তামিল নীতি-সাহিত্য (Didactic literature)
উদিপ্ত তালুকদাৰ
ভাৰতীয় সাহিত্যৰ ভিতৰত তামিল সাহিত্য চহকী
সাহিত্য৷ এই সাহিত্যৰ প্ৰাচীন সংঘোত্তৰ
কালৰ পাছতেই নীতি সাহিত্যৰ আৰম্ভণি বুলি ক’ব পাৰি৷ এই সময়খিনিত জনসাধাৰণক নৈতিক
শিক্ষা দিয়াৰ উদ্দেশ্যে এই সাহিত্যসমূহ পথ প্ৰদৰ্শক আছিল৷ পণ্ডিতসকলে এই নীতি
সাহিত্যসমূহক সংগ্ৰহ কৰি শৃংখলাবদ্ধভাৱে সজাইছিল৷ এই সংগ্ৰহৰ নাম হ’ল পদিনেন্ কীল
কণক্কু৷ ইয়াত চাৰিটা চৰণৰ ভালেসংখ্যক কবিতা সন্নিৱিষ্ট কৰা হৈছিল; যিয়ে জনগণক জীৱন যাপনৰ কেতবোৰ
নীতিমূলক শিক্ষা প্ৰদান কৰিছিল৷
কবিতাত নীতিতত্ত্বত গুৰুত্ব দিয়া তামিল সাহিত্যৰ এটি অন্যতম বৈশিষ্ট্য বুলিব পাৰি৷ সম্ভৱতঃ ইয়াৰ কাৰণ তামিল সাহিত্যৰ ওপৰত জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰভাৱ হ’ব পাৰে৷ দৰাচলতে বৌদ্ধ আৰু জৈন দুটি মহান প্ৰচাৰিত ধৰ্ম৷ এই ধৰ্মত পৰমাত্মা আৰু নিৰ্বাণ সম্পৰ্কীয় চৰ্চা কৰা হৈছে৷ কিন্তু সমগ্ৰ বিশ্বত আস্তিক শব্দ যি অৰ্থ গ্ৰহণ কৰা হয় সেই দিশৰ পৰা এই দুটি ধৰ্মক আস্তিক বুলি ক’ব নোৱাৰি৷ দৰাচলতে মানৱ মাত্ৰৰে আত্মাৰ পূৰ্ণতাই হৈছে তেওঁলোকৰ পৰমাত্মা৷ কিন্তু আমি দেখিবলৈ পাওঁ যে এই আন্দোলনৰ ফলস্বৰূপে কিছুসংখ্যক জৈন আৰু বৌদ্ধ কবিয়ে পূৰ্ণতা লাভ কৰা আত্মাৰ প্ৰতি হূদয়োদগাৰ অৰ্পণ কৰিছে৷ কিন্তু ই অন্য আস্তিক ধৰ্মত দেখিবলৈ পোৱা পৰমাত্মাৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আত্মসমৰ্পণতকৈ সম্পূৰ্ণ ভিন্ন৷ এই আস্তিক ধৰ্মৰ পৰমাত্মা সম্পূৰ্ণৰূপে প্ৰেমময়৷ এই পৰমাত্মাই জগত আৰু সমস্ত প্ৰাণীক মৌলিক দিব্য কৰুণাৰ জৰিয়তে ৰক্ষা কৰিবলৈ চেষ্টা কৰে৷ ইয়াৰ ফলতেই সাহিত্যত দুটি প্ৰৱাহৰ সৃষ্টি হ’ল৷ এটি প্ৰৱাহ হ’ল নৈতিক ৰহস্যবাদৰ আৰু আনটো প্ৰৱাহ হ’ল ধাৰ্মিক ৰহস্যবাদৰ৷
নীতি সাহিত্যৰ মহত্ত্বঃ
[ক]
এই সাহিত্যৰ আধুনিক পাঠ্যক্ৰম আৰু ইতিহাসঃ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত তামিল
নৈতিক সাহিত্য অধ্যয়নৰ মহত্ত্ব উপলব্ধি কৰিব পৰা যায়৷ তামিল দেশত শিশুসকলে
স্কুলীয়া সময়ছোৱাতে এনে নীতিমূলক পদ্যবোৰৰ জৰিয়তে আনন্দপ্ৰাপ্তি লাভ কৰে৷ তামিল
নীতিগ্ৰন্থসমূহৰ পৰিচয় দাঙি ধৰাৰ প্ৰসংগত এনে সাহিত্যৰ ইতিহাসৰ প্ৰতি দৃষ্টি
দিয়াটো প্ৰয়োজনীয়৷
অত্তিচ্ছুডীঃ তামিল ভাষী শিশুসকলে পোনপ্ৰথমে আত্তিচ্ছুডী
নামৰ কবিতা পুথিখন মুখস্থ কৰে৷ এই পুথিৰ সহায়তে তেওঁলোকে তামিল ভাষাৰ বৰ্ণমালাবোৰ
শিকে৷ ইয়াৰ প্ৰত্যেকটো সূত্ৰ প্ৰধানৰূপে দুটা চৰণৰ আৰু প্ৰত্যেক চৰণত দুটা বৰ্ণ
আৰু দুটা মাত্ৰা থাকে৷ এই সূত্ৰসমূহৰ প্ৰাৰম্ভিক বৰ্ণ তামিল বৰ্ণমালাৰ অকাৰাদি
ক্ৰমত আছে৷ এয়া দেখিলেই আমাৰ দৃষ্টি তৎক্ষণাত ইংৰাজী পদ্ধতি আৰু তামিল পদ্ধতিৰ
ভিন্নতাৰ পিনে যায়৷ যিদৰে ব্ৰিটিছ শিশু এটিয়ে প্ৰাৰম্ভিক অৱস্থাৰ পৰাই ধনু-কাড়
আদি অস্ত্ৰ-শস্ত্ৰৰে ভৰা এক যুদ্ধ-বিগ্ৰহ তথা সংঘৰ্ষৰ পৰিস্থিতিত থাকিবলৈ শিকে ঠিক; একেদৰে এটি তামিল শিশুৱে শৈশৱ
অৱস্থাৰ পৰাই নীতি আৰু ধৰ্মৰে ভৰা এখনি পৃথিৱীত প্ৰৱেশ কৰে আৰু এইদৰে প্ৰেম, সদাচাৰ, সংযম, সমাজসেৱা, পৰোপকাৰ আদি অনুভূতিবোৰ শিকে৷ তামিল বৰ্ণমালাৰ প্ৰথম
সূত্ৰটো হ’ল ‘অৰম্ চেয় বিৰুম্বু’ – যাৰ অৰ্থ হৈছে ধৰ্ম কৰাৰ ইচ্ছা কৰা৷ ইয়াৰ পিছত
হ’ল ‘আৰুবদু চিনম্’ অৰ্থ– ক্ৰোধৰ অগ্নিক
নুমাব লাগে৷ আৰু ইয়াৰ পিছত ‘ইয়লবদু কৰবেল্ – অৰ্থাৎ এজন মানুহে আপোনাৰ পৰা যদি
সহায় বিচাৰে আপুনি নিশ্চিন্তমনে তেওঁক পাৰ্যমানে সহায় আগবঢ়াওক৷
কোন্ৰৈ বেন্দন্
শিশুসকলে
এই সৰু সৰু সূত্ৰসমূহৰ লয়ৰ লগত পৰিচিত হৈ তামিল পদ্যসমূহৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ
ফাঁকিবোৰক ভালদৰে শিকি লোৱাৰ পিছত দীঘল সূত্ৰৰে সমাহিত পুথিবোৰ পঢ়ে৷ এই পুথিসমূহৰ
সূত্ৰবোৰ অকাৰাদি ক্ৰমত আছে৷ এই পুথিখনৰ নাম হ’ল ‘কোণ্ৰৈ বৈন্দন’৷ ইয়াৰ
প্ৰত্যেকটো শাৰীত চাৰিটা চৰণ আছে আৰু প্ৰত্যেক চৰণত দুটা পদ আছে, কিন্তু এই পদসমূহ সাধাৰণতে
‘অত্তিচ্ছুডী’ৰ পদ সূত্ৰসমূহতকৈ তুলনাত্মকৰূপে অধিক কঠিন আৰু দীঘল৷ দ্বিতীয় পুথিখনৰ
প্ৰথম শাৰীটো হৈছে– ‘অন্মৈয়ুম্ পিতাবুম মুন্নেৰী দেয়ৱম’ শ্চ– অৰ্থাৎ পিতৃ আৰু মাতৃয়ে সেই পৰমাত্মা যাক
আমি পোনপ্ৰথমতে চিনি পাওঁ৷ সেই দুইখন পুথিৰ নাম ইয়াৰ আৰম্ভণিতে উল্লেখিত
প্ৰাৰ্থনাসমূহৰ ওপৰত আধাৰিত অৰ্থাৎ ইয়াৰ প্ৰাৰম্ভিক প্ৰাৰ্থনাসমূহৰ আৰম্ভণি যিবোৰ শব্দৰে
হৈছে তাৰ আধাৰতে ইয়াৰ নামকৰণ হ’ল৷
তামিল নীতি সাহিত্যত অব্বৈয়াৰ
পৰম্পৰা
নল্ৱলি
বৈন্বাত
চাৰিটা চৰণ থাকে৷ ‘নলৱলিত সৰল উপমা আছে, যেনে– ‘নদী শুকাই যোৱাৰ পিছতো তাৰ তলিত ৰৈ যোৱা জলৰাশিয়ে
তৃষ্ণাতুৰ মানৱ আৰু পশুকুলৰ তৃষ্ণা দূৰ কৰে৷ কিন্তু ইয়াৰ বাবে নদীৰ তলিখন খন্দাৰ
কষ্ট কৰিব লগা হয়৷ এইটো অতি উৎকৃষ্ট উদাহৰণ৷
বাক্কুণ্ডাম্
‘বাক্কুণ্ডাম্’ও
এখন মহত্ত্বপূৰ্ণ গ্ৰন্থ৷ কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে যে এই গ্ৰন্থখন
তুলনামূলকৰূপে কিছু পুৰণি৷ গতিকে এই শতিকাৰ মানুহৰ বাবে ইয়াৰ তামিলৰ শৈলী আৰু
জতুৱা ঠাঁচবোৰ বহু পৰিমাণে কঠিন৷ উদাহৰণস্বৰূপে “ভাল কামৰ ফলাফল সদায় ভাল৷ ইয়াত
অকণো সন্দেহ নাই৷ আমি নাৰিকল গছৰ শিপাত পানী দিওঁ৷ সময় অতিবাহিত হোৱাৰ লগে লগে ই
ডাঙৰ আৰু শক্তিশালী গছৰ ৰূপ লয়৷ এই গছজোপাই ডাঙৰ হৈ তাৰ শিপাত দিয়া পানীৰ
বিনিময়ৰূপে মালিকক নাৰিকল ফল প্ৰদান কৰে৷” ভাব-প্ৰৱাহত গম্ভীৰতা থাকিলেও ইয়াত
নীতিৰ তত্ত্বসমূহ এনেদৰে কোৱা হৈছে যে শিশুসকলে ইয়াক যুক্তিপূৰ্ণৰূপে সহজে বুজিব
পাৰে আৰু ইয়াৰ মহত্ত্ব সিহঁতৰ মনত বদ্ধমূল হৈ ৰয়৷
ওপৰৰ
পুথিৰ সূত্ৰসমূহেৰে তামিল বৰ্ণমালা শিকাৰ পিছত শিশুসকলে অন্য নীতি কবিতাসমূহ
অধ্যয়ন কৰে৷ এই কবিতাসমূহ ভাষা আৰু ভাবৰ ফালৰ পৰা অধিক কঠিন৷ ইয়াত উপমা আৰু ৰূপকৰ
জৰিয়তে শিশুসকলৰ ভিতৰত নীতিতত্ত্বক গঢ় দিয়া হয়৷ এনে ধৰণৰ দুটি কবিতাৰ নাম হ’ল
‘নল্বলি’ আৰু ‘বাক্কুণ্ডাম্’ শ্চ৷ ‘নল্বলি’ৰ
অৰ্থ হ’ল ‘সন্মাৰ্গ’৷ এই সকলোবোৰ কবিতা অব্বৈয়াৰ নামক কবিয়ত্ৰীৰ দ্বাৰা ৰচিত বুলি
কোৱা হয়৷ অব্বৈয়াৰৰ অৰ্থ হ’ল মাতৃ৷ কেতিয়াবা ইয়াৰ অৰ্থ জৈন ভিক্ষাৰী হিচাপেও লোৱা
হয়৷ কিন্তু এই শব্দটোৱে মানৱ মাতৃৰ সেই আধ্যাত্মিক আৰু নৈতিক ব্যক্তিত্বক প্ৰতিফলিত
কৰে যিয়ে সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ সকলোৰে সৈতে সামঞ্জস্য স্থাপন কৰি মানৱ
কল্যাণৰ হকে কাম কৰি আছে আৰু যাৰ হূদয় সমাজৰ দীন-দুখীয়াখিনিৰ বাবে সহানুভূতিৰে
সিক্ত হৈ আছে৷ তামিলনাডুৰ শ্ৰেষ্ঠ পৰম্পৰাসমূহৰ মতে প্ৰত্যেক তামিলভাষীৰ চকুত
অব্বৈয়াৰৰ এই ছবি ভাহি আছে৷ তামিল পৰম্পৰাৰ মতে অব্বৈয়াৰ ব্যক্তিত্ব নৈতিক
ৰহস্যবাদিনী এজনী নাৰীৰ ব্যক্তিত্ব৷
নীতি ৱেণপা
নীতি
বৈন্বা সদৃশ পৰৱৰ্তী গ্ৰন্থসমূহো এই পৱিত্ৰ নামৰ কৃতি বুলি কোৱা হয়৷ যদিও এই ধৰণৰ
গ্ৰন্থসমূহ তুলনাত্মকভাৱে নতুন৷ তথাপি এই গ্ৰন্থসমূহৰ বৈশিষ্ট্য এয়ে যে এই আটাইবোৰ
