তামিল চুটিগল্পৰ ইতিহাস (History of Tamil Short Stories)
দীপশিখা পাল
সাহিত্যৰ অভিন্ন ভাগ ‘চুটিগল্পৰ’ পৰিভাষাত যদিও ‘চুটি
’ শব্দটো আছে, তথাপি ইয়াৰ ক্ৰমবিকাশৰ ইতিহাস যথেষ্ট দীঘলীয়া৷
চুটিগল্প আজিও নতুন ক্ষমতা তথা বিবিধতাৰে এটি নৈৰ দৰে নিৰন্তৰে বৈ আছে৷ সাহিত্যত
চুটিগল্প এটা নিৰ্দিষ্ট প্ৰকাৰ স্বৰূপে গঢ় লৈ উঠাৰ বহু শতাধিক আগৰে পৰা কাহিনীৰ
পৰম্পৰা প্ৰচলিত আছিল৷ মানুহৰ যেতিয়া প্ৰথমবাৰৰ বাবে নিজৰ কিবা অভিজ্ঞতা অথবা
অনুভূতিৰ কথা প্ৰকাশ কৰাৰ ইচ্ছা জাগ্ৰত হৈছিল, সম্ভৱতঃ
তেতিয়াৰে পৰা কাহিনী কোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল, সেয়েহে ইয়াৰ
উৎপত্তিৰ নিৰ্দিষ্ট সময় কোৱা সম্ভৱ নহয়৷ কিন্তু বিশ্বৰ বিভিন্ন সাহিত্যলৈ মন কৰিলে
দেখিবলৈ পোৱা যায় যে বিশ্বৰ বিভিন্ন ঠাই যেনে- গ্ৰীচ, ইজিপ্ত, আৰৱ, ভাৰত আদিত মৌখিক সাহিত্যৰ ভিতৰত পৰা কাহিনী কোৱা
পৰম্পৰা বহু পৌৰাণিক তথ্য সমৃদ্ধ৷
যুগ যুগ ধৰি ভাল চিন্তা ধাৰা, আদৰ্শ, নৈতিকতা আদিৰ মানুহৰ মাজত বিস্তাৰ কৰিবলৈ বিজ্ঞ ঋষিমুনি, দাৰ্শনিক, গুৰু সকলে চুটি গল্পৰ সহায় লৈছিল৷ পঞ্চতন্ত্ৰ, ঈচপৰ সাধু আদিত কাহিনীবোৰ অতি সৰলভাৱে তথা কাউৰী, শিয়াল, বাঘ, সিংহ আদি জীৱ-জন্তুৰ সহায় লৈ প্ৰস্তুত কৰা হৈছিল যদিও এইবোৰ কাহিনীৰ মূল উদ্দেশ্য মানৱ জীৱনৰ সংগ্ৰাম, আদৰ্শ আদি দাঙি ধৰা৷ মন কৰিবলগীয়া কথা হ’ল যে এই ধৰণৰ চুটি গল্প প্ৰায়েই ধাৰ্মিক গ্ৰন্থ তথা বাণীত ঠাই লাভ কৰিব সক্ষম হয়৷ যেনে– যীশুৰ উপদেশ, বুদ্ধদেৱৰ জাতকমালা, জৈন, শৈৱ, বৈষ্ণৱ পৰম্পৰাৰ কাহিনী ইত্যাদি৷ এই কাহিনীবোৰৰ মূল উদ্দেশ্য কেৱল ৰং-ধেমালি প্ৰদান কৰাই নহয়, মানৱ জীৱনক পথ প্ৰদৰ্শন কৰাও ইয়াৰ উদ্দেশ্য৷
যুগ যুগ ধৰি বৰ্তমান কাললৈ নামি অহাৰ পথত চুটিগল্প
বহুতো পৰিবৰ্তনৰ সন্মুখীন হৈছে আৰু সেয়েহে আজিৰ চুটিগল্পৰ গঠন , উদ্দেশ্য, নান্দনিক মূল্য আগতকৈ ভিন্ন হৈ পৰিছে৷ কিন্তু সেই বুলি বৰ্তমানৰ চুটিগল্প পৌৰাণিক মৌখিক
পৰম্পৰাৰ পৰা আঁতৰি আহিছে বুলি কোৱাটো সম্পূৰ্ণভাৱে শুদ্ধ নহয়৷
