Thursday, 6 January 2022

তামিল ভক্তি সাহিত্য [আলৱাৰ আৰু নায়নমাৰ সকল] (Bhakti literature in Tamil: Alvars & Nayanmars)

 

৯

তামিল ভক্তি সাহিত্য [আলৱাৰ আৰু নায়নমাৰ সকল]

(Bhakti literature in Tamil: Alvars & Nayanmars)

কণিমা  পাঠক

 

        তামিল ভাষা ভক্তিৰ ভাষা বুলি সকলো মানুহেই স্বীকাৰ কৰে৷ ভক্তি সাহিত্যৰ যি স্ৰোত সেয়া আধুনিক তামিল সাহিত্যৰ মহাকবি ভাৰতীৰ  ‘কন্নন পাট্টু’  লৈকে বিয়পি পৰিছে৷ ইয়াৰ দ্বাৰা ভক্তি সাহিত্যৰ প্ৰাচীন সময়ৰ পৰা বৰ্তমানলৈকে সুন্দৰ যোগসূত্ৰ যে আছে সেয়া আমি অনুমান কৰিব পাৰোঁ৷ সপ্তম-নৱম শতিকা মানতেই ভক্তিৰ ঢৌ তামিল সাহিত্যত অধিক প্ৰবল ৰূপত পৰিলক্ষিত হয়৷ শৈৱ সাহিত্যৰ তিৰুমুৰই আৰু বৈষ্ণৱ সাহিত্যৰ নালায়েৰা দিব্য প্ৰৱন্ধম এই দুখন ভক্তি সাহিত্যৰ গুৰুত্বপূৰ্ণ অংশ৷ আলৱাৰ-নায়নমাৰ সকলৰ পাছতো অৰুণগিৰি নাদৰ , পট্টিনত্তাৰ , তায়মানৱৰ , ৰামলিংগ অডিগল  ভক্তি সাহিত্যৰ নৈৰ দৰে বৈ আহিল৷ ইছলামীয় আৰু খ্ৰীষ্টিয়ান সাহিত্যও সেই সময়ত গা কৰি উঠিছিল৷ ইংৰাজী ভাষা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ব্যৱহূত ভাষা, লেটিন আইনৰ ভাষা , গ্ৰীক গীতৰ ভাষা, ইটালী ভাষা প্ৰেমৰ ভাষা, তামিল ভাষা ভক্তিৰ ভাষা বুলিয়েই শ্ৰীলংকাৰ বিদ্বান পণ্ডিত টানিনায়কৰে উল্লেখ কৰি থৈ গৈছে৷

         পণ্ডিত সাহিতি্যকসকলে তামিল সাহিত্যৰ বুৰঞ্জীক ছটা ভাগত ভাগ কৰিছে ৷ যেনে –

        [ক] সংঘম কাল [ খ্ৰী.পূ. ৫০০ - ২০০ খ্ৰীষ্টাব্দ]

        [খ] বৌদ্ধ আৰু জৈনকাল [২০০ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দ]

        [গ] ভক্তিকাল [ ৬০০ - ৮০০ খ্ৰীষ্টাব্দ]

        [ঘ] মহাকাব্য কাল [৮০০ - ১৪০০ খ্ৰীষ্টাব্দ]

        [ঙ] মঠ আৰু ধমাৰ্নুষ্ঠানবিলাকৰ কাল [১৪০০ - ১৭০০ খ্ৰীষ্টাব্দ]

        [চ] আধুনিক কাল [১৭০০ খ্ৰীষ্টাব্দৰ পৰা পৰৱতীৰ্ সময়লৈকে] [মহন্ত বেজবৰা, নীৰাজনা ঃ তুলনামূলক ভাৰতীয় সাহিত্য, বনলতাঃ ডিব্ৰুগড., চতুৰ্থ প্ৰকাশ, ২০১৩]

        তামিল সাহিত্যৰ বুৰঞ্জীত ভক্তিকাল যদিও খ্ৰীষ্টিয় ৬০০ - ৮০০ খ্ৰীষ্টাব্দলৈ ধৰা হয় এনে সাহিত্যৰ কিন্তু খ্ৰীষ্টিয় ৯০০ শতিকালৈ ব্যাপক প্ৰভাৱ আছিল৷ এইখিনি সময়তে ভক্তি আন্দোলনৰ নেতৃত্ব বহন কৰা প্ৰসিদ্ধ বৈষ্ণৱ ভক্ত কবি আলৱাৰ  আৰু শৈৱভক্তকবি নায়নমাৰ  সকলৰ উদ্ভৱ হয়৷ এই কালৰ আলৱাৰ আৰু নায়নমাৰ সকলৰ দ্বাৰা ৰচিত সাহিত্যসমূহক ভক্তি সাহিত্য বুলি কোৱা হয়৷ ভাৰতৰ বিভিন্ন আধুনিক ভাষাৰ সাহিত্যসমূহৰ বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় যে তামিল ভাষাৰ বাহিৰে আন কোনো আধুনিক ভাৰতীয় ভাষাত দশম শতিকাৰ আগতে ভক্তি সাহিত্য ৰচনা হোৱা নাছিল৷ বেছিভাগ আধুনিক ভাৰতীয় ভাষাতে পঞ্চদশ শতিকাৰ ওচৰে-পাজৰেহে ভক্তি সাহিত্যৰ ৰচনা হৈছিল৷ তামিল সাহিত্যৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা এই যে ৬০০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈকে সাহিত্যসমূহ ভক্তি ভাবনাৰে পৰিপূৰ্ণ আছিল৷ এই যুগৰ তামিল ভক্তি সাহিত্য সমূহক তামিল সাহিত্যৰ ইতিহাসত ‘স্বৰ্ণযুগ’ৰ সাহিত্য বুলি কোৱা হয়৷ এই যুগতে ভক্তি ভাবনাই এক বৃহৎ আন্দোলনৰ ৰূপ ধাৰণ কৰি সমগ্ৰ দক্ষিণ ভাৰত তথা তামিল প্ৰদেশক ভক্তি ৰসৰ উদ্দম ধাৰাৰে প্লাৱিত কৰিছিল৷ এই কালছোৱাৰ পিছতো পৰৱর্তী সময়ত অৱশ্যে ভক্তি সাহিত্য ৰচনা হৈছিল৷ ভক্তিকে উচ্ছ স্থান দিয়া এই কালটোত ভক্তি ভাবনাই নতুন ৰূপ লৈ জন মানসক প্ৰভাৱান্বিত কৰি সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তুলিছিল৷

        পঞ্চম ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে তামিল প্ৰদেশৰ ইতিহাসত গুৰুত্বপূৰ্ণ কাল বুলি কোৱা হয়৷ ভাৰতীয় ভক্তি সাধনাৰ ইতিহাসতো এই কাল গুৰুত্বপূৰ্ণ৷ এই সময়ছোৱাত হোৱা ভক্তি আন্দোলনৰ ফলতেই  পৰৱতীৰ্ সময়ত অৰ্থাৎ  মধ্যযুগত ভক্তি আন্দোলনে ব্যাপক ৰূপ লাভ কৰিছিল আৰু এই ভক্তি আন্দোলনেই সম্পূৰ্ণ ভাৰতবৰ্ষৰ ধাৰ্মিক পৰিৱেশত প্ৰভাৱ পেলাইছিল৷ সম্পূৰ্ণ ভাৰতীয় ভাষাত বিপুল ভক্তি সাহিত্য নিমাৰ্ণৰ বাবে মূলভেটিটো স্থাপন কৰিছিল৷ এই কালৰ বৈষ্ণৱ ভক্ত কবি আলৱাৰ আৰু শৈৱ ভক্ত কবি নায়নমাৰ সকলৰ উদ্ভৱে তথা তেওঁলোকৰ দ্বাৰা ৰচিত ভক্তিমূলক ৰচনাই দক্ষিণ ভাৰতৰ জন-জীৱনত এক নবীন চেতনা আৰু সঞ্জীৱনীৰ সঞ্চাৰ কৰি ৰসসিক্ত কৰি তুলিছিল৷ এই ৰসৰ বাতাৰ্ দক্ষিণ ভাৰতৰ চুকে-কোণে গতি কৰাৰ উপৰিও ভাৰতীয় ধাৰ্মিক জীৱনতো ই এক নতুন গতি আনি দিলে, যাৰ প্ৰভাৱ আজি পৰ্যন্ত বিদ্যমান৷

ভক্তিৰ সংজ্ঞা আৰু ভক্তি সাহিত্যঃ

        তামিল ভাষাৰ ভক্তি সাহিত্যৰ বিষয়ে আলোচনা কৰাৰ আগতে ভক্তি সাহিত্যৰ সম্পৰ্কত সামান্য আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে৷ ভক্তি শব্দৰ অৰ্থ বেলেগ বেলেগ দৃষ্টিকোণত বেলেগ বেলেগ ধৰণে পোৱা যায়৷ ‘ভক্তি’ শব্দই সাধাৰণতে ঈশ্বৰক কৰা সেৱা উপাসনাকে বুজায়৷ ঈশ্বৰৰ প্ৰতি প্ৰেম, প্ৰগাঢ. অনুৰাগেই হৈছে ভক্তি ৷  ভক্তিৰ যোগেদি ভক্ত আৰু ভগৱানৰ মাজত সম্পৰ্ক স্থাপিত হয়৷ সেয়েহে ভক্তিক মধুৰতকৈয়ো মধুৰ বুলিব পাৰি৷ ঈশ্বৰক পোৱাৰ একমাত্ৰ সহজ উপায় হ’ল ভক্তি৷ ভক্তি বুলিলে কেৱল বিষ্ণু ভক্তিকহে নুবুজায়, শিৱভক্তি, দুগাৰ্ভক্তি, গণেশভক্তিও ভক্তি মাৰ্গৰ ভিতৰত পৰে৷ অৱশ্যে ভক্তি শাস্ত্ৰ বুলিলে ঘাইকৈ বৈষ্ণৱ উপাসনা উপদেশ দিয়া গ্ৰন্থবিলাককহে বুজা যায়৷ ভক্তিৰ শ্ৰেণী বিভাজন সম্পৰ্কত যদি কোৱা হয়; তেতিয়া দেখা যায় যে শ্ৰীমদ্ভাগৱত আৰু আন আন ভক্তিশাস্ত্ৰসমূহত নবিধ বা নৱধা ভক্তিৰ কথা উল্লেখ পোৱা যায়৷ যেনে - শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য আৰু আত্ম নিবেদন৷ ঈশ্বৰৰ ৰূপ অনুসৰি ভক্তিক দুটা ভাগত ভগোৱা হৈছে৷ যেনে - সগুণ ভক্তি আৰু নিগুৰ্ণ ভক্তি৷ সগুণ ভক্তিত ফলাফলৰ আকাংক্ষা তথা কামনা-বাসনা জড়িত হৈ থাকে৷ আনহাতে নিগুৰ্ণ ভক্তিত ফলাফলৰ আকাংক্ষা তথা কামনাশূন্যভাৱে ভগৱন্তক ভক্তি কৰে৷ সগুণ ভক্তিক তিনিটা ভাগত ভাগ কৰা হয়৷ যেনে– তামস ভক্তি, ৰাজস ভক্তি আৰু সাত্ত্বিক ভক্তি৷ যি ভক্তিত আনৰ অহিত সাধনৰ বাঞ্ছা জড়িত থাকে তাকে তামস ভক্তি বোলে৷ ৰাজস ভক্তি হৈছে ধন-জন, ভোগ-বিলাস জড়িত ভক্তি৷ যি ভক্তিত মুক্তিৰ কামনা তথা পাপ নাশৰ কামনা জড়িত থাকে তাকে সাত্ত্বিক ভক্তি বুলি কোৱা হয়৷ নিগুৰ্ণ ভক্তি হৈছে জ্ঞান  কৰ্ম, তীৰ্থ-ব্ৰত আদিত মন নিদি বা গুৰুত্ব আৰোপ নকৰি, কামনা বাসনা নোহোৱাকৈ ভগৱানত শৰণ লৈ, গুণানুকীৰ্ত্তন আৰু শ্ৰৱণ কৰা৷

        গতিকে ভক্তিক কেন্দ্ৰ কৰি যি সমূহ সাহিত্য [গীত, পদ, নাট ইত্যাদি]ৰ ৰচনা হয় তাকে ভক্তি সাহিত্য বুলি ক’ব পাৰি৷

        তামিল সাহিত্যৰ ইতিহাসত ২০০ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ বৌদ্ধ আৰু জৈন কাল বুলি কোৱা হয়৷ এই সময়ছোৱাত তামিল ভাষাত এই দুই ধৰ্ম সম্পকীৰ্য় বহুতো সাহিত্যৰ ৰচনা হৈছিল৷ দক্ষিণ ভাৰতৰ সাহিত্য সংস্কৃতিৰ বিস্তাৰৰ ক্ষেত্ৰত পাণ্ড্য  বংশ [খ্ৰীষ্টিয় ৩০০-১৬৫০] আৰু পল্লৱ  বংশৰ [২৭৫-৮৯৭] ৰজাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ পাণ্ড্য বংশৰ প্ৰথম অৱস্থাত বৌদ্ধ আৰু জৈনধৰ্মৰ সাহিত্যই প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও শেষৰ ফালে হিন্দুধৰ্ম [শৈৱ, বৈষ্ণৱ]ৰ সাহিত্যাদি ৰচনা হৈছিল৷ পাণ্ড্যসকলৰ ৰাজধানী মাদুৰাই অঞ্চলত বৌদ্ধ, জৈনধৰ্মৰ বহুটো মঠ মন্দিৰ পোৱাৰ উপৰিও শৈৱ আৰু বৈষ্ণৱ মন্দিৰো পোৱা যায়৷ পল্লৱ বংশৰ ৰাজত্বৰ শেষৰ ফালে শৈৱ আৰু বৈষ্ণৱ ধৰ্মই আটাইতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ প্ৰথম অৱস্থাত বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱ থাকিলেও এই বংশৰ ৰাজত্বৰ সময়ত তেওঁলোকৰ ৰাজধানী অঞ্চল কাঞ্চীপুৰমত সেইবাবে বৌদ্ধ আৰু জৈন ধৰ্মৰ মঠতকৈ হিন্দু [বৈষ্ণৱ, শৈৱ] ধৰ্মৰ মঠ মন্দিৰৰ পৰিমাণ বেছি৷

        বৌদ্ধ আৰু জৈনধৰ্মৰ ঠাইত তামিল প্ৰদেশত কিদৰে শৈৱ আৰু বৈষ্ণৱ ধৰ্মই স্থান পালে তথা তামিল প্ৰদেশত ভক্তি  আন্দোলনৰ সূত্ৰপাত কেনেকৈ হ’ল এই সম্পৰ্কে আলোচনা নকৰাকৈ ভক্তি সাহিত্যৰ আলোচনা সম্পূৰ্ণ নহয়৷ খ্ৰীষ্টিয় পঞ্চম-ষষ্ঠ শতিকাত দক্ষিণ ভাৰতত বৌদ্ধধৰ্মৰ কথা লক্ষ্য কৰিলে দেখা যায় যে এই সময়ত সমাজত বহুতো কু-ৰীতি প্ৰৱেশ কৰিছিল৷ উচ্ছ আদশ,ৰ্ উদাৰ আৰু সহিষ্ণু দৃষ্টিকোণেৰে বৌদ্ধধৰ্মই বৈদিক ধৰ্মৰ কৰ্মকাণ্ড, হিংসাযুক্ত যজ্ঞ, পুৰোহিতবাদ প্ৰক্ৰিয়াৰ বিপৰীতে জাতপাতৰ ভেদ-ভাৱ দূৰ কৰি অহিংসভাৱে সৰল মাৰ্গৰ অনুকৰণ কৰিছিল আৰু জনসাধাৰণৰ ভাষা গ্ৰহণ কৰি ধৰ্মপ্ৰচাৰ কৰিলেও বৌদ্ধধৰ্মই সকলো জনতাক আৰ্কষণ কৰিব পৰা নাছিল৷ পৰৱতীৰ্ সময়ত আচৰণৰ ক্ষেত্ৰত বৌদ্ধধৰ্মৰ ভিতৰ ছোৱাত বহুতো কু-ৰীতি, কুৎচিত কথাই আগুৰি ধৰিছিল আৰু সেয়ে তামিল জনগণে ইয়াক নিন্দাৰ দৃষ্টিৰে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল৷ যিকোনো প্ৰকাৰে বৌদ্ধধৰ্মৰ  বিস্তাৰৰ বাবে জনগণক হেঁচা প্ৰদান কৰা হৈছিল আৰু ৰজাৰ আশ্ৰয়ৰ অপপ্ৰয়োগ কৰি অন্য ধমাৰ্ৱালম্বী লোকক [শৈৱ, বৈষ্ণৱ] প্ৰহাৰ কৰা আৰম্ভ কৰিছিল৷ তৃতীয় চতুৰ্থ শতিকাৰ তামিল সাহিত্যৰ ইতিহাসৰপৰা জনা যায় যে সেই সময়ত তামিল প্ৰদেশত জৈন ধৰ্মৰো প্ৰচলন আছিল৷ জৈন ধৰ্মাৱলম্বী লোকসকলে ৰজাৰ আশ্ৰয়ত তামিল প্ৰদেশৰ বিভিন্ন ঠাইত বহুতো মঠ মন্দিৰ নিমাৰ্ণ কৰিছিল; য’ত জৈন তীৰ্থঙ্কৰৰ মূৰ্ত্তি স্থাপন কৰা হৈছিল আৰু ধৰ্ম প্ৰচাৰৰ বাবে তামিল ভাষাত কিছুমান সাহিত্য ৰচনা হৈছিল৷ জৈনধৰ্মৰ দিগম্বৰ  পন্থাটোৰ বহুত লোক তামিল প্ৰদেশত আছিল৷ বৌদ্ধধৰ্মৰ দৰে জৈনধৰ্ময়ো পৰৱতীৰ্ সময়ত নিজ ধৰ্মৰ মূল তত্ত্বৰ [অহিংসা, কৰুণা] বিপৰীতে ভ্ৰষ্টাচাৰত প্ৰবিষ্ট হোৱাৰ কথা ইতিহাসৰ কিছুমান ঘটনাৰ পৰা গম পোৱা যায়৷ এনেদৰে সেই সময়ত মানুহৰ মনত ভক্তি ভাৱৰ ঠাইত ভয় আৰু শংকাই আগুৰি ধৰিছিল৷ মুঠতে ক’ব পাৰি যে এই সময়ত ধমীৰ্য় ক্ষেত্ৰত কোলাহল, অনৈতিক, অৰাজকতাই গা কৰি উঠিছিল৷ এফালে ৰাজ আশ্ৰয় পাই বৌদ্ধ জৈনধৰ্মৰ স্বেচ্চাচাৰিতা, আনফালে বৈদিক ব্ৰাহ্মণসকলে কঠোৰ জাতিবাদত সাধাৰণ জনতাক বৈদিক ধৰ্মৰ আশ্ৰয়লৈ অহাত বঞ্চিত কৰিছিল৷

