Thursday, 6 January 2022

তিৰুক্কুৰল (Tirukkural)

 

তিৰুক্কুৰল (Tirukkural)

ড॰ বি. বিজয়কুমাৰ

 & অনামিকা ৰাজবংশী

 

             ভাৰতীয় সাহিত্য বুলি কোৱাৰ লগে লগে আমি এক নিৰ্দিষ্ট সাহিত্যৰ নাম ল’ব নোৱাৰো৷ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত লিখা সাহিত্যসমূহক আমি ভাৰতীয় সাহিত্য বুলি অভিহিত কৰিব পাৰো৷ অনৈক্যৰ মাজত ঐক্য থকাৰ নিচিনাকৈয়ে ভাৰতীয় সাহিত্যয়ো নিজৰ এনে সুকীয়া বৈশিষ্ট্যৰে সমুজ্জ্বল হৈ আহিছে৷ ভাৰতবৰ্ষৰ ধ্ৰুপদী ভাষা দুটি হ’ল - সংস্কৃত আৰু তামিল৷ এই ভাষা দুটিয়ে অতীজৰে পৰা বৰ্তমানলৈকে নিজৰ সু-প্ৰাচীন পৰম্পৰা আৰু ঐতিহ্য বহন কৰি আহিছে৷ ইয়াৰে তামিল ভাষাই সমগ্ৰ দক্ষিণ ভাৰততে শক্তিশালী ৰূপত প্ৰভাৱ বিস্তাৰ কৰি আছে৷ তামিল সাহিত্য অতি চহকী আৰু দুহেজাৰ বছৰৰ পুৰণি সাহিত্য৷ তামিল সাহিত্যৰ আদি যুগৰ সাহিত্যকৃতিক ‘সংঘম সাহিত্য’ বুলি কোৱা হয়৷ এই সময়ৰ ৰচনা সংগ্ৰহত মানৱ জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ উপাদান যেনেঃ প্ৰেম, যুদ্ধ, সমাজৰ প্ৰতি মূল্যবোধ আদি প্ৰকাশিত হৈছে৷ সংঘমকালৰ পুৰণি ৮ টা কবিতা সংগ্ৰহ আৰু ১০টা দীঘল কবিতাৰ সংগ্ৰহ আছিল৷ এই ১০ আৰু ৮ টা কবিতাৰ সংগ্ৰহক একেলগে  ‘পতিনেনমেলকনক্কু’  বুলি কোৱা হয়৷ এই ১৮ টা সংগ্ৰহৰ সৈতে আন ১৮খন কবিতা সংগ্ৰহো আছে যাৰ নাম ‘পতিনেনকীৰকনক্কু’ ৷

        পতিনেনকীৰকনক্কু সাহিত্যৰাজিৰ ভিতৰত ‘তিৰুক্কুৰল’খন অন্যতম৷ খ্ৰীষ্টপূৰ্ব প্ৰথম-দ্বিতীয় শতিকাত মহৰ্ষি তিৰুৱল্লবৰে ৰচনা কৰা তিৰুক্কুৰল এখন নীতিশাস্ত্ৰ৷ ভাৱগম্ভীৰ তিৰুক্কুৰলখন তামিল জনসাধাৰণৰ অতি আদৰৰ৷ কেৱল তামিল প্ৰদেশতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এই গ্ৰন্থখনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰাচীনতাৰ লগতে  ইয়াৰ পৰা অৰ্জন কৰিব পৰা নীতিশিক্ষামূলক জ্ঞানৰ বাবে এই গ্ৰন্থখনক তামিল সংহিতা, সাৰ্বজনীন ধৰ্মসিন্ধু, দেৱী গ্ৰন্থ, সত্যবাণী আদি বিভিন্ন নামেৰে জনা যায়৷ ভাৰতীয় সাহিত্যত এই গ্ৰন্থখনৰ এক বিশেষ ভূমিকা আছে৷ ন্যায়শাস্ত্ৰ হিচাপেও তিৰুক্কুৰলৰ গুৰুত্ব আছে৷

