সংঘ কাল
(Samgam Period)
কণিমা পাঠক
সংঘকালৰ আগতো বহু গ্ৰন্থ ৰচনা হৈছিল যদিও সেই সমূহ সামুদ্ৰিক প্ৰলয়ৰ বাবে এতিয়া পোৱা নাযায়৷ ‘এত্তুতটোকেই’ হ’ল আঠ প্ৰকাৰ ভিন ভিন কবিতাৰ সামূহিক সংগ্ৰহৰ নাম৷ এই কবিতা সংগ্ৰহসমূহ এনে ধৰণৰ– [১] নত্ৰিনই [২] কুৰুণটোকেই [৩] আয়ংকুৰুনুৰু [৪] পদিতৰুপ্পত্তু [৫] কলিত্টোকেই [৬] পৰিপাডল [৭] নেডুনটোকেই [৮] পুৰ¸নানুৰু ৷ এইসমূহৰ সংক্ষিপ্ত বিৱৰণ এনেদৰে দিব পাৰি–
‘নত্ৰিনই’ ৪০১ টা কবিতাৰ সংগ্ৰহ৷ মুঠতে ইয়াত ১৮৭ গৰাকী কবিৰ ৰচনা সংগৃহীত হৈছে৷ এই কবিতাসমূহৰ বিষয় মূলতঃ প্ৰেম৷ কোৱা হয় বিভিন্ন কবিৰ দ্বাৰা বিভিন্ন সময়ত ৰচিত এই কবিতাসমূহ পাণ্ড্য ৰজা মাৰনৱলুতিৰ আদেশ মৰ্মে কবিসকলে সংকলিত কৰিছিল৷
‘কুৰুণটোকেই’ৰ অৰ্থ হৈছে সৰু সৰু কবিতাৰ সংগ্ৰহ৷ ইয়াত ২০৩ গৰাকী কবিৰ দ্বাৰা ৪০১ টা প্ৰেমমূলক কবিতা ৰচিত হৈছে৷ এই সংকলনটো পুৰিক্কো নামৰ লোক এজনে সংগ্ৰহ কৰিছিল বুলি জনা যায়৷
‘আয়ংকুৰুনুৰু¸’ নামৰ কবিতা সংগ্ৰহটোত
৫০১ টা সৰু সৰু কবিতা আছে৷ এই কবিতাসমূহৰ বিষয়বস্তুও মূলতঃ প্ৰেম৷ ঔৰম্বোকিয়াৰ,অম্মুৱনাৰ,
কপিলৰ, ঔদলানদইয়াৰ আৰু পেয়নাৰ নামৰ পাঁচজন কবিয়ে কবিতাসমূহ ৰচনা কৰিছিল৷
পদিতৰুপপত্তু হৈছে দহবিধ কবিতাৰ
সংগ্ৰহ৷ এই দহ প্ৰকাৰৰ কবিতা সংগ্ৰহৰ ভিতৰত কেৱল প্ৰথম আৰু অন্তিম কবিতাটোহে বৰ্তমান
উপলব্ধ৷ এই কবিতাসমূহৰ ঐতিহাসিক গুৰুত্ব অতি মূল্যৱান৷ ইয়াত প্ৰাচীন তামিল দেশৰ ৰজাসকলৰ
লগতে তেওঁলোকৰ ৰাজনীতিক স্থিতি আৰু শাসন প্ৰণালীৰ বৰ্ণনা পোৱা যায়৷
‘কলিতটোকেই’ত ‘কলি’ নামৰ ছন্দত ৰচিত ডেৰশ কবিতাৰ সংগ্ৰহ৷ এই প্ৰেমমূলক কবিতাসমূহৰ ৰচয়িতা পাঁচগাৰকী
হৈছে– কপিলৰ , মৰুদনিলনাগনাৰ , চৌলন্নল্লুৰুত্তিৰন , পেৰুংকদুককো আৰু নল্লনতুৱনাৰ ৷
‘পৰিপাডল’ এক বিশেষ প্ৰকাৰৰ ছন্দত
ৰচিত ৭০ টা কবিতা সংগ্ৰহ৷ ইয়াৰে ৪৬ টা কবিতাহে বৰ্তমান পোৱা যায়৷
‘নেডুনটোকেই’ত ৪০১ টা প্ৰেমমূলক
কবিতাৰ সংগ্ৰহ৷ ইয়াত ১৫৮ গৰাকী কবিৰ কবিতা