        পঞ্চম- ষষ্ঠ শতিকাত সকলো মানুহৰ ধৰ্মৰ প্ৰতি দেখা দিয়া অনাস্থা, অৰাজকতাৰ ঠাইত নৈতিক আদৰ্শ, ভক্তি মাৰ্গ ঘূৰাই অনাৰ ক্ষেত্ৰত শৈৱ আৰু বৈষ্ণৱ ধৰ্মকে শ্ৰেষ্ঠ বুলি মানিবলৈ ধৰিলে৷ খ্ৰীষ্টিয় ৬০০-৯০০ শতিকালৈ বৈষ্ণৱ ভক্ত কবি আলৱাৰ আৰু শৈৱভক্ত কবি নায়নমাৰ সকলৰ আৱিৰ্ভাৱ হয়৷ এওঁলোকে জৈন আৰু বৌদ্ধধৰ্মৰ সন্তসকলক বিভিন্ন শাস্ত্ৰ ব্যাখ্যাত পৰাস্ত কৰি হিন্দুধৰ্মৰ প্ৰচাৰৰ বাট প্ৰশস্ত কৰিলে৷ তেওঁলোকে যি ভক্তি মাৰ্গৰ সূচনা কৰিলে সিয়ে সমগ্ৰ তামিল জনতাক আৰ্কষণ কৰি নৱজাগৰণৰ সৃষ্টি কৰিলে৷ পৰৱতীৰ্ সময়ত এই ভক্তিমাৰ্গই ব্যাপকভাৱে জন আন্দোলনৰ ৰূপ লৈ সমগ্ৰ ভাৰতবৰ্ষতে ভক্তিৰ সোঁতত প্ৰবাহিত হয়৷

আন্দোলনৰ কিছুমান প্ৰেৰক তত্ত্বঃ

        ভক্তি আন্দোলন জন আন্দোলনলৈ পৰিণত হোৱাৰ কিছুমান কাৰণ আছে তথা ইয়াৰ কিছুমান প্ৰেৰক তত্ত্ব আছে৷ তলত এই সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে৷

        আলৱাৰ আৰু নায়নমাৰ সকলৰ বিচাৰধাৰাৰ কিছু মিল আছে৷ দুয়োপক্ষৰ মূল উদ্দেশ্য একে আছিল৷ বাস্তৱতে ভক্তি ভাবনাক জাগৰণ কৰাৰ উদ্দেশ্যে তামিল ভাষাত এনে কিছুমান সাহিত্য ৰচনা কৰা হৈছিল, য’ত ভক্তি ভাবনাই উচ্ছ স্থান পাইছিল৷ এইক্ষেত্ৰত প্ৰথম গুৰুত্বপূৰ্ণ কামটো হ’ল পূবৰ্ প্ৰচলিত ভক্তি পৰম্পৰাক সৰলীকৃত কৰি সবৰ্সাধাৰণৰ ব্যৱহাৰৰ উপযোগী কৰা৷ ভক্তিমাৰ্গকে শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰা আলৱাৰসকলৰ মতে ভগৱানক সকলো ৰূপতে সেৱা কৰিব পাৰি৷ ভগবান বিষ্ণুৱে ভক্তৰ আহ্বানত ভক্তক পথ প্ৰদৰ্শন কৰে৷ ভগৱানক যিকোনো ৰূপতে স্মৰণ কৰি মুক্তি পাব পাৰি, প্ৰভুৰ চৰণত নিজকে সম্পূৰ্ণৰূপে আত্মসমপৰ্ণ কৰিলে তেওঁ সন্তুষ্ট হয়৷ এনেদৰে আলৱাৰসকলৰ ৰচনাত প্ৰথমৰ পৰা শেষলৈ গীতাৰ দ্বাৰা প্ৰতিপাদিত ভক্তিৰ ধাৰণাই ভৰপূৰ হৈ আছে৷

        আলৱাৰ আৰু নায়নমাৰসকলে ৰচনা কৰা সাহিত্যসমূহ সম্পূৰ্ণৰূপে গীতিধৰ্মী বা গাব পৰা বিধৰ আছিল৷ ভক্ত কবিসকলৰ জীৱনীৰ পৰা জনা যায় যে তেওঁলোক একো একোজন গায়ক আছিল, যিয়ে বিভিন্ন ঠাইলৈ গৈ ভক্তিমূলক পদসমূহ গাই জনগণৰ মাজত ভক্তিভাব জগাই তুলিছিল৷ জনগণ আত্মবিভোৰ হোৱা এই পদসমূহ সুৰ লগাই গাব পৰা বাবে মৌখিক পৰম্পৰাত এইবোৰ বহু শতিকা পৰ্যন্ত জীয়াই আছে৷ তেওঁলোকে ভক্তি ধৰ্ম প্ৰচাৰৰ বাবে গীতিধৰ্মী পদ্ধতিৰ অবলম্বন কৰি নতুন পথৰ সঞ্চাৰ কৰিলে৷ ভক্তি আন্দোলনে ব্যাপক ৰূপ লাভ কৰাৰ ক্ষেত্ৰত সাধাৰণ জনগণৰ ভাষাত লোকগীতৰ শৈলীত ৰচিত এই ভক্তিমূলক পদসমূহে যথেষ্ট অৰিহণা যোগাইছে৷ বহু প্ৰাচীন কালৰেপৰাই তামিল প্ৰদেশত বিবিধ প্ৰকাৰৰ লোকগীত পৰম্পৰা প্ৰচলিত আছিল যদিও লোকগীতৰ শৈলীত ভক্তিমূলক পদসমূহৰ ৰচনা কৰাৰ ক্ষেত্ৰত আলৱাৰ আৰু নায়নমাৰসকল সৰ্বপ্ৰথম বুলি অনুমান কৰিব পাৰি৷ সংগীতময় পদত ৰচিত সাহিত্যসমূহৰ আবেদন জনসমাজত অতিকৈ জনপ্ৰিয়, সেয়ে এই পদসমূহৰ আবেদন জনসমাজত আজিও বিদ্যমান৷ পৰৱর্তী সময়ত সংগীত-প্ৰধান সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰাই লেখক সাহিত্যিক সকলে প্ৰেৰণা পায়৷ মুঠতে ক’ব পাৰি যে ভক্তি ভাবনাক ব্যাপকৰূপে প্ৰচাৰৰ ক্ষেত্ৰত ভক্তি কাব্যৰ সংগীতময়তাই আছিল প্ৰধান তত্ত্ব; যিটো তামিল ভক্তি কবিসকলৰো ভক্ত কাব্যৰো মুখ্য অংগ আছিল বুলি ক’ব পাৰি৷

        ভক্তি আন্দোলনৰ জন-আন্দোলনলৈ পৰিৱৰ্তন হোৱাৰ অন্য এটা কাৰণ হ’ল আলৱাৰ আৰু নায়নমাৰসকলে জাত-পাত, উচ্ছ-নীচ ভেদভাৱ দূৰ কৰি সকলোকে সমানৰূপে ভক্তিৰ ভাগ ল’ব পৰাকৈ ব্যৱস্থা কৰিছিল৷ ভক্তিমাৰ্গত সকলোৰে অধিকাৰ সমান আৰু স্ত্ৰীকো ইয়াত স্থান দিয়া হৈছিল৷ তেওঁলোকৰ মতে ধৰ্মৰ ক্ষেত্ৰত উচ্ছ-নীচৰ পাৰ্থক্য নাই; এগৰাকী আলৱাৰ কেৱল ভক্তিপৰায়ণ হ’লে শ্ৰেষ্ঠ হয়৷ এনেদৰে সামাজিক উদাৰতা আৰু সমানতাই ভক্তি আন্দোলনৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে৷

        ভক্তি আন্দোলনক তথা ভক্তিমাৰ্গক ব্যাপক ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰো অৱদান যথেষ্ট আছে৷ মূৰ্ত্তিপূজা, মন্দিৰ নিমাৰ্ণ তামিল প্ৰদেশৰ ঐতিহাসিক প্ৰথা আছিল৷ ৰাজসাহায্য পাই ভক্তসকলে ভক্তি আন্দোলনৰ আগৰ সময়ৰ পুৰণি মন্দিৰ কিছুমান নতুন ৰূপে সজাইছিল আৰু নতুন মন্দিৰো নিমাৰ্ণ কৰিছিল৷ বহুত জৈন মন্দিৰ শৈৱ আৰু বৈষ্ণৱ মন্দিৰলৈ পৰিৱৰ্তিত হৈছিল৷ সেইবোৰত দেৱমূৰ্ত্তিৰ দৰ্শন, পূজনৰ বাবে ভক্তগণ অহা যোৱা কৰিছিল৷

        ভগবানৰ সগুণ ৰূপৰ ওপৰত গুৰুত্ব দিয়া আলবাৰ আৰু নায়নমাৰ সকলে সকলো ৰূপৰ স্বীকাৰ কৰি সকলো ৰূপতে স্মৰণ কৰিব পাৰি বুলি কৈছে৷ ভক্ত কবিসকলে ভক্তি প্ৰচাৰৰ বাবে অ’ত ত’ত ভ্ৰমণ কৰি ফুৰিছিল৷ বিবিধ মন্দিৰৰ দৰ্শন কৰাৰ লগতে ভগৱানৰ সগুণ ৰূপ স্তুতি কৰিবলৈ পদ ৰচনা কৰি গাইছিল৷ তেওঁলোকে কেৱল কবি, সাহিত্যিক হৈ সাহিত্য সৃষ্টিয়েই কৰা নাই; বৰং মানুহৰ মনত ভগৱৎ চিন্তনৰ বাবে প্ৰেৰণা যোগাই এক ধাৰ্মিক ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰিছিল৷

        ভক্তি আন্দোলনৰ ক্ষেত্ৰত বৈষ্ণৱ আলৱাৰে আৰু শৈৱ সন্ত নায়নমাৰ উভয়ৰে যোগদান সমানে গুৰুত্বপূৰ্ণ৷ তথাপিও পৰৱতীৰ্ যুগত বৈষ্ণৱ ধৰ্মতকৈ শৈৱ ধৰ্মইহে তামিল প্ৰদেশত বেছি প্ৰাধান্য পাইছিল৷ কিয়নো সেইসময়ত বহুসংখ্যক ৰজা শৈৱ ধমাৰ্ৱলম্বী আছিল আৰু তেওঁলোকে শৈৱধৰ্ম বিকাশৰ বাবেহে বেছি গুৰুত্ব দিছিল৷ সেই ৰজাসকল বৈষ্ণৱ ধৰ্মৰ বিৰোধীও নাছিল৷ পৰৱর্তী যুগত বৈষ্ণৱ ধৰ্মৰ যি ব্যপক প্ৰচাৰ হৈছিল, সেয়া বৈষ্ণৱ আচাৰ্যসকলৰ বাবেহে হৈছিল৷ ভক্তি আন্দোলনৰ প্ৰাৰম্ভতে শৈৱ আৰু বৈষ্ণৱৰ মাজত পূৰ্ণ ৰূপত মৈত্ৰী ভাব আছিল আৰু দুয়ো পক্ষই মিলিজুলি বৌদ্ধ আৰু জৈন সন্তসকলক যুক্তিত পৰাস্ত কৰিছিল৷ অৱশ্যে তেওঁলোকে ভক্তিমাৰ্গত জৈন আৰু বৌদ্ধধৰ্মৰো কিছুমান গ্ৰহণযোগ্য বুলি ভবা তত্ত্ব গ্ৰহণ কৰিছিল আৰু বেয়া দিশবোৰ খণ্ডনো কৰিছিল৷ ভক্তি আন্দোলনৰ অন্তিম ক্ষণত শৈৱ মতাৱলম্বী সকলে ৰাজ আশ্ৰয় পাই বৈষ্ণৱ ধৰ্মক অলপ আওকাণ কৰিবলৈ ল’লে৷ অৱশ্যে বৈষ্ণৱধৰ্মক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ আশ্ৰয় নাপালেও জনমানসত ইয়াৰ প্ৰভাৱ গভীৰলৈ শিপাইছিল৷ বৈষ্ণৱ আচাৰ্যসকলৰ যুগত আলৱাৰসকলৰ দ্বাৰা প্ৰেৰিত বৈষ্ণৱ ভক্তি আন্দোলন উত্তৰ ভাৰতৰ দিশে গতি কৰিছিল আৰু মধ্যযুগত সম্পূৰ্ণ ভাৰতবৰ্ষতে বিয়পি পৰিছিল৷ কিন্তু শৈৱধৰ্মই কেৱল তামিল প্ৰদেশতে ৰাজ আশ্ৰয়তে থাকি সীমিত হৈ থাকিল৷

বৈষ্ণৱ ভক্তি আন্দোলনত আলৱাৰসকলৰ অৱদান আৰু

তেওঁলোকৰ চমু পৰিচয়ঃ

         তামিল প্ৰদেশৰ ভক্তি আন্দোলনত আলৱাৰসকলৰ অৱদান গুৰুত্বপূৰ্ণ বুলি পণ্ডিতসকলে স্বীকাৰ কৰিছে৷ খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ পৰা ষষ্ঠ খ্ৰীষ্টাব্দৰ উত্তৰাৰ্ধলৈকে উত্তৰ ভাৰতত গুপ্ত সাম্ৰাজ্যই বৈষ্ণৱ ভক্তি তথা ভাগৱত ধৰ্ম প্ৰচাৰৰ বাবে যোগদান কৰিছিল৷ আলৱাৰসকলৰ দ্বাৰা কৃত ‘প্ৰবন্ধম’ৰ দুটা তত্ত্ব হ’ল শৰণগতি বা প্ৰপত্তি আৰু মধুৰ ভক্তি বা প্ৰেম লক্ষণা ভক্তি৷ পূবৰ্ৱতী ভক্তি সাহিত্যত এই তত্ত্বৰ উল্লেখ পোৱা গ’লেও ইয়াৰ ভাৱময়তাৰে ভক্তিৰ স্বৰূপ সন্দৰ্ভত বিস্তৃত বৰ্ণনা তেওঁলোকে অভূতপূবৰ্ভাৱে দিছে৷ পৰৱৰ্তী বৈষ্ণৱ আন্দোলনত এই তত্ত্ব দুটাৰ আলৱাৰসকলৰ বিশিষ্ট অৱদান বুলি ক’ব পাৰি৷ তেওঁলোকে শৰণগতি বা প্ৰপত্তিকে ভক্তিৰ স্বৰূপ বুলি গণ্য কৰিছিল৷ অথাৰ্ৎ বাস্তৱত ভক্তি ভাবনাৰ ক্ষেত্ৰত মূলতঃ এই শৰণ গতি তত্ত্বই বিদ্যমান৷ তেওঁলোকৰ পদসমূহত ভগবানৰ চৰণত নিজকে সমপৰ্ণ কৰি ভগৱদনুগ্ৰহেৰে সঁচা ভক্তৰ তীব্ৰ অনুভূতি, কঠোৰ হৃদয় দ্ৰবীভূত কৰিব পৰা শৰণগতিৰ মহত্ত্ব সুন্দৰভাৱে প্ৰকাশ পাইছে৷ পৰৱর্তী সময়ত আলৱাৰসকলৰ পদসমূহৰ পৰাই বৈষ্ণৱ আচাৰ্যসকলে শৰণগতি তত্ত্বৰ শাস্ত্ৰীয় বিবেচনাৰ সামগ্ৰীসমূহ গ্ৰহণ কৰে৷

        আলৱাৰসকলৰ ভক্তি সাহিত্যতে প্ৰথমবাৰৰ বাবে মধুৰ ভক্তি বা প্ৰেম লক্ষণা ভক্তি বিশদ ৰূপত পৰিলক্ষিত হয়৷ ভগবান আৰু ভক্তৰ মাজত থকা বিবিধ সম্বন্ধৰ ভিতৰত পতি-পত্নী অথবা নায়ক-নায়িকাৰ সম্বন্ধ আলৱাৰসকলৰ সাহিত্যতে বিস্তৃতভাৱে পোৱা যায়৷ পৰৱর্তী বৈষ্ণৱ ভক্তি সাহিত্যত এই প্ৰেম লক্ষণা বা মধুৰ ভক্তিয়ে বিস্তৃত ৰূপ পালে৷ অথাৰ্ৎ মধ্যযুগীয় বিভিন্ন বৈষ্ণৱ সম্প্ৰদায়ৰ মাজত প্ৰচলিত ‘মধুৰোপাসনা’ত মূলতঃ আলৱাৰসকলৰ দ্বাৰা প্ৰতিপাদিত ভক্তি-ভাবনাই পৰিলক্ষিত হয়৷ ভক্তিৰ ক্ষেত্ৰত নায়ক-নায়িকাৰ সম্বন্ধ স্বতন্ত্ৰ ৰূপত প্ৰকাশ কৰাৰ বাবে আলৱাৰসকলে তেওঁলোকৰ পূবৰ্ৰ সংঘ সাহিত্যত পোৱা লৌকিক ভাব প্ৰয়োগ কৰিছিল৷ তেওঁলোকে নায়ক নায়িকাৰ ভাৱেৰে তথা মধুৰ ভাৱেৰে ভক্ত আৰু ভগৱানৰ সম্বন্ধ পোন প্ৰথমবাৰৰ বাবে সুন্দৰভাৱে অভিব্যক্ত কৰিছিল৷ আলৱাৰসকলৰ জীৱিত কালত তেওঁলোকৰ ৰচনাবোৰ সংগৃহীত কৰা হোৱা নাছিল৷ পৰৱর্তী সময়তহে এই সমূহ ‘প্ৰবন্ধম’ নাম দি সংকলিত কৰা হৈছিল৷ কোনো পণ্ডিতৰ মতে ভক্তি আন্দোলনৰ মূল গ্ৰন্থ ভাগৱত পুৰাণ যদিও প্ৰকৃতাৰ্থত ‘প্ৰবন্ধম’হে মূল গ্ৰন্থ৷  ‘আলৱাৰ’ শব্দৰ অৰ্থ হ’ল ‘মগ্ন হোৱা’ ৷ ভগবানৰ প্ৰতি অনুৰক্ত হোৱাজনক আলৱাৰ বোলা হয়; তথা যিজন ভক্তই ঈশ্বৰীয় জ্ঞানৰ মূল তত্ত্বৰ গূঢ়তমলৈ যাব পাৰিছে আৰু ঈশ্বৰৰ ধ্যানতে নিমগ্ন হৈ থাকে তেৱেঁ হ’ল আলৱাৰ৷ অৱশ্যে তামিল ভাষাত ‘আলৱাৰ’ শব্দটো সাধাৰণতে ‘নালায়িৰ দিব্য প্ৰবন্ধম’ত পদত সংগৃহীত থকা দ্বাদশ বৈষ্ণৱ ভক্তসকলৰ ক্ষেত্ৰতহে ব্যৱহাৰ অথাৰ্ৎ সকলো বৈষ্ণৱ ভক্তই আলবাৰ নহয়৷ আলৱাৰসকলৰ সংখ্যা সাধাৰণতে ১২ গৰাকী বুলি জনা যায়৷ এওঁলোকৰ সময় তথা এওঁলোকৰ নিদিষ্ট ক্ৰমত সজোৱাৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যায়৷ আলৱাৰসকলৰ নাম–

