Thursday, 6 January 2022

ভক্তি কাল (Bhakti Period)

 

ভক্তি কাল (Bhakti Period)

সৃষ্টি শ্বৱনম


         সংঘ উত্তৰকালত যি পাৰলৌকিক আৰু ধাৰ্মিক প্ৰবৃত্তিসমূহৰ উত্তৰণ ঘটিছিল, ভক্তিকাব্য ধাৰা ৰূপত সেইসমূহৰ বিকাশ ঘটাটো স্বাভাৱিক আছিল৷ প্ৰথমতে এই ধাৰা অকল আধ্যাত্মিক অনুভূতি আৰু ৰহস্যবাদী কাব্য সৃষ্টিলৈকে সীমিত আছিল, কিন্তু পাছত ই অন্য ধৰ্মৰ বিৰোধিতা আৰু বিদ্ৰূপৰ ৰূপ ধাৰণ কৰে৷ তথাপিও এই যুগত যি মধুৰ ভক্তিকাব্যৰ সুৰৰ নদী প্ৰবাহিত হ’ল, সেয়া আজিও জনগণৰ মনত সঞ্চাৰিত হৈ আছে৷

        ভক্তিকালৰ সকলো ৰচনা শৈৱ আৰু বৈষ্ণৱ কবিৰ দ্বাৰা ৰচিত৷ সংঘোত্তৰকালত বৌদ্ধ আৰু জৈন ধৰ্মৰ যি ব্যাপক প্ৰচাৰ ঘটিছিল তাৰ পৰিণামস্বৰূপে বৈদিক ধৰ্মৰ ভেটি খহিছিল৷ বৈদিক ধৰ্মক এই বিপদৰ পৰা ৰক্ষা কৰা আৰু জীৰ্ণ মন্দিৰবোৰো পুনৰ সুদৃঢ় ৰূপত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই ভক্ত কবিসকলৰ অৱদান উল্লেখযোগ্য৷ সম্ভৱতঃ এই কাৰণেই হিন্দুসকলে এই সন্ত কবিসকলক অৱতাৰস্বৰূপে পূজা-অৰ্চনা কৰে৷

        সাহিত্য আৰু কলাৰ দিশত এই কবিসকলে যিদৰে সেৱা আগবঢ়ালে সেয়া অমূল্য৷ সংঘোত্তৰকালত জনসাধাৰণৰ মাজত যি নৈৰাশ্য আৰু জীৱনবিমুখিতাৰ ভাব বিয়পি পৰিছিল, তাৰ ফলস্বৰূপে প্ৰেমকাব্য আৰু ললিতকলাৰ প্ৰতি মানুহবোৰ উদাসীন হৈ পৰে৷ নৃত্য, সংগীত আৰু নাটক আদি কলাসমূহক মানুহৰ জীৱনৰ প্ৰতি অনুৰাগ বঢ়াই তোলাৰ কাৰণ হিচাপে গণ্য কৰা হৈছিল৷ এনে সময়তে ভক্ত কবিসকলে গদ্য ছন্দত ঈশ্বৰীয় প্ৰেমক কবিতাৰ ৰূপ দি প্ৰেমকাব্যক নতুন জীৱন প্ৰদান কৰিলে৷ লগতে মন্দিৰত নৃত্য, অভিনয় আদিৰ পৰম্পৰা এইটো যুগত চলমান হৈ পৰে, যাৰ ফলত ভাৰতৰ এই মহান কলাসমূহো সুৰক্ষিত হ’ল৷

        জনসাধাৰণৰ মাজত বিয়পি পৰা নৈৰাশ্য দূৰ কৰি সৰসতা সঞ্চাৰ কৰাৰ ক্ষেত্ৰত এই সন্ত কবিসকলৰ দান অদ্বিতীয় হৈ আছে৷

        শৈৱ আৰু বৈষ্ণৱ সন্ত কবিসকলৰ উপদেশৰ সাৰাংশ আছিল এনেধৰণৰ–

                “জড়-চৈতন্য, গুণ-দোষময় বিশ্ব ঈশ্বৰীয় প্ৰকৃতিৰে ছায়া৷

        এই সত্য সঠিক নহ’বও পাৰে, কিন্তু ইয়াত সত্য প্ৰকাশৰ ছায়া আছে৷ এই ছায়াত নিহিত সত্যৰ অন্বেষণ কৰাটোৱেই মানৱ জীৱনৰ লক্ষ্য৷ এনে মহান লক্ষ্য সাধন হোৱাৰ কাৰণে জীৱনো পৱিত্ৰ, উৎকৃষ্ট, বাঞ্চনীয়৷– ঘৃণা অথবা নিন্দা নাই৷”

        সংঘ কালছোৱাত ভক্তি কাব্যৰ ৰচনা কেতিয়াবা কেতিয়াবা হৈছিল৷ উদাহৰণস্বৰূপে– মহাকবি নক্কীৰৰে ভগৱান কাৰ্তিকৰ বিষয়ে ‘তিৰুমুৰুগাৰু পদই’  নামৰ ৰচনা লিখিছিল৷ তথাপিও ভক্তি কালৰ সন্ত কবিসকল আৰু অন্য ভক্তি কাব্যৰ ৰচয়িতাসকলৰ মাজত থকা মৌলিক পাৰ্থক্য এইটোৱেই যে সন্ত কবিসকলে কেৱল ভক্তি কাব্য ৰচনা কৰিছিল, অন্য কবিসকলে বেলেগ ৰচনাসমূহৰ সমান্তৰালভাৱে ভক্তিকাব্যও ৰচনা কৰিছিল৷ ভক্ত কবিগণে মাত্ৰ ঈশ্বৰৰ সত্ত্বাক বিশ্বাস কৰিছিল৷ মানৱীয় সত্ত্বাক তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া নাছিল৷ তেওঁলোকৰ ভিতৰত বহুতে ইয়াৰ বাবে কঠোৰ যন্ত্ৰণা সহিবলগীয়াত পৰিছিল, তথাপিও তেওঁলোক নিজৰ সিদ্ধান্তত অটল হৈ আছিল৷ পৰম ভক্ত ‘অপ্পৰ’ৰ শব্দসমূহে এনেদৰে ঘোষণা কৰিছিল যে–

        “আমি কাৰো প্ৰজা নহয়, যমলৈ

        আমি ভয় নকৰোঁ৷”

শৈৱ কবি

        এনেকুৱা স্বচ্ছন্দ, লৌকিক সত্ত্বাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰতাক আঁকোৱালি লোৱা ভক্ত কবিসকলৰ কালক্ৰমছোৱাত কাৰক্‌কাল অম্মৈয়াৰ  নামৰ সন্ত মহিলা কবিগৰাকীক প্ৰথম স্থান দিয়া হয়৷ এওঁৰ ৰচনাসমূহৰ ভিতৰত ‘কয়িলইত্তিৰু-অন্দাদি’ক সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিয়ে৷ ইয়াত তেওঁ কৈলাসত বিৰাজমান ভগৱান শিৱৰ অত্যন্ত শক্তিশালী চিত্ৰ অংকন কৰিছে৷

        শিৱভক্ত কবিসকলৰ ভিতৰত মুখ্য চাৰিজন কবি হ’ল– মাণিক্কৱাচকৰ্‌ , তিৰুজ্ঞানসম্বন্দৰ্‌ , অপ্পৰ  আৰু সুন্দৰ্‌ৰ ৷ ইয়াৰ ভিতৰত মাণিক্কৱাচকৰৰ কবিতাসমূহ ‘তিৰুৱাচকম্‌ নামেৰে তথা অন্য তিনিজন কবি– তিৰুজ্ঞানসম্বন্দৰ্‌ , অপ্পৰ আৰু সুন্দৰ্‌ৰৰ কবিতাসমূহ ‘তেৱাৰম্‌  নামেৰে বিখ্যাত৷

        মাণিক্কৱাচকৰৰ সময়কালৰ সন্দৰ্ভত পণ্ডিতসকলৰ মাজত মতভেদ পোৱা যায়৷ শ্ৰী কে. এ. নীলকণ্ঠ শাস্ত্ৰীৰ দৰে ইতিহাসবিদে তেওঁৰ জীৱনকালৰ সময় খ্ৰীষ্টিয় চতুৰ্থ শতাব্দী বুলি কৈছে৷ অন্যহাতে শ্ৰী জি. য়ু. পোপৰ  দৰে পাশ্চাত্য পণ্ডিতৰ মতে মাণিক্কৱাচকৰৰ সময় খ্ৰীষ্টিয় অষ্টম শতাব্দী৷ এই বিষয়ে আৰু বহুধৰণৰ মতান্তৰ পোৱা যায়৷ মাণিক্কৱাচকৰৰ ভাষা-শৈলী, ছন্দ তথা কিছুমান অন্য প্ৰমাণৰ আধাৰত এই সিদ্ধান্তই মানি লোৱাৰ উপযুক্ত যে তেওঁ ‘তেৱাৰম্‌’ ৰচয়িতাসকলৰ আগৰ৷

