Kavya Literature)
মীৰ আব্দুৰ ৰহিম
আধুনিক তামিল পদ্য সাহিত্যৰ দিক্দৰ্শক কোন বুলি
সুধিলে প্ৰথমতে সুব্ৰমনিয় ভাৰতীৰ নাম উল্লেখ কৰিব লাগিব৷ কবি হিচাপে সুব্ৰমনিয়
ভাৰতী কেৱল তামিলনাডুতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতেই জনপ্ৰিয়৷ ভাৰতীৰ
এনেকুৱা কিছুমান অনুৰাগী আছে; যিসকলে তেওঁক বিশ্বকবিৰ মৰ্যাদা
দিব খোজে৷ যিয়েই নহওক কিয় আধুনিক তামিল পদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ ক্ষেত্ৰত
ভাৰতীৰ যি অৱদান সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷
প্ৰশ্ন উত্থাপিত হ’ব পাৰে যে ভাৰতীৰ পূৰ্বতে আধুনিক
তামিল পদ্য সাহিত্যৰ সৃষ্টি হোৱা নাছিল নেকি? ভাৰতীৰ
পূৰ্বতেও আধুনিক তামিল পদ্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ভাৰতীৰ হাততহে ই নতুন ৰূপ
পৰিগ্ৰহ কৰি পূৰ্ণতা তথা বিকাশ লাভ কৰে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে কবি ভাৰতী
আধুনিক তামিল পদ্য সাহিত্যৰ মূল ধাৰক আৰু বাহক৷ ভাৰতীক আধুনিক তামিল পদ্য সাহিত্যৰ
কেন্দ্ৰীয় ব্যক্তি হিচাপে ধৰি ইয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি; যেনে– প্ৰাক্ ভাৰতী পদ্য সাহিত্য, ভাৰতী পদ্য সাহিত্য আৰু উত্তৰ
ভাৰতী পদ্য সাহিত্য৷
সকলো পদ্য সাহিত্যক কবিতা বুলি ক’ব পৰা নাযায় যেতিয়ালৈকে কবিতা পদ্য সাহিত্যৰ অন্তৰ্গত হয়৷ পদ্য আৰু কবিতা ৰচনাৰ ধাৰাৰ মাজত পাৰ্থক্য আছে৷
সুব্ৰমনিয় ভাৰতীৰ পূৰ্বৰ তামিল পদ্য সাহিত্যত দৃষ্টি
নিক্ষেপ কৰিলে দেখা যায় যে কবিতাতকৈ পদ্য ৰচনাৰ সংখ্যা অধিক৷ কোনোবা ধনৱন্ত
ব্যক্তিৰ স্তুতিত পদ্য ৰচনা কৰি কোনো কবিয়ে যি আৰ্থিক সহায়তা লাভ কৰিছিল তাকে লৈয়ে
তেওঁ জীৱনৰ সাৰ্থকতা অনুভৱ কৰিছিল৷ দুখৰ বিষয় এইটোৱে যে তেনে অলংকাৰৰ ব্যৱহাৰ
নকৰাকৈ পদ্য ৰচনা কৰাৰ বাবে কাব্যিক প্ৰতিভাৰ চমৎকাৰিত্ব প্ৰকাশ নাপালে৷ শে¡ষ আদি অলংকাৰৰ ব্যৱহাৰ কৰিলে তেওঁৰ কাব্যিক প্ৰতিভা
সুপ্ৰতিষ্ঠিত হ’লহেঁতেন৷ কিন্তু এনেকুৱা শে¡ষ ¸ অলংকাৰৰ প্ৰয়োগ কৰা কবি হিচাপে ‘কালমেঘম’ নামৰ এজন কবিৰ নাম পোৱা
যায়৷ কবি কালমেঘমৰ নাম এই কাৰণেই ইমান চৰ্চিত হৈছিল যে তেওঁ কম সময়ত অধিকসংখ্যক
পদ্য ৰচনা কৰিছিল, যিদৰে বাৰিষা কালত কলা ডাৱৰৰ পৰা কম সময়ত অত্যাধিক
বৰষুণ হয়৷ শে¡ষ¸ ব্যৱহাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ আটাইতকৈ জনপ্ৰিয় আছিল৷ সঁচা অৰ্থত ক’বলৈ গ’লে
তেওঁ সমসাময়িক অন্যান্য শে¡ষ¸ অলংকাৰ ব্যৱহাৰ কৰা কবিসকলতকৈ ভিন্ন প্ৰকৃতিৰ আছিল৷
