সংঘোত্তৰকাল বা কাব্যকাল (Kavya Period)
জয়ন্ত দত্ত
স্বামীনাথ আয়াৰৰ প্ৰয়াসৰ ফলতেই এইবোৰৰ প্ৰথম তিনিখন সম্পাদিত ৰূপত ব্যাখ্যাসহ প্ৰকাশ হৈছিল৷ এই গ্ৰন্থসমূহৰ প্ৰকাশে প্ৰাচীন তামিল সাহিত্যৰ ইতিহাসক পোহৰাই তোলে৷ দৰাচলতে ই একক সাহিত্যৰ জগততে আবদ্ধ নাথাকি ইতিহাস জগতৰ মাইলৰ খুঁটি হিচাপে প্ৰতিষ্ঠিত হয়৷ সেই কৰ্মৰ কাৰণে স্বগীৰ্য় স্বামীনাথ আয়াৰৰ ওচৰত ইতিহাসবিদসকলো ......ণী হৈ ৰ’ব৷
তামিল আৰু তামিল সাহিত্যৰাজিঃ
পাঁচখন
বৃহৎ কাব্যৰ উপৰিও এই যুগত ৰচিত আন পাঁচখন লঘু কাব্যও বিখ্যাত আছিল৷ সেইসমূহ হৈছে
নীলকেশী, শুলামণি, য়শোধৰা কাব্য, নাগ কুমাৰ কাব্য আৰু উদয়ন কুমাৰ কাব্য ৷ কৌতূহলৰ বিষয় এয়ে যে এই
দহখন কাব্য জৈন আৰু বৌদ্ধ কবিসকলৰ দ্বাৰা ৰচিত হৈছিল৷
শিলপ্পাদিকাৰম
নাটকীয় শৈলীত ৰচিত সবৰ্সুন্দৰ কাব্য৷ ইয়াৰ ৰচক হ’ল ইলংগো অডিকল [ৰাজভ্ৰাতা]৷
ইলংগো জৈন ধৰ্মৰ অনুগামী আছিল৷ শিলপ্পাদিকাৰমৰ ভূমিকাত কোৱা হৈছে যে তাত
বৰ্ণনা কৰা কথাবোৰ লেখকৰ জীৱনতেই সংঘটিত হৈছিল৷ কিন্তু বিদ্বানসকলে মন্তব্য আগবঢ়ায়
যে কবিয়ে এক প্ৰচলিত লোক কথাক গুৰুত্ব
দিহে এই কাব্য ৰচনা কৰিছিল আৰু তাত সজীৱতা ৰক্ষা কৰিবলৈ তৎকালীন সময়ৰ ছাঁ পেলোৱাৰ
প্ৰয়াস কৰিছিল৷ শিলপ্পাদিকাৰমৰ ৰচনা কালৰ সম্পৰ্কত পণ্ডিতসকলৰ মাজত মত বিৰোধ থকা
দেখা যায়৷ যথেষ্ট সংখ্যক পণ্ডিতে মন্তব্য কৰে যে শিলপ্পাদিকাৰম ইশাৰ দ্বিতীয়
শতাব্দীত ৰচনা কৰা হৈছিল৷ সংক্ষেপে শিলপ্পাদিকাৰমৰ কাহিনীভাগ আছিল এনে ধৰণৰ -
চৌথ
ৰাজধানী পুহাৰত কোৱলন নামৰ বণিক কুমাৰ
এজনৰ কন্নকি নামৰ বণিক কন্যা এগৰাকীৰ লগত
বিবাহ সম্পন্ন হৈছিল৷ তেওঁলোকে সুখী দাম্পত্য জীৱনো আৰম্ভ কৰিছিল৷ কিছু দিনৰ পাছত
কোৱলনে মাধৱী নামৰ নৰ্তকী এজনীৰ নৃত্য চাই
মুগ্ধ হৈ তেওঁৰ লগতেই সহবাস কৰিবলৈ লয়৷ মাধৱী যদিও নৰ্তকী আছিল তথাপি কোৱলনৰ প্ৰতি