        মাণিক্কৱাচকৰৰ বিষয়ে বহুতো প্ৰচলিত পৌৰাণিক কাহিনী তথা অতিশয়োক্তি আৰু চমৎকাৰ ঘটনা পোৱা যায়৷ এইটো সত্য যে তেওঁ আৰিমৰ্দন পাণ্ড্য   নামৰ ৰজাৰ মন্ত্ৰী আছিল৷ মাণিক্কৱাচকৰে মন্ত্ৰীৰ দৰে উচ্ছ পদ আৰু জীৱনৰ সুখ-ভোগ হঠাতে ত্যাগ কৰি ঠায়ে ঠায়ে ঘূৰি ফুৰি শিৱক স্তুতি কৰি গীত গাইছিল৷ ‘তিৰুৱাচকম্‌’ক  এই গীতসমূহৰেই সংকলন বুলি আখ্যা দিয়া হয়৷

        বাস্তৱত ‘তিৰুৱাচকম্‌’ মাণিক্কৱাচকৰৰ আধ্যাত্মিক আত্মকাহিনী৷ তেওঁৰ ৰচনাশৈলীৰ অন্যতম বিশেষত্ব হ’ল– মাণিক্কৱাচকৰৰ নিজ সময়ত প্ৰচলিত লোকগীতসমূহৰ উচ্ছাৰণমৰ্মে ভক্তি গীতৰ ৰচনা কৰিছিল৷ অন্তঃগূঢ়তম আধ্যাত্মিক তত্ত্বৰে পূৰ্ণ হোৱাৰ পাছতো তেওঁৰ গীতবোৰ পঢ়িবলৈ আৰু গাবলৈ সৰল যেন লাগিছিল আৰু গীতৰ ভাষা আছিল সহজে বুজি পোৱা ধৰণৰ৷ আধ্যাত্মিক আত্মানুভূতিৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে এই গীতসমূহৰ মাজত হূদয়ক পৱিত্ৰ কৰি তোলাৰ অনন্য মাধুৰ্য লাভ কৰা যায়৷ এনেবোৰ কাৰণত তামিলত এক প্ৰবাদৰ প্ৰচলন আছে যে– ‘তিৰুৱাচকত্তুৰক্কু উৰুগাৰ ওৰু ৱাচকত্তিৰক্কুম্‌ উৰুগাৰ’৷  অৰ্থাৎ ‘তিৰুৱাচকম্‌’ৰ দ্বাৰা যি দ্ৰৱিত বা গলি যাব নোৱাৰিলে, তেওঁ আন কোনো ধৰণৰ কবিতাৰ দ্বাৰাও পমি যাব নোৱাৰে৷

        মাণিক্কৱাচকৰৰ মতে কেৱল বুদ্ধিৰ বলত জীৱই মোক্ষ লাভ কৰিব নোৱাৰে৷ এই বিষয়ে তেওঁ এনেদৰে কয়–

        “সদাভক্তই তোমাৰ পুষ্পসম চৰণক লাভ কৰিব পাৰে, এয়া মই দেখিলোঁ আৰু শুনিলোঁ৷ তথাপিও মই খালো, পিন্ধিলোঁ, বহি থাকিলোঁ কিংকৰ্তব্যবিমূঢ়ৰ দৰে, মতিহীন কুকুৰৰ দৰে৷ সত্যৰ পৰা বিমুখ অদৃষ্টবাদী শ্ৰেণীৰেই মই...৷”

        ইয়াৰ তাৎপৰ্য এয়াই যে কেৱল ইন্দ্ৰিয় সুখৰ উপভোগেই জীৱৰ চৰম লক্ষ্য নহয়, ভক্তিহীন ব্যক্তিয়ে নিজকে এই বন্ধনৰ পৰা মুক্ত কৰিব নোৱাৰে৷ এই ভক্তি যুক্তি-তৰ্ক, বিচাৰ-বিবেচনা শক্তি, পাণ্ডিত্য তথা শাৰীৰিক যাতনাৰ সন্মুখীন কৰোৱা তপস্যাতকৈ অধিক শক্তিশালী৷ পৰমাত্মাৰ অনুগ্ৰহ অবিহনে ইয়াক লাভ কৰিব নোৱাৰি৷ পৰমাত্মাৰ অনুগ্ৰহ সেই জীৱই লাভ কৰে যি সম্পূৰ্ণভাৱে অহংকাৰৰ পৰা মুক্ত আৰু নম্ৰ৷

        “যেতিয়া মুক্তিৰ সন্ধানত তপস্বীগণে অনেক যাতনা সহি ভ্ৰমি ফুৰিছিল, তেনে সময়ত সেই পৰম জ্যোতিয়ে তেওঁলোকৰ হাতত মোক্ষ প্ৰদান কৰিছিল আৰু মোৰ দৰে অকিঞ্চনকো অনুগ্ৰহ কৰি ভক্তিৰ সুধা সাগৰত নিমগ্ন কৰিলে৷”

        “সকলোৰে বাবে তুমি আৱশ্যক, কিন্তু আমাৰ নিচিনা ভক্তৰ বাবে তুমি ভাল বৈদ্যৰ দৰে৷”

        “মই অসংস্কৃতিবান আছিলোঁ, কুকুৰৰ দৰে জন্তুসম হৈ পৰিছিলোঁ, মোৰ মন নীচ, পাপী আছিল৷ কিন্তু... ভগৱান শিৱই মোক উন্মত্ত কৰিলে, প্ৰস্তৰক কোমলাই ফলৱতী ৰসময় কৰি তোলে/”

        ঈশ্বৰে যেতিয়া কৃপা কৰিবলৈ লয় তেতিয়া ত্ৰিগুণাত্মক মায়া হঠাতে ভস্ম হৈ পৰে আৰু সত্যৰূপী মুক্তিৰ প্ৰাপ্তি ঘটে৷ এই ভাবৰাশিক ৰূপক হিচাপে অতি সুন্দৰভাৱে এনেদৰে ব্যক্ত কৰিছে–

        “টানিলে ধনু আৰু আৰম্ভ হ’ল যুদ্ধ, শেষ হৈ গ’ল তিনি স্বৰ্গ, মৰ্ত্য আৰু পাতাল/ একেলগে শেষ হৈ গ’ল এই ত্ৰিকাল/”

        ভক্ত মাণিক্কৱাচকৰে সমস্ত প্ৰকৃতি শিৱময় হৈ থকা দেখে৷

        “তেওঁ বেদ, তেওঁ যজ্ঞ, সত্যও তেওঁ, মিথ্যাও তেওঁ, পোহৰো তেওঁ... আদি তেওঁ, অন্তও তেওঁ...৷”

        ‘তিৰুৱাচকম’ৰ সংকলিত কবিতাসমূহৰ বাহিৰে মাণিক্কৱাচকৰে এখন ৰহস্যবাদী প্ৰবন্ধ কাব্যও ৰচনা কৰিছিল, যিখন ‘তিৰুক্কৌৱৈয়াৰ’ নামেৰে প্ৰখ্যাত৷ এইখনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল যে ইয়াত প্ৰেমেই ভগৱান অৰ্থত বৰ্ণিত হৈছে৷

        ‘তেৰাৱম’ৰ ৰচয়িতাসকলৰ কালক্ৰমৰ ভিত্তিত অপ্পৰ প্ৰথম৷ তেওঁ পল্লৱ ৰজা মহেন্দ্ৰবৰ্মনৰ সমকালীন আছিল, পণ্ডিতসকলৰ মতে তেওঁৰ সময় খ্ৰীষ্টিয় ষষ্ঠ শতাব্দীৰ তৃতীয় ভাগৰ পৰা সপ্তম শতাব্দীৰ মাজভাগলৈকে৷

        অপ্পৰৰ বিষয়ে যিসমূহ প্ৰচলিত কাহিনী আছে তাৰ পৰা এইখিনি গম পোৱা যায় যে আৰম্ভণিতে তেওঁ জৈন ধৰ্মক আপোন কৰি লৈছিল আৰু ক্ষুল্লক ধৰ্মসেন নামেৰে দক্ষিণ [তিৰুপাডিৰি পুলিয়ুৰ ত বাস কৰিছিল৷ পিছত তেওঁ পুনৰ শৈৱ হৈ পৰে আৰু শিৱৰ ভক্তি গীত গাই তামিল প্ৰদেশত পৰ্যটনৰ বাবে ঘূৰিবলৈ লয়৷ সেই সময়ত ৰজা মহেন্দ্ৰবৰ্মন জৈন ধৰ্মৰ ভক্ত আছিল; যাৰ বাবে অপ্পৰক বহুতো শাস্তি-যন্ত্ৰণা দিছিল৷

        অপ্পৰ তামিল, সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ ডাঙৰ পণ্ডিত আছিল৷ তদুপৰি বৈদিক, জৈন ধৰ্মৰ গূঢ়তম সিদ্ধান্ত, তত্ত্বৰো জ্ঞানী আছিল৷ প্ৰথমতে জৈন ধৰ্ম গ্ৰহণ কৰি পুনৰ শৈৱ হোৱাৰ কাৰণে তেওঁৰ কবিতাসমূহত অনুতাপৰ ভাবনা তথা ভগৱান শিৱৰ প্ৰতি দাস্য ভাবৰ প্ৰচুৰতা দেখা যায়৷ লগতে পৰমাত্মাৰ বাহিৰে অন্য সত্ত্বাক মানি নোলোৱাৰ নিৰকুংশতাৰ স্পষ্ট জিলিঙনি আছে৷ ভাষা-পটুতাৰ বাবে তেওঁক ‘তিৰুনাবুক্কৰশৰ’  উপাধি দিয়া হৈছিল৷