পোৱা যায়৷ এই কবিতাসমূহ তিনিটা ভাগত ভাগ কৰা হৈছে৷ ভাগ তিনিটা- কলিত্ৰুয়ানই নিৰই [১২১
টা কবিতা], মণিমিডই পৱলম [১৮০ টা কবিতা] আৰু
নিত্তিলক্কোৱই [১০০ টা কবিতা]৷
‘পুৰনানুৰু’ বিভিন্ন বিষয়ৰ বিভিন্ন
কবিৰ দ্বাৰা ৰচিত ৪০০ টা কবিতাৰ সংগ্ৰহ৷ ইয়াৰে
কিছুমান কবিতা প্ৰথম সংঘৰ কবিৰ দ্বাৰা ৰচিত৷
‘পট্টুপাত্তু’ দহটা কবিতাৰ সংগ্ৰহ৷
সেইসমূহ এনেধৰণৰ– [১] পোৰুনৰাতৰnপ্¸পদই ৷ ইয়াত চোল ৰজা কৰিকালৰ সাহিত্য ৰচনা
আৰু কবিৰ বৰ্ণনা আছে৷ [২] পত্তিনপ্পালই পত্নীৰ মৃত্যুত স্বামীৰ শোকৰ বৰ্ণনা আছে৷ এই কাব্যত
বিদেশ ভ্ৰমণৰ লগতে তামিলনাডুৰ ব্যৱসায়িক সম্বন্ধ,
শাসন সম্পৰ্কীয় ইত্যাদি বিভিন্ন কথা বৰ্ণিত হৈছে৷ [৩] মুল্লইপ্পাট্টুৰ অৰ্থ হৈছে ‘বনগীত’৷ ইয়াত যুদ্ধভূমিলৈ যোৱা স্বামীৰ
বিৰহত পত্নীৰ মনোবেদনাৰ বৰ্ণনা পোৱা যায়৷ [৪] পেৰুমপানাতৰুপ্পদইতকাচী নগৰ তথা ইয়াৰ
ৰজাৰ সাহিত্যৰ প্ৰতি থকা অনুৰাগ আৰু দানী গুণৰ কথা ইয়াত বৰ্ণিত হৈছে৷ [৫] চিৰুবানাতৰুপদইত এগৰাকী সামন্ত গুৰুৰ বৰ্ণনা পোৱা যায়৷ [৬] নেদুনলৱাদই [ইয়াৰ অৰ্থ ‘সুদীৰ্ঘ শীত-পচন’৷ ইয়াতো এগৰাকী বিৰহিনী
নাৰীৰ কথা বৰ্ণনাৰ লগতে শীত ঋতুৰ সুন্দৰ বৰ্ণনা
ইয়াত পোৱা যায়৷], [৭] কুৰীনজীপ্ পাততু
পৰ্বতীয়া গীত৷ এহাল পৰ্বতীয়া যুৱক-যুৱতীৰ সৰল বৰ্ণনা ইয়াত সুন্দৰকৈ পোৱা যায়৷
পাহাৰৰ দৃশ্য আৰু বিশেষত্বৰ চিত্ৰণ কৰাত সিদ্ধহস্ত মহাকবি কপিলৰে এই কাব্যৰ ৰচয়িতা
বুলি জনা যায়৷ বৃহদত্ত নামৰ এগৰাকী আৰ্য ৰজাক তামিল-কাব্য শৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ
বাবে কপিলৰে এই কাব্যৰ ৰচনা কৰিছিল৷ [৮] মদুৰইকানজী গীতত পাণ্ডেয় ৰজা নেডুঝেঠিয়নৰ শাসন, ৰাজ্য আৰু ৰাজধানী
মদুৰাৰ বিশদ বিৱৰণ পোৱা যায়৷ [৯] মলইপদুকদাম গীতসমূহৰ ভাবাৰ্থ হৈছে পৰ্বতৰ প্ৰতিধবনি৷ পৰ্বতীয়া
দৃশ্যৰ সুন্দৰ বৰ্ণনাৰ লগতে মানন্ন নামৰ এগৰাকী প্ৰতাপী ৰজাৰ গুণ-গান ইয়াত পোৱা যায়৷
[১০] তিৰুমুৰুগাতৰুপ্পদই ভগৱান মুৰুগণৰ স্তুতি-গীত