তেওঁৰ ভাষা আৰু ছন্দ প্ৰয়োগৰ ক্ষেত্ৰত মৌলিক প্ৰতিভাৰ প্ৰকাশ ঘটা দেখা যায়৷ যিকোনো
কঠিন বাস্তৱ সমস্যাক কবিতাৰ বিষয় হিচাপে লৈ অতি সহজ-সৰলভাৱে প্ৰকাশ কৰিছিল৷ মৌলিক
কাব্যিক প্ৰতিভাৰ যোগেদি শে¡ষ অলংকাৰৰ প্ৰয়োগ কৰি তেওঁ সাৱলীল কবিতা ৰচনা কৰিছিল৷ তেওঁৰ শে¡ষ অলংকাৰ কেৱল শব্দ চমৎকাৰ বা অৰ্থ চমৎকাৰ সৃষ্টি
কৰাত সীমাৱদ্ধ নাছিল৷ ইয়াত ব্যংগ আৰু হাস্য ৰসৰো সুৰ পোৱা যায়৷ সেইবাবে তেওঁৰ কবিতাত থকা স্বচ্ছন্দতা, মানৱতা, সহূদয়তা আদি গুণে পাঠকৰ মন-মানসিকতা অতি সহজতে
আকৰ্ষিত কৰিব পাৰিছিল৷ কবি কালমেঘম মূলতঃ হাস্য ৰসৰ কবি আছিল৷ শে¡ষ¸ অলংকাৰ তেওঁৰ হাস্য আৰু ব্যংগৰ
আধাৰ আছিল৷ ব্যক্তিগত জীৱনৰ কোনো বিষয় তেওঁৰ কবিতাত প্ৰকাশ পোৱা নাই৷
সুব্ৰমনিয় ভাৰতীৰ পূৰ্বৰ কাব্য সাহিত্যত কালমেঘমে
জনপ্ৰিয় কবি হিচাপে বিশিষ্ট স্থান দখল কৰিছিল৷ তেওঁৰ জীৱনকাল অষ্টাদশ শতিকাৰ
মাজভাগৰ আশে-পাশে ধৰা হয়৷ অষ্টাদশ শতিকাত আত্মপ্ৰকাশ কৰা কিছুমান ধাৰ্মিক কবিয়ে
জনসাধাৰণৰ চিত্ত আকৰ্ষণ কৰিছিল৷ ধাৰ্মিক কবিৰ ভিতৰত প্ৰথমতে তায়ুমানবৰৰ নাম উল্লেখ কৰিব পাৰি৷ তায়ুমানবৰৰ কবিতাবোৰত
দাৰ্শনিকতা আৰু আধ্যাত্মিক ভাবৰ প্ৰকাশ পোৱা দেখা যায়৷ তেওঁ সমতা আৰু বিশ্বপ্ৰেমৰ
পূজাৰী আছিল৷ আনকি তেওঁ বিশুদ্ধ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিছিল৷ জনসাধাৰণৰ মাজত
আধ্যাত্মিক বিচাৰধাৰা প্ৰচাৰ কৰাৰ বাবে তেওঁ সহজ-সৰল ভাষাত কবিতা ৰচনা কৰিছিল; যাৰ ফলত তেওঁৰ কবিতাবোৰ জনসাধাৰণৰ
মাজত অতি প্ৰিয় হৈ পৰিছিল ৷
এই যুগতে এজন মুছলমান আৰু আন এজন ইহুদী কবিয়ে নিজৰ
নিজৰ ধৰ্ম প্ৰচাৰকৰ জীৱন চৰিতক লৈ কবিতা ৰচনা কৰিছিল৷ তামিলভাষী মুছলমান সন্ত কবি
ওমৰুপ্পুলবাৰে , ‘শীৰাপ্পুৰাণম্’ নামৰ কাব্যগ্ৰন্থত পয়গম্বৰ হজৰত
মহম্মদৰ জীৱন-দৰ্শন বৰ্ণনা কৰিছে৷ শীৰাপুৰাণম নামৰ কাব্যখন কবিৰ নিজস্ব শৈলীৰ
সহজ-সৰল প্ৰকৃতিৰ কাব্যগ্ৰন্থ৷ ইহুদী কবি বীৰমামুনিৱৰ প্ৰকৃততে এজন বিলাতী পাদুৰি আছিল, যাৰ আচল নাম আছিল যোছেফ বেস্কি [Joseph
Beschi]৷ তেওঁ
তামিল ভাষা সুন্দৰভাৱে আয়ত্ব কৰি অতি সুন্দৰ-সাৱলীল কবিতা ৰচনা কৰাৰ যোগ্যতা অৰ্জন
কৰিছিল৷ তেওঁ ৰচনা কৰা কাব্যৰ নাম আছিল ‘তেম্পৱাণি’– মধুৰ কবিতাৰ অঞ্জলি– য’ত
ইহুদী ধৰ্মৰ মুখ্য ঘটনাসমূহৰ সুন্দৰ বৰ্ণনা ভক্তিমূলক কোমল পদ ৰচনাৰ দ্বাৰা দিয়া
হৈছে৷
এই সময়ছোৱাত কোনো নতুন শৈলীৰ কবিতা ৰচনা হোৱা নাছিল৷
