Thursday, 6 January 2022

সংঘম সাহিত্য (Sangam Literature)

 

 

সংঘম সাহিত্য (Sangam Literature)

দীপশিখা পাল

          তামিল হ’ল দ্ৰাবিড় ভাষা পৰিয়ালৰ প্ৰাচীন ভাষা৷ এই ভাষাই নিজস্ব সাহিত্যিক পৰম্পৰা, মৌলিকতা ৰক্ষা কৰি প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে চলি আহিছে৷ তামিল সাহিত্যৰ ক্ৰমবিকাশক আমি ৬ টা ভাগত ভাগ কৰিব পাৰোঁ– সংঘম কাল, সংঘমোত্তৰ কাল, ভক্তি কাল, কম্বন কাল, মধ্য কাল আৰু আধুনিক কাল৷

        তামিল জনগণৰ বাবে সংঘম যুগ আছিল সুৱৰ্ণ যুগ৷ এই সময়ত ৰচিত সাহিত্যিক কাৰ্যৰ মূল বিষয়বস্তু আছিল প্ৰেম, শাসন, ব্যৱসায় ইত্যাদি৷ তামিল ৰাজ্যত তেতিয়া শাসন কৰিছিল চেৰ, চোল আৰু পাণ্ড্য ৰাজবংশই৷ সকলোৱে শান্তিৰে জীৱন যাপন কৰি আছিল৷ সৌভাগ্যবশতঃ ৰাজ্যত বিশেষ কোনো ধৰণৰ বাহিৰা বিপদো উপনীত হোৱা নাছিল৷ সেয়েহে মানুহবিলাকে নিজৰ সময় সাহিত্যিক কাৰ্যত নিয়োজিত কৰিবলৈ সক্ষম হৈছিল৷

        সংঘম যুগৰ সময় নিৰ্ণয়ৰ ক্ষেত্ৰত বিভিন্ন মত পোৱা যায়৷ কিন্তু অধিকাংশ ঐতিহাসিকে চী. ই. ৰামচন্দ্ৰৰ গ্ৰন্থ ‘সংঘম কাল বৰলাৰু’ত উল্লেখ কৰা সময়কে মান্যতা প্ৰদান কৰিছে৷ চী. ই. ৰামচন্দ্ৰৰ মতে সংঘম যুগ খ্ৰীষ্টজন্মৰ আগৰ পাঁচশ বছৰ পূৰ্বৰ পৰা দুশ পঞ্চাশ বছৰৰ ভিতৰত হোৱা উচিত৷ ‘সংঘম’ শব্দৰ অৰ্থ হ’ল ‘সমাৱেশ’ অথবা ‘সভা’৷ সংঘম সাহিত্যৰ ৰচনা ক্ৰমাগত তিনিটা কাব্যিক সভাত হৈছিল বুলি সাধাৰণতে গণ্য কৰা হয়৷ বহুতো আখ্যানত এনে তিনিটা সভাৰ উল্লেখ আছে৷ এই আখ্যানবোৰৰ মতে প্ৰথম দুটা সংঘ দক্ষিণ মাদুৰাই  আৰু কপাতপুৰম  নামৰ ঠাইত সংগঠিত হৈছিল৷ কিন্তু এই দুয়োখন ঠায়েই প্ৰাগৈতিহাসিক কালৰ পৰাই সমুদ্ৰত জাঁহ যোৱা৷ বৰ্তমানৰ মাদুৰাই চহৰত তৃতীয় সংঘ সংগঠিত হৈছিল৷ প্ৰথম দুটা সংঘৰ ধাৰণা প্ৰায়েই ভুল বুলি গ্ৰহণ কৰা হয়, কিন্তু সাম্প্ৰতিক কিছুসংখ্যক পণ্ডিতৰ মতে এই সংঘবোৰৰ স্থিতিত কিবা এটা বাস্তৱিকতা আছে৷ তদুপৰি কিছুমানে আকৌ এই গোটেই কথাটো তথ্যমূলক নহয় বুলিহে বিশ্বাস কৰে৷ সেয়েহে আমি ক’ব পাৰোঁ যে সংঘম যুগৰ সময়সীমা নিৰ্দিষ্ট কৰা সহজ নহয়, যি কি নহওক এই সংঘমবোৰৰ ঘটনাবিলাকে বিংশ শতিকাৰ তামিলনাডুৰ ৰাজনৈতিক, সামাজিক আৰু সাহিত্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল৷