বেন্বা নামক ছন্দত ৰচিত৷ এই ছন্দসমূহে বহু পৰিমাণে আমাৰ মনত লয়যুক্ত ভাষা আৰু
বিশেষকৈ উপদেশমূলক ভাষাৰ উপস্থাপন কৰে৷
উলগনীতি
উলগনীতি
যাৰ অৰ্থ হ’ল ‘সংসাৰৰ নীতি’৷ ইয়াত প্ৰত্যেকটো শাৰী নিষেধাত্মক ৰূপত আছে৷
উদাহৰণস্বৰূপে ‘এদিনো নপঢ়াকৈ নাথাকিবা, কাৰো বিষয়ে বেয়াকৈ নক’বা’৷
বেত্ৰি বেৰ্ক্কই
এই
পদ্যবিলাকৰ লেখক ১৫ শতিকাৰ অন্তিম ভাগৰ তিৰুনেলবেলীৰ পাণ্ড্যবংশৰ ৰজা আছিল৷ এই
পুথিখন অদিৱীৰৰামপাণ্ডিয়ানে লিখা বুলিও বহুতে ক’ব বিচাৰে৷ প্ৰথম পদ্যত উল্লেখিত
‘বেট্ৰিবেকৈ’ শব্দৰ পৰাই এই পুথিখনৰ নাম ‘বেত্ৰি বেৰ্ক্কই’ ৰখা হয়৷ এই পুথিখনৰ আন
এটি নাম হ’ল ‘নৰুন্তোগৈ’ ইয়াৰ অৰ্থ হ’ল
নীতিশ্লোকসমূহৰ সংগ্ৰহ৷ ‘যিয়ে আমাক আখৰ শিকালে, তেঁৱেই মূলতঃ পৰমাত্মা’ শব্দকেইটাৰে এই পুথিখনৰ আৰম্ভণি
হৈছে৷ এই পুথিখন কাব্য সৌন্দৰ্যৰে ভৰপূৰ৷ ইয়াৰ কবিতাসমূহৰ জাক-জমকতা আৰু বিশালতা
সুকীয়া৷ ওপৰত উল্লেখিত ৱেণপা সংগ্ৰহ পঢ়াৰ পূৰ্বে শিশুসকলে ‘উলগনীতি’ আৰু ‘বেত্ৰি বেৰ্ক্কই’ পঢ়ে৷
নন্নেৰি
শিৱপ্ৰকাশ নামৰ কবিজনে ‘নন্নেৰি’ নামৰ গ্ৰন্থখন ৰচনা
কৰিছিল৷ ‘নন্নেৰি’ৰ অৰ্থ হৈছে ‘সৎ পথ’৷ এই গ্ৰন্থখনো ৱেণপা ছন্দত ৰচিত৷ এই
গ্ৰন্থসমূহত শিশুসকলক নৈতিক তত্ত্বৰ জ্ঞান দিবলৈ পৌৰাণিক কাহিনীৰ প্ৰয়োগ কৰা হৈছে৷
উদাহৰণস্বৰূপে– “পৃথিৱীত বাহ্যিক ৰূপৰ পৰিৱৰ্তে আন্তৰিক ৰূপৰহে মহত্ত্ব বেছি৷
কামদেৱে শিৱক ফুলেৰে সজ্জিত কাঁড়েৰে প্ৰহাৰ কৰিছিল আৰু ইয়াৰ বাবে শিৱই কামদেৱক
ভষ্মীভূত কৰিছিল৷ ইয়াৰ পৰিৱৰ্তে চক্কিয় নায়নাৰ
নামৰ এজন সাধুৱে ভগৱানৰ মূৰ্তিলৈ শিল দলিয়াইছিল; কিয়নো বৌদ্ধ যুগত এনেদৰেই ভগৱানৰ পূজা-অৰ্চনা কৰা হৈছিল আৰু
ভগৱানে এই সাধুজনক আদৰণি জনাইছিল৷”
‘নীতিনেৰি বিলক্কম্’
ইয়াৰ
পিছত শিশুসকলে ‘নীতিনেৰি বিলক্কম্’ পঢ়ে৷ এই পুথিখন ধৰ্মপুৰম্ মঠৰ শ্ৰী কুমৰকুৰুপৰ স্বামীয়ে ৰচনা কৰিছিল৷ এই পুথিখন শিৱপ্ৰকাশ স্বামীৰ সময়তকৈ পূৰ্বকালীন আছিল৷ কুমাৰকুৰপৰদেৱে
বেনাৰসত এটি মঠ স্থাপন কৰিছিল৷ তেওঁৰ এই পুথিখন ‘তিৰুক্কুৰল’ৰ সাৰাংশস্বৰূপ৷
যিহেতু তেওঁ এজন সন্ন্যাসী আছিল গতিকে ইয়াৰ ‘কামত্তুপ্পাল’ নামৰ তৃতীয় অংশটো পুথিখনত এৰি গৈছিল৷
অৰ্থশাস্ত্ৰত বিশেষ প্ৰৱেশ নাথাকিলেও তেওঁ ‘তিৰুক্কুৰল’ত এই সম্পৰ্কে লিখিছে৷
কিন্তু তেওঁ প্ৰত্যেকটো কথাকেই ব্যক্তিগত নৈতিক দৃষ্টিভংগীৰ ফালৰ পৰা বিচাৰ-বিশে¡ষণ কৰি
চাইছিল৷ সেই সময়ৰ অশান্তিগ্ৰস্ত অৱস্থাত যেতিয়া সমাজত ধনী ব্যক্তিসকলে ধৰ্মৰ পথ
অনুসৰণ কৰিব বিচৰা নাছিল তেতিয়া কুমৰকুৰুপৰ দৰে ধাৰ্মিক ব্যক্তিসকলে নৈতিক
দৃষ্টিভংগীৰ ওপৰত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল৷ শিক্ষাৰ মহত্ব আৰু অৰ্থ
মানুহৰ জীৱনৰ বাবে আৱশ্যক- এই দুটি কথাক এই গ্ৰন্থই গুৰুত্ব প্ৰদান কৰা৷ ধাৰ্মিক
ব্যক্তিসকলে নীতি কাৰ্যৰ অনুশীলন কৰিলে তেওঁলোকে নিজেই নিজৰ সৎকৰ্মৰ উমান নাপায়
আৰু এইদৰে তেওঁলোকে নৈতিকতাৰ ফালৰ পৰা আগুৱাই গৈ এক উচ্ছস্থান লাভ কৰে৷ এইদৰে
ধাৰ্মিক ক্ষেত্ৰতো ‘নীতি নেৰিবিলক্কম্’ৰ মহত্ত্ব সহজে উপলব্ধি কৰিব পাৰি৷ গতিকে
নিশ্চিতভাৱে সাধাৰণ মানুহৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অতি মহান আছিল৷ ‘নন্নেৰি’ৰ দৰে এই
গ্ৰন্থখনো প্ৰাচীন উচ্ছ সাহিত্যিক শৈলীত ৰচিত৷ গ্ৰন্থকাৰে স্বকীয় ভব্য উপদেশমূলক
শৈলীৰে গ্ৰন্থখনৰ ৰচনা কৰিছিল৷
নালড়িয়াৰ আৰু কুৰল
ইয়াৰ
পিছত শিশুসকলে ‘নালড়িয়াৰ’ পঢ়ে৷ এই কবিতাটিও ৱেণপা ছন্দত ৰচিত৷ শেষত শিশুসকলে
‘তিৰুক্কুৰল’ পঢ়ে৷ অন্তিম পৰ্যায়ত মহাকাব্যিক গীত আৰু তামিল সাহিত্যৰ অন্য
কবিতাসমূহৰ অধ্যয়ন কৰে৷ আধুনিক পাঠ্য প্ৰণালীতো ‘তিৰুক্কুৰল’ এই অধ্যয়নৰ শীৰ্ষত
আছে৷ আমাৰ ল’ৰা-ছোৱালীবোৰে এই মহান অমৰ কৃতিখনৰ কিছু অংশ মিডিল স্কুলৰ পৰা বি.এ.
বা বি.এছ.চি.লৈকে অধ্যয়ন কৰে৷ ল’ৰা-ছোৱালীবোৰক এই নীতিকাব্যসমূহ স্নাতক হোৱালৈকে
পঢ়োৱা হয়৷
আধুনিক কালত আত্তিচ্ছুডিৰ পৰম্পৰা
আমাৰ
ৰাষ্টীয় কবি ভাৰতী আৰু
তেওঁৰ শিষ্য ভাৰতীদাসনে বৰ্তমান সময়ত
আত্তিচ্ছুডিৰ দুটি নতুন সংস্কৰণ লিখিছে৷ যদিও এই দুইজনা কবি ভিন্ন স্থানত আছিল
তথাপি এওঁলোকৰ ৰচিত আত্তিচ্ছুডিয়ে বৰ্তমান প্ৰজন্মৰ মনত বন্ধুত্বৰ ভাব দৃঢ় কৰি তোলে৷
তাৰ প্ৰতিফলন আমি অতি সহজে দেখিবলৈ পাওঁ৷ তেওঁলোক দুইজনে এটি এটি কবিতা লিখিছিল
আৰু তাক তেওঁলোকে ‘পুদিয় আত্তিচ্ছুডি’ [নতুন আত্তিচ্ছুডি] নামেৰে নামকৰণ কৰিছিল৷
এই দুয়োটি কবিতা অব্বৈয়াৰৰ প্ৰাচীন আত্তিচ্ছুডি শৈলীত ৰচিত৷ ভাৰতীয়ে নবীন ৰাষ্টীয়
চেতনাৰ ওপৰত অধিক গুৰুত্ব দিছিল আৰু নতুন স্বাভিমানী নাগৰিকৰ নতুন সমাজৰ বাবে নতুন
নীতি-নিয়ম বনাইছিল৷
সংঘকালৰ কবিতাত আচাৰঃ
সংঘকালীন কবিতাঃ
প্ৰাচীন
তামিল সাহিত্যৰ সমানেই নৈতিক ৰহস্যবাদো পুৰণি৷ কিয়নো প্ৰাচীনতম সংঘকালীন সাহিত্যতো
সেইধৰণৰ কবিতা পোৱা যায়৷ সেই কালৰ আৰু তাৰ পৰৱৰ্তীকালৰ গুণগ্ৰাহীসকলে এই
কবিতাসমূহৰ ভিতৰত যিবোৰক সৰ্বোকৃষ্ট বুলি ভাবিলে, তেওঁলোকে সেইবোৰক আঠখন সংগ্ৰহৰূপে একত্ৰিত কৰিলে৷ ইয়াত
তিনিৰ পৰা বিশটালৈকে শাৰী আছে৷ দহটা দীঘল কবিতাৰ আৰু এখন সংগ্ৰহ আছে য’ত কমেও ১০৩
টা শাৰী আছে৷
নাটকীয় একভাষিতাঃ
তামিলৰ
প্ৰাচীনতম মহাকাব্য ‘শিলপ্পদিকাৰম’খন সংঘকালৰ অন্তিম সময়ছোৱাত ৰচিত৷ সংঘকালৰ
কবিতাত নাটকীয় একভাষিতা আছিল৷ ইয়াত কবিসকলে কল্পনাৰ সহায়ত এটি মৌলিক মানৱীয় ঘটনাৰ
চিত্ৰণ কৰিছিল৷ কিন্তু এই ঘটনাক তেওঁলোকে এনেদৰে বৰ্ণনা কৰিছিল যেন কবিসকল সেই
ঘটনাৰ এটি চৰিত্ৰহে৷
অন্তৰংগ কবিতাঃ
সংঘকালৰ
কবিসকলে তেওঁলোকৰ কবিতাসমূহক ‘অন্তৰংগ’ আৰু ‘বহিৰংগ’ নামেৰে দুটা শ্ৰেণীত বিভক্ত
কৰিছিল৷ ইয়াক তামিলত ‘অকম’ আৰু ‘পুৰম’ বুলি কোৱা হয়৷ অন্তৰংগৰ কবিতাসমূহে আন্তৰিক
দৃষ্টিকোণৰ ফালৰ পৰা আত্মাভিব্যক্তি প্ৰকাশৰ চেষ্টা কৰি মানৱীয় মস্তিষ্ক আৰু হৃদয়ৰ
আভ্যন্তৰীণ জগতখনৰ গীত গায়৷ এই আভ্যন্তৰীণ জগতখনৰ মহান মৌলিক তত্ত্ব বা সত্য হৈছে
প্ৰেম আৰু সেই প্ৰেমৰ প্ৰতিফলন কবিৰ বিবিধ দৃষ্টিভংগীত ভিন্ন ভিন্ন ৰূপত প্ৰতিভাত
হৈছে৷
বহিৰংগ কবিতাঃ
সংঘ
কালৰ কিছুসংখ্যক কবিয়ে বহিৰংগ কবিতাসমূহ ৰচনা কৰিছিল৷ পুৰম কবিতাসমূহৰ আধাৰ এই
বহিৰংগৰ কবিতাসমূহ৷ ইয়াত সেই যুগৰ মহান নাৰী-পুৰুষসকলে বিশেষকৈ নিজৰ বন্ধুসমূহৰ
প্ৰতি আৰু সামগ্ৰিক ৰূপত সম্পূৰ্ণ বিশ্বৰ মানুহৰ প্ৰতি বিশ্বজনীন আদৰ্শসমূহ নিজৰ
বাণীত প্ৰকাশ কৰিছিল৷ বাহিৰৰ জগতৰ বিভিন্ন বৰ্ণনা এই কবিতাসমূহত স্থান পাইছে৷ এই
কবিতাসমূহত যুদ্ধৰ বৰ্ণনাই প্ৰধানতঃ ব্যাখ্যা কৰিছে৷ এই কৰ্মশীল জগতৰ বিবিধ
ক্ষেত্ৰত ভিন্ন ভিন্ন ব্যক্তিসকল গুৰুত্বপূৰ্ণ পদবীত আছে৷ তেওঁলোকে নিজৰ নিজৰ
কৰ্তব্যবোৰ পালন কৰে আৰু তেওঁলোকৰ সেৱাত উচ্ছ-নীচৰ ভেদ-ভাব নাথাকে৷
এই পৰম্পৰা জৈন ব্যাখ্যাঃ
জৈন
আৰু বুদ্ধই তামিল প্ৰাচীন কবিতা পঢ়ি বিষয়বস্তুৰ গভীৰতা উপলব্ধি কৰে৷ ইয়াৰ
পৰিণামস্বৰূপে উত্তৰ কালৰ তামিল কবিতাসমূহ নীতি প্ৰধান হ’ল৷ অন্য এক দৃষ্টিভংগীৰ
ফালৰ পৰা সংঘকালৰ কবিতাসমূহক কেৱল প্ৰেমৰ মানৱ ভাবুকতাৰ কবিতা তথা যুদ্ধক্ষেত্ৰত