তেওঁৰ প্ৰেম আছিল হৃদয়স্পৰ্শী৷
কিছুদিনৰ
পাছত ইন্দ্ৰ উৎসৱৰ দিনা কোৱলন আৰু মাধৱীয়ে পুহাৰ নগৰৰ সমুদ্ৰৰ পাৰত কাবেৰী নদীৰ
সামুদ্ৰিক সংযোগ স্থলত বীণ বাদ্যৰে দুয়োৰে গীত গাবলৈ ধৰিলে৷ কোৱলনে এনে কিছুমান
প্ৰেম-গীত গালে যে যিবোৰৰ ধ্বনিৰ অৰ্থবোধে মাধৱীক এক সন্দেহত ঘনীভূত কৰিলে৷ মাধৱীয়ে
সেই গীতৰ আঁৰত কোৱলনৰ প্ৰথম পত্নীৰ প্ৰতিচ্চবি দেখিবলৈ পালে৷ এই কথাত ক্ষুণ্ণ হৈ
মাধৱীয়েও এনে কিছুমান প্ৰেম-গীত গালে, য’ত কোৱলনেও মাধৱীৰ মন আনৰ প্ৰতি আকৃষ্ট হোৱাৰ উমান পালে৷
তেতিয়াই আৱেগিক হৈ কোৱলনে মাধৱীক এৰি ক ন্নকিৰ ওচৰলৈ উলটি আহিল৷ কিন্তু তেতিয়ালৈ
কোৱলনৰ সমগ্ৰ ধন শেষ হোৱাত কন্নকিক লৈ পাণ্ডুৰ ৰাজধানী মথুৰালৈ গ’ল৷ মদুৰাই পাই তেওঁ এজন গুৱালৰ ঘৰত কন্নকিক ৰাখি ভৰিৰ
এপাট নুপূৰ লৈ বজাৰলৈ বেচিবলৈ গ’ল৷ পথত তেওঁ পাণ্ডুৰজাৰ ৰাজ-প্ৰসাদৰ সোণাৰী এজনক
লগ পালে৷ সেই সোণাৰীজনে ৰাণীৰ নুপূৰ এপাত চুৰি কৰিছিল৷ লগতে তেওঁ এই বুলিও প্ৰচাৰ
কৰিছিল যে ৰাণীৰ এপাত নুপূৰ চুৰি হৈছে৷ সেই সময়তে নুপূৰৰ সৈতে কোৱলনক দেখা পাই
তেওঁ বৰ প্ৰসন্ন হ’ল আৰু নুপূৰ কিনাৰ আশা দি তেওঁক ৰাজমহললৈ লৈ গ’ল৷ ৰাজমহলত গৈ
সোণাৰীজনে ৰজাক জনালে যে ৰাণীৰ নুপূৰ চুৰ কৰা ব্যক্তিজন তেওঁ ধৰা পেলাইছে৷ ৰজাই
ভালকৈ বিচাৰ নকৰি ৰাণীৰ বহু মূল্যৱান নুপূৰ পাটেই কোৱলনৰ হাতত থকা নুপূৰ পাট বুলি
ভাবি ৰাজকীয় নীতি অনুসৰি তেওঁক মৃতু্যদণ্ড দিয়াৰ ব্যৱস্থা কৰিলে৷ সেই সময়তেই
দুখজনকভাৱে কোৱলনৰ মৃতু্য হ’ল৷ যেতিয়া কন্নকিৰ কাণত এই কথা পৰিল তেতিয়া তেওঁ
ৰাজদৰবাৰ পালেগৈ; য’ত
ৰজা আৰু ৰাণী দুয়ো একেলগে বহি আছিল৷ তাত কন্নকিয়ে যুক্তি দশাৰ্লে যে সেই নুপূৰ পাট
তাইৰ আছিল আৰু কোৱলন নিৰপৰাধী আছিল৷ ন্যায় প্ৰিয় ৰজাই যেতিয়া বুজিব পাৰিলে যে