        যেতিয়া ৰজাৰ ফালৰ পৰা ভয় দেখুওৱা হ’ল, তেতিয়া অপ্পৰে ক’লে–

        “গংগাধৰ শিৱ মোৰ আত্মীয়৷ না মই কাৰোবালৈ ভয় কৰোঁ, না মোক কোনোবাই ভয় খুৱাব পাৰে৷”

        যেতিয়া কোৱা হ’ল যে তেওঁ ৰজা আৰু অপ্পৰ প্ৰজা, তেতিয়া কৈ উঠিল, “মই কাৰো প্ৰজা নহয় [মাত্ৰ শংকৰ ভগৱানৰ বাহিৰে]৷ যমলৈ মই ভয় নকৰোঁ৷”

        ঘোৰ যাতনা সহি এবাৰ তেওঁ গাইছিল–

        “সুমধুৰ বাণীৰ তানৰ দৰে, সান্ধ্যকালীন চন্দ্ৰমাৰ দৰে, বৈ যোৱা মলয়া বতাহৰ দৰে, উৎফুল্লিত বসন্তৰ দৰে, ভ্ৰমৰৰ গুঞ্জনৰে পূৰ্ণ কমল পুষ্পৰ সমান মোৰ ঈশ্বৰৰ চৰণৰ ছায়াও মধুৰ মনোৰম/”

        ‘তেৱাৰম্‌’ দহটা দহটা কবিতাৰ স্তৱকৰে সী থোৱা কাব্যমালা৷ প্ৰত্যেক দশকত এটা বিষয় উপস্থাপন কৰা হৈছে. লাগিলে সেয়া কিবা ভাব-অনুভূতিয়েই হওক বা তীৰ্থস্থানৰ বৰ্ণনাই হওঁক৷ এনেদৰে সম্পূৰ্ণ হৈ যোৱাৰ পাছত এঘাৰ সংখ্যক কবিতাটোত ৰচয়িতাৰ অংগ বিন্যাস থাকে৷ এই ৰচনাশৈলীৰ প্ৰৱৰ্তক আছিল অপ্পৰ৷ কিন্তু অংগ বিন্যাস উল্লেখিত কবিতাত নিজৰ নাম উল্লেখ নকৰে, মাত্ৰ নিজৰ অনুতাপ আদিৰ এক স্পৰ্শ প্ৰদান কৰে৷

        নিৰ্ভয়তা, নিৰ্মোহ, অটল ভক্তি আৰু অপ্ৰতিৰোধ আছিল অপ্পৰৰ স্বকীয় বৈশিষ্ট্য আৰু এইবোৰকে তেওঁ  কবিতাৰ দ্বাৰা প্ৰচাৰ কৰিছিল৷ তেওঁ এঠাইত কৈছে– “শংখ নিধি, পদ্ম নিধিৰ লগতে পৃথিৱী আৰু দেৱলোকৰ শাসন সত্ত্বাকো কোনোবাই আমাক প্ৰদান কৰক, তেতিয়া আমি তেওঁৰ সেই নশ্বৰ সম্পত্তিক অলপো গুৰুত্ব নিদিওঁ৷ কিন্তু যদি গংগাধৰ ভগৱান শিৱৰ ভক্ত হয়, তেতিয়াহ’লে তেওঁক মই ঈশ্বৰসম বন্দনীয় বুলি ভাবিম, লাগিলে তেওঁৰ শৰীৰ কুষ্ঠ ৰোগত জহি-খহি যোৱাই কিয় নহওঁক৷”

        অপ্পৰৰ যি অপ্ৰতিৰোধৰ মনোবৃত্তি আছিল সেয়া সম্ভৱতঃ জৈন ধৰ্মৰ যাতনাসমূহ সহ্য কৰা কাৰ্যৰ দ্বাৰা প্ৰভাৱিত হৈ বিকাশ লাভ কৰে৷ তদুপৰি তেওঁৰ অটল ভক্তিও ইয়াৰ এক মুখ্য কাৰণ আছিল৷

        “তেওঁৰ দায়িত্ব হ’ল আমাক ৰক্ষা কৰা; আমাৰ কাম হৈছে সেৱা আগবঢ়োৱা আৰু নিৰ্লিপ্ত হৈ থকা৷”

        “কোনোবাই শিলৰ খুঁটাৰ সৈতে বান্ধিও যদি সমুদ্ৰত উটুৱাই দিয়ে, তেতিয়াও ‘নমঃ শিৱায়’ মন্ত্ৰয়েই আমাৰ ৰক্ষক হ’ব৷”

        অপ্পৰৰ ৰহস্যবাদী কবিতাসমূহৰ সুৰো ধাৰ্মিক৷ সমস্ত চৰাচৰত তেওঁ অকল শিৱ শক্তিৰ ৰূপেই দেখা পায়৷

        “হস্তীক মই অহা দেখিছিলোঁ, প্ৰেমময়ী হস্তিনীৰ সংগত৷ তেওঁৰ শ্ৰীচৰণ দেখি অদৃষ্ট অজ্ঞাত ছবি দেখিছিলোঁ৷”

        অপ্পৰৰ কবিতাত এক পীড়া, বিৰহ, বেদনা নিহিত হৈ থকা দেখা পোৱা যায়৷ কিন্তু ক’ৰবাত  ক’ৰবাত ইয়াক মোক্ষ লাভৰ ক্ষেত্ৰত আহ্লাদিত হৈও গায়–

        “বিচাৰি ফুৰি নিজৰ অন্তৰতমত পালোঁ সেই দেৱক যাক বিচাৰি স্বয়ং ব্ৰহ্মা আৰু বিষ্ণুও হাৰি গ’ল৷”

        শৈৱ সন্ত কবিসকলৰ ভিতৰত তিৰুজ্ঞানসম্বন্দৰৰ স্থান অদ্বিতীয়৷ সংক্ষেপে তেওঁক ‘সম্বন্দৰ’ বুলি কোৱা হয়৷ যেতিয়া অপ্পৰ সত্তৰ বছৰ বয়সীয়া, তেতিয়া সম্বন্দৰৰ বয়স আছিল আঠ-দহ বছৰ৷ দুয়োজনৰে ইজনৰ সিজনৰ প্ৰতি স্নেহ আৰু শ্ৰদ্ধা ভাব আছিল৷

        কাহিনী অনুসৰি শিশু অৱস্থাত সম্বন্দৰক এদিন পিতাকে পুখুৰীৰ পাৰত শুৱাই থৈ স্নান কৰাত লাগিল৷ এনে অৱস্থাত ভোকত ৰ’ব নোৱাৰি শিশুটিয়ে কান্দিবলৈ ধৰিলে৷ তেতিয়া স্বয়ং পাৰ্বতীয়ে আহি শিশুটিক স্তন্যপান কৰোৱায়৷ সেই ক্ষণৰ পৰাই শিশুটিয়ে অদ্ভুত ভক্তি গীত গাবলৈ ধৰে৷ জনদীশ্বৰীৰ স্তন্য পানৰ বাবে জ্ঞান-প্ৰাপ্তি হোৱাৰ কাৰণত শিশুটিয়ে ‘জ্ঞানসম্বন্দৰ’ অৰ্থাৎ ঈশ্বৰীয় জ্ঞানৰ সৈতে হোৱা সম্বন্ধ নাম লাভ কৰে৷

        সম্বন্দৰৰ কবিতাসমূহত শিশু মনৰ কৌতূহল, জীৱন-প্ৰেম আৰু আনন্দানুভূতিৰ যি স্নিগ্ধ ৰস প্ৰৱাহিত হয়, সেয়াই হয়তো এই কল্পনাৰ আধাৰ আছিল৷ কাহিনীমতে ষোল্ল বছৰ বয়সত সম্বন্দৰৰ বিবাহ সম্পন্ন হয় আৰু সেই দিনাই পত্নীৰ সৈতে তেওঁৰ মৃত্যু ঘটে৷

        সম্বন্দৰ এজন সূক্ষ্মদৰ্শী প্ৰকৃতিপ্ৰেমী আছিল৷ চাৰি চাৰি পংক্তিযুক্ত তেওঁৰ অধিকাংশ কবিতা দুটা পংক্তিৰ৷ প্ৰকৃতি বিষয়ক আৰু বাকী দুটা ঈশ্বৰৰ গুণ-গান সম্বলিত আছিল৷ যিধৰণৰ শিৱস্থললৈ তেওঁ নাযাৱক কিয় সেই ঠাইৰ সজীৱ চিত্ৰ নিজৰ সুধাময় কবিতাত চিত্ৰিত কৰিছিল৷