        ১] পোয়গৈ আলৱাৰ             

        ২] ভুতত্তালৱাৰ         

        ৩] পেয়ালৱাৰ                  

        ৪] তিৰুমলিসই আলৱাৰ         

        ৫] নম্মালৱাৰ                   

        ৬] মধুৰকবি আলৱাৰ    

        ৭] কুলশেখৰালৱাৰ      

        ৮] পেৰিয়ালৱাৰ        

        ৯] আণ্ডাল              

        ১০] তোণ্ডৰডীপডী আলৱাৰ

        ১১] তিৰুপ্পান আলৱাৰ   

        ১২] তিৰুমংগৈ আলবাৰ

নালায়িৰ দিব্য প্ৰবন্ধম্ঃ 

        আলৱাৰসকলৰ জীৱিত কালত তেওঁলোকৰ ৰচনা সংগৃহীত কৰা হোৱা নাছিল৷ তেওঁলোকৰ দ্বাৰা ৰচিত ৰচনাসমূহৰ নাম তেওঁলোকৰ দ্বাৰা প্ৰদত্ত নহয়৷ শ শ বছৰ ধৰি তেওঁলোকৰ পদ ৰচনাসমূহ মৌখিক ৰূপতে আছিল৷ হয়তো ইয়াৰে বহুতো পদ লুপ্তও হৈছে৷ নৱম শতিকাৰ শেষৰ ফালে নাথমুনিয়ে  অশেষ কষ্টৰে পদসমূহৰ সংকলন কৰিলে৷ পদৰ কর্তা, বিষয় আৰু ছন্দৰ আধাৰত এইসমূহৰ সুকীয়া সুকীয়া নামাংকন কৰিলে৷ এই সংকলনৰ নাম তেতিয়া ‘দিব্য প্ৰবন্ধম ’ অথাৰ্ৎ ‘অনুগ্ৰহ পূৰ্ণ দান’ ৰখা হৈছিল৷ পৰৱর্তী সময়ত ৰামানুজাচাৰ্যৰ শিষ্য শ্ৰীৰংগমবাসী অনুদনে গুৰুৰ স্তুতিত তামিল ভাষাত এশ পদ ৰচনা কৰিছিল৷ যাক ‘ৰামানুজনুত্তান্তাদি’ নামেৰে ‘দিব্য প্ৰবন্ধম’ত সন্নিৱিষ্ট কৰিলে৷ প্ৰায় ৪০০০ পদ যুক্ত এই সংগ্ৰহক পৰৱর্তী সময়ত ‘নালায়িৰ দিব্য প্ৰবন্ধম’ নাম দিয়া হয়৷  তলত আলৱাৰ সকলৰ চমু পৰিচয় আৰু সাহিত্যকৃতিৰ সম্পৰ্কে চমু পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷

পোয়গৈ আলৱাৰঃ

        আলৱাৰ ভক্তসকলৰ ভিতৰত প্ৰথম তিনিজন অথাৰ্ৎ পোয়গৈ আলৱাৰ, ভুতত্তালৱাৰ আৰু পেয়াল্‌ৱাৰক একেলগে ‘মুদলালৱাৰ’ বুলি কোৱা হয়৷ এই তিনিগৰাকী আলৱাৰৰ তিনিশ গীত ‘তিৰুবন্তাদি’ নামেৰে বিখ্যাত আৰু ‘প্ৰবন্ধয়’ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ‘তিৰুবন্তাদি’ৰ শীৰ্ষক হিচাপে সংগৃহীত৷ এইসমূহ ভক্তিমূলক গীত হোৱাৰ উপৰিও ভাষা সৌষ্ঠৱ আৰু অৰ্থ-গাম্ভীৰ্যৰ দৃষ্টিৰে উচ্ছ পযাৰ্য়ৰ কাব্য৷

        প্ৰথম আলৱাৰ তিনিগৰাকীৰ ভিতৰত পোয়গৈ নামৰ আলৱাৰ গৰাকীক ‘আদি কবি’  বুলি কোৱা হয়৷ তেওঁৰ জীৱন বৃত্তান্ত তিমিৰাছন্ন৷ তেওঁ তামিল প্ৰদেশৰ কাঞ্চীপুৰমৰ  উত্তৰ ফালে অৱস্থিত ‘তিৰুবেহকা’ৰ এটা পুখুৰীত পদুম ফুল এটাত জন্ম হোৱা বুলি কোৱা হয়৷ তেওঁক বিষ্ণুৰ শংখৰ অৱতাৰ বুলি গণ্য কৰা হয়৷ পুখুৰীৰ পদুম ফুলৰ লগত জন্ম হোৱা বাবে তেওঁৰ নাম ‘পোয়গৈ’ [পুখুৰী] আলৱাৰ বুলি কোৱা হয়৷ ‘গুৰুপৰম্পৰা’ অনুসৰি তেওঁৰ জন্ম ৪২০ খ্ৰীষ্টাব্দ; কিন্তুভৰদৰাজ আয়াৰৰ  মতানুসৰি ৬০০ খ্ৰীষ্টাব্দৰ প্ৰথম ভাগ৷ সাধাৰণতে তেওঁৰ জন্ম ৪০০ খ্ৰীষ্টাব্দ বা ৫০০ খ্ৰীষ্টাব্দ বুলি জনা যায়৷ তেওঁ আনৰ ধৰ্মক খণ্ডন নকৰাকৈ কেৱল ধমীৰ্য় সহিষ্ণুতাৰ ভাৱেৰে আনৰ ধৰ্মকো চাইছিল, যিটো গুণ আন আলৱাৰসকলৰ নাছিল৷ সাধাৰণ জীৱন যাপন কৰা, ভক্তিকে জীৱনৰ শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰা পোয়গৈ আলবাৰৰ ভক্তি ভাবনাক পৰৱর্তী সময়ত নন্মালৱাৰ আৰু তিৰুমাংগৈৰ দৰে আলৱাৰসকলে সন্মানেৰে স্মৰণ কৰে৷

        পোয়গৈ আলৱাৰৰ এশ পদ ‘মুদল তিৰুবন্দাদি’  নামেৰে পোৱা যায়৷ ‘দিব্য প্ৰবন্ধম্‌’ত সংগৃহীত এই পদসমূহ অনাদি ছন্দত ৰচিত আৰু স্বতঃস্ফূৰ্ত পদ৷ কোনো কথা কাহিনী বৰ্ণিত নথকা এই পদসমূহ মুখ্যতঃ ভক্তি, উপদেশ আদিৰে ভৰপূৰ৷ তেওঁৰ মতে “ভক্তিয়ে সকলোতকৈ সৰল মাৰ্গ, ভক্তই যি ৰূপত ভগৱানক বিচাৰে সেইটোৱে ভগৱানৰ নাম, যি ধৰণেৰে তেওঁক উপাসনা কৰা হয়, সেই ধৰণেৰে চক্ৰধৰ বিষ্ণুৱে উপাস্য হৈ পৰে৷” কিছুমান পদত বিষ্ণুৰ বিভিন্ন অৱতাৰ আৰু ভগৱদ্‌গুণ, লীলা ইত্যাদিৰ বৰ্ণনা পোৱা যায়৷ তেওঁৰ মন বিশেষকৈ ভগবান কৃষ্ণৰ বাল্যাৱস্থাৰ প্ৰতি বেছি আৰ্কষিত৷

ভুতত্তালবাৰঃ

        পোয়গৈ আলৱাৰৰ প্ৰায় সমসাময়িক বুলি গণ্য কৰা ভূতত্তালৱাৰৰ জন্ম ‘গুৰু পৰম্পৰা’ গ্ৰন্থ অনুসৰি ‘তিৰুকডন মল্লৈ’ত অথাৰ্ৎ বৰ্তমানৰ মহাবলীপুৰমত  জন্ম হৈছিল৷ তেওঁৰ ৰচনাতো জন্মস্থান ‘মামল্লৈ’ৰ উল্লেখ পোৱা যায়৷ সাধাৰণতে তেওঁৰ জন্মৰ সময় পঞ্চম শতাব্দীৰ উত্তৰাৰ্ধ বুলি পণ্ডিতসকলে ক’ব খোজে৷ বাল্যাৱস্থাৰ পৰাই সন্ত, পৱিত্ৰ, নিষ্কলঙ্ক, জ্ঞানৰ অপূবৰ্ ভাণ্ডাৰ আৰু শ্ৰেষ্ঠ ভগৱদ্‌ অনুৰাগী ভুতত্তালৱাৰক বিষ্ণুৰ গদাৰ অৱতাৰ বুলি লোকসমাজে গণ্য কৰি আহিছে৷ সৰল জীৱন যাপন কৰি ভগৱদ্‌ ভক্তিৰ বাবে বিভিন্ন ঠাই ঘূৰি ফুৰা ভুতত্তালৱাৰক পৰৱর্তী সময়ত নম্মালৱাৰে সন্মানেৰে স্তুতি কৰিছিল৷ ভূত শব্দৰ অৰ্থ পঞ্চভূত সঞ্চালিত জীৱন৷ তামিল ভাষাৰ প্ৰতি অপাৰ প্ৰেম থকা ভূতত্তালৱাৰে বিশ্বাস কৰিছিল যে নিজৰ ভৌতিক অস্তিত্ব ভগৱানৰ পূৰ্ণতাৰ ওপৰতহে আধাৰিত৷

        ‘তিৰুবন্তাদি’ ছন্দত ৰচিত তেওঁৰ এশ পদ পোৱা যায়৷ এই স্ফূট পদসমূহ ‘ইৰন্‌দাম তিৰুবন্তাদি’  নামেৰে ‘প্ৰৱন্ধম’ত সংগৃহীত৷ এই পদসমূহত ভগৱদগুণ, ভক্তিৰ মহিমা, শৰণগতি আদি বিষয়সমূহ সুন্দৰভাৱে অভিব্যক্ত কৰিছে৷ বিষ্ণুৰ অনেক অৱতাৰৰ স্মৰণ কৰাৰ লগতে এইসমূহত কৃষ্ণৰ বাল্যলীলাৰো সংকেত পোৱা যায়৷ ৰহস্যবাদৰ সুন্দৰ প্ৰতিফলন হোৱা তেওঁৰ পদসমূহত বৈষ্ণৱ মন্দিৰৰ স্তুতি, পবৰ্তীয়া ক্ষেত্ৰৰ বৰ্ণনা আৰু প্ৰকৃতিৰ সৌন্দৰ্য সুন্দৰ ৰূপত চিত্ৰণ কৰিছে৷

পেয়ালৱাৰঃ

        পেয়ালৱাৰৰ জন্ম বৰ্তমান মাদ্ৰাজ নগৰৰ অন্তৰ্গত ‘মইলাপুৰ’  নামৰ ঠাইত কোনো এটা কুঁৱাৰ ৰঙা পদুম ফুলৰপৰা হয় বুলি কোনো কোনোৱে ক’ব খোজে৷ পোয়গৈ আলৱাৰ ভূতত্তালৱাৰৰ প্ৰায় সমসাময়িক পেয়ালৱাৰৰ নামৰ এটা মন্দিৰো মাদ্ৰাজত আছে৷ শ্ৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁক বিষ্ণুৰ খড়গৰ অৱতাৰ বুলি কয়৷ ভগৱদ ভক্তিত দ্ৰৱিত হৈ হঁহা, কন্দা, গান গোৱা, নৃত্য কৰা, চিঞৰা বাবে মানুহে তেওঁক মানসিক ভাৰসাম্য হেৰুওৱা বুলি ভাবি তেওঁৰ নাম পেয়ালৱাৰ ৰাখিছিল৷ প্ৰথম তিনিগৰাকী আলৱাৰৰ ভিতৰত তেৱোঁ এজন৷ কোনো কোনোৰ মতে তেওঁ তিৰুমলিসই নামৰ আলৱাৰ গৰাকীক, যি প্ৰথম অৱস্থাত শিৱ ভক্ত আছিল শাস্ত্ৰীয় বাদ-বিবাদত পৰাস্ত কৰি পৰম বৈষ্ণৱ কৰাৰ বাবে উদ্‌গনি যোগাইছিল৷

        তেওঁৰ দ্বাৰা ৰচিত এশ স্ফূট পদ ‘মুন্ত্ৰাম তিৰুবন্তাদি’  নামেৰে ‘প্ৰৱন্ধম’ত সংগৃহীত আছে৷ এই সমূহত ভক্তৰ হৃদয়ক অভিব্যক্ত কৰিব পৰা, দ্ৰৱিত কৰিব পৰা আৰু ভগৱদ গুণ, ভক্তিৰ মহিমা, শৰণগতি আদি বিষয়বোৰ বৰ্ণিত আছে৷ আগৰ দুগৰাকী আলৱাৰৰ দৰে তেওঁৰ পদসমূহতো কৃষ্ণৰ বাল্য লীলাৰ সংকেত আৰু প্ৰকৃতিৰ সুন্দৰ চিত্ৰণ পৰিলক্ষিত হয়৷

তিৰুমলিসই আলৱাৰঃ

        এই গৰাকী আলৱাৰৰ জন্ম তামিলনাডুৰ কাঞ্চীপুৰমৰ ওচৰৰ তিৰুমলিসই [মহীসপুৰ] নামৰ গাঁৱত হয়৷ তেওঁৰ জন্ম সম্পৰ্কত কিছুমান মতবাদ পোৱা যায়৷ তেওঁক বিষ্ণুৰ চক্ৰ অৱতাৰ বুলি কোৱা হয়৷ তেওঁ প্ৰথম অৱস্থাত প্ৰগাঢ. শৈৱ ভক্ত আছিল৷ সেয়েহে তেওঁৰ নাম ‘শিৱবাক্য’ আছিল৷ তেওঁ শৈৱ ধৰ্মৰ ওপৰতো গ্ৰন্থ লিখি ধৰ্ম প্ৰচাৰ কৰিছিল৷ পেয়ালৱাৰ আৰু তেওঁৰ মাজত হোৱা শাস্ত্ৰীয় বাদ বিবাদত শিৱবাক্য পৰাস্ত হৈ পেয়ালৱাৰৰ শিষ্য হয় আৰু তেতিয়াৰপৰা তেওঁ নিজৰ নাম ‘তিৰুমলিসই’ ৰাখিলে৷ পৰৱৰ্তী সময়ত তেওঁ শৈৱ, জৈন আৰু বৌদ্ধ ধৰ্মৰ বিৰোধী হৈ সম্পূৰ্ণৰূপে বৈষ্ণৱ ধৰ্মৰ সমৰ্থক হয়৷ কোৱা হয় যে বৈষ্ণৱ সম্প্ৰদায়ত কপালত তিলকৰ ব্যৱহাৰ পোন প্ৰথমে তিৰুমলিসয়ে কৰিছিল৷

        তিৰুমলিসই আলৱাৰৰ নামত দুখন ৰচনা ‘প্ৰৱন্ধম’ত সংগৃহীত আছে৷ যেনে - ‘নান্‌মুখন্‌ তিৰুবন্তাদি’  আৰু ‘তিৰুচন্দ বিৰুত্তম’৷ ‘নান্‌মুখন তিৰুবন্তাদি’ক আলৱাৰসকলৰ ৰচনাসমূহৰ ভিতৰত প্ৰথমে ৰচনা কৰা বুলি কোনো কোনোৱে কয়৷ ইয়াত অনাদি ছন্দত ৰচিত ১০০ টা পদ একত্ৰিতভাৱে আছে আৰু বিষ্ণুক পৰম ব্ৰহ্ম হিচাপে দেখুৱাই শিৱ আৰু ব্ৰহ্মাক বিষ্ণুৰে কৃতি বুলি হৈছে৷ ভক্তিমাৰ্গক শ্ৰেষ্ঠ গণ্য কৰি, ভগবানৰ বাৎসল্য, প্ৰেম আদি তথা ভক্তিৰ উপদেশমূলক, ভগৱানৰ বিবিধ ৰূপৰ বৰ্ণনা, সংসাৰৰ সাৰহীনতা, শৰণগতি আৰু প্ৰকৃতিৰ বৰ্ণনা অতি সুন্দৰভাৱে পোৱা যায়৷ ‘তিৰুচন্দ বিৰুত্তম’ত ১২০ টা পদযুক্ত বিবিধ ৰাগৰ দ্বাৰা বৈষ্ণৱ ধৰ্মৰ উপদেশেৰে ভৰপূৰ হৈ আছে৷ আলৱাৰ সাহিত্যত পোন প্ৰথমবাৰৰ বাবে নায়ক-নায়িকাৰ বিৰহ-মিলন আদিৰ বৰ্ণনা আৰু ভক্তই ভগবানৰ সৈতে মিলি যোৱাৰ যি আতুৰতা সেইয়া তিৰুমলিসইৰ ৰচনাত সুন্দৰভাৱে বৰ্ণিত   হৈছে৷