ইতিহাস

        প্ৰাক্‌ পল্লৱ ৰাজবংশ যুগৰ সাহিত্যত তামিল সংঘবোৰৰ কোনো উল্লেখ নাছিল যদিও পূৰ্বৰ কিছুমান কবিতাত মাদুৰাই চহৰৰ লগত এটা সম্বন্ধ দেখিবলৈ পোৱা যায়৷ পাছলৈ এই মাদুৰাই চহৰৰ লগতেই তৃতীয় সংঘ সংগঠিত হোৱা তথা তামিল ভাষা আৰু সাহিত্যৰৰোপণ আৰু উন্নয়নৰ কথা জড়িত হৈ আছে৷ সপ্তম শতিকাৰ শৈৱ কবি অপ্পাৰ  আৰু চম্পন্দৰৰ  গীতত সৰ্বপ্ৰথমে সংঘবোৰৰ প্ৰসংগ পোৱা যায় যদিও সংঘ ইতিহাসৰ প্ৰথম পূৰ্ণ ব্যাখ্যা নক্কীৰৰ  ‘ইৰৈয়নাৰ’ৰ অকপ্পোৰুলৰ  টিপ্পনীত আছে৷ তেওঁ তিনিটা সংঘৰ বিস্তাৰিতভাৱে বিৱৰণ দিছে৷ তেওঁৰ মতে সাগৰ তলিত জাঁহ যোৱা মাদুৰাইত প্ৰথম সংঘ সংগঠিত হৈছিল আৰু ৪৪০০ বছৰলৈ চলিছিল৷ এই সংঘত অগত্তিয়াৰ , ভগৱান শিৱ , মুৰুগণ  তথা কুবেৰৰ  সৈতে ৫৪৯ জন সদস্য আছিল৷ নক্কীৰৰ নিৰ্দেশত ৪৪৪৯ জন কবিয়ে লগ লাগি ‘পৰিপাডল’, ‘মুডুকুৰুগু’, ‘মুদুনাৰই’ আৰু ‘কলবিয়লুৰই’ আদি কবিতা সংগ্ৰহতে সন্নিৱিষ্ট অসংখ্য কবিতা ৰচনা কৰিছিল৷ এই সংঘত ৰচিত কবিতাবোৰৰ প্ৰামাণিক ব্যাকৰণ গ্ৰন্থ ‘অগত্তিয়ৰ’  আছিল৷

        দক্ষিণ মাদুৰাইখন সাগৰ তলিত জাঁহ যোৱাৰ পাছত ‘কপাতপুৰম’ নামৰ স্থানত পাণ্ড্যসকলে নিজৰ ৰাজধানী নিৰ্মাণ কৰি দ্বিতীয় কবি সংঘ স্থাপন কৰিছিল৷ কপাতপুৰম নামৰ ঠাই এখনৰ প্ৰসংগ ‘ৰামায়ণ’ আৰু কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’ত পোৱা যায়৷ দ্বিতীয় সংঘ প্ৰায় ৩৭০০ বছৰলৈ চলিছিল৷ এই সংঘৰ ৫৯ জন সদস্য আছিল যিকেইগৰাকীৰ অধীনত ৩৭০০ কবিয়ে কাব্য ৰচনা কৰিছিল৷ এই কবিসকলৰ ৰচনাৰাজি ‘কলি’, ‘ৱেণ্ডলই’, ‘কুৰুগু’, ‘বিয়ালমালই’, ‘অকৱল’  আদি৷ এই সংঘৰ প্ৰামাণিক গ্ৰন্থ আছিল ‘তোলকাপিয়ম’, ‘মাপুৰানম’, ‘ইসৈনুনুক্কম’ তথা ‘ভুতুপুৰাণম’  আদি৷ এই দ্বিতীয়খন সংঘম কালৰ পৃষ্ঠপোষক ৱেন্‌দেৰ চেলিয়নৰ  পৰা আৰম্ভ কৰি মুডত্তিৰুমাৰনলৈ  ৫৯ জন পাণ্ড্য ৰজা আছিল৷ এই ৰজাসকলৰ ভিতৰত ৫ জন কাব্য ৰচনাত নিপুণ আছিল৷ বিশ্বাস কৰা হয় যে মদুৰাইৰ দৰেই কপাতপুৰমো সামুদ্ৰিক প্ৰলয়ত ধবংস হৈ গৈছিল৷

        তৃতীয় সংঘ সম্ভৱতঃ বৰ্তমানৰ মদুৰাইত সংগঠিত হৈছিল৷ আন দুটা সংঘৰ তুলনাত এই সংঘ মাথো ১৮৫০ বছৰলৈ চলিছিল৷ ইয়াত প্ৰায় ৪৯ জন সদস্য আছিল যাৰ অধীনত ৪৪৯ জন কবিয়ে কাব্য ৰচনা কৰিছিল; যেনে- ‘ এট্টুততোকেই’ , ‘পত্তুপাট্টু’ , ‘কূত্তু’  , ‘ৱৰি’ , ‘চিত্ৰিসই’, ‘পেৰিসই’ আদি৷ ইয়াৰ প্ৰামাণিক গ্ৰন্থ ‘অগত্তিয়ম’  আৰু ‘তোলকাপিয়ম’ ৷ এই সংঘৰ পৃষ্ঠপোষক মুদত্তিৰুমাৰনৰ  পৰা আৰম্ভ কৰি উক্কিৰপেৰুৱলু¸দিকৰ সৈতে ৪৯ জন অন্য ৰজা আছিল৷