তেওঁৰ অবিবেচনাৰ কাৰণেই× এজন নিদোৰ্ষী মানুহে প্ৰাণ হেৰুৱালে; তেতিয়া তেওঁৰ আকস্মিক আঘাত পাই
থিতাতে মৃতু্য হয়৷ ৰজাৰ মৃতু্যত ৰাণীয়েও দেহ ত্যাগ কৰে৷ ইয়াৰ পাছত অসীম ক্ৰোধেৰে
কন্নকি ৰাজমহলৰ বাহিৰলৈ ওলাই আহিল আৰু নিজৰ সতীত্বক অগ্নিত বিসৰ্জন দি সমগ্ৰ
মাদুৰাই নগৰ ভষ্ম কৰিলে৷
শিলপ্পাদিকাৰমৰ
সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ই এক মৌলিক ৰচনাশৈলী৷ তামিল ভাষাত ৰচিত প্ৰথম
মৌলিক বৃহৎ কাব্য আছিল এইখনেই৷ ইলংগোয়ে এক অপূবৰ্ সুন্দৰ নাটকীয় শৈলীৰে কাহিনীৰ
বৃত্তান্ত দাঙি ধৰিছে, যাৰ
বাবে আৰম্ভণিৰ পৰা শেষলৈকে পাঠকে আমনিদায়ক পৰিস্থিতিৰ সন্মুখীন নহয়৷ মাজে মাজে
তৎকালীন লোকগীতৰ প্ৰয়োগেৰে অতি মনোৰমভাৱে কাব্যখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে৷ কিছুমান
বৰ্ণনাৰ মাজত সেই সময়ৰ গদ্যশৈলীৰ স্পষ্ট নিদৰ্শন পোৱা গৈছে৷ সেয়ে কাব্যখনত প্ৰাচীন
গদ্যশৈলীও সংৰক্ষণ কৰিছে৷ শিলপ্পাদিকাৰম এখন উচ্ছ কৃতিৰ কাব্যই নহয়; দুহেজাৰ বছৰৰ আগৰ তামিল সাহিত্যৰ
দাপোণ ৰূপে তামিল সাহিত্যৰ ইতিহাসত ইয়াৰ গুৰুত্ব আছে৷ শিলপ্পাদিকাৰমৰ কথা চোল
ৰাজ্যত আৰম্ভ হৈ পাণ্ডীয় ৰাজ্য পৰ্যন্ত বিয়পি অৱশেষত চেৰ ৰাজ্যত ইয়াৰ সমাপ্তি
হৈছে৷ সেইকাৰণে এই তিনিওখন প্ৰাচীন ৰাজ্যৰ এক বাস্তৱ সজীৱ চিত্ৰ এখন এই কাব্যৰ
মাজত প্ৰতিফলিত হৈছে৷
ইলংগো
এজন জৈন মুনি আছিল যদিও তেওঁৰ কাব্যত আন ধৰ্মৰ প্ৰতি এক সহৃদয়াত্মক ভাৱধাৰা প্ৰকট
হয়৷ উদাহৰণস্বৰূপে কাব্যখনত গোৱালী সকলৰ
নৃত্য গীতৰ সন্দৰ্ভত গোৱালীসকলে গাইছিল -
“পবৰ্তক
কেন্দ্ৰকৰি, বাসুকী
সপৰ্ক ৰচী কৰি
হে
মাধৱ, সেইদিনা
তুমি সমুদ্ৰ মন্থন কৰিছিলা
মন্থন
কৰা সেই হাত, [পাছত]
যশোদাৰ
হাতত
ৰচীৰে বান্ধ খাইছিল৷
হে
নৰসিংহ, হে ভ্ৰান্তি
দূৰ কৰোঁতা! তোমাৰে কেনে মায়া!!”
