তামিল ভাষা আৰু সাহিত্য
(Introduction
to Tamil language and Literature)
ড॰ বি. বিজয়কুমাৰ
& অনামিকা ৰাজবংশী
তামিল শব্দৰ অৰ্থ হ’ল ‘মধুৰ’৷ এই ভাষাটো তামিল
ভাষীসকলৰ মাতৃভাষা৷ এই ভাষা দ্ৰাবিড়ীয় ভাষাগোষ্ঠীৰ গুৰুত্বপূৰ্ণ ভাষা৷ লগতে এই ভাষা
এটা ধ্ৰুপদী ভাষা৷ তামিল ভাষা ভাৰতবৰ্ষ, শ্ৰী লংকা, মালয়েছিয়া আৰু ছিংগাপুৰত বসবাস
কৰা তামিল লোকসকলে ব্যৱহাৰ কৰে৷ আকৌ, দক্ষিণ আফ্ৰিকাৰ কিছুসংখ্যক ৰাজ্য, মৰিছিয়াছ,
ফিজি, ৰি. ইউনিয়ন আদি ৰাজ্যসমূহৰ কিছুসংখ্যক মানুহেও নিজৰ কথা বতৰাত এই ভাষা ব্যৱহাৰ
কৰে৷ বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীত প্ৰায় ১০ কোটি মান মানুহে তামিল ভাষা কয়৷ ইণ্টাৰনেটত
ভাৰতীয় ভাষাসমূহৰ ভিতৰত যিসমূহ ভাষা ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত বেছিসংখ্যক মানুহে তামিল
ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷
তামিল
ভাষাৰ তিনিহেজাৰ বছৰীয়া পুৰণি ইতিহাস আছে৷ তামিল ভাষাৰ নীতিশাস্ত্ৰ ‘তিৰুক্কুৰল’ খন
লিখা প্ৰায় দুহেজাৰ বছৰ হৈ গ’ল যদিও বৰ্তমান সময়তো এয়া জনসাধাৰণে পঢ়িব পাৰে৷ এই ভাষা
পুৰণি হোৱাৰ লগতে অতীজৰে পৰা নিৰৱচ্ছিন্নভাৱে জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আহিছে৷
ইতিহাস
ভাৰতবৰ্ষত প্ৰচলিত ভাষাসমূহৰ ভিতৰত তামিল ভাষাই বৃহৎ আৰু দীঘলীয়া পৰম্পৰা ৰক্ষা কৰি আহিছে৷ ইয়াৰে কিছুসংখ্যক সাহিত্যই দুহেজাৰ বছৰ অতিক্ৰম কৰিবলৈও সক্ষম হৈছে৷ ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰায় একলাখমান শিলালিপি পোৱা গৈছে৷ ইয়াৰে ৬০ হাজাৰমান তামিলনাডুত পোৱা গৈছে আৰু ইয়াৰে ৯০ণই তামিল ভাষাত লিখা৷ প্ৰাচীন কালত তামিল ভাষাৰ সাহিত্যসমূহ তালপাতত লিখা হৈছিল৷ সেয়ে তাৰ উৎপত্তিৰ সঠিক সময় সম্পৰ্কে তালপাতসমূহৰ পৰা জানিব পৰাটো সম্ভৱপৰ নহয়৷ বৰ্তমানে তামিলনাডুৰ ‘কিলদি’ নামৰ খনন কাৰ্যত সিসমূহ তথ্য পাতি উদ্ধাৰ হৈছে; সেই সমূহৰ জৰিয়তে তামিল ভাষাটো ২৫ হাজাৰ বছৰ আগৰ পুৰণি বুলি জানিব পৰা গৈছে৷ তামিল ভাষাত পোৱা প্ৰথম গ্ৰন্থখন হ’ল ‘টোলকাপিয়ম’ ৷ এইখন এখন ব্যাকৰণ গ্ৰন্থ৷ এই গ্ৰন্থখনত প্ৰাচীন কালত সৃষ্টি হোৱা তামিল ভাষা সম্বন্ধে ব্যাখ্যা কৰা আছে৷ তামিল ভাষাৰ প্ৰথম আৰু প্ৰাচীন কাব্যখন হ’ল ‘চিলপ্পদিকাৰম’৷ এইখনৰ ৰচনাকাল দ্বিতীয় শতাব্দী৷ তামিল সাহিত্যিক সকলে তামিল সাহিত্যক ৫ টা ভাগত ভগাইছে-
সংঘ
কাল
[খ্ৰীষ্টপূৰ্ব
৪০০ - খৃষ্টাব্দ ৩০০]
উত্তৰ
সংঘ কাল নাইবা নীতি সাহিত্যৰ কাল
[খৃষ্টাব্দ
৩০০ - খৃষ্টাব্দ ৭০০]
ভক্তি
সাহিত্যৰ কাল
[খৃষ্টাব্দ
৭০০ - খৃষ্টাব্দ ১২০০]
মধ্য
কাল
[খৃষ্টাব্দ
১২০০ - খৃষ্টাব্দ ১৮০০]
বৰ্তমান
কাল
[খৃষ্টাব্দ
১৮০০ - বৰ্তমানলৈকে]
অৱশ্যে,
তামিল সাহিত্যৰ বিভাজনক লৈ বিভিন্নজন পণ্ডিতৰ মাজত মতবিৰোধ দেখা যায়৷
ভক্তিকাল
আৰু মধ্যকালৰ সময়ত সংস্কৃত ভাষাৰ শব্দৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ পাৰদিমাৰ কলেইন্যৰ আৰু
মৰইমলই অডিগল এই দুজন পণ্ডিতে তামিল ভাষাৰ পৰা সংস্কৃত শব্দ আঁতৰোৱাৰ বাবে অনেক কাৰ্যপন্থা
সাধন কৰিছিল৷ ইয়াৰ বাবে আনকি তেওঁলোকে Tamil Purist Movement ৰো জন্ম দিছিল৷ এই আন্দোলনে
তামিলনাডুৰ চৰকাৰী নথি-পত্ৰ, বক্তৃতা, বিজ্ঞান সন্মত লেখা আৰু অন্যান্য ক্ষেত্ৰত প্ৰকৃত
তামিল ভাষাৰ ব্যৱহাৰৰ নতুন পথ প্ৰশস্ত কৰি তুলিছিল৷
দ্ৰাবিড়
ভাষা পৰিয়াল
দ্ৰাবিড়
ভাষা পৰিয়াল ৮৫ টা ভাষাৰ সমস্তি৷ দক্ষিণ ভাৰতত এই ভাষা পৰিয়ালৰ অন্তৰ্গত তামিল, তেলেগু,
কন্নড় আৰু মালায়ালম ভাষা ব্যৱহাৰ কৰা হয়৷ এই ভাষাকেইটাৰ মাজত ঘনিষ্ঠ আন্তঃসম্পৰ্ক
আছে৷ ভৌগোলিক বিস্তাৰৰ ওপৰত ভিত্তি কৰি দ্ৰাবিড় ভাষাসমূহক প্তটা ভাগত ভগোৱা হৈছে-
ক]
দক্ষিণ দ্ৰাবিড় ভাষা
খ]
দক্ষিণ মধ্য দ্ৰাবিড় ভাষা
গ]
মধ্য দ্ৰাবিড় ভাষা
ঘ]
উত্তৰ দ্ৰাবিড় ভাষা
ঙ]
অবিভাজিত ভাষা
ইয়াৰে
দক্ষিণ দ্ৰাবিড় ভাষাত ৩৪ টা ভাষা, দক্ষিণ মধ্য দ্ৰাবিড় ভাষাত ২১ টা ভাষা, মধ্য দ্ৰাবিড়
ভাষাত ৫ টা ভাষা, উত্তৰ দ্ৰাবিড় ভাষাত ৫ টা ভাষা আৰু অবিভাজিত ভাষাত ৮ টা ভাষা আছে৷
এনেদৰে বৰ্তমানলৈকে ৭৩ টা ভাষা চিনাক্ত কৰা হৈছে৷ তলত দ্ৰাবিড় ভাষা পৰিয়ালৰ অন্তৰ্গত
কেইটামান ভাষা উল্লেখ কৰা হ’ল-