মানৱ-শৌৰ্য্যৰ কবিতা বুলি ধৰিব পাৰি৷ সেয়া হ’লেও মানৱ জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ
দিশ সম্পৰ্কেও তাত আলোচনা কৰা হৈছে৷ জৈন আৰু বৌদ্ধসকলে এইধৰণৰ মানৱ জীৱনৰ ব্যাখ্যা পঢ়িয়েই নিজৰ ৰচনাত সেই বিষয়ে আলোচনা
কৰে৷ সেইবাবে তেওঁলোকে সংঘকালীন কবিসকলৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা প্ৰেম আৰু বলিদানৰ
আদৰ্শ জীৱনৰ সুদৃঢ় ভেটিৰ ওপৰত কবিতা ৰচনা কৰাৰ প্ৰয়াস কৰিছিল৷
তিৰুক্কুৰলঃ সামান্য পৰিচয়ঃ
‘তিৰুক্কুৰল’ নীতিগ্ৰন্থখন তিৰুবল্লুবৰৰ দ্বাৰা ৰচিত৷ তামিলত
কুৰল দুটা শাৰীত লিখা এবিধ ছন্দৰ নাম৷ ইয়াত সৰ্বমুঠ সাতটা চৰণ থাকে৷ ‘তিৰু’ নামৰ
আগত আদৰসূচকভাৱে সংলগ্ন কৰা হয়৷ ‘তিৰু’ শব্দৰ অৰ্থ উচ্ছ, মহান আদি৷ গতিকে কুৰল শৈলীত লিখা বাবে ইয়াৰ নাম তিৰুক্কুৰল
হ’ল৷ পৰম্পৰাগত কিছুমান মুখ বাগৰি অহা কথাৰ বাহিৰে এইজনা মহান লেখক বল্লুবৰ
সম্পৰ্কে আন কোনো তথ্য পোৱা নাযায়৷ এই গ্ৰন্থখনত দুটা শাৰীৰ ১৩৩০ টা পদ্য আছে৷
ধৰ্ম, অৰ্থ আৰু
কামৰ ওচৰত বিচাৰ-বিবেচনা কৰাৰ বাবে এই পুথিখনৰ আন এটা নাম হৈছে ‘মুপ্পাল’
[ত্ৰিবৰ্গ]৷ ত্ৰিবৰ্গ ভাৰতীয় বিচাৰ-পৰম্পৰা প্ৰসিদ্ধ৷
‘অকম’ৰ ব্যাপক অৰ্থঃ
জীৱনৰ
মূল্য বা লক্ষ্যৰ এই বিচাৰ-পৰম্পৰাত মোক্ষৰ পৃথক বিবেচনা হোৱা নাই, কিয়নো বুদ্ধ আৰু জৈনসকলৰ মতে মোক্ষ; ধৰ্মৰ সামান্য অৰ্থৰ ভিতৰতে
অন্তৰ্ভুক্ত হয়৷ ধৰ্ম, অৰ্থ
আৰু কামক জীৱনৰ লক্ষ্য বুলি ধৰিলে ‘অকম’কো আমি ব্যাপক অৰ্থত গ্ৰহণ কৰিব পাৰোঁ৷ আৰু
এইদৰে প্ৰাচীন টীকাকাৰ পৰিমেললগৰৰ মতে
মোক্ষও অকম্ৰেই অন্তৰ্গত৷
কাম [তামিল-অহম]
তেওঁ এই প্ৰেমৰ স্থায়ী পৱিত্ৰতাত বিশ্বাস কৰিছিল৷
কবিয়ে জীৱনৰ এই মহান তত্ত্বক মৌলিক বুলি কৈ ইয়াৰ ওপৰত গুৰুত্ব দিছে৷ যদিও ইয়াৰ
বিবেচনা আটাইতকৈ শেষত কৰা হৈছে তথাপি ইয়াৰ বাবে তাৰ মহত্ত্ব কোনো কাৰণতে কমি
নাযায়৷ সেই সময়ত কাম শব্দটো সেই সকলোবোৰ কুৎসিত আৰু অশ¡ীল বিচাৰৰ
পৰা দূৰত আছিল৷ যিবোৰৰ লগত উত্তৰকালত গৈ কাম শব্দটো জড়িত হৈ পৰিছিল৷ সেই সময়ত কাম
মহান পৱিত্ৰতম মানৱ ৰোমাণ্টিক প্ৰেমৰহে সমান আছিল৷ সেইটো আদৰ্শ প্ৰেম আছিল৷ আকৌ, এয়া গুৰুত্বপূৰ্ণ বিষয় যে সমগ্ৰ
বিশ্বৰ হিতাৰ্থে ভৌতিক প্ৰেম মহান আধ্যাত্মিক সন্মিলনত পৰিণত হৈ যায়৷ দৈৱিক প্ৰেমৰ
প্ৰাপ্তি সেই পৰ্যায়লৈকে হ’ব পাৰে যি পৰ্যায়লৈকে আমি আমাৰ চাৰিওফালৰ জগতখনৰ পৰা
আহৰণ কৰিব পাৰোঁ৷ সাধাৰণ শব্দ অন্বু
[প্ৰেম]ক তেতিয়াহে বুজিব পাৰি যেতিয়া কাম শব্দটোক তাৰ সকলো সম্বন্ধিত বিষয়ৰ
সৈতে সহজে বুজিব পাৰি৷ কাম বা প্ৰেম সম্পৰ্কে বিচাৰ-বিশ্লেষণা কৰা তিৰুক্কুৰলৰ
তৃতীয় ভাগটোৱে সংঘকালৰ অহম কবিতাবোৰৰ বিষয়ে মনত পেলায়৷ সেইবাবে এইখন পুথিৰ এইটো ভাগত
আমি অন্তৰংগৰ কবিতা দেখিবলৈ পাওঁ৷ সংঘকালীন পদ্যবোৰৰ দৰেই ইয়াৰ প্ৰত্যেকটো দোহা
[দুটা শাৰীৰ পদ্য] নাটকীয় এক-ভাষিত৷ বিষয়াসক্তিৰ সম্পৰ্কৰ ফলত বিশুদ্ধ আদৰ্শ
প্ৰেমৰ যিধৰণৰ শ্ৰেষ্ঠ কবিতাসমূহ তাত দেখিবলৈ পাওঁ সেয়া পৃথিৱীৰ অন্য ঠাইত দুৰ্লভ৷
তিৰুবল্লুবৰে
প্ৰেমৰ মূল্যৰ ওপৰত মহত্ত্ব দি আদৰ্শ দৃষ্টিভংগীৰ ফালৰ পৰা বিচাৰ-বিবেচনা কৰিছিল৷
তেওঁ নাট্যকাৰ আৰু কবিসকলৰ দৰে প্ৰেমৰ আদৰ্শ স্বৰূপটোৰ চিত্ৰণ কৰিছিল৷ প্ৰাচীন
সংঘকালৰ কবিসকলৰ দৃষ্টিভংগীয়ো এনেকুৱা ধৰণৰে আছিল৷ গতিকে তিৰুবল্লুবৰে সেই প্ৰাচীন
পৰম্পৰাৰে অনুসৰণ কৰিছিল৷
কবিতা আৰু নীতিশাস্ত্ৰঃ
কবিতা
আৰু নীতিশাস্ত্ৰত থকা কবিতাসমূহৰ অধ্যয়নৰ জৰিয়তে আমি এখন কাল্পনিক নতুন জগতৰ সন্ধান পাওঁ৷ সেইবাবে
এই দোহাবোৰ কেৱল উপদেশমূলক পদ্য মাত্ৰ নহয়৷ এইবোৰ কল্পনা আৰু দিব্যদৃষ্টিৰ বৰদান
লাভ কৰা একো একোজন মহান আত্মাৰ কবিত্বপূৰ্ণ উদগাৰ৷ ব্যক্তিগত জীৱনত এইবোৰক অনুভৱ
কৰি নৈতিক ৰহস্যবাদৰ জগতখনত তেওঁলোকে নিজৰ কবিতাসমূহত অভিব্যক্তি প্ৰদান কৰে৷
সেইবাবে ইয়াৰ মূল্য নৈতিক জীৱনৰ কবিত্বপূৰ্ণ অভিব্যক্তিৰ ৰূপত বিদ্যমান৷
অৰম্ (ঐষল্ড) [ধৰ্ম] ভূমিকা আৰু সামৰণিঃ
ইয়াত
ধৰ্মক তিৰুবল্লুবৰে নৈতিক জীৱনৰ মৌলিক আধাৰ [হিচাপে ধৰা হৈছে] বুলি কৈছে৷ কিন্তু
ইয়াক তেওঁ পাঠকসকলৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচৰা নাই৷ গতিকে পুথিখনৰ
মুখ্যভাগৰ পৰা পৃথক কৰি তেওঁ ইয়াৰ বিবেচনা এটি সুকীয়া অধ্যায়ৰ ৰূপত কৰিছে৷
মুখ্য ধৰ্মঃ
অৰম্
[ধৰ্ম]ৰ বিচাৰ-বিবেচনা কৰা অৰতুপ্পালত আৰম্ভণি গাৰ্হস্থ্য জীৱনেৰে কৰা হৈছে৷
গাৰ্হস্থ্য জীৱনৰ বৈশিষ্ট্য হ’ল প্ৰেম৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে ‘কামতুপ্পাল’ৰ
বাৰ্তাসমূহক নুবুজাকৈ ‘অন্বু’ [প্ৰেম]ৰ সম্পূৰ্ণ অৰ্থ বুজিব নোৱাৰি৷ তিৰুবল্লুবৰে
মানুহৰ আদৰ্শ জীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত উপস্থাপন কৰে৷ বৈবাহিক জীৱনত প্ৰেম
থকাটো স্বাভাৱিক৷ এই প্ৰেমে নিজৰ ক্ষেত্ৰফলক বিস্তৃত কৰি বিশ্বপ্ৰেমৰ ৰূপ ধাৰণ
কৰে৷ পুৰুষ আৰু স্ত্ৰীয়ে নিজৰ মাজত থকা স্বাৰ্থক প্ৰেমৰ দ্বাৰা ত্যাগ কৰে আৰু
তেওঁলোকে নিজৰ সন্তানক প্ৰেম কৰিব লয়৷ প্ৰাৰম্ভিক পৰ্যায়ত নিজ পৰিয়ালৰ হিতৰ কথা
চিন্তা কৰে আৰু কালান্তৰত নিজস্ব স্বাৰ্থ আৰু হিতৰ কথা চিন্তা নকৰাকৈয়ে
স্বাভাৱিকৰূপে নিজৰ গাঁও, দেশ আৰু শেষত সম্পূৰ্ণ বিশ্বক ভাল পাবলৈ ধৰে৷ তিৰুবল্লুবৰে
প্ৰেমৰ এই বৰ্ধিত ক্ষেত্ৰতেই মধুৰবাণী, কৃতজ্ঞতা, সদাচাৰ, ঈৰ্ষা আৰু সদাচাৰৰ অভাৱ আদি ধৰ্মৰ সকলো ৰূপৰ বিচাৰ-বিবেচনা
কৰি ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ ‘মোৰ দেশ’, ‘তোমাৰ দেশ’ৰ সীমাত আৱদ্ধ থকা বিচাৰধাৰাৰ সোনকালেই সমাপ্তি
ঘটে আৰু তেতিয়াই প্ৰেমে সকলো সীমা অতিক্ৰম কৰি সকলোৰে বাবে উপলব্ধ হয়৷ কবিয়ে ইয়াত
সেইখিনি মেঘলৈ সংকেত কৰিছে যিয়ে নিজৰ উৎপত্তি স্থল এৰি কোনো সম্বন্ধ নথকা এখন দেশত
গৈ নিজৰ সকলোখিনি উজাৰি দিয়ে জলাশয়ৰ দৰে বা ফল ধাৰণ কৰা বৃক্ষসমূহৰ দৰে নিজৰ সকলো
উজাৰি আনক সহায় আগবঢ়াইছে৷ অৱশেষত সেই ঔষধি গছজোপাৰ উদাহৰণ দিয়া হৈছে যিয়ে ৰুগ্ন
নাৰী-পুৰুষক ৰোগ আৰু পীড়াৰ পৰা মুক্তি দিবলৈ নিজৰ প্ৰাণ আৰু শৰীৰৰূপী ফল-মূল, পাত, শাখা আদি সকলোবোৰ ত্যাগ কৰে৷
কীৰ্তিঃ
‘কীৰ্তি’ত
বল্লুবৰে যশ বা কীৰ্তি সম্পৰ্কীয় বিচাৰ-বিবেচনা কৰিছে৷ কিছুমানৰ পৱিত্ৰ আত্মাৰ নাম
তেওঁলোকৰ মহান কৰ্মৰাজিৰ বাবে এই জগতত চিৰকালৰ বাবে অমৰ হৈ ৰৈ যায়৷ এই জগতত
তেওঁলোকৰ গৌৰৱগাঁথাৰ কথা সদায় উল্লেখ কৰা হয়৷ এই কীৰ্তি তেওঁলোকৰ গৌৰৱৰ শিখৰত৷
এইদৰে চিৰঅমৰ হৈ তেওঁলোকে মৃত্যুক পৰাভূত কৰে৷ তেওঁলোকৰ নশ্বৰদেহক মৃত্যুৱে গ্ৰাস
কৰিলেও তেওঁলোকৰ কৰ্মৰাজিক কেতিয়াও মৃত্যুৱে গ্ৰাস কৰিব নোৱাৰে৷ এইদৰে আমাৰ
সন্মুখত আদৰ্শ মানৱৰ চিত্ৰ উপস্থাপন হয় যিয়ে আদৰ্শ প্ৰেমক বিস্তাৰিত কৰি মৃত্যুৰ
দুৱাৰেৰে গৈ অমৰ স্বৰ্গৰ প্ৰাপ্তি কৰে আৰু এই জগতৰ সকলো প্ৰাণীৰ জীৱন মধুৰ আৰু
আনন্দময় কৰি তোলে৷
অৰুল বিশ্বমানৱৰ দিশে অগ্ৰগতিঃ
এই
পৰ্যায়লৈ আহি মানুহ বিশ্ব নাগৰিক হৈ পৰে৷ এই পৰ্যায়ত ‘মই বা মোৰ’ আৰু ‘তই বা তোৰ’ৰ