সমাজৰ আঢ্যৱন্ত আৰু শিক্ষিত ব্যক্তিৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ দক্ষতা কবি
অৰুণাচলমৰ আছিল; যিজনে কম্ব ৰামায়ণৰ আধাৰত ৰচনা কৰা ৰাম নাটকে
তামিলনাডুৰ চুকে-কোণে আলোড়নৰ সৃষ্টি কৰিছিল৷ কবি অৰুণাচল তামিল ভাষাৰ ডাঙৰ পণ্ডিত
আছিল আৰু বন্ধু তথা শীৰকালি মঠৰ অধ্যক্ষৰ
অনুৰোধতে শীৰকালিতেই থাকি সাহিত্য ৰচনাত হাত দিছিল৷ তেওঁ দুজন শিষ্যৰ পৰা ৰামকথাসমূহ গীতি কাব্যৰ ৰূপত লিখাৰ অনুপ্ৰেৰণা পাইছিল৷ সেই
শিষ্য দুজনৰ অনুৰোধক্ৰমে ৰামকথা সৰল ছন্দ আৰু কীৰ্তন কৰি গাব পৰা ধৰণে অনুবাদ
কৰিছিল৷ এই কীৰ্তনবোৰৰ ৰাগ-তাল নিৰ্ধাৰণৰ ক্ষেত্ৰত কবিয়ে শিষ্য দুজনৰ পৰা যথেষ্ট
সহায় পাইছিল৷ প্ৰথমতে ই ৰামকথা, দ্বিতীয়তে এইবোৰ গীত আকাৰে গাব পৰা হ’ল, তৃতীয়তে
ইয়াৰ ভাষাত ঘৰুৱা উপমা, লোকোক্তি আদি প্ৰয়োগ কৰাৰ ফলত ইয়াৰ
মৰ্মাৰ্থ অতি সহজতে সমাজৰ সৰ্বস্তৰৰ লোক তথা স্ত্ৰী আৰু সৰু ল’ৰা-ছোৱালীয়েও বুজিব
পাৰিছিল৷ সেই কাৰণেই কবি অৰুণাচলৰ এই গীতি কাব্যই অতি কম সময়তে তামিলনাডুত
প্ৰচাৰ-প্ৰসাৰ লাভ কৰিছিল৷ আজি-কালি ৰামকথা আধাৰিত এই গীতসমূহ কেৱল সভা-সমিতিতেই
নহয়, ঘৰতো গোৱা হয়৷
এনেকুৱা আন এবিধ গীতিকাব্য হৈছে নন্দন চৰিত্ৰম ৷ এই
নন্দন চৰিত্ৰমবোৰ ৰামায়ণ বিষয়ক নাটকতকৈ বেছি জনপ্ৰিয় আছিল৷ আধুনিক দৃষ্টিভংগীৰে
চাবলৈ গ’লে নন্দন চৰিত্ৰমবোৰ অতি মহত্বপূৰ্ণ৷ ‘সাধুসকলৰ জাতি-ধৰ্ম বিচাৰ নকৰাকৈ, জ্ঞানৰ বিচাৰ কৰা’– কবীৰৰ এই উক্তি অনুসৰি কোনো ব্যক্তিক জাতিগতভাৱে উচ্ছ-নীচ
বিচাৰ নকৰাকৈ জ্ঞানৰ গভীৰতা বিচাৰ কৰা উচিত৷ মানুহে জাতিৰ দ্বাৰা নহয়, সাধনা আৰু জ্ঞানৰ দ্বাৰাহে উৎকৰ্ষ সাধন কৰে৷ এনেকুৱা বিষয়ক কেন্দ্ৰ কৰি ‘নন্দন
চৰিত্ৰম’ নামৰ গীতি কবিতাবোৰ ৰচিত হৈছিল৷ এই কাব্যৰ ৰচক গোপালকৃষ্ণ ভাৰতী এজন সাধু ব্যক্তি আছিল৷ তেওঁ ঊনবিংশ শতিকাৰ
আৰম্ভণিৰ পৰা শেষলৈকে জীয়াই আছিল৷ তেওঁৰ ‘পেৰিয়পুৰাণম’ কাব্যত বৰ্ণিত ‘নন্দনাৰ’ বিষয়টোৱে পাঠক সমাজত বৰ সমাদৰ লাভ কৰিছিল৷ তেওঁ
জনসাধাৰণৰ সহজ-সৰল কথিত ভাষাক কাব্যিক ৰূপ দিছিল৷ গোপালকৃষ্ণই পেৰিয়পুৰাণমৰ
বিষয়বস্তুক আধাৰ হিচাপে লৈ গীতি কাব্য
ৰচনা কৰিছিল যদিও তাত নতুন নতুন চৰিত্ৰ আৰু নাটকীয় ঘটনাৰ সংযোজন ঘটাই ইয়াক
পৰিপুষ্ট কৰি তুলিছিল৷
নন্দনাৰ কৰুণ কাহিনীৰে ই আছিল ভৰপূৰ আৰু ইয়াত সামাজিক
সমস্যাৰ সমাধান সূত্ৰ পোৱা যায়৷ খেতি পথাৰত কাম কৰা শ্ৰমজীৱী মানুহক সমাজে
নিষ্ঠুৰভাৱে অস্পৃশ্য বুলি গণ্য কৰিছিল আৰু তেনেকুৱা হৰিজন সম্প্ৰদায়ৰ মাজতে