        পৰৱৰ্তী কালৰ কিছু আখ্যানত কোৱা হৈছে যে মদুৰাইত অৱস্থিত পৱিত্ৰ সুৱৰ্ণ পদ্ম পুখুৰীৰ পাৰত তৃতীয় সংঘ সংগঠিত হৈছিল৷ শৈৱ আৰু বৈষ্ণৱ ভক্তিমূলক সাহিত্যত সংঘবোৰৰ ইতিহাসৰ বিষয়ে পৃথক প্ৰসংগ পোৱা যায়৷ ইয়াৰ পিছত এই সম্পৰ্কে উল্লেখযোগ্য দুটা গুৰুত্বপূৰ্ণ কাৰ্য হ’ল– পেৰুমপত্ৰু পুলিয়ূৰ নম্বীৰ  দ্বাৰা লিখা ‘তিৰুৱিলাই য়াডল পুৰাণম’ আৰু পৰণজ্যোতি মুনিবৰৰ  দ্বাৰা একে শীৰ্ষক লৈ লিখা আন এখন ৰচনা৷ এই দুয়োটা কাৰ্যই তৃতীয় সংঘৰ লগত বিশেষভাৱে জড়িত৷

        বৰ্তমান সংস্কৰণবোৰৰ মতে প্ৰথম দুটা সংঘ সংগঠিত হোৱা স্থানবোৰ কুমাৰী কন্দম নামৰ ঠাইত অৱস্থিত৷ দক্ষিণ ভাৰতৰ কুমাৰী কন্দম সাধুকথাত হেৰাই যোৱা ঠাই, যি ঠাইক সংস্কৃতিৰ ওপজা স্থান বুলি কোৱা হয়৷ এই স্থান সম্ভৱতঃ বৰ্তমানৰ কন্যাকুমাৰী  জিলাৰ দক্ষিণ ভাগত অৱস্থিত আছিল আৰু ক্ৰমাগত বহুতো বিনাশকাৰী বানপানীৰ ফলস্বৰূপে ধবংস হৈ গৈছিল৷

        এই ভিন্ন ভিন্ন দাবীৰ সমৰ্থন কৰা কোনো সবল বৈজ্ঞানিক প্ৰমাণ নোহোৱাৰ বাবে সাহিত্যিক কাৰ্যবোৰৰ সঠিক সময়সীমা আৰু কালক্ৰম নিৰ্ণয় কৰা কষ্টকৰ হৈ পৰিছে৷ যুগ, তাৰিখ, লেখকৰ নাম আনকি সংঘবোৰৰ অস্তিত্ব সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্নয়ো পণ্ডিতসকলৰ মাজত মতভেদ সৃষ্টি কৰি আহিছে৷

 

সংঘম সাহিত্যৰ বিষয়বস্তুঃ

        সংঘম সাহিত্যৰ বিষয়বস্তুসমূহক দুটা বহল ভাগত ভগাই ল’ব পাৰি– আগম  আৰু  পুৰম ৷ আগমৰ বিষয়বস্তুবোৰ ব্যক্তিগত তথা মানৱিক দৃষ্টিভংগীৰ লগত জড়িত, যাক পূৰ্ণভাৱে ক’ব বা বুজাব নোৱাৰি; মাথোঁ অনুভৱহে কৰিব পাৰি এইবোৰ বিষয়– প্ৰেম, যৌন সম্বন্ধ আদি৷ আনহাতে পুৰমৰ বিষয়বস্তু মানৱিক অভিজ্ঞতা আৰু আৱেগৰ লগত জড়িত, যেনে– বীৰত্ব, নৈতিকতা, উদাৰতা আদি৷ কবিতাবোৰক প্ৰাকৃতিক অঞ্চলভিত্তিক এনেদৰে বিভাজিত কৰিব পাৰি–

কুৰিঞ্জি  - পৰ্বতীয়া অঞ্চল বিষয়ক কবিতা

মূল্লাই  - অৰণ্য বিষয়ক কবিতা

মৰুডম  -  খেতি পথাৰ বিষয়ক কবিতা

নেইডাল  - সমুদ্ৰতীৰ বিষয়ক কবিতা

পালেই  - মৰুভূমি বিষয়ক কবিতা

সাহিত্যঃ

        সমুদ্ৰিক প্ৰলয়ৰ বাবেই দুষ্প্ৰাপ্য হোৱা প্ৰথম সংঘমকালৰ ৰচনাসমূহৰ সম্পৰ্কে জনাৰ কোনো উপায় নাই৷ অৱশ্যে এই কালৰ ৰচনা ‘অগত্তিয়ম’ৰ উল্লেখ পৰৱৰ্তী ৰচনাসমূহত পোৱা যায়৷ দ্বিতীয় সংঘৰ ৰচনাসমূহৰ ভিতৰতো মাথো ‘তোলকাপিয়ম’ৰ বিষয়ে পোৱা যায়৷ ‘তোলকাপিয়ম’ অগত্তিয়ৰৰ শিষ্য তোলকাপিয়ৰৰ দ্বাৰা ৰচিত৷ ই তামিল সাহিত্যৰ শ্ৰেষ্ঠ তথা পৌৰাণিক ব্যাকৰণ গ্ৰন্থ৷