        কেতিয়াবা তেওঁ বিভিন্ন ফুলত শাৰী পাতি মৌমাখিয়ে মুখ লগাই বাঁহীৰ সুৰ টনা দেখে, কেতিয়াবা কুসুমিত কাননত বীণ বজোৱা অৱস্থাত দেখে৷ তদুপৰি দেখে যে, “ৰঙচুৱা মুখৰ বান্দৰজনীয়ে বান্দৰ প্ৰেমিকৰ ওচৰত অভিমান কৰি দূৰলৈ জাঁপ দিবৰ বাবে ক’লা শিলটোত বগাইছে”, ক’ৰবাত “খং উঠা ভোমোৰাজনীয়ে তাইৰ প্ৰিয়তমে মধুপান কৰি গুচি যোৱা ফুলসমূহক তিৰস্কাৰ কৰি গৈ থকা দেখে৷” কেতিয়াবা “কৰ্কশ মাতৰ ব্যাধক তৰুণীৰ কান্ধত বহি থকা ভাটৌয়ে মিঠা মাতেৰে ‘আহা’ বুলি কৈছে”, আৰু কেতিয়াবা “গোৱালৰ বাঁহী শুনি চৰি থকা গৰুজাকে একেলগে তাৰ ওচৰলৈ আহি ঘৰলৈ ঘূৰি যাবলৈ সাজু হয়৷” ক’ৰবাত ‘মুকুতাৰ দৰে জলপ্ৰপাত’ বাগৰিছে  কেতিয়াবা ‘অমলতাস’ [এজোপা ঔষধি গছ]ৰ সোণালী জোপোহাবোৰ সৰি পৰিছে৷”

        সম্বন্দৰে নাগৰিক জীৱনকো ৰহস্যময় যেন অনুভৱ কৰিছিল৷ কেতিয়াবা  তেওঁ কৈছিল “উচ্ছ অট্টালিকাসমূহত যুৱতীসকলে মধুময় গীত গাই আছে, যাৰ ফলত গোটেই নগৰখন সংগীতময় হৈ পৰিছে৷” আনহাতে “সমৃদ্ধিৰ চিহ্নস্বৰূপ উচ্ছ ভৱন”সমূহেও তেওঁক আকৰ্ষণ কৰিছে, কেতিয়াবা ‘মন্দিৰৰ প্ৰাংগনত ময়ূৰৰ দৰে নচা তৰুণী” দেখি তেওঁ মুগ্ধ হৈ পৰে৷

        পৰ্বতৰ সুন্দৰ চিত্ৰও সম্বন্দৰৰ কবিতাসমূহত পোৱা যায়৷ এটা পাহাৰীয়া শিৱ মন্দিৰত ব্যাধসকলে পূজা কৰি আছে–

        “পাহাৰীয়া ব্যাধসকলক পূজা কৰা দেখি

        ৰঙ বিৰঙী ডালবোৰত সামান্য মুখ লুকুৱাই

        হাঁহি থাকিল খৰিকাজাঁইৰ লতাবোৰ৷”

        জংঘলৰ এটা হাতীৰ চিত্ৰ তেওঁ অতি মনোহৰী আৰু বাস্তৱিক ৰূপত উপস্থাপন কৰিছে–

        মেঘৰ গৰ্জনক সিংহৰ গৰ্জন বুলি ভাবি উন্মত্ত হাতীটো গুহাৰ দিশে পলাল৷ পলাওঁতে পলাওঁতে এটা শিলক দাঁতেৰে উভালি থৈ গ’ল৷ উন্মত্ত হাতীটোৱে ভয় খাইছিল আৰু নিজৰ এই ভয়ৰ ওপৰত খঙো উঠিল৷ এই খং কাৰোবাৰ ওপৰত যিহেতু বাহিৰ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছিল সেয়ে হাতীটোৱে শিলটোক দাঁতেৰে উভালি দলিয়াই সন্তোষ লাভ কৰিলে৷

        প্ৰকৃতি দৰ্শন আৰু ঈশ্বৰৰ গুণ-গান দুয়োটা একেলগে কৰাৰ দ্বাৰা সম্বন্দৰে জনসাধাৰণক বুজাইছিল যে সৃষ্টিকৰ্তা ঈশ্বৰক জানিবলৈ সৃষ্টিক জনা আৰু তাৰ সৈতে সৰস সহানুভূতি ৰখাটো আৱশ্যক৷ জীৱনৰ প্ৰতি বিমুখ হোৱা বা তাক ঘৃণনীয় ৰূপত গ্ৰহণ কৰা কাৰ্যই আধ্যাত্মিক সাধনাত সহায় নকৰে বৰঞ্চ হেঙাৰ হিচাপেহে থিয় দিয়ে৷

        অন্য এজন শিৱ ভক্ত কবি সুন্দৰৰ ক্ষেত্ৰত আমি উল্লেখ কৰিব পাৰোঁ যে- অৰ্জুন আৰু শ্ৰী কৃষ্ণৰ যি সম্বন্ধ আছিল, সেই সম্বন্ধ সুন্দৰৰ আৰু ভগৱান শিৱৰ মাজত আমি বিচাৰি পাওঁ৷ যেনেদৰে কোনো ব্যক্তিয়ে মনৰ সকলো কথা মিত্ৰক নিঃসংকোচে ক’ব পাৰে ঠিক তেনেদৰে সুন্দৰৰেও ভগৱান শিৱক হৃদয়ৰ সকলো কথা ব্যক্ত কৰে৷

        সম্বন্দৰৰ দৰে সুন্দৰৰেও বাহ্য প্ৰকৃতিৰ সৌন্দৰ্যত মুগ্ধ হয়৷ “ডালত কুলিয়ে গীত জুৰি আছে, নৃত্য কৰি আছে সুন্দৰ ময়ূৰে৷” এই দৃশ্য দেখি তেওঁ যিমান আহ্লাদিত হয়, সিমানেই আহ্লাদিত হয়  জলক্ৰীড়া কৰা কন্যাসকলক দেখিও৷

        সুন্দৰৰে বিভিন্ন দেশ ভ্ৰমণ কৰিছিল যদিও তিৰুৱাৰুৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল৷ এবাৰ তিৰুৱাৰুৰ পৰা বহুত দিন থকাৰ বাবে তেওঁৰ মন ব্যথিত হৈ পৰিছিল৷ তিৰুৱাৰুত বিৰাজমান ভগৱান শিৱৰ দৰ্শনৰ বাবে তেওঁ বহুত আতুৰ হৈ পৰে আৰু তেতিয়াই তেওঁৰ কণ্ঠৰে বেদনা নিগৰে এইদৰে– “কিমান দিন আৰু আঁতৰি থাকিম নিজৰ দেশৰ পৰা৷”

        সুন্দৰৰ অন্য তিনিজন শৈৱ সন্ত কবিতকৈ বহু বছৰ পাছৰ আছিল৷ তেওঁ কেৱল নিজৰ কাব্য ৰচনাই নহয়, নিজতকৈ আগৰ সন্ত কবিসকলৰ ৰচনাসমূহ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো মনোযোগ  দিছিল৷ তেওঁৰ এটা দশকৰ আধাৰত কবি শেক্কিলাৰে ‘পেৰিয়পুৰাণ’ নামৰ সুন্দৰ কাব্যৰ ৰচনা কৰে য’ত সকলো শৈৱ সন্তসকলৰ জীৱন কথা বৰ্ণিত হৈছে৷

        এই প্ৰসংগতে অন্য এজন শৈৱ কবিৰ উল্লেখ কৰাটো অত্যন্ত আৱশ্যক৷ এওঁ হৈছে তিৰুমূলৰ, যাৰ তিনি হাজাৰ আধ্যাত্মিক কবিতা ‘তিৰুমন্দিৰম্‌’ [পৱিত্ৰ মন্ত্ৰ] নামেৰে বিখ্যাত৷

        তিৰুমূলৰ একান্ত ভক্ত, তপস্বী আছিল আৰু তেওঁ নিজৰ আধ্যাত্মিক অনুভূতিসমূহ, দাৰ্শনিক বিচাৰ আদিক মধুৰ কবিতাৰ ৰূপ প্ৰদান কৰে৷ তিৰুমূলৰৰ কবিতাত ভাষা-সংযমতা আৰু গহীন তত্ত্বাৰ্থ পোৱা যায়৷ সৰল ৰূপত গূঢ়তম আধ্যাত্মিক তত্ত্বৰ প্ৰতিপাদন কৰাটো তিৰুমূলৰৰ বিশেষ প্ৰতিভা৷

        ‘তিৰমূলৰ বিশ্বপ্ৰেমৰ প্ৰচাৰক আছিল৷ তেওঁ ইমানখিনিলৈকে ঘোষণা কৰিছিল যে–

        “মতিহীনসকলে কয় যে, প্ৰেম আৰু ঈশ্বৰ ভিন্ন ভিন্ন৷ প্ৰেমেই যে শিৱ, এয়া কোনোৱে বুজি নাপায়৷ প্ৰেমেই শিৱ, এই বোধ জাগ্ৰত হোৱাৰ লগে লগে জীৱই স্বয়ং প্ৰেমৰূপী শিৱৰ ৰূপ ধাৰণ কৰি অমৰ হৈ যাব৷”

        কেতিয়াবা কেতিয়াবা গূঢ়তম আধ্যাত্মিক অনুভূতিসমূহক ব্যক্ত কৰিবলৈ যাওঁতে তিৰুমূলৰৰ কবিতা দুৰূহ হৈ পৰে৷ তথাপিও অব্যক্তখিনিক কাব্যৰ দ্বাৰা অভিব্যক্ত কৰাৰ ক্ষেত্ৰত অনুভূতিশীল সন্তসকলৰ ভিতৰত তিৰুমূলৰৰ স্থান বহুত উচ্ছ৷