        তিৰুক্কুৰল গ্ৰন্থখনৰ ৰচনাকাল সম্বন্ধে এটা নিৰ্দিষ্ট মত পোৱা নাযায়৷ বিভিন্নজন পণ্ডিতে ইয়াৰ ৰচনাকাল সম্পৰ্কে বিভিন্ন মত প্ৰকাশ কৰি থৈ গৈছে৷ মা. ৰাজামণইক্যই তিৰুক্কুৰলখনক খ্ৰীষ্টপূৰ্ব প্ৰথম-তৃতীয় শতিকাৰ বুলি মত প্ৰকাশ কৰিছে৷ আকৌ, তামিৰ অন্নলে টোলকাপ্পিয়ম ব্যাকৰণ ৰচনা হোৱাৰ পাছৰ আৰু সংঘম কালৰ আগৰ ৰচনা বুলি উল্লেখ কৰে৷ ৰচনাকাল সন্দৰ্ভত বিভিন্ন মত থাকিলেও সকলোৱে এই গ্ৰন্থখন খ্ৰীষ্টজন্মৰ আগৰ ৰচনা বুলিয়েই মত প্ৰকাশ কৰে৷

        তামিল ভাষাত ‘তিৰু’ শব্দৰ অৰ্থ হ’ল মহৎ, পৱিত্ৰ, উচ্ছ আদি৷ আৰু ‘কুৰল’  মানে হ’ল দুটা শাৰীৰ চুটী কবিতা৷ প্ৰথম শাৰীত চাৰিটা আৰু দ্বিতীয় শাৰীত তিনিটা মুঠ সাতটা শব্দ থকা দুটা শাৰীৰ কবিতা৷ এনেদৰে তিৰুক্কুৰলখন ৰচনা কৰা হৈছে৷ গ্ৰন্থখনত থকা মুঠ ১৩৩০ টা কুৰল ৱেণপা  নামৰ ছন্দত ৰচিত৷ ১৩৩ টা অধ্যায়ত বিভক্ত প্ৰতিটো অধ্যায়ত ১০ টাকৈ কুৰল আছে৷ এই পদ্যকেইটাত জীৱনৰ যি তত্ত্ব প্ৰতিপাদিত হৈছে, তাৰ বাবেই এই গ্ৰন্থখনে জনসমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এইখন গ্ৰন্থৰ পাছত দুহেজাৰ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে চলি অহা তামিল ভাষাত যিমান সাহিত্য ৰচনা হৈছে, সেই আটাইবোৰতেই তিৰুক্কুৰলৰ প্ৰভাৱ অতি স্পষ্ট৷ জৈন, বৌদ্ধ, শৈৱ, বৈষ্ণৱ আদি সকলো ধৰ্মৰ লোকসকলৰ ৰচনাত এই গ্ৰন্থৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ তিৰুকুৰল ৰচয়িতা ‘তিৰুৱল্লুৱৰ’ৰ আন কোনো ৰচনা পোৱা নাযায়৷ তামিল পৰম্পৰাগত কাহিনীত পোৱা অনুসৰি বল্লুৱৰৰ এই গ্ৰন্থখন তৃতীয় সংঘকালৰ সময়ৰ ৰচনা৷ সেই যুগৰ কবিসকল আৰু তাৰ পাছৰ যুগতো অনেক কবিয়ে তিৰুকুৰল আৰু তিৰুৱল্‌লুৱৰৰ প্ৰশংসা কৰি বহুতো কবিতা ৰচনা কৰিছিল৷ বৰ্তমান  তিৰুকুৰলৰ দহখন ডাঙৰ ব্যাখ্যা পোৱা গৈছে৷ ইয়াৰ উপৰিও কুৰলসমূহক ভিত্তি কৰি লিখা গদ্যাত্মক আৰু পদ্যাত্মক পুথিও ৰচিত হৈছে৷ উদাহৰণস্বৰূপে আমি নালড়িয়াৰ, উলক নীতি  আদি গ্ৰন্থৰ নাম উল্লেখ কৰিব পাৰো৷

        তিৰুক্কুৰল সম্বন্ধে তামিল জনসমাজত কেতবোৰ সাধুকথা আৰু প্ৰবাদ প্ৰবচন চলি আহিছে৷ জনসমাজত প্ৰায়েই প্ৰচলিত এটি প্ৰবচন হ’ল-