        ‘তোলকাপিয়ম’ গ্ৰন্থখন এলুত্তধিকাৰম [অক্ষৰ ভাগ], শোল্লধিকাৰম [শব্দ ভাগ] আৰু পোৰুলধিকাৰম [বিষয় ভাগ] এই তিনিটা ভাগত ভগোৱা হৈছে৷ প্ৰথম ভাগত– অক্ষৰ সংখ্যা, মাত্ৰা, স্বৰ, লিপিৰ সাধাৰণ পৰিচয়, লোপ, ৰূপান্তৰ আদিৰ বিষয়ে ৪৮৩টা সূত্ৰ নিৰ্ধাৰণ কৰা হৈছে৷ দ্বিতীয় ভাগত শব্দৰ স্বৰূপ, প্ৰয়োগ আৰু বিভেদৰ বিষয়ে ৪৬৪ সূত্ৰত আলোচনা কৰা হৈছে৷ তৃতীয় ভাগত আকৌ ৬৫৭ সূত্ৰ আছে৷ ইয়াত তামিল সমাজৰ সামাজিক জীৱন, সাহিত্য, সংস্কৃতি আদিৰ কিছু আভাস পোৱা যায়৷

        বৰ্তমানৰ মাদুৰাইত হোৱা তৃতীয় সংঘৰ উদ্যোগত কবিয়ে বিভিন্ন ধৰণৰ ৰচনা লিখাৰ উল্লেখ পোৱা যায়৷ বহুসংখ্যক এনেবোৰ ৰচনাৰ ভিতৰত কিছুমান এতিয়া দুষ্প্ৰাপ্য যদিও ভালেমান ৰচনা উদ্ধাৰ কৰা গৈছে৷ এই উপলব্ধ ৰচনাসমূহক দুটা ভাগত ভগোৱা হৈছে– ‘এট্টুততোকেই’ আৰু ‘পত্তু পাট্টু’ ৷ আৰম্ভণিতে ১৮টা ‘পদিনেন কীল কণক্‌কু’  আৰু ৫ খন মহাকাব্যক সংঘম কবিতাৰ অন্তৰ্গত বুলি বিবেচনা কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ¸ এই ৰচনাসমূহক সংঘম সাহিত্যৰ ভিতৰত গণ্য কৰা নহয়৷ সেয়েহে আমি ইয়াত আমাৰ আলোচনা প্ৰথম দুটা ভাগলৈহে সীমাৱদ্ধ ৰাখিম৷

 

 

এত্তুততোকেই

        ‘এত্তু’ৰ অৰ্থ হ’ল ৮৷ এইখন ৮ প্ৰকাৰ ভিন ভিন কবিতাৰ সংগ্ৰহ পুথি৷ সেইবোৰ হ’ল– নত্ৰিনই, কুৰুণটোকেই, আয়ংকুৰুনুৰু, পদিতৰুপ্‌পত্তু, কলিত্‌টোকেই, পৰিপাডল, নেডুনটোকেই, পুৰনানুৰু ৷ ইয়াৰে পদিতৰুপ্‌পত্তু, পৰিপাডল, পুৰনানুৰু, আয়ংকুৰুনুৰু, কুৰুনটোকেই, নত্ৰিনই, নেডুনটোকেই আৰু কলিত্‌টোকেই আগম; পুৰনানুৰু আৰু পদিতৰুপ্‌পত্তুক পুৰম আৰু পৰিপাডলক পুৰমৰ অন্তৰ্ভুক্ত কৰা হয়৷

        উল্লেখিত সকলোবোৰ  গ্ৰন্থসমূহ সম্ভৱতঃ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ৰচনা কৰা হৈছিল, আৰু গ্ৰন্থসমূহৰ ৰচনাৰ সময়ত সম্ভৱতঃ তলত উল্লেখ কৰা ৰীতি–

        পৰিপাডল কবিতা সংগ্ৰহত মাথো সংগীতময় ৰচনাসমূহ সংগৃহীত কৰা হৈছিল৷ আকৌ কলিত্‌টোকেই কেৱল কলিপ্পা ছন্দত ৰচিত কবিতা সংগৃহীত কৰা আছে৷ ৫০০টা সৰু আগম কবিতাক ৫ টা ভাগত ভাগ কৰি আয়ংকুৰুনুৰুৰ ৰচনা কৰা হৈছে৷ ১০ জন চেৰ ৰজাৰ প্ৰশংসাত লিখা ১০ টা ভাগত বিভাজিত ১০০ টা কবিতাৰ সংগ্ৰহ হ’ল পদিতৰুপত্তু, ৪০০ পুৰম কবিতাৰে পুৰনানুৰু গঠিত তথা অন্তিম ১২০০ আগম কবিতাক তিনিখন গ্ৰন্থত বিভাজিত কৰা হৈছে৷ পাঁচৰ পৰা আঠটা পংক্তিত লিখা কবিতা কুৰুণতোকেইত সংগৃহীত কৰা হৈছিল৷ তথা ৯-১২ পংক্তিৰ কবিতাৰে নত্ৰিনেই আৰু ১৩-৩১ পংক্তিৰ কবিতাৰে অকনানুৰু গঠন কৰা হৈছিল৷ পৰিপাডল আৰু কলিত্‌টোকেইৰ বাহিৰে আন সকলো কবিতা অচিৰিয়ম ছন্দত ৰচিত৷ তদুপৰি এত্তুততোকেইৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল যে ইয়াৰে আটাইবোৰ আগম কবিতা সংগ্ৰহবোৰত তাৰ সংকলক তথা কবিৰ সংখ্যা পোৱা যায়, কিন্তু পুৰম কবিতা সংগ্ৰহবোৰত এইয়া দেখা নাযায়৷