শিলপ্পাদিকাৰমৰ
সকলো খণ্ডৰ চমু পৰিচয় দিয়া ইয়াত সম্ভৱ নহয়৷ তথাপি কোৱলন আৰু মাধৱীৰ লগত বিভেদ
জন্মোৱা গীতৰ কিছুমান পংক্তি বৰ উল্লেখযোগ্য৷
প্ৰকৃততে
ই আছিল এক লোকগীতহে; যি
লোকগীতৰ ধ্বনিৰ অৰ্থই মাধৱীক আন কাৰোবাৰ প্ৰেমত মগ্ন থকাৰ দ্ব্যৰ্থ ইংগিতহে বহন কৰিছে৷
সেই অৰ্থতে কোৱলনৰ মন বিচলিত আৰু বিষণ্ণ হৈছিল৷ ফলত মাধৱীৰ সংগ ত্যাগ কৰিছিল৷
দ্বিতীয়খন
কাব্য হ’ল মনিমেকলই৷ এই কাব্যখন শিলপ্পদিকাৰম কাব্যৰ কাহিনীৰেই পৰৱৰ্তী সংযোজন৷
ইয়াত মাধৱী আৰু কোৱলনৰ কন্যা মণিমেকলইৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ ইয়াৰ ৰচক হ’ল
কুলৱনীকন চিলতলই শাট্টনাৰ৷ তেওঁ অন্তিম কবি পৰিষদৰ অন্যতম সদস্য আছিল বুলি জনা
যায়৷ তামিল সাহিত্যত তেওঁৰ বিষয়ে এক মনোৰম কাহিনীৰ প্ৰচলন আছে৷ ভাষাৰ ক্ষেত্ৰত
তেওঁৰ আছিল বিশেষ পাৰদৰ্শিতা৷ কবি পৰিষদৰ সদস্য হোৱা কাৰণে তেওঁ প্ৰতিদিনে অনেক
গ্ৰন্থৰ অধ্যয়ন কৰিব লগা হৈছিল৷ সোঁহাতত
কাপ-মৈলাম আৰু বাওঁহাতত গ্ৰন্থ লৈ তেওঁ অধ্যয়নত মগ্ন হৈছিল৷ যেতিয়াই কিবা কাৰণত
ভুল দৃষ্টিগোচৰ হৈছিল তেতিয়াই সোঁহাতেৰে মূৰত টোকৰ মাৰি কলমেৰে মগজুত আঘাত
কৰিছিল৷ এইদৰে নিৰন্তৰ লেখা-পঢ.া কৰোঁতে মূৰত আঘাত কৰি সহ্য কৰি থকাৰ কাৰণে তেওঁৰ
মূৰত সদায় আঘাত দেখা গৈছিল৷ সেইকাৰণে তেওঁৰ নাম
চিলতলই শাটনাৰ– যাৰ অৰ্থ মূৰত আঘাত প্ৰাপ্ত ব্যক্তি৷
মণিমেকলই কাব্য, বৌদ্ধ ধৰ্ম প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ আছিল৷ মনিমেকলই
গ্ৰন্থত বৌদ্ধ ধৰ্মৰ অসংখ্য চিত্ৰ ৰং তুলিকাৰে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে৷
এই গ্ৰন্থৰ কাহিনীত গতানুগতিক শৃংখলা নাই৷ ইয়াৰ
সাৰাংশ এনেধৰণৰ - কোৱলনৰ দ্বাৰা পৰিত্যক্ত হৈ মাধৱী বিৰক্ত হ’ল আৰু বৌদ্ধ ভিক্ষুণী
হিচাপে বৌদ্ধ ধৰ্মৰ প্ৰতি আগ্ৰহী হয়৷ তেওঁৰ কন্যা মণিমেকলই সৰুতেই ভিক্ষুণী হয়৷
এবাৰ ৰজাৰ সন্তান উদয় কুমাৰে মণিমেকলইক দেখা পাইছিল আৰু প্ৰেমত পৰি তেওঁৰ পাছ