        ‘আলুম ৱেলুম পল্লুক্কু উৰুদি

        নালুম ৰেনদুম চোল্লুক্কু উৰুদি’

[অৰ্থাৎ, আহত গছ, নিম গছৰ ঠাৰিৰে দাঁত মাজিলে যিদৰে দাঁত শক্তিশালী হয় ঠিক তেনেদৰে চাৰিটা শাৰীৰ নালড়িয়াৰ, দুটা শাৰীৰ তিৰুক্কুৰল ক’বলৈ শক্তিশালী হয়৷]

        তিৰুকুৰলখন তিনিটা খণ্ডত বিভক্ত৷ প্ৰথম খণ্ডত আৰত্তুপাল  [ধৰ্ম], দ্বিতীয় খণ্ডত পোৰুত্তপাল  [অৰ্থ] আৰু তৃতীয় খণ্ডত ইনবত্তুপাল  [কাম]ৰ বিষয়ে বিচাৰ কৰা হৈছে৷  ইয়াক এনেধৰণে দেখুৱাব পাৰি-

         ইয়াৰে প্ৰথম খণ্ডত অৰ্থাৎ ধৰ্মত গৃহস্থ ধৰ্ম আৰু পৰিব্ৰাজক ধৰ্ম-  এইদৰে ধৰ্মৰ দুটা ভাগ দেখুওৱা হৈছে৷ কুৰিটা ভাগত গৃহস্থ ধৰ্ম, তেৰটা ভাগত পৰিব্ৰাজক ধৰ্ম আৰু এভাগত নিয়তি [অথবা জন্ম জন্মান্তৰে কৰি অহা কামৰ ফল]ৰ বিষয়ে আলোচনা কৰা হৈছে৷

        দ্বিতীয় খণ্ডত অৰ্থৰ বিষয়ে বিচাৰ-বিবেচনা কৰা হৈছে৷ ইয়াত দহোটা-দহোটা পদ্যৰ সত্তৰটা ভাগ কৰা হৈছে৷ এই খণ্ডটোত সু-শাসনৰ কাৰণে প্ৰয়োজনীয় বিদ্যা, বিবেক, ব্যৱহাৰ-কুশলতা, দেশ-কাল আদিৰ ন্যায়সংগত বিচাৰ ইত্যাদি সাধাৰণ প্ৰয়োজনীয় তত্ত্বসমূহৰ বিষয়ে কোৱা হৈছে৷ তদুপৰি সেনা, মন্ত্ৰীবৰ্গ, দুৰ্গ ইত্যাদি ৰাজ্য সম্পৰ্কীয় বিষয় তথা উদাৰতা, কৃতজ্ঞতা,সংযম,কৃষি ইত্যাদি অন্য কিছুমান ব্যক্তিগত আৰু সামাজিক গুণ-ব্যৱস্থাৱলীৰ বিষয়েও সুচিন্তিতভাবে বিচাৰ কৰা হৈছে৷

        তৃতীয় খণ্ডত দহোটা-দহোটা পদ্যৰ ২৫টা ভাগ আছে৷ ইয়াত তামিল কাব্য-শাস্ত্ৰত প্ৰতিপাদিত হোৱা ‘অকম’  আৰু ‘পুৰম’ৰ  দৰে প্ৰেম বিষয়ৰ মীমাংসা দিয়া হৈছে৷ এই কাম বিভাগটো উত্তম শৃংগাৰ ৰসৰ ভঁৰাল৷ ইয়াত কোনো অশ্লীল কথা নাই৷ তিৰুৱল্লুৱৰে ইয়াত কি প্ৰকাৰে কাম-পুৰুষাৰ্থ ধৰ্ম-সম্বন্ধীয় হৈ ইহলোক আৰু পৰলোক দুয়োৰে আনন্দৰ কাৰণ হৈ পৰিছে তাকে দেখুৱাইছে৷

        তিৰুৱল্লুৱৰৰ এই ৰচনাত কেন্দ্ৰীভূত হোৱা ভাৱধাৰা হৈছে বিশ্ব মানৱ-প্ৰেম আৰু জীৱৰ প্ৰতি দয়া, বিশ্ব বন্ধুত্বৰ ভাব এই প্ৰসংগত অনেক প্ৰকাৰে অত্যন্ত হৃদয়গ্ৰাহীকৈ প্ৰকাশ কৰা হৈছে৷