নম্মালৱাৰঃ

        আলৱাৰসকলৰ ভিতৰত নম্মালৱাৰে সবৰ্শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে৷ তদুপৰি সমস্ত দক্ষিণ ভাৰতৰ বৈষ্ণৱ ভক্তি সাহিত্যৰ ইতিহাসত সবাৰ্ধিক মহত্ত্বপূৰ্ণ স্থান দখল কৰিছে৷ তেওঁৰ কেইবাটাও নাম আছে যেনে – শঠকোপ, পৰাংকুশ, বকুলাভকৰণ, মাৰণ ইত্যাদি৷ তেওঁৰ জন্ম পাণ্ড্য দেশৰ তিৰুনেলবেলী  জিলাৰ তাম্ৰবণীৰ্  নদীৰ পাৰত অৱস্থিত তিৰুকুৰুহৰ  [বৰ্তমান আলৱাৰ তিৰুনগৰী]ত হয়৷ গুৰু পৰম্পৰা গ্ৰন্থ অনুসৰি তেওঁৰ জন্ম কলিযুগ আৰম্ভ হোৱাৰ ৪৬ বৰ্ষ, অথাৰ্ৎ আজিৰ পৰা প্ৰায় ৫০০০ বৰ্ষৰ আগতে হৈছিল৷ তেওঁৰ পিতৃৰ নাম কৰিমাৰণ আৰু মাকৰ নাম উদয়নংগৈ আছিল৷ পিতৃ আছিল পাণ্ড্য ৰজা এজনৰ উচ্ছ পদাধিকাৰী আছিল৷  বহু দিন সন্তান নোপজাৰ বাবে তেওঁলোকে বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰাৰ লগতে বিষ্ণুৰ পৰা পুত্ৰ সন্তান পোৱাৰ বাবে আশীৰ্বাদ বিচাৰিছিল৷ জনশ্ৰুতি অনুসৰি সেয়ে ভগবান বিষ্ণুৱে স্বয়ং পুত্ৰৰূপে তেওঁলোকৰ দুখ দূৰ কৰে৷ নম্মালৱাৰে জন্ম হোৱাৰ ১০ দিনলৈকে গাখীৰ খোৱা নাছিল, চকু মেলা নাছিল আৰু কন্দাও নাছিল৷ সেইবাবে জন্মৰ ১২ দিনৰ পিছত তেওঁক মাক-দেউতাকে স্থানীয় বিষ্ণু মন্দিৰ এটাৰ কাষৰ তেঁতেলী গছ এজোপাৰ তলত থৈ আহিছিল৷ তাত নম্মালৱাৰে ১৬ বছৰ বয়সলৈ যোগমুদ্ৰা ধাৰণ কৰি আছিল আৰু তেওঁক ভগৱান বিষ্ণুৱে স্বয়ং পালন-পোষণ কৰিছিল৷ তেওঁ যোগমুদ্ৰাৰ পৰা সাৰ পোৱাৰ অন্তৰালতো কিছুমান জনশ্ৰুতি আছে৷ যেনে - মধুৰ কবি নামৰ এগৰাকী বিদ্বান ব্ৰাহ্মণ উত্তৰ ভাৰতৰ বিভিন্ন তীৰ্থ স্থানত ভ্ৰমণ কৰি কৰি যেতিয়া অযোধ্যা পাইছিলগৈ তেতিয়া তেওঁ দক্ষিণ ভাৰতৰ পিনে এটা বিচিত্ৰ জ্যোতিস্তম্ভ দেখিছিল৷ ব্ৰাহ্মণ গৰাকীয়ে ভাবিছিল সেই জ্যোতিস্তম্ভই তেওঁক আমন্ত্ৰণ কৰি আছে৷ সেই গতিকে তেওঁ সাৰ্থক নিমন্ত্ৰণটোৰ প্ৰতি আকৰ্ষিত হৈ হাজাৰ হাজাৰ মাইল দূৰৰ সেই জ্যোতিৰ দিশে গতি কৰে৷ বহুদূৰ গৈ গৈ তাম্ৰবর্ণী নদীৰ পাৰত অৱস্থিত সেই বিষ্ণু মন্দিৰৰ তেঁতেলী জোপাৰ তলত যোগ নিদ্ৰাত থকা নন্মালৱাৰক দেখি তথা তেওঁৰ শৰীৰৰ পৰা প্ৰবাহিত জ্যোতিৰ দৰ্শন কৰিলে৷ তেওঁ কৌতূহলবশতঃ এটা শিলগুটি লৈ নন্মালৱাৰ ওচৰলৈ মাৰি পঠিযায় আৰু সেই শব্দ শুনিয়ে নন্মালৱাৰ সাৰ পায়৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত আধ্যাত্মিকতাৰ চর্চা হয়৷ নন্মালৱাৰৰ জ্ঞান ৰাশিত বৃদ্ধ ব্ৰাহ্মণ মধুৰ কবি প্ৰভাৱান্বিত হৈ নম্মালৱাৰক গুৰু মানি লয়৷ এনেদৰে মধুৰ কবিয়ে নম্মালৱাৰৰ শিষ্যত্ব গ্ৰহণ কৰিলে আৰু পৰৱৰ্তী সময়ত গুৰুৰ মুখৰ পৰা নিগৰিত পদসমূহ লিপিবদ্ধ কৰিলে৷ এই লিপিবদ্ধ কৰা পদসমূহৰ সংগ্ৰহীত ৰূপেই হ’ল নম্মালবাৰৰ ৰচনা৷ কোনো কোনোৰ মতে তেওঁ সেই তেঁতেলী গছজোপাৰ পৰাই জ্ঞান অৰ্জন কৰিছিল৷ তেওঁৰ জীৱনৰ  বিষয়ে বেছি কথা পোৱা নাযায়৷ তেওঁ অবিবাহিত আছিল, সাংসাৰিক বস্তুৰ প্ৰতি তেওঁৰ মোহ নাছিল আৰু মাত্ৰ  ৩৫ বছৰহে জীৱিত আছিল৷

        নম্মালৱাৰৰ চাৰিখন গ্ৰন্থ ‘দিব্য প্ৰৱন্ধম’ত সন্নিৱিষ্ট হৈছে৷ যেনে - ১] তিৰুবিৰুত্তম, ২] তিৰুৱাচিৰিয়ম, ৩] পেৰিয় তিৰুবন্তাদি আৰু  ৪] তিৰুবায়মোলী  

        ‘তিৰুবিৰুত্তম’ক ঋক্‌ বেদৰ সাৰ কথা বুলি ক’ব পাৰি৷ ১০০ টা পদযুক্ত ‘তিৰুবিৰুত্তম’ত ভগবানৰ প্ৰতি প্ৰেম আৰু তন্ময় ভাবৰ বিস্তৃতৰূপ বৰ্ণনা পোৱা যায়৷ কবিয়ে নিজকে বিৰহিনী নায়িকা ৰূপত আৰু ভগৱানক প্ৰিয়তম নায়কৰ ৰূপত উপস্থাপন কৰি মাধুৰ্য ভাবৰ ভক্তি ভাৱনাৰ সুন্দৰভাৱে প্ৰকট কৰিছে৷ প্ৰেমিকৰ মিলনত আতুৰ হোৱা নায়কৰ অপেক্ষা, মেঘ, পক্ষী আদিৰ দ্বাৰা বাতাৰ্ পঠিওৱা, শেষত আত্মহনন পৰ্যন্ত কৰিবলৈ উদগ্ৰীৱ হোৱা ইত্যাদি কথাৰ বৰ্ণনা পোৱা যায়৷ গ্ৰন্থখন ওপৰে ওপৰে চালে লৌকিক কাব্য যেন লাগিলেও এইখন এখন মধুৰ ভক্তিৰ উৎকৃষ্ট গ্ৰন্থ বুলি ক’ব পাৰি৷ ৰহস্যানুভূতিৰ উৎকৃষ্ট নিদৰ্শন এই গ্ৰন্থখনত কবিয়ে তামিল সংঘকালৰ কাব্যত পোৱা লৌকিক প্ৰেম সম্বন্ধীয় সাহিত্যিক পৰম্পৰাক অতি সুন্দৰভাৱে প্ৰয়োগ কৰিছে৷

        ‘তিৰুবাচিৰিয়ম’ত জ্জ্ব টা পদ তথা ‘পেৰিয় তিৰুবন্তাদি’ত ৮৭ টা পদ আছে৷ ইয়াত ক্ৰমশঃ যজুঃ আৰু অথৰ্ব বেদৰ সাৰ কথা আছে৷ কোনো কাহিনীৰ বৰ্ণনা নথকা এইপদসমূহ ভক্তি তথা উপদেশমূলক আৰু ভগবদস্বৰূপ, গুণ, বিভূতি, ভক্তিতত্ত্ব, শৰণগতি তত্ত্ব আদিৰ চচাৰ্ পোৱা যায়৷

        ‘তিৰুবায়যোলী’ নম্মালৱাৰৰ সকলোতকৈ বৃহৎ আকাৰৰ গ্ৰন্থ আৰু ‘দিব্য প্ৰবন্ধম’ৰ প্ৰায় চাৰি ভাগৰ এক চৰ্তুথাংশ সামৰি লৈছে৷ এই গ্ৰন্থখন কেৱল নম্মালৱাৰৰ গ্ৰন্থসমূহৰ ভিতৰতেই কেৱল বৃহৎ নহয় বৰঞ্চ সমস্ত আলৱাৰ সাহিত্যৰ ভিতৰতেই এখন মহৎ গ্ৰন্থ৷ ‘তিৰুবায়মোলী’ শব্দৰ অৰ্থ হ’ল ‘সন্ত, মহাত্মাৰ মুখৰ পৰা ওলোৱা দিব্যবাণী’৷ ‘বায়মোলী’ শব্দটো প্ৰাচীন তামিল সাহিত্যত ‘বেদ’ৰ ক্ষেত্ৰত ব্যৱহৃত শব্দ৷ সামবেদৰ সাৰ কথাৰে ৰচিত আৰু বিভিন্ন ৰাগ-ৰাগিণীত গাবৰ বাবে উপযোগী ‘তিৰুবায়মোলী’ত সবৰ্মুঠ ১,১০২ টা পদ আছে৷ তদুপৰি ইয়াত ভক্তি, উপদেশ, শৰণগতি, গুৰু মহিমা, উচ্ছ পযাৰ্য়ৰ দাশনিক ভাব, মাধুর্য্য আৰু সাখ্যভাৱে ভক্তিৰ বিচাৰ আৰু কিছুমান প্ৰকাৰৰ নায়ক-নায়িকাৰ মাধ্যমেৰে জীৱাত্মা-পৰমাত্মাৰ সম্বন্ধ ব্যাখ্যা সুন্দৰভাৱে বৰ্ণিত হৈছে৷

        তামিল ভক্তি সাহিত্যত নম্মালৱাৰৰ যি স্থান সেয়া হয়তো অন্য কোনো কবিয়েপাবলৈ সক্ষম হোৱা নাই৷ তেওঁক বিভিন্ন নামেৰে নামকৰণ কৰা হয়৷ এইক্ষেত্ৰত তেওঁৰ ‘দিব্যকবি’ নাম উল্লেখযোগ্য৷ তেওঁৰ পদসমূহত উচ্ছ পর্যায়ৰ বৈষ্ণৱ মতৰ দাৰ্শনিক বিচাৰৰ বাবে ‘শ্ৰী বৈষ্ণৱ কুলপতি’ হিচাপে জনা যায়৷ তদুপৰি দক্ষিণ ভাৰতৰ বৈষ্ণৱসকলে তেওঁক ‘বকুল ভূষণ ভাস্কৰ’ বুলি কয়৷ তদুপৰি ‘তামিল বেদ প্ৰণেতা অথবা তামিল বেদব্যাস’ ইত্যাদি নামেৰেও তেওঁ প্ৰখ্যাত৷

        তামিল প্ৰদেশত অনেক বৈষ্ণৱ মন্দিৰত দিব্য পাদুকা শ্ৰী শঠকোপ নামেৰে প্ৰসিদ্ধ৷ এই দিব্য পাদুকাক ভক্তসকলে শিৰত ধাৰণ কৰে৷ ইয়াৰ নামত অনেক প্ৰশস্তিমূলক  গ্ৰন্থ  লিখা হৈছে৷ যেনে– মধুৰ কবিৰ দ্বাৰা কৃত ‘কন্নিনুল চিৰুত্তাম্পু’, ‘শঠকোপৰত্নাদি’, ‘অলৱাৰ অনুভূতি’, ইত্যাদি৷ এই সমূহত নম্নালৱাৰৰ নাম সহৃদয়তাৰে স্তুতি কৰা হৈছে৷ তেওঁৰ দ্বাৰা ৰচিত ‘তিৰুবায়মোলী’ গ্ৰন্থৰ বিষয়ত বহুতো ভাষ্য বা টীকা গ্ৰন্থ ৰচিত হৈছে৷ তেলেগু, কন্নড. ভাষাবোৰত ইয়াৰ অনুবাদো হৈছে৷ সংস্কৃতত ‘সহস্ত্ৰ গীতি’ নামেৰে শ্লোকো অনূদিত হৈছে৷ নম্মালৱাৰৰ এই গ্ৰন্থখনে পৰৱর্তী সময়ত ভক্তি সাহিত্যক বহু পৰিমাণে প্ৰভাৱান্বিত কৰিছে৷ বহুত ব্যাকৰণত তেওঁৰ পদসমূহ শ্ৰেষ্ঠ উদাহৰণৰ ৰূপত উদ্ধৃত হৈছে৷ তদুপৰি তেওঁৰ পদসমূহত তৎকালীন সমাজৰ চিত্ৰণ, কিছুমান পদত তামিল প্ৰদেশৰ বহুত ঠাইৰ বিৱৰণ সুন্দৰভাৱে আছে৷ অথাৰ্ৎ তেওঁৰ ৰচনাত তেওঁৰ পূৰ্ৱতে ৰচিত তামিল সাহিত্যত প্ৰাপ্ত সকলো সাহিত্যিক পৰম্পৰা বিৰাজমান৷ গতিকে তেওঁ তামিল সাহিত্যৰ গম্ভীৰভাৱে অধ্যয়ন কৰাৰ উপৰিও সংস্কৃত সাহিত্যৰ ক্ষেত্ৰতো বিদ্বান আছিল বুলি ক’ব পাৰি৷ কিয়নো তেওঁৰ ৰচনাত বেদ, উপনিষদ তথা গীতাৰো সমাৱেশ ঘটিছে৷

মধুৰ কবি আলৱাৰঃ

        মধুৰ কবি তথা নম্মালৱাৰ দুয়োজনৰ জীৱনৰ মাজত এজন আন জনৰ অভিন্ন সম্পৰ্ক আছে৷ মধুৰ কবি আলৱাৰ ‘তিৰুকুৰুহু’ৰ সমীপৱৰ্তী গাঁও তিৰুকোলুৰৰ  এক অগ্ৰণী ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰে৷ শ্ৰী বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ বাহন গৰুড.ৰ অৱতাৰ বুলি গণ্য কৰা হয়৷ ‘গুৰু পৰম্পৰা’ গ্ৰন্থ অনুসৰি তেওঁ সৰুৰে পৰাই বেদ তথা অনান্য শাস্ত্ৰসমূহৰ অধ্যয়ন কৰিছিল৷ তামিল তথা সংস্কৃত দুয়োটা ভাষাতে তেওঁ অসামান্য পাণ্ডিত্য অৰ্জন কৰিছিল৷ তেওঁৰ প্ৰকৃত নামটো জনা নাযায়৷ সুন্দৰকৈ গীত গাব পৰা কবি গৰাকীৰ মধুৰ কণ্ঠৰ বাবেই তেওঁৰ নাম মধুৰ কবি হ’ল বুলি লোক সমাজত জনাজাত৷ মধুৰ কবি  শ্ৰেষ্ঠ বৈষ্ণৱ ভক্তসকলৰ ভিতৰত অন্যতম৷ তেওঁ প্ৰেম আৰু ভক্তিক মহত্ত্ব প্ৰদান কৰি সাধু-সন্তৰ লগত সংগতি ৰাখিছিল৷ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি তেওঁ উত্তৰ ভাৰতৰ লগতে দক্ষিণ ভাৰতৰো তীৰ্থ ভ্ৰমণ কৰে, তাতে তেওঁ নন্মালৱাৰক লগ পাই শিষ্যত্ব গ্ৰহণ কৰে৷  মধুৰ কবিয়ে ১৩৭ বছৰ জীৱিত আছিল বুলি কোনো কোনোৱে কয়৷ আলৱাৰসকলৰ ভিতৰত তেওঁৰে আটাইতকৈ দীৰ্ঘ আয়ুস আছিল৷ গুৰু নম্মালৱাৰ ৩৫ বছৰ বয়সত পৰলোগামী হোৱাৰ পাছতো তেওঁ ১৫ বছৰ জীৱিত আছিল৷ গুৰুৰ বিয়োগত যথেষ্ট আঘাত পোৱা মধুৰ কবিয়ে পৰৱতীৰ্ সময়ত গুৰুৰ পদসমূহ জনসাধাৰণৰ মাজত সহজ সৰল ভাষাত প্ৰচাৰ কৰিছিল৷ গুৰুৰ স্মৃতি ৰক্ষা কৰিবলৈ তেওঁ গুৰুৰ জন্মস্থান ‘তিৰুকুৰুহ’ত গুৰুৰ শিলামূৰ্ত্তি এটাও স্থাপন কৰিছিল৷ গুৰুৰ মহিমা বৰ্ণনা কৰাৰ উপৰিও তেওঁ জনসমাজত গুৰুৰ দ্বাৰা ৰচিত পদসমূহ সহজভাৱে ভাঙনি  কৰি ভক্তি ভাৱ জগাই তুলিছিল৷ গুৰুক তেওঁ ঈশ্বৰ তুল্য জ্ঞান কৰি গুৰুৰ পদসমূহক ‘দেৱবাণী’ আৰু গুৰুক ‘দেৱকবি’ ৰূপেৰে স্মৰণ কৰিছিল৷

        মধুৰকবি আলৱাৰৰ একমাত্ৰ ৰচনা ‘কন্নিনুল চিৰুতাংবু’  ‘দিব্য প্ৰবন্ধম’ত সংগৃহীত আছে ৷ ১২ টা মাত্ৰ পদযুক্ত এই ৰচনাত গুৰুৰ নম্মালৱাৰৰ মহিমা বৰ্ণনা কৰা হৈছে৷ তদুপৰি গুৰুৰ আৱশ্যকতা, গুৰুৰ লক্ষণ, ভক্তিৰ আৱশ্যকতা আদি বিষয়ত  তেওঁ ইয়াত সুন্দৰকৈ আলোকপাত কৰিছে৷ লোকসমাজত প্ৰচলিত যে তামিল ৰামায়ণৰ ৰচক কম্বনে নম্মালৱাৰৰ প্ৰশস্তিমূলক গ্ৰন্থ ‘শঠকোপৰন্তাদি’  নামৰ গ্ৰন্থ ৰচনা কৰাৰ বাবে ‘কন্নিনুল চিৰতাংবু’ গ্ৰন্থৰ পৰাই প্ৰেৰণা পায়৷ ‘কন্নিনুল চিৰুতাংবু’ পঠনৰ পাছতহে নম্মালৱাৰৰ ‘তিৰুবায়মোলী’ৰ পঠনৰ আৰম্ভ হয় ৷

কুলশেখৰ আলৱাৰঃ

        তেওঁ কেৰেলা প্ৰদেশৰ চেৰবংশীয় শাসক আছিল৷ ‘গুৰু পৰম্পৰা’ অনুসৰি তেওঁক বিষ্ণুৰ বক্ষস্থলত অৱস্থিত কৌস্তভ মণিৰ অৱতাৰ বুলি কোৱা হয়৷ ৰাজ পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ বাবে তেওঁ যথাযথভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল৷ বিভিন্ন শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰাৰ লগতে তেওঁ সংস্কৃত আৰু তামিল দুয়োটা ভাষাতে সমানভাৱে পাণ্ডিত্য লাভ কৰিছিল৷

        কুলশেখৰৰ নামত সংস্কৃত আৰু তামিল দুটা ভাষাত ৰচনা পোৱা যায়৷ তামিল ভাষাত ৰচিত  ১০৫ টা পদযুক্ত পুথি ‘পেৰুমাল তিৰুমোলী’,  নামেৰে ‘দিব্য প্ৰবন্ধম’ত সংগৃহীত আছে৷ ৪০ টা শ্লোকেৰে সংস্কৃত ভাষাত ‘মুকুন্দমালা’ নামেৰে আন এখন পদ সংগ্ৰহ পোৱা যায়৷ ‘পেৰুমাল তিৰুমোলী’ৰ পদবোৰ বিভিন্ন দশকত বিভাজিত আৰু বিভিন্ন ৰাগ ৰাগিণীত এইসমূহ পদ গোৱাৰ বাবে যোগ্য৷ প্ৰথম পাঁচ দশক পদ আত্মনিবেদনমূলক৷ ইয়াত ভক্তৰ দীনতা, সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ, শ্ৰীৰংগমৰ ভগৱানৰ চৰণ প্ৰাপ্তিৰ বাবে নৃত্য গীত কৰা, আগন্তুক জন্মত ভেংকটগিৰিত জন্ম গ্ৰহণ কৰি কৃষ্ণৰ সেৱাত ব্যৱহাৰ হোৱা যিকোনো বস্তুৰূপে জন্ম গ্ৰহণৰ কামনা বৰ্ণনা কৰা হৈছে৷ ষষ্ঠ দশকত কৃষ্ণৰ বাল্য লীলাৰ বৰ্ণনা; সপ্তম দশকত বাল্য লীলাৰ ৰসাস্বাদনত মাতৃ দৈৱকীৰ কৰুণ বিলাপ, অষ্টম দশকত দশৰথ পুত্ৰ ৰামৰ লালন-পালনত কৌশল্যাৰ নিচুকণি গীত, নৱম দশকত ৰামৰ বন গমনত দশৰথৰ বিলাপ আৰু শেষত সম্পূৰ্ণ ৰামায়ণৰ সংক্ষেপ কথা বৰ্ণনা দিয়া হৈছে৷