কুৰুণতোকেই

        এইখন ৪-৮ পংক্তিৰ চাৰিশ এটা কবিতাৰ সংগ্ৰহ৷ ইয়াৰ কবিৰ সংখ্যা ২০৫ জন আৰু এই সংগ্ৰহৰ সংকলক হ’ল ‘পুৰিক্কো’৷ ইয়াত সংগৃহীত কবিতাবোৰৰ মুখ্য বিষয়বস্তু– প্ৰেম, মিলন, পাৰিবাৰিক পৰিৱেশ, দাম্পত্য জীৱন আদি৷ ইয়াত সংকলিত কিছুমান কবিতাত কবিৰ নাম পোৱা নাযায়৷ সেয়েহে কবিৰ নামৰ সলনি একোটা কাব্যিক ব্যঞ্জনাৰ উল্লেখ পৰিলক্ষিত হয়৷ ‘ইৰেয়নাৰ’ , ‘বেল্লিবীডীয়াৰ’  আদি কুৰুণতোকেইৰ প্ৰমুখ কবি৷

নত্ৰিনেই

        পাণ্ড্য ৰজা মাৰনৱলুতিৰ  দ্বাৰা নত্ৰিেনেই সংকলন কৰা হৈছিল৷ ইয়াত জ্ঝ-১২ চৰণত থকা চাৰিশ কবিতা আছে আৰু ১৭৫ জন কবিয়ে ইয়াত থকা কবিতাবোৰৰ ৰচনা কৰিছিল৷ এই গ্ৰন্থৰ এটা কবিতা ‌হেৰাই গৈছে৷ পাণ্ড্য ৰজা মাৰনৱলুতিয়ে নিজে নত্ৰিনেইত দুটা তথা কুৰণতোকেইত এটা কবিতা ৰচনা কৰিছে৷ এই গ্ৰন্থত পাঁচ প্ৰদেশৰ সংস্কাৰ, জনজীৱন আৰু ইয়াৰ মধুৰ কোমল পক্ষীৰ সুন্দৰ চিত্ৰণ প্ৰতিফলিত হয়৷

অকনানুৰু

        ইয়াত ১৩-৩১ পংক্তি থকা ৪০০ টা প্ৰেমৰ কবিতা আছে৷ অকনানুৰুৰ অন্য এটা নাম হ’ল ‘নেডুনদোগই’৷ ইয়াৰ তিনিটা ভাগ আছে– ‘কলিত্ৰিয়ানই নিৰই’ , ‘মণিমিডইপ্‌পৱলম’ , ‘নিত্তিলক্কোৱই’ ৷ পাণ্ড্য ৰজা উক্কিৰ প্পেৰুবৰুতিয়ে অকনানুৰু আৰু নত্ৰিনেইত এটাকৈ কবিতা ৰচনা কৰিছে৷ অহাননুৰুত সংগৃহীত ৪০০ প্ৰেমৰ কবিতা মুঠ ১৫৮ জন কবিৰ দ্বাৰা ৰচিত কৰা হৈছিল৷ এই কবিতাসমূহৰ পৰা তামিললোকৰ সংস্কাৰ আৰু ৰীতি-নীতিৰ বিষয়ে পৰ্যাপ্ত পৰিমাণৰ তথ্য আহৰণ কৰিব পাৰি৷

আয়ংকুৰনুৰু

        ইয়াত ৫০০ প্ৰেমৰ কবিতা পোৱা যায়৷ ঔৰম্বোকিয়াৰ , অম্মুৱনাৰ , কপিলৰ , ঔদলানদয়াৰ  আৰু পেয়নাৰ নামৰ পাঁচজন মহাকবিয়ে এই গ্ৰন্থত সংগৃহীত কবিতাৰ ৰচনা কৰিছিল৷ প্ৰত্যেকজন কবিৰ দ্বাৰা এশটাকৈ কবিতা ৰচনা কৰা হৈছিল আৰু ইয়াত সংকলিত কবিতাসমূহ মাথো ৩-৬ শাৰীৰ৷ চেৰ প্ৰদেশৰ চেৰলিৰুমপোৰইৰ তত্ত্বাৱধানত কূডলূৰ কিৰাৰৰ  দ্বাৰা এই গ্ৰন্থ সংকলন কৰা হৈছিল৷