তামিল,
কন্নড়, মালায়ালম, তুলুৱম, পিয়ৰি, পদকু, কুদকু, কুৰুম্বা, কানিকাৰৰ, কোত্ৰাকোৰকা, ইৰুলা,
তোদা, কোটৰ, আল্লৰ, তেলেগু, কোন্দি, মুৰিয়া, কুই, মাৰিয়া, কুবি, বেংগো, কোয়া, বৰ্দান,
চিন্জু, কোন্দা, নাগৰচাল, মণ্ডা, কোলমি, তুৰুৱা, ওল্লাৰি, নাইকি, প্ৰাগুই, কুৰুকু,
চউৰিয়া বগৰিয়া, কুমাৰপক বগৰিয়া ইত্যাদি৷
তামিল
কথিত অঞ্চল
ভাৰতবৰ্ষৰ
ভিতৰত তামিলনাডুতেই অধিক সংখ্যকলোক আৰু উত্তৰ-পূৱ শ্ৰীলংকাৰ লোকসকলে তামিল ভাষা কয়৷
ইয়াৰ বাহিৰেও কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশৰ সীমান্ত অঞ্চলত আৰু শ্ৰী লংকাৰ মধ্য
অংশৰ পৰ্বতীয়া অঞ্চলত এই তামিল ভাষা কথিত ভাষা হিচাপে ব্যৱহাৰ হৈ আহিছে৷ ১৯ আৰু ২০
শতিকাত ব্ৰিটিছ ঔপনিৱেশিকতাৰ প্ৰভাৱত পৰি বিভিন্ন ধৰণৰ কামৰ বাবে ছিংগাপুৰ, দক্ষিণ
আফ্ৰিকা, ফিজি, মৰিছিয়াছ আদি ঠাইলৈ তামিলনাডুৰ পৰা বহুসংখ্যক লোকৰ প্ৰব্ৰজন ঘটে৷ সেইসকল
মানুহ আজিও তাতে নিগাজিকৈ আছে আৰু তেওঁলোকেও তামিল ভাষা কয়৷
চৰকাৰী
ভাষা হিচাপে স্বীকৃতিপ্ৰদান
তামিল
ভাষা ভাৰতবৰ্ষৰ তামিলনাডুৰ চৰকাৰী ভাষা৷ লগতে এই ভাষা শ্ৰীলংকাৰো চৰকাৰী ভাষা৷ চৰকাৰী
ভাষা হোৱাৰ লগতে এই ভাষা ভাৰতবৰ্ষৰ এটা অনুসূচীত ভাষা৷ পণ্ডিচেৰীৰ কেন্দ্ৰীয় শাসিত
প্ৰদেশ, ছিংগাপুৰ, মালয়েছিয়াৰো ই এক চৰকাৰী ভাষা৷ মালয়েছিয়াৰ ৬০০খন তামিল বিদ্যালয়ত
তামিল ভাষা শিকোৱা হয়৷ ভাৰতবৰ্ষৰ বাহিৰেও বিদেশতো তামিল ভাষা শিকিবৰ বাবে বিদ্যালয়,
কলেজ, বিশ্ববিদ্যালয়ত পাঠদান কৰা হয়৷ লগতে দেশৰ মুদ্ৰাৰ ক্ষেত্ৰতো তামিল ভাষাৰ ব্যৱহাৰ
কৰা হয়৷
ধ্ৰুপদী
তামিল ভাষা
বিশ্বত বিভিন্ন ভাষা আছে৷ এই ভাষাসমূহৰ ভিতৰত কিছুমান
ধ্ৰুপদী ভাষাও আছে৷ ইউৰোপীয় ভাষাসমূহৰ ভিতৰত গ্ৰীক আৰু লেটিন ভাষাক ধ্ৰুপদী ভাষা বুলি
কোৱা হয়৷ ভাৰতবৰ্ষত প্ৰাচীন বা ধ্ৰুপদী ভাষা হিচাপে আৰবী, পাৰ্ছীয়ান, সংস্কৃত, তামিল,
পালি এই ভাষাসমূহ চিহ্নিত হৈছে৷ চীনা ভাষা আৰু হিব্ৰু ভাষাও ধ্ৰুপদী ভাষা৷ ২০০৪ চনৰ
এপ্ৰিল মাহৰ ১২ তাৰিখে কেন্দ্ৰীয় চৰকাৰে তামিল ভাষাক ধ্ৰুপদী ভাষা বুলি ঘোষণা কৰিছে৷
ভাষাৰ প্ৰাচীনতা আৰু অন্য কিছু অসাধাৰণত্ব আদি দিশৰ পৰা চাই এই ভাষাক ধ্ৰুপদীৰ শাৰীত
পেলাব পাৰি৷ ধ্ৰুপদী ভাষাৰ পৰ্যায়লৈ উন্নীত হোৱাৰ বাবে ৱা.চে.কুলন্দস্বামীয়ে তলত উল্লেখ
কৰা দিশবোৰ উল্লেখ কৰিছে-
ক]
প্ৰাচীন সম্পদ
খ]
সমন্বয়
গ]
নিৰ্মলতা
ঘ]
নিয়ন্ত্ৰণ
ঙ]
সzম
চ]
আদৰ্শবাদ
ছ]
বিশ্বজনীনতা
জ]
যুক্তি
ঝ]
শৃংখলা
ঞ]
মানৱতাবাদ
তামিল
ভাষাৰ উপভাষা
তামিলনাডু
ভৌগোলিকভাৱে বহল পৰিসৰৰ অন্তৰ্গত৷ ভৌগোলিকভাৱে অৱস্থিত ভিন্ন ঠাইৰ তামিল ভাষাৰ মাজত
পাৰ্থক্যও দেখা যায়৷ তামিল ভাষাৰ উপভাষা ঠাই অনুযায়ী অনেক৷ যেনেঃ উত্তৰফালে চেন্নাই
উপভাষা, পূৱ ফালে কুংগু উপভাষা, দক্ষিণত তিৰুনেলৱেলী উপভাষা, মদুৰাই উপভাষা, মধ্যফালে
টাঞ্জাভূৰ উপভাষা, পূৱত সমুদ্ৰকুলস্থিত ঠাইত সমুদ্ৰৰ উপভাষাৰ প্ৰচলন আছে৷ শ্ৰীলংকাৰ
মানুহখিনিয়েও আন ভাষাৰ সহায় নলৈ কেৱল তামিল ভাষাকেই ব্যৱহাৰ কৰে৷ এনেদৰে তামিল ভাষাৰ
প্ৰায় ২২ টা মান উপভাষাৰ ব্যৱহাৰ দেখা যায়৷
তামিল
লিপি
তামিল
লিপিৰ নাম হ’ল ‘ৱট্টলুত্তু’ ৷ এয়া তামিল ভাষাৰ অনন্য আৰু একক নিজস্ব লিপি৷ পিছে এই
লিপিৰে সংস্কৃত ভাষাৰ শব্দ লিখিব পৰা নাযায়৷ সেয়ে সংস্কৃত নাইবা আন যিবোৰ শব্দ তামিল
ভাষাত ব্যৱহাৰ নহয়; অন্য ভাষাতহে হয় তাৰ সুবিধাৰ বাবে ইয়াৰ বৰ্ণমালাত ৬ টাকৈ গ্ৰন্থ
লিপি অৱলম্বন কৰি লোৱা হৈছে৷ তামিল ভাষাত বেলেগ ভাষাৰ উচ্ছাৰণ কৰিবলৈ হ’লে কিদৰে লিখিব
লাগে সেই সম্বন্ধে টোলকাপিয়মে ব্যাখা্য কৰিছে৷ তামিল লিপিত ১৯ শতিকাত নতুনত্বৰ প্ৰভাৱ
পৰিছে৷ বীৰমামুনিৱৰ আৰু হ.×চে. ৰামস্বামীয়ে দুটা লিপি পুনঃসংস্কৰণ কৰিছে৷
Vowel (স্বৰবৰ্ণ)
அ, ஆ, இ, ஈ, உ, ஊ, எ, ஏ, ஐ, ஒ ஓ, ஔ
Consonants
க், ங், ச், ஞ், ட், ண், த், ந், ப், ம், ய், ர், ல், வ், ழ், ள், ற், ன்
Grantha script (গ্ৰন্থ বৰ্ণ)
ஸ, ஜ, ஷ, க்ஷ, ஹ, ஸ்ரீ
তামিল ভাষাৰ বৰ্ণমালাত ১২ টা স্বৰবৰ্ণ আৰু
১৮ টা ব্যঞ্জন বৰ্ণ আছে৷ এই ১২ টা স্বৰবৰ্ণৰ চিহ্নসমূহক ১৮ টা ব্যঞ্জন বৰ্ণৰ প্ৰত্যেকৰে
ক্ষেত্ৰত প্ৰয়োগ কৰিলে ২১৬ টা বৰ্ণৰে তামিল বৰ্ণমালাৰ তালিকা এখন প্ৰস্তুত কৰিব পাৰি৷