লৈছিল৷ কিন্তু মণিমেকলই তেওঁৰ হাতলৈ অহা নাছিল৷ এগৰাকী দেৱীয়ে তেওঁক লৈ গৈ
মণিপল্লৱ নামৰ দ্বীপ এটাত এৰি থৈ আহে; য’ত মণিমেকলয়ে ভগৱান বুদ্ধৰ দৰ্শন
লাভ কৰে আৰু দ্বীপৰ দেৱতাৰ কৃপাত ইয়াতেই অক্ষয় প্ৰাপ্তি লাভ কৰি চোল ৰাজধানীলৈ
উলটি আহে৷ তাৰপাছত তেওঁ কায়চণ্ডিকণ ৰূপে স্ত্ৰী বেশ ধৰি সবৰ্জনৰ সেৱাত মগ্ন হয়৷
এনেতে উদয় কুমাৰে কেনেবাকৈ গম পালে যে মণিমেকলয়ে কায়চণ্ডিকাণ ৰূপ লৈ ঘূৰি ফুৰিছে৷
এদিনাখন উদয়কুমাৰে কাঞ্চনন নামৰ লোক এজনক
মণিমেকলই বুলি ভাবি তেওঁৰ পাছে পাছে গ’ল৷ কাঞ্চননে উদয় কুমাৰক দেখা পালে আৰু
ক্ৰোধত ৰাজকুমাৰক মৃতু্যদণ্ড দিলে৷ এই কথাতেই ছদ্মবেশী মণিমেকলইক [উদয়কুমাৰৰ পিতৃ] গ্ৰেপ্তাৰ কৰিলে৷ কিন্তু পৰৱতীৰ্ সময়ত ৰাণীৰ অনুৰোধত তেওঁক
মুক্ত কৰি দিয়া হয়৷ ইয়াৰ পাছত মণিমেকলইয়ে বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি ঘূৰি ফুৰি
কাশিপুৰ পালেগৈ আৰু তাত এখন বৌদ্ধ বিহাৰত জীৱনৰ শেষলৈকে ভিক্ষুণী হৈ জীৱন কটালে৷
শাটনাৰৰ
ভাষা শৈলী আৰু কবিত্ব শক্তিৰ অগাধ পাণ্ডিত্যৰ কাৰণে মণিমেকলইক শ্ৰেষ্ঠ মহাকাব্যৰ
শ্ৰেণীত স্থান দিয়া হৈছিল৷ শাটনাৰে ঠায়ে ঠায়ে বৌদ্ধ ভিক্ষুৰ মাজত প্ৰচলিত বৌদ্ধ
ধৰ্মৰ সংখ্যা, মীমাংসাৰ
দৰে বিভিন্ন সিদ্ধান্তবাদী বিষয়সমূহ উল্লেখ কৰি সেইসমূহ অৰ্থ ব্যাখ্যা কৰাই
কাব্যখনক এখন অতি প্ৰাসংগিক গ্ৰন্থৰূপে প্ৰতিষ্ঠা কৰিছে৷ ধৰ্ম-তৰ্ক আদিৰ লগতে
তাত্ত্বিক দিশৰ প্ৰাৰম্ভিক আখৰা হিচাপে এই গ্ৰন্থৰ মূল্য অতি বেছি৷ ইতিহাসবিদ সকলৰ
দৃষ্টিৰে ‘মণিমেকলই’ বহুমূলীয়া তথ্যৰ ভাণ্ডাৰ স্বৰূপ কাব্য৷
শাটনাৰ
সিদ্ধান্তবাদী বিদ্বানেই নাছিল; এজন স্ৰষ্টা কবিও আছিল৷ তেওঁৰ কাব্যত মনোমুগ্ধকাৰী
শব্দচিত্ৰৰ ৰত্নস্বৰূপ সংযোজন দেখা যায়৷
যেতিয়া
উদয় কুমাৰে প্ৰথমে মণিমেকলইক ভৱনত দেখে; তেতিয়া তেওঁ সুদমদীক
সোধে - “ইয়াত কুশল কলাকাৰৰ দ্বাৰা নিৰ্মিত অনেক মূৰ্তি আৰু চিত্ৰ ৰখা হৈছে৷
সেইকাৰণে মই চিনিব পৰা নাই৷ তোমাৰ সখী ক’ত আছে অনুগ্ৰহ কৰি দেখুওৱা৷”
ভগৱান