        তিৰুক্কুৰলত থকা কেইটামান কুৰল তলত উল্লেখ কৰা হ’ল-

        ক] বৰ্ণমালাৰ প্ৰথম অক্ষৰ হ’ল ‘অ’৷ সকলো ধবনিৰ ভিতৰত প্ৰথম হ’ল ‘অ’৷ তেনেদৰে পৃথিৱীৰ সমগ্ৰ সত্তাৰ ভিতৰত পৰমাত্মা হৈছে আদিতম শ্বাশ্বত আৰু সকলোৰে উৎস৷ [ অধ্যায় ১, ভগৱৎ প্ৰশস্তি, কুৰল ১]

        খ] সৃষ্টিৰ বাবে সংগঠিত হোৱাটো পূণ্য; ধবংসৰ বাবে সংগঠিত হোৱাটো পাপ৷ [অধ্যায় ৪, সততাৰ শক্তি, কুৰল ৪০]

        গ] স-ম-তা এই তিনিওটা বৰ্ণৰ প্ৰতিটোৰে প্ৰতি সমানে শ্ৰদ্ধাৰ ভাৱ পোষণ কৰাটোৱেই হৈছে প্ৰধানতম ধৰ্ম৷ শত্ৰু, বন্ধু আৰু অপৰিচিত আদিৰ প্ৰতি নিৰপেক্ষতাই হৈছে ন্যায়৷ [অধ্যায় ১২, নিৰপেক্ষ নীতি, কুৰল ১১১]

        ঘ] জ্ঞানীলোক থিতাতে আৰু তুৰন্তে ক্ৰোধান্বিত নহয় তেওঁলোক উপযুক্ত সময়ৰ সন্ধানত থাকে আৰু ক্ৰোধ সংযমত ৰাখে৷[ অধ্যায় ৪৯, সময়ৰ সদ্ব্যৱহাৰ, কুৰল ৪৮৭]

        ঙ]  কামৰ দৃঢ়তাই মনৰ দৃঢ়তাক সূচায়৷ আন সকলোবোৰ সামৰ্থ্য উক্ত গুণৰ দৰে দৃঢ় নহয়৷[অধ্যায় ৬৭, দৃঢ়তা, কুৰল ৬৬১]

        চ] ভুল পথৰ পৰা আঁতৰাই অনা, শুদ্ধ দিশ প্ৰদৰ্শন কৰা আৰু দুৰ্যোগৰ সময়ত সকলো দুখৰ ভাগ লোৱা - এনেবোৰ আচৰণতে বন্ধুত্ব বৰ্তি থাকে৷ [অধ্যায় ৭৯, বন্ধুত্ব, কুৰল ৭৮৭]

        চ] নিজে আয়ত্ত কৰিব নোৱাৰা জ্ঞান নিজৰ আছে বুলি কৈ যিজনে জ্ঞানীৰ ভাও জোৰে, তেনে লোকে প্ৰকৃততে জনা কথা সম্পৰ্কেও সন্দেহ প্ৰকাশ কৰে৷     [অধ্যায় ৮৫, অজ্ঞতা, কুৰল ৮৪৫]

        ছ] বাৰম্বাৰ কৰা ৰেপনিৰ ফলত লোহাৰ টুকুৰাও চিগি যায়, তেনেদৰে সঘনে ঘটা সংঘৰ্ষৰ ফলত এটা পৰিয়ালৰ অন্তঃশক্তি সমূলি খহি যাব পাৰে৷ [অধ্যায় ৮৯, অন্তঃশত্ৰু, কুৰল ৮৮৮]

        জ] সুস্থ বোধশক্তি আৰু অধ্যৱসায়- এই দুয়োটা গুণৰ দীৰ্ঘকালীন অভ্যাসৰ ফলত এজন গুণী লোকে সমাজত নিজৰ বংশৰ স্থিতি সুদৃঢ় কৰিব পাৰে৷ [অধ্যায় ১০৩, সমাজৰ উত্তৰণ, কুৰল ১০২২]