নন্দনাৰৰ জন্ম হৈছিল৷ এনেকুৱা নিৰ্যাতিত দলিত সম্প্ৰদায়ৰ দৃঢ়প্ৰতিজ্ঞ ব্যক্তিক
কবি গোপালকৃষ্ণ ভাৰতীয়ে কাব্যৰ নায়ক হিচাপে প্ৰতিষ্ঠা কৰি উদাৰ মানসিকতা আৰু সমতাৰ
পৰিচয় দিছে৷ কাব্যখনৰ ভাষা সৰল আৰু মধুৰ৷ চৰিত্ৰ সমূহৰ উপস্থাপন ইমান সুন্দৰ যে
ঘটনাপ্ৰবাহৰ লগে লগে প্ৰতিটো চৰিত্ৰই পাঠকৰ মনত সজীৱ হৈ ধৰা দিবলৈ সক্ষম হৈছে৷ আকৌ, কাব্যখনত উপযুক্ত ৰাগ-তালৰ প্ৰয়োগ কৰা হৈছে৷ আটাইবোৰ দিশৰ পৰা নন্দনাৰ কাব্যখন
আকৰ্ষণীয়৷ কাব্যখনৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হৈছে গোপালকৃষ্ণ ভাৰতীৰ কাব্যৰ প্ৰতিটো
শাৰীত কবিৰ আদৰ্শ-ব্যক্তিত্বৰ প্ৰতিফলন৷ নন্দনাৰ ভাবুক প্ৰকৃতিৰ ভক্ত হোৱাৰ বাবে
তেওঁৰ মানসিক অৱস্থাৰ প্ৰতিফলন কাব্যত অনুভূত হয়৷ আনকি কাব্যৰ প্ৰতিটো শব্দৰ
মাজেদি তাৰ মানসিক অনুভূতি প্ৰকাশ পোৱা দেখা যায়৷ এই কাব্যৰ বিশেষত্ব হৈছে যে ইয়াত
গীতৰো সংযোজন কৰা হৈছে৷ কম সময়ৰ ভিতৰত কাব্যখনৰ কেইবাটাও সংস্কৰণ প্ৰকাশ কৰিবলগীয়া
কথাটোৱেই কাব্যখনৰ জনপ্ৰিয়তাৰ কথা সূচায়৷ এই কাব্যখনৰ কিছুমান গীত আজিও জনসাধাৰণৰ
মুখে মুখে প্ৰচলিত হৈ আছে৷
গোপালকৃষ্ণ ভাৰতীয়ে এক নিজস্ব মৌলিক শৈলীৰ এই কাব্য
ৰচনা কৰি এক বিশেষ যুগৰ সূচনা কৰিছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ পুৰণি কাব্যশৈলী
পৰিহাৰ কৰি নতুন কাব্যশৈলীৰ প্ৰতি আকৃষ্ট হোৱাৰ প্ৰৱণতা ভাৰতীৰ কাব্যৰ জনপ্ৰিয়তাৰ
মাজেদি প্ৰমাণিত হয়৷ ভাৰতীয়ে কাব্যখনৰ আৰম্ভণিতে হৰিজন সম্প্ৰদায়ৰ এটি সুন্দৰ
বৰ্ণনা দিছে৷ সহজ-সৰল শব্দৰ প্ৰয়োগ কৰি সেই অঞ্চলৰ স্বাভাৱিক সমাজ জীৱনৰ চিত্ৰ
অংকন কৰিছে৷
ৰাষ্ট˜কবি সুব্ৰমনিয় ভাৰতীৰ পূৰ্বৰ আন দুজন তামিল কবিৰ নাম উল্লেখ কৰিব
পাৰি৷ ইয়াৰে এজন হ’ল– ‘কুত্ৰাল কুৰবঞ্জী’
কাব্যৰ ৰচয়িতা কবি তিৰিকূডৰাশপ্প কবিৰায়ৰ আৰু আনজন হ’ল– ‘মনোনমণীয়ম’ নামৰ পদ নাটকৰ ৰচয়িতা পণ্ডিত সুন্দৰম পিল্লৈ ৷
কুট্ৰাল কুৰব্জী লোকগীতৰ শৈলীত ৰচিত এটি মনোৰম কাব্য৷ এই কাব্যৰ এক প্ৰধান
চৰিত্ৰই এজনী কিৰাত কন্যাৰ ওচৰলৈ আহি তেওঁলোকৰ প্ৰেমৰ পৰিণাম সম্পৰ্কে ভৱিষ্যতবাণী
শুনাইছিল৷ আকৌ এজনী ব্যাধকন্যাৰ
প্ৰচেষ্টাত নায়ক-নায়িকাৰ মিলন সম্পন্ন হৈছিল৷ কুট্ৰাল কুৰব্জী কাব্যত কবিয়ে কুট্ৰালম
নামৰ তীৰ্থস্থানৰ ওচৰত থকা পাহাৰৰ পাদদেশত শিৱ-পাৰ্বতীৰ অলৌকিক প্ৰেম আৰু বিবাহৰ
এক হূদয়গ্ৰাহী বৰ্ণনা সহজ-সৰল ভাষাত দিছে৷
পণ্ডিত সুন্দৰম পিল্লৈ , তিৰুবনন্তপুৰমৰ এখন কলেজৰ দৰ্শনশাস্ত্ৰৰ অধ্যাপক আছিল৷ তেখেত