মহাকবি নক্কীৰৰ দ্বাৰা ৰচিত গীতসমূহত মুৰুগণৰ মন্দিৰ ৰখা তীৰ্থস্থানসমূহৰ সুন্দৰ বৰ্ণনা
পোৱা যায়৷ শৈৱ সম্প্ৰদায়ৰ লোকসকলে এই কাব্যখনক এখন মহত্বপূৰ্ণ ধৰ্ম গ্ৰন্থ হিচাপে মানি
আহিছে৷
‘পদিনেন কীল কণক্কু’ হৈছে মূলতঃ
ওঠৰখন মুক্ত গ্ৰন্থৰ সামূহিক নাম৷ ইয়াৰ ভিতৰত বিশ্ববিখ্যাত মহাকবি তিৰুবল্লুৱৰৰ দ্বাৰা ৰচিত ‘তিৰুক্কুৰল’ নামৰ গ্ৰন্থ অন্যতম৷
সংঘকালীন কাব্যৰ ভিতৰত আটাইতকৈ
বিশেষত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে আ(ৰ্যজনক শব্দৰ সংযম তথা বৰ্ণনাৰ সজীৱতা৷ সংঘকালীন
কবিসকলে বাহ্য জগতৰ বিভিন্ন দৃশ্য, ঘটনাৰ পৰিৱৰ্তনৰ যিদৰে বিশদ পৰ্যবেক্ষণ কৰিছে; সেইদৰে
মানসিক জগতৰো বিভিন্ন পৰিস্থিতি, ভাব-ভংগী, বিৰহ-বেদনা ইত্যাদি দিশ গাঢ়ভাৱে অন্বেষণ
কৰিছে৷ কবিসকলে বাহ্যিক জগতৰ বস্তুসমূহক একো একোটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰি কবিতাৰ
সাৰমৰ্মক আলংকাৰিকভাৱে অধিক ৰসময় কৰি তুলিছে৷
সংঘকালীন কবিসকলে পৰিস্থিতিৰ
সুন্দৰ বৰ্ণনাৰে কাব্যসমূহক অধিক ৰসময় কৰি তুলিছে৷ উদাহৰণস্বৰূপে মহাকবি নক্কীৰৰে সমুদ্ৰ পাৰৰ সূৰ্যাস্তৰ কথা এনেদৰে বৰ্ণনা কৰিছে–
“হালি যোৱা ডেউকাৰে যুক্ত ঠেঙেৰে
[ভৰি] এটা বগলী, ৰক্তিম আকাশত উৰি আছে৷ উৰি যোৱা সেই বগলীটো যেন ভগৱানৰ বক্ষস্থলত প্ৰৱেশ
কৰা এডাল মুক্তাহাৰহে৷ বহুতো পোহৰৰ জ্যোতি দিয়া সূৰ্যই যেন সময় পাৰ হোৱাৰ লগে লগে পশ্চিমৰ
দিশে অতিক্ৰম কৰি অস্ত গৈছে৷” [অগনানুৰু, কবিতা, ১২০]
কবি নল্লন্দুৱনাৰেও কবিতাৰ যোগেদি
সেই একে দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে–
“বিশাল জগতখনক জ্যোতি বিলোৱা
দয়ালু সূৰ্যই দিনত জ্যোতি বিলায় আৰু ভগৱান বিষ্ণুৰ চৰণ কমলত অৰ্পিত হোৱাৰ বাবে সন্ধিয়া
সেই সূৰ্য অস্ত যায় আৰু আন্ধাৰ হয়৷ কিন্তু চন্দ্ৰই পৃথিৱীৰ অন্ধকাৰ সহ্য কৰিব নোৱাৰি
ৰাতি নিশাৰ ভাগত জ্যোতি বিলায় আৰু অন্ধকাৰ নাশ কৰে৷” [অগনানুৰু, কবিতা, ১২০]
মহাকবি কপিলৰ দ্বাৰা ৰচিত ‘কুৰিণজিক্কলি’ নামৰ কবিতাত পৰ্বতৰ সুন্দৰ বৰ্ণনা এনেদৰে দিছে–