বৈষ্ণৱ সন্ত কবি

        বৈষ্ণৱ সন্ত কবি, ৰচকসকলক ‘আলৱাৰ’ বুলি কোৱা হয়৷ এনেকুৱা বাৰজন আলৱাৰৰ দ্বাৰা ৰচিত চাৰি হাজাৰ কবিতাৰ বৃহৎ সংগ্ৰহক ‘নালাইৰা দিব্য প্ৰবন্ধম্‌’  নামেৰে জনা যায়৷

        ইয়াৰে আদিভক্ত সন্ত তিনিজন হৈছে– পোয়গৈ আল্‌ৱাৰ , পুডত্তাল্‌ৱাৰ  আৰু পেয়াল্‌ৱাৰ ৷ এই তিনিওজনৰে তিনিখন শতক ‘তিৰুবন্দাদি’ নামেৰে বিখ্যাত৷ ‘ৱেণপা’  ছন্দত ৰচিত এই শতকম  তিনিওখন ভাষা-সৌষ্ঠৱ আৰু অৰ্থ গাম্ভীৰ্যৰ দিশৰ পৰা চাবলৈ গ’লে উচ্ছকাব্য৷ এই প্ৰসংগতে তিনিজনা কবিৰ প্ৰত্যেক শতকৰ এটা এটা কবিতাৰ ভাব ইয়াত উল্লেখ কৰা হৈছে–

        “ভক্তই যি ৰূপক বিচাৰে, সেয়াই তেওঁৰ ৰূপ৷ যি নামক বিচাৰে, সেয়াই তেওঁৰ নাম৷ ভক্তই যিদৰে উপাসনা কৰে, সেইধৰণেই চক্ৰধৰ বিষ্ণু তেওঁৰ উপাস্য হৈ পৰে৷” [পোয়গৈ আল্‌ৱাৰ]

        “প্ৰেমৰ চাকিত অভিলাষৰ ঘী ঢালা, স্নিগ্ধ হূদয়ৰ শলিতা লগোৱা, স্নেহত দ্ৰৱিত আত্মাৰ সৈতে, মই নাৰায়ণৰ সমস্ত জ্ঞান-দীপ জ্বলালোঁ৷” [পুদত্তাল্‌ৱাৰ]

        “তেওঁ ঈশ্বৰ৷ পৃথিৱী, আকাশ, আঠোটা দিশ, বেদ, বেদাৰ্থ সকলোতে অন্তনিৰ্হিত হৈ আছে৷ কিন্তু আশ্বৰ্যৰ কথা এইটোৱেই যে তেওঁৰ নিবাস আছে মোৰ হৃদয়ত৷” [পেয়াল্‌ৱাৰ]

        ভক্তি কাব্যৰ জৰিয়তে স্নিগ্ধ বাৎসল্য ৰস প্ৰৱাহিত কৰা বৈষ্ণৱ সন্ত কবি পেৰিয়াল্‌ৱাৰ খ্ৰীষ্টিয় ষষ্ঠ শতাব্দীৰ আছিল বুলি কোৱা হয়৷ পেৰিয়াল্‌ৱাৰ নাস্তিক ব্ৰহ্মচাৰী আছিল, তথাপিও শ্ৰীকৃষ্ণৰ শিশু ৰূপ আৰু সৰলতাই তেওঁৰ ভাবুক হূদয়ক অধিক আকৰ্ষণ কৰিলে৷ মাতৃ যশোদাৰ মনৰ সকলো কথা, যশোদাৰ প্ৰত্যেকটো হুমুনিয়াহ-নিশ্বাসক পেৰিয়াল্‌ৱাৰে হৃদয়স্পৰ্শী ৰূপত অদ্ভুত সৌন্দৰ্যময় কবিতাৰ ৰূপ দিছিল৷

        শিশু কৃষ্ণৰ অনেক মনোহৰ ৰূপ, অনেক মধুৰ লীলা এই কবিতাসমূহত বৰ্ণনা কৰা হৈছে৷ কৃষ্ণৰ জন্ম হোৱাৰ কিছুদিনৰ পাছতেই যশোদাই সখীয়েকসকলৰ আগত কৈছে–

        “চম্ভালিবলৈ এৰি দিলে এনেদৰে লঠিয়ায় যে ভাঙে বুলি ভয় লাগে, কোঁচত তুলি ল’লে কঁকাল ভাঙি দিয়ে৷ বুকুত সুমুৱাই ল’লে পেট ফালি দিয়ে৷ মোৰ দ্বাৰা ইয়াক চম্ভালা কাৰ্য সম্ভৱ নহয় সখী, মই কি কৰোঁ?”

        কৃষ্ণ এতিয়া অলপ ডাঙৰ হ’ল আৰু মাটিত বগাই ধূলিৰে লুতুৰি-পুতুৰি হৈ খেলিবলৈ ধৰিলে৷ এনেদৰে খেলি খেলি বাহিৰলৈ ওলাই আহে আৰু আকাশত চন্দ্ৰমাক দেখি মাতে৷ তেতিয়া মাতৃ যশোদাই চন্দ্ৰমাক সম্বোধন কৰি কয়–

        “শিৰত আভূষণে শোভাবৰ্ধন কৰিছে, ভৰিত সোণৰ নুপূৰে মধুৰ নিনাদৰ সৃষ্টি কৰিছে আৰু এনেকৈ মোৰ সোণ গোবিন্দই ধূলিৰে লুতুৰি-পুতুৰি হৈ খেলি আছে৷ যদি তোমাৰ দৃষ্টি আছে, তেতিয়াহ’লে হে চন্দ্ৰ, মোৰ সোণামুৱাৰ লীলা চাবলৈ তুমিও নামি আহা৷”

        ইয়াৰ পাছত যশোদাই কৃষ্ণক কোলাত তুলি লয় আৰু ক’বলৈ ধৰে–

        “সুন্দৰ মুখখনিৰ পৰা অমৃতসম লেলাৱটি বৈ পৰিছে, আৰু মোৰ সোণে ফুটা নুফুটা মাতেৰে তোমাক মাতি আছে৷ মোৰ সকলোতকৈ প্ৰিয় আদৰৰ বাচাই মাতোঁতেও যদি তুমি নাহা, তেতিয়াহ’লে হে তেজোময় চন্দ্ৰ/ তোমাক বধিৰ বুলিয়েই ভাবিব লাগিব৷”

        কানাইৰ এটি দাঁত ফুটিছে আৰু মধুৰভাৱে হাঁহি আছে৷ যশোদাই সেই দৃশ্য দেখি কয়–

        “হাঁহি থকা ৰঙা ৰঙা সৰু মুখখনিৰ ভিতৰত সুন্দৰ দাঁতৰ অংকুৰণ ঘটিছে, এয়াই যেন ৰক্তিম আকাশত উদয় হোৱা তৃতীয়াৰ চন্দ্ৰকো চেৰ পেলাইছে৷”

        কানাইয়ে লাহে লাহে খোজকাঢ়িব পৰা হৈছে৷ যশোদা বহি আছিল৷ কানাইয়ে খিলখিলাই আহি মাকক সাৱটি স্নেহ প্ৰদান কৰে৷ তাৰ মুখৰ পৰা অহৰহ লেলাৱটি বৈ আছে৷ কিন্তু শিশুৰ এই চুম্বনে মাতৃ হৃদয়ত অমৃত প্ৰৱাহিত কৰি তোলে৷

        তাৰ পিছত মাতৃ যশোদাই কৃষ্ণক কোলাত ল’বলৈ লালায়িত হৈ উঠে আৰু তাক মাতে৷ কানাইয়ে মাকৰ ফালে বেগেৰে আগুৱাই আহে–

        “তেওঁৰ প্ৰবালৰ দৰে ৰঙচুৱা ওঁঠজুৰিৰ ওপৰত ঘন ক’লা কেঁকোৰা চুলিকোছা হাউলি পৰাত এলে লাগিছে যেন ৰঙা পদুমৰ মধুপান কৰা ভোমোৰাহে৷”

        কানাই ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ লীলাও ব্যাপক হৈ পৰে৷ কানাইৰ জন্মৰ পাছত যশোদাৰ ঘৰত ‘না ক’ৰবাত ঘিউ সুৰক্ষিতভাৱে পোৱা যায়, না গাখীৰ, না দৈ, না মাখন/” চুবুৰীয়া ল’ৰা-ছোৱালীৰ লগত কাজিয়া কৰাৰ পাছত কৃষ্ণ মনে মনে ঘৰলৈ আহে৷ চুবুৰীয়াই নিজৰ কান্দি থকা সন্তানকেইটাক লৈ যশোদাক আগুৰি ধৰি কৃষ্ণৰ বিৰুদ্ধে গোচৰ দিয়ে৷ এফালে এই চিঞৰ-বাখৰ, গোচৰসমূহৰ বাবে যশোদা নিৰুপায় হৈছে আৰু আনফালে কৃষ্ণই হাঁহি হাঁহি দুষ্টালিৰ মজা লৈছে৷