ইয়াৰ লগতে তামিল ভাষাৰ বৰ্ণমালাত আৰু ৬ টা বৰ্ণ আছে৷ এই বৰ্ণকেইটাক গ্ৰন্থ বৰ্ণ
(Grantha Script) বুলি কোৱা হয়৷ এই বৰ্ণকেইটাৰ ক্ষেত্ৰটো স্বৰবৰ্ণৰ চিহ্নসমূহ ব্যৱহাৰ
কৰা হয়৷ ইয়াৰ লগতে তামিল বৰ্ণমালাখনত আয়ধ বৰ্ণ এটিও আছে৷ এই বৰ্ণটোৰ ক্ষেত্ৰত স্বৰবৰ্ণৰ
চিহ্নৰ ব্যৱহাৰ কৰিব পৰা নাযায়৷ এই বৰ্ণটোকে
ধৰি তামিল বৰ্ণমালাৰ তালিকাখনত মুঠতে ২৪৭ টা বৰ্ণ পোৱা যায়৷ ইয়াৰে স্বৰবৰ্ণত ৫ টা বৰ্ণ
হ্ৰস্ব স্বৰ (Short sound) আৰু আন কেইটা দীৰ্ঘ স্বৰ [Long sound]৷ হ্ৰস্ব স্বৰ সমূহ
এক মাত্ৰা আৰু দীৰ্ঘ স্বৰসমূহ দুই মাত্ৰাত ব্যৱহাৰ কৰাটো তামিল বৰ্ণমালাৰ নিয়ম৷ আকৌ
ব্যঞ্জন বৰ্ণসমূহ আধা মাত্ৰাত ব্যৱহাৰ কৰিব লাগে৷ আয়ধ বৰ্ণৰ ব্যৱহাৰৰ নিয়মটো এয়াই যে
এই বৰ্ণটো কেতিয়াও কোনো এটা শব্দৰেই ঠিক আগত নাইবা ঠিক পাছত ব্যৱহাৰ কৰা নহয়৷ দুটা
বৰ্ণৰ মাজতহে এই বৰ্ণটো ব্যৱহাৰ কৰিব পাৰি৷ তামিল ভাষাত সাধাৰণতে শ, স, ষ, হ ৰ নিচিনা
বৰ্ণৰ ব্যৱহাৰ নহয়৷ তামিল ভাষাৰ টোলকাপিয়ম ব্যাকৰণ গ্ৰন্থত কোন ঠাইত কিদৰে শব্দৰ উচ্ছাৰণ
আৰু তাৰ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে নিৰ্দেশ দিয়া আছে৷ ১৩ শতিকাত নন্নুল নামৰ ব্যাকৰণ গ্ৰন্থত এনেধৰণৰ অনেক নীতি নিয়ম আছে৷
টোলকাপিয়ম আৰু নন্নুল এই দুখন ব্যাকৰণ তামিল ভাষাৰ অত্যন্ত জনপ্ৰিয় ব্যাকৰণ গ্ৰন্থ৷
তামিল
সংখ্যা
তামিল
ভাষাত সংখ্যা সমূহক বুজাবলৈ বেলেগ বেলেগ অক্ষৰ ব্যৱহাৰ কৰা হৈছিল৷ আজিৰ পৰা প্ৰায় ১০
বছৰমান আগলৈকে সেই প্ৰাচীন সংখ্যা লিখা পদ্ধতিকেই ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু বৰ্তমান
সময়ত তাৰ ঠাইত ৰোমান সংখ্যা ব্যৱহাৰ কৰা হয়৷
তামিল
ভাষাৰ গৱেষণা আৰু উন্নতিমূলক অনুষ্ঠান আৰু সংস্থা
তামিল
ভাষাৰ উন্নতিৰ বাবে তামিল চৰকাৰে অনেক অনুষ্ঠানৰ জন্ম দিছে৷ এনে অসংখ্য অনুষ্ঠান সক্ৰিয়ভাৱে
স্থাপনো কৰা হৈছে৷ যোগাযোগৰ মাধ্যম হিচাপে তামিলনাডুত দুবিধ ভাষাহে ব্যৱহাৰ কৰা হয়
তামিল আৰু ইংৰাজী৷ নিজৰ ৰাজ্যৰ মানুহৰ লগত হোৱা কথাবতৰাত মাতৃভাষা তামিল আৰু অন্যান্য
ৰাজ্য নাইবা দেশৰ মানুহৰ লগত হোৱা কথাবতৰাত ইংৰাজী ভাষাৰ প্ৰচলন কৰা হয়৷
তামিল
ভাষাৰ উন্নতিৰ বাবে আনকি পৃথক মন্ত্ৰালয়ো আছে৷ এনে কিছুমান অনুষ্ঠান হ’ল-
১. Tamil University
২. Central Institute of Classical Tamil
৩. International Institute of Tamil
Studies
৪. Tamil Scientific Forum
৫. Department of Tamil Development,
Govt of Tamilnadu
৬. International Forum for Information
Technology in Tamil আদি৷
তামিলৰ
ভাষা প্ৰেম
তামিল
লোকসকলৰ নিজৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি এক বিশেষ টান আছে৷ নিজৰ দেশৰ প্ৰতি
থকা প্ৰেমৰ নিচিনাকৈয়ে এই প্ৰেম অমৰ৷ আনকি ৰাজনীতিৰ ক্ষেত্ৰটো ইয়াৰ আভাস পৰিলক্ষিত
হয়৷ নিজৰ সাহিত্য, কৰ্তব্য, দায়িত্ববোধ, আন্দোলনৰ স্বৰূপ, কাৰ্য-কলাপ আদি তেওঁলোকৰ
সাহিত্যৰ মাজত প্ৰতিফলিত হয়৷ ভাষাৰ প্ৰতি তেওঁলোকৰ আৱেগসম্বলিত এটি প্ৰৱচন হ’ল-
‘উদল
মন্নুক্কু
উয়ীৰ
তামিলুক্কু’
[যাৰ অৰ্থ হ’ল দেহটো মাটিৰ বাবে আৰু জীৱনটো
তামিলৰ বাবে৷]
তামিল
সাহিত্য
তামিল
সাহিত্য অতি চহকী আৰু দুহেজাৰ বছৰ পুৰণি সাহিত্য৷ দক্ষিণ ভাৰতৰ তামিল লোকসকলে তামিল
ভাষাৰ সাহিত্যৰাজি প্ৰণয়ন কৰি উলিয়াইছে৷ এইলোকসকল তামিলনাডু, কেৰালা আৰু শ্ৰীলংকাৰ
তামিল লোক৷ তামিল সাহিত্যৰ পৌৰাণিক সাহিত্যকৃতিক ‘সংঘম সাহিত্য’ বুলি কোৱা হয়৷ এয়া খ্ৰীষ্টজন্মৰ আগৰ সাহিত্য৷ এই সাহিত্যত কবিতাৰ সংগ্ৰহ
(Anthologies) পোৱা যায়৷ মানৱ জীৱনৰ কেতবোৰ
উপাদান যেনেঃ প্ৰেম, যুদ্ধ, সমাজৰ প্ৰতি মূল্যবোধ আদি এই কবিতাসমূহৰ মূল৷ ইয়াৰ পাছত
কাব্য, মহাকাব্য, নীতি সাহিত্য এইসমূহ হিন্দু, জৈন, বৌদ্ধ লেখকসকলে খ্ৰীষ্টজন্মৰ পাছত
পঞ্চম শতিকালৈকে ৰচনা কৰিছিল৷ ষষ্ঠৰ পৰা দ্বাদশ শতিকালৈকে ভক্তি কবিতাসমূহ আলৱাৰ আৰু
নায়নমাৰ সকলে ৰচনা কৰিছিল৷ এই সময়খিনি ‘ভক্তি
আন্দোলন’ৰ সময়৷ ইয়াৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষলৈ ভক্তি আন্দোলনৰ প্ৰভাৱ বিয়পি পৰিছিল৷ কম্ব
ৰামায়ণ আৰু পেৰীয় পুৰাণম এই সময়ৰ ৰচনা৷ চোল আৰু পাণ্ড্য ৰজাই এই ধ্ৰুপদী