বিশ্ব স্তৰত চুটি গল্পৰ ইতিহাস ঃ
মুদ্ৰণালয় প্ৰতিষ্ঠাপন হোৱাৰ লগে লগেই মৌখিক পৰম্পৰাৰ বহুতো কাহিনীয়ে নিজস্ব এটি পৰিচয় তথা লিখিত ৰূপ
পাইছিল৷ কিন্তু ঊনবিংশ শতিকাৰ আৰম্ভণিৰ আগলৈকে বিশ্ব সাহিত্যৰ ক্ষেত্ৰত আধুনিক
চুটিগল্প সাহিত্যই এটি নিৰ্দিষ্ট প্ৰকাৰ স্বৰূপে নিজৰ উপস্থিতি স্থাপন কৰিবলৈ
সক্ষম হোৱা নাছিল৷
ঊনবিংশ শতিকাৰ পৰা লাহে লাহে চুটিগল্পৰ লেখক ওলাই অহা
আৰম্ভ হ’ল৷ বিভিন্ন দেশৰ পৰা বহুতো লেখক এই ক্ষেত্ৰত খ্যাতি লাভ কৰিছে, যেনে- আমেৰিকাৰ নেথেনিয়েল হথৰ্ন, এডগাৰ এলেন পো, অ. হেনৰি, ব্ৰেট হাৰটে, ইংৰাজদেশৰ
ৰুডগৰ্ড কিপলিং, এচ. জি. ৱেলচ, কেথেৰীন
মেনচফিল্ড, ফ্ৰান্সৰ মপাচ্ছাণ্ট, ৰুছ দেশৰ
টলষ্টয় তথা চেখভ আদি৷ এইসকল লেখকে চুটিগল্পক সাহিত্যিক শৈলী হিচাপে প্ৰতিস্থা কৰাৰ
লগতে এই নতুন সাহিত্যিক শৈলীৰ তাৎপৰ্যপূৰ্ণ আলোচনা তথা ব্যাখ্যাও আগবঢ়াইছে৷
তেওঁলোকৰ ৰচনা সমূহে বিশ্বজুৰি বিভিন্ন ভাষাৰ বহুতো লেখকক চুটিগল্প লিখিবলৈ
প্ৰভাৱিত কৰিলে৷
বিংশ শতিকাত হোৱা বৈজ্ঞানিক বিকাশে কেৱল সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক ক্ষেত্ৰতে নহয় বিশ্বৰ সাহিত্যিক ক্ষেত্ৰতো বহুত প্ৰভাৱ
পেলাইছিল৷ কিন্তু সমালোচকৰ মতে প্ৰথম বিশ্বযুদ্ধৰ পিছতহে সাহিত্য জগতত মৌলিক
পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল৷ জৰ্জ মুৰে, হেনৰী জেমচ্, এচ্ জি বেলচ, মাৰাগৰেট কেন্নেডি আদি সকলে সাহিত্যিক ৰচনাৰ
প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল যি বিভিন্ন ভাষাৰ সাহিত্যিক ৰচনা সমূহত
যথেষ্ট প্ৰভাৱ পেলাইছিল৷ ইংৰাজী ভাষা লাহে লাহে সমগ্ৰ বিশ্ব সংযোগ কৰা ভাষা হিচাপে
গঢ় লৈ উঠিছিল৷ ভাৰতবৰ্ষতো নৱজাগৰণৰ বীজ গজালি মেলিব ধৰিছিল৷ সেয়েহে এই পৌৰাণিক
সভ্যতায়ো নতুন পৰিৱৰ্তন, শৈলী, চিন্তাধাৰা
আদিক আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছিল৷ এই যুগতে ৰবীন্দ্ৰনাথ ঠাকুৰ এই নতুন পৰম্পৰাৰ
মাৰ্গদৰ্শী হিচাপে ওলাই আহিছিল৷ দক্ষিণ ভাৰতৰ তামিল ভাষাতো নৱজাগৰণৰ প্ৰভাৱ
পৰিছিল৷
বংগদেশৰ বিভাজন তথা তাৰ ফলস্বৰূপে হোৱা বিশৃংখলতাই