        ঝ] অতি ভয়ানক দুৰ্দশাগ্ৰস্ত অৱস্থাতো ভিক্ষাৰ বাবে যাৰ শিৰ দোঁ নাখায়, তেনে মানুহৰ আত্মমৰ্যাদা ধৰি ৰাখিবলৈ সমগ্ৰ পৃথিৱীখন সৰু হৈ পৰে৷ [অধ্যায় ১০৭, ভিক্ষাবৃত্তিৰ ভয়াবহতা, কুৰল ১০৬৪]

        ঞ] আলস্যই সুবিধা পালে ব্যক্তি আৰু পৰিয়াল উভয়কে গ্ৰাস কৰে৷ যিজনে আলস্য ত্যাগ কৰিছে তেওঁক অপযশে থিতাতে এৰা দিয়ে৷ [অধ্যায় ৬১, আলস্য, ৬০৯] 

         তিৰুক্কুৰলৰ বৈশিষ্ট্য এয়ে যে ইয়াত ধৰ্ম, অৰ্থ আৰু কাম- এই তিনিওটাকে মানৱতাবাদী দৃষ্টিভংগীৰে বিচাৰ কৰা হৈছে৷ প্ৰত্যেক দেশ; প্ৰত্যেক কাল আৰু প্ৰত্যেক ব্যক্তিৰ কাৰণে তিৰুক্কুৰলৰ নীতিসমূহ আচৰণ-সুলভ হৈছে৷ কোনো অব্যৱহাৰিক, জীৱনৰ অনুভৱৰ বাহিৰৰ আৰু কল্পিত আদৰ্শৰ নিচিনা কথা ইয়াত পোৱা নাযায়৷ কাম বিভাগটোৰ ভাবৰ পৱিত্ৰতা আৰু পৰিশুভ্ৰ-বাতাবৰণ এই সকলোবোৰ জনগণৰ ওচৰ চপা বিধৰ৷

        তিৰুক্কুৰলৰ ভাৱ প্ৰকাশ সংক্ষিপ্ত হ’লেও শক্তিশালী৷ ভাষা সৰল কিন্তু ভাৱ গাম্ভীৰ্যপূৰ্ণ তথা কৌতুহলবৰ্ধক হৈছে৷ তিৰুৱল্লুৱৰৰ ব্যাপক অধ্যয়ন, জীৱনৰ গভীৰ অনুভৱ, তীক্ষ্ণ বুদ্ধি, উদাৰ-দৃষ্টিকোণ, শিষ্ট হাস্য, মধুৰ উপদেশ, ভাষাৰ ওপৰত অনুপম অধিকাৰ আৰু সকলোতকৈ অধিক, তেওঁৰ সাধনাৰে পবিত্ৰ কৰুণাসিক্ত হৃদয় এই ৰচনাৰ আখৰে আখৰে ফুটি উঠিছে৷ তামিল ভাষা সমাজে এই গ্ৰন্থখনিক ‘তামিলবেদ’ৰ গৌৰৱ প্ৰদান কৰিছে৷ এই ৰচনা তামিল দেশৰেই নহয়, ই গোটেই বিশ্বৰ বাবেই প্ৰয়োজনীয়৷