কলিত্তোকেই

        কলিপ্পা ছন্দত ৰচিত ১৫০ কবিতাৰ সংগ্ৰহ হ’ল কলিত্তোকেই৷ পেৰুংগডুক্‌ক, কপিলৰ, মৰুদনিলনাগন, নল্‌লুৰুত্তিৰন, নল্লনতুবন  আদি পাঁচজন কবিয়ে এইখন ৰচনা কৰিছে, ইয়াত সংগৃহীত কবিতাবোৰযথেষ্ট দীঘলীয়া৷ প্ৰত্যেকটো কবিতা একোখন একাংকিকাৰ সমান, য’ত এক বা একাধিক চৰিত্ৰয়ই নিজৰ নিজৰ অংশ প্ৰস্তুত কৰা দেখা যায়৷ নল্লন্দুৱনাৰে কলিত্তোকেইৰ সংকলক৷ এই গ্ৰন্থৰ অধিকাংশ কবিতাৰ বিষয়বস্তু পাণ্ড্য ৰজা তথা তেওঁলোকৰ ৰাজ্য আৰু ৰাজধানী৷

পদিতৰুপত্তু

        পদিতৰুপপত্তু হৈছে দহবিধ কবিতাৰ সংগ্ৰহ৷ এই দহ প্ৰকাৰৰ কবিতা সংগ্ৰহৰ ভিতৰত কেৱল প্ৰথম আৰু অন্তিম কবিতাটোহে বৰ্তমান উপলব্ধ৷ এই কবিতাসমূহৰ ঐতিহাসিক গুৰুত্ব অতি মূল্যৱান৷ ইয়াত প্ৰাচীন তামিল দেশৰ ৰজাসকলৰ লগতে তেওঁলোকৰ ৰাজনীতিক স্থিতি আৰু শাসন প্ৰণালীৰ বৰ্ণনা পোৱা যায়৷

পুৰনানুৰু

        ১৫৭ জন কবিৰ দ্বাৰা ‘পুৰম’ সংবৰ্ধিত বিষয়ৰ ওপৰত ৰচিত ৪-৪০ শাৰীৰ ৪০০ কবিতাৰ সংগ্ৰাহক পুৰনানুৰু৷ এই গ্ৰন্থই সংঘম কবিতা তথা তামিল সাহিত্যৰ ইতিহাসত এটা অন্যতম স্থান লাভ কৰিছে৷ তামিলনাডুৰ বহু ঐতিহাসিক ঘটনা আৰু তেওঁলোকৰ সংস্কৃতিৰ বৰ্ণনা ইয়াত পোৱা যায়৷ তৎকালীন শাসন প্ৰণালী, ৰজাৰ উদাৰতা, আদৰ্শ প্ৰজাৰঞ্জক ৰজা, বিভিন্ন আচাৰ, শিক্ষাৰ প্ৰচাৰ, কলা আদিৰ কথা ইয়াত পোৱা যায়৷ তদুপৰি এই সংগ্ৰহত থকা বহুতো কবিতাত নাৰীৰ বীৰত্ব আৰু মহানতাৰ ওপৰত গুৰুত্ব দিয়া গৈছে৷ পুৰনানুৰুত থকা সকলো কবিতায়েই এটা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত, তেনে এটি আদৰ্শ হৈছে– “এই সমস্ত সংসাৰ আমাৰ ঘৰ আৰু প্ৰত্যেক মানুহে আমাৰ ভাই-বন্ধু৷” এই গ্ৰন্থত ১২৮ জন চোল, পাণ্ড্য  ৰজাৰ বিষয়ে বৰ্ণনা পোৱা যায়৷

পৰিপাডল

        পৰিপাডল ছন্দত ৰচিত ৭০ টা গীতৰ সংগ্ৰহ হ’ল এই গ্ৰন্থ৷ ইয়াৰে মাত্ৰ ১২ টা গীতহে বৰ্তমানে পোৱা যায়৷ ইয়াৰে ৬ টা ভগৱান বিষ্ণু, ৮ টা মুৰুগণ আৰু ৮ টা মদুৰাইৰ বইগই নদীৰ নামত উছৰ্গা কৰা হৈছে৷ এই সংগ্ৰহত আগম আৰু পুৰম দুটা ভাগৰ মিশ্ৰিত ৰচনা আছে৷ ইয়াৰ কবিতাসমূহ ২৫-৪০ পংক্তিৰ ভিতৰত ৰচিত আৰু প্ৰত্যেকতেই নামৰ লগতে ৰাগ নিৰ্দেশৰ উল্লেখ পৰিলক্ষিত হয়৷

পত্তু পাট্টু

        পত্তুৰ অৰ্থ হ’ল ১০৷ ১০৩-৭৮২ শাৰীত লিখা ১০ টা কবিতা সংকলনৰ পুথি হ’ল পত্তু পাটটু৷ ইয়াৰে ৬ টা পুৰম তথা ৪ টা আগম সংবৰ্ধিত বিষয়ৰ ওপৰত ৰচিত কবিতা৷ ৬ টা পুৰম কবিতাৰ ভিতৰত ১ টা মুৰুগণ, ৪ টা ৰজা আৰু অন্তিম পুৰম কবিতাটো এজন স্থানীয় মুৰব্বীৰ নামত ৰচিত৷ সংকলিত ১০ টা কবিতাৰ বিশিষ্টতা এনেধৰণৰ–