বঙালী আৰু তামিল সমাজৰ মাজত এটি বুজাবুজিৰ সম্পৰ্ক স্থাপন কৰিছিল৷ তদুপৰি
ভাৰতী তথা ৱী. ৱী. এচ. আয়াৰৰ লগতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকল যেনে
অৰবিন্দুৰ লগত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথাও প্ৰশংসা কৰিছিল৷ কিন্তু ৰবীন্দ্ৰনাথ
ঠাকুৰৰ নিৰ্দিষ্ট কোনো সাহিত্যিক প্ৰভাৱ ভাৰতীৰ চুটিগল্পত দেখিবলৈ পোৱা নাযায়৷ যি
কি নহওক ৱী. ৱী. এচ আয়াৰৰ প্ৰসিদ্ধ কুলতংকৰই অৰচ মৰম ক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাধু
কোৱা পদ্ধতিৰ পৰা প্ৰভাৱিত বুলি ক’ব পাৰি৷
সেই সময়ত বিশ্বজুৰি সাহিত্যৰ দ্বাৰা বাস্তৱিকতা
দেখুওৱাৰ এটা ধাৰা চলি আছিল যদিও তামিল সাহিত্যত ইয়াৰ বিশেষ কোনো প্ৰভাৱ পৰা
নাছিল৷ ইয়াৰ কাৰণ এয়ে আছিল যে সেই সময়ৰ তামিল সাহিত্য ৰাজপ্ৰসাদ, সামন্ত প্ৰথা, মন্দিৰ ইত্যাদিৰ পৰা ওলাই আহি জনসাধাৰণৰ জীৱনক
গুৰুত্ব দিয়া আৰম্ভ কৰিছিল যদিও সেই সমূহ ৰচনা মানুহৰ জীৱনৰ বাস্তৱিকতা দেখুওৱাৰ
সলনি মানুহে কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়তহে বেছি জোৰ দিছিল৷
তামিল চুটিগল্পঃ আৰম্ভণি তথা বিকাশ
তামিল
সাহিত্যত চুটিগল্প বিংশ শতিকাত আৰম্ভ হোৱা এটি নতুন সাহিত্যিক শৈলী৷ তামিল ভাষাত
উল্লেখযোগ্য চুটি বৃত্তান্ত ফাদাৰ বেস্কিৰ
(ণ্ঠব্জ. Joseph Beschi) দ্বাৰা লিখিত ‘পৰমৰতা কুৰু কদেই’ ৷
ইয়াক কিছুমান হাস্যকৰ কাহিনীৰ সংগ্ৰহ বুলিও ক’ব পাৰি৷ ইয়াত এজন পুৰোহিত তথা তেওঁৰ
অনুগামীসকলক কেন্দ্ৰ কৰি লেখকে কিছুমান হাস্যকৰ কাহিনী ৰচনা কৰিছে যদিও ইয়াক
চুটিগল্পৰ শ্ৰেণীত ধৰিব নোৱাৰি৷ একেদৰে ঊনবিংশ শতিকাৰ পিছৰ ভাগৰ কিছুমান লেখক যেনে
ৱীৰস্বামী চেট্টিয়াৰ থান্দাৱাৰ্য্যা
মুদলিয়াৰ আদিৰ দ্বাৰা লিখা ৰচনাক মাথোঁ
কিছুমান গদ্য বৃত্তান্ত বুলিহে গণ্য কৰিব পাৰি৷ সেয়েহে ক’ব পাৰি যে পূৰ্ণ অৰ্থত চুটিগল্প বিংশ শতিকাৰ
প্ৰথম দশকৰ সময়ত ৰচনা কৰা হৈছিল৷ ১৯২৭ চনত ‘মনকলয়াৰক্কাৰাচিন কাদল মুটালিয়
কদইকল’ নামৰ এটি সংগ্ৰহ প্ৰকাশ হৈছিল৷