        তামিল সাহিত্যত তিৰুক্কুৰল গ্ৰন্থখনৰ নিচিনাকৈ আন কোনো এখন গ্ৰন্থই লোকপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই৷ ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ মানুহৰ বাবে এই গ্ৰন্থখন জ্ঞানবৰ্ধক আৰু হূদয়গ্ৰাহী৷ বৰ্তমানেও এই গ্ৰন্থখন সৰু সৰু ল’ৰা ছোৱালীক পঢ়িবলৈ দিয়া হয় আৰু সাহিত্যৰ প্ৰৌঢ় বিদ্যাৰ্থীসকলৰো অধ্যয়নৰ বিষয়৷ প্ৰথম শতাব্দী অৰ্থাৎ প্ৰায় দুহেজাৰ বছৰ আগৰ এই ৰচনাই আজিও সকলোৰে উপযোগী, যুগৰ অনুকূল আৰু জনতাৰ মাজত বহুল প্ৰচাৰ লাভ কৰাটো আচৰিত কথা৷ জৈন, বৌদ্ধ, শৈৱ, বৈষ্ণৱ আনকি খ্ৰীষ্টানসকলেও এই গ্ৰন্থখন নিজ ধৰ্ম অনুকূলে ৰচনা কৰা হৈছে বুলি প্ৰকাশ কৰে৷ জনসমাজত অত্যন্ত জনপ্ৰিয় এই কুৰলখন ভাৰতীয় সাহিত্যৰ এক অন্যতম প্ৰাচীন পৰম্পৰাৰ বাহক৷ অতীজৰে পৰা নিজৰ জনপ্ৰিয়তাৰে সমাজৰ প্ৰত্যেকজন লোকক আকৰ্ষিত কৰি অহা তিৰুক্কুৰলখন ভাৰতীয় সাহিত্যৰ অনন্য অংশ৷ ভাৰতীয় সাহিত্যৰ অন্যতম প্ৰাচীন পৰম্পৰা হিচাপে আমি তিৰুক্কুৰল সম্বন্ধীয় বাখ্যা কৰিব পাৰো এইদৰে-

        প্ৰথমতে, সুস্থ আৰু সাৱলীল জীৱন যাত্ৰাৰ নিৰ্দেশনা দিয়া তিৰুক্কুৰলখন একেটা ধাৰাতেই ৰচিত৷ যিকোনো লোকেই এই গ্ৰন্থখন পঢ়ি সহজেই কুৰলসমূহক বুজিব পাৰে৷ কুৰলসমূহ পঢ়াৰ সময়ত ইয়াৰ ভাব আৰু সংক্ষিপ্ততাই সোনকালেই পাঠকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷

        দ্বিতীয়তে, এই গ্ৰন্থত কোনো জাতি, কোনো ধৰ্ম নাইবা কোনো সম্প্ৰদায়ৰ বিশ্বাস সম্বন্ধীয় বিষয় উপস্থাপন কৰা হোৱা নাই৷ ই সমগ্ৰ বিশ্বৰ প্ৰতিজন জনসাধাৰণৰ বাবে ৰচিত৷ উচ্ছ-নিম্ন ভেদাভেদ পৰিহাৰ কৰি এই গ্ৰন্থই প্ৰতিজন জনগণৰ হৃদয়ৰ ওচৰ চপা৷

        তৃতীয়তে, ৰচনাৰ সময়ৰ পৰা চাবলৈ গ’লে দুহেজাৰ বছৰ আগৰ ৰচনা হ’লেও এই গ্ৰন্থই সেই সময়তেই মানুহ হিচাপে শৃংখলাবদ্ধ জীৱন যাপনৰ লগতে শৃংখলাবদ্ধ সমাজ এখনৰ নীতি উল্লেখ কৰি থৈ গৈছে৷ এয়াই গ্ৰন্থখনৰ প্ৰাচীনতাৰ ইংগিত বহন কৰে৷

        চতুৰ্থতে, সমগ্ৰ ৰচনাতেই সদৰ্থক দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে৷ লগতে ই সমাজৰ উত্তৰণৰ দিশটোও আঙুলিয়াই দিয়ে৷ তিৰুক্কুৰল প্ৰকৃত অৰ্থত মানৱ জীৱনৰ পথ প্ৰদৰ্শকস্বৰূপ৷

        ইয়াৰ লগতে, মন কৰিবলগীয়া কথা যে এই গ্ৰন্থখন অকল তামিল প্ৰদেশতেই নহয় ভাৰতীয় অন্য ভাষা তথা বিদেশী ভাষাতো এই গ্ৰন্থৰ প্ৰচুৰ প্ৰচাৰ হৈছে৷  এই গ্ৰন্থখনৰ মহত্ত্ব বুজাৰ পাছত ইউৰোপীয়ান লেখকসকলে ১৭৩০ চনত খ্ৰীষ্টিয়ান ফাডাৰ যোছেফ বেস্কিৰ হতুৱাই [বীৰমামুনিবৰ]লেটিন ভাষাত তিৰুক্কুৰখন অনুবাদ কৰি উলিয়ায়৷ ইয়াৰ পাছতো বহু সাহিত্যিকে ভাৰতীয় আৰু আন আন ইউৰোপীয় ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰি উলিয়াইছে৷