গ্ৰন্থৰ ৰচনাত সহযোগিতা আগবঢ়াইছিল৷ ইয়াৰ পাছত
গৌণ অৰ্থাৎ সৰু সৰু সাহিত্যকৰ্মৰ সৃষ্টি হৈছিল৷ পাছলৈ মুছলমান আৰু ইউৰোপীয়ান লেখকসকলেও
তামিল সাহিত্যৰ উন্নতিৰ দিশত সহযোগিতা আগবঢ়াইছিল৷
খ্ৰীষ্টিয়
ওঠৰ-ঊন্নৈশ শতিকা দুটা তামিল সাহিত্যৰ নৱজাগৰণৰ সময়৷ এই সময়ৰ ভিতৰতে মহাকবি সুব্ৰমণিয়
ভাৰতি শ্চ²ল্পণ্ড্ৰপধড্ৰন দ£পণ্ঠ) নামৰ দেশপ্ৰেমিক
কবিজনে নিজৰ ৰচনাৰ মাধ্যমেৰে নতুন যুগৰ বাৰ্তা কঢ়িয়াই আনিছিল৷ আন আন সাহিত্যিকসকলৰ
ৰচনাতো তেওঁৰ প্ৰভাৱ পৰিছিল৷ তামিল গদ্য সাহিত্যৰ ক্ষেত্ৰখনো লহপহকৈ বাঢ়ি উঠিল৷ সময়ৰ
লগে লগে চুটিগল্প, উপন্যাস, নতুন কবিতা আদিয়েও গা কৰি উঠিলে৷ এই সাহিত্যসমূহক যুগ আৰু
সাহিত্যৰ বিধাৰ পৰিপ্ৰেক্ষিতত এনেদৰে বিচাৰ কৰি চাব পাৰি-
১৷ সংঘম সাহিত্য
২৷ ব্যাকৰণ গ্ৰন্থ
ক]
অগত্তিয়ম
খ]
টোলকাপ্পিয়ম
৩৷ এট্টুততোকেই
নাত্ৰিনেই,
কুৰুনটোকেই, আয়ংকুৰুনুৰু, পদিতৰুপাতত, পৰিপাদল, কলিততোকেই, অকনানুৰ¸ পুৰনানুৰু
৪৷ পত্তুপাট্টু
তিৰুমুৰুগাতৰুপদই,
পুৰনাআতৰুপদই চিৰুবানতৰুপদই, পেৰুমপানাতৰুপদই, মুল্লইপাততু, মদুৰাইকানজী, নেদুনলৱাদই,
কুৰীনজীপাততু, পত্তিনপপালেই, মলইপদুকদাম
৫৷ পদিনেন্ কীলকণক্কু
নালড়িয়াৰ
কাৰ নাৰপদু, আয়নদীনই আমপদু, আয়নদীনই এৰুপদু, দীনইমোৰি আমপদু, দীনইমালই নুতৰেইমপদু,
কইনীলই, কলৱৰী নাৰপদু, নানমনীককদীকই, ইননৰ নাৰপদু, ইনিয়বই নাৰপদু, মুপপাল, দীৰীকদুকম,
আচাৰককোৱেই, পৰমোৰী, চীৰুপঞ্জমুল, পুদুমোৰীকানজী, এলাদী
৬৷ পঞ্চ মহাকাব্য
চিলপ্পদিকাৰম, মণিমেখলই, চীৱক চিন্তামণি, বলয়াপতি
আৰু কুণ্ডলকেশী ৷
৭৷ পঞ্চ লঘু কাব্য জ্ঞ
নীলকেশী,
চুড়ামণি, যশোধৰা কাব্যম, নাগকুমাৰ কাব্যম আৰু উদয়ণ্নটদৈ ৷
৮৷ মুত্তোলায়িৰম
৯৷ কম্ব ৰামায়ণ
খ্ৰীষ্টিয়
নৱম শতিকাত কম্বনৰ ৰামায়ন ৰচনা কৰা হৈছিল৷ বাল্মীকি ৰামায়ণত কোশল ৰাজ্যৰ বৰ্ণনা কৰাৰ
নিচিনাকৈয়ে কম্বন ৰামায়ণত কম্বনে চোল ৰাজ্যক নিজৰ চকুৰ সন্মুখত ৰাখি কম্বন ৰামায়ণৰ
কাহিনী বৰ্ণনা কৰিছিল৷ এই ৰামায়ণখনক ‘ৰামাৱতাৰম’ নাইবা ‘ৰামকদই’ বুলিও জনা যায়৷
১০৷ অন্যান্য ৰামায়ণ গ্ৰন্থঃ
ক]
ৰঘু বংশম
খ]
ৰামায়ণ ৱেণপা
গ]
ৰাৱণ কাব্য
১১৷ মিথ/উপাখ্যানৰ লগত জড়িত [পুৰাণ]
ক]
ভাৰত ৱেণপা
খ]
নল ৱেণপা
গ]
বিল্লিপাৰতম
ঘ]
নইটদম
ঙ]
বসু চৰিত্ৰম
চ]
নল্ল পিল্লই চৰিত্তিৰম
ছ]
পাঞ্চালী শপথম
১২৷ বৌদ্ধ ভক্তি সাহিত্য
ক]
মণিমেখলই
খ]
কুণ্ডলকেশী
গ]
বিম্বিসাৰ কদই
ঘ]
অৰিমৰত্তণ অৱতাৰম
ঙ]
তিৰুপ্পদিকম
চ]
সিদ্ধান্ততোকেই
১৩৷ জৈন ভক্তি সাহিত্য
ক]
পাৱেই পাট্টু
খ]
তিৰুনুত্ৰু অন্তাদি
গ]
তিৰুক্কলমপকম
ঘ]
আদিনাদৰ পিল্লই তামিল
ঙ]
সিদ্ধান্ত তোকেই
১৩.০১ জৈন ব্যাকৰণ গ্ৰন্থ
ক]
অভিনয়ম
খ]
য়াপ্পৰুংকলম
গ]
য়াপ্পেৰুংকল কাৰিকই
ঘ]
নেমিনাদম
ঙ]
ৱচ্ছণন্দি মালই
চ]
নন্নুল
ছ]
নম্বিয়কপ্ পোৰুল
১৩.০২ নিগন্দু [কবিতাৰ আৰ্হিত ৰচিত অভিধান]
ক]
দিবাকৰ নিগন্দু
খ]
পিংগলনদই নিগন্দু
ঘ]
উৰিচ্চোল নিগন্দু
ঙ]
চুদামণি নিগন্দু
১৪৷ শৈৱ সাহিত্য
ক]
তিৰুক্কদেইক্কাপ্পু
খ]
দেৱাৰম
গ]
তিৰুপ্পাট্টু
ঘ]
তিৰুৱাচকম
ঙ]
তিৰুক্কোৱেইয়াৰ
চ]
তিৰুৱিচেইপ্পা
ছ]
তিৰুপ্পল্লানদু
জ]
তিৰু মন্দিৰম
ঝ]
ভক্তি পাদলকল
ঞ]
পেৰিয় পুৰাণম
১৫৷ বৈষ্ণৱ সাহিত্য- নালায়িৰা দিব্য প্ৰৱন্ধম
ক]
মুদল তিৰুৱণতাদি
খ]
ইৰনদাম তিৰুৱণতাদি
গ]
মূনৰাম তিৰুৱণতাদি
ঘ]
তিৰুচ্ছ বিৰুত্তম, নানমুকন তিৰুৱণতাদি,
ঙ]
তিৰু আচিৰিয়ম, তিৰুবায়মোলি, তিৰুৱিৰুত্তম, পেৰিয তিৰুৱণতাদি
চ]
কননিনুন চিৰুদামপু পদিকম
ছ]
পেৰুমাল তিৰুমোলি
জ]
পেৰিয়ালৱাৰ তিৰুমোলি
ঝ]
নাচ্চিয়াৰ তিৰুমোলি, তিৰুপ্পাৱই
ঞ]
অমলাদিপ্পিৰান পদিকম
ট]
তিৰুমালই, তিৰুপ্পল্লি এৰুচ্ছি
ঠ]
পেৰিয় তিৰুমোলি
ড]
তিৰুক্কুৰুণদান্দকম
ঢ]
তিৰুনেদুন্দানদকম
ণ]
তিৰুৱেৰু কূত্ৰিৰুক্কই
ত]
চিৰিয় তিৰুমদল
থ]
পেৰিয় তিৰুমদল
১৬৷ তামিল সাহিত্যত বহুকেইজন খ্ৰীষ্টিয়ান
সাহিত্যিকে অৱদান আগবঢ়াইছে৷ এই সময়ত তামিল সাহিত্যত যথেষ্ট সংখ্যক পুথি ছপা হৈ ওলাইছিল৷
এই সময়ত পূৰ্বৰ পদ্যত লিখা গ্ৰন্থসমূহক গদ্যত লিখাৰ ৰীতি আৰম্ভ হৈছিল৷ মিছনেৰীসকলে
লিখা প্ৰবন্ধ, আলোচনামূলক সাহিত্য, সমালোচনা সাহিত্য, গল্প এই আটাইবোৰে তামিল সাহিত্যৰ
বিকাশত বৰঙণি যোগালে৷ খ্ৰীষ্টিয়ান লেখকসকলৰ ভিতৰত-
১.