        ৪০ টা শ্লোক যুক্ত ‘মুকুন্দমালা’ সংস্কৃতৰ এখন সুন্দৰ স্তোত্ৰ কাব্য৷ সপ্তদশ শতিকাত শ্ৰী ৰাঘবানন্দই ইয়াৰ ওপৰত ‘মুকুন্দমালা তাৎপৰ্য দীপিকা’ নামেৰে টীকা ভাষ্য লিখিছিল৷ ইয়াত সাংসাৰিক মায়া মোহৰ পৰা মুক্ত হৈ ভগৱানৰ গুণগান, উপদেশ আৰু কৃষ্ণৰ বিভিন্ন লীলাৰ সংকেত সুন্দৰভাৱে প্ৰকাশ পাইছে৷

পেৰিয়ালৱাৰঃ

        আলৱাৰসকলৰ ভিতৰত পেৰিয়ালৱাৰৰো এক বিশিষ্ট আসন আছে৷ তেওঁৰ সৰুকালৰ নাম ‘বিষ্ণুচিত্ৰ’ আছিল৷ তেওঁৰ ৰচনাসমূহত জন্ম, জন্মস্থান সম্পৰ্কে উল্লেখ পোৱা যায়৷ পাণ্ড্য ৰাজ্যৰ অন্তৰ্গত প্ৰসিদ্ধ শ্ৰীবিল্লিপুত্তুৰ  নামৰ গাঁৱত তেওঁৰ জন্ম হয়৷ তেওঁৰ সমকালীন পাণ্ড্য ৰজা বল্লভদেৱে [খ্ৰীষ্টিয় ৭৪০-৭৬৭] তেওঁক জ্ঞান-গুৰুৰূপে গণ্য কৰিছিল৷ পাণ্ড্য বংশৰ এই ৰজা গৰাকীয়ে তেওঁৰ পাণ্ডিত্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ‘পত্তৰ পিৰাণ’ [ব্ৰাহ্মণোত্তম] উপাধিৰে বিভূষিত কৰিছিল৷ তেওঁ সংস্কৃত ভাষাৰো এগৰাকী পণ্ডিত আছিল৷

        পেৰিয়ালৱাৰৰ নামত ‘তিৰুপল্লাংডু’ আৰু ‘পেৰিয়ালৱাৰ তিৰুমোলী’  নামৰ দুখন পদ সংগ্ৰহ ‘দিব্য প্ৰবন্ধম্‌’ৰ প্ৰথম ভাগৰ আৰম্ভণিতে পোৱা যায়৷ ‘তিৰুপল্লাংডু’ত ১২ টা পদ আছে৷ ইয়াত কবিয়ে বিভিন্ন পদত বিষ্ণুৰ নানা অৱতাৰৰ কথা স্মৰণ কৰিছে তথা ভক্তক ভগৱৎ সেৱাত বিলীন হোৱাৰ বাবে উপদেশ দিছে৷

        পেৰিয়ালৱাৰৰ তিৰুবায়মোলী’ত ৪৬২ টা পদ সংগৃহীত হৈ আছে৷ ইয়াত কৃষ্ণৰ বাল্যাৱস্থাৰ মধুৰ লীলাসমূহৰ সুন্দৰ বৰ্ণনা পোৱা যায়৷ ইয়াত বাৎসল্য ৰসৰ এনে এটা ধাৰাৰ প্ৰবাহিত ৰূপ পোৱা যায় যিটো সমস্ত তামিল সাহিত্যৰ ক’তোৱে পোৱা নাযায়৷ ইয়াত কৃষ্ণৰ জন্মোৎসৱ, গোকুলত হৰ্ষোল্লাস, যশোদাৰ কৃষ্ণৰ বাবে নিচুকণি গীত, চন্দ্ৰমামাক মাতা, মাখন চুৰি, গোপীসকলৰ যশোদাক সকীয়নি, কৃষ্ণৰ গৰু চৰোৱা, যশোদাৰ বিলাপ, কৃষ্ণৰ অপাৰ সৌন্দৰ্যত গোপীৰ মোহিত ভাব ইত্যাদিবোৰ সৰসভাৱে বৰ্ণিত হৈছে৷ বাস্তৱত বহু বছৰৰ পূবৰ্তে শিশুক মাতৃসকলে শুৱাওঁতে নিচুকণি গীত গোৱা প্ৰথা প্ৰচলিত৷ এই লোকগীত সমূহ সাহিতি্যক ৰূপত ব্যৱহাৰ কৰি পেৰিয়ালৱাৰে তামিল সাহিত্যৰ প্ৰতি এটা মহান অৱদান আগবঢ.ালে৷ ‘পিল্লৈ তামিল’ বুলি খ্যাত এই গীত সমূহৰ শৈলীৰ প্ৰণেতা স্বয়ং পেৰিয়ালৱাৰ বুলিয়ে জনা যায়৷ পৰৱতীৰ্ সময়ত অন্যান্য কবিসকলেও এই গীতৰ শৈলী কাব্যত ব্যৱহাৰ কৰে৷ তেওঁৰ কিছুমান পদত ৰামকথাৰ প্ৰসংগৰো বৰ্ণনা পোৱা যায়৷

আণ্ডালঃ

        বৈষ্ণৱ সন্ত কৱিয়ত্ৰী আণ্ডালৰ ভক্তি সাহিত্যৰ ক্ষেত্ৰত স্থান বিশিষ্ট৷ আলৱাৰসকলৰ ভিতৰত একমাত্ৰ আণ্ডালে আছিল মহিলা আলৱাৰ৷ তেওঁ শ্ৰী বিল্লীপুত্তুৰ নিবাসী আৰু পেৰিয়ালৱাৰ  বা বিষ্ণুচিত্তৰ  পুত্ৰী আছিল৷ তেওঁৰ জন্ম সম্পৰ্কত বহুত মত প্ৰচলিত৷ যেনেঃ পেৰিয়ালৱাৰে এদিন ৰাতিপুৱা ফুলনিৰ পৰা ভগৱানৰ পূজাৰ বাবে ফুল ছিঙিব গৈছিল৷ সেই সময়তে তুলসী এজোপাৰ তলতে এটা কন্যা শিশু পালে৷ ভগৱানৰ অৱদান বুলি গণ্য কৰি নৱজাত শিশুটো অবিবাহিত পেৰিয়ালৱাৰে ঘৰলৈ লৈ আহে৷ ফুলনিত পোৱাৰ বাবে নৱজাতকৰ নাম ‘কোদই’  অথাৰ্ৎ ‘ফুলৰ থোপা’ ৰাখিলে৷

        পেৰিয়ালৱাৰৰ পুত্ৰী ৰূপত ডাঙৰ দীঘল হোৱা আণ্ডালে পিতাকৰ ওচৰত ভক্তিৰ সুন্দৰ পৰিৱেশ পোৱাত ভগৱান বিষ্ণুৰ প্ৰতি অধিক আৰ্কষিত হয়৷ ভগৱানৰ ৰূপ, সৌন্দয্যৰ্ৰ প্ৰতি মুগ্ধ হোৱা আণ্ডালে পিতাকক ভগৱানৰ পূজাৰ বাবে ফুল ছিঙা, ভজন আদি গোৱা কামত সহায় কৰি দিছিল৷ তেওঁক কেনেকুৱা দেখিব আৰু প্ৰিয়তম ভগৱানৰ লগত মিলিব নে নাই তাক প্ৰমাণ কৰিবৰ বাবে পূজাৰ বাবে গাঁথি লোৱা ফুলৰ মালা এডাল নিজে পৰিধান কৰিছিল৷ পিতাকে দেখি খঙতে পুনৰ নতুন মালা গাঁথিবলৈ আদেশ দিছিল যদিও সেইদিনা ৰাতিয়েই ভগৱানে তেওঁক আণ্ডালে পিন্ধা মালা ডালকে লাগিব বুলি কয়৷ দিন বাঢি. অহাৰ লগে লগে আণ্ডাল ভগৱানৰ প্ৰতি বেছি অনুৰক্ত হয়৷ সময়ত বিবাহোপযোগী হ’লত তেওঁৰ বাবে পিতৃয়ে দৰা বিচৰা আৰম্ভ কৰিছিল৷ আণ্ডালে ভগৱানৰ বাহিৰে আনৰ লগত বিবাহ হ’লে মৰি যাব বুলি কয়৷ ভগৱানেও সপোনত পিতাকক আণ্ডালক বিয়া কৰোৱাৰ কথা  বিৱৰি কয়৷ ভগৱান শ্ৰী ৰংগনে সপোনত কোৱা ধৰণে আণ্ডালক সজাই পৰাই স-সন্মানেৰে শ্ৰী ৰংগনাথ মন্দিৰত বিধিপূবৰ্ক বিবাহেৰে সমপিৰ্ত কৰে৷ আণ্ডালে নিজৰ প্ৰেমেৰে ভগৱানক জিনি মুক্তি লাভ কৰিলে৷ ‘আণ্ডাল’ শব্দৰ অৰ্থ ভগৱানৰ প্ৰতি প্ৰেমাধিক্য প্ৰকাশ কৰা লোক৷ আজিও দক্ষিণ ভাৰতৰ মন্দিৰ সমূহত প্ৰতিবছৰে আণ্ডালৰ বিবাহোৎসৱ আনন্দেৰে পালন কৰা হয়৷ ‘গুৰু পৰম্পৰা’ অনুসৰি আণ্ডাল অন্তৰ্ধান হোৱাৰ সময়ত ১৬ বছৰ বয়স আছিল৷ যদিও পেৰিয়ালৱাৰে পুত্ৰীক ভগৱানক সমপৰ্ণ কৰি ভগৱানৰ শহুৰেক হোৱাৰ সৌভাগ্য অৰ্জন কৰিলে, তথাপিও তেওঁ পুত্ৰীৰ বিয়োগত মমাৰ্হত হৈ নিজ স্থান বিল্লীপুত্তৰলৈ উভতি আহে৷ পুত্ৰীৰ অনুপস্থিতিত বিৰহত তেওঁ বহুতো পদ ৰচনা কৰিছিল৷

        আণ্ডাল এগৰাকী মহান ভক্ত হোৱাৰ উপৰিও এগৰাকী উচ্ছ পযাৰ্য়ৰ কবিয়ত্ৰীও আছিল৷ তেওঁৰ দ্বাৰা ৰচিত সাহিত্যই কেৱল তামিল সাহিত্যকে নহয় বৰঞ্চ সমস্ত ভাৰতীয় সাহিত্যকেই গৌৰৱ প্ৰদান কৰিছে৷ প্ৰাচ্য-পাশ্চাত্য আদিৰ পণ্ডিত তথা দাৰ্শনিকেও তেওঁৰ ৰচনাক মুক্তকে_ প্ৰশংসা কৰিছে৷ আণ্ডালৰ নামত নিম্নলিখিত দুখন প্ৰসিদ্ধ গ্ৰন্থ ‘দিব্য প্ৰবন্ধম্‌’ত সংগৃহীত হৈছে৷ যেনে - ১] তিৰুপপাবৈ আৰু ২] নাচ্ছিয়াৰ তিৰুমোলী ৷

        ‘তিৰুপপাবৈ’ ৩০ টা পদযুক্ত আৰু বিভিন্ন ৰাগ ৰাগিণীৰে গাবৰ বাবে যোগ্য পদ৷ ইয়াত তামিল সমাজত প্ৰচলিত পুৰণি প্ৰসিদ্ধ প্ৰথা ‘মাৰ্গলী তোন্দু’  [কাত্যায়িনী ব্ৰত]ৰ বৰ্ণনা আছে৷ মাহৰ শ্ৰেষ্ঠ মাৰ্গশীৰ্ষত [আঘোণ মাহ] নৱযুৱতীয়ে যোগ্য বৰ প্ৰাপ্তিৰ বাবে  এই ব্ৰত ৰাখে৷ লোকসমাজত বিশ্বাস আছে যে এই ব্ৰত ধাৰিণীৰে ইয়াৰ পৰা কেৱল লাভ নহয়, সমস্ত দেশৰ মানুহৰো ধনে ধানে সকলো ফালৰ পৰা লাভ হয়৷ এই কাব্যৰ এটা বিশেষত্ব হ’ল কবিয়ে স্বয়ং স্থান কাল পাত্ৰভেদে কাব্যৰ [চৰিত্ৰ] গোপীসকলৰ লগত এক হৈ কৃষ্ণক পোৱাৰ বাবে ব্ৰত কৰে৷ অথাৰ্ৎ আণ্ডালে নিজৰ কাহিনীকে ভক্তি ভাবেৰে ভগবানৰ প্ৰতি থকা ভক্তি[প্ৰেম] কাব্যৰ মাজেৰে প্ৰকাশ কৰিছে৷ ইয়াত তেওঁৰ ভক্তি ভাবৰ লগতে তৎকালীন গ্ৰাম্য সমাজৰ চিত্ৰ, প্ৰকৃতিৰ ৰসপূৰ্ণ বৰ্ণনা সুন্দৰভাৱে কৰিছে৷ ‘তিৰুপপাৱৈ’ পদসমূহৰ অত্যধিক ধাৰ্মিক মহত্ত্ব আছে৷ দক্ষিণ ভাৰতৰ বৈষ্ণৱ মন্দিৰত তথা বৈষ্ণৱ উপাসকসকলে আজিও ঘৰে ঘৰে মাৰ্গশীৰ্ষ [আঘোণ] মাহত অত্যন্ত অদ্বা ভক্তিৰে এই পদসমূহ পৰিবেশন কৰে৷ আণ্ডালৰ দ্বাৰা প্ৰচাৰিত এই মাৰ্গলী তোন্দু ব্ৰত কেৱল দক্ষিণ ভাৰততে নহয়, সুদূৰ শ্যাম দেশতো ইয়াক শতিকা শতিকা জুৰি পালন কৰি আহিছে৷

        বিভিন্ন ৰাগ-ৰাগিণীত গাবৰ বাবে যোগ্য ‘নাচ্ছিয়াৰ তিৰুমোলী’ত মুঠ ১৪৬ টা স্ফূট পদ আছে৷ ইয়াত কবিয়ে নিজকে নায়িকা আৰু ভগবান কৃষ্ণক নায়ক ৰূপে গণ্য কৰি অন্তৰৰ ভক্তি ভাৱসমূহ প্ৰকাশ কৰিছে৷ কামদেৱ-কৃষ্ণৰে সৈতে নিজকে মিলাই দিয়াৰ প্ৰাৰ্থনা; মেঘ, পখীৰ দ্বাৰা প্ৰিয়াৰ বাতাৰ্ পঠোৱা; সপোনত ভগৱান প্ৰিয়তমৰ লগত বিবাহ, বিৰহ, বিষাদ  ইত্যাদিৰ সুন্দৰ বৰ্ণনা আছে৷ ইয়াৰ কিছুমান পদ বৈষ্ণৱ উপাসকসকলৰ ঘৰত বিবাহ উৎসৱ আদি অনুষ্ঠানত পৰিবেশনো কৰা হয়৷ আণ্ডালৰ দুয়োখন ৰচনাই তামিল জনগণৰ ধাৰ্মিক জীৱনক প্ৰভাৱান্বিত কৰিছে৷ পৰৱতীৰ্ সময়ত তেওঁৰ ৰচনা তথা তেওঁৰ জীৱনৰ লগত সংগতি ৰাখি প্ৰশস্তি, টীকা-ভাষ্য, কাব্য আদিৰ ৰচনা হয়৷ যেনে শ্ৰীবেদান্ত দেশিকাচাৰ্যই  আণ্ডালৰ প্ৰশস্তি কৰি ‘গৌদা স্তুতি’  নামৰ গ্ৰন্থ ৰচনা কৰিছে৷ প্ৰসিদ্ধ শৈৱ কবি মণিক্কবাচকৰে ‘তিৰুপ্পাবৈ’ৰ অনুকৰণত ‘তিৰুবেংবাবৈ’  নামৰ কাব্য আৰু আণ্ডালৰ প্ৰেম-সাধনাৰ কথাবস্তুক লৈ ৰজা শ্ৰীকৃষ্ণ দেৱৰায়ে তেলেগু ভাষাত ‘আমুক্তমাল্যদা’ নামৰ এখন মহাকাব্য ৰচনা কৰিছিল৷

তোণ্ডৰ অডীপডী আলৱাৰঃ

        এই গৰাকী আলৱাৰৰ জন্ম চোল ৰাজ্যৰ কাবেৰী নদীৰ পাৰত অৱস্থিত তিৰুমাংডনকুডী  নামৰ গাঁৱত এটা প্ৰসিদ্ধ ব্ৰাহ্মণ পৰিয়ালত হয়৷ তেওঁৰ বাল্যকালৰ নাম বিপ্ৰনাৰায়ণ আছিল৷ তামিল আৰু সংস্কৃত উভয় ভাষাতে পযাৰ্প্ত পাণ্ডিত্য অৰ্জন কৰা এই আলৱাৰ গৰাকীয়ে বাল্য অৱস্থাতে বহুতো শাস্ত্ৰৰ অধ্যয়ন কৰিছিল৷ তেওঁ ভগৱদসেৱাকে জীৱনৰ লক্ষ্য আৰু নিজকে ভগৱানৰ দাসৰো দাসৰূপে গণ্য কৰিছিল৷ তেওঁৰ মতে ভক্তৰ সেৱাই ভগৱানৰ সেৱা৷ সেয়ে তেওঁ তোণ্ডৰ অডীপডী আলৱাৰ অথাৰ্ৎ ‘ভগবদ দাসসকলৰ চৰণৰ ধূলা’ বুলি মানুহৰ মাজত জনাজাত হৈছিল৷ লোকসমাজত তেওঁক বিষ্ণুৰ বনমালাৰ অংশ বুলি জনা যায়৷