        সন্ধিয়া গাইসমূহ ঘৰলৈ ঘূৰি অহাৰ পাছত পোৱালিবোৰক দুগ্ধপানৰ বাবে মেলি দিয়ে৷ কিন্তু এই কাৰ্য কানাইয়ে মানিলেহে সম্ভৱ হ’ব৷ সি পৰুৱাবোৰ ধৰি ধৰি গৰুৰ পোৱালিবোৰৰ কাণত এৰি দিয়ে আৰু পোৱালিবোৰ ভয় খাই পলাই যায়৷ তেতিয়া যশোদাই কয়– “এতিয়া তই মাখন পাবি ৰহ৷”

        কানাইয়ে চুবুৰীয়াৰ ঘৰত অকল মাখন চুৰ কৰিয়েই নাখায়, তদুপৰি খোৱাৰ পিছত খালী কলহবোৰ পাথৰ মাৰি ভাঙে আৰু সেইসমূহ ভঙাৰ শব্দ শুনি আনন্দতে হাতচাপৰি বজায়৷

        প্ৰথমবাৰ যেতিয়া কানাইয়ে গৰু চৰাবলৈ হাবিলৈ যায়, সেই সময়ত যশোদাৰ কল্পনা আৰু সন্ধ্যা হোৱাৰ পাছতো কৃষ্ণ উভতি নহাত যশোদাৰ চিন্তা, ভয়-উৎকণ্ঠাৰ বৰ্ণনা হূদয়স্পৰ্শী৷

        যমুনাৰ পাৰত বাঁহী বজোৱা কৃষ্ণৰ যি কাব্যচিত্ৰ পেৰিয়াল্‌ৱাৰে অংকন কৰিছে, ডাঙৰ ডাঙৰ চিত্ৰকৰে তুলিকাৰ সহায়ত সেই দৃশ্যক চিত্ৰপটত অংকন কৰিবলৈ প্ৰয়াস কৰিও বিফল হ’ল৷

        ৰবিবৰ্মাই এই কবিতাসমূহৰ আধাৰত দুই-এখন সুন্দৰ চিত্ৰ অংকন কৰিছিল, কিন্তু সেয়াও পেৰিয়াল্‌ৱাৰৰ কাব্যচিত্ৰৰ সন্মুখত বহু পৰিমাণে নিৰ্জীৱ যেন লাগে৷ পেৰিয়াল্‌ৱাৰৰ এখন কাব্য চিত্ৰ এনেধৰণৰ–

        “বাওঁফালে থুঁতৰিটো কান্ধত লগ লাগিছে৷ দুয়োখন হাতৰ কোমল আঙুলিবোৰে বাঁহীৰ ওপৰত চলাচল কৰিছে৷ ভ্ৰূযোৰ ইফালে-সিফালে গতি কৰে৷ ৰঙা পদুমৰ ওপৰত মধুপান কৰা ভোমোৰাৰ দৰে ঘন, কেকোৰা ক’লা কেশখিনি মুখত বাগৰি পৰিছে আৰু মেঘসম শ্যামবৰণীয়া কৃষ্ণই বাঁহী বজাই আছে৷ বাঁহীৰ সেই তানত মোহিত হৈ চৰি থকা হৰিণে য’ত যিদৰে আছিল তেনেদৰেই চিত্ৰৰ দৰে স্থিৰ হৈ ৰ’ল৷ আধা খোৱা ঘাঁহকেইডাল হৰিণৰ মুখৰ পৰা লাহেকৈ সৰি পৰিল৷”

        তামিল প্ৰদেশৰ মাতৃসকলে এশবছৰৰ আগৰে পৰা শিশুসমূহক খুৱাওঁতে-বোৱাওঁতে, নিচুকাবৰ সময়ত বা মৰম কৰাৰ সময়ত যি মধুৰ লোকগীতসমূহ গাইছিল, সেইসমূহক পেৰিয়াল্‌ৱাৰে সাহিত্যিক ৰূপ দি তামিল কাব্যলৈ মহৎ সেৱা আগবঢ়ালে৷ ‘পিল্লৈ তামিল’ বুলি কোৱা এই গীতৰ শৈলীক পাছত বহুতো তামিল কবিয়ে গ্ৰহণ কৰে৷

        কৃষ্ণৰ শিশুৰূপ বৰ্ণনাৰ জৰিয়তে পেৰিয়াল্‌ৱাৰে জনতাৰ মাজত সৰসতাৰ মধুধাৰা প্ৰৱাহিত কৰে আৰু প্ৰত্যেক শিশুৰে মাজত ঈশ্বৰৰ অস্তিত্ব দৰ্শন কৰাৰ এক মহৎ শিক্ষা দিয়ে৷ তেওঁৰ ভাষা গংগাৰ দৰে প্ৰৱাহিত, অগাধ ভাবযুক্ত আৰু বোধসম্পন্ন৷ পেৰিয়াল্‌ৱাৰৰ এই ৰস সাগৰে আণ্ডালৰূপী কাব্যলতাক পৰিচয় কৰালে, যাৰ কবিতাপুষ্প আজিও সাহিত্যৰ ফুলনিত সুশোভিত হৈ আছে৷

        বৈষ্ণৱ সন্ত মহিলা কবি আণ্ডালৰ ভাৰতীয় সাহিত্যত বিশিষ্ট স্থান আছে৷ কাৰৈক্কাল অম্মৈয়াৰ , মীৰা  আদিৰ দৰে ভক্ত মহিলা কবিসকল বিবাহিতা আছিল, অন্যহাতে আণ্ডাল ষোল্ল বছৰ পৰ্যন্ত কুমাৰী আছিল আৰু কাহিনীমতে নিজৰ প্ৰিয়তম বিষ্ণুৰ সৈতে শৰীৰৰ মাধুৰ্য আহৰণ কৰিছিল৷ এই ষোল্ল বছৰ বয়সত তেওঁ মধুৰ ৰসেৰে পৰিপূৰ্ণ যিবোৰ কবিতাৰ ৰচনা কৰিছিল, সেইসমূহ ‘নাচ্ছিয়াৰ তিৰুমোলি’   নামেৰে বিখ্যাত৷

        বিশুদ্ধ সাহিত্যিক দৃষ্টিৰে চালে এই কবিতাসমূহত উৎকৃষ্ট শৃংগাৰ ৰস প্ৰৱাহিত হৈ থকা দেখা যায়৷ কিন্তু বৈষ্ণৱ সিদ্ধান্তাচাৰ্যই এই কবিতাসমূহ গূঢ়তম তত্ত্বাৰ্থৰে ভৰা বুলি কৈছে৷ তদুপৰি বিশিষ্ট দ্বৈতবাদৰ প্ৰতিষ্ঠাপক ৰামানুজাচাৰ্যই  নিজৰ সিদ্ধান্তসমূহক প্ৰমাণ কৰিবলৈ আণ্ডালৰ কবিতাসমূহৰ পৰা প্ৰেৰণা লাভ কৰিছিল৷

        প্ৰবাদমতে পেৰিয়াল্‌ৱাৰে এদিন প্ৰাতঃকালত উপবনত পূজাৰ কাৰণে ফুল ছিঙিবলৈ গৈছিল৷ তেতিয়া হঠাতে পাৰিজাত ফুল এজোপাৰ তলত এটি সুন্দৰ শিশু পৰি থকা দেখে৷ এই শিশুটিক ঘৰলৈ নি লালন-পালন কৰাৰ ইচ্ছাক পেৰিয়াল্‌ৱাৰে সম্বৰণ কৰিব নোৱাৰিলে৷ এই শিশুটিয়েই আগলৈ আণ্ডাল নামেৰে বিখ্যাত হ’ল৷

        পেৰিয়াল্‌ৱাৰৰ কুটীৰৰ সৰস ভক্তিময় বাতাবৰণত লালন-পালন হোৱাৰ কাৰণে বালিকা আণ্ডালৰ কল্পনাশীল মনত ভগৱান বিষ্ণুৰ সৰ্বাংগ সুন্দৰ ৰূপ, অপৰিমিত শক্তি আৰু লীলাৰ এক জাজ্বল্যমান চিত্ৰ অংকিত হৈছিল৷ আণ্ডালে নিজকে সেই দিব্য মূৰ্তিত লীন কৰি দিছিল৷ আণ্ডালে কল্পনাৰ ৰথত উঠি কাল আৰু দেশৰ সীমা পাৰ কৰি নিজকে বৃন্দাবনৰ গোপিনী হিচাপে কল্পনা কৰে আৰু কানাইৰ সৈতে ভিন্ন ভিন্ন খেলত নিমজ্জিত হয়৷ কেতিয়াবা কৃষ্ণই আৰু অন্য গোপিনীসকলৰ দ্বাৰা নিৰ্মিত ঘৰৰ বস্তুসমূহ ভাঙি-ছিঙি পলাই যায়৷ কেতিয়াবা লুকাই লুকাই খেলা গোপ-কন্যাসকলৰ মাজত হঠাতে কানাইৰ উপস্থিতি ঘটে আৰু লীলাত মগ্ন হয়,যাৰ বিষয়ে চৰ্চা কৰিবলৈ সিহঁতে লাজ অনুভৱ কৰে৷ কেতিয়াবা কানাইয়ে জলক্ৰীড়া কৰা কন্যাসকলৰ বস্ত্ৰহৰণ কৰি গছত উঠে আৰু সিহঁতক কন্দুৱাই খং তুলি ৰং চায়৷ হঠাতে  আণ্ডালৰ মধুৰ কল্পনা ভংগ হৈ পৰে আৰু আণ্ডালে অকলশৰীয়া অনুভৱ কৰে৷ তেওঁ কুটীৰৰ পৰা বাহিৰলৈ ওলাই আহি চাৰিওফালে চকু ফুৰাই চায়৷ মাজনিশা৷ আকাশখন ক’লা মেঘে আগুৰি আছে৷ শীতল বতাহ বলি আছে৷ তেতিয়া তেওঁ মেঘক সম্বোধন কৰি কয়–