ইয়াৰ লেখক ৱী. ৱী. এচ. আয়াৰক তামিল আধুনিক চুটিগল্পৰ প্ৰৱৰ্তক বুলি কোৱা হয়৷
১৯১৫-১৯১৭১ ভিতৰত আয়াৰ যেতিয়া ৰাজনৈতিক শৰণাৰ্থী হিচাপে পুদুচেৰিত আছিল তেতিয়াই
ইয়াত থকা গল্পসমূহৰ ৰচনা কৰিছিল৷ ‘কুলট্টনকাৰাই অৰকামৰম কন্না কাটাই’ তেওঁৰ
শ্ৰেষ্ঠ কামৰ ভিতৰত গণ্য কৰা হয়৷ আয়াৰে এই ৰচনা সেই সময়ৰ এটা মুখ্য সমস্যা বাল্য
বিবাহক কেন্দ্ৰ কৰি লিখিছিল৷ এই ৰচনা কেৱল বিষয়বস্তুতে নহয়, পদ্ধতি তথা চৰিত্ৰ প্ৰস্তাৱনাতো উৎকৃষ্ট৷ সেয়েহে ইয়াক তামিল ভাষাৰ প্ৰথম
চুটিগল্প বুলিও গণ্য কৰা হয়৷
১৯২৫ চনত মাধবইয়া তথা ৱী. ৱী. এচ আয়াৰৰ মৃত্যুৰ পিছত ১৯৫৩লৈকে চুটিগল্পৰ শৈলীত বিশেষ
কোনো প্ৰচেষ্টা হোৱা দেখিবলৈ পোৱা নাযায়৷ এই সময়ৰ ৰচনাসমূহ মুখ্য ৰূপে ৰাজনীতি তথা
ভাৰতৰ স্বাধীনতা আন্দোলনক কেন্দ্ৰ কৰি লিখা হৈছিল৷
ৱী. ৱী. এচ আয়াৰ-মাধবাইয়াৰ যুগৰ পিছত চুটিগল্পৰ জগতত
আন এটি উল্লেখযোগ্য নাম হ’ল টি. জে. ৰংগনাথন
[১৯০১-১৯৭৪]৷ তেওঁ তামিল সাহিত্যত তেওঁৰ কাহিনী ‘চন্দন কাপ্পু’ৰ দ্বাৰা পৰিচিত৷ তেওঁ তামিল সাহিত্য জগতত টি. জে. ৰা. নামেৰে জনপ্ৰিয়৷ ‘চুদন্দিৰ
চংকু’ নামৰ আলোচনীত প্ৰকাশিত নিবন্ধত তেওঁ
মুখ্য ৰূপে নতুনত্ব তথা জাতীয়তাৰ ক্ষেত্ৰত গুৰুত্ব দিছে ৷ তেওঁৰ বহুকেইটা গল্পত
তামিল গ্ৰাম্য সমাজৰ পৰম্পৰা, জীৱন শৈলী, উপভাষা আদিৰ
প্ৰকাশ দেখিবলৈ পোৱা যায়৷
১৯৩০-ৰ দশকত চুটিগল্প সাহিত্যৰ বিকাশত আলোচনীসমূহৰ
ভূমিকা উল্লেখযোগ্য৷ তামিল চুটিগল্পৰ ইতিহাসত আনন্দ পোদিনি , আনন্দবিকদন , কলইমকল আদি
আলোচনীৰ অৱদান যথেষ্ট৷ আনন্দবিকদন তথা কলইমকল আলোচনীৰ সম্পাদকে চুটিগল্পৰ
প্ৰতিযোগিতা সংগঠিত কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে এম. জে. ৰামলিংগম , না .পিচামূৰ্তিৰ নিচিনা লেখকৰ সাহিত্যি জগতত হৈছিল৷
১৯৩৩ চনত চেটলিন শ্ৰীনিবাসে তেওঁৰ বন্ধুসকলৰ লগ লাগি
‘মণিকোডী’ নামৰ আলোচনীৰ প্ৰৱৰ্তন কৰে৷
যদিও তেওঁৰ মুখ্য ৰুচি ৰাজনীতিত আছিল তথাপি এই আলোচনীৰ দ্বাৰা তেওঁ নতুন প্ৰজন্মৰ
সৃষ্টিশীল লেখাক উৎসাহ যোগাইছিল৷ কু. প. ৰাজাগোপালন , ন.