বাবে কোনো স্থান নাই৷ যেতিয়া মানুহে এই ভাবধাৰাৰ পৰা ঊৰ্ধত গুচি যায় তেতিয়া তেওঁ
সঁচা অৰ্থ বিশ্ব নাগৰিক হৈ পৰে৷ তেতিয়া ‘অৰুল’ বা দয়া বা বিশ্বপ্ৰেম তেওঁলোকৰ গুণ
হৈ পৰে৷ তেওঁলোকৰ এই বিশ্বপ্ৰেমৰ ধাৰা কেৱল মানৱ সমাজৰ মাজতে প্ৰৱাহিত হৈ নৰয় বৰং
সমস্ত জীৱকূল এই ধাৰাৰে সিক্ত হৈ পৰে৷ তেওঁলোকে অহিংসাৰ জগতত বাস কৰিব লয়৷ অহিংসা
ইয়াত নিষেধবাচক শব্দ নহয়, বৰং ই বিশ্বপ্ৰেমৰ ভাবধাৰাক প্ৰতিফলিত কৰে৷ অহিংসা ইয়াৰ
প্ৰতীক হৈ পৰে৷ এই দৃষ্টিভংগীৰ বাবে বিশ্বমানৱে মাংস ভক্ষণৰ নাম শুনিলেই কঁপি উঠে৷
সত্য একপ্ৰকাৰ সকলো ধৰণৰ মানৱ আদৰ্শৰ সাৰ-স্বৰূপ৷ যাৰ দ্বাৰা এই জগতৰ কোনো আহত নহয়, দৰাচলতে সেয়াই সত্য৷ গতিকে ক’ব
পাৰি যে এই উচ্ছ স্থিতি সন্যাস নহয়৷
ব্যৱহাৰিক জাননীঃ
যদিও
তিৰুবল্লুবৰৰ দৃষ্টিভংগী আদৰ্শবাদী আছিল তথাপি এই ধৰণৰ ধাৰ্মিক জীৱন কটাবলৈ ইচ্ছুক
ব্যক্তিসকলক ব্যৱহাৰিক সহায়-সহযোগিতা প্ৰদান কৰিবলৈ ই প্ৰস্তুত আছিল৷ ‘আনৰ লগত
সেইদৰে ব্যৱহাৰ কৰা যিদৰে তুমি আনৰ পৰা বিচৰা৷’ এই প্ৰাচীন প্ৰবচনটো জগতৰ সকলো
ধৰণৰ সাহিত্যত উপলব্ধ৷ তিৰুবল্লুবৰেও এই ব্যৱহাৰিক পথৰ কথা উল্লেখ কৰিছে৷ তেওঁলোক
আশাবাদী৷ তেওঁলোকে জানে যে এই জগতত বহুতো বেয়া আছে৷ কিন্তু তেওঁলোকে বিশ্বাস কৰে
এই জগতত বহুতো ভালো আছে৷ এই জগতখন যেনেকুৱা নহওঁক কিয় তেনেকৈ ইয়াত বসবাস কৰিবলৈ
শিকিব লাগিব৷ মধুৰ সংগীতৰ সৃষ্টি কৰা পেঁপা দেখিবলৈ ভাঁজ লগা৷ তিৰুবল্লুবৰে এয়াও
বিশ্বাস কৰে যে মানুহ যিমানেই পাপী নহওঁক কিয় তেওঁ এই জগতত কিবা নহয় কিবা ভাল কাম
নিশ্চয় কৰে৷ যাৰ ফলত আমি তেওঁলোকৰ অপৰাধসমূহক পাহৰি যাওঁ৷
পোৰুল্-অৰ্থ আধাৰভূত মানৱীয় দৃষ্টিকোণঃ
এই
গ্ৰন্থখনৰ দ্বিতীয় ভাগত সমাজ আৰু ৰাজ্য সম্বন্ধ বিচাৰ-বিবেচনা কৰা হৈছে৷ এই ভাগৰ
মহত্ত্ব ইয়াতেই যে তিৰুবল্লুবৰত ৰাজনৈতিক আধাৰভূত তত্ত্বসমূহৰ বৈজ্ঞানিক
দৃষ্টিভংগীতকৈ মানৱ জীৱনৰ মৌলিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷
তিৰুবল্লুবৰে সকলো মানুহৰ বাবে শিক্ষাৰ মহত্ত্ব সম্পৰ্কত বহুতো মৌলিক আৰু
মানবিবেচিত প্ৰশ্ন উত্থাপন কৰিছে৷ কিয়নো শিক্ষাৰ ফলতেই মানুহৰ অন্তদৃৰ্ষ্টিৰ বিকাশ
হয়৷ বাহ্য নেত্ৰযুগল কেৱল মাত্ৰ মাংসৰ সমষ্টিহে৷ অন্য প্ৰাণীৰো চকু তথা
ইন্দ্ৰিয়সমূহ আছে৷ মানৱ তথা মানৱেতৰ প্ৰাণীসমূহৰ প্ৰমুখ ভিন্নতা ইয়াতেই যে মানুহৰ
শিক্ষা গ্ৰহণৰ ক্ষমতা আছে৷ এইদৰে বাস্তৱিক মানৱ জীৱনৰ আৰম্ভণি শিক্ষাৰ জৰিয়তে হয়৷
যেতিয়া সমস্ত বিশ্বৰ দৃষ্টিভংগীৰ ফালৰ পৰা ইয়াৰ বিচাৰ কৰা হয় তেতিয়া আমি পাহৰি
যাওঁ যে তিৰুবল্লুবৰত কৃত শিক্ষাৰ তত্ত্বৰ বিবেচনা আৰু তাৰ বিবেচনাজন্য ৰাজনৈতিক
বিচাৰধাৰাৰ কি সম্পৰ্ক৷ ইয়াৰ উপৰি তিৰুবল্লুবৰত বৈদেশিক সম্পৰ্ক, মিত্ৰতাক মানৱীয় দৃষ্টিকোণেৰে
বিচাৰ-বিবেচনা কৰিছে৷
আধুনিক যুগৰ বাবেঃ
এই
ব্যাপক দৃষ্টিভংগীৰ বাবেই তেওঁৰ দ্বাৰা সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰচাৰৰ যুগত লিখা
এই ৰাজনীতি বিষয়ক গ্ৰন্থখন ৰাজনৈতিক মহত্ত্ব হ্ৰাস পোৱাৰ বৰ্তমান যুগতো প্ৰাসংগিক
তথা উপযোগী৷ আমাৰ গণতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰৰ বাবেও এই গ্ৰন্থখন উপযোগী৷ সৌভাগ্যক্ৰমে
তামিল ভাষাৰ লোকোক্তি মতে ভাববাচক বিশেষ্যক পদাৰ্থবাচক হিচাপে প্ৰয়োগ কৰিব পাৰি৷
এই প্ৰয়োগ অনুসৰি ‘ইৰৈ’, ‘বেন্দু’ আদি শব্দৰ দ্বাৰা অভিব্যক্তি ৰজাৰ সূক্ষ্ম অৰ্থক
সাৰ্বভৌমিক শক্তি হিচাপে গ্ৰহণ কৰিব পাৰি৷ ইয়ে বৰ্তমান সময়ৰ প্ৰজাতন্ত্ৰৰ চালিকা
শক্তি৷ আকৌ এয়াও সম্ভৱ যে বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ মন্ত্ৰী নাথাকিব পাৰে যাৰ
উল্লেখ তিৰুবল্লুবৰত কৰা হৈছে৷ কিন্তু চিৰন্তন আৰু মৌলিক দৃষ্টিভংগীৰ বাবে
কাৰ্যকৰী শক্তিৰ সেই তত্ত্ববোৰ বৰ্তমান সময়ৰ প্ৰজাতান্ত্ৰিক শাসন ব্যৱস্থাতো
প্ৰয়োগ হয়৷
নাগৰিক অন্তঃ
‘নাগৰিক
অন্ত’ত আন এটি মহত্ত্বপূৰ্ণ কথা আছে৷ সেইটো হৈছে–যুদ্ধ আৰু কুটনীতি এই সকলো শক্তিৰ
প্ৰয়োজনীয়তা সমাজৰ কল্যাণৰ বাবেই৷ আনৰ ওপৰত শাসন কৰিবৰ বাবে ৰজা কেৱল মাত্ৰ
পুলিছসদৃশ নহয়৷ এই ৰজা নাগৰিকৰ স্বাৰ্থৰ ৰক্ষক৷ ৰাজ্যৰ পৰীক্ষা ইয়াৰ নাগৰিকসকলৰ
দ্বাৰা হোৱা উচিত৷ নাগৰিকসকলৰ বিকাশ তথা নৈতিক উত্থানৰ বাবেই ৰাজ্যৰ অস্তিত্ব আছে৷
নাগৰিকসকলৰ মহত্ত্বৰ এই ভাবধাৰা তিৰুক্কুৰলৰ দ্বিতীয়খন গ্ৰন্থৰ অন্তিম ভাগত ভালদৰে
স্পষ্ট কৰা হৈছে৷ প্ৰাচীন লোকসকলে এই ভাগটোক ‘কুডিয়িয়ল’ অৰ্থাৎ নাগৰিকৰ গ্ৰন্থৰ
ভাষা বুলি কৈছিল৷ কিন্তু কম্বনে তাৰ মহত্ত্বক ভালদৰে উপলব্ধি কৰিছিল৷ তেওঁ কৈছিল
যে ৰজাই শৰীৰৰ দৰে স্থিৰ হৈ প্ৰাণ বা অস্তিত্বৰূপী নাগৰিকৰ বাবে মানসিক, নৈতিক, ভৌতিক আৰু আধ্যাত্মিক ভোগ-বিলাস সম্ভৱ কৰি তোলে৷
তিৰুবল্লুবৰৰ চিত্ৰ অনুসৰি এই নাগৰিকসকল দৰাচলতে সন্ত বা সম্পূৰ্ণ মানৱ৷ কিছুমান
বিচাৰধাৰা এনেকুৱা ধৰণৰ– “যদি তেওঁক জুইত জাপি দিয়া হয় তথাপি তেওঁ পাহৰি যাব আৰু
অসহনীয় কষ্ট দিয়া ব্যক্তিকো ক্ষমা কৰি দিব৷ তেওঁলোকে নিজৰ আদৰ্শক কেতিয়াও ত্যাগ
নকৰে, লাগিলে জীৱন
উচৰ্গা কৰি দিব৷ তেওঁ মূৰ্তিমান প্ৰেম, সত্য আৰু অহিংসাৰ দৰে৷ যদি এফালে এনেকুৱা পূৰ্ণ নাগৰিক আছে, তেনেহ’লে আনফালে ৰাজ্যৰ শত্ৰু, দুষ্ট প্ৰকৃতিৰ ব্যক্তিও আছে৷
তেওঁলোক দেখাতহে মানুহৰ দৰে, গুণৰ ফালৰ পৰা নহয়৷ তেওঁলোক হূদয়হীন৷” তেওঁলোকে কুঁহিয়াৰৰ
দৰে পৰিস্থিতিৰ বাধ্য হৈ কিবা ভাল কাম কৰিব পাৰে৷ এওঁলোকে ৰাজ্যত থকা পৰস্পৰ ভিন্ন
নাগৰিকৰ দুটা স্বৰূপ আমাৰ সন্মুখত প্ৰস্তুত কৰে৷ সংক্ষিপ্ত ৰূপ তিৰুবল্লুবৰৰ
দ্বাৰা চিত্ৰও এয়াই আদৰ্শ মানৱ জীৱন৷
তিৰুক্কুৰলৰ অপ্ৰত্যক্ষ প্ৰভাৱঃ
তিৰুবল্লুবৰে
যেতিয়া তিৰুবল্লুৰলৰ ৰচনা কৰিছিল তেতিয়াৰপৰাই তেওঁ তামিল সাহিত্যৰ ভাগ্যৰ বিধায়ক
আছিল৷ তিৰুবল্লুবৰে কেৱল নৈতিক তত্ত্ব মাত্ৰকেই বৰ্ণনা কৰা নাছিল৷ তেওঁৰ গ্ৰন্থত
আদৰ্শ মানৱৰ চিত্ৰণ কৰা হৈছে৷ গতিকে এই দেশৰ মহাকাব্যসমূহৰ চৰিত্ৰ চিত্ৰণ বল্লুবৰৰ
আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত৷ উদাহৰণস্বৰূপে বল্লুবৰৰ গ্ৰন্থক আদৰ্শ মানৱৰ লক্ষণ
গ্ৰন্থ বুলি কোৱা হয়৷ কম্বনৰ ৰামায়ণ লক্ষ্য গ্ৰন্থ৷ ইয়াত কবিতাৰ ৰূপত আদৰ্শ মানৱক
প্ৰস্তুত কৰা হৈছে৷ ই তামিলনাডুৰ সকলো ধৰণৰ মহাকাব্যতে প্ৰযোজ্য৷ পৰৱৰ্তী প্ৰজন্মই, বিশেষকৈ বৌদ্ধ আৰু জৈনসকলে ইয়াৰ
অৰ্থ গ্ৰহণ এনেদৰে কৰিছে যে প্ৰত্যেক মহাকাব্যত নৈতিক তত্ত্বসমূহ বাৰ্তাৰ ৰূপত
প্ৰতিপাদন হ’ব লাগিব৷ এনেকুৱা ধৰণৰ বিচাৰধাৰা এবাৰ শিক্ষিত সমাজৰ মাজত প্ৰচলিত
হ’লে ইয়াৰ জৰিয়তেই সকলো ধৰণৰ মহাকাব্যৰ নৈতিক তত্ত্বৰ ব্যাখ্যা কৰা হয়৷ এইদৰে
‘শিলপ্পদিকাৰম’ত ভাগ্যৰ অনিশ্চয়তা, সতীত্বৰ মহিমা তথা ন্যায়ৰ পথৰ পৰা লেখা মাত্ৰ আঁতৰিলেও
শাস্তিৰ নিশ্চয়তাৰ চিত্ৰণ কৰা হৈছে৷ বৌদ্ধ মহাকাব্য মণিমেখলৈত আদৰ্শ বৌদ্ধ জীৱন
আৰু ধৰ্মৰ চিত্ৰ উপস্থাপন কৰা হৈছে৷ গতিকে
দেখিবলৈ পোৱা যায় যে মহাকাব্য নৈতিক ৰহস্যবাদৰ দ্বাৰা প্ৰভাৱিত৷