“এটা সুন্দৰ কলা ৰত্নৰ দৰে উজ্জ্বল
এটা উদ্ভ্ৰান্ত অমৰে নিজৰ ৰস-ৰূপ এৰি, বননিৰ এটা স্থানত ঘূৰি ফুৰিছি– য’ত ওপৰৰ পৰা
অহা ৰজত দন্ত-যুগলেৰে হস্তিৰাজ, সুন্দৰ ৰঙেৰে শোভিত শৰীৰৰ বাঘৰ লগত বিচৰণ কৰি আছিল৷
তেনে সময়ত আহি এটা ভোমোৰাই বাঘৰ শৰীৰত প্ৰৱেশ কৰিছিল৷ কাৰণ ভোমোৰাই বাঘৰ শৰীৰটোত থকা
ফুটবোৰ বেঙেনা ফুল বুলি ভাবিছিল৷ হাতীৰ উন্নত শিৰত থকা মদজলত [ঘৰ্ম] থকা ফুটফুটীয়াবোৰতো
মধুময় ফুল বুলি ভাবি ভোমোৰা পৰিছিলহি৷” [পুৰনানুৰু, কবিতা, ৮২]
কবিৰ এই বৰ্ণনাটো প্ৰতীকাত্মক৷
ভোমোৰা সেইজন প্ৰেমিক; যিয়ে প্ৰেমিকাৰূপী মধুময়
ৰসক এৰি অভিমান কৰি অন্য উৎসৰ পৰা ৰস গ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰেমিকাক দেখুৱাই বননিত
বিচৰণ কৰি ফুৰিছে৷
সংঘকালীন কবি আৰু তেওঁলোকৰ কবিতাৰ
বিস্তৃত বৰ্ণনা কম পৰিসৰত আলোচনা কৰা সম্ভৱ নহয়৷ তথাপিও তলত কেইগৰাকীমান প্ৰমুখ্য কবিৰ
পৰিচয় দিয়াৰ যত্ন কৰা হৈছে৷
ঔৱেইয়াৰঃ ঔৱেইয়াৰ নামৰ এইগৰাকী
মহিলা কবি সংঘকালৰ কবিসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বুলি জনা যায়৷ পণ্ডিতসকলৰ মতে এই নামেৰে
বিভিন্ন সময়ত দুই, তিনিগৰাকী কবি আছিল৷ ঔৱেইয়াৰে সেইসময়ৰ ৰজাৰ পৰা ৰাজপৃষ্ঠপোষকতা লাভ
কৰিছিল আৰু কবিসকলৰ পৰাও সমাদৰ লাভ কৰিছিল৷ জনসমাজত এইগৰাকী কবি অবিবাহিত আছিল বুলিয়েই
জনা যায়৷
নিৰ্ভীক আৰু সৰল হূদয়ৰ এইগৰাকী
কবিৰ অদিয়মান নামৰ এগৰাকী ৰজাৰ সৈতে মিত্ৰতা
[বন্ধুত্ব] আছিল৷ সেয়েহে তেওঁৰ প্ৰশংসা কৰি কবিগৰাকীয়ে বহুকেইটা সুন্দৰ কবিতা ৰচনা
কৰিছিল৷ এইগৰাকী কবিয়ে ৰজাৰ বিষয়ে কবিতা ৰচনা কৰাৰ লগতে সাধাৰণ জনগণৰ হৈয়ো কবিতা ৰচনা
কৰিছিল৷
কপিলৰঃ সংঘকালৰ এগৰাকী শ্ৰেষ্ঠ
কবি হৈছে কপিলৰ৷ তেওঁ বৃহদত্ত নামৰ এগৰাকী আৰ্য ৰজাক তামিল কাব্যৰ সৌন্দৰ্য্যৰ প্ৰতি
আকৰ্ষিত কৰাৰ উদ্দেশ্যে ‘কুৰিণজিক্কলি’ নামৰ কবিতা ৰচনা কৰিছিল৷ কপিলৰে কবিতা ভালপোৱা
পাৰি দানবীৰ পৰ্বতীয়া ৰজাৰ অন্যতম মিত্ৰ আছিল৷