পিচ্ছমূৰ্তি , সুন্দৰাজন
আদিয়ে ‘মণিকোডীত’ যোগদান দিছিল৷ ১৯৩৫ চনত মণিকোডীয়ে বি. এচ. ৰামাইয়াক নিজৰ
নতুন সম্পাদক হিচাপে পাইছিল, তামিল চুটিগল্পক বিশ্বসাহিত্যৰ
স্তৰত লৈ যোৱাত ৰামাইয়াৰ যথেষ্ট অৱদান আছে৷ তেওঁৰ কাৰ্য্যকালত পুদুমইপিত্তন , কু. প. ৰাজাগোপালন , টি. চু. চেল্লাপ্পা আদি লেখকে
মণিকটিত স্থান পাইছিল৷ তামিল সাহিত্য জগতত ‘মণিকটি’য়েই মাথোন এখন আলোচনীৰ স্তৰৰ
পৰা উন্নীত হৈ এটি শক্তিশালী সাহিত্যিক আন্দোলনৰ ৰূপ লৈছিল৷
পুদুমইপিত্তনৰ [১৯০৬-১৯৪৮] ৰচনাত নতুনত্ব তথা
পৰীক্ষামূলক পদ্ধতি দেখিবলৈ পোৱা গৈছিল৷ তেওঁ লিখা কাহিনীবোৰৰ কাল্পনিক জগত, বিষয়বস্তু, নৈতিক জ্ঞান, শৈলী, পদ্ধতিয়ে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ কু. পা. ৰাজাগোপালনৰ ৰচনাসমূহ
সামাজিক জীৱন সুন্দৰৰূপত প্ৰতিভাত হৈছিল৷ না. পিচামূৰ্তিৰ ক্ষেত্ৰত আকৌ কাব্যিক
তথা ছায়াবাদৰ প্ৰভাৱ আছিল৷ মৌনিৰ ৰচনাসমূহত প্ৰায়েই মানুহৰ মানসিক আৰু শাৰীৰিক
নিষ্ঠুৰতা তথা কষ্টৰ পৰিৱেশন কৰিছিল৷ চি. চু. চেল্লাপ্পায়ে নিজৰ কাহিনীবোৰৰ বৰ ৰঙীন তথা বিস্তৃতভাৱে প্ৰস্তুত কৰে৷
তেওঁলোকৰ বাহিৰেও আৰু কিছুমান উল্লেখযোগ্য লেখক আছে
যেনে- নৰান টুৰাইকান্নন আৰু কি{¨ আৰ. কৃষ্ণমূৰ্তি ৷ তেওঁলোক
দুয়োজনেই অভিজ্ঞ সাংবাদিক আছিল৷ কি{¨য়ে নিজৰ সাহিত্যিক জীৱন চুটিগল্পৰ
লেখক হিচাপে আৰম্ভ কৰিছিল৷ তেওঁৰ প্ৰথম কাহিনী সংগ্ৰহ আছিল ‘কনইয়ালিয়িন কনৱু’ ৷
তেওঁ আনন্দ বিকদন আলোচনীৰ সম্পাদকীয় মণ্ডলীতো আছিল৷ ১৯৪১ চনত তেওঁ ‘কি{¨’ নামৰ এখন সাপ্তাহিক আলোচনী উলিয়াইছিল৷
১৯৩৭ আৰু ১৯৪৪১ ভিতৰত বহুতো চুটিগল্প সংগ্ৰহ প্ৰকাশ
হৈছিল৷ ১৯৪০ চনৰ পাছত বহুতো প্ৰগতিশীল আলোচনী পোহৰলৈ আহিছিল, যেনেঃ ‘মনিদন’, ‘শান্তি’ আদি৷
বিধন নামৰ লেখকজনে ১৯৫৪ চনত ‘মনিদন’ আলোচনীৰ সূচনা কৰে৷ আকৌ, ‘মুল্লেই’ আলোচনীৰ সম্পাদকে ১৯৫৪ চনৰ ডিচেম্বৰ মাহৰ পৰা ‘শান্তি’ নামৰ আলোচনীখন
প্ৰকাশ কৰে৷ এই আলোচনীখনতে জয়কান্তনৰ বিখ্যাত কাহিনী-‘পিত্তুক্কুলী’ [১৯৫৫] তথা
‘চলিপ্পু’ [১৯৫৬] প্ৰকাশিত হৈছিল৷ এই সন্দৰ্ভত বিজয়ভাস্কৰণৰ দ্বাৰা আৰম্ভ কৰা ‘সৰস্বতী’ আলোচনীও উল্লেখযোগ্য৷ তামিল সাহিত্যত চুটিগল্পৰ
বিকাশত এই সকলোবোৰ আলোচনীৰ অৱদান অনস্বীকাৰ্য৷
১৯৫০ ৰ দশক তামিল চুটিগল্পৰ বিকাশৰ আটাইতকৈ উৰ্বৰা
যুগ বুলি ক’ব পাৰি৷ কাৰণ এই যুগতে অকিলন , অলকিৰিচামী , লা. চা. ৰামাবিৰতাম , টি. জানকিৰমন আদি লেখকৰ ৰচনা প্ৰকাশিত হৈছিল৷ অকিলনে নিজৰ
চুটিগল্প বোৰত জনগণৰ দুখ, কষ্ট, দৰিদ্ৰতা
আদিৰ বিষয়ে লিখিছিল৷ অলকিৰিচামীৰ কিছুমান
বিখ্যাত ৰচনা হ’ল- ‘কুমাৰাপুৰম ষ্টেচন’, ‘ত্ৰিৱেনী’ আদি৷ টি. জানকিৰমনে
‘চিবপ্পু ৰিক্সা’ৰ ৰচনা কৰি নিজকে
শক্তিশালী লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে৷ এই সংগ্ৰহ ১৯৫৫ চনত প্ৰকাশিত হৈছিল৷ লা.