        “নীলা দলিচাৰ দৰে আকাশত বিয়পি পৰা হে মেঘ, মুকুতা বৰষোৱা হে দানবীৰ, তুমি কোৱাচোন/ সুন্দৰ জিলিঙনিবোৰৰ পাছত কি বাকী ৰ’ল? হূদয় কামাগ্নিত দগ্ধ হৈছে আৰু মলয়া বতাহৰ ৰূপত বাহিৰত অগ্নিধাৰা বৈ আছে৷ এই মাজনিশা এনেদৰে মই দুই দিশৰ পৰা জ্বলি আছোঁ৷ মোৰ এই দশাক অলপতো পুতৌ কৰা৷”

        বৰ্ষা আহিল৷ গছ-গছনিবোৰ লহপহকৈ বাঢ়িছে৷ ৰঙবিৰঙৰ ফুল, তাৰ ওপৰত ইন্দ্ৰধনুৰ দৰে বৰ্ণ ছটিওৱা পখিলাবোৰ৷ সমগ্ৰ প্ৰকৃতি ঈৰ্ষণীয় হৈ উঠিছে৷ আণ্ডালৰ এনেকুৱা লাগিছে যেন প্ৰকৃতিয়ে তেওঁৰ দুৰ্দশা দেখি খিলখিলাই হাঁহি উঠিছে–

        “যুঁজাৰু হাতীয়েও আনন্দতে আহি নিজৰ মাজত খেলি আছে৷ উপবনত কুসুমিত খৰিকাজাঁইৰ লতাসমূহেও হাঁহি আছে৷ বগা ফুলবোৰৰ সৈতে যুঁজা বনৰীয়া লতাবোৰ খিলখিলাই হাঁহি আছে আৰু কৈ আছে, ‘তোমালোক কোনো এতিয়া আমাৰ পৰা হাত সাৰি যাব নোৱাৰা৷’ তেওঁ [প্ৰিয়তমে] মোৰ এই দশা কৰিছে, সখী/ মই কাক গোচৰ দিওঁ?”

        ভগৱানৰ প্ৰেমত আণ্ডাল এতিয়া সম্পূৰ্ণ ৰূপত বিভোৰ হৈ পৰিল৷ প্ৰিয়তমৰ অধৰৰ মধু আস্বাদন কৰাৰ উৎকট ইচ্ছাই তেওঁক উন্মত্ত কৰি তুলিছিল৷ তেতিয়া তেওঁ স্মৰণ কৰে যে পাঞ্চজন্য শংখই বিষ্ণুৰ হাতত শোভাবৰ্ধন কৰি আছে আৰু প্ৰায়ে ভগৱান বিষ্ণুৰ অধৰামৃত পান কৰে৷ তেতিয়া আণ্ডালে পাঞ্চজন্যক সম্বোধন কৰি সুধিছে–

        “... সখী শংখ, কোৱাচোন৷ মেঘবৰ্ণ মাধৱৰ অধৰৰ স্বাদ কেনে? কপূৰ্ৰ বা কমলৰ দৰে সুগন্ধযুক্ত অথবা মধুৰ মিঠাৰে ভৰা? কোৱাচোন এই ধৱল, মাধৱৰ প্ৰবালৰ দৰে অধৰৰ ৰস কেনেকুৱা?”

        এনেদৰে অলৌকিক প্ৰেমত আত্মবিভোৰ হোৱাৰ পাছতো আণ্ডাল মৰ্যাদাশীল কুলৰ মানৱ কন্যা আছিল, পৰমাত্মাৰ সৈতে নিজৰ বিবাহৰ স্বপ্নৰ বিশদ বৰ্ণনা আণ্ডালে তেওঁৰ দহটা সুন্দৰ কবিতাত বৰ্ণনা কৰিছিল৷

        এই প্ৰসংগত আণ্ডালৰ পিতা পেৰিয়াল্‌ৱাৰৰ এক বেদনাময় বক্তব্যক স্মৰণ কৰিব পাৰি– “এজনীয়েই কন্যা মোৰ৷ শ্ৰীসমভাৱে ডাঙৰ-দীঘল কৰিছিলোঁ তাইক৷ কিন্তু নিচাভৰা তেজাল চক্ষুৰ অধিকাৰী মাধৱে তাইক হৰি নিলে৷”

        তামিল বৈষ্ণৱ সন্ত কবিসকলৰ ভিতৰত তিৰুমঙ্গৈ আল্‌ৱাৰৰ স্থান অন্যতম৷ তেওঁ শৈৱ সন্ত অপ্পৰৰ সমকালীন আছিল আৰু লগতে ঘনিষ্ঠ মিত্ৰও আছিল৷ তেওঁ ক্ষত্ৰিয় হোৱাৰ লগতে এখন সৰু ৰাজ্যৰ ৰজাও আছিল৷ কিন্তু তেওঁ সেইবোৰ ত্যাগ কৰি ভক্তি মাৰ্গক আপোন কৰি ল’লে৷ তেওঁৰ ভক্তি আছিল ‘আক্ৰমণকাৰী’৷ কাহিনী অনুসৰি তিৰুমঙ্গৈ আল্‌ৱাৰে নিজৰ চাৰি সংগীৰ সৈতে ডকাইতি কৰিছিল আৰু ধনবোৰ মন্দিৰ নিৰ্মাণ তথা বিষ্ণু ভক্তসকলৰ আৰাধনা কাৰ্যত খৰচ কৰিছিল৷ তেওঁৰ চল-চাতুৰিসমূহৰ বিষয়ে বহুতো কাহিনীৰ প্ৰচলন আছে৷ যাৰ মাজত তেওঁৰ বাস্তৱিক ব্যক্তিত্ব তথা প্ৰতিভা হেঁচা খাই আছে৷

        তিৰুমঙ্গৈ আলৱাৰ তামিল আৰু সংস্কৃতৰ ডাঙৰ পণ্ডিত আছিল৷ লগতে তেওঁ হৃদয়বান কবি তথা প্ৰকৃতিপ্ৰেমী আছিল৷ তামিলত এনে কোনো কাব্যশৈলী নাই যাক প্ৰয়োগ কৰি এওঁ মধুৰ কবিতা লিখা নাই৷ তেওঁৰ কবিতাত মাধুৰ্য আৰু দাস্য ভাব সমান ৰূপত পোৱা যায়৷ কাব্য ৰচনাৰ অদ্ভুত প্ৰতিভাৰ বাবে তেওঁক ‘কাব্যাচাৰ্য’ বুলি কোৱা হৈছিল৷

        তিৰুমঙ্গৈ আলৱাৰে বিষ্ণুৰ দহ অৱতাৰৰ স্তুতি গাইছিল৷ কিন্তু ৰাম অৱতাৰৰ ক্ষেত্ৰত তেওঁক অধিক মুগ্ধ হোৱা দেখা যায়৷ ইয়াৰ কাৰণো তেওঁৰ এটা কবিতাত স্পষ্টকৈ পোৱা গৈছে–

        “তেওঁ দুখীয়া, ব্যাধ, নাওঁ সজোৱা অসংস্কৃতিবান জাতিৰ, সেইবোৰ বিচাৰ নকৰি তুমি তেওঁক আলিংগন কৰি মমতাৰে সৈতে ক’লা, ‘এই হৰিণীনয়না [সীতা] গৰাকী তোমাৰ ভ্ৰাতৃপত্নী; এয়া মোৰ ভাই, গতিকে তোমাৰো ভাই আৰু তুমি আমাৰ ভাই৷’– তোমাৰ এই ভক্তবৎসলতাৰ ওপৰত মুগ্ধ হৈয়ে মই তোমাৰ চৰণলৈ আহিছোঁ...”