        তেওঁৰ পদসমূহ ‘তিৰুমালৈ’ আৰু ‘তিৰুপল্লী এলুচ্ছী’  নামেৰে ‘দিব্য প্ৰবন্ধম্‌’ত সংগৃহীত৷ ‘তিৰুমালৈ’ শব্দৰ অৰ্থ হ’ল পৱিত্ৰ মালা৷ এই পদসমূহক গীতাঞ্জলি বুলিও ক’ব পাৰি ৷ কাৰণ এইসমূহ গাবৰ বাবে উপযুক্ত আৰু ইয়াত ৪৫ টা গীত সংগৃহীত হৈ আছে৷ আত্মনিৱেদনমূলক এই পদসমূহত কবিয়ে নিজকে ভগৱানৰ দাসৰো দাসৰূপে ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰিছে৷ ইয়াত ভক্তি ভাৱনাৰ লগতে কাব্য সৌন্দৰ্যৰ সুন্দৰ প্ৰতিফলন ঘটিছে৷

        চিত্তাকৰ্ষক শব্দ চয়নেৰে ১০ টা পদযুক্ত ‘তিৰুপল্লী এলুচ্ছী’ হ’ল ভগৱানক জগোৱাৰ প্ৰভাতী গীত৷ ‘তিৰুপল্লী এলুচ্ছী’ শব্দই ভগৱানক জগোৱাৰ প্ৰভাতী গীতৰ কথাক সূচায়৷ এই পদসমূহ  প্ৰতিদিনে বিষ্ণু মন্দিৰসমূহত প্ৰাতঃকালত পৰিবেশন কৰা হয়৷ প্ৰতে্যকটো পদত প্ৰভাত হোৱাৰ সংবাদ, প্ৰকৃতিৰ লক্ষণ আৰু বৰ্ণনৰ লগতে ভগৱানক নিদ্ৰাৰ পৰা জগোৱাৰ বাবে প্ৰাৰ্থনা প্ৰতিফলিত হয় আৰু প্ৰকৃতি চিত্ৰণো পদসমূহত সুন্দৰ আৰু সজীৱতাৰে অংকন কৰিছে৷

তিৰুপ্পান আলৱাৰঃ

        এই গৰাকী আলৱাৰক ‘মুণিবাহন’ অথবা পানপেৰুমাল বুলিও জনা যায়৷ ‘উৰৈয়ুৰ’ নামৰ গাঁওখন তেওঁৰ জন্ম স্থান৷ শ্ৰীৰংগমৰ দক্ষিণফালে কাবেৰী নদী পাৰত অৱস্থিত আছিল৷ তাতে কোনো এগৰাকী ব্ৰাহ্মণৰ খেতিপথাৰত পাই পাণৰ বংশৰ এজন ব্যক্তিয়ে তেওঁক লালন-পালন কৰি ডাঙৰ দীঘল কৰিলে৷ পাণৰ বংশৰ মানুহে গায়ন-বায়ন কৰি জীৱিকা নিবাৰ্হ কৰিছিল৷ পৰৱতৰ্ী সময়ত এই জাতিটো নিম্ন বুলি গণ্য কৰা হৈছিল৷ পাণৰ জাতিৰ লোকৰ মাজত লালিত-পালিত হোৱাৰ বাবে তেওঁৰ নাম তিৰুপ্পাণ [পবিত্ৰ প্ৰাণ] ৰখা হৈছিল৷

        তেওঁৰ নামত ১০টা পদযুক্ত ৰচনা ‘অমলনাদিপিৰান’  নামেৰে ‘দিব্য প্ৰবন্ধম’ত সংগৃহীত হৈ আছে৷ ইয়াত প্ৰতে্যক পদতে বিষ্ণুৰ বিভিন্ন লীলাৰ বৰ্ণনা আৰু বিশেষকৈ কৃষ্ণ লীলাবোৰৰ সংকেত পোৱা যায়৷ এই পদসংগ্ৰহৰ ধাৰ্মিক মহত্ত্ব অত্যধিক৷ এই পদসমূহ বৈষ্ণৱ মন্দিৰ সমূহত নিত্য পাঠ কৰাৰ স্থান গ্ৰহণ কৰিছে৷

তিৰুমাংগৈ আলৱাৰঃ

        আলৱাৰ পৰম্পৰা অনুসৰি তিৰুমাংগৈ আলৱাৰক অন্তিম আলৱাৰ বুলি জনা যায়৷ জাতি-কুলৰ ভেদভাৱ দূৰ কৰি ভগৱদ ভক্তিকে শ্ৰেষ্ঠ বুলি উপদেশ দিয়া তিৰুমাংগৈ আলৱাৰ চোল ৰাজ্যৰ ‘তিৰুবালী তিৰুনগৰী’ নামৰ ঠাইত অৱস্থিত তিৰুকুৰৈয়লুৰ নামৰ স্থানত জন্ম হয়৷ তেওঁৰ প্ৰথম নাম নীলন আছিল৷  কলিয়ন অৰুলমাৰী, পৰকালন নামেৰেও তেওঁ প্ৰসিদ্ধ৷ তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত যুদ্ধ বিদ্যাত নিপুণতাৰ বাবে চোল ৰজাই তেওঁক নি তিৰুমংগৈৰ সেনাপতি পাতি লয়৷ যুদ্ধত শত্ৰুক সহজে পৰাস্ত কৰিব পৰা কাৰণে তেওঁক ‘পৰকালন’ [অথাৰ্ৎ শত্ৰুৰ কালন যম] বুলি কোৱা হয়৷ তেওঁৰ বীৰত্বত প্ৰসন্ন হৈ চোল ৰজাই পিছলৈ তেওঁক তিৰুমংগৈ নামৰ ৰাজ্যখনৰ সামন্ত ৰজা পাতিছিল৷ সেইবাবে তেওঁ ‘তিৰুমাংগৈ মন্নন’ নামেৰে প্ৰসিদ্ধ হৈছিল৷ যুদ্ধ কলাত তেওঁ যিদৰে নিপুণ সেইদৰে সংগীত, নৃত্য, নাটক, কাব্য-কলা সকলোতে তেওঁ পাৰ্গত৷ তামিল আৰু সংস্কৃত দুয়োটা ভাষাতে পাণ্ডিত্য অৰ্জন কৰা তিৰুমংগৈ আলৱাৰ এজন বৰ ৰসিক ভক্ত কবি আছিল৷ তেওঁ শৈৱ, জৈন বৌদ্ধ ধৰ্মৰ খণ্ডন কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে অ’ত ত’ত ঘূৰি ফুৰিছিল৷ ভাৰতৰ বিভিন্ন ঠাইত তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে ঘূৰি ফুৰিছিল৷ ‘গুৰু পৰম্পৰা’ অনুসৰি তেওঁ ১০৫ বছৰ জীৱিত আছিল আৰু তিৰুকুৰংকুড়ী নামৰ ঠাইত তেওঁ ইহলীলা সম্বৰণ কৰে৷ তামিল ভাষাৰ সকলো কাব্য শৈলীতে তেওঁ কাব্য ৰচনা কৰিছে৷ আশু , মধুৰম, চিত্তম , বিস্তাৰম্‌  নামৰ চাৰিপ্ৰকাৰৰ কাব্যশৈলীৰ সফলভাৱে ৰচনা কৰাৰ বাবে তেওঁক ‘নল কবিপেৰুমাল’  [কাব্যাচাৰ্য] বুলি কোৱা হয়৷ তেওঁৰ মতে নৱধা ভক্তিয়ে শ্ৰেষ্ঠ তথা মোক্ষদায়িনী৷

        ‘নালায়িৰ দিব্য প্ৰবন্ধম্‌’ত সংগৃহীত পদসমূহৰ ভিতৰত আটাইতকৈ বেছি পদ থকা নম্মালৱাৰক দ্বিতীয় আৰn ¸‘তিৰুমংগৈ’ আলৱাৰক প্ৰথম স্থান দিব পাৰি৷ কাৰণ তেওঁৰ পদৰ সংখ্যা সবৰ্মুঠ ১১৩৪ টাৰো অধিক৷ বিভিন্ন ৰাগ-ৰাগিণীৰে গাব পৰা এই পদসমূহ ৬ টা ভাগত এনেদৰে নামকৰণ কৰা আছে৷ যেনে - ১] পেৰিয় তিৰুমোলী, ২] তিৰুকুৰুণতাণ্ডকম্‌, ৩] তিৰুনেডুণদাণ্ডকম্‌, ৪] তিৰুবেলূকুতিৰুক্কৈ, ৫] চিৰিয় তিৰুমডল, আৰু ৬] পেৰিয় তিৰুমডল ৷

        - এই  ছয় কৃতিক বৈষ্ণৱসকলৰ মাজত ‘বেদাংগ’ নামেৰেও প্ৰসিদ্ধ৷ ‘পেৰিয় তিৰুমোলী’ত ১০৮৪ টা পদ আছে৷ ইয়াত কবিয়ে বিভিন্ন তীৰ্থ ভ্ৰমণৰ সময়ত বৈষ্ণৱ দিব্য ক্ষেত্ৰৰ দৰ্শনত বিষ্ণুৰ অচাৰ্ৱতাৰ মুক্তিৰ স্তুতি সম্পৰ্কত ৰচনা কৰা বহুতো পদ সন্নিৱিষ্ট আছে৷ কবিৰ প্ৰথমাৱস্থা তথা যৌৱনাৱস্থাত ৰচিত পদসমূহত ভগবানৰ চৰণত নিজকে আত্মসমপৰ্ণ কৰা ভাব প্ৰকাশ পাইছে৷ দাৰ্শনিকতাৰে ভৰপূৰ পদসমূহত কৃষ্ণ কথাৰ প্ৰসংগ, কিছুমান পদত তামিল সংঘ সাহিত্যৰ অহম কাক্য শৈলী, নায়ক-নায়িকাৰ বিৰহ; আতুৰতা, বাতাৰ্ পঠোৱা ইত্যাদি কথাৰ বৰ্ণিত হৈছে৷

        ‘তিৰুকুৰুণতাণ্ডকম্‌’ত ২০ টা পদ, ‘তিৰুনেডুণদাণ্ডকম্‌’ত ৩০ টা পদ আছে৷ ইয়াত সাংসাৰিক মায়া বন্ধনৰ পৰা মুক্ত হৈ ভগবানৰ বাৎসল্যময় চৰণত লোৱাৰ বাবে কবিয়ে উপদেশ দিছে৷ ভৱ সাগৰ পাৰ কৰাত ভগবানৰ বাহিৰে আন কোনেও সহায় কৰিব নোৱাৰে৷ ‘তাণ্ডকম’ শব্দৰ অৰ্থ হ’ল সহায়ক বা যিয়ে বৃদ্ধসকলক আৰু পবৰ্ত বগাবৰ বাবে আগবঢ.াত সহায় কৰে৷ ‘তিৰুবেলূকুত্তিৰুক্কৈ’ এটা দীঘলীয়া পদ৷ য’ত কবিয়ে আত্ম সমপৰ্ণৰ ভাব ব্যক্ত কৰিছে৷

        ‘চিৰিয় তিৰুমডল’ আৰু ‘পেৰিয় তিৰুমডল’ পদত তামিল সমাজত প্ৰচলিত অতি প্ৰাচীন ‘মডল’ প্ৰথাৰ বৰ্ণনা কৰিছে৷ ‘মডল’ প্ৰথা হ’ল এনে এটা প্ৰথা য’ত প্ৰেমিক প্ৰেমিকাই গুপ্ত প্ৰেমত বাধাপ্ৰাপ্ত হৈ আত্মহত্যাৰ পথ বাছি লোৱাৰ ধমকি দি প্ৰেমিক বা প্ৰেমিকাক পোৱাৰ প্ৰয়াস কৰে৷ ইয়াত কবিয়ে লৌকিক প্ৰেমৰ তীব্ৰতাৰ দৰে ‘মডল’ প্ৰথাৰ দ্বাৰা ভগৱানক পোৱাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰিছে৷

ভক্তি আন্দোলনত নায়নমাৰসকলৰ অৱদানঃ

        তামিল প্ৰদেশত ভক্তি আন্দোলনৰ জন্ম দিবলগীয়া হোৱা পৰিস্থিতিৰ কথা আলোচনা কৰিবলৈ হ’লে শৈৱ সন্ত নায়নমাৰ সকলৰ কথা আলোচনা কৰিবই লাগিব৷ আলৱাৰ আৰু নায়নমাৰসকলৰ যুক্ত প্ৰচেষ্টাতহে বৌদ্ধ আৰু জৈনধৰ্মক পৰাস্ত কৰি ভক্তি আন্দোলনক জন আন্দোলনৰ ৰূপ দিয়া হয়৷ ভক্তি আন্দোলনৰ যি সমূহ প্ৰেৰক তত্ত্ব সেই সকলোবোৰ আলৱাৰ সকলৰ লগতে নায়নমাৰসকলৰ কাব্যতো পোৱা যায়৷ দুয়োপক্ষৰ বিচাৰধাৰাৰ যিহেতু মিল আছিল সেয়েহে সাহিতি্যক আৰু ভক্তিমূলক দৃষ্টিকোণৰপৰা বৈষ্ণৱ ভক্তি সাহিত্য যিমান গুৰুত্বপূৰ্ণ; শৈৱ ভক্তি সাহিত্যও সমানেই গুৰুত্বপূৰ্ণ৷ উভয়ৰ ভক্তিৰ স্বৰূপ একেই আছিল৷ শৈৱ সন্তসকলৰ ভক্তি কাব্যসমূহো গীতিধৰ্মী আছিল আৰু ‘প্ৰবন্ধমে’ যিদৰে জনমানসক প্ৰভাৱিত কৰিছিল তেনেদৰে এই শৈৱ ভক্তিকাব্যসমূহেও জনমানসক প্ৰভাৱিত কৰিছিল৷ শৈৱ ধৰ্ম তামিল প্ৰদেশত অতি প্ৰাচীন ধৰ্ম৷ গতিকে প্ৰাচীন তামিল ভক্তি সাহিত্যত শৈৱধর্মী সাহিত্য যথেষ্ট পোৱা যায়৷ তদুপৰি ৰাজ আশ্ৰয় লাভৰ বাবে শৈৱধৰ্মৰ সাহিত্যসমূহ নৱম শতিকাৰ পিছতো ৰচনা হয়; কিন্তু বৈষ্ণৱ সাহিত্য নৱম শতিকাৰ পিছত বেছি ৰচনা হোৱা নাছিল৷ গতিকে তামিল ভক্তি সাহিত্যত বৈষ্ণৱ ভক্তি সাহিত্যতকৈ শৈৱ ভক্তি সাহিত্য অধিক৷

শৈৱভক্ত কবি নায়নমাৰ সকল আৰু তেওঁলোকৰ সাহিত্য

ৰাজিৰ চমু পৰিচয়ঃ

        তামিল প্ৰদেশত শৈৱ ভক্ত কবিসকলৰ পৰম্পৰা বহু দীঘলীয়া৷ তেওঁলোকৰ সময় প্ৰায় চতুৰ্থ খ্ৰীষ্টাব্দৰ পৰা দ্বাদশ-ত্ৰয়োদশ খ্ৰীষ্টাব্দ পৰ্যন্ত আছিল৷ নায়নমাৰৰ সংখ্যা মুঠ ৬৩ জন বুলি কোৱা হয় যদিও ইয়াৰ ভিতৰত চাৰি-পাঁচজন মানকহে মুখ্য বুলি ধৰা হয়৷ অথাৰ্ৎ যি কেইগৰাকী নায়নমাৰে পঞ্চম শতাব্দীৰপৰা নৱম শতাব্দীলৈকে ভক্তি আন্দোলনত মুখ্য ভূমিকা লৈছিল, তেওঁলোককহে মুখ্য হিচাপে ধৰা হৈছে৷ এই ভক্ত কবিসকলে দক্ষিণ ভাৰতত বহুতো শিৱ মন্দিৰ নিমাৰ্ণ কৰিছিল৷

        তামিল প্ৰদেশত বৈষ্ণৱ ধৰ্মতকৈ শৈৱধৰ্মৰ প্ৰসাৰ বেছি আছিল৷ কাৰণ শৈৱধৰ্ম প্ৰসাৰৰ বাবে ৰাজ আশ্ৰয় পোৱা গৈছিল আৰু বহুতো ৰজা মহাৰজা শৈৱধমীৰ্ আছিল বাবে তেওঁলোকে বহুতো মন্দিৰ আদিৰ নিমাৰ্ণ কৰিছিল৷

        তামিল প্ৰদেশৰ ইতিহাসত পল্লৱ বংশ [খ্ৰী. ২৯৫-৮৯৭] আৰু চোল ৰজাৰ শাসনৰ [৩০০-১২৭৯ গ্ৰী] সময়ত শৈৱধৰ্মই ৰাজ আশ্ৰয় পাই বিস্তাৰ লাভ কৰে৷ প্ৰথম মহেন্দ্ৰ বৰ্মন পল্লৱ [খ্ৰী. ৬০০-৬৩০] ৰ সময়ত শৈৱ ধৰ্মই বিস্তাৰ লাভ কৰে৷ তেওঁ প্ৰথমে জৈন ধমাৰ্ৱলম্বী আছিল যদিও শৈৱসন্ত অপ্পৰৰ  প্ৰভাৱত তেওঁ শৈৱ ভক্ত  হয়৷ তেওঁ বহুতো শিৱ মন্দিৰ নিমাৰ্ণ  কৰিছিল আৰু যিহেতু কলা, সংগীতৰ প্ৰেমী আছিল গতিকে সেইবোৰৰ প্ৰসাৰৰ বাবে সহায় কৰিছিল৷ তেওঁৰ পুত্ৰ নন্দিবৰ্মনৰ সেনাপতি শিৰুতোণ্ডৰ  [পৰংজ্যোতি মুনি] এগৰাকী বৰ শৈৱ ভক্ত আছিল, যাক ৬৩ গৰাকী নায়নমাৰৰ ভিতৰত ধৰা হয়৷ এই ৰাজবংশৰ ৰজা ৰাজসিংহই [খ্ৰী.৬৮৫-৭০৫] কাঞ্চীপুৰমৰ  প্ৰসিদ্ধ শিৱ মন্দিৰৰ নিমাৰ্ণ কৰিছিল৷ তদুপৰি এই ৰাজবংশৰেই প্ৰথম পৰমেশ্বৰ বৰ্মন  [৬৭০-৬৮৫] দ্বিতীয় নন্দিবৰ্মনো [৮২৫-৮৫০] শৈৱ ভক্ত আছিল আৰু বহুতো শৈৱ মঠ মন্দিৰৰ নিমাৰ্ণ কৰিছিল৷ পল্লৱ বংশৰ পাছত চোল বংশৰ শাসনৰ কালতো বহুতো শৈৱ মন্দিৰ নিমাৰ্ণ হয়৷ ভক্তি আন্দোলনক জন আন্দোলনলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত এই মন্দিৰসমূহৰ যথেষ্ট অৱদান আছে বুলি ক’ব পাৰি৷