পাৰিৰ দানী স্বভাৱৰ প্ৰশংসা কৰি তেওঁ কবিতা ৰচনা কৰিছিল৷ পৰ্বতীয়া দৃশ্য, বিভিন্ন ঘটনা
ইত্যাদিৰ সুন্দৰ বৰ্ণনা তেওঁৰ কবিতাত পোৱা যায়৷
নক্কীৰৰঃ তামিল কবিতা পৰিপাডলৰ
কবি হৈছে নক্কীৰৰ৷ তেওঁ অত্যন্ত ওজস্বী আৰু নিৰ্ভীক আলোচক আছিল৷ তেওঁৰ দ্বাৰা ৰচিত
গ্ৰন্থ হৈছে ‘তিৰুমুৰুগাতৰnপ্পদই’ আৰু ‘নেডুনলবাডৈ’৷ অন্য কিছুমান কবিতা সংগ্ৰহতো
তেওঁৰ কবিতা পোৱা যায়৷ তেওঁৰ কবিতা অতি সাৱলীল আৰু প্ৰকৃতিৰ সুন্দৰ বৰ্ণনাও ইয়াত পোৱা
যায়৷
কণিয়ন পুংকুনৰনাৰ ঃ কণিয়ন পুংকুনৰনাৰ সংঘকালৰ এগৰাকী বিচাৰশীল কবি৷ তেওঁৰ নামত বহুতো
কবিতা আছিল যদিও দুটা কবিতাহে পোৱা গৈছে– যি দুটা ‘পুৰনানুৰু’ আৰু ‘নত্ৰিনই’ নামৰ কবিতা
সংগ্ৰহত সন্নিৱিষ্ট হৈ আছে৷
পুৰনানুৰুত সংকলিত নিম্ন কবিতাটোত
বিশ্বসাহিত্যৰ এক অমৰ বাণীনিহিত আছে–
‘‘সকলো আমাৰ গাঁও, সকলো আমাৰ
আত্মীয়৷ বেয়া আৰু ভাল এই দুয়োটাকে আনে আমাক নিশিকায়৷ কষ্ট আৰু শান্তিও ঠিক তেনেধৰণৰেই৷
মৃত্যুও কোনো নতুন বিষয় নহয়৷ আকৌ, জীৱনটোক সুখময় বুলি ভাবি আমি সুখীও নহওঁ, অন্যথা
ক্ৰোধৰ লগত সেয়া দুখময় বুলিহে ভাবোঁ৷ বিজুলী ঢেৰেকণি মাৰি যেতিয়া ডাৱৰবোৰ লাহে লাহে
বৰষুণৰ ৰূপত পৃথিৱীলৈ সৰে, তেতিয়া তেওঁ নিজকে চম্ভালিব নোৱাৰাৰ বাবে শিলত খুন্দা খাই
নদীৰ প্ৰবাহমান সোঁতত উটুৱাই দিয়া কাঁচৰ টুকুৰাৰ দৰে জীৱৰ বিধিৰ প্ৰবাহত অৱশ হৈ পৰে,
এই সত্য আমি বিবেকবান বিদ্বানৰ কথাৰ পৰা জানিব পাৰো৷ তাৰ দ্বাৰা মহৎ সকলক ডাঙৰ যেন
অনুমান কৰি আমি বিষ্মিত নহও৷”
তিৰুবল্লুবৰ আৰু ‘তিৰুক্কুৰল’
সংঘকালৰ শ্ৰেষ্ঠ সাহিত্য নিদৰ্শন
হৈছে– ‘তিৰুক্কুৰল’৷ বিদ্বান পণ্ডিতসকলৰ মতে বিশ্বসাহিত্যৰ লেখত ল’বলগীয়া এখন গ্ৰন্থ হৈছে ‘তিৰুক্কুৰল’৷ পৃথিৱীৰ বিভিন্ন
ভাষা যেনে– লেটিন, সংস্কৃত, ফ্ৰান্স, ইংৰাজী, জাৰ্মান আদি ভাষাত এই গ্ৰন্থখনৰ অনুবাদ
হৈছে৷ বিগত দুই হাজাৰ বছৰৰ পৰা ‘তিৰুক্কুৰল’ নামৰ গ্ৰন্থখনক ভিত্তি কৰি বহুসংখ্যক টীকা
গ্ৰন্থৰ ৰচনা হৈছে৷ এইসমূহৰ ভিতৰত পৰিমেললকৰ