তিৰুমুৰুগাত্ৰুপ্পদই

        এই কবিতা সম্ভৱতঃ নক্কীৰৰ দ্বাৰা ৰচনা কৰা হৈছিল৷ আৰু পত্তুপাটটু পুথিত ই প্ৰথম স্থান লাভ কৰে৷ সংঘকালৰ শ্ৰেষ্ঠতম ৰচনা হিচাপে এইখনক মান্যতা প্ৰদান কৰা হয়৷ ইয়াতে ভগৱান মুৰুগণৰ মহিমাৰ বৰ্ণনা পোৱা যায়৷ ভগৱান মুৰুগণক উপাসনা কৰা প্ৰণালী, তেওঁৰ ভকতসকলৰ জীৱনশৈলী, পাহাৰীয়া জনজাতিৰ জীৱন তথা মুৰুগণৰ তেওঁৰ ভকতসকলক দিয়া আশিসৰ সুন্দৰ বৰ্ণনা ইয়াত দেখিবলৈ পোৱা যায়৷

পোৰুনাত্ৰুপ্পদই

        মুদত্তামক্কনিয়ৰ নামৰ কবিৰ দ্বাৰা চোল ৰজা কৰিকালনৰ প্ৰশংসা কৰি এই কবিতাৰ ৰচনা কৰা হৈছিল৷ আন সংঘম কবিতাৰ দৰেই এই কবিতাও অচিৰিয়ম ছন্দত ৰচনা কৰা হৈছে যদিও, এই কবিতাৰ কিছুমান পংক্তি ৱঞ্জী  ছন্দত লিখা৷ ইয়াত ৰজা, ৰাজ্য আৰু প্ৰজাৰ প্ৰশংসাৰ গুণগান কৰা গৈছে আৰু এই শৈলীক ‘আত্ৰুপ্পদই’ বুলি কোৱা হয়৷

চিৰুপানাত্ৰুপ্পদই 

        এই গীতটি নট্টাট্টানৰৰ দ্বাৰা ৰজা নল্লিয়ক্‌কোদনৰ প্ৰশংসাত ৰচিত৷ ইয়াত ৰজাৰ কলাত থকা ৰুচি তথা তেওঁৰ উদাৰতাৰ বিষয়ে বৰ্ণনা পোৱা যায়৷

পেৰুমপানাত্ৰুপ্পদই 

        এই গ্ৰন্থৰ প্ৰণেতা উৰুত্তিৰংনকন্ননাৰ৷ ইয়াৰ শৈলী ‘আত্ৰুপ্পদই’, য’ত ৰজা তোনদইমানৰ  দানশীলতাৰ প্ৰশংসাৰ লগতে কবিৰ বাদ্যযন্ত্ৰ, সেই সমাজৰ ব্ৰাহ্মণসকলৰ জীৱনশৈলী, সমতলত থকা মানুহৰ জীৱন, সমুদ্ৰ তীৰ, চহৰৰ বিৱৰণ ইত্যাদিও পোৱা যায়৷

মুল্লই প্‌পাত্তু 

        মুল্লই অৰ্থ হ’ল বন, সেয়েহে ইয়াক বনগীতৰ সংগ্ৰহৰ আখ্যা দিব পাৰি৷ এই কবিতা পত্তুপাটটু সংকলনৰ আটাইতকৈ চুটি কবিতা৷ ইয়াত মুল্লই প্ৰদেশ, বনস্থলৰ বিষয়ে বৰ্ণনা পোৱা যায়৷ তদুপৰি পতিপ্ৰেমী বিৰহিনীৰ বিলাপ, ধৈৰ্য, বীৰত্ব, বৰ্ষা ঋতু, ৰণক্ষেত্ৰত আঘাত পোৱা সেনাৰ প্ৰতি ৰজাৰ দৰদ, যুদ্ধ আদি বিষয়সমূহৰো সুন্দৰ বিৱৰণ আছে৷

মদুৰাইকানজি

        পত্তুপাটটু সংকলনৰ আটাইতকৈ দীঘল কবিতা ‘মদুৰাইকানজি’৷ পাণ্ড্য ৰজা নেডুংচেলিয়নৰ  প্ৰশস্তিত ‘মাংকুডি মৰুদনাৰ’ দ্বাৰা ৭৮২ পংক্তিত ৰচিত কবিতা৷ ইয়াত অন্তিম সংঘকালৰ পৰিস্থিতি, সামাজিক ব্যৱস্থা, পাণ্ড্য দেশৰ সমৃদ্ধি, বইগই নদী, দুৰ্গ, ৰাজধানী মদুৰাই নগৰ, মন্দিৰৰ উৎসৱ-পাৰ্বণ আদিৰ লগতেই জীৱনৰ নশ্বৰতাৰ বিষয়ে বৰ্ণনা পোৱা যায়৷

নেডুনলৱাডই  

        এইখন পুৰম বিভাগৰ এখন পদ্য গ্ৰন্থ৷ নক্কিৰাৰ দ্বাৰা ৰচিত এই কবিতাত পাণ্ড্য ৰজা নেডুংচেলিয়ন আৰু তেওঁৰ ৰাণী অৰসমাদেৱীক  নায়ক-নায়িকা হিচাপে লোৱা হৈছে৷ ইয়াত পাণ্ড্য ৰজা নেডুংচেলিয়ন যুদ্ধলৈ যোৱাৰ পিছত, তেওঁৰ বিৰহী পত্নীৰ তেওঁৰ বাবে থকা আকাংখ্যা, উদ্বিগ্নতা, মংগল কামনাৰ সুন্দৰ  বৰ্ণনা পোৱা যায়৷