বুদ্ধৰ চৰণ প্ৰথমবাৰ দৰ্শন কৰি মণিমেকলাই স্তম্ভিত হৈ পৰিল৷ “পদুমৰ কলিৰ দৰে দুই
হাত শিৰত যোৰ খালে৷ ফুল সদৃশ চকু তিৰ্বিৰাব ধৰিলে৷”
‘জীৱক
চিন্তামণি’ মহাকাব্য জৈন মুনি মহাকবি তিৰুতক্কদেৱৰ অমৰ সৃষ্টি৷ এই গ্ৰন্থৰ ৰচনাকাল
নৱম শতিকা বুলি জনা যায়৷ তথাপি তামিল সাহিত্যত প্ৰাচীন মহাকাব্যৰ ভিতৰত এইখনকো ধৰা
হয়৷ সেয়ে এই গ্ৰন্থৰ প্ৰাসংগিকতা অনেক৷
এই
মহাকাব্যত জীৱক নামৰ ৰাজকুমাৰৰ জীৱনী, জন্ম আৰু মৃতু্যৰ বৰ্ণনা কৰা হৈছে৷ শৃংগাৰ ৰসৰ পয়োভৰ আছে
যদিও কাব্যখনত জৈন ধৰ্মৰ প্ৰভাৱ অতি উদাৰ দৃষ্টিৰে তুলি ধৰা হৈছে৷ কাব্যৰ নায়ক
জীৱকে বিবাহ কৰি জীৱনৰ সকলো প্ৰকাৰ সুখ-দুখ ভোগ কৰি পৰৱর্তী সময়ত জীৱনৰ
ক্ষণভংগুৰতাৰ উপলব্ধি কৰি ৰাজ্য তথা সুখ-ভোগ ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰি লয় আৰু
সোঁশৰীৰে সিদ্ধ লোকত অৱস্থান কৰে৷ চমুকৈ এয়েই কাব্যখনৰ চমু কাহিনী৷
সাহিত্যিক দৃষ্টিৰে ‘জীৱক চিন্তামণি’ গ্ৰন্থৰ মহত্ত্ব এয়ে যে
বিৰুত্ত ছন্দত ৰচনা কৰা এইখনেই তামিলৰ
প্ৰথম কাব্য৷ কবিয়ে তেওঁৰ সময়ৰ তামিল প্ৰদেশৰ ৰাজনীতি তথা সামাজিক তথ্য, কলাত্মক আৰু সাংস্কৃতিক জীৱনক সজীৱ
আৰু বাস্তৱ ৰূপত ইয়াত নিমাৰ্ণ কৰিছে৷ সেইকাৰণে ঐতিহাসিক দৃষ্টিভঙ্গীৰেও এই কাব্যক
মহত্ত্বপূৰ্ণ বুলি মানি লোৱা হৈছে৷
এই
কাব্যত অতিৰুক্তি আৰু অতু্যক্তিৰ অধিক প্ৰয়োগ দেখা যায় যদিও তেওঁৰ কবিতাত এক
অদ্ভুত মাধুয্যৰ্ বিদ্যমান৷ শব্দৰ সাঙ্গীতিক লহৰত অবাস্তৱ কাহিনী বাস্তৱ ৰূপত
নিমাৰ্ণ কৰা হৈছে৷ তেওঁৰ ভাষা আৰু ৰচনাশৈলীয়ে তামিল সাহিত্যক এক নতুন ৰূপ প্ৰদান
কৰিছে৷ মহাকবি কম্বনে নিজৰ সবৰ্শ্ৰেষ্ঠ কাব্য ‘কম্ব ৰামায়ণ’ত ‘জীৱক চিন্তামণি’ৰ
শৈলীক গুৰুত্ব দিছে আৰু তিৰুতক্কদেৱে বহু ভাবৰ উপমা পোনপটীয়াকৈ নিঃসংকোচভাৱে
ব্যৱহাৰ কৰা দেখা গৈছে৷
জীৱক
চিন্তামণিত ৩১৪৭ কবিতা আছে৷ ইয়াৰ বিশেষত্ব সন্দৰ্ভত ইয়াত আলোকপাত কৰা সম্ভৱ নহয়৷
কবিৰ বৰ্ণনাৰ শৈলীৰ দুই এটি উদাহৰণহে তুলি ধৰাৰ চেষ্টা কৰা হৈছে৷
জৈন