নামৰ লেখকগৰাকীৰ টীকা গ্ৰন্থ অন্যতম৷ ‘তিৰুক্কুৰল’ৰ সাহিত্যিক মূল্য যথেষ্ট৷
ইয়াৰ সাহিত্যিক আবেদন সাৰ্বজনীন, যাৰ বাবে দুহেজাৰ বছৰৰ পৰা এই গ্ৰন্থই জনমানসত লোকপ্ৰিয়
হৈ আছে৷
‘তিৰুক্কুৰল’ৰ ৰচনা-শৈলী, ভাষা
তথা ছন্দত মৌলিকতা সুন্দৰকৈ প্ৰকাশ পাইছিল৷ অৰ্থাৎ কবি গৰাকী কবি-পৰিষদৰ সদস্য হোৱাৰ
আগতেই এনেকুৱা সুন্দৰ কবিতা তথা মৌলিক সাহিত্য ৰচনা কৰিব পাৰিছিল৷
‘তিৰুক্কুৰল’ৰ বহুখিনি পংক্তি
অৰ্থাৎ ‘কুৰল’ সমূহ ‘ৱেণ্পা’ নামৰ ছন্দত ৰচিত৷ ইয়াক দহটা শ্লোকেৰে ১৩৩ টা অধ্যায়ত
বিভাজিত কৰা হৈছে৷ গ্ৰন্থখনক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে৷ যেনে– [১] অৰত্তুপ্পাল
[ধৰ্ম-বিভাগ], [২] পোৰুলপাল [অৰ্থ বিভাগ] আৰু
[৩] কামত্তুপ্পাল [কাম বিভাগ]৷
‘তিৰুক্কুৰল’ৰ এই সৰু সৰু তিনিটা
ভাগত ধৰ্ম-শাস্ত্ৰ, অৰ্থ-শাস্ত্ৰ আৰু কাম-শাস্ত্ৰৰ সম্পূৰ্ণ সাৰাংশ সংগৃহীত হৈ আছে৷
তিৰুবল্লুবৰে সকলো ধৰ্মকে সন্মান কৰি ধৰ্ম-শাস্ত্ৰৰ
বিষয়ে লিখিছে৷ সেইবাবে তেওঁৰ গ্ৰন্থ জৈন, বৌদ্ধ, বৈষ্ণৱ সকলোৰে বাবে সৰ্বকালৰ আৰু সাৰ্বজনীন
হৈ পৰিছে৷ তেওঁৰ এই গ্ৰন্থত জাত-পাত একাকাৰ কৰি কথাবোৰ চিন্তা কৰা বাবে বিভিন্ন সময়ত
কিছুমান বাদ-বিবাদো হৈছিল৷ তেওঁৰ এই গ্ৰন্থত ধৰ্মৰ তাত্ত্বিক দিশবোৰ বিচাৰ-বিশ্লেষণ
কৰিছে৷ শান্তি, যুদ্ধৰ প্ৰশিক্ষণ, প্ৰশাসন, ব্যাপক ব্যৱহাৰিক জ্ঞান, দাম্পত্য প্ৰেম,
কাব্যময় বিৱৰণ ইত্যাদি সুন্দৰকৈ বৰ্ণনা দিয়া দেখা যায়৷ পণ্ডিত-সমালোচকসকলৰ মতে তেওঁ
হয়তো নিজে এগৰাকী উচ্ছপদস্থ বিষয়া, শাসক হোৱাৰ লগতে তামিল আৰু সংস্কৃতৰ বিভিন্ন শাস্ত্ৰ-গ্ৰন্থৰ
গভীৰ অধ্যয়নো কৰিছিল৷ গাৰ্হস্থ্য জীৱনো সুন্দৰকৈ অতিবাহিত কৰিছিল৷ গোটেই জীৱনৰ অভিজ্ঞতা
আৰু জীৱনজুৰি বিভিন্ন মহান মহান শাস্ত্ৰ অধ্যয়ন কৰি পোৱা অভিজ্ঞতাকে তেওঁ সহূদয়তাৰে
সুশৃংখলিত ভাষা আৰু ছন্দৰ সু-প্ৰয়োগেৰে গ্ৰন্থত ব্যৱহাৰ কৰিছে৷
অৰত্তুপ্পালঃ তিৰুক্কুৰলৰ ধৰ্মশাস্ত্ৰ