তিৰুমুৰৈ

        ‘তিৰুমুৰৈ’ হ’ল শৈৱ ভক্ত নয়নমাৰসকলৰ ৰচনা সংকলন৷  নায়নমাৰসকলৰ ৰচনাক ‘তিৰুমুৰৈ’ অথাৰ্ৎ ‘পবিত্ৰ বচন’ বোলা হয়৷ আলৱাৰসকলৰ ৰচনাসমূহ যিদৰে তেওঁলোক জীৱন কালত সংকলিত হোৱা নাছিল সেইদৰে¸ শৈৱ সন্ত নায়নমাৰসকলৰ ৰচনাসমূহো তেওঁলোকৰ জীৱন কালত সংকলিত হোৱা নাছিল৷ দ্বাদশ শতিকাত পোন প্ৰথমবাৰৰ বাবে প্ৰসিদ্ধ শৈৱ ভক্ত কবি নম্বীআণ্ডাৰ নম্বীয়ে  তেওঁৰ পূবৰ্ৱতী নায়নমাৰৰ ভক্তি গীতসমূহৰ সংকলন কৰে৷ ১২ টা ভাগত বিভাজিত এই সংকলনৰ নাম ‘তিৰুমুৰৈ’ অথাৰ্ৎ স্তোত্ৰ সাহিত্য ৰখা হৈছিল৷  এই পদসমূহৰ সংকলনৰ আগৰেপৰাই বিভিন্ন শিৱ মন্দিৰত গায়ন ব্যৱস্থা হৈছিল বুলি শিলালেখৰ পৰা জনা যায়৷ চোল বংশৰ প্ৰথম ৰজাজন বৰ শিৱভক্ত আছিল৷ তেওঁ তিনিগৰাকী নায়নমাৰ [অপ্পৰ, সুন্দৰৰ আৰু সম্বন্ধৰ]ৰ ভক্তি ৰসপূৰ্ণ গীতসমূহত মুগ্ধ তথা প্ৰভাৱান্বিত হৈ এইসমূহৰ সংকলন কৰাটো উচিত বুলি ভাবি এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে৷ ‘তিৰুমুৰৈ’ৰ বাৰটা খণ্ডত এনেদৰে নায়নমাৰসকলৰ পদসমূহৰ সংকলন আছে৷ যেনে - ১, ২, ৩ খণ্ডত শৈৱসন্ত জ্ঞানসম্বন্ধৰ পদ আছে৷ ৪, ৫, ৬ খণ্ডত শৈৱসন্ত অপ্পাৰৰ পদ আছে; ৭ খণ্ডত শৈৱসন্ত সুন্দৰমূৰ্ত্তিৰ পদ আছে৷  ‘তিৰুমুৰৈ’ত সংকলিত এই তিনিগৰাকী শৈৱ সন্তৰ ৰচনাক ‘তেবাৰম’ নামেৰে জনাজাত৷ [মহম্মদ, ১৪০] ‘তিৰুমুৰৈ’ৰ অষ্টম খণ্ডটোত ‘তিৰুবাচকম ’ আৰু ‘তিৰুকোবৈয়াৰ ’ নামে দুখন গ্ৰন্থত মাণিক্কবাচবাৰ  নামত পদ সংকলিত আছে৷ ‘নৱম’ খণ্ডটোত পদ থকা নায়নমাৰসকল হ’ল তিৰুমালিকায়ত্তেৱৰ, চেন্তানাৰ, কৰুৰত্তেভাৰ , গন্দৰাদিত্যকে আদি কৰি ন গৰাকী শৈৱভক্ত৷ ‘দশম’ খণ্ডটোত নায়নমাৰ তিৰুমলাৰৰ গ্ৰন্থ ‘তিৰুমন্তিৰম্‌’ৰ পদসমূহ সংগৃহীত আছে৷ ‘একাদশ’ খণ্ডটোত চেৰমান পেৰুমাল , কাৰৈক্কাল অম্মৈয়ান [শৈৱ কৱিয়ত্ৰী] ইত্যাদি ১২ গৰাকী শৈৱ ভক্তৰ পদ সংগৃহীত হৈ আছে৷ ‘দ্বাদশ’ খণ্ডটোত ‘পেৰিয়া পুৰানাম’  নামেৰে শৈৱ ভক্ত শেক্কিঝৰ পদ সংগৃহীত আছে৷

        ওপৰৰ প্ৰথম চাৰিগৰাকী নায়নমাৰৰ ভক্তি আন্দোলনত [খ্ৰী. ৫-৯] যথেষ্ট অৱদান আছে বাবে এওঁলোকক প্ৰধান নায়নমাৰ বুলি কোৱা হয়৷ উল্লেখযোগ্য কথা যে শৈৱভক্ত নায়নমাৰসকলৰ ভক্তিমূলক গীত তথা সাহিত্যসমূহ জনসমাজত অতি জনপ্ৰিয়৷ তেওঁলোক জনসমাজত তথা লোক দৃষ্টিত দেৱতুল্য হৈ পৰিছিল; যাৰ বাবে কোনো কোনো শিৱ মন্দিৰত কোনো কোনো শৈৱসন্ত নায়নমাৰৰ মূৰ্ত্তি ৰাখি পূজা কৰা হয়৷

        তামিল প্ৰদেশত ভগৱান শিৱৰ প্ৰতি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰা তামিল সন্ত কবিকে নায়নমাৰ বা নায়নাৰ বোলা হয়৷ তলত নাম্বিয়ন্দৰ লাম্বী শৈৱ ভক্তৰ দ্বাৰা সংকলিত ‘তিৰুমুৰৈ’ত দিয়া নায়নমাৰসকলৰ নামৰ তালিকা অনুসৰি ৬৩ গৰাকী শৈৱভক্তৰ নাম উল্লেখ কৰা হৈছে ৷ যেনে –

১.অতিপত্তৰ  ২. অপ্পুতিয়দিকল  ৩. অমৰনীতি  নায়নাৰ ৪.অৰিৱট্ট নায়নাৰ  ৫.আনায় নায়নাৰ  ৬. ইচইঞানিয়াৰ ৭. ইটংকলি নায়নাৰ  ৮. ইয়ত্ৰপকেই নায়নাৰ ৯. ইলয়ানকুদি মাৰাৰ  ১০. উৰুট্টিৰ পচুপতি নায়নাৰ  ১১. এৰিপট্ট নায়নাৰ  ১২. এয়ৰকোন কলিকামৰ  ১৩. এনাদি নাদৰ ১৪. অইয়দিকল কাদৱৰকোন  ১৫. কননাদৰ  ১৬. কনমপুল্লৰ  ১৭. কন্নপ্পৰ ১৮. কলিয় নায়নাৰ   ১৯. কলত্ৰিত্ৰত্ৰিৱাৰ  ২০. কলৰচিংকৰ ২১. কাৰি নায়নাৰ ২২. কাৰক্কাল অমমইয়াৰ ২৩. কুংকিলিয়কলইয়নাৰ  ২৪. কুলচ্ছিৰইয়াৰ  ২৫. কূত্ৰুৱৰ  ২৬. কলিক্কমপ নায়নাৰ  ২৭. কোচচেংকট্‌ চোলন  ২৮. কোট্‌পুলি নায়নাৰ   ২৯. চদইয় নায়নাৰ  ৩০. চনটেচুৱৰ নায়নাৰ  ৩১. চকতি নায়নাৰ  ৩২. চাক্কিয়ৰ  ৩৩. চিৰপ্পুলি নায়নাৰ  ৩৪. চিৰুতোন্দৰ  ৩৫. চুণ্ডৰমূৰ্তি নায়নাৰ  ৩৬. চেৰুত্তুনই নায়নাৰ  ৩৭. চোমচিমাৰৰ  ৩৮. তণ্ডিয়দিকল  ৩৯. তিৰুক্কুৰিপ্‌পু তোণ্ডৰ  ৪০.তিৰুঞান চমপণ্ড মূৰ্তি ৪১. তিৰুনাৱুকৰচৰ  ৪২. তিৰুনালই পোৱাৰ  ৪৩. তিৰুনীলকণ্ডৰ  ৪৪. তিৰুনীলকণ্ড য়ালপ্পনৰ  ৪৫. তিৰুনীলনক্ক নায়নাৰ ৪৬. তিৰুমূলৰ  ৪৭.নমিনন্দিয়দিকল ৪৮.নৰচিংক মুনইয়ৰ  ৪৯.নিন্‌ৰচীৰ নেদুমাৰন ৫০. নেচনায়নাৰ  ৫১. পুকলচোলন  ৫২. পুকলত্তুনই নায়নাৰ  ৫৩. পুচলাৰ ৫৪. পেৰুমিললহ কুৰুমপৰ  ৫৫. মংকইয়ৰক্কৰচিয়াৰ  ৫৬. মানক্কঞ্জচাৰ নায়নাৰ  ৫৭. মুৰুক নায়নাৰ  ৫৮. মুনইয়দুৱাৰ নায়নাৰ  ৫৯. মূৰক্ক নায়ানৰ  ৬০. মূৰ্তি নায়ানৰ  ৬১. মেয়প্‌পোৰুল নায়নাৰ  ৬২. ৱায়িলাৰ নায়নাৰ  ৬৩. ৱিৰনমিণ্ড নায়নাৰ         

        ৬৩ গৰাকী নায়নমাৰৰ ভিতৰত চাৰিগৰাকী যেনে আপ্পৰ, সুন্দৰৰ, সম্বন্ধৰ  আৰু মানিক্কবাচকৰক  মুখ্য বুলি কোৱা হয়৷ গতিকে তলত তেওঁলোকৰ পৰিচয় আৰু সাহিত্যৰ বিষয়ে চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে ৷

 

শৈৱসন্ত কবি অপ্পৰঃ

        চাৰিগৰাকী প্ৰমুখ্য নায়নমাৰৰ ভিতৰত অপ্পৰৰ সময় প্ৰথমতে পৰে৷ তেওঁ পল্লৱ ৰজা প্ৰথম মহেন্দ্ৰ বৰ্মন [৬০০-৬৩০] ৰ সমকালীন আছিল৷ শেইক্কিলাৰ  কৃত ‘পেৰিয়পুৰাণ’ [শৈৱ মহাপুৰাণ]ত অপ্পৰৰ জীৱন কথা বিস্তৃতভাৱে পোৱা যায়৷

        তেওঁৰ জন্ম তিৰুবামুৰ [দক্ষিণ আকাৰ্ত]ত এটা কৃষ্ণ পৰিয়ালয়ত হয়৷ বাল্যকালতে পিতৃ মাতৃক হেৰুৱাৰ বাবে তেওঁক অবিবাহিতা বায়েক এগৰাকীয়ে ডাঙৰ-দীঘল কৰে৷ অপ্পৰৰ বায়েক তিলকৱতী সৰুৰেপৰা শিৱ ভক্ত আছিল আৰু তেওঁ দিনটো বেছিভাগ সময় শিৱৰ সেৱা-অৰ্চনাতে কটাইছিল৷ তাৰ পৰিৱৰ্তে অপ্পৰৰ সৰুৰে পৰা নানা ভাষাৰ শাস্ত্ৰৰ প্ৰতি আৰ্কষিত  হৈ সেই সমূহ অধ্যয়ন কৰিছিল৷ জিজ্ঞাসা বৃত্তি, প্ৰেঢি. পাণ্ডিত্যৰ বাবে প্ৰসন্ন হৈ জৈনাচাৰ্যই তেওঁক জৈন ধৰ্মত দীক্ষিত কৰালে৷ এই লৈ বায়েক তিলকৱতী চিন্তাত পৰে আৰু শিৱক প্ৰাৰ্থনা কৰিবলৈ লয়৷ তেওঁক সপোনত ভায়েক ভাল হ’ব বুলি শিৱই আশ্বাস দিয়ে৷ কিছুদিনৰ পাছত অপ্পৰৰ হৃদ-ৰোগ হয় পিছে  জৈনাচাৰ্যই ৰোগ নিৰাময় কৰিবলৈ অপাৰগ হয়৷ পিছে বায়েকৰ প্ৰেৰণা অনুসৰি ‘ঔম্‌ নমঃ শিৱায়’ মন্ত্ৰ গীত উচ্ছাৰণ কৰাত অপ্পৰৰ ৰোগ নিৰাময় হয়৷ তাৰ পাছৰ পৰাই অপ্পৰ শিৱভক্তিত আকৰ্ষিত হৈ পৰে৷ অপ্পৰৰ আন এটা প্ৰসিদ্ধ নাম হ’ল ‘তিৰুনাবুক্কৰসু’ [বাগীশ]৷

        অপ্পৰ বহু ভাষাৰ পণ্ডিত আছিল৷ তামিল, সংস্কৃত, প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাতো তেওঁৰ ভাল জ্ঞান আছিল৷ জৈনসকলৰ মাজত তেওঁ ‘ক্ষুল্লক ধৰ্মসেন’ নামেৰে বিখ্যাত৷ জৈনধৰ্ম ত্যাগ কৰাৰ বাবে পল্লৱ বংশৰ ৰজা প্ৰথম মহেন্দ্ৰ বৰ্মনে জৈনাচাৰ্য সকলৰ কথাত শৈৱভক্ত অপ্পৰক বহুতো শাস্তি দিছিল৷ কিন্তু অত্যাচাৰৰ পাছতো তেওঁ সহ্য কৰা বাবে তথা তেওঁৰ  অহিংসা নীতি, ভগৱদ্‌ ভক্তিৰ প্ৰতি আৰ্কষিত হৈ মহেন্দ্ৰ বৰ্মনে শেষত শৈৱধৰ্মত দীক্ষিত হয়৷

        পল্লৱ ৰজাৰপৰা বিদায় লৈ অপ্পৰে ভাৰতৰ বিভিন্ন ঠাইত তীৰ্থ ভ্ৰমণৰ বাবে অগ্ৰসৰ হয় আৰু শিৱ ভক্তি বিষয়ক বহুতো পদ ৰচনা কৰে৷ সেইখিনি সময়তে তেওঁ শৈৱভক্ত কবি সম্বন্ধৰৰ খ্যাতি বিষয়ে গম পায়৷ অপ্পৰতকৈ বয়সত বহুত সৰু শৈৱ ভক্ত সম্বন্ধৰক লগ পাবলৈ যায়৷ সম্বন্ধৰে অপ্পৰক দেখি পিতৃতুল্য জ্ঞান কৰি ‘অপ্পৰ’ [পিতাদেউ] বুলি সম্বোধন কৰে৷ তেতিয়াৰ পৰাই শৈৱ সন্ত বাগীশৰ নাম অপ্পৰ বুলি খ্যাত হয়৷ অপ্পৰ আৰু সম্বন্ধৰে দুয়ো মিলি শৈৱধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন তীৰ্থস্থান খোজকাঢ়ি ভ্ৰমণ কৰি ফুৰিছিল আৰু শিৱভক্তিমূলক বহুতো পদৰ ৰচনা কৰিছিল৷ অপ্পৰে কন্যাকুমাৰীৰপৰা কৈলাস পবৰ্ত পযন্ত খোজকাঢি. তীৰ্থভ্ৰমণ কৰিছিল৷ তেওঁ চিদম্বৰম্‌, তিৰুবন্নামলৈ, কাঞ্চীপুৰম  আদি বিভিন্ন স্থানত ভ্ৰমণ কৰি বাৰানসীলৈ গৈছিল আৰু তাৰপৰাই তেওঁ কৈলাস পবৰ্তলৈ অগ্ৰসৰ হয়৷ তেওঁ ৮১ বছৰ বয়সত ভগবানৰ জ্যোতিৰ সৈতে বিলীন হয় বুলি লোক সমাজত প্ৰচলিত৷ [মহম্মদ, ১৫৭]

        শৈৱ সন্ত নায়নমাৰ সকলৰ পবিত্ৰ গ্ৰন্থ ‘তিৰুমুৰৈ’ত পদ প্ৰমুখ্য তিনি গৰাকী শৈৱসন্ত নায়নমাৰৰ সেই ৰচনা সমূহক একেলগে ‘তেবাৰম্‌’ বুলি কোৱা হয়৷ তেওঁলোক হ’ল - শৈৱ সন্ত অপ্পৰ, সুন্দৰৰ আৰু সম্বন্ধৰৰ৷ ‘তেবাৰম্‌’ শব্দৰ অৰ্থ হ’ল ‘ঈশ্বৰৰ সম্পকীৰ্য় তথা ঈশ্বৰৰ সম্পৰ্কে গোৱা ভক্তি বিষয়ক গীতৰ মালা৷ অপ্পৰে ৪৯,০০০ টা ভক্তিগীত ৰচনা কৰা বুলি প্ৰবাদ পোৱা যায়৷ অৱশ্যে বৰ্তমান ইয়াৰে প্ৰায় ৩০০০ তকৈ অধিক গীতহে পোৱা যায়৷ ‘তেবাৰম’ত দশ-দশ পদত [দশক] গঠিত ভক্তিৰসপূৰ্ণ কাব্যৰে ভৰপূৰ অথাৰ্ৎ ‘তেবাৰম’ হ’ল দশ দশ পদত গঠিত ভক্তিৰসপূৰ্ণ কাব্যমালা৷ ইয়াৰে প্ৰতে্যক দশকতে শিৱমন্দিৰ,  তীৰ্থস্থান আৰু ভগৱানৰ মহিমা সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে৷ ‘তিৰুমুৰৈ’ত থকা ১২ টা খণ্ডৰ ভিতৰত চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ খণ্ডত অপ্পৰৰ পদ সংকলিত হৈছে৷

        শৈৱ সন্ত কবি অপ্পৰে তেওঁৰ কাব্যত তেওঁৰ পূবৰ্ৱতী আৰু পৰৱৰ্তী সকলো শৈৱসন্তৰ ভক্তিৰ গুণকীৰ্তন কৰিছে৷ তামিল ভাষাৰ বিশিষ্ট সংগীত পদ্ধতি অপ্পৰ-কৃত ‘তেবাৰম্‌’ত পোৱা যায়৷ তেওঁৰ কাব্যত ভক্তি আন্দোলনৰো স্পষ্ট ছবি অংকিত হৈছে৷ ভগৱানৰ পূজা-অর্চনা, জল, পুষ্প, ধূপ-দ্বীপ লৈ মন্দিৰলৈ যোৱা, ভগৱানক তিনিও বেলা পূজা-অর্চনা, আৰাধনা কৰা ইত্যাদি কথাবোৰ ‘তেবাৰম’ৰ পৰা জনা যায়৷ উচ্ছ পযাৰ্য়ৰ ভাৱাদৰ্শৰে ভৰপূৰ তেওঁৰ কাব্যসংগ্ৰহত বিৰহ, বেদনা, লৌকিক, পাৰলৌকিক ইত্যাদি ভাৱৰ সুন্দৰ প্ৰতিফলন দেখা যায়৷ কবিয়ে বহুতো পদত ভগৱানক নায়ক আৰু আত্মাক নায়িকা ৰূপত চিত্ৰিত কৰিছে৷ এই পদসমূহত মধুৰ ভক্তিকে প্ৰধান যেন লাগিলেও এইবোৰত ৰহস্যবাদৰ উচ্ছানুভূতিও এইবোৰত দেখা যায়৷ তেওঁৰ পদসমূহ মূলতঃ দাস্য ভত্তি প্ৰধান বুলিয়েই ক’ব পাৰি৷