        বৰ্তমানেও ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ লগতে আন বিভিন্ন ইউৰোপীয়ান ভাষাসমূহত এনে অনুবাদ কাৰ্য চলি আছে৷ এনে অনুবাদে ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ সাহিত্যৰ পাঠকক তিৰুক্কুৰলখন পঢ়াৰ সুবিধা প্ৰদান কৰিছে৷ গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ  প্ৰধান কাৰণেই হৈছে ইয়াৰ ভাবৰ সৌন্দৰ্য৷ তিৰুক্কুৰল গ্ৰন্থৰ তত্ত্বসমূহে এইদৰেই এই গ্ৰন্থখনক অন্য গ্ৰন্থতকৈ পৃথক আৰু শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে তুলি ধৰিছে৷ 

        মহৰ্ষি তিৰুৱল্লুৱৰে ৰচনা কৰা তিৰুক্কুৰলখনক আমি এখন সাধাৰণ গ্ৰন্থ হিচাপে উল্লেখ কৰিব নোৱাৰো৷ ৱল্লুৱৰে এক মহৎ উদ্দেশ্য আগত ৰাখি এই গ্ৰন্থখন ৰচনা কৰিছিল৷ মানৱ জীৱনৰ আটাইবোৰ দিশকেই তিৰুক্কুৰলখনে চুই গৈছে৷ ধৰ্মৰ বিষয়ে, অৰ্থ উপাৰ্জনৰ বিষয়ে আৰু ইয়াৰ পাছত মানৱ জীৱনটো সুখ-শান্তিৰে বসবাস কৰাৰ বিষয়ে এই গ্ৰন্থত সুন্দৰভাৱে উল্লেখ কৰা হৈছে৷ তামিল জনসমাজত স্কুলীয়া দিনৰে পৰাই এই গ্ৰন্থখনৰ কুৰলসমূহত থকা নীতি-নিৰ্দেশনাসমূহ ব্যাখ্যা কৰা হয়৷ অসমীয়া সাহিত্যতো এনে সংযোজনে নিশ্চিতভাৱে ব্যক্তিনিৰ্মাণ আৰু সমাজগঠন  সম্পৰ্কীয় কেতবোৰ নীতি আহৰণৰ সুবিধা কৰি দিব৷ ভৱিষ্যতে এনে ধৰণৰ অনেক আলোচনাৰ থল আছে৷ ভাৰতীয় সাহিত্যৰ এক বিশ্বজনীন অংশ হিচাপে আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে, তামিল ভাষাত ৰচিত হ’লেও এই গ্ৰন্থত আদিৰ পৰা অন্তলৈকে কোনো ক্ষেত্ৰতে কেৱল তামিল ভাষাৰ গ্ৰন্থ , তামিল মানুহৰ বাবে ৰচিত গ্ৰন্থ নাইবা তামিল দেশৰ গ্ৰন্থ বুলি নিৰ্দিষ্টকৈ উল্লেখ কৰা হোৱা নাই ৷ অৰ্থাৎ যি পাত্ৰতেই থোৱা হয় তেনে আকাৰ লোৱাৰ নিচিনাকৈয়ে এই গ্ৰন্থখনো যিটো ভাষাত অনুদিত হয়, সেই ভাষাটোৰ নিজৰ হৈ পৰে৷ ইয়েই ভাৰতীয় সাহিত্যৰ অন্যতম প্ৰাচীন পৰম্পৰা হিচাপে তিৰুক্কুৰলৰ স্থান অক্ষুণ্ণ ৰাখিছে৷ সামগ্ৰিকভাৱে চাবলৈ গ’লে, জনসাধাৰণৰ আটাইবোৰ দিশৰ উৎকৰ্ষ সাধনৰ বাবে এই গ্ৰন্থখনৰ গুৰুত্ব অসীম৷ ভাষা, দেশ, কাল অতিক্ৰম কৰি এই গ্ৰন্থখনে সমগ্ৰ বিশ্বতে অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে সমাদৰ লাভ কৰি আহিছে৷

*****

No comments:

Post a Comment