প্ৰত্যক্ষ প্ৰভাৱঃ
পৰোক্ষ প্ৰভাৱৰ উপৰিও তিৰুবল্লুবৰ কুৰলে
প্ৰত্যক্ষ ৰূপত নীতিমূলক গ্ৰন্থৰ জন্ম দিছিল৷ এই গ্ৰন্থৰ প্ৰভাৱ তামিল ভাষীসকলৰ
মনত বিংশ শতাব্দীতো বিৰাজমান৷ তিৰুক্কুৰলৰ পৰম্পৰাৰ অৰ্থাৎ আন আন গ্ৰন্থসমূহৰ ওপৰত
তিৰুক্কুৰলৰ প্ৰভাৱ উল্লেখনীয়৷ তিৰবল্লুবৰৰ নৈতিক ৰহস্যবাদৰ দ্বাৰা প্ৰভাৱিত হৈ
সেই সময়ৰ পৰা ধৰি বৰ্তমানলৈকে
তামিলভাষীসকলৰ মাজত প্ৰচাৰৰ বাবে নৈতিক বিচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল৷
নালড়িয়াৰঃ
তামিল
নালু শব্দৰ অৰ্থ হ’ল চাৰি৷ নালড়িয়াৰ প্ৰতিটো পদ্যৰ চৰণ সংখ্যা চ্ছ্ৰ টা৷ গ্ৰন্থখন
তিনিটা অধ্যায়ত বিভক্ত- আৰুত্তুপ্পাল, পোৰুলপাল, ইনপত্তুপাল৷ ১৮খন নীতি গ্ৰন্থৰ ভিতৰত অন্যতম বৃহৎ গ্ৰন্থ
হ’ল ‘নালড়িয়াৰ’৷ ইয়াত ৱেণপা ছন্দৰ ৪০০ পদ্য আছে৷ এই পদ্যসমূহ জৈনসন্তসকলে গাইছিল
বুলি কোৱা হয়৷ দৈনন্দিন জীৱনৰ সহজ-সৰল জীৱন প্ৰণালী সম্বন্ধীয় কেতবোৰ উদাহৰণৰ লগতে
সংসাৰৰ ক্ষণভংগুৰতাৰ বিষয়েও উল্লেখ আছে৷ তদুপৰি বিভিন্ন অধ্যায়ত বিভিন্ন নীতিমূলক
বিষয়ৰ ব্যাখ্যা কৰা হৈছে৷
এই
গ্ৰন্থখনক ক্ৰমবদ্ধ কৰা গ্ৰন্থকাৰসকলৰ মতে ইয়াৰ আৰম্ভণি গাৰ্হস্থ্য জীৱনৰ পৰিৱৰ্তে
‘তুৰৱৰম্’ বা সন্যাসেৰে হৈছে৷ গ্ৰন্থখনত এই জগতৰ ক্ষণভংগুৰতাৰ বিষয়ে গুৰুত্ব
প্ৰদান কৰা হৈছে৷ প্ৰথম অধ্যায়টো হ’ল অৰম৷ ইয়াত ধৰ্মৰ মহত্বকো প্ৰতিপাদিত কৰা
হৈছে৷ এই গ্ৰন্থখনত যেতিয়া শৰীৰৰ অপৱিত্ৰতাক লৈ তিৰস্কাৰ কৰা হ’ল তেতিয়া ই
হাস্যস্পদ হৈ পৰিল৷ সেইবাবে ইয়াৰ পিছত বৈৰাগ্যৰ হাস্যস্পদ হৈ পৰিল৷ সেইবাবে ইয়াৰ
পিছত বৈৰাগ্যৰ পৰিচ্ছেদ আছে৷ সম্ভৱতঃ সংগ্ৰহকাৰৰ সমকালীন সময়ত সন্যাসীসকল খঙত
অগ্নিশৰ্মা হৈ আছিল, সেই
হেতুকে সন্যাসী সম্বন্ধ অন্তিম পৰিচ্ছেদত খঙৰ কবলৰ পৰা পৰিত্ৰাণৰ কথা উল্লেখ কৰা
হৈছে৷ ইয়াৰ পৰৱৰ্তী অধ্যায় গাৰ্হস্থ্য জীৱনৰ ওপৰত৷ যদিও এই অধ্যায়টোক নিম্নমানৰ
বুলি ধৰা হৈছে তথাপি সন্যাস সম্ভৱ নহ’লে ইয়ে জীৱনৰ প্ৰয়োজনীয় আশ্ৰম হৈ পৰে৷
সম্ভৱতঃ সংগ্ৰহকাৰে কুৰলৰ ক্ৰমক এনেদৰে বুজি লৈছে৷ সংগ্ৰহকাৰে আৱশ্যকীয় গুণসমূহক
নিম্নোক্ত ৰূপত উল্লেখ কৰিছে৷ ক্ষমা, পৰস্ত্ৰীৰ লগত প্ৰেমত লিপ্ত নোহোৱা, দানী, ভাগ্য, সত্য আৰু বেয়াৰ পৰা ভয়ভীত হোৱা৷ সত্যৰ ওপৰত পৰিচ্ছেদ যদিও
সন্যাসৰ প্ৰকৰণত অন্তৰ্ভুক্ত তথাপি তাত সত্যবাদিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা
নাই৷ তাত এনে কিছুমান নীতিতত্ত্বৰ কথা উল্লেখ আছে যি ভাগ্যসূত্ৰ আৰু সংসাৰৰ
নশ্বৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷
এই গ্ৰন্থখনৰ দ্বিতীয় ভাগ হ’ল অৰ্থ৷ ইয়াৰ জৰিয়তে
আমি জানিব পাৰোঁ যে সেই যুগৰ মানুহে কেনেকৈ তিৰুক্কুলৰ দ্বিতীয় খণ্ডৰ অৰ্থ গ্ৰহণ
কৰিছিল৷ ইয়ে গ্ৰন্থখনৰ মহত্ত্ব৷ তিৰুক্কুৰলত যি সামাজিক আৰু ৰাজনৈতিক কৰ্তব্য আৰু
অধিকাৰৰ কথা কোৱা হৈছে ইয়াত কেৱল ব্যক্তিগত দৃষ্টিৰে তাৰ বিবেচনা কৰা হৈছে৷
নালড়িয়াৰৰ এই খণ্ডত সাতটা ভাগ আছে৷ প্ৰথম খণ্ডৰ বিষয়বস্তু ৰাজত্বৰ সৈতে জড়িত৷
তিৰুক্কুৰলত নাগৰিক সম্বন্ধীয় ভাগত বিবেচনা কৰা কিছু অন্য বিষয়ৰ বিবেচনা ইয়াত
ৰাজত্ব শীৰ্ষকৰ অধীনত কৰা হৈছে৷ ৰজাৰ সৈতে জড়িত এই ভাগত শিক্ষা, কুলীনতা, মহাপুৰুষ, মহত্ত্ব আৰু
সততা প্ৰচেষ্টাৰ ওপৰত পৰিচ্ছেদ আছে৷
সম্ভৱতঃ তিৰুক্কুৰলে প্ৰত্যেক নাগৰিকৰ পূৰ্ণতা লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷
কিন্তু এই গ্ৰন্থ বা সংগ্ৰহকাৰৰ জৈন পৰম্পৰাত কেৱল ৰজাৰ পূৰ্ণতা লাভৰহে কথা কোৱা
হৈছে৷ দ্বিতীয় ভাগত সমাজৰ সুখ ভোগ, বৃদ্ধি আৰু বুদ্ধিহীনতা আৰু কৃতজ্ঞতাহীন ধৰ্মৰ বিবেচনা হয়৷
অন্য এটা ভাগত কষ্ট, সামাজিক
জীৱন, দানশীলতাৰ
অভাৱ, দৰিদ্ৰতা, আত্মসন্মান আৰু ভিক্ষা কৰাৰ ভয়ৰ
ওপৰত বিচাৰ-বিবেচনা কৰা হৈছে৷ পঞ্চম ভাগত সাধাৰণ সিদ্ধান্ত/তত্ত্বসমূহৰ সমাৱেশ
ঘটিছে৷ ইয়াত পৰিষদসমূহৰ ওপৰত আলোকপাত কৰা হৈছে– যিদৰে তিৰুবল্লুবৰে নিজৰ মন্ত্ৰী
সম্বন্ধী পৰিচ্ছেদসমূহত কৰিছে৷ কিন্তু এই সংগ্ৰহত এই পৰিচ্ছেদকো কিয় ৰাজত্ব
প্ৰকৰণৰ অন্তৰ্ভুক্ত কৰা সেয়া স্পষ্ট নহয়৷ সম্ভৱতঃ ইয়াৰ দ্বাৰা এয়া স্পষ্ট হৈ পৰে
যে সংগ্ৰহকাৰৰ সময়লৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰিষদৰ হাতত কোনো শক্তি নাছিল আৰু লোকসকল
কমেও স্থানীয় স্থায়িত্ব শাসনতেই পৰিষদৰ অস্তিত্বৰে সন্তুষ্ট থাকিব লাগিছিল, যেনেকৈ পল্লৱ আৰু চোল কালৰ
শিলালেখসমূহৰ দ্বাৰা প্ৰমাণিত হয়৷ ষষ্ঠ ভাগত শত্ৰুৰ ওপৰত আলোকপাত কৰা হৈছে৷ কিন্তু
এই শত্ৰু সাধাৰণ অৰ্থত ৰাজনৈতিক শত্ৰু নহয়, বৰং ব্যক্তি জীৱনৰ শত্ৰু/মূৰ্খতা, অল্প বিদ্যা, দুষ্টতা অৰ্থাৎ সেইসকল যিসকল তিৰুবল্লুবৰৰ মতে কেতিয়াও
নাগৰিক হ’ব নোৱাৰে৷
যুদ্ধ
বিষয়ক অধ্যায়ৰ আলংকাৰিক ব্যাখ্যা কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছিল আৰু দৰাচলতে
এই গ্ৰন্থখনত তেনেকুৱা কৰা হৈছে৷ সপ্তম ভাগত বিবিধ বিষয় সন্নিৱিষ্ট হৈছে৷ এইদৰে
দেখিবলৈ পোৱা যায় যে অৰ্থৰ এই কল্পনা তিৰুবল্লবৰত
চিত্ৰিত কল্পনাতকৈ ভিন্ন৷ সম্ভৱতঃ সেই সময়ত ৰাজনৈতিক জীৱনত ইমান অশান্তি
বিৰাজমান কৰিছিল যে মানুহে আদৰ্শ জীৱনক নিজৰ অন্তৰ্মনত বিচাৰিছিল৷ লোক কল্যাণৰ
বিষয়ে যি কোৱা হৈছে নালড়িয়াৰত তাক মানুহৰ ব্যক্তিগত জীৱনৰ লগত জড়িত বুলি কোৱা
হৈছে৷
ইয়াতেই
কামত্তুপ্পাল আছে৷ ইয়াৰ দুটা ভাগ আছে৷ ইয়াৰ এটা ভাগত কামৰ সুখ-দুখৰ বিচাৰ-বিবেচনা
আছে৷ ইয়াৰ অৰ্থগ্ৰহণ এইদৰে কৰিব পাৰি যে আমি যিবোৰক সুখ বুলি ভাবোঁ সেইবোৰ দৰাচলতে
দুখেৰে আবৃত্ত৷ ই নালডিয়াৰৰ ভাবনাৰ অনুকূল৷ ইয়াৰ দ্বিতীয় ভাগত কৰ্মৰ সুন্দৰ
বিবেচনা কৰা হৈছে৷ ইয়াত সতী স্ত্ৰীৰ বৰ্ণনা কৰা হৈছে৷ কামৰ ওপৰত আৰু এটা অধ্যায়
আছে৷ ইয়াৰ বহুতো নাটকীয় একভাষিত, কিন্তু গ্ৰন্থখনৰ অন্তিম পৰিচ্ছেদত এই জীৱনৰ আদৰ্শ প্ৰেমৰ
কষ্ট আৰু দুখসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷
এই
ধৰণে এয়া স্পষ্ট যে এই গ্ৰন্থত মানুহৰ ব্যক্তিগত মহত্ত্বৰ প্ৰশংসা কৰি এই সংসাৰৰ
সকলো দুখ আৰু বাধা-বিঘিনিৰ বিৰুদ্ধে মানৱিক, নৈতিক মহত্ত্বৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু এয়া দেখুৱা হৈছে
যে পতিব্ৰতা পত্নী আৰু আদৰ্শ ঘৰ-পৰিয়াল থকাৰ পিছতো কেৱল এই বস্তুসমূহ থাকিলেই
স্থায়ী সুখৰ প্ৰাপ্তি নিশ্চিত হৈ নাযায়৷
গ্ৰন্থখনৰ
প্ৰতিটো কবিতাৰ শাৰীয়েই যিকোনো হূদয়কে প্ৰভাৱিত কৰিব পাৰে৷ তেওঁ কেতিয়াও ইমান
গভীৰতালৈ নাযায় য’ত যাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে৷ এই ৱেণপা ছন্দৰ লয় সেই সময়ৰ
ভাষণভংগীৰ লয়ৰ সৈতে একে৷ তাত বিবিধ অলংকাৰসমূহে সকলো সুখ-দুখৰ সৈতে নৈতিক দৃশ্যৰ
এখনি সজীৱ চিত্ৰ আমাৰ সন্মুখত প্ৰস্তুত কৰে৷ ইয়াৰ বাক্যসমূহ সৰু কিন্তু
প্ৰভাৱশালী৷ “বিদ্যাধ্যয়নৰ কোনো সীমা নাই৷ শিকাৰুসকল কিছু দিনৰ বাবে জীয়াই থাকে৷
আকৌ, মহান পুৰুষসকল