কুৰিঞ্জিপ্‌পাত্তু

        কপিলৰ  দ্বাৰা ৰচিত কুৰিঞ্জিপাত্তুৰ মূল উদ্দেশ্য আছিল আৰ্য ৰাজকোঁৱৰ ব্ৰহাত্তাক তামিল প্ৰেম কবিতাৰ সৌন্দৰ্য্যৰ বিষয়ে অৱগত কৰোৱা আছিল৷ ইয়াত পাহাৰীয়া প্ৰদেশৰ লোকৰ আচৰণ, জীৱনশৈলী, প্ৰেম, গুপ্ত মিলন, প্ৰেমিকাৰ বিৰহ আদিৰ বিষয়ে সুন্দৰ চিত্ৰণ পোৱা যায়৷

পত্তিনপ্‌পালই

        এইখন উৰুত্তিৰং কন্ননাৰ দ্বাৰা চোলৰজা কৰিকালৰ প্ৰশস্তিত ৰচিত৷ ইয়াত কাবেৰী নদীৰ মহানতা, নিকটৱৰ্তী ঠাইসমূহৰ ঊৰ্বৰতা, চাৰিবৰ্ণৰ লোকৰ নিত্য কৰ্ম, চোল প্ৰদেশৰ সংস্কৃতি, ৰাজধানী, চোল ৰজাৰ বিজয় গাঁথাৰ বৰ্ণনা পোৱা যায়৷ সেয়েহে এই কবিতাৰ সাহিত্যিক মূল্যৰ উপৰিও ঐতিহাসিক গুৰুত্ব আছে৷ কবিয়ে যদিও এই কবিতাক অগম কবিতাৰ ৰূপ দিব চেষ্টা কৰিছিল, হ’লেও এখন পুৰম কবিতা হিচাপেই গ্ৰহণ কৰা হয়৷

মলইপুকদান 

        ৰজা নত্ৰনৰ প্ৰশস্তিত লিখা এই কবিতাৰ ৰচক পেৰুংকৱুচিকনাৰ ৷ ইয়াত সংগীত, বাদ্যযন্ত্ৰ, সুৰকাৰ আদিৰ লগতেই পাহাৰীয়া জনজাতিৰ জীৱনৰ বিষয়েও পোৱা যায়৷

        সুপ্ৰাচীন তামিল সাহিত্যৰ সংঘম কালৰ ৰচনাসমূহ বিভিন্ন বিষয়ত সমৃদ্ধ হৈ আছে৷ এই সাহিত্যৰ অধ্যয়নে তামিল সমাজ ব্যৱস্থা, জীৱন প্ৰণালী, বিশ্বাস, উৎসৱ-পাৰ্বণ, প্ৰশাসন আদি বিস্তৃত চিত্ৰ প্ৰস্তুত কৰে৷

        সংঘম সাহিত্যৰ বেছিভাগ ৰচনা বহুত আগতে হেৰাই গৈছিল; কিন্তু আৰুমুক নাৱল্লৰ, দামোদৰাম পিল্লাই, স্বামীনাথ আয়াৰ ইত্যাদিৰ  দৰে কিছুমান তামিল পণ্ডিতে এই সাহিত্যক পোহৰলৈ আনিবলৈ যথেষ্ট চেষ্টা কৰিছে৷ নৱল্লৰে প্ৰথমে তামিল সাহিত্যৰ সংঘম যুগৰ ৰচনা ১৮৫১ত মুদ্ৰণ কৰিছিল৷ তেওঁ ছপোৱা ৰচনাতো পত্তুপাটটুৰ এটা কবিতা আছিল৷ পিল্লাইএ ‘কলিতোকেই’ ১৮৮জ্জ আৰু স্বামীনাথ আইয়ৰে ‘পত্তুপাটটু’ ১৮৮জ্ঝত প্ৰথমে মুদ্ৰণ কৰিছিল৷ তেখেতসকলে আকৌ একলগ হৈ ‘তোলকাপিয়ম’ [১৮৮৯], ‘পত্তুপাটটু’ [১৮৮জ্ঝ], ‘পুৰনানুৰু’ [১৮৯৪] আদি গ্ৰন্থ ব্যাখ্যাৰ সৈতে ছপোৱাই পোহৰলৈ আনিছে৷ যাফনা মহাবিদ্যালয়ৰ যে. ৱী. চেলিয়াহে সম্পূৰ্ণ ‘পত্তুপাটটু’ ১৯৪৫ চনত ইংৰাজীলৈ অনুবাদ কৰিছে৷

        সংঘম সাহিত্য তামিল সাহিত্যৰ প্ৰাচীন সাহিত্য৷ সংঘম সাহিত্যৰাজিয়ে এনেদৰেই নিজৰ সুকীয়া বৈশিষ্ট্যৰে অতীজৰে পৰা বৰ্তমানলৈকে সমুজ্জ্বল হৈ আছে৷

*****

No comments:

Post a Comment