তামিল ভাষাৰ এজন বিশিষ্ট পণ্ডিত আছিল৷ তেওঁ শ্বেইক্সপীয়েৰৰ কাব্যধৰ্মী নাট্যশৈলীৰ
আধাৰত ‘মনোনমণীয়ম’গ্গ নামৰ কাব্য ৰচনা কৰিছিল৷ এই কাব্যৰ ভাষা যথেষ্ট উচ্ছখাপৰ আৰু
বিষয়বস্তু ইংৰাজী কাহিনী সাহিত্যৰ পৰা লোৱা হৈছে৷ তামিল ভাষাৰ প্ৰতি সুন্দৰম
পিল্লৈৰ অসীম শ্ৰদ্ধা-ভক্তি আছিল৷ সেইবাবেই তামিল ভাষাক সংস্কৃত ভাষাৰ লগত তুলনা
কৰি তামিলক উচ্ছ স্থান দিয়াৰ পোষকতা কৰিছিল৷ বিভিন্ন প্ৰমাণৰ সহায়ত কবিয়ে তামিল
ভাষাক সংস্কৃততকৈ উচ্ছ বা চহকী ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে আৰু
তাতেই কবিৰ মাতৃভাষাৰ প্ৰতি থকা ভক্তি-প্ৰেম প্ৰকাশ পাইছে৷
আধুনিক তামিল কাব্য সাহিত্যৰ মহাকবি সুব্ৰমনিয় ভাৰতীৰ
পূৰ্বতে এইদৰে কেইবাজনো কবিয়ে কাব্য চৰ্চা কৰিছিল৷ কিন্তু পূৰ্বৰ কবিসকলৰ কাব্যত
সুব্ৰমনিয় ভাৰতীৰ দৰে ইতিহাস চেতনা, ৰাষ্ট˜ীয় চেতনা
আদি যথোপযুক্তভাৱে প্ৰকাশ পোৱা নাছিল৷ সেইবাবেই ভাৰতীয়ে আধুনিক তামিল কাব্য
সাহিত্যৰ আন আন কবিৰ তুলনাত উচ্ছ আসনত উপবিষ্ট হৈ আছে৷ ভাৰতীৰ কবিতাত পৰাধীনতাৰ
গ্লানি, নৱজাগৰণৰ বাণী আৰু জনগণৰ সুৰক্ষিত উজ্জ্বল ভৱিষ্যতৰ
প্ৰতি থকা আশাবাদী সুৰো পোৱা যায়৷ কিছুসংখ্যক পণ্ডিত ব্যক্তিৰ মাজত আৱদ্ধ হৈ থকা
কবিতা সৰল তথা সকলোৰে বোধগম্য ভাষাত ভাৰতীয়ে উলিয়াই আনে৷ স্বাধীনতাৰ চেতনা তেওঁৰ
কবিতাৰ মূলমন্ত্ৰ৷ পৰাধীন ভাৰতৰ বিভিন্ন সমস্যা অতি দক্ষতাৰে কবিতাসমূহত তুলি
ধৰিছে৷ ভাৰতীয়ে প্ৰাচীন সভ্যতা, নিৰ্ভীকতা, স্বাভিমান, স্বাৰ্থত্যাগ আদি প্ৰমূল্যসমূহৰ প্ৰতি যিদৰে শ্ৰদ্ধা পোষণ কৰিছে ঠিক সেইদৰে
বৰ্তমান সময়ত সমাজত গা কৰি উঠা অন্যায়-অবিচাৰ, হত্যা-সন্ত্ৰাস, সন্দেহ-হিংসা আদিৰ বিৰোধ কৰিছে৷ ভাৰতীয়ে যথেষ্ট আৰ্থিক সংকটৰ মাজেদি জীৱন যাপন
কৰিবলগীয়া হৈছিল যদিও কেতিয়াও নিৰাশা, হতাশাত ভোগা নাছিল৷ সদায় মানৱতা
আৰু দেশমাতৃৰ কল্যাণৰ হকে কাম কৰিছিল৷ তেওঁৰ কবিতাত যি ৰাষ্ট˜ীয় চেতনা প্ৰকাশ পোৱা দেখা যায় তাৰ মাজেদি মানৱতাৰ অন্তৰ্নিহিত ভাব প্ৰৱাহিত
হয়৷ ভাৰতীয়ে কেৱল নিজৰ দেশৰ কল্যাণৰ কথা চিন্তা কৰি ক্ষান্ত নাথাকি সমগ্ৰ বিশ্ব
মানৱৰ কল্যাণৰ পোষকতা কৰিছে৷ মানৱ জাতিৰ কল্যাণৰ
লগতে পৃথিৱীৰ সমগ্ৰ জীৱকুলৰ প্ৰশান্তি বিচাৰিছে৷ কিয়নো ভাৰতীৰ বিশ্বপ্ৰেম
আধ্যাত্মিক অনুভূতিৰ পৰা জাগ্ৰত হৈছিল৷ পৃথিৱীৰ সকলো প্ৰজাতিৰ প্ৰাণীয়ে সহযোগিতাৰে
বাস কৰিব পাৰিলেহে বিশ্বশান্তিৰ আশা কৰিব পৰা যায়৷ ভাৰতীয়ে শত্ৰুৰ প্ৰতিও মিত্ৰতা
আচৰণ প্ৰদৰ্শন কৰি মহানুভৱতাৰ পৰিচয় দিছিল৷ কবি ভাৰতী শক্তিৰ উপাসক আছিল৷ শক্তিৰ