শৈৱ সন্তকবি সম্বন্ধৰঃ

        শৈৱসন্ত সকলৰ ভিতৰত শৈৱ সন্ত সম্বন্ধৰক এগৰাকী প্ৰধান নেতা বুলি জনা যায়৷ জৈন আৰু বৌদ্ধধৰ্মক পৰাস্ত কৰি পুনৰ শৈৱ ধৰ্ম স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ৷ ধাৰ্মিক দৃষ্টিত ভাৰতত শংকৰাচাৰ্যৰ যি স্থান, সেই স্থান তামিল প্ৰদেশৰ শৈৱ সন্ত সম্বন্ধৰৰ ক্ষেত্ৰতো একেই বুলি ক’ব পাৰি৷ সম্বন্ধৰে ১৬,০০০ দশকৰো অধিক পদ ৰচনা কৰা বুলি জনা যায় যদিও ইয়াৰে ভিতৰত কেৱল ৩৮৫ দশক পদহে বৰ্তমান পোৱা যায়৷ আলৱাৰ আৰু নায়নমাৰসকলৰ জন্ম সম্পৰ্কত অনেক জনশ্ৰুতি আছে৷ ইয়াৰ অধিকসংখ্যকে তেওঁলোকক ভগৱানৰ অৱতাৰ বুলি  উল্লেখ কৰিছিল৷ সেই বাবেই  নয়নমাৰসকলৰ ভিতৰত কেইজনমানক ভগবানৰ মন্দিৰত তেওঁলোকৰ মূৰ্ত্তি স্থাপন কৰি পূজা অর্চনা কৰা হৈছিল৷ এই নয়নমাৰ সকলৰ ভিতৰত সম্বন্ধৰৰ অন্যতম৷

        সম্বন্ধৰৰ জন্ম সম্পৰ্কত পোৱা ঘটনা অনুসৰি তেওঁ এগৰাকী শৈৱভক্ত দম্পতীৰ পুত্ৰ৷ দম্পতীহালৰ বহুদিন কোনো সন্তান নথকাত শিৱৰ আৰাধনা  কৰে৷ অৱশেষত শিৱৰ অনুগ্ৰহত এটা পুত্ৰ সন্তান জন্ম হয়৷ যাৰ নাম আলুডয় পিল্লৈ ৰাখিছিল৷ পুত্ৰৰ তিনি বছৰ বয়সত পুত্ৰক লৈ পিতাক মন্দিৰলৈ যাওঁতে মন্দিৰৰ পুখুৰীত পিতাক খন্তেকৰ বাবে জলমগ্ন হৈছিল৷ পুত্ৰই পিতাকক নেদেখি উচ্ছৈস্বৰে কান্দিছিল আৰু তেতিয়া শিৱই শিশুটোক অমৃত পান কৰোৱাইছিল৷ সেই অমৃত জ্ঞানামৃত আছিল, সেই সময়ৰ পৰাই বালক আলডৈয় পিল্লৈৰ নাম জ্ঞানসম্বন্ধৰ নামেৰে জনাজাত হ’ল৷

        জ্ঞানসম্বন্ধৰে অপ্পৰৰ সমানে সমানে তামিল প্ৰদেশৰ বিভিন্ন শিৱ মন্দিৰত পদযাত্ৰা [খোজকাঢ়ি যাত্ৰা] কৰি শৈৱধৰ্ম তথা শিৱ ভক্তিৰ প্ৰচাৰ কৰিছিল৷ তদুপৰি ঠায়ে ঠায়ে জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ মাজত শাস্ত্ৰ-চচাৰ্ত তেওঁলোকক পৰাস্ত কৰি তাত শৈৱ ধৰ্মৰ গুৰুত্ব স্থাপন কৰে৷ কম বয়সীয়া শৈৱভক্ত জ্ঞানসম্বন্ধৰৰ শৈৱধৰ্ম প্ৰচাৰৰ কথা চাৰিওফালে বিয়পি পৰিছিল, ফলস্বৰূপে তেওঁৰ সমকালীন বয়োবৃদ্ধ অপ্পৰেও তেওঁৰ লগত শৈৱধৰ্ম প্ৰচাৰৰ বাবে সংগ দিয়ে৷ ‘তিৰুমুৰৈ’ত পেৰিয়পুৰানম’ নামেৰে সংকলিত পদত শৈৱ কবি শৈক্কিলাৰে জ্ঞানসম্বন্ধৰৰ বহুতো অদ্ভুত কৃত কৰ্মৰ কথা উল্লেখ কৰিছে৷

        ‘তিৰুমুৰৈ’ত সংগৃহীত ‘তেবাৰমে’ তামিল ভক্তি সাহিত্যত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ ‘তিৰুমুৰৈ’ত সংকলিত বাৰটা খণ্ডৰ ভিতৰত জ্ঞানসম্বন্ধৰৰ ৰচনাসমূহক প্ৰথম স্থানত সংস্থাপন কৰা হৈছে৷ ইয়াৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ডটো তেওঁৰ দ্বাৰা ৰচিত৷ তেওঁৰ পদসমূহত আছে প্ৰেম আৰু আনন্দ অনুভূতিৰ স্নিগ্ধ ৰস, ভগৱানৰ প্ৰতি অনুগ্ৰহ আৰু প্ৰাকৃতিক দৃশ্যৰ সুন্দৰ বৰ্ণন৷ শিৱৰ লগতে উমা দেৱীৰো মহিমা বৰ্ণন পদ সমূহৰ মাজত পৰিলক্ষিত হয়৷ তেওঁৰ দ্বাৰা ৰচিত তিনিওটা ‘তেবাৰম’ত এটা বিষয় লক্ষ্য কৰা যায়৷ সেইটো হৈছে শিৱস্থল তথা শিৱৰ তীৰ্থস্থানসমূহৰ ভক্তিপূৰ্ণ বৰ্ণনা৷ তেওঁ নিজে দেখা শিৱ মন্দিৰ, মন্দিৰসমূহত সুপ্ৰতিষ্ঠিত ভগৱানৰ গুণগান, বিবিধ গাঁও, নগৰ, প্ৰদেশ, পবৰ্ত, নদী, কৃষি-ভূমি ইত্যাদি সকলোৰে সুন্দৰ বৰ্ণনা পোৱা যায়৷ তদুপৰি তেওঁ জনগণক ব্যক্তিগত কষ্টৰপৰা নিবাৰণ পাবৰ বাবেও কিছুমান পদৰ ৰচনা কৰিছে৷

শৈৱ সন্ত কবি সুন্দৰমূৰ্তিঃ

        শৈৱ সন্ত সুন্দৰমূৰ্ত্তি নায়নমাৰক অষ্টম শতিকাৰ বুলি পণ্ডিত সকলে ক’ব খোজে৷ তেওঁ তিৰু নাবলুৰ নামৰ গাঁওত আৰু এটা শৈৱ ব্ৰাহ্মণ কুলত জন্ম গ্ৰহণ কৰে৷ বাল্যাৱস্থাত তেওঁ দেখিবলৈ ধুনীয়া হোৱা বাবে তেওঁৰ নাম সুন্দৰমূৰ্ত্তি ৰখা হৈছিল৷ কোৱা হয় যে তেওঁ বাল্যাৱস্থাত পদ-পথত খেলা-ধূলা কৰি থাকোঁতে তিৰুমুনৈপ্পাড়ীৰ ৰজাই তেওঁৰ সৌন্দয্যৰ্ত আকৃষ্ট হৈ তেওঁক লগত লৈ যায়৷ তাতে তেওঁ লালিত-পালিত হয়৷ ৰাজ পৰিয়ালত থাকি ডাঙৰ দীঘল হোৱা বাবে তেওঁ সৰুতে ব্ৰাহ্মণ ৰীতি অনুসৰি বৈদিক শিক্ষা গ্ৰহণ কৰে৷

        সুন্দৰমূৰ্ত্তি ‘তেবাৰম্‌’ৰ অন্তৰ্গত তিনিগৰাকী শৈৱসন্তৰ ভিতৰত এগৰাকী৷ তেওঁৰ দ্বাৰা ৰচিত ‘তেবাৰম’ গ্ৰন্থখন ‘তিৰুমুৰৈ’ৰ সপ্তম খণ্ডত সংকলিত আছে৷ শৈৱধৰ্মৰ ক্ষেত্ৰত প্ৰমুখ্য চাৰি গৰাকী নায়নমাৰৰ ভিতৰত এগৰাকী সুন্দৰমূৰ্ত্তিয়ে ৰচনা কৰা পদসমূহৰ যোগেদি ভক্তিময় পৰিবেশ জগাই তোলাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে৷ তেওঁ ৬৮,০০০ দশক গীত ৰচনা কৰা বুলি কোৱা হয় যদিও বৰ্তমান ১০০ দশক অথাৰ্ৎ এক সহস্ৰ পদহে পোৱা যায়৷ তেওঁৰ পদ সমূহত শিৱ মন্দিৰ সমূহৰ সজীৱ চিত্ৰ পোৱা যায়৷ সখ্যভাৱ প্ৰকাশ পোৱা তেওঁৰ পদসমূহৰ শৈলী অত্যন্ত সৰস৷ তেওঁ পূৱবতীৰ্ শৈৱ সন্তসকলৰো গুনানুকীৰ্ত্তন, শিৱৰ মহিমাৰ প্ৰকাশৰ দৰেই কৰিছে৷ নিজৰ দোষ-গুণ সকলো ভগৱানৰ চৰণত সমপৰ্ণ কৰা শৈৱ ভক্ত নায়নমাৰ সুন্দৰমূৰ্ত্তিয়ে নিজৰ লগতে সমস্ত মানৱৰে মুক্তি কামনা কৰিছে৷

        তেওঁৰ এটা বিশেষত্ব হ’ল তেওঁ নিজে কাব্য ৰচনা কৰাৰ উপৰিও অন্য সন্তসকলৰ ৰচনাসমূহো সুৰক্ষিত ৰখাৰ বাবে চিন্তা চর্চা কৰিছিল৷

শিৱ সন্ত কবি মানিক্কবাচকৰঃ

        শিৱ সন্ত মানিক্কবাচকৰৰ নায়নমাৰ সকলৰ মাজত স্থান গুৰুত্বপূৰ্ণ৷ তেওঁৰ জন্মৰ সম্পৰ্কত তথা জীৱন কাল সম্পৰ্কত পণ্ডিত সকলৰ মাজত যথেষ্ট মতভেদ পোৱা যায়৷ অধিকাংশ পণ্ডিতে তেওঁৰ জন্ম নৱম শতিকাৰ পূৰ্ৱতে হোৱা বুলি কয়৷ তেওঁ মদুৰৈৰ ওচৰৰ তিৰুবাদবুৰৰ নামৰ গাঁওৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰে৷ জন্মস্থানৰ আধাৰতে তেওঁৰ নামো তিৰুবাদবুৰ  ৰখা হৈছিল৷ ১৬ বছৰ বয়সতেই তেওঁ সবৰ্শাস্ত্ৰ অধ্যয়ন কৰি সবৰ্শাস্ত্ৰ-বিশাৰদ হয়৷ তেওঁৰ এই জাঞান-বিদ্যাৰ বিশালতাৰ কথা চাৰিওফালে বিয়পি পৰে৷ সেই সময়ৰ পাণ্ড্য বংশৰ ৰজায়ো আহি তেওঁৰ বিদ্যা, ব্যক্তিত্ব কাৰ্যকুশলতাৰ প্ৰতি প্ৰভাৱান্বিত হৈ তেওঁক ‘তেন্নবন ব্ৰহ্মৰায়ন’ উপাধিৰে বিভূষিত কৰি নিজৰ মন্ত্ৰী কৰি লয়৷

        নিজৰ বুদ্ধিমত্তাৰে সুন্দৰভাৱে মন্ত্ৰিত্বৰ কাৰ্য সুচাৰুৰূপে পালন কৰাৰ উপৰিও তেওঁ শিৱৰ এগৰাকী অনন্য ভক্ত আছিল৷ ৰাজকাৰ্যৰ মাজতো তেওঁ শিৱভক্তিত মগ্ন আছিল৷ দিনে দিনে তেওঁৰ শিৱভক্তি বাঢি. যায়৷ এদিন ৰজাই তেওঁক ঘোঁৰা কিনিবলৈ বুলি যথেষ্ট পৰিমাণৰ ধন দিছিল৷ কিন্তু সেই ধন তেওঁ মন্দিৰৰ শিৱ ভক্তগণৰ নামত খোৱা-বোৱা ইত্যাদিত খৰছ কৰি দিয়াৰ ফলস্বৰূপে তেওঁ কাৰাবাস পৰ্যন্ত খাটিব লগা হৈছিল৷ অৱশেষত ভগৱান শিৱৰ অনুগ্ৰহত ৰজাই তেওঁৰ মহত্ত্বৰ কথা বুজি পালে আৰু পুনৰ কামত নিয়োগ কৰে যদিও তেওঁ ৰাজকাৰ্যত মন দিব নোৱাৰি কিছুদিন পিছতে শাসন কাৰ্যৰ পৰা বিৰতি লয়৷ তাৰ পাছত তেওঁ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰে৷ অপ্পৰ আৰু সম্বন্ধৰ আদিৰ সমানেই তেওঁ বিভিন্ন তীৰ্থ স্থান ভ্ৰমণ কৰে আৰু ভগবান শিৱৰ ভক্তি কৰে৷ শিৱ ভক্তি প্ৰচাৰৰ ক্ষেত্ৰত এওঁৰো গুৰুত্বপূৰ্ণ অৱদান আছে৷ চিদম্বৰম্‌ত তেওঁ বৌদ্ধধৰ্মৰ শাস্ত্ৰ ব্যাখ্যাত বৌদ্ধ পণ্ডিতসকলক পৰাস্ত কৰি তাত শিৱ ভক্তিৰ ধাৰা প্ৰচাৰ কৰিছে বুলি কোনো কোনোৱে কয়৷

        ‘তিৰুমুৰৈ’ৰ অষ্টম খণ্ডত মানিক্কবাচকৰ নামত ‘তিৰুবাচকম্‌’ আৰু ‘তিৰুক্কোৱেই’ নামৰ দুখন গ্ৰন্থ সংকলিত আছে৷ ‘তিৰুবাচকম্‌’ত ৫১ টা পাৰিচ্চেদ আৰু মুঠ ৬৫৬ টা পদ আছে৷ নায়কৰ কৰুণাপূৰ্ণ অনুগ্ৰহ, অনুভূত শিৱানন্দ, নায়কৰপৰা বিমুক্ত হোৱাৰ বাবে অনুভূত হোৱা বেদনা, নায়কৰ প্ৰাপ্তিৰ দিশত সফল হোৱা প্ৰৱল ইচ্ছা ইত্যাদি অনুভূতিৰ তীব্ৰতা তেওঁৰ পদসমূহত সুন্দৰভাৱে সজীৱ হৈ আছে৷ গ্ৰন্থখনৰ বিভিন্ন পৰিচ্চেদসমূহৰ শীৰ্ষক এনেধৰণৰ -কীৰ্তিগান, শৰণাগত গীত, প্ৰেমগীত, ঐক্যগীত, অনুগ্ৰহ গীত, প্ৰাৰ্থনা গীত, সমৰ্পণ গীত, বেদনাগীত, দৰ্শন গীত, মুক্তিগীত ইত্যাদি৷ গূঢ.তম আধ্যাত্মিক তত্ত্বৰে পৰিপূৰ্ণ এই পদসমূহ সকলো শৈৱ মন্দিৰত গায়ন বায়ন কৰা হয়৷

        তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘তিৰুক্কোৱেই’ মধুৰ ভক্তিৰে ভৰপূৰ এখন উৎকৃষ্ট ভক্তিকাব্য৷ ৰহস্যবাদী এই গৰাকী শিৱ-সন্তই উক্ত কাব্যখনত ঈশ্বৰক নায়িকা আৰু নিজকে নায়ক ৰূপে আৰোপিত কৰিছে৷ এই কাব্যখনৰ মূল কাহিনীটো এনে ধৰণৰ– এজন প্ৰেমিকে হাবিত ঘূৰি ফুৰা অৱস্থাত এগৰাকী সুন্দৰীৰ সন্মুখীন হয়৷ সুন্দৰী গৰাকীৰ প্ৰেমত পৰি তেওঁক প্ৰেম নিবেদন কৰে৷ দুয়ো দুয়োৰে প্ৰেমত আৱদ্ধ হৈ ঘৰ সংসাৰ কৰে৷ কিছুদিনৰ বাবে দুয়ো প্ৰেমিক-প্ৰেমিকাৰ মাজত বিচ্ছেদ হয়৷ সেই সময়ত প্ৰেমিক-প্ৰেমিকা দুয়ো পুনৰ মিলনৰ বাবে আকুল হয়৷ প্ৰিয়তমৰ অনুপস্থিতিত প্ৰিয়তমৰ কৰুণ ক্ৰন্দনেই হৈছে কাব্যখনৰ মুখ্য বিষয় ৷

        এনেদৰে তামিল প্ৰদেশত ভক্তি আন্দোলনত শৈৱ ভক্তসকলৰ অৱদান আছে৷ ওপৰত উল্লেখ কৰা চাৰিগৰাকী নায়নমাৰ শৈৱ ভক্তি সাহিত্যত যথেষ্ট অৱদান আছে৷ ৬৩ গৰাকী নায়নমাৰৰ ৫৯ গৰাকীৰ তামিল ভক্তি সাহিত্যত যথেষ্ট অৱদান নাথাকিলেও কম-বেছি পৰিমাণে তামিল সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত অৱদান আছে৷ তামিল প্ৰদেশত ভক্তি আন্দোলনৰ ফলস্বৰূপে আলৱাৰ আৰু নায়নমাৰ সকলে যি সমূহ ভক্তিসাহিত্যৰ ৰচনা কৰিলে তথা ধৰ্মৰ ক্ষেত্ৰত যি ভক্তি আন্দোলন সূচনা কৰিলে পৰৱর্তী সময়ত ইয়াৰ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিল৷ এই প্ৰভাৱ  ভাৰতীয় সমাজ-সাহিত্য-সংস্কৃতিত আজিও বিদ্যমান৷ গতিকে আমি ক’ব পাৰোঁ যে তামিল প্ৰদেশত পঞ্চম-ষষ্ঠ শতিকাতে ভক্তি আন্দোলনৰ সূচনাত ভক্তি সাহিত্যৰ ৰচনা নোহোৱা হ’লে ভাৰতীয় অন্যান্য প্ৰদেশৰ ভক্তি সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰতো আৰু বহু পলম হ’লহেঁতেন৷ ভাৰতৰ হিন্দু ধৰ্ম [শৈৱ, বৈষ্ণৱ]ৰ আলোচনাত তামিল ভক্তি সাহিত্যৰ কথা আলোচনা নকৰিলে; আলোচনা সম্পূৰ্ণ নহ’ব৷ কিয়নো ভাৰতীয় ভক্তি সাহিত্যৰ প্ৰথম সূচনা ভাৰতীয় প্ৰদেশ সমূহৰ ভিতৰত সৰ্বপ্ৰথমে তামিল প্ৰদেশতে হয়৷

*****

No comments:

Post a Comment