হংসৰ দৰে৷ যিদৰে হংসই দুগ্ধ পান কৰি পানীখিনি ত্যাগ কৰে, ঠিক তেনেদৰে মহান পুৰুষসকলে সেই গ্ৰন্থসমূহৰে অধ্যয়ন কৰে
যাৰ অধ্যয়ন আৱশ্যকীয়৷” এই মূল পদ্যটো আকাৰত সৰু যদিও অনুবাদৰ ফলত ই দীঘল হৈ পৰিছে৷
প্ৰত্যেক বাক্যত ছয় বা সাতটা পদ আছে৷ এই গ্ৰন্থখনত যথেষ্ট পৰিমাণে হাস্যৰস আৰু
গুপ্ত বিনোদৰ সমাহাৰ হৈছে৷ “কৃপণ ব্যক্তিসকলে নিজৰ ধনসমূহক একান্তভাৱে নিজৰ বুলি
ভাবে৷ কিন্তু দৰাচলতে সেয়া জানো তেওঁৰ নিজৰ? সেই ধনসমূহেৰে তেওঁ নিজেও উপভোগ নকৰে আৰু আনকো নিদিয়ে৷”
কবিয়ে আৰু এঠাইত কৃপণ ব্যক্তিসকলৰ তুলনা কুকুৰৰ লগত কৰিছে৷ আন এটি উদাহৰণ
উল্লেখনীয় “যি বস্তুৰ অস্তিত্ব আজি আছে, সেয়া চিৰকালৰ বাবে নাথাকিব৷ ইয়াক ভালদৰে বুজি লোৱাতো
প্ৰয়োজনীয়৷ যদি কিবা ভাল কাম কৰাৰ কথা চিন্তা কৰা হৈছে তেনেহ’লে তাক সোনকালে কৰি
পেলোৱা উচিত৷ আমাৰ জীৱনৰ দিনবোৰ কমি আহিছে৷ মৃত্যু কাষ চাপি আহি আছে৷” এই
উদাহৰণবোৰৰ জৰিয়তে আমি এই মহান গ্ৰন্থখনৰ এটি আভাস পাওঁ৷
পলমোলি
ওঠৰখন
গ্ৰন্থৰ ভিতৰত অন্যতম গ্ৰন্থ হৈছে পৰমোলি৷ এই গ্ৰন্থৰ নাম পৰমোলি এই বাবে দিয়া
হৈছে যে ইয়াৰ ৪০০ পদ্যৰ প্ৰত্যেকৰে অন্তত পুৰণি প্ৰবচন পোৱা যায়৷ তামিল ভাষাত
পলমোলি শব্দৰ অৰ্থ হ’ল প্ৰবচন৷ ইয়াৰ লেখকৰ নাম হ’ল মুনৰুৰইয়ৰইয়নাৰ৷ তেওঁৰ বিষয়ে
কোৱা হয় যে তেওঁ জৈন ধৰ্মী আছিল৷ উদাহৰণস্বৰূপে “বিদ্বানসকলেই বিদ্বানসকলৰ কথা
বুজিব পাৰে৷ তাক সাধাৰণ মানুহে বুজিব নোৱাৰে৷ অৰ্থাৎ ক’ব পাৰি যে চোৰেহে চোৰৰ ঠেং
দেখে৷” ইয়াৰ অন্তিম বাক্যটো প্ৰবচন৷ এইদৰে এই প্ৰবচনবোৰে কেতিয়াবা বিশেষৰ দ্বাৰা
সামান্যৰ সমৰ্থন কৰে আৰু কেতিয়াবা সামান্য ধৰ্ম বুলি কৈ বিশেষৰ সমৰ্থন কৰে৷ কবিতাৰ
ক্ষেত্ৰত ই উপযোগী কিয়নো কবিতাই সামান্য নিয়ম কয় আৰু বিশেষ উদাহৰণৰ দ্বাৰা ইয়াৰ
সমৰ্থন কৰে নাইবা বিশেষ উদাহৰণৰ দ্বাৰা সামান্য নিয়ম উল্লেখ কৰে৷ প্ৰবচনবোৰ
সাধাৰণতে সকলো ধৰণৰ মানুহৰ মাজত প্ৰচলিত৷ সেইবাবে সকলো প্ৰজন্মৰ লোকে ইয়াক সহজে
বুজিব পাৰে৷ কিন্তু বহুতো প্ৰাচীন প্ৰবচনৰ প্ৰয়োগ বৰ্তমান সময়ত নহয়৷ সেইবাবে
বৰ্তমান সময়ৰ উপৰি এই প্ৰবচনবোৰৰ ভাষাও অতি পুৰণি আছিল৷ সম্ভৱতঃ নালড়িয়াৰৰ
ভাষাতকৈও এই প্ৰবচনবোৰৰ ভাষা অতি পুৰণি ৷
পলমোলিৰ
উদাহৰণঃ ‘কুলবিদ্দৈ কল্লামল্ পাগম্ পডুম’
[কুলবিদ্যা নিশিকাকৈয়ে পাকৈত হয়] , ‘এশটি কাউৰীৰ
বাবে এটা শিলেই যথেষ্ট’[ যাৰ সন্মুখত সহস্ৰ প্ৰতিদ্বন্দ্বীয়ে পৰাজয় গ্ৰহণ কৰিবলৈ
বাধ্য হয়৷], ‘মহাপুৰুষৰ
যোগ্যৰ সন্মান নীচসকলক দিয়া আৰু কুকুৰক ৰাজসিংহাসনত বহোৱা একেই কথা৷’
এই
গ্ৰন্থখনৰ বাক্যসমূহো চুটি, সৰল তথা প্ৰভাৱপূৰ্ণ৷ কেতিয়াবা সকলোবোৰ বাক্য একত্ৰ হৈ এটা
নৈতিক সত্য প্ৰতিষ্ঠা কৰে৷ প্ৰত্যেক পদ্যতেই অন্য অলংকাৰৰ লগতে অৰ্থান্তৰন্যাসৰো
আগমন ঘটিছে৷ ই পদ্যত প্ৰদৰ্শিত সত্যক অন্তিম ৰূপ প্ৰদান কৰি তাক অলংকৃত কৰে৷
ইন্নানাৰপদু- ইনিয়বৈনাৰপদু
ইয়াৰ
পিছত কিছুমান সৰু আকাৰৰ গ্ৰন্থৰ কথা উল্লেখ কৰিব পাৰি আৰু তাৰ মাজৰ কিছুমানৰ
নামকৰণ তাৰ পদ্যৰ সংখ্যাৰ ভিত্তিত কৰা হৈছে৷ ইনিয়বৈনাৰ পদু [মধুৰ চল্লিছ] নামৰ
গ্ৰন্থখনত সমাজ তথা ব্যক্তিৰ বাবে মধুৰ নৈতিক তথ্যৰ বিবেচনা কৰা ৪০ টা কবিতা আছে৷
ইন্নানাৰপদু [কটু চল্লিছ] নামৰ ৪০ টা
পদ্যৰ আৰু এখন কবিতা সংগ্ৰহ আছে, য’ত এনে কিছুমান নৈতিক তথ্যৰ উল্লেখ আছে যিবোৰ নৈতিক
দৃষ্টিৰ ফালৰ পৰা কটুতাপূৰ্ণ৷ প্ৰত্যেকটো কবিতাত
পদ্যসমূহৰ সৌন্দৰ্য নিহিত হৈ আছে৷ উদাহৰণস্বৰূপে– “যিখন গ্ৰন্থৰ অৰ্থ
কোনোৱে বুজি নাপায় তাৰ পৰা উদাহৰণ দিয়াটো কটুতাপূৰ্ণ৷ অন্ধকাৰময় সংকীৰ্ণ পথেৰে
অকলে যোৱাটো দৰাচলতে অতি নিৰ্মম৷ নিৰ্দয়জনৰ কাষলৈ যোৱাটো দৰাচলতে নিৰ্মম৷ দুখীয়াৰ
বাবে দান দিয়াটোও নিৰ্মম৷” মধুৰ চল্লিছত মধুৰ কামবোৰৰ বিষয়ে উল্লেখ আছে৷ এই
কবিতাবোৰত চাৰিটাৰ পৰিৱৰ্তে তিনিটা বক্তব্য আছে৷ উদাহৰণস্বৰূপে “ভিক্ষাৰী হোৱাৰ
পিছতো শিকিবলৈ ইচ্ছা কৰাটো অত্যন্ত মধুৰ৷ সভাত তৰ্কৰ সৈতে সহায় কৰাটো মধুৰ৷
মধুৰস্মিতা সুন্দৰীসকলৰ শব্দবোৰ মধুৰ৷ আৰু যিসকল নিঃসন্দেহে মহান তেওঁলোকৰ সংগও
মধুৰ৷”
তিৰিকডুকম্
আয়ুৰ্ৱেদত
‘ত্ৰিকটু’ তিনিবিধ কাঢ়া ঔষধ মিহলি কৰি তৈয়াৰ কৰা হয়৷ এই গ্ৰন্থৰ প্ৰত্যেক পদ্যত
সদাচৰণৰ তিনি তত্ত্বৰ ওপৰত বিচাৰ-বিবেচনা কৰা হৈছে৷ নৈতিক তত্ত্বই আমাৰ প্ৰাকৃতিক
প্ৰবৃতি আৰু ইচ্ছাবোৰক নিয়ন্ত্ৰিত কৰি ৰাখে৷ সেইবাবে ইয়াক কটু বুলি কোৱা হয়৷ এই গ্ৰন্থখনৰ
লেখক হ’ল নল্লানদুৱনাৰ৷ ইয়াৰ এটি উদাহৰণ এনে ধৰণৰ– অশিক্ষিতৰ সৈতে মিলি থকা, নিজৰ পত্নীক এছাৰিৰে পিটা, নিজৰ ঘৰত দুষ্টসকলক আমন্ত্ৰণ জনোৱা, অজ্ঞানৰ পৰা এই তিনিটা বিপদ উৎপন্ন
হয়৷ আৰু এটি উদাহৰণ এনেধৰণৰ– ‘অধ্যাপকৰহিত গাঁও, সমস্যাৰ সমাধান কৰিব পৰা সক্ষম বয়োবৃদ্ধ নথকা সভা আৰু নিজৰ
তাত থকা বস্তুৰ ভাগ আনক নিদিয়া সংগ, এই তিনিটাৰ পৰা কেতিয়াও সুফল লাভ কৰিব নোৱাৰি৷
চিৰুপঞ্চমুলম্
এই
ঔষধিবিধত পাঁচবিধ বনস্পতিৰ শিপা থাকে৷ এইদৰে কাৰিয়াচান্ দ্বাৰা লিখিত গ্ৰন্থৰ প্ৰত্যেক পদ্যত শিপাৰ
সমান পাঁচটা গুৰুত্বপূৰ্ণ তত্ত্বৰ কথা কোৱা হৈছে৷ এটা উদাহৰণ এনেধৰণৰ– “১. ভোগ
সেইসকল ব্যক্তিয়ে কৰিব পাৰে যাৰ ধন আছে৷ ২. ধৰ্ম সেইসকল ব্যক্তিৰ কাষত আছে, যাৰ ওচৰত অৰুল্ [দয়া] আছে৷ ৩. দয়াবান ব্যক্তিয়ে কেতিয়াও বেয়া
কাম নকৰে৷ ৪. পাপ সেইসকল ব্যক্তিৰ কাষত নাথাকে৷ ৫. তেওঁ কেতিয়াও কোনো ব্যক্তিৰে
বদনাম নকৰে৷
এলাদি
এলাদিত
ইলাচীৰ দৰে ছয়বিধ ঔষধ থাকে৷ ইয়াক খুন্দি মিহলোৱা হয়৷ কণিমেদাবিয়াৰৰ দ্বাৰা ৰচিত এই কবিতাত ৮০ টা পদ্য আছে৷
প্ৰত্যেকটো পদ্যত ৬ টা নীতি তত্ত্ব আছে৷ সম্ভৱতঃ এটা সময়ত ইয়াত ১০০ টা পদ্য আছিল৷
ইয়াৰ এটা পদ্যৰ অনুবাদ নিম্নলিখিত ধৰণৰ “যি ব্যক্তিয়ে কেতিয়াও মিছা নকয়, সদায় সত্যক প্ৰমাণিত কৰে, বজৰুৱা স্ত্ৰীৰ কথা নুশুনে, মদ্যপান নকৰে, তেনেকুৱা ব্যক্তি লেখকসকলৰ দ্বাৰা
গ্ৰন্থত উল্লেখিত পূৰ্ণতাসমূহৰ দ্বাৰা পূৰ্ণ৷” এলাদিত আদৰ্শ ব্যক্তি এজনৰ চিত্ৰ
উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে কিন্তু এটি পদ্যত দেখুৱাবলৈ অভিষ্ট তথ্যৰ সংখ্যা
যথেষ্ট হোৱা বাবে এই কবিতাসমূহৰ কাব্য সৌন্দৰ্যক উপলব্ধি কৰা কঠিন হৈ পৰে৷
নানমণিক্কদিগই
এখন
এনে গ্ৰন্থ আছে যদি সেই গ্ৰন্থখনৰ নামৰ পিনে লক্ষ্য কৰোঁ তেনেহ’লে আমি অনুভৱ কৰিম
যে ইয়াৰ দৃষ্টিকোণ আশাবাদী৷ এই গ্ৰন্থখনৰ নাম হ’ল নানমণিক্কদিগই আৰু ইয়াৰ লেখকৰ
নাম হ’ল বিলম্বিনাকনাৰ ৷ ইয়াত ১০১ টা পদ্য আছে৷ প্ৰত্যেকটো পদ্যত চাৰিটাকৈ
বহুমূল্য ৰত্ন আছে৷ ইয়াত কোনো ঔষধ বা তাক তৈয়াৰ কৰা শিপা নাই৷ কিন্তু নৈতিক
তত্ত্বৰ আভূষণ তৈয়াৰ কৰা চাৰিবিধ মণি আছে৷ সেইবাবে এই গ্ৰন্থখনৰ নাম হ’ল
নানমণিক্কদিগই ৷ ইয়াৰ অৰ্থ হ’ল চাৰিবিধ মণিৰ মালা৷ উদাহৰণস্বৰূপে “সংস্কাৰ কৰাৰ
ফলতহে ৰত্নৰ দীপ্তি প্ৰকট হয়৷ ঘোঁৰাৰ গুণ তাৰ পিঠিত জিন [ঘোঁৰাৰ পিঠিত বন্ধা গাদী]
বান্ধি আৰোহণ কৰিলেহে প্ৰকট হয়৷ সোণ জুই জ্বলাই মলমুক্ত কৰিলেহে ইয়াৰ সৌন্দৰ্য
প্ৰকট হয়৷”
মুদুমোলিকাঞ্চী