        এনেদৰে ঈশ্বৰৰ এক বিচিত্ৰ ৰূপৰ উপাসনা কৰাৰ পাছতো তিৰুমঙ্গৈ আলৱাৰ, ঈশ্বৰীয় তত্ত্বৰ বিশ্বৰূপৰ বিষয়ে অনভিজ্ঞ নাছিল৷ তেওঁ কয় যে–

        “সৃষ্টি, স্থিতি আৰু সংহাৰৰ অধিনায়ক ত্ৰিমূৰ্তিৰ যেতিয়া আমি মনন কৰোঁ তেতিয়া ব্ৰহ্মাৰ স্বৰ্ণিম, বিষ্ণুৰ সাগৰসম তথা শিৱৰ অগ্নিময় ৰূপ আমাৰ দৃষ্টিগোচৰ হয়৷ যেতিয়া আমি এই তিনিজনৰ ৰূপৰ সমগ্ৰ জ্যোতি দেখিবলৈ পাওঁ তেতিয়া আমাৰ মনত বোধোদয় হয় যে এই সংসাৰত পঞ্চভূতৰ ৰূপত যি পৰম জ্যোতি ব্যাপ্ত হৈ আছে সেয়া শ্যাম বৰণীয়া নাৰায়ণৰেই জ্যোতি৷”

        সুমধুৰ কবিতাৰ জৰিয়তে আধ্যাত্মিক তত্ত্বৰ বিচাৰ কৰাৰ দিশত বৈষ্ণৱ সন্ত কবিসকলৰ ভিতৰত নম্মাল্‌ৱাৰক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়৷ পণ্ডিতসকলৰ মত অনুসৰি নম্মাল্‌ৱাৰ খ্ৰীষ্টিয় অষ্টম শতাব্দীৰ লোক৷

        প্ৰবাদ অনুসৰি নম্মাল্‌ৱাৰ জন্মৰ পৰাই আত্মজ্ঞানী আছিল আৰু বিষ্ণু মন্দিৰৰ প্ৰাংগনত থকা তেঁতেলীৰ এজোপা গছৰ তলত বহি তপস্যা কৰিবলৈ লয়৷ আজিও আল্‌ৱাৰ তিৰুনগৰী  ঠাইত অৱস্থিত বিষ্ণু মন্দিৰত এজোপা বয়সীয়াল তেঁতেলীৰ গছ আছে, যাক নম্মাল্‌ৱাৰৰ তপস্যা কৰা স্থান হিচাপে গণ্য কৰা হয়৷

        ধাৰ্মিক ভাবনাসমূহৰ বাহিৰে কেৱল সাহিত্যিক দৃষ্টিৰে চালে দেখা যায় যে নম্মাল্‌ৱাৰৰ কবিতাৰ চাতুৰি অদ্ভুত আৰু ইয়াৰ ভাষাশৈলীয়ে পাঠকক মুগ্ধ কৰি ৰাখে৷ শব্দ সংযম আৰু সৰলতাৰ সৈতে নম্মাল্‌ৱাৰে গভীৰ আত্মানুভূতিৰ পৰিচয় দিয়াৰ লগতে তামিল ভাষাৰ আশ্বৰ্যজনক অভিব্যঞ্জনা শক্তিৰ পৰিচয় দিয়ে৷ এনেকুৱা কবিতা যিকোনো ভাষালৈ অনুবাদ কৰাটো দুঃসাধ্য৷ এনেকুৱা ধৰণৰ বিশুদ্ধ বিবেচনাত্মক কবিতাৰ লগতে নম্মাল্‌ৱাৰে মাধুৰ্য ৰসেৰে ভৰা কবিতাৰ দ্বাৰাও জীৱাত্মা-পৰমাত্মাৰ সম্বন্ধৰ বিশদ ব্যাখ্যা কৰে৷ এই কবিতাসমূহত মুক্তিপথত চলা জীৱৰ ক্ৰমিক বিকাশৰ অত্যন্ত ধাৰ্মিক বৰ্ণনা এনেদৰে কৰা হৈছে যে সমগ্ৰ ৰূপত পঢ়াৰ পাছত তাত প্ৰবন্ধ-কাব্যৰ দৰে আনন্দ লাভ কৰা যায়৷

        নম্মাল্‌ৱাৰে প্ৰেমিকাৰ ৰূপত, প্ৰথমতে প্ৰিয়তম বিষ্ণুক নিজতকৈ ভিন্ন আৰু দূৰৈৰ বুলি  ভাবিছিল৷ বাহ্যজগতখনো নিজতকৈ ভিন্ন যেন লাগিছিল৷ কিন্তু যেতিয়া প্ৰেমানুভূতি আৰু অলপ তীব্ৰ হৈ উঠে তেতিয়া প্ৰেমিকাই বাহ্য জগতখনক নিজৰ সহায়ক মিত্ৰ বুলি গণ্য কৰিছিল আৰু কুলি, ভ্ৰমৰ, হংস আদিক নিজৰ প্ৰেম কাহিনী ব্যক্ত কৰি দূত হিচাপে প্ৰেমিকৰ ওচৰলৈ পঠিয়ায়৷ ইয়াৰ পাছত এটা আশ্বৰ্যজনক সত্য প্ৰকট হয় যে, সমস্ত সৃষ্টি তেওঁৰ প্ৰেমিকৰ লগত একাকাৰ হ’বলৈ লালায়িত৷ সাগৰে সদায় লহৰ তোলে, তেওঁৰ স্মৃতিত উজাগৰে কটায়৷ মেঘে তেওঁৰেই বিৰহত অশ্ৰু বৰ্ষা নমায়৷ বায়ুৱে সদায় তেওঁক বিচাৰিয়েই চলমান হৈ থাকে৷ পক্ষী আৰু ভ্ৰমৰে তেওঁৰেই স্তুতি কৰে৷ এনেদৰে নম্মাল্‌ৱাৰে প্ৰেমিকাৰ ৰূপত সমস্ত প্ৰকৃতিত নিজৰেই ছায়াক বিচাৰি পায়৷

        কিন্তু অনুভূতি যেতিয়া আৰু তীব্ৰ হয়, তেতিয়া প্ৰেমিকাৰ মনত এইটো বোধ হয় যে, প্ৰিয়তম তেওঁৰ হূদয়ত আছে৷ মাত্ৰ এয়াই নহয়, সমস্ত বিশ্ব, প্ৰিয়তমৰ অনন্ত ৰূপ, অনন্ত লীলা সকলোতে নিজৰেই ৰূপ আৰু লীলাক প্ৰতিনিধিত্ব কৰে৷ এই প্ৰসংগতেই নম্মাল্‌ৱাৰে প্ৰেমিকাৰ মাকৰ ৰূপত, তেওঁৰ অনুভূতিৰ অদ্ভুত চিত্ৰ অংকন কৰিছে– “কয় যে [মোৰ ছোৱালীয়ে], ‘সমুদ্ৰৰে বেষ্টিত বিশ্বক বিচলিত কৰা গৰাকী ময়েই৷ সমুদ্ৰ বেষ্টিত বিশ্বক জুখি চোৱা গৰাকীও মই৷ সমুদ্ৰ বেষ্টিত বিশ্বৰ ৰচয়িতাও মই আৰু সমুদ্ৰৰে বেষ্টিত বিশ্বৰ ৰূপত উদ্ভাসিত হৈ উঠা গৰাকীও মই৷”

        নিজৰেই অন্য এক কবিতাত নম্মাল্‌ৱাৰে এই তত্ত্বক আৰু স্পষ্ট ৰূপ দিছিল৷ তেওঁ আহ্লাদিত হৈ গায়–

        “ধন্য, ধন্য/ জীৱন এতিয়া অভিশাপ হৈ নাথাকিল৷ পীড়া নাই, নৰক নাই৷ যমৰ ইয়াত একো কাম নাই৷ ... এই পৃথিৱীস্থলত শ্ৰীধৰৰ পঞ্চভূতে ক্ৰিয়া কৰি আছে বুলি মই গ’ম পালোঁ৷...”

        কুলশেখৰৰ কালক্ৰমিকভাৱে অন্তিমজন তামিল বৈষ্ণৱ কবি আছিল৷ তেওঁৰ সময় খ্ৰীষ্টিয় দশম শতাব্দীৰ বুলি ধৰা হয়৷ তেওঁ অত্যন্ত ভাবুক আৰু ৰাম ভক্তিত লীন হৈ থকা ব্যক্তি আছিল৷ তথাপিও তেওঁ কৃষ্ণক লৈও সুন্দৰ কবিতা ৰচনা কৰিছিল৷ কৃষ্ণৰ শিশুলীলাৰ ৰসাস্বাদনৰ পৰা বঞ্চিত মাতৃ দৈৱকীৰ কৰুণা বিলাপক বিষয় হিচাপে লৈ তেওঁ অত্যন্ত মৰ্মস্পৰ্শী কবিতা লিখিছিল৷

        সংঘম সাহিত্যৰ পাছত আৰু ভক্তি সাহিত্যৰ ঠিক আগৰ সময়ত তামিল সাহিত্যত অন্যান্য ভাষাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়৷ কিন্তু ভক্তি সাহিত্যৰ আগমনে এই প্ৰভাৱ নাইকিয়া কৰি পেলায়৷ শৈৱ আৰু বৈষ্ণৱ কবিসকলে নিজৰ মাতৃভাষাত সাহিত্য ৰচনা কৰি তামিল ভাষা-সাহিত্যক সুৰক্ষা দিয়াৰ প্ৰযত্ন কৰিলে৷  ষষ্ঠ-সপ্তম শতিকাত আৰম্ভ হোৱা আলোৱাৰ- নায়নমাৰসকলৰ এই ভক্তি আন্দোলনে লাহে লাহে সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পি পৰিছিল৷ ভক্তিকালীন সন্ত কবিসকলে তামিল সাহিত্যক মৰহি যোৱা বা অৱৰুদ্ধ হোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু নতুন কবিসকলকো প্ৰেৰণা দিয়ে৷ এই প্ৰেৰণাৰ ফলস্বৰূপে পুনৰ মহাকাব্য ৰচনাৰ আৰম্ভণি ঘটিল৷

*****

No comments:

Post a Comment