ৰৱাৰ্ট-ডে-নোপিলি [১৫৭৭-১৬৫৬] (Roberto de Nobili)
২.
যোছেফ বেস্কি [১৬৮০-১৭৪১] (Joseph Beschi)
৩.
জিগেনবাল্গ [১৬৮৩-১৭১৯] (দ্বiegenbalg)
৪.
ৰেনিয়স [১৭৮০-১৮৩৮] (Rhenius)
৫.
ৰবাৰ্ট কাল্ডৱেল [১৮১৪-১৮৯১] (Robert Caldwell)
৬.
এল্লিস [১৭৫০-১৮১৯] (Ellis)
৭.
জী. য়ু. পোপ [১৮২০-১৯০৭] (G.
U. Pope)
আদি উল্লেখযোগ্য৷
-এই লেখকসকলে সাহিত্য বিষয়ক, ব্যাকৰণ সম্বন্ধীয়,
তুলনাত্মক সাহিত্য, ভাষাৰ তুলনা, অনুবাদ, সাহিত্য সংগ্ৰহ, বৰ্ণমালাৰ নতুন নিৰ্মাণ,
গদ্য সাহিত্য, পুৰাতাত্ত্বিক, নতুনকৈ ছপা কাৰ্য, সমালোচনা সাহিত্য, সাঁচিপাত আদি দিশৰ
বিকাশৰ হকে কাম কৰিছিল৷
১৭৷ ইছলামিক সাহিত্য
তামিল
সাহিত্যৰ জগতখনত মুছলমান লোকসকলৰো অত্যন্ত গুৰুত্বপূৰ্ণ স্থান আছে৷ তেওঁলোকে কবিতা,
কাব্য, লঘু সাহিত্য, ধৰ্মীয়, লোকগীত, গল্প, ফকৰা-যোজনা, তুলনাত্মক সাহিত্য আৰু গদ্যৰ
লগত জড়িত ইছলাম ধৰ্ম বিষয়ক সাহিত্য প্ৰকাশ কৰিছিল৷ সাহিত্যিকসকলৰ ভিতৰত উমৰুপ্পুলৱৰ
[১৬৪২-১৭০৩], কুনংকুদি মস্তান [১৭৮৮-১৮৩৫], চেকনাপ্ পুলৱৰ, চৱৱাদুপ পুলৱৰ, মেত্তা,
ৱন্নক কলনচিয় পুলৱৰ, চেয়কু তমপি পাৱলৰ), ইনকলাব, আব্দুল ৰহমান অন্যতম৷ ইছলামিক সাহিত্যসমূহ
তলত উল্লেখ কৰা হ’লঃ
ক]
চিৰাপ্ পুৰাণম
খ]
মুকেইদিন চদগম
গ]
অগত্তিচন চদগম
ঘ]
কন্নি পাদলকল
চ]
কুতপু নায়কম
ছ]
নাগেই কলমবকম আদি
১৮৷ পঞ্চ মহাকাব্য, পঞ্চলঘু কাব্যৰ পাছত খ্ৰীষ্টিয়
সোতৰ শতিকাত তামিল কাব্যৰ বিকাশ হয়৷ এই সময়ত খ্ৰীষ্টিয়ান কাব্য ৰচনা হয়৷ এই সমূহ হ’ল-
ক] খ্ৰীষ্টিয়ান কাব্য
দেমপৱানি,
ইৰতচনিয় য়াত্তিৰিকম, যীচু কাবিয়ম, যীচু মকাৱিয়ম
খ] ইছলামিক সাহিত্য
চীৰাপ্পুৰানম,
কুতপু নায়কম পুৰাণম
গ] ৰামায়ণ কাব্য
ৱীৰকু
বংশম ৰাৱণ কাব্যম, ৰামায়ণ ৱেণপা
ঘ] পিছৰকালৰ অন্যান্য কাব্য
মৰnমকল
ৱৰি মানমিয়ম, পাণ্ডিয়ন পৰিচু, পুংকোদি, চেন্নিৰোৱিয়ম, ভাৰত শক্তি মহাকাব্য, উদয়ম
১৯৷ গৌণ সাহিত্য
ধৰ্ম,
অৰ্থ, কাম আৰু মোক্ষ এই চাৰি পুৰুষাৰ্থক যেতিয়া মহান সাহিত্যৰ বিষয় হিচাপে লৈ আলোচনা
কৰা হয় তাকেই মুখ্য সাহিত্য বুলি ধৰা হয়৷ আনহাতে যি সমূহ সাহিত্যত এই চাৰি পুৰুষাৰ্থৰ
এটা বা দুটা বাদ পৰে সেই সাহিত্য হ’ল গৌণ সাহিত্য৷ গৌণ সাহিত্যত ভগৱান নাইবা যিকোনো
নিৰ্দিষ্ট এজন ব্যক্তি অৰ্থাৎ কাব্যৰ নায়ক, ধনী মানুহ, ৰজা আদিৰ প্ৰশংসাসূচক বৰ্ণনা
পোৱা যায়৷ দশম শতিকাৰ পাছত তামিল সাহিত্য জগতখনলৈ নতুন নতুন সাহিত্যিক বিধা, নতুন শৈলীৰ
সংযোগ হ’ল৷ এই নতুন সংযোজনে তামিল সাহিত্যক মুখ্য আৰু গৌণ এই দুটা ভাগত ভাগ কৰিলে৷
তামিল ব্যাকৰণ গ্ৰন্থ পন্নিৰু পাট্টিয়ল, ৱচ্ছ নন্দি মালইত ব্যাকৰণ সম্বন্ধীয় অনেক বাখ্যা
কৰা হৈছে৷ ইয়াত ৯৬ বিধ গৌণ সাহিত্য আছে –
১.
অংকমালই
২.
অট্ট মংকলম
৩.
অৰচন ৱিৰুত্তম
৪.
অলংকাৰ পন্চম
৫.
অনুৰাক মালই
৬.
আত্ৰুপদই
৭.
ইনইমনি মালই
৮.
ইয়নমোলি ৱাৰত্তু
৯.
ইৰততেই মণি মালই
১০.
ইৰুপা ইৰুপকদু
১১.
উলা
১২.
উলা মদল
১৩.
উলত্তিপ পাট্টু
১৪.
উৰিন্যেই মালই
১৫.
উৰপৱ মালই
১৬.
ঊচল
১৭.
ঊৰ ৱেণপা
১৮.
ঊৰ নেৰিচই ৱেণপা
১৯.
ঊৰ ইন্নিচইৱেনপা
২০.
পেয়ৰ নেৰিচই ৱেনপা
২১.
পেয়ৰ ইন্নিচই ৱেনপা
২২.
এন্ চেয়য়ুল
২৩.
আয়নদিনই চেয়ুল
২৪.
ওৰুপা ওৰুপকদু
২৫.
এলু কূত্ৰিৰুক্কই
২৬.
ওলিয়নতাদি
২৭.
কদিকই ৱেণপা
২৮.
কদেইনিলই
২৯.
কনপদই নিলই
৩০.
কলমপকম
৩১.
কানচি মালই
৩২.
কাপ্পু মালহ ×
৩৩.
কাপ্পিয়ম
৩৪.
কুলমকন
৩৫.
কুৰত্তিপ্ পাট্টু
৩৬.
কেচাদি পাদম
৩৭.
পাদাদি কেচম
৩৮.
কইক্কিলই মালই
৩৯.
কইয়ৰুনিলই
৪০.
কোৱই
৪১.
চদকম
৪২.
চিন্ন পু
৪৩.
চাদকম
৪৪.চেৰুক্কলৱনজি
৪৫.
চেৱিয়ৰিৱুৰুঊ
৪৬.
তচাংকদয়ল
৪৭.
তচাংকম
৪৮.
তনদক মালই
৪৯.
তানদকম
৫০.
তাৰকই মালই
৫১.
তানই মালই
৫২.
তুমপই মালই
৫৩.
তুয়িলেদই নিলহ
৫৪.
তূদু
৫৫.
তোকই চেয়য়ুল
৫৬.
নয়ন পট্টু
৫৭. পয়োদৰ পট্টু
৫৮.
নৱমণি মালই
৫৯.
নাম মালই
৬০.
পুক১২৬ি মালই
৬১.
নাৰপদু
৬২.
নানমনি মালই
৬৩.
নুত্ৰানদাদি
৬৪.
নোচ্চি মালই
৬৫.
পদিকম
৬৬.পদিত্ৰন্তাদি
৬৭.
পৰণি
৬৮.
পল্চন্দ মালই
৬৯.
পৱনি কাদল
৭০.
পন্মনি মালই
৭১.
পিল্লই তামিল
৭২.