ধৰ্মৰ পুৰ্নজন্ম সিদ্ধান্ত আৰু বৈৰাগ্যৰ ভাৱনা, জীৱৰ সন্ন্যাস গুণৰ সময়ৰ কথা এই উক্তিত স্পষ্ট ৰূপত
প্ৰতিফলিত হৈছে - “আমি পূবৰ্জন্মত এই সকলৰ [পুত্ৰ পৰিবাৰ] বান্ধৱ নাছিলোঁ৷ ভৱিষ্যত
জন্মতো আমি এওঁলোকৰ বন্ধ³ নহও৷ এই কাৰণে বন্ধ³ বুলি
বাস্তৱ বস্তু একো নাই৷”
পাঁচখন
লঘু কাব্যৰ ভিতৰত নীলকেশী তথা উদয়ণ কুমাৰ কাব্য আদি স্বামীনাথ আয়াৰৰ দ্বাৰা প্ৰকাশ
হৈছিল৷ এই পাঁচখন কাব্য জৈন কবিসকলৰ দ্বাৰা ৰচিত৷ কাব্যৰসিকসকলৰ মন্তব্য এয়ে যে এই
কাব্যসমূহত কাব্যৰ লক্ষণ কম; ধৰ্ম প্ৰচাৰহে ইয়াৰ প্ৰধান দিশ৷
সংঘকালত
জীৱনেই প্ৰধান বুলি গণ্য কৰা হৈছিল৷ কিন্তু সংঘোত্তৰ কালত ধাৰ্মিক তৰ্ক-বিতৰ্ক আৰু
সিদ্ধান্তৰ প্ৰচাৰত লৌকিক জীৱনতকৈ অধিক মহত্ব প্ৰদান কৰা হয়৷ সকলোতকৈ উদ্ধৰ্ত
সংঘকালীন কবিসকলে জীৱনৰ প্ৰতি যি অদম্য উৎসাহ আৰু আশাবাদ প্ৰতিষ্ঠা কৰিছিল সেয়া
ক্ৰমে পৰিৱৰ্তন হোৱা দেখা যায় আৰু সংঘোত্তৰ কালত জীৱনৰ প্ৰতি উদাসীনতা, নৈৰাজ্য আৰু ঘৃণালৈ পৰিৱৰ্তন হয়৷
হয়তো ই সংঘকালৰ নিবোৰ্ধ ভোগবাদৰ স্বাভাৱিক প্ৰক্ৰিয়াহে আছিল অথবা এইটোও হ’ব পাৰে
যে জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ ফলস্বৰূপে জনতাৰ মাজত এনে ভাৱনা ভৰি পৰিছিল৷ নতুবা
এইদৰেও ভাবিব পাৰি যে স্বভাৱত জনতাৰ মাজত ভোগবাদৰ প্ৰতিক্ৰিয়াৰ ৰূপত যি বিৰাগ আৰু
নৈৰাশ্যৰ ছাঁ পৰিছিল, সেই
ছাঁ বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰচাৰকসকলে আৰু বঢ.াই তুলিলে৷
এইটোও
গুৰুত্বপূৰ্ণ কথা যে বিভিন্ন ধৰ্মৰ প্ৰচাৰ এইদৰে বৃদ্ধি পোৱাৰ পাছতো সংঘোত্তৰ
কালৰ কবিসকলৰ মাজত অথবা জনতাৰ মাজত ভেদ আহিব পৰা নাছিল৷ ৰজা-প্ৰজা সকলোৱে সকলো
ধমাৰ্ৱলম্বীৰ সৈতে একে ধৰণৰ ব্যৱহাৰ কৰিছিল৷ এনেধৰণৰ কথাও দেখা গৈছিল যে একোটা
পৰিয়ালতে বিভিন্ন ধৰ্মৰ লোকো আছিল৷ উদাহৰণস্বৰূপে শিলপ্পদিকাৰমৰ ৰচয়িতা ইলংগো জৈন
আছিল; কিন্তু
তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰজা চেংকুতুৱন বৈষ্ণৱ আছিল৷
*****
No comments:
Post a Comment