চা. ৰামামিত্ৰমৰ কিছুমান ৰচনা যেনে-
‘পাৰকটল’ , ‘জননী’ আদিৰ দ্বাৰা তেওঁৰ মানৱ প্ৰকৃতি তথা অভিজ্ঞতাৰ
বিষয়ে থকা গভীৰ জ্ঞানৰ প্ৰকাশ পোৱা যায়৷
পুদুমইপিত্তন , কু. প.
ৰাজাগোপালন , মৌনী, না. পিচামূৰ্তি, কি{¨ , ৱিন্দন , টি. জানকীৰমন ইত্যাদি বিখ্যাত চুটিগল্প লেখকৰ যুগৰ পাছত আন
এটি উল্লেখযোগ্য নাম হ’ল ১৯৬০-ৰ দশকৰ জয়কান্তন৷ তেওঁ নিজৰ সাহিত্যিক জীৱনৰ আৰম্ভণি
ভাগত ‘সৰস্বতী’ তথা ‘আনন্দ বিকতন’ নামৰ আলোচনীত চুটিগল্প প্ৰকাশ কৰিছিল৷ তেওঁৰ
প্ৰথম চুটিগল্পৰ সংগ্ৰহ ‘ইনিপ্পুম কৰিপ্পুম’ ১৯৫০ ৰ দশকৰ শেষৰ ফালে প্ৰকাশিত হৈছিল
আৰু প্ৰকাশিত হোৱাৰ মাথো এক দশকৰ ভিতৰতে এই সংগ্ৰহ আটাইতকৈ বিখ্যাত হৈ পৰিছিল৷
জয়কান্তন জনপ্ৰিয় হোৱাৰ এটি মুখ্য কাৰণ হ’ল যে তেওঁ নিজৰ ৰচনাৰ দ্বাৰা সমাজৰ
অৱহেলিত বৰ্গৰ কষ্টকৰ জীৱন প্ৰদৰ্শন কৰিছিল৷ সম্ভৱতঃ তেৱেঁই আছিল এনে এজন লেখক
যিয়ে তামিল সাহিত্যৰ খুব কম সংখ্যক এনে লেখকৰ মাজত ভিক্ষাৰী, বেশ্যা, কুষ্ঠৰোগী, মানসিক ৰোগী আদিৰ বিষয়ে নিৰ্ভীক হৈ লিখিছিল৷
জয়কান্তনৰ পাছত আন এজন শ্ৰেষ্ঠ লেখিকা আছিল- আৰ.
চুদামণি , যিয়ে ১৯৬০ ৰ দশকতে খ্যাতি লাভ কৰিছিল৷ তেওঁৰ বিখ্যাত
কিছুমান কাহিনী সংগ্ৰহ হ’ল-
‘অন্তনেৰম’ আদি৷ চুদামণিৰ বাহিৰেও
আন কিছুমান মহিলা লেখিকায়ো এই সময়ত খ্যাতি লাভ কৰিছিল যেনে- অম্বই , শিৱশংকৰী , ইন্দুমতি , গিৰিজা , ৰাজম
কৃষ্ণন ইত্যাদি৷
১৯৬০১ দশকৰ শেষৰ ফালে এটা নতুন ঢৌ উঠিছিল৷ কিছুমান
ৰুষ্ট যুৱা লেখকে চুটিগল্পৰ প্ৰচলিত শৈলীৰ বিৰুদ্ধে প্ৰতিবাদ আগবঢ়াইছিল৷ তেওঁলোকৰ
প্ৰতিবাদ পৰম্পৰাগত শৈলীৰ বিৰুদ্ধে আছিল৷ সেয়েহে তেওঁলোকে অপ্ৰসিদ্ধ কিছুমান
আলোচনীৰ দ্বাৰা নতুন বিষয়বস্তু তথা পদ্ধতি লৈ ৰচনা প্ৰকাশ কৰিছিল৷ এই সকলো লেখকৰ
ভিতৰত কিছুমান বিখ্যাত নাম হ’ল- অশোকমিত্ৰন, না.