পুৰনিলই
৭৩.
পুৰনিলই ৱালত্তু
৭৪.
পেৰুংকাপ্পিয়ম
৭৫.
পেৰুমকিলচ্চি মালই
৭৬.
পেৰুমংগলম
৭৭.
পোৰকেলু ৱনচি
৭৮.
মংকল ৱেল্লই
৭৯.
মদল
৮০.
মণিমালই
৮১.
মুদু কানচি
৮২.
মুম্মণিক্কোৱই
৮৩.
মুমমণি মালই
৮৪.
মেইকীৰত্তি
৮৫.
ৱচন্দ মালই
৮৬.
ৱৰলাত্ৰু ৱনচি
৮৭.
ৱৰক্ক কোৱই
৮৮.
ৱৰুকক্ মালই
৮৯.
ৱাকই মালই
৯০.
ৱাদোৰন মন্চৰি
৯১.
ৱায়ুৰই ৱাৰত্তু
৯২.
ৱিৰুত্তম
৯৩.
ৱিলক্কু নিলই
৯৪.
ৱিৰৱেতচি মালই
৯৫.
ৱেত্ৰি কৰন্দ মঞ্চৰি
৯৬.
ৱেনিল মালই
২০৷ তামিল ব্যাকৰণ গ্ৰন্থঃ
তামিল
ভাষাত বহু সাহিত্য ৰচনা হৈছে৷ এই সাহিত্যৰাজি ভালদৰে বোধগম্য হ’বৰ বাবে ব্যাকৰণৰ জ্ঞান
অত্যন্ত প্ৰয়োজনীয়৷ তামিল ভাষাৰ সাহিত্যৰ প্ৰাচীনতাৰ নিচিনাকৈয়ে তামিল ভাষাৰ ব্যাকৰণো
প্ৰাচীন৷ তামিল সাহিত্যৰ প্ৰথম গ্ৰন্থখন হ’ল টোলকাপিয়ম আৰু এইখন এখন ব্যাকৰণ গ্ৰন্থ৷
তামিল সাহিত্যৰ আদি যুগত এই গ্ৰন্থখনৰ বাহিৰে লেখতলবলগীয়া আন কোনো ব্যাকৰণ গ্ৰন্থৰ
নাম পোৱা নাযায়৷ আদি যুগৰ পৰা মধ্য যুগলৈকে এই সময়খিনিতো আনকি তেনেধৰণৰ ব্যাকৰণ গ্ৰন্থৰ
ৰচনা হোৱা দেখা নাযায়৷ কিন্তু মধ্য যুগত বহুসংখ্যক ব্যাকৰণ গ্ৰন্থ ৰচনা হোৱা দেখা যায়৷
তামিল ব্যাকৰণবোৰ কেৱল ভাষা নাইবা সাহিত্য সম্পৰ্কীয় ব্যাকৰণেই নাছিল; এইবোৰত গীত-নৃত্য-নাট
আদি বিষয়ো অন্তৰ্ভুক্ত আছিল৷ মধ্যযুগৰ তামিল ব্যাকৰণ গ্ৰন্থ সমূহৰ উল্লেখ তলত সন্নিবিষ্ট
কৰা হ’ল-
ক]
অকত্তিয়ম
খ]
পন্নিৰু পাত্তিয়ল
গ]
ইৰইয়নাৰ অকপ্পোৰুল
ঘ]
য়াপ্পৰুংকলম
ঙ]
য়াপ্পৰুংকল কাৰিকই
চ]
পুৰপ্পোৰুল ৱেণ্পা মালই
ছ]
নম্পি অকপ্পোৰুল
জ]
নেমি নাদম
ঝ]
ৱচ্ছনন্দি মালই
ঞ]
তন্দি অলংকাৰম
ট] মাৰন অলংকাৰম
ঠ]
মাৰম অকপ্পোৰুল
ড]
নন্নুল
ঢ]
ৱীৰ চোলিয়ম
ণ]
ইলক্কন ৱিলক্কম
ত]
ইলক্কনককোত্তু
থ]
অৰুৱকই ইলক্কনম
দ]
চিদম্বৰ চেয়য়ুলকোৱই
ধ] চিদম্বৰ পাত্তিয়ল
ন]
নৱনীদ পাত্তিয়ল
প]
পিৰয়োক ৱিৱেকম
ফ]
পিৰপণদ দীপিকই
ব]
অবিনয়ম
ভ]
তামিল নেৰি ৱিলক্কম
ম]
কলবিয়ল কাৰিকই
য]
চমপন্দৰ পাত্তিয়ল
ৰ]
পাপ্পাৱিনম
ল]
চামি নাদম
ৱ]
তোন্নুল ৱিলক্কম
শ] ইলক্কন চুৰুক্কম
ষ]
ইলক্কন ৱিনাৱিদই
২১৷ নিকন্দু এক প্ৰকাৰৰ অভিধান
ক]
দিৱাকৰম
খ]
পিংগলদৈ
গ]
অকৰাদি নিকন্দু
ঘ]
চুদামনি নিকন্দু
ঙ]
নামদীপ নিকন্দু
চ]
কন্দ স্বামিয়ম
ছ]
তোকেই পেয়ৰ ৱিলক্কম
জ]
নানাৰত্ত দীপিকই
ঝ]
চিন্তামণি নিকন্দু
ঞ]
ৱিৰিৱু নিকন্দু
২২৷ অভিধান
ক]
ৱিৰমামুনিৱৰ অভিধান
খ]
চিকন পালকু
গ]
খ্ৰীষ্টিয় তামিল অভিধান
ঘ]
ৰাতলৰ অভিধান
ঙ]
য়ালপ্পান অভিধান
চ]
ক্লাচিকেল অভিধান
ছ]
পদৰাত্ত ভাস্কৰম
জ]
অপিদান চিন্তামণি
ঝ]
বাইবেল অভিধান
ঞ]
তামিল লেকচিকল
ট]
তামিল ইলক্কনম পোৰকাৰদি
২৩৷ সিদ্ধ সাহিত্য
সিদ্ধ
শব্দৰ অৰ্থ হৈছে প্ৰাপ্তি৷ সিদ্ধাচাৰ্যসকলে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে বিভিন্ন দৰৱ
পাতি প্ৰস্তুত কৰি উলিয়াইছিল৷ অৱশ্যে, ইয়াৰ লগতে আধ্যাত্মিক জ্ঞান সম্বন্ধীয় নানা বিষয়তো
তেওঁলোকে গুৰুত্ব দিছিল৷ সিদ্ধাচাৰ্যসকলে এই বিষয়ে যি সমূহ গ্ৰন্থ লিখি উলিয়াইছিল;
এইসমূহক সিদ্ধ সাহিত্যৰ অন্তৰ্গত৷
ক] তিৰnমূলৰ
খ]
চিৱৱাক্কিয়ৰ
গ]
পট্টিনত্তাৰ
ঘ]
পত্তিৰকিৰিয়াৰ
ঙ]
পামপাট্টি চিট্টৰ
চ]
ইদইক্কাট্টুচ্ছিত্তৰ
ছ]
অকপ্পেয় চিত্তৰ
জ]
কুদমপই চিত্তৰ
ঝ]
অলকনি চিত্তৰ
ঞ]
কোংকনেই চিত্তৰ
ট]
চট্টই মুনি
ঠ]
অকত্তিয়ৰ
ড]
সুব্ৰমণিয় চিত্তৰ
ঢ]
পোকৰ
ণ]
উৰোমুনি চিত্তৰ
ত]
কৰুৱুৰ চিত্তৰ
থ]
তেৰেইয়ৰ
২৪৷ সংকলক (Commentator)
ক]
আৰুমুক নাৱলৰ
খ]
চি.ৱই. দামোদৰম পিল্লই
গ]
উ. ৱে. চা
২৫৷ টীকা গ্ৰন্থঃ
পুৰণি
কালৰ তামিল সাহিত্যসমূহ পদ্যত লিখা হৈছিল৷ পৰৱৰ্তীসময়ত এনেবোৰ গ্ৰন্থ বুজিবৰ বাবে টীকা
গ্ৰন্থৰ প্ৰয়োজন হৈছিল৷ সেয়ে পৰৱৰ্তী টীকাকাৰসকলে গদ্যভাষাত টীকাগ্ৰন্থসমূহ প্ৰণয়ন
কৰিছিল৷ এনে গ্ৰন্থকাৰসকলে দুই ধৰণে টীকা গ্ৰন্থ লিখিছিল৷ সেয়া হ’ল- ব্যাকৰণ আৰু সাহিত্য
গ্ৰন্থৰ টীকা৷ ব্যাকৰণ গ্ৰন্থৰ টীকাকাৰসকল হ’ল- নক্কীৰৰ [অষ্টম শতিকা], চেনাবৰইয়ৰ
[তেৰশ শতিকা], নচ্ছিয়াৰ কিনিয়ৰ [চৈধ্যশ শতিকা],
দৈৱ চিলয়া , কল্লাদৰ , মইলেই নাদন , শংকৰ নমচ্ছিৱায়ৰ