ভাগটোত ধৰ্ম সম্পৰ্কীয় সকলো কথাৰ সুন্দৰকৈ আলোচনা কৰিছে৷ যেনে– জন্মান্তৰবাদৰ প্ৰসংগ,
সৃষ্টিৰ প্ৰসংগ, আশ্ৰম ব্যৱস্থা প্ৰসংগ [ব্ৰহ্মচাৰী, বানপ্ৰস্থ আৰু সন্ন্যাসী], অহিংসা
আৰু সত্যৰ প্ৰসংগ, আদৰ্শ গাৰ্হস্থ্য জীৱনৰ লক্ষণ, গৃহস্থী জীৱন সম্বন্ধীয় বিভিন্ন দিশৰ
কথা সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে৷
পোৰুলপালঃ ‘তিৰুক্কুৰল’ত থকা
পোৰুলপাল [অৰ্থ-শাস্ত্ৰ] ভাগটোত জীৱন যাপনৰ বাবে অৰ্থৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰা হৈছে৷
জীৱন যাপনৰ বাবে অৰ্থ নিতান্তই প্ৰয়োজনীয়৷ ‘পোৰুলপাল’ত থকা বিষয়সমূহ এনেধৰণৰ– সুদৃঢ়
ৰাজ্য এখন হ’বলৈ প্ৰয়োজন হোৱা বৈশিষ্ট্য “অনুশাসনশীল সেনা, পৰিশ্ৰমশীল জনতা, জনগণৰ
সমৃদ্ধি, বিচাৰশীল মন্ত্ৰী, বিশ্বাসযোগ্য মিত্ৰ তথা সুদৃঢ় দুৰ্গ- এই ছয়টা গুণ যি ৰাজ্যত
পোৱা যায়, সেই ৰাজ্যখন সু-ৰাজ্য হিচাপে পৰিগণিত হয়৷”
ভাল শাসকৰ কাৰ্যাৱলী
“সম্পত্তি অৰ্জন, সঞ্চয়, আয় আৰু
সু-বিতৰণ কৰিবলৈ যি সমৰ্থ, তেওঁ ভাল শাসক হয়৷”
উপদেশ দিওঁতাৰ প্ৰকৃতি আৰু অধিকাৰীৰ
নিযুক্তিৰ প্ৰক্ৰিয়াৰ কথা প্ৰসংগত তিৰুবল্লুবৰে কৈছে যে- “ভালদৰে বিচাৰ কৰি চোৱা, অমুক
কাৰ্যটো অমুক ব্যক্তিয়ে কৰিব পাৰিবনে? তাৰ পিছত সেই কামটোৰ সম্পূৰ্ণ দায়িত্ব, নিযুক্তি
দিয়াগৰাকীৰ তত্ত্বাৱধানত থাকিব৷”- অৰ্থাৎ নিযুক্তি দিয়াৰ পিছত সেই কামত ৰজাৰ কোনো হস্তক্ষেপ
নাথাকিব৷
ৰাজদূত হোৱাৰ গুণ প্ৰসংগত লেখকে
কৈছে যে–
“কুশাগ্ৰ বুদ্ধি, প্ৰভাৱশালী
ব্যক্তিত্ব আৰু প্ৰগাঢ় বিদ্যা, এই তিনি গুণ এগৰাকী ৰাজদূতৰ আৱশ্যকীয় গুণ৷”
গুপ্তচৰৰ লক্ষণ প্ৰসংগত কৈছে
যে– “কেতিয়াবা সন্ন্যাসী, কেতিয়াবা ভক্ত আৰু কেতিয়াবা মৃত ব্যক্তি হৈ কিছুমান কাৰণ
অনুসন্ধান কৰা, সকলো ধৰণৰ সংকট পাৰ কৰিব পৰা ক্ষমতা, উৎসাহেৰে কাম কৰিব পৰা ব্যক্তিয়েহে
গুপ্তচৰ হোৱাৰ যোগ্য৷”
‘তিৰুক্কুৰল’ৰ ‘পোৰুলপাল’ত কেৱল
শাসন সম্বন্ধীয় বিষয় তথা অৰ্থৰ দিশটোতহে গুৰুত্ব দিয়া নাই৷ ইয়াত সমৰ কলা সম্বন্ধীয়