মুদৰাৰ
কুডলুৰ কিলাৰৰ দ্বাৰা ৰচিত মুদুমোলিকাঞ্চী
এখনি সৰু গ্ৰন্থ৷ ইয়াত দহটা বক্তব্যৰ দহডাল মালা আছে৷ এই দহডাল মালাৰ
প্ৰত্যেক দহটি ভিন্ন পৰিস্থিতিৰ কথা উল্লেখ কৰে– ১. ডাঙৰ কি?, ২. বুদ্ধি কি?, ৩. কেনেদৰে অপমান কৰিব নালাগে, ৪. কি বস্তুৰ উপভোগ কৰিব নালাগে?, ৫. সৰল কি?, ৬. মিছা কি?, ৭. প্ৰকৃত দৰিদ্ৰতা কি? , ৮. কিহক উপেক্ষা কৰিব পাৰি?, ৯. কোনটো সুখ বা দুখ আনতকৈ ডাঙৰ নহয়?, ১০. কাক আমি জীৱন বা মিত্ৰতা বুলি ক’ব নোৱাৰোঁ– ইত্যাদি৷
উদাহৰণস্বৰূপে “সদাচৰণ বিদ্যাতকৈ ডাঙৰ৷”, “যিকোনো ব্যক্তিৰ দানশীলতাৰ পৰা তাৰ দান বিষয়ে শিকা৷”, “এজন দৰিদ্ৰ ব্যক্তিক দানশীল নোহোৱা
বাবে দোষ নিদিব৷”, “মূৰ্খক
সহায় কৰা আঁতৰত থকাতকৈ ভয়ংকৰ, ইয়াৰ পৰা সুখৰ প্ৰাপ্তি নহয়৷”, “সন্তানকৈ ডাঙৰ সৌভাগ্য আৰু অন্য একো নাই৷”, “বুদ্ধিতকৈ মহান ব্যক্তিৰ জীৱন সুখী
নহয় বুলি কোৱা উক্তিষাৰ মিথ্যা৷”, “যিজনে ইয়াৰ বাবে প্ৰয়াস কৰিছে তেওঁ সহজে স্বৰ্গৰ প্ৰাপ্তি
কৰে৷”, “যিজন
ব্যক্তি সৎ পথত নাই তেওঁ প্ৰকৃততে দৰিদ্ৰ৷”
অন্তৰংগৰ কবিতাঃ
অন্তৰংগৰ
কবিতা গ্ৰন্থ কেইখন হ’ল– দিনইমালই নূত্ৰেইমপদু, দিনইয়েলুবদু , দিনইয়ইমপদু, কইনদিলই আৰু
কাৰণাৰপদু ৷ এই গ্ৰন্থকেইখনৰ লেখকসমূহৰ নাম ক্ৰমশঃ এনেধৰণৰ কণিমেদাবিয়াৰ্ , মুৱাদিয়াৰ , মাৰণ্ পোৰৈয়নাৰ , পুল্লংকাটনাৰ আৰু কণ্ণন কুতনাৰ ৷ ইয়াত তিৰুক্কুৰলৰ
কামতপ্পাল্ৰ উদাহৰণৰ অনুসৰণত কামৰ বিবেচনা কৰা হৈছে. ইয়ো নাটকীয় ভংগীত লিখা৷ ইয়াত
কাম বা প্ৰেমক জীৱনৰ মহত্ত্বপূৰ্ণ বস্তু বুলি গণ্য কৰা হৈছে৷ ইতিমধ্যে উল্লেখ কৰা
হৈছে যে এই ওঠৰখন গ্ৰন্থৰ ভিতৰত তিৰুক্কুৰল বাহিৰে অন্য গ্ৰন্থসমূহে কামৰ ওপৰত
গুৰুত্ব দিয়া নাছিল৷ ইয়াৰ কাৰণ সম্ভৱতঃ জৈনসকলৰ প্ৰভাৱ হ’ব পাৰে৷ কিয়নো জৈনসকলে
গাৰ্হস্থ্য জীৱনতকৈ বৈৰাগ্যৰ ওপৰত অধিক গুৰুত্ব দিছিল৷ এতিয়ালৈকে উল্লেখিত
প্ৰায়ভাগ গ্ৰন্থ জৈন বা তেওঁলোকৰ অনুগামীসকলৰ দ্বাৰা ৰচিত৷ সম্ভৱতঃ তেওঁলোক পাণ্ডয়
দেশৰ অৰ্থাৎ বিশেষকৈ মুদৰাৰ নিবাসী আছিল৷ এই প্ৰদেশত জৈনসকলৰ যথেষ্ট প্ৰভাৱ আছিল৷
বেদ ধৰ্মৰ অনুগামী হিন্দুসকলেও হয়তো এই প্ৰভাৱৰ ফলতেই তথা বিশেষকৈ সেই
অশান্তিপূৰ্ণ কালৰ বাবে বিবাহৰ পূৰ্বে প্ৰেমৰ নিন্দা কৰিছিল৷ তেওঁলোকে সংসাৰত
বৈৰাগ্য জীৱনৰ পৰিৱৰ্তে বিবাহিত দম্পত্তিৰ সুব্যৱস্থিত আৰু স্থায়ী প্ৰেমৰ গুণ-গান
কৰিছিল, যি প্ৰেমৰ
আৰম্ভণি বিবাহৰ পৰৱৰ্তী সময়ছোৱাত হয়৷ সেইবাবে সংঘ পৰম্পৰাত বিশ্বাস কৰা
ব্যক্তিসকলে জৈন আৰু বৈদিক হিন্দুসকলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷
পৰিপাডল নামৰ এজন কবিয়ে বেদ ধৰ্মৰ অনুগামী বিজ্ঞসকলৰ দ্বাৰা সমৰ্থিত বিবাহোত্তৰ
প্ৰেমতকৈ বিবাহ পূৰ্বৰ ৰোমাণ্টিক প্ৰেমৰ গুণগান কৰিছিল৷ ই একপ্ৰকাৰৰ উত্তৰ৷
ইৰৈয়নাৰ্ অৰপ্পোৰুল্ৰ টীকাসমূহৰ পৰা আমি আৰু একধৰণৰ উত্তৰ পাওঁ৷ ইয়াত কোৱা হৈছে
যে ৰোমাণ্টিক প্ৰেমৰ অন্তিম পৰিণতি বৈৰাগ্য আৰু তপতহে হয়৷ তিৰুবল্লুবৰে নিজৰ
উত্তৰত কামকেই ধৰ্মৰ মূলধাৰ বুলি কৈছে৷ ইয়াত উল্লেখিত ছয়খন গ্ৰন্থত আন এক প্ৰকাৰৰ
প্ৰতিক্ৰিয়া ব্যক্ত হৈছে৷ ইয়াত জৈন আৰু বৌদ্ধসকলৰ দ্বাৰা প্ৰচাৰিত গাৰ্হস্থ্য
জীৱনত আংশিক ত্যাগৰ আদৰ্শক প্ৰেমৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে৷ যদি কোনো
পুৰুষে নিজ পত্নীৰ বাহিৰে পৰস্ত্ৰীৰ পিনে ঘূৰিও নাচায় তেনেহ’লে সেইজন পুৰুষক মহান
স্বভাৱৰ বুলি কৈছে৷ ই একপ্ৰকাৰৰ পৰ্দাৰ আঁৰৰ স্বভাৱ৷ এই কবিতাসমূহত এনেকুৱা
সদাচাৰী পুৰুষৰ গুণগান এনেদৰে কৰা হৈছে– এগৰাকী মাতৃৰ জীয়ৰী নিজৰ প্ৰেমিকৰ সৈতে পলাই
গ’ল আৰু এতিয়া তেওঁ নিজৰ জীয়ৰীৰ সন্ধানত ঘূৰি ফুৰিছে৷ পথত তেওঁ এহাল দম্পত্তিক লগ
পাইছিল৷ তেতিয়া সেই মহাপুৰুষজনে মাতৃগৰাকীক ক’লে যে মই আপুনি বৰ্ণনা কৰা ধৰণৰ এজন
বীৰক দেখা পাইছিলোঁ৷ কিন্তু ছোৱালীৰ বিষয়ে মোৰ পত্নীয়েহে আপোনাক ক’ব পাৰিব৷ কিয়নো
মই ছোৱালীজনীৰ মুখমণ্ডল দেখা নাছিলোঁ৷ সেই সময়ত প্ৰচলিত নিয়ম অনুসৰি কোনো এজন
পুৰুষে নিজৰ পত্নীৰ বাহিৰে পৰস্ত্ৰীৰ মুখমণ্ডল চাব নোৱাৰে৷ এই উত্তৰকালীন কবিসকলে
বিবাহ পূৰ্বৰ প্ৰেমক বিবাহিত প্ৰেমত পৰিণত
হোৱাৰ একাধিক বৰ্ণনা কৰিছে৷ সম্ভৱতঃ এই সকলো ফালৰ পৰা এই বিজ্ঞ কবিসকলে সংঘকালৰ বিবাহ
পূৰ্বৰ প্ৰেমৰ আদৰ্শক জৈন আৰু বৌদ্ধ সন্ন্যাসীসকলৰ বাবে গ্ৰাহ্য বুলি কৈছে৷
“তিনৈমালৈ নুত্ৰেইমপদু”ৰ লগত সংলগ্ন এক প্ৰশংসাত্মক পদ্যত আন এটি মহত্ত্ত্বপূৰ্ণ
কথা উল্লেখ কৰা হৈছে যে সেই গ্ৰন্থখন কলবিয়ল্ বা ৰোমাণ্টিক প্ৰেমৰ প্ৰাচীন আদৰ্শৰ
বিৰোধীসকলৰ খং শান্ত কৰাৰ উদ্দেশ্যৰে ৰচনা কৰা হৈছিল৷ এইদৰে ছয়খন গ্ৰন্থত
‘অহপ্পোৰুল্’ৰ গুণগান হৈছে৷
কলবলিনাৰ্ পদু- পুৰমৰ কবিতা
‘কলবলিনাৰ
পদু’ নামৰ এখন গ্ৰন্থত সংঘকালৰ ‘পুৰম’ কবিতাকীৰ্তিত যুদ্ধৰ মহিমাৰ বৰ্ণনা কৰা
হৈছে৷ এই গ্ৰন্থখনৰ লেখক হ’ল পোয়কৈয়াৰ৷ এই গ্ৰন্থখনত যুদ্ধৰ পৰিসমাপ্তিৰ পিছত
ঘোঁৰা, হাতী আৰু
বীৰৰ মৃতদেহেৰে ৰক্তাক্ত হৈ থকা যুদ্ধক্ষেত্ৰৰ বৰ্ণন কৰা হৈছে৷ সেই যুদ্ধ অতি
ভয়ংকৰ আছিল৷ কিন্তু কবিৰ মতে কুৰূপ বস্তুৰো এটি সুন্দৰ দিশ থাকে৷ কবিয়ে বহুতো সৰল
উপমাৰ দ্বাৰা এই দিশৰ বৰ্ণনা কৰিছে৷ সম্ভৱতঃ এই ধৰৰ বৰ্ণনাৰ পৰাই উত্তৰকালত পৰণি
বা ৰণভূমিৰ কবিতাৰ উদ্ভৱ হৈছে৷
আচাৰক্কোবৈ
‘আচাৰক্কোবৈ’ ইয়াৰ অৰ্থ হ’ল ‘আচাৰমালা’৷ ইয়াৰ লেখক হ’ল
‘পেৰুবায়িল মুল্লিয়াৰ’ ৷ এই গ্ৰন্থখনে দেখুৱাইছে যে আন্তৰিক নৈতিক তত্ত্বৰ স্থানত
কিছুমান প্ৰচলিত ৰীতি-নীতি আৰু বাহ্য আচৰণৰ ওপৰত জোৰ দিয়া হয়৷ এয়া সত্য যে ব্যক্তি
আৰু সমাজৰ কল্যাণৰ হকে কিছুমান ভাল নিয়ম অভ্যাসত পৰিণত হোৱাটো আৱশ্যক৷ এই কথাটো
মানি ল’লেও সেই অভ্যাসসমূহক আধাৰভূত নৈতিক তত্ত্ব হিচাপে শ্ৰেণীত স্থান দিয়াটো অতি
কঠিন৷ এনেকুৱা কৰিলে নৈতিকতাৰ আন্তৰিক শক্তি নোহোৱা হ’ব৷ আত্মাক উচ্ছ স্তৰলৈ লৈ
যোৱা নৈতিকতা দৈনিক জীৱনৰ নিষ্প্ৰাণ আচৰণ হিচাপে ৰৈ যাব৷ উদাহৰণস্বৰূপে এটা পদ্যৰ
অনুবাদক উদ্ধৃত কৰিব পাৰি– “মহাপুৰুষসকলে বস্ত্ৰবিহীনভাৱে স্নান নকৰে, তেওঁলোকে কেৱল এখন বস্ত্ৰ গাত লৈ
ভোজন নকৰে, মহাপুৰুষসকলৰ
গোষ্ঠীত তেওঁলোকে এখন বস্ত্ৰ পৰিধান কৰি নাযায়৷” এই গ্ৰন্থখনত এই ধৰণৰ নৈতিকতাৰ
বিচাৰ-বিশ্লেষণ কৰা দেখিবলৈ পোৱা যায়৷ নাম অনুসৰি এই গ্ৰন্থখনত আচৰণৰ এখন তালিকা
উল্লেখ কৰা হৈছে৷
এই
গ্ৰন্থসমূহৰ পৰিচয় দিয়াৰ পিছত এয়া স্পষ্ট হৈ পৰে যে যিজন ব্যক্তিয়ে এই ওঠৰখন
গ্ৰন্থক সমান মহত্ত্ব দি ‘পদিনেন্কীল্কণক্কু’ [অষ্টাদশী] নামৰ সংগ্ৰহখনত
সন্নিৱিষ্ট কৰিছিল, তেওঁৰ
তুলনা বুদ্ধি তথা সাহিত্যিক বিবেক শূন্য আছিল৷ তিৰুক্কুৰলক আচাৰক্কোবৈ লগত স্থান
দিয়াটো মহান সাহিত্যিক পাপ৷ কিন্তু এই আটাইবোৰ কৃতিক যিধৰণে একেলগে স্থান দিয়া
হৈছে তাৰ পৰা আমি তামিলনাডুৰ নৈতিক সিদ্ধান্তৰ ইতিহাসক বুজিব পাৰোঁ৷
জৈন নীতি গ্ৰন্থঃ
জৈনসকলৰ
অন্য গ্ৰন্থও আছে৷ তাৰ ভিতৰত ৱেণপা ছন্দত ৰচিত অৰনেৰিচ্ছাৰম্ [নীতি-মাৰ্গ-সাৰ]