, চিৱন্যান মুনিবৰ , আৰুমুগনাৱলৰ , পেৰুনদেৱনাৰ , কুনস্বাগৰৰ , নাৰ কবিৰাসৰ আদি৷
আকৌ,
সাহিত্যকৰ্মৰ টীকাকাৰ সকল হ’ল- অৰুমপদ উৰই আচিৰিয়ৰ, অদিয়াৰককু নল্লাৰ, পৰিমেললকৰ ৷
সাহিত্যকৃতি-
ক]
ইলক্কন উৰেইয়াচিৰিয়ৰকল
খ]
ইলক্কিয় উৰেইয়াচিৰিয়ৰকল
ঘ]
চময় ইলক্কিয় উৰেইয়াচিৰিয়ৰকল
ঙ]
পাত্তিয়ল উৰেইয়াচিৰিয়ৰকল
তামিল গদ্য সাহিত্যৰ ধাৰা
ইউৰোপীয়ান লোকসকল অহাৰ পাছত তামিল সাহিত্যত গদ্য
সাহিত্যৰ বিকাশ দেখিবলৈ পোৱা যায়৷ আৰম্ভণিতে গদ্য লিখনত দীঘল দীঘল বাক্যৰ ব্যৱহাৰ কৰা
হৈছিল৷ পাছলৈ সময়ৰ লগে লগে দীঘল দীঘল বাক্যৰ ঠাইত ছুটি ছুটি বাক্যৰ ব্যৱহাৰ, বাক্য
এটাত থকা দুটা শব্দৰ মাজত খালী ঠাই দিয়া ধৰণৰ নতুন নতুন নিয়মৰ ব্যৱহাৰ কৰা হ’ল৷ তামিল
গদ্য সাহিত্যৰ বিকাশত গদ্য সাহিত্যৰ জগতখনলৈ বৰঙণি আগবঢ়োৱা কেইজনমান উল্লেখনীয় ব্যক্তি
হ’ল- আৰn মুকনাৱলাৰ ৰামলিংগ অডিগলাৰ, বেদনায়কম পিল্লাই, চিংকাৰৱেলু মুদলিয়াৰ, চেŒব কেশৱৰায় মুদলিয়াৰ, এম. এস. পূৰ্ণালিংগ
পিল্লই, পাণ্ডিত্তুৰই তেৱৰ, মৰইমলই অডিকল, মু. ৰাঘৱ আয়ংগাৰ, বি. কো. সূৰ্যনাৰায়ন শাস্ত্ৰী,
সোমসুন্দৰ ভাৰতি, দি. কে. চি. তিৰn. ¸ৱি. কা, ভেংকটস্বামিনাথন, টি.পি. মীনাক্ষীসুন্দৰম,
তেৱনেয় পাৱনাৰ, মা. ৰাজমাণিক্কম, মু. ভৰদৰাজন, ৱ. সুব মাণিক্কম, আৰিঙৰ অন্না, মু. কৰুণানিধি
আদি ৷
তামিল
গীতি সাহিত্য
তামিল ভাষাৰ সাহিত্যত মুত্তমিল[মুনৰুnÙ তামিল ৃ মুত্তমিল, ইয়াত
মুনৰুৰ অৰ্থ হ’ল তিনি] অৰ্থাৎ গীত, কবিতা আৰু নাটকৰ সমাহাৰ দেখিবলৈ পোৱা যায়৷ তামিল
ভাষাত এই তিনিবিধ সাহিত্যক ক্ৰমে ইয়ল , ইচই
আৰু নাটকম বুলি কোৱা হয়৷ তামিল সাহিত্যৰ
পৌৰাণিক সাহিত্যকৃতিৰ সংঘম কালৰ পৰাই গীতৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ সেই সময়ৰ কুটৰ,
পাণৰ লোকসকলে ৰজাসকলৰ বীৰত্বৰ বৰ্ণনা কৰি প্ৰশংসাসূচক গীত গাইছিল৷ এই গীতৰ প্ৰভাৱ সাহিত্যত
পৰিলক্ষিত হয়৷ সেই সময়ৰ প্ৰথম গ্ৰন্থ টোলকাপ্পিয়মত তাৰ প্ৰভাৱ দেখা যায়৷ সেই সময়ৰ কুটৰ, পাণৰ লোকসকলে
গীতি সাহিত্যৰ দিশটোক টনকিয়াল কৰি তুলিছিল৷ আনকি তামিল প্ৰথম মহাকাব্য চিলপ্পদিকাৰমতো
গীতৰ প্ৰভাৱ আছে৷ পাছলৈ ভক্তি কাললৈও আলৱাৰ, নায়নমাৰ সকলে গীত ৰচনা কৰি জনসাধাৰণক সাহিত্যৰ
দিশলৈ আকৰ্ষণ কৰি তুলিবলৈ সক্ষম হৈছিল৷ এইদৰে তামিল সাহিত্যত পুৰণি কালৰ পৰা বৰ্তমানলৈকে
গীতৰ ধাৰা এটি বৈ আহিছে৷ এই দিশলৈ বৰঙণি আগবঢ়োৱা অৰ্থাৎ তামিল সাহিত্যৰ গীতৰ ৰঙণি
আগবঢ়োৱা কৰা ব্যক্তি কেইজন হ’ল-
ক]
তাঞ্জাই আব্ৰাহাম পণ্ডিতৰ- কৰুণা মৃত সাগৰম
খ]
ৱৰকুন পাণ্ডিয়ন- পাণৰ কইবলি
গ]
বিপুলানন্দ- য়াৰ নুল
সমুদ্ৰ
প্ৰলয়ৰ সময়ত হেৰাই যোৱা কেইখনমান সমালোচনা গ্ৰন্থ হ’ল- নুদুনাৰই, মুদুকুৰুকু, পেৰুনাৰই,
পেৰুংকুৰুকু, পৰদিয়ম, চিত্ৰীসই, পেৰিসই, ইচই আদি৷
নাটকঃ
সাহিত্যত
গীতৰ প্ৰভাৱে সেই সাহিত্যক পাঠক সমাজৰ বোধগম্য হোৱাত সহায় কৰে৷ গীত আমি শ্ৰৱণ কৰিব
পাৰোঁ৷ আকৌ, নাটকৰ ক্ষেত্ৰতো গীতৰ নিচিনাকৈয়ে নাটকে দৰ্শকক বিষয়বস্তুৰ অধিক ওচৰ চপাই
দিয়ে৷ চকুৰে দেখি আৰু কাণেৰে শুনি আমি নাটক উপভে াগ কৰিব পাৰোঁ৷ সেই দিশৰ পৰা নাটকক
শ্ৰূয়মান আৰু দৃষ্টিবেদ্য শিল্পবস্তু বুলি উল্লেখ কৰিব পাৰি৷ প্ৰাচীন তামিল ব্যাকৰণ
গ্ৰন্থ টোলকাপিয়মত নাটকৰ উপাদানৰ উল্লেখ আছে৷ প্ৰাচীন কালতেই তামিল সাহিত্যত চয়নদম
, মুৰুৱল, ভাৰত সেণাপতিয়ম , মদিবাণৰ নাটক তামিল নাটকৰ গ্ৰন্থ আছিল৷ পিছে এতিয়া এই গ্ৰন্থ পোৱা নাযায়৷
চিলপ্পদিকাৰমতো নাটকৰ বিভিন্ন উপাদানৰ উল্লেখ আছে৷ মাধৱীৰ নৃত্যৰ বিভিন্ন ভংগিমা,
মঞ্চৰ ব্যৱহাৰ-নিৰ্দেশনা আদি দিশত নাটকৰ ব্যৱহাৰ পৰিলক্ষিত হয়৷
তাৰ
পাছত তামিল চোল ৰজাৰ শাসনকালত নাট্য সাহিত্যৰ বিকাশ হোৱা দেখা যায়৷ ৰজাৰ যুদ্ধৰ ৰণৰ
কৌশল সম্পৰ্কত নাটক ৰচনা হৈছিল৷ তাৰ পাছত ওঠৰ শতিকাত কুৰৱঞ্জি, পল্লু, নোণ্টি এনেধৰণৰ
নাটক মন্দিৰত পৰিবেশন কৰা হৈছিল৷ ঊনেশ শতিকাত তামিল নাটকত ঐতিহাসিক ঘটনাৰ আধাৰত তামিল
নাটক ৰচনা হৈছিল৷ সেই সময়তে অনুদিত নাটক ৰচনাও দেখা পোৱা যায়৷
খ্ৰীষ্টিয়