মুত্তুচামী , বন্নাটক্কন আদি৷ না. মুথুস্বামীয়ে কিছুমান বিচিত্ৰ
পৰিৱেশৰ ওপৰত চুটিগল্প লিখিছিল৷ তেওঁ মানুহৰ মৌলিক প্ৰবৃত্তিক কেন্দ্ৰ কৰি ৰচনা
কৰিছিল৷ মুথুস্বামীৰ ‘ইলপ্পু’ এটি উৎকৃষ্ট সাহিত্যিক কাৰ্য৷ বন্নাটক্কনৰ বিভিন্ন
মনোৱস্থা লৈ লিখাৰ ক্ষমতা তেওঁৰ ‘ঞাপকম’
আৰু ‘টুক্কম’ ত দেখিবলৈ পোৱা যায়৷ তেওঁৰ লিখা ‘টনিমাই’ আধুনিক তামিল চুটিগল্পৰ
ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি ক’ব পাৰি৷
১৯৭০ ৰ দশকত কিছুমান পুৰুষ লেখকৰ দ্বাৰা মহিলাৰ
ছদ্মনাম লৈ লিখাৰ ধাৰা বৈছিল৷ এনে কিছু লেখকৰ নাম আছিল- কুমাৰী পেমলথা , চৱিথা, প্ৰথিপা ৰাজগোপালন ৷
চোভিয়েটত বিপ্লৱৰ ফলস্বৰূপে সমাজবাদী চিন্তা আৰু
দৰ্শনে তামিল চুটিগল্পৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছিল আৰু ১৯৮০১ দশকৰ পৰা এই
আদৰ্শসমূহে তামিল সাহিত্যত মানৱ জীৱনৰ বাস্তৱিকতা প্ৰস্তুত কৰা ঢৌ আনিছিল৷ এই
আধুনিক সময়ত তামিল সমাজৰ নিম্ন বৰ্গ তথা গ্ৰামীণ মানুহৰ জীৱন শৈলী সাহিত্যৰ দ্বাৰা
দেখুওৱাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হৈছিল৷ এই সন্দৰ্ভত কিছুসংখ্যক উল্লেখযোগ্য
লেখকৰ নাম হ’ল- মেলানমাই পন্নুস্বামী , কোনাংকি ,মণিয়ন , এচ. শংকৰানাৰায়ণ , মুৰুগণ ৷
বামপন্থী চিন্তা ধাৰাৰ প্ৰভাৱ লিংগন’ উদয়শংকৰ , গন্দৰৱন আদিৰ ৰচনাত দেখিবলৈ পোৱা
গৈছিল৷ মহাৰাষ্ট˜ৰ দলিত সাহিত্যৰ প্ৰভাৱ তামিলনাডুতো পৰিছিল৷ সেয়েহে
৯০১ দশকৰ পৰা তামিল সাহিত্যত দলিত সাহিত্য এটি নিৰ্দিষ্ট শৈলী হিচাপে স্থান
পাইছিল৷
তামিল সাহিত্যত আন এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল
শ্ৰীলংকাত হোৱা জাতিগত সমস্যা৷ শ্ৰীলংকাত হোৱা উচ্ছেদিত তামিল মানুহে সন্মুখীন
হোৱা কষ্ট, সমস্যা আদিৰ ভিত্তিত বহু গল্প ৰচনা কৰা হৈছিল৷ এই
গল্পসমূহৰ প্ৰায়ভাগ চুটিগল্প সত্য ঘটনাৰ ওপৰত ৰচিত কৰা হৈছিল৷ এই সমূহ বিষয়বস্তু
লৈ লিখা কিছুমান লেখক আছিল কলামোহন , না. কান্নন , না. মুত্তুলিংগম আদি৷ উত্তৰ আধুনিক চিন্তা ধাৰাৰ প্ৰভাৱো তামিল সাহিত্যৰ