জ্ঞানো পোৱা যায়৷ যুদ্ধ ক্ষেত্ৰ পৰিচালনা কৰাৰ কৌশল, আক্ৰমণ আৰু ৰক্ষণৰ উপায়, সময়ৰ
প্ৰতি সচেতন তথা সাধন ইত্যাদি সম্বন্ধীয় জ্ঞানৰ বিশদ বিৱৰণো ইয়াত পোৱা যায়৷
কামত্তুপ্পালঃ ‘তিৰুক্কুৰল’ৰ
‘কামত্তুপ্পাল’ [কাম-বিভাগ] তিৰুবল্লুবৰৰ জীৱন সম্পৰ্কীয় অভিজ্ঞতা তথা সহূদয় কবিত্ব শক্তিৰ অমৰ চিনস্বৰূপ৷ উপদেশক
আৰু কূটনীতিজ্ঞ তিৰুবল্লুবৰে গোটেই গাৰ্হস্থ্য জীৱনৰ ইয়াত অভিজ্ঞতাখিনিক সুন্দৰকৈ কবিতা আকাৰে প্ৰকাশ কৰিছে৷
প্ৰেমিক-প্ৰেমিকাৰ মানসিক অন্তৰ্দ্বন্দ্ব তথা মানসিক স্থিতিৰ কথা সজীৱ ৰূপত চিত্ৰিত
কৰিছে৷ কবিয়ে প্ৰেমিকাৰ মনোস্থিতিৰ সুন্দৰ বৰ্ণনা এনেদৰে দিছে– কবিৰ মতে স্ত্ৰীয়ে অভিমান
কৰিলে সান্ত্ব্না দি মনাবলৈ সহজ৷
“মই ক’লো, তুমি মোৰ বাবে সকলো
বস্তুতকৈ মৰমৰ৷ তেতিয়া তেওঁ সুধিলে, কাক? কাক?”
কবিৰ মতে “অভিমানে প্ৰেমত সুখ
বঢ়ায়৷ কবিয়ে লগতে কিছুমান সাৱধান বাণীও দিয়ে– “অভিমান নিমখৰ সমান৷ অৰ্থাৎ যিদৰে যিকোনো
ব্যঞ্জন নিমখ অবিহনে স্বাদহীন হয়; ঠিক সেইদৰে প্ৰেমো অভিমান অবিহনে নীৰস হয়৷”
এনেদৰে তিৰুবল্লুবৰে জীৱনৰ অনুভৱ-অভিজ্ঞতাৰ
দ্বাৰা তিৰুক্কুৰল গ্ৰন্থখন সুন্দৰভাৱে প্ৰণয়ন কৰিছে৷ এই গ্ৰন্থখন তামিল সাহিত্যৰ লগতে
ভাৰতীয় সাহিত্য তথা বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে সমাদৰ লাভ কৰি আহিছে৷
এনেদৰে সংঘকালৰ সাহিত্যই তামিল
সাহিত্যৰ দুহেজাৰ বছৰ পুৰণি ঐতিহ্য বহন কৰি আহিছে৷ প্ৰেম আৰু যুদ্ধক মুখ্য বিষয়বস্তু
হিচাপে লৈ সংঘকালৰ সাহিত্যৰাজিৰ সৃষ্টি হৈছে৷ প্ৰাচীন তামিল সাহিত্যত সংঘকালৰ সময়ছোৱাত
শুদ্ধ তামিলভাষাতেই সাহিত্য ৰচনা হৈছিল৷ প্ৰাচীনতাৰ দিশৰ পৰা আৰু ভাষাৰ ব্যৱহাৰে এই
সাহিত্যক ধ্ৰুপদী সাহিত্যৰ শাৰীলৈ উন্নীত কৰাইছে৷ নিজৰ সুকীয়া বৈশিষ্ট্যৰে সমুজ্জ্বল
এইকালক তামিল সাহিত্যৰ ‘সোণালী যুগ’ বুলি অভিহিত কৰা হয়৷ ভাৰতীয় সাহিত্যৰ আন সাহিত্যৰ
ভিতৰত এই সংঘম সাহিত্যই অনন্য সাহিত্য৷
*****
No comments:
Post a Comment