স্তুতি কৰি যিবোৰ কবিতা ৰচনা কৰিছিল সেইবোৰে পাঠকৰ অন্তৰত ভক্তিৰ লগতে শক্তিৰ
সঞ্চাৰ কৰিছিল৷ ভাৰতীয়ে কোনো মহাকাব্য ৰচনা কৰা নাছিল যদিও বিশ্বৰ মহাকবিসকলৰ
শ্ৰেণীত তেওঁক স্থান দিব পৰা যায়৷ কিয়নো বিশ্ব মানৱৰ জয়গান তেওঁৰ কবিতাৰ সৰ্বত্ৰে
বিচাৰি পোৱা যায়৷ কোনো দেশ-কালে সীমাৱদ্ধ কৰি ৰাখিব নোৱাৰা সাৰ্বজনীন ভ্ৰাতৃত্ববোধ
আৰু কল্যাণ মৈত্ৰীৰ ভাবে কবিতাসমূহক চিৰ নতুন কৰি ৰাখিছে৷ ভাৰতীয়ে শেষ বয়সত ৰচনা
কৰা ‘পাঞ্চালী শপথম’ নামৰ খণ্ডকাব্যখনত
প্ৰাচীন ভাৰতীয় সমাজ-সংস্কৃতিৰ সাৰ্থক প্ৰতিফলন ঘটিছে৷ মহাভাৰতৰ যুগজয়ী নাৰী
চৰিত্ৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ আখ্যানৰ আধাৰত কাব্যখন ৰচিত হৈছে৷ কাব্যখনৰ কাহিনীভাগ
প্ৰাচীন আখ্যানৰ পৰা লৈছে যদিও ইয়াৰ চৰিত্ৰসমূহ আধুনিক দৃষ্টিভংগীৰে অংকন কৰিছে৷
এইদৰে কবি সুব্ৰমণিয়ম ভাৰতীয়ে মৌলিক প্ৰতিভাৰে কাব্য ৰচনা কৰি তামিল সাহিত্যৰ
ভঁৰাল চহকী কৰিছে৷
আধুনিক তামিল কাব্য সাহিত্যৰ ইতিহাসত সুব্ৰমণিয়ম
ভাৰতীৰ পিছৰ চাম কবিকুলৰ ভিতৰত দুজন কবিৰ নাম প্ৰথমতে উল্লেখ কৰিব পাৰি৷ তাৰে এজন
হ’ল দেশিক বিনায়কম পিল্লৈ আৰু আনজন হ’ল স.
দু. সুব্ৰমণিয়ম য়োগী ৷ দেশিক বিনায়ক পিল্লৈয়ে ‘কবিমণি’ নামে সুপ্ৰসিদ্ধ৷ কবিমণি
ভাবুক প্ৰকৃতিৰ আছিল আৰু সহজ-সৰল ভাষাত কবিতা ৰচনা কৰিছিল৷ তেওঁ শিশু উপযোগী কবিতা
ৰচনাৰ জৰিয়তে সাহিত্যৰ পথাৰত খোজ পেলাইছিল৷ তেওঁ অনুবাদক হিচাপে যথেষ্ট সুখ্যাতি
লাভ কৰিছিল৷ তেওঁ এডৱিন আৰ্ণল্ডৰ ‘লাইট অফ এছিয়া’ (light of Asia)আৰু ওমৰ
খায়ামৰ ‘ৰুৱায়ত’ নামৰ কাব্যগ্ৰন্থ অতি
সহজ-সৰলভাৱে তামিল ভাষালৈ অনুবাদ কৰিছিল৷ মীৰাবাঈৰ ভগৱত ভক্তিৰ প্ৰতি আকৃষ্ট হৈ
‘প্ৰেমৰ জয়’ নামৰ এখন সুন্দৰ সাৱলীল খণ্ডকাব্য ৰচনা কৰিছিল৷ এইদৰে কবিমণিয়ে শিশু
সাহিত্যৰ ৰচক হিচাপে বিশেষ সমাদৰ পাইছিল৷ শিশুসকলৰ কোমল মন-মানসিকতাৰ সুন্দৰ
প্ৰতিফলন ‘প্ৰথম শোক’ নামৰ কবিতাটিত প্ৰকাশ পাইছে৷
তামিল কাব্য সাহিত্যত কবি স. দু. সুব্ৰমণিয়ম য়োগীক
‘বালভাৰতী’ নামে জনা যায়৷ তেওঁ অতি কম
বয়সৰ পৰা কবিতা ৰচনাত হাত দিছিল৷ তেওঁ পৰম্পৰাগত কাব্যশৈলী প্ৰয়োগ কৰি কবিতা ৰচনা
কৰিছিল৷ মহাকবি সুব্ৰমণিয়ম ভাৰতী আৰু কম্ব মুনিৰ ৰচনাশৈলী তেওঁ কবিতাত প্ৰয়োগ কৰা
দেখা যায়৷ এক কথাত ক’বলৈ গ’লে য়োগীৰ কবিতাত ভাৰতী আৰু কম্বৰ ৰচনাৰীতিৰ সংমিশ্ৰণ
ঘটিছে৷ ‘অহল্যা’ তেখেতৰ এখন শ্ৰেষ্ঠ খণ্ডকাব্য৷
তামিল কাব্য সাহিত্যৰ আন এজন আগশাৰীৰ কবি হৈছে ভাৰতী