ঊনেশ শতিকাৰ নাটকত নৱ বিপ্লৱৰ সূচনা কঢ়িয়াই আনিছিল৷ নাটকৰ সময়ৰ ক্ষেত্ৰত নিৰ্ধাৰণ
কৰা নিৰ্দিষ্ট সময়ৰ তুলনাত কম সময়ৰ ব্যৱহাৰ হ’ল, নাটক উপস্থাপন শৈলীৰ পৰিবৰ্তন, সমাজৰ
সাধাৰণ শ্ৰেণীৰ সমস্যা আদি বিভিন্ন নতুন বিষয়ে গা কৰি উঠে৷ শংকৰদাস স্বামিকল, বম্মল
সম্পন্ত মুদলিয়াৰ, টে. পো. কৃষ্ণস্বামি পাৱলৰ, টি. কে. এছ. ব্ৰাদাৰ্ছ, এছ. বি. সহস্ৰনামম
অব্বৈ টি. কে. চনমুকম, আৰিন্যৰ আন্না, কলইঞৰ কৰুণানিধি, চো. ৰামাচামি, কে. বালচন্দৰ,
কোমল স্বামিনাথন বৰ্তমান সময়ৰ নাট্যকাৰ হিচাপে উল্লেখনীয় ব্যক্তি৷
বৰ্তমান
সময়ত না. মুত্তুচামি, ন্যানি, মু. ৰামাচামি, কে. এ. কুলশেখৰন এই ব্যক্তিকেইজনৰ নিজৰ
নিজৰ নাটকগোষ্ঠী আছে৷ তামিলনাডুৰ টেলিভিছন, ৰেডিঅ’ আদিতো নাটকৰ জনপ্ৰিয়তা অসীম৷ তামিলনাডুৰ
বিশ্ববিদ্যালয়সমূহত নাট্যকলাত স্নাতক ডিগ্ৰী লোৱাৰ বাবে কেতবোৰ নতুন নতুন বিভাগ খোলা
হৈছে৷ এই বিভাগসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে কেতবোৰ জলপানীৰো ব্যৱস্থা
কৰা হৈছে৷
কবিতা
তামিল
সাহিত্যৰ ইতিহাসলৈ চাবলৈ গ’লে দেখা যায় যে প্ৰাচীন তামিল সাহিত্যসমূহ পদ্যত ৰচিত হৈছিল৷
আধুনিক তামিল সাহিত্যত ওঠৰ উনবিংশ শতিকামানত সুব্ৰমণিয়ম ভাৰতি নামৰ কবিজনে নিজৰ কবিতাৰ
জৰিয়তে নতুন যুগৰ বাৰ্তা কঢ়িয়াই আনে৷ তেওঁৰ লগতে আধুনিক তামিল কবিতাৰ জগতখনত ভাৰতিদাসন,
কবিমণি, নামক্কল বে ৰামলিংগম পিল্লই, সুৰদা, বাণিদাসন, মুদিয়াৰচন, কন্নদাসন, বইৰামুত্ত
এই কবিসকল অন্যতম৷
চুটিগল্প
তামিল
লোকসমাজত সাধু কথা কোৱা আৰু সাধু কথা শুনাৰ প্ৰথা প্ৰাচীন সময়ৰ পৰাই চলি আহিছিল৷ ইংৰাজী
সাহিত্যত পোন প্ৰথমে এডগাৰ এলেন পো-য়ে চুটিগল্প ৰচনা কৰে৷ লাহে লাহে ইয়াৰ প্ৰভাৱ সমগ্ৰ
বিশ্বতে পৰিছিল৷ তামিল সাহিত্যতো চুটিগল্পক এক সাহিত্যিক বিধা হিচাপে লৈ গল্প ৰচনা
আৰম্ভ হয়৷ এই ক্ষেত্ৰত বীৰমামুনিবৰৰ পৰমাৰ্ত গুৰুকদইখনক চুটিগল্প লিখাৰ ঠিক আগৰ ৰচনা৷
ৱা. ৱে. সু. আয়াৰৰ কুলত্তংকৰই অৰচ মৰম চোন্ন কদইক চুটিগল্প ৰচনাৰ বাটকটীয়া বুলিব পাৰি৷
কিছুসংখ্যক সাহিত্যিকে ১৯৩৩-১৯৫৫ চনত মণিকোডি আলোচনীখনত চুটিগল্প প্ৰকাশ কৰাইছিল৷ তেওঁলোকৰ
ভিতৰত পুদুমইপিত্তন, সুন্দৰ ৰামস্বামি গ্গ, না. পাৰ্থসাৰথি, জয়কান্তন আদি অন্যতম৷ আলোচনীৰ
বাহিৰেও বহুজনে আকৌ নিজে গল্পৰ গ্ৰন্থও প্ৰকাশ কৰিছিল৷ তাৰ ভিতৰত কি. ৰংগৰাজন, কি.
ৱা. জগন্নাথন আদি৷ ইয়াৰ লগতে মহিলা গল্পকাৰসকলৰ ভিতৰত ৰাজমকৃষ্ণন, অম্বৈ, চুদামণি,
অনুৰাধা ৰমনন, তিলকপতি আদি উল্লেখযোগ্য৷ কিছুমান আলোচনীত প্ৰকাশ হোৱা চুটিগল্প সম্পৰ্কীয়
ৰচনাই চুটিগল্পৰ জগতখনৰ বিকাশত সহায় আগবঢ়াইছিল৷ এনে আলোচনীৰ ভিতৰত আনন্দ বিকদন, কনইয়ালি,
কুমুদম, ৰাণী আদি আলোচনী অন্যতম৷
উপন্যাস
১৮৭৯চনত
তামিল সাহিত্যত প্ৰথমখন উপন্যাস ৰচিত হয়৷ উপন্যাসখন হ’ল মায়ুৰম দেৱনায়কম পিল্লইৰ প্ৰতাপ
মুদলিয়াৰ চৰিত্ৰম ৷ ইয়াৰ পাছত ১৮৯৩ চনত কমলামপাল চৰিত্তম নামৰ উপন্যাসখন ইৰাজম আয়াৰে
ৰচনা কৰে৷ এই উপন্যাসসমূহ মহিলাৰ সামাজিক স্থিতি, নাৰীশক্তি আদিক কেন্দ্ৰ কৰি ৰচিত
হৈছিল৷ পাছলৈ উপন্যাসৰ নতুন শৈলী গ্ৰহণ কৰি উপন্যাস ৰচনা হয়৷ উপন্যাসসমূহ এনেবোৰ বিভাগৰ
অন্তৰ্গত-
ক]
ডিটেক্টিভ পন্যাস
খ]
সামাজিক উপন্যাস
গ]
ঐতিহাসিক উপন্যাস
ঘ]
অনুবাদ উপন্যাস
ঙ]
উপন্যাসিকা
বহুসংখ্যক
মহিলা ঔপন্যাসিকৰ অৱদান এই দিশত মনকৰিবলগীয়া৷ তাৰ ভিতৰত কোদেই নায়কি, আণ্ডাল, ৱাচন্দী,
লক্ষ্মী, ৰাজম কৃষ্ণণন অন্যতম৷ তামিল উপন্যাস জগতৰ আধুনিক সময়ছোৱাত জয়কান্তনৰ কথাও
উল্লেখ কৰিব লাগিব৷
তামিল
ভাষাৰ সাহিত্যই বৰ্তমানে অন্যান্য অনেক বিষয়ক লৈ নতুন ভাৱধাৰাৰে আগবাঢ়িবলৈ চেষ্টা
চলাইছে৷ বৰ্তমান সময়ত তামিল সাহিত্যই ভ্ৰমণ সাহিত্য, জীৱনী আৰু আত্মজীৱনী সাহিত্য,
পত্ৰলেখা, অনুবাদ সাহিত্য, তুলনাত্মক সাহিত্য, সমালোচনা সাহিত্য, নাৰীবাদী সাহিত্য
আদি বিভিন্ন ভাগত আত্মপ্ৰকাশ কৰাৰ উপৰি পূৰ্বৰ লোক-সাহিত্যৰ আধাৰত জনসাধাৰণৰ মনোভিলাষ
পূৰণৰ বাবে নতুন ধৰণৰ গল্প- কবিতা আদিৰ দৃষ্টিৰ দিশেৰেও গতি কৰিছে৷
*****
তথ্যপূৰ্ণ,ভাল লাগিল ছাৰ
ReplyDelete