কিছুমান লেখকৰ লিখনিত দেখিবলৈ পোৱা যায়৷ উত্তৰ আধুনিক ৰচনাবোৰত পৌৰাণিক সময়ৰ পৰা
চলি অহা সমাজৰ কিছুমান মৌলিক পৰম্পৰা, ৰীতি-নীতি বিশে¡ষণ প্ৰস্তুত কৰা হয়৷ তামিল সাহিত্যৰ উত্তৰ আধুনিক
চিন্তাধাৰাৰ লেখকৰ ভিতৰত প্ৰেম ৰমেচ কান্নন , চাৰু
নিৱেদিথা আদিৰ উল্লেখ কৰিব পাৰি৷ ইয়াৰ উপৰিও তামিল চুটিগল্পত অ’ত ত’ত পাশ্চাত্য
চিন্তা ধাৰাৰো প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়৷ যেনে - আধুনিকতাবাদ, উত্তৰ আধুনিকতা বাদ, অধিবাস্তৱবাদ, গঠনতন্ত্ৰবাদ আদি৷
তামিল সাহিত্যত লাহে লাগে বৃদ্ধি হৈ অহা মহিলা
লেখিকাৰ ফলস্বৰূপে নাৰীবাদী ধাৰাৰ প্ৰভাৱো তামিল ৰচনাত পৰিদৃষ্ট হৈছে৷ ইংৰাজী
ভাষাত ঊনবিংশ শতিকাৰ আৰম্ভণি ভাগত ‘ফেমিনিজম’ শব্দটো নাৰীৰ চৰিত্ৰ, গুণ ইত্যাদি বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু এই শতিকাৰ শেষৰ ফালে এই শব্দ
নাৰীৰ অধিকাৰৰ যুঁজ বুজাবলৈ ব্যৱহাৰ কৰা আৰম্ভ হ’ল৷ সামাজিক, অৰ্থনৈতিক, পাৰিবাৰিক ক্ষেত্ৰত নাৰীৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ
বিৰুদ্ধে প্ৰতি বাদ কৰিবলৈ এই শব্দ ব্যৱহাৰ কৰিবলৈ ধৰা হ’ল৷ লাহে লাহে উত্তৰ
আমেৰিকাত ই এটা বিশাল সাামজিক তথা ৰাজনৈতিক আন্দোলনৰ ৰূপত গঢ় লৈ উঠিল৷ ১৯৬০-৭০ ৰ
ভিতৰত বিশেষকৈ ইয়াৰ প্ৰভাৱ আৰম্ভ হ’ল আৰু বিংশ শতিকাৰ শেষৰ ফালে ই এটা বিশ্বব্যাপী
আন্দোলনৰ ৰূপ ধাৰণ কৰিলে৷ তদুপৰি এই চিন্তা ধাৰাৰ প্ৰতিফলন তামিল সাহিত্যত স্বচ্ছ
হৈ উঠাও আৰম্ভ হ’ল৷ ৯০১ দশকত বহুকেইজন নাৰীবাদী লেখক পোহৰলৈ আহিল৷
তামিল সাহিত্যৰ চুটিগল্পৰ ইতিহাস যদিও বহুত পুৰণি নহয়
তথাপি এই সাহিত্য-সম্পদ অতুলনীয়৷ সময়ৰ আহ৩ানত চুটিগল্পৰ শৈলী, পদ্ধতি, বিষয়বস্তু আদিতো নতুন পৰিৱৰ্তন আহিছে৷ যুগ যুগ ধৰি
বহু লেখকে কম বেছি পৰিমাণে এই দিশত অৰিহণা যোগাই আহিছে৷ তামিল সাহিত্যৰ চুটিগল্পৰ
বিষয়বস্তু, গাঁঠনিক পৰিৱৰ্তন, বৈশিষ্ট্য
আদিৰ বিষয়ে বিস্তৃতভাৱে লিখা সহজ কথা নহয়, গতিকে এই
অধ্যায়ৰ যোগেদি তামিল চুটিগল্পৰ ইতিহাসৰ এটি চমু ধাৰণা আগবঢ়োৱাৰ প্ৰচেষ্টাহে কৰা
হৈছে৷
*****
No comments:
Post a Comment