দাসন৷ তেখেতৰ নামৰ পৰাই প্ৰমাণিত হয় যে তেওঁ সুব্ৰমণিয়ম ভাৰতীৰ পৰম ভক্ত আছিল৷
ভাৰতী দাসনক ‘পুৰ্টচি কবি’ অৰ্থাৎ
‘ক্ৰান্তিকাৰী কবি’ নামে জনা যায়৷ কাৰণ তেওঁ জাত-পাতৰ নামত চলা বৈষম্য আৰু
পৰম্পৰাগত ৰীতি-নীতিৰ কঠোৰ বিৰোধী আছিল৷ ভাৰতী দাসনৰ কবিতাত মানৱতা আৰু সমাজৰ
প্ৰতি থকা দায়ৱদ্ধতা প্ৰকাশ পাইছে৷ ভাৰতী দাসনৰ কবিতাৰ মাজেদি সমাজৰ পিছপৰা দলিত
শ্ৰেণীৰ ৰাইজৰ উন্নতিৰ দাবী উত্থাপিত হৈছে৷ এজন সাহসী কবি হিচাপে তেওঁ অতি সদম্ভে
আৰু পোনপটীয়াভাৱে কবিতাত বিভিন্ন সামাজিক সমস্যা উপস্থাপন কৰিছে৷ তেওঁৰ কিছুমান
কবিতাত হাস্য-ব্যংগৰ প্ৰকাশ ঘটা দেখা যায়৷ একেলগে পাঠকক হঁহুৱাব আৰু কন্দুৱাব পৰা
ক্ষমতা তেওঁৰ ৰচনাত আছে৷ এজন সাম্যবাদী কবি হিচাপে তেওঁ সমাজত সমতা স্থাপনৰ পোষকতা
কৰিছিল৷ তেখেতৰ মতে পঞ্চভূতৰ অন্তৰ্গত পানী, জুই, বতাহ আৰু আকাশ এই চাৰিটা বিষয়ৰ আদিৰ ওপৰত সকলোৰে সমান অধিকাৰ আছে, কেৱল মাটি বা সম্পত্তিৰ অধিকাৰ সকলোৰে নাই৷ গতিকে সকলোৱে মাটি বা সম্পত্তিৰ
অধিকাৰ পোৱা উচিত৷
ৰামলিঙ্গম পিল্লৈ তামিল সাহিত্যৰ আন এজন প্ৰসিদ্ধ
কবি৷ তেওঁ ‘নামক্কল’ নামেৰে জনাজাত৷
প্ৰথমতে তেওঁ মাদ্ৰাজ ৰাজসভাৰ ৰাজকীয় কবি আছিল৷ তেওঁৰ ৰচনাত গান্ধীবাদী দৰ্শনৰ
প্ৰতিফলন ঘটা দেখা যায়; যাৰ বাবে তেওঁৰ কবিতাত নৈতিকতা আৰু
উপদেশমূলক বাণী পোৱা যায়৷ তেওঁ স্বাধীনতা আন্দোলনৰ সময়ত কিছুমান কবিতা ৰচনা কৰিছিল
যিবোৰে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ কিছুমান কবিতাত অহিংসাত্মক
পদ্ধতিৰে কৰা যুদ্ধৰ বৰ্ণনা পোৱা যায়৷
তামিল কাব্য সাহিত্যৰ আন এগৰাকী উদীয়মান যুৱ কবি
হিচাপে মী. প. সোম সুন্দৰৰ নাম ল’ব পাৰি৷
তেওঁ ‘সোমু’ নামেৰেই পাঠক সমাজত সুপৰিচিত৷
তেখেতে ‘ইলবেনি:’ অৰ্থাৎ বসন্ত নামৰ এখনি কাব্য সংকলন প্ৰকাশ কৰিছে৷ এইখন কাব্য
সংকলনৰ বাবে দুবাৰকৈ পুৰস্কাৰ পাইছে৷ সোমু এজন প্ৰতিভাৱান কবি হোৱা বাবে তেওঁৰ
ৰচনাৰীতি অত্যন্ত সুন্দৰ-সাৱলীল৷ সোমু যদিও যুৱক কবি তথাপি তেওঁৰ কবিতাৰ মাজেদি
আধ্যাত্মিক ভাবৰ বৰ্হিপ্ৰকাশ ঘটা লক্ষ্য কৰা যায়৷
যুৱ কবিসকলৰ ভিতৰত কম্বদাসন অন্যতম৷ তেওঁৰ কবিতাসমূহত এক অপূৰ্ব কাব্যিক
মাদকতা অনুভূত হয়৷ তেখেতে কিছুবছৰ ধৰি চিনেমাৰ গীত ৰচনাৰ কামত নিয়োজিত হোৱাত কাব্য
চৰ্চা কিছু পৰিমাণে স্তিমিত হৈছে৷ তথাপি তেখেতৰ দুই-তিনিখন কাব্য সংকলন প্ৰকাশ
পাইছে৷ এই কবিতাসমূহৰ মাজেদি তেওঁৰ কাব্যিক প্ৰতিভা তথা ছন্দ আৰু শব্দ প্ৰয়োগৰ