নামৰ গ্ৰন্থখনত বিস্তৃত ৰূপত ইয়াৰ বিচাৰ-বিশে¡ষণ কৰা
হৈছে৷ এই গ্ৰন্থই ওপৰত উল্লেখিত অন্য কিছু
মহান গ্ৰন্থৰ দৰেই ব্যাপক চিৰন্তন নীতিত্ত্বৰ দৰ্শনক ৰচনা কৰা প্ৰয়াস কৰিছিল যদিও
জৈন তত্ত্বৰ ওপৰত আধাৰিত হোৱাৰ বাবে ব্যাপক স্বীকৃতি পাবলৈ সক্ষম নহ’ল৷
তিৰুক্কুৰলৰ পৰা প্ৰভাৱিত হৈ নৈতিক সূত্ৰক প্ৰস্তুত কৰা অন্য কিছুমান গ্ৰন্থৰ
পৰিচয় এই নিৰন্ধৰ আৰম্ভণিতে দিয়া হৈছে৷
উত্তৰকালীন কবিতাঃ
এইদৰে
দেখিবলৈ পোৱা যায় যে তামিল ভাষীসকলৰ জীৱন আৰু সাহিত্যৰ নিৰ্মাণত নৈতিক ৰহস্যবাদৰ
গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে৷ প্ৰাচীন কালত যিবোৰ যুদ্ধ অতি মহত্ত্বপূৰ্ণ আছিল সেই
যুদ্ধবোৰক পৰৱৰ্তী কালত আন্তৰিক আত্মিক সংঘৰ্ষ
বুলি ধৰা হৈছে৷ ই আমাৰ মনৰ ভিতৰত চলি থকা বেয়া অনুভূতি আৰু অজ্ঞানতাৰ
যুদ্ধখনৰ এখন আলংকাৰিক চিত্ৰ উপস্থাপন কৰে৷ এইদৰে নীতি কবিতা আৰু অন্য কবিতাৰ ভেদ
কৰাৰ প্ৰয়াস কৰা হৈছে৷ মহাকাব্যসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় আলোচনা আমি
ইতিমধ্যে কৰিছোঁ৷
এতিয়াও
তামিলৰ অধ্যয়নত উত্তৰকালীন নীতি সাহিত্যৰ মহত্ত্বপূৰ্ণ ভূমিকা আছে আৰু ইয়াৰ ইতিহাস
ইতিমধ্যে উল্লেখ কৰা হৈছে৷ ই তিৰুক্কুৰলৰ প্ৰত্যক্ষ প্ৰভাৱৰ পৰিণাম৷ ই জৈন
গ্ৰন্থসমূহৰ দৰে সাম্প্ৰদায়িক নহয়৷ মাত্ৰ কিছু কিছু ঠাইত লেখকৰ মত প্ৰকাশিত হৈছে৷
আধুনিক কবিতাঃ
এতিয়া
আধুনিক তামিলৰ ওপৰত নৈতিক ৰহস্যবাদৰ এই কবিতাৰ সম্পৰ্কে বিচাৰ-বিশে¡ষণ কৰা উচিত
হ’ব৷ বৰ্তমান সময়ত এফালে মিথ্যা বিশ্বাসৰ বিৰুদ্ধে আৰু আনফালে ধৰ্মৰ ভ্ৰান্ত
ব্যাখ্যাৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব ধৰিছে৷ কিয়নো বৰ্তমান সময়ত জাতি আৰু বাহ্য
আড়ম্বৰকে ধৰ্ম বুলি গণ্য কৰা হয়৷ পৰমাত্মাৰ দয়াৰ অনুভূতিক সান্ত্বনাৰ ৰূপত তথা
ন্যায়োচিত দণ্ডৰ পৰা ৰক্ষা পোৱাৰ পথ হিচাপে উল্লেখ কৰা হৈছে৷ নীতিভ্ৰষ্ট প্ৰজন্মই
ইয়াৰ অৰ্থ গ্ৰহণ এইদৰে কৰিছিল যে মানুহে লাগিলে যিমানেই পাপ নকৰক কিয় পৰমাত্মাৰ
দয়া দৃষ্টি পালে এই সকলোবোৰৰ পৰা মুক্তি পাব পাৰি৷ কুপথৰ পিনে যোৱাৰ পৰা ৰক্ষা
কৰিবলৈ হৃদয় পৰিৱৰ্তন আৰু অনুতাপৰ আৱশ্যক৷ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াক উপেক্ষা কৰাই
নহয়, স্বাৰ্থপৰ
ব্যক্তিসকলে অনাৱশ্যক বুলিও গণ্য কৰিছে৷ সেইবাবে নতুন যুগত এই সকলো অপ্ৰাকৃতিক
কথাৰ ভৎৰ্সনা কৰা উচিত৷ গতিকে এই দিশৰ পৰা বৰ্তমানৰ কবিতাসমূহৰ নৈতিকতাৰ দ্বাৰা
অনুপ্ৰাণিত৷ এই নৈতিকতা যিমান পৰিমাণে সামাজিক সেই সমপৰিমাণে ব্যক্তিগত তথা
ৰাজনৈতিক আৰু বৌদ্ধিকো৷ এই নৈতিকতাক আধুনিক মানৱতাৰ ৰূপত ব্যাখ্যা কৰিব পাৰি৷
গতিকে ভাৰতী তথা অন্য ব্যক্তিসকলৰ ধাৰ্মিক ভাবনাই নৈতিক আধ্যাত্ম্যবাদৰ পৰাই
প্ৰেৰণা গ্ৰহণ কৰে৷
সিদ্ধ ব্যক্তিসকলঃ
প্ৰাচীন
যুগতো ধৰ্মৰ প্ৰতি এনেকুৱা ধৰণৰ বিদ্ৰোহ আছিল৷ সকলো ধৰ্মৰ মৌলিক একতাক পাহৰা
সাম্প্ৰদায়িকতাবাদ তেতিয়াও আছিল৷ ৰহস্যবাদৰ চয়নবাদী শাখাই ধৰ্মৰ এই ভ্ৰষ্ট ৰূপৰ
বিৰোধ কৰিছিল৷ তামিলনাডুত তেওঁলোক সিদ্ধ নামেৰে জনাজাত আছিল৷ তেওঁলোকৰ কবিতাসমূহে
সামান্যজনৰ হৃদয় চুব পাৰিছিল৷ তেওঁলোকৰ কবিতাসমূহ লোকতান্ত্ৰিক আছিল তথা
কবিতাসমূহৰ ভাষা লোকগীতৰ সমকক্ষৰ আছিল৷ সম্ভৱতঃ এই সিদ্ধসকল নিগুৰ্ণ ব্ৰহ্মৰ
উপাসকসকলৰ পৰা অভিন্ন আছিল৷ সিদ্ধসমূহৰ কবিতাসমূহ কবীৰৰ সন্তবাণীৰ সমপৰ্যায়ৰ আছিল৷
ইয়াত তেওঁলোকৰ ধাৰ্মিক ৰহস্যবাদ আৰু নৈতিক ৰহস্যবাদৰ মাজত কোনো ভিন্নতা নাথাকে৷
তামিলনাডুৰ চয়নবাদী সম্প্ৰদায় অতি পুৰণি ৷ উত্তৰ ভাৰতৰ তান্ত্ৰিক শৈৱ, নাথ তথা এনেকুৱা ধৰণৰ অন্য ধাৰ্মিক
সম্প্ৰদায়সকলৰ ইয়াৰ সম্বন্ধ আছিল৷ তিৰুমুলৰ
সবাতকৈ প্ৰাচীন সিদ্ধ আছিল৷
এই
সময়ৰ উল্লেখযোগ্য সিদ্ধসকল হ’ল শিৱ বাক্কিয়ৰ, সন্ত সুন্দৰৰ অব্বৈয়াৰ৷ আকৌ, উত্তৰকালীন পট্টিনত্তাৰ আৰু বিজয় নগৰ কালৰ আন কিছুসংখ্যক
লোক, সোতৰ শতিকাৰ
তায়ুমাণৱৰ, সিদ্ধ
গীতসমূহৰ লেখক, বল্ললাৰ নামৰ লেখক, ঊনৈশ শতিকাৰ ৰামলিংগ স্বামিগলে প্ৰাচীন পৰম্পৰাক আধুনিক
কাললৈ লৈ গৈছিল৷ তামিলনাডুত সংস্থাপন তথা অন্য শৈৱতত্ত্বৰ মঠৰ আচাৰ্য হোৱাৰ
তেওঁলোক সোতৰ আৰু ওঠৰ শতিকাত এই প্ৰদেশৰ মানুহৰ মন জয় কৰিবলৈ একধৰণৰ চয়নবাদৰ বিকাশ
কৰিলে তথা তেওঁলোকৰ পুৰণি ৰুঢ়িবাদিতাক ত্যাগ কৰিলে৷ আধুনিক ভাৰততো সিদ্ধ গীতৰ
লোকপ্ৰিয়তা আছে৷
তিৰুমুলৰৰ
তিৰুমন্দিৰমক শৈৱসকলৰ আগমগ্ৰন্থৰ শ্ৰেণীত
ৰখা হয়৷ এইদৰে দেখিবলৈ পোৱা যায় যে শৈৱ তত্ত্বৰ লগত চয়নবাদী পদ্ধতিৰ একধৰণৰ
সম্পৰ্ক আছে৷ তিৰুবল্লুবৰৰ অনুসৰণ কৰি তিৰুমুলৰেও তেওঁৰ দৰ্শনত অৰম্ বা ধৰ্ম বা
সদাচাৰক স্থান দিছিল৷ ইয়াক ভাৰতৰ সকলো চয়নবাদী সম্প্ৰদায়ে স্বীকাৰ কৰিছে৷
শৈৱ মহাকাব্যঃ
শৈৱ
আগমত পেৰিয়পুৰাণম্ বাৰ সংখ্যক গ্ৰন্থ৷ ইয়াৰ ৰচনা বাৰ শতিকাত হৈছিল তথা ইয়াৰ লেখক
চোল সাম্ৰাজ্যৰ এজন মন্ত্ৰী৷ এই সন্তসকল সকলো জাতি আৰু সমাজৰ বিভিন্ন স্তৰৰ আছিল৷
সন্ত সুন্দৰৰে সৰ্বপ্ৰথমে সন্তসকলৰ এখন তালিকা তৈয়াৰ কৰিছিল৷ এই তালিকাখনত ৬৩ জন
শৈৱ মহাত্মাৰ জীৱন চৰিত সন্নিৱিষ্ট হৈছে৷ সম্ভৱতঃ ই জৈন পুৰাণৰ পৰম্পৰাত আধাৰিত
কিয়নো জৈন পুৰাণসমূহতো ৬৩ জন পুৰাতনৰ [প্ৰাচীন মহাত্মা] জীৱনী সন্নিৱিষ্ট হৈছে৷
পেৰিয়পুৰাণম্ মহাকাব্যখনত সকলোৰে বাবে আশাৰ বাৰ্তা আছে৷ যিকোনো ব্যক্তিয়ে হওঁক বা
তেওঁ যি পদতেই নাথাকক কিয় যদি তেওঁ নিজৰ সন্মুখত থকা আদৰ্শক ত্যাগ নকৰে বা
প্ৰয়োজনসাপেক্ষে সেই আদৰ্শৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে তেনেহ’লে এই
বাৰ্তা অনুসৰি তেওঁ মোক্ষৰ প্ৰাপ্তি কৰিব৷ বহুত সময়ত এই আদৰ্শক সমাজসেৱা বুলি ক’ব
পাৰি৷ এইদৰে দেখিবলৈ পোৱা যায় যে ইয়াত
নৈতিক ৰহস্যবাদ আৰু ধাৰ্মিক ৰহস্যবাদৰ মাজত কোনো ভিন্নতা নাই৷ এই সন্তসকলক তোণ্টৰ
বা পৰমাত্মাৰ সেৱক বুলি কোৱা হয়৷ বৈষ্ণৱ সন্তসকলক তোণ্টৰ জাতিৰ বুলি কোৱা হয়৷ ইয়াৰ
অৰ্থ এয়া যে তেওঁলোক জাতি-ভেদত বিশ্বাস কৰা নাছিল৷ তেওঁলোকে বিশ্বাস কৰে যে যিহেতু
সকলো মানুহ পৰমাত্মাৰেই সন্তান গতিকে এই জগতত বাস কৰা সকলো মানুহ ভাই ভাই আৰু
তেওঁলোকে প্ৰেম আৰু সেৱাৰ দিব্য গণৰাজ্যত বসবাস কৰে৷
সংঘকালৰ
কবিতা আৰু তামিল মহাকাব্যসমূহৰ ইতিহাস, ওঠৰখন নীতিগ্ৰন্থৰ ইতিহাস, শৈৱ আৰু বৈষ্ণৱ সন্ত আৰু পদসমূহৰ লেখকৰ ইতিহাস, জৈন আৰু হিন্দু মহাকাব্যৰ ইতিহাস, পুৰাণ আৰু প্ৰবন্ধৰ ইতিহাস আৰু
আধুনিক তামিলৰ ইতিহাস এই সকলোবোৰ তামিল সাহিত্যৰ ইতিহাসৰ অন্তৰ্গত৷ ইয়াৰ পৰা উমান
পোৱা যায় যে সেই সময়ত নীতিশাস্ত্ৰৰ কেন্দ্ৰীয় ভূমিকা আছিল৷ গতিকে তামিল সন্তবাণীৰ
মহত্ত্ব আৰু সকলো প্ৰকাৰৰ তামিল সাহিত্যৰ লগত তাৰ সম্বন্ধ সহজে পৰিলক্ষিত হয়৷ ই
অন্য ভাৰতীয় সন্তবাণীৰ সৈতে তামিল সন্তবাণীৰ তুলনা কৰিবলৈ আমাক প্ৰেৰণা দিয়ে৷
গতিকে ইয়াৰ জৰিয়তে ভাৰতৰ মৌলিক একতা প্ৰতিপন্ন হয়৷ আশা কৰোঁ যে এই সংক্ষিপ্ত
পৰিচয়ে তামিল সাহিত্যৰ স্বৰূপৰ লগতে আন আন ভাৰতীয় সাহিত্যকো বুজাত সহায়ক হ’ব৷
******
No comments:
Post a Comment