দক্ষতা প্ৰকাশ পাইছে৷
তামিল কাব্য জগতৰ নবীন কবিৰ তালিকাত তিৰৈবন আৰু গুহনৰ
নাম ল’ব পাৰি৷ দুয়োজনে সহজ-সৰল শব্দ আৰু ছন্দৰ প্ৰয়োগ কৰি সুখপাঠ্য কবিতা ৰচনা
কৰিছে৷ গুহনৰ সমসাময়িক কিছুমান সংগীতাচাৰ্যৰ গীতৰ তুলনাত তেওঁৰ কবিতাই বেছি
জনপ্ৰিয়তা লাভ কৰিছিল৷ তেওঁলোকে লোকগীতৰ শৈলীত কাব্য ৰচনা কৰিছিল৷ লোকগীতৰ শৈলীত
ৰচনা কৰা ‘গান্ধী মহান’ কবিতাটোৱে যথেষ্ট
সমাদৰ লাভ কৰিছিল৷ গীতিশৈলীত কবিতা ৰচনা কৰা আৰু কিছুমান কবিৰ নাম তামিল সাহিত্যৰ
ইতিহাসত পোৱা যায়৷ ইয়াৰ ভিতৰত যোগী শুদ্ধানন্দ ভাৰতী অন্যতম৷ শুদ্ধানন্দ ভাৰতী
সন্ন্যাসী আৰু নৈষ্ঠিক ব্ৰহ্মচাৰী পন্থাৰ ব্যক্তি আছিল; যাৰ বাবে
তেওঁৰ ৰচনাত আধ্যাত্মিকতাৰ সুৰ পোৱা যায়৷ চিনেমাৰ গীত ৰচনা কৰাৰ ক্ষেত্ৰত কবি
কম্বদাসে এক বিশিষ্ট আসন দখল কৰিছে৷ তেওঁ ৰচনা কৰা চিনেমাৰ গীতবোৰত এক কাব্যিক
অনুৰণন অনুভূত হয়; যাৰ ফলত গীতবোৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে৷
আধুনিক তামিল কাব্য সাহিত্য বিকাশৰ ইতিহাসত
সুব্ৰমণিয়ম ভাৰতী হৈছে মধ্যমণিস্বৰূপ৷ তেওঁৰ পূৰ্বতে কালমেঘম , তায়ুমানবৰ , গোপালকৃষ্ণ ভাৰতী , তিৰিকূড
ৰাজপ্প কবিৰায়ৰ , সুন্দৰম পিল্লৈ
আৰু পৰৱৰ্তী সময়ত বিনায়কম পিল্লৈ , সুব্ৰমনিয়া
যোগী , ভাৰতীদাসন , ৰামলিঙ্গম পিল্লৈ , সোমসুন্দৰ , কম্বদাসন , যোগী শুদ্ধানন্দ ভাৰতী আদি কবিসকলে কম-বেছি পৰিমাণে ভিন্নস্বাদৰ কবিতা লিখি
তামিল কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ এই আটাইকেইজন কবিৰ ভিতৰত মহাকবি
সুব্ৰমণিয়ম ভাৰতীৰ স্থান সৰ্বোচ্ছ৷ কিয়নো তেওঁৰ কবিতাৰ মাজেদি সাৰ্বজনীন
ভ্ৰাতৃত্ববোধ আৰু মানৱতাৰ জয়গান প্ৰকটিত হৈছে৷ আধুনিক তামিল কাব্য সাহিত্যত
আটাইকেইজন কবিয়ে মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটাইছে৷ বিচিত্ৰ বিষয়বস্তুক আধাৰ হিচাপে লৈ
সকলোৱে ভিন্ন শৈলীত কবিতা উপস্থাপন কৰিছে৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ উপৰি প্ৰাচীন সভ্যতা-সংস্কৃতিৰ কিছু খণ্ডচিত্ৰ
কবিতাবোৰৰ মাজেদি প্ৰকাশ পাইছে৷ কিছুমান কবিতাত দলিত সম্প্ৰদায়ৰ বিননি আৰু আন
কিছুমানত সাম্যবাদক ভিত্তি কৰি পৃথিৱীত শ্ৰেণীহীন মানৱ সমাজ গঢ়াৰ আহ৩ান দেখা যায়৷
আকৌ কিছুমান কবিতাত প্ৰাচীন আখ্যান-উপাখ্যানৰ পুনৰনিৰ্মাণ ঘটোৱা দেখা যায়৷ এইদৰে
বিচিত্ৰ বিষয়বস্তু আৰু শৈলীত ৰচিত আধুনিক তামিল কবিতাবোৰ ভাৰতীয় সাহিত্যৰ এক
অমূল্য সম্পদ৷
*****
Thank you Sir for published.
ReplyDelete